Philosophical Foundations of Education Unit 1 Concept of Education Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Philosophical Foundations of Education Unit 1 Concept of Education to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Philosophical Foundations of Education Unit 1 Concept of Education Question Answer can be of great value to excel in the examination.
Philosophical Foundations of Education Unit 1 Concept of Education
Philosophical Foundations of Education Unit 1 Concept of Education Notes cover all the exercise questions in UGC Syllabus. The Philosophical Foundations of Education Unit 1 Concept of Education provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
প্ৰশ্নঃ 3. আনুষ্ঠানিক শিক্ষা কি ? আনুষ্ঠানিক শিক্ষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।
উত্তৰঃ কোনো নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি ছাত্ৰ-ছাত্ৰীৰ আচৰণৰ পৰিৱৰ্তনৰ বাবে স্বতঃস্ফূৰ্ত আৰু পৰিকল্পিতভাৱে যি শিক্ষা প্ৰদান কৰা হয় তাকেই আনুষ্ঠানিক শিক্ষা বুলি ক’ব পাৰি ।
আনুষ্ঠানিক শিক্ষাৰ বৈশিষ্ট্যসমূহ তলতচ উল্লেখ কৰা হ’লঃ
১)আনুষ্ঠানিক শিক্ষা এক সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰদান কৰা হয় । এই শিক্ষা পূ্ৰ্বনিৰ্ধাৰিত আৰু উদ্দেশ্যপ্ৰণোদিত ।
২) আনুষ্ঠানিক শিক্ষা এক নিৰ্ধাৰিত সময়ৰ বাবে প্ৰদান কৰা হয় । গতিকে শিক্ষাৰ পৰিসৰ নিৰ্ধাৰিত আৰু সীমাবদ্ধ ।
৩) আনুষ্ঠানিক শিক্ষা খৰচী আৰু সামাজিকভাৱে স্বীকৃতিপ্ৰাপ্ত ।
৪) ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা শিক্ষণীয় জ্ঞান-অভিজ্ঞতাৰ অন্তত পৰীক্ষাৰ দ্বাৰা শৈক্ষিক কৃতিত্বৰ মূল্যাংকণ কৰা হয় ।
৫) এনে ব্যৱস্থাত শিক্ষক-শিক্ষাৰ্থী উভয়ে নিজ নিজ কাৰ্যৰ প্ৰতি সজাগ হৈ শিক্ষাৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ চেষ্টা কৰিব লাগে ।
৬) আনুষ্ঠানিক শিক্ষা স্কুলৰ চাৰিবেৰৰ মাজত আৱদ্ধ আৰু সেয়ে ইয়াত অনুশাসন বজাই ৰখাৰ বাবে কেতবোৰ নীতি-নিয়ম, আইন-শৃংখলা অনুসৰণ কৰা হয় ।
প্ৰশ্নঃ 4. অনানুষ্ঠানিক শিক্ষা কি ? ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।
উত্তৰঃ অনানুষ্ঠানিক শিক্ষা আনুষ্ঠানিক শিক্ষাৰ পৰিপূৰক বুলি ক’ব পাৰি । গতিকে, কোনো ধৰণৰ নিৰ্ধাৰিত পূৰ্ব পৰিকল্পনা নোহোৱাকৈ স্বতঃস্ফূৰ্তভাৱে প্ৰদান কৰা শিক্ষা ব্যৱস্থাক অনানুষ্ঠানিক শিক্ষা বোলে ।
অনানুষ্ঠানিক শিক্ষাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’লঃ
১) অনানুষ্ঠানিক শিক্ষাআকস্মিক স্বতঃস্ফূৰ্ত আৰু নীতি-নিয়ম বহিৰ্ভূত । ইযাত সচেতনভাৱে কোনো কাৰ্য পৰিচালিত নহয় ।
২) এই শিক্ষা পূৰ্ব পৰিকল্পিত বা পূৰ্ব নিৰ্ধাৰিত নহয় । শিশুৱে ঘৰ, সমাজ, দল বা বন্ধু-বান্ধৱ আদিৰ পৰা অভ্যাস, আচাৰ-ব্যৱহাৰ, আদৱ-কায়দা ইত্যাদি আহৰণ কৰে ।
৩) আনুষ্ঠানিক শিক্ষাৰ দৰে অনানুষ্ঠানিক শিক্ষাকোনো বিশেষ সংগঠন বা সময়সূচীৰ প্ৰয়োজন নহয়।
৪) এই শিক্ষা ব্যৱস্থাত কোনো নিৰ্দিষ্ট স্থান বা প্ৰশিক্ষণপ্ৰাপ্ত অভিজ্ঞতা ইয়াত সাঙুৰি হৈছে ।
প্ৰশ্নঃ 5. অগতানুগতিক শিক্ষা কি ? ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।
উত্তৰঃ এক অনুকূল পৰিৱেশত কোনো নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি নিয়ম প্ৰণালী, নিৰ্দিষ্ট পাঠ্যক্ৰম, নিৰ্দিষ্ট শিক্ষা পদ্ধতি, নিৰ্ধাৰিত সময়সূচী, পৰীক্ষা ব্যৱস্থা, অনুশাসন আদিৰ জৰিয়তে শিক্ষাৰ্থীক যি শিক্ষা প্ৰদান কৰা হয় তাকে অগতানুগতিক শিক্ষা বোলা হয় ।
অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’লঃ
১) সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ বাবে এই শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে ।
২) অগতানুগতিক শিক্ষাৰ পৰিসৰ অত্যন্ত ব্যাপক, সমাজমুখী আৰু গণতান্ত্ৰিক ।
৩) অগতানুগতিক শিক্ষাত শিক্ষাদানতকৈ শিক্ষা গ্ৰহণতহে অধিক গুৰুত্ব দিয়া হয় ।
৪) এনে প্ৰকাৰৰ শিক্ষাত বয়সৰ কোনো বাধ্যবাধকতা নাথাকে ।
৫) এই শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীয়ে চাকৰি বা অইন কাম কৰিও আজিৰ সময়ত এই শিক্ষা গ্ৰহণ কৰিব পাৰে।
প্ৰশ্নঃ 6. শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য সম্পৰ্কে চমুকৈ লিখা ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ গুণ আৰু দোষ সমূহ উল্লেখ কৰা ।
উত্তৰঃ শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য সম্পৰ্কে ছাৰ পাৰ্ছীনানৰ মতে ব্যক্তিকেন্দ্ৰিক শিক্ষা মানে হৈছে প্ৰতিটো শিশুৰ ব্যক্তিগত সুকীয়া সত্বাৰ ওপৰত অধিক গুৰুত্ব দি বিকাশৰ পথত আগুৱাই নিবলৈ দিয়া শিক্ষা । ছাৰ পাৰ্ছীনানৰ মতে এখন শিক্ষা আঁচনিৰ সাফল্য নিৰ্ভৰ কৰে ব্যক্তিৰ শ্ৰেষ্ঠতম সম্ভাৱনাৰ উচ্চতম বিকাশৰ ওপৰত ।
এই লক্ষ্যত বিশ্বাস থকা সকলে কয় যে, সমাজখন ব্যক্তিক লৈয়েই গঠিত । গতিকে, ব্যক্তিৰ বিকাশ হ’লেহে সমাজ বিকাশ সম্ভৱ হ’ব ।
দ্বিতীয়তে, তেওঁলোকে কয় যে, পৃথিৱীৰ সকলো মহৎ কাম কোনোবা নিৰ্দিষ্ট ব্যক্তিৰ দ্বাৰাহে সম্পন্ন হৈছে । গতিকে ব্যক্তিক অৱহেলা কৰাৰ কোনো প্ৰশ্ন উঠিব নোৱাৰে ।
তৃতীয়তে, প্ৰত্যেক ব্যক্তিৰেই কিছুমান সুকীয়া বৈশিষ্ট্য আছে । গতিকে শিক্ষাই বৈশিষ্ট্যসমূহ আগত ৰাখি শিক্ষাৰ ৱক্ষ্য স্থিৰ কৰা উলিচ হ’ব ।
শিক্ষাৰ এই ব্যক্তিকেন্দ্ৰিক লক্ষ্য দৃঢ়ভাৱে সমৰ্থন কৰা ইউৰোপৰ মধ্যয়ুগীয় ৰুছোৰ মান প্ৰথমেই উল্লেখ কৰিব পাৰি । ৰুছোৰ মতে শিশুক প্ৰকৃতিৰ মাজত মুক্ত আৰু স্বাধীনতাৰে ব্যক্তি প্ৰকৃতিৰ বিকাশ সাধন কৰাই শিক্ষাৰ লক্ষ্য হোৱা উচিত ।
ব্যক্তিবাদী লক্ষ্যৰ গুণসমূহঃ
১) ব্যক্তিবাদী শিক্ষাৰ দ্বাৰা ব্যক্তিৰ ব্যক্তিত্ব সম্পূৰ্ণৰূপে বিকাশ সাধন কৰিব পাৰি ।
২) ব্যক্তিৰ সম্পূৰ্ণ বিকাশ সাধন হ’লেহে সমাজৰ ব্কাশ সম্ভৱ হ’ব পাৰে । গতিকে, সমাজৰ প্ৰগতি আৰু বিকাশত ব্যক্তিৰ প্ৰভাৱ অপৰিসীম ।
৩) ব্যক্তিৰ চেতনা আৰু বিশিষ্টতা বা উৎকৃষ্টতাৰ বিকাশৰ বাবে ব্যক্তিবাদী লক্ষ্য অন্যতম ।
৪) এনে শিক্ষা ব্যৱস্থাই ব্যক্তিক পূৰ্ণ স্বাধীনতা প্ৰদান কৰি নিজ সৃজনাত্মক শক্তি আৰু সুপ্ত সম্ভাৱনীয়তাক বিকাশত অৰিহণা যোগায় ।
ব্যক্তিবাদী লক্ষ্যৰ দোষঃ
১) শিক্ষাৰ এই লক্ষ্যৰ ব্যক্তিৰ নিজস্ব সাত্বাৰ বিকাশৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে । এই লক্ষ্যই আৰ্থ-সামাজিক আৰু সাংস্কৃতিক দিশ সম্পূৰ্ণৰূপে গুণাৱলীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।
২) এই লক্ষ্যৰ ধাৰণাই ব্যক্তিক আত্মকেন্দ্ৰিক, স্বাৰ্থপৰ, বিশৃংখল আদি কৰি তুলিব পাৰে । বাধাহীন স্বাধীনতাই ব্যক্তিক অনুশাসনহীন কৰি তুলিব পাৰে ।
৩) এনে লক্ষ্যত সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ প্ৰভাৱ সম্পূৰ্ণৰূপে আগ্ৰহ্য কেৱল জৈৱিক বংশগতিৰ ওপৰতহে গুৰুত্ব দিয়া হৈছে ।
৪) এই লক্ষ্যই শিক্ষিত শ্ৰেণী লোকক সমাজত সুস্থ সমাযোজন স্থাপনতো সহায় কৰিব নোৱাৰে। ইয়াৰ দ্বাৰা সমাজতে শিক্ষিত আৰু অশিক্ষিত, যোগ্য আৰু অযোগ্য দুই শ্ৰেণীৰ লোকৰ সৃষ্টি হ’ব পাৰে ।
প্ৰশ্নঃ 7. সমাজকেন্দ্ৰিক লক্ষ্য মানে কি ? ইয়াৰ সবলতা আৰু দুৰ্বলতা সম্পৰ্কে লিখা ।
উত্তৰঃ সমাজকেন্দ্ৰিক লক্ষ্যৰ প্ৰধান পৃষ্ঠপোষক হ’ল জন ডিউই । তেওঁৰ মতে, শিক্ষাৰ লক্ষ্যই শিশুসকলক সমাজৰ যোগ্যতাসম্পন্ন ব্যক্তি হিচাপে গঢ় দিব লাগে । সমাজক বাদ দি এনে ব্যক্তিৰ ব্যক্তি হিচাপে কোনো পৰিচয় থাকিব নোৱাৰে । সমাজ বা ৰাষ্টৰ অস্তিত্বৰ অবিহনে ব্যক্তিৰ উন্নতি কল্পনা কৰা অৰ্থহীন। শিক্ষা প্ৰকৃত লক্ষ্য হৈছে ‘সামাজিক যোগ্যতা’ আহৰণ কৰা। এই সামাজিক যোগ্যতাৰ দ্বাৰা ব্যক্তিৰ মন সমাজমুখী কৰি গঢ় দি তুলিব পাৰি ।
