Political Theory: Concepts And Debates Unit 2 Equality Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Theory: Concepts And Debates Unit 2 Equality Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Theory: Concepts And Debates Unit 2 Equality Question Answer can be of great value to excel in the examination.
Political Theory: Concepts And Debates Unit 2 Equality
Political Theory: Concepts And Debates Unit 2 Equality Notes cover all the exercise questions in UGC Syllabus. The Political Theory: Concepts And Debates Unit 2 Equality provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
Equality
POLITICAL SCIENCE
POLITICAL THEORY: CONCEPTS AND DEBATES
ৰাজনৈতিক তত্ত্বঃ ধাৰণা আৰু বিতৰ্ক
Very Short type questions
1. ‘Define equality.
Ans: অধ্যাপক লাক্সিৰ মতে, সমতাই তিনিটা অৱস্থাৰ কথা প্ৰকাশ কৰে। প্ৰথমতে, সমতাই বিশেষ কোনো সুবিধা নথকাৰ কথা প্ৰকাশ কৰে। প্ৰত্যেকজন লোকৰে অধিকাৰ থাকিব লাগে। দ্বিতীয়তে, সমতাই যথোপযুক্ত সুবিধা থকাৰ কথা প্ৰকাশ কৰে। অৱশ্যে যথোপযুক্ত সুবিধা বুলি কওঁতে সকলোৰে সমান সুবিধা থকাৰ কথা প্ৰকাশ কৰে। তৃতীয়তে, সমতাই আনুপাতিক সমতাৰ কথাহে প্ৰকাশ কৰে আৰু ই বিশেষকৈ ব্যক্তিৰ অৰ্থনৈতিক সমস্যাৰ লগত জড়িত থাকে। এইক্ষেত্ৰত যিবিলাক জৰুৰী দাবী, সেইবিলাক প্ৰথমতে পূৰণ কৰিহে ব্যক্তিগত সমস্যাৰ প্ৰতি মনোযোগ দিব লাগে। “The urgent claims of all must be met before we can most particular claims of some.”
2. Mention two important features of equality.
Ans: (১) প্রাকৃতিকভাৱে অসমান : প্রকৃতিগতভাৱে মানুহ সমান অধিকাৰী নহয়, কাৰণ জন্মৰ সময়ত কোনো মানুহে সমান অধিকাৰ লৈ জন্মগ্ৰহণ নকৰে। জন্মৰপৰাই কিছুমান লোক ক্ষিপ্র বুদ্ধিসম্পন্ন, কিছুমান শক্তিশালী, কিছুমান দেখিবলৈ ধুনীয়া আৰু আন কিছুমান বিশেষ সুবিধাৰ অধিকাৰী হয়। তদুপৰি সকলো মানুহে একে পৰিস্থিতিত জন্মগ্ৰহণ নকৰে। জন্মৰ অৱস্থাত প্রত্যেক ল’ৰা-ছোৱালী একে নহ’ব পাৰে। আনকি ৰজাৰ দুটা ল’ৰা একেলগে জন্ম হ’লেও সিহঁতৰ বুদ্ধি-বৃত্তি, আচৰণ আদি একে নহ’ব পাৰে। “Factually men are not equality, and the more specific the investigation, the more apparent it is that men are unequal in strength, in spirit, in grace, in thought.” গতিকে ব্যক্তিৰ মাজত নিৰংকুশ সমতা থাকিব নোৱাৰে ।
(২) সুস্থ জীৱনৰ চৰ্ত : আন এটা বৈশিষ্ট্য হ’ল সমতাক ব্যক্তিৰ সুস্থ জীৱনৰ চৰ্ত বুলি অভিহিত কৰিব পাৰি। যদি সমাজত বসবাস কৰা লোকৰ মাজত বিভিন্ন সা-সুবিধা ভোগ কৰাৰ ব্যৱধান সীমিত হয়, তেন্তে সমতাক ব্যক্তিৰ সুস্থ জীৱন যাপনৰ এক চৰ্ত বুলি অভিহিত কৰিব পাৰি। আনহাতে যদি ব্যক্তিৰ মাজত বৈষম্যৰ মাত্ৰা বেছি হয়, তেন্তে ব্যক্তিয়ে কেতিয়াও ইয়াত সুস্থ যাপনৰ কাৰণে সুবিধা নাপায়। সংবিধান আৰু আইনৰ দৃষ্টিকোণৰ পৰা মানুহৰ মাজত কোনো বৈষম্য ৰাখিব নালাগে। দেশৰ সংবিধান আৰু আইনে সকলো লোককে সমান অধিকাৰ দিব লাগে।
3. What do you mean by “Political equality”?
Ans: ৰাজনৈতিক সমতাই সকলো লোককে সমান ৰাজনৈতিক অধিকাৰ দিয়াৰ কথা প্ৰকাশ কৰে। জাতি, বৰ্ণ, ধৰ্ম লিংগ ভেদে প্রাপ্তবয়স্ক সকলোৰে সমান ভোটাধিকাৰ থাকিব লাগে ৷ চৰকাৰী কাৰ্যালয়ত চাকৰি কৰা বিষয়, লৈ উপযুক্ত অৰ্হতা থকা নাগৰিকৰ ভিতৰত কোনো পার্থক্য থাকিব নালাগে। প্রত্যেক নাগৰিকৰে এটাকৈ ভোট দিয়াৰ অধিকাৰ থাকিব লাগে। সকলো নাগৰিকৰে সমান ৰাজনৈতিক অধিকাৰ থাকিলেহে গণতন্ত্ৰৰ আদৰ্শ উপলব্ধি কৰিব পাৰি।
নাগৰিকৰ ৰাজনৈতিক অধিকাৰে চৰকাৰৰ কাম-কাজ সমালোচনা কৰাৰ কথাও প্ৰকাশ কৰে। অৱশ্যে অর্থনৈতিক সমতাৰ অবিহনে ৰাজনৈতিক সমতা মূল্যহীন। নাগৰিকসকল আর্থিক ক্ষেত্ৰত আত্মনিৰ্ভৰশীল আৰু শোষণমুক্ত হ’লেহে ৰাজনৈতিক সমতাৰ গুৰুত্ব উপলব্ধি কৰিব পাৰি।
4. What do mean by “Social equality”?
Ans: সামাজিক সমতাই সামাজিক দিশত সকলোৰে সমান অধিকাৰ থকা বুজায়। ধৰ্ম, জাতি, বৰ্ণ লৈ সমাজৰ লোকৰ ভিতৰত কোনো প্রভেদ থাকিব নালাগে। উদাহৰণস্বৰূপে ভাৰতৰ অস্পৃশ্যতা আৰু দক্ষিণ আফ্ৰিকাৰ বৰ্ণ বৈষম্যমূলক নীতি সামাজিক সমতাৰ পৰিপন্থী। অৱশ্যে এইটো সত্য যে চৰকাৰে কেৱল আইন প্রণয়ন কৰি সামাজিক সমতা স্থাপন কৰিব নোৱাৰে। ই মানুহৰ অনুভূতি আৰু পাৰস্পৰিক বুজা-পৰাৰ ওপৰত নিৰ্ভৰশীল ইয়াৰ অবিহনে শ্রেণী বৈষম্যহীন সমাজ গঠন কৰাটো সম্ভৱপৰ নহয়। ভাৰতীয় সংবিধানে সামাজিক সমতাৰ স্বীকৃতি দিছে। ভাৰতীয় সংবিধানত সন্নিবিষ্ট কৰা সমতা মৌলিক অধিকাৰৰে অংশস্বৰূপ। এই সংবিধান অনুসৰি কোনো ব্যক্তিয়ে জাতি, বর্ণ, শ্রেণী, লিংগ জন্মস্থানলৈ সামাজিক ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’ব নালাগে ।
5. What is Equality.
Ans: ৰাজনীতিবিজ্ঞানত ‘সমতা’ এই শব্দটো এক বিশেষ অৰ্থত প্ৰয়োগ কৰে। সমতা বুলি কওঁতে প্ৰথমতে আইন আৰু ৰাষ্ট্ৰৰ দৃষ্টিত সকলো সমান, কোনো লোকৰে বিশেষ সুবিধা নাথাকে। ৰাষ্ট্ৰত বাস কৰা কোনো লোকে অপৰাধ কৰিলে এজন অপৰাধীৰ দৰে শাস্তি পাব। সমাজৰ কোনো লোকে যাতে বিশেষ সুবিধা গ্ৰহণ কৰি আন এজনৰ অধিকাৰত হস্তক্ষেপ কৰিব নোৱাৰে, তেনে ব্যৱস্থা থকাটো বুজায়। দেশত বসবাস কৰা সকলো লোকৰে সমান অধিকাৰ থাকিব লাগে।
দ্বিতীয়তে, সমতাৰ অৰ্থ হ’ল সকলো লোকক আত্মবিকাশৰ সুযোগ দিয়া। জাতি, বর্ণ বা ধৰ্ম লৈ আত্মবিকাশৰ ক্ষেত্ৰত কোনো বাধা থাকিব নালাগে। এজন লোকৰ যদি আৱশ্যকীয় অর্হতাখিনি আছে, তেন্তে জাতি বা ধৰ্মৰ কাৰণ লৈ উপযুক্ত চাকৰি পোৱাৰ পৰা কোনো বাধা থাকিব নালাগে। এজন লেখকৰ মতে— “Equality implies an order of society in which none will be deprived of his right to receive an education according to his aptitude.” আন কথাত সমতাই এজন লোকৰ আন এজন লোকৰ ক্ষেত্ৰত যাতে বৈষম্য নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখে ।
6. What is natural inequalities?
Ans: প্রকৃতিগতভাৱে মানুহ সমান অধিকাৰী নহয়, কাৰণ জন্মৰ সময়ত কোনো মানুহে সমান অধিকাৰ লৈ জন্মগ্ৰহণ নকৰে। জন্মৰপৰাই কিছুমান লোক ক্ষিপ্র বুদ্ধিসম্পন্ন, কিছুমান শক্তিশালী, কিছুমান দেখিবলৈ ধুনীয়া আৰু আন কিছুমান বিশেষ সুবিধাৰ অধিকাৰী হয়। তদুপৰি সকলো মানুহে একে পৰিস্থিতিত জন্মগ্ৰহণ নকৰে। জন্মৰ অৱস্থাত প্রত্যেক ল’ৰা-ছোৱালী একে নহ’ব পাৰে। আনকি ৰজাৰ দুটা ল’ৰা একেলগে জন্ম হ’লেও সিহঁতৰ বুদ্ধি-বৃত্তি, আচৰণ আদি একে নহ’ব পাৰে। “Factually men are not equality, and the more specific the investigation, the more apparent it is that men are unequal in strength, in spirit, in grace, in thought.” গতিকে ব্যক্তিৰ মাজত নিৰংকুশ সমতা থাকিব নোৱাৰে ।
7. What are the different kinds of equality?
Ans: সমতাক কেইবাশ্রেণীতো বিভক্ত কৰিব পাৰি। সেইবিলাক হ’ল— সামাজিক সমতা, ৰাজনৈতিক সমতা, অর্থনৈতিক সমতা, প্রাকৃতিক সমতা, আইনগত বা পৌৰ সমতা।
Short Question Answer
1. Discuss the four features of Equality?
Ans: সমতাৰ কিছুমান উল্লেখযোগ্য বৈশিষ্ট্য আছে; সেইবিলাক হৈছে প্ৰাকৃতিকভাৱে সকলো সমান নহয়। সমতাৰ লগত স্বতন্ত্ৰতাৰ সম্বন্ধ, সামাজিক ন্যায়, ইতিবাচক আৰু নেতিবাচক দিশ, সামাজিক আন্দোলন, সুস্থা জীৱনৰ চৰ্ত আৰু সমতা নিৰংকুশ নোহোৱা আদি বহুতো বৈশিষ্ট্য আছে। তাৰে চাৰিটা সমতাৰ বৈশিষ্ট্য আলোচনা কৰা হৈছে—
(১) প্রাকৃতিকভাৱে অসমান : প্রকৃতিগতভাৱে মানুহ সমান অধিকাৰী নহয়, কাৰণ জন্মৰ সময়ত কোনো মানুহে সমান অধিকাৰ লৈ জন্মগ্ৰহণ নকৰে। জন্মৰপৰাই কিছুমান লোক ক্ষিপ্র বুদ্ধিসম্পন্ন, কিছুমান শক্তিশালী, কিছুমান দেখিবলৈ ধুনীয়া আৰু আন কিছুমান বিশেষ সুবিধাৰ অধিকাৰী হয়। তদুপৰি সকলো মানুহে একে পৰিস্থিতিত জন্মগ্ৰহণ নকৰে। জন্মৰ অৱস্থাত প্রত্যেক ল’ৰা-ছোৱালী একে নহ’ব পাৰে। আনকি ৰজাৰ দুটা ল’ৰা একেলগে জন্ম হ’লেও সিহঁতৰ বুদ্ধি-বৃত্তি, আচৰণ আদি একে নহ’ব পাৰে। “Factually men are not equality, and the more specific the investigation, the more apparent it is that men are unequal in strength, in spirit, in grace, in thought.” গতিকে ব্যক্তিৰ মাজত নিৰংকুশ সমতা থাকিব নোৱাৰে ।
(২) সুস্থ জীৱনৰ চৰ্ত : আন এটা বৈশিষ্ট্য হ’ল সমতাক ব্যক্তিৰ সুস্থ জীৱনৰ চৰ্ত বুলি অভিহিত কৰিব পাৰি। যদি সমাজত বসবাস কৰা লোকৰ মাজত বিভিন্ন সা-সুবিধা ভোগ কৰাৰ ব্যৱধান সীমিত হয়, তেন্তে সমতাক ব্যক্তিৰ সুস্থ জীৱন যাপনৰ এক চৰ্ত বুলি অভিহিত কৰিব পাৰি। আনহাতে যদি ব্যক্তিৰ মাজত বৈষম্যৰ মাত্ৰা বেছি হয়, তেন্তে ব্যক্তিয়ে কেতিয়াও ইয়াত সুস্থ যাপনৰ কাৰণে সুবিধা নাপায়। সংবিধান আৰু আইনৰ দৃষ্টিকোণৰ পৰা মানুহৰ মাজত কোনো বৈষম্য ৰাখিব নালাগে। দেশৰ সংবিধান আৰু আইনে সকলো লোককে সমান অধিকাৰ দিব লাগে।
(৩) ইতিবাচক আৰু নেতিবাচক দিশ : সমতাৰ ইতিবাচক আৰু নেতিবাচক দুটা দিশ থাকে। ইয়াত ইতিবাচক দিশটোৱে সকলো লোককে যথোপযুক্ত সমতা থকাৰ কথা প্ৰকাশ কৰে। আনহাতে সমতাৰ নেতিবাচক দিশটোৱে কোনো প্ৰকাৰৰ অন্যায় আৰু অৰ্থহীন বৈষম্য নথকাৰ, কথা প্ৰকাশ কৰে। আনকথাত সমাজত বসবাস কৰা লোকৰ মাজত ধর্ম-বর্ণ, জাতি-শ্রেণী, মর্যাদা আদি কাৰণ লৈ কোনো প্ৰকাৰৰ বৈষম্য থাকিব নালাগে। উপযুক্ত কাৰণ অবিহনে কোনো ব্যক্তিয়ে বিভিন্ন দিশত পাব লগীয়া সুবিধাৰ পৰা বঞ্চিত হ’ব নালাগে। উদাহৰণস্বৰূপে যদি এজন লোকৰ উপযুক্ত অৰ্হতা থাকে, তেন্তে তেওঁক চৰকাৰী চাকৰি আদিৰ পৰা বঞ্চিত কৰিব নালাগে।
(৪) সামাজিক ন্যায় : সামাজিক ন্যায় প্রতিষ্ঠাৰ কাৰণেও সমতাৰ আৱশ্যক। বিশ্বৰ সকলো দেশতে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ কাৰণে আন্দোলন কৰে। গতিকে সমতাৰ ওপৰত ভিত্তি কৰিহে সামাজিক ন্যায় প্রতিষ্ঠা কৰিব পাৰে। অর্থাৎ এখন দেশত সাম্যনীতি অনুসৰণ নকৰিলে, সামাজিক ন্যায় প্ৰতিষ্ঠাৰ কাৰণে নিজ নিজ দেশৰ সংবিধানত কিছুমান বিশেষ ব্যৱস্থা কৰা দেখা যায়।উদাহৰণস্বৰূপে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সমতা অধিকাৰৰ বিষয়ে উল্লেখ কৰিছে। আন কথাত ভাৰতীয় সংবিধানত সমতাৰ অধিকাৰ নাগৰিকৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে আৰু কোনো লোকৰ এনে অধিকাৰ, খৰ্ব কৰিলে উচ্চতম বা উচ্চ ন্যায়ালয়ত প্ৰতিকাৰৰ বিধান কৰিব পাৰে।
