Political Sociology Unit 4 স্থানীয় ক্ষমতা সংৰচনা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Sociology Unit 4 স্থানীয় ক্ষমতা সংৰচনা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Sociology Unit 4 স্থানীয় ক্ষমতা সংৰচনা Question Answer can be of great value to excel in the examination.
Political Sociology Unit 4 স্থানীয় ক্ষমতা সংৰচনা
Political Sociology Unit 4 স্থানীয় ক্ষমতা সংৰচনা Notes cover all the exercise questions in UGC Syllabus. The Political Sociology Unit 4 স্থানীয় ক্ষমতা সংৰচনা in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
Local Structures of Power
SOCIOLOGY
POLITICAL SOCIOLOGY
ৰাজনৈতিক সমাজতত্ত্ব
1. Discuss about the similarities and dissimilarities of State and Society.
Ans : ৰাষ্ট্ৰ আৰু সমাজৰ পাৰ্থক্য :
(ক) সমাজ দাৰ্শনিক কাৰ্ল মাৰ্ক্সে ৰাষ্ট্ৰ আৰু সমাজৰ মাজত থকা সম্পৰ্কক গুৰুত্ব আৰোপ কৰিছিল। ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ড (Private sphere and public sphere) ৰ লগত সাধাৰণ ইচ্ছা আৰু ৰাজহুৱা ইচ্ছা (General and public interest) আদিৰ মাজত ৰাষ্ট্ৰৰ অৱস্থিতি মন কৰিবলগীয়া। ৰাজহুৱা খণ্ড হৈছে য’ত মানুহে মুক্তমনে ভাব আদান-প্ৰদান কৰিব পাৰে। ৰাজহুৱা খণ্ড আৰু ৰাষ্ট্ৰৰ ভিতৰুৱা এক বিষয়বস্তু; অন্যহাতে ব্যক্তিগত খণ্ড হৈছে আকাৰ সৰু আৰু পৰিয়ালকেন্দ্ৰিক এটা বিষয় যি চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰত থাকে। ৰাজহুৱা খণ্ডৰ বিষয়বস্তু হৈছে- ৰাজনীতি, ব্যৱসায়, শিক্ষা, জ্ঞান, তথ্য ইত্যাদি। ইয়াৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ উদাহৰণ হৈছে- পৰিয়াল, ঘৰ, মূল্যবোধ, মৌলকতা, ধৰ্ম ইত্যাদি।
(খ) কাৰ্ল মাৰ্ক্সৰ সিদ্ধান্তসমূহে অৰ্থনীতিকেন্দ্ৰিক। তেওঁ ৰাষ্ট্ৰৰ ক্ষেত্ৰত ক’ব বিচাৰিছে যে উৎপাদনৰ আহিলাসমূহত ৰাষ্ট্ৰৰ যথেষ্ট নিয়ন্ত্ৰণ দেখিবলৈ পোৱা যায়। উদাহৰণ স্বৰূপে উদ্যোগ এটা গঠনৰ ক্ষেত্ৰত চৰকাৰৰ অনুজ্ঞাপত্ৰ লোৱাটো বাঞ্ছনীয়। সেইবাবে ৰাষ্ট্ৰ অবিহনে সমাজ বা মানুহৰ অৰ্থনৈতিক কার্য সম্ভৱ নহয়। ইয়াৰ উপৰি কাৰ্ল মাৰ্ক্সে ৰাষ্ট্ৰৰ শাখনব্যৱস্থাৰ ওপৰতো মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়। তেওঁৰ মতে, ৰাষ্ট্ৰত একচেতিয়া শাখনব্যৱস্থা দেখা যায়।ৰাষ্ট্ৰক তেওঁ শ্ৰেণীব্যৱস্থাৰ দমন থকা এটা অংগ বুলি ক’ব বিচাৰে। ৰাষ্ট্ৰৰ শাখনব্যৱস্থা এটা শ্ৰেণীৰ হাতত থাকে যি অৰ্থনৈতিকভাৱে আগবঢ়া। তেওঁৰ মতে ৰাষ্ট্ৰ হৈছে পুঁজিপতি অৰ্থনৈতিক ব্যৱস্থাৰ সৃষ্টি।
(গ) অন্যহাতেদি মেক্স ৱেবাৰে ৰাষ্ট্ৰক মানৱ সম্প্ৰদায় বুলি আখ্যা দিছে যিয়ে ৰাষ্ট্ৰ আৰু মানুহৰ মাজত থকা সম্পৰ্কক সুদৃঢ় কৰি তোলে। তেওঁ আধুনিক ৰাষ্ট্ৰক প্ৰশাসন আৰু আইনৰ প্ৰক্ৰিয়া বুলি ক’ব বিচাৰে,যিয়ে মানুহৰ মাজত আইনৰ জৰিয়তে শান্তি-শৃংখলা বজাই ৰখাত যথোপযুক্তভাৱে সহায় কৰে। তেওঁৰ মতে ৰাষ্ট্ৰয় যি কাৰ্যই প্ৰদৰ্শন কৰে সেই সকলোবোৰ একশ্ৰেণীৰ বাবে কৰা পৰিবৰ্তে ৰাইজ বা জনসাধাৰণৰ ভালৰ বাবেহে কৰে।
ৱেবাৰৰ মতে ৰাষ্ট্ৰ হৈছে এটা ৰাজহুৱা সংগঠন যিয়ে এটা নিৰ্দিষ্ট ভূ-খণ্ডৰ ভিতৰত থকা জনসাধাৰণক নিয়ন্ত্ৰণ কৰে। তেওঁ ৰাষ্ট্ৰ জনসাধাৰণৰ সাপেক্ষে গঢ়ি উঠা বুলি ক’ব বিচাৰে। সাধাৰণতে জনসাধাৰনে সমাজ পাতি বসবাস কৰিলেও তেওঁলোকৰ মাজত শান্তি-শৃংখলা বজাই ৰাখিবলৈ আৰু সমাজব্যৱস্থা সুচাৰুভাৱে চলিবলৈ আৰু ৰাষ্ট্ৰৰ সৃষ্টি বুলি ক’ব বিচাৰে। তেওঁৰ মতে ৰাষ্ট্ৰ পুঁজিপতিৰ দ্বাৰা সৃষ্টি নহয়, ৰাষ্ট্ৰৰ মাজতহে পুঁজিবাদী ব্যৱস্থা থাকে। পুঁজিবাদী ব্যৱস্থা জীয়াই ৰাখিবলৈ সুস্থ শান্তিপূৰ্ণ ৰাষ্ট্ৰ বা প্ৰশাসনৰ প্ৰয়োজন। ৰাষ্ট্ৰখন সুচাৰুৰূপে চলিবলৈ তেওঁ আমোলাতন্ত্ৰৰো পোষকতা কৰে। দক্ষ আৰু প্ৰশিক্ষণপ্ৰাপ্ত আমোলতন্ত্ৰ ব্যৱহাৰে প্ৰশাসন কার্য চলাই নিলে ৰাষ্ট্ৰৰ উন্নতি হ’ব বুলি তেওঁ ক’ব বিচাৰে। উক্ত কথাখিনিৰ পৰা আমি ক’ব পাৰোঁ যে ৱেবাৰৰ সিদ্ধান্তই ৰাষ্ট্ৰৰ আৰু মানুহৰ মাজৰ সম্পৰ্ক সুস্পষ্ট কৰে।
(ঘ) এজন কাৰ্যাত্মক সমাজতত্ববিদ হিচাপে ইমাইল দূৰখেইমে ৰাষ্ট্ৰৰ পোষকতা কৰে। তেওঁ ৰাষ্ট্ৰৰ ক্ষেত্ৰত দিয়া মতামতৰ পৰা আমি ৰাষ্ট্ৰ আৰু ব্যক্তিৰ মাজত থকা সম্পৰ্ক ঠাৱৰ কৰিব পাৰোঁ। তেওঁৰ মতে এখন সমাজ বা এখন ৰাষ্ট্যই সুচাৰুৰূপে কাম কৰিবলৈ হ’লে ইয়াৰ প্ৰত্যেকটো অংগই সঠিকভাৱে কাম কৰিব লাগিব। ৰাষ্ট্যই ব্যক্তিৰ মাজত শ্ৰম বিভাজন কৰোতে বহুত বেছি পৰিমানে সহায় কৰে। সমাজব্যৱস্থাই যেতিয়াই সৰলৰ পৰা জটিল অৱস্থাত পৰিণত হ’ল ঠিক সেই সময়ৰ পৰাই ৰাষ্ট্ৰৰ কার্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায়। এখন সমাজব্যৱস্থা সুচাৰুৰূপে চলিবৰ বাবে প্ৰত্যকজন ব্যক্তিকে কিছুমান কাম ন্যস্ত কৰা থাকে। সেই কামসমূহ ব্যক্তিৰ মাজত বিতৰণ কৰিবলৈ এক কর্তৃত্বশীল অনুষ্ঠান থকাটো নিতান্তই প্ৰয়োজনীয়। দূৰখেইমৰ মতে এনে কৰ্তৃত্বশীল তত্বই ৰাষ্ট্ৰ। (1964)
ৰাষ্ট্ৰ আৰু সমাজৰ পাৰ্থক্য :
