Political Sociology Unit 3 ৰাজনৈতিক পদ্ধতি, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Sociology Unit 3 ৰাজনৈতিক পদ্ধতি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Sociology Unit 3 ৰাজনৈতিক পদ্ধতি Question Answer can be of great value to excel in the examination.
Political Sociology Unit 3 ৰাজনৈতিক পদ্ধতি
Political Sociology Unit 3 ৰাজনৈতিক পদ্ধতি Notes cover all the exercise questions in UGC Syllabus. The Political Sociology Unit 3 ৰাজনৈতিক পদ্ধতি in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
Political System
SOCIOLOGY
POLITICAL SOCIOLOGY
ৰাজনৈতিক সমাজতত্ত্ব
1. What do you mean by Political System? Mention the functions of Political System.
Ans : সামাজিক পদ্ধতি বা প্ৰক্ৰিয়া সমাজতত্বৰ এটা মূল বিষয়বস্তু। এনে সামাজিক প্ৰক্ৰিয়াই সমাজখন শৃংখলাবদ্ধভাৱে গঠন কৰিবলৈ বা পৰিচালনা কৰিবলৈ সহায় কৰে। সামাজিক পদ্ধতি বুলিলে আমি ইয়াৰ ভিতৰত থকা বহুকেইটা সংগঠনক বুজোঁ; তাৰ ভিতৰত ৰাজনৈতিক পদ্ধতি, অৰ্থনৈতিক পদ্ধতি, সাংস্কৃতিক পদ্ধতি শিক্ষামূলক পদ্ধতি, ধৰ্মীয় পদ্ধতি ইত্যাদি। সমাজখন ভালধৰণে চলিবৰ বাবে এই সকলোবোৰ অংগই কাম নকৰিলে সমাজখনত বিভিন্ন বেমেজালিয়ে দেখা দিব।
প্ৰত্যেক সমাজতে ৰাজনৈতিক প্ৰক্ৰিয়া সংগঠিত হয়। মানুহে সমাজ পাতি বসবাস কৰা দিনৰেপৰা সমাজত এনেধৰণৰ এক পদ্ধতিৰ আৱশ্যক বুলি ধৰা হৈছে, যাৰ ফলত এটা বা ততোধিক পৰিয়াল পৰিচালনাৰ বাবে নেতা নিৰ্বাচন কৰি সমাজখন পৰিচালনা কৰা দায়িত্ব তেওঁক অৰ্পণ কৰিছিল। সেই সময়তে “জোৰ যাৰ মুলুক তাৰ” নীতি-প্ৰচলন আছিল। লাহে লাহে সমাজৰ ধাৰণা জটিল হ’বলৈ ধৰিলে আৰু মানুহৰ মাজত প্ৰতিযোগিতাৰ বৃদ্ধি হ’ল। মানুহে নিজৰ দক্ষতা আৰু বল প্ৰয়োগ কৰি বৃহৎ বৃহৎ অঞ্চল নিজৰ অধীনলৈ আনিবলৈ ল’লে; তাৰ ফলত সমাজত সংঘৰ্ষ, সহযোগিতা, প্ৰতিযোগিতা আদি বৃদ্ধি পাবলৈ ধৰিলে। এনেধৰণে সময়ৰ গতিত সমাজ ব্যৱস্থা আগবাঢ়িল। আৰু সময়ে সময়ে ৰাজনৈতিক পদ্ধতিসমূহৰ পৰিবৰ্তন হ’বলৈ ধৰিলে।
ৰাজনৈতিক পদ্ধতি বুলিলে আমি সাধাৰণ অৰ্থত চৰকাৰকে বুজো। দেশ এখন পৰিচালনাৰ বাবে আমি এজন বা ততোধিক ব্যক্তিৰ হাতত ক্ষমতা বা কৰতৃ প্ৰদান কৰোঁ আৰু তেওঁলোকে ৰাজনৈতিক পদ্ধতি নিয়ন্ত্ৰণ কৰে। ৰাষ্ট্যই হওক বা ৰাষ্ট্ৰহীন সমাজ ব্যৱস্থই হওক ৰাজনৈতিক পদ্ধতি সকলোতে দেখিবলৈ পোৱা যায়। ৰাষ্ট্ৰত থকা ৰাজনৈতিক ব্যৱস্থাবোৰৰ ভিতৰত গণতন্ত্ৰ, সৰ্বাত্মকবাদ আদিৰ কথা ক’ব পাৰি। অন্যহাতেদি ৰাষ্ট্ৰহীন সমাজত খণ্ডিত ৰাজনৈতিক পদ্ধতি দেখা পোৱা যায়। এনে পদ্ধতিসমূহৰ ভিতৰত নোৱৰ আৰু টিভ (Nuer & Tiv) সকলৰ ৰাজনৈতিক পদ্ধতিৰ কথা ক’ব পাৰোঁ।
ৰাজনৈতিক পদ্ধতি বুলিলে ৰাষ্ট্ৰ এখনৰ ৰাজনৈতিক লক্ষ্যবোৰ পূৰণ কৰিবলৈ যি পদ্ধতিৰ জৰিয়তে কার্য সম্পাদন কৰা হয় তাকে বুজা যায়। চৰকাৰে কৰা সকলো ধৰণৰ কাম, যেনে – আইন প্ৰণয়ন, আইন প্ৰৱৰ্তন, আঁচনি প্ৰস্তুত, মৌলিক অধিকাৰ, স্বাধীনতাৰ সুৰক্ষা আদি সকলোবোৰ ৰাজনৈতিক পদ্ধতিৰ অন্তৰ্গত।
আলমাণ্ড আৰু কুলমেন (Almond & Coleman, 1960) মতে ৰাজনৈতিক পদ্ধতিৰ কামসমূহ হ’ল-
১) বিভিন্ন ধৰণৰ প্ৰতিমানৰ জৰিয়তে সমাজৰ সামাজিক সংহতি নিয়ন্ত্ৰণ কৰা। ভাৰতৰ দৰে দেশসমূহত বিভিন্ন জাতি, বৰ্ণ, ধৰ্ম, লিংগ, ভাষাৰ মানুহে বসবাস কৰে। এনে বিচিত্ৰকৰ ঠাইত সকলোবোৰ নীতি-আদৰ্শ বেলেগ বেলেগ; সেইবাবে এইবোৰৰ মাজত সংঘৰ্ষ হোৱাটো নিশ্চিত। সেইবাবে ৰাজনৈতিক পদ্ধতিৰ জৰিয়তে কিছুমান সাৰ্বজনীন নীতি-নিয়ম বা প্ৰতিমান উলিয়াই দেশৰ জনসাধাৰণক নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব লাগে, যাৰ ফলত দেশৰ সংহতি ৰক্ষা হ’ব।
২) ৰাষ্ট্ৰক বাহিৰা শক্তিৰ পৰা প্ৰতিৰক্ষা প্ৰদান কৰা। ৰাজনৈতিক পদ্ধতিসমূহ ৰাষ্ট্ৰ আৰু জনসাধাৰণৰ ওচৰত দায়বদ্ধ। এইসমূহৰ প্ৰতিৰক্ষা প্ৰদান কৰাটো ৰাজনৈতিক পদ্ধতিসমূহৰ দায়িত্ব। ৰাষ্ট্ৰ এখনৰ বাহিৰা বা ভিতৰুৱা শত্ৰুৰ পৰা ৰক্ষা, জনসাধাৰণক সকলো ধৰণৰ সমস্যাৰ পৰা দূৰত ৰখা ৰাজনৈতিক প্ৰক্ৰিয়াৰ আন এটা লক্ষ্য হোৱা উচিত।
৩) ধৰ্মীয়, সামাজিক, অৰ্থনৈতিক আদি পদ্ধতিসমূহত অহা পৰিবৰ্তনসমূহক আঁকোৱালি লোৱা। সময়ৰ লগত সকলো সামাজিক ব্যৱস্থাৰ পৰিবৰ্তন আহে। পৰিবৰ্তনবোৰক আঁকোৱালি ল’ব পাৰিলেহে সমাজৰ উন্নয়ন সম্ভৱ হয়। সেইবাবে ৰাজনৈতিক পদ্ধতিবোৰৰ আকোৱালি ল’বৰ বাবে উৎকৃষ্ট পৰিবেশ সৃষ্টি কৰিব লাগে। আলমাণ্ড আৰু কুলমেনে দিয়া ৰাজনৈতিক পদ্ধতিৰ কামসমূহৰ উপৰিও আন কিছুমান কাম থকাও দেখিবলৈ পোৱা যায়। এনে কামবোৰ দুটা ভাগত ভাগ কৰিব পাৰি।
উৎপাদক কার্য | উৎপাদন কার্য |
১। ৰাজনৈতিক সামাজিকীকৰণ | ১। আইন প্ৰস্তুত |
২। ৰাজনৈতিক যোগাযোগ | ২। আইন প্ৰণয়ন |
৩। আগ্ৰহ সংগ্ৰহ |
ইচেন্তষ্টাদ (Eisenstadt) (1966)-এ ৰাজনৈতিক পদ্ধতিৰ কামসমূহক তিনিটা ভাগত ভাগ কৰিছে –
১) আইনগত (Legislative) : য’ত আইন প্ৰস্তুত, আইন প্ৰণয়ন, আইন পৰিচালনা আদি কাম জড়িত থাকে।
২) সিদ্ধান্তধৰ্মী (Decision-making) : য’ত ৰাষ্ট্ৰৰ সিদ্ধান্তৰ প্ৰক্ৰিয়া জড়িত হৈ আছে।
৩) প্ৰশাসনিক (Administrative) : ৰাষ্ট্ৰৰ প্ৰশাসনিক কাম-কাজসমূহত জনসাধাৰণক কেনেকৈ শাসন কৰিব সেই বিষয় জড়িত হৈ আছে।
2. Discuss about the characteristics of Political System.
Ans : ১) ক্ষমতাৰ প্ৰয়োগ : ৰাজনৈতিক পদ্ধতিসমূহৰ ভিতৰত চৰকাৰক এটা অপৰিহাৰ্য অংগ বুলি ধৰা হয়। সেইবাবে চৰকাৰৰ হাতত ক্ষমতা থাকে যাৰ জৰিয়তে তেওঁলোকে জনতাৰ ভালৰ কাৰণে বিভিন্ন কাৰ্যসূচী হাতত ল’ব পাৰে। চৰকাৰে সেইবাবে আইনগত ক্ষমতাৰ গৰাকী বুলিও ক’ব পৰা যায়।
২) নিৰ্ভৰশীল : সামাজিক প্ৰক্ৰিয়া সংঘটিত হোৱাৰ বাবে বহুতো অংগৰ প্ৰয়োজন।এই অংগসমূহৰ ভিতৰত ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক পদ্ধতিৰ কথা ক’ব পাৰো। এইবোৰ ইটো সিটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে।ইহঁতে অকলে কেতিয়াও সমাজৰ শৃংখলাৰবদ্ধৰ বাবে কাম কৰিব নোৱাৰে। সেইবাবে ইয়াৰ পৰ নিৰ্ভৰশীল বুলিব পাৰি।
৩) সীমাবদ্ধতা : ঠায়ভেদে ৰাজনৈতিক পদ্ধতিবোৰ ভিন্ন ভিন্ন হ’ব পাৰে।সেইবাবে এটা ৰাজনৈতিক পদ্ধতি এটা নিৰ্দিষ্ট ভৌগোলিক এলেকাত সীমাবদ্ধ হৈ থাকে।
৪) শাসনকাৰ্য : ৰাজনৈতিক পদ্ধতিসমূহ এটা নিৰ্দিষ্ট ভৌগোলিক অৱস্থানত বসবাস কৰা ব্যক্তিসকলৰ ওপৰত শাখনকাৰ্য সম্পাদন কৰে পাৰে। ইয়াৰ এটা প্ৰধান কামেই হৈছে জনসাধাৰণক নিয়ন্ত্ৰণ কৰা।
এতিয়া আমি ৰাজনৈতিক পদ্ধতিৰ বিষয়ে সম্যক জ্ঞান পালোঁ। ইয়াৰ কিছুমান ভাগো দেখিবলৈ পোৱা যায়।তাৰ ভিতৰত কেইটামান তলত আলোচনা কৰা হ’ল –
(১) গণতন্ত্ৰ, (২) ৰাজতন্ত্ৰ, (৩) প্ৰজাতন্ত্ৰ, (৪) সৰ্বাত্মকবাদ, (৫) খণ্ডিত সমাজ – ব্যৱস্থা আদি।