2. Discuss the three relation between Liberty and Equality?
Ans: বহুতো চিন্তাবিদে ব্যক্তিগত স্বতন্ত্রতা আৰু সমতা পৰস্পৰ বিৰোধী বুলি অভিমত প্রকাশ কৰিলেও তেওঁলোকৰ এই মত গ্রহণযোগ্য নহয়। স্বতন্ত্ৰতা আৰু সমতা পৰস্পৰ বিৰোধী নহয়, এটা আনটোৰ পৰিপূৰকহে। যদি সমতা নাথাকে তেন্তে কোনো লোকে ব্যক্তিগত স্বতন্ত্রতা ভোগ কৰিব নোৱাৰে। ব্যক্তিগত স্বতন্ত্রতা আৰু সমতাৰ ধাৰণাৰ লগত হেৰিংটন, মেইটলেণ্ড, হবস, গডউইন, ৰুছো, আর্নল্ড, টনী, পোলার্ড, বার্কাৰ, লাস্কি, গমচ আদি লেখক জড়িত আৰু তেওঁলোকে ব্যক্তিগত স্বাধীনতা আৰু সমতা যে পৰস্পৰ বিৰোধী নহয়, সেই সম্পর্কত বহুতো যুক্তিৰ অৱতাৰণা কৰিছে। যেনে—
(১) সমতা আৰু ব্যক্তিগত স্বতন্ত্ৰতাৰ উদ্দেশ্য একে। দুয়োটাৰ ধাৰণাই ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ ওপৰত গুৰুত্ব দিয়ে। সমতা নাথাকিলে ব্যক্তি স্বতন্ত্ৰতাৰ উদ্দেশ্য সাধন কৰিব নোৱাৰে।
(২) সমতা আৰু ব্যক্তিগত স্বতন্ত্ৰতাৰ লগত গণতান্ত্রিক শাসনৰো সম্পর্ক আছে। গণতন্ত্র নহ’লে যিদৰে ব্যক্তিগত স্বতন্ত্রতা সম্ভৱপৰ নহয়, সেইদৰে সমতা নোহোৱাকৈ গণতন্ত্র ও প্রতিষ্ঠা কৰিব নোৱাৰি। “There cannot be democratic government without equality, without democratic government there cannot be freedom.” সেই অনুপাতে গণতন্ত্ৰ ৰাজনৈতিক সমতা নীতিৰ ওপৰত প্ৰতিষ্ঠিত আৰু ৰাজনৈতিক সমতা অর্থনৈতিক আৰু সামাজিক ধাৰণাৰ লগত জড়িত। সেই কাৰণে আৰ্থ-সামাজিক সমতাৰ অবিহনে গণতন্ত্রই সফলতা লাভ কৰিব নোৱাৰে; আৰু গণতন্ত্র নোহোৱাকৈ ব্যক্তিগত স্বতন্ত্রতাও ভোগ কৰিব নোৱাৰি।
(৩) ক্ষমতা লাভ কৰিবলৈ হ’লে কোনো লোকৰে বিশেষ সুবিধা থাকিব নালাগিব। কিন্তু বিশেষ সুবিধা থকা সমাজত ব্যক্তিগত স্বতন্ত্ৰতা ভোগ কৰাটো সম্ভৱপৰ নহয়। সেইদৰে বিশেষ সুবিধা থাকিলেও সমতা স্থাপন কৰিব নোৱাৰে। সেই দৃষ্টিকোণৰ পৰা। সমতা আৰু ব্যক্তি-স্বতন্ত্ৰতাৰ সম্পৰ্ক আছে।
3. Discuss the three difference Liberty and Equality?
Ans: বহুতো চিন্তাবিদে ব্যক্তিগত স্বাধীনতা আৰু সমতা পৰস্পৰ বিৰোধী বুলি অভিমত প্ৰকাশ কৰিছে। সেই চিন্তাবিদসকলৰ ভিতৰত এক্টন, টকভেলী, লীকি, বাগিহত, ষ্টিফেন, হ’গ, হায়েক, ফ্রেডমেন, কাটলেও, মাইকেলছ, মুচাকা, পেৰাটো আদি উল্লেখযোগ্য। এই চিন্তাবিদসকলে ব্যক্তিগত স্বাধীনতা আৰু সমতা যে পৰস্পৰ বিৰোধী এই সম্পৰ্কে বহুতো যুক্তিৰ অৱতাৰণা কৰিছে। যেনে—
(১) ব্যক্তিগত স্বতন্ত্রতা যিদৰে প্ৰাকৃতিক, সেইদৰে সমতাৰ ধাৰণাও প্রাকৃতিক গতিকে প্রকৃতিগতভাবে ব্যক্তিগত স্বাধীনতা আৰু সমতা পৰস্পৰ বিৰোধী ।
(২) ব্যক্তিগত স্বতন্ত্রতাই কোনো বাধা নথকাৰ কথা প্ৰকাশ কৰে। অৰ্থাৎ এজন লোকে নিজ ইচ্ছা সাপেক্ষে যিকোনো দান। সম্পাদন কৰিব পাৰে। আনহাতে সমতাৰ ধাৰণাই বাধা-নিষেধ নথকা কথাটো নুবুজায়, বৰং সমতা স্থাপন কৰিবলৈ ৰায়ই কেতবোৰ বিষয়ত বাধা আৰোপ কৰিব লাগিব। ইয়াৰ অন্যথা সমতা স্থাপন কৰাটো সম্ভৱপৰ নহয়, কিন্তু ব্যক্তিগত স্বতন্ত্ৰতাত বাধা আৰোপ কৰাটো এক পৰিপৰী ব্যৱস্থা ।
(৩) আন এটা দিশতো ব্যক্তিগত স্বতন্ত্ৰতা আৰু সমতা পৰম্পৰ বিৰোধী। সমাজত সমতা স্থাপন কৰিবলৈ হ’লে ৰাষ্ট্ৰৰ ক্ষমতা বৃদ্ধি কৰিব লাগিব আৰু এনে বর্ধিত ক্ষমতাই ব্যক্তিৰ স্বাধীনতাত ব্যাঘাত জন্মায়। গতিকে এই ক্ষেত্ৰত দেখা যায় ব্যক্তিগত স্বাধীনতা আৰু কর্তৃপক্ষ পৰস্পৰ বিৰোধী। বহুতো ৰাষ্ট্ৰই অর্থনৈতিক সমতা স্থাপন কৰিবৰ কাৰণে অনাৱশ্যকভাৱে ক্ষমতা বৃদ্ধি কৰে আৰু ইয়াৰ ফলত নাগৰিকৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতা খর্ব হয়। ব্যক্তিগত স্বততা সমতাৰ বিৰোধী, এই কাৰণে, যে সমতাৰ ধাৰণাৰ এক ইতিবাচক ৰাষ্ট্ৰ আৱশ্যক। আনহাতে ব্যক্তিগত স্বাধীনতাই এক নেতিবাচক ৰাষ্ট্ৰৰ পোষকতা কৰে।
4. Discuss the four different kinds of Equality.
Ans: সমতাক কেইবাশ্রেণীতো বিভক্ত কৰিব পাৰি। সেইবিলাক হ’ল— সামাজিক সমতা, ৰাজনৈতিক সমতা, অর্থনৈতিক সমতা, প্রাকৃতিক সমতা, আইনগত বা পৌৰ সমতা।
(১) প্রাকৃতিক সমতা [ Natural Equality] : সাধাৰণতে প্রাকৃতিক সমতাই মানুহৰ জন্মৰ সময়ৰ পৰাই সকলো ক্ষেত্ৰতেই সমান অধিকাৰ থকাৰ কথা প্ৰকাশ কৰে। ১৭শ শতিকাত প্ৰসাৰ লাভ কৰা প্ৰাকৃতিক আইন ধাৰণাটোৱে সকলো মানুহৰে সমান অধিকাৰ থকাৰ ওপৰত গুৰুত্ব দিছিল। কিন্তু বাস্তৱিকতে মানুহ তেনে সমঅধিকাৰী হ’ব নোৱাৰে, কাৰণ সকলো মানুহৰ বুদ্ধি, চিন্তাশক্তি বা শাৰীৰিক গঠন একে নহয়। অৱশ্যে এইটো সত্য যে প্রকৃতিয়ে মানুহৰ ক্ষেত্ৰত কৰা অসমতা আঁতৰ কৰিব নোৱাৰে। কিন্তু মানুহে সৃষ্টি কৰা কৃত্রিম অসমতা আঁতৰ কৰা উচিত, যাতে প্রত্যেক নাগৰিকে জীৱনৰ আৱশ্যকীয়খিনি আহৰণত বাধাৰ সন্মুখীন নহয়।
(২) আইনগত বা পৌৰ সমতা [Legal or Civil Equality] : এই সমতা অনুসৰি আইনৰ দৃষ্টিত সকলো সমান। ধনী, দুখীয়া, সবল আৰু নিশকতীয়াৰ মাজত কোনো পার্থক্য নাই। আইনৰ দৃষ্টিত জাতি, বর্ণ, ভাষা, ধৰ্মৰ কোনো প্রভেদ নাই। কোনো লোকে অপৰাধ কৰিলে একে আইন আৰু আদালতৰ বিচাৰৰ সন্মুখীন হ’ব লাগে। চৰকাৰী বিষয়া আৰু সৰ্বসাধাৰণৰ গোচৰ বিচাৰ কৰিবৰ কাৰণে পৃথক আইন আৰু আদালত থাকিব নালাগে। তেনে আইন আৰু আদালত পৌৰ সমতাৰ পৰিপন্থী।
(৩) ৰাজনৈতিক সমতা [Political Equality] : ৰাজনৈতিক সমতাই সকলো লোককে সমান ৰাজনৈতিক অধিকাৰ দিয়াৰ কথা প্ৰকাশ কৰে। জাতি, বর্ণ, ধর্ম লিংগ ভেদে প্রাপ্তবয়স্ক সকলোৰে সমান ভোটাধিকাৰ থাকিব লাগে। চৰকাৰী কাৰ্যালয়ত চাকৰি কৰা বিষয়, লৈ উপযুক্ত অৰ্হতা থকা নাগৰিকৰ ভিতৰত কোনো পার্থক্য থাকিব নালাগে। প্রত্যেক নাগৰিকৰে এটাকৈ ভোট দিয়াৰ অধিকাৰ থাকিব লাগে। সকলো নাগৰিকৰে সমান ৰাজনৈতিক অধিকাৰ থাকিলেহে গণতন্ত্ৰৰ আদৰ্শ উপলব্ধি কৰিব পাৰি।
নাগৰিকৰ ৰাজনৈতিক অধিকাৰে চৰকাৰৰ কাম-কাজ সমালোচনা কৰাৰ কথাও প্ৰকাশ কৰে। অৱশ্যে অর্থনৈতিক সমতাৰ অবিহনে ৰাজনৈতিক সমতা মূল্যহীন। নাগৰিকসকল আর্থিক ক্ষেত্ৰত আত্মনিৰ্ভৰশীল আৰু শোষণমুক্ত হ’লেহে ৰাজনৈতিক সমতাৰ গুৰুত্ব উপলব্ধি কৰিব পাৰি।
(৪) সামাজিক সমতা [Social Equality] : সামাজিক সমতাই সামাজিক দিশত সকলোৰে সমান অধিকাৰ থকা বুজায়। ধৰ্ম, জাতি, বৰ্ণ লৈ সমাজৰ লোকৰ ভিতৰত কোনো প্রভেদ থাকিব নালাগে। উদাহৰণস্বৰূপে ভাৰতৰ অস্পৃশ্যতা আৰু দক্ষিণ আফ্ৰিকাৰ বর্ণ বৈষম্যমূলক নীতি সামাজিক সমতাৰ পৰিপন্থী। অৱশ্যে এইটো সত্য যে চৰকাৰে কেৱল আইন প্রণয়ন কৰি সামাজিক সমতা স্থাপন কৰিব নোৱাৰে। ই মানুহৰ অনুভূতি আৰু পাৰস্পৰিক বুজা পৰাৰ ওপৰত নিৰ্ভৰশীল ইয়াৰ অবিহনে শ্রেণী বৈষম্যহীন সমাজ গঠন কৰাটো সম্ভৱপৰ নহয়। ভাৰতীয় সংবিধানে সামাজিক সমতাৰ স্বীকৃতি দিছে। ভাৰতীয় সংবিধানত সন্নিৱিষ্ট কৰা সমতা মৌলিক অধিকাৰৰে অংশস্বৰূপ। এই সংবিধান অনুসৰি কোনো ব্যক্তিয়ে জাতি, বর্ণ, শ্রেণী, লিংগ জন্মস্থানলৈ সামাজিক ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’ব নালাগে।
