Political Theory: Concepts And Debates Unit 1 Freedom

Political Theory: Concepts And Debates Unit 1 Freedom Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Theory: Concepts And Debates Unit 1 Freedom Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Theory: Concepts And Debates Unit 1 Freedom Question Answer can be of great value to excel in the examination.

Political Theory: Concepts And Debates Unit 1 Freedom

Join Telegram channel

Political Theory: Concepts And Debates Unit 1 Freedom Notes cover all the exercise questions in UGC Syllabus. The Political Theory: Concepts And Debates Unit 1 Freedom provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Freedom

POLITICAL SCIENCE

POLITICAL THEORY: CONCEPTS AND DEBATES

ৰাজনৈতিক তত্ত্বঃ ধাৰণা আৰু বিতৰ্ক

Very objective type questions

1. ‘Sovereignty cannot reside in determinate human superior was held by John Austin/Mac Iver/Henry Main.

Ans: হেনৰি মেইন।

2. Right is precondition of Liberty- Is it right? 

Ans : সঁচা ।

3. Liberty comes from which language and which word?

Ans : লেটিন ভাষাৰ ‘Liber’ শব্দৰ পৰা আহিছে

4. Who is the writer of the book ‘On Liberty’?

Ans : জে. এছ মিল।

5. Name two exponents who consider liberty is opposed to equality.

Ans: টকোভিল আৰু লর্ড একটন।

6. The maintenance of equity is given more importance by capitalism/communism/dictatorial system.

Ans: সাম্যবাদে।

7. Who said- ‘Political equality is meaningless without economic equality.”

Ans: এইচ. জে. লাস্কি।

8. Mention two sources of power.

Ans: ক্ষমতাৰ দুটা উৎস হ’ল- 

(১) জ্ঞান। আৰু 

(২) দক্ষতা। 

9. The advocate of positive liberty was Bentham/ Locke/Green.

Ans: Green.

10. “Sovereign can reside indeterminate human superior” is held by John Austin/Maciver/Barker.

Ans: Austin.

11. “Give me liberty, or give me death” was said by Laski/Maciver/patrick Henry.

Ans: Patrick Henry.

12. “A large measure of equality, as far from being inimical to liberty, is essential to it.” This statement was made by R.H. Tawney/Barker/Laski.

Ans: Laski.

13. The word ‘liberty is’ derived from ‘liber’ which is a Latin/Greek/Teutonic word.

Ans: Teutonic Word.

14. C.B. Macpherson has discussed his view on liberty in his book Grammar of Politics/Democratic Theory/On Liberty/Concepts of Liberty.

Ans: স্বতন্ত্ৰতাৰ ধাৰণা (Concepts of Liberty.)

15. Who among the following is not an exponent of Negative Liberty? (Locke/Adam Smith/ Bentham/spencer/Hegel).

Ans: Adam Smith.

16. A De-facto sovereign comes to power by…..

Ans: শক্তি।

17. The advocate of Negative liberty was Bentham/Grene/Lasid.

Ans: লাস্কি।

18. Which power is called the “naked” power by Russel?

Ans: ৰাছেলে পৰম্পৰাৰ ওপৰত নিৰ্ভৰশীল ক্ষমতাক উলংগ ক্ষমতা বুলি কৈছে।

19. Give a definition of power.

Ans: টনি (Tawney) মতে “ব্যক্তি বা ৰাষ্ট্ৰৰ নিজা ইচ্ছা অনুযায়ী আনক পৰিবৰ্তন কৰিব পৰা বা কোনো ফলাফল লাভ কৰিব পৰা দক্ষতাই হৈছে ক্ষমতা।”

20. Mention two characteristics of power.

Ans: (১) ক্ষমতা এক প্ৰকাৰৰ সম্পৰ্ক। দুই বা ততোধিক ব্যক্তিৰ মাজত ই গঢ়ি উঠিব পাৰে। 

(২) ক্ষমতাৰ আন এটা বৈশিষ্ট্য হৈছে ক্ষমতা এটা বিষয়ৰ লগত জড়িত থাকে। বিত্তীয় ক্ষমতানে, সামৰিক ক্ষমতানে, আন কিবা বিষয়ৰ ক্ষমতা ইয়াৰ স্পষ্টতা থাকে।

21. The word ‘Sovereignty’ was derived from the word ‘Superanus’ which belongs to Greek Latin / Turonic language.

Ans: লেটিন ভাষাৰ।

22. Is Austine’s concept of sovereignty called as ‘legal sovereign’?

Ans: হয়।

23. Write the name of one advocate of the pluralist school of sovereignty.

Ans: চাৰ হেন্‌ৰি মেইন।

24. Popular sovereignty or public sovereignty is possessed by the voters/common people/electoral group.

Ans: ৰাষ্ট্ৰৰ সার্বভৌম শক্তি সর্বোচ্চ, মৌলিক আৰু অসীম, কোনো শক্তিৰ প্ৰতি ই আনুগত্য প্ৰকাশ নকৰে। ই আভ্যন্তৰীণ বা বহিঃশক্তিৰ দ্বাৰা নিয়ন্ত্রিত নহয়, ৰাইজৰ ওচৰত ।

25. Do the Pluralists think that the state possesses unlimited power.

Ans: নাভাবে।

26. Who believed that sovereignty is divisible- pluralists/Austine.

Ans: বহুত্ববাদীসকলে।

27. What is the name of the book written on sovereignty by Austine?

Ans: লেক্‌চাৰচ অন জুৰিচপ্রুডেন্স।

28. The advocate of popular or public sovereignty was- Hobs/Locke/Rousseau.

Ans: ৰুছো।

29. Give two forms of power.

Ans: ক্ষমতাৰ দুটা ৰূপ হ’ল— 

(১) প্রভাব। 

(২) কর্তৃত্ব।

30. Mention two classification of power.

Ans: ক্ষমতাৰ দুটা প্ৰকাৰ হ’ল— 

(১) বৈধ ক্ষমতা। 

(২) অবৈধ ক্ষমতা।

31. How many classifications of power are made by Russel which influence man?

Ans: ৰাছেলে ৩ ভাগত ভাগ কৰিছে। সেইবোৰ হ’ল— 

(১) শাৰীৰিক ক্ষমতা। 

(২) প্রলোভন, পুৰস্কাৰ আৰু শান্তিৰ ৰূপত প্ৰয়োগ কৰা ক্ষমতা। আৰু 

(৩) প্ৰভাৱ আৰু অভিমতৰ দ্বাৰা প্ৰয়োগ কৰা ক্ষমতা।

32. Which power is called the “naked” power by Russel?

Ans: ৰাছেলে পৰম্পৰাৰ ওপৰত নিৰ্ভৰশীল ক্ষমতাক উলংগ ক্ষমতা বুলি কৈছে।

33. Mention two methods of analysing power.

Ans: ক্ষমতা বিশ্লেষণৰ বাবে ব্যৱহাৰ কৰা দুটা পদ্ধতি হ’ল- 

(১) ক্রীয়া তাত্ত্বিক পদ্ধতি। আৰু 

(২) নিউটন পদ্ধতি।

34. Mention two exponents of game theory of power.

Ans: এই পদ্ধতিৰ পৃষ্ঠপোষক দুজনৰ নাম হ’ল- চেপলি আৰু চুবিক।

35. Mention two exponents of Newton’s method of power.

Ans: ৰবাৰ্ট দল আৰু হাৰ্বাট চাইম।

36. How many classifications can be made of power depending on the centre of power.

Ans: দুটা ভাগত ভগাব পাৰি — কেন্দ্রীভূত ক্ষমতা আৰু বিকেন্দ্ৰীভূত ক্ষমতা। 

37. How many classifications of variables of power?

Ans: দুটা ভাগত ভাগ কৰিব পাৰি নিৰ্ভৰশীল চলক আৰু আত্মনিৰ্ভৰশীল চলক।

38. Mention one means for measuring power.

Ans: ক্ষমতা নিৰ্ধাৰণৰ এটা প্ৰধান মাপকাঠি হৈছে ৰাজনৈতিক পদবী। পদমর্যাদা জানিব পাৰিলে ক্ষমতা বুজিব পৰা যায়। এজন ব্যক্তিৰ ক্ষমতা কিমান ইয়াৰ দ্বাৰাই জানিব পাৰি।

39. Mention one type of power on the basis of method of acquiring power.

Ans: উত্তৰাধিকাৰী বা বংশানুক্রমিক সূত্ৰে আহৰণ কৰা ক্ষমতাক এই শ্ৰেণীত ধৰিব পাৰি।

40. Mention two types of power according to the place it resides.

Ans: (১) কেন্দ্রীভূত ক্ষমতা, (২) বিকেন্দ্রীভূত ক্ষমতা।

41. The word ‘Sovereignty’ was derived from the word ‘Superanus’ which belongs to Greek Latin/ Teutonic language.

Ans: লেটিন ভাষাৰ ।

42. Write a characteristics of Austine’s concept of sovereignty.

Ans : ৰাষ্ট্ৰৰ সাৰ্বভৌম শক্তি সর্বোচ্চ, মৌলিক আৰু অসীম, কোনো শক্তিৰ প্ৰতি ই আনুগত্য প্রকাশ নকৰে। ই আশ্যন্তৰীণ বা বহিঃশক্তিৰ দ্বাৰা নিয়ন্ত্রিত নহয়। 

43. Write the name of one advocate of the pluralist school of sovereignty.

Ans: চাৰ হেনৰি মেইন।

44. Popular sovereignty or public sovereignty is possessed by the voters/common people/electoral group.

Ans: ৰাষ্ট্ৰৰ সাৰ্বভৌম শক্তি সর্বোচ্চ, মৌলিক আৰু অসীম, কোনো শক্তিৰ প্ৰতি ই আনুগত্য প্রকাশ নকৰে। ই আভ্যন্তৰীণ বা বহিঃশক্তিৰ দ্বাৰা নিয়ন্ত্রিত নহয়, ৰাইজৰ ওচৰত ।

45. Mention a factor of developing pluralist sovereignty.

Ans: সমাজবাদী ধাৰণাৰ বিকাশ।

46. Who believed that sovereignty is divisible- pluralists/Austine.

Ans: বহুত্ববাদীসকলে।

47. Which approach does believe that ‘law is the command of sovereignty.’- legal/public/internal sovereignty.

Ans: আইনগত ৷

48. Who did first refer that sovereign power is universal and unlimited- Macheavaley/Hobs/ Bodean.

Ans: বঁড়ে।

49. What is the name of the book written on sovereignty by Austine?

Ans: লেক্‌চাৰচ অন জুচিপ্রুডেন্স। 

50.The advocate of popular sovereignty was- Hobs/Locke/Rousseau.

Ans: ৰুছো।

Essay Type Questions Answer

1. Discuss the conditions of safeguard of liberty. 

Ans: স্বতন্ত্ৰতা ৰক্ষাৰ বিভিন্ন উপায়, চর্ত আছে। সেইবোৰ তলত আলোচনা কৰা হ’ল।

১. গণতান্ত্রিক শাসন ব্যৱস্থাত দেশৰ শাসনৰ চৰম ক্ষমতা জনসাধাৰণৰ হাতত থাকে। জনসাধাৰণে ইচ্ছা কৰিলে নিৰ্বাচনৰ যোগেদি চৰকাৰ পৰিৱৰ্তন কৰিব পাৰে। স্বেচ্ছাচাৰী শাসনৰ বিৰোদিতা কৰি জনসাধাৰণে নিজৰ স্বতন্ত্ৰতা ৰক্ষা কৰিব পাৰে। একনায়কত্ববাদী শাসনত স্বতন্ত্রতা থাকিব নোৱাৰে।

২. সংবিধান প্রদত্ত মৌলিক অধিকাৰৰ যোগেদি ব্যক্তিয়ে স্বতন্ত্ৰতা ৰক্ষা কৰিব পাৰে। সংবিধানে মৌলিক অধিকাৰৰ ৰক্ষণাবেক্ষণ ব্যৱস্থাও কৰে। আদালতৰ আশ্ৰত এই অধিকাৰসমূহৰ সুৰক্ষাও দিব পাৰি।

৩. এই নীতি অনুসৰি আইন ভংগ নকৰিলে কোনো লোককে শাস্তি দিব নোৱাৰে। বিনা বিচাৰে কাকো আটক কৰিব নোৱাৰে। ইংলেণ্ডৰ সংবিধানত জনসাধাৰণৰ স্বতন্ত্ৰতাৰ ৰক্ষাৰ ব্যৱস্থা নাই যদিও এই আইনৰ অনুশাসনৰ যোগেদি ব্যক্তি স্বতন্ত্রতা ৰক্ষাৰ ব্যবস্থা আছে।

৪. ন্যায়পালিকাই আইন পালিকা আৰু কাৰ্যপালিকাৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হ’লেহে ব্যক্তি স্বতন্ত্ৰতা ৰক্ষা পৰিব। বিচাৰকসকল কাৰ্যপালিকাৰ দ্বাৰা নিয়ন্ত্রিত হ’লে, নিৰপেক্ষ নহ’লে সুবিচাৰ আৰু ন্যায় আশা কৰিব নোৱাৰি।

৫. চৰকাৰৰ তিনিটা বিভাগ আইনপালিকা, কাৰ্যপালিকা আৰু ন্যায়পালিকা পৰস্পৰে স্বতন্ত্ৰ আৰু পৃথক হ’ব লাগে। তেতিয়া এটা বিভাগে আনটো বিভাগৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পাৰে। তিনিওটা বিভাগ একেলগে থাকিলে ব্যক্তিগত স্বতন্ত্রতা নাথাকে।

৬. বাতৰি কাকতক চতুর্থ স্বম্ভ বোলা হয়। বাতৰি কাকতে সতৰ্ক প্ৰহৰীৰূপে চৰকাৰৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিলে, স্বেচ্ছাচাৰী প্রৱণতাক বাধা দিলে জনসাধাৰণৰ স্বতন্ত্ৰতা ৰক্ষা কৰিব পাৰি। মুক্ত, নিৰপেক্ষ সাংবাদিকতাই জনসাধাৰণৰ মতামত নিৰ্ভীকভাৱে দাঙি ধৰে আৰু স্বতন্ত্ৰতা ৰক্ষাত বৰঙণি যোগায়।

2. Discuss in brief the relation between law and liberty.

Ans: সাধাৰণতে আইন আৰু স্বতন্ত্ৰতাৰ মাজত বিৰোধিতা থকা যেন লাগে। কাৰণ আইনে ব্যক্তিক কিছুমান কামত বাধা প্ৰদান কৰে। আনহাতে স্বতন্ত্ৰতা ব্যক্তিৰ নিয়ন্ত্রণহীন পৰিৱেশৰ কথাক বুজায় ।

আইন আৰু স্বতন্ত্ৰতাৰ সম্পৰ্কৰ বিষয়ত তিনিটা মতবাদ পোৱা যায়। মতবাদ তিনিটা হ’ল—

(ক) চিণ্ডিকেটবাদ আৰু অৰাষ্ট্ৰবাদীসকলে আইনক ব্যক্তি স্বতন্ত্ৰতাৰ প্ৰতিবন্ধকতা বুলি বিবেচনা কৰে। বাকুনিন, প্র’ধন আমি অৰাষ্ট্ৰবাদীয়ে শক্তি আৰু হিংসাক ৰাষ্ট্ৰৰ প্ৰতীক বুলি অভিহিত কৰে। শ্রেণীবিহীন আৰু ৰাষ্ট্ৰবিহীন সমাজ প্রতিষ্ঠা হ’লেহে আইনে ব্যক্তিগত স্বতন্ত্রতাত হস্তক্ষেপ কৰিব নোৱাৰিব। কৰ্তৃত্ব নাথাকিলেহে ব্যক্তিয়ে ব্যক্তিত্ব বিকাশ কৰিব পাৰে।

(খ) দ্বিতীয় মতবাদ অনুসৰি আইনক ব্যক্তি স্বতন্ত্ৰতাৰ পৰিপন্থী বুলি বিবেচনা কৰিলেও আইন শৃংখলা আৰু শাস্তি ৰক্ষাৰ বাবে ৰাষ্ট্ৰৰ কৰ্তৃত্ব প্ৰয়োজনীয় বুলি বিবেচনা কৰে। মিল, আদাম স্মিথ, ৰিকার্ডো আদি লিখকে ৰাষ্ট্ৰৰ আইনে ব্যক্তি স্বতন্ত্রতাক ন্যূনতম বাধা আৰোপ কৰাৰ পোষকতা কৰে। ৰাষ্ট্ৰক তেওঁলোকে ‘Necessary evil’ বুলি কয়। মিলে নিতান্ত ব্যক্তিগত বিষয়ত ৰাষ্ট্ৰৰ হস্তক্ষেপৰ বিৰোধিতা কৰিছিল আৰু সামাজিক সম্পর্ক থকা বিষয়তহে ৰাষ্ট্ৰৰ হস্তক্ষেপ স্বীকাৰ কৰিছিল।

(গ) তৃতীয় মতবাদ অনুসৰি আইন আৰু স্বতন্ত্রতা এটা আনটোৰ পৰিপূৰক। আইনৰ অবিহনে স্বতন্ত্রতা থাকিব নোৱাৰে। আইনে অশুভ উপাদানৰ আগমনত বাধা দিয়ে। আৰু এনে এটা পৰিৱেশৰ সৃষ্টি কৰে য’ত মানুহে স্বতন্ত্রতা উপভোগ কৰিব পাৰে । লকৰ মতে আইনৰ লক্ষ্য স্বতন্ত্ৰতা বৃদ্ধি কৰা। লাস্কিৰ মতে সামূহিক সভ্য জীৱন-যাপনৰ বাবে কিছুমান আইন বা আচৰণ মানি চলাটো প্রয়োজনীয় সুবিধাজনকভাৱে গ্ৰহণ বা আইনসমূহ হ’ল স্বতন্ত্রতা ৰক্ষাৰ প্ৰধান চৰ্ত।

আদর্শবাদীসকলে আইনৰ এক চৰম দৃষ্টিভংগী গ্ৰহণ কৰে। গ্ৰীণৰ মতে আত্মবিকাশৰ বাবে আইনৰ কৰ্তৃত্ব মানি চলা অৱস্থাতহে মানুহ স্বাধীন। ব্যক্তিৰ অসামাজিক আচৰণৰ শুধৰণিৰ বাবে শক্তিশালী আইনগত ব্যবস্থা থকাটো প্রয়োজন।