3. What is Segmentary Political System? Discuss its characteristics.
Ans : ভাৰতীয় সমাজ ব্যৱস্থা বাৰেৰহনীয়া। ইয়াত জাতি, ধৰ্ম, বৰ্ণ, নিৰ্বিশেষে বিভিন্ন ব্যক্তিয়ে বসবাস কৰে। ই হৈছে সংস্কৃতিৰ সংগমস্থলী। ভাৰতত জাতি ব্যৱস্থাই দিয়া বিভাজনৰ বাহিৰে আৰু পিছপৰা মানুহে বসবাস কৰে। এনেদৰে দুৰ্গম অঞ্চলত বসবাস কৰা, সভ্যতাৰ পোহৰ নপৰা, নিৰ্দিষ্ট নামত পৰিচিত ব্যক্তিসকলক অনুসূচীত জাতি বোলে। এনেধৰণৰ জাতিসমূহ সভ্যতা-সংস্কৃতিৰ ফালৰ পৰা যথেষ্ট চহকী। তেওঁলোকৰ সুকীয়া নাম-ভাষা থকাৰ উপৰি সুকীয়া সামাজিক ব্যৱস্থাও দেখিবলৈ পোৱা যায়।
অনুসূচীত জাতিসমূহে তেওঁলোকৰ প্ৰজাতি বা বংশৱলীক বহুত বেছি পৰিমানে গুৰুত্ব প্ৰদান কৰে আৰু এনেদৰে সম্বন্ধীয় বা বংশধৰসকলৰ দ্বাৰা শাসিত সমাজব্যৱস্থাকে খণ্ডিত ৰাজনৈতিক ব্যৱস্থা অৰ্থাৎ Segmentary Political System বুলি কোৱা হয়।
খণ্ডিত সমাজ ব্যৱস্থা সাধাৰণতে জনগোষ্ঠীয় সমাজত দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে আমি নোৱৰ আৰু টিভ (Nuer and tiv) ৰ কথা পাই আহিছোঁ। এতিয়া আমি ইয়াৰ কেইটামান বৈশিষ্ট্যৰ বিষয়ে অধ্যয়ন কৰিম।
১) স্থানীয়তা (Locality) : খণ্ডিত সমাজব্যৱস্থা বা ৰাজনৈতিক ব্যৱস্থা উদ্ভৱ হয় এটা নিৰ্দিষ্ট ভূ-খণ্ডৰ ভিতৰুৱা ঠাইত। ইয়াৰ জৰিয়তে দূৰত্বত থকা ব্যক্তিসকলক শাসন কৰাটো জটিল হৈ পৰে। স্থানীয় আত্মীয় লোকসকলৰ ওপৰত চকু দিয়া বা তেওঁলোকক সুৰক্ষা দিয়াটো ইয়াৰ মূল উদ্দেশ্য।
২) আত্মীয়তা : জনগোষ্ঠীয় লোকসকলৰ ভিতৰত প্ৰচলিত এনে সমাজব্যৱস্থাত ব্যক্তিসকলৰ মাজত আত্মীয়তা থকা দেখিবলৈ পোৱা যায়। এই শাসনব্যৱস্থা প্ৰয়োগ হয় একে বংশগত বা আত্মীয় মানুহসকলৰ ওপৰত। যিহেতু এনে শাখনব্যৱস্থাত আপোন মানুহখিনি থাকে আৰু তাৰ বাবে ইজনে সিজনৰ ওপৰত নিৰ্ভৰশীল হৈ জীৱন নিৰ্বাহ কৰে।
৩) খণ্ডিত শাসন : এনে শাখনব্যৱস্থা সংগঠিত হয় এনে কিছুমান মানুহৰ মাজত যিসকল বংশৰ বেলেগ কিছুমান মানুহৰ পৰা পৃথক হৈ আহে। তেওঁলোকে নিজৰ শাখনকাৰ্য নিজে পৰিচালিত কৰিম বুলি পৃথক হয়।বেলেগ এখন সমাজৰ পৰা পৃথক হৈ অহাৰ বাবে এনে শাখনব্যৱস্থাক খণ্ডিত শাসন/ৰাজনৈতিক ব্যৱস্থা বোলে। খণ্ডিত হোৱা দুয়োটা খণ্ডই বেলেগ বেলেগকৈ শাখনকাৰ্য সম্পাদিত কৰে।
৪) বংশগত : খণ্ডিত সমাজব্যৱস্থা বংশগত। ইয়াত একে বংশৰ মানুহ জড়িত হৈ থাকে। ই কেতিয়াবা এটা বংশৰ পৰা পৃথক হৈও আহিব পাৰে। সাধাৰণতে খণ্ডিত ব্যৱস্থা বংশগতভাবে চলি থাকে। ইয়াত সেইবাবে সকলোৱে সকলোৰে সুৰক্ষা, নিয়ন্ত্ৰণ আৰু নিৰাপত্তা প্ৰদানত ব্যস্ত থাকে।
4. What is Totalitarianism? Mention the main traits of totalitarianism.
Ans : ৰাষ্ট্ৰৰ কাৰ্যকলপৰ লগত জড়িত তত্বসমূহৰ ভিতৰত সৰ্বাত্মকতাবাদী এক পুৰণি তত্ব। এক তত্ব অনুযায়ী ৰাষ্ট্ৰ হৈছে এক নৈতিক সত্বা। ৰাষ্ট্ৰ হৈছে ব্যক্তিৰ প্ৰকৃত ব্যক্তিত্বৰ সৃষ্টি কৰা আৰু নিশ্চয়তা প্ৰদান কৰা অনুষ্ঠান। সেয়েহে ব্যক্তিৰ নিৰ্দেশ আচৰণ কৰা আৰু নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে ৰাষ্ট্ৰই সৰ্বোচ্চ কৰ্তৃত্ব লাভ কৰে। একেদৰে ব্যক্তিয়েও ৰাষ্ট্ৰৰ ওচৰত নিজকে ৰাষ্ট্ৰীয় কৰ্তৃত মানি চলিলে এক উচ্চ নৈতিকতাসম্পন্ন জীৱন-যাপন কৰাৰ সুবিধা লাভ কৰে। এইদৰে সৰ্বাত্মকতাবাদী তত্বই ৰাষ্ট্ৰক এক প্ৰশ্নতিত সৰ্বোচ্চতা প্ৰদান কৰে।
এনে চৰকাৰৰ কৰ্তৃত্ব প্ৰয়োগৰ ক্ষেত্ৰত কোনো বাধা সীমাবদ্ধতা নাথাকে। সৰ্বাত্মকতাবাদী চৰকাৰত সমাজৰ ৰাজহুৱা কাম-কাজ পৰিচালনাৰ ক্ষেত্ৰত জনসাধাৰণ অংশগ্ৰহণ ব্যৱস্থাক স্বীকাৰ নকৰে।সামগ্ৰিকভাৱে সৰ্বাত্মকতাবাদী চৰকাৰ হৈছে সৰ্বোচ্চভাৱে ক্ষমতাসম্পন্ন চৰকাৰ। ব্যক্তিগত বা সমাজ জীৱনৰ কোনো এটা দিশেই এই চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰত নাথাকে। ব্যক্তিৰ বা সমাজৰ সকলো কাৰ্যকলাপেই এনে চৰকাৰৰ অধীনত নিয়ন্ত্ৰণাধীন হৈ থাকে।
সৰ্বাত্মকতাবাদৰ বৈশিষ্ট্য :
১। ৰাষ্ট্ৰ এক নৈতিক সত্বা : সৰ্বাত্মকতাবাদীসকলে ৰাষ্ট্ৰক সৰ্বোচ্চ ক্ষমতাসম্পন্ন অনুষ্ঠান হিচাপে গন্য কৰে। তেওঁলোকৰ মতে, ৰাষ্ট্ৰ কেৱল জনসাধাৰণৰ কল্যাণ সাধনৰ বাবে কার্য সম্পাদন কৰা ৰাজনৈতিক যন্ত্ৰ নহয়। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰ হৈছে জীৱন্ত আৰু প্ৰাকৃতিক সত্বা,ইয়াৰ এক মহৎ উদ্দেশ্য আছে। হেগেলৰ নটা, বিশ্বব্ৰহ্মাণ্ড হৈছে সামগ্ৰিকভাৱে সংলগ্ন আৰু ইয়াৰ অন্তৰালত যুক্তি, ধাৰণা, বা স্বৰ্গীয় চেতনা জড়িত হৈ থাকে। এনে চিন্তাৰ লগত সকলোবোৰ বিষয় জড়িত হৈ থাকে। চেতনা বিকাশৰ ক্ষেত্ৰত বিভিন্ন পৰ্যায়ত অতিক্ৰম কৰিব লগা হয়। মানৱ চেতনা বিকাশৰ ফলস্বৰূপেই শেষ পৰ্যায়ত ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল।সেয়েহে ৰাষ্ট্ৰ হৈছে মানৱ চেতনাৰ সৰ্বোচ্চ সাকাৰ ৰূপ। গ্ৰীণৰ দৃষ্টিতো ৰাষ্ট্ৰ হৈছে মানৱীয় চেতনাৰ মূৰ্তমান প্ৰকাশ।
২। ৰাষ্ট্ৰ সাধাৰণ ইচ্ছাৰ মূৰ্ত ৰূপ : বোছানকোৱেটৰ দৰে দর্শনিক ৰাষ্ট্ৰৰ মানৱ চেতনাৰ সাকাৰ ৰূপ বোলাতকৈ ইয়াক সাধাৰণ ইচ্ছাৰ সমষ্টি বুলি বিবেচনা কৰিছিল। তেওঁৰ ধাৰণা অনুযায়ী প্ৰত্যেক ব্যক্তিৰে দুই ধৰণৰ ইচ্ছা থাকে – বাস্তৱিক ইচ্ছা (Actual Will) আৰু প্ৰকৃত ইচ্ছা (Real Will)। বাস্তৱিক ইচ্ছা ব্যক্তিৰ স্বাৰ্থৰ লগত সংলগ্ন। সামাজিক কল্যাণৰ লগত ই জড়িত নাথাকে। সেয়ে এনে ইচ্ছা সংকীৰ্ণ আৰু স্ববিৰোধী। সেয়েহে ই মানুহৰ স্বাৰ্থপৰ আৰু অনৈতিক কৰি তোলে। গতিকে বোছানকুৱেটৰ মতে, বাস্তৱিক ইচ্ছা সম্পূৰ্ণৰূপে আৱেগিক আৰু যুক্তিহীন।
বাস্তৱিক ইচ্ছাই ব্যক্তিক অন্যান্য ব্যক্তিসকলৰ পৰা পৃঠকভাৱে থাকিবলৈ পৰিচালিত কৰাৰ বিপৰীতে প্ৰকৃত ইচ্ছাই ব্যক্তিক অন্যান্য ব্যক্তিৰ লগত সহযোগিতা কৰিবলৈ প্ৰভাৱিত কৰে। যেতিয়া সমাজৰ সকলো ব্যক্তিৰ প্ৰকৃত ইচ্ছাক একত্ৰিত কৰি এক সামূহিক ইচ্ছালৈ পৰিবৰ্তন কৰা হয়, তেতিয়াই ৰাষ্ট্ৰৰ সাধাৰণ ইচ্ছাৰ সৃষ্টি হয়। সেয়েহে সাধাৰণ ইচ্ছা হৈছে সকলো ব্যক্তিৰ প্ৰকৃত ইচ্ছাৰ সমষ্টি। এই দিশৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে ৰাষ্ট্ৰ হৈছে সাধাৰণ ইচ্ছাৰ মূৰ্তমান ৰূপ ৰাষ্ট্ৰয় সকলো ব্যক্তিৰ উমৈহতীয়া ইচ্ছাক প্ৰতিনিধিত্ব কৰে।
৩। ৰাষ্ট্ৰৰ নিজস্ব ব্যক্তিত্ব আছে : ব্যক্তিৰ দৰে ৰাষ্ট্যৰো এক স্পষ্ট আৰু নিজস্ব ব্যক্তিত্ব আছে। হেগেলে ইয়াক আত্মসচেতন নৈতিক ৰূপ আৰু স্ব-জ্ঞানী আৰু স্ব-বাস্তবায়িক ব্যক্তি হিচাপে বৰ্ণনা কৰিছে। বোছানকোৱেট ইয়াক এক নৈতিক ধাৰণা হিচাপে আখ্যা দিছে। এই ধাৰণাই সকলো ব্যক্তিৰ মনত উচ্চ স্থান লাভ কৰে আৰু অন্তনিৰ্হিত হৈ থাকে। এক পৃথক সত্বা হিচাপে ৰাষ্ট্ৰৰ নিজস্ব কিছুমান বৈশিষ্ট্য আছে আৰু এই সংবিধান,পৰম্পৰা আৰু ৰাজনৈতিক আইনবিলাকৰ জৰিয়তে অনু অনুভৱ কৰিব পাৰি।
৪। ৰাষ্ট্ৰৰ এক লক্ষ্য আছে : ৰাষ্ট্ৰ এক স্বাধীন সত্বা হিচাপে ইয়াৰ এক নিজৰ লক্ষ্য আছে। ৰাষ্ট্ৰক মানৱ শৰীৰ সদৃশ্য। মানৱ শৰীৰৰ বিভিন্ন অংগই যিদৰে মানৱ শৰীৰৰ সামগ্ৰিক উন্নতিৰ বাবে কাম কৰে আৰু সকলো অংগতে পৰিপুষ্টি যোগায় সেইদৰে ৰাষ্ট্ৰয়ও ব্যক্তিৰ উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও ব্যক্তিয়েই ৰাষ্ট্ৰৰ কল্যাণৰ বাবে কাম কৰা প্রয়োজনীয়।
ৰাষ্ট্যই এক স্বকীয় নৈতিকতা আৰু অধিকাৰ বহন কৰে।ৰাষ্ট্ৰৰ অধিকাৰ ব্যক্তিক তথাকথিত অধিকাৰক নাকচ কৰে। কাৰণ ব্যক্তিৰ কোনো প্ৰকৃত অধিকাৰ নাথাকে। ব্যক্তিৰ যি অধিকাৰ থাকে সেয়া আচলতে ৰাষ্ট্ৰৰ পৰাহে লাভ কৰে।ব্যক্তিয়ে কোনো ধৰণৰ অধিকাৰ লাভ কৰিব বা ব্যক্তিয়ে কি দায়িত্ব পালন কৰিব লাগিব সেয়া ৰাষ্ট্যই নিৰ্ধাৰণ কৰিব।
৫। ৰাষ্ট্ৰৰ এক নৈতিক লক্ষ্য আছে : ব্যক্তিৰ জীৱন বা অন্যান্য অনুষ্ঠানৰ ক্ষেত্ৰত ৰাষ্ট্যই কিছুমান ইতিবাচক ভূমিকা পালন কৰিব লগা হয়। ৰাষ্ট্যই ব্যক্তিক আধ্যাত্মিক চৰিত্ৰৰ উন্নয়নৰ বাবে যথেষ্ট কৰণীয় আছে। সৰ্বাত্মকতাবাদী সকলৰ মতে ৰাষ্ট্ৰয় হৈছে একমাত্ৰ প্ৰতিষ্ঠান যিয়ে ৰাষ্ট্ৰৰ নাগৰিকসকলৰ আভ্যন্তৰীণ সত্ত্বাৰ সমানে সমানে বাহ্যিক সত্ত্বাৰ উত্তৰণত সহায় কৰিব পাৰে। ব্যক্তিৰ চেতনাৰ অসত্যৰ পৰা সত্যলৈ নাইবা বিভ্ৰান্তিৰ পৰা বাস্তৱতাৰ দিশলৈ পৰিবৰ্তন কৰাটো ৰাষ্ট্ৰৰ উদ্দেশ্য। এই দিশৰ পৰা ৰাষ্ট্ৰৰ এক উচ্চ নৈতিকতা প্ৰাপ্তিৰ লক্ষ্য আছে।
৬। ৰাষ্ট্ৰ হৈছে স্বাদীনতাৰ উৎস : হেগেলৰ মত অনুযায়ী ব্যক্তিয়ে কেৱল ৰাষ্ট্ৰৰ জৰিয়তহে প্ৰকৃত স্বাধীনতা লাভ কৰিব পাৰে। হেগেলৰ মতে, মানুহৰ চেতনা সম্পূৰ্ণৰূপে মুক্ত। সেয়েহে মানৱ চেতনা স্বাধীন আৰু গতিশীল। অন্যহাতে চেতনা স্বাধীন হ’লেও আইনৰ বাবে ই সম্পূন্ন স্বাধীন হ’ব নোৱাৰে। সেয়েহে চেতনাৰ গতিপথে স্বাধীনতাৰ উন্নয়ন সূচনা কৰে। মানৱ চেতনা বিকাশৰ পূৰ্ণ পৰ্যায়ত যিহেতু ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল; সেয়েহে ৰাষ্ট্ৰৰ অধীনতহে স্বাধীনতা প্ৰকৃত আৰু সৰ্বোচ্চভাৱে উপভোগ কৰিব পৰা যায়। গতিকে ৰাষ্ট্ৰৰ অধীনতহে ব্যক্তিয়ে স্বাধীনতা ভোগ কৰিব পাৰে।