Essay Type Question Answer
1. Discuss the relation between Liberty and Equality?
Ans: বহুতো চিন্তাবিদে ব্যক্তিগত স্বতন্ত্রতা আৰু সমতা পৰস্পৰ বিৰোধী বুলি অভিমত প্রকাশ কৰিলেও তেওঁলোকৰ এই মত গ্রহণযোগ্য নহয়। স্বতন্ত্ৰতা আৰু সমতা পৰস্পৰ বিৰোধী নহয়, এটা আনটোৰ পৰিপূৰকহে। যদি সমতা নাথাকে তেন্তে কোনো লোকে ব্যক্তিগত স্বতন্ত্রতা ভোগ কৰিব নোৱাৰে। ব্যক্তিগত স্বতন্ত্রতা আৰু সমতাৰ ধাৰণাৰ লগত হেৰিংটন, মেইটলেণ্ড, হবস, গডউইন, ৰুছো, আর্নল্ড, টনী, পোলার্ড, বার্কাৰ, লাস্কি, গমচ আদি লেখক জড়িত আৰু তেওঁলোকে ব্যক্তিগত স্বাধীনতা আৰু সমতা যে পৰস্পৰ বিৰোধী নহয়, সেই সম্পর্কত বহুতো যুক্তিৰ অৱতাৰণা কৰিছে। যেনে—
(১) সমতা আৰু ব্যক্তিগত স্বতন্ত্ৰতাৰ উদ্দেশ্য একে। দুয়োটাৰ ধাৰণাই ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ ওপৰত গুৰুত্ব দিয়ে। সমতা নাথাকিলে ব্যক্তি স্বতন্ত্ৰতাৰ উদ্দেশ্য সাধন কৰিব নোৱাৰে।
(২) সমতা আৰু ব্যক্তিগত স্বতন্ত্ৰতাৰ লগত গণতান্ত্রিক শাসনৰো সম্পর্ক আছে। গণতন্ত্র নহ’লে যিদৰে ব্যক্তিগত স্বতন্ত্রতা সম্ভৱপৰ নহয়, সেইদৰে সমতা নোহোৱাকৈ গণতন্ত্র ও প্রতিষ্ঠা কৰিব নোৱাৰি। “There cannot be democratic government without equality, without democratic government there cannot be freedom.” সেই অনুপাতে গণতন্ত্ৰ ৰাজনৈতিক সমতা নীতিৰ ওপৰত প্ৰতিষ্ঠিত আৰু ৰাজনৈতিক সমতা অর্থনৈতিক আৰু সামাজিক ধাৰণাৰ লগত জড়িত। সেই কাৰণে আৰ্থ-সামাজিক সমতাৰ অবিহনে গণতন্ত্রই সফলতা লাভ কৰিব নোৱাৰে; আৰু গণতন্ত্র নোহোৱাকৈ ব্যক্তিগত স্বতন্ত্রতাও ভোগ কৰিব নোৱাৰি।
(৩) ক্ষমতা লাভ কৰিবলৈ হ’লে কোনো লোকৰে বিশেষ সুবিধা থাকিব নালাগিব। কিন্তু বিশেষ সুবিধা থকা সমাজত ব্যক্তিগত স্বতন্ত্ৰতা ভোগ কৰাটো সম্ভৱপৰ নহয়। সেইদৰে বিশেষ সুবিধা থাকিলেও সমতা স্থাপন কৰিব নোৱাৰে। সেই দৃষ্টিকোণৰ পৰা। সমতা আৰু ব্যক্তি-স্বতন্ত্ৰতাৰ সম্পৰ্ক আছে।
(৪) সমতা নাথাকিলে কোনো লোকে ব্যক্তিগত স্বাধীনতা ভোগ কৰিব নোৱাৰে। ইয়াৰ ফলত ধনী শ্রেণীয়ে দুখীয়া শ্ৰেণী লোকক শোষণ কৰাৰ স্থল বাঢ়িব। তদুপৰি প্ৰভাৱশালী লোকে চৰকাৰী ক্ষমতা হস্তগত কৰি তেওঁলোকৰ নিজ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে যত্নপৰ হ’ব।
(৫) আন এটা দৃষ্টিকোণৰ পৰাও ব্যক্তিগত স্বাধীনতা আৰু সমতাৰ সম্পৰ্ক আছে। সমতা নহ’লে সমাজত সংঘৰ্ষ আৰু উচ্ছৃংখলতাৰ সৃষ্টি হ’ব আৰু তেনে সমাজত ব্যক্তিগত স্বাধীনতা সুৰক্ষিত নহয় ৷
উল্লিখিত আলোচনাৰ পৰা দেখা যায় যে ব্যক্তিগত স্বাধীনতা আৰু সমতা পৰস্পৰ বিৰোধী নহয়, এটা আনটোৰ পৰিপূৰকহে।এটাক বাদ দি আনটোৰ গুৰুত্ব উপলব্ধি কৰিব নোৱাৰি। ‘Liberty’ cannot be real it cannot move. to its appointed end, unless it is accompanied by equality. In the absence of equality, Liberty becomes a myth. “
2. Discuss the difference Liberty and Equality?
Ans: বহুতো চিন্তাবিদে ব্যক্তিগত স্বাধীনতা আৰু সমতা পৰস্পৰ বিৰোধী বুলি অভিমত প্ৰকাশ কৰিছে। সেই চিন্তাবিদসকলৰ ভিতৰত এক্টন, টকভেলী, লীকি, বাগিহত, ষ্টিফেন, হ’গ, হায়েক, ফ্রেডমেন, কাটলেও, মাইকেলছ, মুচাকা, পেৰাটো আদি উল্লেখযোগ্য। এই চিন্তাবিদসকলে ব্যক্তিগত স্বাধীনতা আৰু সমতা যে পৰস্পৰ বিৰোধী এই সম্পৰ্কে বহুতো যুক্তিৰ অৱতাৰণা কৰিছে। যেনে—
(১) ব্যক্তিগত স্বতন্ত্রতা যিদৰে প্ৰাকৃতিক, সেইদৰে সমতাৰ ধাৰণাও প্রাকৃতিক গতিকে প্রকৃতিগতভাবে ব্যক্তিগত স্বাধীনতা আৰু সমতা পৰস্পৰ বিৰোধী ।
(২) ব্যক্তিগত স্বতন্ত্রতাই কোনো বাধা নথকাৰ কথা প্ৰকাশ কৰে। অৰ্থাৎ এজন লোকে নিজ ইচ্ছা সাপেক্ষে যিকোনো দান। সম্পাদন কৰিব পাৰে। আনহাতে সমতাৰ ধাৰণাই বাধা-নিষেধ নথকা কথাটো নুবুজায়, বৰং সমতা স্থাপন কৰিবলৈ ৰায়ই কেতবোৰ বিষয়ত বাধা আৰোপ কৰিব লাগিব। ইয়াৰ অন্যথা সমতা স্থাপন কৰাটো সম্ভৱপৰ নহয়, কিন্তু ব্যক্তিগত স্বতন্ত্ৰতাত বাধা আৰোপ কৰাটো এক পৰিপৰী ব্যৱস্থা ।
(৩) আন এটা দিশতো ব্যক্তিগত স্বতন্ত্ৰতা আৰু সমতা পৰম্পৰ বিৰোধী। সমাজত সমতা স্থাপন কৰিবলৈ হ’লে ৰাষ্ট্ৰৰ ক্ষমতা বৃদ্ধি কৰিব লাগিব আৰু এনে বর্ধিত ক্ষমতাই ব্যক্তিৰ স্বাধীনতাত ব্যাঘাত জন্মায়। গতিকে এই ক্ষেত্ৰত দেখা যায় ব্যক্তিগত স্বাধীনতা আৰু কর্তৃপক্ষ পৰস্পৰ বিৰোধী। বহুতো ৰাষ্ট্ৰই অর্থনৈতিক সমতা স্থাপন কৰিবৰ কাৰণে অনাৱশ্যকভাৱে ক্ষমতা বৃদ্ধি কৰে আৰু ইয়াৰ ফলত নাগৰিকৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতা খর্ব হয়। ব্যক্তিগত স্বততা সমতাৰ বিৰোধী, এই কাৰণে, যে সমতাৰ ধাৰণাৰ এক ইতিবাচক ৰাষ্ট্ৰ আৱশ্যক। আনহাতে ব্যক্তিগত স্বাধীনতাই এক নেতিবাচক ৰাষ্ট্ৰৰ পোষকতা কৰে।
(৪) আন এটা কাৰণতো ব্যক্তি স্বাধীনতা আৰু সমতা পৰস্পৰ বিৰোধী। পুঁজিবাদ স্থাপন নকৰিলে ৰাষ্ট্ৰৰ ক্ষমতা নিয়ন্ত্ৰিত কৰিব,নোৱাৰি। গতিকে সেই দৃষ্টিকোণৰ পৰা পুঁজিবাদ স্থাপনে ব্যক্তিগত স্বাধীনতা আহৰণত সহায় কৰে। আনহাতে সমতা আৰু পুঁজিবাদ একেলগে কাৰ্যকৰী হ’ব নোৱাৰে। ব্যক্তিগত স্বাধীনতাই পুঁজিবাদ সমৰ্থন কৰে। আনহাতে সমতা স্থাপন কৰিবলৈ হ’লে পুঁজিবাদ কাৰ্যকৰী হ’ব নোৱাৰে। এইদৰে ব্যক্তিগত স্বাধীনতা আৰু সমতাৰ ধাৰণা পৰস্পৰ বিৰোধী।
(৫) আন এটা দৃষ্টিকোণৰ পৰাও ব্যক্তিগত স্বতন্ত্ৰতা আৰু সমতা পৰস্পৰ বিৰোধী।যিবিলাক চিন্তাবিদে নেতৃস্থানীয় গণতন্ত্ৰৰ সূত্ৰৰ পোষকতা কৰে তেওঁলোকৰ মতে এনে গণতন্ত্ৰতহে নাগৰিকৰ ব্যক্তিগত স্বতন্ত্রতা সুৰক্ষিত হয়। নেতৃস্থানীয় গণতন্ত্ৰৰ অবিহনে কোনো ব্যক্তিগত স্বতন্ত্র থাকিব নোৱাৰে। আনহাতে নেতৃস্থানীয় গণতন্ত্রই অসমতাৰ কথাহে প্ৰকাশ কৰে; কাৰণ গণতন্ত্ৰত সকলো লোকৰে সমান অধিকাৰ থাকে। সেই দিশৰ পৰাও ক্ষমতা আৰু ব্যক্তিগত স্বতন্ত্ৰতাৰ ধাৰণা পৰস্পৰ বিৰোধী ।
3. Discuss the four different kinds of Equality.
Ans: সমতাক কেইবাশ্রেণীতো বিভক্ত কৰিব পাৰি। সেইবিলাক হ’ল— সামাজিক সমতা, ৰাজনৈতিক সমতা, অর্থনৈতিক সমতা, প্রাকৃতিক সমতা, আইনগত বা পৌৰ সমতা।
(১) প্রাকৃতিক সমতা [ Natural Equality] : সাধাৰণতে প্রাকৃতিক সমতাই মানুহৰ জন্মৰ সময়ৰ পৰাই সকলো ক্ষেত্ৰতেই সমান অধিকাৰ থকাৰ কথা প্ৰকাশ কৰে। ১৭শ শতিকাত প্ৰসাৰ লাভ কৰা প্ৰাকৃতিক আইন ধাৰণাটোৱে সকলো মানুহৰে সমান অধিকাৰ থকাৰ ওপৰত গুৰুত্ব দিছিল। কিন্তু বাস্তৱিকতে মানুহ তেনে সমঅধিকাৰী হ’ব নোৱাৰে, কাৰণ সকলো মানুহৰ বুদ্ধি, চিন্তাশক্তি বা শাৰীৰিক গঠন একে নহয়। অৱশ্যে এইটো সত্য যে প্রকৃতিয়ে মানুহৰ ক্ষেত্ৰত কৰা অসমতা আঁতৰ কৰিব নোৱাৰে। কিন্তু মানুহে সৃষ্টি কৰা কৃত্রিম অসমতা আঁতৰ কৰা উচিত, যাতে প্রত্যেক নাগৰিকে জীৱনৰ আৱশ্যকীয়খিনি আহৰণত বাধাৰ সন্মুখীন নহয়।
(২) আইনগত বা পৌৰ সমতা [Legal or Civil Equality] : এই সমতা অনুসৰি আইনৰ দৃষ্টিত সকলো সমান। ধনী, দুখীয়া, সবল আৰু নিশকতীয়াৰ মাজত কোনো পার্থক্য নাই। আইনৰ দৃষ্টিত জাতি, বর্ণ, ভাষা, ধৰ্মৰ কোনো প্রভেদ নাই। কোনো লোকে অপৰাধ কৰিলে একে আইন আৰু আদালতৰ বিচাৰৰ সন্মুখীন হ’ব লাগে। চৰকাৰী বিষয়া আৰু সৰ্বসাধাৰণৰ গোচৰ বিচাৰ কৰিবৰ কাৰণে পৃথক আইন আৰু আদালত থাকিব নালাগে। তেনে আইন আৰু আদালত পৌৰ সমতাৰ পৰিপন্থী।
(৩) ৰাজনৈতিক সমতা [Political Equality] : ৰাজনৈতিক সমতাই সকলো লোককে সমান ৰাজনৈতিক অধিকাৰ দিয়াৰ কথা প্ৰকাশ কৰে। জাতি, বর্ণ, ধর্ম লিংগ ভেদে প্রাপ্তবয়স্ক সকলোৰে সমান ভোটাধিকাৰ থাকিব লাগে। চৰকাৰী কাৰ্যালয়ত চাকৰি কৰা বিষয়, লৈ উপযুক্ত অৰ্হতা থকা নাগৰিকৰ ভিতৰত কোনো পার্থক্য থাকিব নালাগে। প্রত্যেক নাগৰিকৰে এটাকৈ ভোট দিয়াৰ অধিকাৰ থাকিব লাগে। সকলো নাগৰিকৰে সমান ৰাজনৈতিক অধিকাৰ থাকিলেহে গণতন্ত্ৰৰ আদৰ্শ উপলব্ধি কৰিব পাৰি।
নাগৰিকৰ ৰাজনৈতিক অধিকাৰে চৰকাৰৰ কাম-কাজ সমালোচনা কৰাৰ কথাও প্ৰকাশ কৰে। অৱশ্যে অর্থনৈতিক সমতাৰ অবিহনে ৰাজনৈতিক সমতা মূল্যহীন। নাগৰিকসকল আর্থিক ক্ষেত্ৰত আত্মনিৰ্ভৰশীল আৰু শোষণমুক্ত হ’লেহে ৰাজনৈতিক সমতাৰ গুৰুত্ব উপলব্ধি কৰিব পাৰি।
(৪) সামাজিক সমতা [Social Equality] : সামাজিক সমতাই সামাজিক দিশত সকলোৰে সমান অধিকাৰ থকা বুজায়। ধৰ্ম, জাতি, বৰ্ণ লৈ সমাজৰ লোকৰ ভিতৰত কোনো প্রভেদ থাকিব নালাগে। উদাহৰণস্বৰূপে ভাৰতৰ অস্পৃশ্যতা আৰু দক্ষিণ আফ্ৰিকাৰ বর্ণ বৈষম্যমূলক নীতি সামাজিক সমতাৰ পৰিপন্থী। অৱশ্যে এইটো সত্য যে চৰকাৰে কেৱল আইন প্রণয়ন কৰি সামাজিক সমতা স্থাপন কৰিব নোৱাৰে। ই মানুহৰ অনুভূতি আৰু পাৰস্পৰিক বুজা পৰাৰ ওপৰত নিৰ্ভৰশীল ইয়াৰ অবিহনে শ্রেণী বৈষম্যহীন সমাজ গঠন কৰাটো সম্ভৱপৰ নহয়। ভাৰতীয় সংবিধানে সামাজিক সমতাৰ স্বীকৃতি দিছে। ভাৰতীয় সংবিধানত সন্নিৱিষ্ট কৰা সমতা মৌলিক অধিকাৰৰে অংশস্বৰূপ। এই সংবিধান অনুসৰি কোনো ব্যক্তিয়ে জাতি, বর্ণ, শ্রেণী, লিংগ জন্মস্থানলৈ সামাজিক ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’ব নালাগে।
(৫) অর্থনৈতিক সমতা [ Economic Equality] : বিভিন্ন শ্ৰেণীৰ সমতাৰ ভিতৰত অৰ্থনৈতিক সমতাৰ প্ৰাধান্য বেছি। অর্থনৈতিক সমতা নাথাকিলে ৰাজনৈতিক বা সামাজিক সমতাৰ কোনো গুৰত্ব নাথাকে। সেই কাৰণে চি.ই.এম. জোৱাডে কৈছে যে Political democracy is worthless without economic Liberty,” অর্থনৈতিক সমতাই একশ্রেণী লোকৰ শোষণৰ দ্বাৰাই যাতে আন এক শ্রেণী লোকৰ জীৱন নিৰ্বাহৰ কাৰণে আৱশ্যকীয় নিম্নতম সামগ্ৰী পোৱাৰ পৰা। বঞ্চিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখে। সেইদৰে সম্পত্তি যাতে মুষ্টিমেয় লোকৰ হাতত কেন্দ্ৰীভূত নহৈ ই সকলোৰে মাজত সমবিতৰণ হয় তাৰ ওপৰতো গুৰুত্ব দিয়ে। অৱশ্যে অর্থনৈতিক সমতাই সকলে। সম্পত্তি সকলো লোকৰ মাজত সমান কবি দিয়া নাইবা সকলো লোকৰে সমান উপার্জন হোৱা নুবুজায়। এনে বিতৰণ সম্ভৱ নহয়। আর্থিক সমতাই সম্পত্তি উপাৰ্জনৰ নিম্নতম সমতাৰ কথা প্ৰকাশ কৰে। সেইদৰে প্ৰত্যেকৰে সম্পদ উপাৰ্জনৰ কাৰণে আৱশ্যকীয় সুবিধা থকাৰ ওপৰত গুৰুত্ব দিয়ে। সাধাৰণতে সম্পদক ক্ষমতাৰ ডাঙৰ উৎস বুলি ধৰা হয়। গতিকে এনে সম্পদ মানুহৰ মাজত ন্যায়োচিতভাৱে বিতৰণ কৰিব লাগে।
(৬) আন্তর্জাতিক সমতা [International Equality] : আন্তর্জাতিক সমতাই বিশ্বৰ সকলো ডাঙৰ-সৰু ৰাষ্ট্ৰৰে আন্তৰ্জাতিক ক্ষেত্ৰত সমতাৰ কথা প্ৰকাশ কৰিছে। কোনো বৃহৎ ৰাষ্ট্ৰৰ নিজ সামৰিক শক্তিৰ দ্বাৰা আন ৰাষ্ট্ৰৰ স্বাধীনতাত হস্তক্ষেপ কৰিব নালাগে। প্রত্যেক ৰাষ্ট্ৰৰ স্বতন্ত্রভাৱে বৈদেশিক নীতি প্রণয়নৰ অধিকাৰ থাকিব লাগে।