ৰাষ্ট্ৰ আৰু সমাজ এই দুয়োটা অৱধাৰণা একে নহয়। দুয়োটাৰে মাজত যথেষ্ট পাৰ্থক্য আছে। যদি ৰাষ্ট্ৰ আৰু সমাজক একে বুলি গণ্য কৰা হয়, তেন্তে ৰাষ্ট্ৰৰ ধাৰণাটোৱেই অৰ্থহীন হৈ পৰিব। ৰাষ্ট্ৰ আৰু সমাজৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিবলৈ এই দুয়োটাৰ মাজত কিছুমান পাৰ্থক্য নিৰ্ণয় কৰা হ’ল –
(a) উৎপত্তিৰ ফালৰ পৰা চাবলৈ হ’লে সমাজৰ উৎপত্তি ৰাষ্ট্ৰতকৈও বহু আগতে হৈছিল। সমাজৰ উৎপত্তি মানৱৰ উৎপত্তিৰ প্ৰায় সমসাময়িক বুলিব পাৰি। আনহাতে ৰাষ্ট্ৰৰ উৎপত্তি সমাজতকৈ বহু পিছত হৈছিল; সমাজৰ পটভূমিতহে ৰাষ্ট্ৰ উৎপত্তি হৈছিল।
(b) সমাজ স্বতঃস্ফূৰ্তভাৱে সৃষ্টি হয়। আদিম অৱস্থাত মানুহৰ মাজত সামূহিক চেতনা আবিৰ্ভাৱ হোৱাত স্বতঃস্ফূৰ্তভাৱে সমাজ উৎপত্তি হয়। আনহাতে ৰাষ্ট্ৰ মানুহৰ প্ৰচেষ্টাৰ দ্বাৰা সৃষ্টি হয়।
(c) ৰাষ্ট্ৰৰ নিৰ্দিষ্ট ভূ-খণ্ড আছে। নিৰ্দিষ্ট ভূ-খণ্ড নোহোৱাকৈ ৰাষ্ট্ৰ এখন গঠন হ’ব নোৱাৰে। কিন্তু সমাজৰ নিৰ্দিষ্ট কোনো ভূ-খণ্ড নাথাকে।
(d) ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতা থাকে। সাৰ্বভৌম ক্ষমতা থকাৰ বাবে ৰাষ্ট্যই আইন প্ৰণয়ন কৰি জনসাধাৰণৰ ওপৰত প্ৰয়োগ কৰিব পাৰে। সমাজৰ সাৰ্বভৌমত্ব নাথাকে।
(e) ৰাষ্ট্ৰৰ লক্ষ্য আৰু উদ্দেশ্য কাৰ্যকৰী কৰিবৰ বাবে এক সু-সংগঠিত চৰকাৰ থাকে; আনহাতে সমাজৰ কোনো চৰকাৰ নাথাকে।
(f) এনে ৰাষ্ট্যই জনসাধাৰণক সংগঠিত ৰূপত দেখা পোৱা যায়। আনহাতে সমাজৰ ব্যক্তিসকল সংগঠিত আৰু অসংগঠিত দুয়োটা ৰূপতেই দেখা পোৱা যায়।
ওপৰত পাৰ্থক্যসমূহ পৰ্যবেক্ষণ কৰিলে দেখা যায় যে ৰাষ্ট্ৰ আৰু সমাজ দুটা সম্পূৰ্ণ বেলেগ ধাৰণা। অৱশ্যে ৰাষ্ট্ৰ আৰু সমাজ পৰস্পৰ নিৰ্ভৰশীল।সমাজ নোহোৱাকৈ ৰাষ্ট্ৰ গঠন হ’ব নোৱাৰে, ঠিক তেনেদৰে ৰাষ্ট্ৰৰ অবিহনে সমাজ তিষ্ঠি থাকিব নোৱাৰে।
2. What do you mean by Power decentralisation? Discuss about the decentralisation of Power in India.
Ans : বিকেন্দ্ৰিকৰণৰ এক ৰাজনৈতিক তথা সাৰ্বজনীন প্ৰক্ৰিয়া। ইয়াৰ জৰিয়তে প্ৰশাসনিক কৰ্তৃত্ব, ৰাজহুৱা সম্পদ আৰু ৰাজহুৱা দায়িত্ববোধক কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে বিভিন্ন চৰকাৰী, বেচৰকাৰী তথা নিম্নস্তৰীয় অংশসমূহৰ মাজত বিতৰণ কৰি দিয়া হয়। বিকেন্দ্ৰিকৰণক আমি কেইবাটাও ভাগৰ জৰিয়তে বুজিব পাৰোঁ। সেই ভাগসমূহ হৈছে –
১) অমনযোগীকৰণ (Deconcentration) : ইয়াৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ নিম্নস্তৰীয় বিভাগবোৰলৈ ৰাজনৈতিক, প্ৰশাসনিক আৰু বিত্তীয় দায়িত্বসমূহ প্ৰদান কৰে। নিম্নস্তৰক দিয়া দায়িত্বসমূহ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ অথবা স্থানীয় শাখনব্যৱস্থাত অৰ্পণ কৰে।
২) হস্তান্তৰকৰণ (Devolution) : চৰকাৰে কিছুমান উপ-ৰাষ্ট্ৰীয় গোটৰ সৃষ্টি কৰে অথবা আগতে থকা গোটবোৰক ৰাজনৈতিক, প্ৰশাসনিক আৰু বিত্তীয় কৰ্তৃত্ব প্ৰদান কৰি অধিক টনকিয়াল কৰি তোলে। ইয়াৰ ফলত কোনো গোটত অধিক কামৰ বোজা নপৰে আৰু গোটেও অধিক ফলপ্ৰসূকৈ কামবোৰ কৰিব পাৰে।
৩) প্ৰতিনিধি মণ্ডল (Delegation) : এই প্ৰক্ৰিয়াৰ জৰিয়তে কিছুমান আমূলতন্ত্রৰ বাহিৰৰ সংগঠন কৰা হয়।যিবোৰ কেন্দ্ৰীয় চৰকাৰে পৰোক্ষভাৱে নিয়ন্ত্ৰণত ৰাখে।
৪) ব্যক্তিগতকৰণ (Privatisation) : ব্যক্তিগতকৰণত বেচৰকাৰী সংগঠনসমূহ (NGOs) সমূহ থকা দেখিবলৈ পোৱা যায় ইয়াত চৰকাৰে বেচৰকাৰী সংগঠনসমূহক সমাজৰ উন্নতিৰ হকে কিছুমান দায়িত্ব অৰ্পণ কৰে, লগতে যাৱতীয় কামবোৰ চলাবৰ বাবে সময়ে সময়ে চৰকাৰে সাহায্য প্ৰদান কৰে।
ওপৰত উল্লেখ কৰা ৰাজনৈতিক, প্ৰশাসনিক, বিত্তীয় বিকেন্দ্ৰিকৰণ মানে কি জানো আহক।
১) ৰাজনৈতিক বিকেন্দ্ৰিকৰণ : আঁচনি হস্তান্তৰকৰণ আৰু আইন প্ৰণয়ন ক্ষমতা কেন্দ্ৰীয় চৰকাৰে স্বায়িওশাসিত আৰু নিম্নস্তৰীয় গোটলৈ প্ৰেৰণ কৰে।
২) প্ৰশাসনিক বিকেন্দ্ৰিকৰণ : পৰিকল্পনা আৰু আঁচনি ৰূপায়ণৰ দায়িত্ব স্থানীয় প্ৰশাসনিক বিষয়াক প্ৰদান কৰা।
৩) বিত্তীয় বিকেন্দ্ৰিকৰণ : কৰ সংগ্ৰহৰ দায়িত্ব আৰু কৰ খৰচৰ দায়িত্ব কর্তৃত্বশীল মধ্যস্থ তথা স্থানীয় শাখনব্যৱস্থাক অৰ্পণ কৰাই হৈছে বিত্তীয় বিকেন্দ্ৰিকৰণ।
ওপৰৰ আলোচনাৰ পৰা আমি ক’ব পাৰো যে গণতান্ত্ৰিক বিকেন্দ্ৰিকৰণ হৈছে এনে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে উচ্চস্তৰীয় চৰকাৰী ব্যৱস্থাৰ পৰা নিম্নস্তৰীয় চৰকাৰী ব্যৱস্থালৈকে সকলোৰে মাজত ক্ষমতা আৰু দায়িত্বৰ সু-বিভাজন থাকে। ই সৰ্বসাধাৰণ জনতাৰ ৰাজনৈতিক ক্ষেত্ৰত অংশগ্ৰহণৰ সুবিধা দিয়াৰ লগতে ৰাজনৈতিক স্থানীয় নেতাসকলে জনসাধাৰণৰ স্থানীয় পৰ্যায়ত উন্নতি কৰাত যথেষ্ট অৰিহনা যোগায়। সেইবাবে গণতান্ত্ৰিক বিকেন্দ্ৰিকৰণক দেশৰ উন্নয়নৰ বাবে অপৰিহাৰ্য বুলি ধৰা হয়। ই সামাজিক সংহতি, ৰাজনৈতিক স্থায়িত্ব বজাই ৰখাত সহায় কৰে।
বিকেন্দ্ৰিকৰণ আৰু স্থানীয় স্বতন্ত্ৰ শাসন সম্পৰ্কে থকা দেখিবলৈ পোৱা যায়। স্থানীয় শাখনব্যৱস্থা হৈছে বিকেন্দ্ৰিকৰণৰ এক প্ৰশস্ত উদাহৰণ। স্থানীয় শাসন ব্যৱস্থাত ব্যক্তিয়ে শাখনকাৰ্যত অংশগ্ৰহণ ল’ব পাৰে আৰু নিজৰ শাখনব্যৱস্থা নিজে নিয়ন্ত্ৰণ কৰে।
3. Write short notes :
(a) Balwant Rai Mehta Committee.