5. Write a note on totalitarianism.
Ans : সৰ্বাত্মকবাদ হৈছে স্বাধীনতাৰ এক বিপৰীত ধাৰণা। ই চৰকাৰ আৰু জনসাধাৰণৰ মাজত দূৰত্বত বহল কৰে। সৰ্বাত্মকবাদত কেইজনমান নেতা বা এটা ৰাজনৈতিক দলে চৰকাৰ চলোৱা দেখিবলৈ পোৱা যায়। বিংশ শতিকাৰ কেইজনমান সৰ্বাত্মকবাদৰ নেতা হৈছে- আদলৰ্ফ হিটলাৰ (1933-1945) জাৰ্মানীৰ, ইটালীৰ বিন্টু মুচুলীনী (1925-1943) ছোভিয়েট ইউনিয়নৰ যোচেফ ষ্টেলিং (1929-1953), উত্তৰ কোৰিয়াৰ কিম আই এল (Kim IL Sung) (1948-1994), চাদ্দাম হুছেইন (Saddam Hussein) (1979-2003) ইৰাকৰ। বৰ্তমান সময়ত মাত্ৰ কেইখনমান ৰাষ্ট্ৰতহে ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। ২০০০ চনত কৰা এক জৰীপ অনুযায়ী মাত্ৰ ৫ খন ৰাষ্ট্ৰত সৰ্বাত্মকবাদৰ প্ৰভাৱ দেখা পোৱা গৈছিল। সেই ৰাষ্ট্ৰসমূহ ক্ৰমে – আফগানিস্তান (Afghanistan), কিউবা (Cuba), উত্তৰ কোৰিয়া (North Korea), লাউছ (Laos) আৰু ভিয়েটনাম (Vietnam)।
সৰ্বাত্মকবাদ হৈছে এনে এক ৰাজনৈতিক ব্যৱস্থা যিয়ে ৰাজহুৱা আৰু ব্যক্তিগত জীৱনত বৃহৎ পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰাৰ লগতে বিপৰীত পক্ষ আৰু জনসাধাৰণৰ মতামতৰ গুৰুত্ব দিব নিবিচৰা এক ৰাজনৈতিক ব্যৱস্থা। ইয়াক এক প্ৰকাৰৰ কর্তৃত্বশীল চৰকাৰ বুলিও আখ্যা দিব পাৰি। সৰ্বাত্মকবাদ ৰাজনৈতিক ব্যৱস্থাত ৰাষ্ট্ৰৰ শাসনভাৰ এচাম সম্ভ্ৰান্ত শ্ৰেণীৰ হাতত থকাৰ লগতে প্ৰচাৰ মাধ্যমৰ জৰিয়তে তেওঁলোকে শাখনকাৰ্য চলাই নিয়া দেখিবলৈ পোৱা যায়।
সৰ্বাত্মকবাদৰ কেইটামান বিশেষত্ব হৈছে– চৰম ৰাজনৈতিক দমন, গণতন্ত্ৰৰ অনুপস্থিতি, অৰ্থনীতিত চৰকাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ, বা স্বাধীনতা খৰ্ব, জনসাধাৰণৰ ওপৰত সম্পূৰ্ণ নিৰীক্ষণ, ইত্যাদি। সৰ্বাত্মকবাদে বিভিন্ন প্ৰক্ৰিয়াৰ জৰিয়তে জনসাধাৰণক নিজৰ নিয়ন্ত্ৰণত ৰাখে, যেনে– দমনমূলক আৰক্ষীব্যৱস্থা ধৰ্মীয় উৎপীড়ন, গধুৰ শাস্তিমূলক ব্যৱস্থা, গনহত্যা ইত্যাদি। ইতিহাসবিদ ৰবাৰ্ট কনকোৱেস্ত
(Robert Conquest) ৰ মতে সৰ্বাত্মকবাদ হৈছে সীমাহীন শাখনব্যৱস্থা যাৰ জৰিয়তে চৰকাৰে ব্যক্তিগত আৰু ৰাজহুৱা জীৱনত হস্তক্ষেপ কৰে। মুচুলিনীৰ (Benito Mussolini) ৰ মতে সৰ্বাত্মকবাদে ৰাষ্ট্ৰৰ ভিতৰত যিকোনো কাম কৰিব পাৰে। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰৰ বাহিৰ আৰু ৰাষ্ট্ৰৰ বিপৰীতে একো কৰিব নোৱাৰে।
১৯২০ চনত ইটালী বিনেট’ মুচুলিনীয়ে ‘Totalitario’ ধাৰণাটো পোনপ্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সৰ্বাত্মকবাদৰ ধাৰণাটো পূৰ্ণ আৰু দমনমূলক একপক্ষীয় ৰাজনৈতিক দলৰ ধাৰণাৰ সৈতে একে বুলি ধৰা হয়। বহল অৰ্থত সৰ্বাত্মকবাদ মানে হৈছে শক্তিশালী কেন্দ্ৰীয় শাসন ব্যৱস্থা যাৰ জৰিয়তে প্ৰত্যকজন জনসাধাৰণক দমনমূলকভাৱে ৰখা হয়। কেন্দ্ৰীয় সৰ্বাত্মকবাদৰ ঐতিহাসিক উদাহৰণ দুটামান হৈছে–
মৌয়িয় (Mauryan dynasty of India 321-185 BCE), কিইন (Qin dynasty of China 221-207 BCE), চাফা (Chief Shaka of Zulu 1816 – 28C).
6. What is Democracy? Discuss with definitions.
Ans : গণতন্ত্ৰৰ এটা গ্রহণযোগ্য সংজ্ঞা পোৱা নেযায়। বিভিন্ন ৰাজনীতি বিজ্ঞানীয়ে বিভিন্ন দৃষ্টিভংগীৰ পৰা গণতন্ত্ৰৰ সংজ্ঞা আগবঢ়াইছে। আব্ৰাহাম লিংকনৰ মতে, “গণতন্ত্ৰ হ’ল জনগণক লৈ গঠিত, জনগণৰ দ্বাৰা আৰু জনগণৰ বাবে পৰিচালিত শাখনব্যৱস্থা” (Democracy is a government of the people; by the people and for the person)। চিলিয়ে কৈছে, “গণতন্ত্ৰ হ’ল এনে এটা শাখনব্যৱস্থা য’ত সকলোৰে অংশগ্ৰহণৰ সুবিধা আছে” (Democracy is a government where everyone has a share )।
বাৰ্কাৰৰ মতে, “গণতন্ত্ৰ হ’ল আলাপ আলোচনাৰ মাধ্যমত পৰিচালিত চৰকাৰ” (Democracy is a system government by discussion)। ডাইচিয়ে গণতন্ত্ৰৰ সংজ্ঞা এইদৰে দিছে, “গণতন্ত্ৰ হ’ল এটা শাখনব্যৱস্থা হ’ত শাসকবৰ্গ তুলনামূলকভাৱে জনসংখ্যাৰ এটা বিৰাট অংশ।” লৰ্ড ব্ৰাইচৰ মতে, “কাৰ্যক্ষেত্ৰত গণতন্ত্ৰ হ’ল সংজ্ঞাগৰিষ্ঠৰ শাসন।” মেক্ আইভাৰে গণতন্ত্ৰ সম্পৰ্কে কৈছে, “গণতন্ত্ৰ বোলোতে সংজ্ঞাগৰিষ্ঠ অংশ অথবা আন কোনো অংশই শাখনকাৰ্য পৰিচালনা কৰিব তাক নুবুজাই, ইয়াৰদ্বাৰা কোনে আৰু কি কি উদ্দেশ্যেৰে শাখনকাৰ্য পৰিচালনা কৰিব তাক স্থিৰ কৰাকে বুজায়।” (Democracy is not a way of governing, whether by majority or otherwise, but primarily a way of determining who shall govern and broadly to what ends.)
অষ্টিন ৰোগীৰ মতে, গণতন্ত্ৰ জনগণৰ সাৰ্বভৌমত্ব, ৰাজনৈতিক সাম্য, জনগণৰ পৰামৰ্শ আৰু সংখ্যাগৰিষ্ঠৰ শাসন– এই নীতিবিলাকৰ দ্বাৰা পৰিচালিত হয়। লিংকনে গণতন্ত্ৰক জনগণৰ কল্যাণৰ বাবে পৰিচালিত শাসনব্যৱস্থা
হিচাপেও উল্লেখ কৰিছে। গণতন্ত্ৰক জনমতৰ দ্বাৰা পৰিচালিত শাখনব্যৱস্থা বুলিও কোৱা হয়। গণতন্ত্ৰ সম্পৰ্কে লিংকনৰ সংজ্ঞাই হৈছে আটাইতকৈ জনপ্ৰিয়। অধ্যাপক ডাইচিয়ে গণতন্ত্ৰৰ যি সংজ্ঞা আগবঢ়াইছে, সেইটোৱেই উত্তম বুলি বিবেচিত হৈছে। তেওঁৰ মতে অধিকাংশ জনসাধাৰণৰ শাসনেই হ’ল গণতান্ত্ৰিক শাসন; অৰ্থাৎ গণতন্ত্ৰ হ’ল সংজ্ঞাগৰিষ্ঠৰ শাসন।
গণতন্ত্ৰক সংকীৰ্ণ অৰ্থত ৰাজনীতিবিজ্ঞানত এটি শাখনব্যৱস্থা বুলি কোৱা হয়। ব্যাপক অৰ্থত এই শাখনব্যৱস্থাৰ ধাৰণাৰ নিৰ্দিষ্ট সীমা অতিক্ৰম কৰি এটা মহৎ আদৰ্শত পৰিণত হৈছে। বৰ্তমান ‘গণতন্ত্ৰ’ শব্দটোৰ দ্বাৰা এক বিশেষ সমাজব্যৱস্থা, ৰাষ্ট্ৰব্যৱস্থা, শাখনব্যৱস্থা আনকি এটা বিশেষ অৰ্থনৈতিক ব্যৱস্থাকো বুজায়।
অধ্যাপক গিডিংচেছে কৈছে, “A democracy either be a form of government, a form of state, a form of society or a combination of all the three.” কিন্তু গণতন্ত্ৰৰ অৰ্থ যিয়েই নহওঁক সমতা হ’ল ইয়াৰ ভেঁটি। সমাজ-জীৱনৰ সকলো ক্ষেত্ৰতে সমতা প্ৰতিষ্ঠিত হ’লে গণতান্ত্ৰিক সমাজৰ সৃষ্টি হয়।
গণতান্ত্ৰিক ৰাষ্ট্ৰ বোলোঁতে এনে এটা ৰাষ্ট্ৰব্যৱস্থাক বুজায় সাম্য নীতিৰ ওপৰত প্ৰতিষ্ঠিত; অৰ্থাৎ গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক সমতা থাকে। ইয়াত সকলোৱে সমান অধিকাৰ ভোগ কৰে। গণতান্ত্ৰিক শাসনব্যৱস্থা হ’ল গণতন্ত্ৰৰ সংকীৰ্ণ অৰ্থ। গণতান্ত্ৰিক শাসনব্যৱস্থা বুলি ক’লে বুজায় জনগণৰ দ্বাৰা প্ৰত্যক্ষভাৱে বা নিৰ্বাচিত প্ৰতিনিধিসকলৰ মাধ্যমত পৰোক্ষভাৱে পৰিচালিত শাসনব্যৱস্থাক। গণতান্ত্ৰিক ৰাষ্ট্ৰ বিনে গণতান্ত্ৰিক চৰকাৰ গঠন কৰিব নোৱাৰি। গণতান্ত্ৰিক ৰাষ্ট্ৰত চৰম কৰ্তৃত্ব জনগণৰ হাতত ন্যস্ত থাকিলেও শাসনকাৰ্য পৰিচালনাৰ দায়িত্ব জনসাধাৰণৰ হাতত নেথাকিবও পাৰে; নিৰ্বাচিত এমুঠি প্ৰতিনিধিয়ে দেশৰ শাসনকাৰ্য পৰিচালনা কৰিব পাৰে।
7. What do you mean by Democracy? Write the characteristics of Democracy.
Ans : গ্ৰীক ভাষাৰ শব্দ ‘Demos’ আৰু ‘Cratos’ ৰ পৰা Democracy শব্দ উৎপত্তি হৈছে। ইয়াৰ অৰ্থ হ’ল জনসাধাৰণ আৰু ক্ষমতা। সেইবাবে জনসাধাৰণৰ শাসনকে গণতন্ত্ৰ বোলা হয়।
এৰিষ্ট’টলৰ মতে গণতন্ত্ৰত বহুলোকৰ শাসন ব্যৱস্থা। আৰু ই নিকৃষ্টতম চৰকাৰ।
আমেৰিকাৰ ভূতপূর্ব ৰাষ্ট্ৰপতি লিংকনৰ মতে – “Democracy is a government of the people, by the people and for the people.”
