Political Theory: Concepts And Debates Unit 4 The Universality of Rights

Political Theory: Concepts And Debates Unit 4 The Universality of Rights Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Theory: Concepts And Debates Unit 4 The Universality of Rights Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Theory: Concepts And Debates Unit 4 The Universality of Rights Question Answer can be of great value to excel in the examination.

Political Theory: Concepts And Debates Unit 4 The Universality of Rights

Join Telegram channel

Political Theory: Concepts And Debates Unit 4 The Universality of Rights Notes cover all the exercise questions in UGC Syllabus. The Political Theory: Concepts And Debates Unit 4 The Universality of Rights provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

The Universality of Rights

POLITICAL SCIENCE

POLITICAL THEORY: CONCEPTS AND DEBATES

ৰাজনৈতিক তত্ত্বঃ ধাৰণা আৰু বিতৰ্ক

Very Short type questions 

1. Write the four Definition of Rights.

Ans: অধিকাৰ সম্বন্ধে ৰাজনীতি বিজ্ঞানীসকলে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। তাৰে কিছুমান গুৰুত্বপূর্ণ সংজ্ঞা তলত উল্লেখ কৰা হ’ল

(ক) অধ্যাপক লাস্কি [Laski] ৰ মতে, “অধিকাৰ হ’ল সমাজ জীৱনৰ সেই বিলাক চৰ্ত, যাৰ অবিহনে মানুহে সাধাৰণভাৱে ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সাধন কৰিব নোৱাৰে” [ Rights are those conditions of social life without which no men can seek, in general to be himself at his best”]

(খ) টি. এইচ গ্ৰীণৰ মতে “জনসাধাৰণৰ মংগলৰ সহায়কৰূপে দাবী কৰা তথা স্বীকৃতি ক্ষমতাই হ’ল অধিকাৰ। [Right is a power claimed and recognised as contributory to common good”]

(গ) গীলখ্ৰাইষ্টৰ মতে— “সমাজ চেতনা বোধৰ পৰাই অধিকাৰবিলাকৰ উদ্ভৱ হয়। [ Rights arises from the fact that man is a social being”]

(ঘ) বচানকুৱেট (Bosanquet) ৰ মতে “সমাজ স্বীকৃত আৰু ৰাষ্ট্ৰৰ দ্বাৰা বলৱৎকৃত দাবীয়েই হ’ল অধিকাৰ [“The claims of the individuals which are recognised by the society enforced by the state are called rights”]

2. Write the four Characteristics of Rights? 

Ans: অধিকাৰৰ বৈশিষ্ট সমূহ তলত উল্লেখ কৰা হ’ল—

১) সামাজিক স্বীকৃতি অধিকাৰৰ মূল উপাদান। সামাজিক স্বীকৃতি লাভ কৰা দাবী বিলাকহে ব্যক্তিৰ অধিকাৰত পৰিণত হয়। সমাজ অবিহনে অধিকাৰৰ কোনো মূল্য থাকিব নোৱাৰে। অধিকাৰ সমাজৰ ভিতৰতে অর্থপূর্ণ হয়।

২) সামাজিক স্বীকৃতিৰ উপৰিও অধিকাৰে ৰাষ্ট্ৰৰ স্বীকৃতি লাভ কৰিব লাগে। ৰাষ্ট্ৰবদ্বাৰা স্বীকৃত আৰু বলবৎ ন’হলে ব্যক্তিয়ে তেওঁৰ অধিকাৰ উপভোগৰ প্ৰকৃত পৰিৱেশৰ পৰা বঞ্চিত হোৱাৰ অৱকাশ থাকে।

৩) অধিকাৰসমূহ হৈছে ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশ আৰু সুখী জীৱন যাপনৰ বাবে প্রধান আহিলা স্বৰূপ। অধিকাৰ অবিহনে কোনো মানুহে নিৰ্ভয়ভাবে শান্তিপূর্ণ জীৱন যাপন কৰিব নোৱাৰে। ভীতি বিহ্বলতা, অশান্তি আৰু উদ্বিগ্নতাৰে আবৃত কোনো লোকৰ বাবে শৰীৰিক, মানসিক আদি কোনোধৰণৰ বিকাশ বা উৎকর্ষ সাধন সম্ভৱপৰ নহয় ।

৪) অধিকাৰ সমূহ পৰিৱৰ্তনশীল। কোনো অধিকাৰেই চিৰন্তন নহয় ৷ সময় আৰু স্থান অনুসৰি ইয়াৰ পৰিৱৰ্তন হৈ নতুন নতুন হয়।

3. Write the Four Features of Natural Rights.

Ans: প্রাকৃতিক অধিকাৰৰ বৈশিষ্ট্য [Features Natural Rights] : প্রাকৃতিক অধিকাৰৰ ধাৰণাটো অধ্যয়ন কৰিলে ইয়াৰ কিছুমান বৈশিষ্ট্য দেখা পোৱা যায়। সেইসমূহ হ’ল—

(১) প্রাকৃতিক অধিকাৰসমূহ অপৃথকযোগ্য : থমাছ জেফাৰচন [Thomas jefferson] কৈছে যে অধিকাৰসমূহ অপৃথকযোগ্য। তেওঁৰ ভাষাত “All men are created equal and they are endowed by their creator with certain inalienable rights.” । গতিকে ক’ব পৰা যায় যে প্রাকৃতিক অধিকাৰসমূহ অ-পৃথকযোগ্য অধিকাৰ ৷

(২) প্রাকৃতিক অধিকাৰসমূহ সর্বজনীন : প্রাকৃতিক অধিকাৰসমূহ প্রকৃতিয়ে সকলো ব্যক্তিকে প্রদান কৰিছে। জাতি, ধর্ম, ভাষা, বর্ণ, লিংগ বা জন্মস্থান নির্বিশেষে ব্যক্তিয়ে এইঅধিকাৰসমূহ উপভোগ কৰে। সেয়ে প্রাকৃতিক অধিকাৰসমূহ সর্বজনীন বুলি কোৱা হয়।

(৩) প্রাকৃতিক অধিকাৰ ৰাষ্ট্ৰৰ পূৰ্বৰ : প্ৰাকৃতিক অধিকাৰ ৰাষ্ট্ৰ সৃষ্টিৰ আগৰ পৰাই ব্যক্তিয়ে উপভোগ কৰি আহিছে। এই অধিকাৰসমূহ ৰাষ্ট্ৰ সৃষ্ট নহয় ।

(৪) নৈতিকতাৰ ওপৰত প্ৰতিষ্ঠিত : প্রাকৃতিক অধিকাৰসমূহ নৈতিকতাৰ ওপৰত প্রতিষ্ঠিত। প্রাকৃতিক অধিকাৰে নৈতিক দাবীসমূহক অধিকাৰ বুলি আখ্যা দিয়ে।

4. Write the Three Limitations of Natural Rights?

Ans: (ক) ৰাষ্ট্ৰ সৃষ্টিৰ পূৰ্বে ব্যক্তিয়ে অধিকাৰ ভোগ কৰিছিল ধাৰণাটোক সমালোচনা কৰা হয়। ৰাষ্ট্ৰ সৃষ্টিৰ পূৰ্বে এনে কোনো ব্যৱস্থা নাছিল যি ব্যক্তিৰ অধিকাৰ ৰক্ষা কৰিব পাৰিব। সেয়ে সমালোচকসকলৰ মতে বাষ্ট সৃষ্টিৰ পূৰ্বৰে পৰা প্ৰাকৃতিক অধিকাৰ থকা ধাৰণাটো গ্ৰহণযোগ্য নহয়। ।

(খ) অধিকাৰসমূহ ব্যক্তিয়ে সামাজিক প্রাণী হিচাপে উপভোগ কৰে। কিন্তু প্রাকৃতিক অধিকাৰ ধাৰণাটোৱে ৰাষ্ট্ৰ সৃষ্টিৰ পূৰ্বে মানুহ আধুনিক সমাজত বসবাস কৰাৰ আগৰে পৰা অধিকাৰ ভোগ কৰি আহিছে বুলি মত আগবঢ়ায়। এই ধাৰণাটো গ্রহণযোগ্য নহয়।

(গ) প্রাকৃতিক অধিকাৰৰ এখন সূচী প্ৰস্তুত কৰাটো সম্ভৱ নহয়। প্রকৃতিয়ে মানুহক কোনবোৰ অধিকাৰ দিছে তাক নির্দিষ্টভাৱে ক’ব পৰা নাযায়।

5. Write the Four features of Moral Rights?

Ans: নৈতিক অধিকাৰ ধাৰণাটো অধ্যয়ন কৰিলে কিছুমান বৈশিষ্ট্য দেখা যায়। সেইসমূহ হ’ল— 

(ক) নৈতিক অধিকাৰ ধাৰণাটো সমাজৰ নৈতিকতাৰ ওপৰত প্রতিষ্ঠিত।

(খ) জনমত, প্রথা, ৰীতি-নীতি, দেশাচাৰ, আদৰ্শ আদি ধাৰণাৰ ভিত্তিত নৈতিক অধিকাৰ সৃষ্টি হয়।

(গ) সাধাৰণতে নৈতিক অধিকাৰসমূহক কোনো কর্তৃপক্ষই স্বীকৃতি দিয়াৰ আৱশ্যকতা নাই।

(ঘ) নৈতিক অধিকাৰে বিশ্বাস কৰে যে মানুহ বিবেকৱান প্রাণী আৰু সেয়ে মানুহে নৈতিকতা মানি চলে।

6. Write the Four Limitations of Moral Rights? 

Ans: নৈতিক অধিকাৰৰ কিছুমান সীমাৱদ্ধতা আছে। সেইসমূহ হ’ল一

(ক) নৈতিক অধিকাৰ ধাৰণাই অধিকাৰসমূহৰ বাবে ৰাষ্ট্ৰব স্বীকৃতিৰ আৱশ্যক নাই বুলি কৈছে। কিন্তু দেখা গৈছে যে ৰাষ্ট্ৰই গ্ৰহণ নকৰা অধিকাৰসমূহ অর্থহীন।

(খ) সামাজিক নীতি-নিয়ম সমাজভেদে বেলেগ বেলেগ। গতিকে সামাজিক নীতি-নিয়মৰ ওপৰত প্ৰতিষ্ঠিত অধিকাৰো সমাজভেদে বেলেগ বেলেগ হ’ব। এই বেলেগ বেলেগ অধিকাৰ ধাৰণাটো গ্ৰহণযোগ্য নহয়।

(গ) এই ধাৰণাই বিশ্বাস কৰে যে মানুহ বিবেকৱান প্রাণী। কিন্তু দেখা গৈছে যে সমাজত বহুটো বিবেকহীন লোক আছে।

(ঘ) এই ধাৰণাই বিশ্বাস কৰে যে মানুহ বিবেকৰ দ্বাৰা পৰিচালিত হোৱাৰ বাবে নৈতিকতা মানি চলে। কিন্তু দেখা গৈছে যে বহু সময়ত মানুহে নিজৰ স্বাৰ্থ পূৰণৰ বাবে নৈতিকতাক বিসর্জন দিয়ে।

7. Write the Four features of UDHR?

Ans: (ক) বৈষম্য বিৰোধী : মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্রই মানৱ অধিকাৰ উপভোগৰ ক্ষেত্ৰত কোনোধৰণৰ বৈষম্য থাকিব নালাগে বুলি ঘোষণা কৰিছে। জাতি, বর্ণ, ভাষা, ধর্ম, জন্মস্থান আদিৰ বিচাৰ নকৰাকৈ সকলোৱে মানৱ অধিকাৰসমূহ উপভোগ কৰিব লাগিব ।

(খ) সার্বজনীন : মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰত সন্নিৱিষ্ট অধিকাৰসমূহ সাৰ্বজনীন। সৰু-বৰ নিৰ্বিশেষে সকলো ৰাষ্ট্ৰৰ ক্ষেত্ৰত এই অধিকাৰসমূহ প্ৰযোজ্য।

(গ) মানৱ মৰ্যাদাৰ প্ৰতি শ্ৰদ্ধা : এই ঘোষণাপত্ৰই মানব জাতিৰ সমমৰ্যাদাৰ অধিকাৰক স্বীকৃতি দিয়াৰ বাবে সংকল্পবদ্ধ হৈছে। অৰ্থাৎ জাতি, বর্ণ, ধর্ম, লিংগ নির্বিশেষে সকলো মানুহক মানুহ হিচাপে ব্যৱহাৰ কৰিব লাগে।

(ঘ) দাসত্ব বিৰোধী অধিকাৰ : এই ঘোষণাপত্ৰই ব্যক্তিৰ সমতা অধিকাৰ ৰক্ষা কৰিবৰ বাবে দাসত্ব বিৰোধী অধিকাৰৰ স্বীকৃতি দিছে। এই ঘোষণাপত্রই বিশ্বৰ পৰা দাস প্রথা দূৰ কৰাৰ বাবে ব্যক্তিক অধিকাৰ প্ৰদান কৰিছে।

Essay Type Question Answer

1. Meaning of Rights.

Ans: অধিকাৰৰ অৰ্থ (Meaning of Rights) : সাধাৰণ অৰ্থত, অধিকাৰ বুলিলে আমি সমাজ আৰু ৰাষ্ট্ৰ দ্বাৰা স্বীকৃত এক দাবীকেই বুজো (A right is a claim of an individual recognised by the society and the State) অধিকাৰৰ এই অৰ্থৰ পৰা আমি তিনিটা উপাদান উলিয়াই হব পাৰে। সেই কেইটা হৈছে—

১) অধিকাৰ হৈছে এজন ব্যক্তিৰ এক দাবী [Claim] অৱশ্যে এজন ব্যক্তিয়ে কৰা যি কোনো দাবীয়েই অধিকাৰ হ’ব নোৱাৰে। এই দাবীৰ আঁৰত সমাজৰ সামূহিক কল্যাণৰ এক মনোবৃত্তি প্রতিফলিত হ’ব লাগিব।

২) ব্যক্তিয়ে কৰা দাবীয়ে সামাজিক স্বীকৃতি লাভ কৰিব লাগিব। যেতিয়াই এজন ব্যক্তিয়ে সামাজিক কল্যাণৰ কথা মনত ৰাখি এক দাবী আগবঢ়ায় সমাজে তাক স্বীকৃতি দিয়াটো স্বাভাৱিক। 

৩) ব্যক্তিয়ে কৰা এক দাবী সামাজিকভাৱে স্বীকৃত হোৱাৰ লগতে ৰাষ্ট্ৰৰ দ্বাৰাও স্বীকৃত হ’লেহে ই অধিকাৰৰ পৰ্য্যায়লৈ উন্নীত হ’ব পাৰে। ৰাষ্ট্ৰই স্বীকৃতি নিদিয়া পর্যন্ত ইয়াৰ কেৱল নৈতিক ভিত্তিহে থাকে, আইনগত ভিত্তি নাথাকে।

অধিকাৰৰ অৰ্থ সম্বন্ধে আলোচনা কৰোঁতে আমি যি তিনিটা উপাদানৰ বিষয়ে উল্লেখ কৰিছো, সেই সম্পৰ্কত অৱশ্যে ৰাজনীতি বিজ্ঞানীসকলৰ মাজত মতভেদ আছে। এই ক্ষেত্ৰত আমি অধ্যাপক লাস্কিৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰো। তেওঁৰ মতে, জনসাধাৰণৰ এনেকুৱা কিছুমান ন্যায় সংগত দাবী থাকে, , যিবোৰক ৰাষ্ট্ৰই স্বীকৃতি দিব নোখোজে। তেওঁ বিশ্বাস কৰে যে কিছুমান স্বীকৃতি আৰু কিছুমান স্বীকাৰযোগ্য অধিকাৰৰ মাজতেই ৰাষ্ট্ৰ ব্যৱস্থাটো জীয়াই থাকে। এই স্বীকাৰযোগ্য অধিকাৰসমূহৰ প্ৰতি যেতিয়াই ৰাষ্ট্ৰই স্বীকৃতি দিব তেতিয়া সমগ্ৰ ৰাষ্ট্ৰ ব্যৱস্থাটো পূৰ্ণাঙ্গ হৈ উঠিব।

2. Definition of Rights.

Ans: অধিকাৰ সম্বন্ধে ৰাজনীতি বিজ্ঞানীসকলে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। তাৰে কিছুমান গুৰুত্বপূর্ণ সংজ্ঞা তলত উল্লেখ কৰা হ’ল

অধ্যাপক লাস্কি [Laski] ৰ মতে, “অধিকাৰ হ’ল সমাজ জীৱনৰ সেই বিলাক চৰ্ত, যাৰ অবিহনে মানুহে সাধাৰণভাৱে ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সাধন কৰিব নোৱাৰে” [ Rights are those conditions of social life without which no men can seek, in general to be himself at his best”]

টি. এইচ গ্ৰীণৰ মতে “জনসাধাৰণৰ মংগলৰ সহায়কৰূপে দাবী কৰা তথা স্বীকৃতি ক্ষমতাই হ’ল অধিকাৰ। [Right is a power claimed and recognised as contributory to common good”]

গীলখ্ৰাইষ্টৰ মতে— “সমাজ চেতনা বোধৰ পৰাই অধিকাৰবিলাকৰ উদ্ভৱ হয়। [ Rights arises from the fact that man is a social being”]