Ans : ভাৰত চৰকাৰে ১৯৫৩ চনত কিছুমান সাম্প্ৰদায়িক উন্নয়নৰ কাৰ্যসূচী হাতত লৈছিল। এই উন্নয়নমূলক আঁচনিৰ উদ্দেশ্য দুইধৰণৰ আছিল– এক হৈছে জনসাধাৰণৰ মাজত চৰকাৰী আঁচনি ৰূপায়ণ, অন্যহাতে ৰাজনীতিত জনসাধাৰণৰ অংশগ্ৰহণ। বলৱন্তৰায় মেহতাৰ অন্তৰ্গত এক কমিটি ১৯৫৭ চনত পঞ্চায়তীৰাজ ব্যৱস্থাৰ ওপৰত নিৰীক্ষণ আগবঢ়াবলৈ দায়িত্ব দিয়া হয়। এই নিৰীক্ষণৰ পাছত কমিটিয়ে দিয়া পৰামৰ্শসমূহ এনেধৰণৰ আছিল–
১) তিনিস্তৰীয় পঞ্চায়তীৰাজ ব্যৱস্থা। গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, পঞ্চায়ত সমিতি, জিলা পৰ্যায়ত জিলা পৰিষদ।
২) উন্নয়নমূলক কামৰ বাবে এই তিনিটা পৰ্যায়ত অনুষ্ঠানবোৰৰ পাছত গণতান্ত্ৰিক সম্পৰ্ক থকা।
৩) পঞ্চায়তে নিম্নস্তৰীয় কাম আৰু গঠনমূলক কাম কৰিব লাগিব।
৪) পঞ্চায়ত সমিতিয়ে সকলো উন্নয়নমূলক কাম কৰিব লাগিব।
৫) জিলা পঞ্চায়তে পঞ্চায়ত সমিতিৰ সকলো কামত সহযোগিতা আগবঢ়াব লাগিব।
তিলিখলপীয়া পঞ্চায়তীৰাজ ব্যৱস্থাৰ গঠন তলত উল্লেখ কৰা হ’ল–
পঞ্চায়তৰ গঠন :
জিলা পৰিষদ – জিলা পৰ্যায়ত।
পঞ্চায়ত সমিতি – আঞ্চলিক পৰ্যায়ত।
গাঁও পঞ্চায়ত – গাঁও পৰ্যায়ত।
গাঁও সভা – ৱাৰ্ড সভা।
(b) Ashok Mehta Committee.
Ans : ১৯৭৭ চনত ভাৰত চৰকাৰে অশোক মেহতাৰ অন্তৰ্গত এক কমিটি গঠন কৰি পঞ্চায়তীৰাজ ব্যৱস্থাৰ পৰীক্ষণ কৰিবলৈ দায়িত্ব দিয়ে। এই কমিটিয়ে পঞ্চায়তীৰাজ ব্যৱস্থাৰ সময়ছোৱা কেইবাটাও ভাগত ভগাই পেলায়। এই কমিটিয়ে পঞ্চায়তী ব্যৱস্থাৰ সফলতা আৰু বিফলতাৰ দুয়োটা দিশেই চৰকাৰৰ আগত দাঙি ধৰে। এই কমিটিৰ মতে, পঞ্চায়তী ব্যৱস্থা দেশৰ উন্নয়নৰ কাৰণে বিষেকভাৱে প্ৰয়োজন। ই ভাৰতৰ প্ৰেক্ষাপটত কেতিয়াও বিফল হোৱা নাই।
অশোক মেহেতা কমিটিয়ে এই ব্যৱস্থাৰ ওপৰত দিয়া কেইটামান পৰামৰ্শ হৈছে–
১) তিনিখলপীয়া পঞ্চায়ত ব্যৱস্থাৰ পৰিবৰ্তে দুইখলপীয়া ব্যৱস্থাৰ প্ৰৱৰ্তন।
২) পঞ্চায়ত ব্যৱস্থাৰ ৰাজনৈতিক দলৰ অংশগ্ৰহণ।
৩) জিলা পৰিষদৰ ৰাজ্য চৰকাৰৰ দ্বাৰা নিৰীক্ষণ কৰিব লাগে।
৪) পঞ্চায়ত ব্যৱস্থাৰ কৰ সংগ্ৰহৰ বাধ্যতামূলক ক্ষমতা দিব লাগে।
৫) অনুসূচীত জাতি,জনজাতিৰ বাবে জনসংখ্যাৰ হিচাপত আসন সংগ্ৰহৰ ব্যৱস্থা থকা।
৬) সকলো জিলা পৰ্যায়ত পৰিকল্পনা নিৰীক্ষণ কৰাৰ ক্ষেত্ৰত জিলা পৰিষদ একমাত্ৰ গোট।
অশোক মেহেতা কমিটিয়ে পঞ্চায়ত ব্যৱস্থাৰ ক্ষেত্ৰত দিয়া পৰামৰ্শসমূহ সফল হোৱা দেখা নাযায়, কাৰণ সেই সময়ত জনতা চৰকাৰে নিৰ্বাচনত পৰাজয় বৰণ কৰে। কেন্দ্ৰত বিৰোধী চৰকাৰে শাখনব্যৱস্থাৰ দায়িত্ব লয়। চৰকাৰ সলনি হ’ল যদিও কৰ্ণাটক, পশ্চিমবংগ, অন্ধপ্ৰদেশ আদি ৰাজ্যসমূহে কমিটিৰ অন্তৰ্গত কিছুমান সিদ্ধান্ত অনুকৰণ কৰে।
সাংবিধানিক স্থিতি : পঞ্চায়তীৰাজ ব্যৱস্থাই ইয়াৰ অৱস্থিতি হেৰুৱাই।সময়মতে নিৰ্বাচন নোহোৱাৰ বাবে আৰু বিত্তীয় সমস্যাৰ বাবে পঞ্চায়তীৰাজ ব্যৱস্থা পিছুৱাই অহা দেখা পোৱা গৈছিল। কিন্তু ৰাজীৱ গান্ধীয়ে ১৯৮৯ চনত ৬৪ তম সংবিধান সংশোধনীৰ জৰিয়তে পঞ্চায়তী ব্যৱস্থাক শক্তিশালী কৰিব বিচাৰিছিল। কিন্তু উক্ত সংশোধনীৰ প্ৰস্তাৱত লোকসভাত সন্মতি দিয়াৰ পাছত ৰাজ্যসভাৰ সন্মতি অবিহনে বিফল হোৱা দেখা যায়। ইয়াৰ পাছত ভি.পি. সিংহৰ চৰকাৰেও পঞ্চায়তীৰাজ ব্যৱস্থাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন আলাপ-আলোচনা কৰাৰ লগতে লোকসভাত আকৌ এই বিষয়ে উত্থাপন কৰিছিল, কিন্তু এইবাৰো ই সফল হ’বলৈ সক্ষম নহ’ল।
(c) Bordoloi Committee.
