Political Theory: Concepts And Debates Unit 5 Major Debates

Political Theory: Concepts And Debates Unit 5 Major Debates Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Theory: Concepts And Debates Unit 5 Major Debates Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Theory: Concepts And Debates Unit 5 Major Debates Question Answer can be of great value to excel in the examination.

Political Theory: Concepts And Debates Unit 5 Major Debates

Join Telegram channel

Political Theory: Concepts And Debates Unit 5 Major Debates Notes cover all the exercise questions in UGC Syllabus. The Political Theory: Concepts And Debates Unit 5 Major Debates provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Major Debates

POLITICAL SCIENCE

POLITICAL THEORY: CONCEPTS AND DEBATES

ৰাজনৈতিক তত্ত্বঃ ধাৰণা আৰু বিতৰ্ক

Very Short type questions

1. Explain the reasons for the decline of divine origin theory.

Ans: সপ্তম শতিকাৰ শেষৰ পৰ এই তত্ত্বৰ প্ৰভাৱ ক্ৰমান্বয়ে হ্ৰাস পোৱাটো পৰিলক্ষিত হয়। এই বিলুপ্তিৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল―

১) ইংলেণ্ডৰ গৌৰৱময় বিপ্লৱৰ সফলতৰ পিচতেই এফালে ৰাজতন্ত্ৰৰ ক্ষমতা ক্রমান্বয়ে হ্রাস পায় আৰু আনফালে সংসদৰ ক্ষমতা বৃদ্ধি পায়। ফলস্বৰূপে ৰজৰ চূড়ান্ত ক্ষমতাৰ পোষকতা কৰা ৰাষ্ট্ৰৰ দৈৱিক উৎপত্তি তত্ত্বটোৰ প্ৰভাৱ স্থবিৰ হৈ পৰে।

২) ৰাষ্ট্ৰৰ উৎপত্তি সম্পৰ্কীয় সামাজিক চুক্তি তত্ত্বৰ আবিৰ্ভাৱেও ৰাষ্ট্ৰৰ দৈৱিক উৎপত্তি তত্ত্বৰ প্ৰভাৱ যথেষ্ট পৰিমাণে হ্ৰাস কৰি পেলায়।

৩) মানুহৰ সমাজত গণতান্ত্ৰিক প্ৰমূল্যৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাৰ পৰিপ্ৰেক্ষিততো ৰাষ্ট্ৰৰ দৈৱিক উৎপত্তি তত্ত্বটো ক্ৰমান্বয়ে গুৰুত্বহীন হৈ পৰে।

৪) ৰাষ্ট্ৰৰ দৈৱিক উৎপত্তি তত্ত্বটোৱে ধৰ্ম আৰু ৰাজনীতিক একাকাৰ কৰি পেলাইছিল। কিন্তু বৰ্তমান যুগত ৰাষ্ট্ৰক মূলতঃ এক ধৰ্মনিৰপেক্ষ অনুষ্ঠন। ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ ধাৰণা জনপ্ৰিয় হোৱাৰ লগে লগে ৰাষ্ট্ৰৰ দৈৱিক উৎপত্তি তত্ত্বটো দুৰ্বল হৈ পৰে।

৫) ইউৰোপৰ নৱজাগৰণ, ধৰ্মীয় সংস্কাৰ আন্দোলন তথা জাতীয়তাবাদৰ আবিৰ্ভাৱৰ ফলস্বৰূপেও ৰাষ্ট্ৰৰ দৈৱিক উৎপত্তি তত্ত্বটোৰ প্ৰভাৱ ক্ৰমান্বয়ে কমি আহে।

৬) ১৯০০ শতিকাত বৈজ্ঞানিক সমাজবাদৰ বিকাশৰ ফলতো ৰাষ্ট্ৰৰ দৈৱিক উৎপত্তি তত্ত্বটো গুৰুত্বহীন হৈ পৰে।

2. Explain any four causes for the decline of Powers of modern state.

Ans: ৰাষ্ট্ৰক এক আদৰ্শৰূপে ধৰি লৈ ৰাষ্ট্ৰক সৰ্বশক্তিমান শাস্তি প্রদানকাৰী অনুষ্ঠানৰূপে গণ্য কৰা হৈছিল। কিন্তু বর্ণনাত্মক দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলে ৰাষ্ট্ৰৰ সৰ্বশক্তিমান, সর্বগ্রাসী বৈশিষ্ট্যক অস্বীকাৰ কৰি ৰাষ্ট্ৰক অন্য সংগঠনসমূহৰ দৰে সমপৰ্যায়ত ৰাখিবলৈ মতামত আগবঢ়ালে। সময়ৰ অগ্ৰগতিৰ লগে লগে ৰাষ্ট্ৰ ব্যৱস্থাৰ পৰিৱৰ্তন হৈছে। লগে লগে মানুহৰ সচেতনতা বৃদ্ধি পাইছে। ৰাষ্ট্ৰৰ গুৰুত্ব হ্ৰাস পোৱাৰ কাৰণসমূহ তলত আলোচনা কৰা হ’ল―

১) ব্যক্তিবাদী, উদাৰবাদী ভাবধাৰাৰ বিকাশ : জন ষ্টুৱাৰ্ট মিল, হার্বার্ট স্পেনচাৰ, আডাম স্মিথ আদি চিন্তাবিদসকলে ব্যক্তিবাদৰ ওপৰত প্ৰধান গুৰুত্ব আৰোপ কৰিছিল। তেওঁলোকৰ মতে ৰাষ্ট্ৰৰ ক্ষমতা সীমিত হ’ব লাগে। ব্যক্তিৰ ওপৰত ৰাষ্ট্ৰই যিমান কম হস্তক্ষেপ কৰে সিমানেই ভাল। ব্যক্তিক নিজৰ মতে কম হস্তক্ষেপ কৰে সিমানেই ভাল । ব্যক্তিক নিজৰ মতে কাম কৰিবলৈ এৰি দিব লাগে। ব্যক্তিবাদীসকলৰ মতে ব্যক্তিৰ অধিকাৰ ৰক্ষা কৰা, ব্যক্তিক বৈদেশিক আক্ৰমণৰ পৰা ৰক্ষা কৰা, শান্তি নিৰাপত্তা বজাই ৰখা আদি কামতহে ৰাষ্ট্ৰ জড়িত থাকিব লাগে। অন্যান্য বিষয়ত ৰাষ্ট্ৰৰ ক্ষমতা থাকিব নেলাগে। ৰাষ্ট্ৰৰ অধিক নিয়ন্ত্রণে ব্যক্তিৰ ব্যক্তিত্বক ধ্বংস কৰে।

২) গান্ধীবাদৰ প্ৰভাৱ : গান্ধীৰ মতে ৰাষ্ট্ৰ হিংসাৰ ওপৰত প্ৰতিষ্ঠিত। জনসাধাৰণৰ পৰা আনুগত্য লাভ কৰাৰ কাৰণে ৰাষ্ট্ৰই শক্তি আৰু হিংসাৰ আশ্ৰয় লয়। ৰাষ্ট্ৰ এক আত্মাহীন যন্ত্র। মানুহৰ আত্মা থাকে; ৰাষ্ট্ৰৰ নাথাকে। ৰাষ্ট্ৰই অধিক ক্ষমতা আহৰণ কৰাৰ অৰ্থ হ’ল অধিক হিংসা আৰু শক্তি আহৰণ কৰি কঠোৰ শাসন, শোষণ আৰু নিৰ্যাতন অব্যাহত ৰখা। গান্ধীৰ মতে ৰাষ্ট্ৰ আৰু সাৰ্বভৌমত্ব পৰস্পৰ সম্পৰ্কযুক্ত। দুয়োটাই শক্তিৰ প্ৰয়োগৰ পক্ষপাতী। গতিকে গান্ধীয়ে ৰাষ্ট্ৰক অধিক গুৰুত্ব প্ৰদান কৰা নাছিল। অহিংস আৰু সত্যাগ্ৰহৰ যোগেদি ৰাষ্ট্ৰ আৰু চৰকাৰৰ দমনমূলক কাৰ্যকলাপৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে বিশ্বজোৰা প্ৰভাৱ পেলাব পাৰিছিল।

৩) মার্ক্সবাদী ধাৰণাৰ বিকাশ : কার্লমার্ক্স, ফ্লেডৰিক এঞ্জেলচ আদি সাম্যবাদী চিন্তাধাৰাৰ লেখকসকলৰ লেখনিয়ে ৰাষ্ট্ৰ ব্যৱস্থৰ প্ৰতি মানুহৰ দৃষ্টিভংগী সলনি কৰিলে। তেওঁলোকৰ মতে ৰাষ্ট্ৰ প্ৰকৃততে অর্থনৈতিকভাৱে শক্তিশালী শ্ৰেণীৰ দ্বাৰাহে নিয়ন্ত্ৰিত হয়। প্রতিখন সমাজতে অর্থনৈতিকভাৱে শক্তিশালী এক প্রভুত্বশীল শ্রেণী থাকে। প্রভুত্বশীল শ্ৰেণীটোৱেই সমাজৰ অন্য শ্ৰেণীক নিয়ন্ত্ৰণ কৰে। প্ৰভুত্বশীল শ্ৰেণীটো ৰাষ্ট্ৰৰ লগতে এনেভাৱে জড়িত থাকে যে ৰাষ্ট্ৰই তেওঁলোকৰ স্বাৰ্থহে পূৰণ কৰে। অৰ্থাৎ ৰাষ্ট্ৰ হ’ল অর্থনৈতিকভাৱে শক্তিশালী শ্ৰেণীৰ শোষণৰ আহিলা। গতিকে ৰাষ্ট্ৰত শক্তিশালী শ্রেণীয়ে বা পুঁজিপতি শ্রেণীয়ে শ্রমিক শ্রেণীক শোষণ কৰে। ৰাষ্ট্ৰ শ্ৰেণী বিভাজন আৰু শ্ৰেণী সংঘাতৰ পৰিণতি ৰাষ্ট্ৰ থাকে মানে ধনী আৰু দুখীয়া শ্ৰেণীৰ মাজত সংঘাত চলি থাকিব। শোষণৰ বলি হোৱা শ্ৰমিক আৰু দুখীয়া শ্ৰেণীয়ে ধনী শ্ৰেণীৰ বিৰুদ্ধে সংঘাতত লিপ্ত হ’ব। এনেদৰে শ্ৰেণী সংঘাতৰ পৰিণতিত এক শ্রেণীবিহীন আৰু ৰাষ্ট্ৰবিহীন এখন সমাজ গঠন হ’ব। মার্ক্সবাদৰ মতে সামন্তবাদী ৰাষ্ট্ৰ সামন্ত প্রভুসকলৰ ৰাষ্ট্ৰ, দাস ৰাষ্ট্ৰ দাসৰ মালিকৰ ৰাষ্ট্ৰ আৰু উদ্যোগিক ৰাষ্ট্ৰ বুৰ্জোৱা বা পুঁজিপতিসকলৰ ৰাষ্ট্ৰ। গতিকে এদিন ৰাষ্ট্ৰ ব্যৱস্থা বিলোপ ঘটিব। এনেদৰে মার্ক্সবদীৰ ভাবধাৰা মতে ৰাষ্ট্ৰ ব্যৱস্থা পতন ঘটিব।

৪) গণতান্ত্রিক প্রমূল্যবোধৰ বিকাশ : গণতান্ত্রিক প্ৰমূল্যবোধৰ বিকাশে ৰাষ্ট্ৰ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰিছে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰে পৰা বিশ্বৰ জনসাধাৰণৰ মাজত গণতান্ত্রিক প্ৰমূল্যবোধৰ প্ৰতি আস্থা বৃদ্ধি পাবলৈ ধৰিলে। গোপন কূটনীটিৰ ঠাইত মুক্ত কূটনীতিৰ বিকশ ঘটিল। বিশ্বৰ প্ৰায় সকলো দেশত গণতান্ত্রিক আলাপ-আলোচনা, বিতর্ক, মুক্ত ব্যক্তি স্বাধীনতাৰ মাজেদি জনসাধাৰণে ৰাষ্ট্ৰৰ কাৰ্যকলাপত সক্রিয় অংশ গ্রহণ কৰিবলৈ ধৰিলে। জনমত গুৰুত্ব বৃদ্ধি পাবলৈ ধৰিলে। শান্তিপূর্ণ আৰু অসাংবিধানিক ব্যৱস্থাৰ মাজেদি জনসাধাৰণে গণতান্ত্রিক প্ৰমূল্যবোধৰ প্ৰতি আস্থা ৰাখি সমস্যা সমাধানত গুৰুত্ব দিবলৈ ধৰিলে। ৰাজনৈতিক দল, প্ৰভাৱগোষ্ঠী, সংবাদ মাধ্যমৰ জৰিয়তে জনসাধাৰণে ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ ধৰিলে। ফলস্বৰূপে চৰকাৰে জনমতৰ ওপৰত নিৰ্ভৰ কৰিছে ৰাজনৈতিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। এনেদৰে ৰাষ্ট্ৰই ইয়াৰ গুৰুত্ব হেৰুৱাইছে।

৫) জনপ্রিয় সার্বভৌমত্ব ধাৰণাৰ বিকাশ : ফৰাচী দার্শনিক কছোৰ লেখনিত জনপ্ৰিয় সাৰ্বভৌমত্বৰ ধাৰণা প্রতিফলিত হৈছিল। ৰুছোৰ সাম্য, মৈত্ৰী আৰু স্বাধীনতাৰ বণী জনসাধাৰণৰ বাবেই আছিল। ৰুছোবে জনসাধাৰণৰ সাধাৰণ ইচ্ছাক গুৰুত্ব আৰোপ কৰিছিল। চৰকাৰৰ নিজৰ ইচ্ছা থাকিব নোৱাৰে। জনসধাৰণৰ ইচ্ছা বা সাধাৰণ ইচ্ছাই চৰকাৰক নিয়ন্ত্ৰণ কৰিব লাগে। ৰুছোৱে জনসাধাৰণৰ হাততহে সার্বভৌম ক্ষমতা অর্পণ কৰিছিল। ৰুছোৰ জনপ্ৰিয় সাৰ্বভৌমত্বৰ আঁচনি অনুসৰি নাগৰিকসকলে মুকলি ঠাইত মাজে সময়ে সমবেত হৈ ৰষ্ট্ৰৰ কামত অংশগ্ৰহণ কৰিব পাৰিব। ৰুছোৰ মতে সাধাৰণ ইচ্ছাই সকলোৰে মংগলৰ বাবে কাম কৰে। এনে ইচ্ছা সকলো লোকৰ সন্মতি সাপেক্ষে গ্ৰহণ কৰা হয়।

৬) পদ্ধতি তত্ত্বৰ বিকাশ : বৰ্তমান বহু ৰাজনীতিবিদে ৰাষ্ট্ৰৰ শব্দৰ পৰিৱৰ্তে পদ্ধতি শব্দ ব্যৱহাৰ কৰে। বহুতে আকৌ ৰাজনৈতিক সংস্কৃতি শব্দ ব্যৱহাৰ কৰে। তেওঁলোকৰ মতে ৰাষ্ট্ৰ ব্যৱস্থা বৃহত্তৰ সমাজ ব্যৱস্থাৰ অংশ। কাৰণ সামাজিক উপাদানবোৰে ৰাজনৈতিক অনুষ্ঠান আৰু পদ্ধতিত শক্তিশালী প্ৰভাৱ পেলায়। ৰাষ্ট্ৰ আৰু চৰকাৰ সমাজ ব্যৱস্থাৰ অংশ। সমাজৰ বিভিন্ন গোটসমূহৰ ক্রিয়া-প্ৰতিক্ৰিয়াৰ ফলস্বৰূপে এটা বিষয়ত ব্যৱস্থা গঢ় লৈ উঠে। ৰাজনীতিৰ লগত জড়িত বিষয়ত ক্রিয়া-প্রতিক্ৰিয়াৰ ফলস্বৰূপে ৰাজনৈতিক ব্যৱস্থা গঢ় লয়। জনসাধাৰণৰ দাবী আৰু চৰকাৰৰ ব্যৱস্থা গ্ৰহণৰ এটা পদ্ধতিৰ মাজেদি সিদ্ধান্ত গ্ৰহণ কৰা হয়।

গ্রাহাম ৱালেচে মতামত দিছে যে যাক আমি ৰাজনীতি বুলি কওঁ সি শেষ ব্যাখ্যাত সমাজৰ এটা অংশহে। মানুহৰ আচৰণ আৰু সমাজতাত্ত্বিক উপাদানবোৰে ৰাজনৈতিক অনুষ্ঠান আৰু সংগঠনবোৰক শক্তিশালীভাৱে প্ৰভাৱ পেলায়। গতিকে ৰাষ্ট্ৰৰ সলনি ৰাজনৈতিক পদ্ধতিৰ ওপৰত পদ্ধতি তত্ত্বৰ পৃষ্ঠপোষকসকলে গুৰুত্ব আৰোপ কৰে। আচৰণবাদী সকলে ক্ষমতাত থকা ব্যক্তি আৰু ৰাজনৈতিক গোটৰ আচৰণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰৰ গুৰুত্ব হ্ৰাস কৰাত অৰিহণা যোগাইছে।

3. Discuss Rousseau’s theory of general will.

Ans: “সাধাৰণ ইচ্ছা’ৰ মতবাদটোৰ ৰুচোৰ ৰাজনৈতিক দৰ্শনৰ এটা গুৰুত্বপূৰ্ণ অৱদান। প্রকৃতি ৰাজ্যত মানুহে সুখ ভোগ কৰিছিল যদিও পিছলৈ জনসংখ্যা বৃদ্ধি আৰু সম্পত্তিৰ আবিৰ্ভাৱে মানুহৰ মাজত অশান্তি সৃষ্টি কৰিছিল। ৰুচোৰ মতে এনে অশান্তিময় পৰিস্থিতিৰ পৰা মুক্ত হ’বৰ বাবে জনসাধাৰণে একগোট হৈ চুক্তিৰ দ্বাৰা ৰাষ্ট্ৰ সৃষ্টি কৰিলে আৰু শাসনৰ ক্ষমতা জনসাধাৰণৰ ইচ্ছাৰ ওপৰত অৰ্পণ কৰিলে। মানুহৰ অধিকাৰো জনসাধাৰণৰ ইচ্ছাৰ ওপৰত সমৰ্পণ কৰিলে। জনসাধাৰণে কোনো ব্যক্তি বা শাসনকৰ্তাৰ ওচৰত তেওঁলোকৰ অধিকাৰ সমৰ্পণ কৰা নাছিল। এই সাধাৰণ ইচ্ছাই হ’ল সার্বভৌম শক্তি। অর্থাৎ ৰাষ্ট্ৰ হ’ল জনসাধাৰণৰ ইচ্ছাৰ সৃষ্টি। সাধাৰণ ইচ্ছা জনসাধাৰণৰ ইচ্ছা। ই সকলো মানুহৰ ইচ্ছাক প্রতিনিধিত্ব কৰে। কিন্তু সকলো মানুহৰ ইচ্ছা এক নহ’বও পাৰে । ব্যক্তি বিশেষে ইচ্ছা বেলেগ হ’ব পাৰে। সেইবাবে ব্যক্তিগত ইচ্ছা আৰু সাধাৰণ ইচ্ছা হ’ব নোৱাৰে। আনহাতেদি সকলো মানুহৰ ইচ্ছাৰ সমষ্টিও সাধাৰণ ইচ্ছা নহয়। প্ৰকৃততে সাধাৰণ ইচ্ছা হ’ল জনসাধাৰণৰ সদ ইচ্ছা আৰু জনকল্যাণ সাধন কৰা ইচ্ছা। এই ইচ্ছা সামূহিক কল্যাণ সাধাৰণ ইচ্ছা।

ৰুছোৱে সাধাৰণ ইচ্ছাৰ যোগেদি চৰকাৰৰ ক্ষমতা নিয়ন্ত্ৰণ কৰিব পৰা ৰাজহুৱা সাৰ্বভৌমত্বক গুৰুত্ব দিছে। ৰুছোৰ সধাৰণ ইচ্ছাই প্রতনিধিত্বমূলক গণতন্ত্ৰৰ বিৰোধিতা কৰি প্ৰত্যক্ষ গণতন্ত্রক সমৰ্থন কৰিছে। প্ৰতিনিধিত্বমূলক গণতন্ত্ৰত বিশেষ স্বাৰ্থ পূৰণ কৰাত সুবিধা হয়। প্রত্যক্ষ গণতন্ত্ৰত সকলোৰে সমান সুবিধা থাকে নাগৰিকৰ মাজত কোনো বৈষম্য নাথাকে। সাধাৰণ ইচ্ছা সকলো নাগৰিকৰ স্মতি সাপেক্ষে গ্ৰহণ কৰা হয়। গতিকে সাধাৰণ ইচ্ছা জনসাধাৰণৰ ওপৰত সমানভাবে প্রযোজ্য। জনসাধাৰণে এই ইচ্ছা মানি ল’বলৈ বাধ্য ৷ চৰকাৰ সাধাৰণ ইচ্ছাৰ বহতীয়া । জনসাধাৰণৰ অন্যান্য সংগঠন বা সংস্থা সাধাৰণ ইচ্ছাৰ অধীন। আইনৰ উৎস হ’ল সাধাৰণ ইচ্ছা। সাধাৰণ ইচ্ছাই সকলো লোকৰ কল্যাণ সাধন কৰিবৰ বাবে আইনৰ অনুমতি দিয়ে। সেইকাৰণে আইন সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য। চৰকাৰে সাধাৰণ ইচ্ছাৰ পৰা পোৱা ক্ষমতাহে প্রয়োগ কৰিব পাৰে।

সমালোচকসকলে অৱশ্যে ৰুছোৰ সাধাৰণ ইচ্ছাৰ সমালোচনা কৰিছে। তেওঁলোকৰ মতে সাধাৰণ ইচ্ছা বুলি কোনো ইচ্ছা থাকিব নোৱাৰে। সাধাৰণ ইচ্ছাক সাধাৰণতে সংখ্যাগৰিষ্ঠ লোকৰ ইচ্ছা বুলিহে অভিহিত কৰিব পাৰি ।

4. Cause for the decline of normative theory of state.

Ans: আদৰ্শাত্মক ধাৰণাৰ গুৰুত্ব হ্রাস : ফৰাচী বিপ্লৱৰ আগলৈকে ৰাষ্ট্ৰৰ আদৰ্শাত্মক ধাৰণা প্রচলন আছিল যদিও ইয়াৰ পিছত এই ধাৰণাৰ গুৰুত্ব হ্রাস হ’বলৈ ধৰিলে। ইয়াৰ কাৰণবোৰ হ’ল—

১) ফৰাচী বিপ্লৱৰ সময়তে ৰুচোৱে সাম্য, মৈত্রী স্বাধীনতাৰ বাণী শুনাইছিল, ৰাজনৈতিক স্বাধীনতা আৰু সামাজিক স্বাধীনতা আদিৰ সম্পৰ্কে দাবী উত্থাপন হ’বলৈ ধৰিলে। আমেৰিকাৰ স্বাধীনতা যুদ্ধই স্বতন্ত্রতা ধাৰণাৰ দ্বাৰা উদ্বুদ্ধ হৈ স্বাধীনতা সংগ্ৰামত অৱতীৰ্ণ হ’ল।

২) চিন্তাবিদসকলে সময় পৰিৱৰ্তনৰ লগে লগে এইটো উপলব্ধি কৰিলে যে কেৱল আইন শৃংখলাৰ প্ৰশ্নটোৱেই ৰাষ্ট্ৰৰ প্রধান সমস্যা নহয়। ব্যক্তিগত সুখ-স্বাচ্ছন্দ্য এটা প্রধান বিষয়। বেনথাম, মিল আদিয়ে ব্যক্তিগত সুখ আৰু স্বাধীনতাত হস্তক্ষেপ নকৰাটো বাঞ্চনীয় বুলি মতামত দাঙি ধৰিলে। ‘The Laissez Faire’ তত্ত্বই গা কৰি উঠিল।

৩) ৰাষ্ট্ৰৰ নিজস্ব ব্যক্তিত্ব থাকিব নোৱাৰে। ব্যক্তিৰহে নিজস্ব ব্যক্তিত্ব বা স্বতন্ত্রতা থাকিব পাৰে। ব্যক্তিক গুৰুত্ব প্রদান কৰিলেহে ৰাষ্ট্ৰক গুৰুত্ব প্ৰদান কৰা হ’ব।

৪) কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা আৰু সামাজিক ন্যায়ৰ ধাৰণাই ৰাষ্ট্ৰৰ কৰ্তৃত্ব আৰু ক্ষমতাক সীমিত কৰিলে। সমতা, অনুন্নত শ্ৰেণীসমূহৰ বিশেষ সুবিধা প্ৰদানৰ বাবে কল্যাণকামী আঁচনি গ্রহণে ৰাষ্ট্ৰৰ কৰ্তৃত্বক উদাৰতা প্ৰদান কৰিলে।

৫) অৰাষ্ট্ৰবাদ ধাৰণাৰ বিকাশে ৰাষ্ট্ৰৰ অৱস্থিতি বিপদাপন্ন কৰি তুলিলে। এই ধাৰণাৰ মতে ৰাষ্ট্ৰ এক অনিষ্টকাৰী অনুষ্ঠান আৰু সেয়েহে ৰাষ্ট্ৰৰ বিনাশ হ’লে জনসাধাৰণৰ কল্যাণ সাধন হ’ব।

৬) মার্ক্সবাদী চিন্তাৰ বিকাশে ৰাষ্ট্ৰৰ আদৰ্শাত্মক ধাৰণাৰ ওপৰত আঘাত হানিলে। মার্ক্সৰ মতে ৰাষ্ট্ৰ হ’ল পুঁজিপতি শ্ৰেণীৰ শোষণৰ আহিলা। ৰাষ্ট্ৰ ব্যৱস্থাত ধনী দুখীয়া শ্ৰেণীক শোষণ কৰিবলৈ সুবিধা পায়। আইন, স্বতন্ত্ৰতা আদি ধাৰণাসমূহ কেৱল পুঁজিপতি শ্ৰেণীৰ সুবিধাৰ বাবেহে ব্যৱহৃত হয়। সেয়েহে এদিন ৰাষ্ট্ৰ ব্যৱস্থা বিলোপ ঘটিব।

সামৰণি : এই উপাদান বা কাৰণসমূহৰ বাবেই ৰাষ্ট্ৰ আদৰ্শাত্মক ধাৰণা ক্ৰমাৎ সলনি হ’ব ধৰিলে। ৰাষ্ট্ৰ মানুহৰ সৃষ্টি আৰু মানুহৰ সুবিধাৰ বাবেহে। সেইবাবে ৰাষ্ট্ৰক আইনৰ উর্ধ্বত ৰাখিলে। সার্বভৌমত্ব প্রদান কৰিলে জনসাধাৰণৰ হিতৰ বিপৰীতে অনিষ্ট সাধন কৰিব বুলিহে উদাৰতাবাদীসকলে মত পোষণ কৰে।

5. Distinguish between state and government. 

Ans: ৰাষ্ট্ৰ আৰু চৰকাৰৰ পাৰ্থক্য ল’কৰ সময়ৰ পৰা বিভিন্ন লেখকে তলত উল্লেখ কৰা ধৰণে দাঙি ধৰিছে—

১। চৰকাৰ ৰাষ্ট্ৰৰ এটা আৱশ্যকীয় উপাদানহে। চৰকাৰ হ’ল ৰাষ্ট্ৰৰ এটা অংগ। গতিকে চৰকাৰ ৰাষ্ট্ৰ হ’ব নোৱাৰে চৰকাৰ হ’ল ৰাষ্ট্ৰৰ কাৰ্যবাহী ৰাজনৈতিক অনুষ্ঠান। এইখিনিতে চৰকাৰ আৰু ৰাষ্ট্ৰৰ মাজত প্রভেদ দেখা যায়। জনসমষ্টি, নির্দিষ্ট ভূ-খণ্ড, সাৰ্বভৌমত্বৰ দৰে চৰকাৰ হ’ল এখন ৰাষ্ট্ৰৰ এটা অতি আৱশ্যকীয় উপাদান। য’ত সু-সংগঠিত চৰকাৰ নাই তাত ৰাষ্ট্ৰৰ কথা চিন্তা কৰিব নোৱাৰি।

২। চৰকাৰে ৰাষ্ট্ৰৰ প্ৰতিনিধিৰূপে কাম কৰে। চৰকাৰে ৰাষ্ট্ৰৰ ইচ্ছা আৰু আদৰ্শ ইয়াৰ কাৰ্যৰ দ্বাৰা প্ৰকাশ কৰে। ৰুছোৰ মতে, “চৰকাৰ হ’ল ৰাষ্ট্ৰৰ জীৱিত যন্ত্ৰ৷” এই যন্ত্ৰৰ দ্বাৰা ৰাষ্ট্ৰই ইয়াৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰে। ৰাষ্ট্ৰৰ উদ্দেশ্য সাধন কৰাই হ’ল চৰকাৰৰ মূল লক্ষ্য (লাস্কি)। চৰকাৰে ৰাষ্ট্ৰৰ পৰা ক্ষমতা আৰু কৰ্তৃত্ব লাভ কৰি ৰাষ্ট্ৰৰ কাৰ্য সূচাৰুৰূপে পৰিচালনা কৰে। গতিকে চৰকাৰ ৰাষ্ট্ৰৰ এটা “প্ৰশাসনীয় যন্ত্ৰ’ বুলি ক’ব পাৰি। গাৰ্ণাৰৰ মতে, চৰকাৰে ৰাষ্ট্ৰ আৰু জনসাধাৰণৰ সমূহীয়া ইচ্ছা আৰু আদৰ্শ ইয়াৰ কাৰ্যৰ দ্বাৰা প্ৰকাশ কৰে।

৩। ৰাষ্ট্ৰ হ’ল এটা ধাৰণা। ৰাষ্ট্ৰ এখন কল্পনাহে কৰিব পাৰি, কিন্তু আমি ৰাষ্ট্ৰ অবাস্তৱ হোৱা বাবে ইয়াক চকুৰে নেদেখো। ভাৰত ৰাষ্ট্ৰ বুলি ক’লে আমি এইখিনিয়ে ভাৰত ৰাষ্ট্ৰ বুলি আঙুলিয়াই দেখুৱাব নোৱাৰো। মাত্র মানচিত্ৰৰ জৰিয়তে সেইটো সম্ভৱ হ’ব পাৰে। ৰাষ্ট্ৰ এখনৰ চাৰিসীমা আৰু ইয়াৰ জনসাধাৰণক আমি দেখিব পাৰো, কিন্তু ৰাষ্ট্ৰৰ আকৃতি আমি দেখিব নোৱাৰো, অনুভৱহে কৰিব পাৰো। আনহাতে চৰকাৰৰ বাস্তৱ ৰূপ আছে। ভাৰত চৰকাৰ বুলি ক’লে আমি চকুৰে দেখিব পাৰো আৰু স্পষ্ট কৰি দিব পাৰো যে এইখনেই ভাৰত চৰকাৰ। গতিকে এই পিনৰ পৰাও ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজত এক পাৰ্থক্য আছে।

৪। ৰাষ্ট্ৰ এখনৰ সদস্য হোৱাটো জনসাধাৰণৰ কাৰণে আৱশ্যক। এখন ৰাষ্ট্ৰত বাস কৰা সকলো জনসাধাৰণ ৰাষ্ট্ৰৰ সদস্য হ’বই লাগিব। নহ’লে নাগৰিকত্ব লাভ কৰিব নোৱাৰিব। সকলো নাগৰিক ৰাষ্ট্ৰৰ সদস্যভুক্ত হ’বই লাগিব। কিন্তু সকলো জনসাধাৰণ চৰকাৰৰ সদস্য হ’ব নোৱাৰে। আনকি কোনো নাগৰিকে স্ব-ইচ্ছাই চৰকাৰৰ সদস্য হ’বলৈ বিচাৰিলেও সদস্য হোৱাৰ সুবিধা নাপাবও পাৰে৷ আনহাতে এজন নাগৰিক কেৱল এখন ৰাষ্ট্ৰৰহে সদস্য হ’ব পাৰে। এখনতকৈ অধিক ৰাষ্ট্ৰৰ সদস্য হ’ব নোৱাৰে। মুঠৰ ওপৰত ৰাষ্ট্ৰৰ সদস্য পদ বাধ্যতামূলকভাৱে নাগৰিকে ল’বই লাগিব। চৰকাৰৰ সদস্যপদৰ ক্ষেত্ৰত বাধ্যবাধকতা নাই।