বচানকুৱেট (Bosanquet) ৰ মতে “সমাজ স্বীকৃত আৰু ৰাষ্ট্ৰৰ দ্বাৰা বলৱৎকৃত দাবীয়েই হ’ল অধিকাৰ [“The claims of the individuals which are recognised by the society enforced by the state are called rights”]

বেনথাম [Bentham] ৰ মতে “ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত দাবীয়েই হৈছে অধিকাৰ।” [“Right is a claim recognised by the State”]

আৰ্নেষ্ট বাৰ্কাৰ [Ernest Barker] ৰ মতে— ‘ব্যক্তিৰ সৰ্বাধিক সম্ভাব্য বিকাশৰ বাবে প্রয়োজনীয় বাহ্যিক চৰ্তৱালী বা অৱস্থাক অধিকাৰ বোলা হয়।”[“Rights are the external conditions necessary for the greatest possible development of the capacities of the personality”]

হবহাউচ (Hobhouse)ৰ মতে, “আমি আনৰ পৰা যি আশা কৰো আৰু আনেও আমাৰ পৰা যি আশা কৰে সেয়াই হৈছে অধিকাৰ আৰু সকলো প্ৰকৃত অধিকাৰেই হৈছে সমাজ কল্যাণৰ চর্ত“ [“Rights are what we may expect from others and others from us and all genuine rights are conditions of social welfare”]।

ড° বেনি প্রসাদ (Beni Prasad)ৰ মতে “অধিকাৰসমূহ হৈছে ব্যক্তিত্ব বিকাশৰ বাবে সূচল এক সঠিক মাপৰ সামাজিক অৱস্থা যি অৱস্থাৰ স্থিতি প্ৰয়োজনতকৈ অলপো কম বা অধিক মানৰ হয়” [“Rights are nothing more and nothing less than those social conditions which are necessary or favourable to the development of personality”]

ওপৰৰ সংজ্ঞাবিলাক বিশ্লেষণৰ অন্তত ক’ব পাৰি যে অধিকাৰ বুলি ক’লে সমাজ আৰু ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত সেইবিলাক সুযোগ সুবিধা আৰু দাবী ক’লে যিবিলাক নেকি সমাজৰ সামাজিক স্বার্থৰ লগত জড়িত হোৱাৰ লগতে ব্যক্তিৰ ব্যক্তিত্বৰ সৰ্বোতম বিকাশ সাধনৰ বাবে অনুকূল বুলি বিবেচিত হয়। আধুনিক বিশ্বৰ প্ৰায় সকলো বিলাক ৰাষ্ট্ৰই কেতবোৰ অত্যাৱশ্যকীয় অধিকাৰ সাংবিধানিক ভাৱে দেশৰ নাগৰিক সকলক প্ৰদান কৰে। ভাৰতবৰ্ষৰ সংবিধানৰ তৃতীয় অধ্যায়ত ১২ নং পৰা ৩৫ নং অনুচ্ছেদলৈকে কেতবোৰ অত্যাৱশ্যকীয় অধিকাৰক নাগৰিকৰ মৌলিক অধিকাৰ হিচাপে সন্নিৱিষ্ট কৰা হৈছে।

3. Characteristics of Rights?

Ans: অধিকাৰৰ বৈশিষ্ট সমূহ তলত উল্লেখ কৰা হ’ল—

১) সামাজিক স্বীকৃতি অধিকাৰৰ মূল উপাদান। সামাজিক স্বীকৃতি লাভ কৰা দাবী বিলাকহে ব্যক্তিৰ অধিকাৰত পৰিণত হয়। সমাজ অবিহনে অধিকাৰৰ কোনো মূল্য থাকিব নোৱাৰে। অধিকাৰ সমাজৰ ভিতৰতে অর্থপূর্ণ হয়।

২) সামাজিক স্বীকৃতিৰ উপৰিও অধিকাৰে ৰাষ্ট্ৰৰ স্বীকৃতি লাভ কৰিব লাগে। ৰাষ্ট্ৰবদ্বাৰা স্বীকৃত আৰু বলবৎ ন’হলে ব্যক্তিয়ে তেওঁৰ অধিকাৰ উপভোগৰ প্ৰকৃত পৰিৱেশৰ পৰা বঞ্চিত হোৱাৰ অৱকাশ থাকে।

৩) অধিকাৰসমূহ হৈছে ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশ আৰু সুখী জীৱন যাপনৰ বাবে প্রধান আহিলা স্বৰূপ। অধিকাৰ অবিহনে কোনো মানুহে নিৰ্ভয়ভাবে শান্তিপূর্ণ জীৱন যাপন কৰিব নোৱাৰে। ভীতি বিহ্বলতা, অশান্তি আৰু উদ্বিগ্নতাৰে আবৃত কোনো লোকৰ বাবে শৰীৰিক, মানসিক আদি কোনোধৰণৰ বিকাশ বা উৎকর্ষ সাধন সম্ভৱপৰ নহয় ।

৪) অধিকাৰ সমূহ পৰিৱৰ্তনশীল। কোনো অধিকাৰেই চিৰন্তন নহয় ৷ সময় আৰু স্থান অনুসৰি ইয়াৰ পৰিৱৰ্তন হৈ নতুন নতুন হয়।

৫) শ্রেণী বিভক্ত সমাজত ৰাষ্ট্ৰ পক্ষপাতমূলকহীন হৈ সকলোৰে বাবে সমান অধিকাৰৰ স্বীকৃতি প্ৰদান কৰিব নোৱাৰে ৷ 

৬) অধিকাৰ আৰু কৰ্তব্যৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক অধিকাৰৰ আন এক মৌলিক বৈশিষ্ট প্ৰত্যেক অধিকাৰৰ লগত এক কর্তব্যও জড়িত থাকে।

৭) ‘সার্বজনীনতা।’ অধিকাৰ আন এক মৌলিক বৈশিষ্ট। অর্থাৎ অধিকাৰ বিলাক কোনো এক নির্দিষ্ট শ্রেণী বা গোষ্ঠীৰ বাবে নহয়। বৈষম্যহীনভাৱে এই অধিকাৰবিলাক সৰ্বজনীন ভাৱে আৰু সমানভাৱে সকলোৱে উপভোগ কৰিব পাৰে।

৮) ৰাষ্ট্ৰই নিৰপেক্ষভাৱে সমতাৰ নীতিৰ আধাৰত নাগৰিকৰ অধিকাৰ সুনিশ্চিত কৰাৰ ওপৰত ব্যক্তিৰ ব্যক্তিত্ব বিকাশ সাধনৰ প্ৰক্ৰিয়া তৰান্বিত হয়।

৯) অধিকাৰ সমূহ সু-নিৰ্দিষ্ট আৰু নিৰ্ধাৰিত। আধুনিক বিশ্বৰ গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহৰ সংবিধানত নাগৰিকৰ অধিকাৰসমূহ লিপিবদ্ধ থাকে।

১০) অধিকাৰ সমূহ নিৰংকুশ নহয়। জন-স্বাস্থ্য, জন-নিৰাপত্তা, ৰাজহুৱা শান্তি-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত নাগৰিকৰ অধিকাৰ সমূহৰ ওপৰত বিভিন্ন ধৰণৰ সীমাবদ্ধতা আৰোপ কৰা হয় ৷

4. Examine the importance of universalistic approach to Human Rights.

Ans: সার্বজনীন অধ্যয়ন পদ্ধতি আৰু ইয়াৰ গুৰুত্ব : মানৱ অধিকাৰবিলাক বিশ্বজনীন। মানৱ অধিকাৰবোৰ জন্মগত অধিকাৰ। এই অধিকাৰ বিশ্বৰ সকলো অঞ্চলৰ মানুহৰ অধিকাৰ। সমতা, ভাতৃত্বভাব, নৈতিক আৰু মানৱতাবাদী নীতিৰ ওপৰত মানৱ অধিকাৰ প্ৰতিষ্ঠিত। এনে অধিকাৰ বিলাক ব্যক্তিৰ উৎকৰ্ষ সাধনৰ বাবে, সামাজিক, আর্থিক কল্যাণৰ বাবে, শান্তি-সমৃদ্ধিৰ বাবে, মানৱীয়, প্ৰমূল্য আৰু মৰ্যাদাৰ বাবে অতি প্রয়োজনীয়। ন্যায় প্ৰতিষ্ঠাৰ বাবে মানৱ অধিকাৰ প্ৰয়োজন। সেই কাৰণে মানৱ অধিকাৰ বিশ্ব জনীন। এনে চিন্তাধাৰাৰে মানৱ অধিকাৰ অধ্যয়ন কৰা এই দৃষ্টিভংগীক সাৰ্বজনীনকৰণৰ দৃষ্টিভংগী বোলা হয় । অৱশ্যে সাৰ্বজনীনকৰণ দৃষ্টিভংগীয়ে মানৱ অধিকাৰক সাৰ্বজনীন কৰা প্রচেষ্টাকো সামৰি লয়।

মানৱ অধিকাৰৰ ক্ৰমবিকাশৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে যুগ যুগ ধৰি অধিকাৰসমূহ মুষ্টিমেয় এক শ্রেণী লোকেহে উপভোগ কৰি আহিছে। সামন্তবাদী ব্যৱস্থাত সামন্ত সকলেহে অবাধ স্বাধীনতা উপভোগ কৰিছিল। তেনেদৰে একনায়কত্ববাদী শাসনত মুষ্টিমেয় কেইজনমানে অবাধ অধিকাৰ উপভোগ কৰিছিল। অৱশ্যে প্রাচীন কালৰে পৰাই অধিকাৰৰ ধাৰণাটোৱেও গতি লাভ কৰিছে। প্রাচীন ষ্টয়িক (Stoick) দাৰ্শনিক সকলৰ লেখনিত মানুহৰ অধিকাৰৰ প্ৰাকৃতিক তত্ত্ব প্ৰকাশ পাইছিল। ইংলেণ্ডৰ ১২১৫ চনৰ মহাচনদ (Magna Carta), ১৭৭৬ চনৰ আমেৰিকাৰ স্বাধীনতা ঘোষণা পত্ৰ, ১৭৮৯ চনৰ ফ্ৰান্সৰ মানুহ আৰু নাগৰিকৰ অধিকাৰ ঘোষণাই মানৱ অধিকাৰৰ ক্ৰমবিকাশত অৰিহণা যোগাইছিল৷ এনে অধিকাৰৰ ঘোষণাপত্ৰৰ সত্ত্বেও অধিকাৰ বিলাকে বিশ্বজনীনতা লাভ কৰিব পৰা নাছিল। কাৰণ ইংলেণ্ডৰ মহাচনদে বেৰণ সকলৰ আধিপত্য কমাব পৰা নাছিল। আমেৰিকাৰ স্বাধীনতাৰ ঘোষণা পত্রই নিগ্রোসকলক, দাসসকলক আৰু আদিম অধিবাসী বিলাকক অত্যাচাৰৰ পৰা উদ্ধাৰ কৰিব পৰা নাছিল। ১৮৬৪ চনতহে আমেৰিকাত দাস প্রথা উচ্ছেদ কৰা হয়। ফৰাচী বিপ্লৱে স্বাধীনতা, সমতা আৰু মৈত্ৰীৰ আদৰ্শ গ্ৰহণ কৰিছিল। কিন্তু শ্ৰমিক সকলৰ বাবে অর্থনৈতিক ন্যায় প্রতিষ্ঠাত আগভাগ লোৱা নাছিল।

১৯১৭ চনৰ বলছেভিক বিপ্লৱে ৰুছিয়াত অৰ্থনৈতিক আৰু সামাজিক অধিকাৰত গুৰুত্ব আৰোপ কৰিছিল। দুই বিশ্বযুদ্ধৰ মাজৰ সময়ছোৱাত গঠন কৰা আন্তৰ্জাতিক আইন প্রতিষ্ঠান নামৰ (Institute of International Law) সংগঠন এটাই মানৱ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে প্ৰত্যেক ৰাষ্ট্ৰই ছটা নীতি মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ওপৰত উল্লিখিত অধিকাৰৰ চনদ আৰু বেচৰকাৰী প্ৰতিষ্ঠানে মানৱ অধিকাৰ বিশ্বজনীন কৰিবৰ বাবে লোৱা প্ৰচেষ্টাৰ গুৰুত্ব এইখিনিতেই যে মানৱ অধিকাৰক মানৱীয় মর্যাদা প্ৰদানৰ বাবে, মানৱ জাতিক দমন আৰু নিপীড়নৰ পৰা ৰক্ষা কৰিবৰ বাবে সকলোকে সচেতন কৰি তোলা ।

ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা অধিকাৰবিলাক সাধাৰণ প্ৰকৃতিৰ আছিল কিন্তু ১৯৪৮ চনত ১০ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই মানৱ অধিকাৰৰ ঘোষণাপত্ৰ জাৰি কৰে। এই ঘোষণাই নাগৰিক, ৰাজনৈতিক, অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰক সমতা আৰু বৈষম্যহীনভাৱে উপভোগ কৰাৰ নিৰ্দিষ্ট নির্দেশনা দিয়ে।

মানৱ অধিকাৰৰ ঘোষণাপত্ৰত উল্লেখ কৰা অধিকাৰবিলাকৰ কাৰ্যকৰীকৰণ বাধ্যতামূলক নাছিল। বিভিন্ন ৰাষ্ট্ৰই ৰাষ্ট্ৰীয় অখণ্ডতা, সামাজিক আইন শৃংখলা, জাতীয় ঐক্য-সংহতি ৰক্ষাৰ নামত এই অধিকাৰবিলাক খৰ্ব কৰিছিল। গতিকে এনে অধিকাৰবিলাক কাৰ্যকৰী কৰাত বাধাৰ সৃষ্টি হৈছিল। মানৱ অধিকাৰৰ সাৰ্বজনীন নীতিবোৰ প্ৰকৃততে কাৰ্যকৰী কৰিবৰ কাৰণে, অধিকাৰক সুৰক্ষা দিবৰ বাবে বহু বছৰ ধৰি আন্তৰ্জাতিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত আলাপ আলোচনা হৈছিল। ভালেমান আলোচনা আৰু অধ্যয়নৰ পাছত কেইখনমান আন্তঃৰাষ্ট্ৰীয় দলিল আৰু চুক্তিপত্ৰ প্ৰস্তুত কৰা হ’ল ; ইয়াৰ ভিতৰত উল্লেখযোগ্য চুক্তিসমূহ হ’ল—

(১) নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ সম্পৰ্কীয় আন্তর্জাতিক চুক্তিপত্র, ১৯৬৬। আৰু

(২) অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ সম্পর্কীয় চুক্তিপত্র, ১৯৬৬।

প্রথম চুক্তিপত্ৰত ১০৬ খন ৰাষ্ট্ৰই দ্বিতীয়খন চুক্তিপত্ৰত ১০৫ খন ৰাষ্ট্ৰই ভোটদান কৰিছিল। ৰাষ্ট্ৰসমূহৰ অনুমোদনৰ বাবে চুক্তিপত্ৰখন প্ৰেৰণ কৰা হৈছিল। অনুমোদনৰ পাছত প্ৰথম চুক্তিপত্র ১৯৭৬ চনৰ (৩ জানুৱাৰী) পৰা আৰু দ্বিতীয়খন চুক্তিপত্র একে বছৰৰে (২৩ মার্চ)ৰ পৰা কাৰ্যকৰী কৰা হয়। এনেদৰে মানৱ অধিকাৰসমূহে বিশ্বজনীন ৰূপ লাভ কৰিছে।

মানৱ অধিকাৰ বিশ্বজনীনকৰণ দৃষ্টিভংগীৰ এটা গুৰুত্বপূৰ্ণ দিশ হ’ল যে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ সন্মতিৰ ওপৰত ভিত্তি কৰি জনসাধাৰণৰ মানৱ অধিকাৰক কাৰ্যকৰী কৰা, ৰক্ষা আৰু সন্মান কৰাটো বাধ্যতামূলক কৰিবলৈ যত্ন কৰা হৈছে।

এই দৃষ্টিভংগীৰ আন এটা গুৰুত্ব হৈছে যে কেৱল মানৱ অধিকাৰক উপযুক্ত মর্যাদা দিবলৈ যাওঁতে ব্যক্তি আৰু গোষ্ঠীৰ কৰণীয় দিশ সম্পৰ্কেও গুৰুত্ব প্ৰদান কৰা হৈছে। অধিকাৰ বুলিলে কর্তব্য জড়িত থাকিবই লাগিব। সমাজত জীয়াই থাকোঁতে এজন ব্যক্তিয়ে অন্যান্য ব্যক্তিৰ অধিকাৰৰ সম্পৰ্কে সজাগ হ’ব লাগিব। সমাজৰ অন্যান্য ব্যক্তিৰ বা ব্যক্তিৰ সমষ্টিৰ লগত সম্পৰ্ক স্থাপন কৰোঁতে এজন ব্যক্তিয়ে অন্য ব্যক্তি বা গোষ্ঠীৰ অধিকাৰক সন্মান জনোৱা নিতান্ত প্রয়োজন। সমাজৰ অন্য ব্যক্তিৰ লগত পাৰস্পৰিক বুজাবুজিৰ মাজৰেহে ব্যক্তিয়ে ব্যক্তিত্ব বিকাশ সাধন কৰিব পাৰে । সেইবাবেই মানৱ অধিকাৰৰ ঘোষণাপত্ৰৰ ২(১) অনুচ্ছেদ কোৱা হৈছে যে “প্রত্যেকজন ব্যক্তিৰ সমাজৰ প্ৰতি কৰ্তব্য থাকে যা দ্বাৰা মুক্ত আৰু সম্পূর্ণ ব্যক্তিত্ব বিকাশ সম্ভৱ।” সেইবাবে আইনৰ দ্বাৰা নিৰ্ধাৰিত বাধ্যবাধকতা মানি চলাত বিশ্বজনীনকৰণ দৃষ্টিভংগীয়ে গুৰুত্ব দিয়ে।