স্বতন্ত্ৰতাৰ অৰ্থ চৰম স্বাধীনতা বা বাধাহীন স্বাধীনতা নহয়। বাধাহীন স্বতন্ত্রতা থাকিলে ‘জোৰ যাৰ মুলুক তাৰ’ নীতি বা শক্তিশালীসকলৰ শাসনহে প্রতিষ্ঠিত হ’ব। মানুহক পুনৰ প্ৰকৃতি ৰাজ্যৰ মৎস্যন্যায় অৱস্থালৈ লৈ যাব। সেইবাবেই সামাজিক জীৱনৰ সুস্থিৰতা আৰু শাস্তিৰ বাবে আৰু ব্যক্তি স্বতন্ত্ৰতাৰ বাবেই আইনৰ প্রয়োজন আছে। আইনক সর্বোচ্চ প্রাধান্যতা দিলেও ব্যক্তি স্বতন্ত্রতা হেৰোৱাৰ সম্ভাৱনা থাকে। সেইবাবেই স্বতন্ত্রতা আৰু আইনৰ মাজত এক সমন্বয়ৰ প্ৰয়োজন।

আইনে স্বতন্ত্রতা ৰক্ষাত কেইবা প্ৰকাৰে সহায় কৰে। প্ৰগতিশীল, সামাজিক অৱস্থিতিৰ বাবে ব্যক্তিগতক জীৱনৰ অসামাজিক আচৰণ আৰু স্বেচ্ছাচাৰী প্ৰৱণতাক প্ৰতিৰোধ কৰিবলৈ, অৰাজকতাক বাধা দিবলৈ আইনৰ প্ৰয়োজন আছে।

আনৰ হস্তক্ষেপৰ পৰা স্বতন্ত্ৰতাক আইনে ৰক্ষা কৰে। সেইবাবে আইনৰ অবিহনে স্বতন্ত্রতা মূল্যহীন। আইনে সকলো মানুহক সমান স্বতন্ত্ৰতা প্ৰদান কৰে। আইনৰ চকুত সকলো সমান। ফলস্বৰূপে শ্রেণী বৈষম্য থাকিব নোৱাৰে। নিৰপেক্ষ আইনে ব্যক্তি স্বতন্ত্রতা উপভোগ কৰাত সহায় কৰে।

আইনগত ব্যৱস্থাই স্বতন্ত্রতা প্ৰদান কৰা আৰু ৰক্ষণাবেক্ষণ দিয়াত সহায় কৰে। স্বতন্ত্ৰতা ৰক্ষাৰ বাবে ব্যক্তিয়ে আদালতৰ কাষ চাপিব পাৰে। আদালতৰ ন্যায়িক ব্যৱস্থাই এই স্বতন্ত্ৰতা ৰক্ষা কৰি দোষী ব্যক্তিক শাস্তি প্ৰদানৰ ব্যৱস্থা কৰে।

নাগৰিক আইনে নাগৰিকৰ এনে কিছুমান স্বতন্ত্রতা দিছে যাৰ যোগেদি ব্যক্তিয়ে ব্যক্তিত্বৰ বিকাশ সাধন কৰিব পাৰে। আইন আৰু স্বতন্ত্ৰতাৰ দুয়োটাৰে লক্ষ্য হৈছে ব্যক্তিৰ স্বতন্ত্ৰতাত সহায় কৰা আৰু বিকাশৰ বুনিয়াদ তৈয়াৰ কৰা।

আইন হ’ল স্বতন্ত্ৰতাৰ পূৰ্বচত। প্রাকৃতিক ৰাজ্যত আইন নাছিল বাবে স্বতন্ত্রতা উপভোগৰ স্থল নাছিল। বর্তমান যুগত আইনে কল্যাণকামী ৰাষ্ট্ৰ গঠন আৰু সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।

3. Discuss various kinds of liberty.

Ans: স্বতন্ত্রতাক প্ৰধানকৈ দুই শ্ৰেণীত ভাগ কৰিব পাৰি―

 (১) সামাজিক স্বতন্ত্রতা। আৰু 

(২) আইনানুগ বা বৈধিক স্বতন্ত্রতা।

১. সামাজিক স্বতন্ত্রতা : মানুহ এক সামাজিক জীৱ। সেইবাবে সমাজত বসবাস কৰোঁতে মানুহে মুক্তভাৱে সমাজত বসবাস কৰা, বিচৰণ কৰা, ভাব-প্ৰকাশ কৰা আৰু মুক্তভাৱে আদান-প্ৰদান কৰাৰ অধিকাৰসমূহক সামাজিক স্বতন্ত্ৰতা বুলিব পাৰি। অৱশ্যে এই স্বতন্ত্রতাসমূহক ৰাষ্ট্ৰই নিয়ন্ত্ৰণ কৰা দেখা যায়। কেতিয়াবা কেতিয়াবা ৰাষ্ট্ৰই ব্যক্তিস্বতন্ত্ৰতা ৰক্ষাৰ নামত, জাতীয় স্বাৰ্থৰ নামত, জাতীয়তাবাদৰ নামত স্বতন্ত্রতাত হস্তক্ষেপ কৰে ।

ৰাষ্ট্ৰৰ হস্তক্ষেপৰ দ্বাৰা যেনেকৈ সামাজিক স্বতন্ত্ৰতা ধ্বংস হয় তেনেকৈ সামাজিক হস্তক্ষেপৰ ফলতো সামাজিক স্বতন্ত্রতা ধ্বংস হয়। এখন ৰক্ষণশীল সমাজ স্বেচ্ছাচাৰী চৰকাৰতকৈ বেছি ভয়ানক হ’ব পাৰে। MIll-এ কৈছে যে, সমাজ যদি স্বেচ্ছাচাৰী আৰু দমনমূলক হৈ পৰে তেন্তে ই ৰাজনৈতিক দমন নীতিতকৈ বেছি নিষ্ঠুৰ আৰু সৰ্বাত্মক হয়। এনে অৱস্থাত সামাজিক স্বতন্ত্রতা ধ্বংস হৈ মানুহ দাসত্বত পৰিণত হ’ব পাৰে। সেইবাবে উদাৰ সমাজ ব্যৱস্থাত আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাতহে সামাজিক স্বতন্ত্রতা বর্তি থাকিব পাৰে।

২. আইনানুগ স্বতন্ত্রতা : এনে স্বতন্ত্রতা আইনৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। এজন ব্যক্তি চৰম স্বতন্ত্ৰতাৰ অধিকাৰী হ’লে তেওঁ আনৰ স্বতন্ত্ৰতাত হস্তক্ষেপ কৰিব। আর্নল্ড ব্রেখটে কৈছে “এজন মানুহৰ স্বাধীনতা যদি আন এজনৰ স্বাধীনতাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ নীতিৰে সীমিত নহয়, তেন্তে তেওঁৰ স্বাধীনতাৰ মূল্যই নাই।” সেইবাবে নিয়ন্ত্রিত স্বাধীনতাৰ প্ৰয়োজন হয়।

আইনানুগ স্বতন্ত্রতাক ৩ টা ভাগত ভগাব পাৰি —

(ক) ব্যক্তিগত স্বতন্ত্রতা।

(খ) নাগৰিক বা ৰাজনৈতিক স্বতন্ত্রতা। আৰু 

(গ) অৰ্থনৈতিক স্বতন্ত্রতা।

(ক) ব্যক্তিগত স্বতন্ত্রতা : ব্যক্তি হিচাপে প্ৰতিজন মানুহৰ এক সুকীয়া সত্তা থাকে। ব্যক্তিসত্তাক ভিত্তি কৰি যি স্বতন্ত্রতা গঢ় লৈ উঠে তেনে স্বতন্ত্রতাক ব্যক্তিগত স্বতন্ত্রতা বোলে। বাৰ্কাৰৰ মতে ব্যক্তিগত স্বতন্ত্ৰতাই ৩ প্ৰকাৰৰ স্বতন্ত্ৰতাক বুজায় শাৰীৰিক, বৌদ্ধিক আৰু প্ৰায়োগিক স্বতন্ত্রতা, স্বাস্থ্য, জীৱন-ধাৰণ আৰু শাৰীৰিক চাল-চলন আদি বিষয়বোৰ শাৰীৰিক স্বতন্ত্ৰতাৰ অন্তর্ভুক্ত। বৌদ্ধিক স্বতন্ত্ৰতাই চিন্তা আৰু ভাব প্রকাশৰ স্বাধীনতাক সামৰি লয়। আন অনুষ্ঠান বা ব্যক্তিৰ লগত লেনদেন কৰোঁতে পছন্দৰ মুক্ত প্ৰয়োগৰ স্বাধীনতাক প্রায়োগিক স্বতন্ত্ৰতাত অন্তৰ্ভুক্ত কৰিব পাৰি।

(খ) নাগৰিক বা ৰাজনৈতিক স্বতন্ত্রতা : এজন ব্যক্তিয়ে নাগৰিক হিচাপে উপভোগ কৰা স্বাধীনতাসমূহক নাগৰিক স্বতন্ত্ৰতা বোলা হয়। ৰাজনৈতিক কার্যত অংশগ্ৰহণ কৰিব পৰা স্বাধীনতা থকাৰ বাবে এইবোৰক ৰাজনৈতিক স্বতন্ত্রতাও বোলা হয় এনে স্বতন্ত্রতাই চৰকাৰত অংশগ্ৰহণ কৰা স্বাধীনতা, চৰকাৰৰ কাৰ্যব্যৱস্থাত মতামত প্ৰকাশ কৰা স্বাধীনতা, বিভিন্ন অসুবিধা আঁতৰ কৰিবলৈ চৰকাৰলৈ আবেদন কৰাৰ স্বাধীনতা, ন্যায়ালয়লৈ আবেদন কৰা স্বাধীনতা আদিক বুজায়। লীককে এনে স্বতন্ত্রতাক সাংবিধানিক স্বতন্ত্রতা আৰু গীলখ্ৰাইষ্টে গণতান্ত্রিক স্বতন্ত্রতা বুলি আখ্যা দিছে।

(গ) অর্থনৈতিক স্বতন্ত্রতা : শ্ৰমিক হিচাপে নিজৰ ভূমিকা পালন কৰোঁতে মানুহে যি স্বতন্ত্রতা উপভোগ কৰে তাক অর্থনৈতিক স্বতন্ত্রতা বোলা হয়। বার্কাৰে অৱশ্যে এনে স্বতন্ত্রতাক সামাজিক স্বতন্ত্ৰতাৰ এটা অংগ বুলিয়ে বিবেচনা কৰে। Laskiৰ মতে অর্থনৈতিক স্বতন্ত্রতা হ’ল এজন ব্যক্তিৰ জীৱিকা নিৰ্বাহৰ বাবে উপযুক্ত নিৰাপত্তা আৰু সুবিধা। অভাৱ-অনাটনৰ পৰা মুক্ত আৰু নিযুক্ত নিশ্চয়তা অর্থনৈতিক স্বতন্ত্রতাই প্ৰদান কৰিব লাগে। ১৯১৯ চনৰ জাৰ্মান সংবিদানত অর্থনৈতিক স্বতন্ত্ৰতাৰ বিৱৰণ পোৱা যায়। ইয়াৰ মতে—

(১) ব্যক্তিগত অর্থনৈতিক নিৰাপত্তা। 

(২) ব্যক্তিগত অর্থনৈতিক স্বাধীনতা। আৰু 

৩) ব্যক্তিগত সম্পত্তিৰ অধিকাৰ ।

এই তিনিটাই অর্থনৈতিক স্বতন্ত্রতা। কাৰখানা আইন, শ্ৰমিকৰ ক্ষতিপূৰণ আইনে অর্থনৈতিক নিৰাপত্তা প্ৰদান কৰিব পাৰে। ট্রেড ইউনিয়নৰ গঠন আৰু অধিকাৰ সমূহক অর্থনৈতিক স্বাধীনতা বুলিব পাৰি। উদ্যোগৰ মূলধনৰ অংশ পোৱা অধিকাৰকে সম্পত্তিৰ অধিকাৰ বুলিব পাৰি ।

(৩) প্রাকৃতিক স্বতন্ত্রতা : প্ৰকৃতিৰ ৰাজ্যত ভোগ কৰা স্বাধীনতাক প্রাকৃতিক স্বতন্ত্রতা বুলিব পাৰি। হক্‌চ, লক, ৰুছো আদিয়ে, এনে স্বতন্ত্ৰতাৰ উল্লেখ কৰিছিল। ৰাষ্ট্ৰ আৰু সমাজ নথকাৰ অৱস্থাত প্ৰকৃতিৰ আইন মানি জনসাধাৰণে প্ৰাকৃতিক স্বতন্ত্রতা উপভোগ কৰিছিল। কিন্তু এনে স্বতন্ত্রতা আধুনিক যুগত অর্থহীন। কিন্তু এক শ্রেণী চিন্তাবিদে প্রাকৃতিক স্বতন্ত্রতাক বেলেগ অৰ্থ প্ৰদান কৰিছে। তেওঁলোকৰ মতে প্ৰাকৃতিকৰ অৰ্থ মানৱ প্রকৃতি। ই হ’ল মানুহৰ জন্মগত ক্ষমতা আৰু প্ৰতিভা। স্বতন্ত্ৰতাৰ অৰ্থ হ’ল মানৱ প্ৰকৃতিৰ বিকাশৰ বাবে উপযুক্ত সুবিধা প্ৰদান কৰা ৷ ভাৰতীয় দার্শনিকসকলে ইয়াক ‘স্বধর্ম’ আখ্যা দিছে। শ্রীঅৰবিন্দই পৰিৱেশৰ লগত সংগতি ৰাখি নিজস্ব আইন মানি প্রাকৃতিক গুণৰ বিকাশৰ ওপৰত গুৰুত্ব দিছিল। আন কথাত প্ৰাকৃতিক স্বতন্ত্ৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

(৪) জাতীয় স্বতন্ত্রতা : জাতীয় স্বতন্ত্রতাই জাতীয় সার্বভৌমত্ব বুজায়। ই জাতীয় আত্ম নিৰ্ধাৰণৰ ওপৰত প্ৰতিষ্ঠিত। ইয়াৰ অৰ্থ হ’ল প্রত্যেক জাতিয়ে নিজৰ আভ্যন্তৰীণ আৰু বাহ্যিক নিজৰ আভ্যন্তৰীণ আৰু বাহ্যিক বিষয়ত আন ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত থাকিব নালাগে। ব্যক্তিগত, ৰাজনৈতিক আৰু অৰ্থনৈতিক স্বতন্ত্ৰতাৰ ভেঁটি হ’ল জাতীয় স্বতন্ত্রতা। এই স্বতন্ত্ৰতাৰ অবিহনে অন্যান্য স্বতন্ত্ৰতাসমূহৰ অৰ্থ নাই। পৰাধীনতাৰ কবলত ভাৰতবৰ্ষৰ জনসাধাৰণে অন্যান্য স্বতন্ত্রতাসমূহ উপভোগ কৰিব পৰা নাছিল।

4. What do you mean by liberty? Discuss the conditions of liberty.

Ans: সমাজত বাস কৰা সকলো মানুহৰ দুটা ভূমিকা আছে—

(১) মানৱ সমাজৰ সভ্য হিচাপে।

(২) নিতান্ত ব্যক্তিগত হিচাপে থকা ভূমিকা। 

মানৱ সমাজৰ সভ্য হিচাপে কাম কৰোঁতে মানুহে কিছুমান বাধ্যবাধকতা মানি চলিব লাগে। আনহাতেদি প্ৰতিজন মানুহে নিজৰ ব্যক্তিত্ব বিকাশৰ বাবে কিছুমান সুবিধা পোৱাৰ প্ৰয়োজন আছে।

সেইবাবে Laskiৰ মতে স্বতন্ত্রতা হ’ল— “The eager maintenance of that atmosphere in which men have the opportunity to be their best selves. ” স্বতন্ত্রতাই এনে পৰিৱেশ ৰক্ষা কৰা বুজায় য’ত ব্যক্তিয়ে নিজৰ ব্যক্তিত্ব বিকাশৰ উপযুক্ত সুবিধা পায়।

কেণ্টৰ মতে “স্বতন্ত্ৰতাৰ অৰ্থ হৈছে ইচ্ছাৰ স্বাধীনতা, কিন্তু ই নৈতিক নিয়মৰ দ্বাৰা নিয়ন্ত্ৰিত হ’ব লাগিব।”

গ্ৰীণৰ মতে “সামুহিকভাৱে সমাজৰ মংগলৰ বাবে কাম কৰাৰ ক্ষমতাই হৈছে স্বতন্ত্রতা।”

Mill ৰ মতে— “এজন মানুহৰ নিজৰ ওপৰত, নিজৰ শৰীৰ আৰু মনৰ ওপৰত থকা সার্বভৌম ক্ষমতাই হ’ল স্বতন্ত্রতা।”

চেলভেদৰিৰ মতে “স্বতন্ত্ৰতা হ’ল বাচি ল’ব পৰা মুক্ত ক্ষমতা য’ত নিজে কৰিব পৰা কাম নিজৰ সিদ্ধান্ত মতে কৰিব পাৰে।”

ৰামচে মোৰৰ মতে— ব্যক্তি, ব্যক্তিৰ সমষ্টি যেনে— জাতি, গীৰ্জাঘৰ, শ্রমিক সংঘ আদিয়ে নিজ ইচ্ছামতে চিন্তা কৰি সেইমতে কাম কৰা আৰু প্ৰকাশ কৰা ক্ষমতাকেই মই স্বতন্ত্ৰতা বুলি বুজি পাওঁ। কিন্তু এই ক্ষমতা আইনৰ সহায়ত আৰু আনৰ সম অধিকাৰত হস্তক্ষেপ নকৰাকৈ প্ৰয়োগ কৰা হ’ব লাগিব ।

সেইবাবে ক’ব পাৰি যে এজন লোকৰ ব্যক্তিত্ব বিকাশৰ বাবে প্রয়োজন হোৱা প্ৰকৃত স্বাধীনতাকে স্বতন্ত্রতা বুলিব পাৰি। ব্যক্তিৰ চূড়ান্ত স্বতন্ত্রতা থাকিব নোৱাৰে। সেইবাবেই সুবিধা প্ৰদানৰ লগতে কিছুমান নিয়ন্ত্রণ প্রয়োজন হয়।

স্বতন্ত্ৰতা ৰক্ষাৰ উপায় বা চর্ত :