6. What are the basic tenants of Benthamin utilitarianism.

Ans: বেনথামৰ উপযোগিতাবাদী দৰ্শনৰ মূল ভাবাৰ্থ তলত উল্লেখ কৰা হ’ল—

১। সুখ আৰু দুখৰ আন দুটা প্রতিশব্দ হৈছে ক্ৰমে ভাল আৰু বেয়া অৰ্থাৎ সুখেই ভাল আৰু দুখেই বেয়া।

২। সুখ আৰু দুখ পৰিমাণযোগ্য। সুখ আৰু দুখৰ পৰিমাণ ইয়াৰ তীব্ৰতা, স্থায়িত্ব, নিশ্চয়তা, বিশুদ্ধতা, সময় সান্নিধ্য আৰু ইয়াৰ পৰা লাভ কৰিব পৰা পোনপটীয়া ফলাফলৰ সহায়ত পৰিমাপন কৰিব পাৰি আৰু এনেদৰে কোনো কাৰ্যৰ যথার্থতা নিৰ্ধাৰণ কৰিব পাৰি। প্ৰশাসনৰ ক্ষেত্ৰত আৰু এক নিৰ্ধাৰকৰ আৱশ্যক হয় সেয়া হৈছে বিস্তৃতি অর্থাৎ কিমান সংখ্যক মানুহ প্ৰশাসনৰ পৰা উপকৃত বা ক্ষতিগ্ৰস্ত হৈছে।

৩। উপযোগিতাবাদী দৰ্শনৰ মতে, মানৱ প্ৰকৃতিৰ প্ৰধান উদ্দেশ্য হৈছে যে প্ৰতিজন মানুহে সদায় সুখ বিচাৰে আৰু দুখৰ পৰা পৰিত্ৰাণ পাব বিচাৰে। প্ৰকৃতিয়ে সকলো মানুহকে সুখ-দুখ এই দুই সার্বভৌম কর্তৃত্বৰ অধীনস্থ কৰি ৰাখিছে। মানুহৰ সকলো ধৰণৰ কাৰ্যকলাপ এই দুই সাৰ্বভৌমৰ নিৰ্দেশৰ দ্বাৰা পৰিচালিত হয়। বেনথামৰ উপযোগিতাবাদী দর্শন অনুসৰি যদিওবা সুখ বিচৰা আৰু দুখ পৰিহাৰ কৰা মানুহৰ চৰিত্ৰ তথাপি সাধ্য অনুসাৰে মানুহে সর্বাধিক সংখ্যক লোকৰ সুখৰ কল্যাণৰ কথা নিতা কৰি কাম কৰা উচিত। অর্থাৎ যি কাৰ্যই মানুহৰ সুখ বৃদ্ধি কৰে তেনে কাৰ্যক ভাল হিচাপে আৰু যি কাৰ্যই মানুহৰ দুখৰ বোজা বৃদ্ধি কৰে তেনে কাৰ্যক ভাল হিচাপে আৰু যি কাৰ্যই মানুহৰ দুখৰ বোজা বৃদ্ধি কৰে তেনে কাৰ্য বেয়া হিচাপে অভিহিত কৰিব পাৰি আৰু সেয়ে বেনথামে সর্বাধিক সংখ্যক লোকক সুখ প্ৰদান কৰিব পৰা কার্যকে ভাল বুলি বিবেচনা কৰিছিল। বেনথামে যদিও আনৰ কল্যাণৰ বাবে মানুহক কাম কৰিবলৈ উপদেশ দিছিল তথাপি মানুহে যে আনৰ কল্যাণৰ স্বাৰ্থত নিজৰ সুখ ত্যাগ কৰিব সেই কথাত বিশ্বাস নকৰিছিল।

৪। বেনথামৰ মতে আইন পালিকাই আইন প্রণয়নৰ দ্বাৰা সুখৰ সৰ্বমুঠ পৰিমাণ বৃদ্ধি বা হ্ৰাস কৰিব পাৰে। সাধাৰণতে মানুহে পৰাধীন হৈ থাকিব নিবিচাৰে। একমাত্র ৰাজনৈতিক কৰ্তৃপক্ষৰ শাস্তিৰ ভয়তহে আদেশ মানি চলে। সেয়ে শাসকপক্ষই সর্বাধিক সংখ্যক লোকৰ সৰ্বাধিক সুখ প্ৰদান কৰাৰ প্ৰতি লক্ষ্য ৰাখি নিজা আদেশ ধাৰ্য কৰিব লাগে বুলি বেনথামে পৰামৰ্শ আগবঢ়াইছিল।

7. Mention four similarities of the views of Hobbes, Locke and Rousseau regarding the social contract theory.

Ans: হবছ, লক আৰু ৰুছোৰ সামাজিক চুক্তি মতবাদৰ বিষয়ত কিছুমান সাদৃশ্য পৰিলক্ষিত হয় সেইবোৰ হ’ল—

১। তিনিওজন লিখকে ৰাষ্ট্ৰৰ উৎপত্তিৰ কাৰণ সামাজিক চুক্তি বুলি বিবেচনা কৰে। জনসাধাৰণৰ মাজত হোৱা চুক্তিৰ পৰিমাণস্বৰূপেই ৰাষ্ট্ৰৰ সৃষ্টি হ’ল। হবছ আৰু ৰুছোৰ মতে মানুহৰ মাজত এটা চুক্তি হৈছিল। কিন্তু লকৰ মতে দুটা হৈছিল। প্ৰথম চুক্তিত ৰাষ্ট্ৰ সৃষ্টি হৈছিল আৰু দ্বিতীয় চুক্তিত ৰাষ্ট্ৰ পৰিচালনাৰ বাবে চৰকাৰ গঠন হৈছিল।

২। তিনিজন চিন্তাবিদ মতে ৰাষ্ট্ৰ সৃষ্টিৰ আগতে মানুহে প্রকৃতি ৰাজ্যত বাস কৰিছিল। প্ৰকৃতি ৰাজ্যত অনিশ্চয়তা আছিল । হবছৰ মতে প্ৰকৃতি ৰাজ্যত মানুহৰ অৱস্থা দুখ লগা নিসংগ লেতেৰা, হিংস্ৰক আৰু জীৱন চুটি আছিল। এই অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ জনসাধাৰণে চুক্তি কৰিছিল। লকৰ মতে মানুহৰ মাজত স্বাধীনতা আছিল যদিও আদালত নথকাৰ বাবে সমস্যাৰ সৃষ্টি হৈছিল। ৰুছোৰ মতে প্ৰকৃতি ৰাজ্যত মানুহৰ সুখ শান্তি আছিল। কিন্তু সম্পত্তি আবিৰ্ভাৱৰ পিচত সমস্যাই দেখা দিলে। এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ জনসাধাৰণে চুক্তি সম্পাদন কৰিলে।

৩। তিনিওজন লিখকৰ মতে ৰাষ্ট্ৰ এক মানৱীয় অনুষ্ঠান। মানুহৰ সুবিধাৰ বাবে চুক্তি কৰা হৈছিল আৰু ৰাজনৈতিক সংগঠন। ৰাষ্ট্ৰৰ জন্ম দিয়া হৈছিল। ৰাষ্ট্ৰ কোনো দৈৱিক অনুষ্ঠান নহয় বা ৰাষ্ট্ৰ বল প্রয়োগৰ ফলত সৃষ্টি হোৱা নাই। জনসাধাৰণক নিৰাপত্তা প্ৰদানৰ বাবে, শান্তিৰ বাবেহে ৰাষ্ট্ৰৰ সৃষ্টি কৰা হৈছিল।

৪। তিনিওজনৰ মতে প্ৰকৃতি ৰাজ্যৰ মানুহে স্বইচ্ছাই চুক্তি কৰি ৰাষ্ট্ৰ সৃষ্টি কৰিছিল। তেওঁলোকক কোনেও বাধ্যবাধকতা আৰোপ কৰা নাছিল ৷ জনসাধাৰণে সমবেত হৈ অশান্তি, অৰাজকতা দূৰ কৰিবলৈ চুক্তি কৰিছিল আৰু চুক্তি অনুসৰি ৰাষ্ট্ৰ সৃষ্টি কৰি এজনক বা কিছুমান মানুহৰ হাতত শাসন ক্ষমতা অৰ্পণ কৰিছিল ।

8. Explain various kinds of sovereignty.

Ans: সার্বভৌমত্বক কেইবা প্ৰকাৰ বা শ্ৰেণীত ভাগ কৰিব পাৰি। সেইবিলাক তলত আলোচনা কৰা হ’ল।

আইনগত আৰু ৰাজনৈতিক সার্বভৌমত্ব (Legal and Political Sovereignty) : আইনগত সার্বভৌমত্বই ৰাষ্ট্ৰৰ আইন প্ৰণয়ন কৰিব পৰা সর্বোচ্চ ক্ষমতাক বুজায়। এনে সার্বভৌমত্বই আইন প্ৰনয়ন কৰাৰ উপৰিও আইন কার্যকৰী কৰিব লাগে। ন্যায়পালিকায়ো আইনসমূহ বলৱৎ কৰিব লাগে। এই শক্তি কাৰো বহতীয়া নহয়। এই শক্তিয়ে প্ৰণয়ন কৰা আইন কোনোৱে উলংঘা কৰিব নোৱাৰে। সার্বভৌমত্ব শক্তিয়ে প্রণয়ন কৰা আইন অন্য কোনো শক্তিয়ে অসাংবিধানিক বুলি নাকচ কৰিব নোৱাৰে। অষ্টিনে এই দৃষ্টিভংগীৰ দ্বাৰা সাৰ্বভৌমত্ব আৰু আইনক আলোচনা কৰিছে।

প্ৰতিখন ৰাষ্ট্ৰৰে আইন প্ৰণয়ন কৰাৰ এটা কৰ্তৃপক্ষ থাকে ইংলেণ্ডৰ সংসদ আইনগত সার্বভৌমত্বৰ উদাহৰণ। সেইবাবে লমে কৈছে যে ইংলেণ্ডৰ সংসদে পুৰুষক মহিলা আৰু মহিলাক পুৰুষ কৰাৰ বাহিৰে বাকী সকলো কৰিব পাৰে।

ৰাজনৈতিক সার্বভৌমত্ব : আনহাতে জনসাধাৰণৰ হাতত থকা সর্বোচ্চ ক্ষমতাই হৈছে ৰাজনৈতিক সাৰ্বভৌমত্ব। আইনত এনে সাৰ্বভৌমত্বৰ কোনো পৰিচয় নাই। এনে সার্বভৌমত্ব বিমূর্ত। আইনগত সার্বভৌমত্ব৷ এই ৰাজনৈতিক সার্বভৌমত্বৰ পৰাই ক্ষমতা আহৰণ কৰে। কাৰণ এখন দেশৰ প্ৰকৃত সার্বভৌমত্বৰ পৰাই ক্ষমতা আহৰণ কৰে। কাৰণ এখন দেশৰ প্ৰকৃত সার্বভৌম ক্ষমতা জনসাধাৰণৰ হাতত থাকে। কিন্তু ৰাজনৈতিক সর্বভৌমত্ব সু সংগঠিত বা নিশ্চিত নহয়। এই সার্বভৌমত্বৰ নিজস্ব ইচ্ছা আছে কিন্তু ইচ্ছাক ৰূপ দিবলৈ কাৰোবাক আশ্ৰয় ল’ব লাগে। আনহাতেদি আইনগত সার্বভৌমত্বই ৰাজনৈতিক সার্বভৌমত্বৰ ইচ্ছাক বাস্তৱত ৰূপ দিয়ে। এটা বাস্তৱ আৰু আনটো অব্যক্ত।

আইনগত সার্বভৌমত্বক আইনজ্ঞসকলে যদিও ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতা বুলি স্বীকৃতি দিব খোজে তথাপিও প্ৰকৃততে এই সার্বভৌমত্বই ৰাজনৈতিক সার্বভৌমত্ব বা জনগণৰ প্ৰকৃত ক্ষমতাৰ দ্বাৰা বহুলাংশে নিয়ন্ত্রিত। ডাইচিৰ মতে— “আইনজীৱী সকলে যি সার্বভৌমত্ব (আইনগত) স্বীকৃতি দিয়ে সেই সার্বভৌম কৰ্তৃপক্ষৰ পিছতে এটা সাৰ্বভৌম (ৰাজনৈতিক) শক্তি আছে যাক আইনগত কর্তৃপক্ষই মানি চলিবলৈ বাধ্য।” দেশৰ নির্বাচক মণ্ডলীক ৰাজনৈতিক সার্বভৌমত্ব বুলি কোৱা হয়। বহল অৰ্থত দেশৰ ভোটদাতা জনসাধাৰণক ৰাজনৈতিক সার্বভৌমত্ব বোলা হয়।

সার্বভৌমত্বৰ অন্যান্য প্ৰকাৰসমূহ :

১. নাম মাত্ৰ আৰু পকৃত সার্বভৌমত্ব : যি ব্যক্তিৰ নামত সার্বভৌমত্ব ক্ষমতা ব্যৱহাৰ কৰা হয় কিন্তু প্রকৃততে তেওঁ সেই ক্ষমতাৰ অধিকাৰী নহয়, তেওঁক নামমাত্র সার্বভৌম বোলে। ইংলেণ্ডৰ ৰজাৰ নামমাত্র সার্বভৌমত্ব আছে। তেওঁৰ নামত শাসনকার্য পৰিচালিত হয়। কিন্তু মনতত্রি পৰিষদৰ হাততহে প্রকৃত ক্ষমতা থাকে। মন্ত্রী পৰিষদে চৰম ক্ষমতা প্রয়োগ কৰে। এইবাবে মন্ত্ৰী পৰিষদৰ ক্ষমতাক প্ৰকৃত সার্বভৌমত্ব বুলিব পাৰি।

২. আভ্যন্তৰীণ আৰু বাহ্যিক সার্বভৌমত্ব : আভ্যন্তৰীণ সাৰ্বভৌমত্বই এখন দেশৰ ভিতৰত থকা সকলো অনুষ্ঠানৰ ওপৰত থকা ৰাষ্ট্ৰৰ ক্ষমতাক বুজায়। আনহাতে বাহ্যিক সার্বভৌমত্বই অন্যান্য ৰাষ্ট্ৰই এখন ৰাষ্ট্ৰৰ ওপৰত ক্ষমতা প্রয়োগ কৰিব নোৱাৰা অৱস্থাক বুজায় । এখন ৰাষ্ট্ৰৰ জনসাধাৰণে, ৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত সকলো অনুষ্ঠানে ৰাষ্ট্ৰৰ আনুগত্য প্রকাশ কৰে। বাহ্যিকভাৱে এখন দেশৰ জনসাধাৰণ আৰু অনুষ্ঠানসমূহে অন্য দেশৰ প্ৰতি আনুগত্য প্রকাশ নকৰে।

৩. আইনগত আৰু যথার্থ সার্বভৌমত্ব : আইনগত সার্বভৌমত্বই আইন আৰু সংবিধানৰ পৰা ক্ষমতা আহৰণ কৰে। এনে সাৰ্বভৌমত্বই দেশৰ আইন মতে চৰম ক্ষমতাৰ অধিকাৰী হয় আৰু জনসাধাৰণক শাসন কৰে। আনহাতে যথার্থ সার্বভৌমত্ব আইন আৰু সংবিধানৰদ্বাৰা স্বীকৃত নহয়। শক্তি প্ৰয়োগৰ দ্বাৰা কোনো শক্তিয়ে যদি আইনমতে নহ’লেও ৰাষ্ট্ৰৰ চৰম ক্ষমতাৰ অধিকাৰী হয়, তেতিয়া তেনে ৰাষ্ট্ৰীয় ক্ষমতাক যথার্থ সার্বভৌমত্ব আহৰণ কৰিছিল। সামৰিক বাহিনীয়ে প্রথমে বলপূর্বক ক্ষমতা আহৰণ কৰি এনে সার্বভৌম ক্ষমতাৰ অধিকাৰী হয়।

৪. ৰাজহুৱা সাৰ্বভৌমত্ব : ৰাজহুৱা সাৰ্বভৌমত্বই জনসাধাৰণৰ সার্বভৌমত্ব বুজায়। এখন ৰাষ্ট্ৰৰ জনসাধাৰণৰ মতকেই সর্বোচ্চ ক্ষমতা বুলি ধৰা হয়। জনসাধাৰণৰ ইচ্ছাই প্রধান ক্ষমতা হোৱা বাবে এনে সার্বভৌমত্বক জনপ্রিয় সার্বভৌমত্ব বোলা হয়। ৰাজনৈতিক সার্বভৌমত্বৰ লগত ৰাজহুৱা সাৰ্বভৌমত্বৰ পাৰ্থক্য এইটোৱেই যে প্রথমটোৱে ৰাষ্ট্ৰক নির্বাচক মণ্ডলীক বুজায় আৰু দ্বিতীয়টোৱে সমগ্ৰ জনসাধাৰণৰ হাতত থকা বুজায়।

9. Characteristics of Multiculturalism.

Ans: বহুসংস্কৃতিবাদৰ অৱধাৰণাটো ভালদৰে বিশ্লেষণ কৰিলে ইয়াৰ কেতবোৰ মৌলিক বৈশিষ্ট্য পৰিলক্ষিত হয়। এই বৈশিষ্ট্যবিলাক তলত আলোচনা কৰা হ’ল—

(ক) সাংস্কৃতিক বিচিত্ৰতাক সমৃদ্ধি প্রদান কৰা : বহু সংস্কৃতিবাদৰ প্ৰধান চৰিত্ৰ হৈছে সাংস্কৃতিক বিভিন্নভাক সুৰক্ষা প্ৰদান কৰা। প্রত্যেক সমাজত অনেক সাংস্কৃতিক সমল আছে। এই উপাদানবোৰৰ নিজ নিজ জীবন-শৈলী আছে। বৈচিত্র্যতাপূর্ণ জীৱন শৈলীৰ সংৰক্ষণ আৰু সমৃদ্ধিদানেই হ’ল বহুসংস্কৃতিবাদৰ মূল লক্ষ্য ।

(খ) সংখ্যালঘূৰ সাংস্কৃতিক সুৰক্ষা : বহুসংস্কৃতিবাদে সংখ্যালঘূ শ্রেণী বা গোষ্ঠীৰ অধিকাৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। সংখ্যালঘু গোষ্ঠীৰ সংস্কৃতি যাতে বৃহৎ সংস্কৃতিৰ প্রভাৱত নাইকিয়া হৈ নাযায় তাৰ বাবে সংখ্যালঘু গোষ্ঠীৰ সংস্কৃতি সমূহৰ সুৰক্ষাৰ বাবে যোগাত্মক পদক্ষেপৰ সহায়ত অধিক ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ।

(গ) সামাজিক ন্যায়ৰ ভিত্তিত প্ৰতিস্থিত : বহুসংস্কৃতিবাদ আৰু সামাজিক ন্যায়ৰ মাজত আত্মিক সম্পর্ক বিদ্যমান। সামাজিক ন্যায়ৰ অনুপস্থিতিত বহুসংস্কৃতিবাদ জীয়াই থাকিব নোৱাৰে।

(ঘ) অসমতাৰ অনুপস্থিতি : বহুসংস্কৃতিবাদ সমাজত অসমতাৰ অনুপস্থিতি পক্ষ্য কৰা যায়। অর্থাৎ চৰকাৰী আঁচনি বা সমাজ ব্যৱস্থাত কোনো সাংস্কৃতিক সমূহক উচ্চ আৰু আন সাংস্কৃতিক সমূহক নিম্ন স্তৰৰ বুলি গণ্য কৰা নহয়। অর্থাৎ, সকলো সাংস্কৃতিক গোষ্ঠীকে সমান মর্যাদাৰে চোৱা হয়।

(ঙ) একক সংস্কৃতিৰ বিৰোধিতা : বহু সংস্কৃতিবাদে একক সংস্কৃতিৰ বিৰুদ্ধাচৰণ কৰে কাৰণ একক সাংস্কৃতিক সমাজত কোনো সংস্কৃতিয়ে অন্যান্য সংস্কৃতিক নিয়ন্ত্ৰণ কৰাৰ লগতে তেনে সংস্কৃতিৰ বিকাশতো বাধা প্ৰদান কৰে কেৱল এয়ে নহয়, আনকি একক সংস্কৃতিপূর্ণ সমাজত দেখা যায় যে ৰাষ্ট্ৰ, আইন, বিদ্যালয় আদিৰ মাধ্যমেৰে মাত্ৰ এটা সংস্কৃতিৰে প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰা হয়। বহুসংস্কৃতিবাদে এনে কৌশল তীব্ৰ বিৰোধিতা কৰি এখন সহনশীল সমাজৰ পোষকতা উপভোগ কৰাৰ লগতে অন্য সংস্কৃতিৰ প্রতিও একে সন্মানৰ মনোভাৱ পোষণ কৰে।

(চ) ব্যক্তিৰ পৰিচয় হিচাবে সংস্কৃতিক প্রাধান্য : বহুসংস্কৃতিবাদে ব্যক্তিৰ পৰিচয় হিচাপে সংস্কৃতিক এক গুৰুত্বপূর্ণ উপাদান হিচাবে চিহ্নি কৰিছে। বহসংস্কৃতিবাদৰ সমৰ্থকসকলৰ মতে, মানুহৰ লগত সংস্কৃতিৰ অভিন্ন সম্পৰ্ক আছে। সংস্কৃতিৰ প্ৰভাৱক বাদ দি মানুহ থাকিব নোৱাৰে। সেয়েহে ব্যক্তিৰ সাংস্কৃতিক পৰিচয়কো সমানে গুৰুত্ব প্ৰদান কৰা উচিত।

(ছ) সাংস্কৃতিক অধিকাৰ প্ৰদানৰ দাবী : বহুসংস্কৃতিবাদে ৰাজনৈতিক কৰ্তৃত্বৰ ওচৰত সাংস্কৃতিক অধিকাৰ প্ৰদানৰ দাবী উত্থাপন কৰে। তেওঁলোকৰ মতে, ব্যক্তিৰ অন্যান্য অধিকাৰৰ লগতে সাংস্কৃতিক অধিকাৰো অতি গুৰুত্বপূৰ্ণ অধিকাৰ। প্ৰতিজন ব্যক্তিয়ে নিজৰ সংস্কৃতি সুৰক্ষা তথা পালন কৰাৰ অধিকাৰ পোৱাৰ ওপৰত বহুসংস্কৃতিবাদে যথোচিত গুৰুত্ব প্ৰদান কৰে।

10. Conditions for the success of Multiculturalism.

Ans: বহুসংস্কৃতিবাদৰ সফলতাৰ বাবে প্ৰয়োজনীয় চৰ্তাৱলী তলত আলোচনা কৰা হ’ল—

(ক) গণতন্ত্ৰ [Democracy] : বহুসংস্কৃতিবাদ জীয়াই থাকিবলৈ হ’লে সমাজ ব্যৱস্থা গণতান্ত্ৰিক হ’ব লাগিব। গণতান্ত্রিক আদর্শইহে সকলোকে সমদৃষ্টি প্ৰদান কৰা তথা সহনশীল হ’বলৈ শিকায় বহুসংস্কৃতিবাদ জীয়াই থাকিবলৈ সমতা আৰু সহনশীলতাৰ অতি প্রয়োজন । প্ৰতিটো সংস্কৃতিকে সমজ্ঞান কৰা তথা এটা সংস্কৃতিয়ে আনটোৰ প্ৰতি সহযোগিতা আৰু সহনশীলতা প্ৰদৰ্শন কৰিলেই বহুসংস্কৃতি অটুত থাকিব ।

(খ) সামাজিক ন্যায [Social Justice] : বহুসংস্কৃতিবাদ সফল হোৱাৰ অন্যতম চৰ্ত হ’ল সামাজিক ন্যায়। সামাজিক ন্যায়ৰ মূল কাম হ’ল সমানৰ মাজত সমতা বিতৰণ কৰাৰ লগতে অনগ্ৰসৰ সকলৰ বাবে যোগাত্মক পদক্ষেপেৰে বিশেষ সুবিধা প্ৰদান কৰা। সৰু-বৰ সকলো সংস্কৃতিকে সমানে দৃষ্টি প্ৰদান কৰাৰ লগতে কোনো বিশেষ পৰিস্থিতিৰ বাবে কোনো সংস্কৃতিলৈ অস্তিত্বৰ সংকট আহিলে তেনে সংস্কৃতি জীয়াই ৰাখিবৰ বাবে যাৱতীয় কাৰ্য্যব্যৱস্থা কৰিব লাগে।

(গ) মানৱ অধিকাৰৰ ওপৰত গুৰুত্ব প্ৰদান : বহুসংস্কৃতিবাদৰ সফলতাৰ বাবে মানৱ অধিকাৰৰ প্ৰতিও সন্মান প্ৰদৰ্শন কৰা বা মানৱ অধিকাৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব লাগিব। জাতি, ধর্ম, বর্ণ বা গোষ্ঠী নির্বিশেষে মানৱ অধিকাৰ উপভোগৰ ব্যৱস্থা থাকিব লাগিব। চৰকাৰী পৃষ্ঠপোষকতাত মাত্ৰ নিৰ্দিষ্ট গোষ্ঠীৰ বাবে কেৱল মানৱ অধিকাৰ সুৰক্ষাৰ ব্যৱস্থা থাকিলে বহুসংস্কৃতিবাদৰ নীতি ভংগ হ’ব।

(ঘ) গোষ্ঠীগত সম্পৰ্কক নিৰাপত্তা বেষ্টনীৰ পৰা মুক্ত কৰা : বহুসংস্কৃতিবাদ জীয়াই থাকিবলৈ হ’লে ৰাষ্ট্ৰ আৰু সংস্কৃতিসমূহৰ সম্পৰ্কক নিৰাপত্তা বেষ্টনীৰ পৰা মুক্ত কৰিব লাগিব। এই বিষয়বোৰক নিৰাপত্তাৰ বিষয় হিচাপে গণ্য কৰাৰ পৰিবৰ্তে ইয়াক এক সামাজিক নীতি হিচাবেহে বিবেচনা কৰাটো দৰকাৰ। যেতিয়াই ৰাষ্ট্ৰ কোনো গোষ্ঠীৰ লগত সম্পৰ্ক কৰোতে নিৰাপত্তা দিশটোক গুৰুত্ব দিয়ে বা কোনো গোষ্ঠীৰ প্ৰতি নিৰাপত্তাৰ স্বাৰ্থত সন্দেহ প্ৰকাশ কৰে তেতিয়াই বহুসংস্কৃতিবাদ প্ৰত্যাহ্বানৰ সন্মুখীন হয়।

(ঙ) সীমান্ত নিয়ন্ত্রণ : বহুসংস্কৃতিবাদ সফল হোৱাৰ আন এটি চৰ্ত হ’ল সীমান্ত নিয়ন্ত্ৰণ কৰা। কিয়নো, অনেক সময়ত সীমান্ত অতিক্ৰম কৰি অহা বহিৰাগত উপাদানসমূহে অনেক সংস্কৃতিৰ অস্তিত্বৰ প্ৰতি সংকট কঢ়িয়াই আনে।

(চ) অৰ্থনৈতিক আৰু ৰাজনৈতিক সুবিধা প্ৰদান : বহুসংস্কৃতিবাদ জীয়াই থাকিবলৈ কেৱল সাংস্কৃতিক বৈচিত্যতাৰে প্রয়োজন নহয়। ইয়াৰ লগত প্ৰয়োজন উপযুক্ত ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিবেশ। প্ৰতিটো সাংস্কৃতিক সমূহেই ৰাজনৈতিক ক্ষেত্ৰত অংশগ্ৰহণৰ সুযোগ পোৱাৰ লগতে অর্থনৈতিক প্রয়োজনীয়তাবোৰ নিজৰ জীৱন পদ্ধতিৰ লগত প্ৰযোজ্য হোৱাকৈ পূৰণ কৰাৰ ব্যৱস্থা থাকিব লাগে। অর্থনৈতিক আৰু ৰাজনৈতিক সুবিধাৰ অভাৱ হ’লে বহুসংস্কৃতিবাদ জীয়াই থাকিব নোৱাৰে। মুঠতে, বহুসংস্কৃতিবাদ কোনো শূণ্যস্থানত জীয়াই থাকিব নোৱাৰে। ইয়াৰ বাবে এক ৰাজনৈতিক পৰিবেশৰ প্ৰয়োজন উপযুক্ত পৰিবেশৰ অভাৱতে অনেক সমাজত বহুসংস্কৃতিবাদে গা কৰি উঠিব পৰা নাই ।

Essay Type Question 

1. Discuss Marxian concept of state.

Ans: মার্ক্সবাদৰ জনক কার্লমার্ক্স (১৮১৮-১৮৮৩ খ্রীঃ) আৰু ফ্ৰেডৰিক এংগেলচে (১৮২০-১৮৯৬ খ্ৰীঃ) বিশ্ব ইতিহাসৰ গভীৰ আৰু বিস্তৃত অধ্যয়ন, সমাজ বিজ্ঞান আৰু প্ৰাকৃতিক বিজ্ঞানৰপৰা গোটোৱা অটল জ্ঞানৰ ভেটিত গঢ়ি তুলিছিল বিশ্বব্ৰহ্মাণ্ড সৃষ্টি আৰু মানৱ সমাজৰ উদ্ভৱ, বিকাশ আৰু ভৱিষ্যৎ সম্পর্কে বস্তুবাদী দর্শন তত্ত্ব। তেওঁলোকৰ মতে পৃথিৱী আৰু পৃথিৱীৰ জীৱজগতকে সামৰি সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ কাৰণ আৰু কৰ্তা হ’ল বস্তু (পদার্থ)— কোনো ঈশ্বৰ নামৰ বিশ্বব্ৰহ্মাণ্ড বহির্ভূত শক্তি নহয় পদার্থ অবিৰামভাৱে গতিশীল আৰু পৰস্পৰ বিপৰীত গুণৰ অধিকাৰী। পদাৰ্থৰ মাজত নিহিত থকা বৈপৰীত্যই জন্ম দিয়ে দ্বন্দ্বৰ। এই দ্বন্দ্বই হ’ল সৃষ্টিৰ চালিকা শক্তি। দ্বন্দ্বৰ ফলতে আহে পৰিৱৰ্তন। থুলমূলকৈ এয়ে হ’ল মার্ক্সীয় দ্বন্দ্বাত্মক বস্তুবাদ। মানৱ সমাজ আৰু সভ্যতাৰ ইতিহাসৰ অধ্যয়নৰ বাবে প্রয়োগ কৰা দ্বন্দ্বাত্মক বস্তুবাদকে ঐতিহাসিক বস্তুবাদ বুলি কোৱা হয়। ঐতিহাসিক বস্তুবাদৰ সাৰমৰ্ম হ’ল— উৎপাদন শক্তি আৰু উৎপাদন সম্পৰ্কৰ বিৰোধৰ ফলত সমাজত উদ্ভৱ হোৱা শ্ৰেণী দ্বন্দ্বই হ’ল সমাজ বিকাশৰ মূল চালিকা শক্তি।

এই তত্ত্ব প্রয়োগ কৰি মার্ক্সবাদীসকলে ৰাষ্ট্ৰৰ উৎপত্তি ব্যাখ্যা কৰিছে। তেওঁলোকৰ মতে আকস্মিকভাৱে ৰাষ্ট্ৰৰ উদ্ভৱ হোৱা নাই। ৰাষ্ট্ৰ চিৰন্তন সংস্থা নহয়। অনন্ত কালৰে পৰা ৰাষ্ট্ৰৰ অস্তিত্বও নাই। অতীতত অজস্ৰ সমাজ আছিল যিবোৰত ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ কোনো ধাৰণাই নাছিল, কাৰণ সভ্যতাৰ সেই স্তৰত সমাজত শ্রেণী দ্বন্দ্ব নাছিল। কিন্তু সভ্যতাৰ এটা স্তৰত ব্যক্তিগত সম্পত্তিৰ উদ্ভৱ হ’ল আৰু তাৰে পৰিণতিত জন্ম হ’ল পৰস্পৰ বিৰোধী শ্ৰেণীৰ। শোষক আৰু শোষিত— এই দুই শ্ৰেণীৰ দ্বন্দ্বৰ ফলত সৃষ্টি হ’ল ৰাষ্ট্ৰৰ।