Ans : ভাৰত অনৈক্যৰ মাজত ঐক্য ৰাষ্ট্ৰ। স্বাধীন হোৱাৰ সময়ৰেপৰা ভাৰতে সকলো নাগৰিকে সমান স্বাধীনতা, মৰ্যাদা প্ৰদান কৰিবলৈ চেষ্টা কৰি আহিছে। ভাৰতীয় সংবিধানেও এইক্ষেত্ৰত বিশেষ মনোযোগ দিয়া দেখিবলৈ পোৱা যায়। ব্ৰিটিছৰ সময়ৰেপৰা ভাৰতত জনগোষ্ঠীয় লোকসকলে শোষণৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায়। স্বাধীন ভাৰতত এনেধৰণৰ ভুল যাতে নহয় তাক লৈ যথেষ্ট তৎপৰ আছিল। সেইবাবেই ভাৰতে বিভিন্ন সময়ত জনজাতি লোকৰ কল্যাণৰ হকে বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰা দেখিবলৈ পোৱা যায়। শ্বায়ত্তশাসিত জিলা ঘোষণা কৰাৰ আগমুহূৰ্তত ভাৰতে এই অঞ্চলসমূহৰ ওপৰত অধ্যয়ন চলাবৰ বাবে এক কমিটি গঠন কৰিছিল।
এই কমিটিৰ উদ্দেশ্য আছিল জনজাতীয় লোকক তৃণমূল পৰ্যায়ৰ ৰাজনীতিত অংশগ্ৰহণৰ সুবিধা দিয়া আৰু তেওঁলোকৰ কোনো বিনষ্ট নোহোৱাকৈ জনজাতীয়সুলভ শাসনৰ ব্যৱস্থা কৰা। এই কমিটিৰ মুখ্য সম্পাদক আছিল সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ। তেওঁৰ উপাধি আন সদস্যসকল হ’ল–
১) শ্ৰীজে.জে. নিকোলচ ৰয়।
২) শ্ৰীৰূপনাথ ব্ৰহ্ম।
৩) শ্ৰী এ.ভি. ঠাকুৰ।
৪) শ্ৰীমায়ুং নিকচা আৰু শ্ৰীআলিয়া ইংটি।
উক্ত কমিটীখনক বৰদলৈ কমিতো বুলি ধৰা হৈছিল। এই কমিটীখনে পাহাৰীয়া জিলাসমূহলৈ গৈ তেওঁলোকৰ অৱস্থাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিল। তেওঁলোকে সেই সময়ত ভ্ৰমণ কৰা জিলাসমূহ আছিল- লুচাই পাহাৰ জিলা, উত্তৰ কাছাৰ পাহাৰ, মিকিৰ পাহাৰ, নগা পাহাৰ। বতৰৰ কাৰণে এই কমিটিৰ সদস্যসকল খাচী আৰু গাৰো পাহাৰলৈ যাব পৰা নাছিল আৰু তাৰ প্ৰতিনিধিত্বসমূহক গুৱাহাটীতে লগ কৰি সেই ঠাইৰ বিষয়ে বুজ লৈছিল। এই কমিটিয়ে প্ৰতিবেদনযোগে স্পষ্ট কৰি দিছিল যে উক্ত জিলাসমূহক শ্বায়ত্তশাসিত মৰ্যাদা দিয়া বিষেকভাৱে প্ৰয়োজন। কিন্তু শ্বায়ত্তশাসিত জিলা ঘোষণা কৰাৰ আগতে তিনিটা দিশত মন কৰাটো বিষেকভাৱে প্ৰয়োজন –
১) জনজাতীয় লোকসকলৰ নিজৰ নীতি-নিয়ম, সংগঠন তথা ধৰ্মীয় বিশ্বাস থাকিব লাগিব আৰু স্ব-নিয়ন্ত্ৰিত হ’লে তেওঁলোকে সেইবোৰ সংৰক্ষণৰ বাবে কাম কৰিব।
২) কোনো উচ্চ পদস্ত সংগঠন বা ব্যৱসায়-প্ৰতিষ্ঠানৰ জৰিয়তে তেওঁলোক শোষিত হোৱাৰ ক্ষেত্ৰত শ্বায়ত্তশাসিত জিলাসমূহে শাসন কৰিব।
৩) শ্বায়ত্তশাসিত অঞ্চলৰ উন্নয়নৰ বাবে চৰকাৰে অনুদান প্ৰদান কৰি তেওঁলোকক আন জাতিসমূহৰ সৈতে আগবাঢ়ি যাবলৈ সহায় কৰিব লাগিব।
এই কমিটিৰ মতে ভাৰতৰ অন্য ঠাইবোৰত জনজাতীয় লোকসকল অনা-জনজাতীয় লোকসকলৰ লগত মিলি গৈছে, যাৰ ফলত জনজাতীয় লোকসকলে তেওঁলোকৰ স্বকীয়তা হেৰুৱাইছে। সেইবাবে এই কমিটিৰ মতে জনজাতীয় লোকৰ বাবে নতুনকৈ চিন্তা কৰিব লাগিব। তেওঁলোকৰ পুৰণা অনুষ্ঠানসমূহৰ ওপৰত চিন্তা-চৰ্চা কৰি সেইবোৰৰ সুৰক্ষাৰ বাবে কাম কৰিব লাগিব। সেই উদ্দেশ্যেৰে এই কমিটিৰ সদস্যসকলে জনজাতীয় লোকসকলৰ পাৰস্পৰিক অনুষ্ঠানসমূহৰ প্ৰতিনিধিসমূহক লগ কৰে আৰু কেনেদৰে সেইবোৰ নবিকৰণযোগ্য কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰিছিল।
এনে আলোচনাসমূহৰ জৰিয়তে এটা সিদ্ধান্তই হৈছিল যে জনজাতীয়সকলৰ ভাষা, সাহিত্য, সংস্কৃতি সুৰক্ষাৰ বাবে তেওঁলোকৰ নিজৰ শাখনব্যৱস্থাৰ প্ৰয়োজন। কিন্তু এনে শাখনব্যৱস্থা গণতান্ত্ৰিক হোৱাটো প্ৰয়োজন। এই আৰু ভূমিকা সুৰক্ষিত কৰিব লাগিব। এই কমিটিৰ মতে শ্বায়ত্তশাসনে জনজাতিৰ লোকসকলক কেনেদৰে কাষৰীয়া অনা-জনজাতীয়সকলৰ শোষণৰপৰা বচাব পাৰি তাৰ ওপৰতো মনোনিবেশ কৰিব লাগিব।
এই পৰামৰ্শসমূহ সংবিধান নিৰ্মাণ কমিটিৰ ওপৰত দাখিল কৰোঁতে ইয়াত বিভিন্ন মতানৈক্য দেখিবলৈ পোৱা গৈছিল। ইয়াৰ ভিতৰত কিছুমানে ইয়াৰ সাপেক্ষে আৰু কিছুমানে ইয়াৰ বিৰুদ্বাচৰণ কৰি মত প্ৰকাশ কৰিছিল। বৰদলৈ কমিটিয়ে দিয়া সিদ্ধান্তসমূহৰ সাপেক্ষে মতবাদ কৰা ব্যক্তিসকল হৈছে ড° আম্বেদকাৰ, জে.জে. এম .এন ৰয়, জয়পাল সিংহ, গোপীনাথ বৰদলৈ আদি। ইয়াৰ বিপৰীতে ইয়াৰ বিৰোধিতা কৰা সকলৰ ভিতৰত আছিল অসমৰে কুলধৰ চলিহা, ৰোহিণী কুমাৰ চৌধুৰী আদিৰ লগত সংবিধান নিৰ্মাণৰ ক্ষেত্ৰত আগ ভাগ লোৱা অনা-জনজাতীয় লোকসকল। এনে বিৰুদ্বাচৰণক আওকাণ কৰি বৰদলৈ কমিটিৰ নিৰ্দেশনা মৰ্মে ছয় নং অনুচ্ছেদ সংবিধানত গ্ৰহণ কৰা হ’ল আৰু জনজাতীয় লোকৰ বাবে সৰল, মিতব্যয়ী শাখনব্যৱস্থা প্ৰবৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল।
বৰদলৈ কমিটিয়ে জনজাতীয় লোকৰ মাজত থকা জাতীয় সত্বা, ৰাজনৈতিক সচেতনতাক সম্পূৰ্ণৰূপে সমৰ্থন কৰিছিল। সেইবাবে তেওঁলোকে লোৱা সিদ্ধান্তবোৰ গ্রহণযোগ্য আছিল। বৰদলৈ কমিটিৰ নিৰ্দেশনা মতে সংবিধানৰ ছয় নং অনুসূচী, অৰ্থাৎ ২৪৪ (২) আৰু ২৭৫ (১) নং অনুচ্ছেদ গঠন কৰা হ’ল য’ত স্বায়ত্তশাসিত পৰিষদ অঞ্চল ঘোষণা কৰা হ’ল। ১৯৫২ চনত স্বায়ত্তশাসিত পৰিষদ কেইবাখনো পাহাৰীয়া জিলাত গঠন কৰা হৈছিল। তাৰ ভিতৰত–
১) খাচী-জয়ন্তীয়া সন্মিলিত স্বায়ত্তশাসিত জিলা।
২) গাৰো পাহাৰীয়া স্বায়ত্তশাসিত জিলা।
৩) উত্তৰ কাছাৰ স্বায়ত্তশাসিত জিলা।
৪) মিকিৰ পাহাৰীয়া স্বায়ত্তশাসিত জিলা।
৫) লুচাই পাহাৰীয়া স্বায়ত্তশাসিত জিলা।
উক্ত পাহাৰীয়া জিলাসমূহ স্বায়ত্তশাসিত জিলা বুলি ঘোষণা কৰাৰ পাছত ভৈয়ামৰ জনজাতীয় লোকসকলৰ তৎপৰতা বাঢ়ে আৰু প্ৰত্যেকেই নিজৰ স্বকীয়তা বজাই ৰখাৰ যুঁজত উঠি পৰি লাগিবলৈ ধৰে। কিন্তু ইয়াৰ পূৰ্বে ১৯২৭ চনত ৪ জানুৱাৰীতো পোনপ্ৰথমবাৰৰ বাবে ভৈয়ামৰ জনজাতীয়সকলৰ মাজত ৰাজনৈতিক সচেতনতা দেখিবলৈ পোৱা গৈছিল। পাছলৈ ১৯৬৭ চনত ‘Plain Tribal Council of Assam” (PTCA) নামৰ এটা সংগঠন সৃষ্টি কৰি নিজৰ স্বায়ত্তশাসনৰ দাবী কৰি ২০ মে’, ১৯৬৭ চনত প্ৰতিবেদন প্ৰস্তুত কৰি চৰকাৰৰ ওচৰত দাবী সাব্যস্ত কৰিছিল। ইয়াৰ ভিতৰত আছিল– বৰ্মন, বড়ো-কছাৰী, দেউৰী, তিৱা, মেচ, ৰাভা, হোজাই আদিৰ দৰে জনজাতিসকল। PTCA ৰ মূল দাবিসমূহ আছিল–
i) তেওঁলোকৰ ভূমি সুৰক্ষা।
ii) অৰ্থনৈতিক শোষণৰ অপসাৰণ।
iii) জনজাতিৰ ভাষা, সাহিত্য, সংস্কৃতি আদি সংৰক্ষণ।
iv) ৰাজনৈতিক দমনৰ অৱনতি।
v) তেওঁলোকৰ সুবিধাজনক হিচাপে শাখনকাৰ্য সম্পাদন কৰা।
পাছলৈ সদৌ অসম ছাত্ৰ সন্থা আৰু PTCA ৰ সহযোগত বিভিন্ন ধৰণৰ চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগৰ পৰিণতি হিচাপে ৭ ডিচেম্বৰ, ২০০৩ তাৰিখে বড়োলেণ্ড ভৌগোলিক পৰিষদ গঠন কৰা হয়। এইক্ষেত্ৰত নেতৃত্ব বহন কৰে হাগ্ৰামা মহিলাৰীয়ে। এনেদৰে অসমৰ জনজাতিসকলে লাহে লাহে নিজৰ স্বায়ত্তশাসিত অঞ্চল দাবী কৰিবলৈ আৰম্ভ কৰে।
(d) Power of Autonomous Council.