১. গণতান্ত্রিক শাসন ব্যৱস্থাত : গণতান্ত্রিক শাসন ব্যৱস্থাত দেশৰ শাসনৰ চৰম ক্ষমতা জনসাধাৰণৰ হাতত থাকে। জনসাধাৰণে ইচ্ছা কৰিলে নিৰ্বাচনৰ যোগেদি চৰকাৰ পৰিৱৰ্তন কৰিব পাৰে। স্বেচ্ছাচাৰী শাসনৰ বিৰোদিতা কৰি জনসাধাৰণে নিজৰ স্বতন্ত্ৰতা ৰক্ষা কৰিব পাৰে। একনায়কত্ববাদী শাসনত স্বতন্ত্রতা থাকিব নোৱাৰে।

২. মৌলিক অধিকাৰ : সংবিধান প্রদত্ত মৌলিক অধিকাৰৰ যোগেদি ব্যক্তিয়ে স্বতন্ত্ৰতা ৰক্ষা কৰিব পাৰে। সংবিধানে মৌলিক অধিকাৰৰ ৰক্ষণাবেক্ষণ ব্যৱস্থাও কৰে। আদালতৰ আশ্ৰত এই অধিকাৰসমূহৰ সুৰক্ষাও দিব পাৰি।

৩. আইনৰ অনুশাসন : এই নীতি অনুসৰি আইন ভংগ নকৰিলে কোনো লোককে শাস্তি দিব নোৱাৰে। বিনা বিচাৰে কাকো আটক কৰিব নোৱাৰে। ইংলেণ্ডৰ সংবিধানত জনসাধাৰণৰ স্বতন্ত্ৰতাৰ ৰক্ষাৰ ব্যৱস্থা নাই যদিও এই আইনৰ অনুশাসনৰ যোগেদি ব্যক্তি স্বতন্ত্রতা ৰক্ষাৰ ব্যবস্থা আছে।

৪. ন্যায়পালিকা স্বতন্ত্ৰতা : ন্যায়পালিকাই আইন পালিকা আৰু কাৰ্যপালিকাৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হ’লেহে ব্যক্তি স্বতন্ত্ৰতা ৰক্ষা পৰিব। বিচাৰকসকল কাৰ্যপালিকাৰ দ্বাৰা নিয়ন্ত্রিত হ’লে, নিৰপেক্ষ নহ’লে সুবিচাৰ আৰু ন্যায় আশা কৰিব নোৱাৰি।

৫. ক্ষমতা পৃতকীকৰণ : চৰকাৰৰ তিনিটা বিভাগ আইনপালিকা, কাৰ্যপালিকা আৰু ন্যায়পালিকা পৰস্পৰে স্বতন্ত্ৰ আৰু পৃথক হ’ব লাগে। তেতিয়া এটা বিভাগে আনটো বিভাগৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পাৰে। তিনিওটা বিভাগ একেলগে থাকিলে ব্যক্তিগত স্বতন্ত্রতা নাথাকে।

৬. ছপাযন্ত্ৰৰ স্বাধীনতা : বাতৰি কাকতক চতুর্থ স্বম্ভ বোলা হয়। বাতৰি কাকতে সতৰ্ক প্ৰহৰীৰূপে চৰকাৰৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিলে, স্বেচ্ছাচাৰী প্রৱণতাক বাধা দিলে জনসাধাৰণৰ স্বতন্ত্ৰতা ৰক্ষা কৰিব পাৰি। মুক্ত, নিৰপেক্ষ সাংবাদিকতাই জনসাধাৰণৰ মতামত নিৰ্ভীকভাৱে দাঙি ধৰে আৰু স্বতন্ত্ৰতা ৰক্ষাত বৰঙণি যোগায়।

৭. নাগৰিক সচেতনতা : লর্ড ব্ৰাইছে কৈছে “Eternal vigilance is the price of liberty.” নাগৰিক সচেতনতাই স্বতন্ত্ৰতাৰ সম্পদ। জনসাধাৰণ যদি সচেতন হয়, অধিকাৰ আৰু কৰ্তব্যৰ প্ৰতি সজাগ হয়, স্বতন্ত্রতা ৰক্ষা কৰিবৰ কাৰণে ত্যাগ কৰিবলৈ সাজু থাকে, তেন্তে স্বতন্ত্রতা ৰক্ষা সহজ হয়।

৮. ৰাজনৈতিক দল : শক্তিশালী বিৰোধী দলে চৰকাৰৰ স্বেচ্ছাচাৰিতাৰ বিৰোধিতা কৰে, ব্যক্তিৰ ওপৰত চৰকাৰে কৰা হস্তক্ষেপৰ প্ৰতিবাদ কৰে, ব্যক্তিৰ ওপৰত চৰকাৰে কৰা হস্তক্ষেপৰ প্ৰতিবাদ কৰে। প্ৰবল জনমত গঠন কৰি বিৰোধী দলে জনসাধাৰণৰ স্বতন্ত্ৰতা ৰক্ষাত সহায় কৰে।

৯. জনমত : শক্তিশালী জনমত স্বতন্ত্রতা ৰক্ষাৰ এটা প্ৰবল চৰ্ত। জনমত গণতন্ত্ৰৰ এক শক্তিশালী আহিলা। সুস্থ আৰু সবল জনমত গঠন হ’লে চৰকাৰে নাগৰিকৰ স্বতন্ত্ৰতা খৰ্ব কৰিব নোৱাৰে। চৰকাৰে জনমত্ৰৰ ওচৰত মূৰ দোঁৱাবই লাগিব ।

পাৰস্পৰিক সহযোগিতা : পাৰস্পৰিক সহযোগিতাৰ ভাব স্বতন্ত্ৰতা ৰক্ষাৰ আন এটা চৰ্ত। সহযোগিতাৰ অবিহনে কোনো ব্যৱস্থাই কৃতকার্য হ’ব নোৱাৰে।

5. What do you mean by liberty? Discuss about the political liberty and economic liberty?

Ans: ক্লদওৱেল [Caudwell]- ৰ মতে ধাৰণাৰ বিষয়ত চিন্তাবিদসকলৰ মাজত প্ৰভেদ আছে। বিভিন্নজনে ইয়াক বিভিন্ন ধৰণে প্ৰকাশ কৰে। গীলখ্ৰাইষ্টৰ মতে যদি দহজন ব্যক্তিক স্বতন্ত্রতা ধাৰণাৰ বিষয়ে নিজৰ মত প্ৰকাশ কৰিবলৈ দিয়া হয়, তেতিয়াহ’লে দেখা যাব যে কোনো দুজন ব্যক্তিয়ে ইয়াক একেটা অৰ্থত ব্যৱহাৰ কৰা নাই। অর্থাৎ স্বতন্ত্ৰতাৰ সংজ্ঞাৰ বিষয়ত চিন্তাবিদসকল একমত নহয়। ইংৰাজী ‘Liberty’ শব্দ অসমীয়া প্ৰতিশব্দ হৈছে স্বতন্ত্রতা। Liberty শব্দটো লেটিন শব্দ Liber-ৰ পৰা উদ্ভৱ হৈছে। Liber শব্দৰ অৰ্থ হৈছে স্বাধীনতা বা স্বতন্ত্রতা। অর্থাৎ নিজৰ ইচ্ছামতে কাম কৰিব পৰা অৱস্থাকে স্বতন্ত্রতা বোলা হয়। কিন্তু স্বতন্ত্ৰতাৰ এনে অর্থ গ্রহণযোগ্য নহয়। সংগঠিত সমাজ ব্যৱস্থাত কোনো ব্যক্তিৰ বাধাহীন বা নিয়ন্ত্রণহীন স্বাধীনতা থাকিব নোৱাৰে। প্ৰত্যেক ব্যক্তিয়ে নিজৰ ইচ্ছা অনুযায়ী কাম কৰিবলৈ চেষ্টা কৰিলে সমাজৰ অৱস্থা প্রাকৃতিক অৱস্থাত হছে [Hobbes] বৰ্ণনা কৰা অৱস্থাৰ নিচিনা হ’ব। সেয়েহে স্বতন্ত্রতাই বাধাহীন স্বাধীনতাক নুবুজায়।

স্বতন্ত্ৰতাৰ ধাৰণা বৰ বিস্তৃত। বিভিন্নজনে ইয়াক বিভিন্ন অৰ্থত ব্যৱহাৰ কৰিব পাৰে। মেকআইভাৰৰ মতে স্বতন্ত্ৰতাই বিভিন্ন ধৰণৰ স্বতন্ত্রতাক বুজায়। স্বতন্ত্রতাক 

(ক) প্রাকৃতিক স্বতন্ত্রতা [Natural Liberty]।

(খ) ব্যক্তিগত স্বতন্ত্রতা [Personal Liberty]।

গ) ৰাজনৈতিক স্বতন্ত্রতা [Political Liberty ]।

(ঘ) অর্থনৈতিক স্বতন্ত্রতা [Economic Liberty]। 

(ঙ) জাতীয় স্বতন্ত্রতা [National Liberty]। আদি ভাগত আলোচনা কৰিব পাৰি। 

তলত ৰাজনৈতিক আৰু অৰ্থনৈতিক স্বতন্ত্ৰতাৰ বিষয়ে আলোচনা কৰা হ’ল—

(ক) ৰাজনৈতিক স্বতন্ত্রতা : দেশৰ শাসনৰ বিষয়ত প্রত্যক্ষ নাইবা পৰোক্ষভাৱে অংশগ্ৰহণ কৰাৰ কাৰণে থকা স্বাধীনতাকেই। ৰাজনৈতিক স্বতস্ত্ৰতা বোলা হয়। লাস্কিৰ মতে শাসনৰ বিষয়ত অংশগ্ৰহণ কৰিব পৰা সুবিধাই হৈছে ৰাজনৈতিক স্বতন্ত্রতা। লিককে সাংবিধানক স্বতন্ত্রতা তথা অধিকাৰকেই ৰাজনৈতিক স্বতন্ত্রতা হিচাবে অভিহিত কৰিছে। ৰাজনৈতিক স্বতস্ত্ৰতা থাকিলে জনসাধাৰণে তেওঁলোকৰ প্ৰতিনিধি নির্বাচন কৰিব পাৰে আৰু এই প্রতিনিধিসকলৰ ওপৰত জনসাধাৰণৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰে। গীলখ্ৰীইষ্ট [Gilchrist]- ৰ মতে গণতান্ত্ৰিক আদৰ্শৰ প্ৰচলন থকা দেশতহে নাগৰিকসকলে ৰাজনৈতিক স্বতন্ত্রতা ভোগ কৰাৰ সুবিধা পায়৷ ৰাজনৈতিক স্বতন্ত্রতাই ভোটদানৰ অধিকাৰ, নিৰ্বাচনতপ্ৰাৰ্থী হোৱাৰ অধিকাৰ, চৰকাৰী চাকৰিৰ কাৰণে আবেদন কৰাৰ অধিকাৰ, চৰকাৰী নীতি সমালোচনা কৰাৰ অধিকাৰ আদিক বুজায়। লাস্কিৰ মতে ৰাজনৈতিক স্বতন্ত্ৰতা ভোগ কৰাৰ কাৰণে দুটা চৰ্তৰ প্ৰয়োজন প্রথমতে, প্রত্যেক ব্যক্তিয়ে নিৰ্দিষ্ট মানদণ্ডৰ শিক্ষালাভ কৰিবলৈ সুবিধা পোৱা উচিত আৰু দ্বিতীয়তে, প্ৰচাৰ মাধ্যমসমূহে নির্ভুল আৰু তথ্যপূর্ণ সংবাদ প্ৰচাৰ কৰা উচিত।

নাগৰিক স্বতন্ত্ৰতা আৰু ৰাজনৈতিক স্বতন্ত্ৰতাৰ মাজৰ সম্পৰ্ক [ Relations Between Personal Liberty and Political Liberty] : নাগৰিক স্বতন্ত্ৰতা আৰু ৰাজনৈতিক স্বস্ত্ৰতাৰ মাজত ঘনিষ্ঠ সম্পর্ক আছে। নাগৰিক স্বতন্ত্রতা অবিহনে ৰাজনৈতিক স্বতন্ত্ৰতা মূল্যহীন হৈ পাৰ। উদাহৰণস্বৰূপে বাক-স্বাধীনতা, মতপ্রকাশৰ স্বাধীনতা, সংগঠন প্ৰতিষ্ঠাৰ স্বাধীনতা নাথাকিলে ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাত অসুবিধাৰ সৃষ্টি হয়। দেশৰ শাসনৰ বিষয়ত জনমতৰ ভূমিকাৰ কাৰণে এনে ধৰণৰ স্বাধীনতাৰ প্রয়োজন। সংগঠন, প্ৰচাৰ মাধ্যম, ৰাজনৈতিক দল আদিৰ জৰিয়তে জনমত প্ৰকাশ কৰি জনসাধাৰণে চৰকাৰৰ নীতি সমালোচনা কৰিব পাৰে আৰু চৰকাৰী কাম-কাজৰ ওপৰত জনসাধাৰণৰ নিয়ন্ত্রণ সাব্যস্ত কৰিব পাৰে। সেইদৰে ৰাজনৈতিক অধিকাৰ নাথাকিলে ব্যক্তি স্বতন্ত্ৰতাৰো মূল্য নাথাকে। স্বেচ্ছাচাৰী শাসনত জনসাধাৰণে ৰাজনৈতিক স্বাধীনতা আৰু ব্যক্তিস্বাধীনতা ভোগ কৰাৰ সুবিধা নাপায়। সেয়েহে ব্যক্তি স্বতন্ত্ৰতা আৰু ৰাজনৈতিক স্বতন্ত্ৰতাৰ মাজত ঘনিষ্ঠ সম্পর্ক আছে, এটা অবিহনে আনটো ভোগ কৰাৰ সুবিধা নাথাকে।

(খ) অর্থনৈতিক স্বতন্ত্রতা : অর্থনৈতিক স্বতন্ত্রতাই অর্থনৈতিক নিৰাপত্তাক বুজায়। অর্থনৈতিক নিৰাপত্তা থাকিলেহে মানুহে নিজৰ নিজৰ ব্যক্তিত্ব প্রকাশ আৰু প্ৰতিভা বিকাশ কৰাৰ সুবিধা পাব পাৰে। নাগৰিকসকলৰ যেতিয়া কাম কৰাৰ অধিকাৰ, অৰ্হতা আৰু যোগ্যতা অনুসৰি মজুৰি পোৱাৰ অধিকাৰ, বিশ্ৰাম আৰু জিৰণিৰ অধিকাৰ, উপযুক্ত পৰিবেশত কাম কৰাৰ অধিকাৰ, বৃদ্ধকালত আৰু শাৰীৰিক অক্ষমতাৰ সময়ত অৰ্থনৈতিক নিৰাপত্তা থাকে, তেতিয়া তেনে দেশৰ নাগৰিকৰ অৰ্থনৈতিক স্বতন্ত্রতা থকা বুলি কোৱা হয়। অর্থনৈতিক স্বতন্ত্রতা অবিহনে ৰাজনৈতিক স্বতন্ত্ৰতা আৰু নাগৰিক স্বতন্ত্রতা মূল্যহীন হয়। নিজৰ স্বতন্ত্ৰতা ৰক্ষাৰ কাৰণে যি লোকৰ আদালতৰ সহায় লোৱাৰ আৰ্থিক সামর্থ্য নাই, তেনে লোকৰ স্বাধীনতাৰ ওপৰত সকলোৱে হস্তক্ষেপ কৰিব পাৰে। যিবোৰ মানুহে জীৱন-নিৰ্বাহ কৰাৰ কাৰণে সদায় চিত্তা কৰিবলগা হয়, তেনে লোকৰ কাৰণে ৰাজনৈতিক স্বাধীনতা ৰক্ষা কৰাৰ উদ্দেশ্যে প্রয়োজনীয় সময়, শক্তি আৰু ধৈর্য নাথাকে। 

ৰাজনৈতিক সমস্যাৰ বিশ্লেষণৰ কাৰণে যি লোকৰ সময়ৰ অভাৱ বাক-স্বাধীনতাই তেনে লোকক কোনো ধৰণে সহায় কৰিব নোৱাৰে। যি ব্যক্তিয়ে সদায় খোৱা পিন্ধা আৰু বাসস্থানৰ কাৰণে চিন্তা কৰি থাকিব লাগে; তেনে লোকৰ কাৰণে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰাটো কল্পনাৰ বাহিৰে আন একো নহয় গণতান্ত্ৰিক আদৰ্শৰ প্ৰচলন থকা দেশসমূহৰ ৰাষ্ট্ৰীয় সুযোগ-সুবিধা সকলো লোকৰ কাৰণে মুকলি থাকে যদিও, সকলো লোকে সেই সেই সুযোগ-সুবিধা ভোগ কৰাৰ সুবিধা নাপায় ৷ অর্থনৈতিক স্বতন্ত্রতা নাথাকিলে ব্যক্তিৰ যোগ্যতা নির্ণয় কৰাও সম্ভৱ নহয়। দৌৰৰ প্ৰতিযোগিতাত প্ৰতিযোগীসকলে একে সময়তে দৌৰ আৰম্ভ নকৰিলে যেনেকৈ শ্রেষ্ঠ প্রতিযোগী নিৰ্বাচন কৰা টান, সেইদৰে অৰ্থনৈতিক স্বতন্ত্রতা নাথাকিলেও মানুহৰ যোগ্যতা নিৰ্ণয় কৰা টান। দৌৰৰ প্ৰতিযোগিতাত প্ৰতিযোগীসকলৰ কাৰণে মুকলি পথাৰৰ ব্যৱস্থা কৰাটোৱে যথেষ্ট নহয়, যোগ্য প্রতিযোগী নিৰ্বাচনৰ কাৰণে এক সময়তে দৌৰ আৰম্ভ কৰাও উচিত। সেইদৰে দেশৰ নাগৰিকসকলক ৰাজনৈতিক আৰু নাগৰিক স্বতন্ত্রতা দিয়াটোৱে যথেষ্ট নহয়; এনেবোৰ অধিকাৰ ভোগ কৰাৰ কাৰণে তেওঁলোকৰ অৰ্থনৈতিক স্বতন্ত্রতাও থকা উচিত।