শ্ৰেণী আৰু ৰাষ্ট্ৰৰ উৎপত্তি বিশ্লেষণ কৰিবলৈ লৈ মার্ক্স আৰু এংগেলচে মানৱ সমাজ গঠনৰ চাৰিটা স্তৰ চিহ্নিত কৰিছে, যেনে— আদিম সাম্যবাদী সমাজ, দাস সমাজ, সামন্তবাদী সমাজ আৰু পুঁজিবাদী সমাজ। আদিম সাম্যবাদী সমাজ হ’ল ঐতিহাসিক মানুহৰ সমাজৰ আদি ৰূপ। সুদীৰ্ঘ শ্ৰমৰ প্ৰক্ৰিয়াৰ ফলত মানুহ পশুৰ স্তৰ অতিক্ৰম কৰি এই সমাজৰ বাসিন্দা হৈছিলহি। সেই শ্ৰমৰ চৰিত্ৰ আছিল সম্পূৰ্ণৰূপে সামাজিক। শ্ৰমৰ আহিলা আছিল আদিম প্ৰকৃতিৰ— কাঠ আৰু শিলৰ কুঠাৰ, কটাৰী, গদা, জোঙা শিল লগোৱা যাঠি আৰু সেই যুগৰ শেহৰফালে ধনু-কাঁড়। এইবোৰৰ মালিক আছিল সামুহিকভাৱে সমাজৰ সমস্ত লোক। প্ৰকৃতিৰ বুকুৰপৰা ফল-মূল সংগ্ৰহ আৰু পশু চিকাৰ আছিল আদিম সাম্যবাদী সমাজৰ একমাত্ৰ অৰ্থনৈতিক বৃত্তি। সমূহীয়াভাৱে সংগ্ৰহ কৰা খাদ্যৰ ভাগ-বতৰাও হৈছিল সমভাবে। এই স্তৰত দলবদ্ধ নহৈ মানুহৰ উপায় নাছিল ৷ প্ৰকৃতিৰ প্ৰতিকূল অৱস্থাৰ বিৰুদ্ধে যুঁজ দি কোনো প্ৰাকৰে জীয়াই থকাটোৱে আছিল মানুহৰ ঘাই লক্ষ্য। সেই যুগৰ শ্ৰমৰ আহিলাবোৰ আছিল প্ৰতিৰক্ষাৰো আহিলা। গতিকে ব্যক্তিগতভাৱে সেইবোৰক অকলে সম্পত্তি হিচাপে ব্যৱহাৰ কৰাৰ কোনো উপায় নাছিল। সেইকাৰণে মানৱ সভ্যতাৰ এই স্তৰ আছিল শ্রেণীহীন স্তৰ আৰু শ্ৰেণীৰ অবিহনে ৰাষ্ট্ৰৰ ধাৰণাও আছিল। অনুপস্থিত।

সময়ৰ সোঁতত আদিম সাম্যবাদী সমাজ ব্যৱস্থা ভাঙি পৰিল। আৰম্ভ হ’ল নতুন সমাজ ব্যৱস্থাৰ দাস সমাজ ব্যৱস্থাৰ মানুহে খেতি কৰিবলৈ শিকিলে। আগৰ কাঠ শিলৰ শ্ৰমৰ আহিলাবোৰৰ সলনি মানুহে ধাতুৰে তৈয়াৰী অধিক উন্নত আহিলা ব্যৱহাৰ কৰিবলৈ ল’লে। কালক্ৰমত বহুবিধ বন্য পশুক ঘৰচীয়া কৰা হ’ল আৰু তাৰে কিছুমানক কৃষি কৰ্মত খটুওৱা হ’ল। সময়ৰ লগে লগে উৎপাদনৰ আহিলা আৰু উন্নত হ’ল। উৎপাদন বাঢ়িল। কিন্তু উৎপাদিত সামগ্ৰীৰ ভাগ-বতৰাত তাৰতম্য আহি পৰিল। এই স্তৰত জন্ম ল’লে ব্যক্তিগত সম্পত্তিয়ে আৰু তাৰে পৰিণতিস্বৰূপে মানুহৰ মাজত উদ্ভৱ হ’ল শ্ৰেণীৰ। যিটো শ্ৰেণীৰ মানুহৰ হাতত উৎপাদনৰ আহিলা আৰু সম্পত্তি ধূপ খালে তেওঁলোক হ’ল মালিক শ্রেণী। খেতিৰ মাটি আৰু আহিলা, আৰু সম্পত্তি ৰক্ষা কৰিবলৈ মালিক শ্ৰেণীটোৱে সমাজৰ আনবোৰ লোকৰ ওপৰত নিজৰ আধিপত্য স্থাপন আৰু বিস্তাৰ কৰি ল’লে। 

ৰাষ্ট্ৰৰ উৎপত্তিৰ মার্ক্সীয় তত্ত্বৰ সমালোচনা আৰু তাৰ মূল্যাংকন : 

ৰাষ্ট্ৰৰ উৎপত্তিৰ মার্ক্সীয় তত্ত্বৰ সমালোচকসকলে আঙুলিয়াই দিয়ে যে শ্রেণী বিৰোধেই ৰাষ্ট্ৰৰ উৎপত্তিৰ উৎস বুলি কোৱাটো ভুল হৈছে। দ্বন্দ্ব, বিৰোধ, ঘৃণা আৰু বিদ্বেষ কেতিয়াও সমাজ আৰু ৰাষ্ট্ৰৰ ভেটি হ’ব নোৱাৰে। আনহাতে পৰস্পৰ সহযোগিতা আৰু বুজাবুজিহে সমাজ তথা ৰাষ্ট্ৰৰ ঘাই খুটা। তেওঁলোকে সমকালীন শিল্পোন্নত দেশবোৰলৈ আঙুলিয়াই কয় যে মার্ক্সে কৈ যোৱা ধৰণে পশ্চিম ন-ইউৰোপৰ পুঁজিপতি আৰু শ্রমিক শ্ৰেণীৰ দ্বন্দ্বৰ ফলত সেইবোৰ দেশত সমাজবাদী বিপ্লৱ সংঘটিত নহ’ল। বৰঞ্চ সেইবোৰ দেশত শ্ৰেণীৰ দ্বন্দ্বৰ সলনি শ্ৰেণী সহযোগিতাহে বাঢ়িছে।

দ্বিতীয়তে, সমালোচকসকলে এই মত পোষণ কৰে যে অর্থনৈতিক উপাদানেই ৰাষ্ট্ৰৰ একমাত্ৰ মৌলিক কাঠামো বুলি কোৱা ঠিক হোৱা নাই। মানৱ জীৱনত অর্থনৈতিক উপাদানৰ উপৰি আৰু বহুত কথাই গুৰুত্বপূৰ্ণ ভূমিকা লয়; ৰাজনীতি, সংস্কৃতি, দাৰ্শনিক আদৰ্শ আদিৰ ভূমিকাও সমানে গুৰুত্বপূৰ্ণ মার্ক্সবাদীসকলে ৰাজনীতিক সমাজৰ উপৰি কাঠামো বুলি কৈ ৰাজনীতিক বন্ধ্যা কৰিছে বুলি কাৰ্ল পপাৰে তেওঁৰ Open Society and Its Enemy নামৰ গ্ৰন্থত অভিযোগ কৰিছে।

তৃতীয়তে, সমাজবাদী বিপ্লৱৰ যোগেদি শ্রেণী দ্বন্দ্বৰ অৱসান ঘটিলেই ৰাষ্ট্ৰৰো অৱসান ঘটিব আৰু সাম্যবাদী সমাজৰ প্ৰতিষ্ঠা হ’ব বুলি কৰা ভৱিষ্যৎ বাণী অবৈজ্ঞানিক বুলি সমালোচকসকলে মন্তব্য কৰে। সাম্যবাদী সমাজ ব্যৱস্থাত দ্বন্দ্ব যদি নাথাকে, তেনেহ’লে সেই ব্যৱস্থা স্থিতিশীল হৈ পৰিব। কিন্তু মার্ক্সৰ মতে পদাৰ্থৰ দৰে সমাজো গতিশীল আৰু গতিশীল সমাজৰ পৰিৱৰ্তন অহাটোরে নিয়ম। কিন্তু সাম্যবাদী সমাজ কিয় এই নিয়মৰ ব্যতিক্ৰম হ’ব,

মার্ক্সবাদীসকলে তাৰ বাস্তৱসন্মত যুক্তি দিব পৰা নাই।

মার্ক্সবাদৰ সমালোচকসকলে যি নহওক কিয় ওপৰত আলোচনা কৰা মার্ক্সীয় তত্ত্বৰ দুটা কথা নামানি কিন্তু উপায় নাই। প্ৰথমতে, উৎপত্তিৰ মূলতে যে অর্থনৈতিক কাঠামো সেই কথা মার্ক্সবাদীসকলে যুক্তিসহকাৰে প্ৰতিষ্ঠা কৰিছে। দ্বিতীয়তে, সমাজৰ উৎপাদন শক্তি আৰু উৎপাদনৰ আহিলা যিটো শ্ৰেণীয়ে নিজৰ কবলত ৰাখিবলৈ সক্ষম হয়, সেই শ্ৰেণীটোৱে ৰাষ্ট্ৰ যন্ত্ৰক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰে। ৰাষ্ট্ৰৰ জন্ম লগ্নৰে পৰা এই শ্ৰেণী চৰিত্ৰ ৰাষ্ট্ৰৰ মৌলিক বৈশিষ্ট্য।

2. Analyze the social contract theory of the origin of the state.

Ans: ৰাষ্ট্ৰ উৎপত্তি মতবাদৰ ভিতৰত সামাজিক চুক্তি মতবাদটো অতি গুৰুত্বপূৰ্ণ। এই মতবাদ অনুসৰি ৰাষ্ট্ৰ সামাজিক চুক্তিৰ ফলস্বৰূপে সৃষ্টি হৈছে। প্লেটো, কৌটিল্য, হুকাৰ, গ্ৰাটিয়াছ আদি চিন্তাবিদৰ লিখনিত চুক্তিৰ আভাস পোৱা যায়। কিন্তু ১৭ আৰু ১৮ শতিকাৰ হবছ, লক আৰু ৰুছো এই মতবাদৰ প্ৰধান প্ৰবক্তা আছিল। ইংৰাজ দার্শনিক হবছে ১৬৫১ চনত ‘Leviathan’ গ্রন্থত, লকে ১৬৯০ চনত ‘Two Treatise on Civil Government’ গ্ৰন্থত আৰু ফৰাচী দার্শনিক ৰুছোৱে ১৭৬২ চনত প্ৰকাশ কৰা ‘Social Contract’ নামৰ গ্ৰন্থত সামাজিক চুক্তি তত্ত্বৰ আলোচনা কৰিছিল। তিনিওজন দার্শনিকে নিজা ধৰণেৰে ৰাষ্ট্ৰ উৎপত্তিৰ ব্যাখ্যা ধৰিছে।

হবছৰ সামাজিক চুক্তি : হবছৰ মতে মানুহে আদিম অৱস্থাত প্ৰাকৃতিক ৰাজ্যত এক অৰাজকতাৰ মাজত বাস কৰিছিল। প্ৰকৃতিৰ ৰাজ্যত আইন শৃংখলাও নাছিল, শান্তিও নাছিল। দুৰ্বলৰ ওপৰত বলিৰ অত্যাচাৰ আৰু কথাত মৎস্যন্যায় আছিল প্ৰকৃতি ৰাজ্যৰ মূল নীতি। মানুহ স্বাৰ্থপৰ ধূর্ত, আত্মকেন্দ্ৰিক আৰু হিংস্ৰ আছিল, “Poor, solitary nasty, brutish and short” এনে অৰাজকতাৰ পৰা ৰক্ষা পাবলৈ, আইন শৃংখলা আৰু নিৰাপত্তাৰ মাজেৰে সত্য জীৱন-যাপন কৰিবলৈ, সমাজৰ প্ৰত্যেকজন মানুহে তেওঁলোকৰ ব্যক্তিগত অধিকাৰ এজন লোকৰ ওপৰত অৰ্পণ কৰি এখন চুক্তি সম্পাদন কৰিলে। যাৰ ওপৰত জনসাধাৰণে বিনাচৰ্তে অধিকাৰ অৰ্পণ কৰিলে তেওঁ হ’ল সৰ্বশক্তিমান ৰজা। তেওঁ চুক্তিৰ অন্তৰ্ভুক্ত নহয় বাবে ক্ষমতাচ্যুত কৰিব নোৱাৰি। আইন তেওঁৰ বহতীয়া কাৰণ ৰজাজন আইনৰ ঊর্ধ্বত। জনসাধাৰণে ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব নোৱাৰিব। এনেদৰে প্ৰকৃতি ৰাজ্যৰাজকতাৰ পৰা ৰক্ষা পাবলৈ জনসাধাৰণে এক চুক্তি কৰিলে আৰু ৰাষ্ট্ৰৰ সৃষ্টি হ’ল।

লকৰ সামাজিক চুক্তি : লকৰ মতে প্ৰকৃতি ৰাজ্যত মানুহে সত্য জীৱন-যাপন কৰিছিল। তাত শান্তি আৰু স্বাধীনতা বিৰাজ কৰিছিল। কিন্তু প্রকৃতি ৰাজ্যত নিয়ম ব্যাখ্যা কৰিবলৈ কোনো কর্তৃপক্ষ নোহোৱা বাবে, বিবাদ নিষ্পত্তি কৰিবলৈ কোনো কর্তৃপক্ষ নথকা বাবে নিৰাপত্তা নাছিল। সমাজত আইন প্রণয়ন কৰিবলৈ আৰু ব্যক্তিগত অধিকাৰ ৰক্ষণাবেক্ষণ দিবলৈ কোনো কর্তৃত্ব নাছিল । সেয়েহে মুক্তি প্ৰয়াসৰ বাবে জনসাধাৰণে দুটা চুক্তি কৰিলে— 

(১) প্রথম চুক্তি মতে, জনসাধাৰণে চুক্তি কৰি নিজৰ মাজতে ৰাষ্ট্ৰৰ সৃষ্টি কৰিলে। 

(২) দ্বিতীয় চুক্তি অনসুৰি তেওঁলোকে ৰাষ্ট্ৰৰ শাসনভাৰ এজন ৰজাৰ হাতত অৰ্পণ কৰিলে। 

এনেদৰে চৰকাৰ গঠন হ’ল। ৰজা চুক্তিৰ অন্তর্ভুক্ত। ৰজাই জনসাধাৰণৰ জীৱন, সম্পত্তি আৰু স্বাধীনতা ৰক্ষা কৰিব লাগিব। অন্যথাই তেওঁলোকে ৰজাক পদচ্যুত কৰিব পাৰিব। এনেদৰে ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰি জনসাধাৰণে ৰজাক সীমিত ক্ষমতা অর্পণ কৰিছিল।

ৰুছোৰ সামাজিক চুক্তি : ৰুছোৰ প্ৰকৃতি ৰাজ্যত মানুহ সৰল আৰু বন্য আছিল । সকলো মানুহে প্রকৃতিক আইন মানি চলিছিল আৰু ব্যক্তি স্বাধীনতা অটুট আছিল। তাত শান্তি শৃংখলা বিৰাজ কৰিছিল। প্ৰকৃতি ৰাজ্য ভূ স্বৰ্গৰ দৰে আছিল।

ম্পত্তিৰ আবিৰ্ভাৱৰ লগে লগে জীৱন যাত্ৰাত বাধা জন্মিল। জনসংখ্যাৰ বৃদ্ধি, ব্যক্তিগত সম্পত্তি আৰু তথাকথিত সভ্যতাই নানা আর্থিক সামাজিক সমস্যাৰ সৃষ্টি কৰিলে। জনসাধাৰণৰ সুখ শান্তি নাইকিয়া হ’ল । বিৰোধ, সংঘাত আৰু যুদ্ধই মানুহৰ নিৰাপত্তা বিপদাপন্ন কৰি তুলিলে। এনে অস্বাভাৱিক অৱস্থাৰ পৰা মুক্তি লাভ কৰি পুনৰ সুখ-শান্তি প্রতিষ্ঠা কৰিবলৈ জনসাধাৰণে তেওঁলোকৰ মাজতে এক চুক্তি সম্পাদন কৰিলে। এই চুক্তিৰ ফলতেই ৰাষ্ট্ৰৰ সৃষ্টি হ’ল। ৰুছোৰ মতে জনসাধাৰণে তেওঁলোকৰ অধিকাৰ কোনো ব্যক্তি বা শাসনকৰ্তাৰ ওচৰত অৰ্পণ কৰা নাছিল। চুক্তিৰ মতে ‘সাধাৰণ ইচ্ছা’ৰ ওচৰতহে জনসাধাৰণে অধিকাৰ অৰ্পণ কৰিলে। এই সাধাৰণ ইচ্ছাই হ’ল সার্বভৌম শক্তি। অর্থাৎ ৰাষ্ট্ৰ জনসাধাৰণৰ ইচ্ছাৰ সৃষ্টি আৰু সাধাৰণ ইচ্ছা হ’ল জনসাধাৰণৰ সদ ইচ্ছা, জনকল্যাণ আৰু স্বাৰ্থ ৰক্ষা কৰাৰ ইচ্ছা। প্রাকৃতিক স্বাধীনতাই নাগৰিক স্বাধীনতাৰ ৰূপ পালে। জনসার্বভৌমত্ব

প্রতিষ্ঠিত হ’ল। ইয়াৰ যোগেদি চৰকাৰৰ ক্ষমতাক নিয়ন্ত্ৰণ কৰিব পৰা হ’ব। চৰকাৰৰ ৰাজহুৱা সাৰ্বভৌমত্বৰ বহতীয়া হ’ব আৰু আইনত সমগ্ৰ জাতিৰ ইচ্ছাৰ প্ৰতিফলন হ’ব।

সমালোচনা : ১৮ শতিকাৰ শেষভাগত আৰু ১৯ শতিকাৰ আৰম্ভণিত বাৰ্কাৰ, অষ্টিন, গ্রীন আদি চিন্তাবিদে এই মতবাদৰ সমালোচনা কৰিছে। তলত এই মতবাদৰ সমালোচনাৰ প্ৰধান দিশসমূহ জুকিয়াই চোৱা হ’ল।

১. এই মতবাদ অনা-ঐতিহাসিক : হিউম আৰু হেন্‌ৰি মেইনে ইয়াক ইতিহাস বিৰোধী বুলি আখ্যা দিছে। ৰাজনৈতিক চেনতাবিহীন মানুহে কেতিয়াও চুক্তিৰ মাধ্যমত ৰাষ্ট্ৰ সৃষ্টি কৰাৰ উদাহৰণ ইতিহাসত পাবলৈ নাই।

২. চুক্তি শেষ পর্যায়হে : হেন্‌ৰি মেইনৰ মতে চুক্তি শেষ পৰ্যায়তহে কৰা হয় ; আৰম্ভণিত চুক্তি কৰা নহয়। সমাজ বিৱৰ্তনৰ শেষ পর্যায়তহে চুক্তি সম্ভৱপৰ হ’ব পাৰে। চুক্তিৰ ধাৰণা কৰিবলৈ আদিম সমাজৰ মানুহ চেতনা পৰিপক্ক নাছিল।

৩. প্রকৃতি ৰাজ্য ধাৰণাটো অবাস্তৱ : প্ৰকৃতি ৰাজ্য কেতিয়াও নাছিল। হবছৰ মতেও ই এক কাল্পনিক ধাৰাহে। প্ৰকৃতিৰ মাজত ৰাজ্য থাকিব নোৱাৰে। ৰাজ্য ব্যৱস্থা অর্থই হ’ল প্রশাসন, স্বতন্ত্রতা, কর্তৃত্ব আদি থকা। কিন্তু প্রকৃতি ৰাজ্যত এইবোৰ নাছিল।

৪. ব্যক্তি স্বতন্ত্রতা থকা অসম্ভৱ : প্রকৃতি ৰাজ্যত ব্যক্তিৰ স্বতন্ত্রতা আছিল আৰু চুক্তিৰ দ্বাৰা সেই স্বতন্ত্রতা অৰ্পণ কৰি ৰাষ্ট্ৰ সৃষ্টি কৰা মতবাদ শুদ্ধ নহয়। প্রকৃতি ৰাজ্যত সম্পত্তি উমৈহতীয়া আছিল।

ব্যক্তিৰ সলনি সম্প্রদায়ে প্রভুত্ব বিস্তাৰ কৰিছিল। এনে অৱস্থাত ব্যক্তি স্বতন্ত্ৰতাৰ ধাৰণা কৰা অসম্ভৱ।

৫. ব্যক্তিৰ সমতা নাছিল : প্রকৃতি ৰাজ্যত মানুহ সুখী, মানুহ সম-মর্যাদাৰ অধিকাৰী, মানুহ স্বৰ্গ ৰাজ্যত বাস কৰা ধাৰণাসমূহ শুদ্ধ নহয়। জোৰ যাৰ মুলুক তাৰ নীতি প্রচলন থকা প্রকৃতি ৰাজ্যত সমতা থাকিব নোৱাৰে।

৬. চুক্তিৰ দ্বাৰা গঠিত স্থায়ী নহয় : চুক্তিৰ বাবে দুটা পক্ষ লাগে; হবছে কোৱাৰ দৰে এটা পক্ষ নহয়। দুটা পক্ষৰ মাজত হোৱা চুক্তি পিছৰ প্ৰজন্মৰ বাবে কাৰ্যকৰী নহয়। চুক্তি বাতিলৰ লগে লগে ৰাষ্ট্ৰও ধ্বংস হ’ব।

৭. ৰাষ্ট্ৰ ব্যক্তিগত কল্পনাৰ সৃষ্টি নহয় : বাৰ্কাৰৰ মতে ৰাষ্ট্ৰক ব্যৱসায়িক দৃষ্টিভংগীৰে এক যৌথ প্রচেষ্টা বুলি ধৰি লোৱা ফচিত নহয়। যৌথ উদ্যোগ স্থায়ী নহ’ব পাৰে। কিন্তু ৰাষ্ট্ৰ স্থায়ী আৰু ইয়াৰ উদ্দেশ্য সুদূৰপ্ৰসাৰী। ৰাষ্ট্ৰৰ সৈতে নাগৰিকৰ নিবিড় সম্পর্ক থাকে। চুক্তিৰ দ্বাৰা এনে সম্পর্ক স্থাপন কৰা সম্ভৱ নহয়।

৮. ৰাষ্ট্ৰ হঠাৎ গঠন কৰা সম্ভৱ নহয় : সামাজিক চুক্তিয়ে দাবী কৰাৰ দৰে ৰাষ্ট্ৰ সহজে চুক্তিৰ দ্বাৰা সৃষ্টি হোৱা নাই। পৰিয়াল, ধৰ্মৰ প্ৰভাৱত, সামাজিক প্ৰয়োজনীয়তাৰ খাতিৰত মানুহৰ মনত উমৈহতীয়া ভাবৰ সৃষ্টি হৈছিল। ক্রমে ক্রমে গঢ়ি উঠা চেতনাই বিৱৰ্তনৰ ফলত প্ৰয়োজন পূৰণৰ বাবে মানুহক একত্ৰিত কৰি ৰাষ্ট্ৰ সৃষ্টিত অৰিহণা যোগাইছিল।

৯. এই মতবাদ বিপদজনক : লকে কৈছে, জনসাধাৰণে প্রয়োজনবোধ কৰিলে বিদ্ৰোহ কৰি হ’লেও চৰকাৰক ওফৰাই দিয়াৰ কর্তৃত্ব থাকিব। কিন্তু ইয়াৰ পৰিণতি বিপদজনক। 

১০. গণতন্ত্ৰ বিৰোধী : হবছে ৰাজতন্ত্ৰৰ সাৰ্বভৌমত্বক স্বীকাৰ কৰি ইংলেণ্ডৰ সেই সময়ৰ ৰাজতন্ত্ৰক ৰক্ষণাবেক্ষণ দিছিল। ৰজাৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ জনসাধাৰণৰ নাথাকিব বুলি হবছে মত প্ৰকাশ কৰিছিল। এনে ধাৰণা গণতন্ত্ৰৰ পৰিপন্থী।

অৱদান : অৱশ্যে এই মতবাদৰ প্ৰধান অৱদান হ’ল যে ই চৰকাৰ আৰু ৰাষ্ট্ৰৰ মাজত পাৰ্থক্য দেখুৱাইছে আৰু স্বেচ্ছাচাৰী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা জনসাধাৰণৰ অধিকাৰক স্বীকৃতি দিছে। জনসাধাৰণৰ সন্মতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি ৰুছোৱে গণতন্ত্ৰক শক্তিশালী কৰাত বৰঙণি যোগাইছে। চৰকাৰৰ যে জনসাধাৰণৰ সন্মতিৰ ওপৰত প্ৰতিষ্ঠিত আৰু আনুগত্যৰ বাবে চৰকাৰৰ কাৰ্যকলাপৰ ন্যায্যতা লাগে এই ধাৰণা দিয়াটোৱেই এই মতবাদৰ প্ৰধান অৱদান।

3. Critically discuss the Normative theory of state.

Or

Discuss and criticise the normative approach to the study of state.

Ans: ৰাষ্ট্ৰৰ সংজ্ঞা নিৰ্ধাৰণৰ ক্ষেত্ৰত আদৰ্শাত্মক দৃষ্টিভংগী অতি পুৰণি ৷ প্ৰাচীন গ্ৰীচৰ ৰাজনৈতিক চিন্তাধাৰাতে এই দৃষ্টিভংগীৰ চৰ্চা চলিছিল। উদাহৰণস্বৰূপে, গ্রীক দার্শনিক গ্রটিয়াছে ৰাষ্ট্ৰক সকলো প্ৰকাৰৰ বহিঃ নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰি ৰখাৰ নীতি সমৰ্থন কৰিছিল। প্লেটোৱেও ‘ৰিপাব্লিক’ নামৰ গ্ৰন্থখনত আদৰ্শাত্মক দৃষ্টিভংগীৰে এক স্বয়ং সম্পূর্ণ আদৰ্শ ৰাষ্ট্ৰৰ কল্পনা কৰিছিল। এনে আদৰ্শ ৰাষ্ট্ৰৰ জৰিয়তে ব্যক্তিৰ সম্পূৰ্ণ ব্যক্তিত্বৰ বিকাশ সম্ভৱ বুলি প্লেটোৱে দৃঢ়মত পোষণ কৰিছিল। আদৰ্শাত্মক দৃষ্টিভংগী অনুযায়ী ৰ সমাজৰ অন্যান্য অনুষ্ঠান ভিতৰত ৰাষ্ট্ৰই হৈছে সৰ্বোচ্চ অনুষ্ঠান। সমাজৰ সকলো স্তৰতে আৰু অন্যান্য সামাজিক অনুষ্ঠানবোৰৰ ওপৰতো ৰাষ্ট্ৰৰ কৰ্তৃত্ব স্পষ্ট ৰূপত দেখা যায়। সার্বভৌম ক্ষমতা প্রয়োগৰ জৰিয়তে ৰাষ্ট্ৰই সমাজত আইন শৃংখলা ৰক্ষা কৰিব পাৰে। এখন ৰাষ্ট্ৰৰ ভৌগোলিক এলেকাৰ অধীনত স্থায়ীভাৱে বাস কৰা সকলো লোকেই ৰাষ্ট্ৰখনৰ প্ৰতি আনুগত্য প্ৰদৰ্শন কৰিব লাগে। ৰাষ্ট্ৰৰ অবিহনে ব্যক্তিৰ কোনো নিজস্ব সত্বা নাথাকে। আদর্শাত্মক দৃষ্টিভংগী অনুসৰি ৰাষ্ট্ৰ হৈছে সৰ্বোচ্চ অনুষ্ঠান আৰু ৰাষ্ট্ৰই ব্যক্তিৰ সৰ্বাংগীন উন্নতনৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা প্ৰদান কৰে। সেয়েহে একমাত্ৰ ৰাষ্ট্ৰৰ জৰিয়তেহে ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশ সম্ভৱ হয়।

প্রাচীন আৰু মধ্যযুগত ৰাষ্ট্ৰ সম্পৰ্কত ধাৰণা সম্পূর্ণ পৃথক আছিল। প্রাচীন ৰাজনীতিত ৰাষ্ট্ৰক সর্বোচ্চ অনুষ্ঠান হিচাপে গণ্য কৰা হৈছিল। মধ্যযুগৰ আৰম্ভণিৰ পৰা ষষ্ঠদশ শতিকাৰ ইটালীৰ বিখ্যাত দার্শনিক মেকিয়াভেলীৰ বিখ্যাত গ্রন্থ ‘প্রিন্স’ত ৰাষ্ট্ৰ শব্দৰ প্ৰথম প্ৰয়োগ কৰাৰ সময়ছোৱালৈকে ৰাষ্ট্ৰৰ সৰ্বোচ্চতাক লৈ যথেষ্ট বিবাদ ঘটিছিল। এই সময়ছোৱাত ৰাষ্ট্ৰৰ কৰ্তৃত্ব লৈ গীৰ্জাৰ পোপ আৰু ৰজাৰ মাজত বিবাদৰ সূত্ৰপাত হয়। পোপ আৰু ৰজাৰ মাজত কোন শ্রেষ্ঠ সেই বিষয়ত ৰাজনৈতিক চিন্তাবিদসকল একমত হ’ব পৰা নাছিল। পোপৰ সমৰ্থকসকলে পোপক ভগৱানৰ প্ৰতিনিধি বুলি দাবী কৰিছিল আৰু সেয়ে গীৰ্জাৰ জৰিয়তে পোপে জনসাধাৰণক শাসন কৰাৰ কৰ্তৃত্ব লাভ কৰিছিল। গীর্জা যিহেতু দৈৱিক অনুষ্ঠান আৰু পোপ ভগৱানৰ প্ৰতিনধি, সেয়েহে জনসাধাৰণেও পোপৰ প্ৰতি নির্বিবাদে আনুগত্য প্ৰদৰ্শন কৰিব লাগিছিল ৷ 

তদুপৰি ৰাষ্ট্ৰ শক্তিৰ ওপৰত প্ৰতিষ্ঠিত হোৱাৰ বিপৰীতে গীর্জা ভগৱানৰ প্ৰেমৰ ওপৰত প্ৰতিষ্ঠিত হোৱা বাবে জনসাধাৰণে পোপ বা গীৰ্জাৰ কৰ্তৃত্ব সকলো দিশতে মানি চলিব লাগে বুলি গীৰ্জাৰ সমৰ্থকসকলে যুক্তি দাঙি ধৰিছিল। অন্যহাতে, ৰজাইও নিজকে ভগৱানৰ প্ৰতিনিধি হিচাপে দাবী কৰি ৰাষ্ট্ৰৰ জনসাধাৰণৰ পৰা আনুগত্য আদায় কৰিব বিচাৰিছিল। লগতে ৰজাৰ আদেশেই আইন আৰু এনে আইন পালনেই জনসাধাৰণৰ কৰ্তব্য বুলি যুক্তি দিছিল। অৱশ্যে পোপ আৰু ৰজাৰ মাজত প্ৰায় এক শতিকাজুৰি চলা ধৰ্মযুদ্ধৰ সামৰণিত ৰাষ্ট্ৰৰ কৰ্তৃত্বই প্রাধান্য লাভ কৰে আৰু ৰাষ্ট্ৰ সম্পৰ্কত এক সুকীয়া ধাৰণাই জন্ম লাভ কৰে।

ইটালীৰ নিকোলা মেকিয়াভেলীক মধ্যযুগৰ শেষ আৰু আধুনিক যুগৰ প্ৰথম জন চিন্তাবিদ হিচাপে আখ্যা দিয়া হয়। আধুনিক অৰ্থত ৰাষ্ট্ৰ শব্দৰ প্ৰয়োগ প্ৰথমবাৰৰ বাবে মেকিয়াভেলীৰ লেখনিত ব্যৱহাৰ কৰা হৈছিল। মেকিয়াভেলীয়েই পুনৰ ৰাষ্ট্ৰৰ সৰ্বোচ্চতাক তেওঁৰ লেখনিত প্ৰকাশ কৰিছিল। ইটালীত সামন্তীয় ব্যৱস্থা অধিক শক্তিশালী নোহোৱা বাবে তেওঁ ৰাষ্ট্ৰৰ কৰ্তৃত্বৰ প্ৰয়োগ বিশেষ সমস্যাৰ সন্মুখীন হোৱা নাছিল। মেকিয়াভেলীৰ দৃষ্টিত ৰাজনীতি হৈছে ক্ষমতাৰ বাবে কৰা এক সংগ্রাম। এনে সংগ্রাম ক্ষমতা আৰু কৰ্তৃত্ব বৃদ্ধিৰ লগত জড়িত হৈ থাকে। সেয়েহে ৰাষ্ট্ৰই নিজৰ ক্ষমতা আৰু কৰ্তৃত্ব বৃদ্ধিৰ প্ৰচেষ্টা চলোৱাৰ লগতে ৰাষ্ট্ৰই জনসাধাৰণৰ জীৱন আৰু সম্পদৰ নিৰাপত্তা প্ৰদান কৰিবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই দিশৰ পৰা মেকিয়াভেলীয়ে বাষ্ট্ৰৰ ক্ষমতা বৃদ্ধি আৰু কৰ্তৃত্ব সংৰক্ষণৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। এনেদৰে তেওঁ ৰাষ্ট্ৰক এক নতুন ৰূপ দিয়াত সক্ষম হৈছিল।