Ans : ছয় নং অনুসূচী অনুযায়ী স্বায়ত্তশাসিত অঞ্চলক কিছুমান দায়িত্ব আৰু ক্ষমতা দিয়া হৈছে। এই ক্ষমতাসমূহক কেইবাটাও ভাগত ভাগ কৰিব পাৰি। তলত ভাগবোৰৰ বিষয়ে আলোচনা আগবঢ়োৱা হ’ল–
(ক) আইন প্ৰণয়ন ক্ষমতা : ছয় নং অনুসূচীৰ ৩ নং দফাত জিলা পৰিষদৰ কিছুমান আইন প্ৰণয়নৰ ক্ষমতা দিয়া আছ, তাৰ ভিতৰত কেইটামান হ’ল –
১) ভূমি নিৰ্ধাৰণ- এই ক্ষমতাৰ জৰিয়তে জিলা পৰিষদে তেওঁলোকৰ অন্তৰ্গত ভূমি ব্যৱহাৰ, অধিগ্ৰহণ, বনানীকৰণ আদিৰ ওপৰত আইন বা নীতি প্ৰণয়ন কৰিব পাৰে।
২) বনাঞ্চল নিয়ন্ত্ৰণ বা সংৰক্ষণ – বহুতো জনজাতিৰ লোয়ে বনাঞ্চলবোৰ যাতে ধ্বংস হৈ নাযায় তাৰ ওপৰত জিলা পৰিষদে নীতি প্ৰণয়ন কৰিব পাৰে।
৩) কৃষিক্ষেত্ৰৰ ওপৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা।
৪) ঝুম খেতি- জনজাতিসকলে যিবোৰ কৃষিকৰ্মৰ ওপৰত নিৰ্ভৰ কৰি জীৱন-নিৰ্বাহ কৰে তাৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰে।
৫) গাঁও সমিতি বা নগৰ সমিতি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ক্ষমতা।
৬) নগৰ শাসন, গাঁও শাসন, জনস্বাস্থ্য, পৰিস্কাৰ-পৰিচন্নতা, নগৰ আৰক্ষী আদিৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহনৰ ক্ষমতা।
৭) মুৰব্বীৰ নিৰ্বাচন বা নিযুক্তিৰ ক্ষেত্ৰত থকা ক্ষমতা।
৮) সম্পত্তি হস্তান্তৰকৰণৰ ক্ষেত্ৰত থকা ক্ষমতা।
৯) বিবাহৰ ক্ষেত্ৰত থকা ক্ষমতা।
১০) সামাজিক নীতি-নিয়মৰ ক্ষেত্ৰত থকা ক্ষমতা।
মেঘালয়, ত্ৰিপুৰা, মিজোৰাম ৰাজ্যই উক্ত বিষয়বোৰৰ ওপৰত সিদ্ধান্ত ল’বলৈ হ’লে ৰাজ্যপালৰ অনুমতি লোৱাটো বাঞ্ছনীয়।
(খ) কাৰ্যকৰী ক্ষমতা : জিলা পৰিষদে প্ৰাথমিক স্কুল, স্বাস্থ্যকেন্দ্ৰ, বজাৰ মীন পালন, ফেৰী, ৰাস্তা, জলপথ আদিৰ উন্নয়নৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। ৰাজ্যপালে জিলা পৰিষদৰ লগত আলোচনা কৰি কৃষিকৰ্ম, পশুপালন, সমবায় সমিতি, সামাজিক কল্যাণ, গাঁও পৰিকল্পনা আদিৰ ওপৰতো কাৰ্যকৰী ক্ষমতা প্ৰদৰ্শন কৰিব পাৰে। ৰাজ্য চৰকাৰে জিলা পৰিষদক দিয়া কেতবোৰ ক্ষমতা ছয় নং অনুসূচীৰ ছয় (২)নং দফা (Paragraph)ত উল্লেখ আছে।
(গ) বিত্তীয় ক্ষমতা : জিলা পৰিষদক কৰ সংগ্রহ আৰু কৰ খৰচৰ কিছুমান ক্ষমতা প্ৰদান কৰা হৈছে। এই ক্ষমতাসমূহৰ কিছুমান তলত উল্লেখ কৰা হ’ল –
১) জিলা পৰিষদে নিজৰ অন্তৰ্গত ভূমিত কৰ সংগ্ৰহ কৰিব পাৰে।
২) জিলা পৰিষদে আবাসিক গৃহ আৰু ইয়াৰ ভূমিৰ ওপৰত কৰ নিৰ্ধাৰণ আৰু সংগ্ৰহ কৰিব পাৰে।
৩) জিলা পৰিষদে কৰ সংগ্ৰহ কৰিব পৰা আন বিষয়সমূহ হৈছে –
(ক) বৃত্তিগত, বাণিজ্যিক কৰ।
(খ) বজাৰ বিক্রীযুক্ত সামগ্ৰীৰ কৰ।
(গ) বিদ্যালয়, ৰাস্তা, জনস্বাস্থ্য সংৰক্ষণৰ কৰ।
(ঘ) খনিজ পদাৰ্থৰ ওপৰত কৰ।
ইয়াৰ উপৰি জিলা পৰিষদে বিত্তীয় সংক্ৰান্তীয় ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰে, যাৰ বাবে ইয়াৰ অন্তৰ্ভুক্ত কাম সুচাৰুৰূপে চলাই নিয়াত সহায় হয়। ইয়াৰ উপৰি বৰ্তমান সময়ত জিলা পৰিষদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হৈছে ইয়াৰ অন্তৰ্ভুক্ত ঠাইসমূহত যাতে অনা-জনজাতি লোকসমূহৰ ব্যৱসায় নিয়ন্ত্ৰণ কৰিব পাৰে তাৰ ওপৰত লক্ষ্য ৰখা।
(ঘ) ন্যায়িক ক্ষমতা : এখন জিলাৰ ভিতৰত এখন গাঁও সমিতি বা ক’ট থাকিব পাৰে। ই জিলা পৰিষদ ক’টৰ অন্তৰ্গত। জিলা পৰিষদৰ ক’টৰ গোচৰ প্ৰত্যক্ষভাৱে উচ্চ আৰু উচ্চন্যায়ালয়লৈ যাব পাৰে। ইয়াৰ গুনানি দিয়াৰ ক্ষেত্ৰত কিছুমান বাধা থাকে। কোনো ব্যক্তিক ৫ বছৰৰ ওপৰত শাস্তি দিয়াৰ ক্ষমতা নাথাকে। জিলা পৰিষদৰ ন্যায়িক ক্ষমতা বঢ়োৱা আৰু কমোৱাৰ ক্ষমতা ৰাজ্যপালৰ হাতত থাকে।