4. Discuss the features of Equality?
Ans: সমতাৰ কিছুমান উল্লেখযোগ্য বৈশিষ্ট্য আছে; সেইবিলাক হৈছে প্ৰাকৃতিকভাৱে সকলো সমান নহয়। সমতাৰ লগত স্বতন্ত্ৰতাৰ সম্বন্ধ, সামাজিক ন্যায়, ইতিবাচক আৰু নেতিবাচক দিশ, সামাজিক আন্দোলন, সুস্থা জীৱনৰ চৰ্ত আৰু সমতা নিৰংকুশ নোহোৱা আদি বহুতো বৈশিষ্ট্য আছে। তাৰে চাৰিটা সমতাৰ বৈশিষ্ট্য আলোচনা কৰা হৈছে—
(১) প্রাকৃতিকভাৱে অসমান : প্রকৃতিগতভাৱে মানুহ সমান অধিকাৰী নহয়, কাৰণ জন্মৰ সময়ত কোনো মানুহে সমান অধিকাৰ লৈ জন্মগ্ৰহণ নকৰে। জন্মৰপৰাই কিছুমান লোক ক্ষিপ্র বুদ্ধিসম্পন্ন, কিছুমান শক্তিশালী, কিছুমান দেখিবলৈ ধুনীয়া আৰু আন কিছুমান বিশেষ সুবিধাৰ অধিকাৰী হয়। তদুপৰি সকলো মানুহে একে পৰিস্থিতিত জন্মগ্ৰহণ নকৰে। জন্মৰ অৱস্থাত প্রত্যেক ল’ৰা-ছোৱালী একে নহ’ব পাৰে। আনকি ৰজাৰ দুটা ল’ৰা একেলগে জন্ম হ’লেও সিহঁতৰ বুদ্ধি-বৃত্তি, আচৰণ আদি একে নহ’ব পাৰে। “Factually men are not equality, and the more specific the investigation, the more apparent it is that men are unequal in strength, in spirit, in grace, in thought.” গতিকে ব্যক্তিৰ মাজত নিৰংকুশ সমতা থাকিব নোৱাৰে ।
(২) সুস্থ জীৱনৰ চৰ্ত : আন এটা বৈশিষ্ট্য হ’ল সমতাক ব্যক্তিৰ সুস্থ জীৱনৰ চৰ্ত বুলি অভিহিত কৰিব পাৰি। যদি সমাজত বসবাস কৰা লোকৰ মাজত বিভিন্ন সা-সুবিধা ভোগ কৰাৰ ব্যৱধান সীমিত হয়, তেন্তে সমতাক ব্যক্তিৰ সুস্থ জীৱন যাপনৰ এক চৰ্ত বুলি অভিহিত কৰিব পাৰি। আনহাতে যদি ব্যক্তিৰ মাজত বৈষম্যৰ মাত্ৰা বেছি হয়, তেন্তে ব্যক্তিয়ে কেতিয়াও ইয়াত সুস্থ যাপনৰ কাৰণে সুবিধা নাপায়। সংবিধান আৰু আইনৰ দৃষ্টিকোণৰ পৰা মানুহৰ মাজত কোনো বৈষম্য ৰাখিব নালাগে। দেশৰ সংবিধান আৰু আইনে সকলো লোককে সমান অধিকাৰ দিব লাগে।
(৩) ইতিবাচক আৰু নেতিবাচক দিশ : সমতাৰ ইতিবাচক আৰু নেতিবাচক দুটা দিশ থাকে। ইয়াত ইতিবাচক দিশটোৱে সকলো লোককে যথোপযুক্ত সমতা থকাৰ কথা প্ৰকাশ কৰে। আনহাতে সমতাৰ নেতিবাচক দিশটোৱে কোনো প্ৰকাৰৰ অন্যায় আৰু অৰ্থহীন বৈষম্য নথকাৰ, কথা প্ৰকাশ কৰে। আনকথাত সমাজত বসবাস কৰা লোকৰ মাজত ধর্ম-বর্ণ, জাতি-শ্রেণী, মর্যাদা আদি কাৰণ লৈ কোনো প্ৰকাৰৰ বৈষম্য থাকিব নালাগে। উপযুক্ত কাৰণ অবিহনে কোনো ব্যক্তিয়ে বিভিন্ন দিশত পাব লগীয়া সুবিধাৰ পৰা বঞ্চিত হ’ব নালাগে। উদাহৰণস্বৰূপে যদি এজন লোকৰ উপযুক্ত অৰ্হতা থাকে, তেন্তে তেওঁক চৰকাৰী চাকৰি আদিৰ পৰা বঞ্চিত কৰিব নালাগে।
(৪) সামাজিক ন্যায় : সামাজিক ন্যায় প্রতিষ্ঠাৰ কাৰণেও সমতাৰ আৱশ্যক। বিশ্বৰ সকলো দেশতে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ কাৰণে আন্দোলন কৰে। গতিকে সমতাৰ ওপৰত ভিত্তি কৰিহে সামাজিক ন্যায় প্রতিষ্ঠা কৰিব পাৰে। অর্থাৎ এখন দেশত সাম্যনীতি অনুসৰণ নকৰিলে, সামাজিক ন্যায় প্ৰতিষ্ঠাৰ কাৰণে নিজ নিজ দেশৰ সংবিধানত কিছুমান বিশেষ ব্যৱস্থা কৰা দেখা যায়।উদাহৰণস্বৰূপে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সমতা অধিকাৰৰ বিষয়ে উল্লেখ কৰিছে। আন কথাত ভাৰতীয় সংবিধানত সমতাৰ অধিকাৰ নাগৰিকৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে আৰু কোনো লোকৰ এনে অধিকাৰ, খৰ্ব কৰিলে উচ্চতম বা উচ্চ ন্যায়ালয়ত প্ৰতিকাৰৰ বিধান কৰিব পাৰে।
(৫) সমতাৰ লগত স্বতন্ত্রতাৰ সম্বন্ধ : আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হল যে সমতাৰ লগত স্বতন্ত্ৰতাৰ সম্বন্ধ আছে। স্বতন্ত্রতা নোহোৱাকৈ ব্যক্তিয়ে কেতিয়াও সমতা উপভোগ কৰিব নোৱাৰে। সমতাতকৈ প্ৰথমতে স্বতন্ত্রতাইহে প্রাধান্য লাভ কৰে। সমতাৰ ধাৰণাই ৰাজনৈতিক, সামাজিক, অর্থনৈতিক আৰু অন্যান্য দিশত থকা অসমতা আঁতৰ কৰিব বিচাৰে। সমাজত অসমতা থাকিলে কিছুমান লোকেহে বিশেষ সুবিধা ভোগ কৰিব পাৰে। আনহাতে অধিকাংশ লোকে বিভিন্ন দিশত বৈষম্যৰ বলি হ’ব লগা হয়। গতিকে সমতাৰ লগতে স্বতন্ত্রতা থাকিব লাগে। সমতা আৰু স্বতন্ত্রতা থাকিলেহে ব্যক্তিত্ব বিকাশত সহায় হয়।
(৬) সমতা নিৰংকুশ নহয় : আন এটা উল্লেখযোগ্য দিশ হ’ল যে সমতা নিৰংকুশ নহয়। সমতা সম্পূৰ্ণ হ’ব নোৱাৰে। সেইকাৰণে বিশ্বৰ কোনো দেশতেই সামাজিক ন্যায়ৰ কাৰণে হোৱা আন্দোলনত নিৰংকুশ সমতাৰ দাবী কৰা নাই। অৱশ্যে দুজন ব্যক্তিৰ মাজত কিছুমান বিষয়ত পার্থক্য থাকিলেও আন কিছুমান বিষয়ত তেওঁলোকৰ মাজত উমৈহতীয়া দিশো পোৱা যায়। সমতাই কেৱল যথোপযুক্ত সুবিধা থকা আৰু কোনো লোকৰেই বিশেষ সুবিধা নথকাৰ কথা প্ৰকাশ কৰে। সমতাই কেতিয়াও এজন লোকৰ স্বতন্ত্রতা, সুখ আদিৰ লগত আন এজন লোকৰ একে আচৰণৰ পোষকতা প্ৰকাশ নকৰে।
(৭) সমতা আৰু সামাজিক আন্দোলন : সমতাৰ ধাৰণাই বিশ্বৰ বিভিন্ন দেশত সামাজিক আন্দোলন কৰাত উৎসাহিত কৰে আৰু সেই কাৰণে ১৯শ শতিকাজুৰি বিশ্বৰ বিভিন্ন দেশত সমাজৰপৰা বৈষম্য আঁতৰ কৰিবৰ কাৰণে সামাজিক আন্দোলনে গা কৰি উঠা দেখা গৈছিল। উদাহৰণস্বৰূপে ১৭৮৯ চনৰ ফৰাচী বিপ্লৱে মানৱ অধিকাৰ ঘোষণা কৰিছিল। সেইদৰে আন কিছুমান দেশতো জনসাধাৰণে সামাজিক ন্যায় আৰু সমতাৰ কাৰণে চৰকাৰৰ বিৰূদ্ধে আন্দোলন কৰিছিল। এনে আন্দোলনৰ মূল উদ্দেশ্য সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত একা বৈষম্য আতৰ কৰি সামাজিক ন্যায় প্রতিষ্ঠা কৰা। এইদৰে সমতাৰ বিভিন্ন বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰিব পাৰি ।