ফৰাচী বিপ্লৱৰ আগলৈকে ৰাষ্ট্ৰৰ আদৰ্শাত্মক দৃষ্টিভংগীৰ যথেষ্ট গুৰুত্ব আছিল।’ ব্যক্তিবাদৰ উত্থান আৰু অন্যান্য কাৰণত ইয়াৰ গুৰুত্ব বহু পৰিমাণে হ্ৰাস পায়। অৰাষ্ট্ৰবাদী ধাৰণাৰ বিকাশৰ ফলত আদর্শবাদী দৃষ্টিভংগীৰ গুৰুত্ব লোপ পাবলৈ ধৰে। অৰাষ্ট্ৰবাদীসকলে ৰাষ্ট্ৰৰ অস্তিত্বই নাকচ কৰিছিল আৰু ৰাষ্ট্ৰক এক অনিষ্টকাৰী প্ৰতিষ্ঠান হিচাপে চিহ্নিত কৰিছিল। জনসাধাৰণৰ কল্যাণৰ বাবে ৰাষ্ট্ৰৰ অস্তিত্ব ধ্বংস কৰাত তেওঁলোকে জোৰ দিছিল। অন্যহাতে, ব্যক্তিবাদীসকলে ৰাষ্ট্ৰৰ আদৰ্শাত্মক ধাৰণাৰ বিৰোধিতা কৰিছিল যদিও ৰাষ্ট্ৰৰ অস্তিত্ব আৰু প্ৰয়োজনীয়তা স্বীকাৰ কৰিছিল। যুক্তিবাদে ৰাষ্ট্ৰক সীমিত কৰি কেৱল ব্যক্তিৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদান, আভ্যন্তৰীণ শান্তি-শৃংখলা ৰক্ষা আৰু বৈদেশিক আক্ৰমণৰ পৰা সুৰক্ষা প্ৰদান কৰাতেই ৰাষ্ট্ৰৰ কাৰ্যাৱলী সীমাৱদ্ধ ৰাখিব বিচাৰে। ব্যক্তিৰ অন্যান্য দিশত ৰাষ্ট্ৰৰ হস্তক্ষেপ তেওঁলোকে বিৰোধিতা কৰিছিল। উদাৰতাবাদী দৃষ্টিভংগীয়েও ৰাষ্ট্ৰৰ ক্ষমতা আৰু কাৰ্যাৱলী সীমিত ৰখাত গুৰুত্ব দিছিল।

মার্ক্সবাদীসকলেও ৰাষ্ট্ৰৰ আদৰ্শাত্মক ধাৰণা মানি লোৱা নাই। কার্লমার্ক্সে ৰাষ্ট্ৰক শোষণৰ আহিলা বুলি গণ্য কৰিছিল। তেওঁৰ মতে, ৰাষ্ট্ৰ হৈছে সম্পদশালী লোকসকলে সৰ্বহাৰাসকলৰ ওপৰত দমন আৰু শোষণ বৰ্তাই ৰাখিবৰ কাৰণে সৃষ্টি কৰা এক ব্যৱস্থা। সেয়েহে সম্পদশালী সকলে তেওঁলোকৰ স্বাৰ্থ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰৰ দৰে অনুষ্ঠান সৃষ্টি কৰিছিল। কিন্তু শ্রেণী সংঘৰ্ষৰ ফলত সৰ্বহাৰাৰ একনায়কত্ববাদ প্রতিষ্ঠা হ’লে ৰাষ্ট্ৰত শ্ৰেণীহীন সমাজ প্ৰতিষ্ঠা হ’ব আৰু ক্ৰমান্বয়ে ৰাষ্ট্ৰৰ প্ৰয়োজনীয়তা নোহোৱা হ’ব।

পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰত গণতান্ত্রিক ভাবধাৰাৰ প্ৰসাৰ ঘটাৰ লগে লগে ৰাষ্ট্ৰৰ আদৰ্শাত্মক দৃষ্টিভংগীৰ গুৰুত্ব সংকুচিত হ’বলৈ ধৰে। আইনগত সার্বভৌমত্বৰ পৰিৱৰ্তে জনসাৰ্বভৌমত্বৰ ধাৰণাই অধিক প্রাধান্য লাভ কৰাত ৰাষ্ট্ৰৰ কৰ্তৃত্ব আৰু সাৰ্বভৌমত্বৰ আধাৰ যে জনসাধাৰণ সেই কথা ৰাজনৈতিক চিন্তাবিদসকলে মানি ল’লে। তদুপৰি বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত সংঘটিত হোৱা জাতীয়তাবাদী আন্দোলনসমূহেও জনসার্বভৌমত্বৰ প্ৰভাৱ বৃদ্ধিত যথেষ্ট অৱদান যোগাইছিল।

ৰাষ্ট্ৰৰ আদৰ্শাত্মক দৃষ্টিভংগীক বহু সমালোচকে অবাস্তৱ বুলি সমালোচনা কৰিছে। ৰাষ্ট্ৰৰ আদৰ্শাত্মক মতবাদে ৰাষ্ট্ৰক চৰম ক্ষমতাৰ অধিকাৰী বুলি দাবী কৰিলেও সমালোচকসকলৰ মতে ৰাষ্ট্ৰৰ চৰম ক্ষমতাৰ অধিকাৰী হ’ব নোৱাৰে। বিভিন্ন কাৰকৰ দ্বাৰা ৰাষ্ট্ৰৰ ক্ষমতা সীমিত আৰু নিয়ন্ত্রিত হয়।

4. “The accepted theory of the origin of the state is the historical or evolutionary’ Discuss the statement.

Or, 

Discuss the evolutionary or historical theory of the origin of state. Why is it regarded as the most acceptable theory. Give reasons.

Ans: ৰাষ্ট্ৰৰ উৎপত্তি সম্পর্কে থকা মতবাদকেইটাৰ এটা মতবাদেও ৰাষ্ট্ৰৰ উৎপত্তিৰ এক বিজ্ঞানসন্মত ব্যাখ্যা দাঙি ধৰাত সফল হোৱা বুলি ক’ব নোৱাৰি। প্ৰত্যেক মতবাদেই একো একোটা কাৰণৰ পৰা ৰাষ্ট্ৰৰ উৎপত্তি হোৱা বুলি ব্যাখ্যা আগবঢ়োৱাটোৱেই হৈছে মতবাদকেইটাৰ বিফলতাৰ মূল কাৰণ। কিয়েনা এটা বিশেষ কাৰণত এদিনতে ৰাষ্ট্ৰৰ সৃষ্টি হোৱা নাই। কিন্তু এটা কথা সত্য যে এটা সৰু ৰাজনৈতিক অনুষ্ঠান হিচাপে আৰম্ভ হৈ ক্ৰমবিৱৰ্তনৰ ফলস্বৰূপে ৰাষ্ট্ৰই বৰ্তমানৰ অৱস্থা পাইছে আৰু ৰাষ্ট্ৰৰ ক্ৰমবিৱৰ্তন এতিয়াও লক্ষ্য কৰা কৰা যায়। ৰাষ্ট্ৰৰ উৎপত্তি সম্পর্কে থকা মতবাদকেইটাৰ ভিতৰত ঐতিহাসিক মতবাদটোকেই বিজ্ঞানসম্মত গ্রহণযোগ্য মতবাদ বুলি ক’ব পাৰি। কাৰণ ঐতিহাসিক মতবাদৰ মতে ৰাষ্ট্ৰ হ’ল ক্ৰমবিৱৰ্তনৰ ফল। ঐতিহাসিক ক্রমবিবৰ্তনৰ ফলতেই ৰাষ্ট্র সৃষ্টি হয়। বল প্রয়োগ মতবাদে দাঙি ধৰাৰ দৰে শক্তিৰ বাবেই ৰাষ্ট্ৰৰ সৃষ্টি হোৱা নাই। ঐশ্বৰিক মতবাদে দাঙি ধৰাৰ দৰে ৰাষ্ট্ৰ ঈশ্বৰৰ দ্বাৰা সৃষ্টি হোৱা নাই। 

সামাজিক চুক্তি মতবাদে কোৱাৰ দৰে একে দিনতেই চুক্তি সম্পন্ন কৰি ৰাষ্ট্ৰৰ সৃষ্টি কৰা নাই আকৌ পিতৃতান্ত্রিক আৰু মাতৃতান্ত্রিক সূত্র মতে প্রকৃততে কেইবাটাও উপাদানৰ জৰিয়তে ঐতিহাসিক ক্রমবিবর্তনৰ ফলতেই ৰাষ্ট্ৰৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰ উৎপত্তিৰ ঐতিহাসিক মতবাদটোৰ গাৰ্ণাৰ, লীকক, কীলাৰ, গেটেল, এৰিষ্ট’টল আদি বিভিন্ন ৰাজনীতিবিদ পণ্ডিতসকলে পৃষ্ঠাপোষকতা কৰিছিল। ঐতিহাসিক মতবাদৰ মতে ৰাষ্ট্ৰৰ সৃষ্টি কেইবাটাও উপাদানৰ দ্বাৰাহে সম্ভৱ বুলি কোৱা হৈছে। ঐতিহাসিক মতবাদৰ মতে ৰাষ্ট্ৰৰ সৃষ্টিৰ মৌলিক উপাদানকেইটা তলত উল্লেখ কৰা হ’ল।

(১) প্রাকৃতিক সামাজিক আবেগ। 

(২) বংশগত বা তেজৰ সম্পর্ক।

(৩) ধৰ্মৰ প্রভাৱ। 

(৪) বল প্রয়োগ। 

(৫) অর্থনৈতিক প্রভাৱ। 

(৬) ৰাজনৈতিক চেতনাবোধ।

১। প্রাকৃতিক সামাজিক আবেগ (Human Emotion) : এৰিষ্ট’টলৰ মতে প্ৰকৃতিগতভাৱে মানুহ ৰাজনৈতিক জীৱ। মানুহ যদিও সমাজপ্ৰিয় আৰু সামাজিক আৱেগৰ দ্বাৰা পৰিচালিত তথাপি মানুহৰ ৰাজনৈতিক আৱেগৰ দ্বাৰা পৰিচালিত হৈ মানুহে অকল সমাজ গঠনেই নহয় এক সভ্য জীৱন-যাপনৰ বাবে ৰাজনৈতিক সংগঠন ৰাষ্ট্ৰৰ সৃষ্টি কৰিছিল। জনসাধাৰণৰ ৰাষ্ট্ৰ সৃষ্টিৰ মূল উদ্দেশ্য আছিল আইন-শৃংখলাৰ মাজত অভাৱ-অভিযোগ দূৰ কৰা, অধিকাৰ আৰু ব্যক্তি স্বাধীনতা ভোগ কৰা, সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক সমস্যা দূৰ কৰা ইত্যাদি।

২। বংশগত বা তেজৰ সম্পৰ্ক (Kinship) : সমাজত মানুহ বংশগত বা তেজৰ সম্পৰ্কৰ দ্বাৰা ঐক্যবদ্ধ হৈছিল। এইদৰে তেজৰ বা বংশগত সম্পৰ্কত ঐক্যবদ্ধ হৈ পৰিয়াল গঠন কৰিছিল। পৰিয়ালেই আছিল ৰাষ্ট্ৰ গঠনৰ প্ৰথম স্তৰ। পৰিয়ালৰ পিছত উপজাতি, জাতি গঠন হৈছিল পৰিয়ালৰ সম্প্ৰসাৰণৰ ফলস্বৰূপে । এইদৰে তেজৰ সম্বন্ধই উমৈহতীয়া এক সমাজ ব্যৱস্থাৰ সৃষ্টি কৰিছিল। উমৈহতীয়া সমাজ ব্যৱস্থাত সামূহিক চেতনাবোধ আৰু সামূহিক স্বার্থ গঢ়ি উঠিছিল। পৰিয়ালৰ দ্বাৰা সৃষ্টি হোৱা জাতিৰ নেতাজনক পৰিয়ালৰ মুৰব্বীজনৰ দৰেই বাকীসকলে মানি চলিছিল। এইদৰেই সৰ্বশেষত ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল। গতিকে তেজৰ সম্পৰ্ক ৰাষ্ট্ৰৰ সৃষ্টিৰ এটা মূল বা প্রথম উপাদান বুলি ক’ব পাৰি।

৩। ধৰ্মৰ প্ৰভাৱ (Religion) : তেজৰ সম্পৰ্কৰ দৰে ধৰ্মৰ প্রভাৱেও মানুহক একত্ৰিত কৰি একগোট হৈ বসবাস কৰাত সহায় কৰিছিল। পুৰণি কালত মানুহ অন্ধবিশ্বাসী আছিল। তেওঁলোক অজ্ঞান আৰু ভয়াতুৰ আছিল। প্রাকৃতিক দুৰ্যোগৰ পৰা তেওঁলোকে সঘনে ভয় পাইছিল। সেই সময়ত মানুহে অন্ধবিশ্বাস, অজ্ঞানতা আৰু ভয়ৰ বাবে ধৰ্মবিশ্বাস কৰি চলিছিল যাচে প্রাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পৰিব পাৰে। সেয়ে অতীতত সাপ, গছ, নদী, পাহাৰ, পর্বতক মানুহে পূজা কৰিছিল। ধৰ্মগুৰুসকলৰ কথা মানি চলিছিল। সেই সময়ত একেজন মানুহেই ৰজা আৰু ধৰ্মগুৰু আছিল। সেয়ে তেওঁলোকে ৰজাৰ হুকম মানি চলিছিল। যেতিয়া ধৰ্ম সংগঠিত হৈ এটা অনুষ্ঠানৰূপে স্থাপন কৰা হয় তেতিয়া ধৰ্মগুৰুসকল এই অনুষ্ঠানৰ জৰিয়তে শাসনকৰ্তাও হৈ পৰিছিল আৰু কালক্ৰমত এইদৰে ধৰ্মৰ প্ৰভাৱে ৰাষ্ট্ৰৰ সৃষ্টিত সহায় কৰে। সেয়েহে ধৰ্মৰ প্ৰভাৱ ৰাষ্ট্ৰ গঠনৰ এটা বিজ্ঞানসন্মত উপাদান বুলি কোৱা হয়।

৪। বল প্রয়োগ (Force) : অতীত কালত সমাজৰ বিভিন্ন গোষ্ঠী, পৰিয়াল, জাতি, উপজাতিৰ মাজত সঘনে যুদ্ধ-বিগ্রহ চলিছিল। এই বিভিন্ন স্তৰৰ শক্তিশালী লোকসকলে দুর্বলসকলক যুদ্ধত পৰাজয় কৰি তলতীয়া কৰি লৈছিল, প্রভুত্ব বিস্তাৰ কৰিছিল। এটা শক্তিশালী গোষ্ঠীয়ে দুর্বল গোষ্ঠীক, এটা শক্তিশালী জাতিয়ে দুৰ্বল জাতিক যুদ্ধত পৰাস্ত কৰি তলতীয়া কৰি লৈছিল। এইদৰে শক্তিৰ পৰীক্ষা কৰিবলৈ গোষ্ঠী, উপজাতি আৰু জাতিবিলাক একত্ৰিত হৈছিল আৰু তেওঁলোকে একো একোজন নেতাৰ শাসন মানি চলিছিল। কালক্ৰমত এই ব্যৱস্থাৰ ফলত ৰাষ্ট্ৰৰ সৃষ্টি হয়। গতিকে বল প্রয়োগ ৰাষ্ট্ৰৰ সৃষ্টিৰ এটা মুখ্য উপাদান।

৫। অর্থনৈতিক প্রয়োজন (Economic Necessity ) : জনসাধাৰণৰ অৰ্থনৈতিক কার্যকলাপ আৰু আৰ্থিক অভাৱ অভিযোগেও ৰাষ্ট্ৰৰ ঐতিহাসিক বিকাশত অধিক অৰিহণা যোগাইছিল। অতীত কালত মানুহে যেতিয়া হাবিয়ে-বননিয়ে বাস কৰিছিল তেতিয়া পশু চিকাৰ আৰু পশুপালন কৰি জীৱিকা নিৰ্বাহ কৰিছিল। লাহে লাহে মানুহে খেতি কৰা প্ৰণালী শিকে। খেতি পদ্ধতি আৰম্ভ হোৱাৰ লগে লগে মানুহে একোটা এলেকাত নিগাজিকৈ বাস কৰিবলৈ আৰম্ভ কৰে। এইদৰে খেতি পদ্ধতিৰ ওপৰত ভিত্তি কৰিয়েই মানুহে একেলগে বাস কৰিবলৈ লৈ একোটা চুবুৰী গঠন কৰে। লাহে লাহে চুবুৰী সম্প্ৰসাৰিত হৈ গাঁও গঠন হয়। গাঁৱৰ যিটো পৰিয়ালে অধিক মাটি চহাই শস্য উৎপাদন কৰিব পাৰে তেৱেঁই বেছি চহকী আছিল । আর্থিক অভাৱ-অভিযোগ দূৰ কৰিবৰ কাৰণে মানুহ এইদৰে গাঁও পাতি খেতি, বেপাৰ-বাণিজ্য চলাই বাস কৰিবলৈ লয়। এইদৰে বাস কৰাৰ ফলত মানুহে কিছুমান নিয়ম-নীতি প্রণয়ন কৰি লৈছিল। কালক্ৰমত এইদৰে উদ্ভৱ হোৱা গাঁও অঞ্চলসমূহৰ জনসংখ্যা বৃদ্ধি পাবলৈ ধৰে। জনসংখ্যা বৃদ্ধি হোৱাৰ অৰ্থনৈতিক কার্যকলাপেই হ’ল মূল কাৰণ। এই গাঁও অঞ্চলৰ পৰা এক সম্প্ৰসাৰিত ৰূপত ঐতিহাসিক ক্ৰমবিৱৰ্তনৰ ফলত ৰাষ্ট্ৰ সৃষ্টি হয়।

৬। ৰাজনৈতিক চেতনাবোধ (Political Consciousness) : উপৰোক্ত উপাদানসমূহতকৈ ৰাজনৈতিক চেতনাবোধৰ উপাদান ৰাষ্ট্ৰৰ সৃষ্টিৰ ক্ষেত্ৰত বহুত বেছি মূল্যবান। আদিম অৱস্থাত মানুহৰ ৰাজনৈতিক চেতনাবোধ শূন্য আছিল। কিন্তু কালক্ৰমত মানুহ যেতিয়া সভ্য হৈ আহিল আৰু উচ্চ জীৱন-যাপন কৰিবলৈ ধৰিলে তেতিয়া তেওঁলোকে আইন-শৃংখলা মানি চলিবলৈ ধৰিলে। সময়ত তেওঁলোকৰ ৰাজনৈতিক চেতনাবোধ জাগি উঠে আৰু ইয়াৰ দ্বাৰা ৰাজনৈতিক অনুষ্ঠান গঠন কৰি ৰাষ্ট্ৰ সৃষ্টি কৰে আৰু ৰাষ্ট্ৰৰ জৰিয়তে উচ্চ জীৱন-যাপন কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে ৰাষ্ট্ৰ শাসনৰ প্ৰতি আনুগত্য স্বীকাৰ কৰি ৰাষ্ট্ৰ জনহিতকৰ অনুষ্ঠান হিচাপে মানি লয়। গতিকে ৰাজনৈতিক চেতনাবোধেও ৰাষ্ট্ৰ গঠনত অধিক অৰিহণা যোগাইছিল।

ক্ৰমবিৱৰ্তনমূলক মতবাদৰ ত্রুটিসমূহ (Criticism) : ৰাষ্ট্ৰ উৎপত্তিৰ ক্ষেত্ৰত উপস্থাপিত আন মতবাদৰ দৰে ক্রমবিবর্তনমূলক মতবাদটোও একেবাৰে দোষমুক্ত নহয়। সমালোচকসকলে ইয়াৰো কিছুমান দোষ-ত্রুটি আঙুলিয়াইছে। সেয়া হ’ল—

১। ঐতিহাসিক মতবাদটোৱে ৰাষ্ট্ৰৰ ক্ৰমবিকাশত প্ৰতিটো উপাদানৰ ওপৰত নিৰ্দিষ্ট গুৰুত্বৰ বিষয়ে এখন প্রকৃত ছবি দাঙি ধৰাত ব্যৰ্থ হৈছে।

২। এই মতবাদটোৱে ৰাষ্ট্ৰৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ ক্ষেত্ৰত উপাদানবোৰৰ গুৰুত্ব নিৰ্ধাৰণ কৰিব পৰা নাই।

৩। ঐতিহাসিক মতবাদটো কিছু অনির্দিষ্ট ঐতিহাসিক উপাদানৰ ওপৰত নিৰ্ভৰশীল।

৪ । এই মতবাদৰ ভিত্তিৰ মৌলিকতা নাই, আন মতবাদবোৰৰ ভিত্তিৰ সংমিশ্ৰণতহে গঢ়ি উঠিছে বুলি কোৱা হয়।

৫। ঐতিহাসিক মতবাদটোৱে ৰাষ্ট্ৰ কেনেকৈ, কেতিয়া সৃষ্টি হ’ল তাৰ ব্যাখ্যা দিয়াত ব্যৰ্থ হৈছে। ই প্ৰকৃতাৰ্থতে ৰাষ্ট্ৰ উৎপত্তিৰ মতবাদ নহয়, ই ৰাষ্ট্ৰৰ বিৱৰ্তনত অৰিহণা যোগোৱা কিছুমান উপাদানৰ ব্যাখ্যাহে দাঙি ধৰিছে।

মূল্যায়ন (Evaluation) : ৰাষ্ট্ৰ উৎপত্তিৰ ক্রমবিবর্তনমূলক মতবাদটোৱে কেতিয়া, কেনেকৈ উৎপত্তি হ’ল তাৰ সঠিক ব্যাখ্যা দিব পৰা নাই যদিও ৰাষ্ট্ৰ যে এটা মাত্ৰ কাৰণত হঠাতে হোৱা নাই, আৰু ই যে কেইবাটাও উপাদানৰ সমন্বয়ত, ক্রমান্বয়ে লাহে লাহে গঢ় লৈ উঠিছে তাক প্রতিপন্ন কৰিছে। আনহাতে মতবাদটোৱে দাঙি ধৰা সকলো উপাদানৰ মৌলিকতা নাই বুলি ক’ব নোৱাৰি। ধৰ্ম, অর্থনৈতিক প্রয়োজন, ৰাজনৈতিক সচেতনতা আদি উপাদানৰ মৌলিকতা অনস্বীকার্য। আন কোনো মতবাদত এই উপাদানকেইটাৰ উল্লেখ নাছিল। মুঠতে ঐতিহাসিক ক্রমবিবর্তনমূলক মতবাদটোৱেহে ৰাষ্ট্ৰ উৎপত্তিৰ ক্ষেত্ৰত বিজ্ঞানসন্মত, যুক্তিপূৰ্ণ আৰু সকলোৰে গ্ৰহণযোগ্য মতবাদ এটা আগবঢ়াব পাৰিছে। 

5. Define sovereignty. Discuss its characteristics.

Ans: সাৰ্বভৌমত্ব ৰাজনীতি বিজ্ঞানৰ এটা অতি বিতর্কিত অথচ আৱশ্যকীয় অৱধাৰণা। ই ৰাষ্ট্ৰৰ এটা অতি প্রয়োজনীয় উপাদান আৰু ৰাষ্ট্ৰক বিশিষ্টতা দান কৰে। লেটিন শব্দ ‘Superanus’ শব্দৰ পৰা ‘Sovereignty’ বা সার্বভৌমত্ব শব্দ উৎপত্তি হৈছে। ই ৰাষ্ট্ৰৰ চৰম বা চূড়ান্ত ক্ষমতা বুজায়।

বঁড়েৰ মতে “সার্বভৌমত্ব হৈছে আইনৰ দ্বাৰা বাধাপ্রাপ্ত নোহোৱাকৈ নাগৰিক আৰু প্ৰজাৰ ওপৰত প্ৰয়োগ কৰা ৰাষ্ট্ৰৰ সর্বোচ্চ ক্ষমতা।”

অষ্টিনে সার্বভৌমত্ব শক্তিক আনৰ ক্ষমতাৰ প্ৰতি অনুগত্য নথকা অথচ সৰহ সংখ্যক লোকৰ পৰা আনুগত্য লাভ কৰা ৰাজনৈতিক কর্তৃপক্ষ বুলি অভিহিত কৰিছিল।

বাৰ্গেছৰ মতে— “ব্যক্তি আৰু ব্যক্তিৰ সন্থাসমূহৰ ওপৰত থকা ৰাষ্ট্ৰৰ মৌলিক, সৰ্বোচ্চ আৰু অসীম ক্ষমতাই হৈছে সার্বভৌমত্ব।” উইলফবিৰ মতে— “সাৰ্বভৌমত্ব হ’ল ৰাষ্ট্ৰৰ সৰ্বোচ্চ ইচ্ছা” 

বৈশিষ্ট্য : সার্বভৌমত্বৰ সংজ্ঞাবিলাক বিশ্লেষণ কৰিলে কেইটামান বৈশিষ্ট্য পৰিলক্ষিত হয়। সেইবোৰ হ’ল—

১. স্থায়িত্ব : ৰাষ্ট্ৰ থকালৈকে সার্বভৌমত্বও থাকে। ৰজা বা শাসক গোষ্ঠীৰ পৰিৱৰ্তনে সার্বভৌমত্বক ব্যাঘাত নজন্মায়। গীল ক্রাইষ্টৰ মতে দুয়োটাৰ মাজত অবিচ্ছেদ্য সম্পর্ক থাকে।

২. মৌলিক : ৰাষ্ট্ৰৰ ভিতৰত সকলো অনুষ্ঠানৰ ওপৰত সার্বভৌমত্ব কর্তৃত্ব থাকে। এই ক্ষমতা সাময়িক নহয়। পলকৰ মতে সার্বভৌমত্ব কাৰো বহতীয়া নহয়। আইন ইয়াৰ বহতীয়া । আইনক কোনেও পৰিৱৰ্তন কৰিব নোৱাৰে ।

৩. অহস্তান্তৰযোগ্যতা : ডুগুইটৰ মতে সাৰ্বভৌমত্বৰ হস্তান্তৰ আত্মহত্যাৰ নিচিনা। এই ক্ষমতা আনলৈ হস্তান্তৰ কৰিব নোৱাৰি। সাৰ্বভৌমত্ব আৰু ৰাষ্ট্ৰ মানুহৰ আত্মা আৰু শৰীৰৰ দৰে।

৪. অসীম : গেটেলৰ মতে “If sovereignty is not absolute, no state exists” এই ক্ষমতা অলংঘনীয়। এই শক্তিক আভ্যন্তৰীণ বা বাহ্যিক কোনো ক্ষমতাই সীমিত কৰিব নোৱাৰে।

৫. সার্বজনীন : এক ভৌগোলিক সীমাৰ ভিতৰত সাৰ্বভৌম ক্ষমতা সকলোৰে ওপৰত প্ৰযোজ্য। ৰাষ্ট্ৰৰ এই ক্ষমতাৰ প্ৰতি ব্যক্তি, অনুষ্ঠান সকলোৱে আনুগত্য প্রকাশ কৰিব লাগিব। কোনো অনুষ্ঠান এই শক্তিৰ নিয়ন্ত্ৰণৰ বাহিৰত থাকিব নোৱাৰে ।

৬. ধ্বংসবিহীন : এই শক্তিৰ ধ্বংস নাই। এই শক্তি প্রয়োগ বাহ্যিক আক্ৰমণৰ বাবে ধ্বংস হৈ নাযায়। সাময়িকভাৱে এই শক্তিৰ প্রয়োগ নহ’ব পাৰে, কিন্তু ইয়াৰ অৱস্থিতি সকলোৱে অনুভৱ কৰে। 

৭. একক : এখন ৰাষ্ট্ৰত এটাহে সাৰ্বভৌম শক্তি থাকিব পাবে।আন অনুষ্ঠানসমূহৰ ক্ষমতা ইয়াৰ অধীন। 

6. Discuss critically Austin’s theory of sovereignty.

Ans: ইংৰাজ দার্শনিক-এ ‘Lectures on Jurisprudence’ নামৰ গ্ৰন্থত সাৰ্বভৌমত্ব সম্পর্কে ধাৰণা বিশ্লেষণ কৰিছে। তেওঁৰ তত্ত্বৰ বৈধ সার্বভৌমত্ব বা একত্ববাদী মতবাদ, পৰম্পৰাগত মতবাদ বুলিও জনা যায়।

বেন্থামৰ আইন আৰু নৈতিকতা আৰু হবছৰ অসীম সাৰ্বভৌমত্ব দাৰণাই অষ্টিনৰ তত্ত্ব গঠনত যথেষ্ট প্রভাৱ পেলাইছিল। তেওঁ বিশ্লেষণাত্মক দৃষ্টিভংগী গ্ৰহণ কৰিছিল। এই দৃষ্টিয়ে ৰাষ্ট্ৰক সার্বভৌমত্বৰ লগত সংযুক্ত কৰে। এই দুয়োটাৰ মাজত ওতঃপ্ৰোত সম্পর্ক আছে।

অষ্টিনৰ মতে সাৰ্বভৌম কর্তৃপক্ষই হ’ল ৰাষ্ট্ৰৰ সর্বোচ্চ ক্ষমতা। সার্বভৌম শক্তি বা ক্ষমতাই হৈছে কৰ্তৃত্বৰ উৎস। যুক্তি, মানৱীয় অধিকাৰ বা প্ৰজাৰ সন্মতিৰ প্ৰশ্নসমূহ এই তত্ত্বৰ লগত জড়িত নহয়। তেওঁৰ মতে প্ৰতিখন ৰাষ্ট্ৰতে আইনৰ দৃষ্টিত সাৰ্বভৌম কর্তৃপক্ষ আছে। তেওঁ এটা মাত্ৰ সাৰ্বভৌম ক্ষমতাৰ অৱস্থিতি মানি লয়। অষ্টিনৰ মতে উচ্চতম কর্তৃপক্ষই নিম্নতম কর্তৃপক্ষক যি আদেশ দিয়ে সিয়েই আইন আৰু এই আইনৰ ওপৰত ভিত্তি কৰিয়েই তেওঁ সার্বভৌম তত্ত্ব ব্যাখ্যা কৰিছে।

সার্বভৌমত্ব সম্পর্কে অষ্টিনৰ সংজ্ঞা— “যদি কোনো সমাজৰ এক নির্দিষ্ট উচ্চ মানৱীয় কৰ্তৃপক্ষই অন্য কোনো উচ্চতৰ কৰ্তৃপক্ষৰ বশ্যতা স্বীকাৰ নকৰি সেই সমাজৰ অধিকাংশ লোকৰ পৰা স্বাবাবিক আনুগত্য লাভ কৰে, তেন্তে সেই সমাজত নির্দিষ্ট উচ্চতম কর্তৃপক্ষই হ’ল সার্বভৌম কর্তৃপক্ষ আৰু সেই নির্দিষ্ট উচ্চতম কৰ্তৃপক্ষক লৈ গঠিত সমাজখনকে ৰাজনৈতিকভাৱে গঠিত স্বাধীন সমাজ বোলা হয়।”

বৈশিষ্ট্য : আইনৰ সাৰ্বভৌমত্বৰ সূত্ৰ বিশ্লেষণ কৰিলে তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহ দেখিবলৈ পোৱা যায়।