চিলিৰ মতে “গণতন্ত্ৰ হ’ল এক প্ৰকাৰৰ চৰকাৰ য’ত প্ৰত্যেকৰ অংশগ্ৰহণৰ সুবিধা থাকে।”
ক্ৰিপছৰ মতে – “গণতন্ত্ৰ এনে এবিধ চৰকাৰৰ পদ্ধতি য’ত প্ৰত্যকজন প্ৰাপ্তবয়স্ক নাগৰিকে নিজস্ব মতামত য়া আকাংক্ষা প্ৰকাশ কৰিবলৈ সমানভাৱে মুক্ত।”
লিণ্ডচেৰ মতে – “গণতন্ত্ৰ হ’ল আলাপ-আলোচনাৰে পৰিচালিত চৰকাৰ।”
মাৰ্ক্সৰ মতে – সকলোৰে মুক্ত পদ্ধতিৰ বাবে প্ৰত্যকেৰে মুক্ত প্ৰগতি চৰ্ত এটা সন্থা। ” গণতন্ত্ৰৰ সৰ্বহাৰা একনায়কত্ববাদৰ নেতৃত্বত শোষণহীন সমাজ থাকিব।
গণতন্ত্ৰৰ বৈশিষ্ট্য (Characteristics of Democracy) : প্ৰথমে, গণতন্ত্ৰ হৈছে এখন চৰকাৰ য’ত জনসাধাৰণে প্রত্যক্ষ বা পৰোক্ষ দুইধৰণে চৰকাৰৰ কাম-কাজত অংশগ্ৰহণ কৰিব পাৰে। বৰ্তমান সময়ত প্ৰত্যক্ষ গণতন্ত্ৰতকৈ পৰোক্ষ গণতন্ত্ৰৰ ব্যৱহাৰ অধিক পৰিমাণে দেখিবলৈ পোৱা যায়। প্ৰত্যক্ষ গণতন্ত্ৰত জনসাধাৰণে তেওঁলোকৰ প্ৰতিনিধি পোনপটীয়াকৈ নিৰ্বাচিত কৰে আৰু পৰোক্ষ গণতন্ত্ৰত জনসাধাৰণে পোনপটীয়াকৈ প্ৰতিনিধি নিৰ্বাচনৰ সুবিধা নাথাকে; উদাহৰণস্বৰূপে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কথা উল্লেখ কৰিব পাৰি।
আধুনিক গণতন্ত্ৰত পৰোক্ষ জনপ্ৰিয়তা অধিক।
দ্বিতীয়তে, গণতান্ত্ৰিক চৰকাৰত জনমতেই সকলো ক্ষমতাৰ উৎস। জনমতৰ বিপৰীতে চৰকাৰে কোনো সিদ্ধান্ত ল’ব নোৱাৰে। সেইবাবে সংবাদ মাধ্যমত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। চৰকাৰে লোৱা সিদ্ধান্তসমূহৰ ওপৰত জনসাধাৰণে সংবাদ মাধ্যমৰ জৰিয়তে নিজৰ মত প্ৰকাশ কৰিব পাৰি। অন্যহাতে চৰকাৰে সকলো সিদ্ধান্ত সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিব লাগে। ইয়াৰ জৰিয়তে জনসাধাৰণ আৰু চৰকাৰৰ মাজত সম্পৰ্ক স্থাপনৰো সুবিধা হয় সেয়েহে ক’ব পাৰি যে গণতন্ত্ৰত জনমতেই সৰ্বেসৰ্বা ।
তৃতীয়তে, গণতন্ত্ৰৰ ধাৰণাটো স্বাধীনতা, সমতা, দিয়া ভাতৃত্ববোধ আদি ধাৰণাৰ লগত জড়িত। গণতন্ত্ৰৰ সকলো নাগৰিকে স্বাধীনতা ভাৱে নিজৰ সুবিধা আৰু অধিকাৰসমূহ উপভোগ কৰিবলৈ দিয়া হয়। ইয়াত প্ৰত্যকজন জনসাধাৰণে নিজৰ স্বাধীনতা উপভোগ কৰোঁতে যাতে আনৰ অধিকাৰ খৰ্ব নক তাৰ ওপৰত নজৰ দিব লাগে।ইয়াৰ উপৰি গণতন্ত্ৰ সমতাৰ ওপৰত প্ৰতিষ্ঠিত। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে গণতন্ত্ৰত সকলো নাগৰিকে সমতা আৰু একতাৰ ডোলেৰে বান্ধ খাই থকা দেখিবলৈ পোৱা যায়। গণতন্ত্ৰত জাতি, ধৰ্ম, বৰ্ণ, ভাষাৰ কাৰণত যোগ্যজন দেখিবলৈ পোৱা যায়। গণতন্ত্ৰত জাতি, ধৰ্ম, বৰ্ণ, ভাষাৰ কাৰণত যোগ্যজন সুবিধা লাভৰ পৰা বঞ্চিত হ’ব নালাগে।
চতুৰ্থতে, গণতন্ত্ৰই প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। প্ৰত্যক্ষ আৰু পৰোক্ষ যিকোনো নিৰ্বাচনতে জনসাধাৰণে ১৮ বছৰৰ ওপৰত ভোটাধিকাৰ লাভৰ সুবিধা লাভ কৰিব পাৰে। ভাৰতৰ দৰে দেশত ১৮ বছৰৰ ওপৰৰব্যক্তিকহে নাগৰিক হিচাবে গণ্য কৰা হয় ইয়াত১৮ বছৰৰ ওপৰৰ ব্যক্তিয়ে ভোটাধিকাৰ তথা নিৰ্বাচনত ভাগ লোৱাৰ সুবিধা লাভ কৰে। এই সুবিধা জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে পায়।
পঞ্চমতে, গণতন্ত্ৰত সকলো নাগৰিকে চৰকাৰৰ কাম-কায সমালোচনা কৰাৰ সুবিধা পায়। এই অধিকাৰৰ জৰিয়তে জনসাধাৰনে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰে, তদুপৰি চৰকাৰক সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য কৰাব পাৰে। এনে সমালোচনাসমূহ সংবাদ মাধ্যমৰ জৰিয়তে জনসাধাৰণে প্ৰকাশ কৰে।
ষষ্ঠতে, গণতন্ত্ৰত বহুদলীয় ৰাজনৈতিক ব্যৱস্থা দেখিবলৈ পোৱা যায়।ইয়াত সকলোৱে নিৰ্বাচনত ভাগ লোৱাৰ সুবিধা পায়; সেইবাবে নিজৰ লক্ষ্য উদ্দেশ্য আগত ৰাখি দল গঠন কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈ আৰু জনসাধাৰণে নিজৰ ইচ্ছা অনুযায়ী নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰি উলিয়ায়। বহুদলীয় ব্যৱস্থা থকাৰ বাবে গণতন্ত্ৰত বিৰোধী দলৰ প্ৰভাৱো উল্লেখনীয়। ইয়াত সকলো সময়তে বিৰোধী দল চৰকাৰৰ সকলো কামৰ ওপৰত নজৰ ৰাখে। তদুপৰি চৰকাৰৰ কাৰ্যকলাপৰ সমালোচনা আগবঢ়াই। চৰকাৰে ৰাষ্ট্ৰ পৰিচালনাৰ সঠিক দিশ প্ৰদান কৰে।
সপ্তমত, গণতন্ত্ৰ হৈছে দায়িত্বশীল, উত্তৰদায়ী চৰকাৰ। এই চৰকাৰ জনসাধাৰণৰ বাবে দায়বদ্ধ, চৰকাৰৰ মূল লক্ষ্যই হৈছে জনসাধাৰণৰ হকে কাম কৰা। জনসাধাৰণৰ স্বাৰ্থ আগত ৰাখি গণতান্ত্ৰিক চৰকাৰ কাম কৰে। এইধৰণৰ চৰকাৰ জনসাধাৰণৰ ওপৰত উত্তৰবায়ী হৈ থাকিব লাগে।চৰকাৰে কৰা সকলো কামৰ বাবে জনসাধাৰণক উত্তৰ দিব লাগে। জনসাধাৰণে চৰকাৰত সমালোচনা কৰিব পাৰে আৰু চৰকাৰে তাৰ প্ৰত্যুত্তৰ দিব লাগে।
8. Discuss about the types of Democracy.
Ans : গণতন্ত্ৰক দুটা ভাগত ভাগ কৰা হৈছে। সেই দুটা হৈছে –
১) প্ৰত্যক্ষ গণতন্ত্ৰ।
২) পৰোক্ষ গণতন্ত্ৰ।
প্ৰত্যক্ষ গণতন্ত্ৰ হৈছে চৰকাৰী কাৰ্যকলাপত জনসাধাৰণে পোনপটীয়া অংশগ্ৰহণ আগবঢ়াব পাৰে। এনে ব্যৱস্থাত জনসাধাৰণে একেলগ হৈ আইন প্ৰণয়ন কৰে,নিজৰ প্ৰাৰ্থী নিজে নিৰ্বাচন কৰে, দেশৰ উন্নয়ন আৰু জৰুৰী বিষয়ত আলোচনা আগবঢ়ায়। ইয়াত প্ৰাপ্তবয়স্ক ভোটাধিকাৰক প্ৰধান্য দিয়া হয়। যদিও প্ৰত্যক্ষ গণতন্ত্ৰত জনসাধাৰণৰ প্ৰভাৱ বেছি তথাপিও ইয়াক সকলো দেখতে প্রয়োজ্যে কৰাটো সম্ভৱপৰ নহয়। বিশেষকৈ ভাৰতৰ দৰে জনবহুল দেশত প্ৰত্যক্ষ গণতন্ত্ৰৰ কাৰ্যকলাপ ফলপ্ৰসূ নহয়। ভাৰতৰ দৰে দেশত জাতি, ধৰ্ম, ভাষা, বৰ্ণৰ বৈচিত্ৰ্য দেখিবলৈ পোৱা যায়। এইবোৰৰ ভিত্তিত মানুহৰ মতৰো অনৈক্য হোৱাটো চিৰন্তন সত্য, সেয়েহে ভাৰতৰ দৰে দেশত প্ৰত্যক্ষ গণতন্ত্ৰক অধিক গুৰুত্ব দিয়াটো অসম্ভৱ। ই কম জনবহুল দেশতকৈ উপযোগী।
সেইবাবে আধুনিক কালত ইয়াৰ প্ৰভাৱ কেইখনমান দেশতহে দেখিবলৈ পোৱা যায়। অতীতত গ্ৰীচৰ নগৰবোৰত,বৰ্তমানৰ আমেৰিকা, চুইজাৰলেণ্ডৰ কেইখনমান ৰাজ্যত এই শাখনব্যৱস্থাৰ প্ৰচলন আছে।
আনহাতে পৰোক্ষ গণতন্ত্ৰ হৈছে প্ৰত্যক্ষ গণতন্ত্ৰতকৈ পৃথক বিষয়বস্তু। ইয়াক প্ৰতিনিধিত্বমূলক গণতন্ত্ৰও বোলে। ইয়াত জনসাধাৰণ চৰকাৰী কাম-কাজত প্ৰত্যক্ষভাৱে নিয়োজিত নাথাকে। পৰোক্ষ গণতন্ত্ৰত জনসাধাৰণে নিৰ্বাচন কৰা প্ৰতিনিধিৰ জৰিয়তে চৰকাৰ গঠন কৰা হয় আৰু দেশৰ শাখনব্যৱস্থা চলাই নিয়ে। ইয়াত প্ৰাপ্তবয়স্ক ভোটাধিকাৰক গুৰুত্ব প্ৰদান কৰা হয়। পৰোক্ষ গণতন্ত্ৰত প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ জৰিয়তে প্রতিনিধি নিৰ্বাচন কৰা হয় আৰু সেইসকল প্ৰতিনিধিৰ জৰিয়তে দেশৰ শাসনভাৰ পৰিচালিত হয়। পৰোক্ষ গণতন্ত্ৰৰ উদাহৰণ হৈছে ভাৰতবৰ্ষ।
এনে চৰকাৰ ব্যৱস্থাত জনগণৰ হাতত সৰ্বোচ্চ ক্ষমতা ন্যস্ত থাকে। জনসাধাৰণে চৰকাৰৰ কাম-কাজ সমালোচনা কৰিব পাৰে। পৰোক্ষ গণতন্ত্ৰৰ প্ৰতিনিধিসমূহক এটা নিৰ্দিষ্ট সময়ৰ বাবে নিৰ্বাচিত কৰা হয়। সময়ে সময়ে প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ জৰিয়তে পুনৰ নিৰ্বাচন কৰা হয়। পৰোক্ষ গণতন্ত্ৰই জনসাধাৰণৰ মতক যথেষ্টভাৱে খাপ খাব পাৰে।
ভাৰতৰ সাধাৰণতে দুইধৰণেৰে প্ৰাৰ্থী নিৰ্বাচন হয়। তৃণমূল পৰ্যায়ত প্ৰত্যক্ষ নিৰ্বাচন প্ৰণালীৰে প্ৰাৰ্থী নিৰ্বাচন হোৱাৰ লগতে ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰীৰ নিৰ্বাচন জনসাধাৰণে নিৰ্বাচন কৰা প্ৰতিনিধিৰ জৰিয়তে সংঘটিত হয়।
