Political Sociology Unit 1 ৰাজনৈতিক সমাজতত্ত্বৰ পৰিপ্ৰেক্ষা

Political Sociology Unit 1 ৰাজনৈতিক সমাজতত্ত্বৰ পৰিপ্ৰেক্ষা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Sociology Unit 1 ৰাজনৈতিক সমাজতত্ত্বৰ পৰিপ্ৰেক্ষা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Sociology Unit 1 ৰাজনৈতিক সমাজতত্ত্বৰ পৰিপ্ৰেক্ষা Question Answer can be of great value to excel in the examination.

Political Sociology Unit 1 ৰাজনৈতিক সমাজতত্ত্বৰ পৰিপ্ৰেক্ষা

Join Telegram channel

Political Sociology Unit 1 ৰাজনৈতিক সমাজতত্ত্বৰ পৰিপ্ৰেক্ষা Notes cover all the exercise questions in UGC Syllabus. The Political Sociology Unit 1 ৰাজনৈতিক সমাজতত্ত্বৰ পৰিপ্ৰেক্ষা in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

5. Explain the utility of political’ sociology in understanding human society.

Ans : ৰাজনৈতিক সমাজতত্বৰ উপযোগিতা (Utility of Political Sociology) 

বৰ্তমান বিশ্বৰ সকলো দেশৰে ৰাজনৈতিক তথা সামাজিক অনুষ্ঠানসমূহ এটা আনটোৰ সৈতে সম্পৰ্কযুক্ত সমাজ ব্যৱস্থাৰ জটিলতা বৃদ্ধি হৈ অহাৰ লগে লগে এই অনুষ্ঠানসমূহৰ বিষয়ে সুকীয়া আলোচনা তথা অধ্যয়ন এক প্ৰকাৰৰ অসম্ভৱ হৈ পৰিছে। সামাজিক তথা ৰাজনৈতিক বিষয়  সম্পৰ্কীয় সকলো অধ্যয়ন ৰাজনৈতিক সমাজতত্বৰ মাধ্যমত বিস্তৃতভাৱে বিশ্লেষণ আগবঢ়োৱা হৈছে।  ৰাজনৈতিক সমাজতত্বৰ অধ্যয়ন সাম্প্ৰতিক কালত খুবেই প্ৰয়োজনীয় হৈ পৰিছে। ৰাজনৈতিক সমাজতত্ব অধ্যয়নৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ উপযোগিতা সম্পৰ্কে তলত আলোচনা কৰা হ’ল – 

১l ৰাজনৈতিক সমাজতত্বৰ পৰিসৰে ইয়াৰ গুৰুত্ব বৃদ্ধিত সহায় কৰিছে। ৰাজনৈতিক সমাজতত্ব হৈছে ৰাজনীতি আৰু সমাজতত্বৰ এক মিশ্ৰিত বিষয় যদিও বিষয় হিচাপে ইয়াৰ স্বতন্ত্ৰ সত্তা আছে। অধ্যয়নৰ বিষয়ে হিচাপে ইয়াৰ প্ৰথম লক্ষ্য হৈছে ৰাজনৈতিক তথা সামাজিক পৰিঘটনাৰ পাৰস্পৰিক অধ্যয়ন পৰীক্ষা-নিৰীক্ষা কৰা।

২l ৰাজনীতি বিজ্ঞানৰ মূল অৱধাৰণাসমূহৰ ক্ষেত্ৰত থকা সংকীৰ্ণতা দূৰ কৰাত ৰাজনৈতিক সমাজতত্বৰ অৱদান অনস্বীকাৰ্য।অৰ্থাৎ ৰাজনৈতিক সমাজতত্বই গৱেষণাৰ নতুন নতুন দিশ মুকলি কৰি বিষয়বস্তু বিশ্লেষণৰ ক্ষেত্ৰত নতুন নতুন পদ্ধতি অৱলম্বন কৰি, ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ পৰিধিৰ আৰু অধিক বহল কৰিছে।

৩l আধুনিক ৰাজনীতিৰ সৈতে সমাজৰ ওতপ্ৰোত সম্পৰ্ক পৰিলক্ষিত হয়। ৰাজনীতিৰ ক্ষেত্ৰত দেখা যায় যে বৰ্তমান আমোলতন্ত্ৰ অবিহনে কোনো ধৰণৰ চৰকাৰী নীতি গ্ৰহণ আৰু কাৰ্যকৰী কৰাৰ সুবিধা নাই। কিন্তু আমোলতন্ত্ৰ বৰ্তমান কেৱল ৰাজনৈতিক অনুষ্ঠান হিচাপেহে থকা নাই, ই সামাজিক সমূহ হিচাপেহে বিবেচিত হৈছে। গতিকে সাম্প্ৰতিক কালত আমোলতন্ত্ৰৰ প্ৰকৃত স্বৰূপ আৰু সমাজ তথা ৰাজনীতিত ইয়াৰ ভূমিকাৰ বিষয়ে জানিবলৈ ৰাজনৈতিত সমাজতত্বৰ বিষয়ে অধ্যয়ন আৱশ্যক হৈ পৰিছে।

৪l সামাজিক তথা ৰাজনৈতিক ব্যৱস্থাৰ সৈতে জড়িত কিছুমান কেন্দ্ৰীয় বিষয় যেনে – প্ৰতিনিধিত্ব, নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্য, ক্ষমতা, কৰ্তৃত্ব, ৰাজনৈতিক বিৰোধ, ৰানীতিত আদৰ্শৰ ভূমিকা, ৰাজনৈতিক দল, প্ৰভাৱ গোষ্টী, সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থা, যোগাযোগ, উন্নয়ন, গনসংযোগ মাধ্যমসমূহৰ ভূমিকা ইত্যাদিৰ জনজীৱনৰ ওপৰত প্ৰভাৱ সম্পৰ্কে বিস্তৃত আৰু অৰ্থপূৰ্ণ ধাৰণা গঢ়ি তোলে ৰাজনৈতিক সমাজতত্বই । যাৰ কাৰণে এই বিষয়টোৰ সম্পৰ্কে আধুনিক কালৰ নাগৰিকসকলৰ সম্যক জ্ঞান থকাটো দৰকাৰ।

৫l ভোটাধিকাৰ যদিও এটা ৰাজনৈতিক অধিকাৰ, তথাপিতো এজন নাগৰিকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে কি কি সামাজিক দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰে সেই বিষয়ে জনাটো দৰকাৰ। বৰ্তমান বিশ্বৰ সকলো দেশতে শিক্ষা,সামাজিক শ্ৰেণী, জাতি, ধৰ্ম, ভাষা, লিংগ আদিৰ দৰে কাৰকে ভোটাৰৰ পছন্দত প্ৰভাৱ পেলায়। ভোটদানৰ আচৰণ সম্পৰ্কে সবিশেষ জ্ঞান দিয়ে ৰাজনৈতিক সমাজতত্বই। 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৬l ভোটাৰসকলৰ নিচিনাকৈ ৰাজনীতিবিদসকলেও নিজৰ নিজৰ ৰাজনৈতিক সম্পৰ্কে জানিব লাগে। এইখিনিতে ৰাজনৈতিক সমাজতত্বৰ জ্ঞানে সহায়কৰ ভূমিকা পালন কৰে।ভোটাৰসকলক প্ৰভাৱিত কৰা বিভিন্ন কাৰকৰ উপৰি নিৰ্বাচনী প্ৰচাৰকাৰ্য ফলদায়ক কৰিবলৈ ৰাজনৈতিক সমাজতত্বৰ জ্ঞান অপৰিহাৰ্য।

৭l ৰাজনৈতিক সমাজতত্বই ৰাজনীতিৰ অৰ্থৰ পৰিধি আৰু বহল কৰিছে। ৰাজনৈতিক সমাজতত্বৰ আলোচনাৰ মাজেৰে ব্যৱহাৰিক ৰাজনীতিৰ বহুবোৰ বিষয়ে সমৃদ্ধি লাভ কৰিছে। সমকালীন সামাজিক আৰু ৰাজনৈতিক পৰিস্হিতিত জনমত সৃষ্টি আৰু সংৰক্ষণ কেনেদৰে সম্ভৱ সেই বিষয়ে জনসাধাৰণৰ লগতে ৰাজনৈতিক দলৰ নেতা আৰু কৰ্মীসকলে জনাটো দৰকাৰ। যি বিষয়ে জ্ঞান দিয়ে ৰাজনৈতিক সমাজতত্বই।

৮l ৰাজনৈতিক সমাজতত্বই সমাজ বিজ্ঞানৰ গৱেষণাৰ এক নতুন দিশ উন্মোচিত কৰিছে। ৰাজনৈতিক সমাজতত্বই বিকাশ লাভ কৰাৰ আগতে ৰাজনীতি বিজ্ঞান আৰু সমাজতত্বৰ গৱেষণাৰ ক্ষেত্ৰত পৰম্পৰাগত পদ্ধতি ব্যৱহৃত হৈছিল।কিন্তু ৰাজনৈতিক সমাজতত্বই পোনপ্ৰথমবাৰৰ বাবে দুটা বিষয়ৰ আন্তঃ সম্পৰ্কৰ  মাজেৰে বিশ্লেষণ আৰু গৱেষণাৰ নতুন দিশ নিৰ্ণয় কৰিছে, যিটো সাম্প্ৰতিক কালৰ বাবে অতি প্ৰয়োজনীয় বুলি বিবেচিত হৈছে।

৯l ৰাজনৈতিক সমাজতত্বই ইয়াৰ বিভিন্ন তত্ত্বৰ বাস্তৱধৰ্মী, দ্ব্যৰ্থহীন তথা সচেতনভাৱে বিশ্লেষণৰ বিকাশত সহায় কৰাৰ লগতে তত্বগত আৰু ব্যৱহাৰিক ক্ষেত্ৰত এইবোৰৰ গৱেষণাৰ দিশত নতুন পৰিধিৰ উন্মেষ ঘটায়। ৰাজনীতিৰ বিভিন্ন পৰিবৰ্তনশীল কাৰক, যেনে – সামাজিক শ্ৰেণী, সংস্কৃতি, অৰ্থনৈতিক তথা সামাজিক পৰিৱৰ্তন ইত্যাদিৰ প্ৰকৃত স্থিতি নিৰূপণ কৰাত ৰাজনৈতিক সমাজত্বৰই সহায়কৰ হাত আগবঢ়ায়।

১০l ৰাজনৈতিক সমাজতত্বই কিছুমান নতুন নতুন বিষয়ৰ বিকাশত সহায় কৰাৰ লগতে ই প্ৰাচ্য আৰু পাশ্চাত্যৰ বিভিন্ন দেশৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ মানৰ একৰূপতা অনাৰ ক্ষেত্ৰত আগ্ৰহী।যাৰ বাবে এই বিষয়টোৱে দিনে দিনে গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছে।

১১l দ্বিতীয় মহাসমৰৰ পিছত এছিয়া,আফ্ৰিকা তথা লেটিন আমেৰিকাৰ দেশসমূহে সন্মূখীন হোৱা সমস্যাসমূহ সমাধানৰ লগে লগে, এই ৰাষ্টসমূহৰ বিকাশৰ ক্ষেত্ৰত গঢ়ি উঠা নতুন নতুন চিন্তা আৰু অধ্যয়নে ৰাজনৈতিক সমাজতত্বৰ অধ্যয়নৰ গুৰুত্ব বৃদ্ধি কৰিছে।

১২l ৰাজনীতি তথা সমাজনীতিৰ উমৈহতীয়া বিষয়ৰ উমৈহতীয়া অধ্যয়নৰ বাবে গঢ়ি উঠা এক নতুন বিষয় হিচাপে ৰাজনৈতিক সমাজতত্বৰ অধ্যয়নৰ গুৰুত্ব নাই কৰিব নোৱাৰি। ৰাজনৈতিক সমাজতত্বৰ এইটোকে প্ৰতিপন্ন কৰে যে আধুনিক সমাজ আৰু ৰাজনীতি এটা আনটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। ৰাজনৈতিক সমাজতত্বই এফালে যদি ৰাজনীতিবিদ আনফালে জনসাধাৰণৰ সৈতে সম্পৰ্কযুক্ত বিভিন্ন বিষয় সম্পৰ্কে আলোচনা আগবঢ়ায়।

মুঠৰ ওপৰত সাম্প্ৰতিক কালত বিষয় হিচাপে ৰাজনৈতিক সমাজতত্বৰ গুৰুত্ব প্ৰতিষ্ঠিত হোৱাই নহয়, দিনে দিনে ই বৃদ্ধিহে পোৱা পৰিলক্ষিত হৈছে। তদুপৰি আগন্তুক দিনত সামাজিক তথা ৰাজনৈতিক সমস্যাসমূহ অধ্যয়নৰ ক্ষেত্ৰত এই বিষয়টোৰ ব্যৱহাৰিক মূল্য অতীৱ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ’ব।