5. Discuss Karl Marx’s views on Equality?
Ans: সমতা সম্পর্কে কার্ল মার্ক্সে এক পৃথক মনোভাব পোষণ কৰিছে। তেওঁৰ মতে প্ৰতিজন ব্যক্তিয়ে নিজৰ সামৰ্থ অনুসৰি সমাজত স্থান আৰু সুবিধা পাব। কিন্তু এনে সমতা যিকোনো সমাজতে এজন ব্যক্তিয়ে আশা কৰিব নোৱাৰে। নিজ সামর্থ অনুসৰি ব্যক্তিয়ে সমতা লাভ কৰিবলৈ হ’লে সমাজখন শোষণমুক্ত হ’ব লাগিব, অর্থাৎ সমাজত কোনো ব্যক্তিগত মালিকীস্বত্ব থাকিব নালাগিব। যদি সমাজত ব্যক্তিগত মালিকীস্বত্ব থাকে তেন্তে মালিকসকলে কেনেকৈ নিজ সম্পত্তি বৃদ্ধি কৰিব পাৰে তাৰ ওপৰতহে গুৰুত্ব দিব আৰু তেওঁলোকে তাকে কৰিবলৈ যাওঁতে কম মূলধনৰ বিনিময়ত অধিক শ্রম কিনি নিজৰ লাভাংশ বৃদ্ধি কৰিবলৈ যত্নপৰ হয়। তেওঁলোকে যিবিলাক লোকৰ পৰা শ্ৰম কিনে, তেনে লোকে প্রকৃতপক্ষে কিমান মজুৰি পাইছে তাৰ ওপৰত গুৰুত্ব নিদিয়ে।
আন কিছুমান লোকে এই বুলি মত পোষণ কৰে যে এটা সম্পদশালী আৰু আজৰি সময় থকা এক শ্ৰেণীৰ লোক থাকিব লাগে। এনে একশ্রেণীৰ লোক থাকিলে জাতীয় সংস্কৃতি অটুট ৰাখিব পাৰে। কিন্তু লেখকসকলৰ এই ধাৰণাও শুদ্ধ নহয়। সমাজত আজৰি সময় থকা একশ্রেণীৰ লোক নাথাকিলেও দেশৰ সংস্কৃতি বিকাশৰ ক্ষেত্ৰত কোনো বাধাৰ সৃষ্টি নহয়; বৰং এনে শ্ৰেণীৰ লোক থাকিলে মুষ্টিমেয় কিছুমান লোকেহে সুবিধা ভোগ কৰে। আনহাতে সাম্যবাদীসকলৰ মতে দৈনন্দিন পৰিশ্ৰম কৰি খোৱা লোকে বাস্তৱৰ লগত জড়িত হৈ গণসংস্কৃতি সৃষ্টি কৰে। গণসংস্কৃতিয়ে জনসাধাৰণৰ আশা-আকাংক্ষাক প্রতিফলিত কৰিব পাৰে। গতিকে মার্ক্সবাদীসকলৰ মতে প্রতিজন ব্যক্তিয়ে নিজ সামর্থ্য অনুসৰি সমাজত স্থান লাভ কৰাতহে সমতা থাকে।
ৰাজনীতি বিষয়ত সকলো সমান হ’ব নোৱাৰে। অৱশ্যে কিছুমানে সর্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ, প্ৰতিনিধিত্বমূলক সংখ্যাগৰিষ্ঠতাৰ দ্বাৰা সমতাৰ কথা কয়। আন কিছুমান চিন্তাবিদ মতে বিভিন্ন জনকল্যাণমূলক আঁচনি কাৰ্যকৰী কৰি সমতা স্থাপন কৰিব পাৰি। কিন্তু এইবিলাক আঁচনি অর্থনৈতিক দিশৰ পৰা লাভজনক নহয়। সেইদৰে ব্যক্তিগত মালিকীস্বত্ব নাইবা দাসপ্রথা আদিৰ দ্বাৰা সমাজ সমৃদ্ধিশালী কৰিব পাৰি। কিন্তু এই ব্যৱস্থাৱলীৰ ফলত মুষ্টিমেয় লোকৰহে সুবিধা হয়। কিন্তু কার্ল মার্ক্সৰ মতে সমাজৰ উন্নতি ব্যক্তিগত নহৈ সামূহিক হ’ব লাগে আৰু তেতিয়াহে প্রকৃত অৰ্থত সমতা স্থাপন কৰিব পাৰি।
6. What is proportionate Liberty?
Ans: সমতাৰ এই চিন্তাধাৰাই সমতাৰ ক্ষেত্ৰত আইনসংগত পাৰ্থক্যৰ কথা উল্লেখ কৰিছে । একেখন দেশতে বহুতো লোক বসবাস কৰিলেও কিছুমান কাৰণত আন কিছুমান লোকে সমান। অধিকাৰৰ পৰা বঞ্চিত হ’ব পাৰে। উদাহৰণ স্বৰূপে একেখন দেশতে এজন নাগৰিক আৰু এজন বিদেশী বসবাস কৰিব পাৰিলেও নাগৰিকজনক যিদৰে ১৮ বছৰ বয়সত প্রাপ্তবয়স্ক ভোটাধিকাৰ দিব পাৰি, সেইদৰে একে বয়সৰ বিদেশী এজনক প্ৰাপ্তবয়স্ক ভোটাধিকাৰ দিব নোৱাৰি। নাগৰিক এজনৰ যি দৰে নিজ চৰকাৰৰ কাম-কাজ সমালোচনা কৰাৰ অধিকাৰ আছে, বিদেশী এজনৰ তেনে অধিকাৰ থাকিব নোৱাৰে। বিদেশী এজনে তেনে অধিকাৰ দাবী কৰাৰ অৰ্থ হ’ল বিদেশী ৰাষ্ট্ৰ এখনৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰা। গতিকে আনুপাতিক সমতাৰ ধাৰণা পাৰ্থক্যৰ লগত জড়িত। বর্ণ, জাতি, সম্প্ৰদায়ৰ পাৰ্থক্যৰ লগত আনুপাতিক সমতাৰ সম্বন্ধ নাই। অর্থাৎ যি জাতি বা বৰ্ণৰ লোক নহওক কিয়, প্রত্যেকজন লোক যদি দেশৰ নাগৰিক হয় তেন্তে তেওঁ সমান অধিকাৰৰ পৰা বঞ্চিত নহয়।
সমতাৰ ধাৰণাটো চৰম অৰ্থত প্ৰয়োগ কৰিব নোৱাৰি। উদাহৰণস্বৰূপে দেশত বসবাস কৰা সকলো লোকক সময়ত একে বাসস্থান, একে পৰিমাণৰ খাদ্য, একে পৰিমাণৰ দৰমহা দিয়াটো সম্ভৱ নহয়, অর্থাৎ স্বাভাৱিক। অৱশ্যে কিছুমান সমতাৰ ধাৰণাই আংশিকভাৱে সমতা লাভ কৰা কথা উপেক্ষা কৰিব নোৱাৰি। সাধাৰণতে কোনো কোনো ৰাষ্ট্ৰৰ সংবিধানে নাগৰিকক কিছুমান মৌলিক অধিকাৰ দিয়ে। এই মৌলিক অধিকাৰবিলাকে নাগৰিকৰ অসমতা আঁতৰ কৰাত কিছু পৰিমাণে সহায় কৰে। তদুপৰি কিছুমান দেশৰ সংবিধানৰ মতে আইনৰ চকুত সকলো সমান। এই ধাৰণাটোৱেই সমতা স্থাপনত সহায় কৰে। কিন্তু অর্থনৈতিক দিশত সমতা স্থাপিত নহ’লে ৰাজনৈতিক অধিকাৰৰ গুৰুত্ব নাথাকে।
আধুনিক কালৰ প্ৰায়বিলাক ৰাষ্ট্ৰ পুলিচ ৰাষ্ট্ৰ পৰিৱৰ্তে কল্যাণকামী ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হৈছে। কল্যাণকামী ৰাষ্ট্ৰত সমতা স্থাপনৰ কাৰণে আইন প্ৰণয়নৰ ব্যৱস্থা আছে। সমাজৰ দুৰ্বল শ্ৰেণী লোকৰ কল্যাণৰ কাৰণে বিভিন্ন আইন প্রণয়ন কৰি তেওঁলোকৰ স্বাৰ্থ সুৰক্ষাৰ ব্যৱস্থা কৰি আন সুবিধাভোগী শ্ৰেণী লোকৰ সমপৰ্যায়লৈ নিয়াৰ চেষ্টা কৰে। কিন্তু কিছুমান সমালোচকে কল্যাণকামী ৰাষ্ট্ৰৰ সমতাৰ এই ধাৰণাৰ ওপৰত গুৰুত্ব দিয়া নাই। টনি আদি লেখকে এই সন্দৰ্ভত দিয়া মন্তব্য হ’ল যে সমান সুযোগৰ ধাৰণাটো কেৱল,আইনৰ কথা নহয়। অসামৰ্থৰ অনুপস্থিতিত নহয়,সামৰ্থৰ উপস্থিতিতহে সমাজৰ অৱস্থিতি।
সাম্যবাদীসকলে সমতাৰ ধাৰণাটোৰ বেলেগ ব্যাখ্যা দাঙি ধৰিছে। কার্ল-মার্ক্সৰ মতে প্ৰত্যেক ব্যক্তিয়ে সমাজৰ প্ৰাথমিক স্তৰত নিজ সামর্থ অনুসৰি সুযোগ পাব লাগে। কিন্তু সমাজত যদি ব্যক্তিগত মালিকীস্বত্ব থাকে, তেন্তে শোষণৰ মাত্ৰা বৃদ্ধি হয়। আনকথাত সমাজৰ একশ্রেণী লোক আন একশ্রেণী লোকতকৈ অধিক সম্পদশালী হ’লে, সম্পদশালী শ্ৰেণীটোৱে দুৰ্বল শ্রেণী লোকৰ ওপৰত শোষণ কৰে। তদুপৰি সম্পদশালী শ্ৰেণী লোকৰ ৰাজনৈতিক ক্ষমতা দুর্বল শ্রেণী লোকতকৈ বহুতো বেছি হয়। অৱশ্যে বহুতে সাংস্কৃতিক বিকাশৰ কাৰণে সমাজত এনে এক দুৰ্বল শ্ৰেণীৰ পোষকতা কৰে। কিন্তু ইয়াৰ ফলত যি সংস্কৃতিৰ সৃষ্টি হয় সি কেৱল মুষ্টিমেয় একশ্রেণী লোকৰ স্বাৰ্থ পূৰণ কৰে। আনহাতে গণসংস্কৃতিয়ে সমাজৰ এক বৃহত্তৰ অংশৰ স্বাৰ্থ পূৰণত সহায় কৰে। গতিকে মার্ক্সবাদীসকলৰ মতে শ্ৰমৰ ভিত্তিতহে সমতাৰ ধাৰণা উপলব্ধি কৰিব পাৰি ।
7. Discuss The Views of Equality?
Ans: সমতা সম্পর্কে ৰাজনৈতিক চিন্তাবিদসকলৰ ধাৰণা একে নহয়। তেওঁলোকে বিভিন্ন দৃষ্টিকোণৰ পৰা সমতাৰ ধাৰণাটো পর্যালোচনা কৰিছে। সমতাৰ এটা ধাৰণা হ’ল— সমানতাবাদ। সমানতাবাদৰ অৰ্থ হৈছে পক্ষপাতিত্বহীনতা। অর্থাৎ চৰকাৰে কোনো লোকৰ প্ৰতি পক্ষপাতিত্বমূলক নীতি অৱলম্বন কৰি কাম কৰিব নালাগে। সমাজৰ কোনো ব্যক্তিক বিশেষ সুবিধা দি আন ব্যক্তিক তেনে অধিকাৰৰ পৰা বঞ্চিত কৰাটো উচিত নহয়৷ গতিকে চৰকাৰে আইন প্রণয়ন কৰোঁতে জাতি, বর্ণ, ধৰ্ম, সম্প্ৰদায়ৰ প্ৰতি লক্ষ্য ৰাখি আইন প্রণয়ন কৰিব নালাগে। চৰকাৰে কোনো ব্যক্তিবিশেষৰ প্ৰতি লক্ষ্য ৰাখি আইন প্রণয়ন কৰিলে সমানতাবাদ নীতি উলংঘা কৰা হয়।
সমানতাবাদৰ আন এটা উল্লেখযোগ্য দিশ হ’ল যে সকলো মূল্যবান বস্তুৰ অংশ সকলোকে দিব লাগে। যোৱা ফৰাচী বিপ্লৱৰ সময়ত এনে সমানতাবাদৰ ওপৰত অধিক গুৰুত্ব দিছিল। কিন্তু সকলো মূল্যৱান বস্তুৰ অংশ সমাজৰ সকলোকে দিয়াটো সম্ভৱপৰ নহয়। চৰকাৰে যদি এনে নীতি কার্যকৰী কৰিব লগা হয় তেন্তে যথোপযুক্ত আইন প্রণয়ন কৰিলে সেই নীতি কার্যকৰী কৰিব পৰা হয়।
সমানতাবাদে সমাজৰ সকলো লোকৰ প্ৰতি সমান অধিকাৰ থকাৰ ওপৰত গুৰুত্ব দিয়ে। এখন দেশত বিভিন্ন পদমর্যাদাৰ আৰু বিভিন্ন জাতৰ লোকে বসবাস কৰে। এই নীতি অনুসৰি সমাজৰ তেনে বিভিন্ন শ্ৰেণীৰ লোকৰ কাৰণে পৃথক পৃথক নীতি অৱলম্বন কৰিব লাগে। উদাহৰণস্বৰূপে, কৰ-কাটল দিয়া বিষয়ত একে উপাৰ্জনৰ লোকে একে পৰিমাণৰ কৰ দিয়াৰ ব্যৱস্থা থাকিব লাগে, সেইদৰে ভোটাধিকাৰ, বিষয়তো যদি বয়সৰ এটা নিৰ্দিষ্ট সীমা থাকে, তেন্তে সেই বয়সৰ লোকেহে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে। অপৰাধৰ কাৰণে শাস্তি দিয়া বিষয়তো একে অপৰাধৰ কাৰণে পৃথক পৃথক শাস্তিৰ বিধান নহৈ সমপৰিমাণৰ শাস্তিৰ ব্যৱস্থা থাকিব লাগে।
কিন্তু সমানতাবাদীৰ এনে ধাৰণা সমালোচনাৰ ঊর্ধ্বত নহয়। সমালোচকসকলৰ মতে এনে ধাৰণা সার্বজনীন নহয়। এই সমানতাবাদ নীতি সকলোৰে ক্ষেত্ৰত প্ৰয়োগ কৰিব, নোৱাৰি; এক নিৰ্দিষ্ট সীমাৰ ভিতৰতহে এনে সমানতাবাদ প্রয়োগ কৰিব পাৰি।
দ্বিতীয়তে, এই নীতি গণতান্ত্ৰিক আদৰ্শৰ পৰিপন্থী। গণতন্ত্রই সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সমান অধিকাৰৰ কথা প্রকাশ কৰে। ব্যক্তিবিশেষে চৰকাৰৰ নীতি বেলেগ বেলেগ হ’ব নোৱাৰে। কিন্তু সমানতাবাদ ধাৰণাই সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত সমান অধিকাৰ দিয়া নাই। ব্যক্তিবিশেষে পৃথক পৃথক নীতিৰ ওপৰত গুৰুত্ব দিছে। এনে সমানতাবাদ, গ্ৰহণ কৰিলে। আমেৰিকাৰ ক্ষেত্ৰত, চৰকাৰে নিগ্ৰো আৰু বগা আমেৰিকানসকলৰ কাৰণে পৃথক নীতি অবলম্বন কৰিব লাগিব। উল্লিখিত কাৰণত বহুতো ৰাজনৈতিক চিন্তাবিদে সমতাৰ এই ধাৰণা গ্ৰহণ কৰা নাই।
সমতাৰ ধাৰণাটো চৰম অৰ্থত প্ৰয়োগ কৰিব নোৱাৰি। উদাহৰণস্বৰূপে দেশত বসবাস কৰা সকলো লোকক সময়ত একে বাসস্থান, একে পৰিমাণৰ খাদ্য, একে পৰিমাণৰ দৰমহা দিয়াটো সম্ভৱ নহয়, অর্থাৎ স্বাভাৱিক। অৱশ্যে কিছুমান সমতাৰ ধাৰণাই আংশিকভাৱে সমতা লাভ কৰা কথা উপেক্ষা কৰিব নোৱাৰি। সাধাৰণতে কোনো কোনো ৰাষ্ট্ৰৰ সংবিধানে নাগৰিকক কিছুমান মৌলিক অধিকাৰ দিয়ে। এই মৌলিক অধিকাৰবিলাকে নাগৰিকৰ অসমতা আঁতৰ কৰাত কিছু পৰিমাণে সহায় কৰে। তদুপৰি কিছুমান দেশৰ সংবিধানৰ মতে আইনৰ চকুত সকলো সমান। এই ধাৰণাটোৱেই সমতা স্থাপনত সহায় কৰে। কিন্তু অর্থনৈতিক দিশত সমতা স্থাপিত নহ’লে ৰাজনৈতিক অধিকাৰৰ গুৰুত্ব নাথাকে।
আধুনিক কালৰ প্ৰায়বিলাক ৰাষ্ট্ৰ পুলিচ ৰাষ্ট্ৰ পৰিৱৰ্তে কল্যাণকামী ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হৈছে। কল্যাণকামী ৰাষ্ট্ৰত সমতা স্থাপনৰ কাৰণে আইন প্রণয়নৰ ব্যৱস্থা আছে। সমাজৰ দুৰ্বল শ্ৰেণী লোকৰ কল্যাণৰ কাৰণে বিভিন্ন আইন প্রণয়ন কৰি তেওঁলোকৰ স্বাৰ্থ সুৰক্ষাৰ ব্যৱস্থা কৰি আন সুবিধাভোগী শ্রেণী লোকৰ সমপৰ্যায়লৈ নিয়াৰ চেষ্টা কৰে। কিন্তু কিছুমান সমালোচকে কল্যাণকামী ৰাষ্ট্ৰৰ সমতাৰ এই ধাৰণাৰ ওপৰত গুৰুত্ব দিয়া নাই। টনি আদি লেখকে এই সন্দৰ্ভত দিয়া মন্তব্য হ’ল যে সমান সুযোগৰ ধাৰণাটো কেৱল,আইনৰ কথা নহয়। অসামৰ্থৰ অনুপস্থিতিত নহয়, সামৰ্থৰ উপস্থিতিতহে সমাজৰ অৱস্থিতি।
সাম্যবাদীসকলে সমতাৰ ধাৰণাটোৰ বেলেগ ব্যাখ্যা দাঙি ধৰিছে। কার্ল মার্ক্সৰ মতে প্রত্যেক ব্যক্তিয়ে সমাজৰ প্ৰাথমিক স্তৰত নিজ সামর্থ অনুসৰি সুযোগ পাব লাগে। কিন্তু সমাজত যদি ব্যক্তিগত মালিকীস্বত্ব থাকে, তেন্তে শোষণৰ মাত্ৰা বৃদ্ধি হয়। আনকথাত সমাজৰ একশ্রেণী লোক আন একশ্রেণী লোকতকৈ অধিক সম্পদশালী হ’লে, সম্পদশালী শ্ৰেণীটোৱে দুৰ্বল শ্রেণী লোকৰ ওপৰত শোষণ কৰে। তদুপৰি সম্পদশালী শ্রেণী লোকৰ ৰাজনৈতিক ক্ষমতা দুর্বল শ্রেণী লোকতকৈ বহুতো বেছি হয়। অৱশ্যে বহুতে সাংস্কৃতিক বিকাশৰ কাৰণে সমাজত এনে এক দুৰ্বল শ্ৰেণীৰ পোষকতা কৰে। কিন্তু ইয়াৰ ফলত যি সংস্কৃতিৰ সৃষ্টি হয় সি কেৱল মুষ্টিমেয় একশ্রেণী লোকৰ স্বাৰ্থ পূৰণ কৰে। আনহাতে গণসংস্কৃতিয়ে সমাজৰ এক বৃহত্তৰ অংশৰ স্বাৰ্থ পূৰণত সহায় কৰে। গতিকে মার্ক্সবাদীসকলৰ মতে শ্ৰমৰ ভিত্তিতহে সমতাৰ ধাৰণা উপলব্ধি কৰিব পাৰি।