এই দৃষ্টিভংগীৰ আন এটা গুৰুত্ব হৈছে যে আন্তঃৰাষ্ট্ৰীয় আইনৰ বিকাশৰ বাবে এই দৃষ্টিভংগীয়ে অৰিহণা যোগাইছে। মানৱ অধিকাৰ ঘোষণাপত্ৰই বহু ৰাষ্ট্ৰক আৰু ৰাষ্ট্ৰসংঘক কিছুমান নতুন সাংবিধানিক আইন, ৰাষ্ট্ৰীয় আইন আৰু আন্তঃৰাষ্ট্ৰীয় আইন প্ৰণয়ন কৰিবলৈ বাধ্য কৰাইছিল। মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ বাবেও ৰাষ্ট্ৰভেদে কিছুমান আইন প্রস্তুত কৰিব লগা হ’ল। ইয়াৰ ভিতৰত— Rights and Fundamental Freedom, American Convention of Human Rights, African Charter on Human and Peoples Rights ইত্যাদি।

বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত মানৱ অধিকাৰ আয়োগ গঠন কৰাটোও অধিকাৰৰ বিশ্বজনীনকৰণ দৃষ্টিভংগীৰ এটা অৱদান। ভাৰতবৰ্ষত এনে উদ্দেশ্যেই ১৯৯৩ চনত মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছিল। বিভিন্ন দেশত মানৱ অধিকাৰ ভংগ হ’লে তাৰ প্ৰতিকাৰৰ বাবে নতুন চৰকাৰী যন্ত্ৰ উদ্ভাৱন কৰা হৈছে।

মানৱ অধিকাৰ সম্পৰ্কীয় আন্তর্জাতিক আইন ৰচনাৰ লগে লগে মানুহৰ মাজত মানৱ অধিকাৰৰ অৰ্থ আৰু গুৰুত্বৰ সম্পৰ্কেও সচেতনতা বৃদ্ধি পালে। ইয়াৰ ফলস্বৰূপে বিভিন্ন দেশত জনসাধাৰণৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা বৃদ্ধি পাবলৈ ধৰিলে। মানৱ অধিকাৰ ৰক্ষা আৰু অধিকাৰক মৰ্যাদা দিয়াটোত চৰকাৰৰ বাধ্যবাধকতা আহি পৰিল।

এতিয়াও মানৱ অধিকাৰসমূহে প্ৰকৃত অৰ্থত বিকাশ লাভ কৰিবলৈ বাকী আছে, মানৱ অধিকাৰৰ বিশ্বজনীনকৰণ সম্পূৰ্ণ অৰ্থত গঢ় লৈ উঠা নাই। তথাপি বিশ্বজনীনকৰণ পদ্ধতিৰ প্ৰধান গুৰুত্ব এইখিনিতেই যে মানৱ জাতিৰ বুৰঞ্জী প্ৰথমবাৰৰ বাবে ধৰ্ম, জাতি, বর্ণ, লিংগ নির্বিশেষে মানৱ সমাজৰ সভ্য হিচাপে এজন ব্যক্তিয়ে কিছুমান নিজৰ বুলি দাবী কৰিব পাৰে। আৰু এক গুৰুত্বপূৰ্ণ দিশ হ’ল যে এই অধিকাৰসমূহক ঐতিহাসিক, অর্থনৈতিক, সামাজিক, সাংস্কৃতিক ভাবাদর্শগত পার্থক্য থকা সত্ত্বেও সকলো ৰাষ্ট্ৰই মানি লৈছে। এই অধিকাৰসমূহে মানৱ জীৱনৰ আৰ্থ সামাজিক, ৰাজনৈতিক, নাগৰিক, সাংস্কৃতিক আদি সকলো দিশ সামৰি লৈছে।

5. Discuss the principal features of the Universalistic Approach to the study of Human Rights.

Ans: সার্বজনীন অধ্যয়ন পদ্ধতিৰ প্ৰধান বৈশিষ্ট্য : মানৱ অধিকাৰবিলাক বিশ্বজনীন। মানৱ অধিকাৰবোৰ জন্মগত অধিকাৰ। এই অধিকাৰ বিশ্বৰ সকলো অঞ্চলৰ মানুহৰ অধিকাৰ। সমতা, ভাতৃত্বভাৱ, নৈতিক আৰু মানৱতাবাদী নীতিৰ ওপৰত মানৱ অধিকাৰ প্ৰতিষ্ঠিত। এনে অধিকাৰ বিলাক ব্যক্তিৰ উৎকর্ষ সাধনৰ বাবে, সামাজিক, আর্থিক কল্যাণৰ বাবে, শান্তি-সমৃদ্ধিৰ বাবে, মানৱীয় প্ৰমূল্য আৰু মৰ্যাদাৰ বাবে অতি প্রয়োজনীয়। ন্যায় প্ৰতিষ্ঠাৰ বাবে মানৱ অধিকাৰ অধ্যয়ন কৰা এই দৃষ্টিভংগীৰ সাৰ্বজনীনকৰণৰ দৃষ্টিভংগী বোলা হয়। অৱশ্যে সাৰ্বজনীনকৰণ দৃষ্টিভংগীয়ে মানৱ অধিকাৰক সাৰ্বজনীন কৰা প্ৰচেষ্টাকো সামৰি লয়।

মানৱ অধিকাৰৰ ক্ৰমবিকাশৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে যুগ যুগ ধৰি অধিকাৰসমূহ মুষ্টিমেয় এক শ্ৰেণীৰ লোকেহে উপভোগ কৰি আহিছে। 

সামন্তবাদী ব্যৱস্থাত সামন্ত সকলেহে অবাধ স্বাধীনতা উপভোগ কৰিছিল। তেনেদৰে একনায়কত্ববাদী শাসনত মুষ্টিমেয় কেইজনমানে অবাধ অধিকাৰ উপভোগ কৰিছিল ৷ অৱশ্যে প্রাচীন কালৰে পৰাই অধিকাৰৰ ধাৰণাটোৱেও গতি লাভ কৰিছে। প্রাচীন ষ্টয়িক (Stoick) দার্শনিক সকলৰ লেখনিত মানুহৰ অধিকাৰৰ প্ৰাকৃতিক তত্ত্ব প্ৰকাশ পাইছিল। ইংলেণ্ডৰ ১২১৫ চনৰ মহাচনদ (Magna Carta), ১৭৭৬ চনৰ আমেৰিকাৰ স্বাধীনতা ঘোষণা পত্ৰ, ১৭৮৯ চনৰ ফ্ৰান্সৰ মানুহ আৰু নাগৰিকৰ অধিকাৰ ঘোষণাই মানৱ অধিকাৰৰ ক্ৰমবিকাশত অৰিহণা যোগাইছিল৷ এনে অধিকাৰৰ ঘোষণাপত্ৰৰ সত্ত্বেও অধিকাৰ বিলাকে বিশ্বজনীনতা লাভ কৰিব পৰা নাছিল। কাৰণ ইংলেণ্ডৰ মহাচনদে বেৰণ সকলৰ আধিপত্য কমাব পৰা নাছিল। আমেৰিকাৰ স্বাধীনতাৰ ঘোষণা পত্রই নিগ্রোসকলক, দাসসকলক আৰু আদিম অধিবাসী বিলাকক অত্যাচাৰৰ পৰা উদ্ধাৰ কৰিব পৰা নাছিল। ১৮৬৪ চনতহে আমেৰিকাত দাস প্রথা উচ্ছেদ কৰা হয়। ফৰাচী বিপ্লৱে স্বাধীনতা, সমতা আৰু মৈত্ৰীৰ আদৰ্শ গ্ৰহণ কৰিছিল। কিন্তু শ্ৰমিক সকলৰ বাবে অর্থনৈতিক ন্যায় প্রতিষ্ঠাত আগভাগ লোৱা নাছিল।

১৯১৭ চনৰ বলছেভিক বিপ্লৱে ৰুছিয়াত অৰ্থনৈতিক আৰু সামাজিক অধিকাৰত গুৰুত্ব আৰোপ কৰিছিল। দুই বিশ্বযুদ্ধৰ মাজৰ সময়ছোৱাত গঠন কৰা আন্তৰ্জাতিক আইন প্রতিষ্ঠান নামৰ (Institute of International Law) সংগঠন এটাই মানৱ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে প্ৰত্যেক ৰাষ্ট্ৰই ছটা নীতি মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ওপৰত উল্লিখিত অধিকাৰৰ চনদ আৰু বেচৰকাৰী প্ৰতিষ্ঠানে মানৱ অধিকাৰ বিশ্বজনীন কৰিবৰ বাবে লোৱা প্ৰচেষ্টাৰ গুৰুত্ব এইখিনিতেই যে মানৱ অধিকাৰক মানৱীয় মর্যাদা প্ৰদানৰ বাবে, মানৱ জাতিক দমন আৰু নিপীড়নৰ পৰা ৰক্ষা কৰিবৰ বাবে সকলোকে সচেতন কৰি তোলা ।

6. Bring out the various provisions of the Universal Declaration of Human Rights as inserted in the UN charter.

Ans: ১৯৪৮ চনৰ ১০ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই সার্বজনীন মানৱ অধিকাৰ ঘোষণা পত্ৰ গ্ৰহণ কৰি মানৱ অধিকাৰৰ বিষয়ত এক আন্তর্জাতিক পদক্ষেপ গ্রহণ কৰিলে। ইয়াত এটা প্ৰস্তাৱনা আৰু ৩০টা অনুচ্ছেদ আছিল। এই ঘোষণাত থকা মানৱ অধিকাৰসমূহক ১৯৬৬ (১৬ ডিচেম্বৰত)  চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই দুটা ভাগত বিভক্ত কৰিছিল। এটা ভাগক কোৱা হয় পৌৰ আৰু ৰাজনৈতিক অধিকাৰৰ আন্তর্জাতিক চনদ (International Covenant on Civil and Political Rights or ICCPR) আৰু আনটো ভাগক কোৱা যায় অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰৰ আন্তৰ্জাতিক চনদ (International Covenant on Economic, Social and Cultural Right or ICESCR)।

মানৱ অধিকাৰৰ ঘোষণাৰ ১নং অনুচ্ছেদত মানৱ জাতিৰ সকলোৰে সম-মর্যাদা আৰু মানৱ অধিকাৰৰ ক্ষেত্ৰত জন্মগতভাবে মুক্ত আৰু সমান বুলি ঘোষণা কৰা হৈছে।

২নং অনুচ্ছেদত জাতি, ধৰ্ম, ৰাজনীতি, স্বাধীন-পৰাধীন ৰাষ্ট্ৰ নির্বিশেষে সকলোৱে অধিকাৰ আৰু স্বতন্ত্রতা ভোগ কৰিব পাৰিব বুলি উল্লেখ কৰা আছে।

৩ নং অনুচ্ছেদত জীৱন, স্বতন্ত্ৰতা আৰু নিৰাপত্তাৰ অধিকাৰৰ কথা উল্লেখ আছে।

৪ নং অনুচ্ছেদত দাস প্রথা আৰু দাস ব্যৱসায় নিষিদ্ধ কৰা হৈছে।

৫ নং অনুচ্ছেদৰ মতে কোনো ব্যক্তি নৃশংস বা অত্যাচাৰৰ বলি হ’ব নোৱাৰিব।

৬ নং অনুচ্ছেদৰ মতে সকলো মানুহক আইনৰ আগত ব্যক্তি হিচাপে স্বীকৃতি দিয়াৰ অধিকাৰ দিয়া হৈছে।

অনুচ্ছেদ ৭ৰ পৰা ১১ লৈ ব্যক্তিৰ আইনগত অধিকাৰৰ বিষয়ে উল্লেখ কৰা হৈছে। বৈষম্যৰ বিৰুদ্ধে আইনে সমানভাৱে সকলোকে সুৰক্ষা দিয়া, কৰ্তৃত্বশীল জাতীয় বিচাৰালয়ৰ দ্বাৰা অধিকাৰ ভংগৰ বিৰুদ্ধে আবেদন শুনিব পৰা আধিকাৰ, চৰকাৰৰ স্বেচ্ছাচাৰী বন্দী, কাৰাবাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ স্বাধীনতা, ফৌজদাৰী অপৰাধত অভিযুক্ত লোকে স্বতন্ত্ৰ আৰু নিৰপেক্ষ বিচাৰালয়ৰ দ্বাৰা বিচাৰৰ ৰায়দান বিচাৰৰ অধিকাৰ, আইনৰ দ্বাৰা আত্মৰক্ষাৰ সুবিধা পোৱা অধিকাৰ, অধিক শাস্তি প্ৰদানৰ বিৰুদ্ধে অধিকাৰ আদি অধিকাৰবোৰ এই বিষয়ত উল্লেখযোগ্য।

অনুচ্ছেদ ১২ ৰ মতে কাৰোবাৰ ব্যক্তিগত সাংসাৰিক জীৱনত হস্তক্ষেপ কৰা বা সন্মান আৰু মৰ্যাদাত আঘাত কৰা নহ’ব।

অনুচ্ছেদ ১৩ আৰু ১৪ত বাসস্থানৰ অধিকাৰ, দেশ ত্যাগ কৰাৰ অধিকাৰ, প্ৰত্যাৱৰ্তনৰ অধিকাৰ, অন্য দেশত ৰাজনৈতিক আশ্ৰয় বিচৰাৰ অধিকাৰ প্ৰদান কৰা হৈছে।

১৫ অনুচ্ছেদত জাতীয়তা লাভৰ অধিকাৰ, পৰিৱৰ্তনৰ অধিকাৰ দিয়া হৈছে। 

১৬ অনুচ্ছেদত বিবাহৰ অধিকাৰ, পৰিয়ালৰ নিৰাপত্তাৰ অধিকাৰ দিয়া হৈছে। 

অনুচ্ছেদ ১৭ৰ পৰা ২১ লৈ বিভিন্ন নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত সম্পত্তি আহৰণৰ অধিকাৰ, চিন্তাৰ আৰু বিবেকৰ অধিকাৰ, ধৰ্মৰ অধিকাৰ, ভাব প্ৰকাশ আৰু চিন্তাৰ স্বাধীনতাৰ অধিকাৰ, শান্তিপূর্ণভাৱে সমবেত হোৱাৰ স্বাধীনতা, সন্থা গঠনৰ স্বাধীনতা, বাধ্যতামূলকভাৱে সন্থাৰ সদস্য অন্তর্ভুক্ত কৰাৰ বিৰুদ্ধে স্বাধীনতা, প্রত্যক্ষভাৱে বা পৰোক্ষভাৱে চৰকাৰী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ অধিকাৰ, চৰকাৰী চাকৰি কৰাৰ সমান অধিকাৰ, সাৰ্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ যোগেদি জনসাধাৰণে চৰকাৰ গঠন কৰাৰ অধিকাৰ আদি উল্লেখযোগ্য।

২২ নং অনুচ্ছেদৰ পৰা সামাজিক, অর্থনৈতিক নিৰাপত্তা আৰু সাংস্কৃতিক অধিকাৰৰ কথা উল্লেখ আছে। সমাজৰ সদস্যৰূপে প্রত্যেকেই সামাজিক নিৰাপত্তাৰ অধিকাৰ পাব লাগে। জাতীয় প্রচেষ্টা আৰু আন্তর্জাতিক সহযোগিতাৰ জৰিয়তে ব্যক্তিৰ মৰ্যাদা আৰু ব্যক্তিত্ব বিকাশৰ বাবে অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ প্ৰদান কৰাৰ কথা উল্লেখ আছে।

২৩ নং অনুচ্ছেদ অনুসৰি প্ৰতিজন ব্যক্তিৰ কাম কৰাৰ, নিযুক্তি বাছনি কৰাৰ, কাম কৰাৰ অনুকুল পৰিৱেশ পোৱাৰ অধিকাৰ স্বীকৃতি দিয়া হৈছে। সমান কামৰ সমান দৰমহা, সামাজিক নিৰাপত্তাৰ অধিকাৰ, নিজৰ স্বাৰ্থৰ বাবে শ্রমিক সংগঠন গঢ়ি তোলাৰ অধিকাৰ সকলোৰে আছে।

২৪ নং অনুচ্ছেদত বিশ্ৰামৰ অধিকাৰ, কাম কৰা সময়ৰ যুক্তিসংগত সীমা আৰু সাময়িক বন্ধৰ দিন লাভ কৰাৰ অধিকাৰ প্ৰদান কৰা হৈছে।