9. Mention the merits and demerits of Democracy.
Ans : গণতন্ত্ৰ বা ইংৰাজীত Democracy শব্দটো গ্ৰীক ভাষাৰ পৰা উৎপত্তি হৈছে। বৰ্তমান যুগত গণতন্ত্ৰক আটাইতকৈ জনপ্ৰিয় ৰাজনৈতিক প্ৰমূল্য বুলি গ্ৰহণ কৰা হয়। তথাপিও ইয়াৰ বহুতো গুণ আৰু দোষ আছে। এই গণ-দোষসমূহ তলত আলোচনা কৰা হ’ল।
গণতন্ত্ৰৰ গুণ :
১. মিলে কৈছে,গণতন্ত্ৰই এটা ভাল চৰকাৰ আটাইতকৈ প্রয়োজনীয় চৰ্তটো পূৰন কৰে। সেইটো হ’ল সাধাৰণ মানুহৰ বুদ্ধি-বৃত্তি আৰু চাৰিত্ৰিক বৈশিষ্ট্যক কামত লগোৱা।গণতন্ত্ৰই মানুহৰ ব্যক্তিগত প্ৰতিভা বিকাশত সহায় কৰে।
২. গণতন্ত্ৰই জনসাধাৰণৰ চৰকাৰ। জনসাধাৰণে ইচ্ছা অনুসৰি চৰকাৰ গঠন কৰে।জনসাধাৰণৰ হাতত সাৰ্বভৌম ক্ষমতা থাকে। জনসাধাৰণ পছন্দ ন’হলে এখন চৰকাৰক ক্ষমতাচ্যুত কৰিব পাৰে; নিৰ্বাচনৰ যোগেদি নতুন চৰকাৰ গঠন কৰিব পাৰে।
৩. গণতন্ত্ৰ দায়িত্বশীল চৰকাৰ। গণতন্ত্ৰত চৰকাৰ সংসদৰ ওচৰত দায়ী থাকে। সংসদ জনসাধাৰণৰ ওচৰত দায়ী। জনসাধাৰণৰ ওচৰত দায়বদ্ধ হোৱাৰ বাবে চৰকাৰে স্বেচ্ছাচাৰীভাৱে কাম কৰিব নোৱাৰে। চৰকাৰে কৰা কামৰ জনসাধাৰণৰ ওচৰত কৈফিয়ৎ দিব লাগে।
৪. জনসাধাৰনে চৰকাৰ পৰিচালনাত সক্ৰিয় অংশগ্ৰহণ কৰিব পাৰে।জনসাধাৰণে ভোটৰণ কৰিব পাৰে, নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে।চৰকাৰক সমালোচনা কৰিব পাৰে। নিজৰ ভাল-বেয়া বিচাৰ কৰিব পাৰে।
৫. গণতন্ত্ৰ জনমতত দ্বাৰা পৰিচালিত হয়। চৰকাৰে জনমতৰ ওচৰত সেও মানিব লাগে। প্ৰচাৰ মাধ্যমসমূহৰ যোগেদি সভা-সমিতি আদিৰ যোগেদি জনসাধাৰণৰ মাজত জনমত গঠন হয়। জনমতৰ ইচ্ছা অনুসৰি ছৰকাত পৰিচালনা হোৱা বাবে ই জনমতৰ ইচ্ছা পূৰণ কৰে।
৬. গণতন্ত্ৰত জনসাধাৰণৰ স্বাধীনতা অক্ষুণ্ণ থাকে। স্বতন্ত্ৰতা গণতন্ত্ৰৰ এটা প্ৰধান স্তম্ভ। গণতন্ত্ৰত জনসাধাৰণৰ বিভিন্ন স্বতন্ত্ৰতা প্ৰদান কৰা হয়। চৰকাৰে ইচ্ছা কৰিলেই স্বতন্ত্ৰতাত হস্তক্ষেপ কৰিব নোৱাৰে। ন্যায়ালয়ে জনসাধাৰণৰ স্বতন্ত্ৰতা ৰক্ষা কৰে।
৭. গণতন্ত্ৰই ৰাজনৈতিক শিক্ষা প্ৰদান কৰে। সেইবাবেই গণতন্ত্ৰক প্ৰশিক্ষণ শিবিৰ বুলি আখ্যা দিয়া হয়। বিভিন্ন ৰাজনৈতিক দলবোৰে চৰকাৰক সমালোচনা কৰে।চৰকাৰে নিজৰ সফলতাসমূহ প্ৰকাশ কৰে। এনেদৰে জনসাধাৰণে ৰাজনৈতিকভাৱে সচেতন হয়।
৮. গণতান্ত্ৰিক চৰকাৰ কল্যাণকামী চৰকাৰ। সকলো শ্ৰেণী, গোষ্টী, ধৰ্ম, সম্পদায়ে ইয়াত সমান সুবিধা পায়। চৰকাৰে বিভিন্ন শ্ৰেণীৰ স্বাৰ্থ পূৰণ কৰিব লাগে। জনসাধাৰণৰ চৰকাৰ হোৱাৰ বাবে চৰকাৰে কল্যাণকামী আঁচনি গ্ৰহণ কৰিব লাগে।
৯. গণতান্ত্ৰিক চৰকাৰে ন্যায় প্ৰতিষ্ঠা কৰে। সমাজৰ সকলো শ্ৰেণীৰ লোকক সমান সুবিধা কৰি, অৰ্থনৈতিক সুবিধা প্ৰদান কৰি আৰু দৰিদ্ৰ পিছপৰা শ্ৰেণীক সুৰক্ষা দি গণতন্ত্ৰই সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিব পাৰে।
১০. গণতন্ত্ৰত বিপ্লৱৰ সম্ভাৱনা কম। সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰিব পাৰে কাৰণে গণতন্ত্ৰত জনসাধাৰণৰ সমৰ্থন থাকে। সেইবাবে ঐক্য প্ৰতিষ্ঠা হয়। ইয়াৰ বিৰুদ্ধে জনসাধাৰণে বিপ্লৱ নকৰে।
অসুবিধাসমূহ :
১. গণতন্ত্ৰত সংখ্যাগৰিষ্ঠ মতামতক অত্যধিক গুৰুত্ব দিয়া হয়। সংখ্যাগৰিষ্ঠই চৰকাৰ গঠন কৰে। সেইবাবে সংখ্যাগৰিষ্ঠ লোকসকলৰ ইয়াত স্বাৰ্থৰক্ষা নহয়।
২. সমাজবিজ্ঞানীসকলে ক’ব খোজে যে প্রকৃত গণতন্ত্ৰ দেখিবলৈ পোৱা নাযায়। সাধাৰণতে গণতন্ত্ৰত অমুঠিমান মানুহে দেশৰ জনসাধাৰণৰ নামত দেশ শাসন কৰে। সেইবাবে গণতন্ত্ৰত অমুঠিমান মানুহৰহে স্বাৰ্থ ৰক্ষা হয়।
৩. গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলসমূহে দেশৰ স্বাৰ্থতকৈ নিজ দলৰ স্বাৰ্থতহে অধিক গুৰুত্ব আৰোপ কৰে। দলীয় স্বাৰ্থত কাম কৰোঁতে ৰাজনৈতিক দলসমূহে বহু সময়ত জনসাধাৰণৰ প্ৰকৃত সমস্যাসমূহলৈ পিঠি নিদি সমস্যাসমূহত ব্যস্ত থাকে।
৪. এনে শাসন ব্যৱস্থা মিতব্যয়ী নহয়। বৃহৎ সংখ্যক নিৰ্বাচিত প্ৰতিনিধিৰ বাবে খৰচ অধিক হয়। আইন প্ৰণয়ন কাৰ্যত অথবা সময় আৰু ধনৰ অপচয় হয়। সঘন নিৰ্বাচনেও ব্যয়ৰ মাত্র বৃদ্ধি কৰে।
৫. গণতান্ত্ৰিক চৰকাৰক অযোগ্যৰ চৰকাৰ বুলি কোৱা হয়। সকলো মানুহৰ সমান অধিকাৰ থাকে। কিন্তু সৰহসংখ্যক লোক নিৰক্ষণ হ’লেও ভোটদানৰ ক্ষমতা একে। নিৰক্ষণ মানুহে নিৰ্বাচিত কৰা চৰকাৰ কাৰ্যদক্ষ নহয়।
৬. গণতন্ত্ৰ প্ৰগতিৰ বিৰোধী। গণতন্ত্ৰ দেশত প্ৰত্যক জাতি, গোষ্টী, সম্প্ৰদায় আদিয়ে নিজস্ব আচাৰ,পৰম্পৰা আৰু অভ্যাস মানি চলে। সেইবাবে মানুহবিলাকে প্ৰচলিত পৰা মানুহে আতঁৰিব নোখোজে। সেইবাবে নতুন সংস্কাৰ আৰু প্ৰগতিৰ ই বিৰোধী।
৭. গণতন্ত্ৰত জৰুৰী সময়ত ক্ষিপ্র সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে। সিদ্ধান্তসমূহ আলাপ-আলোচনাৰ যোগেদি কৰা হয় বাবে সিদ্ধান্ত লওঁতে বহু পলম হয়।
৮. গণতান্ত্ৰিক ব্যৱস্থাত ৰঙা ফিটাৰ মেৰপাক থাকে। কাৰ্যসমূহ প্ৰণালীবদ্ধভাৱে যাবলগীয়া হোৱাৰ বাবে ইয়াত আমোলাসকলৰ ক্ষমতা বৃদ্ধি পায়। ফলস্বৰূপে গণতন্ত্ৰ আমোলাতন্ত্ৰত পৰিণত হয়।
৯. গণতন্ত্ৰত দুৰ্নীতিৰ সম্ভৱনা বেছি। জনসাধাৰণ নিৰক্ষৰ হ’লে সহজে প্ৰলোভিত কৰিব পাৰি। নিৰ্বাচনত লোভ দি জনসাধাৰণক আকৃষ্ট কৰিব পৰা যায়। সেইবাবে ইয়াত দুৰ্নীতিৰ প্ৰকোপ বেছি।
১০. বহুদলীয় ব্যৱস্থা থকা গণতান্ত্ৰিক ৰাষ্ট্ৰত চৰকাৰ অস্থায়ী হয়। অস্থায়ী চৰকাৰে নীতি, আচঁনিসমূহ কাৰ্যকৰী কৰিব নোৱাৰে। সংযুক্ত চৰকাৰ গঠন কৰিলে চৰকাৰ দুৰ্বল হয়। অন্তৰ্দলীয় সংঘাত বাঢ়ে। জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত নহয়।
10. Write short notes :
a) Conditions of Democracy.