8. Critically examine the relationship between Equality and Liberalism?
Ans: উদাৰতাবাদে প্রতিযোগিতা আৰু প্ৰতিযোগিতাৰ জৰিয়তে সম্পদ আৰু পুৰস্কাৰ বিতৰণ ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। গতিকে, উদাৰতাবাদীসকলে বিশ্বাস কৰে যে ৰাষ্ট্ৰই জীৱন নিৰ্বাহৰ বাবে সমপৰিমাণৰ সুযোগ সুবিধা সকলোৰে বাবে নিশ্চয়তা প্ৰদান কৰিবলৈ প্ৰয়োজন সাপেক্ষে হস্তক্ষেপ কৰিব পাৰে। তেওঁলোকে বিশ্বাস কৰে যে ইয়াৰ দ্বাৰ সমাজত সমতা আৰু ন্যায় প্ৰতিষ্ঠা সম্ভৱপৰ হৈ নুঠিবও পাৰে। সেয়েহে উদাৰতাবাদী দর্শন অনুসৰি প্ৰতিযোগিতাৰ দ্বাৰা উজ্জীবিত আত্মবিশ্বাস হৈছে সমতা স্থাপনৰ ন্যাযতম আৰু সর্বোৎকৃষ্ট গ্রহণযোগ্য উপায়। সেয়েহে মুক্ত প্রতিযোগিতাপূর্ণ সমাজত অসমতাৰ স্থান নাথাকে— তেনে সমাজত ব্যক্তিয়ে নিজৰ মেধা, প্ৰচেষ্টা আৰু পৰিশ্ৰমৰ বাবে উপযুক্ত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।
উদাৰতাবাদীসকলৰ মতে, প্রতিযোগিতাৰ নীতিয়েই চাকৰিৰ বাবে বা শিক্ষানুষ্ঠানত নাম ভৰ্তিৰ বাবে প্রার্থী নিৰ্বাচনৰ ক্ষেত্ৰত আটাইতকৈ ন্যাৰ্য্য আৰু সঠিক উপায়। মুক্ত প্রতিযোগিতাৰ জৰিয়তে সমাজত সমতা স্থাপন কৰিব পৰাৰ স্থল থাকে।
এই মতবাদ অনুসৰি জনসাধাৰণৰ সক্ৰিয় সমৰ্থন আৰু সহায় সহযোগিতা ৰাজনৈতিক আৰু সামাজিক সমতা স্থাপনৰ মূল আঁহিলা স্বৰূপ।
আৰ্থ-সামাজিক সমতাৰ প্ৰতি নির্লিপ্ততা উদাৰতাবাদৰ প্ৰধান ত্রুটি বুলি অভিহিত কৰিব পাৰি। কিন্তু আমাৰ সকলোৰে জ্ঞাত যে অর্থনৈতিক সমতা অবিহনে সামাজিক, ৰাজনৈতিক আদি সমতা তথা গণতন্ত্রও সাৰশূন্য হৈ পৰে।
উদাৰতাবাদীসকলৰ মতে, ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক বৈষম্যবোৰ পাৰম্পৰিকভাৱে নিৰ্ভৰশীল নহয় গতিকে,প্ৰতিটো উৎসৰ পৰা উদ্ভৱ হোৱা সমস্যাৰাজি সমাধান কৰাৰ বাবেও বিভিন্ন পদ্ধতি গ্ৰহণ কৰা আৱশ্যক হয়। উদাৰতাবাদীসকলৰ মতে,ৰাজনৈতিক সমতা প্রতিষ্ঠা কৰাত গণতন্ত্রই কিছু পৰিমাণৰ যথেষ্ট নহ’ব পাৰে।
9. Equality and Marxism.
Ans: ঊনবিংশ শতিকাৰ প্ৰখ্যাত চিন্তাবিদ বিজ্ঞানসন্মত সমাজবাদৰ প্রবক্তা কার্লমার্ক্সৰ চিন্তাধাৰাক মার্ক্সবাদ বুলি কোৱা হয়। তেওঁৰ মতে, সমাজত অন্তনিহিত সকলো প্ৰকাৰৰ বৈষম্যৰ মূল কাৰণ হ’ল অর্থনৈতিক সম্পদৰ ওপৰত থকা ব্যক্তিগত মালিকীস্বত্বৰ ব্যৱস্থা। তেওঁ উল্লেখ কৰিছে যে ব্যক্তিগত মালিকানাধীনে কেৱল মালিক শ্ৰেণীটোক ধনী কৰাই নহয় বৰং ইয়ে তেওঁলোকক ৰাজনৈতিক ক্ষমতা লাভৰ ক্ষেত্ৰতো সহায় কৰে। এই ক্ষমতাই তেওঁলোকক ৰাষ্ট্ৰীয় নীতি আৰু আইন প্ৰণয়ন কৰাত সুবিধা প্ৰদান কৰে আৰু ইয়েই গণতান্ত্ৰিক চৰকাৰৰ প্ৰতি প্ৰত্যাহ্বানৰ কাৰক হ’ব পাৰে। মার্ক্সবাদী আৰু সমাজবাদীসকলে বিশ্বাস কৰে যে অর্থনৈতিক বৈষমাই সমাজত অনান্য প্ৰকাৰৰ বৈষম্যসমূহৰ সৃষ্টি কৰে। গতিকে সমাজত সকলো প্ৰকাৰৰ বৈষম্য মষিমূৰ কৰিবলৈ চেষ্টা কৰোতে আমি সমাজত সকলোকে সমান সুযোগ প্ৰদান কৰাৰ লগতে প্রয়োজনীয় সমল আৰু সম্পত্তিৰ ওপৰত নিয়ন্ত্ৰণ আনিবৰ বাবে চেষ্টা কৰিব লাগিব। সম্পত্তি আৰু উৎপাদনৰ আহিলাসমূহৰ ওপৰত সমাজত সমতা প্রতিষ্ঠা কৰিব লাগিব। অর্থ, মার্ক্সীয় দর্শন অনুসৰি সম্পত্তি আৰু উৎপাদনৰ আহিলাসমূহৰ ওপৰত সামাজিক নিয়ন্ত্ৰণ আৰোপকৰণেই হৈছে সমতা প্ৰতিষ্ঠাৰ মূল বুনিয়াদস্বৰূপ।
10. Equality and Socialism?
Ans: সমাজবাদ হৈছে উদ্যোগ কেন্দ্রিক পুঁজিবাদী অর্থনীতিয়ে সম্প্ৰতি সৃষ্টি কৰা বৈষম্যৰ বিষয়ে বিতংভাৱে আলোচনা কৰা এক ৰাজনৈতিক ধাৰণা ৷ সমাজবাদৰ প্ৰধান উদ্বেগ হ’ল কেনেকৈ প্ৰচলিত বৈষম্য আঁতৰ কৰি ৰাষ্ট্ৰৰ সম্পদৰ সমবিতৰণ কৰিব পাৰি। যদিও সমাজবাদৰ প্ৰবক্তাসকল বজাৰ ব্যৱস্থাৰ সম্পূৰ্ণ বিৰোধী নহয়, তথাপি তেওঁলোকে কিছুমান বিষয়ত যেনে, শিক্ষা, কৃষি আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ আৰু নিয়ন্ত্ৰণৰ পক্ষপাতীত্ব কৰে।
মার্ক্সবাদৰ ভিত্তিত লালিত-পালিত বিজ্ঞানসন্মত সমাজবাদৰ জনক হৈছে কার্লমাক্স। সমাজবাদৰ দৰ্শন অনুসৰি অৰ্থনৈতিক অসমতা সকলো প্ৰকাৰৰ অসমতাৰ উৎস। সমাজবাদ পুঁজিবাদৰ ঘোৰ বিৰোধী ইয়াৰ মতে,সমাজত প্ৰচলিত অসমতা দূৰীকৰণৰ বাবে সম্পদৰ সমবিতৰণ অপৰিহার্য। সেয়ে হ’লেও সমাজবাদীসকলে বজাৰভিত্তিক অর্থনীতি একেবাৰে পৰিহাৰ কৰা নাই। সমাজবাদৰ মতে, চৰকাৰী পৰিকল্পনা, শিক্ষা, কৃষি, স্বাস্থ্যৰক্ষা আদি বিষয়ত চৰকাৰী নিয়ন্ত্ৰণ সমতা স্থাপনৰ মাধ্যম। ই প্ৰতিজন ব্যক্তিৰে আগবঢ়োৱা শ্ৰমৰ বজাৰ মূল্য অনুসৰি তেওঁলোকক পাৰিতোষিক দিয়াৰ ব্যৱস্থা কৰিলে। সামাজিক সমতা স্থাপন হ’ব বুলি বিশ্বাস কৰে। ই পুৰুষ-নাৰী, ধৰ্ম জাতি-সম্প্রদায়, শ্বেতাংগ-কৃষ্ণাংগ আদি ভিত্তিত অসমতা আৰু ঔপনিবেশিকতাবাদক সমতা প্ৰতিষ্ঠাৰ বাটত থিয় দিয়া প্ৰধান অন্তৰায় বুলি গণ্য কৰে।
ভাৰতবৰ্ষত প্ৰখ্যাত সমাজবাদী চিন্তাবিদ প্রয়াত ৰামমোহন লোহিয়াই পাঁচবিধ অসমতাৰ কথা উল্লেখ কৰি তাৰ বিৰুদ্ধে তেওঁ যুঁজ কৰাৰ কথা কৈছিল। সেই ‘অসমতা কেইটা হ’ল— মহিলা আৰু পুৰুষৰ মাজত অসমতা, দেহৰ বৰণৰ ওপৰত থকা অসমতা, জাতি ভিত্তিক অসমতা, কিছুমান দেশৰ ওপৰত থকা কিছুমান দেশৰ ঔপনিৱেশিক শাসন আৰু শেষত, অর্থনৈতিক অসমতা। এইটো অৱশ্যে বৰ্তমান প্ৰত্যক্ষভাবে বা প্রমাণ নোহোৱাকৈয়ে স্পষ্ট হোৱা কথা কিন্তু লোহিয়াৰ দিনত সমাজবাদীসকলৰ বাবে শ্ৰেণী বৈষমাহি প্ৰধান বিৰোধ কৰিবলগীয়া বিষয় আছিল। আন আন বৈষম্যসমূহ আপোনা-আপুনি নাইকীয়া হ’ব যদিহে অর্থনৈতিক বৈষম্য দূৰীকৰণ কৰিব পৰা যায়। তেওঁ সমাজবাদ প্ৰতিষ্ঠাৰ বাবে সাতবিধ বিপ্লৱৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। তেওঁ [Sapt Kranti] অর্থাৎ, সাতবিধ বিপ্লৱ বুলি অভিহিত কৰা সেই বিপ্লৱ কেইবিধ আছিল-
(১) নাৰী-পুৰুষৰ অসমতা দূৰীকৰণৰ সংগ্ৰাম।
(২) শৰীৰৰ ৰং ভিত্তিক অসমতা দূৰীকৰণৰ সংগ্ৰাম।
(৩) জাতিভিত্তিক অসমতা দূৰীকৰণৰ সংগ্ৰাম।
(৪) ঔপনিবেশিকতা ভিত্তিক অসমৰ দূৰীকৰণৰ সংগ্ৰাম।
(৫) অৰ্থনৈতিক অসমতা দূৰীকৰণৰ সংগ্ৰাম।
(৬) পৌৰ স্বতন্ত্রতা লাভৰ বাবে সংগ্ৰাম। আৰু
(৭) সত্যাগ্ৰহৰ সমৰ্থনত মৰণাস্তৰ পৰিত্যাগৰ বাবে সংগ্রাম।
লোহিয়াৰ বাবে সমাজবাদী দৰ্শনৰ এই সাতটাই আছিল বিপ্লৱ— সপ্তক্রান্তি। তেওঁ অৱশ্যে মার্ক্সবাদৰ দৰে এখন মাথোন সংগ্ৰীমৰ তত্ত্ব মানি লোৱা নাছিল ।