সমাজকেন্দ্ৰিক শিক্ষাৰ লক্ষ্যই দেশ বা ৰাষ্টৰ প্ৰয়োজনক ব্যক্তিৰ প্ৰয়োজনতকৈ উচ্চ বুলি কৈছে । এই লক্ষ্যৰ মতে, এজন ব্যক্তি এখন সমাজ বা দেশৰ তুলনাত সদায় তুচ্ছ । দলীয় জীৱনত আনৰ লগত ভাৱ আৰু কৰ্মৰ আদান প্ৰদান কৰি সহযোগ, সহানুভূতি আৰু সহনশীলতাৰ মাজেদি জীৱন নিৰ্বাহ কৰিবলৈ শিক্ষাৰ্থীক প্ৰণালীৱদ্ধভাৱে শিক্ষা দিয়াটো সমাজকেন্দ্ৰিক শিক্ষাৰ লক্ষ্য । এই লক্ষ্যই ব্যক্তিক সুনাগৰিক হিচাপে গঢ়ি উঠাত সহায় কৰে । সমাজৰ উন্নতি হ’লেই স্বতঃস্ফূৰ্তভাৱে সমাজত বাস কৰা ব্যকেতিৰো উন্নতি হ’ব।
সমাজকেন্দ্ৰিক লক্ষ্যৰ সবলতাঃ
১) সমাজপ্ৰিয়তা হৈছে মানুহৰ এক সহজাত প্ৰবৃত্তি । সমাজ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে । সেয়েহে শিক্ষাৰ লক্ষ্যই মানুহৰ এই সমাজমুখী স্বাভাৱ বা প্ৰবৃত্তি অৱহেলা কৰিব নোৱাৰে ।
২) সামাজিক পৰিৱেশ অবিহনে ব্যক্তিৰ ক্ষমতা বা বিকাশ যোগ্যতা আৱিস্কাৰ কৰিব নোৱাৰে । সেয়েহে ব্যক্তিৰ যোগ্যতা উদ্ভাৱন কৰিবৰ বাবে এক বিশেষ সামাজিক পৰিৱেশৰ প্ৰয়োজন ।
৩) ব্যক্তিৰ নিজস্ব প্ৰয়োজন সমাজৰ প্ৰয়োজনৰ যোগেদি প্ৰতিবিম্বত হয় । সেইবাবে ব্যক্তিৰ প্ৰয়োজন সমাজৰ প্ৰয়োজনতকৈ পৃথক হ’ব নোৱাৰে ।
সমাজকেন্দ্ৰিক লক্ষ্যৰ দুৰ্বলতাঃ
১) ইয়াত ব্যক্তিৰ অস্তিত্বব স্বীকাৰ কৰা নহয় । সেইবাবে ব্যক্তি বিশেষ সম্ভাৱনীয়তা সমূহ সম্পূৰ্ণকৈ বিকাশ হোৱাত প্ৰয়োজনীয় সুবিধা দিয়াৰ অৱকাশ নাথাকে ।
২) নিজৰ দেশৰ প্ৰতি অত্যধিক প্ৰেম জগাই তুলিলে চুবুৰীয়া দেশৰ প্ৰতি হিংসা আৰু বিদ্বেষৰ ভাৱ সৃষ্টি হোৱাৰ আশংকা থাকে ।
৩) সামাজিক লক্ষ্যই যোগ্যতাৰ ক্ষেত্ৰত থকা ব্যক্তি পাৰ্থক্যৰ প্ৰশ্নও অৱহেলা কৰা দেখা যায় । সকলো লোকেই সামাজিক পৰিৱেশত শিক্ষা লাভ কৰিলেও সকলোৰে পৰা শিক্ষাৰ পৰিণতি একে হোৱাটো আশা কৰিব নোৱাৰি ।
প্ৰশ্নঃ 8. বৃত্তিমুখী লক্ষ্য মানে কি ? বৃত্তিমূখী লক্ষ্যৰ প্ৰয়জনীয়তা সম্পৰ্কে লিখা ।
উত্তৰঃ বহু শিক্ষাবিদে মত পোষণ কৰে যে, কেৱল মানসিক, দৈহিক আৰু সামাজিক গুণৰাশিৰ উৎকৰ্ষ সাধনেই শিক্ষাৰ লক্ষ্য হোৱা উচিত নহয় । এই গুসমূহৰ উৎকৰ্ষ সাধন হোৱাৰ লগে লগে ব্যক্তিয়ে জীৱন নিৰ্বাহৰ বাবে উপযুক্ত শিক্ষা অৰ্জন কৰাটোও এক প্ৰয়াজনীয় কাম । গতিকে শিক্ষাৰ লক্ষ্য এনে হোৱা উচিত যাতে শিক্ষা গ্ৰহণৰ অন্তত শ্ক্ষাৰ্থীয়ে লাভ কৰা জ্ঞানেৰে জীৱন নিৰ্বাহ সুচাৰুৰূপে কৰিব পাৰে । শিক্ষাৰ এটা বাস্তৱ আৰু প্ৰত্যেক্ষ প্ৰয়োজন অনুভৱ কৰা হয় । এই প্ৰয়োজন হৈছে ব্যক্তিক উৎপাদনমুখী আৰু স্বাৱলম্বী কৰি লতোলা ক্ষান কেৱল আধাযত্মিক আৰু সৌন্দৰ্যবোধক বিষয় বুলি নাভাবি ব্যৱহাৰিক আৰু উৎপাদনকাৰী বিষয় স্বৰূপেহে বিবেচনা কৰিব লাগে । শিক্ষাৰ আত্মিক প্ৰয়োজনতকৈও আজিৰ শিল্প আৰু বিজ্ঞানমুখী সমাজত অৰ্থনৈতিক প্ৰয়োজন বেছি । বৰ্তমানৰ এনেবিধ প্ৰয়োজন পূৰণ কৰা শিক্ষাই হৈছে বৃত্তিমূলক শিক্ষা ।
বৃত্তিমুখী লক্ষ্যৰ প্ৰয়োজনীয়তাঃ
১) বৃত্তিমুখী লক্ষ্যই এজন ব্যক্তিক স্বাৱলম্বী কৰি তোলে ।
২) নিম্নমানৰ বুদ্ধিৰ শিশুৰ বাবে ই বিশেষভাৱে উপযোগী ।
৩) দেশৰ উন্নতিৰ বাবে মানৱ সম্পদ ব্যৱহাৰ হোৱাৰ ক্ষেত্ৰত ই সহায়কাৰী ।
৪) বৃত্তিমুখী লক্ষ্যই সৎ আৰু উপযুক্ত নাগৰিক গঠনত সহায় কৰে ।
৫) এই লক্ষ্যই অৰ্থনৈতিক আৰু সামাজিক সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত সহায় কৰে ।
প্ৰশ্নঃ 9. শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য মানে কি ? শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্যৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা ।
উত্তৰঃ শিক্ষাৰ বিভিন্ন লক্ষ্যৰ ভিতৰত গণতান্ত্ৰিক লক্ষ্য হৈছে অন্যতম । গণতন্ত্ৰৰ ইংৰাজী প্ৰতিশব্দ হৈছে ‘ ’ । যাৰ অৰ্থ হৈছে জনসাধাৰণৰ ক্ষমতা অথবা ৰাইজৰ ক্ষমতা । শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্যই জনসাধাৰণৰ বিকাশ আৰু জনকল্যাণৰ ওপৰত গুৰুত্ব দিয়ে । গণতন্ত্ৰৰ মূল বৈশিষ্ট্য বা প্ৰমূল্যসমূহ হৈছে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, বিশ্বাস, চিন্তা তথা প্ৰকাশৰ ক্ষেত্ৰত স্বাধীনতা, সুযোগৰ ক্ষেত্ৰত সমতা, থাতৃত্ব ভাৱ, সহযোগিতামসূহক বসবাস, সহনশীলতা ইত্যাদি । এই সকলোবোৰ কাৰ্যকৰী কৰিবৰ বাবে শিক্ষাৰ প্ৰয়োজন আছে । গণতন্ত্ৰ শক্তিশালী আৰু ফলপ্ৰসূ বিধৰ কৰি তুলিবৰ বাবে শিক্ষাৰ কেতবোৰ স্পষ্ট লক্ষ্য উদ্দেশ্য প্ৰয়োজন হয় ।
গণতান্ত্ৰিক লক্ষ্যৰ বৈশিষ্ট্যসমূহ হ’লঃ
১) ব্যক্তিত্ব বিকাশঃ শিক্ষাৰ গণতান্ত্ৰিক দেশৰ সফলতা নিৰ্ভৰ কৰে ঘাইকে নেতাসকলৰ বলিষ্ঠ নেতৃত্বৰ পূৰ্ণবিকাশ ঘটোৱা । পাঠ্যক্ৰমত সু-চিন্তিতভাৱে এনেধৰণৰ বিষয় অন্তৰ্ভুক্ত কৰা উচিত যাৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ শাৰীৰিক, মানসিক, আৱেগিক আৰু বৌদ্ধিক বিকাশ সম্ভৱ হ’ব পাৰে।
২) নেতৃত্বৰ বিকাশঃ এখন গণতান্ত্ৰিকদেশৰ সফলতা নিৰ্ভৰ কৰে ঘাইকৈ নেতাসকলৰ বলিষ্ঠ নেতৃত্বৰ ওপৰত। দেশৰ সুযোগ্য নেতাৰ অভাৱ হ’লে দেশ কেতিয়াও উন্নতিৰ পথত আগবাঢ়িব নোৱাৰে । সেয়েহে গণতান্ত্ৰিক লক্ষ্যত শিক্ষাৰ্থীসকলক এনে ধৰণৰ শিক্ষা প্ৰদান কৰিব লাগে যাতে উপযুক্ত বয়সত তেওঁলোকে দেশখনৰ জনগণক নেতৃত্ব প্ৰদান কৰিব পাৰে ।
৩) নাগতিকত্বৰ বিকাশঃ গণতান্ত্ৰিক লক্ষ্যত সদায়েই শিক্ষাৰ্থীসকলক ভৱিষ্যতে এজন দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় । দায়িত্বশীল নাগৰিক গুণসমূহ যেনে-সহযোগিতা, সহিষ্ণুতা, দেশৰ আইন-কানুন আদি আয়ত্ব কৰাৰ ওপৰত প্ৰাধান্য দিয়া হয় ।
৪) বৃত্তিমূলক ক্ষমতা অয়ত্তকৰণঃ মুডালিয়াৰ আয়োগে বৃত্তিমূলক দক্ষতা লাভক গণতান্ত্ৰিক শিক্ষা ব্যৱস্থাৰ এক উল্লেখযোগ্য লক্ষ্য হিচাপে উল্লেখ কৰিছে । গণতান্ত্ৰিক দেশ এখনত শিক্ষাৰ্থীসকলৰ কৰ্মদক্ষতা বৃদ্ধি কৰি দেশৰ উৎপাদন বৃদ্ধিৰ বাবে দক্ষ ব্যক্তিৰ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় ।
৫) সুচৰিত্ৰ গঠনঃ গণতান্ত্ৰিক দেশ এখনৰ শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীসকলৰ নৈতিক চৰিত্ৰ গঠনৰ ওপৰত গুৰুত্ব দিয়া হয় । সেয়েহে সততা, ন্যায়, সহনশীলতা, সত্যবাদিতা, সহানুভুতি, পৰোপকাৰ আদি মানৱীয় গুমসমূহৰ বিকাশ আৰু গঠনৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজনীয় বিষয়ৰূপে বিবেচনা কৰা হয় ।
প্ৰশ্নঃ 10. শিক্ষাৰ সমাজকেন্দ্ৰিক আৰু ব্যক্তিকেন্দ্ৰিক লক্ষ্য এটা আনটোৰ পৰস্পৰ বিৰোধী নহয়, বৰং পৰিপূৰকহে কথাফাঁকিৰ তাৎপৰ্য ব্যাখ্যা কৰা ।
উত্তৰঃ ব্যক্তি আৰু সমাজ দুয়োটাৰ ওপৰত নিৰ্ভৰশীল । ব্যক্তিৰ উন্নতিৰ দ্বাৰা সমাজৰ বিকাশ হয় আৰু বিকশিত সমাজে ব্যক্তিৰ ওপৰত সন্তোষজনক প্ৰভাৱ পেলাব পাৰে । প্লেটোৰ মতে ব্যক্তিক স্বাধীনভাৱে নিজৰ ব্যক্তিত্বক বিকশিত কৰিবলৈ সুযোগ দিব পাৰে । প্লেটোৰ মতে ব্যক্তিক স্বাধীনভাৱে নিজৰ ব্যক্তিত্বক বিকশিত কৰিবলৈ সুযোগ দিব লাগে তেতিয়াহে সমাজে সেই ব্যক্তিৰ পৰা উপকাৰ লাভ কৰিব পাৰে ।
জন ডিউইৰ মতে প্ৰগতিশীল সমাজ গঠন কৰিবলৈ হ’লে মানুহক বৌদ্ধিক স্বাধীনতা দিয়া প্ৰয়োজন । মানুহে সমাজৰ পৰা উপকৃত হ’বৰ বাবে সমাজ গঠন কৰে । সেয়েহে ব্যক্তিস্বাৰ্থ পূৰ্ণৰ বাবে সমাজৰ উন্নতিৰ প্ৰয়োজন আৰু ইয়াৰ বাবে সকলো লোকৰে সহায় সহযোগিতাৰ প্ৰয়োজন ।
শিক্ষাৰ এই দুই লক্ষ্যত পৰস্পৰ বিৰোধী মতবাদ পৰিলক্ষিত হ’লেও দুয়োটাৰে মাজত বিশেষ কোনো প্ৰভেদ নাই । কাৰণ ব্যক্তি আৰু সমাজৰ মাজত বিশেষ নিবিড় সম্বন্ধ আছে । সেয়েহে এটাক বাদ দি আনটোক কথা ভাবিব নোৱাৰি । ব্যক্তিৰ সমষ্টিয়েই সমাজ । ব্যক্তিবাদী আৰু সমাজবাদী লক্ষ্য দেখাত বিপৰীতমুখী হ’লেও এই দুই লক্ষ্য বিপৰীত নহয় । বৰং এটা আনটোৰ পৰিপূৰকহে । ব্যক্তিবাদী লক্ষ্যই ব্যক্তিসত্বাৰ বিকাশত আৰু সমাজবাদী লক্ষ্যই ব্যক্তিৰ সামাজিক দক্ষতা বৃদ্ধিত গুৰুত্ব দিয়ে কিন্তু দুয়োটা লক্ষ্য বিশদভাৱে আলোচনা কৰিলে দেখা যায় যে, দুয়োটা লক্ষ্য ইটো-সিটোৰ পৰিপূৰকহে, বিৰোধী নহয় । কাৰণ ব্যক্তিৰ বিকাশ সামাজিক পৰিৱেশতহে সম্ভৱ হৈ উঠে । আৰু ব্যক্তি অবিহনে সমাজৰ উন্নতি আশা কৰিব নোৱাৰি । গতিকে এই দুই লক্ষ্য পৰস্পৰ বিৰোধী নহয় । এটা আনটোৰ পৰিপূৰৰ্কহে ।
প্ৰশ্নঃ 11. গণতান্ত্ৰিক দেশ এখনৰ শিক্ষাৰ লক্ষ্য বা উদ্দেশ্য কেনে ধৰণৰ হোৱা উচিত?