6. Discuss the relationship between political system and society.

Ans : ৰাজনৈতিক ব্যৱস্থা আৰু সমাজৰ মাজত আন্তঃসম্বন্ধ (Inter-Relationship between political system and society) : ব্যৱস্থা বুলিলে বিভিন্ন অংশৰ পাৰস্পৰিক প্ৰতিক্ৰিয়াৰ মাধ্যমত আবদ্ধ কিছুমান উপাদান বা অংশৰ সম্বন্ধয়ক বুজায়। ব্যৱস্থা বোলা এই ধাৰণাটোৰ সৈতে  বিভিন্ন উপাদানৰ সমাবেশ ঘটালৈ চাই ইয়াকে ক’ব পাৰি যে যিকোনো ব্যৱস্থাই যৌগিক প্ৰকৃতিৰ।যৌগিক বস্তুৰ বৈশিষ্ট্য হ’ল – ১। বিভিন্ন অংশৰ পাৰস্পৰিক নিৰ্ভৰশীলতা আৰু ২বস্তুটো আৰু তাৰ পৰিবেশৰ মাজত সীমাৰেখা।প্ৰকৃততে ব্যৱস্থা সম্বন্ধীয় ধাৰণা প্ৰথমতে জীৱ বিজ্ঞানতহে প্ৰচলিত আছিল। জীৱ-বিজ্ঞানীসকলৰ মতে জীৱদেহ এটা কিছুমান জটিল উপাদানৰ পাৰস্পৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ দ্বাৰা আবদ্ধ আৰু ইয়াৰ অংগসমূহ স্ব-নিৰ্ভৰশীল নহয়। বৰং জীৱদেহৰ সামগ্ৰিক সত্তা আৰু ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল। পাৰস্পৰিক নিৰ্ভৰশীলতাৰ কাৰণে জীৱদেহৰ কোনো এটা অংশৰ পৰিৱৰ্তনে অন্যান্য অংশৰ লগতে জীৱদেহৰ সামগ্ৰিক সত্তাৰ ওপৰত প্ৰভাৱ পেলায়।

ৰাজনৈতিক ক্ষেত্ৰত দেখা যায় যে যিকোনো ৰাজনৈতিক ব্যৱস্থা হ’ল সমাজৰ অন্তৰ্ভুক্ত এটা জীৱদেহৰ নিচিনাই পাৰস্পৰিক নিৰ্ভৰশীল আৰু ক্ৰিয়া-প্ৰতিক্ৰিয়াশীল ব্যৱস্থা। ডেভিড ইষ্টন (David Easton) ৰ মতে, “Political system is that system of interaction in any society, though which binding authoritative allocations are made.” অৰ্থাৎ ৰাজনৈতিক ব্যৱস্থা হ’ল যিকোনো সমাজৰ এক পাৰস্পৰিক প্ৰতিক্ৰিয়াৰ ব্যৱস্থা, যিটোৰ মাধ্যমত মূল্যৰ বাধ্যতামূলক আৰু কৰ্তৃত্ব সম্পন্ন বিতৰণ কাৰ্য সম্পন্ন কৰা হয়। 

ইষ্টনৰ মতে, যৌৱিক ব্যৱস্থা যেনেকৈ এটা পৰিবেশৰ মাজত জীয়াই থাকে আৰু পৰিবেশৰ লগত খাপ খাই চলি থাকে, ঠিক তেনেদৰে ৰাজনৈতিক ব্যৱস্থাৰো এটা পৰিবেশ আছে আৰু ইয়ো পৰিবেশৰ লগত খাপ খাই চলি থাকে।যি পৰিবেশৰ সৃষ্টি হয় সমাজৰ মাজত। ৰাজনৈতিক ব্যৱস্থাই তাৰ পৰিবেশৰ সৈতে আন্তঃক্ৰিয়াৰ মাধ্যমত সমাজৰ সৈতে সম্পৰ্ক ৰক্ষা কৰে । আলমাণ্ড (Almond) য়ে ৰাজনৈতিক ব্যৱস্থাৰ পাঁচটা বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে। ইয়াৰ প্ৰথমটো হৈছে – ৰাজনৈতিক ব্যৱস্থাৰ সৰ্বজনীনতা।অৰ্থাৎ সকলোবোৰ সমাজতেই ৰাজনৈতিক ব্যৱস্থা আছে। কেৱল জটিল সমাজতেই নহয়, আনকি অতি সৰল ব্যৱস্থাতো ৰাজনৈতিক ব্যৱস্থাৰ অস্তিত্ব বিদ্যমান। দ্বিতীয়টো হৈছে ৰাজনৈতিক কাৰ্যাৱলিৰ সৰ্বজনীনতা। প্ৰত্যেক ৰাজনৈতিক ব্যৱস্থাৰ অস্তিত্ব অনুভৱ কৰিব পাৰি কিছুমান কার্যৱলীৰ মাজেৰে। যিবোৰ কাৰ্যৱলীৰ অবিহনে কোনো এটা ৰাজনৈতিক ব্যৱস্থা বৰ্তি থাকিব নোৱাৰে। তৃতীয়টো হ’ল, ৰাজনৈতিক সংগঠনৰ সৰ্বজনীনতা।সকলোবোৰ ৰাজনৈতিক ব্যৱস্থাতে ৰাজনৈতিক সংগঠন আছে। আলমণ্ডৰ মতে, ৰাজনৈতিক সংগঠন হ’ল আন্তঃক্ৰিয়াৰ বৈধ বিধিসন্মত নমুনা। ৰাজনৈতিক ব্যৱস্থাৰ সৈতে জড়িত সংগঠনসমূহে সমাজৰ শৃংখলা ৰক্ষাত সহায় কৰে। চতুৰ্থতে, ৰাজনৈতিক সংগঠনসমূহৰ বিভিন্ন কাৰ্যাৱলী সকলোবোৰ ৰাজনৈতিক সংগঠনৰেই কিছুমান নিজা নিজা কাৰ্যাৱলী আছে। এই কাৰ্যাৱলীসমূহক বাদ দি কোনোবা ৰাজনৈতিক সংগঠন চলিব নোৱাৰে। পঞ্চমতে, ৰাজনৈতিক ব্যৱস্থাৰ অন্তৰালত মিশ্ৰ সংস্কৃতিৰ অস্তিত্ব বিদ্যমান। সাংস্কৃতিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰি চালে এইটো দেখা পোৱা যায় যে সকলো ৰাজনৈতিক ব্যৱস্থাৰ সংস্কৃতি মিশ্ৰ প্ৰকৃতি।

ৰাজনৈতিক ব্যৱস্থাৰ সৈতে সমাজৰ সম্পৰ্ক অতি নিবিড়। সামাজিক সমস্যাবোৰে ৰাজনৈতিক ব্যৱস্থাৰ উপাদানৰ যোগান ধৰে। ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত সমাজৰ পৰিবৰ্তনৰ প্ৰভাৱ পৰে। ৰাজনৈতিক ব্যৱস্থাই পৰিবেশগত পৰিবৰ্তনৰ প্ৰভাৱৰ সৈতে সামঞ্জস্য ৰক্ষা কৰি নিজৰ অস্তিত্ব ৰক্ষা কৰি চলে। যাৰ কাৰণে ইষ্টনয়ে ৰাজনৈতিক ব্যৱস্থাক স্ব-নিয়ন্ত্ৰিত আৰু সংবেদনশীল বুলি অভিহিত কৰিছে।

ইষ্টন য়ে ৰাজনৈতিক ব্যৱস্থা এটাৰ পৰিবেশক দুটা ভাগত ভাগ কৰিছিল- সমাজৰ ভিতৰুৱা (Intra-societal) আৰু সমাজৰ বাহিৰৰ ইষ্টনৰ মতে প্ৰত্যেক সমাজত ৰাজনৈতিক ব্যৱস্থাৰ বাহিৰেও আন বহুতো উপ-ব্যৱস্থা থাকে।

এটা ৰাজনৈতিক ব্যৱস্থাৰ ভিতৰত থকা উপ-ব্যৱস্থাসমূহৰ সম্বন্ধয় সমাজৰ ভিতৰুৱা পৰিবেশ আৰু ৰাজনৈতিক ব্যৱস্থা এটাৰ বাহিৰৰ (যেনে -আন্তঃৰাষ্ট্ৰীয়) ঘটনা আদিৰ পৰা সৃষ্টি হোৱা পৰিবেশই হ’ল সমাজৰ বাহিৰৰ পৰিবেশ।তেওঁৰ মতে ৰাজনৈতিক ব্যৱস্থা এটাই ৰক্ষা কৰি চলে।উপকৰণ হৈছে ৰাজনৈতিক ব্যৱস্থালৈ অহা জনগণৰ দাবী।আনহাতে উপবাদ হৈছে উপকৰণৰ ওপৰত ভিত্তি কৰি ৰাজনৈতিক ব্যৱস্থাই গ্ৰহণ কৰা সিদ্ধান্ত তথা বিধি-বিধান আদি। 

এই উপবাদে ৰাজনৈতিক ব্যৱস্থালৈ উপকৰণ হিচাপে ঘূৰি আহে আৰু ৰাজনৈতিক ব্যৱস্থাই পুনৰ উপাদানৰ সৃষ্টি কৰে।ইষ্টনৰ মতে এই প্ৰক্ৰিয়া চক্ৰাকাৰে চলি থাকে আৰু এনেদৰে ৰাজনৈতিক ব্যৱস্থাই পৰিবেশৰ সৈতে সম্পৰ্ক সৃষ্টি কৰা প্ৰতিক্ৰিয়াৰ বিষয়ে জ্ঞাত হয় তাকে তথ্যও অভিজ্ঞতা প্ৰেৰক পথ বুলি কোৱা হয়।

সমাজ হ’ল এটা সামগ্ৰিক সত্তা অন্যান্য ব্যৱস্থাবোৰ হ’ল এই সামগ্রিকাৰ উপাদান স্বৰূপ। তাৰ ভিতৰত অতি গুৰুত্বপূৰ্ণ উপাদান হ’ল ৰাজনৈতিক ব্যৱস্থা, যি অতীজৰে পৰাই বৰ্তমান সময়লৈকে ভিন্ ভিন্ ৰূপত প্ৰচলিত। বিভিন্ন ৰাজনৈতিক সংগঠনৰ দ্বাৰা সমাজৰ ৰাজনৈতিক ব্যৱস্থা গঢ়ি উঠে। আধুনিক দিশত ৰাজনৈতিক দল, নিৰ্বাচন, চৰকাৰৰ ক্ৰিয়াকলাপ, ৰাজনৈতিক আদৰ্শ, মূল্যবোধ ইত্যাদিৰ মাজেৰে ৰাজনৈতিক ব্যৱস্থাই আত্মপ্ৰকাশ কৰে। তদুপৰি ৰাজনৈতিক ব্যৱস্থাৰ মাধ্যমৰে সমাজত সৃষ্টি হোৱা বিভিন্ন সমস্যাৰ উপশম হয়।এই সকলোবোৰৰ বিষয়ে জানি লৈ ৰাজনৈতিক ব্যৱস্থাৰ সৈতে সমাজৰ সম্পৰ্কৰ বিষয়ে ভালদৰে জানিব পাৰি।

7. What are the main problems of political sociology?

Ans : ৰাজনৈতিক সমাজতত্বৰ অধ্যয়নৰ ক্ষেত্ৰত ই বহুতো সমস্যাৰ সন্মুখীন হৈ আহিছে। এই সমস্যাসমূহৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’ল।

১l সামাজিক আৰু ৰাজনৈতিক চলক পৃথকীকৰণত অসুবিধা : ৰাজনৈতিক সমাজতত্বই সামাজিক আৰু ৰাজনৈতিক চলকসমূহক পৃথক কৰি স্পষ্ট অধ্যয়ন কৰাত অসুবিধা হয়। কাৰণ, বৰ্তমান মানৱ সমাজৰ সকলো দিশতে ৰাজনীতি বিস্তৃত হৈ পৰিছে। সেয়ে ৰাজনৈতিক সমাজতত্বই ৰাষ্ট্ৰ আৰু সমাজৰ পৃথক আলোচনা কৰাত অসুবিধা হৈছে। এটা বিষয়ৰ আলোচনা কৰিলে আনটো বিষয়ৰ চলক আহি অসুবিধাৰ সৃষ্টি কৰে। সেয়ে এনে আলোচনাত অৰাজনৈতিক ৰাজনীতিয়ে প্ৰভাৱ বিস্তাৰ কৰে।