11. Equality and Feminism?
Ans: নাৰীবাদ হ’ল মহিলা আৰু পুৰুষৰ বাবে সমান অধিকাৰৰ দাবী কৰা এটা ৰাজনৈতিক দর্শন। নাৰীবাদীসকলে বিশ্বাস কৰে যে সমাজত মহিলা-পুৰুষৰ মাজত থকা বৈষম্য স্বাভাৱিক নহয় আৰু প্ৰয়োজনীয় নহয় আৰু এই বৈষম্যসমূহ পৰিৱৰ্তন কৰিব লাগে; যাতে মহিলা আৰু পুৰুষ উভয়ে সম অধিকাৰ লাভ কৰি এক মুক্ত আৰু সাম্যবাদী জীৱন-যাপন কৰিব পাৰে ৷
কুৰি শতিকাৰ ষাঠিৰ দশকত আমেৰিকাত উদ্ভৱ হোৱা সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত মহিলা আৰু পুৰুষ শ্ৰেণীৰ মাজত সমতাৰ অধিকাৰ দাবীৰে গঢ়ি তোলা আন্দোলন বা ৰাজনৈতিক মতবাদক নাৰীবাদ [Feminism] বোলা হয়। পুৰুষ প্রধান সমাজ ব্যৱস্থাত নাৰীৰ ওপৰত পুৰুষসকলে শোষণ চলোৱা বুলি নাৰীবাদীসকলে অভিযোগ কৰে। তেওঁলোকৰ মতে, এই শোষণ পুৰুষ নাৰীৰ শাৰীৰিক গঠনৰ প্ৰভেদ ভিত্তিক আৰু পক্ষপাতিত্বমূলক। যুক্তি পৰদৰ্শন কৰা হয় যে শাৰীৰিক গঠনৰ সামান্য প্রভেদৰ বাবে মহিলাসকলৰ অসমর্থতা বা নিকৃষ্ট ধাৰণা প্রাকৃতিকো নহয়, কিম্বা গ্রহণযোগ্যও নহয়। তেনে ক্ষেত্ৰত পুৰুষ প্রধান সমাজে সৃষ্টি কৰা পুৰুষ-মহিলাৰ মাজৰ শ্ৰমৰ বিভাজন নাৰীৰ প্ৰতি বৈষম্যমূলক আচৰণৰ পৰিচায়ক। সমাজত প্ৰকৃতাৰ্থত সমতা স্থাপনৰ বাবে নাৰী-পুৰুষৰ মাজৰ অপ্ৰাকৃতিক আৰু অনাৱশ্যকীয় প্রভেদ ধাৰণা পৰিহাৰ কৰা উচিত। সেয়ে নাৰীয়ে সামাজিক, ৰাজনৈতিক আদি সকলো ক্ষেত্ৰত পুৰুষৰ সৈতে সম-ব্যৱহাৰ আৰু সম-আচৰণ লাভ কৰা উচিত অনুৰূপধৰণে, পাৰিবাৰিক কাম-কাজ আৰু সন্তানৰ লালন-পালনৰ ক্ষেত্ৰতো মহিলাৰ সমানে পুৰুষে অংশগ্ৰহণ কৰা উচিত।
নাৰীবাদীসকলে যুক্তি দৰ্শাইছে যে সমাজৰ একাংশ মহিলাই – ইতিমধ্যে বিজ্ঞান-প্রযুক্তিবিদ্যাৰ চিন্তা-চৰ্চা, চিকিৎসা আৰু অভিযান্ত্ৰিক কার্য সম্পাদন, আৰক্ষী আৰু প্ৰতিৰক্ষা বিভাগত যোগদান, কূটনৈতিক ক্ষেত্র, প্ৰশাসন আৰু ৰাজনীতিত অংশগ্ৰহণ কৰিও নিজ দক্ষতা প্ৰমাণ কৰিব পাৰিছে। এনেদৰে যথোচিত সা-সুবিধা পালে অন্য বহুতেও নিজৰ প্ৰতিভা আৰু কৰ্ম-শক্তিৰ পৰিচয় দিব পাৰিব বুলি আশা কৰিব পাৰি।
এনে প্রেক্ষাপটতো নাৰীক অবলা-দুৰ্বলা বুলি ভবাৰ, ৰাজহুৱা বা ৰাষ্ট্ৰীয় সিদ্ধান্ত গ্ৰহণত অংশগ্ৰহণৰ বাবে অনুপযুক্ত বুলি গণ্য কৰাৰ নাইবা স্ত্ৰী-পুৰুষজনিত অসমতাৰ ভিত্তিত কোনো কামত যোগদান কৰাৰ পৰা বাৰণ কৰাৰ সপক্ষে কোনো যুক্তি নাই বুলি নাৰীবাদীসকলে সজোৰে মত পোষণ কৰে ।
12. What is equality? Discuss various kinds of equality.
Ans: অতি প্রাচীন কালৰে পৰা প্ৰচলিত হৈ থকা সমতা ধাৰণাটো গ্ৰীক চিন্তাধাৰাৰ গীৰ্জাৰ ধৰ্মগুৰুসকল আৰু হবচ, লক আদি দাৰ্শনিক সকলৰ ৰচনাৱলীৰ পৰা আধুনিক অৱস্থাপ্রাপ্ত হওঁতে যথেষ্ট সালসলনিৰ সন্মুখীন হৈছে। তথাপিও ই পশ্চিমীয়া চিন্ত জগতত এক গুৰুত্বপূর্ণ আসন অধিকাৰ কৰি আছে। সমতা শব্দটো সাধাৰণ অৰ্থত মানুহে কেনেকুৱা ব্যৱহাৰ পোৱা উচিত আৰু বাস্তৱতে কেনে ব্যৱহাৰ পায় তাকে বুজায়। সকলো মানুহ সমান বুলি কওঁতে এইটো স্বীকাৰ কৰি লোৱা হয় যে তেওঁলোকৰ মাজত কিছুমান আনুষ্ঠানিক আৰু প্ৰাকৃতিক পার্থক্য আছে। ফ্ৰেডেৰিকে কৈছে সমতাৰ ধাৰণাটো বিশ্বাসৰ লগত জড়িত। মানুহে ৰাজনৈতিক জীৱনত অংশগ্ৰহণ কৰিব পাৰে, চৰকাৰ চলাব পাৰে। ৰাষ্ট্ৰৰ আইনৰ চকুত সকলো মানুহ সমান হ’ব লাগে বুলি থকা বিশ্বাসইে এই ধাৰণাৰ ভেটি। নৈতিকতাবাদীসকলে মানুহ সমমর্যাদাৰ অধিকাৰী বুলি দাবী কৰি আহিছে। এই ধাৰণাৰ পৰাই মানুহৰ সমান সমান অধিকাৰৰ দাবীসমূহৰ জন্ম হৈছে। কোনো এটা জনগোষ্ঠীক যদি সমান সুযোগ, সুবিধা বা দায়িত্ব দিয়া হয়, তেতিয়াই তেওঁলোকৰ প্রতি সম ব্যৱহাৰ কৰা হৈছে বুলি ক’ব পৰা যায়।
ফৰাচী বিপ্লৱৰ ধ্বনি আছিল সকলোৰে বাবে সমান অংশ। যি আইনে সকলোৰে বাবে সমান অধিকাৰ দিয়ে তেনে আইনক সমতাবাদী আইন বুলি কোৱা হয়। আনহাতেদি সমানলোকৰ প্ৰতি সমান ব্যৱহাৰ আন এটা সমতাবাদী ধাৰণা। প্রাপ্তবয়স্ক ভোটাধিকাৰ এনে এক উদাহৰণ। সমান অপৰাধ কৰা লোকক সমান দণ্ড, সমান উপাৰ্জনৰ লোকক সমান পৰিমাণৰ আয় কৰা লগোৱা আদি সমতাবাদ প্ৰভাৱৰ ফল। সমতাবাদীসকলে জাতি, ধর্ম, বর্ণ নিৰ্বিশেষে মানুহৰ মাজত পাৰ্থক্য সৃষ্টি কৰাটো সমৰ্থন নকৰে। আনুপাতিক সমতা ধাৰণাটো কেৱল সংগত পাৰ্থক্যৰ ক্ষেত্ৰতহে প্রযোজ্য। আনুপাতিক সমতা ধাৰণাটো এৰিষ্ট’টলৰ বিতৰণমূলক ন্যায়ৰ ধাৰণাৰ সমপৰ্যায়ৰ। তেওঁৰ মতে এজন মানুহৰ সমতাই এজন মানুহৰ যোগ্যতাৰ মাপকাঠি হোৱা উচিত।
অন্যায় আৰু অসমতা একে, ন্যায় আৰু সমতা একে। ধর্ম, জাতি, বর্ণ নির্বিশেষে অভাৱগ্ৰস্ত সকলক সহায় কৰাটো এটা সমতাবাদী কাৰ্য। কাৰণ এই নীতিটো সকলোৰে মৌলিক অভাৱসমূহ পূৰণৰ ধাৰণাৰ ওপৰত প্রতিষ্ঠিত। এনে সুবিধা প্ৰদান কৰা আইন এখন সমতাবাদী আইন হ’ব। বহু সময়ত সমান সুযোগৰ ধাৰণাটোৱে সমতা স্থাপনত সহায় কৰে বুলি ধাৰণা কৰা হয়। কিন্তু আধুনিক সমতাবাদী সকলে কয়, এনে অৱস্থাত ধনীসকলে ধনৰ জোৰত বেছি সুবিধা পাব। নাগৰিকসকলক ৰাষ্ট্ৰই দান কৰা বিভিন্ন অধিকাৰ হ’ল সমান সুযোগৰ অধিকাৰ। কিন্তু সমান সুযোগৰ ধাৰণাই বেলেগ ৰূপ ল’লে। আধুনিক কালত এই ধাৰণাটোৱে আজিকালি কিছুমান অধিকাৰৰ সমবিতৰম হোৱাটো বুজায়।
এইবোৰৰ ভিতৰত আছে মানুহৰ কিছুমান মূল প্রয়োজন পূৰণৰ অধিকাৰ, আৰ্থিক দিশত দুৰ্বলসকলৰ প্ৰতি দিয়া কিছুমান সা-সুবিধা। এক সমতাবাদী সমাজ প্রতিষ্ঠা কৰিবলৈ হ’লে মাংগলিক আইন-কানুনৰ জৰিয়তে পিছপৰা লোকসকলক আন সুবিধাবাদী উন্নত সকলৰ সমপৰ্যায়লৈ আনিবই লাগিব। টনিয়ে ক’বৰ দৰে “সামৰ্থ্যৰ উপস্থিতিতহে ইয়াৰ অৱস্থিতি।” মানুহৰ মৌলিক অভাৱসমূহ পূৰণ কৰাটোক সমতাৰ পূর্বচর্ত বুলি মানি ল’লে আর্থিক সমতাৰ গুৰুত্বক মানি ল’ব লাগিব। প্লেটোৱে কৈছে, কোনো নাগৰিকেই যাতে আনক কিনিব পৰাকৈ ধনী নহয় বা কোনোবাই নিজক বেচিব পৰাকৈ দুখীয়া নহয় তালৈ চকু দিয়াটোৱেই প্ৰধান কাম।
মার্ক্সবাদীসকলে বিশ্বাস কৰে যে অর্থনৈতিক সমতা ৰাজনৈতিক সমুতাৰ এটা প্ৰধান ভেটি। তেওঁলোকে ভাবে যে প্ৰত্যেকৰে প্ৰত্যেকৰ প্ৰয়োজন আৰু সামর্থ্য অনুযায়ী পোৱা নীতিহে অধিক গ্রহণযোগ্য।
সমতাৰ বিভিন্ন দিশ থকা বাবে ইয়াক ‘Multi dimensional concept’ বুলি আখ্যা দিয়া হয়। সেইদৰে সমতাৰ বিভিন্ন প্ৰকাৰো আছে। ব্ৰাইচ, লাস্কি, বাৰ্কাৰ-এ সমতাৰ বিভিন্ন প্ৰকাৰ আলোচনা কৰিছে।
প্ৰকাৰ :
১. প্ৰাকৃতিক সমতা : ইয়াৰ অৰ্থ হ’ল যে প্রকৃতিয়ে মানুহক সমানভাৱে সৃষ্টি কৰিছে। গ্ৰীক আৰু ৰোমৰ ষ্টইকসকলে প্রাকৃতিক আইন অনুসৰি সকেলা মানুহ সমান বুলি ধাৰণা শোষণ কৰিছিল। ধর্মীয় গ্রন্থসমূহতো প্রাকৃতিক সমতাৰ সপক্ষে মত পোষণ কৰা হৈছে। মার্ক্সেও নৈতিকভাৱে সকলো মানুহ যে সমান এই ধাৰণাটো মানি লৈছিল । কিন্তু প্রাকৃতিক সমতা এটা আদর্শ হিচাপেহে স্বীকৃতি লাভ কৰিছে।
২. সামাজিক সমতা : সামাজিক সমতাৰ অৰ্থ হ’ল সকলোৰে সমান অধিকাৰ। জাতি, ধর্ম, বর্ণ, লিংগ নির্বিশেষে সকলোৰে সমান অধিকাৰ থাকে। সামাজিক, শিক্ষা সাংস্কৃতিক দিশত বংশ পৰম্পৰা বা উত্তৰাধিকাৰী ভিত্তিত কোনেও বিশেষ সুবিধা উপভোগ কৰিব নোৱাৰে। সমতাবাদত বিশ্বাস কৰা সকলোৱে মানি লয় যে সকলো মানুহ সামাজিকভাৱে মূলত: সমান। ব্যক্তিত্ব বিকাশৰ বাবে প্রয়োজনীয় সুবিধা সমভাৱে প্রদানেই হ’ল সামাজিক সমতা। দাস প্রথা বিলোপ, বর্ণ বৈষম্যৰ বিলোপ সামাজিক সমতাৰ বাবেই প্রয়োজন হ’ল।
৩. ৰাজনৈতিক সমতা : এই সমতাই ৰাজনৈতিক প্ৰক্ৰিয়াত সকলোৰে সমান অংশগ্রহণ বুজায়। সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ, প্ৰতিনিধিত্বমূলক সংখ্যাগৰিষ্ঠ শাসন, ৰাজনৈতিক কার্যত অংশগ্ৰহণৰ বাবে সৃষ্টি হোৱা বিভিন্ন সংস্থা, সংগঠন আদি ৰাজনৈতিক সমতা ধাৰণাটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। বৰ্তমান ক্ষুদ্র জাতি সত্ত্বাসমূহৰ বিভিন্ন ৰাজনৈতিক কার্যকলাপ ৰাজনৈতিক সমতাৰ লগত সম্বন্ধ আছে। পৃথিৱীৰ বহুতেই ৰাজনৈতিক সমতাৰ ভিত্তিত নিজকে গণতান্ত্রিক বুলি দাবী কৰে। ভোটদানৰ অধিকাৰ, নিৰ্বাচিত হোৱাৰ অধিকাৰ, চৰকাৰী পদবী গ্ৰহণৰ অধিকাৰ, চৰকাৰৰ সমালোচনা কৰা আদিত সকলোৰে সম অধিকাৰ আছে। প্ৰকৃততে ৰাজনৈতিক প্রক্রিয়া আৰু ক্ষমতাত সমান অংশগ্রহণ ৰাজনৈতিক সমতাৰ প্ৰয়োজনীয় বিষয়। গণতান্ত্রিক ব্যৱস্থাতহে সকলোৱে ৰাজনৈতিক সমতা ভোগ কৰিব পাৰে।