১. প্রত্যেক ৰাষ্ট্ৰত এক বৈধ সার্বভৌম শক্তি থাকে। এই ক্ষমতা নির্দিষ্ট ব্যক্তি বা ব্যক্তি গোষ্ঠীৰ হাতত থাকে ।

২. ৰাষ্ট্ৰৰ সাৰ্বভৌম শক্তি সর্বোচ্চ, মৌলিক আৰু অসীম, কোনো শক্তিৰ প্ৰতি ই আনুগত্য প্রকাশ নকৰে। ই আভ্যন্তৰীণ বা বহিঃশক্তিৰ দ্বাৰা নিয়ন্ত্রিত নহয় ৷

৩. সার্বভৌমত্বই জনসাধাৰণৰ সংখ্যাগৰিষ্ঠ লোকৰ পৰা সহজাত আনুগত্য লাভ কৰে।

৪.সার্বভৌম কর্তৃপক্ষৰ নিৰ্দেশেই আইন আৰু সমাজৰ সকলোৱে সেই আইন মানি চলিব লাগিব। সাৰ্বভৌমত্বই আইনৰ উৎস।

৫. সার্বভৌমত্ব অবিভাজ্য। সার্বভৌমত্বৰ বিভাজনে সার্বভৌমত্বৰ বিকাশ সাধন কৰে।

৬. সার্বভৌম ক্ষমতা সকলো ক্ষমতাৰ উৎস।

৭. সাৰ্বভৌমত্বৰ অস্তিত্ব স্বাধীন আৰু ৰাজনৈতিক সমাজতহে দেখা যায়।

সমালোচনা : অষ্টিনৰ সাৰ্বভৌম তত্ত্বক বিভিন্ন দৃষ্টিকোণৰপৰা হেনৰি মেইন, লাস্কি, মেক্ আইভাৰ, ফলেট আদি ৰাজনীতি বিজ্ঞানীয়ে সমালোচনা কৰিছে।

১. অষ্টিনৰ তত্ত্ব গণতন্ত্ৰৰ পৰিপন্তী : আধুনিক গণতান্ত্রিক ৰাষ্ট্ৰ জনসাধাৰণৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰশীল। জনসাধাৰণৰ হাততহে আদেশ দিয়াৰ শেষ ক্ষমতা থাকে। অষ্টিনে আইনগত সার্বভৌমত্বৰ আঁৰত থকা প্ৰকৃত সার্বভৌমত্ব অর্থাৎ জনসাৰ্বভৌমত্বক অস্বীকাৰ কৰিছে। আইনেই আমাক শেষ সিদ্ধান্তটো দিব নোৱাৰে।

২. নিৰ্দিষ্ট ব্যক্তিৰ হাতত নাথাকে : অষ্টিনৰ তত্ত্বৰ আটাইতকৈ ডাঙৰ ত্ৰুটি হৈছে তেওঁৰ সাৰ্বভৌমত্ব নিৰ্দিষ্ট ব্যক্তিৰ হাতত থকা ধাৰণাটো। প্ৰকৃততে এই ক্ষমতা ভোটদাতাৰ হাতত নে, জনসাধাৰণৰ হাততনে চৰকাৰৰ হাতত থাকে এই বিষয়ে নির্দিষ্ট কোৱা টান ৷ যুক্তৰাষ্ট্ৰ এখনতো সার্বভৌমত্ব কেন্দ্ৰৰ হাতত থাকেনে ৰাজ্য চৰকাৰৰ হাতত থাকে কোৱাটো কঠিন।

৩. সাৰ্বভৌমত্ব আইনৰ একমাত্ৰ উৎস নহয় : অষ্টিনৰ মতে আইনৰ প্ৰধান উৎস হৈছে সার্বভৌমত্ব। কিন্তু হেৰি মেইনে “Early History of Institution” নামৰ গ্ৰন্থত পঞ্জাৱৰ মহাৰজা ৰণজিৎ সিংহৰ দৰে স্বেচ্ছাচাৰী শাসকেও সামাজিক প্রথাসমূহক অৱজ্ঞা কৰিব নোৱাৰাৰ দৃষ্টান্ত দাঙি ধৰিছে। স্বেচ্ছাচাৰী শাসকেও সামাজিক প্রথাসমূহ মানি চলিব লাগে।

৪. এই শক্তি অসীম নহয় : এই শক্তি আভ্যন্তৰীণ আৰু বহিঃশক্তিৰ দ্বাৰা সীমিত। আভ্যন্তৰীণ সার্বভৌমত্ব জনমত, সামাজিক ৰীতি-নীতি, জনসাধাৰণৰ অধিকাৰৰ দ্বাৰা নিয়ন্ত্রিত। বাহ্যিক ক্ষেত্ৰত আন্তর্জাতিক আইন, অর্থনৈতিকতা, ভাবাদর্শ আদিদ্বাৰা সীমিত হ’ব লগা হয়। লাস্কিৰ মতে, মানৱ জাতিৰ কল্যাণৰ খাতিৰত অসীম সার্বভৌমত্ব ধাৰণা বিপদজনক।

৫. সার্বভৌম ক্ষমতা অবিভাজ্য নহয় : লাস্কি, মেক আইভাৰ আদি বহুত্ববাদী সকলৰ মতে সাৰ্বভৌম ক্ষমতা ৰাষ্ট্ৰ আৰু বিভিন্ন অনুষ্ঠানৰ মাজত বিভাজিত থাকে। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত সার্বভৌমত্ব ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত, চৰকাৰৰ তিনিটা অংগ আইন পালিক, কার্যপালিকা আৰু ন্যায়পালিকাৰ মাজতো সাৰ্বভৌমত্ব বিভাজন হয়।

৬. ই ৰাজনৈতিক সার্বভৌমত্ব উপেক্ষা কৰিছে : অষ্টিনে আইনগত দৃষ্টিভংগীৰে সাৰ্বভৌমত্ব আলোচনা কৰোঁতে ৰাজনৈতিক সার্বভৌমত্বক গুৰুত্ব দিয়া নাই। ৰাজনৈতিক সার্বভৌমত্বক বাদ দিয়াত অষ্টিনৰ সূত্ৰ অন্তসাৰ শূন্য হৈ পৰিল। আধুনিক গণতান্ত্রিক ৰাষ্ট্ৰসমূহত ৰাজনৈতিক সার্বভৌমত্বৰ গুৰুত্ব বৃদ্ধি পাইছে। ডাইচিৰ মতে “আইনগত সার্বভৌমত্বই বহু ক্ষেত্ৰত ৰাজনৈতিক (ভোটদাতা) সাৰ্বভৌমত্বৰ ওচৰত মূৰ দোঁৱাব লাগে।”

৭. ৰাষ্ট্ৰ চৰম ক্ষমতাৰ অধিকাৰী নহয় : বহুত্ববাদীসকলে অষ্টিনক সমালোচনা কৰি কৈছে, ৰাষ্ট্ৰ চৰম ক্ষমতাৰ অধিকাৰী নহয়। অন্যান্য সন্থাসমূহো ৰাষ্ট্ৰৰ সমানে শক্তিশালী।

৮. ই গণতন্ত্ৰ বিৰোধী : গণতন্ত্ৰৰ মূল নীতি হ’ল সকলোৰে মাজত সমতা স্থাপন কৰা। কিন্তু অষ্টিনে এই আদর্শক উপেক্ষা কৰিছে। এজন ব্যক্তি বা এটা গোষ্ঠীৰ হাতত সৰ্বোচ্চ ক্ষমতা থাকিলে সকলোৱে ইয়াত সমান অধিকাৰ উপভোগ কৰিব নোৱাৰে।

৯. অষ্টিনৰ ধাৰণা অযুক্তিকৰ : বিমূর্ত সার্বভৌম দার্শনিক ভাবধাৰাই অধিনৰ ধাৰণাত ঠাই পোৱা নাই। 

১০. প্রতিক্রিয়াশীল : এজন বা কোনো গোষ্ঠীক চৰম ক্ষমতা প্ৰদান কৰাটো নীতিগতভাৱে অন্যায় আৰু প্রতিক্রিয়াশীল।

১১. আইন সার্বভৌমত্বৰ আদেশ নহয় : আইন মানুহৰ বাহ্যিক আচৰণ নিয়ন্ত্ৰণ কৰা এক মাধ্যমহে। এই আইন সামাজিক প্ৰথা, পৰম্পৰা আৰু সামাজিক প্ৰয়োজনতহে সৃষ্টি হৈছে। সেইবাবে ই কেৱল সার্বভৌমত্বৰ আদেশ নহয়। 

মূল্যায়ন : অষ্টিনৰ সাৰ্বভৌমত্ব ধাৰণাই যথেষ্ট সমালোচনাৰ সন্মুকীন হৈছে যদিও বৈধ সাৰ্বভৌমত্ব সম্বন্ধে অষ্টিনৰ বাহিৰে আন কোনো দার্শনিকে ৰাজনীতি বিজ্ঞানত যুক্তিসংগত ব্যাখ্যা দাঙি ধৰিব পৰা নাই। এইটো ঠিক যে শৃংখলাবদ্ধ সামাজিক জীৱন-যাপন কৰিবলৈ হ’লে মানুহে এক সার্বভৌম ক্ষমতাৰ প্ৰতি স্বাভাৱিক আনুগত্য প্ৰকাশ কৰিবই লাগিব।

7. Explain the pluralists’ concept of sovereignty. Discuss their arguments in favor of it.

Ans: সাৰ্বভৌমত্বৰ বহুত্ববাদী ধাৰণাই পৰম্পৰাগত সাৰ্বভৌমত্ব ধাৰণাক অস্বীকাৰ কৰিছে। অষ্টিন, হেগেল আদি চিন্তাবিদসকলে আগবঢ়োৱা সাৰ্বভৌমত্বৰ একাত্মবাদী ধাৰণা নাকচ কৰি বাৰ্কাৰ লাস্কি, মেকআইভাৰ আদি চিন্তাবিদে বহুত্ববাদী সাৰ্বভৌমত্ব ধাৰণা সমৰ্থন কৰিছে। তেওঁলোকৰ মতে সার্বভৌমত্ব অসীম, অবিভাজ্য, নিৰ্দিষ্ট হ’ব নোৱাৰে। ৰাষ্ট্ৰই গোটেই সমাজক প্রতিনিধিত্ব কৰিব নোৱাৰে। সমাজৰ বিভিন্ন উদ্দেশ্য সাধনৰ বাবে আন কিছুমান সংগঠনো আছে। সেইবাবে ৰাষ্ট্ৰৰ গুৰুত্ব আন কিছুমান সংগঠন বা সন্থাৰ দৰে সমান। সমাজৰ আন সন্থাসমূহকো সার্বভৌম ক্ষমতা দিয়া উচিত বুলি বহুত্ববাদী সকলে দাবী কৰে।

বহুত্ববাদী ধাৰণাৰ বিকাশত কেইটামান উপাদানে সমল যোগাইছিল। উপাদানবোৰ হ’ল―

১. স্বাধীনতাৰ বিকাশ : ফৰাচী বিপ্লৱৰ পিছৰ পৰা স্বতন্ত্ৰতা, সমতা আদি ধাৰণা বিকাশৰ লগে লগে ব্যক্তিবাদীসকলে ৰাষ্ট্ৰৰ ক্ষমতা হ্ৰাস কৰি ব্যক্তিক অধিক স্বাধীনতা দিয়াৰ মত পোষণ কৰিছিল ।

২. জনগণৰ স্বাৰ্থতহে আইন : হেন্‌ৰি মেইন আদি চিন্তাবিদে সার্বভৌমত্বৰ আদেশেই আইন হ’ব নোৱাৰে বুলি মতামত আগবঢ়াইছিল। আইন জনসাধাৰণৰ প্ৰয়োজনতহে সৃষ্টি হয়।

৩. অ-ৰাষ্ট্ৰবাদী, সমাজবাদী ধাৰণাৰ বিকাশ : এনেবোৰ মতবাদৰ বিকাশে ৰাষ্ট্ৰ আৰু সাৰ্বভৌমত্ব ধাৰণা আৰু অস্তিত্বক হ্ৰাস কৰিছিল আৰু বহুত্ববাদক অনুপ্রাণিত কৰিছিল।

৪. ৰাষ্ট্ৰ আৰু সন্থাৰ সমন্বয়ৰ আৱশ্যকতা আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰভাৱতো বহুত্ববাদে শক্তি আহৰণ কৰিছিল।

বহুত্ববাদৰ সপক্ষে যুক্তি : ১. জনসাধাৰণৰ কল্যাণ সাধনৰ ৰাষ্ট্ৰত বিভিন্ন অনুষ্ঠান, সন্থা থাকে। এই সন্থাসমূহে মানুহৰ সামাজিক, ৰাজনৈতিক, আর্থিক, ব্যৱসায়িক, ধার্মিক আশা-আকাংক্ষা পূৰণ কৰে। মানুহৰ আশা আকাংক্ষা পূৰণ কৰা ৰাষ্ট্ৰও এটা সন্থা। সেইকাৰণে ৰাষ্ট্ৰ এটা অসীম ক্ষমতাৰ অধিকাৰী হোৱা অনুচিত। ৰাষ্ট্ৰই কেৱল দেশ ৰক্ষা, শান্তি শৃংখলা আদি কামতে সীমাবদ্ধ থাকিব লাগে।

২. ৰাষ্ট্ৰৰ যেনেদৰে আইন থাকে আৰু ইয়াৰ সদস্যসকলে ৰাষ্ট্ৰৰ প্রতি আনুগত্য প্রকাশ কৰে সেইদৰে অন্যান্য সংস্থা বা অনুষ্ঠানসমূহৰো নিজস্ব আইন বা ৰীতি-নীতি থাকে। অনুষ্ঠানৰ সদস্যসকলেও অনুষ্ঠানৰ প্ৰতি আনুগত্য প্রকাশ কৰে। সেইবাবে ৰাষ্ট্ৰৰ দৰে সন্থাৰো সমান ক্ষমতা থকা প্ৰয়োজন।

৩. আইনৰ দৃষ্টিকোণৰ পৰাও ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব অসীম নহয় ৷ জনসাধাৰণৰ অনুমোদন নাতাকিলে আইন কাৰ্যকৰী কৰিব নোৱাৰি। প্রকৃততে আইন জনসাধাৰণৰ আশা আকাংক্ষাৰ প্ৰতিফলন।

৪.সার্বভৌম ক্ষমতা অবিভাজ্য বুলি দাবী কৰা একাত্ম  বাদীসকলৰ বিৰুদ্ধে বহুত্ববাদী সকলে যুক্তি দাঙি ধৰিছে। এখন যুক্তৰাষ্ট্ৰত সাৰ্বভৌম ক্ষমতা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত বিভাজন হয়। গণতান্ত্ৰিক ৰাষ্ট্ৰত সাৰ্বভৌম ক্ষমতা জনসাধাৰণৰ হাতত থাকে।

৫. আন্তঃৰাষ্ট্ৰীয় দৃষ্টিকোণৰ পৰাও সার্বভৌম ক্ষমতা অসীম নহয়। ৰাষ্ট্ৰসমূহে কিছুমান আন্তঃৰাষ্ট্ৰীয় আইন মানি চলিব লাগে। বৰ্তমান যুগত ৰাষ্ট্ৰসমূহৰ মাজত পৰস্পৰ সহযোগিতা বৃদ্ধি পাইছে। এনে কাৰণতে ৰাষ্ট্ৰবোৰ আন্তঃৰাষ্ট্ৰীয় আইন মানি চলিব লাগে আৰু ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতা থাকে বুলি ক’ব নোৱাৰি।

এনেবোৰ যুক্তিৰ সহায়ত বহুত্ববাদীসকলে ৰাষ্ট্ৰৰ অসীম ক্ষমতাক স্বীকাৰ নকৰে আৰু অন্যান্য সস্থা বা অনুষ্ঠানৰ লগতে সমান পৰ্যায়ত ৰাখিব বিচাৰে। জনপ্রিয়তা লাভ কৰিলেও বহুত্ববাদী ধাৰণাৰ কিছুমান দোষ আছে। তলত এই দোষসমূহ আঙুলিয়াই সমালোচনা কৰা হ’ল—

সমালোচনা : ১. ৰাষ্ট্ৰ আৰু অন্যান্য অনুষ্ঠানবিলাকৰ মাজত পাৰ্থক্য আছে। ৰাষ্ট্ৰৰ স্থান অনুষ্ঠানৰ ওপৰত । ৰাষ্ট্ৰ কৰ্তৃত্বৰ অবিহনে অন্যান্য কর্তৃত্বৰ শক্তিশালী অৱস্থান থাকিব নোৱাৰে।

২. সমাজৰ প্ৰতিটো অনুষ্ঠানৰ ক্ষমতা সমান হ’লে সংঘাতৰ সম্ভাৱনা প্রবল। নিজৰ ক্ষমতা প্রয়োগ কৰিবলৈ যাওঁতে বিভিন্ন অনুষ্ঠানৰ মাজত সংঘাত হ’ব আৰু পৰিণতিত অৰাজকতাৰ সৃষ্টি হ’ব। ৰাষ্ট্ৰৰ নিচিনা এক উচ্চ ক্ষমতা সম্পন্ন অনুষ্ঠানেহে বিভিন্ন অনুষ্ঠানৰ মাজত সমন্বয় সাধন কৰি অৰাজকতাৰ অৱসান ঘটাব পাৰিব।

৩. আন্তঃৰাষ্ট্ৰীয় আইনে বহুত্ববাদীসকলে কোৱাৰ দৰে ৰাষ্ট্ৰৰ ক্ষমতাক সীমিত কৰিব নোৱাৰে। এই আইনসমূহ মানি চলা নচলাটো ৰাষ্ট্ৰৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। আন্তঃৰাষ্ট্ৰীয় আইন মানি চলিবলৈ। কোনেও বাধ্য কৰাব নোৱাৰে।

৪. বহুত্ববাদীসকলৰ মতে সমাজৰ স্বাৰ্থ সুৰক্ষাৰ বাবে, ব্যক্তিৰ অধিকাৰৰ বাবে সাৰ্বভৌম ক্ষমতা সীমিত হ’ব লাগে। প্ৰকৃততে ব্যক্তিৰ অধিকাৰ আৰু জনসাধাৰণৰ উমৈহতীয়া স্বাৰ্থ ৰক্ষা কৰিবলৈ সাৰ্বভৌমত্বৰ প্ৰয়োজন।

৫. এখন যুক্তৰাষ্ট্ৰত সাৰ্বভৌম ক্ষমতাৰ বিভাজন হয় বুলি দিয়া ধাৰণা শুদ্ধ নহয়। যুক্তৰাষ্ট্ৰত সার্বভৌমত্ব বিভাজন নহয়, কামৰহে বিভাজন হয়।

৬. সার্বভৌমত্ব নাথাকিলে জাতীয় স্বতন্ত্রতা, নিৰাপত্তা বিপদাপন্ন হ’ব। ৰাষ্ট্ৰীয় অখণ্ডতা নাথাকিব।

৭. বহুত্ববাদী ধাৰণাটো ৰাষ্ট্ৰবিৰোধী। সন্থাবিলাকৰ উদ্দেশ্য বেলেগ বেলেগ। কোনো কোনো সন্থাই বিচ্ছিন্নতাবাদৰ পোষকতা কৰিব পাৰে। ৰাষ্ট্ৰৰ বিৰুদ্ধে সশস্ত্র বিপ্লৱৰ পথ বাচি লোৱাৰ অনুষ্ঠান বর্তমান বহুতো আছে। ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতা হ্ৰাস কৰিলে এনে অনুষ্টান বা সন্থাই অৰাজকতাৰ সৃষ্টি কৰিব পাৰে।

৮. ৰাষ্ট্ৰৰ আইনক কাৰ্যকৰী কৰিবলৈ ৰাষ্ট্ৰৰ ক্ষমতা থাকিবই লাগিব। অসামাজিক কার্যত বাধা দিবলৈও শক্তিশালী ৰাষ্ট্ৰৰ ক্ষমতাৰ প্ৰয়োজন ।

বহুত্ববাদৰ গুৰুত্ব : কিছুমান অভিযোগ থাকিলেও বহুত্ববাদৰ গুৰুত্ব নুই কৰিব নোৱাৰি। বিভিন্ন জনকল্যাণমুখী উদ্দেশ্য আগত ৰাখি সংগঠিত হোৱা অনুষ্ঠানসমূহৰ ক্ষমতা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আছে। বহুত্ববাদী সকলৰ ক্ষমতা বিকেন্দ্ৰীকৰণ ধাৰণা গণতন্ত্ৰৰ পক্ষে হিতকাৰক ৷ ৰাষ্ট্ৰৰ অসীম ক্ষমতা অনিষ্টকাৰক। কিন্তু ৰাষ্ট্ৰৰ ক্ষমতাক একেবাৰে অন্যান্য সন্থাৰ সমপৰ্যায়ৰ কৰিলেও কিছুমান সমস্যাৰ সৃষ্টি হ’ব।

8. Discuss various Kinds of sovereignty.

Ans: সার্বভৌমত্বক কেইবা প্ৰকাৰ বা শ্ৰেণীত ভাগ কৰিব পাৰি। সেইবিলাক তলত আলোচনা কৰা হ’ল।

আইনগত আৰু ৰাজনৈতিক সার্বভৌমত্ব (Legal and Political Sovereignty) : আইনগত সার্বভৌমত্বই ৰাষ্ট্ৰৰ আইন প্ৰণয়ন কৰিব পৰা সর্বোচ্চ ক্ষমতাক বুজায়। এনে সার্বভৌমত্বই আইন প্ৰনয়ন কৰাৰ উপৰিও আইন কার্যকৰী কৰিব লাগে। ন্যায়পালিকায়ো আইনসমূহ বলৱৎ কৰিব লাগে। এই শক্তি কাৰো বহতীয়া নহয়। এই শক্তিয়ে প্ৰণয়ন কৰা আইন কোনোৱে উলংঘা কৰিব নোৱাৰে। সার্বভৌমত্ব শক্তিয়ে প্রণয়ন কৰা আইন অন্য কোনো শক্তিয়ে অসাংবিধানিক বুলি নাকচ কৰিব নোৱাৰে। অষ্টিনে এই দৃষ্টিভংগীৰ দ্বাৰা সাৰ্বভৌমত্ব আৰু আইনক আলোচনা কৰিছে।

প্ৰতিখন ৰাষ্ট্ৰৰে আইন প্ৰণয়ন কৰাৰ এটা কৰ্তৃপক্ষ থাকে ইংলেণ্ডৰ সংসদ আইনগত সার্বভৌমত্বৰ উদাহৰণ। সেইবাবে লমে কৈছে যে ইংলেণ্ডৰ সংসদে পুৰুষক মহিলা আৰু মহিলাক পুৰুষ কৰাৰ বাহিৰে বাকী সকলো কৰিব পাৰে।

আইনগত সার্বভৌমত্বৰ বৈশিষ্ট্য হ’ল, এনে ক্ষমতা— 

(ক) এজন ব্যক্তি বা এটা সন্থাৰ হাতত থাকে।

(খ) এনে সার্বভৌমত্ব সংগঠিত আৰু আইনগত।

(গ) ইয়াত ৰাষ্ট্ৰৰ ইচ্ছা প্রকাশ পায়।

(ঘ) এনে আইন উলংঘা কৰিলে শাস্তিৰ সন্মুখীন হ’ব লাগে।

(ঙ) জনসাধাৰণৰ অধিকাৰ এই সাৰ্বভৌমত্বৰ ওপৰত নিৰ্ভৰশীল। আৰু

(চ) এনে ক্ষমতা সংবিধানৰদ্বাৰা স্বীকৃত।

ৰাজনৈতিক সার্বভৌমত্ব : আনহাতে জনসাধাৰণৰ হাতত থকা সর্বোচ্চ ক্ষমতাই হৈছে ৰাজনৈতিক সাৰ্বভৌমত্ব। আইনত এনে সাৰ্বভৌমত্বৰ কোনো পৰিচয় নাই। এনে সার্বভৌমত্ব বিমূর্ত। আইনগত সার্বভৌমত্ব৷ এই ৰাজনৈতিক সার্বভৌমত্বৰ পৰাই ক্ষমতা আহৰণ কৰে। কাৰণ এখন দেশৰ প্ৰকৃত সার্বভৌমত্বৰ পৰাই ক্ষমতা আহৰণ কৰে। কাৰণ এখন দেশৰ প্ৰকৃত সার্বভৌম ক্ষমতা জনসাধাৰণৰ হাতত থাকে। কিন্তু ৰাজনৈতিক সর্বভৌমত্ব সু সংগঠিত বা নিশ্চিত নহয়। এই সার্বভৌমত্বৰ নিজস্ব ইচ্ছা আছে কিন্তু ইচ্ছাক ৰূপ দিবলৈ কাৰোবাক আশ্ৰয় ল’ব লাগে। আনহাতেদি আইনগত সার্বভৌমত্বই ৰাজনৈতিক সার্বভৌমত্বৰ ইচ্ছাক বাস্তৱত ৰূপ দিয়ে। এটা বাস্তৱ আৰু আনটো অব্যক্ত।

আইনগত সার্বভৌমত্বক আইনজ্ঞসকলে যদিও ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতা বুলি স্বীকৃতি দিব খোজে তথাপিও প্ৰকৃততে এই সার্বভৌমত্বই ৰাজনৈতিক সার্বভৌমত্ব বা জনগণৰ প্ৰকৃত ক্ষমতাৰ দ্বাৰা বহুলাংশে নিয়ন্ত্রিত। ডাইচিৰ মতে— “আইনজীৱী সকলে যি সার্বভৌমত্ব (আইনগত) স্বীকৃতি দিয়ে সেই সার্বভৌম কৰ্তৃপক্ষৰ পিছতে এটা সাৰ্বভৌম (ৰাজনৈতিক) শক্তি আছে যাক আইনগত কর্তৃপক্ষই মানি চলিবলৈ বাধ্য।” দেশৰ নির্বাচক মণ্ডলীক ৰাজনৈতিক সার্বভৌমত্ব বুলি কোৱা হয়। বহল অৰ্থত দেশৰ ভোটদাতা জনসাধাৰণক ৰাজনৈতিক সার্বভৌমত্ব বোলা হয়।

দুয়োটাৰ মাজত পাৰ্থক্য হ’ল—

১. আইনগত সার্বভৌমত্ব নিশ্চিত আৰু সু-সংগঠিত। কিন্তু ৰাজনৈতিক সার্বভৌমত্ব সু-সংগঠিত নহয় আৰু অনিশ্চিত।

২. প্ৰথমটো বিমূৰ্ত । ইয়াৰ আইন প্ৰণয়নৰ ক্ষমতা আছে। কিন্তু দ্বিতীয়টোৰ কোনো ৰূপ নাই। নিজে প্ৰভাৱ বিস্তাৰহে কৰিব পাৰে। 

৩. আইনগত সার্বভৌমত্বৰ আদেশেই আইন। এই আইন অমান্য কৰিলে শাস্তিৰ সন্মুখীন হ’ব লাগে। কিন্তু ৰাজনৈতিক সার্বভৌমত্বই আইনত অনুমোদন দিব পাৰে।

৪.প্রথমবিধ আদালতৰ দ্বাৰা বলৱৎ কৰিবলৈ বাধ্য কিন্তু দ্বিতীয়বিধ আদালতৰ দ্বাৰা স্বীকৃত নহয়।

সার্বভৌমত্বৰ অন্যান্য প্ৰকাৰসমূহ :

১. নাম মাত্ৰ আৰু পকৃত সার্বভৌমত্ব : যি ব্যক্তিৰ নামত সার্বভৌমত্ব ক্ষমতা ব্যৱহাৰ কৰা হয় কিন্তু প্রকৃততে তেওঁ সেই ক্ষমতাৰ অধিকাৰী নহয়, তেওঁক নামমাত্র সার্বভৌম বোলে। ইংলেণ্ডৰ ৰজাৰ নামমাত্র সার্বভৌমত্ব আছে। তেওঁৰ নামত শাসনকার্য পৰিচালিত হয়। কিন্তু মনতত্রি পৰিষদৰ হাততহে প্রকৃত ক্ষমতা থাকে। মন্ত্রী পৰিষদে চৰম ক্ষমতা প্রয়োগ কৰে। এইবাবে মন্ত্ৰী পৰিষদৰ ক্ষমতাক প্ৰকৃত সার্বভৌমত্ব বুলিব পাৰি।

২. আভ্যন্তৰীণ আৰু বাহ্যিক সার্বভৌমত্ব : আভ্যন্তৰীণ সাৰ্বভৌমত্বই এখন দেশৰ ভিতৰত থকা সকলো অনুষ্ঠানৰ ওপৰত থকা ৰাষ্ট্ৰৰ ক্ষমতাক বুজায়। আনহাতে বাহ্যিক সার্বভৌমত্বই অন্যান্য ৰাষ্ট্ৰই এখন ৰাষ্ট্ৰৰ ওপৰত ক্ষমতা প্রয়োগ কৰিব নোৱাৰা অৱস্থাক বুজায় । এখন ৰাষ্ট্ৰৰ জনসাধাৰণে, ৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত সকলো অনুষ্ঠানে ৰাষ্ট্ৰৰ আনুগত্য প্রকাশ কৰে। বাহ্যিকভাৱে এখন দেশৰ জনসাধাৰণ আৰু অনুষ্ঠানসমূহে অন্য দেশৰ প্ৰতি আনুগত্য প্রকাশ নকৰে।

৩. আইনগত আৰু যথার্থ সার্বভৌমত্ব : আইনগত সার্বভৌমত্বই আইন আৰু সংবিধানৰ পৰা ক্ষমতা আহৰণ কৰে। এনে সাৰ্বভৌমত্বই দেশৰ আইন মতে চৰম ক্ষমতাৰ অধিকাৰী হয় আৰু জনসাধাৰণক শাসন কৰে। আনহাতে যথার্থ সার্বভৌমত্ব আইন আৰু সংবিধানৰদ্বাৰা স্বীকৃত নহয়। শক্তি প্ৰয়োগৰ দ্বাৰা কোনো শক্তিয়ে যদি আইনমতে নহ’লেও ৰাষ্ট্ৰৰ চৰম ক্ষমতাৰ অধিকাৰী হয়, তেতিয়া তেনে ৰাষ্ট্ৰীয় ক্ষমতাক যথার্থ সার্বভৌমত্ব আহৰণ কৰিছিল। সামৰিক বাহিনীয়ে প্রথমে বলপূর্বক ক্ষমতা আহৰণ কৰি এনে সার্বভৌম ক্ষমতাৰ অধিকাৰী হয়।

৪. ৰাজহুৱা সাৰ্বভৌমত্ব : ৰাজহুৱা সাৰ্বভৌমত্বই জনসাধাৰণৰ সার্বভৌমত্ব বুজায়। এখন ৰাষ্ট্ৰৰ জনসাধাৰণৰ মতকেই সর্বোচ্চ ক্ষমতা বুলি ধৰা হয়। জনসাধাৰণৰ ইচ্ছাই প্রধান ক্ষমতা হোৱা বাবে এনে সার্বভৌমত্বক জনপ্রিয় সার্বভৌমত্ব বোলা হয়। ৰাজনৈতিক সার্বভৌমত্বৰ লগত ৰাজহুৱা সাৰ্বভৌমত্বৰ পাৰ্থক্য এইটোৱেই যে প্রথমটোৱে ৰাষ্ট্ৰক নির্বাচক মণ্ডলীক বুজায় আৰু দ্বিতীয়টোৱে সমগ্ৰ জনসাধাৰণৰ হাতত থকা বুজায়।

9. Critically examine the impact of Globalization on Human Rights.

Ans: বর্তমান বিশ্বৰ উদাৰীকৰণ বা গোলকীকৰণ নীতিয়ে যেনেকৈ ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক ইত্যাদি দিশত মানৱ অধিকাৰৰ বিকাশত অৰিহণা যোগাইছে তেনেকৈ উদাৰীকৰণ নীতিয়ে সমাজৰ এক শ্ৰেণীৰ মানুহৰ জীৱনলৈ দুৰ্দশা কঢ়িয়াই অনাৰ লগতে মানৱ অধিকাৰো খৰ্ব কৰিছে।

মানৱ অধিকাৰ আন্তৰ্জাতিকৰণৰ বাবে এতিয়ালৈকে কেইবাখনো আন্তর্জাতিক সন্মিলন অনুষ্ঠিত হৈছে। সেইবিলাকৰ ভিতৰত প্ৰধান সন্মিলনবোৰ হৈছে— টেহৰাণ সন্মিলন, ভিয়েনা সন্মিলন, বছনিয়া সন্মিলন, এংগোলা ঘোষণা আৰু বেইজিঙত অনুষ্ঠিত চতুর্থ বিশ্ব নাৰী সন্মিলন।

