Philosophical Foundations of Education Unit 1 Concept of Education | শিক্ষাৰ ধাৰণা Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Philosophical Foundations of Education Unit 1 Concept of Education | শিক্ষাৰ ধাৰণা to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Philosophical Foundations of Education Unit 1 Concept of Education | শিক্ষাৰ ধাৰণা Question Answer can be of great value to excel in the examination.
Philosophical Foundations of Education Unit 1 শিক্ষাৰ ধাৰণা
Philosophical Foundations of Education Unit 1 Concept of Education | শিক্ষাৰ ধাৰণা Notes cover all the exercise questions in UGC Syllabus. The Philosophical Foundations of Education Unit 1 Concept of Education | শিক্ষাৰ ধাৰণা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
শিক্ষাৰ ধাৰণা
EDUCATION
PHILOSOPHICAL FOUNDATION OF EDUCATION
শিক্ষাৰ দাৰ্শনিক ভিত্তি
প্ৰশ্ৰঃ 1. শিক্ষা শব্দটোৰ ইংৰাজী প্ৰতিশব্দ ‘Education’ শব্দটো মূলতঃ কোন ভাষাৰ পৰা উত্পত্তি হৈছিল ?
উত্তৰঃ লোটিন ভাষাৰ পৰা।
প্ৰশ্নঃ 2. লেটিন ভাষাৰ কি কি শব্দৰ পৰা ‘Education’ শব্দটো ভাষাৰ পৰা উত্পত্তি হৈছিল ?
উত্তৰঃ E আৰু Duco শব্দৰ পৰা উত্পত্তি হৈছিল আকৌ Educare আৰু Educere শব্দৰ পৰাও উত্পত্তি হোৱা বুলি কোৱা হয় ।
প্ৰশ্নঃ 3. লেটিন ভাষাৰ E আৰু Duco শব্দৰ অৰ্থ কি ?
উত্তৰঃ E মানে হ’ল Out of বা বাহিৰ কৰা আৰু Duco মানে হ’ল I lead বা নেতৃত্ব প্ৰদান কৰা ।
প্ৰশ্নঃ 4. শিক্ষা কি ?
উত্তৰঃ শিক্ষা মনে হ’ল জ্ঞান আহৰণ কৰা উদ্দেশ্য । ই এবিধ সাজন প্ৰক্ৰিয়া আৰু ই শিশুৰ সুসামঞ্জস্য বিকাশক উন্নত অৱস্থালৈ নিয়ে ।
প্ৰশ্নঃ 5. “শিক্ষা হৈছে এক জীৱন প্ৰক্ৰিয়া, যাৰ যোগেদি অভিজ্ঞতাৰ পুৰণ নিৰ্মাণ কৰিব পৰা যায়।”- কথাষাৰ কোনে কৈছিল ?
উত্তৰঃ আমেৰিকাৰ শিক্ষাবিদ জন ডিউইয়ে কৈছিল ।
প্ৰশ্নঃ 6. মহাত্মা গান্ধীয়ে শিক্ষা সন্দৰ্ভত আগবঢোৱা সংজ্ঞাটো কি ?
উত্তৰঃ ‘শিক্ষাৰদাৰা মই শিশুৰ শাৰীৰিক, মানসিক আৰু অধ্যত্মিক বিকাশৰ কথাকেই বুজোঁ ।
প্ৰশ্নঃ 7. ‘সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰাটোৱে শিক্ষা’- কথাষাৰ কোনে কৈছিল ?
উত্তৰঃ এৰিষ্টটলে ।
প্ৰশ্নঃ 8. শিক্ষাৰ মুখ্য কাম কি ?
উত্তৰঃ শিক্ষাৰ মুখ্য কাম হ’ল সমাজৰ কল্যাণ আৰু বিকাশ সাধন কৰা ।
প্ৰশ্নঃ 9. Educare শব্দৰ অৰ্থ কি ?
উত্তৰঃ ‘Educare’ শব্দৰ অৰ্থ to take care’ বা লালন-পালন কৰা ।
প্ৰশ্নঃ 10. লেটিন ভাষাৰ ‘Educere’ শব্দৰ অৰ্থ কি ?
উত্তৰঃ ইয়াৰ অৰ্থ হ’ল কৌশল বা তথ্য আয়ত্তকৰণ কৰা বা ডাঙৰ-দীঘল কৰা ।
প্ৰশ্নঃ 11. “শিক্ষা হ’ল উপযুক্ত সময়ত সুখ-দুখ অনুভৱ কৰিব পৰা ক্ষমতা । ই ছাত্ৰৰ দেহ আৰু আত্মাৰ সকলো সৌন্দৰ্যৰ বিকাশ আৰু সম্ভাব্যপূৰ্তা আনি নিয়ে ।” -কথাষাৰ কোনে কৈছিল ?