4. Discuss about the 73rd amendment of Constitution.
Ans : এই আইন সংবিধানৰ নতুন অংশ নৱমত অন্তৰ্ভূক্ত কৰা হয়। ১৯৯২ চনৰ ২৩ ডিচেম্বৰত ৰাজ্যসভাত উত্থাপন কৰা হয় আৰু ২৪ ডিচেম্বৰত ৰাজ্যসভাত উত্থাপন কৰা হয়। ৰাজ্যসভাত সভাপতিয়ে সকলো ৰাজ্যক বিলখনৰ ওপৰত চিন্তা-চৰ্চা কৰিবলৈ নিৰ্দেশ দিয়ে। কেৰেলাই ১৬ ফেব্ৰুৱাৰীত বিলখনৰ প্ৰয়োজনীয়তাৰ ওপৰত যোগাত্মক মন্তব্য কৰে।
তাৰ পাছত ১৭ খন ৰাজ্যই ইয়াত সন্মতি জনায় আৰু ২৪ এপ্ৰিল, ১৯৯৩ ত ই কাৰ্যকৰী ৰূপত সংবিধানত স্থান পায়। এইটোৱে পঞ্চায়তীৰাজৰ ওপৰত লোৱা আটাইতকৈ ডাঙৰ পদক্ষেপ যিয়ে তৃণমূল পৰ্যায়ত গণতান্ত্ৰিক অনুষ্ঠানবোৰ শক্তিশালী হোৱাত সহায় কৰে। সংবিধানৰ 243-243 (0) অনুচ্ছেদত পঞ্চায়তীৰাজ ব্যৱস্থাৰ কথা উল্লেখ আছে। 243 (G) অনুচ্ছেদৰ মতে পঞ্চায়তক ২৯ টা কাৰ্যাৱলী প্ৰদান কৰা হৈছে।তলত পঞ্চায়তীৰাজ ব্যৱস্থাৰ কেইটামান বৈশিষ্ট্য উল্লেখ কৰা হ’ল –
১) পঞ্চায়ত স্ব-শাসনৰ এক অনুষ্ঠান। ইয়াত জনসাধাৰণে নিৰ্বাচন কৰা প্ৰতিনিধিসমূহৰ জৰিয়তে শাখনকাৰ্য চলোৱা হয়। ইয়াত চৰকাৰৰ বহু বেছি হস্তক্ষেপ পৰিলক্ষিত নহয়।
২) পঞ্চায়ত ব্যৱস্থাৰ অন্তৰ্গত গাওঁবোৰত এখনকৈ গাওঁসভা থাকিব। এনে গাঁওসভাবোৰ ভোটাধিকাৰপ্ৰাপ্ত নাগৰিকৰ দ্বাৰা গঠিত হ’ব লাগিব।
৩) পঞ্চায়তীৰাজ ব্যৱস্থাত তিনিখলপীয়া শাখনব্যৱস্থা থাকিব। গাওঁত গাঁও পঞ্চায়ত, তালুক/অঞ্চল পৰ্যায়ত আঞ্চলিক পঞ্চায়ত, জিলা পৰ্যায়ত জিলা পৰিষদ। যিবোৰ জিলাৰ জনসংখ্যা ২০ লাখতকৈ কম তেনে জিলাত আঞ্চলিক পঞ্চায়ত নাথাকে।
৪) পঞ্চায়ত ব্যৱস্থাত তিনিটা পৰ্যায়ত প্ৰত্যক্ষ নিৰ্বাচন হ’ব লাগিব। দেশৰ সাধাৰণ নিৰ্বাচনৰ দৰে পঞ্চায়ত ব্যৱস্থাৰ নিৰ্বাচন হ’ব লাগিব। কিন্তু ইয়াত জনসংখ্যা অনুযায়ী অনুসূচীত জাতি আৰু জনগোষ্ঠী লোকে ভাগ ল’ব পৰাকৈ আসন সংৰক্ষণ কৰা থাকিব। সকলো মানুহেই যাতে তৃণমূল পৰ্যায়ৰ ৰাজনীতিত ভাগ ল’ব পাৰে সেয়াই হৈছে ইয়াৰ মূল উদ্দেশ্য।
৫) পঞ্চায়ত নিৰ্বাচন এক-তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষিত থাকে। এই-তৃতীয়াংশ পঞ্চায়তৰ সম্পাদকৰ পদো মহিলাসকলৰ বাবে সংৰক্ষিত থকাটো বাঞ্ছনীয়।
৬) পঞ্চায়তৰ প্ৰত্যেকটো পৰ্যায়ৰ বাবে নিৰ্ধাৰিত ৫ বছৰৰ কাৰ্যকাল দিয়া হৈছে।আৰু উক্ত ৫ বছৰ ওকলাৰ আগতে নতুন নিৰ্বাচন সম্পন্ন হ’ব লাগিব। কিবা কাৰণত ৫ বছৰৰ আগতে পঞ্চায়ত ভংগ হ’লে ছয় মাহৰ ভিতৰত নতুন নিৰ্বাচন প্ৰক্ৰিয়া সম্পাদন কৰিব লাগিব।
৭) ১১ নং অনুসূচী পঞ্চায়তক ২৯ টা অৰ্থনৈতিক উন্নয়ন তথা সামাজিক ন্যায় সংক্ৰান্তীয় কাৰ্যৰ দায়িত্ব দিয়া হৈছে। পঞ্চায়তে অৰ্থনৈতিক উন্নয়ন সম্পৰ্কীয় পৰিকল্পনা লোৱাৰো অধিকাৰ আছে।
৮) ৰাজ্য চৰকাৰ হৈছে পঞ্চায়তৰ বিত্তীয় উৎস। ৰাজ্য চৰকাৰে বিভিন্ন সময়ত বিত্তীয় সহযোগিতা আগবঢ়ায় আৰু পঞ্চায়তে ইয়াৰ জৰিয়তে উন্নয়নমূলক কার্য হাতত লয়। ইয়াৰ উপৰি পঞ্চায়তক কৰ সংগ্ৰহ কৰা আৰু কৰ অনুমোদন ক্ষমতা প্ৰদান কৰা হৈছে।
৯) ৰাজ্যপালৰ দ্বাৰা নিয়োজিত কমিছনৰ জৰিয়তে পঞ্চায়তৰ বিত্তীয় প্ৰস্থিতি সম্পৰ্কে পৰীক্ষা চলোৱা হয়। এই কমিছন প্ৰত্যেক পাঁচ বছৰৰ অন্তৰে অন্তৰে নিৰ্বাচন কৰা হয়।
১১ নং অনুসূচীৰ অন্তৰ্গত পঞ্চায়ত ব্যৱস্থাক দিয়া ২৯ টা কাৰ্যসূচী তলত উল্লেখ কৰা হ’ল –
১) কৃষি আৰু কৃষিখণ্ডৰ সম্প্ৰসাৰণ।
২) ভূমি সংৰক্ষণ, ভূমি সংস্কৰণ, ভূমি উন্নতিকৰণ।
৩) জলসিঞ্চনৰ যোগান, উন্নয়ন আৰু পানী সংক্ৰান্তীয় বেলেগ বিষয়।
৪) মৎস্য পালন।
৫) বনানীকৰণ।
৬) সৰু বনাঞ্চলৰ উৎপাদন।
৭) সৰু উদ্যোগ, খাদ্য উৎপাদনৰ উদ্যোগ।
৮) খাদী গ্ৰাম্য উদ্যোগ।
৯) গ্ৰামীণ বাসস্থান।
১০) খোৱা পানী।
১১) ইন্দ্বন আৰু পশুখাদ্য।
১২) ৰাস্তা, দলং, জল পৰিবহন আৰু যোগাযোগৰ মাধ্যম।
১৩) গ্ৰাম্য বৈদ্যুতিকৰণ।
১৪) অনা বৈদ্যুতিক মাধ্যম।
১৫) দৰিদ্ৰ নিবাৰণ আঁচনি।
১৬) শিক্ষা (মাধ্যমিক আৰু প্ৰাথমিক)।
১৭) প্ৰযুক্তিগত প্ৰশিক্ষণ।
১৮) প্ৰাপ্তবয়স্ক, অনা-আনুষ্ঠানিক শিক্ষা।
১৯) পুথিভঁৰাল।
২০) সাংস্কৃতিক কাৰ্যকলাপ।
২১) বজাৰ।
২২) স্বাস্থ্যখণ্ড।
২৩) পৰিয়াল কল্যাণ।
২৪) মহিলা আৰু শিশু বিকাশ।
২৫) সামাজিক কল্যাণ।
২৬) পিছপৰা জনজাতিৰ কল্যাণ।
২৭) ৰাজহুৱা বিতৰণ ব্যৱস্থা।
২৮) সাম্প্ৰদায়িক সম্পদৰ ব্যৱহাৰ তথা সংৰক্ষণ।
ওপৰৰ আলোচনাত আমি পঞ্চায়ত ব্যৱস্থাৰ তিনিখলপীয়া গঠন প্ৰণালীৰ বিষয়ে অধ্যয়ন কৰি আহিছোঁ। বৰ্তমান আমি এই তিনিটা স্তৰৰ বিষয়ে সবিশেষ জানিবলৈ চেষ্টা কৰিম।
(ক) গ্ৰামসভা : গ্রামসভা এখন গাঁও বা এখন সংযুক্ত গাঁৱৰ ১৮ বছৰৰ ওপৰৰ ভোটাৰ তালিকাত নাম থকা ব্যক্তিৰ দ্বাৰা গঠিত হয়। ইয়াৰ সদস্য সংখ্যা ২০০ জনতকৈ কম হ’ব নালাগিব। বছৰত দুখন গ্রামসভাৰ আলোচনা অনুষ্ঠিত হোৱাটো বিষেকভাৱে প্ৰয়োজন; তাৰে এখন ডিচেম্বৰত আৰু আনখন জুন মাহত। উক্ত আলোচনাত চৰপঞ্চে সভাপতিত্ব কৰে আৰু তাত এক-পঞ্চমাংশ মানুহ উপস্থিত থকাটো বাঞ্ছনীয়।