২l ক্ষমতাৰ ধাৰণা : ৰাজনৈতিক সমাজতত্বই যিহেতু ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰি অধ্যয়ন নকৰে, সেয়ে ক্ষমতাৰ ধাৰণাক লৈ ইয়াৰ সমস্যাৰ সৃষ্টি হয়। কাৰণ ৰাজনৈতিক সমাজতত্বই ৰাষ্ট্ৰৰ লগতে সমাজৰ বিভিন্ন প্ৰাথমিক আৰু দ্বিতীয়ক সমূহৰ বিষয়ে অধ্যয়ন কৰে। গতিকে ৰাজনীতিবিজ্ঞানে আলোচনা কৰাৰ দৰে ক্ষমতা কেৱল ৰাষ্ট্ৰৰ লগতে জড়িত সেই কথা নহয়।ক্ষমতা সম্বন্ধযুক্ত, সামাজিক আৰু আয়ত্তৰ ভিতৰত ৰাখিব পৰা দিশ। ক্ষমতা হ’ল ক্ষমতাসম্পন্ন ব্যক্তি আৰু ক্ষমতা প্ৰয়োগ কৰা ব্যক্তিৰ মাজত থকা সম্বন্ধ। এই দুয়োটা দিশেই বিশেষ গুৰুত্বপূৰ্ণ।ক্ষমতা কেতিয়াও নিৰুংকুশ নহয়। ইয়াক আয়ত্তৰ ভিতৰত ৰাখিব পাৰি। গতিকে ক্ষমতাৰ ৰাজনীতিত অৰ্থতকৈ ৰাজনৈতিক সমাজতত্বৰ ক্ষমতাৰ অৰ্থ বেলেগ।

৩l কৰ্তৃত্ব : কৰ্তৃত্বৰ অবিহনে ক্ষমতাৰ প্ৰয়োগ হ’ব নোৱাৰে। কৰ্তৃত্ব হ’ল যুক্তিযুক্তভাৱে ক্ষমতা আধাৰিত হোৱা। যুক্তিযুক্তভাৱে ক্ষমতা আধাৰিত হোৱাৰ বাবে ক্ষমতাধিষ্ঠিত লোকজনৰ বাকী অনুহৰণকাৰীসকলে মানি চলিব লাগে। সেয়ে কৰ্তৃত্বৰ প্ৰয়োগ আৰু মানি চলা, এই দুয়োধৰণেৰে সাধিত হয়। কৰ্তৃত্ব পৰম্পৰাগত (traditional), বিশেষ গুণসম্পন্ন (charismatic) আৰু যুক্তিযুক্ত (rational-legal) আদি প্ৰকাৰৰ হ’ব পাৰে। 

ৰাজনৈতিক সমাজতত্বই প্ৰথম দুটাতকৈ শেষৰ প্ৰকাৰতোৰ ওপৰত বেছিকৈ গুৰুত্ব প্ৰদান কৰে। প্ৰথম দুয়োটা প্ৰকাৰ সমাজত প্ৰচলিত হৈ আছে, কিন্তু শেষৰ প্ৰকাৰটো আধুনিক আৰু উন্নত সমাজে গ্ৰহণ কৰিছে। ৰাজনৈতিক সমাজতত্বয়ো ব্যক্তিৰ সীমাহীন ক্ষমতাৰ সমৰ্থন নকৰে। ই ক্ষমতাসম্পন্ন ব্যক্তি আৰু পালনকাৰীৰ মাজৰ জনসংখ্যিক সম্বন্ধৰ ওপৰত নিৰ্ভৰশীল। সাধাৰণতে সকলো সমাজতে সম্ভ্ৰান্ত (Elite) সকলে সাধাৰণ জনগণক শাসন কৰে। কিন্তু সকলো সমাজতে বিভিন্ন ধৰণৰ সম্ভ্ৰান্ত শ্ৰেণী থাকে। গতিকে সকলো কৰ্তৃত্ব কেৱল এজন ব্যক্তিৰ হাতত নাথাকে, ইয়াক যুক্তিনিষ্ঠভাৱে ভাগ কৰি প্ৰদান কৰা হয়।

৪l আমোলতন্ত্ৰ : আমোলতন্ত্ৰৰ অবিহনে কৰ্তৃত্বই ভালদৰে কাম কৰিব নোৱাৰে। আধুনিক সমাজব্যৱস্থা আমোলতন্ত্ৰৰ অবিহনে চলিব নোৱাৰে। ৰাজনৈতিক সমাজতত্বই আমোলতন্ত্ৰক ৰাজনৈতিক দৃষ্টিভংগীৰে নাচাই বৃহৎ সামাজিক দৃষ্টিভংগীৰে লক্ষ্য কৰে। কৰ্তৃত্ব খটুৱাই বা মানি চলাৰ বাবে অভিজ্ঞ ব্যক্তিৰ প্ৰয়োজন। ইয়াক আমোলাতান্ত্রিকভাৱে খটোৱা হয়। ৰাজনৈতিক সমাজতত্বই আমোলাতন্ত্ৰৰ দোষ আঁতৰাই ইয়াক সংস্কাৰ কৰিব খোজে। আমোলাসকলে কৰা কাৰ্যই কেতিয়াবা বিপথে পৰিচালিত হ’ব পাৰে; কিন্তু যুক্তিযুক্তভাৱে কৰ্তৃত্ব বিতৰণৰ বাবে আধুনিক সমাজত আমোলাতন্ত্ৰৰ বিশেষ প্ৰয়োজন।গতিকে ৰাজনৈতিক সমাজতত্বই সামাজিক দৃষ্টিভংগীৰে আমোলাতন্ত্ৰক সংস্কাৰ কৰি কৰ্তৃত্বৰ প্ৰয়োগ কৰিব লাগে।

৫l ৰাজনৈতিক সংস্কৃতি : সামাজিক সংস্কৃতিৰ দৰে ৰাজনৈতিক সংস্কৃতিও মূল্যবোধৰে গঠিত। ৰাজনৈতিক সংস্কৃতিয়ে ৰাজনৈতিক মূল্যবোধৰ অনুমোদন দিয়ে আৰু ই স্বত:স্ফুৰ্তভাৱে মানুহক কৰ্তৃত্ব পালনত সহায় কৰে। ৰাজনৈতিক সংস্কৃতিৰ বাবে বিভিন্ন সমাজত ভিন্ন ভিন্ন ৰাজনৈতিক সংস্থাই জন্মগ্ৰহণ কৰে। ৰাজনৈতিক সংস্কৃতি আৰু ৰাজনৈতিক পদ্ধতি যদি সুন্দৰভাৱে সম্পৰ্কীত নহয় তেন্তে সেই ব্যৱস্থা সুন্দৰ কাৰ্যক্ষম নহ’ব। ৰাজনৈতিক সংস্কৃতিয়ে ৰাজনৈতিক ব্যৱস্থাৰ সুস্থিৰতা আনে। ৰাজনৈতিক সংৰচনা আৰু ৰাজনৈতিক সংস্কৃতিৰ সম্বন্ধয়ে ৰাজনৈতিক সচেতনতাৰ সৃষ্টি কৰে। গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাত ইয়াক ভালদৰে দেখা যায়। ৰাজনৈতিক সমাজতত্বই ৰাজনৈতিক সংস্কৃতিৰ কথা বেছিকৈ চিন্তা নকৰে।

৬l ৰাজনৈতিক সামাজিকীকৰণ : ৰাজনৈতিক সামাজিকিকৰণৰ জৰিয়তে ৰাজনৈতিক সংস্কৃতি এটা পুৰুষৰ পৰা পৰৱৰ্তী পুৰুষলৈ গতি কৰে। অচেতনাত্মকভাৱে মানুহে এটা সংস্কৃতি আহৰণ কৰে। সামাজিক আন্তঃক্ৰিয়াৰ জৰিয়তে মানুহে নজনাকৈয়ে ৰাজনৈতিক সংস্কৃতি আহৰণ কৰে।ই ব্যক্তিৰ জীৱনৰ এক সাধাৰণ প্ৰক্ৰিয়া। বিভিন্ন ৰাজনৈতিক সংস্থাসমূহে ৰাজনৈতিক সামাজিকিকৰণত অৰিহণা যোগায়। যিমানেই ৰাজনৈতিক সামাজিকিকৰণ শুদ্ধ হয় যিমানেই ৰাজনৈতিক ব্যৱস্থা সুস্থিৰ হয়। ৰাজনৈতিক সমাজতত্বই ৰাজনৈতিক দৃষ্টিভংগীৰে সামাজিকীকৰণ আলোচনা কৰাতকৈ কেৱল সামাজিক দৃষ্টিভংগীৰে সামাজিকিকৰণৰ বিষয়ে আলোচনা কৰে।

৭l ৰাজনৈতিক অংশগ্ৰহণ : ৰাজনৈতিক অংশগ্ৰহণ হৈছে শাসক আৰু শাসিতৰ ৰাজনৈতিক জীৱন। ইয়াত মনস্তাত্বিক, ৰাজনৈতিক আৰু সামাজিক চলকে কাম কৰে। এই চলকবোৰ বিভিন্ন দেশভেদে বেলেগ বেলেগ হয়। ৰাজনৈতিক অংশগ্ৰহণে ক্ষমতাৰ যুক্তিযুক্ত বিতৰণ কৰে। ই আধুনিক সমাজত সম্ভ্ৰান্ত শ্ৰেণীৰ ভূমিকা পালনত অতি আৱশ্যকীয়। সমাজ ভেদে ইয়াৰ পৰিসীমা বেলেগ বেলেগ হয়। ৰাজনৈতিক অংশগ্ৰহণে ৰাজনৈতিক সংস্কৃতি আৰু ৰাজনৈতিক ব্যৱস্থাৰ অধিক সুস্থিৰতা আনে। গতিকে ৰাজনৈতিক অংশগ্ৰহণৰ বিষয়ে লক্ষ্য ৰখা প্ৰয়োজন।

৮l ৰাজনৈতিক দল : ৰাজনৈতিক দল সামাজিক প্ৰক্ৰিয়াই কিছুমান সংঘৰ্ষৰ সৃষ্টি কৰে। ৰাজনৈতিক দলসমূহ ভিন্ন স্বাৰ্থজড়িত সমূহ। ই ব্যক্তিসকলৰ বিভিন্ন স্বাৰ্থ একগোট কৰি সমন্বয়ৰে কাম কৰে। ৰাজনৈতিক দলৰ ব্যক্তিসকলৰ মাজত মতানৈক্য থাকে যদিও তেওঁলোকে দলীয় সচেতনতাৰে কাম কৰে। ৰাজনৈতিক দলসমূহৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ’ল ক্ষমতা দখল কৰা আৰু চৰকাৰ গঠন কৰা। ৰাজনৈতিক দলৰ অন্ত:কন্দলৰ অধ্যয়নত ৰাজনৈতিক সমাজতত্বৰ সমস্যা আহে। দলীয় কাম-কাজ অধ্যয়নত অসুবিধা নহয় যদিও আভ্যন্তৰীণ বিষয় অধ্যয়নত অসুবিধা আহে।

৯l প্ৰভাৱগোষ্টী : ৰাজনৈতিক দলসমূহৰ বাহিৰেও কিছুমান প্ৰভাৱশালী গোষ্টী আছে যিবোৰে সমাজত সংঘাতৰ সৃষ্টি কৰে। তেওঁলোকে কিছুমান মানুহৰ ঠেক মনোবৃত্তিক সংগঠিত কৰি সামূহিক মনোভাৱৰ সৃষ্টি কৰি একোটা গোটৰ সৃষ্টি কৰে। তেওঁলোক এটা ৰাজনৈতিক দলৰ দৰে প্ৰভাৱশালী যদিও চাৰিত্রিকভাৱে ৰাজনৈতিক দল নহয়।প্ৰভাৱশালী গোষ্টীয়ে তলত উল্লেখ কৰা কাৰ্য সম্পাদন কৰে– 

(i) ই সমাজত খণ্ডিত সচেতনতাৰ সৃষ্টি কৰে।

(ii) ই সামাজিক প্রতিবন্দকতাসমূহ দূৰ কৰে। ই বিচ্ছিন্নতাবাদী মনোভাৱৰ পৰা সৃষ্টি হোৱা সংঘৰ্ষ ৰোধ কৰে।

(iii) বিভিন্ন কৌশল প্ৰস্তুতকাৰীসকলক কৌশল প্ৰস্তুতৰ সিদ্বান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত ই দাবী উত্থাপন কৰে। প্ৰয়োজনীয় ক্ষেত্ৰত তেওঁলোকে সহায় কৰি দিয়ে। এইদৰে ৰাজনৈতিক প্ৰক্ৰিয়াত তেওঁলোকে বিশেষ প্ৰভাৱ বিস্তাৰ কৰে।

(iv) প্ৰভাৱগোষ্টীয়ে ৰাজনৈতিক দলত অসুবিধাৰ সৃষ্টি কৰিব পৰা কাৰণসমূহ নিৰ্মল কৰি দলটো সংঘৰ্ষমুক্ত কৰি ৰাখিব বিচাৰে। ইয়াৰ বাবে দলত উদ্ভৱ হোৱা প্ৰতিবাদী বিষয়বোৰৰ বিষয়ে তেওঁলোকে চকু ৰাখে।

(v) প্ৰভাৱগোষ্টীয়ে দলৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তন সাধন কৰিব পাৰে অথবা আন এটা প্ৰভাৱগোষ্টীৰ সৃষ্টি কৰিব পাৰে।