উত্তৰঃ ১) শিক্ষাৰ জৰিয়তে ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰা । শিক্ষাৰ্থী সকলৰ শাৰীৰিক, মানসিক, আবেগিক আৰু বৌদ্ধিক বিকাশ হোৱাকৈ পাঠ্যক্ৰমত বিষয় অন্তৰ্ভুক্ত কৰা উচিত ।
২) নাগৰিকক মাজত নেতৃত্বৰ বিকাশ সাধন আৰু এখন গণতান্ত্ৰিক দেশত নাগৰিকৰ সহযোগিতা, সামাজিক মনোভাৱ, অনেকক সহায় কৰাৰ ইচ্ছা, দেশপ্ৰেমৰ মনোভাৱৰ জৰিয়তে সামাজিক কামত অংশগ্ৰহণ কৰাত সুবিধা দিয়া । গণতান্ত্ৰিক লক্ষ্যত শিক্ষাৰ্থীসকলক এনে ধৰণৰ শিক্ষা প্ৰদান কৰিব লাগে যাতে উপযুক্ত বয়সত তেওঁলোকে দেশনৰ জনগণক নেতৃত্ব প্ৰদান কৰিব পাৰে ।
৩) শিক্ষাৰ জৰিয়তে গণতান্ত্ৰিক নাগতিৰত্বৰ গুণসমূহ যেনে দলীয় ৰীতি-নীতিৰ শৃংখলা মানি চলা, নিজৰ কৰ্তব্য আৰু অধিকাৰৰ প্ৰতি সচেতন হোৱা দেশপ্ৰেম, সহিষ্ণুতা ভাতৃত্ববোধ স্বাৰ্থ ত্যাগ, উদাৰ মনোভাৱ, সামাজিক সচেতনতা, কৰ্তব্যনিষ্ঠ, সহনশীলতা, কৰ্মদক্ষতা, শিষ্টাচাৰ আদি গুণৰ অধিকাৰী কৰি শিক্ষাৰ্থীক সু-নাগৰিক হিচাপে গঢ়ি তুলিব পাৰে ।
৪) গণতান্ত্ৰিক শিক্ষা ব্যৱস্থাৰ এক উল্লেখযোগ্য লক্ষ্য হৈছে শিক্ষাৰ্থীৰ বৃত্তিমূলক দক্ষতা লাভ । শিক্ষাৰ্থীসকলে বৃত্তিমূলক দক্ষতা লাভ কৰি দেশৰ অৰ্থনৈতিক উন্নতিত সহায় কৰিব লাগে ।
৫) ব্যক্তিৰ চৰিত্ৰ গঠনৰ কাৰণে সামাজিক, নৈতিক আৰু আধ্যাত্মিক মূল্যবোধ গঠন কৰাৰ চেষ্টা গণতান্ত্ৰিক শিক্ষা ব্যৱস্থাত থাকিব লাগে । সততা, ন্যায়, সত্যবাদিতা, পৰোপকাৰ, সহানুভুতি,সহনশীলতা আদি মানৱীয় গুণসমূহ বিকাশ ।
প্ৰশ্নঃ 12. তলত দিয়া উক্তিসমূহৰ ভাৱ বহলাই লিখাঃ
ক) আধুনিক শিক্ষা শিশুকেন্দ্ৰিকঃ
উত্তৰঃ শিক্ষাৰ্থীয়ে হ’ল শিক্ষাৰ মূল উপাদান । শিক্ষাৰ্থীৰ মানসিক আৰু আন্যান্য দাবী পূৰ্ণৰ কাৰণে শিক্ষা
ব্যৱস্থা কৰা হয় । পুৰণি শিক্ষা ব্যৱস্থাত শিশু আছিল বৃহত্তৰ পৰিধিত । কিন্তু বৰ্তমান শিশুৰ স্থান নিৰূপিত হৈছে বৃহত্তৰ কেন্দ্ৰত । আধুনিক শিক্ষাত শিশুৱেই হ’ল শিক্ষাৰ মুল উপাদান । সেই গতিকে বৰ্তমান শিক্ষাক শিশুকেন্দ্ৰিক শিক্ষা বুলি কোৱা হয় । নিম্নতম প্ৰাণীতকৈ দীঘলীয়া শৈশৱকাল এটিৰ অধিকাৰী মানৱ শিশুৱে আয়ত্ত কৰে আৰু নিজকে বিকাশ কৰিবলৈ সক্ষম হয় । শিক্ষা সম্পৰ্কে চিন্তাশীল মনীষী ।
খ) “জ্ঞান আহৰণেই শিক্ষাৰ লক্ষ্য”:
উত্তৰঃ প্ৰাচীন কাৰলে পৰা জ্ঞানমূলক উন্নয়নৰ আদৰ্শই শিক্ষা জগতত স্বীকৃতি পাই আহিছে । কাৰণ ঝানৰ পোহৰে যে মানৱ অজ্ঞান অন্ধকাৰ দূৰ কৰি মনৰ বিকাশ সাধন কৰে । জ্ঞানেই হ’ল শক্তি চিন্তা শক্তিৰ উৎকৰ্ষতাৰ কাৰণেও জ্ঞানৰ প্ৰয়োজন আছে । জ্ঞানৰ দ্বাৰা আমি বহ নজনা কথা জানিবলৈ আৰু নানা বিষয়ত দক্ষতা লাভ কৰিবলৈ সক্ষম হওঁ । কিন্তু অকল জ্ঞান আহৰণকে শিক্ষাৰ একমাত্ৰ লক্ষ্য বুলি গ্ৰহণ কৰিব নোৱাৰি ষ কাৰণ এজন মানুহৰ মানসিক বিকাশৰ যিদৰে প্ৰয়োজন ছে সেইদৰে তেওঁৰ অন্যান্য দিশৰ বিকাশৰো প্ৰয়োজন আছে । অকল পাঠ্যপুথিৰ পৰা আহৰণ কৰা জ্ঞানকে শিক্ষাৰ লক্ষ্য বুলি ধৰাটো ভুল হ’ব। বিশেষকৈ জীৱিকা নিৰ্বাহৰ বাবে শক্ষাৰ্থীক প্ৰস্তুত কৰি তোলাটোও শিক্ষাৰ এটি প্ৰধান লক্ষ্য । গতিকে জ্ঞানমূলক উদ্দেশ্যকে শিক্ষাৰ একমাত্ৰ উদ্দেশ্য বুলি গ্ৰহণ কৰিব নোৱাৰি ।
গ) সুনাগৰিক গঢ়ি তোলাৰ আদৰ্শই শিক্ষাৰ লক্ষ্যঃ
উত্তৰঃ সমাজ বিজ্ঞানৰ প্ৰসাৰৰ লগে লগে সুনাগৰিক গঢ়াৰ আদৰ্শ ই ক্ৰমাগত মানৱ সমাজত জনপ্ৰিয়তা লাভ কৰি আছে । এই লক্ষ্যত বিশ্বাসী সকলে কয় যে শিক্ষাৰ্খীক ভৱিষ্যতৰ সমাজৰ যোগ্য নাগৰিক কৰি তোলোটাৱেই হ’ল শিক্ষাৰ লক্ষ্য । বৰ্তমান পৃথিৱীত গণতন্ত্ৰই বিশেষ প্ৰসাৰ লাভ কৰিছে। গণতন্ত্ৰৰ সাফল্য সম্পূৰ্ণভাৱে নিপ্ভৰ কৰে ৰাষ্ট্ৰৰ সিযোগ নাগৰিকসকলৰ ওপৰত । বহুতো শিক্ষাবিদৰ মতে, শিক্ষা প্ৰক্ৰিয়াৰ প্ৰধান উদ্দেশ্য হ’ল বৰ্তমান অপৰিণত শিশুক ভৱিষ্যৎ ৰাষ্ট্ৰৰ অনুগত, বিশ্বাসী, সজ আৰু সাহসী নাগৰিক গঢ়ি তোলাটোৱেই । কিয়নো প্ৰতি নাগৰিকে যোগ্যতাৰ সৈতে নিজৰ কৰ্তব্য পালন কৰিলেহে এখন দেশৰ উন্নতি হ’ব লাগে ।
সুনাগৰিকক গঢ়ি তোলাৰ আদৰ্শটি নিঃসন্দেহে এটি উল্লেযোগ্য আদৰ্শ । কিন্তু এই লক্ষ্যত ব্যক্তিৰ ব্যক্তিগত প্ৰয়োজনসমূহ অস্বীকাৰ কৰা হৈছে আৰু ৰাষ্ট্ৰৰ প্ৰয়োজনৰ ওপৰতে সম্পূৰ্ণ গুৰুত্ব আৰোপিত হৈছে । গতিকে ই এটি সংকীৰ্ণ লক্ষ্য বুলি বহুতো শিক্ষাবিদে মত পোষণ কৰে ।
ঘ) শিক্ষা এটা জীৱন ব্যাপী প্ৰক্ৰিয়াঃ
উত্তৰঃ মানুহৰ জীৱনৰ গতিৰ লগে লগে শিক্ষা পদ্ধতিও আৰম্ভ হয় । জন ডিউইয়ে সেই কাৰণে শিক্ষাক জীৱনৰ প্ৰস্তুতি হিচাপে নলৈ ইয়াক জীৱন হিচাপে গ্ৰহণ কৰিছে । শিশুৰ শক্তি, ইচ্ছা আৰু প্ৰবৃত্তি আচৰণৰ মাজেৰেহে প্ৰকাশ পায় । শিশুৰ বিকাশৰ বাবে এই আচৰণসমূহৰ পৰিৱৰ্তন আৰু উন্নতি সাধন ইচ্ছাকৃতভাৱে কৰিব লাগে । শিশুৰ সম্পূৰ্ণ বিকাশ শাৰীৰিক, মানসিক, সামাজিক, আধ্যাত্মিক আৰু সহানুভূতিক দিশৰ আচৰণসমূহৰ উন্নতি সাধনৰ ওপৰতে নিৰ্ভৰ কৰে ।
গতিকে বহল অৰ্থত শিক্ষাক জন্মৰ পৰা মৃত্যুলৈ জীৱন প্ৰবাহৰ লগতে স্বাভাৱিকভাৱে অবিৰত আৰু সচেষ্টভাৱে চলা শিশুৰ আচৰণসমূহ পৰিৱৰ্তন আৰু সমৃদ্ধিকৰণৰ এক প্ৰচেষ্টা বুলি অবিহিত কৰিব পাৰি । মুঠতে শিক্ষা হ’ল নিচেই শৈশুৱ অৱস্থানৰ পৰা আমৰণ কাল চলি থকা প্ৰক্ৰিয়া যিহে মানুহক তাৰ সামাজিক নৈসৰ্গিক আৰু আধ্যাত্মিক পৰিৱেশৰ লগত খাপ খুৱাই চলিবলৈ সক্ষম কৰে ।
প্ৰশ্নঃ 13. শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্যৰ ওপৰত ভিত্তি কৰি প্ৰাথমিক শিক্ষাৰ লক্ষ্য কেনে হোৱা উচিত ?
উত্তৰঃ শিক্ষাৰ ক্ষেত্ৰত আমি শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য আৰু সমাজকেন্দ্ৰিক লক্ষ্য দুয়োটাৰে গুৰুত্ব উপলব্ধি কৰিব পাৰো । গণতান্ত্ৰিক ৰাষ্ট্ৰৰ শিক্ষাৰ লক্ষ্য নিৰ্ধানণ কৰাৰ ক্ষেত্ৰত সেয়ে দুয়োটা লক্ষ্যৰ ওপৰত দৃষ্টি ৰখাটো প্ৰয়োজন প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰিবলগীয়া লক্ষ্যবোৰ হ’ল –
১) প্ৰাথমিক পৰ্যায়ত প্ৰথম অৱস্থাত আখৰ চিনাকি আৰু পিছৰ অৱস্থাত ভাষা বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে ।
২) শিশুক প্ৰাকৃতিক আৰু সামাজিক পৰিৱেশৰ লগত নিজকে সমাযোজন কৰাৰ শিক্ষা প্ৰদান কৰিব লাগে ।
৩) উপযুক্ত ক্ৰিয়া অনুশীলনৰ সহায়ত দৈনন্দিন জীৱনৰ কেতবোৰ সজ অভ্যাস আৰু নৈতিক চৰিত্ৰ গঠনৰ চেষ্টা কৰিব লাগে ।
৪) নাচ-গান, নাটক-আবৃত্তি, চিত্ৰকলা-হাতৰ কাম আদিৰ প্ৰশিক্ষণ বিদ লাগে ।
৫) শিশুৰ ব্যক্তিগত আৰু সামাজিক সমস্যাসমূহ বুজি উঠিবৰ বাবে শিক্ষক-অভিভাৱকসকলৰ মাজত ঘনিষ্ঠ সম্পৰ্ক থাকিব লাগে ।
প্ৰশ্নঃ 14. শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক তথা সমাজকেন্দ্ৰিক গুৰুত্ব দি মাধ্যমিক লক্ষ্য কেনে হ’ব লাগে?
উত্তৰঃ শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক তথা সমাজকেন্দ্ৰিক ক্ষ্যৰ প্ৰতি গুৰুত্ব দি মাধ্যমিক শিক্ষাৰ লক্ষ্য তলত দিয়া ধৰণে হ’ব লাগে –
১) শিক্ষাৰ্থীসকলক বিভিন্ন বিষয়ৰ লগত পৰিচয় কৰি দি জ্ঞানৰ প্ৰতি আগ্ৰহ জন্মাই মনৰ প্ৰসাৰতা বৃদ্ধি কৰিব লাগে ।
২) শিক্ষাৰ্থীৰ দেহ-মানসিক, সামাজিক আৰু আনুভূতিক জীৱনৰ প্ৰতি শিক্ষেষ লক্ষ্য ৰাখি এই পৰ্যায়ৰ কাৰ্যসূচী যুগুত কৰিব লাগে ।
৩) শিক্ষাৰ্থীক প্ৰয়োজন অনুপাতে আত্মনিৰ্ভৰশীল হ’বলৈ বৃত্তিয় শিক্ষা প্ৰদান কৰিব লাগে ।
৪) সামাজিক প্ৰয়োজন আৰু ব্যক্তিগতভাৱে উচ্চ শিক্ষা গ্ৰহণৰ বাবে প্ৰস্তুত কৰি তুলিব লাগে।
৫) শিক্ষাৰ্থীৰ মানসিক আৰু বৌদ্ধিক প্ৰয়োজন পূৰণ কৰিবৰ বাবে এনে স্তৰত বিভাজিত পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে ।
প্ৰশ্নঃ 15. শিক্ষাৰ কেইটামান কাৰ্য উল্লেখ কৰা ।
উত্তৰঃ শিক্ষাৰ সততে চুকত পৰা কেইটামান বিশেষ কাৰ্য হ’ল-
১) শিক্ষাৰ প্ৰধান কাম হ’ল শিক্ষাৰ্থীক জ্ঞান প্ৰদান কৰা ।
২) শিক্ষাৰ অন্য অটা কাৰ্য হ’ল ব্যক্তি আৰু সমাজৰ মাজত যোগসূত্ৰ স্থাপন কৰা ।
৩) অন্য এটা কাৰ্য হ’ল সমাজৰ ৰীতি-নীতি, কলা-সংস্কৃতি আদি সংৰক্ষণ কৰা ।
৪) আন এটা কাৰ্য হ’ল শিশুৰ চিন্তা-যুক্তি, বুদ্ধি-বৃত্তি আদিৰ বিকাশ সাধন কৰা ।
৫) শিশুক পৰিৱেশৰ লগত সমাযোজন কৰাত শিক্ষাই বিশেষভাৱে সহায় কৰে ।
প্ৰশ্নঃ 16. ‘শিক্ষা বুদ্ধি আৰু বিকাশৰ এক প্ৰক্ৰিয়া’- ব্যাখ্যা কৰা ।
উত্তৰঃ শিক্ষা আৰু বিকাশ এটা আনটোৰ লগত ওতপ্ৰোতভাৱে জড়িত । শিক্ষাৰদ্বাৰাহে শিক্ষাৰ্থীৰ বুদ্ধি আৰু বিকাশ সম্ভৱ হৈ উঠে । শিক্ষাৰদ্বাৰা সংঘটিতহোৱা এনে বিকাশ কোনোদিনেই শেষ মোহোৱা এক চিৰন্তন গতি স্বৰূপ । শিক্ষাৰদ্বাৰা আমাৰ বিকাশ আৰু কৌশলগত উন্নতি সাধন হয়, কিন্তু ইয়াৰ শেষ সীমাত আমি কোনোদিনেই উপনীত হ’ব নোৱাৰো । ই আমাক উন্নতিৰ বৰ্ধমান স্তৰলৈ লৈ যায়, কিন্তু শীৰ্ষবিন্দুত কেতিয়াও স্থাপিত কৰিব নোৱাৰে । ক্ৰমগত উন্নতি আৰু গতিশীলতাই হৈছে ই ইয়াৰ প্ৰকৃত ৰূপ । শিক্ষাৰদ্বাৰা বিকাশৰ এই চিৰন্তম গতি শৈশৱৰ পৰা বাৰ্ধক্যলৈ জীৱনৰত অব্যাহত থাকে।
প্ৰতিটো শিশুৰ মাজত কেতবোৰ বিশ্বাসযোগ্য ক্ষমতা অন্তনিৰ্হিত হৈ থাকে । এনে ক্ষমতা নাথাকিলে কেৱল বাহ্যিকভাৱে শিক্ষাদানৰদ্বাৰা বিকাশ সম্ভৱ হৈ উঠিব নোৱাৰে । বিকাশৰ বাবে প্ৰয়োজন ব্যক্তিৰ নিজস্ব অন্তৰ্নিহিত বিশ্বাসযোগ্য ক্ষমতা বা শক্তি । যেনেদৰে শূন্যতাৰ পৰাও কোনো বিকাশ আশা কৰিব নোৱাৰি । শিক্ষা প্ৰক্ৰিয়াই শিশুক স্বাভাৱিকভাৱে বিকাশ আৰু বৰ্ধন কৰায় । আন্যান্য জীৱ-জন্তুৰ দৰেই শিশুৱেও বংশগত প্ৰভাৱত কেতবোৰ অধিৰাকী হৈ পৃথিৱীত ভূমিস্থ হয় । এই প্ৰবৃত্তিসমূহক শিশুৰ জন্মগত প্ৰবৃত্তি বুলি কোৱা হয় । শিক্ষা প্ৰক্ৰিয়াই শিশুৰ জন্মজ প্ৰবৃত্তি বা শক্তিক লাহে লাগে বিকাশৰ পথত আগুৱাই নিয়ে ।
প্ৰশ্নঃ 17. ‘শিক্ষাৰ কাম হ’ল সংৰক্ষণ আৰু সৰবৰাহ কৰা’ ব্যাখ্যা কৰা ।
উত্তৰঃ শিক্ষা হ’ল অভিজ্ঞতাৰ পুননিৰ্মান কৰা কাৰ্য । শিক্ষাৰদ্বাৰাই সমাজ এখনত প্ৰচলিত হৈ অহা পুৰণি পৰম্পৰা, আদৰ্শ, মূল্যবোধ তথা বহুমূলীয়া ৰীতি-নীতি আদি সংৰক্ষণ কৰা হয় । মানৱ জীৱন-যাপনৰ জীঘলীয়া ইতিহাস, ৰুচি-অভিৰুচি ইত্যাদি সংৰক্ষণ কৰা হয় । একেখন সমাজক সভ্যতা-সংস্কৃতিক ধৰি ৰখা আৰু তাৰ ধাৰাবাহিক প্ৰক্ৰিয়াসমূহক সংৰক্ষণ কৰাটোৱেই শিক্ষাৰ প্ৰধান কাৰ্য ।
আনহাতে, পুৰণি প্ৰজন্মৰ পৰা নতুন প্ৰজন্মলৈ সমাজৰ ঐতিহ্যসমূহ হস্তান্তৰ কৰাৰ ক্ষেত্ৰতো শিক্ষাই বিশেষ ভূমিকা পালন কৰি আহিছে । সমাজৰ পুৰণি ৰীতি-নীতি, পৰ্সপৰ, আদৰ্শ, মূল্যবোধ আদিৰ বিষয়ে নতুন প্ৰজন্মই জানিব পাৰিছে শিক্ষাৰ সহায়ত । গতিকে সমাজৰ এনেধৰণৰ পুৰণি ইতিহাস সৰবৰাহ কৰাটো শিক্ষাৰ এক মুখ্য কাৰ্য ।
প্ৰশ্নঃ 18. ব্যক্তিতান্ত্ৰিক শিক্ষা বুলিলে কি বুজা ?