6. Discuss the relation between Liberty and Authority?

Ans: স্বতন্ত্ৰতা আৰু কৰ্তৃত্ব [ LIBERTY AND AUTHORITY ] : স্বতন্ত্ৰতা আৰু কৰ্তৃত্বৰ সম্পৰ্কৰ বিষয়ে দুটা বিপৰীতমুখী মত পোৱা যায়। কিছুমানৰ মতে কৰ্তৃত্ব থাকিলে স্বতন্ত্রতা ভোগ কৰিব নোৱাৰি। অৰ্থাৎ স্বতন্ত্রতা ভোগ কৰিবলৈ হ’লে জনসাধাৰণৰ ওপৰত কোনো কৰ্তৃপক্ষ থকা অনুচিত। আন কিছুমানে এই মতবাদ মানি নলয়। তেওঁলোকৰ মতে সাৰ্বভৌম কৰ্তৃপক্ষ থাকিলেহে স্বতন্ত্ৰতা ভোগ কৰিব পাৰি। অষ্টাদশ শতিকাৰ কিছুমান ৰাজনৈতিক পণ্ডিতে কৰ্তৃত্ব স্বতন্ত্ৰতাৰ পৰিপন্থী বুলি বিশ্বাস কৰিছিল। সেই সময়ত ব্যক্তিবাদী ভাবধাৰাই তেওঁলোকৰ সমৰ্থন লাভ কৰিছিল। ব্যক্তিবাদৰ মতে চৰকাৰে আভ্যস্তৰীণ আইন-শৃংখলা ৰক্ষা কৰা আৰু বৈদেশিক আক্ৰমণৰ পৰা ৰাষ্ট্ৰক ৰক্ষা কৰাৰ বাহিৰে আন কাম কৰা উচিত নহয়। অর্থাৎ চৰকাৰে জনসাধাৰণৰ দৈনন্দিন কাম-কাজৰ ওপৰত হস্তক্ষেপ কৰা অনুচিত। যিসকল লোকে ব্যক্তিবাদ সমৰ্থন কৰিছিল তেওঁলোকে চৰকাৰী কামে জনসাধাৰণৰ স্বাধীনতাত হস্তক্ষেপ কৰা বুলি ধৰা হৈছিল।

কিন্তু এই মতবাদ গ্রহণযোগ্য নহয়। বাস্তব অভিজ্ঞতাৰ পৰা দেখা যায় যে স্বতন্ত্রতা ভোগ কৰিবলৈ হ’লে ক্ষমতাসম্পন্ন কৰ্তৃপক্ষৰ দৰকাৰ। সার্বভৌম কর্তৃপক্ষ অবিহনে স্বতন্ত্রতা ভোগ কৰিব নোৱাৰি। উইলবাইৰ মতে ক’বলৈ হ’লে বাধা থকাৰ কাৰণেহে মানুহে স্বাধীনতা ভোগ কৰিব পাৰে। সভ্য সমাজত স্বতন্ত্রতা বা স্বাধীনতা বুলিলে সীমিত স্বাধীনতাকহে বুজায়। অবাধ স্বাধীনতা কোনেও ভোগ কৰিব নোৱাৰে। স্বতন্ত্রতাই প্রতিভা বিকাশ আৰু ব্যক্তিত্ব-প্ৰকাশৰ কাৰণে দৰকাৰী অৱস্থাকহে বুজায়। প্রত্যেক লোকে যদি অবাধ স্বাধীনতা ভোগ কৰিব বিচাৰে তেনেহ’লে সমাজত অৰাজকতাৰ সৃষ্টি হ’ব। মানুহৰ অৱস্থা হছে বৰ্ণনা কৰা প্ৰাকৃতিক অৱস্থাৰ নিচিনা হ’ব। কর্তৃত্ববিহীন অৱস্থাত স্বাধীনতা ভোগ কৰাৰ উদাহৰণ পোৱা নাযায়। প্রটেষ্টান্টসকলে পোপৰ কৰ্তৃত্বৰ ঠাইত বাইবেলৰ কৰ্তৃত্ব প্রতিষ্ঠা কৰিছিল। এটা কৰ্তৃপক্ষৰ পৰিৱৰ্তে আন এটা কৰ্তৃপক্ষৰ আনুগত্য স্বীকাৰ কৰা ভালেমান উদাহৰণ ইতিহাসত পোৱা যায়।

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে কৰ্তৃত্বই স্বতন্ত্রতা ভোগ কৰাত প্ৰতিবন্ধকতাৰ সৃষ্টি নকৰে। স্বতন্ত্রতা ভোগ কৰাত ই বৰং সহায়হে কৰে। ল’কে বহুদিনৰ আগতেই মন্তব্য কৰিছিল যে বিধি অবিহনে স্বাধীনতা বা স্বতন্ত্রতা ভোগ কৰিব পৰা নাযায়। হকিংছৰ মতে মানুহে যিমানেই স্বাধীনতা ভোগ কৰিব বিচাৰে, সিমানেই তেওঁলোকে সার্বভৌম কর্তৃপক্ষৰ নীতি-নিয়ম মানি চলিবলগা হয়। সংগীতজ্ঞ হ’ব বিচাৰিলে প্ৰথমে সংগীতৰ কৌশলবোৰ শিকি ল’ব লগা হয়।

7. Discuss the relation between Liberty and Equality?

Ans: স্বতন্ত্ৰতা আৰু সমতা [LIBERTY AND EQUALITY] : সমতা আৰু স্বতন্ত্ৰতাৰ সম্পৰ্কৰ বিষয়ে ৰাজনৈতিক পণ্ডিতসকলৰ মাজত মতভেদ দেখা যায়। কিছুমানৰ মতে সমতা আৰু স্বতন্ত্ৰতা দুয়োটা বিপৰীতধর্মী বিষয়। কিন্তু আন কিছুমানে এই মত সমৰ্থন নকৰে। তেওঁলোকৰ মতে সমতা আৰু স্বতন্ত্ৰতা বিপৰীতধর্মী নহয়; বৰং এটা আনটোৰ পৰিপূৰকহে । তেওঁলোকৰ মতে সমতা নাথাকিলে স্বতন্ত্রতা থাকিব নোৱাৰে; সেইদৰে স্বতন্ত্রতা থাকিব নোৱাৰে; সেইদৰে স্বতন্ত্ৰতাই সমতা স্থাপনত সহায় কৰে।

ডি. টক’ভিল আৰু লৰ্ড একটনৰ মতে সমতা আৰু স্বতন্ত্ৰতা দুয়োটা বিপৰীতধর্মী বিষয়। এটা থাকিলে আনটো থাকিব নোৱাৰে। তেওঁলোকে বিশ্বাস কৰে, যে সমতা প্ৰতিষ্ঠাৰ চেষ্টাই স্বতন্ত্রতা ধ্বংস কৰে। স্বতন্ত্রতা ভোগ কৰিবলৈ হ’লে সমতা প্রতিষ্ঠা কৰা সম্ভৱ নহয়। সমতা মানে যদি বীজগণিতৰ সমীকৰণক বুজোৱা হয়, তেতিয়া সমতা আৰু স্বতন্ত্ৰতাক বিপৰীতধর্মী বিষয় বিষয় হিচাবে গ্ৰহণ কৰিব পাৰি। কাৰণ, যি সমাজত চৰম স্বাধীনতা থাকে, সেই সমাজ ব্যৱস্থাত বিশৃংখলাৰ সৃষ্টি হয়। সামাজিক বিধি-বিধান ধনী শ্ৰেণীৰ অনুকূলে আৰু দুখীয়া শ্ৰেণীৰ প্ৰতিকূলে যায়। অর্থাৎ এনেকুৱা অৱস্থাত ধনী-দুখীয়া উচ্চ-নীচ, ডাঙৰ-সৰু আদিৰ মাজত সমতা স্থাপন হ’ব নোৱাৰে। অৰ্থনৈতিক ব্যৱধানৰ ওপৰত প্ৰতিষ্ঠিত সমাজব্যৱস্থাত সামাজিক আৰু ৰাজনৈতিক বৈষম্যই দেখা দিয়ে।

কিন্তু ৰাজনীতি বিজ্ঞানত সমতা আৰু স্বতন্ত্রতা-এই কথা দুটা একো একোটা বিশেষ অর্থতহে ব্যৱহাৰ হয়। সমতাই ইয়াত বীজগণিতৰ সমীকৰণক নুবুজায়। প্ৰথমতে, যি সমাজ সমতাৰ ভিত্তিত প্রতিষ্ঠিত, তাত বিশেষ শ্রেণীৰ লোকৰ কাৰণে বিশেষ সুযোগ-সুবিধাৰ ব্যৱস্থা থাকিব নোৱাৰে। দ্বিতীয়তে, সকলোৱে তেওঁলোকৰ জীৱন-ধাৰণৰ কাৰণে নিম্নতম সুবিধাবোৰ পাব লাগে। সেইদৰে স্বতন্ত্রতাই বাধাহীন স্বাধীনতাক নুবুজায়। হবছে কল্পনা কৰা প্ৰকৃতিৰ ৰাজ্যতহে মানুহে এনেকুৱা স্বতন্ত্রতা ভোগ কৰিব । মানুহৰ ব্যক্তিত্ব প্ৰকাশ আৰু প্ৰতিভা বিকাশৰ কাৰণে যিবোৰ সুযোগ সুবিধাৰ দৰকাৰ, সেই সুযোগ-সুবিধাবোৰকে স্বতন্ত্রতা বোলা হয়।

এনেকুৱা দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে সমতা আৰু স্বতন্ত্ৰতাক বিপৰীতধর্মী বিষয় হিচাবে গ্ৰহণ কৰিব নোৱাৰি। সমতা প্ৰতিষ্ঠাৰ প্রচেষ্টাই স্বাধীনতা বা স্বতন্ত্রতা ভোগৰ প্ৰচেষ্টায়ো সমতা প্রতিষ্ঠাত বাধা নজন্মায়। জনসাধাৰণৰ উন্নতিৰ কাৰণে থাকিবলগীয়া অধিকাৰৰ উপযুক্ত ব্যৱস্থাতেই স্বতন্ত্রতা নিহিত থাকে। ইয়াৰ পৰা বুজা যায় যে সমতা আৰু স্বতন্ত্ৰতাৰ মাজত বিৰোধ নাই। লাস্কিয়ে কৈছিল যে সমজা আৰু স্বতন্ত্রতা একেটা আদৰ্শৰ দুটা ফাল মাত্ৰ। যিবোৰ দেশৰ শাসনতন্ত্র ধনী শ্রেণীয়ে নিয়ন্ত্ৰণ কৰে, সেইবোৰ দেশত বিধি-বিধানবোৰে দুখীয়া শ্ৰেণীৰ লোকৰ স্বাৰ্থ ৰক্ষা নকৰিবও পাৰে। গতিকে স্বতন্ত্রতা ভোগ কৰিবলৈ হ’লে সমতা প্ৰতিষ্ঠাৰ অত্যন্ত দৰকাৰ।

সমতা নাথাকিলে স্বতন্ত্রতা মূল্যহীন হৈ পৰে। আইনৰ দৃষ্টিত সকলো লোকে সমান ব্যৱহাৰ পালেহে মানুহ নাগৰিক স্বতন্ত্রতা ভোগ কৰিব পাৰে। সেইদৰে ৰাজনৈতিক ক্ষেত্ৰত স্বতন্ত্রতা থাকিলেহে মানুহে সমান ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে। গতিকে যি সমাজ সম্পদ আৰু পদমর্যদাৰ ভিত্তিত প্রতিষ্ঠিত। তাত কেতিয়াও সকলো লোকে সমানে স্বাধীনতা ভোগ কৰিব নোৱাৰে। যিবোৰ দেশত জনসাধাৰণৰ মাজত আয় আৰু সম্পদৰ ক্ষেত্ৰত বিৰাট ব্যৱধান থাকে, তেনেকুৱা ৰাষ্ট্ৰত ধনী শ্রেণীয়ে শাসনযন্ত্র নিয়ন্ত্রণ কৰে আৰু ৰাষ্ট্ৰীয় বিধি-বিধানবোৰেও তেওঁলোকৰ স্বাৰ্থপূৰ্ণত সহায় কৰে। ধনী শ্ৰেণীৰ লোকৰ কাৰণে শাসনৰ গাদী দখল কৰা সহজ হৈ পৰে। এনেকুৱা শাসন পদ্ধতিয়ে দুখীয়া শ্ৰেণীৰ স্বাৰ্থ ৰক্ষাত সহায় নকৰিবও পাৰে। গতিকে স্বতন্ত্ৰতা ভোগ কৰিবলৈ হ’লে অর্থনৈতিক সমতাৰ অত্যন্ত দৰকাৰ। অৰ্থনৈতিক সমতা নাথাকিলে স্বতন্ত্রতা, ৰাজনৈতিক আৰু সামাজিক সমতা মূল্যহীন হৈ পৰে। যি সমাজত উচ্চ-নীচ, ধনী-দুখীয়া, শিক্ষিত-অশিক্ষিতৰ মাজত প্রভেদ থাকে, তাত মানুহৰ মাজত থকা সম্বন্ধ মালিক আৰু বনুৱাৰ মাজত থকা সম্বন্ধৰ নিচিনা হয়গৈ। স্বাধীনতাক তাত নীলামত দিয়া হয়, দুখীয়াসকলে বিক্ৰী কৰে আৰু ধনীক শ্ৰেণীয়ে কিনি লয়।

8. Write the Meaning and Definition of Liberty? Discuss the Development of the concept of Liberty?

Ans: ক্লদওৱেল [Caudwell]- ৰ মতে ধাৰণাৰ বিষয়ত চিন্তাবিদসকলৰ মাজত প্ৰভেদ আছে। বিভিন্নজনে ইয়াক বিভিন্ন ধৰণে প্ৰকাশ কৰে। গীলখ্ৰাইষ্টৰ মতে যদি দহজন ব্যক্তিক স্বতন্ত্রতা ধাৰণাৰ বিষয়ে নিজৰ মত প্ৰকাশ কৰিবলৈ দিয়া হয়, তেতিয়াহ’লে দেখা যাব যে কোনো দুজন ব্যক্তিয়ে ইয়াক একেটা অৰ্থত ব্যৱহাৰ কৰা নাই। অর্থাৎ স্বতন্ত্ৰতাৰ সংজ্ঞাৰ বিষয়ত চিন্তাবিদসকল একমত নহয়। ইংৰাজী ‘Liberty’ শব্দ অসমীয়া প্ৰতিশব্দ হৈছে স্বতন্ত্রতা। Liberty শব্দটো লেটিন শব্দ Liber-ৰ পৰা উদ্ভৱ হৈছে। Liber শব্দৰ অৰ্থ হৈছে স্বাধীনতা বা স্বতন্ত্রতা। অর্থাৎ নিজৰ ইচ্ছামতে কাম কৰিব পৰা অৱস্থাকে স্বতন্ত্রতা বোলা হয়। কিন্তু স্বতন্ত্ৰতাৰ এনে অর্থ গ্রহণযোগ্য নহয়। সংগঠিত সমাজ ব্যৱস্থাত কোনো ব্যক্তিৰ বাধাহীন বা নিয়ন্ত্রণহীন স্বাধীনতা থাকিব নোৱাৰে। প্ৰত্যেক ব্যক্তিয়ে নিজৰ ইচ্ছা অনুযায়ী কাম কৰিবলৈ চেষ্টা কৰিলে সমাজৰ অৱস্থা প্রাকৃতিক অৱস্থাত হছে [Hobbes] বৰ্ণনা কৰা অৱস্থাৰ নিচিনা হ’ব। সেয়েহে স্বতন্ত্রতাই বাধাহীন স্বাধীনতাক নুবুজায়।

স্বতন্ত্ৰতাৰ বিষয়ত বিভিন্ন চিত্তাবিদে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। ৰামছে মুইৰৰ মতে আনৰ অধিকাৰৰ ওপৰত হস্তক্ষেপ নকৰাকৈ ব্যক্তি আৰু সংগঠনসমূহে নিজৰ ইচ্ছামতে কাম কৰিব পৰা অৱস্থাই হৈছে স্বতন্ত্রতা। চিলি [Seeley]-ৰ মতে অত্যধিক শাসনৰ বিপৰীত ধাৰণাই হৈছে স্বতন্ত্ৰততা। গেটেলৰ মতে যিবোৰ কাম কৰা উচিত, সেইবোৰ কাম কৰাৰ ক্ষমতাকে স্বতন্ত্রতা বোলা হয়। মেকেছনিৰ মতে স্বতন্ত্রতাই বাধাহীন অৱস্থাক নুবুজায়, বিবেকহীন কামৰ পৰিৱৰ্তে

বিবেকৰ প্ৰতিষ্ঠাকহে বুজায়। লাক্সিয়ে [ Laski] স্বতন্ত্রতাক ইতিবাচক [Positive] আৰু নেতিবাচক [Negative] —এই দুটা অৰ্থত ব্যৱহাৰ কৰিছে। তেওঁৰ মতে ব্যক্তিৰ বিকাশৰ কাৰণে যি পৰিবেশৰ প্ৰয়োজন, সেই পৰিবেশত থকা বাধা-নিষেধ আঁতৰ কৰাই হৈছে স্বাধীনতা। কিন্তু স্বতন্ত্রতা বা স্বাধীনতাই অকল বাধা-নিষেধ আঁতৰ কৰাকেই নুবুজায়। স্বাধীনতা বা স্বতন্ত্ৰতাৰ এটা ইতিবাচক দিশো আছে। এই দিশৰ ওপৰতো তেওঁ গুৰুত্ব দিছে। তেওঁৰ মতে যি পৰিৱেশত মানুহৰ সৰ্বোচ্চ বিকাশ সম্ভৱ হ’ব পাবে, সেই পৰিবেশৰ সংবক্ষণকেই স্বাধীনতা বা স্বতন্ত্রতা বোলা হয়। প্রত্যেক ব্যক্তিৰে নিজৰ নিজৰ সম্ভাৱনা থাকে। এই সম্ভাৱনা বিকাশৰ কাৰণে অনুৰূপ পৰিবেশৰ সৃষ্টি কৰাব উদ্দেশ্য স্বতন্ত্ৰতাৰ প্ৰয়োজন। এনে পৰিবেশ যাতে সকলোৰে কাৰণে সুলভ হয়, এজনে যাতে আনৰ স্বাধীনতা ওপৰত হস্তক্ষেপ কৰিব নোৱাৰে, তেনে ব্যৱস্থা কৰিবলৈ উমৈহতীয়া কৰ্তৃপক্ষৰ প্ৰয়োজন। বাটৰ হৈছে এনে এটা অনুষ্ঠান। অর্থাৎ ৰাষ্ট্ৰতহে ব্যক্তিয়ে স্বতন্ত্রতা ভোগ কৰাৰ সুবিধা পায়। স্বতন্ত্ৰতাৰ বিষয়ে মিলেও [J. S. Mill] তেওঁৰ ধাৰণা প্ৰকাশ কৰিছে। মানুহৰ কামবোৰক তেওঁ নিজৰ লগত জড়িত [Self-regarding] আৰু আনৰ লগত জড়িত [others regarding] এই দুটা ভাগত ভাগ কৰিছে। তেওঁৰ মতে যিবোৰ কাম নিজৰ লগত জৰিত, তেনে কামত ব্যক্তিৰ সম্পূৰ্ণ স্বাধীনতা থকা উচিত, কিয়নো নিজৰ ওপৰত, নিজৰ মন আৰু শৰীৰৰ ওপৰত ব্যজিয়ে হৈছে সার্বভৌম। কিন্তু যিবোৰ কাম আনৰ লগত জৰিত, তেনে কামত বাধা-নিষেধ আৰোপ কৰা উচিত। তেওঁৰ মতে কোনো ব্যক্তিয়ে বিপদজনক, কাম কৰিবলৈ অগ্ৰসৰ হ’লে, সমাজে তেনে কামত বাধা দিয়া উচিত।