মানৱ অধিকাৰ আন্তৰ্জাতিকৰণৰ প্ৰচেষ্টাই বিশ্বৰ জনসাধাৰণৰ ৰাজনৈতিক, অর্থনৈতিক, সামাজিক, সাংস্কৃতিক, নাগৰিক, নাৰী আৰু শিশু অধিকাৰ, গোষ্ঠী অধিকাৰক সুৰক্ষা আৰু মৰ্যাদা প্রদান কৰিবলৈ যত্ন কৰা হৈছে। তেনেকৈ উদাৰীকৰণ বা গোলকীকৰণৰ ব্যৱস্থায়ো বিশ্বৰ বিশ্বৰ জনসাধাৰণৰ বাবে আর্থিক দিশত অধিক অধিকাৰ প্ৰদান কৰাত গুৰুত্ব দিছে। এইক্ষেত্ৰত মানৱ অধিকাৰৰ আন্তৰ্জাতিকৰণ আৰু উদাৰীকৰণৰ উদ্দেশ্য একেই। 

কিন্তু সাধাৰণভাৱে চালে একে যেন লাগিলেও মানৱ অধিকাৰৰ আন্তর্জাতিকৰণ আৰু গোলকীকৰণ প্ৰকৃততে একে নহয় । গোলকীকৰণত জনসাধাৰণৰ অৰ্থনৈতিক অধিকাৰৰ ওপৰত অত্যধিক গুৰুত্ব দিয়া হয়। বিশ্বৰ সকলো জনসাধাৰণৰ বা দেশ অর্থনৈতিকভাৱে স্বচ্ছল নহয়। কিছুমান দেশ জনসাধাৰণৰ অর্থনৈতিক প্রাচুর্য আছে। ইয়াৰ ফলত তেওঁলোকে বিশ্ব বাণিজ্যত মুক্তভাৱে ধন বিনিয়োগ কৰিব পাৰে, বিভিন্ন স্থানত উদ্যোগ বিশ্ব বাণিজ্যত মুক্তভাৱে ধন বিনিয়োগ কৰিব পাৰে, বিভিন্ন স্থানত উদ্যোগ প্রতিষ্ঠা কৰিব পাৰে, উন্নত প্রযুক্তিবিদ্যাৰ দ্বাৰা বৃহৎ পৰিমাণৰ উৎপাদিত সামগ্ৰীৰে বিশ্বৰ বজাৰ দখল কৰিব পাৰে। সেইবোৰ দেশ আৰু পুঁজিপতি শ্রেণীয়ে অবাধ অৰ্থনৈতিক অধিকাৰ উপভোগ কৰিব পাৰে ।

আনহাতেদি বিশ্বৰ সৰহসংখ্যক দেশৰ জনসাধাৰণৰ এতিয়াও দৰিদ্ৰতাৰ কবলত আৱদ্ধ হৈ আছে। এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ বহু দেশ আৰু ইয়াৰ বাসিন্দাসকলৰ সৰহভাগেই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে। অনাহাৰ-অনিদ্ৰাৰ পৰা, বস্ত্ৰ সংস্থাপনৰ সুবিধাৰ পৰা এতিয়াও বঞ্চিত হৈ আছে। সেইবোৰ দেশৰ জনসাধাৰণৰ গৰিষ্ঠসংখ্যক লোক এতিয়াও নিৰক্ষৰ অৱস্থাতেই আছে। কিন্তু এইসকল লোকৰ বাবে মানৱ অধিকাৰ এতিয়াও অর্থহীন শব্দ বুলিহে গণ্য কৰিব পাৰি। এনে অৱস্থাত গোলকীকৰণে এই অভাৱগ্রস্ত, দৰিদ্ৰ লোকসকলৰ জীৱনলৈ দুর্দশাহে নমাই আনিছে।

মানৱ অধিকাৰ আধুনিক সমাজৰ ভেঁটি স্বৰূপ। মানব অধিকাৰৰ অৱমাননাই ব্যক্তিৰ জীৱন দুখময় কৰি তোলাৰ লগতে সামাজিক জীৱনো দুর্বিসহ কৰি তোলে। মানৱ অধিকাৰ বুলিলে বৈষম্যৰ অভাৱক বুজায়। কিন্তু ইতিহাসত সদায় ধনী আৰু দুখীয়া শ্ৰেণীৰ মাজত বৈষম্য থকাৰ প্ৰমাণহে আছে। মানৱ অধিকাৰ সার্বজনীন। এই মানৱ অধিকাৰ সকলোৰে বাবে। কিন্তু গোলকীকৰণে সকলোকে মানৱ অধিকাৰ লাভৰ সুবিধা দিয়া নাই। গোলকীকৰণে মানৱ অধিকাৰ এক পুঁজিপতি ধনী শ্রেণীকহে প্ৰদান কৰি সমগ্ৰ বিশ্বৰ সৰল সংখ্যক লোকৰ অধিকাৰৰ পৰা বঞ্চিতহে কৰিছে।

ৰাষ্ট্ৰই অন্যান্য অধিকাৰৰ লগতে অর্থনৈতিক অধিকাৰ সুৰক্ষা দিয়াত অগ্ৰাধিকাৰ দিব লাগে, কিন্তু বৰ্তমানৰ ৰাষ্ট্ৰ ব্যৱস্থাই গোলকীকৰণৰ নামত মানৱ অধকাৰ ৰক্ষা কৰাৰ পৰিৱৰ্তে এনে অধিকাৰ খৰ্ব কৰাতহে লিপ্ত হৈছে। ভাৰত চৰকাৰে ১৯৯১ চনৰে পৰা বজাৰ ভিত্তিত গোলকীকৰণ ব্যৱস্থা গ্ৰহণ কৰি অৰ্থনৈতিক সংস্কাৰৰ নামত শ্রমিক কৃষক আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকৰ অধিকাৰ খৰ্ব কৰাত আগভাগ লৈছে। ভাৰতৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহে বিশ্ব বেংক (World Bank) আৰু আন্তৰ্জাতিক মুদ্ৰানিধিৰ (International Monetary Fund) পৰা বৃহৎ পৰিমাণৰ আৰ্থিক ঋণ গ্ৰহণ কৰিছে। এই ঋণ গ্ৰহণ কৰোঁতে চৰকাৰে কিছুমান চৰ্ত মানি ল’ব লাগে ৷ এই চৰ্তসমূহে কিন্তু দৰিদ্ৰ শ্রমিক, বেতনভোগী কৰ্মচাৰী, জনসাধাৰণ সকলোৰে সামগ্ৰিক জীৱন প্ৰভাৱিত কৰিছে। এই গোলকীকৰণ নীতিৰ ফলত এক শ্ৰেণী পুঁজিপতি বিত্তবান হৈছে আৰু বৃহৎ সংখ্যক লোক চৰম দৰিদ্ৰতাৰ ফালে আগবাঢ়ি গৈছে।

উদাৰীকৰণৰ ফলত সমাজৰ বৃহৎ সংখ্যক লোক অধিকাৰৰ পৰা বঞ্চিত হৈছে। আধুনিক প্রযুক্তি আৰু উদ্যোগীকৰণৰ ফলত উদ্যোগবোৰত বহুসংখ্যক শ্রমিক কর্মবিহীন আৰু নিবনুৱা হৈ পৰিছে। মুদ্রাস্ফীতি প্ৰায় ১২ শতাংশ হৈছে। এনে পৰিপ্ৰেক্ষিতত বেতনভোগী কৰ্মচাৰীক দিয়া মৰগীয়া বানচ মূল্যহীন হৈ পৰিছে। | ফলত সাধাৰণ লোকৰ ক্ৰয় ক্ষমতা হ্ৰাস পাইছে। সাধাৰণ লোকে প্রয়োজনীয় সামগ্ৰী যোগাৰ কৰিব পৰা নাই। বহু চৰকাৰী বিভাগ বেচৰকাৰী কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলস্বৰূপে শ্রমিক-কৰ্মচাৰীৰ অধিকাৰ পুঁজিপতি শ্ৰেণীৰ বহতীয়া কৰি তোলা হৈছে।

বজাৰ ভিত্তিক অর্থনীতি গ্ৰহণ কৰাৰ ফলস্বৰূপে খালী পদ সমূহত নিয়োগৰ ব্যৱস্থা বন্ধ কৰা হৈছে। তাৰ ফলত নিবনুৱা সমস্যা বৃদ্ধি পাইছে। ঠিকা ভিত্তিক নিয়োগৰ ব্যৱস্থাক প্রাধান্য দিয়া হৈছে। চৰকাৰী বিভাগবোৰৰ কাম-কাজ Qutsouringrlৰ যোগেদি কৰাৰ বাবে পদবোৰ বিলুপ্তি হোৱাৰ পথ প্ৰশস্ত হৈছে।

গোলকীকৰণৰ নামত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চৰকাৰী সাহায্য (subsidy) পর্যায়ক্রমে উঠাই লোৱা হৈছে। ফলস্বৰূপে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোকসকলে অধিক দামত সামগ্রী ক্রয় কৰিব লগা হৈছে। ইয়াৰ বাবে দৰিদ্ৰ সকলৰ অৱস্থা অৱনতি হৈছে।

গোলকীকৰণৰ নামত বিভিন্ন দেশৰ পুঁজিপতিসকলে বৃহৎ উদ্যোগ গোষ্ঠীবোৰে পৃথিৱীৰ যিকোনো ঠাইত লাভৰ আশাত বৃহৎ বৃহৎ উদ্যোগ প্রতিষ্ঠা কৰিবলৈ আগবাঢ়ি আহিছে। বৃহৎ বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ কাম হাতত লোৱা হৈছে। নদীৰ ওপৰত ডাঙৰ ডাঙৰ বান্ধ নিৰ্মাণ কৰিছে। এনে আঁচনিবিলাকত লাভৰ আশাত চৰকাৰেও সহযোগ কৰিছে। উদ্যোগৰ নামত স্থানীয় লোকক অপসাৰণ কৰা হৈছে। অপসাৰণ কৰা লোকক উপযুক্ত পৰিৱেশত সংস্থাপন নকৰি এক শ্ৰেণী লোকৰ অধিকাৰ খৰ্ব কৰা হৈছে। নদীৰ ডাঙৰ বান্ধ ভাগি যোৱাৰ বাবে বা বান্ধৰ পানী খুলি দিয়াৰ বাবে প্রলয় সদৃশ বানপানী সৃষ্টি লৈ লাখ লাখ লোক গৃহহীন হৈছে। উপযুক্ত সাহায্য, চিকিৎসা, খোৱাপানীৰ অভাৱত জীয়াতু ভুগিব লগা হৈছে। ইয়াতকৈ ভয়ংকৰ বিপদ হৈছে লাখ লাখ বিঘা মাটিৰ শস্য বানপানীয়ে উটুৱাই নিছে, ঘৰ-দুৱাৰ উটি গৈছে ৷ উদাৰীকৰণৰ নামত বৃহৎ সংখ্যক লোকৰ অধিকাৰৰ অৰ্থ নাইকিয়া হৈছে।

মুক্ত বাণিজ্য অঞ্চল Fez (Free Economic zone) প্রতিষ্ঠা কৰি ভাৰতৰ বিভিন্ন ঠাইত জনসাধাৰণক গৃহহীন কৰাৰ অভিযোগ উত্থাপিত হৈছে। এনে অঞ্চলবিলাকত শ্রমিকৰ ট্রেড ইউনিয়ন গঠনৰ ক্ষমতা নাইকিয়া কৰা হৈছে। শ্রমিকক বন্ধ শ্ৰমিকলৈ ৰূপান্তৰ কৰা হৈছে। পশ্চিমবংগত এনে মুক্ত বাণিজ্য অঞ্চল প্রতিষ্ঠা কৰিবলৈ যাওঁতে গোষ্ঠীগত সংঘাত সংঘটিত হোৱাৰ বেছি দিন হোৱা নাই। এই সংঘৰ্ষত বহু লোকে প্রাণ দিব লগাও হৈছিল। এনেদৰে মুক্ত বাণিজ্য নীতিৰ ফল জনজীৱনৰ জীয়াই থকাৰ অধিকাৰ বিপদাপন্ন হৈছে। পৃথিৱীৰ বিভিন্ন প্ৰান্তত গোলকীকৰণৰ বিৰুদ্ধে জনসাধাৰণে বিক্ষোভ প্ৰদৰ্শন কৰিব লগা হৈছে।

10. Write the relationship between the globalization and Culture.

Ans: বিশ্বায়ন আৰু সংস্কৃতি এই দুয়োটা দুয়োটাৰে পৰিপূৰক বুলি ক’ব পাৰি। বিশ্বায়ন হৈছে এনে এক প্রক্রিয়া যি যাতায়াত আৰু যোগাযোগক প্রধান আহিলা হিচাপে লৈ সমগ্র বিশ্বক এক সৰু ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলে। এইক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায় অতি লক্ষ্যণীয়। বিশ্বায়নে সমগ্র বিশ্বতে এক আন্তঃৰাষ্ট্ৰীয় বাণিজ্য গঢ়ি তোলে আৰু এক মিশ্র সংস্কৃতি সৃষ্টি কৰে। বিশ্বায়নৰ ক্ষেত্ৰত সংস্কৃতিৰ প্ৰভাৱ অপৰিসীম। বিশ্বায়ন প্ৰক্ৰিয়াই সমগ্ৰ বিশ্বৰ জনসমাজক এক আধুনিক জীৱনৰ বাট দেখুৱাইছে। সমগ্ৰ বিশ্বৰ জীৱনশৈলীক আধুনিকতাৰ ৰূপেৰে পৰিৱৰ্তন সাধন কৰিছে। মানুহৰ মনত এক আধুনিক চিন্তাৰ উন্মেষ ঘটায়। বিশ্বত আধুনিকতাৰ সৃষ্টি কৰে এই বিশ্বায়ন প্রক্রিয়াই। এই আধুনিকতাৰ ধাৰণাটো সংস্কৃতিৰ লগত জড়িত। বিশ্বায়ন আৰু অৰ্থনীতিৰ মাজত খুব ওচৰ সম্পৰ্ক আছে আৰু এই অর্থনীতি সমাজৰ সংস্কৃতিৰ লগত বিশেষভাৱে জড়িত। 

এখন সমাজৰ অৰ্থনীতিৰ ওপৰত ভিত্তি কৰিয়েই কেতিয়াবা সংস্কৃতি গঢ়ি উঠে। সংস্কৃতিৰ সংজ্ঞাসমূহতে দেখা যায় যে ইয়াত বস্তুবাদী আৰু অ বস্তুবাদী সমল জড়িত হৈ থাকে। গতিকে অর্থনীতি আৰু সংস্কৃতিৰ মাজত সম্বন্ধ দেখা যায়। বিশ্বায়ন প্রক্রিয়া সমগ্র বিশ্বতে ব্যাপ্ত হোৱা দেখা যায়। ই নতুন পৰিৱেশৰ লগত বিশ্ববাসীয়ে নিজকে খাপ খুৱাই চলি যাবলৈ হ’লে সামাজিকীকৰণৰ প্ৰয়োজন। এই সামাজিকীকৰণ প্ৰক্ৰিয়াৰ বাবে সংস্কৃতিৰ প্ৰয়োজন। সমাজত প্রচলিত নতুনক গ্রহণ কৰিবলৈ সংস্কৃতিৰ সহায়ৰ প্ৰয়োজন। সংস্কৃতিৰ বিকিৰণ আৰু বিশ্বায়ন দুয়োটাৰ মাজত গভীৰ সম্পৰ্ক আছে। সাংস্কৃতিক বিকিৰণৰ বিষয়ে আলোচনা কৰিলেই আমি বিশ্বায়নৰ লগত সংস্কৃতিৰ সম্পৰ্ক বুজিব পাৰিম।

বিশ্বৰ প্ৰতিখন সমাজৰে নিজস্ব কিছুমান সংস্কৃতি আছে। সেইদৰে প্ৰতিখন সমাজৰে বিভিন্ন ব্যক্তিৰ জীৱন নিৰ্বাহৰ কাৰণে কিছুমান মৌলিক সমস্যা আছে আৰু সেইবোৰ সমাধানৰ কাৰণে নিজে কিছুমান উপায় উদ্ভাৱন কৰি লয়। এই বিভিন্ন উপায়সমূহ এটা সমূহত সংস্কৃতিৰ বস্তু হিচাপে গঢ় লৈ উঠে। সমাজভেদে পৃথক পৃথক সংস্কৃতিৰ পৰিচয় থাকিলেও বিশ্বৰ কোনো এখন সমাজৰ সংস্কৃতি সেইখন সমাজৰ নিজস্ব সংস্কৃতিৰ উপাদানসমূহক সামৰি লৈয়ে গঢ় লৈ উঠিছে বুলি ক’ব নোৱাৰি। কাৰণ পৃথিৱীৰ সকলো দেশৰ সংস্কৃতিয়েই কম-বেছি পৰিমাণে সংমিশ্ৰণ আৰু সংযোজনৰ ফলত গঢ় লৈ উঠে। এই ক্ষেত্ৰত বিশেষকৈ সঞ্চিতকৰণ, বিক্ষিপ্তকৰণ, উপযোগীকৰণ আৰু সদৃশকৰণ আদি প্ৰক্ৰিয়াৰ জৰিয়তে এখন সমাজৰ পৰা আন এখন সমাজলৈ সংস্কৃতিৰ প্ৰসাৰ ঘটে।

সঞ্চিতকৰণ হ’ল মানুহে যিবোৰ জ্ঞান জীৱনত আহৰণ কৰে, সেই জ্ঞানৰ পৰিসৰ সুদূৰ প্ৰসাৰী প্ৰতিফলিত হয়। সমাজৰ মানুহে লেখি বা দেখি অথবা থেকি শিকা জ্ঞানে পিছৰ কালত মানুহৰ জীৱন যাত্ৰাত বহুতো পৰিৱৰ্তন আনি দিয়ে। এনে সঞ্চিত জ্ঞানে পিছৰ পুৰুষত বংশানুক্রমে প্রবাহিত হৈ থাকে। সেইদৰে এজন ব্যক্তিৰ পৰীক্ষা-নিৰীক্ষাৰ জ্ঞানে এখন সমাজক অথবা বিশ্ববাসীকে উন্নতিৰ পথত আগুৱাই লৈ যাব পাৰে। 

বিক্ষিপ্তকৰণৰ সহায়ত আহৰণ কৰা নতুন নতুন ভাৱ গ্ৰহণ কৰি স্বীকৃত সংস্কৃতিৰ প্ৰধান নিৰীক্ষণৰ সৈতে উপযোগী কৰি লোৱা হয়।

এখন দেশৰ বা সমাজৰ সংস্কৃতিয়ে আন এখন দেশৰ বা সমাজৰ সংস্কৃতিৰ সংস্পৰ্শলৈ আহি কেতিয়াবা নিজস্বতা হেৰুৱাই পেলোৱাৰ উপক্ৰম কৰে আৰু উভয় সংস্কৃতি মিলি এক নতুন ৰূপত গঢ় লৈ উঠে। তাকে সদৃশকৰণ বোলা হয়

ওপৰত উল্লেখ কৰা প্ৰক্ৰিয়াসমূহৰ মাধ্যমেদি এখন দেশ বা সমাজৰ পৰা আন এখন সমাজ বা দেশলৈ সংস্কৃতিৰ প্ৰসাৰ ঘটি আহিছে। গতিকে দেখা গ’ল যে বিশ্বায়ন প্ৰক্ৰিয়াক সম্প্ৰসাৰণ কৰাত এই বিকিৰণ প্ৰক্ৰিয়াৰ প্ৰভাৱ দেখা গ’ল। সংস্কৃতিৰ বিকিৰণৰ বাবেই বিশ্বায়নৰ প্ৰভাৱ বিশ্বৰ প্ৰতিটো দিশলৈ তীব্ৰ গতিত ধাৱমান হ’ব পাৰিছে। মুক্ত বজাৰ আজি বিশ্ব ব্যাপ্ত হৈ পৰিছে এই বিকিৰণৰ সহায়। বর্তমান যুগত প্ৰযুক্তিবিদ্যাৰ উন্নতি আৰু ইয়াৰ বহুল প্ৰয়োগৰ ফলত সমাজত নতুন সামাজিক মূল্যবোধ, প্রতিমান, বিশ্বাস আদি সৃষ্টি হব ধৰিছে। ফলস্বৰূপে সমাজত কিছুমান নতুন সংস্কৃতিৰ জন্ম হয়। দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সামগ্রী উৎপাদন, উৎপাদনৰ নতুন সঁজুলি, দর্শন, বিশ্বাস, যন্ত্রপাতি ইত্যাদিৰ কথা ক’ব পাৰি। আজি অর্থনৈতিক দিশত আধুনিক উৎপাদন সঁজুলি আদি প্রয়োগ কৰাৰ ফলত আৰ্থিক দিশত উন্নতি লাভ কৰাই নহয়। ইয়াৰ লগতে সমাজত মানুহৰ আচাৰ ব্যৱহাৰ, ৰীতি-নীতি আদিৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক ধৰ্মীয় শিক্ষা পদ্ধতি, ভাষা, শিল্প-কলা ইত্যাদি দিশত দ্ৰুতগতিত পৰিৱৰ্তন হৈছে। ই হৈছে বিশ্বায়নৰ প্ৰভাৱ। এই প্রভাৱক সমগ্ৰ বিশ্বতে বিয়পি পৰাত সহায় কৰিছে সাংস্কৃতিক বিকিৰণে।

এখন সমাজৰ মানুহক কি গ্রহণযোগ্য বা কি গ্রহণযোগ্য নহয়, এই বিষয়ে জ্ঞান প্রদান কৰে সেই সমাজৰ সংস্কৃতিয়ে। বিশ্বায়নৰ প্রভাৱ আজি সমগ্ৰ বিশ্বতে পৰিছে, কাৰণ সমাজে ইয়াক গ্ৰহণ কৰিছে। গতিকে আমি ওপৰৰ আলোচনাৰ ভিত্তিত ক’ব পাৰো সাংস্কৃতিক আৰু বিশ্বায়নৰ সমাজৰ সম্পৰ্ক অতি গভীৰ। ইটো সিটোৰ সদায়ৰ পৰিপূৰক

11. What is religion? Show the relationship between religion and globalisation.

Ans: ধৰ্মৰ ব্যাপকতাৰ প্ৰতি লক্ষ্য কৰি ইয়াৰ অৰ্থ বা সংজ্ঞা দিয়াতো সহজ নহয় যদিও সমাজতত্ত্ববিদসকলে যথেষ্ট অধ্যয়ন কৰি ধৰ্মৰ সংজ্ঞা আগবঢ়াইছে। কিছুমানৰ মতে ঈশ্বৰ বা দেৱ-দেৱীক পূজা কৰা, আন কিছুমানৰ মতে প্ৰাকৃতিক বস্তু, ভূত প্ৰেত আদিক পূজা কৰা। আকৌ আন কিছুমানৰ মতে নৈতিকতা, অহিংসা, নীতি-নিয়ম মানি চলাই ধর্ম। সমাজতাত্ত্বিয় ভাষাত ধর্ম হ’ল কিছুমান অলৌকিক শক্তিৰ ওপৰত থকা মানুহৰ গভীৰ বিশ্বাস আৰু সেই বিশ্বাসৰ ওপৰত ভিত্তি কৰি প্ৰদৰ্শন কাৰ কিছুমান বিশেষ আচৰণ আৰু কাৰ্য-কলাপৰ সমষ্টি। মানুহে নানা কাৰণত কিছুমান বিশেষ অদৃশ্য শক্তিৰ ওপৰত বিশ্বাস কৰি আহিছে। জন্ম-মৃত্যু, অপায়-অমংগল, সুখ-দুখ, বেমাৰ-আজাৰ আদি ঘটনাবোৰ মানুহৰ জীৱনত সচৰাচৰ ঘটি থাকে। এইবোৰ কোনো অদৃশ্য শক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ থকা বুলি মানুহে বিশ্বাস কৰি আহিছে। তদুপৰি সমগ্ৰ পৃথিৱী আৰু ইয়াৰ জীৱ-জন্তুৰ, গ্ৰহ-নক্ষত্ৰ আদি কোনোবা অদৃশ্য শক্তিৰ দ্বাৰাই সৃষ্টি হোৱা বুলি ধাৰণা কৰি আহিছে। এনে এটা বিশ্বাসৰ বশৱৰ্তী হৈ সেই অদৃশ্য অতিমানৱ শক্তিৰ সন্তুষ্টি দয়া, সহানুভূতি, আশীর্বাদ আদিৰ বাবে কিছুমান কার্যকলাপ সম্পন্ন কৰা হয়। 

এই কার্যকলাপ আৰু আচৰণবোৰ প্ৰাৰ্থনা, নৃত্য, পূজা পাতল আদি বিভিন্ন ৰূপত দেখা যায় আৰু অতিমানৱ অদৃশ্য শক্তিক ভগৱান, দেৱ-দেৱী, ভূত-প্রেত আদি ৰূপে কল্পনা কৰে আৰু সেইবিলাকৰ সন্তুষ্টিৰ বাবে কৰা পূজা-পাতল, গীত-নৃত্য আদি বিভিন্ন কাৰ্য আৰু আচৰণ প্ৰণালীৰ সমষ্টিকে ধৰ্ম বুলি কোৱা হয়।

অগৰ্বান আৰু নিমকফৰ মতে, ‘ধৰ্ম হৈছে মানুহৰ ঐশ্বৰিক শক্তিৰ প্ৰতি থকা বিশ্বাস।’

মেক আইভাৰ আৰু পেজৰ মতে, ‘আমি বুজা মতে ধর্মই কেৱল মানুহৰ মাজত সম্পর্ককে নুবুজায়। ই মানুহ আৰু কিছুমান উচ্চ শক্তিৰ মাজৰ সম্পর্ককো সূচায়। তেওঁলোকে যি উচ্চ শক্তিৰ কথা কৈছে, সিয়েই অলৌকিক শক্তি বুলিব পাৰি ।

ইমাইল দুৰখেইমৰ মতে, ‘ধৰ্ম বিশ্বাস আৰু ৰীতি-নীতিৰ সমষ্টি, যি বিশ্বাসে কিছুমান বস্তুক পবিত্ৰ আৰু আন কিছুমানক অপবিত্র বুলি গণ্য কৰে আৰু একোটা ধৰ্মীয় সমূহৰ সৃষ্টি কৰে।”      

ওপৰৰ, সংজ্ঞাৰ পৰা এইটোৱেই বুজা যায় যে ধৰ্ম হৈছে অলৌকিক শক্তিৰ ওপৰত থকা এক বিশ্বাস আৰু এই বিশ্বাসৰ বাবে কৰা কিছুমান পূজা পাতল।

বিশ্বায়ন আৰু ধৰ্ম এই দুয়োটা অৱধাৰণা পৃথক যদিও বিশ্বায়নৰ প্ৰভাৱ ধৰ্মৰ ওপৰত নথকা নহয়। সম্প্রতি বিশ্বায়নে সমগ্ৰ বিশ্বৰ সকলো দিশতে গ্রাস কৰাৰ লগতে ধৰ্মীয় সংস্থাৰ ওপৰতো প্রভাব পেলাইছে। পূর্বতে, ধৰ্ম এক কঠোৰ সংস্থা। প্রত্যেক ধৰ্মৰে নির্দিষ্ট কিছুমান নীতি-নিয়ম থাকে। এই নীতি-নিয়মসমূহ ইয়াৰ সদস্যসকলে মানি চলিবলৈ বাধ্য। অন্যথা ইয়াৰ বাবে শাক্তি ভুগিবলগা হয়। সামাজিক শিক্ষা আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ধৰ্মই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছিল। সাম্প্রতিক বিশ্বায়নে ধৰ্মৰ ওপৰত থকা এই বাধা-নিষেধবোৰ শিথিল কৰি তুলিছে। 

বৰ্তমান মানুহে নিজৰ ইচ্ছা অনুসৰি ধৰ্ম সলনিও কৰিব পৰা হ’ল। বিশ্বায়নে প্রভাৱ পেলোৱা যাতায়াত আৰু যোগাযোগ ব্যৱস্থা, উদ্যোগীকৰণ, আধুনিকীকৰণ, শিক্ষাৰ উন্নতি আদিয়ে ধৰ্ম নামৰ সামাজিক সংস্থাটো বহু পৰিমাণে সলনি কৰি পেলালে। সকলো ধৰ্মৰ মাজত বৰ্তমান সম্পর্ক স্থাপন হ’ল। জাতি-ধর্ম নির্বিশেষে বর্তমান সকলো মানুহেই সমাজত সকলোতে অংশ লব পৰা হ’ল। ধৰ্ম নিৰপেক্ষ ধাৰণাই সমগ্ৰ বিশ্বকে প্ৰভাৱান্বিত কৰিলে। এই ধাৰণাৰ সম্প্ৰসাৰণত বিশ্বায়নৰ প্ৰভাৱ আছে। বিশ্বায়নে যিদৰে সমগ্র বিশ্বকে এক ক্ষুদ্র সমাজ হিচাপে গঢ়ি তুলিলে, সেইদৰে সমগ্র বিশ্বকে এক ধর্মীয় গোট হিচাপে প্রতিষ্ঠা কৰিলে। ধৰ্মৰ নামত পূৰ্বৰ ভেদাভেদসমূহ কমি গ’ল। 

12. Will Kymlicka’s Multiculturalism?

Ans: উইল কিমলিকাৰৰ বহুসাংস্কৃতিকবাদৰ তত্ত্ব : উইল কিমলিকা এজন কানাডাৰ ৰাজনৈতিক দার্শনিক। তেওঁ Liberal community, culture নামৰ গ্ৰন্থখনত বহুসাংস্কৃতিবাদৰ এক তাত্ত্বিক বিশ্লেষণ দাঙি ধৰিছিল। তেওঁৰ মতে, প্রতিজন ব্যক্তিৰেই সাংস্কৃতিক গোষ্ঠীৰ সদস্যপদৰ অধিকাৰ থাকিব লাগে। কিমলিকাৰৰ মতে এজন ব্যক্তিৰ অধিকাৰ, আন এজন ব্যক্তিৰ আপেক্ষিকতাত থকা সুবিধা। অর্থাৎ অধিকাৰসমূহ আপেক্ষিক। কিমলিকাৰে বহুসংস্কৃতিবাদ ধাৰণাটো ব্যাখ্যা কৰোঁতে তিনিটা আধকাৰৰ প্ৰসংগ উল্লেখ কৰিছে।

সেই অধিকাৰসমূহ হ’ল—

(১) স্ব-শাসনৰ অধিকাৰ।

(২) বহুগোষ্ঠীয় অধিকাৰ।

(৩) বিশেষ প্রতিনিধিত্বৰ অধিকাৰ ।

কিমলিকাৰৰ মতে এই তিনিওটা অধিকাৰৰ বাস্তৱ প্ৰয়োগৰ মাজেৰে বহুসাংস্কৃতিকবাদৰ আধাৰ গঢ়ি উঠে। তেওঁৰ মতে, সংখ্যালঘু গোষ্ঠীসমূহৰ মাজৰ বৈষম্য দূৰ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ সহায়ৰ প্ৰয়োজন হয় । ৰাষ্ট্ৰৰ বিভিন্ন নীতিৰ জৰিয়তেহে বহুসংস্কৃতিবাদী সমাজ প্রতিষ্ঠা কৰিব পৰা যায়। কিমলিকাৰে বহুসাংস্কৃতিবাদৰ আলোচনা কৰি এখন সমাজত সংখ্যালঘু সমুদায়ে সন্মুখীন হোৱা সমস্যাসমূহৰ কথা উল্লেখ কৰিছে। তেওঁৰ মতে যদিহে সখ্যাগৰিষ্ঠসকলৰ সংস্কৃতি সংখ্যালঘুৰ ওপৰত জাপি দিয়া হয়, তেন্তে সংখ্যালঘুসকল এক গভীৰ সমস্যাৰ সন্মুখীন হ’ব। এনে পৰিস্থিতিত সংখ্যালঘুসকল একাষৰীয়া বা প্ৰান্তিয় হৈ পৰে।