উত্তৰঃ শিক্ষাৰ ব্যক্তিতান্ত্ৰিকলক্ষ্যৰ পৃষ্ঠপোষক হ’লে ইংলেণ্ডৰ চাৰ পাৰ্চি নান । তেওঁৰ মতে মানুহৰ ব্যক্তিগত স্বাধীন কৰ্মৰ বাহিৰে মনুষ্য জাতিত কোনো সুন্দৰ কথা প্ৰৱেশ কৰিব নোৱাৰে। ব্যক্তিসমূহৰ সাফল্যমণ্ডিত কৰি তুলিবলৈ হ’লে আমি নিৰ্ভৰ কৰিব লাগিব ব্যক্তিৰ শ্ৰেষ্ঠতম সম্ভাৱনাৰ উচ্চতম বিকাশপ ওপৰত । ব্যক্তিসকলৰ বিকাশ স্বাধীন কৰ্মৰ মাজেদিহে হয় ।
ব্যক্তিতান্ত্ৰিক শিক্ষাৰ লক্ষ্যৰ মূল কথা হ’ল ব্যক্তিৰ উপযুক্ত বিকাশ সাধন । এই লক্ষ্যৰ প্ৰকৃত উদ্দেশ্য সফল কৰাত ব্যক্তিসকলৰ নিজস্ব প্ৰচেষ্টাকো অতি প্ৰয়োজন বিখ্যাত মনীষী ৰুছোই কৈছে যে শিশুসকলে কোনো ব্যক্তি তথা সমাজৰ পৰা বাধা নোপোৱাকৈ প্ৰকৃতিৰ মাজত থাকি শিক্ষা লাভ কৰিব লাগে । প্ৰকৃতিবাদী দৰ্শনে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ বিকাশত অৰিহণা যোগাইছে ।
শিশুৰ বিকাশৰ ক্ষেত্ৰত মনোবিজ্ঞানী পেষ্টলজীয়ে নানা ধৰণৰ অধ্যয়ন কৰি মত পোষণ কৰিছিল যে মানুহৰ অস্তনিৰ্হিত শক্তিসমূহৰ স্বাভাৱিক সংগতিপূৰ্ণ আৰু প্ৰগতিশীল বিকাশেই হৈছে শিক্ষা । ইয়াৰ উপৰিও স্বাধীন ভাৰত প্ৰথম শিক্ষা আয়োগত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছে যে ‘ভাৰতীয় পৰম্পৰা অনুযায়ী শিক্ষাৰ লক্ষ্য চিন্তাৰ জগতত প্ৰকাশ কৰোৱা সত্যৰ অম্বেষণ আৰু গুণৰ অনুশীলনৰ জৰিয়তে’ মানুহৰ প্ৰিশোধন কৰা।
শিক্ষাৰ ব্যক্তিবাদ লক্ষ্যক অকল আধুন্ক যগৰ চিন্তাবিদসকলেই পোষকতা কৰা নাই । অতীতত প্ৰাচীন শিক্ষা ব্যৱস্থাতো ইয়াৰ গুৰুত্ব আছি । প্ৰাচীন গ্ৰীচ, ইউৰোপ আদি দেশ চিন্তাবিদসকলে বিশ্বাস কৰিছিল য়ে ব্যক্তিৰ ওপৰত আন একোৱে অগ্ৰাধিকাৰ পাব নোৱাৰে ।
প্ৰশ্নঃ 19. শিক্ষাৰ সামাজিক লক্ষ্যৰ সৱলতা আৰু দুৰ্বলতাবোৰ লিখা ।
উত্তৰঃ শিক্ষাৰ সামাজিক লক্ষ্যক সৱলতাঃ
১) সামাজিক লক্ষ্যই ব্যক্তিৰ বিকাশতকৈ সমাজৰ বিকাশৰ ওপৰত অধিক গুৰুত্ব দিয়ে । কিয়নো সামাজিক পৰিৱেশেহে মানুহৰ সহজাত ক্ষমতা আৰু সম্ভাৱলীয়তাসমূহ আৱিস্কাৰ কৰিব পাৰে ।
২) মানুহ সমাজপ্ৰিয় । সমাজক বাদ দি মানুহে নিজৰ বিকাশৰ কথা ভাবিব নোৱাৰে । সামাজিক লক্ষ্যই মানুহৰ সমাজমুখী স্বভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
শিক্ষাৰ সামাজিক লক্ষ্যৰ দুৰ্বলাঃ
১) সামাজিক লক্ষ্যই যোগ্যতা ক্ষেত্ৰত থকা ব্যক্তি পাৰ্থক্যক অৱহেলা কৰা দেখা যায় ।
২) শিক্ষাৰ সামাজিক লক্ষ্যৰ চৰম দৃষ্টিভংগীয়ে একনায়কত্ববাদৰ সৃষ্টি কৰি তোলে ।
প্ৰশ্নঃ 20. সামাজিক মূল্যবোধ বুলিলে কি বুজা ?
উত্তৰঃ মানুহৰ সামাজিক জীৱন প্ৰক্ৰিয়াত সামাজিক মূল্যবোধসমূহৰ গুৰুত্ব অপৰিসীম । সামাজিক মূল্যবোধবিলাকে আমাক সমাজৰ মানুহৰ লগত বন্ধুত্ব গঢ়ি তোলাৰ আনক ভাল পাবলৈ শিকায় । এই সামাজিক মূল্যবোধবিলাকৰ যোগেদি আমি পৰিয়াল তথা সমাজত সুস্থভাৱে বৰ্ত্তি থাকিব পাৰো । এইবিধ মূল্যবোধ মানুহে সমাজৰ মাজত আৰু সমাজৰ লোকৰ সংস্পৰ্শত অনুভৱ কৰি উঠে । সামাজিক মূল্যবোধসমূহ নৈতিক আৰু আধ্যত্মিক দিশৰ আধাৰত গঢ় লৈ উঠে । গতিকে প্ৰতিজন ব্যক্তিয়ে প্ৰথম অৱস্থাত নৈতিক আৰু আধ্যত্মিক মনোভাৱৰ বিকাশ সাধন কৰিব লাগিব আৰু তেতিয়াহে মনত সামাজিক মূল্যবোধ গঢ় দিবলৈ সক্ষম হ’ব ।
প্ৰশ্নঃ 21. নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰঃ বৰ্তমান আমাৰ শিক্ষা ব্যৱস্থা নৈতিক শিক্ষাৰ প্ৰয়োজন ব্যাপকভাৱে অনুভৱ কৰা হৈছে। নৱজাত এটি শিশুৰ স্বাভাৱিকতেই নৈতিকভাৱে চেতনহীন । আন জীৱৰদৰে এটি শিশুৰ আচৰণো হয় প্ৰবৃত্তি পৰিচালিত । ক্ৰমে সমাজৰ লোকৰ সংস্পৰ্শ আৰু পৰিস্থিতিৰ মুখামুখী হোৱাৰ লগে লগে সুখ-দুখৰ অনুভুতি আৰু অভিজ্ঞতাৰ যোগেদি সি নৈতিক চেতনা লাভ কৰি উঠে । সেয়ে ক’ব পাৰি যে শিশুৰ নৈতিকতা হৈছে এক শিক্ষাবদ্ধ অভিজ্ঞতা ।
নৈতিক শিক্ষাৰ মূল উদ্দেশ্য হৈছে ব্যক্তিৰ সহজাত জৈৱিক প্ৰবৃত্তি পৰিচালিত ‘আচৰণসমনূহ সংশোধন কৰি উচ্চমান বিশিষ্ট আদৰ্শ, মূল্যবোধ, মনোভাৱ আৰু মানৱীয় আনুভূতিসমূহ কিকশাই তোলা । এনে কাৰ্যৰ দ্বাৰা শিশুৰ চৰিত্ৰ গঠন, আৰু ব্যক্তিত্বৰ গুণ বিকশাই তুলিব পাৰি, সুস্থ সামাজিক আৰু নৈতিক জীৱনত সহায় কৰিব পাৰি । মানুহৰ সমগ্ৰ শিক্ষা ব্যৱস্থাটোৱে এনে নৈতিক শিক্ষা বিকাশৰ দ্বাৰা আনুভূতি-সিক্ত কৰি তোলাটো প্ৰয়োজন । সেয়ে ই হৈ নুঠিলে মানুহৰ দৈহিক মুখাভিমুখী প্ৰবৃত্তিমূলক প্ৰৱণতাই সমাজৰ আদৰ্শ জীৱন যাপন বাধা দি আহিব । বৰ্তমান বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ দিশত লাভ কৰা অগ্ৰগতিয়ে মানুহৰ মন বস্তুবাদী জগতৰ প্ৰতি অধিক আক্ৰষিত কৰি তুলিছে । ফলত তেওঁলোকৰ মনৰ মূল্যবোধ, মনোভাৱ আৰু মানৱীয় অনুভূতিসমূহৰ সুস্থ বিকাশত বাধাৰ সৃষ্টি হৈছে । তেওঁলোকৰ আচৰণত সুস্থ, সুন্দৰ, মাৰ্জিত আৰু ৰুচিপূৰ্ণ ভাব অনুভূতিবোৰৰ বিশেষ অভাৱ ঘটিছে । সেয়ে এই অভাৱসমূহৰ সামগ্ৰিক সাফল্য আশা কৰিব পাৰি শিক্ষাত নৈতিক শিক্ষা ব্যৱহাৰ কৰিছে । গতিকে বৰ্তমান শিক্ষাত নৈতিক শিক্ষাৰ প্ৰয়োজন আছে বুলি প্ৰায়বোৰ শিক্ষাবিদেই মত পোষণ কৰিছে ।
প্ৰশ্নঃ শিক্ষা কেই প্ৰকাৰ ? আনুষ্ঠানিক, অনানুষ্ঠানিক আৰু অনৌপচাৰিক শিক্ষাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ শিক্ষাবিদসকলে শিক্ষাক প্ৰধানকৈ তিনি প্ৰকাৰত ভাগ কৰিছে । যেনে- আনুষ্ঠানিক,
অনানুষ্ঠানিক আৰু অনৌপচাৰিক ।
আনুষ্ঠানিক শিক্ষাঃ সচেতন আৰু স্বছস্ফুৰ্ত পৰিকল্পনাৰে কোনো এটা নিৰ্দিষ্ট উদ্দেশ্যত উপনীত হোৱাৰ বাবে আমাৰ আচৰণসমূহৰ সংশোধন কৰা পদ্ধতিকেই আনুষ্ঠানিক শিক্ষা বোলে । এই ব্যৱস্থাত নিৰ্ধাৰিত সময়সূচী, নিয়ম প্ৰণালী, পাঠ্যক্ৰম পৰীক্ষা ব্যৱস্থা, অনুশাসন আদি প্ৰয়োগকৰা হয়। এই শিক্ষাৰ আৰম্ভণি আৰু পৰিসমাপ্তি থাকে । এই শিক্ষা ব্যৱস্থা বিভিন্ন স্তৰত নিয়ন্ত্ৰিত ।
ইয়াৰ ওপৰিও কোনো এক বিশেষ শ্ৰেণীত নিয়ম-শৃংখলাৰ মাজেৰে পোৱা শিক্ষাকো আনুষ্ঠানিক শিক্ষা বোলে । শিক্ষাৰ্থীয়ে এই শিক্ষাৰ দ্বাৰা বিশ্ববিদ্যালয়ৰ উপাধি, বিশ্ববিদ্যালয়ৰ প্ৰমাণ পত্ৰ, উপাধি পত্ৰ আদি লাভ কৰিবলৈ সক্ষম হয় ।
এই শিক্ষাৰমূল দিশসমূহ হ’ল-
১) ইয়াৰ পূৰ্ব পৰিকল্পিত লক্ষ্য থাকে ।
২) এই শিক্ষা নিৰ্দিষ্ট পাঠ্যক্ৰম থাকে ।
৩) এই শিক্ষা শিক্ষক নিয়ন্ত্ৰিত ।
৪) এই শিক্ষা সময়ভিত্তিক ।
৫) এই শিক্ষা পৰীক্ষাকেন্দ্ৰিক ।
৬) এই শিক্ষাই প্ৰমাণ পত্ৰ পৰ্দান কৰে ।
অনানুষ্ঠানিক শিক্ষাঃ যি শিক্ষা অনুষ্ঠানৰ চাৰিবেৰৰ বাহিৰত মানৱ শিক্ষাৰে পৰিয়ালৰ অন্য সদস্যসকলৰ লগত থাকি লাভ কৰে তাকেই অনানুষ্ঠানিক শিক্ষা বোলে । এই শিক্ষা ব্যৱস্থাত কোনো ধৰা বন্ধা কাৰ্যসূচী বা সময়ৰ তালিকা নাই ।সামাজিক জীৱনৰ বিভিন্ন প্ৰক্ৰিয়াৰ আৰু পৰোক্ষ শিক্ষা প্ৰতিষ্ঠানসমূহৰ পৰা এই শিক্ষা সম্পসাৰিত হৈ মানৱ শিক্ষাৰ ওপৰত প্ৰতিফলিত হয় । এই শিক্ষা ব্যৱস্থাত কোনো ধৰণৰ কৃত্ৰিম আহিলা-পাতিৰ আৱশ্যক নাই যিয়ে শিক্ষাৰ্থীক আগ্ৰহাম্বিত কৰিব । পৰিয়ালৰ, ৰেডিঅ’, টেলিভিছন, পথিভঁৰাল. ইন্টাৰনেট ইত্যাদি এই শিক্ষাৰ মাধ্যম । এই শিক্ষাৰ প্ৰধান দিশসমূহ হ’ল-
১) এই শিক্ষাপূৰ্ব পৰিকল্পিত নহয় ।
২) ই ঘটনাক্ৰমে সংঘটিত হয় ।
৩) ই জীৱন জোৰা প্ৰক্ৰিয়া ।
৪) এই শিক্ষাত নিৰ্দিষ্ট নাথাকে ।
৫) এই শিক্ষা শিক্ষাদানৰ পদ্ধতি নাই ।
৬) এই শিক্ষাত পদবী বা প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা নাই ।
৭) এই শিক্ষাত পৰীক্ষাৰ স্থান নাথাকে ।
অনৌপচাৰিক শিক্ষাঃ প্ৰয়োজন আৰু স্বতঃস্ফূৰ্তভাৱে নিজ আচৰণ সংশোধন কৰাকেই অনৌপচাৰিক শিক্ষা বোলে । এই শিক্ষাত কোনো পূৰ্বপৰিকল্পিত আণচনি নাই । কোনো বিশেষ অনুষ্ঠানৰ প্ৰয়োজন নহয় আৰু ইয়াৰ কোনো বিশেষ লক্ষ্য নাই । এই শিক্ষা ব্যৱস্থাৰ দ্বাৰা সসমাজৰ বিভিন্ন ব্যক্তিক বিবিধ কাৰ্যসূচীৰ সহায়ত সামাজিক জীৱনৰ কাৰণে প্ৰয়োজনীয় শিক্ষা জ্ঞান আৰু দক্ষতা দান কৰা হয় । গতিকে আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সমাজত বিভিন্ন বয়স আৰু শ্ৰেণীৰ লোকৰ বাবে ব্যৱস্থা কৰা পৰিকল্পিত শিক্ষাই হ’ল অনৌপচাৰিক শিক্ষা ব্যৱস্থা । এই শিক্ষা ব্যৱস্থাত কোনো পৰিকল্পিত পাঠদান বা পাঠ্যক্ৰম নাই। অনৌপচাৰিক শিক্ষা ব্যৱস্থাৰ কোনো সময়সীমা নাই বা প্ৰয়োজন নহয় ।
অনৌপচাৰিক শিক্ষাৰ মূল দিশবোৰ হ’ল-
১) মুক্ত শিক্ষা