Ans : গণতন্ত্ৰ যদিও জনসাধাৰণৰ বাবে, জনসাধাৰণৰ দ্বাৰা গঠিত চৰকাৰ ইয়াৰ সফলতাৰ আঁৰত কিছুমান চৰ্ত অন্তনিৰ্হিত হৈ থাকে। সেই চৰ্তসমূহৰ বিষয়ে তলত উল্লেখ কৰা হ’ল–
১) এখন দেশত গণতন্ত্ৰৰ সফলতাৰ বাবে আটাইতকৈ প্ৰয়োজন জনসাধাৰণৰ আগ্ৰহ। কোনো এটা কামৰ বাবে মানুহৰ ইচ্ছা বা আগ্রহ নহ’লে কামটো কেতিয়াও সফল হ’ব নোৱাৰে। গণতন্ত্ৰৰ ক্ষেত্ৰতো একে দেখিবলৈ পোৱা যায়। দেশ এখনত জনসাধাৰণৰ বিৰুদ্ধে কোনো এখন চৰকাৰ জাপি দিলে। দেশখনে কেতিয়াও কৃতকাৰ্য লাভ কৰিব নোৱাৰে। সেইবাবে দেশখনৰ কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰাটো নিতান্তই প্ৰয়োজন।
২) গণতন্ত্ৰৰ সফলতা নিয়ন্ত্ৰণ কৰা আন এটা দিশ হৈছে জনসাধাৰণৰ শিক্ষা। জনসাধাৰণৰ সু-শিক্ষা আৰু উপযুক্ত শিক্ষাৰ অবিহনে গণতন্ত্ৰ সফল হ’ব নোৱাৰে। শিক্ষিত জনসাধাৰণে গণতন্ত্ৰ মানে কি, ইয়াৰ লক্ষ্য, উদ্দেশ্য আদিৰ বিষয়ে গম পায় আৰু ইয়াক সুচাৰুৰূপে ব্যৱহাৰ কৰিবলৈ যত্নপৰ হ’ব। সেয়েহে জনগণৰ শিক্ষা গণতন্ত্ৰৰ কৃতকাৰ্যতাৰ মূল চাবি-কাঠি।
৩) ভাৰত এখন বিচিত্ৰ ৰাষ্ট্ৰ। ইয়াত বিভিন্ন জাতি’ধৰ্ম, বৰ্ণৰ মানুহে বাস কৰে। ভাৰতক এখন অনৈক্যৰ মাজত ঐক্য থকা ৰাষ্ট্ৰ বুলি কোৱা হয়। যদি ভাৰতত এনে একতা নাথাকিলে হয়, ভাৰতত কেতিয়াও গণতন্ত্ৰ সফল নহ’লে হয়। সেয়েহে কোৱা হয় যে গণতন্ত্ৰৰ কৃতকাৰ্যতাৰ বাবে জনতাৰ মাজত একতাৰ বান্ধোনৰ প্ৰয়োজন। সচৰাচৰ সংঘৰ্ষ, হত্যা-হিংসাৰে জৰ্জৰিত দেশ এখনত গণতান্ত্ৰিক চৰকাৰ কেতিয়াও সফল হ’ব নোৱাৰে। তদুপৰি সাম্প্ৰদায়িকতাবাদ , ভাষাবাদ, ধৰ্মবাদ, জাতিবাদ আদিও গণতান্ত্ৰিক ছৰকাৰৰ বাবে উপযুক্ত নহয়। সেয়ে একতাহে গণতন্ত্ৰৰ বাবে কাম্য।
৪) এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ ব্যক্তিসকল সজাগ আৰু সচেতন হোৱাটো নিতান্তই প্ৰয়োজন। দেশখন ভালদৰে চলিবৰ বাবে জনসাধাৰণ নিজৰ কৰ্ম আৰু দায়িত্বৰ প্ৰতি সজাগ হ’ব লাগে। ইয়াত কোনেও যাতে কাৰোৰে স্বাধীনতা আৰু খৰ্ব নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। তদুপৰি গণতন্ত্ৰত জনসাধাৰণে দেশৰ স্বাধীনতা ৰক্ষা কৰাটো মনোনিবেশ দিব লাগে। দেশখনৰ বিপদৰ সময়ত যাতে সহযোগিতা আগবঢ়াব পাৰে তাৰ প্ৰতি তৎপৰ হ’ব লাগে।
৫) সংবাদ মাধ্যমক গণতন্ত্ৰৰ মূল আহিলা হিচাপে ধৰা হয়। দেশ এখনৰ সংবাদ মাধ্যম শক্তিশালী হ’লেহে সম্পূৰ্ণ গণতন্ত্ৰই কৃতকাৰ্যতা লাভ কৰিব পাৰে। সংবাদ মাধ্যমসমূহে নিৰপেক্ষ হিচাপে চৰকাৰৰ কাম-কাজবোৰক সমালোচনা কৰি চৰকাৰক ভালদৰে কাম কৰিবলৈ উৎসাহ জনাৱ পাৰে। সেইবাবে সংবাদ মাধ্যমসমূহ নিৰ্ভীক, নিৰপেক্ষ, দূৰদৃষ্টিসম্পন্ন তথা জনকল্যানমূলক হোৱাটো বাঞ্ছনীয়। বৰ্তমান সময়ত সংবাদ মাধ্যমসমূহৰ ভিতৰত ইণ্টাৰনেটৰ মাধ্যমে সকলোতকৈ বেছি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। সেয়ে ইয়াক সৎ ব্যৱহাৰ কৰি গণতন্ত্ৰক সফল কৰিবৰ বাবে বৰ্তমানৰ গণতান্ত্ৰিক ব্যৱস্থা যত্নপৰ হ’ব লাগে।
৬) গণতান্ত্ৰিক চৰকাৰে সংজ্ঞালঘুসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবে যত্নপৰ হ’ব লাগে। অৰ্থনৈতিক বৈষম্য হৈছে গণতন্ত্ৰৰ মূল হেঙাৰ। সেইবাবে সকলো মানুহ যাতে সমানভাৱে আগবাঢ়ি যায় তাৰ প্ৰতি লক্ষ্য দিয়াটোও গণতন্ত্ৰৰ মূল উদ্দেশ্য। গণতন্ত্ৰ সংবিধানে সংজ্ঞালঘু পিছপৰা লোকসকলক আগবাঢ়ি যাবলৈ সহায় কৰি আহিছে, যাৰ ফলত মানুহৰ গণতন্ত্ৰৰ প্ৰতি আস্থা বাঢ়িছে আৰু ই সফল হ’বলৈ সক্ষম হৈছে।
b) Marxist Democracy.
Ans : মাৰ্ক্সবাদী বা সাম্যবাদী গণতন্ত্ৰ হৈছে পশ্চিমীয়া উদাৰতাবাদী গণতান্ত্ৰিক ভাবাদর্শক সম্পূৰ্ন এক বিপৰীত ৰূপ। পুঁজিবাদৰ এক আৱৰণ হিচাপে পশ্চিমীয়া উদাৰতাবাদী গণতন্ত্ৰই প্ৰসাৰতা লাভ কৰাৰ সময়তেই মাৰ্ক্সীয় দর্শনক ভিত্তিত উদ্ভৱ হোৱা সাম্যবাদী সমাজ ব্যৱস্থাৰ প্ৰচাৰ আৰম্ভ হয়। ইয়াৰ ফলত উদাৰতাবাদী সমাজ ব্যৱস্থা সাম্যবাদী ব্যৱস্থাৰ সন্মুখত তীব্র প্ৰত্যাহ্বান সন্মুখীন হয়। সাম্যবাদীসকলে পুঁজিবাদী বা উদাৰতাবাদী গণতন্ত্ৰক পুঁজিবাদীসকলৰ শ্ৰমিকসকলৰ ওপৰত শোষণৰ এক আহিলা হিচাপে কঠোৰভাৱে সমালোচনা কৰিছিল।
উদাৰতাবাদী গণতন্ত্ৰই শ্ৰমিক শ্ৰেণীৰ ওপৰত পুঁজিবাদী শ্ৰেণীৰ শোষণৰ পথ প্ৰশস্ত কৰে। সাম্যবাদী সকলৰ যুক্তি আছিল যে উদাৰতাবাদী সমাজ ব্যৱস্থাত সমাজ খন ধনী আৰু দুখীয়া এই দুই পৰস্পৰ বিৰোধী শ্ৰেণীৰ মাজত বিভাজিত হয়। এই ধনী পুঁজিবাদী শ্ৰেণীটোৱে ৰাষ্ট্ৰৰ আৰ্থিক আৰু ৰাজনৈতিক ক্ষমতা হস্তগত কৰি সমাজৰ সৰ্বহাৰা শ্ৰেণীটোক শোষণ কৰে আৰু এইক্ষেত্ৰত ৰাষ্ট্ৰক শোষণৰ এক আহিলা হিচাপে ব্যৱহাৰ কৰে। যেতিয়ালৈকে পুঁজিবাদী আৰু উদাৰতাবাদী গণতন্ত্ৰ বৰ্তি থাকে তেতিয়ালৈকে পুঁজিবাদী শ্ৰেণীয়ে শ্ৰমিক শ্ৰেণীৰ ওপৰত শোষণ নিপীড়িত চলাই যাব। সাম্যবাদীসকলৰ মতে পুঁজিবাদী শ্ৰেণীৰ এনে শোষণৰ কবলৰ পৰা মুক্ত হ’বলৈ শ্ৰমিক শ্ৰেণীয়ে একত্ৰিত হৈ বিপ্লৱৰ জৰিয়তে পুঁজি ওফুৰাই ৰাজনৈতিক ক্ষমতা হস্তক্ষেপ কৰি শ্ৰমিক শ্ৰেণীক একনায়কত্ববাদ প্ৰতিষ্ঠা কৰিব লাগিব। শ্ৰমিক শ্ৰেণীক শাসনৰ ক্ষমতাক অধিষ্ঠিত কৰিব পাৰিলেহে গণতন্ত্ৰ প্ৰকৃততে প্ৰতিষ্ঠা হ’ব।
সাম্যবাদীসকলৰ মতে উদাৰতাবাদী গণতন্ত্ৰক সমাজৰ বুজোৱা শ্ৰেণীৰ একনায়কত্ব শাসন তেওঁলোকৰ শ্ৰমিক শ্ৰেণীৰ একনায়কত্বক শাখনক গণতান্ত্ৰিক শাসন বুলি আখ্যা দিছে।
গতিকে মাৰ্ক্সীয় দৰ্শনৰ ওপৰত ভিত্তি কৰি গঢ়ি তোলা শ্ৰমিক সৰ্বহাৰা শ্ৰেণীৰ চৰকাৰক মাৰ্ক্সবাদী আৰু সাম্যবাদী বুলিব পাৰি।
উদাৰতাবাদী গণতন্ত্ৰৰ তুলনাত সাম্যবাদী গণতন্ত্ৰত যিহেতু সমাজৰ সংজ্ঞাগৰিষ্ঠ শ্ৰমিক শ্ৰেণীয়ে শাসন কৰে গতিকে সাম্যবাদীসকলে মাৰ্ক্সীয় গণতন্ত্ৰক গণতান্ত্ৰিক শাসন বুলি আখ্যা দি উদাৰতাবাদী গণতন্ত্ৰক কঠোৰ ভাষৰে সমালোচনা আগবঢ়াই। পোনপ্ৰথমে সাম্যবাদীসকলৰ প্ৰচেষ্টাত ছোভিয়েট ৰাছিয়াত শ্ৰমিক শ্ৰেণীৰ একনায়কত্ব শাসন ব্যৱস্থা ১৯১৭ চনত স্থাপন হয়। বৰ্তমানৰ চীন গণৰাজ্য সাম্যবাদী গণতন্ত্ৰৰ এক সুন্দৰ উদাহৰণ।
সাম্যবাদী গণতন্ত্ৰৰ বৈশিষ্ট্য :
সাম্যবাদী গণতন্ত্ৰৰ কেতবোৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। ইবিলাক হৈছে –
১। এক ৰাজনৈতিক দলৰ অৱস্থান : সাম্যবাদী গণতন্ত্ৰত মাত্ৰ এটাহে ৰাজনৈতিক দল থাকে। জনগণৰ সংস্থা গঠন কৰা, ৰাজনৈতিক দল গঠন কৰাৰ অধিকাৰ নাথাকে। সাম্যবাদী গণতন্ত্ৰত সাম্যবাদী দলৰ বাহিৰে আন কোনো দলত স্বীকৃতি দিয়া হোৱা নাই। এই সাম্যবাদী দলেই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে। গতিকে চীনৰ একদলীয় ব্যৱস্থাত নিৰ্বাচনী ব্যৱস্থা এক নাম মাত্ৰ আনুষ্ঠানিক প্ৰক্ৰিয়াৰ বাহিৰে আন একো নহয়।
২। মুক্ত প্ৰতিযোগিতাৰ বিৰোধী : সাম্যবাদী গণতন্ত্ৰ মুক্ত প্ৰতিযোগিতাৰ বিৰোধী। মুক্ত প্ৰতিযোগিতাৰ বিপৰীতে ইয়াৰ অৰ্থনৈতিক সহযোগিতাৰ ওপৰতহে গুৰুত্ব দিয়া হয়। ঔদ্যোগিক ক্ষেত্ৰখনত ব্যক্তিগত স্বতন্ত্ৰতা নোহোৱাৰ কাৰণে ব্যক্তিয়ে নিজ ৰুচি অনুসৰি অৰ্থনীতি নিয়ন্ত্ৰণ কৰিব নোৱাৰে। সৰ্বহাৰা শ্ৰমিক শ্ৰেণীৰ স্বাৰ্থতহে ঔদ্যোগিক অৰ্থনীতি নিয়ন্ত্ৰণ কৰা হয়।
৩। ব্যক্তিগত সম্পত্তিৰ উচ্ছেদকৰণ : ব্যক্তিগত সম্পত্তিৰ উচ্ছেদকৰণ সাম্যবাদী গণতন্ত্ৰৰ অন্যতম প্ৰধান বৈশিষ্ট্য। ব্যক্তিগত সম্পদ ব্যৱস্থা সাম্যবাদী আদৰ্শৰ প্ৰধান প্ৰতিবন্দক স্বৰূপ বুলি ধৰা হয়। ব্যক্তিগত সম্পদ যিহেতু সকলো প্ৰকাৰৰ শোষণ নিৰ্যাতনৰ মূল গতিকে ব্যক্তিগত সম্পদৰ উচ্ছেদকৰণৰ জৰিয়তে শোষণ, নিষ্পেষণৰ অৱদান ঘটাই। এখন সাম্যবাদী সমাজ প্ৰতিষ্ঠা কৰিব পাৰি বুলি সাম্যবাদী গণতন্ত্ৰই বিশ্বাস কৰে।
৪। দলৰ প্ৰশাসন আৰু চৰকাৰৰ প্ৰশাসনৰ সাদৃশ্যতা : সাম্যবাদী গণতন্ত্ৰই সাম্যবাদী দলৰ প্ৰসাহননেই হ’ল চৰকাৰৰ প্ৰশাসন। দলীয় প্ৰশাসন আৰু চৰকাৰী প্ৰশাসনৰ মাজত কোনো প্ৰভেদ নাই।
৫। গণতান্ত্ৰিক কেন্দ্ৰিকৰণ নীতি : সাম্যবাদী গণতন্ত্ৰত ক্ষমতাৰ কেন্দ্ৰিকৰণ কৰা হয়। গণতান্ত্ৰিক কেন্দ্ৰিকৰণ নীতিও ইয়াত অনুসৰণ কৰা হয়। সৰ্বোচ্চ কর্তৃত্বশীল সংগঠনৰ জৰিয়তে নিম্ন শ্ৰেণীৰ সংগঠনসমূহ নিয়ন্ত্ৰণ কৰা হয়। সাম্যবাদী দলৰ কেন্দ্ৰীয় পৰ্যায়ৰ কমিটিৰ দ্বাৰা নিম্ন পৰ্যায়ৰ কমিটীসমূহক নিয়ন্ত্ৰণ কৰা হয়।
c) Liberal Democracy.