কিমলিকাৰে সংখ্যালঘুসকল এনে বিপদৰ সন্মুখীন নহ’বৰ বাবে কিছুমান পৰামৰ্শ দিছে। তেওঁৰ মতে বহুসংস্কৃতিবাদী নীতি বা আঁচনি, স্ব-শাসন, ভাষাৰ অধিকাৰ, ভূমিৰ অধিকাৰ আদিৰ জৰিয়তে সংখ্যালঘুক বিপদমুক্ত কৰিব পৰা যায়। অৱশ্যে তাৰ বাবে ৰাষ্ট্ৰ সহায় সহযোগৰ প্ৰয়োজন আছে। ৰাষ্ট্ৰই বিভিন্ন ব্যৱস্থা ল’লেহে সংখ্যালখুৰ সুৰক্ষা সম্ভৱপৰ হ’ব। এনে ব্যৱস্থাসমূহৰ অন্যতম বহুসংস্কৃতিবাদ।

কিমলিকাৰে বহুসংস্কৃতিবাদ তত্ত্বটো আগবঢ়াওঁতে সংখ্যালঘুৰ ৫ টা ভাগত বিভাজন কৰিছিল। তেওঁৰ মতে পাশ্চাত্য গণতান্ত্রিক ৰাষ্ট্ৰসমূহক এই পঁচা প্ৰকাৰৰ সংখ্যালঘু আছে।

(ক) জাতীয় সংখ্যালঘু।

(খ) প্ৰৱজনকাৰী গোষ্ঠী।

(গ) নৃ-ধর্মীয় গোষ্ঠী।

(ঘ) অবৈধ প্ৰব্ৰজনকাৰী।

(ঙ) আফ্রিকীয় মার্কিন।

(ক) জাতীয় সংখ্যালঘু : কিমলিকাই জাতীয় মর্যাদা পাবলৈ সংগ্ৰাম কৰি থকা সংখ্যালঘু জাতীয় গোষ্ঠীবোৰক জাতীয় সংখ্যালঘু বুলি কৈছে। সাধাৰণতে এখন ডাঙৰ ৰাষ্ট্ৰ আসনৰ বলী হৈ এই গোষ্ঠীসমূহে নিজৰ ৰাষ্ট্ৰীয়তা হেৰুৱাব লগা হৈছে। তেওঁ লগতে বিদেশী প্ৰৱজনকাৰীৰ হাতত নিজৰ ভূমি হেৰুৱা লোকসকলকো জাতীয় সংখ্যালঘু আখ্যা দিছে। কিমলিকাৰ মতে, প্রায় সকলোবোৰ সমাজ ব্যৱস্থাতে, য’ত ভিন্নতা আছে। তাত এনেধৰণৰ সংখ্যালঘু দেখা পোৱা যায়।

(খ) প্ৰব্ৰজনকাৰী গোষ্ঠী : যিবোৰ জনগোষ্ঠীয়ে নিজৰ ঠাই এৰি আন ঠাইলৈ প্ৰব্ৰজন কৰিছে, তেওঁলোকক কিমলিকাৰে প্ৰজনকাৰী গোষ্ঠী আখ্যা দিছে। সাধাৰণতে অৰ্থনৈতিক আৰু ৰাজনৈতিক কাৰণত এই লোকসকলে নিজৰ স্থান এৰি আন ঠাইত বসবাস কৰিবলৈ আৰম্ভ কৰে। অৱশ্যে কিমলিকাই নাগৰিক হোৱাৰ অধিকাৰ থকা প্ৰব্ৰজনকাৰীকহে এই ভাগত সামৰি লৈছে।

(গ) নৃ-ধর্মীয় গোষ্ঠী : পৃথিৱীত এনে বহুতো নৃ-ধর্মীয় গোষ্ঠী আছে যিবোৰ গোষ্ঠীয়ে স্ব-ইচ্ছই নিজক সমাজ আৰু ৰাষ্ট্ৰ ব্যৱস্থাৰ পৰা আঁতৰাই ৰাখে। তেওঁলোকে ৰাষ্ট্ৰৰ কাম-কাজত অংশ ল’ব নিবিচাৰে। প্ৰধানতঃ ধৰ্মীয় কাৰণত তেওঁলোকে নিজক আনৰ পৰা পৃথক কৰি ৰাখে। ।

(ঘ) অবৈধ প্ৰব্ৰজনকাৰী : কিমলিকাৰে অবৈধ প্ৰৱজনকাৰীসকলকো সংখ্যালঘু বুলি গণ্য কৰিছিল। অবৈধ প্ৰব্ৰজনকাৰীসকল অবৈধভাৱে প্ৰৱেশ কৰি এখন ৰাষ্ট্ৰত বসবাস কৰি থাকে অথবা অনুমতি সময়চোৱাতকৈ অধিক কাল বসবাস কৰি থাকে। তেওঁলোক প্ৰৱেশ কৰাৰ সময়ত তেওঁলোকক নাগৰিকত্ব প্ৰদানৰ পৰিকল্পনা কৰা নহয়। কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে সেই ৰাষ্ট্ৰৰ স্থায়ী বাসিন্দা হৈ পৰে।

(ঙ) আফ্রিকীয় মার্কিন : আফিকাৰ পৰা যোৱা দাসসকলক ১৭ শতিকাৰ পৰা ১৯ শতিকাত আমেৰিকাত দাস বনুৱা হিচাপে গণ্য কৰা হৈছিল। যিহেতু তেওঁলোক দাস আছিল সেয়ে তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰাৰ চেষ্টা কৰা নাছিল। এই কৃতদাসসকলৰ বংশধৰকেই আফিকীয় মার্কিন বুলি কোৱা হয়। ১৮৬০ চনত আমেৰিকাত এই দাসসকলৰ নাগৰিকত্ব প্ৰদান কৰা হয়। এই আফ্রিকীয় মার্কিনসকলে ব্যাপক গণআন্দোলনৰ মাধ্যমেৰে নিজৰ অধিকাৰৰ দাবী কৰিছিল। কিমলিকাৰে এনে সংখ্যালঘুৰ কথাও বহুসংস্কৃতিবাদ ধাৰণাত অন্তৰ্ভুক্ত কৰিছিল।

গতিকে কিমলিকাৰৰ বহুসংস্কৃতিবাদ ধাৰণা অনুসৰি সংখ্যাগৰিষ্ঠভিত্তিত গণতন্ত্ৰত বিভিন্ন ক্ষুদ্র জনগোষ্ঠীসমূহৰ প্ৰতি অন্যায় হয়। ৰাষ্ট্ৰীয় নীতিৰ জৰিয়তে এনে অন্যায়ৰ অন্ত পেলাব লাগে বুলি বহুসংস্কৃতিবাদে বিশ্বাস কৰে। 

13. Theory of Jeremy Waldron.

Ans: বহুসংস্কৃতিবাদৰ এটা গুৰুত্বপূৰ্ণ তত্ত্ব আগবঢ়াইছে জেৰেমি ওৱালদ্বনে। তেওঁ চলমান ৰচদিৰ বহু বিতর্কিত গ্রন্থ ‘The Stanic Verses’ৰ ভিত্তি হিচাপে লৈ এই তত্ত্ব আগবঢ়াইছে। তেওঁৰ মতে বহুসংস্কৃতিবাদ নীতি উদাৰবাদ আৰু সামুহিকবাদৰ বিৰোধী। বহুসংস্কৃতিবাদে উদাৰবাদৰ এক বিকল্প ধাৰণা আগবঢ়াইছে। ওৱালড্ৰনৰ ধাৰণাই বহুত্ববাদৰ সমৰ্থন কৰে। তেওঁৰ মতে বহল অৰ্থত মানুহৰ সংস্কৃতিৰ প্ৰয়োজন আছে যদিও কেৱল এটা সংস্কৃতিৰ মাজতে আবদ্ধ থকাটো অপ্রয়োজনীয়। বহুবোৰ সংস্কৃতিৰ সংযোজনে সৃষ্টি কৰা এক বহুমাত্ৰীয় সংস্কৃতিৰো মানুহৰ জীৱন-যাপনৰ বাবে অতি প্রয়োজনীয়। জেৰেমি ওৱালড্ৰনৰ ধাৰণাই সাংস্কৃতিক ভিন্নতাক উপযুক্ত মর্যদা দিয়াত গুৰুত্ব দিছে।

জেমচ টুলিৰ তত্ত্ব (Theory of James Tully) : জেমচ টুলি কানাডাৰ এজন ৰাজনৈতিক দার্শনিক আছিল । তেওঁ বহুসাংস্কৃতিবাদৰ পটভূমিত সাংস্কৃতিক ভিন্নতাৰ তত্ত্বটো আগবঢ়াইছিল। টুলিৰ বহুসাংস্কৃতিবাদ তত্ত্ববটোত দৰ্শন আৰু নৃ-তত্ত্বৰ প্ৰভাৱ দেখা পোৱা যায়। টুলিয়ে গীটজৰ নৃ-তত্বৰ ধাৰণা আৰু লুডুইজ উইটগেনষ্ট্ৰেইনৰ দৰ্শনৰ ধাৰণাৰ পটভূমিত বহুসংস্কৃতিবাদ ধাৰণাটোৰ ব্যাখ্যা কৰিছে । টুলিয়ে আধুনিক সাংবিধানিকতাবাদ সমালোচনা কৰিছিল । আধুনিক সাংবিধানিকবাদে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব,নিয়মীয়তা, একতা আদিৰ ওপৰত গুৰুত্ব দিয়ে। জেমচ টুনিৰ মতে উপনিৱেশিকবাদে প্রাচীন সাংবিধানিকতাবাদ আৰু আধুনিক সাংবিধানিকতাবাদৰ মাজত সংঘাতৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত সাংস্কৃতিক বিবাদৰ সৃষ্টি হৈছে। 

কিমলিকাৰ, জেৰেমি ওৱালড্ৰন আৰু জেমচ টুলিৰ ওপৰিও এডৱাৰ্ড চেইডেৰ বহুসংস্কৃতিবাদৰ ধাৰণাটো গুৰুত্বপূৰ্ণ ধাৰণাসমূহৰ অন্যতম। এডৱার্ড চেইজে ১৯৯১ চনত ‘Orientalism: Western Conceptions of the Orient’ আৰু ১৯৯৩ চনত Cultural and Imperialism নামৰ গ্ৰন্থ দুখনত বহুসংস্কৃতিবাদৰ প্ৰসংগ উত্থাপন কৰিছিল। চেইডৰ মতে ৰাষ্ট্ৰ আৰু সমাজ তথা বিভিন্ন ৰাজনৈতিক গোষ্ঠীসমূহৰ মাজত সমন্ধ ৰক্ষাৰ ক্ষেত্ৰত সংস্কৃতিৰ এক গুৰুত্ব আছে।

জন ৰাউলচ বহুসংস্কৃতিবাদৰ এজন অন্যতম চিন্তাবিদ। তেওঁ ১৯৯৩ চনত প্ৰকাশিত ‘Political Liberalism’ ৰ বহুসংস্কৃতিবাদৰ বিষয়ে বর্ণনা আগবঢ়াইছিল। তেওঁৰ মতে বহুসাংস্কৃতিবাদে সাংস্কৃতিক ভিন্নতাক গ্ৰহণ কৰি লৈছে। তেওঁৰ মতে সাংস্কৃতিক ভিন্নতা যুক্তিবাদী বহুত্ববাদৰ ওপৰত প্ৰতিষ্ঠিত হ’ব লাগিব । এনে যুক্তিবাদী ধাৰণাই উদাৰনৈতিক ৰাজনৈতিক অনুষ্ঠানবিলাকক শক্তিশালী কৰিব বুলি ৰাউলচে মত পোষণ কৰিছে। গতিকে ৰাউলচে বহুসংস্কৃতিবাদক উদাৰবাদৰ সৈতে সংলগ্ন কৰি ব্যাখ্যা কৰিছে ।

14. Types of Multiculturalism.

Ans. বহুসংস্কৃতি বাদৰ প্ৰকাৰসমূহ : বহুসংস্কৃতিবাদৰ কিমলিকাৰ, পাৰেখ, গুৰপীত মহাজন, জন ৰাউলচ্, টুলি, ওৱালড্রন আদিৰ ধাৰণাসমূহৰ ভিত্তিত বহুসংস্কৃতিবাদক তিনিটা প্ৰকাৰত বিভক্ত কৰিব পাৰি। সেই প্ৰকাৰসমূহ হ’ল—

(ক) ৰক্ষণশীল বহুসংস্কৃতি বাদ (Conservative Multiculturalism)

(খ) উধাৰ বহুসংস্কৃতিবাদ (Liberal Multiculturalism)

(গ) বামপন্থী উদাৰ বহুসংস্কৃতি বাদ (Left-Liberal Multiculturalism) 

(ক) ৰক্ষণশীল বহুসংস্কৃতি বাদ (Conservative Multiculturalism) : বহুসংস্কৃতিবাদৰ বিভিন্ন ধাৰণাসমূহৰ ভিতৰত ৰক্ষণশীল বহুসংস্কৃতিবাদ অন্যতম। ৰক্ষণশীল বহুসংস্কৃতিবাদে বিভিন্ন সংস্কৃতিৰ লোকক সমাজৰ পৰিৱৰ্তন নকৰাকৈ সমাজৰ সৈতে একত্ৰিত কৰাৰ কথা কয় অর্থাৎ এই বহুসংস্কৃতিবাদ অনুসৰি সমাজৰ মূল সংস্কৃতিৰ একো পৰিৱৰ্তন নকৰাকৈ আন আন গোষ্ঠীসমূহেও নিজৰ নিজৰ সংস্কৃতি মানি চলিব পাৰে। ৰক্ষণশীল বহুসংস্কৃতিবাদে সংস্কৃতিক সর্বোচ্চা বুলি জ্ঞান কৰে। এই ধাৰণা অনুসৰি যিমান সম্ভৱ বিভিন্ন সংস্কৃতিসমূহ মূল সংস্কৃতিৰ লগত মিশ্ৰিত হ’ব আৰু তাৰ পাছত যদিহে মিশ্ৰণ সম্ভৱপৰ নহয় তেন্তে এক বহুৰঙী, গতিশীল সংস্কৃতিৰ সৃষ্টি কৰিব । 

ৰক্ষণশীল বহুসংস্কৃতিবাদৰ তিনিটা বৈশিষ্ট্য দেখা যায়। সেইসমূহ হ’ল—

(১) ক্ষমতাৰ পৰা পৃথক নোহোৱাকৈ বৰ্ণবাদক অস্বীকাৰ কৰা ।

(২) বৈচিত্ৰ্যতাৰ এক পাতল আৱৰণ। আৰু

(৩) বৈচিত্র্যতাক প্রান্তিকভাৱে সন্মান কৰা।

(খ) উদাৰ বহুসংস্কৃতিবাদ (Liberal Multiculturalism) : এই ধাৰণা অনুসৰি সকলোবোৰ গোষ্ঠী বা বৰ্ণ জন্মগতভাৱে সমান। সকলো জনগোষ্ঠীৰ দক্ষতা একে। কিন্তু পৰিৱেশ আৰু অভিজ্ঞতাই জনগোষ্ঠীসমূহৰ মাজত প্ৰভেদ সৃষ্টি কৰে। সামাজিক আৰু শৈক্ষিক দিশত থকা সহযোগৰ অভাৱ আৰু সুযোগৰ অসমতাই জনগোষ্ঠীসমূহৰ মাজত বৈচিত্ৰ্যতাৰ সৃষ্টি কৰে।

উদাৰ বহুসংস্কৃতিবাদৰ প্ৰধান বৈশিষ্টসমূহ হ’ল—

(১) এই ধাৰণাটোৱে বিশ্বাস কৰে যে বৌদ্ধিক দিশত সকলো বর্ণ বা জনগোষ্ঠী সমান। 

(২) এই ধাৰণা অনুসৰি ব্যক্তিৰ স্বাধীনতাৰ বাবে ব্যক্তিৰ সংস্কৃতিৰ বিকাশ এটা পূর্বচর্ত।

(৩) সংখ্যালঘুৰ বাবে বিশেষ কিছুমান অধিকাৰ দিব লাগে বুলি এই ধাৰণাই বিশ্বাস কৰে ।

(গ) বামপন্থী উদাৰ বহুসংস্কৃতিবাদ (Left-Liberal Multiculturalism) : বহুসংস্কৃতিবাদৰ আন এটা গুৰুত্বপূৰ্ণ প্ৰকাৰ হ’ল বাওঁপন্থী উদাৰ বহুসংস্কৃতিবাদ। এই বাওঁপন্থী উদাৰ বহুসংস্কৃতিবাদে সংস্কৃতিক ভিন্নতাত বিশ্বাস কৰে৷ এই ধাৰণাই ‘আন জনগোষ্ঠীসমূহৰ’সংস্কৃতিক স্বাভাৱিক হিচাপে গ্ৰহণ কৰাৰ কথা কয় ই প্রতিস্থিত নীতি আদর্শ প্রশ্ন নকৰাকৈ আন গোষ্ঠীসমূহৰ সদস্যতাক গ্ৰহণ কৰাৰ সমৰ্থন কৰে।

বাওঁপন্থী উদাৰ বহুসংস্কৃতিবাদৰ কিছুমান বৈশিষ্ট্য আছে। সেইবোৰ হ’ল—

(১) এই বহুসংস্কৃতিবাদে সাংস্কৃতিক ভিন্নতাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে। 

(২) বাওঁপন্থী বহুসংস্কৃতিবাদে সংস্কৃতিক সংকীর্ণভাৱে ব্যাখ্যা কৰিছে। 

(৩) এই ধাৰণাই এটা সংস্কৃতিৰ মাজতে থকা ভিন্নতাক গুৰুত্ব নিদিয়ে।

ওপৰত উল্লেখ কৰা তিনিটাই বহুসংস্কৃতিবাদৰ তিনিটা প্ৰধান প্ৰকাৰ ।

15. Models of Multiculturalism.

Ans: বহুসংস্কৃতি বাদৰ আৰ্হিসমূহ (Models of Multiculturalism) : বহুসংস্কৃতিবাদক কেন্দ্ৰ কৰি যিবোৰ বিষয়ে চৰ্চা লাভ কৰিছে। সেইসমূহৰ অন্যতম হ’ল বহুসংস্কৃতিবাদৰ আৰ্হিসমূহ । বিগত কেইটামান দশকত বিশ্বৰ বিভিন্ন দেশসমূহে নিজৰ সংবিধানৰ সীমাবদ্ধতাৰ মাজত থাকি গণতন্ত্ৰৰ স্বাৰ্থত বহুসংস্কৃতিবাদী আদৰ্শক আকোৱালী লোৱা দেখা গৈছে। অৱশ্যে ৰাষ্ট্ৰভেদে বহুসংস্কৃতিবাদৰ আৰ্হিসমূহ বলেগ বেলেগ হোৱা দেখা গৈছে। বহুসংস্কৃতিবাদৰ চিন্তাবিদসকলৰ মাজতো বহুসংস্কৃতিক ৰাষ্ট্ৰ কেনে হ’ব লাগে তাৰ উমৈহতীয়া আদর্শ বা আহি থকা দেখা নাযায়। বহুসংস্কৃতিবাদৰ তত্ত্বসমূহ বা সংজ্ঞাসমূহ অধ্যয়ন কৰিলে এই কথা সহজেই বুজিব পৰা যায় ৷

বহুসংস্কৃতিবাদৰ আৰ্হি সম্পৰ্কে চিন্তাবিদসকলৰ মাজত পাৰ্থক্য থকাৰ বাবেই উমৈহতীয়া আৰ্হি দেখা পোৱা নাযায় । তথাপি বুজিবলৈ সহজ হোৱাকৈ আমি বহুসংস্কৃতিবাদক দুটা আহিত বিভক্ত কৰিব পাৰোঁ ৷ সেই আৰ্হি দুটা হ’ল—

(১) বহুসংস্কৃতিবাদৰ প্ৰাচীন আৰ্হি ৷ আৰু

(২) বহুসংস্কৃতিবাদৰ নতুন আৰ্হি / নতুন বহুসংস্কৃতিবাদ

(১) বহুসংস্কৃতিবাদৰ প্ৰাচীন আৰ্হি (Old Model of Multiculturalism) : বহুসংস্কৃতিবাদৰ প্ৰাচীন আহিয়ে বহুসংস্কৃতিবাদৰ এক দুৰ্বল ধাৰণাৰ সমৰ্থন কৰে। এই ধাৰণাই প্ৰকৃতাৰ্থত সম্পূর্ণভাৱে এক বহুসাংস্কৃতিবাদৰ প্ৰাচীন আৰ্হি অনুসৰি এখন বহুসাংস্কৃতিক সমাজত ৰাজহুৱা জীৱনত এটা গোষ্ঠীৰ সংস্কৃতি সংখ্যাগৰিষ্ঠ গোষ্ঠীৰ সংস্কৃতিত মিহলি হৈ যায়। অৱশ্যে ব্যক্তিগত জীৱনত জনগোষ্ঠীটোৱে নিজৰ সংস্কৃতি সুৰক্ষিত কৰিব পাৰে। অর্থাৎ প্রাচীন বহুসংস্কৃতিবাদী আৰ্হি অনুসৰি ব্যক্তিৰ ব্যক্তিগত বিষয়সমূহত ব্যক্তিয়ে নিজৰ সংস্কৃতি ত্যাগ কৰিব নালাগে, কিন্তু ৰাজহুৱা বিষয়সমূহত ব্যক্তিয়ে নিজৰ সংস্কৃতি ত্যাগ কৰি এক সংমিশ্রিত সংস্কৃতিৰ সদস্য হৈ পৰিব।

প্রাচীন বহুসংস্কৃতিবাদ কেৱল একমাত্রিক। অর্থাৎ প্রাচীন বহুসংস্কৃতিবাদে সংস্কৃতিৰ বিভিন্ন দিশবোৰক একেলগে গুৰুত্ব নিদিয়ে। সকলোবোৰ সংস্কৃতিৰ সকলোবোৰ দিশ সমান বুলি এই ধাৰণাই গণ্য নকৰে। গতিকে সমাজ বা ৰাষ্ট্ৰই সকলোবোৰ দিশক গ্ৰহণ নকৰে। প্ৰাচীন বহুসংস্কৃতিবাদ একমাত্রিক হোৱাৰ বাবে এটা জনগোষ্ঠীৰ যিকোনো এটা দিশত বহুসংস্কৃতিক স্বীকৃত প্রদান কৰাটোৱে পৰ্যাপ্ত বুলি জ্ঞান কৰে।

প্রাচীন বহুসংস্কৃতিবাদে বর্ণ শ্রেনী বা লিংগ, এই তিনিওটাৰ যিকোনো এটা দিশতহে গুৰুত্ব দিয়ে। অর্থাৎ এখন বহুসংস্কৃতিবাদী সমাজ বর্ণ শ্রেণী অথবা লিংগৰ দিশতহে বহুসংস্কৃতিক হ’ব পাৰে। যিহেতু প্রাচীন বহুসংস্কৃতিবাদ একমাত্রিক, গতিকে এই তিনিওটা গোটে একেলগে এখন বহুসাংস্কৃতিক সমাজ গঠন কৰিব নোৱাৰে।

প্রাচীন বহুসংস্কৃতিবাদক পাত্ৰ আৰ্হি বুলিও ক’ব পৰা যায় । প্রাচীন বহুসংস্কৃতিবাদ ভৌগোলিকভাৱে সীমাবদ্ধ। ইয়াত সংস্কৃতি এটা ভৌগোলিক চাৰিসীমাৰ ভিতৰতে আবদ্ধ হৈ থাকে। অর্থাৎ, নির্দিষ্ট ভূ-খণ্ডৰ বাহিৰৰ সংস্কৃতিক প্রাচীন বহুসংস্কৃতিবাদী আৰ্হিয়ে স্বীকৃতি প্ৰদান নকৰে। এখন সমাজ বা ৰাষ্ট্ৰ নিৰ্দিষ্ট ভূ-খণ্ডত থকা গোষ্ঠীসমূহৰ সংস্কৃতিৰ বাহিৰে বাহিৰে সাংস্কৃতিক ৰাষ্ট্ৰই গ্ৰহণ নকৰে। সেয়ে এই আৰ্হিকে আবদ্ধ বাকচৰ আৰ্হিৰ সংস্কৃতিবাদ বুলিও কোৱা হয় ৷

16. Critique of Multiculturalism. 

Ans: বহু সংস্কৃতিবাদৰ সমালোচনা : বহুসংস্কৃতিবাদ ৰাজনৈতিক মতাদর্শই সমসাময়িক উদাৰ নৈতিক গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাৰ ত্রুটিপূর্ণ দিশসমূহ আঙুলিয়াই দেখুওৱাৰ লগতে ভাৰতবৰ্ষৰ দৰে বহু সংস্কৃতিসম্পন্ন সমাজত গণতন্ত্র আৰু সামাজিক ন্যায়ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ক্ষুদ্র বিভিন্ন সাংস্কৃতিক গোটবিলাকৰ স্বকীয় স্বকীয় পৰিচয় অক্ষুণ্ণ ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আন কথাত ক’বলৈ হ’লে কোনো এখন সমাজ ব্যৱস্থাত সাংস্কৃতিকভাৱে প্ৰতিটো সাংস্কৃতিক গোটে নাৰ্য্যতা প্রাপ্তিৰ কাৰণে বহুসংস্কৃতিবাদী পদক্ষেপ গ্ৰহণ কৰাটো নিতান্তই প্রয়োজনীয়। যিহেতু সম্প্রত্তি অধিকাংশ সমাজ ব্যৱস্থাতে সাংস্কৃতিকভাৱে ভিন্নধর্মী গোট তথা সম্প্রদায়বিলাকৰ উপস্থিতি দেখিবলৈ পোৱা গতিকে এনে পৰিস্থিতিৰ প্ৰেক্ষাপটত বহুসংস্কৃতিবাদৰ গুৰুত্ব তথা জনপ্রিয়তা অত্যধিকভাৱে বৃদ্ধি পোৱাৰ উপক্ৰম হৈছে অৱশ্যে এই ৰাজনৈতিক মতাদৰ্শৰ বিভিন্ন ত্রুটিপূর্ণ দিশ দেখিবলৈ পোৱা যায় কাৰণে বহু সময়ত এই মতাদৰ্শটোৱে সমালোচনাৰ সন্মুখীন হৈআছে। এই আঁসোৱাহসমূহ তলত উল্লেখ কৰা হ’ল—

(১) পৰিসৰৰ সংকীর্ণতা (Limited Scope) : সমালোচকসকলৰ মতে, বহুস্কৃতিবাদে এখন সমাজত মাত্রায়িত অনগ্ৰসৰ গোটসমূহৰ । ক্ষেত্ৰত থকা বৈষম্যমূলক আচৰণ তথা অসমতা দূৰীকৰণ অর্থেগ্ৰহণ কৰা পদক্ষেপসমূহ কেৱল সাংস্কৃতিক ক্ষেত্ৰখনতেই সীমাবদ্ধ কৰি ৰাখিব বিচাৰিছে যিয়েই বহুসংস্কৃতিবাদৰ পৰিসৰ সংকুচিত কৰি তুলিছে। উদাৰতাবাদী গণতান্ত্ৰিক ৰাষ্ট্ৰ তথা সমাজ ব্যৱস্থাত মাত্রায়িত গোটসমূহৰ অসমতা দূৰীকৰণৰ বাবে বহুদিশধন্নী নীতি অৱলম্বন কৰিব লগা হয়। কিন্তু ইয়াৰ বিপৰীতে বহুসংস্কৃতিবাদে বৈষম্য দূৰীকৰণৰ বিষয়টো কেৱল সাংস্কৃতিক দৃষ্টিকোণৰ পৰা আলোচনা কৰা পৰিলক্ষিত হয়। সমালোচক সকলৰ মতে, বহুসংস্কৃতিবাদ প্রাসংগিকতা এক সংকীৰ্ণ পৰিসৰৰ মাজত গ্রহণযোগ্য নহয় ।

(২) গোট বিশেষৰ অধিকাৰ নাথাকে : বহুসংস্কৃতিবাদ আদৰ্শৰ সৈতে জড়িত সংস্থা গঠন আৰু বিবেকৰ স্বাধীনতাৰ ওপৰত সমালোচকসকলে প্রশ্ন উত্থাপন কৰিছে, সন্থা গঠন আৰু বিবেকৰ স্বাধীনতাৰ দৰে দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ হ’লে সাংস্কৃতিক গোটসমূহৰ বিশেষ সুৰক্ষাৰ পৰিৱৰ্তে ব্যক্তিৰ ব্যক্তিৰ সন্থা গঠন, বিবেকৰ স্বাধীনতাৰ অধিকাৰকহে সুৰক্ষা দিয়াৰ প্ৰয়োজনীয়তা আছে চন্দ্ৰন কুকাথাচৰ মতে সমাজত গোটবিশেষৰ কোনো অধিকাৰ নাথাকে ৷ ৰাষ্ট্ৰই সাংস্কৃতিক গোটবিলাকক বিশেষ সুৰক্ষা আৰু অধিকাৰ প্ৰদান কৰি নিজৰ পৰিসীমা অতিক্ৰম কৰিছে। কিয়নো ৰাষ্ট্ৰই বাক্তিগত অধিকাৰহে ৰক্ষণাবেক্ষণ দিব লাগে, গোট বিশেষৰ নহয়।

(৩) ৰাষ্ট্ৰীয় ঐক্য সংহতিৰ পৰিপন্থী (Detrimental to National Unity) : সমালোচকসকলৰ মতে, বহু সংস্কৃতিবাদৰ ৰাষ্ট্ৰীয় এক্য আৰু সংহতিৰ পৰিপন্থী। ৰাষ্ট্ৰীয় সমাজৰ স্খলনৰ সূচনা কৰি ৰাষ্ট্ৰীয় সত্বাৰ প্ৰতি চৰম বিপর্যয়ৰ সৃষ্টি কৰিছে বুলি সমালোচকসকলে যুক্তি দশাইছে। তেওঁলোকৰ মতে, বহুসংস্কৃতিবাদীসকলে বিভিন্ন সাংস্কৃতিক গোট সমূহে স্বকীয় সাংস্কৃতিক সত্বা আৰু পৰিচয় অক্ষুণ্ণ ৰাখি পাৰস্পৰিক প্ৰভাৱ আৰু সহযোগিতাৰ নীতি অনুসৰণ কৰা বুলি যি দাবী কৰিছে সেই মূল্যবোধ কিমানদূৰ স্থায়ী আৰু সমাজৰ পক্ষে সমাদৃত হ’ব সেয়া সম্পূৰ্ণৰূপে সন্দেহৰ আৱৰ্তত।

(৪) পুনঃবিতৰণৰ ৰাজনীতিৰ গুৰুত্ব হ্রাস (Decline of Politics of redistribution) : বহুসংস্কৃতিবাদৰ বিৰুদ্ধে আন এক সমালোচনা হ’ল যে এই ভাবাদর্শটোৱে স্বীকৃতিৰ ৰাজনীতি (Politics of recognition)ৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি পুনঃবিতৰণৰ ৰাজনীতিৰ গুৰুত্ব হাস কৰা পৰিলক্ষিত হয়। বহুসংস্কৃতিবাদৰ অন্যতম সমালোচক বি. বেৰীৰ মতে, বহুসংস্কৃতিবাদে ক্ষুদ্র ক্ষুদ্র সাংস্কৃতিক গোটবিলাকৰ স্বীকৃতিৰ ৰাজনীতিৰ ওপৰতহে গুৰুত্ব আৰোপ কৰে। সম্পদ পুনঃবিতৰণৰ ৰাজনীতিৰ ওপৰত গুৰুত্ব নিদিয়ে। তেওঁ কৈছে যে স্বীকৃতিৰ ৰাজনীতিয়ে মানুহৰ সমমৰ্যদাৰ ক্ষেত্ৰত থকা অসমতাৰ বিৰোধীতা কৰে আৰু লগতে তাৰ প্ৰতীকী সমাধানৰহে পোষকতা কৰে আনহাতেদি,সম্পদ পুনঃবিতৰণৰৰ ৰাজনীতিয়ে অর্থনৈতিক ক্ষেত্ৰত থকা অসমতাৰ বিৰোধীতা কৰে। আৰু সমাজৰ অৰ্থনৈতিক পুনঃ গঠনত গুৰুত্ব আৰোপ কৰে। বহুসংস্কৃতিবাদৰ তাত্বিকসকলে অর্থনৈতিক অসমতাৰ বিৰুদ্ধে মতপোষণ কৰাৰ বিপৰীতে কেবল সাংস্কৃতিক অন্যায়ৰ বিপক্ষেহে যুক্তি দৰ্শোৱা পৰিলক্ষিত হয় বুলি সমালোচকসকলে যুক্তি দর্শাইছে। 