(খ) গ্রাম পঞ্চায়ত : গাঁও পঞ্চায়ত তৃণমূল পৰ্যায়ত এটা ৰাজনৈতিক অনুষ্ঠান। গাঁও পঞ্চায়তৰ সদস্য অথবা সকলো প্ৰত্যক্ষ নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচিত হয়। প্ৰাপ্তবয়স্ক ভোটাৰ দ্বাৰা পঞ্চায়তৰ নিৰ্বাচন সম্পাদিত হয়। এই নিৰ্বাচন পৰ্যবেক্ষণৰ বাবে উচ্চপদস্থ বিষয়া নিয়োজিত থাকে; কিন্তু এই নিৰ্বাচনত সমাজৰ পিছপৰা শ্ৰেণীৰ মহিলা, অনুসূচীত জাতি জনগোষ্ঠীৰ বাবে এক-তৃতীয়াংশ সংৰক্ষিত আসন থাকে গাঁও পঞ্চায়তৰ প্ৰাৰ্থী ৫ বছৰৰ বাবে নিৰ্বাচিত হয়। পঞ্চায়তৰ কামবোৰ নিৰীক্ষণৰ বাবে কিছুমান কমিটি গঠন কৰা থাকে। গাঁও পঞ্চায়তৰ বিত্তীয় উৎস হৈছে কৰ।
(গ) পঞ্চায়ত সমিতি : পঞ্চায়ত সমিতিৰ সদস্য প্ৰত্যক্ষ আৰু পৰোক্ষ দুই ধৰণে নিৰ্বাচিত হ’ব পাৰে। ৬-১০ জন সদস্য প্ৰত্যক্ষভাৱে নিৰ্বাচিত হয়। চৰপঞ্চ প্ৰতিনিধি, সেই অঞ্চলৰ মন্ত্ৰী-বিধায়কসকল পঞ্চাযত সমিতিৰ সদস্য। ইয়াতো পিছপৰা শ্ৰেণীৰ বাবে আসন সংৰক্ষিত থাকে। এই সদস্যসমূহৰ কাৰ্যকাল ৫ বছৰ। ইয়াৰ বিত্তীয় সংগ্ৰহৰ উৎস হৈছে কৰ, মাচুল আদি যিবোৰ সংগ্ৰহৰ বাবে ৰাজ্য চৰকাৰৰ সন্মতিৰ প্ৰয়োজন।
(ঘ) জিলা পৰিষদ : ইয়াতো প্ৰত্যক্ষ আৰু পৰোক্ষ নিৰ্বাচন হোৱা দেখা যায়, তাৰে ১০-১৫ জন প্ৰত্যক্ষভাৱে নিৰ্বাচিত হয়। আনসকলৰ ভিতৰত–
১) পঞ্চায়ত সমিতিৰ সদস্য (নিজৰ জিলাৰ)।
২) লোকসভা আৰু ৰাজ্যসভাৰ সদস্য (নিজৰ জিলাৰ)।
৩) নিজৰ জিলাৰ অন্তৰ্ভুক্ত থকা বিধানসভাৰ সদস্য আদি সকলো স্তৰৰ দৰে সংৰক্ষিত আসন থকাটো বাঞ্ছনীয়। জিলা পৰিষদৰ কৰ নিৰ্ধাৰণ আৰু সংগ্ৰহৰ ক্ষমতা আছে যদিও ই গাঁও পঞ্চায়ত আৰু পঞ্চায়ত সমিতিৰ কৰৰ বাহিৰৰ হ’ব লাগিব।
উক্ত আলোচনাসমূহৰ পৰা আমি এটা কথা ঠিক কৰিব পাৰিলোঁ যে, পঞ্চৱতীৰাজ ব্যৱস্থা হৈছে তৃণমূল পৰ্যায়ৰ এক ৰাজনৈতিক সংগঠন। ইয়াৰ মূল উদ্দেশ্য হৈছে সকলোৱে যাতে ৰাজনৈতিক কাৰ্যকলাপত ভাগ ল’ব পাৰে তাৰ ওপৰত দৃষ্টি নিবদ্ধ কৰা। ইয়াত অনুসূচীত জাতি-জনজাতি,মহিলা আদি সকলে ৰাজনীতিত ভাগ লোৱাৰ সুবিধা প্ৰদান কৰা হৈছে।ইয়াৰোপৰি কৰ সংগ্ৰহ আৰু গাঁও পৰ্যায়ৰ উন্নয়নৰ বাবে পঞ্চায়তৰ গঠন কৰা হয়।
পঞ্চৱতীৰাজ ব্যৱস্থাই মানুহৰ মাজত ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰিব পাৰে। সেইহে সকলোৱে ৰাজনৈতিক কাৰ্যত অংশগ্ৰহণ কৰি পঞ্চায়তী ব্যৱস্থাৰ সফলতাৰ বাবে কাম কৰিব লাগে।
5. What do you mean by Tribes? Mention the characteristics of Tribes.
Ans : ১। নৃতত্ববিদ গিলিন আৰু গিলিনৰ মতে, “জনজাতি হ’ল এনে এক আদিম জনসমূহৰ সমষ্টি যিসকলে উমৈহতীয়াভাৱে জীৱন-যাপন কৰে, একে ভাষা (দোৱান)কয় আৰু একে সংস্কৃতিকে অনুকৰণ কৰে।”
২। ডি. এন. মজুমদাৰৰ মতে, “জনজাতি হৈছে এনে কিছুমান পৰিয়ালৰ সমষ্টি যি সমষ্টিৰ লোকসকলৰ নাম একেধৰণৰ, একোটা অঞ্চলতে বসবাস কৰে, একেটা ভাষা (দোৱান) কয় আৰু যিসকলে বিয়া-বাৰু, ব্যৱসায় বা উদ্যোগৰ ক্ষেত্ৰত কিছুমান নিষেধ মানি চলে আৰু পৰস্পৰে পৰস্পৰৰ লগত ভাল ব্যৱস্থাৰে আদান-প্ৰদান কৰে।”
৩। ৰিভাৰছৰ মতে, “জনজাতি মানে এটা সলৰ প্ৰকৃতিৰ সামাজিক সমূহক বুজায় যি মানুহৰ সদস্যসকলে সাধাৰণতে একে উপভাষা (Dialect)কয় আৰু যুদ্ধ বা তেনে সামূহিক কামবোৰ একএ হৈ সম্পন্ন কৰে।”
৪) ইম্পেৰিয়াল গেজেটিয়েৰ (The Imperial Gazetteer) ত জনজাতিৰ সংজ্ঞা এই ধৰণে দিয়া আছে- “জনজাতি হৈছে একে নামধাৰী কিছুমান পৰিয়ালৰ সমষ্টি, যি সমষ্টিৰ ব্যক্তিসকলে একে উপভাষা, একে অঞ্চলতে বসবাস কৰে বা একেলগে থকাৰ প্ৰকৃতি প্ৰদৰ্শন কৰে আৰু যিসকলে তেওঁলোকৰ সমষ্টিৰ বাহিৰৰ কোনো লোকৰ সৈতে বৈবাহিক সম্বন্ধ নকৰে।”
ওপৰৰ সংজ্ঞাবিলাক বিশ্লেষণ কৰি জনজাতিৰ সংজ্ঞা আমি এনেদৰে দিব পাৰোঁ যে- জনজাতি হৈছে এক নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত বসবাস কৰা এনে এক প্রজাতীয় সমষ্টি যি জনসমষ্টিৰ সদস্যসকলে একেধৰণৰ বৃত্তি অৱলম্বন কৰে, একে ধৰ্ম আৰু একে সামাজিক নীতি পালন কৰাৰ লগতে এটা অন্তবিবাহ গোট হিচাপে বসবাস কৰে। জনজাতিসকলৰ মূল বৈশিষ্ট্যবোৰ তলত চমুকৈ আলোচনা কৰা হ’ল।
জনজাতিৰ বৈশিষ্ট্য (Characteristics of Tribes) :
১) সাধাৰণ নাম : সকলোবোৰ জনজাতিৰ এটা সাধাৰণ নাম থাকে, যিটোৰ দ্বাৰা ব্যক্তিসকলে নিজকে এটা সুকীয়া প্ৰজাতীয় গোটৰ বুলি চিনাকি দিয়ে; উদাহৰণস্বৰূপে মিচিং, দেউৰী, কুকি, হো, মুণ্ডা ইত্যাদি। এই জনজাতিৰ ব্যক্তিসকলে নিজকে যেই জনজাতিৰ বুলি চিনাকি দিয়ে।
২) শিক্ষাৰ অনগ্ৰসৰতা : জনজাতীয় সমাজ শিক্ষাৰ ক্ষেত্ৰত এতিয়াও বহুত পিছপৰা। এতিয়াও জনজাতিসকলৰ মাজত নিৰক্ষৰ লোকৰৰ সংখ্যা যথেষ্ট।বিভিন্ন কাৰণৰ বাবে জনজাতিসকলে আধুনিক শিক্ষাৰ ক্ষেত্ৰত অজনজাতীয় লোকৰ লগত সমানে খোজ মিলাব পৰা নাই। য জাতিসকলৰ মাজত অৰ্ধশিক্ষিত লোকৰ সংখ্যা অতি মাত্ৰাত বেছি।
৩) প্ৰৌদ্যোগিক অনগ্ৰসৰতা : প্ৰৌদ্যোগিক স্তৰৰ ক্ষেত্ৰত জনজাতিসকল এতিয়াও পিছপৰা, কাৰিকৰী শিক্ষাৰ অভাৱ, পৰিৱৰ্তনৰ প্ৰতি অনীহা আদি অনেক কাৰণৰ বাবে জনজাতিসকল এতিয়া প্ৰৌদ্যোগিক ক্ষেত্ৰত বিশেষ আগবাঢ়িব পৰা নাই।
৪) সাধাৰণ ভাষা : সকলোবোৰ জনজাতিৰ একোটা সাধাৰণ ভাষা-উপভাষা থাকে। কোনো এটা জনজাতিৰ ব্যক্তিসকলে নিজৰ ভাষা-উপভাষা বা দোৱানেৰে মনৰ ভাৱ প্ৰকাশ কৰে; উদাহৰণস্বৰূপে নগাসকলৰ নাগামিজ (Nagamese) এটা ভাষা, আনহাতে দেউৰী, মিচিং, অঁকা আদিৰ একোটা দোৱান বা উপভাষা আছে।