২) ডাকযোগে শিক্ষা
৩) মুক্ত বিশ্ববিদ্যালয় ।
৪) যোগাযোগ পাঠ্যক্ৰম ।
৫) অভিৱৰ্তন, অনাতাঁৰ কাৰ্যসূচী, দূৰদৰ্শন কাৰ্যক্ৰম ইত্যাদি ।
প্ৰশ্নঃ 22. শিক্ষাৰ পৰিসৰৰ বিষয়ে বৰ্ণনা কৰা ।
উত্তৰঃ শিক্ষা হৈছে শিশুৰ সৰ্বাংগীণ বিকাশ পদ্ধতি । ইয়াৰ দ্বাৰা শিশুৰ দৈহিক, মানসিক, সামাজিক, নৈতিক আৰু আধ্যাত্মিক বিকাশ সাধন কৰা হয় ।
সাধাৰণতে সমগ্ৰ জীৱনটোৱেই শিক্ষাৰ পৰিসৰৰ ভিতৰত পৰে । কাৰণ শিক্ষা প্ৰক্ৰিয়াটো মানুহৰ জন্মৰ পৰাই আৰম্ভ হয় আৰু মৃত্যুলৈকে ই অহৰহভাৱে চলি থাকে । জন ডিউইয়ে শিক্ষাক সেয়েহে জীৱনজোৰা প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে ।
সামাজিক পৰিৱেশে ব্যক্তিক প্ৰভাৱাম্বিত কৰি জ্ঞান অভিজ্ঞতা অৰ্জনৰ প্ৰতি আগ্ৰহী কৰি তুলিছে । সমাজত থাকি নিজা সহজাত প্ৰবৃত্তিৰে আচৰণৰ পৰিৱৰ্তন কৰি ব্যক্তিয়ে আহৰণ কৰে । শিক্ষাৰ দ্বাৰাই ব্যক্তিৰ লগত পৰিৱেশৰ সামঞ্জস্য সাধন, ব্যক্তিৰ লগত ব্যক্তি আৰু সমাজৰ সম্পৰ্ক স্থাপন, ব্যক্তিৰ বহিঃ প্ৰকৃতি আৰু আন্তঃ প্ৰকৃতিৰ ভিতৰত সমন্বয় সাধন কৰিব পাৰি ।
ইয়াৰ উপৰি শিক্ষাৰ পৰিসৰ মূল্যবোধ, নৈতিকতা, স্বাদ, কৌশল, দৃষ্টিভংগী, আদিৰ দৰে দিশবোৰৰ লগত সম্বন্ধিত ইয়াৰ লগতে বিভিন্ন বিষয়কেই সামৰি লয় । এই বিষয়বোৰ হ’ল শিক্ষা দৰ্শন, শিক্ষা সমাজবিজ্ঞান, শিক্ষা মনোবিজ্ঞান, শিক্ষাৰ ইতিহাস, তুলনামূলক শিক্ষা, শিক্ষাৰ সমস্যাসমূহ, শিক্ষা প্ৰশাসন আৰু সংগঠন, শিক্ষা প্ৰযুক্তিবিদ্যা, শিক্ষাদানৰ কৌশল, শৈক্ষিক পৰিসংখ্যা বিজ্ঞান ইত্যাদি ।
শিক্ষা পদ্ধতিটোক এক দ্বিপাক্ষিক প্ৰক্ৰিয়া বুলিও কোৱা হয় । এই পদ্ধতিটো দুই ব্যক্তিৰ সমাযোজনৰ ফলত সম্ভৱ হয় । এই দুই ব্যক্তি হ’ল শিক্ষক আৰু শিক্ষাৰ্থী । শিক্ষকৰ ব্যক্তিত্বই শিক্ষাৰ্থীৰ ওপৰত প্ৰভাৱ পেলায় আৰু শিক্ষাৰ্থী ইয়াতে প্ৰভাৱাম্বিত হৈ নিজ চৰিত্ৰ গঠন কৰিবলৈ প্ৰস্তুত হয় । বিজ্ঞান আৰু শিল্পৰ উন্নয়নে সমাজত এক জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে । এই পৰিস্থিতিসমূহ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত পাঠ্যক্ৰমে এক গুৰুত্বপূৰ্ণ ।
উপৰোক্ত আলোচনাৰ পৰা এইটো স্পষ্ট হয় যে শিক্ষাৰ পৰিসৰ হ’ল সীমাহীন আৰু ই বহুত বহল আৰু দীঘল ।
প্ৰশ্নঃ 23. অনৌপচাৰিক শিক্ষা কি ? অনৌপচাৰিক শিক্ষাৰ মূল উদ্দেশ্যসমূহ আলোচনা কৰা ।
উত্তৰঃ প্ৰয়োজন আৰু স্বতঃস্ফূৰ্তভাৱে নিজ আচৰণৰ সংশোধন কৰাকেই অনৌপচাৰিক শিক্ষা বোলে । এই শিক্ষাত কোনো পূৰ্বপৰিকল্পিত আঁচনি নাই । কোনো বিশেষ ব্যৱস্থাৰ দ্বাৰা সমাজৰ বিভিন্ন ব্যক্তিৰ বিবিধ কাৰ্যসূচীৰ সহায়ত সামাজিক জীৱনৰ কাৰণে প্ৰয়োজনীয় শিক্ষা জ্ঞান আৰু দক্ষতা দান কৰা হয় । গতিকে আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সমাজত বিভিন্ন বয়স আৰু শ্ৰেণীৰ লোকৰ বাবে ব্যৱস্থা কৰা পৰিকল্পিত শিক্ষাই হ’ল অনৌপচাৰিক শিক্ষা ব্যৱস্থা । এই শিক্ষা ব্যৱস্থাত কোনো পৰিকল্পিত পাঠদান বা পাঠ্যক্ৰম নাণ । অনৌপচাৰিক শিক্ষা ব্যৱস্থাৰ কোনো সময়সীমা নাই বা প্ৰয়োজন নহয় ।
অনৌপচাৰিক শিক্ষাৰ মূল দিশবোৰ হ’ল-
১) মুক্ত শিক্ষা ।
২) ডাকযোগে শিক্ষা ।
৩) মুক্ত বিশ্ববিদ্যালয় ।
৪) যোগাযোগ পাঠ্যক্ৰম ।
৫) অভিৱৰ্তন, অনাতাঁৰ কাৰ্যসূচী, দূৰদৰ্শন কাৰ্যক্ৰম ইত্যাদি ।
অনৌপচাৰিক, শিক্ষা হ’ল বিদ্যালয় এৰি যোৱাসকলৰ বাবে, নিয়োজিত বা কৰ্মৰত ব্যক্তিৰ বাবে, গৃহিনীৰ বাবে, অৱসৰ পোৱাসকলৰ বাবে আৰু যিবিলাকে খবৰ, জ্ঞান বা প্ৰশিক্ষণ পদবী বা প্ৰমাণপত্ৰ নোলোৱাকৈ পাবলৈ বিতাৰে তেওঁলোকৰ বাবে ।
অনৌপচাৰিক শিক্ষাৰ মূল উদ্দেশ্যসমূহ হ’ল-
১) সৰ্বজনীন শিক্ষাৰ প্ৰসাৰ ঘটোৱা ।
২) অনুষ্ঠানিক শিক্ষাৰ বাহিৰত থকা দুখীয়া, অনগ্ৰৰ আৰু বঞ্চিতজনৰ বাবে শিক্ষাৰ ব্যৱস্থা কৰা।
৩) উত্পাদনমুখী আৰু কৰ্মমুখী শিক্ষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰা ।
৪) সামাজিক চেতনা, নাগৰিকত্ববোধ আৰু পৰিৱেশ সচেতনতা বৃদ্ধি কৰা ।
৫) জাতীয় উন্নয়নমূলক কাৰ্য আৰু আণচনিৰ লগত এনে শিক্ষাৰ সংযোগ ঘটোৱা ।
৬) এনে শিক্ষাৰ দ্বাৰা নতুন এদল নেতৃত্ব দান কৰিব পৰা লোকক শিক্ষা আৰু প্ৰশিক্ষণ দান কৰা ।
৭) পাঠ্যক্ৰমত ক্ৰীডামূলক কাৰ্যক্ৰম অন্তৰ্ভুক্ত কৰি আনন্দদায়ক অভিজ্ঞতা দান কৰা ।
৮) শিক্ষাৰ্থীক ভাষা জ্ঞান, সংখ্যাৰ জ্ঞান, পৰিৱেশ অধ্যয়ন সহজ বিজ্ঞানৰ বিষয়ে অৱগত কৰোৱা ।
৯) ৰাষ্ট্ৰীয় বিকাশত অৰিহণা যোগাব পৰাকৈ উপযুক্ত শিক্ষাদান কৰা ।
১০) নিম্ন আৰ্থ-সামাজিক গোটৰ ব্যক্তিৰ বাবে সাধাৰণ শিক্ষা প্ৰদান কৰাৰ লগতে শিক্ষা আধাৰুৱা হৈ থকা সকলক আনুষ্ঠানিক শিক্ষাৰ ওচৰ চপাই অনা ।
প্ৰশ্নঃ 24. শিক্ষাৰ সংকীৰ্ণ বা ঠেক আৰু বহল বা ব্যপক অৰ্থৰ বিষয়ে লিখা ।
উত্তৰঃ শিক্ষাৰ অৰ্থ সম্পৰ্কত বিভিন্ন শিক্ষাবিদে আগবঢোৱা সংজ্ঞাসমূহৰ আলোচনাৰ পৰা আমি প্ৰধানকৈ শিক্ষাৰ দুটা অৰ্থ দেখিবলৈ পাওঁ । এই দুটা হ’ল সংকীৰ্ণ আৰু বহল অৰ্থ ।
শিক্ষাৰ সংকীৰ্ণ বা ঠেক অৰ্থঃ সংকীৰ্ণ বা ঠেক অৰ্থত শিক্ষা হৈছে, নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্য আগত ৰাখি পূৰ্ব পৰিকল্পিত, নিৰ্দিষ্ট সময় সাপেক্ষে আৰু নিৰ্ধাৰিত পাঠ্যক্ৰমৰ জৰিয়তে কোনো শিক্ষানুষ্ঠানত লাভ কৰা জ্ঞান আৰু কৌশল । এটি শিশুয়ে বিদ্যালয়ত ভৰিত হোৱাৰ লগে লগে আৰম্ভণি হৈ কোনো এটি পৰ্যায়ত শিক্ষানুষ্ঠান এৰাৰ লগে লগে শিক্ষাৰ অন্ত পৰে । সেই অৰ্থত শিক্ষাই নিৰ্ধাৰিত সময়ত কেৱল নিৰ্দ্ধাৰিত কিছু বিষয়ৰ ওপৰত জ্ঞান আহৰণৰ ওপৰতে গুৰুত্ব দিয়ে । সংকীৰ্ণ অৰ্থত শিক্ষা হ’ল নিৰ্দ্ধাৰিত সময়ত স্কুল কলেজৰ চাৰিবেৰৰ মাজত নিৰ্দিষ্ট পাঠ্যক্ৰম অনুসৰি লাভ কৰা জ্ঞান বা বিদ্যা ।
মেকেঞ্জিৰ মতে, “সংকীৰ্ণ অৰ্থত শিক্ষা হ’ল আমাৰ ক্ষমতাৰ বিকাশত আৰু অনুশীলন পাঠ্যক্ৰমৰ প্ৰয়োজনীয় জ্ঞান নিৰ্দ্ধাৰিত নীতি-নিয়মৰ মাজেৰে দি তেওঁলোকৰ আচৰণৰ বাঞ্চিত পৰিৱৰ্তন সাধন কৰাটোৱে হ’ল সংকীৰ্ণ দৃষ্টিকোণৰ পৰা শিক্ষাৰ প্ৰধান কাম ।
গতিকে ওপৰৰ আচোলনাৰ পৰা আমি সংকীৰ্ণ অৰ্থত শিক্ষাৰ তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহ দেখিবলৈ পাওঁ –
১) সংকীৰ্ণ অৰ্থত শিক্ষা হ’ল বিদ্যালয় আৰু অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানে প্ৰদান কৰা শিক্ষা নিৰ্দেশনা ।
২) সংকীৰ্ণ অৰ্থত শিক্ষা পূৰ্ব পৰিকল্পিত আৰু সু-পৰিচালিত ব্যৱস্থা ।
৩) সংকীৰ্ণ অৰ্থত শিক্ষা সামাজিকভাৱে স্বীকৃত ।
৪) নিৰ্দিষ্ট-স্থান, কাল আৰু সীমিত পাঠ্যক্ৰমৰ জৰিয়তে এই শিক্ষা দিয়া হয় ।
৫) সংকীৰ্ণ অৰ্থৰ শিক্ষা হ’ল আনুষ্ঠানিক ।
৬) ইয়াত ডিগ্ৰী, ডিপ্লমা আৰু চাৰ্টিপিকেট আদি দিয়াৰ ব্যৱস্থা আছে ।
শিক্ষাৰ ব্যপক বা বহল অৰ্থঃ বহল অৰ্থত শিক্ষা কেৱল বিদ্যালয়ৰ চাৰিবেৰৰ মাজতে আৱদ্ধ নহয় । বহল অৰ্থত শিক্ষা হ’ল এক জীৱনব্যপী চলা প্ৰক্ৰিয়া । মানুহে পৃথিৱীত জন্ম লাভ কৰাৰ দিনৰপৰা এই বহল অৰ্থৰ শিক্ষা আৰম্ভ হয় আৰু জীৱনৰ শেষ দিনটোলৈকে ই নিৰবিচ্ছিন্নভাৱে চলি থাকে । বহল অৰ্থত শৰীৰ, মন আৰু আত্মাৰ বিকাশ সাধনৰ বাবে মানুহৰ যি প্ৰচেষ্টা য়েনে শিক্ষা শিক্ষাবিদ জন, ডিউইৰ মতে, “পৰিৱেশৰ লগত হোৱা ক্ৰিয়া-প্ৰক্ৰিয়াৰ ফলত মানুহৰ অভিজ্ঞতাৰ যি ধাৰাবাহিক নৱোভ্যুদয় হয় সেয়ে শিক্ষা “সেয়ে এজন লোক নিৰক্ষৰ হ’লেও অশিক্ষিত নহয় । ডামভিলে কৈছিল “নিচে ই কেঁচুৱা অৱস্থাৰ পৰা মৃত্যুকাললৈকে ব্যক্তিৰ ওপৰত প্ৰভাৱ পেলোৱা সমস্ত অভিজ্ঞতাই শিক্ষাৰ অন্তৰ্ভুক্ত ।”
বহল অৰ্থত আমি তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহ দেখিবলৈ পাওঁ-
১) বহল অৰ্থত শিক্ষা হ’ল এক জীৱনযোৰা প্ৰক্ৰিয়া ।
২) আনুষ্ঠানিক পৰিসীমাৰ ভিতৰত এই শিক্ষা আৱদ্ধ নহয় ।
৩) বহল অৰ্থত এজন ব্যক্তিৰ জীৱনৰ সকলো অভিজ্ঞতাই শিক্ষাৰ অন্তৰ্ভুক্ত ।
৪) বহল অৰ্থত শিক্ষাই জীৱন আৰু জীৱনেই শিক্ষা ।
৫) বহল অৰ্থৰ শিক্ষাই নতুন পৰিস্থিতিৰ সমস্যা সমাধানৰ শক্তি দান কৰে ।
৬) শিক্ষা হ’ল এক সামাজিক প্ৰক্ৰিয়া ।
৭) শিক্ষাই ব্যক্তি আৰু সমাজউভয়ৰে কল্যাণ সাধন কৰে ।
প্ৰশ্নঃ 25. শিক্ষাৰ কেইটিমান গুৰুত্বপূৰ্ণ লক্ষ্যৰ বিষয়ে আলোচনা কৰা । ব্যক্তিৰ বিকাশ আৰু সমাজৰ কল্যাণ সাধনৰ বাবে শিক্ষাৰ কোনটো লক্ষ্যক তুমি প্ৰধান্য দিবা ?