উত্তৰঃ গ্ৰীক দাৰ্শনিক প্লেটোৱে কৈছিল ।
প্ৰশ্নঃ 12. শিক্ষাক দ্বিপাক্ষিক প্ৰক্ৰিয়া বুলি কোনে অভিহিত কৰিছিল ?
উত্তৰঃ চাৰ জন আডামচে ।
প্ৰশ্নঃ 13. শিক্ষাক ত্ৰিপাক্ষিক প্ৰক্ৰিয়া বুলি কোনে অভিহিত কৰিছিল ?
উত্তৰঃ জন ডিউইয়ে ।
প্ৰশ্নঃ 14. শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ প্ৰধান সমৰ্থক কোন আছিল ?
উত্তৰঃ ছাৰ পাৰ্চিনান ।
প্ৰশ্নঃ15. শিক্ষা হ’ল উপযুক্ত সময়ত সুখ-দুখ অনুভৱ কৰিব পৰা ক্ষমতা । ই ছাত্ৰ দেহ আৰু আত্মাৰ সকলো সৌন্দৰ্যৰ বিকাশ আৰু সম্ভাব্যপূৰ্ণ আনি দিয়ে’- কথাষাৰ কোনে কৈছিল ?
উত্তৰঃ গ্ৰীক দাৰ্শনিক প্লেটোৱে কৈছিল ।
প্ৰশ্নঃ 16. শিক্ষাৰ সমাজকেন্দ্ৰক লক্ষ্যৰ প্ৰধান সমৰ্থক কোন ?
উত্তৰঃ জন ডিউই ।
প্ৰশ্নঃ 17. শিক্ষাৰ সম্পূৰ্ণ জীৱন-নিৰ্বাহৰ প্ৰস্তুতিৰ লক্ষ্য ধাৰণাটোক কোনে উদ্ভাৱন কৰিছিল ?
উত্তৰঃ শিক্ষাবিদ হাৰ্বাৰ্ট স্পেনচাৰে ।
প্ৰশ্নঃ 18. শিক্ষাৰ সামাজিক লক্ষ্যৰ আধুনিক ধাৰণা দাঙি ধৰা ব্যক্তিগৰাকী কোন আছিল ?
উত্তৰঃ জন ডিউই ।
প্ৰশ্নঃ 19. শিক্ষাৰ প্ৰকাৰ কেইটা কি কি ?
উত্তৰঃ আনুষ্ঠানিক শিক্ষা, অনানুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষা ।
প্ৰশ্নঃ 20. আনুষ্ঠানক শিক্ষাৰ এটা বৈশিষ্ট লিখা ।
উত্তৰঃ সাৰ্বজনীন শিক্ষাৰ প্ৰসাৰ ঘটোৱা ।
প্ৰশ্নঃ 21. শিক্ষাৰ দ্বিপাক্ষিক প্ৰক্ৰিয়াৰ পক্ষ দুটা কি কি ?
উত্তৰঃ শিক্ষক আৰু শিক্ষাৰ্থী ।
প্ৰশ্নঃ 22. শিক্ষাৰ বৃত্তিমূলক লক্ষ্যৰ মূল প্ৰবক্তা কোন ?
উত্তৰঃ চি ৰেমন্ট ।
প্ৰশ্নঃ 23. অগতানুগতিক শিক্ষাৰ এটা বৈশিষ্ট লিখা ।
উত্তৰঃ অগতানুগতিক শিক্ষা সকলোৰে বাবেই সহজলভ্য ।
প্ৰশ্নঃ 24. শিক্ষাৰ ত্ৰি-পাক্ষিক প্ৰক্ৰিয়াৰ পক্ষ কেইটা কি কি ?
উত্তৰঃ শিক্ষক-শিক্ষাৰ্থী আৰু সামাজিক পৰিৱেশ ।
প্ৰশ্নঃ 25. অনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ এটা পাৰ্থক্য লিখা ।
উত্তৰঃ অনানুষ্ঠানিক শিক্ষা সমাজৰ যিকোনো ক্ষেত্ৰৰ পৰা যেতিয়াই-তেতিয়াই আয়ত্ত কৰা শিক্ষা ।
প্ৰশ্নঃ 26. শিক্ষাৰ অৰ্থ সাধাৰণতে কেইবিধ আৰু কি কি ?
উত্তৰঃ শিক্ষাৰ অৰ্থ দুবিধ । যেনে – ক) ঠেক বা সংকীৰ্ণ আৰু খ) বহল বা ব্যপক ।
প্ৰশ্নঃ 27. ঠেক আৰু বহল আৰ্থত শিক্ষাৰ অৰ্থ কি ?