১০l সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তন : ৰাজনৈতিক সমাজতত্ববিদসকলৰ আন এটা প্ৰধান অসুবিধা হ’ল আন্দোলন, সংঘৰ্ষ,বিদ্ৰোহ আদিৰ লগতে ৰাজনৈতিক পৰিৱৰ্তন ব্যাখ্যা কৰা। ৰাজনৈতিক সমাজতত্ববিদসকলৰ মতে কেৱল ৰাজনৈতিক কাৰণতে সমাজত এইবোৰ নঘটে। তেওঁলোকে ইয়াৰ সামাজিক বিশ্লেষণ আগবঢ়ায় আৰু সমাজ সংৰচনাৰ দিশটোৰ ওপৰতো গুৰুত্ব দিয়ে। সামাজিক পৰিবৰ্তনৰ গতিৰ বিসংগতিৰ বাবে এনে সংঘৰ্ষবোৰ ঘটে বুলি তেওঁলোকে ক’ব খোজে। ৰাজনৈতিক সমাজতত্ববিদসকলে ৰাজনৈতিক আৰু সামাজিক, এই দুয়োটা দিশৰে অধ্যয়ন কৰিব লাগে; ফলত তেওঁলোক ৰাজনীতি আৰু সমাজ সম্পৰ্কীয় এই দুয়োটা দিশতে অভিজ্ঞ হ’ব লাগে। ৰাজনৈতিক সমাজতত্ববিদসকলে সামাজিক আৰু ৰাজনৈতিক পৰিবৰ্তনৰ মাজেৰে দলক প্ৰতিষ্ঠিত কৰিব লাগে। তেওঁলোকে উচ্চ হাৰৰ অৰ্থনৈতিক উন্নয়নৰ জৰিয়তে সমাজক আধুনিকীকৰণ কৰিব লাগে। তেওঁলোকে ৰাজনৈতিক সংস্থাবিলাক সামাজিক পৰিবৰ্তনৰ লগত ফেৰ মাৰিব পৰাকৈ আধুনিক কৰি গঢ়ি তুলিব লাগে। ৰাজনৈতিক সংস্থাসমূহ ৰাজনৈতিক আৰু সামাজিক পৰিবৰ্তনতো সুস্থিৰ হৈ থাকিব পাৰিব লাগে। সেয়ে ৰাজনৈতিক সমাজতত্ববিদসকলে ঐতিহাসিক ৰীতি ৰক্ষা কৰিব লাগে।

১১l উদাৰ গণতন্ত্ৰ : ৰাজনৈতিক সমাজতত্ববিদসকলে ঐতিহাসিকভাবেই উদাৰ গণতান্ত্ৰিক ধাৰণাৰ সমৰ্থন কৰি আহিছে। বাস্তৱ ক্ষেত্ৰত উদাৰ গণতান্ত্ৰিক ধাৰণা এক জটিল ধাৰণা। উদাৰবাদী গণতন্ত্ৰৰ তলত উল্লেখ কৰা সুবিধাসমূহৰ বাবে ৰাজনৈতিক সমাজতত্ববিদসকলে সমৰ্থন কৰি আহিছে।

(i) উদাৰ গণতান্ত্ৰিক ব্যৱস্থাত সংস্থাসমূহক সংঘৰ্ষৰ কথা চিন্তা নকৰাকৈ প্ৰকৃত ব্যৱস্থাৰ সুবিধা দিয়া হয় যাতে সমাজত সুস্থিৰতা বৰ্তি থাকে। ৰাজনৈতিক সমাজতত্ববিদসকলৰ মতে গণতান্ত্ৰিক ৰাজনৈতিক প্ৰক্ৰিয়াত সংঘৰ্ষ কোনো ক্ষতিকাৰক বিষয় নহয়। অন্যহাতে সংঘৰ্ষই ৰাজনৈতিক প্ৰক্ৰিয়া সুস্থ কৰিহে ৰাখে। সংহৰ্ষই নতুন সম্ভ্ৰান্ত প্ৰশাসনক সৃষ্টি কৰে। নতুন সম্ভ্ৰান্ত শ্ৰেণীৰ আবিৰ্ভাৱ ৰাজনৈতিক সমাজতত্ববিদসকলে সমৰ্থন কৰে। এওঁলোকে একনায়কত্ববাদৰ বিপৰীতে নতুন দৃষ্টিভংগীক প্ৰাধান্য দিয়ে।

(ii) উদাৰবাদী গণতান্ত্ৰিক ব্যৱস্থাৰ ৰাজনৈতিক ক্ষমতা একোটা সীমাৰ ভিতৰত থকাটো বিচাৰে। সাধাৰণতে কোনো ৰাষ্ট্ৰয়েই সম্পূৰ্ণ উদাৰবাদী নহয়। ই ক্ষমতাক আইনগতভাৱে কৰ্তৃত্বলৈ ৰূপান্তৰিত কৰে। কৰ্তৃত্বক জনসাধাৰণে সন্মান জনায়। ইয়াক ৰাজনৈতিক সংস্কৃতিৰ অংশ হিচাপে প্ৰয়োগ কৰা হয়।

(iii) উদাৰ গণতন্ত্ৰই ৰাজনৈতিক ক্ষমতাক বহুধাভাগত বিভক্ত হোৱাত সহায় কৰে। এই ধাৰণাই নতুন ৰাজনৈতিক দল আৰু প্ৰভাৱগোষ্টীৰ জন্ম হোৱাত সহায় কৰে। ৰাজনৈতিক দল আৰু প্ৰভাৱগোষ্টীৰ জৰিয়তে ব্যক্তিয়ে নিজৰ মতামত প্ৰকাশ কৰিব পাৰে। জনমতৰ ওপৰত নিৰ্ভৰ কৰি চৰকাৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।

(iv) উদাৰ ৰাজনৈতিক ব্যৱস্থা এক গতিশীল ৰাজনৈতিক পদ্ধতি; সেয়ে ই সহজে ৰাজনৈতিক আৰু সামাজিক পৰিবেশৰ লগত খাপ খাব পাৰে আৰু প্ৰতিবাদ আৰু আন্দোলন উলংগা কৰিব পাৰে। সাধাৰণতে অভিজ্ঞ ৰাজনৈতিক দলে এনে কৰিব পাৰে।

ওপৰৰ আলোচনাই অৱশ্যে এই কথাটো প্ৰকাশ কৰা নাই যে ৰাজনৈতিক সমাজতত্ববিদসকলে গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাক লৈ গৌৰৱ বোধ কৰে। আনহাতে তেওঁলোকে উদাৰবাদী গণতান্ত্ৰিক ব্যৱস্থাক অধিক যুক্তিযুক্ত আৰু কাৰ্যক্ষম বুলি গণ্য কৰে। গণতান্ত্ৰিক ব্যৱস্থাত আমোলাতন্ত্ৰৰ কাম-কাজ যথেষ্ট দায়িত্বশীল। ব্যক্তিৰ ৰাজনৈতিক অংশগ্ৰহণৰ ওপৰত বিশেষ গুৰুত্ব আছে। ৰাজনৈতিক দল আৰু প্ৰভাৱগোষ্টীয়ে যথেষ্ট ব্যৱহাৰিক কার্য সম্পাদন কৰে। এইদৰে ৰাজনৈতিক কার্য ক্ৰমান্বয়ে সামাজিক হৈ পৰে।সমাজ-জীৱনৰ পৰা ৰাজনীতিক পৃথক কৰিব নোৱাৰি। আনহাতে সাম্যবাদী চিন্তাবিদসকলে ক’ব খোজে যে ৰাজনৈতিক সমাজতত্ববিদসকলে পুঁজিবাদী সমাজব্যৱস্থাক সমৰ্থন কৰে। কাৰণ উদাৰবাদী গণতন্ত্ৰই প্ৰগতি আৰু পৰিবৰ্তনৰ বাবে আন্দোলন সমৰ্থন নকৰে ; তেওঁলোকে ক্ৰমান্বয়ে হোৱা প্ৰগতি আশা কৰে।

Short answer type questions

a) Political science and political sociology.

Ans : ৰাজনৈতিক সমাজতত্ব আৰু ৰাজনীতি বিজ্ঞান (Political Sociology and Political Science) : সমাজ বুলিলে নিৰ্দিষ্ট ভূ-খণ্ডৰ সামাজিক সম্বন্ধৰ সংগঠিত জীৱন নিৰ্বাহ পদ্ধতিকে বুজায়। সমাজ হ’ল এটা সামগ্ৰিক সত্তা। এই ধাৰণা মতে সমাজৰ প্ৰকৃত স্বৰূপ বুজিব পাৰি সমাজত থকা অৰ্থনৈতিক, ৰাজনৈতিক, ধৰ্মীয়, শিক্ষা তথা অন্যান্য সংস্থাবোৰৰ পাৰস্পৰিক সম্পৰ্ক বিশ্লেষণৰ পৰা। প্ৰতিখন 

সমাজতে সংঘাত থাকে। সমাজৰ ভিতৰতে ৰাজনৈতিক ব্যৱস্থা অতি গুৰুত্বপূৰ্ণ। বিভিন্ন ৰাজনৈতিক সংগঠনৰ দ্বাৰা সমাজৰ ৰাজনৈতিক ব্যৱস্থাটোৱে গঢ় লয়। সামাজিক প্ৰসংগক  বাদ দি ব্যাখ্যা আৰু ৰাজনৈতিক অনুষ্ঠানসমূহৰ ওপৰত সামাজিক পৰিবৰ্তনৰ প্ৰভাৱ আৰু, প্ৰতিক্ৰিয়া পৰ্যালোচনাক প্ৰধান উদ্দেশ্য হিচাপে লৈ আধুনিক ৰাজনীতি বিজ্ঞানীসকলে সমাজতত্বৰ পৰিসৰৰ ভিতৰত সোমাই পৰে। যাৰ কাৰণে বহুতো ৰাজনৈতিক সমাজতত্বক ৰাজনীতি বিজ্ঞানৰ পৰা সম্পূৰ্ণ স্বাধীন বিষয় বুলি ক’ব নোখোজে। এই দুয়োটা বিষয়ৰ মাজত নিবিড় সম্পৰ্ক আৰু ঘনিষ্ঠ সহায়-সহযোগিতাৰ সৃষ্টি হয় কুৰি শতিকাৰ মাজভাগৰ পৰা, যেতিয়া ইউৰোপ আৰু আৰম্ভণি কৰে। অধ্যাপক অমল কুমাৰ মুখোপাধ্যায়ে  ‘Political Sociology’ নামৰ গ্ৰন্থখনত এনেদৰে মন্তৱ্য প্ৰকাশ কৰিছে, “The put the matter vary simply political sociology is a child from the marriages between sociology and political science as in human issues,cannot be solely characterized by its parental qualities alone. The Political sociology is not political science.”

উপৰি উক্ত দুয়োটা বিষয়ৰ মাজৰ  কোনো কোনো ক্ষেত্ৰত সম্পৰ্ক আৰু কোনো কোনো ক্ষেত্ৰত পাৰ্থক্য দেখিবলৈ পোৱা যায়।

১l ৰাজনীতি বিজ্ঞান হৈছে এনে এক বিষয়, যি প্ৰধানকৈ ৰাষ্ট্ৰ তথা চৰকাৰ সম্বন্ধে কৰা সকলো অধ্যয়ন সামৰি লয়।ৰাষ্ট্ৰ তথা চৰকাৰ সম্বন্ধে কৰা আলোচনাৰ সৈতে জনসাধাৰণ আৰু সমাজৰ সম্পৰ্ক ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। গতিকে সেইফালৰ পৰা এহাতে ৰাজনীতি বিজ্ঞানৰ সৈতে সমাজতত্বৰ সম্পৰ্ক গঢ়ি উঠাৰ লগে লগে ৰাজনৈতিক সমাজতত্বৰ সৈতে ৰাজনীতি বিজ্ঞান সম্পৰ্কিত হৈ পৰে।

২l লিপচেট (Lipset) বেনডিক্স (Bendix) ৰ মতে, “Political science starts with the state and examines how it affects with society while political sociology starts with society and examines how it affects the state. ” তেওঁলোকৰ মতে ৰাষ্ট্ৰক কেন্দ্ৰ কৰিয়েই ৰাজনীতি বিজ্ঞানৰ আলোচনা। এই আলোচনাত বিচাৰ কৰা হয় কিদৰে ৰাষ্ট্যই সমাজ ব্যৱস্থাৰ ওপৰত প্ৰভাৱ আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। 

৩l ৰাজনৈতিক সমাজতত্বৰ মূল ৰাজনীতি বিজ্ঞান আৰু কেন্দ্ৰীয় বিষয় হ’ল সমাজ। ৰাজনৈতিক কাৰণতে সমাজত বিভিন্ন প্ৰকাৰৰ সামাজিক-সাংস্কৃতিক তথা ৰাজনৈতিক ব্যৱস্থাই গঢ় লয়। ৰাজনীতি বিজ্ঞানৰ প্ৰধান বিষয়বস্তু হৈছে ৰাষ্ট্ৰ বিষয়ে অধ্যয়ন সকলো ৰাষ্ট্যই সময়ে সময়ে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। ৰাষ্ট্ৰত দেখা দিয়া তেনে সমস্যাসমূহৰ অন্তৰালত বেছিভাগেই সামাজিক কাৰণ নিৰ্হিত হৈ থাকে, যাক ৰাষ্ট্ৰ এখনে কেতিয়াবা উলাই কৰি চলিব নোৱাৰে। এনেদৰে, সামাজিক সমস্যাৰ মাজেৰে গঢ়ি উঠা ৰাষ্ট্ৰৰ সম্বন্ধই ৰাজনৈতিক সমাজতত্বৰ সৈতে ৰাজনীতি বিজ্ঞানৰ সম্পৰ্ক গঢ়ি তোলে।