উত্তৰঃ শিক্ষাৰ কেইটিমান গুৰুত্বপূৰ্ণ লক্ষ্য হ’ল-
ক) ব্যক্তিতান্ত্ৰিক লক্ষ্য ।
খ) সমাজতান্ত্ৰিক লক্ষ্য ।
গ) মুক্তিবাদী শিক্ষাৰ লক্ষ্য ।
ঘ) শিক্ষাৰ বৃত্তিমুখী লক্ষ্য ।
ঙ) গণতন্ত্ৰত শিক্ষাৰ লক্ষ্য ।
এই প্ৰধান শিক্ষাৰ লক্ষ্যকেইটা তলত আলোচনা কৰা হ’ল ।
ক) ব্যক্তিতান্ত্ৰিক লক্ষ্যঃ শিক্ষাৰ ব্যক্তিবাদৰ ধাৰণাটোক প্ৰথমতে সমৰ্থন কৰিছিল ইংলেণ্ডৰ বিখ্যাত শিক্ষাবিদ চাৰ পাৰ্চি নানে । তেওঁৰ মতে, ব্যক্তি সমবহৰ প্ৰয়োজন অনুসৰিহে সমাজখন গঢি উঠে । সমাজ গঢিবলৈ হ’লে প্ৰথমতে ব্যক্তি গঢ় লৈ উঠিব লাগিব । চাৰ পাৰ্চিনানে কৈছিল- পৃথিৱীত সকলো ভাল কাম পুৰুষ-মহিলাৰ স্বাধীনচিতীয়া কাৰ্যৰ বাহিৰে অন্য কাৰণত সংঘটিত হোৱা নাই আৰু সেইবোৰৰ শিক্ষা ব্যৱস্থা নিৰ্ধাৰণৰ বেলিকা এই সত্যৰ দ্বাৰা পৰিচালিত হোৱা উচিত । এখন শিক্ষাৰ আঁচনি সাফল্যমণ্ডিত কৰি তুলিবলৈ হ’লে আমি নিৰ্ভৰ কৰিব লাগিব ব্যক্তিৰ শ্ৰেষ্ঠমত সম্ভাৱনাৰ উচ্চতম বিকাশৰ ওপৰত । ব্যক্তিৰ বিকাশৰ বাবে পূৰ্ণ স্বাধীনতা প্য়োগ কৰা উচিত । স্বাধীনতা অবিহনে ব্যক্তিৰ বিকাশ সম্ভৱ নহয় ।
শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ অন্যান্য সমৰ্থক হ’ল হাৰৰ্বাট স্পেনচাৰ, পেষ্টালজী, ৰুছ’ ইত্যাদি । স্পেনচাৰৰ মতে, ব্যক্তিৰ অস্তিত্ব সমাজৰ অতিত্বতকৈ অধিক শক্তিশালী আৰু প্ৰভাৱশালী । তেওঁ আৰু কৈছিল যে শিক্ষাৰ সকলোবেৰ প্ৰচেষ্টা ব্যক্তিমুখী হোৱাটো প্ৰয়োজন ।
খ) সমাজতান্ত্ৰিক লক্ষ্যঃ ই সমাজতান্ত্ৰিক শিক্ষাৰ লক্ষ্য়ৰ প্ৰধান পৃষ্ঠপোষক হ’ল জন ডিউই । তেওঁৰ মতে, শিশুসকলক পূৰ্ণ বিকশিত কৰিবলৈ হ’লে সমাজতান্ত্ৰিক ধাৰণাৰ মাধ্যমেৰে বিকশিত কৰিব লাগিব । থেওঁ আৰু কয় যে শিক্ষা এক জীৱনজোৰা । তেওঁ শিক্ষাৰ সামাজিক উদ্দেশ্যৰ ওফৰত বিশেষ গুৰুত্ব দি কৈছিল, সামাজিক পৰিৱেশৰ মাজত থাকি এটা শিশুৱে আদান-প্ৰদান আৰু ক্ৰিয়া-প্ৰক্ৰিয়াৰ মাধ্যমত ভাষা, আচাৰ-ব্যৱহাৰ, আদৰ্শ, নীতি-নিয়ম আদি গ্ৰহণ কৰে । গতিকে ব্যক্তিৰ বিকাশতকৈ সমাজৰ বিকাশ অধিক গুৰুত্বপূৰ্ণ ।সমাজৰ উন্নতি হ’লেহে ব্যক্তিৰ উন্নতি হ’ব ।
গতিকে শিক্ষাৰ সমাজতান্ত্ৰিকলক্ষ্য মানে ব্যক্তিয়ে সামাজিক যোগ্যতা লাভকৰা । সামাজিক যোগ্যতা থকা এজন ব্যক্তিৰ নাগৰিক সচেতনতা, অৰ্থনৈতিক আত্মনিৰ্ভশীলতা আৰু নৈতিক মান বিশিষ্টতা আদি গুণ থাকিব লাগে । শিক্ষাৰ লক্ষ্যই ব্যক্তিৰ এনেবোৰ সমাজিক গুণযোগ্যতা লাভ কৰাত সহায় কৰিব লাগে । এয়ে হৈছে শিক্ষাৰ সমাজতান্ত্ৰিক লক্ষ্য ।
গ) মুক্তিবাদী শিক্ষাৰ লক্ষ্যঃ শিক্ষাৰ এটা পুৰণি লক্ষ্য হৈছে মানুহৰ মনক বন্ধন বা সীমাবদ্ধতাৰ পৰা মুক্ত কৰা । শিক্ষাৰ এই ধাৰণা প্লেটো, এৰিষ্টটল আদি প্ৰাচীন দাৰ্শনিকসকলৰ চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱিত। তেওঁসোকৰ মতে মানুহ পশুৰ পৰা বেলেগ কৰিবলৈ আৰু মনৰ লগতে আত্মাক শৰীৰৰ পৰা উচ্চ স্তৰলৈ তুলিবলৈ, মানুহক উচ্চ আধ্যত্মিক আৰু চিন্তা জগতলৈ লৈ যাব লাগে। কেৱল বৌদ্ধিক কাৰ্যৱলী আৰু সৃজনী শক্তিৰ দ্বাৰাহে আত্মা আৰু মনক উন্নত কৰি উচ্চ স্তৰলৈ লৈ যাব পাৰি। শৰীৰ হ’ল মনৰ দাস শৰীৰ বন্ধনৰ পৰা মনক মুক্ত কৰিবলৈ হ’লে আৰু মানসিক শক্তিসমূহৰ উত্কৰ্ষ সাধন কৰি তুলিবলৈ কেতবোৰ বিশেষ বিশেষ বিষয় অধ্য়নৰ ব্যৱস্থা কৰিব লাগে । গতিকে যি শিক্ষাৰ দ্বাৰাই মন আৰু আত্মাক শৰীৰতকৈ অধিক গুৰুত্ব দি আধ্যাত্মিক আৰু বৌদ্ধিক কামৰ মাজেৰে মানুহৰ উন্নতি সাধন কৰিব পাৰি তাকে শিক্ষাৰ মুক্তিবাদী লক্ষ্য বোলা হয় ।
ঘ) শিক্ষাৰ বৃত্তিমুখী লক্ষ্যঃ শিক্ষাৰ বৃত্তিমুখীলক্ষ্যক জীৱিকা নিৰ্বাহ লক্ষ্য বুলিও কোৱা হয় । শিক্ষাৰ দ্বাৰা মানুহৰ জীৱিকা নিৰ্বাহ হোৱাৰ ক্ষেত্ৰত সহায় হ’ব লাগিব । ইয়াৰ বাবে শিক্ষা ব্যৱস্থা বৃত্তিমুখী শিক্ষাৰ অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজন বৃত্তিমূলক শিক্ষাই কোনো এজন মানুহক কেৱল উপাৰ্জনক্ষম কৰাৰ বাবে বৃত্তি শিক্ষা প্ৰদান কৰাটো নুহুজায় । ই মানুহৰ শৰীৰৰ অংগ-প্ৰত্যগৰ পৰিচালনা আৰু সমন্বয় সৃষ্টিৰ কথাও বুজায় । বৃত্তিমুখীশিক্ষাৰ মাজেৰে ভৱিষ্যতত নাগৰিকে সমাজৰ উন্নতিৰ বাবে কাম কৰিব পাৰে । ৰাষ্ট্ৰৰ উত্পাদন শক্তি বঢাবলৈ আৰু অৰ্থনৈতিক অৱস্থা সমৃদ্ধ কৰিবলৈ বৃত্তিমুখী শিক্ষাৰ প্ৰয়োজন অতিকৈ বেছি ।
ভাৰবৰ্ষৰ দৰে গণতান্ত্ৰিক দেশ এখনত বৃত্তিমূলক শিক্ষাৰ লক্ষ্যই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে । কাৰণ এই শিক্ষাৰ দ্বাৰা বৃত্তিমূলক দক্ষতাৰ বৃদ্ধি কৰি দেশৰ সমৃদ্ধি সম্ভৱ কৰি তুলিব পাৰি ।
ঙ) গণতন্ত্ৰত শিক্ষাৰ লক্ষ্যঃ এখন কল্যাণকামী ৰাষ্ট্ৰৰ প্ৰধান উদ্দেশ্য ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰস্তত কৰি তোলাটো হ’ব লাগে । জনসাধাৰণৰ কল্যাণকামী ৰাষ্ট্ৰই সমাজৰ উচ্চ-নীচ, ধনী-দুখীয়া আদি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণী লোকৰ সমানে শিক্ষা বিকাশ সম্ভৱ কৰি তুলিব লাগে । এখন গনতান্ত্ৰিক দেশৰ শিক্ষা ব্যৱস্থাও গণতান্ত্ৰিক শিক্ষা, নীতিৰ ওপৰত প্ৰতিষ্ঠিত হোৱা উচিত । এই ক্ষেত্ৰত নিম্নলিখিত দিশসমূহ গুত্বপূৰ্ণ-
অৰ্থনৈতিক উত্পাদনশীলঃ গণন্ত্ৰ সাৰ্থক কৰি তুলিবলৈ হ’লে দেশৰ প্ৰতিজন লোককেই অৰ্থনৈতিকভাৱে সক্ষম আৰু উত্পাদনশীল কৰি তুলিব লাগে । সৰ্বসাধাৰণ লোকৰ অন্ন-বস্ত্ৰৰ প্ৰয়োজন পূৰণ কৰিবলৈ দেশৰ শিক্ষানীতি আৰু পদ্ধতি সক্ষম হোৱা উচিত ।
সু-নাগৰিকতাৰ শিক্ষাঃ গণন্ত্ৰ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ প্ৰতিজন লোকেই গণতান্ত্ৰিক আদৰ্শ আৰু ইয়াৰ প্ৰক্ৰিয়াসমূহ মানি চালিব লাগে । গণতান্ত্ৰিক ৰাষ্ট্ৰৰ প্ৰতিজন নাগৰিকৰ মনত সহিষ্ণুতা, সহযোগিতা আৰু ভ্ৰাতৃত্বৰ মনোভাৱ বিকাশ কৰিব লাগিব ।
নেতৃত্বৰ শিক্ষাঃ গণন্ত্ৰৰ শিক্ষাই দেশৰ উঠি অহা নাগৰিকসকলৰ ব্যক্তিত্বত প্ৰয়োজনীয় গুণসমূহো বিকশাই তুলিব লাগে ।
সমতা আৰু সামাজিক ন্যায়ঃ এখন গণতান্ত্ৰিক দেশৰ প্ৰধান নীতি হৈছে সমাজৰ ক্ষেত্ৰত ন্যায় বিচাৰ লাভ কৰা । কাৰণ সমাজৰ দুৰ্বল আৰু পিছ পৰি থকা শ্ৰেণীৰ লোকে গণতন্ত্ৰৰ আদৰ্শৰ যোগেদিহে নিজৰ অৱস্থা উন্নতমানৰ কৰি তুলিব পাৰে । গতিকে গণতন্ত্ৰৰ নাগৰিকসকলে স্বাধীনভাৱে নিজৰ ৰুচি-অভিৰুচি অনুযায়ী শিক্ষা লাভৰ সুবিধা পাব লাগিব ।
ব্যক্তিৰ বিকাশ আৰু সমাজৰ কল্যাণ সাধনৰ বাবে শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্যকেই প্ৰাধান্য দিব পাৰি । কাৰণ ব্যক্তিতান্ত্ৰিক লক্ষ্য বা সমাজতান্ত্ৰিক লক্ষ্যই কেৱল মাত্ৰ ব্যক্তিৰ বিকাশ বা সমাজৰ বিকাশৰ কথাত গুৰুত্ব দিয়ে । কিন্তু গণতান্ত্ৰিক আদৰ্শৰ ওপৰত প্ৰতিষ্টিত নীতিসমূহে আৰোপ কৰা দেখা যায় । গতিকে এই ক্ষেত্ৰত গণতান্ত্ৰিক শিক্ষাৰ লক্ষ্য অধিক উপযোগী ।
প্ৰশ্নঃ 26. শিক্ষাত লক্ষ্যসমূহৰ প্ৰয়োজনীয়তা কি কি ? বৰ্তমান পৰিস্থিতিত শিক্ষাৰ লক্ষ্য কি হোৱা উচিত ?