স্বতন্ত্ৰতা ধাৰণাৰ বিকাশ : [ DEVELOPMENT OF THE CONCEPT OF LIBERTY ]

স্বতন্ত্ৰতাৰ ধাৰণাৰ বৰ্তমান যুগতহে বিকাশ হৈছে। এই ধাৰণা ব্যক্তিবাদী ভাবধাৰাৰ লগত জৰিত। সাম্প্ৰতিক কালত স্বতন্ত্রতাই যি বুজায়, প্রাচীন আৰু মধ্যযুগৰ সময়ছোৱাত এই ধাৰণাৰ প্ৰচলন নাছিল। অৱশ্যে প্ৰাচীন কালৰ চিন্তাবিদ সকলৰো স্বতন্ত্ৰতাৰ ধাৰণা নথকা নহয়। গ্রীক চিন্তাবিদ ছক্ৰেটিছ আৰু প্লেটোৱে সমাজ তথা ৰাষ্ট্ৰৰ বিৰুদ্ধে স্বতন্ত্রতা থকা নীতি সমৰ্থন কৰা নাছিল। ছক্ৰেটিছৰ মতে দেশৰ আইন মানি চলা কার্যতহে স্বাধীনতা আছে, সেয়েহে কাৰাগাৰৰ পৰা পলাই জীৱন ৰক্ষা কৰাৰ পৰিৱৰ্তে বিষপাণ কৰি মৃত্যু বৰণ কৰিবলৈ তেওঁ ইতস্ততঃ কৰা নাছিল। চৰকাৰী কাৰ্যত অংশগ্ৰহণ কৰাৰ অধিকাৰকেই তেওঁলোকে স্বাধীনতা হিচাবে বিবেচনা কৰিছিল। তথাপি তেওঁলোকৰ স্বতন্ত্ৰতাৰ বৰ্তমান ধাৰণাৰ জ্ঞান নাছিল। তেওঁলোকে সমাজ আৰু ৰাষ্ট্ৰ, ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজত প্ৰভেদ বিচাৰি চোৱা নাছিল। ৰাষ্টৰ কাৰ্যৰ বিৰুদ্ধে প্ৰতিৰোধৰ স্বাধীনতাৰ প্ৰতিও তেওঁলোকে সমর্থন জনোৱা নাছিল।

মধ্যযুগৰ সময়ছোৱাতো স্বতন্ত্ৰতাৰ ধাৰণাৰ বিকাশ হোৱা নাছিল। এই সময়ছোৱাত সমাজত আৰু দেশৰ শাসনৰ বিষয়ত ধৰ্মগুৰুসকলৰ প্ৰভাৱ আছিল যথেষ্ট আৰু জনসাধাৰণে ধর্মীয় নীতি-নিয়ম মানি চলাৰ ওপৰতহে গুৰুত্ব দিছিল। সংস্কাৰ আন্দোলন আৰু নৱজাগৰণৰ স্বতন্ত্ৰতাৰ ধাৰণাৰ বিকাশৰ গুৰি ধৰোতা হিচাবে বিবেচনা কৰা হয়। সংস্কাৰ আন্দোলনে মানুহক স্বাধীনভাবে চিন্তা কৰিবলৈ প্ৰেৰণ দিছিল। নৱ-জাগৰণৰ সময়ৰ পৰা মানুহে ধৰ্মীয়, স্বতন্ত্র, অর্থনৈতিক স্বতন্ত্ৰতা আৰু ৰাজনৈতিক স্বতন্ত্ৰতাৰ দাবী উত্থাপন কৰিছিল। অর্থাৎ সেই সময়ত প্ৰচলন থকী ধর্মীয়, সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক পৰিবেশে স্বতন্ত্ৰতাৰ দাবী কৰিবলৈ প্ৰেৰণা দিছিল। স্বতন্ত্ৰতাৰ ধাৰণাৰ বিকাশত উপযোগিতাবাদী চিন্তাবিদসকলে ভালেখিনি বৰঙনি যোগাইছিল। আদর্শবাদী চিন্তাবিদ কাণ্ট [Kant], গ্রীণ [Green] আদিয়েও স্বতন্ত্ৰতাৰ ধাৰণাৰ বিকাশতে সহায় কৰিছিল। মিলক [ J. S. Mill] স্বতন্ত্ৰতাৰ ধাৰণাৰ প্রধান পৃষ্ঠপোষক হিচাবে অভিহিত কৰা হয়। স্বতন্ত্ৰতাৰ ধাৰণাৰ বিকাশত লাস্কিৰ বৰঙনিও কম নহয়।

9. Discuss the negative Liberty and Positive Liberty?

Ans: নকাৰাত্মক স্বতন্ত্ৰতা আৰু সকাৰাত্মক স্বতন্ত্রতা

[ NEGATIVE LIBERTY AND POSITIVE LIBERTY ] : স্বতন্ত্ৰতাৰ ধাৰণাক নকৰাত্মক [Negative] আৰু সকাৰাত্মক [ Positive] এই দুটা ভাগত ভাগ কৰিব পাৰি। সাধাৰণ অৰ্থত বাধাহীন অৱস্থাকেই স্বতন্ত্রতা হিচাবে অভিহিত কৰা হয়। এই ধাৰণা মতে ৰাষ্ট্ৰই ব্যক্তি স্বাধীনতাত নিম্নতম বাধা প্রয়োগ কৰিব লাগে। স্বতন্ত্ৰতাৰ এই ধাৰণাক নকাৰাত্মক হিচাবে অভিহিত কৰা হয়। সপ্তদশ আৰু অষ্টাদশ শতিকাত ইউৰোপত স্বতন্ত্ৰতাৰ এই ধাৰণাৰ প্ৰচলন আছিল। ব্যক্তিবাদী আদৰ্শৰ সমৰ্থকসকলে এই ধাৰণাৰ প্ৰতি সমর্থন জনাইছিল। ৰাষ্ট্ৰই গ্ৰহণ কৰা বাণিজ্যিক নীতিৰ বিৰুদ্ধে ব্যৱসায়ী গোষ্ঠীৰ এনে ধৰণৰ স্বতন্ত্ৰতাৰ দাবী উত্থাপন কৰিছিল। এই ধাৰণাৰ পৃষ্ঠপোষকসকলৰ মতে চৰকাৰে জনসাধাৰণ অর্থনৈতিক কার্য-কলাপৰ ওপৰত হস্তক্ষেপ কৰা উচিত নহয়। অর্থনৈতিক কার্য-কলাপত চৰকাৰী হস্তক্ষেপ নাথাকিলে সামুহিক স্বাৰ্থৰক্ষা হ’ব বুলি তেওঁলোকে বিশ্বাস কৰিছিল। এই ধাৰণাৰ সমৰ্থকসকলৰ মতে বালিৰ দমৰ লগত বালিৰ কণিকাৰ যেনে সম্পর্ক, সমাজৰ লগতো ব্যক্তিৰ তেনে সম্পর্ক। 

অর্থাৎ সমাজ আৰু ব্যক্তিৰ সম্পৰ্ক হৈছে যান্ত্রিক সম্পর্ক গতিকে ব্যৱসায়-বাণিজ্য, উদ্যোগ-প্ৰতিষ্ঠান আদিৰ বিষয়ত তেওঁলোকে স্বাধীনতাৰ দাবী উত্থাপন কৰিছিল। এই ধাৰণাৰ পৃষ্ঠপোষকসকলৰ মতে ৰাষ্ট্ৰ প্রয়োজনীয় যদিও ই অকল্যাণকৰ অনুষ্ঠান। ৰাষ্ট্ৰৰ কাৰ্য আভ্যন্তৰীণ আইন শৃংখলা ৰক্ষা কৰা আৰু বৈদেশিক আক্ৰমণৰ পৰা দেশৰ স্বাধীনতা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰা কামতেই সীমাবদ্ধ থকা উচিত। নাগৰিকসকলৰ ব্যক্তি স্বাধীনতাৰ ওপৰত ৰাষ্ট্ৰই হস্তক্ষেপ কৰা উচিত নহয়। হছ, ল’ক, আদামস্মিথ, বেছথাম, মিল আদি চিন্তাবিদসকলে নকাৰাত্মক স্বতন্ত্ৰতা ধাৰণাৰ প্ৰতি সমর্থন জনাইছিল।

নকাৰাত্মক স্বতন্ত্ৰতাৰ ধাৰণা গ্রহণযোগ্য নহয়। এই ধাৰণাই ব্যক্তি আৰু সমাজৰ মাজৰ সম্পৰ্কৰ আভাস দিব পৰা নাই। ইয়াৰ উপৰিও অর্থনৈতিক সুবিধা লাভ কৰাকেই সমাজৰ একমাত্ৰ উদ্দেশ্য হিচাবে বিবেচনা কৰাও উচিত নহয়। ৰাষ্ট্ৰক অকল্যাণকৰ অনুষ্ঠান হিচাবে বিবেচনা কৰাও উচিত নহয়। আন লোকৰ হস্তক্ষেপৰ পৰা নাগৰিক এজনক ৰক্ষা কৰাৰ দায়িত্ব অকল ৰাষ্ট্ৰইহে বহন কৰিব পাৰে। অৰ্থাৎ ৰাষ্টৰইহে ব্যক্তিস্বতন্ত্ৰতা ৰক্ষা কৰিব পাৰে। ইয়াৰ উপৰিও ব্যক্তিগত স্বার্থতকৈ সামাজিক স্বাৰ্থৰ গুৰুত্বও কম নহয়। ব্যক্তিস্বতন্ত্ৰতা আৰু সামাজিক স্বাৰ্থৰ মাজৰ স্পষ্ট সীমাৰেখা চিহ্নিত কৰাও সহজ নহয়। সামাজিক স্বাৰ্থ ৰক্ষা কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰ হস্তক্ষেপ ব্যক্তিবাদীসকলেও সমৰ্থন কৰে। নকাৰাত্মক স্বতন্ত্ৰতাই অকল ধনীক শ্ৰেণীৰ স্বাৰ্থৰক্ষা কৰাতহে সহায় কৰে। এই ধাৰণা একপক্ষীয় সেয়েহে এই ধাৰণা সমর্থনযোগ্য নহয়।

নকৰাত্মক স্বতন্ত্রতাই যদি স্বতন্ত্রতা ভোগৰ বিষয়ত বাধা নথকাটো বুজায় সকাৰাত্মক স্বতন্ত্রতাই স্বতন্ত্রতা ভোগৰ পৰিস্থিতিৰ সৃষ্টি কৰাক বুজায়। প্রচলিত আর্থ-সামাজিক পৰিস্থিতিত কোনো লোকে স্বতন্ত্রতা ভোগ কৰাৰ পৰা বঞ্চিত হ’লে, সকাৰাত্মক স্বতন্ত্রতাই তেনে পৰিস্থিতিৰ পৰিৱৰ্তনক বুজায়। অর্থাৎ স্বতন্ত্রতা ভোগৰ বিষয়ত থকা বাধাসমূহক আঁতৰ কৰাকেই সকাৰাত্মক স্বতন্ত্রতা বোলা হয়। উদাহৰণস্বৰূপে অৰ্থৰ অভাৱত দুখীয়া শ্ৰেণীৰ ল’ৰা-ছোৱালীৰ শিক্ষা গ্ৰহণত বাধাৰ সৃষ্টি হ’লে, চৰকাৰে তেনে বাধা আঁতৰ কৰা উচিত। গ্ৰীণৰ মতে ক’বলৈ হলে সৎ জীৱন-যাপনৰ পথত থকা বাধাসমূহ আঁতৰ কৰি দিলেহে ব্যক্তিয়ে স্বতন্ত্রতা ভোগ কৰাৰ সুবিধা পাব পাৰে। অৱশ্যে সকাৰাত্মক স্বতন্ত্রতাই বাধা নথকা অৱস্থাক নুবুজায় ব্যক্তিৰ প্ৰতিভা বিকাশ আৰু ব্যক্তিত্ব প্রকাশত থকা বাধাসমূহ আঁতৰ কৰি দিলেহে ব্যক্তিয়ে স্বতন্ত্রতা ভোগ কৰাৰ সুবিধা পাব পাৰে।

উদাৰতাবাদী চিন্তাবিদসকলে এই দুই ধৰণৰ স্বতন্ত্ৰতাৰ বিষয়ে উল্লেখ কৰিছিল। স্বতন্ত্ৰতা আৰু কৰ্তৃত্বৰ মাজৰ সম্পৰ্কৰ বিষয়ত এই দুই ধৰণৰ ধাৰণা জৰিত আছে। ৰাষ্ট্ৰৰ চৰম ক্ষমতা প্রয়োগৰ বিষয়ত আপত্তি কৰাৰ ফলত নকাৰাত্মক স্বতন্ত্ৰতাৰ ধাৰণাৰ সৃষ্টি হৈছিল। কিন্তু নকৰাত্মক স্বতন্ত্ৰতাৰ ধাৰণাৰ প্ৰতি প্ৰত্যাহবান জনোৱাৰ ফলত সকাৰাত্মক স্বতন্ত্ৰতাৰ ধাৰণাৰ সৃষ্টি হৈছিল। নকৰাত্মক স্বতন্ত্ৰতাৰ ধাৰণাই ব্যক্তিস্বার্থৰ ওপৰত গুৰুত্ব দিয়ে; আনহাতে সকাৰাত্মক স্বতন্ত্ৰতাৰ ধাৰণাই সমাজৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক অৱস্থাৰ ওপৰত গুৰুত্ব দিয়ে। নকাৰাত্মাক স্বতন্ত্ৰতাৰ ধাৰণা মতে ব্যক্তিস্বাধীনতা ভোগৰ বিষয়ত ৰাষ্ট্ৰই বাধা আৰোপ কৰা উচিত নহয়; কিন্তু সকাৰাত্মক স্বতন্ত্ৰতাৰ ধাৰণা মতে স্বতন্ত্রতা ভোগৰ কাৰণে ৰাষ্ট্ৰই প্ৰয়োজনীয় পৰিবেশৰ সৃষ্টি কৰা উচিত। 

10. DISCUSS THE MILL’S VIEWS ON LIBERTY?

Ans: ১৮৫৯ চনত প্ৰকাশ হোৱা স্বতন্ত্রতা [Liberty]” নামৰ ৰচনাত স্বতন্ত্রতা সম্পর্কে মিল ধাৰণাৰ স্পষ্ট আভাস পোৱা যায়। ইংৰাজী ভাষাত লিখা ৰচনাসমূহৰ ভিতৰত স্বতন্ত্রতা বিষয়ে মিলে লিখা ৰচনাখনক অন্যতম আখ্যা দিয়া হয়। ওৱেপাৰ মতে বাক্ স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতা সম্পৰ্কে মিলৰ স্বতন্ত্রতা নামৰ ৰচনাত উত্তম ৰচনা পোৱা নাযায়।

সেই সময়ত ইংলেণ্ডত দেখা দিয়া ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিয়ে ব্যক্তিস্বতন্ত্ৰতাৰ বিষয়ে চিন্তা কৰিবলৈ মিলক প্ৰেৰণা দিছিল। বেছথাম আৰু তেওঁৰ অনুগামী উপযোগিতাবাদৰ সমৰ্থকসকলৰ দাবীত চৰকাৰে নাগৰিকৰ বিভিন্ন কামৰ ওপৰত হস্তক্ষেপ কৰা নীতি গ্রহণ কৰিবলগা হৈছিল। কম বয়সৰ ল’ৰা ছোৱালীক কাম নিয়োগ কৰা বন্ধ কৰিবলৈ ৰচনা কৰা আইনে এই শ্ৰেণীৰ ল’ৰা-ছোৱালীৰ নিয়োগৰ পথ বন্ধ কৰিছিল; অভিভাৱকসকলেও তেওঁলোকৰ সৰু সৰু ল’ৰা-ছোৱালীক কাম কৰিবলৈ পঠাব নোৱাৰিছিল ফেক্টৰী আইনৰ জৰিয়তে শ্ৰমিকসকলৰ কাৰ্য কলাপ নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰা হৈছিল।