৪l ক্ষমতাৰ বিকেন্দ্ৰিকৰণৰ জৰিয়তে ৰাজনীতি বিজ্ঞান আৰু ৰাজনৈতিক সমাজতত্ব সম্পৰ্কৰ বিষয়ে বুজিব পাৰি। ক্ষমতাৰ বিকেন্দ্ৰিকৰণ হৈছে ৰাজনৈতিক ব্যৱস্থা, য’ত তৃণমূল পৰ্যায়ৰ পৰা জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য কৰি উচ্চ পৰ্যায়লৈ ক্ষমতাৰ বিকেন্দ্ৰিকৰণ কৰা হয়। ক্ষমতাৰ বিকেন্দ্ৰিকৰণ ব্যৱস্থাত শাসন বিষয়ত সকলো শ্ৰেণীৰ জনসাধাৰণে বিশেষ সুবিধা লাভ কৰি থাকে। সেই ফালৰ পৰা ক্ষমতাৰ বিকেন্দ্ৰিকৰণক এফালে ৰাজনীতি বিজ্ঞান আৰু আনফালে ৰাজনৈতিক সমাজতত্বৰ সৈতে সম্পৰ্কযুক্ত বুলি ক’ব পাৰি।

৫l আমোলাতান্ত্রিক ব্যৱস্থা ৰাজনীতি বিজ্ঞান অধ্যয়নৰ পৰিসৰৰ অন্তৰ্ভুক্ত যদিও ইয়াৰ সামাজিক ব্যৱস্থাৰ সৈতে এক নিবিড় সম্পৰ্ক আছে। সমাজ তথা সামাজিক অৱস্থাৰ বুজ নোলোৱাকৈ কোনো আমোলাই প্ৰশাসনক কৃতকাৰ্যতা লাভ কৰিব নোৱাৰে। গতিকে সমাজৰ পৰা উদ্ভৱ হোৱা সমস্যা আৰু ইয়াৰ সৈতে থকা আমোলাসকলৰ সম্পৰ্ক ৰাজনৈতিক সমাজতত্বৰ আলোচনাৰ বিষয়বস্তু হৈ পৰিছে।

৬l দুয়োটা বিষয়ে এটাই আনটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। ৰাজনৈতিক সমাজতত্বই ৰাজনৈতিক বিষয়সমূহৰ ওপৰত প্ৰদান কৰা গুৰুত্বই এহাতে ৰাজনীতি বিজ্ঞানৰ পৰিসৰৰ বৃদ্ধিত অৰিহণা যোগাইছে। আনহাতে, সমাজৰ বিভিন্ন ধৰণৰ সমস্যাৰ ওপৰত ৰাজনীতি বিজ্ঞানে প্ৰদান কৰা গুৰুত্বই ৰাজনৈতিক সমাজতত্বৰ অধ্যয়নৰ পৰিসৰ বৃদ্ধিত অৰিহণা যোগাইছে। 

৭। ৰাজনৈতিক সমাজতত্ববিদ তথা ৰাজনীতি বিজ্ঞানবিদসকলে কৰা কাৰ্যত অন্তৰালত প্ৰায় একে ধৰণৰ উদ্দেশ্যই নিহিত হৈ থাকে।এই দুয়োটা বিষয়ে বিভিন্ন সমস্যা অধ্যয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা গৱেষণা, পৰ্যবেক্ষণ, সাক্ষাৎকাৰ, জৰীপ আদি একে প্ৰক্ৰিয়াৰে সম্পাদন কৰে। এই দুয়োটা বিষয়ে কিছুমান উমৈহতীয়া বিষয়, যেনে – ৰাজনৈতিক দল, প্ৰভাৱগোষ্টী, সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তন আদি একেধৰণৰ অধ্যয়ন ক্ষেত্ৰৰ মাজেৰে আলোচনা কৰে।

৮। ৰাজনৈতিক সমাজতত্বৰ বিকাশৰ লগে লগে ৰাজনীতি বিজ্ঞানৰ আচৰণবাদী দৃষ্টিভংগীৰ বিকাশে ৰাষ্ট্ৰ আৰু সমাজৰ মাজত থকা পাৰ্থক্য নাইকিয়া কৰিছে। আচৰণবাদী দৃষ্টিভংগীয়ে মানৱ আচৰণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি, সমাজ আৰু ৰাজনৈতিক ব্যৱস্থাৰ মাজত এক নিবিড় সম্পৰ্ক গঢ়ি তুলিছে।

৯। দুয়োটা বিষয়ৰে আলোচনাৰ প্ৰকৃতি সাকাৰাত্মক আৰু বৰ্ণনামূলক। এই দুয়োটা বিষয়ৰ মাজত সম্পৰ্কৰ কথা ক’বলৈ গৈ গেব্ৰিয়েল আলমণ্ডয়ে কৈছিল – পৌৰাণিক ৰাজনৈতিক তত্ত্বসমূহ মূলতঃ ৰাজনৈতিক সমাজতত্ব “। ঠিক তেনেদৰে টি. বি. বোটমোৰ বিষয় যে এই দুয়োটাকে একে বিষয় বুলি গণ্য কৰিছে। এইটো সকলোৰে বাবে গ্রহণযোগ্য বিষয় যে ৰাজনীতি বিজ্ঞান অবিহনে ৰাজনৈতিক সমাজতত্বৰ বিকাশ কেতিয়াও সম্ভৱ নহয়। ৰাজনৈতিক সমাজতত্বৰ বিকাশে ৰাজনৈতিক সমস্যাসমূহক সামাজিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰি দুয়োটা বিষয়ৰ মাজত এক সম্পৰ্ক গঢ়ি তোলে।

উক্ত সম্পৰ্কবোৰৰ উপৰি ৰাজনীতি বিজ্ঞান আৰু ৰাজনৈতিক সমাজতত্বৰ মাজত কেতবোৰ দিশত পাৰ্থক্য পৰিলক্ষিত হয়।

পাৰ্থক্য

১। ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ প্ৰধান বিষয়বস্তু হৈছে ৰাষ্ট্ৰ তথা চৰকাৰ।আনহাতে, ৰাজনৈতিক সমাজতত্বই ৰাজনৈতিক তথা সামাজিক দিশ সম্পৰ্কে সামগ্ৰিক অধ্যয়ন কৰে।

২। ৰাজনীতি বিজ্ঞানে ৰাজনৈতিক অনুষ্ঠান সম্পৰ্কে অধ্যয়নৰ ওপৰত বেছিকৈ জোৰ দিয়ে। আনহাতে, ৰাজনৈতিক সমাজতত্ববিদসকলে ৰাজনৈতিক আৰু সামাজিক সংৰচনা (Social Structure) সম্পৰ্কে মূলতঃ অধ্যয়ন কৰে।

৩। ৰাজনীতি বিজ্ঞানে ৰাজনৈতিক সমস্যাৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ে। আনহাতে, ৰাজনৈতিক সমাজতত্বই ৰাজনৈতিক তথা সামাজিক এই দুয়োধৰণৰ সমস্যাৰ ওপৰত একেলগে আলোকপাত কৰে।

৪। তুলনামূলকভাৱে ৰাজনীতি বিজ্ঞান হ’ল এক পৌৰাণিক সমাজ বিজ্ঞান। আনহাতে, ৰাজনৈতিক সমাজতত্ব হ’ল এক নতুন সমাজ বিজ্ঞান। যাৰ বিকাশ সাধন হয় ১৯ শতিকাৰ পৰা।

৫। ৰাজনৈতিক সমাজতত্বৰ পৰিসৰ ৰাজনীতি বিজ্ঞানতকৈ বহল। কিয়নো, এই বিষয়টোৱে একেলগে দুটা পৃথক বিষয়- ৰাজনীতি বিজ্ঞান আৰু সমাজতত্বক সাঙুৰি অধ্যয়ন চলায়।

৬। ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন বেছি পৰিমাণে সাংবিধানিক আৰু ই আইনৰ লগত জড়িত। আনহাতে, ৰাজনৈতিক সমাজতত্বই সামাজিক পটভূমিত ৰাজনৈতিক ঘটনা তথা বিষয়সমূহৰ বিশ্লেষণৰ লগত জড়িত।

৭। ৰাজনীতি বিজ্ঞানৰ পিতৃস্বৰূপ হ’ল এৰিষ্টট’ল। আনহাতে ৰাজনৈতিক সমাজতত্বৰ পিতৃস্বৰূপ হ’ল মেক্স ৱেবাৰ।

ৰাজনীতি বিজ্ঞান আৰু ৰাজনৈতিক সমাজতত্ব এই দুয়োটা যিহেতু পৃথক পৃথক বা স্বতন্ত্ৰ সমাজ বিজ্ঞান, গতিকে দুয়োটাৰ মাজত সাদৃশ্য থাকিলেও বৈসাদৃশ্য থকাটো স্বাভাৱিক। তথাপিটো ৰাজনৈতিক সমাজতত্বৰ মূল যিহেতু ৰাজনীতি বিজ্ঞান সেয়েহে ৰাজনৈতিক সমাজতত্বৰ সম্পৰ্কে জ্ঞান লাভ কৰাৰ পূৰ্বে ৰাজনীতি বিজ্ঞানৰ জ্ঞান থকাটো অপৰিহাৰ্য।

b) Sociology and Political Sociology.

Ans : ৰাজনৈতিক সমাজতত্ব আৰু সমাজতত্ব : বৰ্তমান সময়ত আলোচিত সমাজ বিজ্ঞানসমূহৰ ভিতৰত অন্যতম হ’ল ‘ৰাজনীতি বিজ্ঞান’ আৰু ‘সমাজতত্ব’। ৰাজনীতি বিজ্ঞানে সমাজতত্বৰ পৰা সমাজৰ বিভিন্ন সংগঠনসমূহৰ। গঠন পদ্ধতি আৰু কাৰ্যৰ পৰিসৰৰ বিষয়ে আভাস পায়। সেইদৰে সমাজতত্বই ৰাজনীতি বিজ্ঞানৰ পৰা ৰাজনৈতিক সমাজৰ উপৰি নীতি-নিয়মৰ বিষয়ে জানিব পাৰে। গাৰণাৰৰ মতে ক’বলৈ হ’লে,মানুহক ৰাজনৈতিক আচৰণৰ বিষয়ে অধ্যয়ন কৰা হয়।সমাজৰ মাজতে ৰাজনীতিৰ সৃষ্টি হয়। প্লেটোৰ  ‘Republic’ , এৰিষ্টট’লৰ Politics, কৌটিল্যৰ  ‘অৰ্থশাস্ত্র’ আদি ৰাজনীতিৰ গ্ৰন্থবোৰত সমসাময়িক সমাজৰ বিষয়ে স্পষ্ট আভাস পোৱা যায়। যেনেদৰে এজন ৰাজনৈতিক পণ্ডিতৰ সমাজতত্বৰ জ্ঞান থকাটো প্ৰয়োজনীয় তেনেদৰে এজন সমাজতান্ত্রিক পণ্ডিতৰ ৰাজনীতি বিজ্ঞান সম্পৰ্কে জ্ঞান থকাটো প্ৰয়োজন দুয়োটা বিষয়ৰ মাজত সম্পৰ্কৰ বিষয়ে অধ্যাপক গিডিংচয়ে এনেদৰে মন্তব্য কৰিছে যে- “(To Teach the theory of the state to men who have not learnt the first principle of sociology is like teaching Astronomy to men who have not learnt Newton’s laws of Motion).”