Ans : উদাৰবাদী গণতন্ত্ৰ : পশ্চিমীয়া উদাৰবাদী গণতন্ত্ৰ ধ্ৰুপদী গণতন্ত্ৰৰ অন্য এটা ৰূপ। ধ্ৰুপদী গণতন্ত্ৰৰ ব্যক্তি স্বতন্ত্ৰতাবাদতকৈ পশ্চিমীয়া উদাৰবাদী গণতন্ত্ৰই আৰু অধিক ব্যক্তি স্বতন্ত্ৰতা পোষকতা কৰে। ব্যক্তিগত স্বতন্ত্ৰতা আৰু অৰ্থনৈতিক স্বতন্ত্ৰতাক প্ৰধান্য দিয়া হয়। ৰাষ্ট্যই যিমান ব্যক্তি স্বতন্ত্ৰতাত কম হস্তক্ষেপ কৰে সিমানেই ভাল। দেশৰ আইন- শৃংখলা ৰক্ষা আৰু নিৰাপত্তা ৰক্ষা কৰাৰ বাদে বাকী বিষয়ত ব্যক্তিক পূৰ্ণ স্বতন্ত্ৰতা দিব লাগে বুলি উদাৰবাদী সকলে মত পোষণ কৰে। সীমিত ভোটাধিকাৰৰ ঠাইত সাৰ্বজনীন ভোটাধিকাৰৰ সাপেক্ষে মত পোষণ কৰে।
অৱশ্যে উদাৰবাদী গণতন্ত্ৰই অবাধ ব্যক্তি স্বতন্ত্ৰতাৰ ধাৰণা মানি নলয়। অবাধ স্বতন্ত্ৰতাৰ বাবে পুঁজিপতি সকলে শ্ৰমিকক শোষণ কৰাৰ সুবিধা পায়। সেইবাবে উদাৰবাদী গণতন্ত্ৰই শ্ৰমিকক সিদ্ধান্ত গ্ৰহণত অংশীদাৰ হোৱাটো বিচাৰে।
ব্যক্তিবাদ আৰু গণতন্ত্ৰৰ সংমিশ্ৰণত ই হ’ল এক দৃষ্টিভংগী, এক ভাবাদৰ্শ। সামন্তবাদী সমাজত মানুহে নিজকে ব্যক্তি হিচাপেহে নিজকে গণ্য কৰিছিল। কিন্তু বজাৰ ভিত্তিত অৰ্থনীতি আৰম্ভ হোৱাৰ লগে লগে সাধাৰণ মানুহে বেছি দামত শ্ৰম বিক্ৰী কৰিব পৰা হ’ল। ব্যক্তিগত পছন্দ আৰু চুক্তিৰ ওপৰত প্ৰতিষ্ঠিত এখন সমাজ প্ৰতিষ্ঠা হ’ল। এক মুক্ত বাতাবৰণৰ সৃষ্টি হ’ল। সেয়েহে এই ব্যৱস্থাক উদাৰতাবাদ বোলা হয়।
উদাৰবাদী গণতন্ত্ৰৰ ভিন্ন অৰ্থ–
কু. সামাজিক দিশত পশ্চিমীয়া উদাৰবাদী গণতন্ত্ৰই ধৰ্মনিৰপেক্ষতাক বুজায়। ধৰ্মীয় কৰ্তৃপক্ষই ব্যক্তিৰ বিবেক, ধ্যান-ধাৰণাৰ ওপৰত কৃত্ৰিম নিয়ন্ত্ৰণ কৰিলে ই ব্যক্তিৰ ওপৰত অযুক্তিকৰ হস্তক্ষেপ বুজায়।
খ. অৰ্থনৈতিক দিশত ৰাষ্ট্ৰীয় কৰ্তৃত্ব আৰু ব্যক্তিগত পুঁজিপতিৰ অবাধ হস্তক্ষেপৰ বিৰোধিতা কৰে। উৎপাদন, বিতৰণ, মুক্ত বাণিজ্যি নীতিত শ্ৰমিকৰ অংশগ্ৰহণৰ পোষকতা কৰে।
গ. ৰাজনৈতিক দিশত উদাৰতাবাদী গণতন্ত্ৰই কৰ্তৃত্ব আৰু নিয়ন্ত্ৰণৰ প্ৰতিবাদ কৰে।
নিষ্পনোজ্য, গ্ৰীণ, লাস্কি, বাৰ্কাৰ আদি লিখকে নিজস্বভাৱে উদাৰতাবাদ ধাৰণাৰ ব্যাখ্যা কৰিছে। ক্ষমতা পৃথকীকৰণ নীতি, ভাৰসাম্য আৰু সন্তুলন নীতি, ন্যায়িক সমীক্ষা, বিকেন্দ্ৰিকৰণ, সংজ্ঞাগৰিষ্ঠ স্বাৰ্থৰ নিৰাপত্তা প্ৰদান, সংসদীয় গণতন্ত্ৰৰ আদি পশ্চিমীয়া উদাৰবাদী গণতন্ত্ৰৰ প্ৰধান ভিত্তি বা মূল নীতি।
ইয়াৰ মূল নীতিসমূহ সংক্ষেপে তলত আলোচনা কৰা হ’ল–
১. পশ্চিমীয়া উদাৰবাদী গণতন্ত্ৰত সংখ্যাগৰিষ্ঠ শাসন প্ৰৱৰ্তন কৰা হয়। সংখ্যাগৰিষ্ঠ দলে চৰকাৰ গঠন কৰে আৰু সংখ্যাগৰিষ্ঠ ভিত্তিত সিদ্ধান্ত গ্ৰহণ, নিৰ্বাচন আদি অনুষ্ঠিত হয়।
২. পছন্দৰ স্বাধীনতাত গুৰুত্ব প্ৰদান কৰা হয়। ৰাজনীতি, অৰ্থনীতি, সমাজনীতি সকলোতে আনৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হৈ পছন্দ মতে চৰকাৰ গঠন, আৰ্থিক নীতি নিৰ্ধাৰণত অংশগ্ৰহণ কৰে।
৩. কৰ্তৃত্ববাদৰ বিৰোধী হিচাপে পশ্চিমীয়া উদাৰবাদী গণতন্ত্ৰত সংজ্ঞাগৰিষ্ঠ সকলৰ ভিতৰত আৰু স্বাৰ্থক সুৰক্ষা দিয়া হয়।
৪. আলাপ-আলোচনাৰ মাধ্যমেৰে, জনমতৰ অনুমোদন সাপেক্ষে চৰকাৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰে। নিৰ্দিষ্ট সময়ৰ মূৰত নিৰ্বাচন অনুষ্ঠিত কৰি প্ৰতিনিধি সকলৰ যোগেদি জনমত কাৰ্যকৰী কৰা হয়।
৫. সাংবিধানিক নীতি-নিয়ম অনুসৰি চৰকাৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰে। সংবিধানত বিধি অনুসৰিয়েই চৰকাৰৰ তিনিটা বিভাগৰ নিৰ্বাচন হয়, ক্ষমতা বিভাজন হয়। ক্ষমতা প্ৰয়োগ কৰা হয়।
উদাৰবাদী গণতন্ত্ৰৰ বৈশিষ্ট্য :
১. এনে শাসন ব্যৱস্থাত এটা ৰাজনৈতিক দলৰ প্ৰাধান্য নাথাকে। বিভিন্ন ৰাজনৈতিক দলৰ মাজত ক্ষমতা দক্ষতা দখলৰ প্ৰচেষ্টা চলে।
২. গোপনিয়তা অৱলম্বন নকৰাকৈ মুক্তভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ, গণতান্ত্ৰিক পদ্ধতিৰে নেতা নিৰ্বাচন কৰিবলৈ, গণতান্ত্ৰিক পদ্ধতিৰে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হয়।
৩. ব্যক্তিৰ ব্যক্তিগত স্বাধীনতা, ছপা যন্ত্ৰৰ স্বাধীনতা, সংবাদ মাধ্যমৰ স্বাধীনতাৰ ৰক্ষাৰ ব্যৱস্থা পশ্চিমীয়া উদাৰবাদী গণতন্ত্ৰত আছে। সামাজিক, ৰাজনৈতিক, ধৰ্মীয়, সাংস্কৃতিক স্বাধীনতা জনসাধাৰণে উপভোগ কৰে।
৪. জাতি, ধৰ্ম, বৰ্ণ, লিংগ নিৰ্বিশেষে প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত সাময়িক নিৰ্বাচন অনুষ্ঠিত কৰি এনে গণতন্ত্ৰই সাম্য, স্বাধীনতা আৰু ন্যায় প্ৰতিষ্ঠান আগ্ৰহী।
৫. বিভিন্ন স্বাৰ্থন্বেষী গোট, প্ৰভাৱগোষ্টী আদিয়ে এনে গণতন্ত্ৰত চৰকাৰৰ নীতি নিৰ্ধাৰণত প্ৰভাৱ পেলাব পাৰে।
৬. ক্ষমতা পৃথকীকৰণ নীতিৰ যোগেদি, কেতিয়াবা ন্যায়িক সমীক্ষাৰ ক্ষমতাৰ যোগেদি আৰু কোনো কোনো দেশত আইনৰ শাসনৰ দ্বাৰা ব্যক্তি স্বতন্ত্ৰতাৰ ওপৰত চৰকাৰৰ হস্তক্ষেপ বাধা দি ব্যক্তি স্বতন্ত্ৰতা ৰক্ষা কৰা হয়। চৰকাৰৰ স্বেচ্ছাচাৰিতাক বাধা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয়।
৭. পশ্চিমীয়া উদাৰবাদী গণতন্ত্ৰই জীৱনৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, নৈতিক, ধাৰ্মিক সকলো বিষয়তে দমনমূলক হস্তক্ষেপৰ বিৰোধিতা কৰে।
৮. ই কেন্দ্ৰিকৰণৰ পৰিবৰ্তে বিকেন্দ্ৰিকৰণ ক্ষমতা সমৰ্থন কৰে। সৰ্বশক্তিমান ৰাষ্ট্ৰৰ পৰিবৰ্তে শ্বায়ত্ত শাসনৰ অনুষ্ঠান আৰু আত্মনিৰ্ধাৰণৰ অধিকাৰ সম্পৰ্কে পশ্চিমীয়া উদাৰবাদী গণতন্ত্ৰই দৃঢ় মত পোষণ কৰে। লাস্কিৰ মতে- উদাৰতাবাদ হ’ল স্বেচ্ছাচাৰী ৰাজনৈতিক কৰ্তৃত্বৰ পৰা অসহিষ্ণু ধৰ্মীয় কৰতৃত্ব পৰা দাসত্বৰ পৰা, ব্যক্তিগত আৰু ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত কৰা এক দৰ্শন।