উত্তৰঃ ঠেক অৰ্থ শিক্ষা হ’ল-শিক্ষানুষ্ঠানভিকক্তিক আৰু বহল অৰ্থত শিক্ষা হ’ল এটা অবিৰত প্ৰক্ৰিয়া।
প্ৰশ্নঃ 28. কোনবোৰ অনুষ্ঠানৰ মাধ্যমত অনুষ্ঠানিক শিক্ষা প্ৰদান কৰা হয় ।
উত্তৰঃ আনুষ্ঠানিক শিক্ষা প্ৰদান কৰা হয় বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ নিচিনা শিক্ষানুষ্ঠানত ।
প্ৰশ্নঃ 29. আধুনিকীকৰণৰ বাবে শিক্ষাৰ উদ্দেশ্য় কি আছিল ?
উত্তৰঃ আধুনিকীকৰণৰ বাবে শিক্ষাৰ উদ্দেশ্য আছিল বৈজ্ঞানিক দৃষ্টিভংগী বিকাশ সাধন কৰা ।
প্ৰশ্নঃ 30. ব্যক্তিতান্ত্ৰিক শিক্ষা মানে কি বুজা ?
উত্তৰঃ ব্যক্তিসকলৰ বিকাশ সাধন কৰাটোৱে হ’ল শিক্ষাৰ মূল লক্ষ্য । শিক্ষাৰ দ্বাৰা ব্যক্তিৰ শাৰীৰিক, বৌদ্ধিক আৰু আধ্যাত্মিক সম্ভাৱনীয়তাসমূহ বিকশিত কৰি তুলিব লাগিব । সমাজত ব্যক্তিয়ে যাতে বাধা নপায় তালৈ লক্ষ্য ৰাখিব লাগিব ।
Short Notes:
প্ৰশ্নঃ 1. ‘Education’ শব্দটোৰ উত্পত্তি ব্যাখ্যা কৰা ।
উত্তৰঃ শিক্ষাৰ ইংৰাজী প্ৰতিশব্দ ‘Education’ শব্দটো লেটিন শব্দৰ ‘Educare’, ‘Educere’ আৰু ‘Educatum’ ৰ পৰা উত্পত্তি হোৱা বুলি কোৱা হয় । ‘Educare’ শব্দৰ অৰ্থ হৈছে ‘যন্ত লোৱা’, লালন পালন কৰা । শব্দৰ অৰ্থ হৈছে- ‘উন্নতি কৰা’, ‘বৃদ্ধি কৰা’ আৰু ‘Educatum’ শব্দৰ অৰ্থ হৈছে ‘শিক্ষাদান কাৰ্য’ ।
প্ৰশ্নঃ 2. শিক্ষাৰ সংকীৰ্ণ অৰ্থ কি ?
উত্তৰঃ সংকীৰ্ণ অৰ্থত শিক্ষা বুলিলে উদ্দেশ্য প্ৰণোদিতভাৱে, নিৰ্দিষ্ট সময়ৰ বাবে নিৰ্দিষ্ট পাঠ্যক্ৰমৰ জ্ঞান দিয়াকে বুজায় । ইয়াৰ বাবে প্ৰয়োজন হয় সুপৰিকল্পিত শিক্ষণ পদ্ধতিৰ ।
সংকীৰ্ণ অৰ্থত শিক্ষা মানে শিক্ষানুষ্ঠানৰ চাৰিবেৰৰ মাজত লাভ কৰা গতানুগতিক জ্ঞান আহৰণ কৰা কাৰ্য । এনে শিক্ষাই নিৰ্ধাৰিত পাঠ্যক্ৰম অনুসৰি পূৰ্ব পৰিকল্পিত নিৰ্দিষ্ট উদ্দেশ্য, স ময় সাপেক্ষে আৰু নিৰ্ধাৰিত গণ্ডীৰ ভিতৰত আৱদ্ধ শিক্ষাকে বুজায় ।
প্ৰশ্নঃ 3. শিক্ষাৰ ব্যপক অৰ্থ কি ?
উত্তৰঃ ব্যপক অৰ্থ, শিক্ষা হৈছে গোটেই জীৱন জুৰি চলিত থকা অবিৰত প্ৰক্ৰিয়া । এনে শিক্ষা ব্যক্তি বিশেষৰ বা জীৱনৰ বিশেষ স্তৰত সীমাৱদ্ধ নহয় । এনে শিক্ষা জন্মলগ্নৰে পৰা আৰম্ভ হয় আৰু মৃত্যুৰ আগলৈকে অবিৰামৰ গতিত চলি থাকে । যেনে বহল অৰ্থত ক’বলৈ গ’লে শিক্ষা হ’ল ব্যক্তিৰ গোটেই জীৱনৰ লাভ কৰা বিভিন্ন অভিজ্ঞতাৰ সমষ্টিসমূহ ।
প্ৰশ্নঃ 4. আনুষ্ঠানিক শিক্ষা মানে কি ?