বেন্থামৰ আদৰ্শসমূহ কাৰ্যকৰী কৰিবলৈ কৰা চেষ্টাই ব্ৰিটিছ নাগৰিকৰ ৰাজনৈতিক জীৱনৰ ওপৰত অধিক নিয়ন্ত্রণ চলাবলৈ চৰকাৰক সুবিধা দিছিল। সেয়েহে মিলে সমাজ আৰু ব্যক্তিৰ মাজৰ সম্পৰ্কৰ পুনৰ বিচাৰ কৰাৰ দৰকাৰ অনুভৱ কৰিছিল। বেন্থামৰ ব্যক্তিবাদৰ গতি সমর্থন আছিল যদিও সংসদী সদস্যসকলক তেওঁ অধিক ক্ষমতা প্রয়োগৰ সুবিধা দিছিল। তেওঁৰ মতে বিধানমণ্ডলৰ কৰ্তৃত্বই হৈছে শ্রেষ্ঠ কৰ্তৃত্ব। বিধানমণ্ডলে গ্ৰহণ কৰা আইনসমূহ সংখ্যাগৰিষ্ঠ সদস্যৰ সমৰ্থনত গৃহীত হয়; গতিকে নাগৰিকৰ জীৱন বিভিন্ন দিশত এই আইনৰ জৰিয়তে নিয়ন্ত্রণ চলাব পৰা যায়। বেন্থামৰ তত্ত্বক কার্যত প্রয়োগ কৰিবলৈ চেষ্টা কৰাৰ ফলত নাগৰিকৰ স্বাধীনতা সেই সময়ত বিপদাপন্ন হৈছিল। এই সময়ছোৱাৰ ভিতৰতে হেগেলৰ সমাজ বিৱৰ্তনৰ চিন্তাধাৰা আৰু স্পেন্সাৰৰ চিন্তাধাৰায়ো সমাজ আৰু ব্যক্তিৰ মাজৰ সম্পৰ্কৰ বিষয়ে পুনৰ বিচাৰ কৰিবলৈ মিলক প্ৰেৰণা দিছিল। এনে পৰিস্থিতিত মিলে নাগৰিক স্বতন্ত্ৰতাৰ বিষয়তো বিচাৰ কৰিছিল আৰু ইয়াৰ ফলতেই সৃষ্টি হৈছিল তেওঁৰ বিখ্যাত ৰচনা “স্বতন্ত্রতা [Liberty]”। 

এই ৰচনাৰ জৰিয়তে নাগৰিকৰ চিন্তা, মত প্রকাশ আৰু কাৰ্যৰ স্বাধীনতাৰ প্ৰতি তেওঁ সমর্থন জনাইছিল ৷ তেওঁৰ বিশ্বাস হৈছিল যে অতীতৰ স্বেচ্ছাচাৰী ৰজাৰ নিচিনা জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰে গঠিত চৰকাৰো সংখ্যাগৰিষ্ঠৰ সমৰ্থনত অতীতৰ স্বেচ্চাচাৰী সম্ৰাটসকলৰ নিচিনা স্বেচ্ছাচাৰী হ’ব পাৰে। সেয়েহে চৰকাৰৰ স্বেচ্ছাচাৰীতাৰ পৰা নাগৰিকক ৰক্ষণা-বেক্ষণ দিয়াৰ ওপৰত তেওঁ গুৰুত্ব দিছিল আৰু এই কাৰণে তেওঁ ব্যক্তিস্বাধীনতাৰ ওপৰত গুৰুত্ব দিছিল। ব্যক্তি স্বাধীনতাৰ কাৰণে মিলে তলত দিয়া ধৰণে যুক্তি আগবঢ়াইছিল—

(১) স্বতন্ত্রতা সম্পর্কে মিলৰ ধাৰণা আছিল ব্যাপক। তেওঁৰ বিশ্বাস আছিল যে স্বাধীন চিন্তা আৰু কাম কৰাৰ সুবিধাইহে ব্যক্তিৰ মানসিক আৰু নৈতিক উন্নতি সাধন কৰিব পাৰে। স্বতন্ত্রতা অবিহনে মানুহৰ প্ৰগতি সম্ভৱ নহয়। এই বিষয়ত মিলৰ ধাৰণাৰ লগত বেন্থামৰ ধাৰণাৰ প্ৰভেদ আছে। বেন্থামে স্বতন্ত্রতাতকৈ উপযোগিতাৰ ওপৰত অধিক গুৰুত্ব দিছিল; অর্থাৎ উপযোগিতাক সন্তুষ্টি লাভৰ এটা মাধ্যম হিচাবে বিবেচনা কৰিছিল। কিন্তু মিলে স্বতন্ত্রতাক উদ্দেশ্য। লাভৰ মাধ্যমতকৈ উদ্দেশ্য হিচাপে বিবেচনা কৰিছিল। তেওঁৰ মতে স্বতন্ত্ৰতাইহে মানুহৰ নৈতিক উন্নতি সাধনত সহায় কৰিব পাৰে।

(২) মিলে ব্যক্তি স্বতন্ত্রতাক সমৰ্থন কৰিছিল যদিও, বিভিন্নতাৰ ওপৰতো গুৰুত্ব দিছিল। তেওঁৰ মতে ব্যক্তিত্বৰ প্ৰকাশ আৰু প্ৰতিভা বিকাশৰ কাৰণে ব্যক্তি স্বাধীনতাৰ দৰকাৰ যদিও, ইয়াৰ কাৰণে বিভিন্নতাৰে। দৰকাৰ। তেওঁৰ মতে মানুহে বিচৰা সন্তুষ্টিৰ উৎসৰ মাজত প্ৰভেদ আছে। সেয়েহে বিভিন্নতা অবিহনে আশা কৰা মতে মানুহে সন্তুষ্টি পাব নোৱাৰে আৰু তেওঁলোকৰ মানসিক আৰু নৈতিক উৎকর্ষ সাধন সম্ভৱো হ’ব নোৱাৰে। সেয়েহে ব্যক্তি স্বতন্ত্ৰতাৰ লগতে তেওঁ মানুহৰ মাজত থকা বিভিন্নতাৰ ওপৰতো গুৰুত্ব দিছিল।

(৩) মিলৰ মতে নিজৰ ওপৰত, নিজৰ শৰীৰ আৰু মনৰ ওপৰত ব্যক্তিয়েই হৈছে সার্বভৌম। সেয়েহে নিজৰ সুখ-সুবিধাৰ কাৰণে, ব্যক্তিত্ব প্ৰকাশ আৰু প্ৰতিভা বিকাশৰ কাৰণে ব্যক্তিৰ স্বাধীনতা থকা উচিত। কোনো ব্যক্তিৰ কাৰ্যই যদি আনৰ স্বাধীনতা ভোগৰ কাৰ্যৰ ওপৰত বাধাৰ সৃষ্টি কৰে, তেতিয়াহে ব্যক্তি স্বাধীনতা ভোগত বাধা দিয়া উচিত। অর্থাৎ মিলে ব্যক্তিৰ কাৰ্যসমূহক নিজৰ লগত জড়িত [Self-regarding] আৰু আনৰ লগত জড়িত [Others regarding] — এই দুটা ভাগত ভাগ কৰিছে। প্ৰথম ভাগৰ কামৰ ওপৰত কোনো সামাজিক নিয়ন্ত্রণ থকা উচিত নহয়। এনে বিষয়ত আৰোপ কৰা নিয়ন্ত্ৰণক ব্যক্তিত্ব প্রকাশত বাধাদান হিচাবে বিবেচনা কৰা হয়। কিন্তু ব্যক্তিৰ স্বাধীনতা ভোগৰ কাৰ্যই যদি আনৰ স্বাধীনতা ভোগৰ কাৰ্যত বাধাৰ সৃষ্টি কৰে, তেতিয়াহ’লে ব্যক্তিৰ তেনে কামত সমাজে বাধাপ্রদান কৰা উচিত।

(৪) মিলৰ মতে চৰকাৰে জনসাধাৰণৰ সুখ-সন্তুষ্টিৰ ওপৰত গুৰুত্ব দিয়া উচিত। অন্যথায় আন ধৰণৰ সামাজিক সংগঠনৰ আৱিৰ্ভাৱ হ’ব পাৰে। সেয়েহে স্বতন্ত্রতাৰ পৃষ্ঠপোষক মিলে স্বতন্ত্রতা ভোগৰ বিষয়ত বাধা আৰোপ কৰা নীতিৰ প্ৰতি সমর্থন জনাবলগা হৈছিল। তেওঁৰ মতে ব্যক্তিৰ কাৰ্যই আন ব্যক্তিৰ স্বাধীনতাৰ ওপৰত প্রতিবন্ধকতাৰ সৃষ্টি কৰিলে, সমাজে তেনে কার্যত বাধা দিয়া উচিত।

(৫) মিলৰ মতে সত্য উদ্ভাৱনৰ কাৰণে আগবঢ়োৱা কোনো মতকে বাধা দিয়া উচিত নহয়। তেওঁৰ মতে বিভিন্ন মতামত সংঘাটৰ ফলতহে প্রকৃত সত্য উদ্ঘাটন হ’ব পাৰে। কোনো বিষয়ত যদি এজন ব্যক্তিয়েও বিৰোধিতা কৰে, তেতিয়াহ’লেও তেনে মতক উপেক্ষা কৰ। উচিত নহয়। মিলৰ মতে এজনৰ বাহিৰে সমগ্র মানৱজাতি যদি এক মতত উপনীত হয়, তেতিয়াও সেইজন ব্যক্তিব মতামতকে উপেক্ষা কৰা উচিত নহয়। সেই ব্যক্তিজনৰ মত শুদ্ধ হ’ব পাৰে নাইবা ভুল হ’ব পাৰে, নাইবা তেওঁৰ মত আংশিকভাৱে শুদ্ধ হ’ব পাৰে আৰু আংশিকভাৱে ভুল হ’ব পাৰে। যদি তেওঁৰ মত শুদ্ধ হয়, তেতিয়াহলে সমগ্র মানবজাতিয়ে-সত্যক লুকাই থবলৈ চেষ্টা কৰা হ’ব আৰু ইয়াৰ ফল সমগ্ৰ মানৱজাতিয়ে ভোগ কৰিব লাগিব। অর্থাৎ এজন ব্যক্তিৰ মত শুদ্ধ হ’ব পাৰে আৰু সমাজৰ বাকী সকলো লোকৰে মত ভুল হ’ব পাৰে। যদি সেই ব্যক্তিজনৰ মত ভুল হয়, তেতিয়াও সেই মতৰ ওপৰত গুৰুত্ব দিয়া উচিত। কাৰণ সমাজে গ্ৰহণ কৰা সিদ্ধান্ত যে প্ৰকৃততে সত্য; সেই কথা প্ৰমাণ কৰিবলৈকো ভুল মতৰ ওপত গুৰুত্ব দিয়া উচিত; বিভিন্ন মতামতৰ সংঘাটৰ ফলতহে প্রকৃত সত্য উদ্ঘাটন হ’ব পাৰে | সংক্ষেপতে ক’বলৈ হ’লে ব্যক্তিস্বাধীনতাত বাধা আৰোপ কৰা নীতিৰ মিলে বিৰোধিতা কৰিছিল। তেওঁৰ এই ধাৰণাৰ সমৰ্থনত মিলে ছক্ৰেটিছ আৰু যীশুখ্ৰীষ্টৰ উদাহৰণ দাঙি ধৰিছিল।

(৬) মিলে সংখ্যাগৰিষ্ঠৰ স্বেচ্ছাচাৰী শাসনক সমৰ্থন কৰা নাছিল। তেওঁৰ মতে সংখ্যাগৰিষ্ঠসকলে তেওঁলোকৰ সিদ্ধান্ত সংখ্যালঘিষ্ঠৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰে। এনে ব্যৱস্থাই ব্যক্তিত্ব প্ৰকাশৰ বিষয়ত বাধাৰ সৃষ্টি কৰে। তেওঁৰ মতে সংখ্যাগৰিষ্ঠৰ সমৰ্থন লৈ চৰকাৰে সংখ্যালঘিষ্ঠৰ ওপৰত তেওঁলোকৰ সিদ্ধান্ত জাপি দিবলৈ চেষ্টা কৰা উচিত নহয়। অর্থাৎ মিলে সংখ্যালঘুসকলৰ স্বাৰ্থৰক্ষাৰ ওপৰতো গুৰুত্ব দিছিল।

(৭) মিলে তেওঁৰ স্বতন্ত্ৰতাৰ ধাৰণাৰ লগত আন কিছুমান বিষয় জড়িত কৰিছিল। যিসকল লোকৰ নিৰ্দিষ্ট কিছুমান গুণ আছে, তেনে লোকেহে স্বতন্ত্রৰ ব্যাপক অর্থ বুজি পায়। যিসকল লোক মানসিকভাৱে উন্নত নহয়, তেওঁলোকৰ ক্ষেত্ৰত স্বতন্ত্ৰতাৰ ধাৰণা প্রযোজ্য নহয়। সেয়েহে বৰ্বৰসকলক শাসন কৰাৰ কাৰণে স্বেচ্ছাচাৰী শাসনকে তেওঁ উপযুক্ত শাসন হিচাবে বিবেচনা কৰিছিল। এনে চৰকাৰৰ উদ্দেশ্য যদি শাসতিসকলৰ উন্নতি সাধন কৰা হয় আৰু চৰকাৰে গ্ৰহণ কৰা পদ্ধতিয়ে যদি এই উদ্দেশ্য সাধনত সহায় কৰে,

(৮) মিলে নির্বাচিত প্রতিনিধিসকলৰ স্বাধীনভাৱে মত প্রকাশ কৰাৰ অধিকাৰক মানি লৈছিল, তেওঁৰ মতে প্ৰতিনিধিসকলে নিজৰ নিজৰ সমষ্টিৰ লোকক প্ৰতিনিধিত্ব কৰে যদিও, তেওঁলোকে সমষ্টিৰ লোকৰ জনমতকে বিধানমণ্ডলত দাঙি ধৰি সন্তুষ্ট থাকা উচিত নহয়। ব্যক্তি হিচাবে প্রতিনিধিসকলৰ জ্ঞান, অভিজ্ঞতা আৰু চিন্তাশক্তি আছে। সেয়েহে দেশে সন্মুখীন হোৱা ৰাজনৈতিক আৰু সামাজিক সমস্যা সমাধানৰ কাৰণে প্ৰতিনিধিসকলে স্বাধীনভাবে নিজৰ মতামত প্রকাশ কৰা উচিত।

(৯) মিলে ব্যক্তিস্বাধীনতাৰ ওপৰত গুৰুত্ব দিছিল; কিন্তু সামাজিক নীতি-নিয়ম আৰু দেশাচাৰ আদিৰ ওপৰত বিশেষ আলোকপাত কৰা নাছিল। প্রাচীন কালৰ পৰা প্ৰচলন থকা দেশাচাৰ সম্পর্কে তেওঁ বিশেষ উল্লেখ কৰা নাছিল। তেওঁ মন্তব্য কৰিছিল যে স্বতন্ত্রতা ভোগৰ কাৰ্যই যদি নিজৰ উপকাৰ নকৰে আৰু আনৰ অন্যায় কৰে, তেতিয়াহ’লে সমাজে এনে অধিকাৰ ভোগৰ বিষয়ত বাধা আৰোপ কৰা উচিত। মিলৰ মতে ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষা কৰাত ব্যক্তিস্বাধীনতাই বাধাৰ সৃষ্টি কৰিলে, তেনে কামত বাধা দিয়া উচিত।

ওপৰৰ আলোচনাৰ পৰা সিদ্ধান্তলৈ আহিব পাৰি যে মিলৰ স্বতন্ত্ৰতাৰ ধাৰণা আছিল ব্যাপক; বিভিন্ন উপায়ে ব্যক্তিৰ ব্যক্তিত্ব প্ৰকাশ কৰা, ইয়াৰ প্ৰসাৰণ ঘটোৱা আৰু সমৃদ্ধ কৰাই কৰাই আছিল। মিলৰ উদ্দেশ্য। ব্যক্তি স্বাধীনতাৰ ওপৰত অযথা হস্তক্ষেপ তেওঁ সমৰ্থন কৰা নাছিল; এজনৰ স্বাধীনতা ভোগ কৰা কাৰ্যই আনৰ স্বাধীনতা ভোগতত বাধাৰ সৃষ্টি কৰিলেহে ব্যক্তিস্বাধীনতা ভোগত হস্তক্ষেপ কৰা নীতিক তেওঁ সমৰ্থন কৰিছিল।

11. Short Notes.

(a) LIBERTY AND LAW.

Ans: স্বতন্ত্ৰতা আৰু আইনৰ মাজৰ সম্পৰ্কৰ বিষয়েও বাজনৈতিক পণ্ডিতসকল একমত নহয়। কিছুমানৰ মতে স্বতন্ত্রতা আৰু আইন বিপৰীতধর্মী নহয়, দুয়োটাৰ মাজত ওচৰ সম্বন্ধ আছে। আইন অবিহনে স্বতন্ত্ৰতা ভোগ কৰিব পৰা নাযায়। আদর্শবাদী ৰাজনৈতিক পণ্ডিতসকলে এই মতবাদ সমর্থন কৰে। ল’কৰ মতে আইনে স্বতন্ত্ৰতা ভোগ কৰাত ই সহায়হে কৰে।

আন কিছুমান ৰাজনৈতিক পণ্ডিতে স্বতন্ত্ৰতা আৰু আইন দুয়োটা বিপৰীতধর্মী বিষয় বুলি ভাবে। স্বতন্ত্রতা বা স্বাধীনতাই ইচ্ছামতে কাম কৰা অধিকাৰক বুজায়। আনহাতে ৰাষ্ট্ৰীয় বিধি-বিধানসমূহে জনসাধাৰণৰ স্বাধীনতাত বাধা আৰোপ কৰে। সেয়েহে এটাৰ প্রতিপত্তি বেছি হ’লে, আনটোৰ প্ৰতিপত্তি কথা যেন লাগে। ব্যক্তিবাদীসকলৰ মতে ৰাষ্ট্ৰীয় বিধি- বিধানসমূহ ব্যক্তিৰ স্বাধীনতাৰ ওপৰত হস্তক্ষেপস্বৰূপ। তেওঁলোকৰ মতে আভ্যন্তৰীণ শান্তি-শৃংখলা ৰক্ষা কৰা আৰু বিদেশী আক্ৰমণৰ বিৰূদ্ধে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ বাহিৰে চৰকাৰে আন কাম কৰা উচিত নহয়। তেওঁলোকে ভাবে যে ব্যক্তিৰ প্ৰতিভা বিকাশ আৰু ব্যক্তিত্ব প্ৰকাশৰ কাৰণে চৰকাৰে আইন কৰি জনসাধাৰণৰ কাৰ্যত হস্তক্ষেপ কৰা অনুচিত। নৈৰাজ্যবাদীসকলৰ মতে আকৌ ৰাষ্ট্ৰ নাইবা চৰকাৰৰ কোনো দৰকাৰ নাই। কাৰণ, এইবোৰে জনসাধাৰণৰ স্বাধীনতাত অযথা হস্তক্ষেপ কৰে। 