২৫ নং অনুচ্ছেদত অন্ন, বস্ত্র, গৃহ, স্বাস্থ্য বিষয়ত ব্যক্তিৰ আৰু পৰিয়ালৰ কল্যাণৰ বাবে যথাযোগ্য জীৱন ধাৰণৰ মান লাভৰ অধিকাৰ, অক্ষম, ৰুগীয়া, বিধবা, বৃদ্ধ, নিবনুৱা আদি লোকসকললৈ নিৰাপত্তা লাভৰ অধিকাৰ প্ৰদান কৰা হৈছে। মাতৃ আৰু শিশুসকলে বিশেষ সুবিধা পোৱাৰ অধিকাৰ দিয়া হৈছে।

২৬ নং অনুচ্ছেদত শিক্ষাৰ অধিকাৰ, ২৭ নং অনুচ্ছেদত সাংস্কৃতিক অধিকাৰ প্ৰদান কৰা হৈছে। 

২৮ নং অনুচ্ছেদত ঘোষণা-পত্ৰত জাৰি কৰা অধিকাৰ ৰক্ষাৰ বাবে সামাজিক আৰু আন্তৰ্জাতিক ৰক্ষণাবেক্ষণৰ অধিকাৰ জনসাধাৰণক প্ৰদান কৰা হৈছে।

অনুচ্ছেদ ২৯ আৰু ৩০ অনুসৰি মানৱ অধিকাৰ ৰক্ষা কৰাত জনসাধাৰণৰ দায়বদ্ধতা, আনৰ স্বাধীনতা আৰু অধিকাৰ ৰক্ষা কৰাৰ দায়িত্ব, ৰাষ্ট্ৰসংঘৰ মূল নীতি ভংগ নকৰাৰ কৰ্তব্য আৰু মানৱ অধিকাৰ ভংগ নকৰাৰ বাবে জনসাধাৰণ দায়বদ্ধতাৰ বিষয়ে উল্লেখ কৰা হৈছে।

ওপৰত উল্লেখ কৰা হৈছে যে এই মানৱ অধিকাৰবোৰক ১৯৬৬ চনত দুটা ভাগ কৰা হৈছে।

প্ৰথম ভাগৰ অধিকাৰবোৰক প্ৰথম প্ৰজন্মৰ অধিকাৰ (First Generation Rights) বোলা হয়। ৩০টা মানৱ অধিকাৰৰ প্ৰথম ২১টা অনুচ্ছেদৰ সৰহ ভাগতেই পৌৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ আৰু ব্যক্তিৰ স্বাধীনতাৰ লগতে নিৰাপত্তাৰ বিষয়ে আলোচনা কৰিছে। এই অধিকাৰবোৰত পশ্চিমীয়া উদাৰ গণতন্ত্ৰৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। এই অধিকাৰবোৰ হ’ল জীৱন আৰু স্বাধীনতাৰ অধিকাৰ, ব্যক্তিৰ নিৰাপত্তাৰ অধিকাৰ, দাসত্বৰ পৰা মুক্ত হোৱাৰ অধিকাৰ, ব্যক্তিৰ নিৰাপত্তাৰ অধিকাৰ আইনৰ চকুত সমান হোৱাৰ অধিকাৰ, বৈষম্যৰ বিৰুদ্ধে সুৰক্ষাৰ অধিকাৰ, স্বেচ্ছাচাৰীভাৱে আটক কৰাৰ বিৰুদ্ধে অধিকাৰ, সম্পত্তিৰ অধিকাৰ, বিবাহৰ অধিকাৰ, চিন্তা আৰু মতামত প্ৰকাশৰ অধিকাৰ, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ, ৰাজনৈতিক অংশ গ্ৰহণৰ অধিকাৰ, সংস্থা গঠনৰ অধিকাৰ, পুৰুষ আৰু মহিলাৰ সম অধিকাৰ, চৰকাৰ গঠনৰ আৰু নিৰ্বাচনৰ অধিকাৰ ইত্যাদি।

দ্বিতীয় ভাগ অধিকাৰক দ্বিতীয় প্ৰজন্মৰ অধিকাৰ (Second Generation Rights) বোলা হয়। এই আৰু অধিকাৰবোৰ ২২নং অনুচ্ছেদৰ পৰা উল্লেখ কৰা হৈছে। এই অধিকাৰবোৰ অর্থনৈতিক সামাজিক আৰু সাংস্কৃতিক অধিকাৰ। এই অধিকাৰবোৰৰ লগত জড়িত অধিকাৰবোৰ হ’ল কাম কৰাৰ অধিকাৰ, সামাজিক নিৰাপত্তাৰ অধিকাৰ, সমান কাম কৰাৰ বাবে সমান মজুৰিৰ অধিকাৰ, মানৱীয় মর্যাদা ৰক্ষা কৰিব পৰা ন্যায়সংগত মজুৰি পোৱাৰ অধিকাৰ, শ্রমিক সংঘ গঠনৰ অধিকাৰ, জীৱন ধাৰণৰ মান উন্নত কৰাৰ অধিকাৰ, মাতৃ আৰু শিশুৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, সাংস্কৃতিক জীৱনত অংশগ্ৰহণৰ অধিকাৰ ইত্যাদি । এই অধিকাৰবোৰ ৰাজনৈতিক আৰু পৌৰ অধিকাৰৰ লগত সম্পর্কযুক্ত। এই অধিকাৰবিলাকত সাম্যবাদী ভাবধাৰাৰ প্ৰকাশ ঘটিছে।

তৃতীয় প্ৰজন্মৰ অধিকাৰ হ’ল দলীয় বা গোষ্ঠীগত অধিকাৰবোৰ। সেইবিলাক হ’ল মহিলাৰ অধিকাৰ, জাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ, জাতি-গোষ্ঠীৰ অধিকাৰ, সংখ্যালঘুৰ অধিকাৰ, শৰণাৰ্থীসকলৰ অধিকাৰ, শিশুৰ অধিকাৰ, খিলঞ্জীয়া লোকৰ অধিকাৰ, সন্ত্ৰাসবাদীৰ কাৰ্যকলাপৰ বিৰুদ্ধে অধিকাৰ ইত্যাদি। এই তৃতীয় প্ৰজন্মৰ অধিকাৰবিলাক বিশ্বৰ জনসাধাৰণৰ মাজত পৰস্পৰ নিৰ্ভৰশীলতা বৃদ্ধিৰ প্ৰত্যুত্তৰৰূপে বিকশিত হৈছে। এনে অধিকাৰবিলাক ৰাষ্ট্ৰ এখনে অকলে পৰিপূৰ্ণ কৰিব নোৱাৰে। তৃতীয় প্ৰজন্মৰ অধিকাৰবিলাকৰ সমস্যা সমাধান কৰিবলৈ আন্তর্জাতিক সহযোগিতা বা সমন্বয়ৰ প্ৰয়োজন হ’ব। ইয়াৰ বাবে প্ৰগতিৰ প্ৰতি উৎসাহ যোগান, বিশ্ব শান্তি প্রতিষ্ঠা, পৰিৱেশ সুৰক্ষা আদিৰ আন্তৰ্জাতিক ব্যৱস্থাৰ প্রয়োজন হয়।

7. Bring out the basic features of the International Covenant on Economic, Social and Cultural Rights, 1986.

Ans: ১৯৬৬ চনৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰৰ আন্তঃৰাষ্ট্ৰীয় চুক্তিপত্ৰত এটা প্ৰস্তাৱনা আৰু ৩১টা অনুচ্ছেদ আছে। মানৱ অধিকাৰৰ ঘোষণাপত্র, নাগৰিক অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰৰ আন্তঃৰাষ্ট্ৰীয় চুক্তিপত্ৰ (১৯৬৬) আৰু অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰৰ আন্তঃৰাষ্ট্ৰীয় চুক্তিপত্র (১৯৬৬)— এই তিনিখন দলিলৰ লগত দুখন নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় ঐচ্ছিক পত্ৰ বা প্রট’কল লগ লগাই মানৱ অধিকাৰৰ আন্তঃৰাষ্ট্ৰীয় দলিল (International Bill of Human Rights) গঠিত হৈছে।

১৯৬৬ চনৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰৰ আন্তৰ্জাতিক চুক্তিপত্ৰৰ কিছুমান বৈশিষ্ট্য দেখা যায়—

(১) প্ৰস্তাৱনা : ১৯৬৬ চনৰ নাগৰিক আৰু ৰাজনৈতিক অধিকাৰৰ আন্তর্জাতিক চুক্তিপত্ৰত উল্লেখ থকা প্ৰস্তাৱনাটোকে ১৯৬৬ চনৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰৰ আন্তর্জাতিক চুক্তিপত্রতো সন্নিৱিষ্ট কৰা হৈছে। কাৰণ দুয়োখন চুক্তিপত্ৰৰ ভেঁটি প্ৰদান কৰা আৰু ইয়াৰ আদৰ্শসমূহক কাৰ্যকৰী কৰাটো দুয়োখন চুক্তি পত্ৰৰেই উদ্দেশ্য।

প্ৰস্তাৱনাত উল্লেখ আছে যে “চুক্তিপত্ৰৰ ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘৰ চনদত ঘোষণা কৰা মূলনীতি অনুসৰি মানৱ পৰিয়ালৰ সকলো সদস্য স্বাভাৱিক মর্যাদা, সম আৰু হস্তান্তৰবিহীন অধিকাৰৰ দ্বাৰাই বিশ্বত স্বতন্ত্রতা, ন্যায় আৰু শান্তি প্ৰতিষ্ঠাৰ মূল ভেঁটি বুলি বিবেচনা কৰি মানুহৰ স্বাভাৱিক মৰ্যাদাৰ পৰা এই অধিকাৰ উৎপত্তি হৈছে বুলি স্বীকৃতি দি তলৰ অনুচ্ছেদ বিলাকত সহমত পোষণ কৰা হ’ল। 

(২) এই চুক্তিপত্ৰত কিছুমান সাধাৰণ অধিকাৰ প্ৰদান কৰা হৈছে। এই অধিকাৰসমূহ হৈছে—

(ক) আত্মনিৰ্ধাৰণৰ অধিকাৰ : এই অধিকাৰৰ দ্বাৰা সকলোৱে মুক্তভাৱে নিজৰ পছন্দৰ ৰাজনৈতিক পদ্ধতি প্রতিষ্ঠা কৰিব পাৰিব, নিজৰ সম্পদ বেছা-কিনা কৰিব পাৰিব, আত্মনিৰ্ধাৰণৰ অধিকাৰ লাভ কৰিব ।

(খ) সকলো মানুহৰ স্বাধীনতা উপভোগৰ অধিকাৰ : এই অধিকাৰৰ ভিতৰত বৈষম্যহীনভাৱে ৰাষ্ট্ৰই অধিকাৰ প্ৰদান আৰু সুৰক্ষা দিয়াৰ নিশ্চয়তা প্ৰদান কৰিব লাগিব। অধিকাৰৰ খৰ্ব হ’লে ৰাষ্ট্ৰৰ পৰা অধিকাৰ উদ্ধাৰৰ দাবী কৰিব পৰা অধিকাৰ জনসাধাৰণৰ থাকিব।

(গ) পুৰুষ আৰু মহিলাৰ সম অধিকাৰ থাকিব।

(ঘ) যুক্তিপূর্ণ নিয়ন্ত্রণ বা আইনগত প্রক্রিয়াৰ যোগেদি নিয়ন্ত্ৰণৰ অধিকাৰ থাকিব।

(৩) ১৯৬৬ চনৰ অৰ্থনৈতিক, সামাজিক সাংস্কৃতিক অধিকাৰৰ আন এটা বৈশিষ্ট্য যে ইয়াত কিছুমান গুৰুত্বপূৰ্ণ অধিকাৰ প্ৰদান কৰা হৈছে। চুক্তিপত্ৰৰ ৬-১৫ নং অনুচ্ছেদলৈ এই গুৰুত্বপূৰ্ণ অধিকাৰ প্ৰদান কৰা হৈছে। এই অধিকাৰসমূহ হ’ল—

(ক) কাম কৰাৰ অধিকাৰ— সাম্যবাদী ৰাষ্ট্ৰৰ অনুকৰণত প্রত্যেক ব্যক্তিয়ে পছন্দ অনুসৰি কাম কৰাৰ অধিকাৰ লাভ কৰিব, ৰাষ্ট্ৰই নাগৰিকৰ বাবে বৃত্তিমূলক, কাৰিকৰী আদি শিক্ষাৰ ব্যৱস্থা কৰিব ।

(খ) কাম কৰাৰ অনুকূল পৰিৱেশ লাভৰ অধিকাৰ, ৰাষ্ট্ৰই সকলো শ্রমিকৰ কাম কৰাৰ স্বাস্থ্যসন্মত পৰিৱেশ প্ৰদান কৰিব, শ্রমিকৰ উপযুক্ত বেতন দিব, বিশ্ৰামৰ ব্যৱস্থা কৰিব লাগিব। (অনু :৭)

(গ) শ্রমিক সংগঠন গঠন কৰাৰ অধিকাৰ — সকলো শ্রমিকে অর্থনৈতিক স্বার্থ সুৰক্ষাৰ বাবে সংগঠন গঠন কৰিব পাৰিব, দাবী পূৰণৰ বাবে আইন অনুসৰি ধৰ্মঘট কৰিব পাৰিব। (অনু : ৮)

(ঘ) সামাজিক নিৰাপত্তাৰ অধিকাৰ— ৰাষ্ট্ৰই নাগৰিকক সামাজিক সুৰক্ষা প্ৰদান কৰিব লাগিব। মাতৃ মহিলা আৰু শিশুসকলক বিকাশৰ বাবে শোষণৰ পৰা মুক্ত কৰিব লাগিব। (অনু : ৯, ১০)

(ঙ) জীৱন ধাৰণৰ উপযুক্ত মানদণ্ড লাভৰ অধিকাৰ — ৰাষ্ট্ৰই মানুহক শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ নিশ্চয়তা প্রদান কৰিব লাগিব। মহামাৰী ৰোগৰ প্ৰতিৰোধ আৰু ৰোগত আক্ৰান্ত লোকৰ চিকিৎসাসেৱাৰ ব্যৱস্থা কৰিব লাগিব। (অনু : ১২)

(৪) অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক চুক্তি পত্ৰৰ আন এটা বৈশিষ্ট্য হৈছে ইয়াত চুক্তিপত্ৰ কাৰ্যকৰী কৰাৰ উপায় উল্লেখ কৰা হৈছে। ৰাষ্ট্ৰবিলাকে অর্থনৈতিক চুক্তিপত্ৰৰ চৰ্তসমূহ কাৰ্যকৰী কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছে, সফলতা কিমান হৈছে সেই বিষয়ে ৰাষ্ট্ৰসংঘৰ সচিব প্রধানক প্ৰতিবেদনত জনাব লাগিব। ১৬-২৫ অনুচ্ছেদলৈ এই উপায়সমূহ আলোচনা কৰা হৈছে সচিব প্রধানে এই প্রতিবেদন অর্থনৈতিক আৰু সামাজিক পৰিষদলৈ পঠাব লাগে। এই পৰিষদে প্ৰতিবেদনৰ ওপৰত অধ্যয়নৰ বাবে মানৱ অধিকাৰ আয়োগলৈ আৰু বিশেষজ্ঞ বিভাগলৈ প্ৰেৰণ কৰিব পাৰে। এই বিভাগবোৰৰ পৰা পোৱা প্ৰতিবেদনৰ ভিত্তিত অর্থনৈতিক আৰু সামাজিক পৰিষদে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভালৈ পুনৰ প্ৰতিবেদন পঠাব লাগে। এনেদৰে মানৱ অধিকাৰ সম্পৰ্কীয় চুক্তিপত্ৰ কাৰ্যকৰী কৰিবৰ কাৰণে বিভিন্ন উপায় অৱলম্বন কৰাৰ ব্যৱস্থা কৰা হৈছে।

(৫) এই চুক্তিপত্ৰৰ আন এটা বৈশিষ্ট্য হৈছে— ইয়াত ব্যক্তিৰ সম্পত্তিৰ অধিকাৰৰ স্বীকৃতি দিয়া হোৱা নাই। সাম্যবাদী ৰাষ্ট্ৰৰ আদর্শ এই চুক্তিপত্ৰত সন্নিৱিষ্ট কৰা হৈছে।

(৬) এই চুক্তিপত্ৰৰ অন্যতম বৈশিষ্ট্য হৈছে যে কেৱল স্বাক্ষৰকাৰী ৰাষ্ট্ৰৰ ক্ষেত্ৰতহে এই মানৱ অধিকাৰ কাৰ্যকৰী হ’ব। চুক্তিবদ্ধ নোহোৱা ৰাষ্ট্ৰক চুক্তিপত্ৰৰ অধিকাৰবিলাক মানি চলিবলৈ বাধ্য কৰাব নোৱাৰি।