11. Discuss the differences between Western Liberal Democracy and Marxist or Socialist Democracy.
Ans : উদাৰবাদী গণতন্ত্ৰ আৰু মাৰ্ক্সবাদী গণতন্ত্ৰৰ পাৰ্থক্য : এই দুই প্ৰকাৰ গণতন্ত্ৰৰ মাজত বহুখিনি প্ৰভেদ লক্ষ্য কৰা যায়। ব্ৰিটেইন, আমেৰিকা আদি উদাৰতাবাদী গণতন্ত্ৰ আৰু এসময়ৰ ৰুছিয়া আৰু বৰ্তমান চীন প্রজাতত্ব আদি সমাজবাদী গণতন্ত্ৰৰ উদাহৰণ। দুয়ো গণতন্ত্ৰৰ মাজত থকা পাৰ্থক্যসমূহ তলত আলোচনা কৰা হ’ল।
১. উদাৰনৈতিক গণতন্ত্ৰৰ মূল ভেটি হৈছে পছন্দৰ স্বাধীনতা। নিজস্ব ধৰ্ম, জীবন ধাৰণাৰ পদ্ধতি, পৰিয়াল পৰিচালনা, জীৱিকা অর্জনৰ উপায় আদি পছন্দ স্বাধীনতাসমূহ প্ৰত্যেক ব্যক্তিৰে আছে বুলি এনে গণতন্ত্ৰই বিশ্বাস কৰে। সামন্তবাদত শ্রমিকে পছন্দৰ স্বাধীনতা নাপাইছিল। কিন্তু উদাৰনৈতিক গণতন্ত্ৰত জনসাধাৰণে জীৱিকা নিৰ্বাহৰ বাবে নিজৰ শ্ৰম বিক্ৰী কৰিব পৰা পছন্দৰ স্বাধীনতা উপভোগ কৰে।
কিন্তু সাম্যবাদী গণতন্ত্ৰত ব্যক্তিয়ে নিজ ইচ্চামতে সকলো কাম কৰাৰ অধিকাৰ নাই। জীৱন ধাৰণৰ পদ্ধতি জীৱিকা নিৰ্বাহৰ পদ্ধতি আদি চৰকাৰে নিৰ্ধাৰণ কৰে।ৰাজনৈতিক স্বাধীনতা, চৰকাৰৰ সমালোচনা কৰা আদি ব্যক্তিগত স্বাধীনতাৰে গুৰুত্ব নাই। কমিউনিষ্ট আদৰ্শৰ লগত খাপ নোখোৱা কোনো ধ্যান-ধাৰণা প্ৰকাশ কৰিবলৈ দিয়া নহয়।
২. উদাৰনৈতিক গণতন্ত্ৰ মুক্ত প্ৰতিযোগিতা থাকে অৰ্থনৈতিক ক্ষেত্ৰত জনসাধাৰণৰ জীৱন ধাৰণৰ পদ্ধতি, বৃত্তি, জীৱিকা নিৰ্বাহ উন্নত কৰিবৰ বাবে জনসাধাৰণৰ সম্পূৰ্ণ ব্যক্তি স্বাধীনতা আছে। Laisez Faire নীতি প্রয়োজ্যে থকাৰ বাবে ব্যক্তিয়ে নিজে ব্যৱসায় বাণিজ্য উদ্যোগত উদ্যমী হ’ব পাৰে।
সেয়েহে মুক্ত প্ৰতিযোগিতা থকাৰ বাবে ইয়াত এক শ্ৰেণী পুঁজিপতি আৰু এক শ্ৰেণী পুঁজিহীন লোকৰ সৃষ্টি হয়।
কিন্তু সাম্যবাদী গণতন্ত্ৰত মুক্ত প্ৰতিযোগিতাৰ পৰিবৰ্তে অৰ্থনৈতিক সহযোগিতাহে থাকে। ইয়াত ব্যৱসায় বাণিজ্য উদ্যোগ প্ৰতিষ্ঠান ব্যক্তিগত স্বাধীনতা নোহোৱাৰ বাবে ব্যক্তিয়ে নিজ ইচ্চামতে অৰ্থনীতি নিয়ন্ত্ৰণ কৰিব নোৱাৰে। সৰ্বহাৰাৰ শ্ৰেণী স্বাৰ্থত উদ্যোগ অৰ্থনীতি নিয়ন্ত্ৰণ কৰা হয়।
৩. বজাৰ ভিত্তিত অৰ্থনীতি উদাৰনৈতিক গণতন্ত্ৰৰ প্ৰধান বৈশিষ্ট্য। বজাৰ ভিত্তিত অৰ্থনীতিত শ্ৰমিকসকলে ইয়াত নিজৰ শ্ৰম আটাইতকৈ বেছি দাম দিওঁতাজনক বেচিব পৰা হ’ল নিজৰ পছন্দ অনুসৰি ইয়াত শ্ৰমিকে চুক্তি কৰিব পাৰে। এনে অৰ্থনীতিত লাভ অর্জন কৰাৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰা হয়।
কিন্তু সাম্যবাদী গণতন্ত্ৰত বজাৰ ভিত্তিত অৰ্থনীতি গঢ়ি উঠিব নোৱাৰে কাৰণ ইয়াত মুক্ত প্ৰতিযোগিতাও নাই আৰু শ্ৰমিকসকলে ব্যক্তিগতভাৱে চুক্তি কৰিব, পছন্দ অনুসৰি দৰ দাম কৰিব নোৱাৰে। অৰ্থনীতিত সম্পূৰ্ণ ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ আছে। লাভৰ ওপৰত সদায়েই গুৰুত্ব দিয়াতকৈ ইয়াক ৰাজহুৱা উপযোগিতাৰ স্বাৰ্থত সামগ্ৰী উৎপাদন কৰা হয়।
৪. উদাৰবাদী গণতন্ত্ৰত শ্ৰেণী বিভক্ত সমাজ সৃষ্টি হয়। পুঁজিপতিসকলে ইয়াত পুঁজি নিয়ন্ত্ৰণ কৰে। এনে শ্ৰেণী পুঁজিপতিৰ হাতত দেশৰ সম্পদ সমূহ কেন্দ্ৰীভূত হয়। আনহাতে, এক শ্ৰেণীয়ে পুঁজি নিয়ন্ত্ৰণৰ দ্বাৰা দেশৰ অৰ্থনীতি, ৰাজনীতি, সমাজনীতি নিয়ন্ত্ৰণ কৰে। পুঁজি নথকা সকলে উৎপাদনৰ উপায়সমূহৰ অধিকাৰী হ’ব নোৱাৰা বাবে শ্ৰম বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰে। ফলস্বৰূপে সমাজত শ্ৰেণী বিভাজন সৃষ্টি হয়।
আনহাতেদি সমাজবাদী গণতন্ত্ৰত পুঁজি এক শ্ৰেণীৰ হাতত কেন্দ্ৰীভূত হ’ব নোৱাৰে। মুক্ত প্ৰতিযোগিতা নথকাৰ বাবে আৰু দেশৰ আৰ্থিক সম্পদৰ গৰাকীও নহয়। কমিউনিষ্ট গণতন্ত্ৰ বৃহৎ সংখ্যক জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ বাবে প্ৰশাসন পৰিচালিত হোৱাৰ বাবে শ্ৰেণী বিভক্ত সমাজ নাথাকে। সাম্যবাদী গণতন্ত্ৰই এক শ্রেণীহীন সমাজ প্ৰতিষ্ঠাত আগভাগ লয় ।
৫. উদাৰবাদী গণতন্ত্ৰত দায়িত্বশীল চৰকাৰ প্ৰতিষ্ঠা হৈছে। বজাৰ ভিত্তিত অৰ্থনীতি পৰিচালিত হ’ব পৰাকৈ প্রয়োজনীয় আত্মগাথঁনি সৃষ্টি কৰা দায়িত্ব আছে বুলি এনে চৰকাৰক ভবা হয়। সেইবাবে আইন-কানুন, কৰ-কাটল, শিক্ষা, স্বাস্থ্য, প্ৰতিৰক্ষা, শিল্প উদ্যোগ বিকাশৰ বাবে প্রয়োজনীয় যোগাযোগ ব্যৱস্থা, কেঁচামাল সৰবৰাহ আদি পৰিচালনা আৰু নিয়াৰিকৈ চলাব পৰাটো এনে চৰকাৰৰ প্ৰধান দায়িত্ব আৰু এনে দায়িত্ব ন্যস্ত কৰিবৰ বাবেই নিৰ্বাচনৰ যোগেদি ইয়াত দায়িত্বশীল চৰকাৰৰ ব্যৱস্থা কৰা হয়।
কিন্তু সমাজবাদী গণতন্ত্ৰত নিৰ্বাচন অনুষ্ঠিত হ’লেও ইয়াৰ চৰকাৰ সম্পূৰ্ণ জনগণৰ ওচৰত দায়িত্বশীল নহয়। সাম্যবাদী আদৰ্শৰ বাহিৰে অন্যান্য আদৰ্শৰ ৰক্ষণাবেক্ষণত চৰকাৰ দায়ী নহয়। জনমতৰ দ্বাৰা ইয়াত চৰকাৰ পৰিচালিত নহয়। আনহাতেদি কমিউনিষ্ট দলৰ দ্বাৰাহে ইয়াত চৰকাৰ আৰু জনসাধাৰণ পৰিচালিত হয়।
৬. উদাৰবাদী গণতন্ত্ৰত বহুতো ৰাজনৈতিক দল থাকিব পাৰে। ইয়াত বিভিন্ন দল গঠন কৰাৰ অধিকাৰ বিভিন্ন মত প্ৰকাশৰ স্বাধীনতা থকাৰ বাবে ৰাজনৈতিক ব্যৱস্থাও বহুমুখী হয়। জনসাধাৰণৰ আস্থা হেৰুৱালে ইয়াত ক্ষমতাও থকা ৰাজ-দলৰ সলনি নতুন দলক ক্ষমতাক অধিষ্ঠিত কৰিব পাৰি।
কিন্তু সাম্যবাদী গণতন্ত্ৰত এটা মাত্ৰ ৰাজনৈতিক দল থাকে।জনসাধাৰণৰ সন্থা গঠন কৰাৰ, ৰাজনৈতিক দল গঠনৰ অধিকাৰ নাথাকে। এটা কমিউনিষ্ট দলেই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে। সেইবাবে দলীয় ব্যৱস্থাত নিৰ্বাচন এটা নামমাত্ৰ আনুষ্ঠানিক প্ৰক্ৰিয়াহে। কমিউনিষ্ট দলক বাদ দি অন্য সংগঠন প্ৰতিষ্ঠা কৰাত সাংবিধানিক বাধা আছে।
৭. উদাৰবাদী গণতন্ত্ৰত পুঁজিপতি শ্ৰেণীয়ে পুঁজিবিহীন শ্ৰেণীটোক কম পাৰিশ্ৰমিক দি কাম কৰিবলৈ বাধ্য কৰায়। পৰিয়াল পৰিচালনাৰ তাগিদাত পৰি, জীৱিকা নিৰ্বাহৰ বাবে শ্ৰমিকে কম মজুৰিত কাম কৰিবলৈ বাধ্য হয়। লাভ অর্জন কৰাটো পুঁজিপতিসকলৰ প্ৰদান উদ্দেশ্য হোৱা বাবে ইয়াত শ্ৰমিকে লাভৰ অংশৰ পৰা বঞ্চিত হয়। সেইবাবে ইয়াত শোষণৰ মাত্ৰা বেছি।
কিন্তু সাম্যবাদী গণতন্ত্ৰৰ প্ৰধান লক্ষ্য এক শোষণহীন শ্রেণীহীন সমাজ প্ৰতিষ্ঠা কৰা। এনে ৰাজনৈতিক ব্যৱস্থাত সাধাৰণতে পুঁজিপতি শ্ৰেণীৰ সৃষ্টি হ’ব নোৱাৰে। সম্পদৰ, উপাৰ্জনৰ আহিলাসমূহ ৰাষ্ট্ৰৰ হাতত থকাৰ বাবে ৰাষ্ট্ৰীয় সম্পদৰ সম বিতৰণ কৰা হয় বাবে ইয়াত এক শ্ৰেণীৰ অৰ্থনৈতিক প্ৰভুত্ব নাথাকে। সেইবাবেই ইয়াত শোষণৰ সম্ভাৱনিয়তাও কম হয়।
৮. উদাৰবাদী গণতন্ত্ৰত ব্যক্তি স্বাধীনতাক প্ৰধান গুৰুত্ব আৰোপ কৰা হয়। সকলো ব্যক্তিয়ে ৰাজনীতি, সমাজনীতি, অৰ্থনীতি ধর্মীয় অধিকাৰ উপভোগ কৰিব পাৰে। কিন্তু সমতাৰ ওপৰত ইয়াত গুৰুত্ব প্ৰদান কৰা নহয়। সকলো ব্যক্তিৰে বাক্ স্বাধীনতা, ভাব প্ৰকাশৰ স্বাধীনতা, সন্থা গঠনৰ স্বাধীনতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। কিন্তু স্বাধীনতাৰ ওপৰত অত্যধিক গুৰুত্ব দিয়াৰ বাবে ইয়াত বৈষম্যৰ সৃষ্টি হয়।
কিন্তু সাম্যবাদী গণতন্ত্ৰত সমতাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। উদাৰবাদী গণতন্ত্ৰৰ সুযোগৰ সমতাৰ উপৰিও ইয়াত এক মানৱীয় সমতা সৃষ্টি কৰিবলৈ বিচৰা হয়। য’ত এটা শ্ৰেণীয়ে আন এটা শ্ৰেণীক শোষণ আৰু দমন কৰাৰ অৱকাশ নাথাকিব। উৎপাদন বিতৰণ আৰু বিনিয়োগ ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণাধীন হোৱাৰ বাবে ইয়াত সমতা বিৰাজ কৰে। অৰ্থনৈতিক স্বাধীনতা আৰু সমতাৰ অবিহনে ৰাস্বতন্ত্ৰতা অৰ্থহীন বুলি সাম্যবাদী গণতন্ত্ৰই বিশ্বাস কৰে।
৯. উদাৰতাবাদী গণতন্ত্ৰত পুঁজিপতি, বুজোৱা শ্ৰেণীৰ প্ৰভুত্ব বিৰাজ কৰে। এই শ্ৰেণীয়ে অৰ্থনীতি নিয়ন্ত্ৰণ কৰাৰ কাৰণে অন্যান্য ৰাজনীতি, সমাজনীতি, আইন আদি সকলো দিশ এই পুঁজিপতি সকলেই নিয়ন্ত্ৰণ কৰে।
কিন্তু সমাজবাদী গণতন্ত্ৰত শ্ৰমিক শ্ৰেণীৰ একনায়কত্ববাদ প্ৰতিষ্ঠা কৰা হয়। ইয়াত শ্ৰমিক কৃষক শ্ৰেণীৰ স্বাৰ্থ ৰক্ষাৰ বাবেহে চৰকাৰ প্ৰদান ৰাজনৈতিক দল ব্যস্ত থাকে। শ্ৰমিক-কৃষক শ্ৰেণীৰ স্বাৰ্থ বিৰোধী পুঁজিপতি শ্ৰেণীৰ অস্তিত্ব বিলোপ সাধন কৰি শোষণৰ অৱসান ঘটাই শ্ৰমিক শ্ৰেণীৰ একনায়কত্ববাদ প্ৰতিষ্ঠা সমাজবাদৰ প্ৰধান লক্ষ্য।
১০. উদাৰবাদী গণতন্ত্ৰই ব্যক্তিগত সম্পত্তি পোষকতা কৰে। ব্যক্তিগত সম্পত্তি নাথাকিলে ব্যক্তিগত স্বতন্ত্ৰতা অৰ্থহীন। নিজৰ সমাৰ্থ অনুযায়ী প্ৰতিজন ব্যক্তিয়েই ইয়াত ব্যক্তিগত সম্পত্তি আহৰণ কৰিব পাৰে, উদ্যোগৰ প্ৰতিষ্ঠান স্থাপন কৰিব পাৰে, ব্যৱসায় বাণিজ্য সম্প্ৰসাৰণ কৰিব পাৰে; উৎপাদনৰ উপাদানসমূহৰ পৰিচালিত কৰিব পাৰে, আৰু ব্যক্তিগত লাভৰ বাবে নিয়োগ কৰিব পাৰে।
কিন্তু সাম্যবাদী গণতন্ত্ৰত ব্যক্তিগত সম্পত্তি উচ্ছেদ কৰা হয়। ব্যক্তিগত সম্পত্তি সাম্যবাদী আদৰ্শৰ বাধাস্বৰূপ বুলি ভবা হয়।সমাজৰ শোষণ, শ্ৰেনীবিভক্ত সমাজৰ সৃষ্টিৰ কাৰণ হ’ল সম্পত্তি, সকলো সম্পদ, উৎপাদনৰ আহিলা ৰাষ্ট্ৰৰ হাতত থাকিলেহে শোষণ, নিৰ্যাতন আৰু দমন অৱসান ঘটাই এখন সাম্যবাদী সমাজ প্ৰতিষ্ঠা কৰিব পাৰি বুলি সাম্যবাদী গণতন্ত্ৰই বিশ্বাস কৰে।