তেওঁলোকৰ মতে ৰাষ্ট্ৰ বা চৰকাৰৰ যিকোনো আইনেই অবাঞ্ছনীয়। ইয়াৰ পৰা অনুমান হয় যে স্বতন্ত্ৰতা আৰু আইন দুয়োটা বিপৰীতধর্মী বিষয়। আইনে জনসাধাৰণৰ স্বাধীনতা ভোগ কৰাত প্রতিবন্ধকতাৰ সৃষ্টি কৰে, গতিকে স্বাধীনতা ভোগ কৰিবলৈ হ’লে আইন থকা উচিত নহয়। কিন্তু এই যুক্তি গ্রহণযোগ্য নহয়। আইন আৰু স্বতন্ত্রতা বিপৰীতধর্মী বিষয় নহয়। দুয়োটাৰ মাজত ওচৰ সম্বন্ধ আছে। আইন অবিহনে স্বতন্ত্রতা ভোগ কৰা সহজ নহয় স্বতন্ত্রতাই বাধাহীন স্বাধীনতাক নুবুজায়। আমাৰ ব্যক্তিগত আৰু সামূহিক উন্নতিৰ কাৰণে কিছুমান সুযোগ-সুবিধা থকা দৰকাৰ। প্ৰতিভাবিকাশ আৰু ব্যক্তিত্ব প্ৰকাশৰ এই সুযোগ-সুবিধাবোৰকে স্বতন্ত্রতা বোলা হয়। তলত উল্লেখ কৰা তিনিটা উপায়ে আইনে স্বতন্ত্ৰতা ভোগ কৰাত সহায় কৰে। প্ৰথমতে, আইনে আনৰ হস্তক্ষেপৰ পৰা আমাৰ স্বাধীনতা ৰক্ষা কৰে। অৰ্থাৎ, আমাৰ স্বাধীনতাৰ ওপৰত কোনো লোকে হস্তক্ষেপ কৰিলে আইনৰ সহায়ত এনেকুৱা হস্তক্ষেপৰ পৰা হাত সাৰিব পৰা যায়। 

গতিকে আইন আৰু স্বতন্ত্রতা পৰস্পৰবিৰোধী নহয়। হছে সেয়েহে কৈছিল যে আইন প্ৰণয়ন কৰা আৰু প্ৰয়োগ কৰাৰ কাৰণে সাৰ্বভৌম কর্তৃপক্ষ নাথাকিলে জনসাধাৰণৰ স্বাধীনতা নিৰাপদ হ’ব নোৱাৰে । উদাহৰণস্বৰূপে, ফৌজদাৰী বিধিৰ কথাই উল্লেখ কৰিব পাৰি ৷ এনেকুৱা বিধি-বিধান থকাৰ কাৰণে বলীয়ে দুৰ্বলৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰে। দ্বিতীয়তে, সামাজিক জীৱন-যাপনৰ কাৰণে আইনে কিছুমান সুবিধা আগবঢ়াই জনসাধাৰণৰ স্বাধীনতা ৰক্ষা কৰাত ভালেখিনি বৰঙনি যোগায়। যেনে, বনুৱা আইনবোৰে বনুৱাসকলৰ স্বাৰ্থৰক্ষা কৰি তেওঁলোকৰ উন্নতিৰ পথত সহায় কৰে। তৃতীয়তে, ৰাষ্ট্ৰ মৌলিক আইন সংবিধানত মৌলিক অধিকাৰ অন্তৰ্ভুক্ত কৰি চৰকাৰী হস্তক্ষেপৰ পৰা জনসাধাৰণৰ স্বাধীনতা ৰক্ষা কৰিব পৰা যায়। ভাৰতবৰ্ষ, মার্কিন যুক্তৰাষ্ট্ৰ আদি দেশত এনেকুৱা ব্যৱস্থা আছে।

ইয়াৰ পৰা দেখা যায় যে আইনে জনসাধাৰণৰ স্বতন্ত্ৰতা ৰক্ষা কৰাত সহায় কৰে। আইনে জনসাধাৰণৰ অধিকাৰসমূহক ৰক্ষণা বেক্ষণ দিয়ে। ৰাষ্ট্ৰই আইনৰদ্বাৰা বাধা আৰোপ নকৰিলে সকলো লোকৰ কাৰণে অধিকাৰ ভোগ কৰা সম্ভৱ নহয়। আইন থকাৰ কাৰণে ধনীয়ে দুখীয়াৰ ওপৰত নাইবা বলীয়ে দুৰ্বলীৰ ওপৰত অত্যাচাৰ কৰাৰ সুবিধা নাপায় । আইন থকাৰ কাৰণেহে ডাঙৰ-সৰু, ধনী-দুখীয়া, বলী-দুৰ্বলী সকলো লোকে নিজৰ নিজৰ স্বাধীনতা ভোগ কৰিব পাৰে। এনেবোৰ কাৰণতে আইনক স্বতন্ত্রতা চৰ্ত বুলি কোৱা হয়

এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে সকলো বস্তুৰে অতি মাত্ৰা বেয়া। আইনৰ ক্ষেত্ৰত ই ব্যতিক্ৰম নহয়। অর্থাৎ আইনে আমাৰ স্বাধীনতা ৰক্ষা কৰাত সহায় কৰিলেও ই আমাৰ দৈনন্দিন জীৱনৰ সকলো ক্ষেত্ৰতে অযথা হস্তক্ষেপ কৰা উচিত নহয়। অযথা চৰকাৰী হস্তক্ষেপে জনসাধাৰণৰ ব্যক্তিত্ব প্রকাশত বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে ৰাষ্ট্ৰত সুস্থ পৰিৱেশ সৃষ্টি কৰা আৰু জনসাধাৰণৰ স্বাধীনতাক ৰক্ষণা-বেক্ষণ দিয়াৰ অজুহাতত জনসাধাৰণৰ জীৱনৰ সকলো ক্ষেত্ৰতে আইনৰ নিৰ্বিচাৰ নিয়ন্ত্ৰণ বাঞ্ছনীয় নহয়।

(b) LIBERTY AND EQUALITY.

Ans: সমতা আৰু স্বতন্ত্ৰতাৰ সম্পৰ্কৰ বিষয়ে ৰাজনৈতিক পণ্ডিতসকলৰ মাজত মতভেদ দেখা যায়। কিছুমানৰ মতে সমতা আৰু স্বতন্ত্ৰতা দুয়োটা বিপৰীতধর্মী বিষয়। কিন্তু আন কিছুমানে এই মত সমৰ্থন নকৰে। তেওঁলোকৰ মতে সমতা আৰু স্বতন্ত্ৰতা বিপৰীতধর্মী নহয়; বৰং এটা আনটোৰ পৰিপূৰকহে । তেওঁলোকৰ মতে সমতা নাথাকিলে স্বতন্ত্রতা থাকিব নোৱাৰে; সেইদৰে স্বতন্ত্রতা থাকিব নোৱাৰে; সেইদৰে স্বতন্ত্ৰতাই সমতা স্থাপনত সহায় কৰে।

ডি. টক’ভিল আৰু লৰ্ড একটনৰ মতে সমতা আৰু স্বতন্ত্ৰতা দুয়োটা বিপৰীতধর্মী বিষয়। এটা থাকিলে আনটো থাকিব নোৱাৰে। তেওঁলোকে বিশ্বাস কৰে, যে সমতা প্ৰতিষ্ঠাৰ চেষ্টাই স্বতন্ত্রতা ধ্বংস কৰে। স্বতন্ত্রতা ভোগ কৰিবলৈ হ’লে সমতা প্রতিষ্ঠা কৰা সম্ভৱ নহয়। সমতা মানে যদি বীজগণিতৰ সমীকৰণক বুজোৱা হয়, তেতিয়া সমতা আৰু স্বতন্ত্ৰতাক বিপৰীতধর্মী বিষয় বিষয় হিচাবে গ্ৰহণ কৰিব পাৰি। কাৰণ, যি সমাজত চৰম স্বাধীনতা থাকে, সেই সমাজ ব্যৱস্থাত বিশৃংখলাৰ সৃষ্টি হয়। সামাজিক বিধি-বিধান ধনী শ্ৰেণীৰ অনুকূলে আৰু দুখীয়া শ্ৰেণীৰ প্ৰতিকূলে যায়। অর্থাৎ এনেকুৱা অৱস্থাত ধনী-দুখীয়া উচ্চ-নীচ, ডাঙৰ-সৰু আদিৰ মাজত সমতা স্থাপন হ’ব নোৱাৰে। অৰ্থনৈতিক ব্যৱধানৰ ওপৰত প্ৰতিষ্ঠিত সমাজব্যৱস্থাত সামাজিক আৰু ৰাজনৈতিক বৈষম্যই দেখা দিয়ে।

কিন্তু ৰাজনীতি বিজ্ঞানত সমতা আৰু স্বতন্ত্রতা-এই কথা দুটা একো একোটা বিশেষ অর্থতহে ব্যৱহাৰ হয়। সমতাই ইয়াত বীজগণিতৰ সমীকৰণক নুবুজায়। প্ৰথমতে, যি সমাজ সমতাৰ ভিত্তিত প্রতিষ্ঠিত, তাত বিশেষ শ্রেণীৰ লোকৰ কাৰণে বিশেষ সুযোগ-সুবিধাৰ ব্যৱস্থা থাকিব নোৱাৰে। দ্বিতীয়তে, সকলোৱে তেওঁলোকৰ জীৱন-ধাৰণৰ কাৰণে নিম্নতম সুবিধাবোৰ পাব লাগে। সেইদৰে স্বতন্ত্রতাই বাধাহীন স্বাধীনতাক নুবুজায়। হবছে কল্পনা কৰা প্ৰকৃতিৰ ৰাজ্যতহে মানুহে এনেকুৱা স্বতন্ত্রতা ভোগ কৰিব । মানুহৰ ব্যক্তিত্ব প্ৰকাশ আৰু প্ৰতিভা বিকাশৰ কাৰণে যিবোৰ সুযোগ সুবিধাৰ দৰকাৰ, সেই সুযোগ-সুবিধাবোৰকে স্বতন্ত্রতা বোলা হয়।

এনেকুৱা দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে সমতা আৰু স্বতন্ত্ৰতাক বিপৰীতধর্মী বিষয় হিচাবে গ্ৰহণ কৰিব নোৱাৰি। সমতা প্ৰতিষ্ঠাৰ প্রচেষ্টাই স্বাধীনতা বা স্বতন্ত্রতা ভোগৰ প্ৰচেষ্টায়ো সমতা প্রতিষ্ঠাত বাধা নজন্মায়। জনসাধাৰণৰ উন্নতিৰ কাৰণে থাকিবলগীয়া অধিকাৰৰ উপযুক্ত ব্যৱস্থাতেই স্বতন্ত্রতা নিহিত থাকে। ইয়াৰ পৰা বুজা যায় যে সমতা আৰু স্বতন্ত্ৰতাৰ মাজত বিৰোধ নাই। লাস্কিয়ে কৈছিল যে সমজা আৰু স্বতন্ত্রতা একেটা আদৰ্শৰ দুটা ফাল মাত্ৰ। যিবোৰ দেশৰ শাসনতন্ত্র ধনী শ্রেণীয়ে নিয়ন্ত্ৰণ কৰে, সেইবোৰ দেশত বিধি-বিধানবোৰে দুখীয়া শ্ৰেণীৰ লোকৰ স্বাৰ্থ ৰক্ষা নকৰিবও পাৰে। গতিকে স্বতন্ত্রতা ভোগ কৰিবলৈ হ’লে সমতা প্ৰতিষ্ঠাৰ অত্যন্ত দৰকাৰ।

সমতা নাথাকিলে স্বতন্ত্রতা মূল্যহীন হৈ পৰে। আইনৰ দৃষ্টিত সকলো লোকে সমান ব্যৱহাৰ পালেহে মানুহ নাগৰিক স্বতন্ত্রতা ভোগ কৰিব পাৰে। সেইদৰে ৰাজনৈতিক ক্ষেত্ৰত স্বতন্ত্রতা থাকিলেহে মানুহে সমান ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে। গতিকে যি সমাজ সম্পদ আৰু পদমর্যদাৰ ভিত্তিত প্রতিষ্ঠিত। তাত কেতিয়াও সকলো লোকে সমানে স্বাধীনতা ভোগ কৰিব নোৱাৰে। যিবোৰ দেশত জনসাধাৰণৰ মাজত আয় আৰু সম্পদৰ ক্ষেত্ৰত বিৰাট ব্যৱধান থাকে, তেনেকুৱা ৰাষ্ট্ৰত ধনী শ্রেণীয়ে শাসনযন্ত্র নিয়ন্ত্রণ কৰে আৰু ৰাষ্ট্ৰীয় বিধি-বিধানবোৰেও তেওঁলোকৰ স্বাৰ্থপূৰ্ণত সহায় কৰে। ধনী শ্ৰেণীৰ লোকৰ কাৰণে শাসনৰ গাদী দখল কৰা সহজ হৈ পৰে। এনেকুৱা শাসন পদ্ধতিয়ে দুখীয়া শ্ৰেণীৰ স্বাৰ্থ ৰক্ষাত সহায় নকৰিবও পাৰে। গতিকে স্বতন্ত্ৰতা ভোগ কৰিবলৈ হ’লে অর্থনৈতিক সমতাৰ অত্যন্ত দৰকাৰ। অৰ্থনৈতিক সমতা নাথাকিলে স্বতন্ত্রতা, ৰাজনৈতিক আৰু সামাজিক সমতা মূল্যহীন হৈ পৰে। যি সমাজত উচ্চ-নীচ, ধনী-দুখীয়া, শিক্ষিত-অশিক্ষিতৰ মাজত প্রভেদ থাকে, তাত মানুহৰ মাজত থকা সম্বন্ধ মালিক আৰু বনুৱাৰ মাজত থকা সম্বন্ধৰ নিচিনা হয়গৈ। স্বাধীনতাক তাত নীলামত দিয়া হয়, দুখীয়াসকলে বিক্ৰী কৰে আৰু ধনীক শ্ৰেণীয়ে কিনি লয়।

(C) LIBERTY AND AUTHORITY.

Ans: স্বতন্ত্ৰতা আৰু কৰ্তৃত্বৰ সম্পৰ্কৰ বিষয়ে দুটা বিপৰীতমুখী মত পোৱা যায়। কিছুমানৰ মতে কৰ্তৃত্ব থাকিলে স্বতন্ত্রতা ভোগ কৰিব নোৱাৰি। অৰ্থাৎ স্বতন্ত্রতা ভোগ কৰিবলৈ হ’লে জনসাধাৰণৰ ওপৰত কোনো কৰ্তৃপক্ষ থকা অনুচিত। আন কিছুমানে এই মতবাদ মানি নলয়। তেওঁলোকৰ মতে সাৰ্বভৌম কৰ্তৃপক্ষ থাকিলেহে স্বতন্ত্ৰতা ভোগ কৰিব পাৰি। অষ্টাদশ শতিকাৰ কিছুমান ৰাজনৈতিক পণ্ডিতে কৰ্তৃত্ব স্বতন্ত্ৰতাৰ পৰিপন্থী বুলি বিশ্বাস কৰিছিল। সেই সময়ত ব্যক্তিবাদী ভাবধাৰাই তেওঁলোকৰ সমৰ্থন লাভ কৰিছিল। ব্যক্তিবাদৰ মতে চৰকাৰে আভ্যস্তৰীণ আইন-শৃংখলা ৰক্ষা কৰা আৰু বৈদেশিক আক্ৰমণৰ পৰা ৰাষ্ট্ৰক ৰক্ষা কৰাৰ বাহিৰে আন কাম কৰা উচিত নহয়। অর্থাৎ চৰকাৰে জনসাধাৰণৰ দৈনন্দিন কাম-কাজৰ ওপৰত হস্তক্ষেপ কৰা অনুচিত। যিসকল লোকে ব্যক্তিবাদ সমৰ্থন কৰিছিল তেওঁলোকে চৰকাৰী কামে জনসাধাৰণৰ স্বাধীনতাত হস্তক্ষেপ কৰা বুলি ধৰা হৈছিল।

কিন্তু এই মতবাদ গ্রহণযোগ্য নহয়। বাস্তব অভিজ্ঞতাৰ পৰা দেখা যায় যে স্বতন্ত্রতা ভোগ কৰিবলৈ হ’লে ক্ষমতাসম্পন্ন কৰ্তৃপক্ষৰ দৰকাৰ। সার্বভৌম কর্তৃপক্ষ অবিহনে স্বতন্ত্রতা ভোগ কৰিব নোৱাৰি। উইলবাইৰ মতে ক’বলৈ হ’লে বাধা থকাৰ কাৰণেহে মানুহে স্বাধীনতা ভোগ কৰিব পাৰে। সভ্য সমাজত স্বতন্ত্রতা বা স্বাধীনতা বুলিলে সীমিত স্বাধীনতাকহে বুজায়। অবাধ স্বাধীনতা কোনেও ভোগ কৰিব নোৱাৰে। স্বতন্ত্রতাই প্রতিভা বিকাশ আৰু ব্যক্তিত্ব-প্ৰকাশৰ কাৰণে দৰকাৰী অৱস্থাকহে বুজায়। প্রত্যেক লোকে যদি অবাধ স্বাধীনতা ভোগ কৰিব বিচাৰে তেনেহ’লে সমাজত অৰাজকতাৰ সৃষ্টি হ’ব। মানুহৰ অৱস্থা হছে বৰ্ণনা কৰা প্ৰাকৃতিক অৱস্থাৰ নিচিনা হ’ব। কর্তৃত্ববিহীন অৱস্থাত স্বাধীনতা ভোগ কৰাৰ উদাহৰণ পোৱা নাযায়। প্রটেষ্টান্টসকলে পোপৰ কৰ্তৃত্বৰ ঠাইত বাইবেলৰ কৰ্তৃত্ব প্রতিষ্ঠা কৰিছিল। এটা কৰ্তৃপক্ষৰ পৰিৱৰ্তে আন এটা কৰ্তৃপক্ষৰ আনুগত্য স্বীকাৰ কৰা ভালেমান উদাহৰণ ইতিহাসত পোৱা যায়।

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে কৰ্তৃত্বই স্বতন্ত্রতা ভোগ কৰাত প্ৰতিবন্ধকতাৰ সৃষ্টি নকৰে। স্বতন্ত্রতা ভোগ কৰাত ই বৰং সহায়হে কৰে। ল’কে বহুদিনৰ আগতেই মন্তব্য কৰিছিল যে বিধি অবিহনে স্বাধীনতা বা স্বতন্ত্রতা ভোগ কৰিব পৰা নাযায়। হকিংছৰ মতে মানুহে যিমানেই স্বাধীনতা ভোগ কৰিব বিচাৰে, সিমানেই তেওঁলোকে সার্বভৌম কর্তৃপক্ষৰ নীতি-নিয়ম মানি চলিবলগা হয়। সংগীতজ্ঞ হ’ব বিচাৰিলে প্ৰথমে সংগীতৰ কৌশলবোৰ শিকি ল’ব লগা হয়।