উত্তৰঃ শিক্ষাবিদ নানৰ মতে সকলো কলৰে এটা লক্ষ্য থাকে । শিক্ষাও এটা কলা, সেয়ে শিক্ষাৰ এটা লক্ষ্য থকা উচিত । কোনো আঁচনি প্ৰস্তুত কৰাৰ আগতে এটা নিৰ্দিষ্ট আৰু সুনিৰ্দিষ্ট লক্ষ্য় নিৰ্ণয় কৰি আগবাঢ়িব পাৰিলে সেই আঁচনি কাৰ্যকাৰী হোৱাৰ সম্ভাৱনা থাকে । শিক্ষাৰ ক্ষেত্ৰটো এই একে কথাকে প্ৰযোজ্য হয় । সুনিচিত লক্ষ্য়ই শিক্ষাৰ নানা ভূল-ভ্ৰান্তি আঁতৰাই আৰু ভৱিষ্যত কাৰ্য পদ্ধতি নিৰ্ণয় কৰে । শিক্ষাত লক্ষ্যৰ প্ৰয়োজনীয়তাৰ কথাতো শিক্ষাবিদ আৰু তিন্তাবিদসকলৰ মাজত কোনো মতবিৰোধ নাই । সাধাৰণভাৱে ক’বলৈ গ’লে শিক্ষাত লক্ষ্য়ৰ প্ৰয়োজনীয়তা সম্পৰ্কত তলত উল্লেখ কৰা দিশকেইটা বিশেষভাৱে উল্লেখযোগ্য ।
ক) পাঠ্য়ক্ৰম প্ৰস্তুতি, শিক্ষাদান পদ্ধতি, শিক্ষণীয় সামগ্ৰী, পৰীক্ষা ব্যৱস্থা আদি স্থিৰ কৰিবৰ বাবেও শিক্ষাত লক্ষ্যৰ অৱশ্য়েক । অৰ্থাত্ শিক্ষাৰ কৰ্ম আঁচনি যুগুত কৰিবলৈ শিক্ষাত লক্ষ্যৰ প্ৰয়োজন ।
খ) কোনো এটা শৈক্ষিক কাৰ্য্য়ৰ নিৰ্ভুল অগ্ৰগতি সম্বন্ধে জানি উঠিবলৈ শিক্ষাত লক্ষ্যৰ প্ৰয়োজন ।
গ) শিক্ষাৰ্থীৰ ব্যক্তিগত ক্ষমতা, যোগ্যতাসমূহৰ বিকাশৰ বাবেও শিক্ষাত লক্ষ্যৰ প্ৰয়োজন ।
ঘ) এখন দেশৰ সামূহিক বিকাশৰ বাবে শিক্ষাত লক্ষ্যত আৱশ্য়েক হয় ।
শিক্ষাবিদ সকলে শিক্ষাৰ লক্ষ্য় সম্পৰ্কত বহুতো মতামত আগবঢ়াইছে । শিক্ষাৰ লক্ষ্য় বিভিন্ন হ’লেও এটা কথাত কাৰো দ্বিমত নাই যে সমাজৰ, দেশৰ আৰু জাতিৰ সামগ্ৰিক উন্নতিৰ বাবে শিক্ষাৰ নিৰ্দিষ্ট লক্ষ্য থকাটো বাঞ্চনীয় ।
ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ । এখন দেশৰ কৃতকাৰ্য্য়তা নিৰ্ভৰ কৰে সেই দেশখনত বসবাস কৰা জনসাধাৰণৰ স্মামূহিক বিকাশৰ ওপৰত । কেৱল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি হ’লেই দেশ এখন সঁচা অৰ্থত বিকাশশীল নহয় । দেশখনে উন্নতিৰ চূডান্ত শিখৰত আৰোহণ কৰিবলৈ হ’লে ইয়াত বাস কৰা জনগণ সামাজিক, মানসিক, আবেগিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক বা বৃত্তীয় এই সকলো দিশৰ পৰা চহকী হ’ব লাগিব ।
ইয়াৰোপৰি বৰ্তমান সময়ত মানুহৰ মাজত নৈতিকতাৰ অভাৱ, চিত্ৰৰ স্খলন, সামাজিক সচেতনাৰ অভাব, মানৱতাৰ অভাৱ আদি দেশা গৈছে । গতিকে যদিহে দেশ এখনৰ জনসাধাৰণৰ মাজত প্ৰকৃত দেশ প্ৰেম, সহিষ্ণতা, স্বাৰ্থত্যাগ, উদাৰ মনোভাৱ আদি গুণবোৰ নাথাকে তেতিয়া হ’লে দেশখন কেতিয়াও বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ’ব নোৱাৰে । এই হেন সময়খিনি শিক্ষাই প্ৰধানকৈ তলত দিয়া লক্ষ্য উদ্দেশ্যবোৰ পূৰণৰ চেষ্টা কৰিব লাগে ।
ব্যক্তিত্বৰ পূৰ্ণ বিকাশঃ শিক্ষাতত্ত্বৰ নীতিসমূহ মানি এজন ব্যক্তিৰ শাৰীৰিক শক্তি, দক্ষতা আৰু স্বাস্থয়, মানসিক বিকাশ আৰু তাৰ প্ৰকাশ, সামাজিক দক্ষতা আৰু কাৰ্যক্ষমতা, অনুভূতিক পৰপক্কতা আৰু আধ্যাত্মিক বিকাশৰ সমষ্টিয়ে ব্যক্তিত্বৰ পূৰ্ণ বিকাশত সহায় কৰে । জীৱন প্ৰবাহৰ দৰেই এই বিকাশ স্বাভাৱিক গতিত হয় । গতিকে উদ্দেশ্যপূৰ্ণভাৱে ক্ৰমগতিত ব্যক্তিত্বৰ বিকাশ সাধন কৰিব লাগে।
সমাজতান্ত্ৰিক লক্ষ্যঃ ই সমাজতান্ত্ৰিক শিক্ষাৰ লক্ষ্যৰ প্ৰধান পৃষ্ঠপোষকতা হ’ল জন ডিউই । তেওঁৰ মতে, শিশুসকলক পূৰ্ণ বিকশিত কৰিবলৈ হ’লে সমাজতান্ত্ৰিক ধাৰণাৰ মাধ্যমেৰে বিকশিত কৰিব লাগিব । তেওঁ আৰু কয় যে শিক্ষা এক জীৱনজোৰা । তেওঁ শিক্ষাৰ সামাজিক উদ্দেশ্যৰ ওপৰত বিশেষ গুৰুত্ব দি কৈছিল, সামাজিক পৰিৱেশৰ মাজত থাকি এটা শিশুৱে আদান-প্ৰদান আৰু ক্ৰিয়া-প্ৰক্ৰিয়াৰ মাধ্যমত আষা, আচাৰ-ব্যৱহাৰ, আদৰ্শ, নীতি–নিয়ম আদি গ্ৰহণ কৰে । গতিকে ব্যক্তিৰ বিকাশতকৈ সমাজৰ বিকাশ অধিক গুৰুত্ব পূৰ্ণ । সমাজৰ উন্নতি হ’লেহে ব্যক্তিৰ উন্নতি হ’ব ।
গতিকে শিক্ষাৰ সমাজতান্ত্ৰিক লক্ষ্য মানে ব্যক্তিয়ে সামাজিক যোগ্যতা লাভকৰা । সামাজিক যোগ্যতা থকা এজন ব্যক্তিৰ নাগৰিক সচেতনতা, অৰ্থনৈতিক, আত্মনিৰ্ভৰশীলতা আৰু নৈতিক মান বিশিষ্টতা আদি গুণ থাকিব লাগে । শিক্ষাৰ লক্ষ্যই ব্যক্তিৰ এনেবোৰ সামাজিক গুণযোগ্যতা লাভ কৰাত সহায় কৰিব লাগে । এয়ে সৈছে শিক্ষাৰ সমাজতান্ত্ৰিক লক্ষ্য ।
ব্যক্তিতান্ত্ৰিক আৰু সামাজিক লক্ষ্যৰ সমন্বয়ঃ ব্যক্তিকেন্দ্ৰিক আৰু সামাজিক দুয়োটা লক্ষ্যই যদিও সিটোৰ পৰা পৃথক, প্ৰকৃততে দুয়োটাৰ মাজত যথেষ্ট সম্বন্ধ থকা দেখা যায় । কিয়নো ব্যক্তি আৰু সমাজ এটা আনটোৰ পৰা পৃথক নহয় । ব্যক্তিয়েহে সমাজ গঠন কৰে আৰু ঠিক সেইদৰে সমাজ নাথাকিলে ব্যক্তিৰ অস্তিত্ব নাই বুলিব পাৰি । কাৰণ ব্যক্তিসকল সদায় সমাজৰ ওপৰত নিৰ্ভৰশীল আৰু সমাজ সমৃদ্ধ কৰিবলৈ হ’লে ব্যক্তিসকলৰ প্ৰয়োজন ব্যক্তিৰ উন্নতিয়েহে সমাজলৈ উন্নতি আনে । গতিকে ব্যক্তি আৰু সমাজ কোনোটোৱে স্বাধীন নহয় । বিখ্যাত শিক্ষাবিদ ৰুছোৱে এই ক্ষেত্ৰত কৈছে, সামাজিক পৰিৱেশক বাদ দিলে ব্যক্তিৰ পৃথক অস্তিত্ব আৰু ব্যক্তিত্ব সম্পূৰ্ণ অৰ্থহীন, এই দুয়োটাৰ বৰ্ধন আৰু প্ৰকাশ সামাজিক পৰিৱেশতহে হ’ব পাৰে । আনহাতে চাৰ জন আডামচ্ৰ মতে, “ব্যক্তিত্ব গঢ়ি তুলিবৰ বাবে এটা সমাজিক পৰিৱেশৰ প্ৰয়োজন । সামাজিক সংস্পৰ্শ নহ’লে আমি মানুহ নহয়।“ সামাজিক জীৱ হিচাপে ব্যক্তিৰ বিকাশ সাধন কৰাটোৱে হ’ল শিক্ষাৰ মুল উদ্দেশ্য । চিন্তাবিদ নানৰ দৃষ্টিভংগীতো ব্যক্তি আৰু সমাজ এই দুটা দিশৰ সমন্বয়ৰ ভাৱ পৰিলক্ষিত হয় । তেওঁৰ মতে, ব্যক্তিগত মুনিহ-তিৰোতাৰ মুক্ত আদান-প্ৰদানৰ অবিহনে মানৱ জহতলৈ কোনো মংগল আহিব নোৱাৰে । সেয়েহে নানে কয় যে সৰ্বসাধাৰণ লোকৰ জীৱনৰ সৈতে মুক্তভাৱে সামাজিক পৰিৱেশত সহযোগিতা লাভ কৰাটো সেয়েহে ব্যক্তিৰ শিক্ষা বিকাশৰ দিশত প্ৰয়োজনীয় চৰ্ত ।
ওপৰৰ আলোচনাৰ পৰা এইটো ক’ব পাৰি যে ব্যক্তি আৰু সমাজ যিহেতু পৰস্পৰে পৰস্পৰৰ লগত সম্বন্ধযুক্ত, গতিকে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্যৰ মাজতো সমন্বয় সাধন কৰিব পাৰি ।
প্ৰশ্নঃ “শিক্ষাৰ ব্যক্তিবাদী আৰু সমাজবাদী লক্ষ্য পৰস্পৰ বিৰোধী নহয় এটা আনটোৰ পৰিপূৰকহে মাথো।“ –উক্তিটো আলোচনা কৰা ।
উত্তৰঃ শিক্ষাৰ হব্যক্তিবাদী লক্ষ্যৰ মুখ্য সমৰ্থক আছিল চাৰ পপাৰ্চি নান । ব্যক্তিবাদীসকলে শিক্ষাৰ লক্ষ্য ব্যক্তিৰ সৰ্বোত্তম উন্নতি হোৱাটো বিচাৰিছিল । এওঁলোকৰ মতে প্ৰত্যেক ব্যক্তিৰ নিজস্ব গুণ, সামৰ্থ আৰু শক্তি আছে যিবোৰ শিক্ষাৰ দ্বাৰা বিকাশৰ ব্যৱস্থা কৰিব লাগে । ব্যক্তিবাদীসকলে কয় যে সমাজখন ব্যক্তি
গণতান্ত্ৰিক নাগৰিকত্বৰ গুণসমূহ লাভ কৰাঃ ব্যক্তিৰ ব্যক্তিত্ব গঠন সামাজিক পৰিৱেশতহে সম্ভৱপৰ হয় । গণতান্ত্ৰিক সমাজ একত ব্যক্তিক অকল কেনেকৈ আনৰ লগত থাকিব লাগে, কাম কৰিব লাগে, দলীয় ৰীতি-নীতি, শৃঙ্খলা মানি চলিব লাগে, তাক শিক্ষাৰ মাজেৰে শিকোৱা উচিত । দেশপ্ৰেম, সহিষ্ণুতা, স্বাৰ্থত্যাগ, উদাৰ মনোভাৱ, সামাজিক সচেতনতা, আনক সহায় কৰাৰ মনোভাৱ আদি গুণ লাভ কৰাৰ উপৰিও সামাজিক উন্নতিৰ বাবে নাগৰিকে অৰিহণা যোগাব লাগে ।
বৃত্তিমূলক দক্ষতা লাভঃ এখন দেশৰ অৰ্থনৈতিক অৱস্থা নিৰ্ভৰ কৰে দেশখনত কৰ্ম কৰা নাগৰিক সকলৰ কৰ্ম দক্ষতাৰ আৰু উত্পাদন কৰিব পৰা ক্ষমতাৰ ওপৰত । এই কাৰ্যদক্ষতা আৰু শক্তিবৃদ্ধিৰ কাৰণে বৃত্তি শিকোৱা আৰু বৃত্তিমূলক দক্ষতা লাভ কৰাটো প্ৰয়োজন ।
নেতৃত্ব বিকাশঃ এজন নেতাৰ জন্মজ শক্তি আৰু সামৰ্থ থাকিলেও তাক সদ ব্যৱহাৰ কৰিবলৈ আৰু দলক নেতৃত্ব দিবলৈ প্ৰশিক্ষণৰ প্ৰয়োজন । আনৰ ব্যক্তিত্বক সন্মান দেখুওৱা আনৰ মতামতক মূল্য দিয়া, সংখ্যা গৰিষ্ঠতাৰ মতক গ্ৰহণ কৰি সংখ্যা লঘিষ্ঠৰ অভাৱ দূৰ কৰা আদি বহল মনোভাৱ গঢাৰ শিক্ষা স্কুলতে দিব লাগে । বিভিন্ন জাতি, ধৰ্ম আৰু ভাষা-ভাষীৰ ল’ৰা-ছোৱালীৰ লগত থাকি সামাজিক, ৰাষ্ট্ৰীয় সংহতিৰ মনোভাৱ গঢিব লাগে ।
চৰিত্ৰ গঠনঃ মানৱ জীৱনৰ প্ৰকৃত মূল্যাংকণ কৰা হয় চৰিত্ৰৰ দ্বাৰা । সত্ চিন্তা, সত্ কথা, আৰু সত্ কাম কৰাৰ মনোভাৱ ভাল চৰিত্ৰ গঠনত সহায় কৰে । মনৰ দৃঢতা, সাহস, সত্যবাদিতা, ন্যায় বিচাৰ, সহিষ্ণতা সকলোকে সমান ব্যৱহাৰ আদি কিছুমান গুণ চৰিত্ৰ গঠনৰ বাবে প্ৰয়োজন । চৰিত্ৰ গঠনৰ বাবে দৰকাৰী সকলো গুণ স্কুলৰ পৰিবেশত দিয়াতো উচিত ।
প্ৰশ্নঃ 27. শিক্ষাৰ ব্যক্তিতান্ত্ৰিক আৰু সামাজিক লক্ষ্য বুলিলে কি বুজা ? দুয়োটাৰ মাজত সমতা ৰক্ষা কৰাটো সম্ভৱনে ?