৫) নিৰ্দিষ্ট ভৌগোলিক অঞ্চল : জনজাতিসকলৰ একোটা নিৰ্দিষ্ট ভৌগোলিক অঞ্চল থাকে। অধিক সংখ্যক জনজাতিয়ে সেই নিৰ্দিষ্ট অঞ্চলৰ বাহিৰে অন্য অঞ্চলত বসবাস নকৰে; যেনে – মিচিংসকলে উজনি অসমৰহে জনজাতি, খামটি জনজাতি উজনি অসমআৰু অৰুণাচলতহে পোৱা যায়, আংগামী, আও আদি নগাভূমিৰ জনজাতি ইত্যাদি।ভাৰতৰ যিকোনো ঠাইত এইসকল জনজাতি পোৱা নাযায়।
৬) অন্তবিৰ্বাহী গোট : প্ৰায়বিলাক জনজাতিয়েই অন্তবিবাহী; অৰ্থাৎ নিজৰ জনজাতিৰ মাজতহে বিবাহকাৰ্য সাধিত হয়; যেনে – কছাৰী কছাৰীৰ লগত, নকটে নকটেৰ লগত, নিছিৰ নিছিৰ লগত আদি। অন্য জনজাতিৰ লগত হোৱা বিবাহক সমাজে স্বীকৃতি নিদিয়ে।
৭) সাধাৰণ ধৰ্ম : একোটা জনজাতিৰ ব্যক্তিসকলে একেধৰ্মকে পালন কৰে, ধৰ্মীয় ক্ৰিয়াসমূহত সকলোৱে অংশগ্ৰহণ কৰে। ধৰ্মৰ পৰিৱৰ্তন হ’লেও গোটেই জনজাতিয়ে একেলগে পৰিবৰ্তন মানি লয়।
৮) সাধাৰণ বৃত্তি : প্ৰায়বোৰ জনজাতীৰে একোটা পৰম্পৰাগত বৃত্তি থাকে। কোনো জনজাতিয়ে বৃত্তিগতভাৱে মাছ ধৰে, কোনোৱে পশুপালন কৰে, কোনোৱে চিকাৰ কৰে, কোনোৱ কৃষিকাৰ্যত জড়িত হৈ থাকে বা ইত্যাদি ধৰণে একোটা জনজাতিয়ে কোনো এটা বৃত্তি অৱলম্বন কৰে। অৱশ্যে আধুনিকতাত ইয়াৰ পৰিবৰ্তন ঘটিছে।
৯) ৰাজনৈতিক সংগঠন : সকলো জনজাতিয়ে নিজা নিজা সমস্যাবিলাক সমাধান কৰিবলৈ একোটা সংগঠন থাকে। এই সংগঠনৰ জৰিয়তে সমাজৰ বিভিন্ন বিশৃংখলতাৰ বিষয়ে আলোচনা কৰি সমাজ নিয়ন্ত্ৰণ কৰি ৰখা হয়; যেনে – মিচিংসকলৰ এনে সংগঠনটোৰ নাম ‘কেবাং’।
১০) যুৱগৃহ ব্যৱস্থা : প্ৰায়বোৰ জনজাতিৰ মাজতেই যুৱগৃহ বা ডেকাচাঙৰ ব্যৱস্থা আছে। এইবোৰ হ’ল যুৱক-যুৱতীসকলৰ প্রয়োজনীয় সামাজিক শিক্ষা দিয়া একোটা অনুষ্ঠান। জনজাতি ভেদে যুৱগৃহৰ নামো বেলেগ বেলেগ; যেনে – মিকিৰসকলৰ ‘মাৰু’ (Maro), নগাসকলৰ ‘মুৰং’ (Morang), ভূটীয়াসকলৰ ‘ধ্বং’ (Dhabung) ইত্যাদি। আধুনিক শিক্ষাব্যৱস্থাৰ ফলত যুৱগৃহৰ পতন ঘটিছে।
১১) দুৰ্গম অঞ্চলত বসবাস : অধিকাংশ জনজাতিয়ে পৰ্বত – পাহাৰ বা নদীকাষৰীয়া দুৰ্গম বসবাস কৰে। ভাৰতবৰ্ষৰ ভিতৰতে উত্তৰ-পূব ভাৰতৰ পাৰ্বত্য অঞ্চলতে বেছি সংখ্যক জনজাতিয়ে বসবাস কৰে। কেতবোৰ জনজাতিয়ে নদীকাষৰীয়া অঞ্চলত বসবাস কৰিহে ভাল পায়।
১২) একে সামাজিক ৰীতি-নীতি : সাধাৰণতে একোটা জনজাতিৰ অন্তৰ্ভুক্ত ব্যক্তিসকলে একেধৰণৰ সামাজিক ৰীতি-নীতি, উৎসৱ-পাৰ্বন, সাংস্কৃতিক মানদণ্ড আদি মানি চলে। নিজৰ জনজাতিৰ বাহিৰে অন্য জনজাতিৰ লগত ভক্ষাভক্ষ, সামাজিক আদান-প্ৰদান আদিত কিছুমান নিষেধ মানি চলাটো লক্ষণীয় দিশ।
১৩) ঝুম খেতি : ঝুম খেতি পৰম্পৰাগত জনজাতীয় সমাজৰ এটা বৈশিষ্ট্য। জনজাতিসকলে পৰ্বত-পাহাৰ বা দুৰ্গম অঞ্চলত বসবাস কৰাৰ কিছু বছৰৰ পাছতে তেওঁলোকৰ কৃষি-ভূমিৰ সলনি কৰে। এইদৰে কৃষি-ভূমিৰ সলনি কৰি বিভিন্ন ঠাইত খেতি কৰাৰ ব্যৱস্থাটো অৱশ্যে বৰ্তমানে হ্ৰাস পাইছে।যদিও বহুসংখ্যক জনজাতিৰ মাজত এতিয়াও এনে কৃষি ব্যৱস্থা (ঝুম খেতি) প্ৰচলন হৈ আছে।
১৪) আত্মকেন্দ্ৰিকতা : সকলো জনজাতিয়েই নিজা নিজা জনজাতিটোৰ প্ৰতি সহানুভূতিশীল। নিজৰ জনজাতিৰ ভিতৰত কাৰোবাৰ বিপদত সকলোৱেই সহায় কৰা, কোনোবাই কৰিব নোৱাৰা কাম সকলোৱে একেলগে কৰি দিয়া, বিয়া-বাৰু আদি সামাজিক কাৰ্যত সকলোৱে যোগদান কৰা আদি জনজাতি সমাজৰ লক্ষণীয় দিশ। সক্ষমতা অনুসৰি নিজৰ জনজাতিৰ ব্যক্তিসকলক পাৰ্যমানে সহায় কৰাটো জনজাতিসকলৰ এটা চৰিত্ৰ।
১৫) প্ৰতীক পূজা : প্ৰায়বোৰ জনজাতি লোকে উপাস্য দেৱতাৰ ৰূপত পাৰ্থিত জগতৰ যিকোনো এটা বস্তুক লৈ পূজা কৰে। প্ৰতীক হিচাপে লোৱা এনে বস্তু জীৱিত বা নিৰ্জীৱ হ’ব পাৰে; যেনে – কোনো জনজাতিয়ে সাপ পূজা কৰে, কোনোৱে বিশেষ এবিধ গছ পূজা কৰে, কোনোৱে শিল পূজা কৰে, অন্য জনজাতিয়ে কোনোবা এটা জন্তুকেই ধৰ্মীয় প্ৰতীক হিচাপে পূজা কৰে। মুখ্য কোনো এটা ধৰ্ম গ্ৰহণ কৰা জনজাতিসকলৰ বাহিৰে প্ৰায়বোৰ জনজাতিয়ে বৰ্তমানেও এনে প্ৰতীক পূজা কৰে।
6. Write a note on Development Council.
Ans : বৈশিষ্ট্যগত ফাৰলপৰা আমি অনুসূচীত জাতিৰ বহুতো সমস্যাৰ কথা উমান পাইছোঁ। তাৰ ভিতৰত –
১) শিক্ষা লাভৰ সমস্যা।
২) অৰ্থনৈতিক সমস্যা।
৩) নতুন বৃত্তি গ্ৰহনত সমস্যা।
৪) পিছপৰা কৃষি পদ্ধতি।
৫) ধৰ্মীয় সমস্যা।
৬) ভাষা সম্বন্ধীয় সমস্যা।
এনেবোৰ সমস্যা সমাধানৰ বাবে সংবিধান তথা চৰকাৰ পক্ষীয় শংখনবোৰে যথেষ্ট কাম কৰি আহিছে। এইসকল অনুসূচীত জনজাতিৰ উন্নয়নৰ বাবে উন্নয়ন পৰিষদৰ গঠন কৰা হৈছিল। অসমত তাৰ প্ৰৰিপেক্ষিতত ৩১ খন এনে উন্নয়ন পৰিষদ গঠন কৰা হৈছিল। তাৰে বহুকেইখনে কোনো বিফলতাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছিল। অসমত থকা উন্নয়ন পৰিষদকেইখনৰ নাম তলত উল্লেখ কৰা হ’ল।
১) বৰাক উপত্যকা পাহাৰীয়া জনগোষ্ঠীয় উন্নয়ন পৰিষদ।
২) শৰণীয়া কছাৰী উন্নয়ন পৰিষদ।
৩) বাংলা ভাষী উন্নয়ন পৰিষদ।
৪) কলিতা উন্নয়ন পৰিষদ।
৫) বৰ্মন- ডিমাচা উন্নয়ন পৰিষদ।
৬) গোর্খা উন্নয়ন পৰিষদ ।
৭) আদিবাসী উন্নয়ন পৰিষদ।
৮) মণিপুৰী উন্নয়ন পৰিষদ।
উন্নয়ন পৰিষদ গঠনৰ মূল লক্ষ্য আছিল জনজাতিসকলৰ বা পিছপৰাসকলৰ উন্নয়ন কৰা। কিন্তু কিমানদূৰ সফলতা অৰ্জন কৰিব পাৰিলে তাক লৈ বহুতো প্ৰশ্ন উত্থাপন কৰে। সেয়েহে বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিতা খুব কমকৈ দেখিবলৈ পোৱা যায়। চৰকাৰে এতিয়া বেলেগ কাৰ্যপন্থা আৰু আঁচনিৰ জৰিয়তেহে পিছপৰা শ্ৰেণীৰ উন্নয়নৰ ক্ষেত্ৰত কাম কৰিছে।