সামৰণি : এই অধিকাৰবিলাক কাৰ্যকৰী কৰিবৰ কাৰণে কোনো ৰাষ্ট্ৰক সময়সীমা বান্ধি দিয়াৰ কিছুমান অসুবিধা আছে। ৰাষ্ট্ৰবিলাকেও এই অধিকাৰবিলাক কাৰ্যকৰী কৰিবলৈ কঠোৰ নীতি গ্ৰহণ কৰিব নোৱাৰে। ইয়াৰ কাৰণ হ’ল বিশ্বৰ ভিন ভিন ৰাষ্ট্ৰৰ জনসাধাৰণৰ ৰাজনৈতিক, সামাজিক, পৰম্পৰা, বিশ্বাস আদি ভিন ভিন। ৰাজনৈতিক সংস্কৃতি সুকীয়া। আত্মনিৰ্ধাৰণৰ অধিকাৰৰ লগত ৰাষ্ট্ৰীয় ঐক্য সংহতিৰ সমন্বয় সাধন নোহোৱাৰ বাবে উন্নয়নশীল ৰাষ্ট্ৰই এনে অধিকাৰসমূহে কাৰ্যকৰী কৰাত জটিল সমস্যাৰ সন্মুখীন হৈছে। তৃতীয় বিশ্বৰ বহুতো দেশে ৰাষ্ট্ৰীয় অর্থনীতি বিকাশৰ বাবে ব্যক্তিৰ অধিকাৰতকৈ ৰাষ্ট্ৰীয় কৰ্তৃত্বক অধিক গুৰুত্ব দি আহিছে।

8. Write the Features of Natural Rights.

Ans: প্রাকৃতিক অধিকাৰৰ বৈশিষ্ট্য [Features Natural Rights] : প্রাকৃতিক অধিকাৰৰ ধাৰণাটো অধ্যয়ন কৰিলে ইয়াৰ কিছুমান বৈশিষ্ট্য দেখা পোৱা যায়। সেইসমূহ হ’ল—

(১) প্রাকৃতিক অধিকাৰসমূহ অপৃথকযোগ্য : থমাছ জেফাৰচন [Thomas jefferson] কৈছে যে অধিকাৰসমূহ অপৃথকযোগ্য। তেওঁৰ ভাষাত “All men are created equal and they are endowed by their creator with certain inalienable rights.” । গতিকে ক’ব পৰা যায় যে প্রাকৃতিক অধিকাৰসমূহ অ-পৃথকযোগ্য অধিকাৰ ৷

(২) প্রাকৃতিক অধিকাৰসমূহ সর্বজনীন : প্রাকৃতিক অধিকাৰসমূহ প্রকৃতিয়ে সকলো ব্যক্তিকে প্রদান কৰিছে। জাতি, ধর্ম, ভাষা, বর্ণ, লিংগ বা জন্মস্থান নির্বিশেষে ব্যক্তিয়ে এইঅধিকাৰসমূহ উপভোগ কৰে। সেয়ে প্রাকৃতিক অধিকাৰসমূহ সর্বজনীন বুলি কোৱা হয়।

(৩) প্রাকৃতিক অধিকাৰ ৰাষ্ট্ৰৰ পূৰ্বৰ : প্ৰাকৃতিক অধিকাৰ ৰাষ্ট্ৰ সৃষ্টিৰ আগৰ পৰাই ব্যক্তিয়ে উপভোগ কৰি আহিছে। এই অধিকাৰসমূহ ৰাষ্ট্ৰ সৃষ্ট নহয় ।

(৪) নৈতিকতাৰ ওপৰত প্ৰতিষ্ঠিত : প্রাকৃতিক অধিকাৰসমূহ নৈতিকতাৰ ওপৰত প্রতিষ্ঠিত। প্রাকৃতিক অধিকাৰে নৈতিক দাবীসমূহক অধিকাৰ বুলি আখ্যা দিয়ে।

(৫) প্রাকৃতিক অধিকাৰ সংৰক্ষিত নহয় : প্রাকৃতিক অধিকাৰসমূহক কোনো অৱস্থাতে ৰাষ্ট্ৰৰ কৰ্তৃত্ব বা আন কোনো উর্ধ্বতম অধিকাৰ সংৰক্ষিত কৰ্তৃত্বৰ দ্বাৰা সংৰক্ষিত নহয়। এই অধিকাৰসমূহ প্ৰকৃতিৰ সৃষ্টিহে।

(৬) গতিশীল ধাৰণা : প্রাকৃতিক অধিকাৰসমূহ গতিশীল অধিকাৰ ৷ এই অধিকাৰসমূহ সৰ্বকালৰ বাবে বুলি ক’ব পৰা নাযায় ৷ সময়ৰ লগে লগে প্রাকৃতিক অধিকাৰৰ পৰিৱৰ্তন হ’ব পাৰে।

(৭) প্ৰাকৃতিক আইনৰ লগত জড়িত : প্রাকৃতিক অধিকাৰসমূহ প্রাকৃতিক অইনৰ লগত জড়িত। হ’বছ, লক আদি দার্শনিকসকলে প্রকৃতি ৰাজ্যত প্ৰাকৃতিক আইনৰ শাসন আছিল বুলি বিশ্বাস কৰে। এই প্রাকৃতিক আইনৰ ভেটিতে প্রাকৃতিক অধিকাৰসমূহ প্রতিষ্ঠিত ।

9. Write the Limitations of Natural Rights?

Ans: (ক) ৰাষ্ট্ৰ সৃষ্টিৰ পূৰ্বে ব্যক্তিয়ে অধিকাৰ ভোগ কৰিছিল ধাৰণাটোক সমালোচনা কৰা হয়। ৰাষ্ট্ৰ সৃষ্টিৰ পূৰ্বে এনে কোনো ব্যৱস্থা নাছিল যি ব্যক্তিৰ অধিকাৰ ৰক্ষা কৰিব পাৰিব। সেয়ে সমালোচকসকলৰ মতে বাষ্ট সৃষ্টিৰ পূৰ্বৰে পৰা প্ৰাকৃতিক অধিকাৰ থকা ধাৰণাটো গ্ৰহণযোগ্য নহয়। ।

(খ) অধিকাৰসমূহ ব্যক্তিয়ে সামাজিক প্রাণী হিচাপে উপভোগ কৰে। কিন্তু প্রাকৃতিক অধিকাৰ ধাৰণাটোৱে ৰাষ্ট্ৰ সৃষ্টিৰ পূৰ্বে মানুহ আধুনিক সমাজত বসবাস কৰাৰ আগৰে পৰা অধিকাৰ ভোগ কৰি আহিছে বুলি মত আগবঢ়ায়। এই ধাৰণাটো গ্রহণযোগ্য নহয়।

(গ) প্রাকৃতিক অধিকাৰৰ এখন সূচী প্ৰস্তুত কৰাটো সম্ভৱ নহয়। প্রকৃতিয়ে মানুহক কোনবোৰ অধিকাৰ দিছে তাক নির্দিষ্টভাৱে ক’ব পৰা নাযায়।

(ঘ) প্রাকৃতিক অধিকাৰসমূহক ৰাষ্ট্ৰ সৃষ্টিৰ আগৰে বুলি কোৱা বাবে এই অধিকাৰসমূহ ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছে। ফলত অধিকাৰসমূহ ব্যক্তিৰ বাবে কাৰ্যকৰী কৰাত অসুবিধা হয়।

(ঙ) প্রাকৃতিক অধিকাৰসমূহ চিৰন্তন নহয়। সামাজিক অৱস্থাৰ পৰিৱৰ্তনৰ লগে লগে অধিকাৰৰো পৰিৱৰ্তন হয় ৷ গতিকে অতীজতে ৰাষ্ট্ৰ সৃষ্টিৰ পূৰ্বৰ অধিকাৰসমূহ এতিয়াও কাৰ্যকৰী হৈ থকাটো গ্রহণযোগ্য ব্যাখ্যা নহয়। এইসমূহেই প্রাকৃতিক অধিকাৰৰ প্ৰধান সীমাৱদ্ধতা।

10. Write the features of Moral Rights?

Ans: নৈতিক অধিকাৰ ধাৰণাটো অধ্যয়ন কৰিলে কিছুমান বৈশিষ্ট্য দেখা যায়। সেইসমূহ হ’ল— 

(ক) নৈতিক অধিকাৰ ধাৰণাটো সমাজৰ নৈতিকতাৰ ওপৰত প্রতিষ্ঠিত।

(খ) জনমত, প্রথা, ৰীতি-নীতি, দেশাচাৰ, আদৰ্শ আদি ধাৰণাৰ ভিত্তিত নৈতিক অধিকাৰ সৃষ্টি হয়।

(গ) সাধাৰণতে নৈতিক অধিকাৰসমূহক কোনো কর্তৃপক্ষই স্বীকৃতি দিয়াৰ আৱশ্যকতা নাই।

(ঘ) নৈতিক অধিকাৰে বিশ্বাস কৰে যে মানুহ বিবেকৱান প্রাণী আৰু সেয়ে মানুহে নৈতিকতা মানি চলে।

(ঙ) নৈতিক অধিকাৰসমূহ আদৰ্শাত্মক প্ৰকৃতিৰ। সেয়ে এই অধিকাৰসমূহ আদৰ্শাত্মক অধিকাৰ বুলিও কোৱা হয়।

(চ) নৈতিক অধিকাৰ ধাৰণাই বিশ্বাস কৰে যে ব্যক্তিয়ে আনৰ অসুবিধা নকৰাকৈ নিজৰ আৰু আনৰ বিকাশৰ বাবে নৈতিক অধিকাৰসমূহ ভোগ কৰে ।

(ছ) নৈতিক অধিকাৰ সামাজিক ৰীতি-নীতিৰ ওপৰত প্ৰতিষ্ঠিত হোৱাৰ বাবে সমাজে স্বীকৃতি দিয়া অধিকাৰ বুলি ক’ব পৰা যায়।

এই সমূহেই নৈতিক অধিকাৰৰ প্ৰধান বৈশিষ্ট্য।

11. Write the Limitations of Moral Rights? 

Ans: নৈতিক অধিকাৰৰ কিছুমান সীমাৱদ্ধতা আছে। সেইসমূহ হ’ল一

(ক) নৈতিক অধিকাৰ ধাৰণাই অধিকাৰসমূহৰ বাবে ৰাষ্ট্ৰব স্বীকৃতিৰ আৱশ্যক নাই বুলি কৈছে। কিন্তু দেখা গৈছে যে ৰাষ্ট্ৰই গ্ৰহণ নকৰা অধিকাৰসমূহ অর্থহীন।

(খ) সামাজিক নীতি-নিয়ম সমাজভেদে বেলেগ বেলেগ। গতিকে সামাজিক নীতি-নিয়মৰ ওপৰত প্ৰতিষ্ঠিত অধিকাৰো সমাজভেদে বেলেগ বেলেগ হ’ব। এই বেলেগ বেলেগ অধিকাৰ ধাৰণাটো গ্ৰহণযোগ্য নহয়।

(গ) এই ধাৰণাই বিশ্বাস কৰে যে মানুহ বিবেকৱান প্রাণী। কিন্তু দেখা গৈছে যে সমাজত বহুটো বিবেকহীন লোক আছে।

(ঘ) এই ধাৰণাই বিশ্বাস কৰে যে মানুহ বিবেকৰ দ্বাৰা পৰিচালিত হোৱাৰ বাবে নৈতিকতা মানি চলে। কিন্তু দেখা গৈছে যে বহু সময়ত মানুহে নিজৰ স্বাৰ্থ পূৰণৰ বাবে নৈতিকতাক বিসর্জন দিয়ে।

(ঙ) নৈতিক অধিকাৰসমূহ আদৰ্শত্মক প্ৰকৃতিৰ, সেয়ে বাস্তৱ জীৱনৰ ইয়াৰ গুৰুত্ব দেখা পোৱা নাযায় ।

(চ) সাধাৰণতে নৈতিক অধিকাৰ ভংগ কৰিলেও সমাজে কঠোৰ শাস্তি বিহিব নোৱাৰে, সেয়ে ব্যক্তিয়ে সহজেই নৈতিক অধিকাৰসমূহ ভংগ কৰা দেখা যায়। এইসমূহেই নৈতিক অধিকাৰৰ প্রধান সীমাবদ্ধতা।

12. What is legal rights? Discuss the Features and Limitations of Legal Rights? 

Ans: আইনগত অধিকাৰ [Legal Rights] : অধিকাৰৰ প্ৰকাৰসমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ অধিকাৰসমূহেই হ’ল আইনগত বা বৈধ অধিকাৰ। কোৱা হয় যে অধিকাৰসমূহ আইনৰ সৃষ্টি। আইন নথকাৰ অৰ্থ হৈছে ব্যক্তিৰ অধিকাৰে নাই। যদিও নৈতিকতা, পৰম্পৰা, ৰীতি-নীতি আদিৰ ভিত্তিত ব্যক্তিয়ে কিছুমান নৈতিক অধিকাৰ ভোগ কৰে, কিন্তু সেই অধিকাৰসমূহ সহজেই ভংগ কৰিব পাৰে। সেয়ে ব্যক্তিয়ে অধিকাৰ ভোগ কৰিবলৈ হ’লে সেই অধিকাৰসমূহক আইনৰ দ্বাৰা স্বীকৃতি প্ৰদান কৰিব লাগিব। এনেদৰে এখন ৰাষ্ট্ৰৰ আইনৰ দ্বাৰা অনুমোদিত অধিকাৰসমূহেই হ’ল আইনগত অধিকাৰ। এই অধিকাৰসমূহ ৰাষ্ট্ৰই প্ৰদান কৰে। সাধাৰণতে যিবোৰ অধিকাৰক ৰাষ্ট্ৰই স্বীকৃতি প্ৰদান কৰে আৰু বলৱৎ কৰে, সেই আইনবোৰকে আইনগত অধিকাৰ বোলে। ৰাজনৈতিক দার্শনিক থমাচ হবছ তেনে অধিকাৰৰ সমৰ্থক আছিল। অধ্যাপক লীকক Stephen PH. Butter Leacockৰ মতে, “আইনগত অধিকাৰ হ’ল নাগৰিকে উপভোগ কৰা কিছুমান সা সুবিধা যিবোৰ ৰাষ্ট্ৰৰ সাৰ্বভৌম কর্তৃত্বই প্ৰদান কৰে আৰু ৰক্ষণাবেক্ষণ দিয়ে।”

যিহেতু আইনগত অধিকাৰ ৰাষ্ট্ৰই স্বীকৃতি প্ৰদান কৰে, গতিকে আইনগত অধিকাৰ উলংঘা কৰিলে আইনৰ জৰিয়তে শাস্তি প্রদান কৰিব পাৰে। এই অধিকাৰ সকলো নাগৰিকৰ বাবে সমানে প্রযোজ্য। এই অধিকাৰসমূহ ব্যক্তি আৰু ৰাষ্ট্ৰৰ বিৰোধে প্ৰযোজ্য হয়; অর্থাৎ কোনো ব্যক্তি বা ৰাষ্ট্ৰই এই অধিকাৰ ভংগ কৰিব নোৱাৰে। ঠিক সেইদৰে ব্যক্তি বা ৰাষ্টক আনৰ অধিকাৰৰ স্বাৰ্থত কোনো কার্য কৰাত বাধা দিব পৰা যায়।

আইনগত অধিকাৰৰ বৈশিষ্ট্য [Features of Legal Rights]

আইনগত অধিকাৰৰ ধাৰণাসমূহ অধ্যয়ন কৰিলে কিছুমান বৈশিষ্ট্য দেখা পোৱা যায়। সেইসমূহ হ’ল—

(ক) আইনগত অধিকাৰ ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত অধিকাৰ ৷ 

(খ) তিনিও প্ৰকাৰৰ অধিকাৰৰ ভিতৰত আইনগত অধিকাৰ আটাইতকৈ শক্তিশালী।

(গ) আইনগত অধিকাৰ ভংগ কৰিলে ৰাষ্ট্ৰই শাস্তি বিহিব পাৰে। 

(ঘ) আইনগত অধিকাৰ সৰ্বজনীন। এখন ৰাষ্ট্ৰ সকলো নাগৰিকেই এই অধিকাৰ ভোগ কৰে।

(ঙ) আইনগত অধিকাৰ মানি চলিবলৈ ৰাষ্ট্ৰ বাধ্য। ৰাষ্ট্ৰই ব্যক্তিৰ আইনগত অধিকাৰ ভংগ কৰিব নোৱাৰে।

(চ) আইনগত অধিকাৰক নাগৰিক, সামাজিক, অর্থনৈতিক, সাংস্কৃতিক আদি বিভিন্ন শ্রেণীত বিভক্ত কৰিব পাৰে।

(ছ) নৈতিক আৰু প্ৰাকৃতিক অধিকাৰত কৈ আইনগত অধিকাৰ অধিক স্থায়ী।

আইনগত অধিকাৰৰ সীমাবদ্ধতা [Limitations of Legal Rights] :

আইনগত অধিকাৰৰ কিছুমান সীমাবদ্ধতা আছে। সেইসমূহ তলত উল্লেখ কৰা হৈছে—

(ক) যিহেতু ৰাষ্ট্ৰই স্বীকৃতি দিলেহে আইনগত অধিকাৰ ব্যক্তিয়ে ভোগ কৰিব পাৰে, সেয়ে বহু সময়ত ৰাষ্ট্ৰই স্বীকৃতি নিদিয়াৰ বাবে ব্যক্তি অধিকাৰৰ পৰা বঞ্চিত হোৱা দেখা যায়।