ৰাজনীতি বিজ্ঞানে সমাজতত্বৰ পৰা সমল সংগ্ৰহ কৰাৰ নিচিনাকৈ সমাজতত্বয়ো ৰাজনীতি বিজ্ঞানৰ পৰা সমল সংগ্ৰহ কৰে। কেটলিনৰ মতে, ৰাজনীতি বিজ্ঞান আৰু সমাজতত্বক একোটা মুদ্ৰাৰে দুয়োটা ফাল হিচাপে বিবেচনা কৰিছে যে এজন লেখক সমাজতত্ববিদ নে ৰাজনীতি বিজ্ঞানী নে দাৰ্শনিক এই বিষয়ে স্পষ্টকৈ কোৱা টান।

এইবোৰৰ উপৰি বিশেষজ্ঞসকলৰ মন্তব্যৰ ভিত্তিত ৰাজনীতি বিজ্ঞানৰ সৈতে সমাজতত্বৰ সম্পৰ্ক তলত দিয়া ধৰণে দেখুৱাব পাৰি।

সম্পৰ্ক : 

১। ৰাজনীতি বিজ্ঞান হৈছে এনে এক বিষয়, যিয়ে ৰাষ্ট্ৰ তথা চৰকাৰৰ সম্বন্ধে অধ্যয়ন সামৰি লয়। যেনে – ৰাষ্ট্ৰ জন্ম, বিকাশ, চৰকাৰৰ গঠন, জনসম্পৰ্ক, চৰকাৰ পৰিচালনা, নিৰ্বাচন, ৰাজনৈতিক দল ইত্যাদি। ৰাষ্ট্ৰ তথা চৰকাৰ সম্বন্ধে কৰা আলোচনাৰ সৈতে সমাজ তথা জনসাধাৰণৰ সম্পৰ্কে ওতপ্ৰোতভাৱে জড়িত হৈ থাকে। আনহাতে, সমাজতত্বৰ মূল বিষয়বস্তু হৈছে সমাজ অৰ্থাৎ জনসাধাৰণ। গতিকে এনেদৰে ৰাজনীতি বিজ্ঞানৰ সৈতে সমাজতত্বৰ এক সম্পৰ্ক গঢ়ি উঠে।

২। পৃথিৱীৰ সকলোবোৰ ৰাষ্ট্ৰয়ে সময়ে সময়ে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা দেখা যায়।ৰাষ্ট্ৰত দেখা দিয়া এনে সমস্যাবোৰৰ অন্তৰালত বেছিভাগেই সামাজিক কাৰণ নিহিত হৈ থকা দেখা যায়, যাক ৰাষ্ট্ৰ এখনে কেতিয়াও উলাই কৰি চলিব নোৱাৰে।তদুপৰি, তেনে সমস্যা সমাধান কৰিবলৈ সকলো ৰাষ্ট্ৰই আৱশ্যকীয় ব্যৱস্থা গ্ৰহণ কৰে।এইফালৰ পৰাও ৰাজনীতি বিজ্ঞানৰ সৈতে সমাজতত্বৰ সম্পৰ্ক পৰিলক্ষিত হয়।

৩। ক্ষমতাৰ বিকেন্দ্ৰিকৰণ ব্যৱস্থাৰ জৰিয়তে ৰাজনীতি বিজ্ঞান আৰু সমাজতত্বৰ সম্পৰ্কে বুজিব পাৰি। ক্ষমতাৰ বিকেন্দ্ৰিকৰণ হৈছে এটা সম্পূৰ্ণ ৰাজনৈতিক ব্যৱস্থা, য’ত বিভিন্ন পৰ্যায়ত জনসাধাৰণৰ আশা-আকাংক্ষাক বাস্তৱত ৰূপ দিয়াৰ বাবে একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা ক্ষমতাৰ বিকেন্দ্ৰীকৰণকৰা হয়।

গতিকে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হৈছে ৰাজনীতি তথা সমাজতত্বৰ সৈতে সম্পৰ্কযুক্ত ৰাজনৈতিক সমাজতত্বৰ অন্তৰ্ভুক্ত বিষয়।

৪। অমোলাতান্ত্রিক ব্যৱস্থা ৰাজনীতি বিজ্ঞান অধ্যয়নৰ পৰিসৰৰ অন্তৰ্ভুক্ত যদিও সামাজিক ব্যৱস্থাৰ সৈতে ইয়াৰ সম্পৰ্ক অতি নিবিড় সমাজ তথা সামাজিক অৱস্থাৰ বুজ নোলোৱাকৈ কোনো আমোলাই প্ৰশাসনত কৃতকাৰ্যতা লাভ কৰিব নোৱাৰে। এনেদৰে সমাজৰ সৈতে থকা আমোলাসকলৰ সম্পৰ্কই ৰাজনীতি বিজ্ঞান আৰু সমাজতত্বৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰে।

৫। ৰাজনীতি বিজ্ঞান তথা সমাজতত্ব– এই দুয়োটা বিষয়ৰ সৈতে জনসাধাৰণৰ সম্পৰ্ক বিদ্যমান। সেইফালৰ পৰা ৰাজনীতিবিদ তথা সমাজতত্ববিদসকলে কৰা অধ্যয়নৰ অন্তৰালত ভালেখিনি প্ৰায় একে ধৰণৰ উদ্দেশ্যই নিহিত হৈ থাকে। এই দুয়োটা বিষয়ে বিভিন্ন সমস্যা অধ্যয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদ্ধতি, যেনে – গৱেষণা, জৰীপ, সাক্ষাৎকাৰ, পৰ্যবেক্ষণ আদি একে প্ৰক্ৰিয়াৰে সম্পাদন কৰে।

৬। সমাজতত্বই সামাজিক ঘটনা সম্পৰ্কীয় বিষয়বস্তু লৈ অধ্যয়ন কৰে। যেনে : বিপ্লৱ – যিটো ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি কাৰণত হ’ব পাৰে। সেইদৰে প্ৰতিযোগিতা সমাজতত্বৰ অধ্যয়নৰ বিষয়বস্তু যদিও কেতিয়াবা কিছুমান প্ৰতিযোগিতা ৰাজনৈতিক ক্ষমতালৈও হ’ব পাৰে। একেদৰে ৰাজনৈতিক পৰিবৰ্তনো কেতিয়াবা সামাজিক কাৰণত বা সামাজিক পৰিৱৰ্তন ৰাজনৈতিক কাৰণতো হ’ব পাৰে।

৭। দ্বিতীয় মহাসমৰৰ পিছৰ পৰা ৰাজনৈতিক বিষয়সমূহ অধ্যয়নত উল্লেখনীয় পৰিৱৰ্তন সাধন হৈছে। সাম্প্ৰতিক কালত বেছিভাগ ৰাজনৈতিক সমস্যা অধ্যয়ন কৰোঁতে সমাজতত্বৰ সহায় ল’বলগীয়া হৈছে। সেইবিলাকৰ ভিতৰত ৰাজনৈতিক সংগঠন, ক্ষমতা, কৰ্তৃত্ব, প্ৰশাসন, ভোটাধিকাৰ ইত্যাদি বিষয়ৰ বিশ্লেষণ কৰোঁতে মানুহৰ চিন্তাধাৰা আচৰণ, সামাজিক মূল্যবোধ আদি সামাজিক দিশ সম্পৰ্কে বিচাৰ কৰি চাবলগীয়া হৈছে।

৮। ৰাজনীতি বিজ্ঞান আৰু সমাজতত্ব এই দুয়োটা বিষয়ৰ মাজতে থকা নিবিড় সম্পৰ্কৰ কাৰণে ৰাজনৈতিক সমাজতত্বৰ নিচিনা এক নতুন বিষয়ৰ সৃষ্টি হৈছে। ৰাজনৈতিক সমাজতত্বৰ বিকাশৰ লগে লগে ৰাজনীতি বিজ্ঞান আৰু সমাজতত্বৰ মাজত পাৰ্থক্য প্ৰায় নাইকিয়া হৈ পৰিছে।

৯। উভয় বিষয়ৰ সম্বন্ধৰ প্ৰতি লক্ষ্য ৰাখি মৰিচ জিনচ বাৰ্গ (Morris Ginsberg) : য়ে কৈছে– “Historically, Sociology has its main roots in politics and philosophy of history.” প্লেটোৰ ‘Republic’ আৰু এৰিষ্ট’টলৰ Politics টো ৰাজনীতি বিজ্ঞান আৰু সমাজতত্বৰ ঘনিষ্ঠ সম্পৰ্কৰ ইংগিত দিছে। আগষ্ট ক’ট (Auguste Comte), হাবাৰ্ট স্পেনচাৰ (Herbert Spencer) এ দুয়োটাৰ মাজত পাৰ্থক্য নাই বুলিয়েই কৈছে।

১০। ৰাজনীতি বিজ্ঞান আৰু সমাজতত্ব দুয়োটাই সমাজ বিজ্ঞানৰে অংশ, গতিকে দুয়োটাৰ মাজত সম্পৰ্ক থকাটো স্বাভাৱিক।

ৰাজনীতি বিজ্ঞান আৰু সমাজতত্বৰ মাজত নিবিড় সম্পৰ্ক স্থাপিত হ’লেও উভয়ে পৰস্পৰ পৰিপূৰক নহয়। কিছুমান বিষয়ত দুয়োটাৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয়।

১। সমাজতত্ব হ’ল সমাজ সম্বন্ধীয় বিজ্ঞান। কিন্তু ৰাজনীতি বিজ্ঞান হ’ল ৰাষ্ট্ৰ আৰু চৰকাৰৰ বিজ্ঞান।

২। সমাজতত্ব মানুহক সামাজিক আচৰণৰ লগত জড়িত। কিন্তু ৰাজনীতি বিজ্ঞান মানুহৰ ৰাজনৈতিক আচৰণৰ লগত জড়িত।

৩। সমাজতত্বৰ এক সৰ্বজনীন আৰু নিৰপেক্ষধৰ্মী সমাজ বিজ্ঞান। কিন্তু, ৰাজনীতি বিজ্ঞানে দাৰ্শনিক দিশটোৰ পৰা এতিয়াও মুক্ত কৰিব পৰা নাই।

৪। সমাজতত্ব সম্বন্ধয়ক বিষয়। কিন্তু, ৰাজনীতি বিজ্ঞান হ’ল বিশ্লেষনাত্মক বিষয়।

৫। অধ্যয়নৰ বিষয় হিচাপে ৰাজনীতি বিজ্ঞান সমাজতত্বতকৈ পুৰণি।গ্ৰীক দাৰ্শনিক এৰিষ্টট’লক ৰাজনীতি বিজ্ঞানৰ জনক হিচাপে অভিহিত কৰা হয়। অৰ্থাৎ এৰিষ্টট’লৰ সময়ৰ পৰাই ৰাজনীতি বিজ্ঞানৰ প্ৰকৃত অধ্যয়ন আৰম্ভ হোৱা বুলি ক’ব পাৰি। আনহাতে ফৰাছী সমাজতত্ববিদ আগষ্ট ক’ট (Auguste Comte) ক সমাজতত্বৰ জনক হিচাপে অভিহিত কৰা হয়। অৰ্থাৎ আগষ্ট ক’টৰ সময়ৰ পৰাইহে সমাজতত্বৰ প্ৰকৃত অধ্যয়ন আৰম্ভ হয়।

৬। সমাজতত্বৰ অধ্যয়নৰ পৰিসৰ ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ পৰিসৰতকৈ বিস্তৃত। সমাজতত্বত সমাজৰ বিভিন্ন সংগঠনৰ বিষয়ে অধ্যয়ন কৰা হয়; কিন্তু ৰাজনীতি বিজ্ঞানত অকল ৰাষ্ট্ৰ আৰু চৰকাৰৰ বিষয়েহে অধ্যয়ন কৰা হয়।

৭। সমাজতত্বত সংগঠিত, অসংগঠিত সকলোবোৰ সমাজৰ বিষয়ে অধ্যয়ন কৰা হয়।আনহাতে, ৰাজনীতি বিজ্ঞানত অকল ৰাজনৈতিকভাৱে সংগঠিত সমাজৰ বিষয়েহে অধ্যয়ন কৰা হয়।

৮। সমাজতত্বত মানুহৰ সচেতন আৰু চেতনাহীন সকলো ধৰণৰ কাৰ্যাৱলীৰ বিষয়ে অধ্যয়ন কৰা হয়। কিন্তু ৰাজনীতি বিজ্ঞানত মানুহৰ সচেতন কাৰ্যাৱলীৰ বিষয়ে অধ্যয়ন কৰা হয়। 

c) Importance of Political sociology.