(৫) জাতি বা ৰাষ্ট্ৰক দুৰ্বল কৰিছে : বহুসংস্কৃতিবাদে জাতি ৰাষ্টৰ ধাৰণাটোক দুৰ্বল কৰা বুলি সমালোচকসকলে যুক্তি দর্শাইছে।বহুসংস্কৃতিবাদে সাংস্কৃতিক একত্ৰীকৰণৰ পৰিৱৰ্তে ভিন্নতাক উৎসাহ যোগোৱাৰ জৰিয়তে জাতীয়-ৰাষ্ট্ৰৰ বাবে প্ৰয়োজনীয় আনুগত্যক বিভক্ত কৰাৰ সম্ভাৱনা কোনো প্ৰকাৰে নুই কৰিব নোৱাৰি। প্ৰকৃতাৰ্থত সাংস্কৃতিক গোটবিলাকৰ মাজৰ সাংস্কৃতিক ভিন্নতাই ৰাষ্ট্ৰ তথা জাতি গঠনৰ প্ৰক্ৰিয়া সবলীকৰণৰ পৰিৱৰ্তে দুৰ্বল কৰাতহে অৰিহণা যোগোৱা বুলি সমালোচকসকলে মন্তব্য আগবঢ়াইছে।

(৬) জাতীয়তাবাদৰ বিৰোধী মনোবৃত্তিৰ উদ্ৰেক হোৱাত সহায়ক হয় : সমালোচকসকলে বহুসংস্কৃতিবাদৰ ধাৰণাটোৱে জাতীয়তা বিৰোধী মনোবৃত্তিৰ উদ্ৰেক হোৱাত অৰিহণা যোগোৱা বুলি যুক্তি দর্শাইছে। জাতীয় ঐক্য সংহতিৰ লক্ষ্যত উপনীত হোৱাত বহুসংস্কৃতিবাদে প্রতিবন্ধকতাৰ সৃষ্টি কৰে। বহুসংস্কৃতিবাদৰ বিৰুদ্ধে নানাধৰণৰ সমালোচনা উত্থাপিত হ’লেও ইয়াৰ গুৰুত্ব কোনো প্ৰকাৰে অস্বীকাৰ কৰিব নোৱাৰি । গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাত প্ৰতিটো সাংস্কৃতিক গোটৰ সাংস্কৃতিক সুৰক্ষিত হ’লেহে গণতন্ত্ৰৰ ভেঁটি শক্তিশালী হ’ব। উদাৰতাবাদী গণতান্ত্ৰিক ব্যৱস্থাত বহুসংস্কৃতিবাদে সংখ্যালঘু তথা বিশেষ সাংস্কৃতিক গোটবিলাকৰ বিশেষ অধিকাৰ আৰু স্বতন্ত্ৰতাৰ পোষকতা কৰি এক শক্তিশালী সমাজ গঠনৰ পোষকতা কৰিছে। এনেদৰে গণতান্তিক ৰাষ্ট্ৰত ববকৰা সাংস্কৃতিক গোটবিলাকৰ স্বকীয় সাংস্কৃতিক ঐতিহ্য সুৰক্ষিত হ’লেহে গণতান্ত্ৰিক ব্যৱস্থাটো অধিক শক্তিশালী আৰু সাফল্যমণ্ডিত হব।

17. New Multiculturalism.

Ans: নতুন বহুসংস্কৃতিবাদ (New Multiculturalism) : বহুসংস্কৃতিবাদৰ দ্বিতীয়টো আৰ্হি হ’ল নতুন বহুসংস্কৃতিবাদ। এই আৰ্হিক বহুসংস্কৃতিবাদৰ এটা শক্তিশালী আৰ্হি বুলি গণ্য কৰা হয়। বহুসংস্কৃতিবাদৰ নতুন আৰ্হিয়ে প্ৰকৃতাৰ্থত সকলো জাতি-জনগোষ্ঠীৰ

সংস্কৃতিক ৰাষ্ট্ৰ বা সমাজে গ্ৰহণ কৰাৰ কথা কয়। অর্থাৎ, এই আৰ্হি অনুসৰি ব্যক্তিগত জীৱন আৰু সামাজিক জীৱন, দুয়ো ক্ষেত্ৰতে ৰাষ্ট্ৰ বা সমাজে ব্যক্তিৰ সংস্কৃতিক মান্যতা প্ৰদান কৰিব লাগিব। এখন সমাজ বা ৰাষ্ট্ৰৰ সংস্কৃতিয়ে ব্যক্তিগত আৰু সামাজিক, দুয়ো পৰিৱেশতে সকলো জনগোষ্ঠীৰ সংস্কৃতিক গ্ৰহণ কৰিব লাগিব ।

নতুন বহুসংস্কৃতিবাদৰ আহি বহুমাত্রিক। অৰ্থাৎ, এই আৰ্হিয়ে কেৱল এটা দিশৰ ওপৰত নিৰ্ভৰ কৰি এখন বহুসংস্কৃতিবাদী সমাজ প্রতিষ্ঠা কৰাটো নিবিচাৰে। বৰঞ্চ এই আৰ্হি অনুসৰি সকলোবোৰ দিশ সামৰি এখন প্ৰকৃত বহুসংস্কৃতিবাদী সমাজ বা ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব বিচাৰে । বহুসংস্কৃতিবাদৰ নতুন আৰ্হি বহুপ্ৰাসংগিক। অর্থাৎ, কেৱল এটা প্ৰসংগৰে বহুসংস্কৃতিক সমাজ প্ৰতিষ্ঠাৰ পৰিৱৰ্তে এই আৰ্হিয়ে বিভিন্ন প্ৰসংগৰ ভিত্তিত এখন বহুসংস্কৃতিবাদী সমাজ গঠন হোৱাটো বিচাৰে ।

নতুন বহুসংস্কৃতিবাদৰ আহিয়ে বৰ্ণ শ্ৰেণী আৰু লিংগ, এই তিনিওটা দিশতে এখন বহুসাংস্কৃতিক সমাজ প্ৰতিষ্ঠা হোৱাটো বিচাৰে। অৰ্থাৎ, নতুন বহুসংস্কৃতিবাদী আৰ্হি অনুসৰি এখন ৰাষ্ট্ৰ বা সমাজত সকলো বর্ণ সকলো শ্ৰেণী অৰু সকলো লিংগৰ সভ্যতা তথা সংস্কৃতি সুৰক্ষিত হ’ব লাগিব। সমাজখনে সকলো বর্ণ সকলো শ্ৰেণী আৰু সকলো লিংগৰ সভ্যতাক সমান আখ্যা দিব লাগিব। এটা লিংগ শ্ৰেণী বা বৰ্ণৰ সভ্যতাই আনৰ সভ্যতাক দমন বা নাশ কৰিব নোৱাৰিব।

বহুসংস্কৃতিবাদৰ নতুন আৰ্হি প্রাচীন আৰ্হিৰ দৰে বন্ধ নহয়। অর্থাৎ, এই আৰ্হিয়ে কেৱল এটা নিৰ্দিষ্ট ভূ-খণ্ডৰ সংস্কৃতিক স্বীকৃতি নিদিয়ে । ৰাষ্ট্ৰৰ বা সমাজব চাৰিসীমাৰ বাহিৰৰ সংস্কৃতিও ৰাষ্ট্ৰৰ আন সংস্কৃতিৰ সৈতে সমান। এনে নতুন বহুসংস্কৃতিবাদে নতুনকৈ প্ৰব্ৰজিত হোৱা জাতি-জনগোষ্ঠীৰ সংস্কৃতি আৰু অধিকাৰ সুৰক্ষিত কৰিবলৈ সক্ষম হয়।।

প্রাচীন বহুসংস্কৃতিবাদ আৰু নতুন বহুসংস্কৃতিবাদ, এই দুয়োটা আৰ্হি অধ্যয়ন কৰিলে দেখা যায় যে প্রাচীন বহুসংস্কৃতিবাদৰ আহি সংকীর্ণ আহি। আনহাতে নতুন বহুসংস্কৃতিবাদৰ আৰ্হি বহল আৰু বহুমাত্রিক। বহুসংস্কৃতিবাদৰ প্ৰাচীন আৰ্হি আৰু নতুন আৰ্হিৰ দুয়োটাই বহুসংস্কৃতিবাদৰ কিছুমান পৰিৱেশৰ কথা কয়। সেইবোৰ তলত আলোচনা কৰা হ’ল—

বৰ্ণসংকৰতা (Hybridity) : অতি সহজ অৰ্থত বৰ্ণসংকৰতাৰ অৰ্থ হ’ল মিশ্রণ। প্ৰথম অৱস্থাত বৰ্ণসংকৰতা শব্দটো জীৱবিজ্ঞানত ব্যৱহৃত হৈছিল। পৰৱৰ্তি সময়ত ভাষা, নৃতত্ত্ব, সংস্কৃতি অধ্যয়ন আদিতো এই শব্দৰ প্ৰয়োগ আৰম্ভ হ’ল। নিজৰ মূল অৱস্থাৰ পৰা আতৰি আহি উন্নত অৱস্থা লাভ কৰাকে চমুকৈ বৰ্ণসংকৰতা বুলি ক’ব পৰা যায়। সংস্কৃতিৰ ক্ষেত্ৰত এটা সমুদায় বা বৰ্ণৰ সংস্কৃতিয়ে মূল অৱস্থা এৰি আন উন্নত সংস্কৃতিৰ পৰশ পাই উন্নত হোৱাই বৰ্ণসংকৰতা।।

চিভনি বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা নাটাল্যা লাচটিয়ে বৰ্ণসংকৰতাৰ বিষয়ে কৈছে যে দুটা বেলেগ বেলেগ বৰ্ণৰ মাজৰ মিশ্রণেই হৈছে বৰ্ণসংকৰতা । তেওঁ কৈছে যে “Hybridity is a cross between two separate races, plants or culture”। অর্থাৎ, দুটা পৃথক পৃথক সংস্কৃতি মিলিত হে এক বর্ণসংকৰ সংস্কৃতিৰ সৃষ্টি হ’ব পাৰে। অতীজৰে পৰা দুটা পৃথক পৃথক সংস্কৃতি মিশ্রিত হৈ বৰ্ণসংকৰ সংস্কৃতিৰ সৃষ্টি হৈ আহিছে। গতিকে ই একো নতুন ঘটনা নহয়। বাণিজ্য, আক্ৰমণ, বিদেশী ধাৰণাৰ গ্ৰহণ বিজ্ঞানৰ প্ৰসাৰ, আদৰ্শ আৰু দৰ্শনৰ প্ৰসাৰ আদিৰ ফলত বৰ্ণসংকৰ সভ্যতাৰ সৃষ্টি হয়।

বৰ্ণসংকৰ বহুসংস্কৃতিবাদত দেখা যায় যে এটা জনগোষ্ঠীয়ে নিজৰ সংস্কৃতিসমূহ ত্যাগ কৰি আনৰ সু-সংস্কৃতি গ্ৰহণ কৰি এক নতুন সংস্কৃতিৰ সৃষ্টি কৰে। এনে কৰাৰ ফলত যদিও সমুদায়টো নিজৰ মূল সংস্কৃতিৰ পৰা আতৰি যায় তথাপি তেওঁলোকে নিজকে শোষিত বুলি গণ্য নকৰে। এই বৰ্ণসংকৰ সংস্কৃতি বিশ্বজনীন হ’ব পাৰে। এই নতুন বৰ্ণসংকৰ সংস্কৃতিত সংখ্যালঘু, সংখ্যাগুৰু সংস্কৃতি নাথাকে।

সাংবিধানিক বিচিত্রতা (Constitutional Diversity) : বহু সংস্কৃতিবাদৰ লগত জৰিত আন এটা গুৰুত্বপূৰ্ণ বিষয় হ’ল সাংবিধানিক বিচিত্রতা। বহু লোকে সাংবিধানিক বিচিত্ৰতাক বহুসংস্কৃতিবাদৰ এটা আৰ্হি বুলিও গণ্য কৰে। সাংবিধানিক বিচিত্ৰতাৰ অৰ্থ হ’ল সংবিধানৰ জৰিয়তে জনগোষ্ঠীসমূহৰ বৈচিত্র্যময় সংস্কৃতিক ৰক্ষা কৰা।

সাংবিধানিক বিচিত্রতাই এখন দেশক সাংবিধানিকভাবে বহুসাংস্কৃতিক কৰে। অৰ্থাৎ, এখন দেশৰ সংবিধানৰ নীতি নিয়মসমূহৰ ক্ষেত্ৰত সকলো গোষ্ঠীৰ সংস্কৃতিক সমান গুৰুত্ব দিয়া নহয়। সাংবিধানিক বিচিত্ৰতাৰ অৰ্থ হ’ল দেশখনৰ সংবিধানখন সংখ্যাগুৰু জনগোষ্ঠীৰ প্ৰতি পক্ষপাতিত্বমূলক নহয়। দেশৰ সংবিধানে সকলো জনগোষ্ঠীক সমান ব্যৱহাৰ কৰিব আৰু সকলো জনগোষ্ঠীৰ সভ্যতা আৰু সংস্কৃতিৰ ভিত্তিত দেশখনৰ সংবিধান পৰিচালিত হ’ব।

সংবিধানিক বিচিত্ৰতা আহি অনুসৰি বিচিত্ৰতাৰে পূৰ্ণ নীতি নিয়মক সংবিধানে স্বীকৃতি প্ৰদান কৰিব আৰু সংবিধানে সকলো জাতি-গোষ্ঠীৰ সংস্কৃতিক সন্মান কৰি নীতি-নিয়মসমূহ বলবৎ কৰিব।

এখন ৰাষ্ট্ৰ বা সমাজত কেইবাটাও জাতি বা জনগোষ্ঠী আছে। এই জাতি বা জনগোষ্ঠীসমূহৰ নিজা নিজা কিছুমান সংস্কৃতি থাকে। এনে পৰিৱেশত সাংবিধানিক বিচিত্ৰতা আৰ্হিৰ বহু সংস্কৃতিবাদে প্ৰতিটো জাতিৰে নিজা নিজা ৰীতি-নীতিৰে সমাজ পৰিচালনাৰ সুবিধা প্ৰদান কৰিব।

সাধাৰণতে দেখা যায় যে এখন সমাজে সহজেই বহুসংস্কৃতিবাদৰ আদর্শক আকোৱালী নলয় । সদায় সংখ্যাগুৰু তথা শক্তিশালী সংস্কৃতিয়ে দুৰ্বল সংস্কৃতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে। সাংবিধানিক বিচিত্রতাই আইনগতভাৱে তেনে কৰাত বাধা আৰোপ কৰে। অৰ্থাৎ, সমাজখন স্বতঃস্ফুর্তভাৱে বহুসাংস্কৃতিক নহ’লেও ৰাষ্ট্ৰৰ নীতি-নিয়মসমূহ বহুসংস্কৃতিক হ’ব।

সাংস্কৃতিক সদস্যতাৰ অধিকাৰ (Right to Cultural Membership) : বহুসংস্কৃতিবাদৰ লগত জৰিত এটা গুৰুত্বপূৰ্ণ বিষয় হ’ল ‘সাংস্কৃতিক সদস্যতাৰ অধিকাৰ । বহুসংস্কৃতিবাদে ব্যক্তিৰ সংস্কৃতিক অধিকাৰক সুৰক্ষিত কৰে। এখন সমাজৰ প্ৰতিজন ব্যক্তিৰে সংস্কৃতিক সন্মান কৰা বহুসংস্কৃতিবাদৰ আদৰ্শ। বহুসংস্কৃতিবাদ অনুসৰি সমাজখনৰ সংস্কৃতি কেৱল সংখ্যাগুৰু জনগোষ্ঠীৰ সংস্কৃতি নহয়। বঞ্চ সকলোবোৰ জাতি-জনগোষ্ঠীৰ সংস্কৃতিৰ সংমিশ্ৰণ হৈ বৃহত্তৰ সংস্কৃতিৰ সৃষ্টি হ’ব। এই বহুসংস্কৃতিবাদী সমাজত প্ৰতিজন ব্যক্তিয়ে বৃহত্তৰ সংস্কৃতিৰ সদস্য হ’ব। গতিকে প্রতিজন ব্যক্তিয়ে সংস্কৃতিক সদস্যতাৰ অধিকাৰ উপভোগ কৰিব।

আমেৰিকাৰ সমাজজিজ্ঞানী জেফনে আলেকজেণ্ডাৰে কৈছিল। যে নৈতিক আদৰ্শ আৰু সামাজিক অসমতাৰ লগত জৰিত সমস্যাসমূহ বুজাত সংস্কৃতিক সদস্যতাই সহায় কৰে। সাংস্কৃতিক সদস্যতাৰ জৰিয়তে জনসাধাৰণৰ মাজৰ বিশ্বাস, সামাজিক বাধ্যবাধকতা আৰু সামাজিক অনুক্ৰমৰ বিষয়ে বুজিব পৰা যায়। সাংস্কৃতিক সদস্যতা আনুস্থানিক সদা এজন ব্যক্তি কোনো এক সংস্কৃতিৰ সদস্য হয় নে নহয়, তাক আইনগতভাৱে নিৰ্ধাৰণ কৰা নহয় । সত্যতা বা বৈধতাৰ ভিত্তিতহে ব্যক্তিৰ সংস্কৃতিক সদস্যতা নিৰ্ধাৰণ কৰা হয়। সাংস্কৃতিক সদস্যতাই এটা সংস্কৃতিৰ ভাল সদস্য আৰু বেয়া সদসাৰ মাজত প্রভেদ সৃষ্টি কৰে।

সাংস্কৃতিক সদস্যতা ধাৰণাৰ লগত ‘কাল্পনিক সমুদায়ৰ ধাৰণা সম্পর্ক দেখা যায়। প্রখ্যাত লেখক বেনেদিও এণ্ডাৰচনে (Benedict Anderson) কাল্পনিক সমুদায় ধাৰণা অনুসৰি সমুদায় ধাৰণাটো সম্পূর্ণ কাল্পনিক। বাস্তৱত সমুদায়ৰ অস্তিত্ব নাই । ঠিক সেইদৰে সাংস্কৃতিক সদস্যতাও এটা কাল্পনিক ধাৰণা।

গতিকে আৰ্হি হিচাপে বহুসংস্কৃতিবাদৰ সাংস্কৃতিক সদস্যতাৰ অধিকাৰে ব্যক্তিক এটা সংস্কৃতিৰ অধিকাৰ প্ৰদান কৰাৰ সমৰ্থন কৰে। অর্থাৎ, ব্যক্তি এজন সংখ্যালঘু সমুদায়ৰ হ’লেও তেওঁ নিজব সংস্কৃতি ৰক্ষাৰ অধিকাৰ লাভ কৰিব। প্ৰতিজন ব্যক্তিৰে নিজৰ সংস্কৃতিৰ সদস্য তে বাৰ অধিকাৰ থাকিব। ব্যক্তিজনক নিজৰ সংস্কৃতি ত্যাগ কৰি আনৰ সংস্কৃতি গ্ৰহণ কৰাৰ বাবে বাধ্য কৰাব নোৱাৰিব। 

18. Meaning and Definition of Multiculturalism.

Ans: অর্থগত দিশৰ পৰা চালে বহু সংস্কৃতিবাদ হৈছে বিভিন্ন সাংস্কৃতিক জনগোষ্ঠীৰ সম অধিকাৰ, সম-মযদি আৰু সামাজিক সুৰক্ষা তথা সমতা আৰু সামাজিক ন্যায়ৰ স্বীকৃতি প্ৰদানৰ এক মতাদর্শ। বহু সংস্কৃতিবাদে বিভিন্ন সংস্কৃতিৰ সংৰক্ষণ, সংবৰ্দ্ধন আৰু সমবিকাশৰ ধাৰণা প্ৰদান কৰে। বহু সংস্কৃতিবাদে বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতিৰ প্ৰতি সন্মান, সংৰক্ষণ, সাংস্কৃতিক, বৈচিত্ৰ্যাৰ উপযুক্ত আইনগত বা সাংবিধানিক সুৰক্ষা, সকলো জনগোষ্ঠীৰ সম-অধিকাৰৰ স্বীকৃতি প্রদান, সকলো ধৰ্ম্মীয় ভাষিক আৰু নৃগোষ্ঠীসমূহৰ নিজা নিজা স্বকীয় সত্বা, স্বাধীনত ৰক্ষণাবেক্ষণৰ বাবে উপযুক্ত ব্যৱস্থাৱলী গ্ৰহণ কৰা আদি ধাৰণাক সূচায়। অৰ্থত, ৰাষ্ট্ৰত বসবাস কৰি থকা বিভিন্ন সাংস্কৃতিক জাতি-জনগোষ্ঠী সমূহৰ পৃথক সাংস্কৃতিক সত্ত্বা আৰু ক্ষুদ্ৰ জাতীয় সম্বাসমূহক সাংবিধানিক স্বীকৃতিপ্ৰদানৰ ধাৰণাকে “বহু সংস্কৃতিবাদ”বুলি অভিহিত কৰা হয় ৷

সংজ্ঞা (Definition) : বহু সংস্কৃতিবাদৰ বিভিন্ন সংজ্ঞা আছে। ষ্টেনফ’ৰ্ড ডিক্সনাৰী অৱ ফিলছফী (Standard Dictionary of Philosophy) ৰ মতে বহুসংস্কৃতিবাদ হৈছে, “সাংস্কৃতিক আৰু ধৰ্মীয় বৈচিত্যক সহাৰি জনোৱাৰ কাৰণে এক সঠিক পথ সম্পর্কে ৰাজনৈতিক দৰ্শনৰ এক চিন্তাধাৰা।” (“Multiculturalism is a body of thought in Political Philosophy about the proper way to respond to cultural and religious diversity” Oxford English Dictionary) ৰ মতে সংস্কৃতিবাদ হ’ল – “এখন বহুসংস্কৃতিসম্পন্ন সমাজৰ চাৰিত্ৰিক বৈশিষ্ট্য আৰু নীতি বা প্ৰক্ৰিয়া য”ত এনে ধৰণৰ সমাজত থকা সাংস্কৃতিক গোটবিলাকৰ স্বতন্ত্রমূলক আত্ম-পৰিচয়ৰ ৰক্ষণাবেক্ষণ দিয়ে অথবা সমর্থন আগবঢ়ায় । (Multiculturalism is the characteristics of a multicultural society and the policy or process whereby the distinctive identities of the cultural groups within such a society are maintained or supported)

Augi Flarus ৰ মতে, বহুসংস্কৃতিবাদ হ’ল ‘সমাজত বিভিন্নতাক এক ন্যায়সংগত আৰু অভিন্ন উপাদান হিচাপে উপযোগী কৰি তুলিবলৈ গ্ৰহণ কৰা নীতি, আঁচনি আৰু কাৰ্যৰ এক সমি (Multiculturalism is a set of principles, polities and practise for accommodating diversity as a legitimate and integral component of society)

যি কি নহওক, ওপৰৰ সংজ্ঞাকেইটা বিশেষণ কৰি চালে বিভিন্ন ধর্মীয় গোট, ভাষিক সংখ্যালঘু জনগোষ্ঠী সমূহৰ মাজত স্থায়ী সামাজিক আৰু সাংস্কৃতিক সম্পৰ্ক প্ৰতিষ্ঠাৰ বাবে খিলঞ্জীয়া আৰু প্ৰবজন হৈ অহা লোকসকলৰ মাজৰ আন্তঃসংযোগ গঢ়ি তোলাৰ প্রক্রিয়াটোকেই ‘বহুসংস্কৃতিবাদ’ বুলি অভিহিত কৰিব পাৰি। বহুসংস্কৃতিবাদে বিভিন্ন জাতি জনগোষ্ঠীবিলাকৰ মাজৰ আৰ্থ সামাজিক আৰু সাংস্কৃতিক সম্পর্ক বৃদ্ধি কৰি প্ৰতিটো জাতি জনগোষ্ঠীবিলাকক এক শক্তিশালী সমাজ গঢ়াৰ কামত ঐক্যবদ্ধ হোৱাত অৰিহণা যোগায়। ‘বহুসংস্কৃতিবাদ’ৰ ধাৰণাটো প্ৰধানত ক্ষুদ্ৰ সংখ্যালঘু জাতি-জনগোষ্ঠীবিলাকৰ অধিকাৰ আৰু স্বকীয় সাংস্কৃতিক সন্বা সুৰক্ষাৰ লগত জড়িত। ৰাজনৈতিক ক্ষেত্ৰত বহু সংস্কৃতিবাদে ‘অস্তিত্বৰক্ষাৰ ৰাজনীতি”। “বিভিন্নতাৰ ৰাজনীতি” (Politics of Diversity) তথা স্বীকৃতিৰ ৰাজনীতি (Politics of Recognition) আদি ধাৰণাৰ লগত জড়িত হৈ আছে। এনেদৰে ক্ষুদ্ৰ ক্ষুদ্ৰ সংখ্যালঘূ জাতি-জনগোষ্ঠীবিলাকৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক সমতা সুৰক্ষাৰ বৈধতা স্থাপন কৰাই বহু সংস্কৃতিবাদৰ প্ৰধান লক্ষ্য ।

সমসাময়িক সামাজিক কালত এক অৱধাৰণা হিচাপে ‘বহু সংস্কৃতিবাদ” দুটা মূল নীতিৰ আধাৰত প্ৰতিষ্ঠিত- প্ৰথমটো নীতি অনুসৰি বহুসংস্কৃতিবাদত বিভিন্ন সংস্কৃতিৰ মাজত আন্তসংযোগ, আন্তত্ত্বক্রিয়া সাংস্কৃতিক বিনিময়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বিভিন্ন সংস্কৃতিৰ মাজৰ সম্বন্ধক সাংস্কৃতিক ভিন্নতা হাস কৰি বহুসংস্কৃতিবাদ গঢ়ি তুলিব পাৰি। দ্বিতীয়টো নীতি অনুসৰি বৈচিত্যতা আৰু সাংস্কৃতিক একত্ৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। সাংস্কৃতিক বিচ্ছিন্নতাই এটা জাতিৰ স্থানীয় স্বকীয় সংস্কৃতিৰ নিজস্বতা বজাই ৰাখি বিশ্ব সাংস্কৃতিক বৈচিত্যাৰ গাঠনিত বহু সংস্কৃতিবাদে অৰিহণা যোগাব পাৰে। মুঠৰ ওপৰত সংস্কৃতিৰ বিশেষণ আৰু পাৰস্পৰিক সংযোগ বহুসংস্কৃতিবাদৰ এক বিশ্বজনীন বৈশিষ্ট্য।

19. Characteristics of Multiculturalism

Ans: বহু সংস্কৃতি বাদৰ বৈশিষ্ট্য : বহু সংস্কৃতিবাদৰ অৱধাৰণাটো ভালদৰে বিশ্লেষণ কৰিলে ইয়াৰ কেতবোৰ মৌলিক বৈশিষ্ট্য পৰিলক্ষিত হয়। এই বৈশিষ্ট্যবিলাক তলত আলোচনা কৰা হ’ল—

(ক) সাংস্কৃতিক বিচিত্ৰতাক সমৃদ্ধি প্রদান কৰা : বহু সংস্কৃতিবাদৰ প্ৰধান চৰিত্ৰ হৈছে সাংস্কৃতিক বিভিন্নভাক সুৰক্ষা প্ৰদান কৰা। প্রত্যেক সমাজত অনেক সাংস্কৃতিক সমল আছে। এই উপাদানবোৰৰ নিজ নিজ জীবন-শৈলী আছে। বৈচিত্র্যতাপূর্ণ জীৱন শৈলীৰ সংৰক্ষণ আৰু সমৃদ্ধিদানেই হ’ল বহুসংস্কৃতিবাদৰ মূল লক্ষ্য ।

(খ) সংখ্যালঘূৰ সাংস্কৃতিক সুৰক্ষা : বহুসংস্কৃতিবাদে সংখ্যালঘূ শ্রেণী বা গোষ্ঠীৰ অধিকাৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। সংখ্যালঘু গোষ্ঠীৰ সংস্কৃতি যাতে বৃহৎ সংস্কৃতিৰ প্রভাৱত নাইকিয়া হৈ নাযায় তাৰ বাবে সংখ্যালঘু গোষ্ঠীৰ সংস্কৃতি সমূহৰ সুৰক্ষাৰ বাবে যোগাত্মক পদক্ষেপৰ সহায়ত অধিক ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ।

(গ) সামাজিক ন্যায়ৰ ভিত্তিত প্ৰতিস্থিত : বহুসংস্কৃতিবাদ আৰু সামাজিক ন্যায়ৰ মাজত আত্মিক সম্পর্ক বিদ্যমান। সামাজিক ন্যায়ৰ অনুপস্থিতিত বহুসংস্কৃতিবাদ জীয়াই থাকিব নোৱাৰে।

(ঘ) অসমতাৰ অনুপস্থিতি : বহুসংস্কৃতিবাদ সমাজত অসমতাৰ অনুপস্থিতি পক্ষ্য কৰা যায়। অর্থাৎ চৰকাৰী আঁচনি বা সমাজ ব্যৱস্থাত কোনো সাংস্কৃতিক সমূহক উচ্চ আৰু আন সাংস্কৃতিক সমূহক নিম্ন স্তৰৰ বুলি গণ্য কৰা নহয়। অর্থাৎ, সকলো সাংস্কৃতিক গোষ্ঠীকে সমান মর্যাদাৰে চোৱা হয়।

(ঙ) একক সংস্কৃতিৰ বিৰোধিতা : বহু সংস্কৃতিবাদে একক সংস্কৃতিৰ বিৰুদ্ধাচৰণ কৰে কাৰণ একক সাংস্কৃতিক সমাজত কোনো সংস্কৃতিয়ে অন্যান্য সংস্কৃতিক নিয়ন্ত্ৰণ কৰাৰ লগতে তেনে সংস্কৃতিৰ বিকাশতো বাধা প্ৰদান কৰে কেৱল এয়ে নহয়, আনকি একক সংস্কৃতিপূর্ণ সমাজত দেখা যায় যে ৰাষ্ট্ৰ, আইন, বিদ্যালয় আদিৰ মাধ্যমেৰে মাত্ৰ এটা সংস্কৃতিৰে প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰা হয়। বহুসংস্কৃতিবাদে এনে কৌশল তীব্ৰ বিৰোধিতা কৰি এখন সহনশীল সমাজৰ পোষকতা উপভোগ কৰাৰ লগতে অন্য সংস্কৃতিৰ প্রতিও একে সন্মানৰ মনোভাৱ পোষণ কৰে।

(চ) ব্যক্তিৰ পৰিচয় হিচাবে সংস্কৃতিক প্রাধান্য : বহুসংস্কৃতিবাদে ব্যক্তিৰ পৰিচয় হিচাপে সংস্কৃতিক এক গুৰুত্বপূর্ণ উপাদান হিচাবে চিহ্নি কৰিছে। বহসংস্কৃতিবাদৰ সমৰ্থকসকলৰ মতে, মানুহৰ লগত সংস্কৃতিৰ অভিন্ন সম্পৰ্ক আছে। সংস্কৃতিৰ প্ৰভাৱক বাদ দি মানুহ থাকিব নোৱাৰে। সেয়েহে ব্যক্তিৰ সাংস্কৃতিক পৰিচয়কো সমানে গুৰুত্ব প্ৰদান কৰা উচিত।

(ছ) সাংস্কৃতিক অধিকাৰ প্ৰদানৰ দাবী : বহুসংস্কৃতিবাদে ৰাজনৈতিক কৰ্তৃত্বৰ ওচৰত সাংস্কৃতিক অধিকাৰ প্ৰদানৰ দাবী উত্থাপন কৰে। তেওঁলোকৰ মতে, ব্যক্তিৰ অন্যান্য অধিকাৰৰ লগতে সাংস্কৃতিক অধিকাৰো অতি গুৰুত্বপূৰ্ণ অধিকাৰ। প্ৰতিজন ব্যক্তিয়ে নিজৰ সংস্কৃতি সুৰক্ষা তথা পালন কৰাৰ অধিকাৰ পোৱাৰ ওপৰত বহুসংস্কৃতিবাদে যথোচিত গুৰুত্ব প্ৰদান কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top