(খ) আইনগত অধিকাৰ ভংগৰ বাবে ৰাষ্ট্ৰও দায়বদ্ধ হোৱাৰ বাবে বহুসময়ত ৰাষ্ট্ৰই কিছুমান অধিকাৰ স্বীকৃতি নিদিয়ে।

(গ) আইনগত অধিকাৰ ধাৰণাটো গ্ৰহণ কৰিলে ৰাষ্ট্ৰৰ সৃষ্টিৰ পূৰ্বে ব্যক্তিৰ কোনো অধিকাৰ নাছিল বুলি মানি ল’ব লাগিব।

(ঘ) আইনগত অধিকাৰে নৈতিকতা বা প্রাকৃতিক আইনক গুৰুত্ব নিদিয়ে।

(ঙ) ব্যক্তিয়ে বহু অধিকাৰ, ৰাষ্ট্ৰই স্বীকৃতি নিদিয়াকৈয়ে ভোগ কৰি আহিছে। আইনগত অধিকাৰে সেই অধিকাৰসমূহ গ্ৰহণ নকৰে ।

এইবোৰেই আইনগত অধিকাৰৰ প্ৰধান সীমাৱদ্ধতা ।

13. What is Civil rights? Discuss various rights Civil Rights.

Ans: ভাৰতীয় সংবিধানৰ তৃতীয় অংশত নাগৰিক সকলৰ মৌলিক অধিকাৰ সমূহ লিপিবদ্ধ কৰা হৈছে। সংবিধানৰ ১২ নং অনুচ্ছেদৰ পৰা ৩৫ নং অনুচ্ছেদলৈকে এই মৌলিক অধিকাৰ সমূহক বৰ্ণনা কৰা হৈছে। মূল সংবিধানত নাগৰিকৰ অধিকাৰ সমূহক সাতটা ভাগত ভাগ কৰা হৈছিল। কিন্তু সংবিধানৰ ৪৪ তম সংশোধনী আইনৰ জৰিয়তে সম্পত্তিৰ অধিকাৰ বাতিল কৰা হৈছে। এতিয়া নাগৰিকৰ ছয়বিধ মৌলিক অধিকাৰ আছে। অর্থাৎ সম্পত্তিৰ অধিকাৰ এতিয়া মৌলিক অধিকাৰ নহয়। বৰ্তমান সম্পত্তিৰ অধিকাৰ ভাৰতীয় নাগৰিক সকলৰ এটা সাধাৰণ অধিকাৰ। ভাৰতীয় নাগৰিক সকলৰ মৌলিক অধিকাৰ সমূহ হ’ল—

১) সমতাৰ অধিকাৰ।

২) স্বাধীনতাৰ অধিকাৰ।

৩) শোষণৰ বিৰুদ্ধে অধিকাৰ।

৪) ধৰ্মীয় অধিকাৰ।

৫) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ। আৰু

৬) সাংবিধানিক প্রতিকাৰৰ অধিকাৰ।

প্ৰত্যেকজন ভাৰতীয় নাগৰিকে এই ছয়বিধ মৌলিক অধিকাৰ ভোগ কৰিব পাৰে। ভাৰতীয় নাগৰিক সকলৰ এই অধিকাৰ সমূহ আমাৰ দেশৰ গণতন্ত্ৰৰ কৃতকাৰ্যতাৰ বাবে একান্ত প্রয়োজন। নাগৰিকৰ মৌলিক অধিকাৰৰ স্বীকৃতিক ভাৰতীয় সংবিধানৰ এক বিশেষ অৱদান বুলি ক’ব পাৰি। তলত ভাৰতীয় নাগৰিক সকলৰ মৌলিক অধিকাৰ সমূহ আলোচনা কৰা হ’ল—

১) সমতাৰ অধিকাৰ : ভাৰতবৰ্ষৰ সংবিধানৰ ১৪ ৰ পৰা ১৮ নং অনুচ্ছেদলৈকে সমতাৰ অধিকাৰ বিধিবদ্ধ কৰা হৈছে। এই অনুচ্ছেদ সমূহৰ জৰিয়তে ভাৰতবাসীৰ মাজত বিভিন্ন ক্ষেত্ৰত সমতা প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হৈছে। সংবিধানৰ ১৪ নং অনুচ্ছেদত কোৱা হৈছে যে ভাৰতৰ ৰাষ্ট্ৰীয় সীমাৰ ভিতৰত কোনো ব্যক্তিক ‘আইনৰ দৃষ্টিত সমতা’ অথবা ‘আইনসমূহৰ দ্বাৰা সমভাৱে ৰক্ষিত’ হোৱাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। অর্থাৎ ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত কাম কৰা সকলো মানুহে আইনৰ দৃষ্টিত সমান ব্যৱহাৰ পাব আৰু আইনে সকলোকে সমানে ৰক্ষণা-বেক্ষণ দিব। ইয়াত “আইনৰ দৃষ্টিত সমান ব্যৱহাৰ” আৰু “আইনৰ সমান ৰক্ষণা বেক্ষণ” এই দুটা কথাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

সংবিধানৰ ১৫ নং অনুচ্ছেদত কোৱা হৈছে যে ধৰ্ম, বর্ণ, জাতি, নাৰী-পুৰুষ বা জন্মস্থান গত কাৰণত ৰাষ্ট্ৰই কোনো নাগৰিকৰ প্ৰতি পৃথক আচৰণ কৰিব নোৱাৰে। এই অনুচ্ছেদৰ দ্বাৰা ভাৰতবৰ্ষত বাস কৰা বিভিন্ন সম্প্ৰদায়ৰ লোকৰ মাজত সমতা প্রতিষ্ঠা কৰিব বিচৰা হৈছে। আন কোনো বাধা-নিষেধ নাথাকিলে জাতি, ধর্ম, বৰ্ণ, জন্মস্থান আদিৰ ভিত্তিত কোনো নাগৰিকক দোকান-পোহাৰ, হোটেল, চিনেমা হ’ল আদিত প্রবেশ বন্ধ কৰিব নোৱাৰিব। ৰাজহুৱা অনুষ্ঠান বিলাক ব্যৱহাৰ কৰিবলৈ সকলোকে সমানে অধিকাৰ দিব লাগিব। অৱশ্যে ল’ৰা-ছোৱালী আৰু মহিলাৰ কাৰণে চৰকাৰে বিশেষ ব্যৱস্থা কৰিব পাৰে। সেইদৰে সামাজিক ভাৱে আৰু শিক্ষাৰ ক্ষেত্ৰত পিছপৰা লোক, অনূসূচীত জাতি আৰু জনজাতিৰ লোকৰ কাৰণেও চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। চৰকাৰৰ এনে কাৰ্যক সমতাৰ অধিকাৰৰ বিৰোধী বুলি ক’ব নোৱাৰি ৷

ভাৰতীয় সংবিধানৰ ১৬ নং অনুচ্ছেদ মতে চাকৰিৰ ক্ষেত্ৰত সকলোকে সমানে সুযোগ-সুবিধা দিব লাগিব। ইয়াত কোৱা হৈছে যে চৰকাৰী চাকৰি সকলো নাগৰিকৰ বাবে মুকলি থাকিব। জাতি, ধৰ্ম, বর্ণ, জন্মস্থান আদিৰ ভিত্তিত চৰকাৰী চাকৰি লোৱাৰ ক্ষেত্ৰত বৈষম্যৰ সৃষ্টি কৰিব নোৱাৰিব। কিন্তু পিছপৰা শ্ৰেণীৰ লোকৰ কাৰণে চৰকাৰে চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰে।

২) স্বাধীনতাৰ অধিকাৰ : ভাৰতীয় নাগৰিক সকলৰ মৌলিক অধিকাৰ সমূহৰ ভিতৰত স্বাধীনতাৰ অধিকাৰ বৰ গুৰুত্বপুর্ণ। সংবিধানৰ ১৯, ২০, ২১ আৰু ২২ নং অনুচ্ছেদত এই অধিকাৰ সন্নিবিষ্ট কৰা হৈছে। ১৯ নং অনুচ্ছেদত ছয়টা স্বাধীনতাক অন্তর্ভুক্ত কৰা হৈছে। মুল সংবিধানত নাগৰিকক সাতোটা স্বাধীনতা প্রদান কৰা হৈছিল। কিন্তু ৪৪ তম সংশোধনীত সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা বিলোপ কৰাৰ ফলত ১৯ নং অনুচ্ছেদে দিয়া সম্পত্তি অর্জন, ৰক্ষা আৰু বেচাৰ অধিকাৰ বাদ দিয়া হৈছে। সংবিধানৰ ১৯ নং অনুচ্ছেদে নাগৰিক সকলক প্ৰদান কৰা স্বাধীনতা সমূহ হ’ল—

১) বাক্ স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতা।

২) বিনা অস্ত্রই শান্তিপূর্ণভাৱে সমৱেত হোৱাৰ অধিকাৰ।

৩) সংস্থা গঠনৰ অধিকাৰ।

৪) ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে ঘূৰি ফুৰাৰ অধিকাৰ। 

৫) ভাৰতবৰ্ষৰ যিকোনো অঞ্চলতে বসবাস কৰাৰ অধিকাৰ।

৬) যিকোনো বৃত্তি গ্রহণ বা ব্যৱসায় কৰাৰ অধিকাৰ ।

স্বাধীনতাৰ এই অধিকাৰ সমূহ চৰম নহয়। চৰকাৰে এই অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে। কিন্তু এই বাধা সমূহ যুক্তিসংগত হয় নে নহয় সেইটো ন্যায়পালিকাইহে বিচাৰ কৰিব পাৰে। কোনো আধুনিক ৰাষ্ট্ৰত নাগৰিক সকলে সীমাহীন স্বাধীনতা ভোগ কৰিব নোৱাৰে। কাৰণ, অবাধ স্বাধীনতাই ৰাষ্ট্ৰৰ আৰু সমাজৰ অনিষ্ট সাধন কৰিব পাৰে। তলত নাগৰিকৰ অধিকাৰ সমূহ বাখ্যা কৰা হ’ল—

১) বাক্-স্বাধীনতা আৰু মতামত প্ৰকাশৰ অধিকাৰক গণতান্ত্রিক সমাজ গঠনৰ বাবে অপৰিহাৰ্য বুলি বিবেচনা কৰা হয়। ভাৰতীয় নাগৰিক সকলৰ বাবে এই অধিকাৰটো বৰ গুৰুত্বপূৰ্ণ। ভাৰতীয় নাগৰিক সকলে তেওঁলোকৰ মতামত লিখিত বা মৌখিক ভাৱে প্ৰকাশ কৰিব পাৰে। ভাৰতীয় সংবিধানে নাগৰিকৰ বাক-স্বাধীনতা আৰু মতামত প্ৰকাশৰ অধিকাৰৰ ওপৰত কিছুমান যুক্তিসংগত বাধা-নিষেধ আৰোপ কৰিছে। ৰাষ্ট্ৰই সাধাৰণ অৱস্থাতো তলত দিয়া উদ্দেশ্যে, বাক্-স্বাধীনতা আৰু মতামত প্ৰকাশৰ স্বাধীনতানিয়ন্ত্রণ বা খৰ্ব কৰিব পাৰে-

ক) ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আৰু সংহতি ৰক্ষা।

খ) ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষা।

গ) বৈদেশিক ৰাষ্ট্ৰৰ সৈতে মৈত্রীবন্ধন সংৰক্ষণ কৰা।

ঘ) দেশত শান্তি-শৃংখলা ৰক্ষা কৰা।

ঙ) শ্লীলতা বা সদাচাৰ।

চ) আদালত অৱমাননা প্ৰতিৰোধ কৰা।

ছ) মানহানি প্ৰতিৰোধ কৰা।

জ) অপৰাধমুলক কামত প্ৰৰোচনা বন্ধ কৰা।

২) ভাৰতীয় নাগৰিকৰ সমবেত হোৱাৰ অধিকাৰে সংবিধানত স্বীকৃতি লাভ কৰিছে। কিন্তু নাগৰিক সকলে পাঁচোটা চৰ্তৰ ভিত্তি এই অধিকাৰ ভোগ কৰিব পাৰে। সেই চৰ্ত সমূহ হ’ল—

ক) সভা-সমাৱেশ শান্তিপুর্ণ ভাৱে অনুষ্ঠিত হ’ব।

খ) নাগৰিকসকলে নিৰস্ত্রভাবে সভা-সমাৱেশত সমবেত হ’ব।

 গ) জন-শৃংখলাৰ প্ৰয়োজনত যুক্তিসংগত বাধা-নিষেধ আৰোপ কৰা হ’ব।

ঘ) ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষা কৰা হ’ব। আৰু

ঙ) জাতীয় সংহতিৰ প্ৰয়োজনত এই অধিকাৰৰ ওপৰত বাধা আৰোপ কৰা হ’ব।

৩) ভাৰতীয় নাগৰিক সকলৰ সংস্থা আৰু সমিতি গঠনৰ অধিকাৰ আছে। কিন্তু নাগৰিকৰ এই অধিকাৰটো অবাধ নহয়। বিশৃংখলা সৃষ্টিকাৰী, নীতি-বিগর্হিত উদ্দেশ্যে গঠিত বা ৰাষ্ট্ৰীয় নিৰাপত্তা বিঘিনকাৰী সংস্থা বা সমিতি সমূহৰ ওপৰত ৰাষ্ট্ৰই যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে।

৪) ভাৰতবৰ্ষৰ সকলো ঠাইত স্বাধীনভাৱে যাতায়ত কৰাৰ অধিকাৰ প্ৰতিজন ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ। কিন্তু জনস্বাৰ্থ আৰু অনুসুচীত উপজাতিবিলাকৰ স্বাৰ্থ ৰক্ষাৰ্থে ৰাষ্ট্ৰই এই অধিকাৰৰ ওপৰত বাধা আৰোপ কৰিব পাৰে।

৫) প্ৰতিজন ভাৰতীয় নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো অঞ্চলত | বসবাস কৰিব পাৰে। কিন্তু এই অধিকাৰো চৰম নহয়। জনস্বাৰ্থ আৰু অনুসূচীত উপজাতিবিলাকৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ চৰকাৰে এই বিলাকৰ ওপৰত বাধা-নিষেধ আৰোপ কৰিব পাৰে।

৬) ভাৰতীয় সংবিধানে নাগৰিকসকলক যিকোনো বৃত্তি, পেচা বা ব্যৱসায় কৰিবলৈ অধিকাৰ দিছে। কিন্তু জনস্বাৰ্থ ৰক্ষাৰ প্ৰয়োজনত ৰাষ্ট্ৰই এই অধিকাৰৰ ওপৰত যুক্তিসংগত বাধা-নিষেধ আৰোপ কৰিব পাৰে। ৰাষ্ট্ৰই বিভিন্ন বৃত্তিৰ ক্ষেত্ৰত কৰ্মী সকলৰ যোগ্যতা নিৰ্দ্ধাৰণ কৰিব পাৰে।

স্বাধীনতাৰ অধিকাৰৰ ভিতৰত নাগৰিকৰ অন্যান্য কিছুমান স্বাধীনতাও আছে। সংবিধানৰ ২০ নং অনুচ্ছেদে জনসাধাৰণক কিছুমান ক্ষেত্ৰত ৰক্ষণা-বেক্ষণ দিছে। এই অনুচ্ছেদৰ জৰিয়তে জনসাধাৰণক তিনিটা বিষয়ত ৰক্ষণা-বেক্ষণ দিছে। তলত সেইবোৰ উল্লেখ কৰা হ’ল—

ক) কোনো ব্যক্তিক আইন অমান্য কৰাৰ বাহিৰে আন কাৰণত আটক কৰিব নোৱাৰিব আৰু আইন অমান্য কৰাৰ সময়ত যি শাস্তিৰ ব্যৱস্থা আছে, তাতকৈ অধিক শাস্তিৰ বিধান দিব নোৱাৰিব।

খ) কোনো ব্যক্তিক একে দোষতে এবাৰকৈ অধিক শাস্তিৰ বিধান দিব নোৱাৰিব।

গ) কোনো ব্যক্তিক তেওঁৰ নিজৰ বিৰুদ্ধে সাক্ষ্যদান কৰিবলৈ বাধ্য কৰাব নোৱাৰিব।

ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদত উল্লেখ কৰা হৈছে যে আইনে নির্ধাৰণ কৰা ব্যৱস্থাৰ বাহিৰে আন উপায়ে কোনো লোকক তেওঁৰ জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। এই অনুচ্ছেদে কার্যপালিকাৰ ক্ষমতাক সীমিত কৰিছে।