Ans : ৰাজনৈতিক সমাজতত্বৰ ধাৰণা বা অধ্যয়নক্ষেত্ৰ (Scope) ই ইয়াৰ গুৰুত্ব যথেষ্ট নিৰূপণ কৰে। সকলোৰে জ্ঞাত যে আধুনিক সমাজক বাদ দি আমি ৰাজনৈতিক সমাজতত্ব বা ৰাজনৈতিক অনুষ্ঠানৰ বিষয়ে অধ্যয়ন কৰিব নোৱাৰোঁ। সামাজিক-ৰাজনৈতিক গঠনৰ বিষয়ে সংশ্লেষণ (Implication) কৰাটো কেৱল ৰাজনৈতিক সমাজতত্বৰ অধ্যয়নৰ দ্বাৰাহে সম্ভৱ। ৰাজনৈতিক সমাজতত্বই আধুনিক অনুষ্ঠান, যেনে – আমোলাতন্ত্ৰ, ৰাজনৈতিক দল, ভোটদান, নিৰ্বাচনী ইস্তাহাৰ আদিৰ বিষয়ে আলোচনা কৰে। বৰ্তমান জীৱনত এই বিষয়সমূহ বহুলভাৱে ব্যৱহৃত। সাম্প্ৰতিক সমাজখনৰ লগত মিলি চলিবলৈ ৰাজনৈতিক-সমাজতত্বৰ ধৰণ আৰু গুৰুত্বৰ বিষয়ে জনাটো প্রয়োজনীয়। আধুনিক ৰাজনীতি আৰু আধুনিক সমাজ পৰস্পৰ সম্পৰ্কযুক্ত। 

আধুনিক ব্যক্তিসকল আমোলাতন্ত্ৰৰ দ্বাৰা প্ৰভাবৱান্বিত। এজন ভোটাৰ হিচাপে প্ৰতিজন নাগৰিকৰ নিজৰ নিজৰ ৰাজনৈতিক দল বাছনিৰ স্বাধীনতা আছে। আনহাতে, ৰাজনীতিবিদসকলে নিৰ্বাচনৰ আগত আৰু পিছত যথেষ্ট সংখ্যক বিভিন্ন ধৰণৰ প্ৰভাৱগোষ্টীৰ সৃষ্টি কৰে। এইক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সামাজিক কাৰক আৰু ভোটাৰৰ আচৰণৰ কথা জানিবলৈ ৰাজনৈতিক কৰ্মকর্তা আৰু নেতাসকলে ৰাজনীতিৰ কাৰকসমূহ জনাটো দৰকাৰ, কাৰণ ইয়াৰ দ্বাৰাহে জ্বলন্ত সমস্যাসমূহৰ ওপৰত এক সঠিক জনমত গঠন কৰিব পাৰিব।আমি সমস্যা সমাধানৰ সঠিক পথৰ বিষয়ে জনা দৰকাৰ, যাৰদ্বাৰা জনসাধাৰণৰ মতামত আৰু বিতৰ্কৰ বিষয়ে জানিব পাৰি। 

সেইদৰে, ভোটাৰসকলেও ৰাজনীতিৰ বিষয়ে জ্ঞান ৰখাটো প্ৰয়োজনীয়। শিক্ষা হৈছে ৰাজনৈতিক-সমাজতত্বৰ মূল ভেটি। ইয়াৰ দ্বাৰাই আজিৰ সমাজে নেতা,আমোলাতন্ত্ৰ, উদ্যোক্তা,ইস্তাহাৰ আদিৰ বিষয়ে জানিব পাৰে। গণতান্ত্ৰিক সমাজৰ বাবে ৰাজনৈতিক সমাজতত্বৰ গৃহীতকৰণ প্ৰয়োজনীয়। ৰাজনৈতিক সমাজতত্বৰ পৰাই আমি জানিব পাৰোঁ ৰাজতান্ত্রিক স্বৈৰ আৰু সমাজতান্ত্রিক ৰাজ্যৰ বিষয়ে। উন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰৰ বাবে ৰাজনৈতিক ৰাজনৈতিক সমাজতত্ব এক প্রয়োজনীয় বিষয়।

d) Political Sociology.

Ans : সমাজতত্ব আৰু ৰাজনীতিবিজ্ঞানৰ এক সঠিক ধাৰণাৰ পাছত আমি ৰাজনৈতিক সমাজতত্ব (Political Sociology) মানেনো কি তাক আলোচনা কৰি চোৱা উচিত হ’ব।

ৰাজনৈতিক সমাজতত্বই ৰাষ্ট্ৰ সমাজ আৰু পৰিয়ালৰ পৰা উদ্ভৱ হোৱা ৰাজনৈতিক ঘটনাৱলীৰ সমাজতান্ত্রিক দৃষ্টিভংগীৰে আলোচনা কৰে। ই নাগৰিকত্ব (Citizenship), সামাজিক আন্দোলন (Social Movements) আৰু সামাজিক ক্ষমতাৰ উৎস (Sources of Social Power) আদিৰ বিষয়ে পুংখানুপুংখ অধ্যয়ন কৰে। 

ৰাজনৈতিক সমাজতত্বই ক্ষমতা আৰু সমাজ, ৰাষ্ট্ৰ ৰাজনৈতিক সমাজতত্বই ক্ষমতা আৰু সমাজ, ৰাষ্ট্ৰ আৰু ৰাজনৈতিক সংঘাতৰ মাজৰ সম্বন্ধ অধ্যয়ন কৰে। ৰাজনৈতিক সমাজতত্বৰ অধ্যয়ন ক্ষেত্ৰখন ৰাজনীতিবিজ্ঞান আৰু সমাজতত্বৰ সম্পৰ্কিত বিষয়সমূহৰ ওপৰত আধাৰিত। ৰাজনৈতিক সমাজতত্বই বৃহৎ (Macro) আৰু ক্ষুদ্ৰ (Micro) এই দুয়োটা দিশৰপৰাই অধ্যয়ন কৰে। 

এই বিষয়টোৱে যেতিয়া ৰাষ্ট্ৰ বা ৰাজ্য, ৰাজনৈতিক সংস্থা আৰু ইয়াৰ উন্নয়ন, সামাজিক আৰু ৰাজনৈতিক পৰিবৰ্তনৰ উৎস আদিৰ বিষয়ে অধ্যয়ন কৰে তেতিয়া তাক বৃহৎ সামাজিক আন্দোলন, সামূহিক আচৰণৰ স্বৰূপ আদিৰ অধ্যয়নো পৰে। এই ক্ষেত্ৰত গৱেষকসকলে কিয় আৰু কেনেকৈ ৰাজনৈতিক অনুষ্ঠানৰ জন্ম হ’ল আৰু মানুহে কেনেকৈ এইবোৰত সোমাই ইয়াৰ উল্লেখনীয় পৰিৱৰ্তন সাধন কৰিলে তাক লৈ গৱেষণা কৰিছে। আকৌ সূক্ষ্ম দৃষ্টিকোণৰ অধ্যয়নে কোনো ব্যক্তিৰ ভোটাধিকাৰ ৰাজনৈতিক দৃষ্টিভংগী, ৰাজনৈতিক অংশগ্ৰহণ আদিৰ দৰে দিশবোৰে মানুহক কেনেকৈ প্ৰভাৱিত কৰে তাক বিশ্লেষণ কৰে। অৰ্থাৎ এটা দৃষ্টিকোণেৰে সমাজৰ লগত জড়িত ৰাজনৈতিক দিশবোৰ আৰু আনটো দৃষ্টিকোণেৰে ব্যক্তিৰ লগত জড়িত ৰাজনৈতিক দিশবোৰ আলোচনা কৰে। দেখাত ৰাজনৈতিক সমাজতত্বই ৰাজনীতিবিজ্ঞানৰ কথাকে অধ্যয়ন কৰা যেন লাগিলেও ইয়াৰ মূল ব্যাখ্যা ৰাজনীতিবিজ্ঞানৰ ব্যাখ্যাৰ দৰে নহয়। 

ইয়াত এটা সমাজতান্ত্রিক দিশৰ বিশ্লেষণো জড়িত হৈ আছে। সেয়েহে ৰাজনৈতিক সমাজতত্ব ৰাজনীতিবিজ্ঞানৰ পৰা কিছু পৃথক। ৰাজনৈতিক সমাজতত্ব সমাজতত্বৰ এক শাখা যি শাখাই মানৱ সমাজৰ ৰাজনৈতিক দিশটোৰ বিষয়ে সমাজতান্ত্রিক পদ্ধতিৰে অধ্যয়ন কৰে। ৰাজনৈতিক সমাজতত্ব এলেক্স ডি টকুয়েভিল (Alexis de Tocqueville), কাৰ্ল মাৰ্ক্স (Karl Marx), ইমাইল দূৰখেইম (Emile Durkheim) আৰু মেক্স ৱেবাৰ (Max Weber) আদিয়ে সমৰ্থন কৰে। 

কিন্তু ৰাজনৈতিক সমাজতত্বৰ সুকীয়া অধ্যয়ন ক্ষেত্ৰৰ সৈতে এক বিষয় হিচাপে পৰিগণিত হয় দ্বিতীয় বিশ্বযুদ্ধৰ পাছতহে। শ্ৰেণী, ধৰ্ম, জাতি, নৃগোষ্টী, শিক্ষা আদিৰ স’তে ব্যক্তি বা সমূহ ভিত্তিক ৰাজনৈতিক আচৰণৰ বিষয়ে ১৯৫০ আৰু ১৯৬০ ৰ দশক দুটাত বহুতো উল্লেখনীয় অধ্যয়ন চলে। ১৯৭০ দশকৰ আৰম্ভণিতে বহুতো ৰাজনৈতিক সমাজতত্ববিদে সমষ্টিগত দৃষ্টিভংগীৰে সামাজিক বিপ্লৱৰ ফলাফল, ৰাজনৈতিক ব্যৱস্থাত ৰাজনৈতিক অনুষ্ঠানৰ ভূমিকা ৰাষ্ট্ৰৰ উন্নয়নত ঐতিহাসিক আৰু তুলনামূলক পদ্ধতিৰে অধ্যয়ন আদিৰ বিষয়ে বিস্তৃত অধ্যয়ন চলে। বৰ্তমান সময়ত ৰাজনৈতিক সমাজতত্বই উক্ত সকলো দিশৰ বিষয়ে অধ্যয়ন কৰে।

ৰাজনৈতিক সমাজতত্বই সামাজিক পৰম্পৰা, গতিশীলতা আৰু সংৰচনাই আনুষ্ঠানিক ৰাজনৈতিক প্ৰক্ৰিয়াত কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰে তাক আলোচনা কৰে। তদুপৰি বিভিন্ন সামাজিক শক্তিয়ে কেনেকৈ একেলগে ৰাজনৈতিক কৌশল পৰিবৰ্তনৰ বাবে কাম কৰে তাকো আলোচনা কৰে। এই দৃষ্টিকোণৰ পৰা ৰাজনৈতিক সমাজতত্বৰ তিনিটা মুখ্য তাত্বিক সংৰচনাৰ দিশ দেখা পোৱা যায়; এইকেইটা হ’ল– 

(ক) বহুতত্ত্ববাদ (Pluralism).

(খ)সম্ভ্ৰান্ত বা ব্যৱস্থাপনা সিদ্ধান্ত (Elite or Managerial theory).

(গ) শ্ৰেণী বিশ্লেষণ (Class Analysis).

এই তিনিওটা দিশৰ পৰাই ৰাজনৈতিক সমাজতত্বৰ অধ্যয়ন কৰা হৈছিল। বৰ্তমান কালত এই তিনিটা ধাৰাৰ বাহিৰেও ৰাজনৈতিক সমাজতত্বৰ অধ্যয়নৰ ক্ষেত্ৰ যথেষ্ট বিকাশ। মুঠৰ ওপৰত ৰাজনৈতিক সমাজতত্ব হৈছে ৰাজনীতিবিজ্ঞান আৰু সমাজতত্বৰ এক সংমিশ্ৰিত অৱস্থা।

চেৰটৰী (Sartori) এ তেখেতৰ গ্ৰন্থ “From the Sociology of Politics to Political Sociology” নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে যেতিয়াই সমাজতত্ব আৰু ৰাজনীতিতত্ত্বৰ একেলগে বিশ্লেষণ কৰা হয় তেতিয়াই ৰাজনৈতিক সমাজতত্বৰ জন্ম হয়। সাধাৰণ সমাজতত্বই মানুহে জীৱন-নিৰ্বাহ প্ৰণালীত কৰা কামবোৰৰ সাধাৰণ কাৰণ বিশ্লেষণ কৰে আৰু ৰাজনৈতিক সমাজতত্বই মানুহে কৰা কামবোৰৰ ৰাজনৈতিকভাবে জড়িত কাৰণবোৰ বিশ্লেষণ কৰে।ৰাজনৈতিক সমাজতত্ব কিন্তু ৰাজনীতিবিজ্ঞান নহয়। সেয়ে চেৰটৰী (Sartori) এ ৰাজনৈতিক সমাজতত্বৰ পৰা ৰাজনীতিবিজ্ঞানৰ মূল আলোচ্য উপাদানসমূহ আঁতৰাই ৰাখিব বিচাৰে। আকৌ ই কোনো ৰাজনীতিৰ সমাজতত্ব (Sociology of Politics) ও নহয়, মাত্ৰ ই ৰাজনৈতিকভাৱে সামাজিক দিশবোৰৰ বিশ্লেষণ কৰে। ই ৰাজনৈতিক প্ৰক্ৰিয়াৰ সহায়ত সামাজিক প্ৰক্ৰিয়াসমূহ আলোচনা কৰে। ৰাজনৈতিক সমাজতত্বই ৰাজনৈতিক ঘটনাপ্ৰবাহক সামাজিক কাৰকৰ প্ৰভাৱৰ দিশৰপৰা অধ্যয়ন কৰিব বিচাৰে। 