৪. অর্থনৈতিক সমতা : এই সমতাৰ ধাৰণাই অর্থনৈতিক বৈষম্যৰ পৰিৱৰ্তে অর্থনৈতিক সমতা বুজায়। এক শ্রেণী মুষ্টিমেয় লোকৰ হাতত অৰ্থ, সম্পদ কেন্দ্ৰীভূত হোৱাৰ পৰিৱৰ্তে অর্থনৈতিক সম্পদ সকলোৰে মাজত সমভাৱে বিতৰণ হোৱাটোৱেই হ’ল অর্থনৈতিক সমতা। সমাজত বিশেষ এক শ্রেণীয়ে যাতে অধিক সম্পদৰ গৰাকী হৈ ক্ষমতাৰ অপব্যৱহাৰ কৰিব নোৱাৰে আৰু দুর্বল শ্ৰেণীটোৱে যাতে ন্যূনতম চাহিদাসমূহ পূৰণ কৰিব পাৰে, এনে অৱস্থাটো অর্থনৈতিক সমতাৰ পৰিপূৰক। আনক কিনিব পৰাকৈ প্ৰাচুৰ্য আৰু নিজক বেচিব পৰাকৈ দুর্ভিক্ষ হোৱাটো অর্থনৈতিক সমতাৰ পৰিপন্থী। লাস্কিয়ে কৈছে, “অর্থনৈতিক সমতাৰ অবিহনে ৰাজনৈতিক সমতা অর্থহীন।” কিন্তু আধুনিক যুগৰ পুঁজিবাদী ৰাষ্ট্ৰবিলাকেও নিজকে অর্থনৈতিক সমতাৰ পক্ষে সমৰ্থন কৰা দেখা যায়।
৫. আইনগত সমতা : এই সমতাই আইনৰ চকুত সকলো সমান আৰু আইনৰ দ্বাৰা সকলো মানুহৰে সমান নিৰাপত্তা সুবিধা বুজায়। বর্তমান যুগত মৌলিক অধিকাৰ আৰু কৰ্তব্যসমূহ সকলো মানুহৰ ক্ষেত্ৰত সমানভাৱে প্রযোজ্য। সকলোৱে আইনৰ দ্বাৰা নিৰাপত্তা দাবী কৰিব পাৰে। একে অপৰাধীৰ বাবে একে শাস্তি প্ৰদানৰ ব্যৱস্থা, আইনৰদ্বাৰা সকলোকে সমানভাৱে ৰক্ষণাবেক্ষণ দিয়াটো আইনগত সমতাৰ লগত জড়িত। ডাইচিৰ মতে প্ৰধানমন্ত্ৰীৰ পৰা পুলিচ কনষ্টেবললৈকে সকলো একে দায়বদ্ধতাৰ অধীনত।
৬. আন্তঃৰাষ্ট্ৰীয় সমতা : দেশৰ ভৌগোলিক অৱস্থিতি, আকৃতি, সামৰিক শক্তি, অৰ্থনৈতিক সম্পদৰ ওপৰত ভিত্তি নকৰাকৈ সকলো ৰাষ্ট্ৰকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সমমর্যাদা দিয়াটোৱেই আন্তঃৰাষ্ট্ৰীয় সমতা। বৃহত্তৰ পটভূমিত সকলো ৰাষ্ট্ৰৰে দ্বিপাক্ষিক বা বহুৰাষ্ট্ৰীয় সমস্যা আলোচনা বিলোচনাৰ যোগেদি সমাধান কৰাৰ সমান অধিকাৰ থকাটোৱেই আন্তঃৰাষ্ট্ৰীয় সমতা । মানৱীয় দিশত ই দাস প্রথা, বৰ্ণ বৈষম্যবাদৰ বিৰোধিতা কৰে। অৰ্থনৈতিক ক্ষেত্ৰত বৈজ্ঞানিক প্রযুক্তিবাদৰ বিকাশ বিশ্বৰ মানৱৰ কল্যাণৰ বাবে সকলো ৰাষ্ট্ৰই প্ৰয়োগ কৰিব পৰা সমান অধিকাৰ সূচায়।
13. Discuss the difference and relation between Liberty and Equality?
Ans: কিছুমান লেখকৰ মতে ব্যক্তিগত স্বাধীনতা আৰু সমতা পৰস্পৰ বিৰোধী। কিন্তু ১৮শ শতিকাৰ শেষৰ ফালে আমেৰিকা আৰু ফৰাচী বিপ্লৱীসকলে ব্যক্তিগত স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ পৰস্পৰে পৰস্পৰৰ লগত জড়িত বুলি দাবী কৰিছিল। ক্ষমতা নহ’লে ব্যক্তিগত স্বাধীনতা ভোগ কৰিব নোৱাৰি। সমতা মানে ‘তেওঁলোকৈ বিশেষ সুবিধা নথকা কথাটো প্ৰকাশ কৰিছিল। সেই অনুপাতে ১৯শ শতিকাৰ উদাৰপন্থীসকলেও ব্যক্তিগত স্বাধীনতা আৰু সমতাৰ মাজত কোনো বিৰোধ দেখা পোৱা নাছিল। তেওঁলোকে সকলোৰে ভোটদানৰ অধিকাৰ আৰু আইনৰ চকুত সকলো সমান ধাৰণাৰ পোষকতা কৰিছিল। তদুপৰি তেওঁলোকে ৰাজনৈতিক আৰু আইনগত সমতাক গণতান্ত্রিক শাসনৰ পূৰ্বচত বুলি অভিহিত কৰিছিল। গণতন্ত্ৰৰ অবিহনে সমতা থাকিব নোৱাৰে আৰু সেইদৰে গণতন্ত্ৰ নাথাকিলে ব্যক্তিগত স্বাধীনতাও সুৰক্ষিত নহয়।
কিন্তু ১৯শ শতিকাত যেতিয়া সামাজিক আৰু অৰ্থনৈতিক সমতাৰ দাবী উত্থাপিত হ’ল তেতিয়াই ব্যক্তিগত স্বাধীনতা আৰু সমতা পৰস্পৰ বিৰোধী, এই ধাৰণা উদ্ভৱ হ’ল। ব্যক্তিগত স্বতন্ত্রতাই ব্যক্তিগত সম্পত্তি, মুক্ত বজাৰ আদিৰ ক্ষেত্ৰত থকা স্বতন্ত্ৰতাৰ কথা প্ৰকাশ কৰে। আনহাতে সমতাৰ ধাৰণাই অর্থনৈতিক আৰু সামাজিক দিশত সমতা থকাটো বুজায়। উদাৰতাবাদৰ চিন্তাবিদসকলে অর্থনৈতিক আৰু সামাজিক সমতা ৰাজনৈতিক স্বাধীনতাৰ পৰিপন্থী বুলি অভিহিত কৰিছিল। এই ক্ষেত্ৰত তেওঁলোকে ব্যক্তিগত স্বতন্ত্ৰতাৰ নেতিবাচক দিশটোহে সমৰ্থন কৰিছিল। তেওঁলোকে ৰাষ্ট্ৰ বা সমাজৰ অৰ্থনৈতিক আৰু সামাজিক দিশত হোৱা হস্তক্ষেপ ব্যক্তিগত স্বাধীনতাৰ ক্ষতিকাৰক বুলি দাবী কৰিছিল।
বহুতো চিন্তাবিদে ব্যক্তিগত স্বাধীনতা আৰু সমতা পৰস্পৰ বিৰোধী বুলি অভিমত প্ৰকাশ কৰিছে। সেই চিন্তাবিদসকলৰ ভিতৰত এক্টন, টকভেলী, লীকি, বাগিহত, ষ্টিফেন, হ’গ, হায়েক, ফ্রেডমেন, কাটলেও, মাইকেলছ, মুচাকা, পেৰাটো আদি উল্লেখযোগ্য। এই চিন্তাবিদসকলে ব্যক্তিগত স্বাধীনতা আৰু সমতা যে পৰস্পৰ বিৰোধী এই সম্পর্কে বহুতো যুক্তিৰ অৱতাৰণা কৰিছে। যেনে—
(১) ব্যক্তিগত স্বতন্ত্রতা যিদৰে প্ৰাকৃতিক, সেইদৰে সমতাৰ ধাৰণাও প্রাকৃতিক গতিকে প্রকৃতিগতভাৱে ব্যক্তিগত স্বাধীনতা আৰু সমতা পৰস্পৰ বিৰোধী।
(২) ব্যক্তিগত স্বতন্ত্রতাই কোনো বাধা নথকাৰ কথা প্রকাশ কৰে। অৰ্থাৎ এজন লোকে নিজ ইচ্ছা সাপেক্ষে যিকোনো দান সম্পাদন কৰিব পাৰে। আনহাতে সমতাৰ ধাৰণাই বাধা-নিষেধ নথকা কথাটো নুবুজায়; বৰং সমতা স্থাপন কৰিবলৈ ৰাষ্ট্ৰই কেতবোৰ বিষয়ত বাধা আৰোপ কৰিব লাগিব। ইয়াৰ অন্যথা সমতা স্থাপন কৰাটো সম্ভৱপৰ নহয়; কিন্তু ব্যক্তিগত স্বতন্ত্ৰতাত বাধা আৰোপ কৰাটো এক পৰিপন্থী ব্যৱস্থা ।
(৩) আন এটা দিশতো ব্যক্তিগত স্বতন্ত্ৰতা আৰু সমতা পৰস্পৰ বিৰোধী। সমাজত সমতা স্থাপন কৰিবলৈ হ’লে ৰাষ্ট্ৰৰ ক্ষমতা বৃদ্ধি কৰিব লাগিব আৰু এনে বর্ধিত ক্ষমতাই ব্যক্তিৰ স্বাধীনতাত ব্যাঘাত জন্মায়। গতিকে এই ক্ষেত্ৰত দেখা যায় ব্যক্তিগত স্বাধীনতা আৰু কর্তৃপক্ষ পৰস্পৰ বিৰোধী। বহুতো ৰাষ্ট্ৰই অর্থনৈতিক সমতা স্থাপন কৰিবৰ কাৰণে অনাৱশ্যকভাৱে ক্ষমতা বৃদ্ধি কৰে আৰু ইয়াৰ ফলত নাগৰিকৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতা খর্ব হয়। ব্যক্তিগত স্বতন্ত্রতা সমতাৰ বিৰোধী, এই কাৰণে, যে সমতাৰ ধাৰণাৰ এক ইতিবাচক ৰাষ্ট্ৰ আৱশ্যক। আনহাতে ব্যক্তিগত স্বাধীনতাই এক নেতিবাচক ৰাষ্ট্ৰৰ পোষকতা কৰে।
(৪) আন এটা কাৰণতো ব্যক্তি স্বাধীনতা আৰু সমতা পৰস্পৰ বিৰোধী। পুঁজিবাদ স্থাপন নকৰিলে ৰাষ্ট্ৰৰ ক্ষমতা নিয়ন্ত্রিত কৰিব নোৱাৰি। গতিকে সেই দৃষ্টিকোণৰ পৰা পুঁজিবাদ স্থাপনে ব্যক্তিগত স্বাধীনতা আহৰণত সহায় কৰে। আনহাতে সমতা আৰু পুঁজিবাদ একেলগে কার্যকৰী হ’ব নোৱাৰে। ব্যক্তিগত স্বাধীনতাই পুঁজিবাদ সমৰ্থন কৰে। আনহাতে সমতা স্থাপন কৰিবলৈ হ’লে পুঁজিবাদ কাৰ্যকৰী হ’ব নোৱাৰে। এইদৰে ব্যক্তিগত স্বাধীনতা আৰু সমতাৰ ধাৰণা পৰস্পৰ বিৰোধী।
(৫) আন এটা দৃষ্টিকোণৰ পৰাও ব্যক্তিগত স্বতন্ত্ৰতা আৰু সমতা পৰস্পৰ বিৰোধী। যিবিলাক চিন্তাবিদে নেতৃস্থানীয় গণতন্ত্ৰৰ সূত্ৰৰ পোষকতা কৰে তেওঁলোকৰ মতে এনে গণতন্ত্ৰতহে নাগৰিকৰ ব্যক্তিগত স্বতন্ত্রতা সুৰক্ষিত হয়। নেতৃস্থানীয় গণতন্ত্ৰৰ অবিহনে কোনো ব্যক্তিগত স্বতন্ত্ৰ থাকিব নোৱাৰে। আনহাতে নেতৃস্থানীয় গণতন্ত্রই অসমতাৰ কথাহে প্ৰকাশ কৰে; কাৰণ গণতন্ত্ৰত সকলো লোকৰে সমান অধিকাৰ থাকে। সেই দিশৰ পৰাও ক্ষমতা আৰু ব্যক্তিগত স্বতন্ত্ৰতাৰ ধাৰণা পৰস্পৰ বিৰোধী ।
বহুতো চিন্তাবিদে ব্যক্তিগত স্বতন্ত্ৰতা আৰু সমতা পৰস্পৰ বিৰোধী বুলি অভিমত প্রকাশ কৰিলেও তেওঁলোকৰ এই মত গ্রহণযোগ্য নহয়। স্বতন্ত্ৰতা আৰু সমতা পৰস্পৰ বিৰোধী নহয়, এটা আনটোৰ পৰিপূৰকহে। যদি সমতা নাথাকে তেন্তে কোনো লোকে ব্যক্তিগত স্বতন্ত্রতা ভোগ কৰিব নোৱাৰে। ব্যক্তিগত স্বতন্ত্রতা আৰু সমতাৰ ধাৰণাৰ লগত হেৰিংটন, মেইটলেণ্ড, হবস, গডউইন, ৰুছো, আর্নল্ড, টনী, পোলার্ড, বাৰ্কাৰ, লাস্কি, গমচ আদি লেখক জড়িত আৰু তেওঁলোকে ব্যক্তিগত স্বাধীনতা আৰু সমতা যে পৰস্পৰ বিৰোধী নহয়, সেই সম্পৰ্কত বহুতো যুক্তিৰ অৱতাৰণা কৰিছে। যেনে—