সংবিধানৰ ২২ নং অনুচ্ছেদত উল্লেখ কৰা আছে যে কোনো লোকক আটক কৰিলে তেওঁক আটক কৰাৰ কাৰণ জনাব লাগিব আৰু ২৪ ঘণ্টাৰ ভিতৰত (আটক কৰা ঠাইৰ পৰা বিচাৰকৰ ওচৰলৈ যোৱাৰ কাৰণে দৰকাৰী সময় বাদ দি) কোনো বিচাৰকৰ ওচৰত হাজিৰ কৰাব লাগিব আৰু বিচাৰকৰ অনুমতি সাপেক্ষেহে অধিককাল আটক কৰি ৰাখিব পাৰিব। জনসাধাৰণে যাতে বিনা দোষত কষ্ট ভোগ কৰিব নালাগে তাৰ বাবে সংবিধানে এই ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু নিবাৰক নিৰোধৰ নিচিনা আইন প্রয়োগ কৰি কোনো ব্যক্তিক আটক কৰিলে তাৰ ব্যতিক্ৰম হ’ব পাৰে।

৩) শোষণৰ বিৰুদ্ধে অধিকাৰ : সংবিধানৰ ২৩ আৰু ২৪ নং অনুচ্ছেদত শোষণৰ বিৰুদ্ধে প্ৰদান কৰা অধিকাৰক মৌলিক অধিকাৰ হিচাপে সুনিশ্চিত কৰা হৈছে। ভাৰতবৰ্ষৰ সমাজৰ দুৰ্বল শ্ৰেণীৰ মানুহৰ ওপৰত বহুতো দিন ধৰি সামন্তবাদী ধাৰা চলি আহিছে বাবে সংবিধানৰ ২৩ নং অনুচ্ছেদত শোষণৰ বিৰুদ্ধে অধিকাৰ লিপিবদ্ধ কৰা হৈছে। ইয়াত কোৱা হৈছে যে মানুহক বেচা-কিনা, বিনা পাৰিশ্রমিকত ‘বেগাৰ খটোৱা’ বা জোৰ কৰি কাম কৰোৱা বে আইনী। কোনোবাই এনেদৰে কৰিলে তেওঁক শাস্তি বিধান কৰা হ’ব। কিন্তু ৰাষ্ট্ৰই জনস্বাৰ্থ ৰক্ষাৰ কাৰণে বাধ্যতামুলক শ্রম দানৰ ব্যৱস্থা কৰিব পাৰে।

সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকক যাতে কোনেও শোষণ কৰিব নোৱাৰে তাৰ বাবে ভাৰতীয় সংবিধানে এই ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতবৰ্ষৰ জনসাধাৰণ সজাগ হলেহে আমাৰ দেশৰ পৰা এই কু প্ৰথা সমূহ নোহোৱা হ’ব। আমাৰ দেশত যে এতিয়া কোনো ধৰণৰ শোষণ নাই, সেইটো কোনেও দাবী কৰিব নোৱাৰে।

৪) ধৰ্মৰ অধিকাৰ : ভাৰতীয় সংবিধানৰ প্ৰভাৱনাত উল্লেখযোগ্য ধর্মীয় স্বাধীনতাৰ সৈতে সংগতি ৰাখি ধৰ্মীয় বিষয়ত ভাৰতবৰ্ষৰ জনসাধাৰণক কিছুমান স্বাধীনতা প্ৰদান কৰা হৈছে। সংবিধানৰ ২৫, ২৬, ২৭ আৰু ২৮ নং অনুচ্ছেদত ধৰ্মীয় অধিকাৰ সন্নিবিষ্ট কৰা হৈছে।

ক) সংবিধানৰ ২৫ নং অনুচ্ছেদ অনুসৰি ভাৰতবৰ্ষত বাস কৰা সকলো মানুহে নিজৰ অভিৰুচি মতে যিকোনো ধর্ম গ্রহণ, ধর্ম চর্চা, আৰু ধৰ্ম প্ৰচাৰ কৰিব পাৰে, কিন্তু এই অধিকাৰ অবাধ নহয়। আইন শৃংখলা, নৈতিকতা আৰু জনস্বাস্থ্যৰ কাৰণে ৰাষ্ট্ৰই এই অধিকাৰৰ নিয়ন্ত্ৰণ কৰিব পাৰে।

খ) ২৬ নং অনুচ্ছেদ মতে ভাৰতীয় নাগৰিক সকলে ধর্মীয় অনুষ্ঠান আদি প্ৰতিষ্ঠা কৰিব পাৰে, স্থাৱৰ-অস্থাৱৰ সম্পত্তি অধিগ্রহণ কৰিব পাৰে আৰু বিধিমতে সেই সম্পত্তিৰ ব্যৱহাৰ কৰিব পাৰে।

গ) সংবিধানৰ ২৭ নং অনুচ্ছেদে ধৰ্মৰ নামত বা ধৰ্মীয় অনুষ্ঠানৰ খৰচৰ বাবে বাধ্যতামুলক ভাৱে ৰাজহ তথা কৰ সংগ্ৰহ বন্ধ কৰিছে।

ঘ) ভাৰতীয় সংবিধানৰ ২৮ নং অনুচ্ছেদ মতে চৰকাৰী অৰ্থৰ দ্বাৰা পৰিচালিত কোনো শিক্ষা অনুষ্ঠানত ধর্মীয় শিক্ষা দিয়া বন্ধ কৰা হৈছে। চৰকাৰী স্বীকৃতি প্রাপ্ত নাইবা চৰকাৰী সাহায্য পোৱা কোনো শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষাদানৰ ব্যৱস্থা থাকিলেও সেই অনুষ্ঠানত ভৰ্তি হোৱা ছাত্ৰ-ছাত্ৰী নাইবা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ অনুমতি বিনে কোনো ছাত্র-ছাত্রীক ধর্মীয় শিক্ষা প্ৰদান কৰিব নোৱাৰি। এতেকে দেখা গ’ল যে ভাৰতবৰ্ষৰ নাগৰিক সকলৰ বিভিন্ন ধৰণৰ অধিকাৰ আছে। এইবোৰ ব্যৱস্থা থকাৰ পৰা সহজে অনুমান কৰিব পাৰি যে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ। ধৰ্মৰ ভিত্তিত ইয়াত মানুহৰ মাজত কোনো ধৰণৰ বৈষম্যৰ সৃষ্টি কৰিব নোৱাৰি।

৫) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ : ভাৰতবৰ্ষ এখন বিশাল দেশ। ইয়াত বিভিন্ন সম্প্ৰদায়ৰ মানুহ বাস কৰে, যিবিলাকৰ ভাষা, কৃষ্টি, সংস্কৃতি আদি বেলেগ বেলেগ। সেইকাৰণে সকলো মানুহৰ ভাষা, সংস্কৃতি আৰু কৃষ্টি যাতে সুৰক্ষিত থাকে তাৰ বাবে সংবিধানে ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতবৰ্ষৰ সংবিধানত ভাষা, ধৰ্ম, আৰু সংস্কৃতিগত সংখ্যালঘু সম্প্ৰদায়ৰ কাৰণে শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰক সুনিশ্চিত কৰা হৈছে।

সংবিধানৰ ২৯ আৰু ৩০ নং অনুচ্ছেদত শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ বিধিবদ্ধ কৰা হৈছে। ২৯ নং অনুচ্ছেদত কোৱা হৈছে যে ভাৰতবৰ্ষৰ সকলো নাগৰিকে নিজৰ নিজৰ ভাষা আৰু সংস্কৃতি ৰক্ষা কৰিব পাৰিব। ইয়াৰ ফলত কোনো সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত আনৰ ভাষা সংস্কৃতি জাপি দিব নোৱাৰি। চৰকাৰী ধন নাইবা অনুদানেৰে প্ৰতিষ্ঠা কৰা সকলো বোৰ শিক্ষানুষ্ঠানতে জাতি ধর্ম-ভাষা-বর্ণ নির্বিশেষে সকলো ছাত্রই ভর্তি হোৱাৰ সুযোগ লাভ কৰিব।

সংবিধানৰ ৩০ নং অনুচ্ছেদৰ জৰিয়তে সংখ্যালঘিষ্ঠ সকলো শ্ৰেণীৰ লোকক শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰাৰ অধিকাৰ দিয়া হৈছে। ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু শ্ৰেণীৰ লোকে নিজৰ ৰুচি অনুযায়ী শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰিব পাৰিব। শিক্ষানুষ্ঠান সমূহক অনুদান দিয়াৰ সময়ত ভাষা বা ধৰ্মৰ ভিত্তিত চৰকাৰে বৈষম্যৰ সৃষ্টি কৰিব নোৱাৰিব । ভাৰতবৰ্ষৰ সকলো মানুহে যাতে নিজৰ নিজৰ ভাষা সংস্কৃতি বজায় ৰাখিব পাৰে আৰু শিক্ষালাভৰ সুবিধা পাব পাৰে, তাৰ ব্যৱস্থা কৰিবলৈ শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ প্ৰদান কৰা হৈছে। শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰে ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰক অধিক উজ্জ্বল কৰিছে।

৬) সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ : সংবিধানত মৌলিক অধিকাৰৰ ব্যৱস্থা থাকিলেই যথেষ্ট নহয়, নাগৰিক সকলে যাতে সেই অধিকাৰ ভোগ কৰিব পাৰে আৰু নাগৰিক অধিকাৰৰ ওপৰত যাতে কোনেও অযথা হস্তক্ষেপ কৰিব নোৱাৰে, তাৰ ব্যৱস্থাও থাকিব লাগে। ভাৰতবৰ্ষৰ সংবিধানত নাগৰিক সকলৰ মৌলিক অধিকাৰক ৰক্ষণা-বেক্ষণ দিয়াৰ ব্যৱস্থা আছে। সংবিধানৰ ৩২ আৰু ২২৬ নং অনুচ্ছেদ অনুসৰি নাগৰিকে মৌলিক অধিকাৰ ৰক্ষাৰ কাৰণে আদালতৰ ওচৰ চাপিব পাৰে। কোনো ব্যক্তি, সংস্থা নাইবা চৰকাৰী কোনো কাৰ্যৰ ফলত নাগৰিক অধিকাৰ ব্যাহত হ’লে উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত তেনে কাৰ্যৰ বিৰুদ্ধে গোচৰ দিব পাৰি। ন্যায়ালয়ে বন্দী উপস্থাপনৰ, সমাদেশ, পৰমাধিদেশ, নিষেধাজ্ঞা, কৈফিয়ৎ তলবী, উৎপ্রেষণ আদি পৰোৱানা জাৰি কৰি নাগৰিকৰ অধিকাৰ ৰক্ষাৰ ব্যৱস্থা কৰিব পাৰে।

ওপৰোক্ত লেখসমূহৰ জৰিয়তে ন্যায়ালয়ে কেনেকৈ নাগৰিকৰ মৌলিক অধিকাৰ সমূহক ৰক্ষা কৰিব পাৰে সেইবোৰ আলোচনা কৰা হ’ল। এই লেখসমূহ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ে জাৰি কৰিব পাৰে।

১) বন্দী প্রত্যক্ষীকৰণ বা বন্দী উপস্থাপন সমাদেশ : কোনো ব্যক্তিক কি কাৰণে আটক কৰা হৈছে এইটো জানিবৰ কাৰণে আদালতে এই লেখ জাৰি কৰিব পাৰে। এই লেখৰ অৰ্থ হ’ল কোনো ব্যক্তিক সশৰীৰে আদালতত উপস্থিত কৰা। ইয়াৰ দ্বাৰা অদালতে বে আইনী ভাৱে আটক কৰি ৰখা কোনো ব্যক্তিক মুক্তি দিব পাৰে বা সোনকালে তেওঁৰ বিচাৰৰ ব্যৱস্থা কৰিব পাৰে। এই লেথটো স্বেচ্ছাচাৰী শাসকৰ বিৰুদ্ধে এটা শক্তিশালী অস্ত্র।

২) পৰমাদেশ : এই শব্দটোৰ অৰ্থ হ’ল- আদেশ। এই লেখ জাৰি কৰি উচ্চতম ন্যায়ালয়ে কোনো ব্যক্তি, প্রতিষ্ঠান বা অধস্তন আদালত বা চৰকাৰক নিজৰ দায়িত্বপালন কৰিবলৈ আদেশ দিব পাৰে। সাধাৰণতে মৌলিক অধিকাৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এই আদেশ জাৰি কৰা হয়। অন্যান্য বহুতো বিষয়ত আদালতে পৰমাদেশ জাৰি কৰিব পাৰে।

৩) নিষেধাজ্ঞা : ওপৰৰ আদালতে এই লেখ জাৰি কৰি তলৰ আদালতক নিজৰ এলেকাৰ ভিতৰত থাকি কাৰ্যপালন কৰিবলৈ বাধ্য কৰিব পাৰে। এই লেখটো বিচাৰ বা বিচাৰৰ দৰে কাৰ্যৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়। শাসন বা আইন সংক্রান্ত বিষয়ত এই লেখ প্রয়োগ কৰিব নোৱাৰি।

৪) উৎপ্ৰেষণ : বিচাৰৰ ক্ষমতাসম্পন্ন কোনো নিম্ন আদালত বা ব্যক্তিয়ে যদি আইনসংগত ক্ষমতাৰ সীমা লংঘন কৰে তেতিয়া হ’লে উৎপ্রেষণ লেখ জাৰি কৰি সেই বিচাৰালায়, অনুষ্ঠান বা ব্যক্তিৰ সিদ্ধান্তক বাতিল কৰি এইবোৰৰ হাতৰ পৰা বিষয়টো ওপৰৰ আদালতৰ হাতত অৰ্পণ কৰা হয়। এই ক্ষেত্ৰত প্ৰথমে নিষেধাজ্ঞা লেখ আৰু পিচত উৎপ্রেষণ লেখ জাৰি কৰা হয়।

৫) কৈফিয়ৎ তলবী বা অধিকাৰ পৃচ্ছা : কোনো ব্যক্তিয়ে যদি এটা পদ দাবী কৰে যি পদৰ কাৰণে তেওঁ যোগ্য নহয়, তেতিয়া হ’লে এই লেখৰ দ্বাৰা সেই ব্যক্তিৰ দাবী বৈধ হয়নে নহয় তাৰ বিচাৰ কৰিব পাৰি। এই লেখ সমূহৰ জৰিয়তে মৌলিক অধিকাৰ সমূহ কাৰ্যকৰী আৰু ৰক্ষা কৰিব পাৰি।

14.Discuss the concept of Three Generation Rights?

Ans: তিনি প্ৰজন্মৰ অধিকাৰ : তিনি প্ৰজন্মৰ অধিকাৰসমূহে তিনি প্ৰকাৰৰ মানৱ অধিকাৰ বুজায়। লুইচ বি চ’নে ( Louis B. Sohn) মানৱ অধিকাৰক তিনিটা ভাগত ভাগ কৰিছে।

(১) প্রথম প্রজন্মৰ অধিকাৰ।

(২) দ্বিতীয় প্ৰজন্মৰ অধিকাৰ।

(৩) তৃতীয় প্ৰজন্মৰ অধিকাৰ।

১) প্ৰথম প্ৰজন্মৰ অধিকাৰ : অষ্টাদশ শতিকাৰ আমেৰিকা আৰু ফৰাচী বিপ্লৱৰ ভাবধাৰাৰ প্রতিফলন ঘটিছে প্রথম প্রজন্মৰ অধিকাৰসমূহত। ৰাষ্ট্ৰৰ স্বেচ্ছাচাৰী কাৰ্যৰ বিৰুদ্ধে নাগৰিকৰ অধিকাৰ সাব্যস্ত কৰাটো এই অধিকাৰসমূহৰ প্ৰধান উদ্দেশ্য। ওঠৰ আৰু উনৈশ শতিকাৰ উদাৰবাদী আৰু গণতান্ত্রিক আন্দোলনৰ ফলস্বৰূপে এই প্রথম প্ৰজন্মৰ অধিকাৰসমূহ গঢ় লৈ উঠিছে। ১৯৬৬ চনৰ নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ সম্পৰ্কীয় আন্তর্জাতিক চুক্তি পত্রই এই অধিকাৰবোৰ সন্নিৱিষ্ট কৰি সাৰ্বজনীন কৰি তুলিলে। গতিকে ১৯৬৬ চনৰ নাগৰিক আৰু ৰাজনৈতিক অধিকাৰৰ চুক্তিপত্ৰত সন্নিৱিষ্ট হোৱা মানৱ অধিকাৰ বুলি কোৱা হয়। এই চুক্তিপত্ৰৰ ৬২৭ অনুচ্ছেদত এই অধিকাৰবিলাকক স্বীকৃতি দিয়া হৈছে। অধিকাৰবোৰ হৈছে—