12. Discuss various types of liberty.

Ans: স্বতন্ত্ৰতাৰ ধাৰণা বৰ বিস্তৃত। বিভিন্নজনে ইয়াক বিভিন্ন অৰ্থত ব্যৱহাৰ কৰিব পাৰে। মেকআইভাৰৰ মতে স্বতন্ত্ৰতাই বিভিন্ন ধৰণৰ স্বতন্ত্রতাক বুজায়। স্বতন্ত্রতাক 

(ক) প্রাকৃতিক স্বতন্ত্রতা [Natural Liberty]। 

(খ) ব্যক্তিগত স্বতন্ত্রতা [Personal Liberty]।

(গ) ৰাজনৈতিক স্বতন্ত্রতা [Political Liberty ]।

(ঘ) অর্থনৈতিক স্বতন্ত্রতা [Economic Liberty]।

(ঙ) জাতীয় স্বতন্ত্রতা [National Liberty]। আদি ভাগত আলোচনা কৰিব পাৰি।

(ক) প্রাকৃতিক স্বতন্ত্রতা [Natural Liberty] : প্রাকৃতিক স্বতন্ত্ৰতাই নিজৰ ইচ্ছামতে কাম কৰিব পৰা অৱস্থাক বুজায় ৷ প্রাকৃতিক অৱস্থাত প্রাকৃতিক আইনৰ প্ৰচলন থকা সময়তহে এনে স্বতন্ত্ৰতা ভোগ কৰাৰ সুবিধা থাকিব পাৰে। সামাজিক চুক্তিৰ পৃষ্ঠপোষকসকলে প্রাকৃতিক স্বতন্ত্ৰতাৰ প্ৰতি সমর্থন জনাইছিল। প্রাকৃতিক অৱস্থাত “জোৰ যাৰ মুলুক তাৰ”। “যি পাৰা লোৱা আৰু যাকে পাৰা হত্যা কৰা” এই নীতিৰ প্ৰচলন আছিল। অৰ্থাৎ শক্তিশালী লোকসকলেহে স্বতন্ত্ৰতা ভোগ কৰাৰ সুবিধা পাইছিল। অর্থাৎ ৰাষ্ট্ৰ উৎপত্তিৰ আগতেহে মানুহে এনে ধৰণৰ স্বাধীনতা ভোগ কৰিব পাৰিছিল। সাম্প্ৰতিক কালত এনেকুৱা স্বতন্ত্ৰতাৰ স্থান নাই। প্রাকৃতিক স্বতন্ত্ৰতাৰ ধাৰণাটো গ্ৰহণযোগ্যও নহয়; কিয়নো ৰাষ্ট্ৰহীন অৱস্থাত কোনোৱে স্বতন্ত্রতা ভোগ কৰিব নোৱাৰে। গ্ৰীণৰ মতে মানুহৰ আত্মচেতনাই স্বতন্ত্রতা বিচাৰে, স্বতন্ত্ৰতাৰ পৰা অধিকাৰৰ সৃষ্টি হয় আৰু ৰাষ্ট্ৰৰ পৰাহে মানুহে অধিকাৰ পায়। 

অর্থাৎ ৰাষ্ট্ৰৰ পৰাহে নাগৰিক অধিকাৰ পায় আৰু ৰাষ্ট্ৰৰইহে অধিকাৰক ৰক্ষণা বেক্ষণ দিয়াৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে। সামাজিক চুক্তিৰ অন্যতম পৃষ্ঠপোষক ৰুছোইও উল্লেখ কৰিছে যে সামাজিক চুক্তিৰ ফলত মানুহে প্ৰাকৃতিক স্বতন্ত্রতা অর্থাৎ নিজৰ ইচ্ছামতে কাম কৰিব পৰা অধিকাৰ হেৰুৱাইছিল; ইয়াৰ পৰিৱৰ্তে তেওঁলোকে নাগৰিক অধিকাৰ ভোগ কৰাৰ সুবিধা পাইছিল। ৰাষ্ট্ৰ বিহীন অৱস্থাত স্বতন্ত্রতা থাকিব নোৱাৰে। সু-সংগঠিত আৰু সাৰ্বভৌম ৰাষ্ট্ৰতহে স্বতন্ত্ৰতা ভোগ কৰাৰ সুবিধা পোৱা যায়। সেয়েহে প্রাকৃতিক অধিকাৰৰ ধাৰণা গ্রহণযোগ্য নহয়।

(খ) ব্যক্তিগত বা নাগৰিক স্বাধীনতা | Personal Liberty] : ব্যক্তিয়ে নিজৰ ইচ্ছামতে কাম কৰিব পৰা অৱস্থাকেই ব্যক্তি স্বতন্ত্রতা বোলা হয়। ব্লেকষ্টোনৰ মতে ব্যক্তিগত নিৰাপত্তা, ব্যক্তিৰ ভ্ৰমণ কৰাৰ স্বতন্ত্ৰতা আৰু ব্যক্তিগত সম্পত্তিৰ ব্যৱহাৰ, ভোগ আৰু হস্তান্তৰ কৰাৰ স্বাধীনতাকেই ব্যক্তি স্বতন্ত্রতা বোলা হয়। বাৰ্কাৰৰ মতে ব্যক্তি স্বতন্ত্রতা তিনিটা বিষয়ৰ লগত জড়িত থাকে। এই তিনিটা বিষয় হৈছে দৈহিক স্বতন্ত্রতা অর্থাৎ জীৱন, স্বাস্থ্য আৰু ভ্ৰমণ কৰাৰ বিষয়ত স্বাধীনতা, চিন্তা, বিশ্বাস আৰু মতপ্রকাশৰ স্বতন্ত্ৰতা আৰু নিজৰ পছন্দ অনুযায়ী আনৰ লগত সম্পৰ্ক স্থাপন আৰু চুক্তি স্বাক্ষৰ কৰাব স্বাধীনতা। লাস্কিৰ মতে ব্যক্তিৰ নিজৰ স্বাৰ্থৰ লগত জৰিত বিষয়ত থকা স্বাধীনতাই হৈছে ব্যক্তি স্বাধীনতা। অর্থাৎ ব্যক্তিৰ ব্যক্তিত্ব প্ৰকাশ আৰু প্ৰতিভা বিকাশৰ বিষয়ত থকা স্বতন্ত্রতাই হৈছে ব্যক্তি স্বতন্ত্রতা। মিলে ব্যক্তি স্বাধীনতাৰ প্ৰতি সমর্থন জনাইছিল। তেওঁৰ মতে যিবোৰ বিষয়ত অকল ব্যক্তিৰ নিজৰ স্বাৰ্থ জড়িত থাকে, তেনে বিষয়ত বাধা থকা উচিত নহয়; কিয়নো নিজৰ ওপৰত, নিজৰ শৰীৰ আৰু মনৰ ওপৰত ব্যক্তিয়েহে হৈছে সার্বভৌম। এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে ব্যক্তি স্বতন্ত্রতাই বাধাহীন স্বাধীনতাক নুবুজায়। আইনে বান্ধি দিয়া সীমাৰ মাজত থাকিহে স্বতন্ত্রতা ভোগ কৰিব পাৰি।

(গ) ৰাজনৈতিক স্বতন্ত্রতা[ Political Liberty] : দেশৰ শাসনৰ বিষয়ত প্রত্যক্ষ নাইবা পৰোক্ষভাৱে অংশগ্ৰহণ কৰাৰ কাৰণে থকা স্বাধীনতাকেই। ৰাজনৈতিক স্বতস্ত্ৰতা বোলা হয়। লাস্কিৰ মতে শাসনৰ বিষয়ত অংশগ্ৰহণ কৰিব পৰা সুবিধাই হৈছে ৰাজনৈতিক স্বতন্ত্রতা। লিককে সাংবিধানক স্বতন্ত্রতা তথা অধিকাৰকেই ৰাজনৈতিক স্বতন্ত্রতা হিচাবে অভিহিত কৰিছে। ৰাজনৈতিক স্বতস্ত্ৰতা থাকিলে জনসাধাৰণে তেওঁলোকৰ প্ৰতিনিধি নির্বাচন কৰিব পাৰে আৰু এই প্রতিনিধিসকলৰ ওপৰত জনসাধাৰণৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰে। গীলখ্ৰীইষ্ট [Gilchrist]- ৰ মতে গণতান্ত্ৰিক আদৰ্শৰ প্ৰচলন থকা দেশতহে নাগৰিকসকলে ৰাজনৈতিক স্বতন্ত্রতা ভোগ কৰাৰ সুবিধা পায়৷ ৰাজনৈতিক স্বতন্ত্রতাই ভোটদানৰ অধিকাৰ, নিৰ্বাচনতপ্ৰাৰ্থী হোৱাৰ অধিকাৰ, চৰকাৰী চাকৰিৰ কাৰণে আবেদন কৰাৰ অধিকাৰ, চৰকাৰী নীতি সমালোচনা কৰাৰ অধিকাৰ আদিক বুজায়। লাস্কিৰ মতে ৰাজনৈতিক স্বতন্ত্ৰতা ভোগ কৰাৰ কাৰণে দুটা চৰ্তৰ প্ৰয়োজন প্রথমতে, প্রত্যেক ব্যক্তিয়ে নিৰ্দিষ্ট মানদণ্ডৰ শিক্ষালাভ কৰিবলৈ সুবিধা পোৱা উচিত আৰু দ্বিতীয়তে, প্ৰচাৰ মাধ্যমসমূহে নির্ভুল আৰু তথ্যপূর্ণ সংবাদ প্ৰচাৰ কৰা উচিত।

নাগৰিক স্বতন্ত্ৰতা আৰু ৰাজনৈতিক স্বতন্ত্ৰতাৰ মাজৰ সম্পৰ্ক [ Relations Between Personal Liberty and Political Liberty] : নাগৰিক স্বতন্ত্ৰতা আৰু ৰাজনৈতিক স্বস্ত্ৰতাৰ মাজত ঘনিষ্ঠ সম্পর্ক আছে। নাগৰিক স্বতন্ত্রতা অবিহনে ৰাজনৈতিক স্বতন্ত্ৰতা মূল্যহীন হৈ পাৰ। উদাহৰণস্বৰূপে বাক-স্বাধীনতা, মতপ্রকাশৰ স্বাধীনতা, সংগঠন প্ৰতিষ্ঠাৰ স্বাধীনতা নাথাকিলে ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাত অসুবিধাৰ সৃষ্টি হয়। দেশৰ শাসনৰ বিষয়ত জনমতৰ ভূমিকাৰ কাৰণে এনে ধৰণৰ স্বাধীনতাৰ প্রয়োজন। সংগঠন, প্ৰচাৰ মাধ্যম, ৰাজনৈতিক দল আদিৰ জৰিয়তে জনমত প্ৰকাশ কৰি জনসাধাৰণে চৰকাৰৰ নীতি সমালোচনা কৰিব পাৰে আৰু চৰকাৰী কাম-কাজৰ ওপৰত জনসাধাৰণৰ নিয়ন্ত্রণ সাব্যস্ত কৰিব পাৰে। সেইদৰে ৰাজনৈতিক অধিকাৰ নাথাকিলে ব্যক্তি স্বতন্ত্ৰতাৰো মূল্য নাথাকে। স্বেচ্ছাচাৰী শাসনত জনসাধাৰণে ৰাজনৈতিক স্বাধীনতা আৰু ব্যক্তিস্বাধীনতা ভোগ কৰাৰ সুবিধা নাপায়। সেয়েহে ব্যক্তি স্বতন্ত্ৰতা আৰু ৰাজনৈতিক স্বতন্ত্ৰতাৰ মাজত ঘনিষ্ঠ সম্পর্ক আছে, এটা অবিহনে আনটো ভোগ কৰাৰ সুবিধা নাথাকে।

(ঘ) অর্থনৈতিক স্বতন্ত্রতা [ Economic Liberty] : অর্থনৈতিক স্বতন্ত্রতাই অর্থনৈতিক নিৰাপত্তাক বুজায়। অর্থনৈতিক নিৰাপত্তা থাকিলেহে মানুহে নিজৰ নিজৰ ব্যক্তিত্ব প্রকাশ আৰু প্ৰতিভা বিকাশ কৰাৰ সুবিধা পাব পাৰে। নাগৰিকসকলৰ যেতিয়া কাম কৰাৰ অধিকাৰ, অৰ্হতা আৰু যোগ্যতা অনুসৰি মজুৰি পোৱাৰ অধিকাৰ, বিশ্ৰাম আৰু জিৰণিৰ অধিকাৰ, উপযুক্ত পৰিবেশত কাম কৰাৰ অধিকাৰ, বৃদ্ধকালত আৰু শাৰীৰিক অক্ষমতাৰ সময়ত অৰ্থনৈতিক নিৰাপত্তা থাকে, তেতিয়া তেনে দেশৰ নাগৰিকৰ অৰ্থনৈতিক স্বতন্ত্রতা থকা বুলি কোৱা হয়। অর্থনৈতিক স্বতন্ত্রতা অবিহনে ৰাজনৈতিক স্বতন্ত্ৰতা আৰু নাগৰিক স্বতন্ত্রতা মূল্যহীন হয়। নিজৰ স্বতন্ত্ৰতা ৰক্ষাৰ কাৰণে যি লোকৰ আদালতৰ সহায় লোৱাৰ আৰ্থিক সামর্থ্য নাই, তেনে লোকৰ স্বাধীনতাৰ ওপৰত সকলোৱে হস্তক্ষেপ কৰিব পাৰে। যিবোৰ মানুহে জীৱন-নিৰ্বাহ কৰাৰ কাৰণে সদায় চিত্তা কৰিবলগা হয়, তেনে লোকৰ কাৰণে ৰাজনৈতিক স্বাধীনতা ৰক্ষা কৰাৰ উদ্দেশ্যে প্রয়োজনীয় সময়, শক্তি আৰু ধৈর্য নাথাকে। ৰাজনৈতিক সমস্যাৰ বিশ্লেষণৰ কাৰণে যি লোকৰ সময়ৰ অভাৱ বাক-স্বাধীনতাই তেনে লোকক কোনো ধৰণে সহায় কৰিব নোৱাৰে। 

যি ব্যক্তিয়ে সদায় খোৱা পিন্ধা আৰু বাসস্থানৰ কাৰণে চিন্তা কৰি থাকিব লাগে; তেনে লোকৰ কাৰণে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰাটো কল্পনাৰ বাহিৰে আন একো নহয় গণতান্ত্ৰিক আদৰ্শৰ প্ৰচলন থকা দেশসমূহৰ ৰাষ্ট্ৰীয় সুযোগ-সুবিধা সকলো লোকৰ কাৰণে মুকলি থাকে যদিও, সকলো লোকে সেই সেই সুযোগ-সুবিধা ভোগ কৰাৰ সুবিধা নাপায় ৷ অর্থনৈতিক স্বতন্ত্রতা নাথাকিলে ব্যক্তিৰ যোগ্যতা নির্ণয় কৰাও সম্ভৱ নহয়। দৌৰৰ প্ৰতিযোগিতাত প্ৰতিযোগীসকলে একে সময়তে দৌৰ আৰম্ভ নকৰিলে যেনেকৈ শ্রেষ্ঠ প্রতিযোগী নিৰ্বাচন কৰা টান, সেইদৰে অৰ্থনৈতিক স্বতন্ত্রতা নাথাকিলেও মানুহৰ যোগ্যতা নিৰ্ণয় কৰা টান। দৌৰৰ প্ৰতিযোগিতাত প্ৰতিযোগীসকলৰ কাৰণে মুকলি পথাৰৰ ব্যৱস্থা কৰাটোৱে যথেষ্ট নহয়, যোগ্য প্রতিযোগী নিৰ্বাচনৰ কাৰণে এক সময়তে দৌৰ আৰম্ভ কৰাও উচিত। সেইদৰে দেশৰ নাগৰিকসকলক ৰাজনৈতিক আৰু নাগৰিক স্বতন্ত্রতা দিয়াটোৱে যথেষ্ট নহয়; এনেবোৰ অধিকাৰ ভোগ কৰাৰ কাৰণে তেওঁলোকৰ অৰ্থনৈতিক স্বতন্ত্রতাও থকা উচিত।

(ঙ) জাতীয় স্বতন্ত্রতা [National Liberty] : জাতীয় স্বতন্ত্রতাই কোনো এখন দেশক আন দেশৰ নিয়ন্ত্ৰণৰ পৰা বাহিৰত থকা অৱস্থাক বুজায়। সার্বভৌম আৰু স্বাধীন দেশ এখনৰহে জাতীয় স্বতন্ত্রতা থকা বুলি কোৱা হয়। স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ এখনে নিজৰ সুবিধা হোৱাকৈ আভ্যন্তৰীণ আৰু পৰৰাষ্ট্ৰ নীতি গ্ৰহণ কৰিব পাৰে। এনে নীতি গ্রহণ কৰা বিষয়ত স্বাধীন ৰাষ্ট্ৰ দেশৰ নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ বাধ্য নহয়। স্বাধীন দেশ এখনৰ পৰাহে নাগৰিকসকলে অধিকাৰ পায় আৰু এই অধিকাৰ ভোগ কৰাৰ কাৰণে চৰকাৰে প্ৰয়োজনীয় পৰিবেশৰ সৃষ্টি কৰিব পাৰে। আমাৰ দেশ ব্ৰিটিছৰ শাসনৰ তলত থকা সময়ত আমাৰ দেশৰ জাতীয় স্বতন্ত্রতা নাছিল, সেয়েহে বিভিন্ন ধৰণৰ অধিকাৰ ভোগ কৰাৰ বিষয়ত আমাৰ দেশৰ লোকসকল সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল। সকলো ধৰণৰ স্বতন্ত্ৰতাতকৈ জাতীয় স্বতন্ত্রতা হৈছে গুৰুত্বপূৰ্ণ; কিয়নো স্বাধীন দেশৰ নাগৰিকসকলেহে বিভিন্ন ধৰণৰ স্বতন্ত্রতা ভোগ কৰাৰ সুবিধা পায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top