কিন্তু ৰাজনৈতিক সমাজতত্ব ৰাজনীতিবিজ্ঞান আৰু সমাজতত্বৰ সংযোগকাৰী সেতু নহয়। ই ৰাজনীতিবিজ্ঞানৰ চলকসমূহ আৰু সমাজতত্বৰ চলকসমূহৰ বিশ্লেষণৰ ক্ষেত্ৰত সমানেই গুৰুত্ব দিয়ে; অৰ্থাৎ ৰাজনীতিবিজ্ঞান আৰু সমাজতত্বৰ মাজত এক দ্বিপাক্ষিক সম্বন্ধ আছে। উদাহৰণস্বৰূপে ৰাজনীতিবিজ্ঞানে ৰাজনীতিৰ ক্ষেত্ৰত দলীয় ব্যৱস্থা (Party System) ৰ বিষয়ে আলোচনা কৰে; কিন্তু ৰাজনৈতিক সমাজতত্বই দলীয় ব্যৱস্থাৰ লগত সামাজিক অৱস্থাৰ বিষয়েও অধ্যয়ন কৰে। ভাৰতীয় সমাজত যেতিয়া সমাজতত্বই জাতি-ব্যৱস্থাৰ আলোচনাত, জাতি-ব্যৱস্থাই ৰাজনীতিৰ ওপৰত কি প্ৰভাৱ পেলায় সেই বিষয়ে আলোচনা কৰে, কিন্তু ৰাজনৈতিক সমাজতত্বই ৰাজনীতিয়ে জাতি ব্যৱস্থাৰ ওপৰত কি প্ৰভাৱ পেলায় তাক আলোচনা কৰে (Caste and Politics vs Politics on Caste) এইদৰে ৰাজনৈতিক সমাজতত্বই সমাজতত্বৰ বিভিন্ন চলক (Variable) ৰ ওপৰত ৰাজনীতিৰ প্ৰভাৱ আৰু সম্বন্ধৰ বিষয়ে আলোচনা কৰে।

ওপৰৰ আলোচনাৰ পৰা আমি ৰাজনৈতিক সমাজতত্বৰ বিষয়ে এক সুন্দৰ ধাৰণা কৰিব পাৰোঁ। ৰাজনৈতিক সমাজতত্বই ৰাজনীতিবিজ্ঞান আৰু সমাজতত্বৰ সম্বন্ধ অধিক সুদৃঢ় কৰে। দুয়োটাই দুয়োটা বিষয়কে অধ্যয়ন কৰে আৰু অধ্যয়নত সহায় কৰে।এইক্ষেত্ৰত লিপচেট (Lipset) কৈছে,”If the stability of society is a central issue for sociology as a whole, the stability of a specific institutional structure or political regime – the social conditions of democracy – is the prime concern of political sociology.” যিহেতু ৰাজনৈতিক সংস্থাসমূহ নিজেই সমাজ সংৰচনাৰ এক অংগ হৈ পৰে, সেয়ে কেতিয়াবা ই অৰাজনৈতিক সামাজিক সংৰচনাতো প্ৰভাৱ বিস্তাৰ কৰে।গতিকে ৰাজনৈতিক সমাজতত্বই ৰাষ্ট্ৰ আৰু আন আন সামাজিক সংৰচনাৰ মাজৰ সম্বন্ধৰ কথা আলোচনা কৰে। 

e) Definition of Political Science. 

Ans : ক্ৰমবিকাশৰ জৰিয়তে জনসমষ্টিৰ দ্বাৰা গঠিত হোৱা সমাজেই ৰাষ্ট্ৰ ,য’ত এক নিৰ্ধাৰিত শাসন পদ্ধতি থাকে। সমাজত বসবাস কৰা জনগণৰ স্বাৰ্থৰ বাবে যুগুতোৱা নীতিয়েই হৈছে আইন আৰু আইন ৰূপায়ন কৰা শাসন পদ্ধতি সুকলমে চলোৱা ব্যক্তিসকল হৈছে চৰকাৰ। এই ৰাষ্ট্ৰ আৰু চৰকাৰৰ বিভিন্ন দিশ সামৰি আলোচনা কৰা বিষয়টোৱেই হ’ল ৰাজনীতিবিজ্ঞান। ৰাজনীতিবিজ্ঞানৰ সংজ্ঞা বিভিন্ন পণ্ডিতে বেলেগ বেলেগ দৃষ্টিকোণৰ সুকীয়া সুকীয়াকৈ ব্যাখ্যা কৰিছে, তাৰে কেইটামান সংজ্ঞা তলত দাঙি ধৰা হ’ল।

বিশিষ্ট ৰাজনৈতিক বিশ্লেষক প’ল জেনেট (Paul Janet) ৰ মতে, “ৰাজনীতিবিজ্ঞান সমাজবিজ্ঞানীৰ এটা শাখা যিটোৱে ৰাষ্ট্ৰৰ মূল আধাৰ আৰু চৰকাৰৰ নীতি সম্পৰ্কে আলোচনা কৰে। “(Political science is that part of social science which tears the foundation of the state and the principles of Government.) ফৰাচী পণ্ডিত ব্লাণ্টস্লিৰ (Bluntschli) ৰ মতে, “ৰাজনীতিবিজ্ঞান ৰাষ্ট্ৰৰ লগত সম্বন্ধ থকা এক বিজ্ঞান।” (Political science is science which is concerned with the state)।

অধ্যাপক বাৰ্জেছ (Burges) ৰ মতে, “ৰাজনীতিবিজ্ঞান স্বাধীনতা আৰু সাৰ্বভৌমত্বৰ বিজ্ঞান।” (Political science is the science of liberty and sovereignty)। গেৰিচ(Garies) ৰ মতে, “ৰাজনীতিবিজ্ঞানৰ এনে এক বিষয় যি ৰাষ্ট্ৰক এক কৰ্তৃত্বশীল অনুষ্ঠান হিচাপে গণ্য কৰে।” (Political science is a subject which consider state as an institution of power)। চিলীৰ (Seeley) ৰ মতে, “ৰাজনৈতিক অৰ্থনৈতিক যেনেকৈ সম্পদ, জীৱবিদ্যাই জীৱন,বীজগণিতে সংখ্যা আৰু জ্যামিতিয়ে ব্যৱধান আৰু আয়তন সম্পৰ্কে আলোচনা কৰে, ঠিক তেনেকৈ ৰাজনীতিবিজ্ঞানে চৰকাৰৰ কাৰ্যাৱলী আলোচনা কৰে।” (Political science investigates the phenomenon of Government as Political Economy deal with wealth, biology with life, algebra with numbers and geometry with space and magnitude.)

জেমচ গাৰ্ণাৰ (James Garner) ৰ মতে, “ৰাজনীতিবিজ্ঞানৰ অধ্যয়ন ৰাষ্ট্ৰতেই আৰম্ভ হয় আৰু ৰাষ্ট্ৰতেই শেষ হয়।” (Political science begins and ends with the state)। গিলখ্ৰাইষ্ট (Gilchrist) ৰ মতে, “ৰাজনীতিবিজ্ঞানে ৰাষ্ট্ৰ আৰু চৰকাৰৰ বিষয়ে আলোচনা কৰে।” (political science deals with the state and government.)। ডিলন আৰু লেইডেন (Dillon and Leiden) ৰ মতে, “মানুহে নিজ ইচ্ছাৰে চৰকাৰ আৰু ৰাষ্ট্ৰ গঠন কৰি নিজকে নিজে শাসন কৰাৰ আৰু নিজৰ সামাজিক ভাগ্য নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টা সম্পৰ্কীয় আলোচনাই ৰাজনীতিবিজ্ঞান।” (Political science students man’s effort to govern himself to create government and state to control the social destiny)।

ওপৰৰ সংস্থাসমূহৰ পৰা দেখা যায় যে প্ৰায়বোৰ ৰাজনীতিবিজ্ঞানৰ পণ্ডিতে ৰাজনীতিবিজ্ঞান মূলতঃ ৰাষ্ট্ৰ আৰু চৰকাৰৰ বিষয়ে আলোচনা কৰা একেধৰণৰ বিজ্ঞান ; অৰ্থাৎ ৰাষ্ট্ৰ আৰু চৰকাৰৰ বিষয়ে আলোচনা কৰাই হৈছে ৰাজনীতিবিজ্ঞানৰ মূল উদ্দেশ্য। কিন্তু আধুনিক ৰাজনীতিবিজ্ঞানৰ চিন্তাবিদসকলে ওপৰত উল্লেখ কৰা সংজ্ঞাসমূহক আওপুৰণি আখ্যা দি এই সংজ্ঞাসমূহ বৰ্তমান সময়ৰ উপযোগী নহয় বুলি ক’ব বিচাৰে। নতুন ৰাজনৈতিক চিন্তাবিদসকলৰ মতে, উপৰিউক্ত সংজ্ঞাবিলাকে ৰাষ্ট্ৰৰ গতিশীলতা আৰু চৰকাৰৰ আগত দেখা দিয়া বাস্তৱ সমস্যাৱলী অনুধাৱন কৰাত ব্যৰ্থ হৈছে। এওঁলোকৰ মতে কেৱল ৰাষ্ট্ৰৰ বিষয়ে কৰা আলোচনাই ৰাজনৈতিক জীৱনৰ সকলো দিশ বিশ্লেষণ কৰিব নোৱাৰে। ডেভিড ইষ্টন (David Easton) এ সেয়ে ৰাজনীতিবিজ্ঞানক কেৱল প্ৰতিষ্ঠানভিত্তিক হিচাপে আলোচনা নকৰি ৰাজনৈতিক পদ্ধতি (Political System) আৰু ৰাজনৈতিক প্ৰক্ৰিয়া (Political Process) হিচাপে আলোচনা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

ডেভিড ইষ্টন (David Easton) ৰ মতে, “ৰাজনীতিবিজ্ঞানৰ মূল বিষয়বস্তু হ’ল ক্ষমতাৰ ভাগ বিতৰণ আৰু ব্যৱহাৰৰদ্বাৰা প্ৰভাৱিত মূল্যৰ কৰ্তৃত্বসম্পন্ন অংশ নিৰ্ধাৰণৰ ওপৰত অধ্যয়ন কৰাটো।” (Political Science is the study of the authoritative allocation of value as it in the need by the distribution and use of power)। লেচৱেল (Lasswell) আৰু কলপান (Kalpan) ৰ ভাষাত , “ৰাজনীতিবিজ্ঞান এক ক্ষমতাৰ ৰূপ দিয়া আৰু অংশগ্ৰহণ কৰাৰ বিষয়ে গৱেষণা কৰা এক বিষয়।” (Political Science is an empirical discipline is the study of the shaping and sharing of power).

এলেন বল (Allen Ball) আৰু মিলাৰ (J.D.B. Miller) এ ৰাজনীতিবিজ্ঞানক সমাজৰ বিৰুদ্ধে, সংঘৰ্ষ, বিবাদ আৰু এইবিলাকৰ সমাধান প্ৰক্ৰিয়াৰ ফালৰ পৰা আলোচনা কৰিছে। (Conflict lies at the heart of Politics – J.D.B. Miller; “It involves disagreements and the reconciliation of those agreements…..”-Allen Ball)। হাৰমাম হেলাৰ (Herman Heller) ৰ মতে, “এটা বিশেষ বিষয় হিচাপে ৰাজনীতিবিজ্ঞানে ৰাজনৈতিক ক্ষমতা লাভ কৰা, ৰক্ষণাবেক্ষণ দিয়া আৰু ভাগবাটোৱাৰ সম্পৰ্কে আলোচনা কৰে।” (Political Science as a subject deals with attaining, preserving and distribution of Political Power)। তদুপৰি তেওঁ আকৌ কৈছে যে, ইয়াৰ উপৰি ৰাজনৈতিক দল, গণতন্ত্ৰ, সংবাদপত্ৰ, অৰ্থনৈতিক ক্ষমতাৰ প্ৰভাৱ আৰু আন্তৰাষ্ট্ৰীয় ৰাজনীতিৰ লগত ৰাজনীতিবিজ্ঞানৰ সম্পৰ্ক আছে।” (Political Science is also concerned with political parties, democracy, press, influence of economic power and international policies)। 

ওপৰত উল্লেখ কৰা পৌৰাণিক আৰু আধুনিক ৰাজনৈতিক চিন্তাবিদসকলৰ সংজ্ঞাসমূহ বিশ্লেষণ কৰি চালে দেখা যায় যে, ৰাজনীতিবিজ্ঞানৰ বিষয়ে কোনেও এক স্পষ্ট আৰু যথাৰ্থ সংজ্ঞা দাঙি ধৰিব পৰা নাই। ইয়াৰ প্ৰধান কাৰণ হ’ল ৰাজনৈতিক চিন্তাবিদসকল এক সৰ্বসন্মত মতত উপনীত হ’ব পৰা নাই অথচ তেওঁলোক নিজ নিজ মতত অবিচল হৈ আছে। এইক্ষেত্ৰত এছ. এল. ৱাচবি (S. L. Wasby) এ কৈছিল- “ৰাজনীতিবিজ্ঞান সম্পৰ্কত থকা খেলিমেলি আৰু মতপাৰ্থক্য আৰু লগতে ইয়াৰ গতিশীলতা আৰু সীমাহীনতাৰ বাবে এটা নিৰ্দিষ্ট সংজ্ঞা উদ্ভাৱন কৰাটো সম্ভৱ হোৱা নাই।”

9. Very short answer type questions.

i) Who said, political sociology as,”Inter-disciplinary hybrid.”

Ans : G. Sartori

ii) Who said, political sociology as the” Cross fertilization of Sociology and political science.”

Ans : Small Kumar Mukhopadhyay.

iii) Who wrote, “The Protestant Ethics and the spirit of capitalism”.

Ans : Max Weber.

iv) Who wrote, “Democracy in America” and “The Old Regime and the French Revolution”.

Ans : Louis XVI And Allexis De Tocquevill.

v) Who is said to be the “Father of Political Sociology”.

Ans : Max Weber.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top