(ক) জীয়াই থকাৰ অধিকাৰ।

(খ) চলাফুৰা আৰু পছন্দ অনুসৰি বাসস্থানৰ অধিকাৰ। 

(গ) চিন্তা, বিচাৰ-বিবেচনাৰ, ধৰ্মীয় স্বতন্ত্ৰতাৰ অধিকাৰ।

(ঘ) পৰিয়াল গঠনৰ অধিকাৰ।

(ঙ) সংস্থা গঠনৰ অধিকাৰ।

(চ) চৰকাৰ গঠনৰ অধিকাৰ ইত্যাদি।

এই অধিকাৰসমূহে ৰাষ্ট্ৰৰ কাৰ্যকলাপত বাধ্যবাধকতা আৰোপ কৰে।

২) দ্বিতীয় প্ৰজন্মৰ অধিকাৰ : এই দ্বিতীয় প্ৰজন্মৰ অধিকাৰবিলাক উনৈশ শতিকাৰ শ্ৰমিকসকলৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংগ্ৰামৰ ফলস্বৰূপে, ৰাজনৈতিক আৰু অৰ্থনৈতিক দাবীৰ ফলশ্ৰুতিত গঢ় লৈ উঠিছে। পুঁজিবাদী ব্যৱস্থাৰ বিভিন্ন পৰ্যায়ত সংঘটিত হোৱা সংগ্ৰাম আৰু আন্দোলনৰ ফলস্বৰূপে এই দ্বিতীয় প্ৰজন্মৰ অধিকাৰবিলাকে আইনগত ৰূপ লাভ কৰিছিল। এই অধিকাৰবিলাকক নিৰাপত্তাকেন্দ্ৰিক বুলিব পাৰি কাৰণ এই অধিকাৰবিলাক ধনাত্মক প্ৰকৃতিৰ। ইয়াৰ কাৰণ হ’ল এই ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰবোৰে ৰাষ্ট্ৰক এনে অধিকাৰ সুনিশ্চিত কৰিবলৈ সুবিধা দিয়ে। মানৱ অধিকাৰৰ ঘোষণা পত্ৰই প্ৰথম আৰু দ্বিতীয় প্ৰজন্মৰ অধিকাৰৰ ভিত্তি ৰচনা কৰিছে। ইয়াৰ উপৰিও ১৯১৭ চনৰ ৰুচ বিপ্লৱ, ১৯১৯ চনৰ পেৰিচ শান্তি আলোচনা, ১৯৪১ আৰু ১৯৪৪ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰুজভেল্টে কংগ্ৰেছলৈ প্ৰেৰণ কৰা বাণী আৰু চাৰিবিধ স্বাধীনতাই অর্থনৈতিক, সামাজিক অধিকাৰ ধাৰণাটোক শক্তিশালী ভেঁটি দিছিল। যিবোৰ মানৱ অধিকাৰে মানুহৰ অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰক সুৰক্ষা দিবলৈ বিচাৰিছে, অভাৱ আৰু ভয়ৰপৰা মুক্ত হোৱাৰ অধিকাৰ প্ৰদান প্রচেষ্টা কৰিছে সেইবিলাক অধিকাৰক দ্বিতীয় প্ৰজন্মৰ মানৱ অধিকাৰ বুলি কোৱা হয়।

১৯৬৬ চনৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ বিষয়ৰ আন্তৰ্জাতিক চুক্তিপত্ৰৰ ৬-১৫ অনুচ্ছেদলৈ এনে বহু মানৱ অধিকাৰ আলোচনা কৰা হৈছে।

গুৰুত্বপূৰ্ণ অধিকাৰবিলাক হৈছে—

(ক) নিজৰ পছন্দ অনুসৰি কাম কৰাৰ অধিকাৰ।

(খ) স্বাস্থ্যসন্মতভাৱে কাম কৰাৰ অধিকাৰ।

(গ) শ্রমিক সংস্থা গঠনৰ অধিকাৰ।

(ঘ) সামাজিক নিৰাপত্তাৰ অধিকাৰ।

(ঙ) জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ অধিকাৰ ইত্যাদি।

৩) তৃতীয় প্ৰজন্মৰ অধিকাৰ : কাৰেল ভাচাকৰ (Karel Vasak) মতে তৃতীয় শ্ৰেণীৰ মানৱ অধিকাৰে ফৰাচী বিপ্লৱৰ তৃতীয় নীতি মৈত্রী বা ভাতৃত্বভাবক স্বীকৃতি জনাইছে। কুৰি শতিকাৰ দুখন বিশ্বযুদ্ধৰ পৰিণতিস্বৰূপে সৃষ্টি হোৱা ৰাজনৈতিক আৰু সামাজিক সংঘাতৰ পৰিণতিত তৃতীয় প্ৰজন্মৰ মানৱ অধিকাৰে বিকাশ লাভ কৰিছে। বিশ্বজনীন নিৰ্ভৰশীলতাৰ ফলস্বৰূপে, পাৰিপাৰ্শ্বিক, সাংস্কৃতিক, প্রগতিমূলক ইত্যাদি বিষয়ত আন্তর্জাতিক সহমতৰ ভিত্তিত এই শ্ৰেণীৰ অধিকাৰে স্বীকৃতি লাভ কৰিছে। এই অধিকাৰবিলাক ব্যক্তিৰ অধিকাৰতকৈ সামাজিক গোট আৰু গোষ্ঠীগত অধিকাৰ লগতহে জড়িত।

এই অধিকাৰবিলাকৰ ভিতৰত উল্লেখযোগ্য অধিকাৰবোৰ হৈছে—

(ক) আত্মনিৰ্ধাৰণৰ অধিকাৰ।

(খ) প্ৰগতিৰ অধিকাৰ।

(গ) শান্তিৰ অধিকাৰ।

15. What is political Rights.

Ans: আইনগত অধিকাৰৰ অন্যতম প্ৰকাৰ হ’ল ৰাজনৈতিক অধিকাৰ। দেশৰ ৰাজনৈতিক প্ৰক্ৰিয়াত যিবোৰ অধিকাৰৰ জৰিয়তে নাগৰিকে অংশগ্ৰহণ কৰিবলৈ সুবিধা অৰ্জন কৰে, সেই অধিকাৰসমূহ ৰাজনৈতিক অধিকাৰ বুলি জনা যায়। ৰাজনৈতিক অধিকাৰ কেৱল নাগৰিকসকলেহে ভোগা কৰিব পাৰে, বিদেশীৰ এই অধিকাৰ নাথাকে। ৰাজনৈতিক অধিকাৰসমূহ তলত দিয় ধৰণেৰে আলোচনা কৰা হৈছে—

(১) ভোটদানৰ অধিকাৰ [Right to vote] : নাগৰিকৰ এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক অধিকাৰ হৈছে ভোটদানৰ অধিকাৰ। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত এই অধিকাৰ প্ৰয়োগৰ জৰিয়তে নাগৰিকসকলে নিজৰ পছন্দৰ চৰকাৰ এখন নিৰ্বাচিত কৰিব পাৰে। জাতি, বৰ্ণ, ধৰ্ম, ভাষা, লিংগ নির্বিশেষে প্রাপ্ত বয়স্ক লোকসকলক এই অধিকাৰ প্ৰদান কৰা হয়। জনসাধাৰণৰ যে ক্ষমতাৰ মূল উৎস সেই কথা এই অধিকাৰৰ জৰিয়তে গণতন্ত্রত প্রমাণিত হয়।

(২) নির্বাচিত হোৱাৰ অধিকাৰ : গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাত নাগৰিকসকলৰ ভোটদানৰ লগে লগে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰো অধিকাৰ ভোগ কৰে। ভাষা, ধর্ম, জাতি, বর্ণ, লিংগ নির্বিশেষ নাগৰিকসকলে এই অধিকাৰৰ যোগে নির্বাচিনত প্রতিদ্বন্দ্বিতা কৰিব পাৰে। পঞ্চায়ত, পৌৰসভা, নিগম, নিকায় আদিৰ পৰা আৰম্ভ কৰি ৰাজ্য আৰু ৰাষ্ট্ৰ বিধানমণ্ডলৰ সদস্যসকল এই অধিকাৰৰ প্রয়োগৰ জৰিয়তেই নির্বাচিত হয়। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে অৱশ্যে বহু সময়ত কিছুমান নিৰ্দিষ্ট অৰ্হতা স্থিৰ কৰা থাকিব পাৰে।

(৩) চৰকাৰী চাকৰী অথবা পদবী লাভৰ অধিকাৰ : এই অধিকাৰৰ জৰিয়তে নির্দিষ্ট বয়সপ্রাপ্ত, অহতাসম্পন্ন সকলো নাগৰিকে চৰকাৰী চাকৰিত যোগদান কৰিব পাৰে। নাগৰিকসকলৰ মাজৰ পৰাই দেশৰ সাধাৰণ পদবীসমূহৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ দৰে গুৰুত্বপূৰ্ণ পদবীসমূহ পূৰণ কৰা হয়। এই ক্ষেত্ৰত জাতি, বর্ণ, ধর্ম, লিংগ নির্বিশেষে কোনো বৈষম্য নোহোৱাকৈ সমানে সুবিধা লাভ কৰে যদিও চৰকাৰে পিছপৰা জাতি-জনজাতিৰ লোকসকলৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

(৪) ৰাজনৈতিক দল গঠন কৰাৰ অধিকাৰ : গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাত নাগৰিকৰ ৰাজনৈতিক দল গঠন কৰাৰ অধিকাৰ আছে। ৰাজনৈতিক দলসমূহৰ জৰিয়তে নাগাৰিকসকলে ৰাষ্ট্ৰৰ নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে আৰু চৰকাৰ গঠন কৰে। সেয়ে ৰাজনৈতিক দল গঠনৰ অধিকাৰৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ৰাজনৈতিক দলসমূহে একো একোটা আদর্শক প্রতিনিধিত্ব কৰি জনমত গঠনৰ হকেও কাম কৰে আৰু এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাটো নাগৰিকৰ গুৰুত্বপূৰ্ণ অধিকাৰ।

(৫) আবেদন কৰাৰ অধিকাৰ : আৱেদন কৰাৰ অধিকাৰ অনুসৰি নাগৰিকৰ আৱশ্যকীয় অভাৱ-অভিযোগ পূৰণ কৰিবৰ বাবে নিৰ্দিষ্ট কতৃপক্ষক নাগৰিকসকলে আৱেদন কৰিব পাৰে। এনে আবেদন ব্যক্তিগত অথবা কোনো সংস্থা সংগঠনৰ জৰিয়তেও হ’ব পাৰে। নাগৰিকসকলে তেওঁলোকৰ অভাৱ সম্পৰ্কে কৰ্তৃপক্ষই গ্ৰহণ কৰা ব্যৱস্থাৱলী সম্পর্কেও তথ্য বিচাৰিব পাৰে। এই তথ্য প্ৰদান কৰিবলৈ বহুবোৰ ৰাষ্ট্ৰ আইনগতভাৱে বাধ্য। ভাৰতত তথ্য জনাৰ অধিকাৰে নাগৰিকক এই ৰাজনৈতিক অধিকাৰ প্ৰদান কৰিছে।

(৬) প্ৰতিবাদৰ অধিকাৰ : নাগৰিকসকলৰ স্বাৰ্থ পূৰণ কৰিবলৈ অসমৰ্থ হ’লে, চৰকাৰে ভুল বা অন্যায় নীতিৰে শাসন কৰিলে তাৰ প্ৰতিৰোধ কৰাৰ অধিকাৰ নাগৰিকসকলৰ থকা উচিত। চৰকাৰে কেতিয়াবা ক্ষমতাৰ অপব্যৱহাৰ কৰিবলৈ চেষ্টা কৰা দেখা যায়। চৰকাৰে নিজৰ ক্ষমতাৰ সীমা অতিক্ৰম কৰি কাৰ্যনিৰ্বাহ কৰিবলৈ প্ৰয়াস কৰিলে চৰকাৰৰ তেনে কাৰ্যৰপ্ৰতিবাদ নাগৰিকসকলে বিভিন্ন উপায়েৰে কৰিব পাৰে। অৱশ্যে এই উপায়সমূহ শান্তিপূৰ্ণ আৰু সাংবিধানিক হোৱাটো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ কাম৷ এনে ৰাজনৈতিক অধিকাৰে এখন ৰাষ্ট্ৰক কল্যাণকামী কৰি ৰাখে ।

(৭) সমালোচনাৰ অধিকাৰ : গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাত চৰকাৰৰ নীতিসমূহৰ সমালোচনা কৰাৰো নাগৰিকৰ অধিকাৰ থাকে। এই অধিকাৰ সাব্যস্ত কৰাৰ জৰিয়তে নাগৰিকসকলে চৰকাৰক দায়িত্বশীল কৰি তুলিব পাৰে। অৱশ্যে নাগৰিকৰ এই অধিকাৰ সংবিধানৰ সীমা চেৰাই গৈ ৰাষ্ট্ৰ বিৰোধী পৰ্যায় পোৱাটো অনুচিত।

(৮) বিদেশত থকা সময়ত ৰক্ষণাবেক্ষণ পোৱাৰ অধিকাৰ : এজন নাগৰিকে বিদেশত থকা সময়ত যদি কোনো বিপদ-সংকটৰ মুখামুখি হয় অথবা জীৱনৰ প্ৰতি ভাবুকি আহি পৰে তেনেহ’লে নাগৰিকে নিজ দেশৰ চৰকাৰৰ ওচৰত আৱশ্যকীয় ৰক্ষণাবেক্ষণৰ কাৰণে দাবী কৰিব পাৰে। এখন দেশৰ নাগৰিক হিচাপে বিদেশত থকাৰ সময়তো উপভোগ কৰিব পৰা নাগৰিকৰ ই এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক অধিকাৰ ৷

16. Discuss the features of UDHR?

Ans: (ক) বৈষম্য বিৰোধী : মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্রই মানৱ অধিকাৰ উপভোগৰ ক্ষেত্ৰত কোনোধৰণৰ বৈষম্য থাকিব নালাগে বুলি ঘোষণা কৰিছে। জাতি, বর্ণ, ভাষা, ধর্ম, জন্মস্থান আদিৰ বিচাৰ নকৰাকৈ সকলোৱে মানৱ অধিকাৰসমূহ উপভোগ কৰিব লাগিব ।

(খ) সার্বজনীন : মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰত সন্নিৱিষ্ট অধিকাৰসমূহ সাৰ্বজনীন। সৰু-বৰ নিৰ্বিশেষে সকলো ৰাষ্ট্ৰৰ ক্ষেত্ৰত এই অধিকাৰসমূহ প্ৰযোজ্য।

(গ) মানৱ মৰ্যাদাৰ প্ৰতি শ্ৰদ্ধা : এই ঘোষণাপত্ৰই মানব জাতিৰ সমমৰ্যাদাৰ অধিকাৰক স্বীকৃতি দিয়াৰ বাবে সংকল্পবদ্ধ হৈছে। অৰ্থাৎ জাতি, বর্ণ, ধর্ম, লিংগ নির্বিশেষে সকলো মানুহক মানুহ হিচাপে ব্যৱহাৰ কৰিব লাগে।

(ঘ) দাসত্ব বিৰোধী অধিকাৰ : এই ঘোষণাপত্ৰই ব্যক্তিৰ সমতা অধিকাৰ ৰক্ষা কৰিবৰ বাবে দাসত্ব বিৰোধী অধিকাৰৰ স্বীকৃতি দিছে। এই ঘোষণাপত্রই বিশ্বৰ পৰা দাস প্রথা দূৰ কৰাৰ বাবে ব্যক্তিক অধিকাৰ প্ৰদান কৰিছে।

(ঙ) ব্যক্তি স্বাধীনতা : মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্রই অধিকাৰসমূহ ব্যক্তি স্বাধীনতাৰ স্বাৰ্থত ঘোষণা কৰিছে। এই ঘোষণাপত্ৰই ব্যক্তিৰ বিকাশৰ বাবে কিছুমান মৌলিক অধিকাৰ স্বীকৃতি দিছে।

(চ) নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ : সার্বজনীন ঘোষণাপত্ৰৰ ৩ নং অনুচ্ছেদৰ পৰা ২১ নং অনুচ্ছেদলৈ ব্যক্তিৰ বাবে নাগৰিক আৰু ৰাজনৈতিক অধিকাৰসমূহ প্ৰদান কৰিছে। এই অনুচ্ছেদকেইটাত সমতা, জীৱনৰ অধিকাৰ, স্বাধীনতা আৰু নিৰাপত্তাৰ অধিকাৰ, পৰিয়ালৰ অধিকাৰ আদি অধিকাৰসমূহৰ ঘোষণা কৰিছে।

(ছ) ব্যক্তিৰ কৰ্তব্যক গুৰুত্ব : মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্রই কেৱল ব্যক্তিৰ অধিকাৰসমূহকে স্বীকৃতি দিয়া নাই, সমসাময়িকভাৱে এজনৰ অধিকাৰ উপভোগৰ লগতে পালন কৰিবলগীয়া দায়িত্বৰ কথাও উল্লেখ কৰিছে।

(জ) ৰাষ্ট্ৰসমূহ বাধ্য নহয় : মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰত উল্লেখ থকা সকলোবোৰ অধিকাৰ সাৰ্বজনীন আৰু ৰাষ্ট্ৰ সংঘই আশা কৰে যে সকলো ৰাষ্ট্ৰই ব্যক্তিক এই অধিকাৰসমূহ প্ৰদান কৰিব। কিন্তু ৰাষ্ট্ৰসমূহ এই অধিকাৰ প্ৰদান কৰিবলৈ বাধ্য নহয়।

(ঝ) ৰাষ্ট্ৰসংঘ অপৰিপন্থী : সাৰ্বজনীন ঘোষণাপত্ৰ অনুসৰি অধিকাৰ আৰু স্বাধীনতাসমূহ ৰাষ্ট্ৰসংঘৰ মূল নীতিৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব নোৱাৰিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top