উত্তৰঃ ক) ব্যক্তিতান্ত্ৰিক লক্ষ্য়ঃ শিক্ষাৰ ব্যক্তিবাদৰ ধাৰণাটোক প্ৰথমতে সমৰ্থন কৰিছিল ইংলেণ্ডৰ বিখ্যাত শিক্ষাবিদ চাৰ পাৰ্চি নানে । তেওঁৰ মতে, ব্যক্তি সমূহৰ প্ৰয়োজন অনুসৰিহে সমাজখন গঢি উঠে । সমাজ গঢিবলৈ হ’লে প্ৰথমতে ব্যক্তি গঢ লৈ উঠিব লাগিব । চাৰ পাৰ্চিনানে কৈছিল- পৃথিৱীত সকলো ভাল কাম পুৰুষ-মহিলাৰ স্বাধীনচিতীয়া কাৰ্যৰ বাহিৰে অনেয কাৰণত সংঘটিত হোৱা নাই আৰু সেইবোৰৰ শিক্ষা ব্যৱস্থা নিৰ্ধাৰণৰ বেলিকা এই সত্যৰ দ্বাৰা পৰিচালিত হোৱা উচিত । এখন শিক্ষাৰ আঁচনি সাফল্যমণ্ডিত কৰি তুলিবলৈ হ’লে আমি নিৰ্ভৰ কৰিব লাগিব ব্যক্তিৰ শ্ৰেষ্ঠতম সম্ভাৱনাৰ উচ্চতম বিকাশৰ ওপৰত । ব্যক্তিৰ বিকাশৰ বাবে পূৰ্ণ স্বাধীনতা প্ৰয়োগ কৰা উচিত । স্বাধীনতা অবিহনে ব্যক্তিৰ বিকাশ সম্ভৱ নহয় ।
শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য়ৰ অন্য়ান্য় সমৰ্থক হ’ল হাৰবাৰ্ট স্পেনাৰ, পেষ্টালজী, ৰুছ’ ইত্যাদি । স্পেনচাৰৰ মতে, ব্যক্তিক অস্তিত্ব সমাজৰ অতিত্বতকৈ শক্তিশালী আৰু প্ৰভাৱশালী । তেওঁঁ আৰু কৈছিল যে শিক্ষা সকলোবোৰ প্ৰচেষ্টা ব্যক্তিমুখী হোৱাটো প্ৰয়োজন । ৰুছোই তেওঁৰ অমূল্য় গ্ৰন্থ ‘এমিল’ত শিশুৰ ব্যক্তিগত শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে নানা ধৰণৰ যুক্তি প্ৰকাশ কৰিছে । ঠিক সেইদৰে পেষ্টালজীয়ে নানা ধৰণৰ অধ্যয়ন কৰি মৃত পোষণ কৰে যে ‘মানুহৰ অন্তনিহিত শক্তিসমূহৰ স্বাভাৱিক সংগতিপূৰ্ণ আৰু প্ৰগতিশীল বিকাশেই হৈছে শিক্ষা ।’ গতিকে ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ লক্ষ্য় মতে, শিক্ষাই প্ৰত্য়েক ব্যক্তিৰে নিজস্ব স্বতন্ত্ৰ মতে শিক্ষাৰ প্ৰত্য়েক ব্য়ক্তিৰে নিজস্ব গুণ আৰু ৰূপৰ উপলব্ধি কৰাব লাগিব তেতিয়াহে শিক্ষাৰ মূল উদ্দেশ্য় সাধন হ’ব ।
খ) সমাজতান্ত্ৰিক লক্ষ্য়ঃ ই সমাজতান্ত্ৰিক শিক্ষাৰ লক্ষ্য়ৰ প্ৰধান পৃষ্ঠপোষক হ’লে জন ডিউই । তেওঁৰ মতে, শিশুসকলক পূৰ্ণ বিকশিত কৰিবলৈ হ’লে সমাতান্ত্ৰিক ধাৰণাৰ মাধ্যমেৰে বিকশিত কৰিব লাগিব । তেওঁ আৰু কয় যে শিক্ষা এক জীৱনজোৰা । তেওঁ শিক্ষাৰ সামাজিক উদ্দেশ্যৰ ওপৰত বিশেষ গুৰুত্ব দি কৈছিল, সামাজিক পৰিৱেশৰ মাজত থাকি এটা শিশুৱে আদান-প্ৰদান আৰু ক্ৰিয়া-প্ৰত্ৰিয়াৰ মাধ্যমত ভাষা, আচাৰ-ব্যৱহাৰ, আদৰ্শ, নীতি-নিয়ম আদি গ্ৰহণ কৰে । গতিকে ব্যক্তিৰ বিকাশতকৈ সমাজৰ বিকাশ অধিক গুৰুত্বপূৰ্ণ । সমাজৰ উন্নতি হ’লেহে ব্যক্তিৰ উন্নতি হ’ব ।
গতিকে শিক্ষাৰ সমাজতান্ত্ৰিক লক্ষ্য মানে ব্যক্তিয়ে সামাজিক যোগ্যতা লাভকৰা । সামাজিক যোগ্যতা থকা এজন ব্যক্তিৰ নাগৰিক সচেতনতা, অৰ্থনৈতিক, আত্মনিৰ্ভৰশীলতা আৰু নৈতিক মান বিশিষ্টতা আদি গুণ থাকিব লাগে । শিক্ষাৰ লক্ষ্যই ব্যক্তিৰ এনেবোৰ সামাজিক গুণযোগ্যতা লাভ কৰাত সহায় কৰিব লাগে । এয়ে হৈছে শিক্ষাৰ সমাজতান্ত্ৰিক লক্ষ্য।
ব্যক্তিতান্ত্ৰিক আৰু সামাজিক লক্ষ্যৰ সমন্বয়ঃ ব্যক্তিকেন্দ্ৰিক আৰু সামাজিক দুয়োটা লক্ষ্যই যদিও ইটো সিটোৰ পৰা পৃথক, প্ৰকৃততে দুয়োটাৰ মাজত যথেষ্ট সম্বন্ধ থকা দেখা যায় । কিয়নো ব্যক্তি আৰু সমাজ এটা আনটোৰ পৰা পৃথক নহয় । ব্যক্তিয়েহে সমাজ গঠন কৰে আৰু ঠিক সেইদৰে সমাজ নাথাকিলে ব্যক্তিৰ অস্তিত্ব নাই বুলিব পাৰি । কাৰণ ব্যক্তিসকল সদায় সমাজৰ ওপৰত নিৰ্ভৰশীল আৰু সমাজ সমৃদ্ধ কৰিবলৈ হ’লে ব্যক্তিসকলৰ প্ৰয়োজন ব্যক্তিৰ উন্নতিয়েহে সমাজলৈ উন্নতি আনে । গতিকে ব্যক্তি আৰু সমাজ কোনোটোৱে স্বাধীন নহয় । বিখ্যাত শিক্ষাবিদ ৰুছোৱে এই ক্ষেত্ৰত কৈছে, সামাজিক পৰিৱেশক বাদ দিলে ব্যক্তিৰ পৃথক অস্তিত্ব আৰু ব্যক্তিত্ব সম্পূৰ্ণঅৰ্থহীন, এই দুয়োটাৰ বৰ্ধন আৰু প্ৰকাশ সামাজিক পৰিৱেশতহে হ’ব পাৰে । আনহাতে চাৰ জন আডামচৰ মতে, “ব্যক্তিত্ব গঢি তুলিবৰ বাবে এটা সামাজিক পৰিৱেশ প্ৰয়োজন । সামাজিক সংস্পৰ্ক নহ’লে আমি মানুহ নহয় ।” সামাজিক জীৱ হিচাপে ব্যক্তিৰ বিকাশ সাধন কৰাটোৱে হ’ল শিক্ষাৰ মূল উদ্দেশ্য ।
শিক্ষাবিদ নানৰ দৃষ্টিভংগীতো ব্যক্তি আৰু সমাজ এই দুটা দিশৰ সমন্বয়ৰ ভাৱ পৰিলক্ষিত হয়। তেওঁৰ মতে, ব্যক্তিগত মুনিহ-তিৰোতাৰ মুক্ত আদান-প্ৰদানৰ অবিহনে মানৱ জগতলৈ কোনো মংগল আহিব নোৱাৰে । সেয়েহে নানে কয় যে সৰ্বসাধাৰণ লোকৰ জীৱনৰ সৈতে মুক্তভাৱে সামাজিক পৰিৱেশত সহযোগিতা লাভ কৰাটো সেয়েহে ব্যক্তিৰ শিক্ষা বিকাশৰ দিশত প্ৰয়োজনীয় চৰ্ত ।
ওপৰৰ আলোচনাৰ পৰা এইটো ক’ব পাৰি যে ব্যক্তি আৰু সমাজ যিহেতু পৰস্পৰেপৰস্পৰৰ লগত সম্বন্ধযুক্ত, গতিকে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্য়ৰ মাজতো সমন্বয় সাধন কৰিব পাৰি ।
প্ৰশ্নঃ 28. “শিক্ষাৰ ব্যক্তিবাদী আৰু সমাজবাদী লক্ষ্য পৰস্পৰ বিৰোধী নহয় এটা আনটোৰ পৰিপূৰকহে মাথো ।”- উক্তিটো আলোচনা কৰা ।
উত্তৰঃ শিক্ষাৰ ব্যক্তিবাদী লক্ষ্য়ৰ মুখ্য় সমৰ্থক আছিল চাৰ পাৰ্চি নান । ব্যক্তিবাদীসকলে শিক্ষাৰ লক্ষ্য় ব্যক্তিৰ সৰ্বেত্তম উন্নতি হোৱাটো বিচাৰিছিল । এওঁসোকৰ মতে প্ৰত্য়েক ব্যক্তিৰ নিজস্ব গুণ, সামৰ্থ আৰু শক্তি আছে যিবোৰ শিক্ষাৰ দ্বাৰা বিকাশৰ ব্যৱস্থা কৰিব লাগে । ব্যক্তিবাদিসকলে কয় যে সমাজখন ব্যক্তি লৈয়ে গঠিত । গতিকে ব্যক্তিসত্বাৰ বিকাশ আপোন আপুনি হ’ব । শিক্ষাত ব্যক্তিবাদী লক্ষ্য়ৰ সমৰ্থকসকলৰ ভিতৰত মহাত্মা গান্ধীয়ে কয়, শিক্ষাৰ দ্বাৰা মই মানুহৰ বা শিশুৰ শৰীৰ, মন আৰু আত্মা নিহিত হৈ থকা সৰ্বোত্কৃষ্ট গুণৰাজি সম্পূৰ্ণকৈ বিকাশ হোৱা প্ৰক্ৰিয়াকে বুজি পাওঁ । পাৰ্চী নানে তেওঁৰ Education is data and Principles ত ল্খিছে যে ব্যক্তি সামাজিক পৰিৱেশত থাকিলেও নিজে স্বাধীনভাৱে নিজৰ বিকাশ সাধন কৰিব লাগিব । ভ্যক্তি জন্মজ সম্ভাৱনাসমূহৰ পূৰ্ণবিকাশৰ জৰিয়তে সমাজৰ উন্নতি হ’ব পাৰে । প্ৰত্য়েক ব্যক্তিৰ নিজস্ব প্ৰতিভা আছে যাৰ উত্কৰ্ষ সাধনৰ ওপৰত শিক্ষাই গুৰুত্ব দিব লাগে । সমাজৰ উন্নতি কেইজনমান মনিষীৰ ব্যক্তিগত বৰঙণিৰ দ্বাৰাহে সম্ভৱপৰ হৈছে । বিজ্ঞান, সাহিত্য, কলা, শিল্পত বিভিন্ন ব্যক্তিৰ নিজস্ব প্ৰতিভাৰ অৰিহণা যোগোৱাৰ ফলত এইবোৰ ক্ষেত্ৰত উন্নতি হৈছে । জীয়াই থাকিবৰ কাৰণে প্ৰত্য়েক জীৱ বা মানুহে যি অভিজ্ঞতা অৰ্জন কৰিবলগীয়া হয় সেয়ে শিক্ষা । গতিকে শিক্ষাৰ মূল বিষয়বস্তু হৈছে ব্যক্তিক উন্নতি সাধন কৰা।
প্ৰকৃতিবাদী সকলৰ মতে ব্।ক্তিৰ উন্নতিয়েই শিক্ষাৰ প্ৰধান লক্ষ্য হোৱা উচিত । তেওঁৰ মতে প্ৰকৃতিৰ পৰা অহা সকলো বস্তুৱেই ভাল, মানুহৰ হাতত পৰিলে ই নষ্ট হৈ যায় । ঈশ্বৰে সকলো বস্তুকে ভালকৈ সৃষ্টি কৰে, মানুহে মাজতে খেলি মেলি লগাই সেইবিলাক বেয়া কৰে । সেয়ে শিক্ষাৰ লক্ষ্য় শিশুৰ ব্যক্তিগত প্ৰক-তিৰ ওপৰত ভিত্তি কৰি হোৱা উচিত । প্ৰকৃতিবাদীসকলে কয় যে পৃথিৱীৰ বিভিন্ন ঠাইত আৰু বিভিন্ন সময়ত জন্ম লাভ কৰা বিশেষ বিশেষ-ব্যক্তিয়ে মানৱ জাতিৰ উন্নতি প্ৰচুৰ অৰিহণা যোগাই আহিছে । শিশুক স্বাভাৱিক গতিত বিকশিত হ’বলৈ উপযুক্ত পৰিৱেশ গঢিব লাগে । সুসংগঠিত স্বাধীন পৰিৱেশত বিচৰণ কৰিবলৈ পালে তেওঁলোকৰ বিকাশ সহজ হ’ব ।
এখন গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ সমাজব্যৱস্থাত ব্যক্তিৰ ব্যক্তি স্বাধীনতা পূৰ্ণভাৱে স্বীকাৰ কৰি লোৱা হৈছে । সেইবাবেই নাগৰিক সকলে স্বাধীনভাৱে চিন্তা কৰিব পাৰে, কথা ক’ব পাৰে, স্বাধীনভাৱে আদৰ্শ গ্ৰহণ কৰিব পাৰে, মতামত পোষণ কৰিব পাৰে, বৃত্তি নিৰ্বাচন কৰিবলৈ সক্ষম হ’ব পাৰে । গতিকে এই দিশৰ পৰা বেযকেতিবাদী লক্ষ্য় গণতান্ত্ৰিক আদৰ্শৰ লগত জডিত বুলি ক’ব পাৰি ।
জন ডিউই মতে, শিক্ষাৰ উদ্দেশ্য় জীৱনৰ বাবে প্ৰস্তুতি নহয়, গোটেই জীৱনেই শিক্ষা। এই জীৱনজোৰা শিক্ষাই শিশুক ভৱিষ্য়ত্ সামাজিক জীৱনৰ কাৰণে সাজু কৰি তুলিব লাগিব । সেইবাবে সমাজবাদী লক্ষ্যৰ সমৰ্থক সকলে শিক্ষাৰ দ্বাৰা প্ৰতিজন ব্যক্তিৰ সমাজ চেতনা জগাই তোলাটোৱেই শিক্ষাৰ প্ৰধান লক্ষ্য় হোৱা উচিত বুলি মতপোষণ কৰে । সমাজবাদী লক্ষ্য়ৰ সমৰ্থক সকলে ব্যক্তিৰ অৱস্থিতি কেৱল সমাজৰ বাবেহে বুলি কয় । তেওঁলোকৰ মতে সমাজ নহ’লে ব্যক্তিৰ কোনো অস্তিত্বই নাই । ব্যক্তিৰ আশা-আকাংক্ষা, শিক্ষা-সংস্কৃতি সমাজৰ যোগেদিহে প্ৰকাশ পায় । ব্যক্তিৰ নিৰাপত্তা আৰু শক্তিৰ কাৰণে সমাজ অপৰিহাৰ্য ।
শিক্ষা এই দুই লক্ষ্য়ত পৰস্পৰ বিৰোধী মতবাদ পৰিলক্ষিত হ’লেও দুয়োটাৰে মাজত বিশেষ কোনো প্ৰভেদ নাই । কাৰণ ব্যক্তি আৰু সমাজৰ মাজত বিশেষ নিবিড় সম্বন্ধ আছে । সেয়ে এটাক বাদ দি আনটোকৰ কথা ভাবিবই নোৱাৰি । ব্যক্তিৰ সমষ্টিয়েই মনাজ । ব্যক্তিবাদী আৰু সমাজবাদী লক্ষ্য় দেখাত বিপৰীত মুখী হ’লেও এই দুই লক্ষ্য় বিপৰীত নহয়, বৰং এটা আনটোৰ পৰিপূৰকহে । ব্যক্তিবাদী লক্ষ্যই ব্যক্তিসত্বাৰ বিকাশত আৰু সমাজবাদী লক্ষ্য়ই ব্যক্তিৰ সামাজিক দক্ষতা বৃদ্ধিত গুৰুত্ব দিয়ে । কিন্তু দুয়োটা লক্ষ্য় বিশদভাৱে আলোচনা কৰিলে দেখা যায় যে দুয়োটা লক্ষ্য় ইটো সিটোৰ পৰিপূৰকহে, বিৰোধী নহয় । কাৰণ ব্যক্তিৰ বিকাশ সামাজিক পৰিৱেশতহে সম্ভৱ হৈ উঠে আৰু ব্যক্তি অবিহনে সমাজৰ উন্নতি আশা কৰিব নোৱাৰি । গতিকে এই দুই লক্ষ্য় পৰ্পৰ বিৰোধী নহয়, এটা আনটোৰ পৰিপূৰকহে ।