উত্তৰঃ কোনো নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি ছাত্ৰ-ছাত্ৰীৰ আচৰণৰ পৰিৱৰ্তনৰ বাবে স্বতঃস্ফূৰ্ত আৰু পৰিকল্পিতভাৱে যি শিক্ষা প্ৰদান কৰা হয় তাকেই আনুষ্ঠানিক শিক্ষা বুলি ক’ব পাৰি । আনুষ্ঠানিক শিক্ষা, বিদ্যালয়, মহাবিদ্যালয় বা তেনে কোনো অনুষ্ঠানৰ জৰিয়তে দিয়া হয় । এই শিক্ষা ব্যৱস্থা সুপৰিকল্পিত আৰু উদ্দেশ্য প্ৰণোদিত । আনুষ্ঠানিক শিক্ষা পদ্ধতি নিৰ্ধাৰিত সময়সূচী, পাঠ্যক্ৰম, নীতি-নিয়ম আদিৰ দ্বাৰা নিয়ন্ত্ৰিত ।
প্ৰশ্নঃ 5. অনানুষ্ঠানিক শিক্ষা মানে কি ?
উত্তৰঃ অনানুষ্ঠানিক শিক্ষা আনুষ্ঠানিক শিক্ষাতকৈ বহল । এই শিক্ষা পূৰ্বপৰিকল্পিত নহয় । বিদ্যালয়, মহাবিদ্যালয় আদি শিক্ষানুষ্ঠানৰ বাহিৰত অন্যান্য উত্সৰ পৰা পৰোক্ষভাৱে লাভ কৰা শিক্ষকে অনানুষ্ঠানিক শিক্ষা বুলি কোৱা হয় ।
প্ৰশ্নঃ 6. অগতানুগতিক শিক্ষা মানে কি ?
উত্তৰঃ যিসকল লোকে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰে তেওঁলোকৰ বাবে সুকীয়াকৈ শিক্ষাৰ ব্যৱস্থা কৰিব লাগে । কিছুমান শিক্ষাৰ্থীয়ে শিক্ষা সমাপ্ত নকৰাকৈ শিক্ষানুষ্ঠান পৰিত্যাগ কৰিব লগা হৈছে । এনেবোৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰে ব্যৱস্থা কৰিছে । এক অনুকূল পৰিৱেশত কোনো নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি নিয়ম প্ৰণালী, নিৰ্দিষ্ট পাঠ্যক্ৰম, নিৰ্দিষ্ট শিক্ষা পদ্ধতি, নিৰ্ধাৰিত সময়সূচী, পৰীক্ষা ব্যৱস্থা, অনুশাসন আদিৰ জৰিয়তে শিক্ষাৰ্থীক যি শিক্ষা প্ৰদান কৰা হয় তাকে অগতানুগতিক শিক্ষা বোলা হয় ।
প্ৰশ্নঃ 7. অগতানুগতিক শিক্ষাৰ যিকোনো তিনিটা বৈশিষ্ট লিখা ।
উত্তৰঃ অগতানুগতিক শিক্ষাক যিকোনো তিনিটা বৈশিষ্ট হ’লঃ
১) সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ বাবে এই শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে ।
২) অগতানুগতিক শিক্ষাৰ পৰিসৰ অত্যনত ব্যপক, সমাজমুখী আৰু গণতান্ত্ৰিক ।
৩) অগতানুগতিক শিক্ষাত শিক্ষাদানতকৈ শিক্ষা গ্ৰহণতহে অধিক গুৰুত্হ দিয়া হয় ।
প্ৰশ্নঃ 8. অনুষ্ঠানক শিক্ষাৰ যিকোনো তিনিটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ যিকোনো তিনিটা বৈশিষ্ট্য হ’লঃ
১) অনুষ্ঠানিক শিক্ষা এক সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰদান কৰা হয় । এই শিক্ষা পূৰ্বনিৰ্ধাৰিত আৰু উদ্দেশ্যপ্ৰণোদিত ।
২) আনুষ্ঠানিক শিক্ষা এক নিৰ্ধাৰিত সময়ৰ বাবে প্ৰদান কৰা হয় । গতিকে শিক্ষাৰ পৰিসৰ নিৰ্ধাৰিত আৰু সীমাবদ্ধ ।
৩) আনুষ্ঠানিক শিক্ষা বিদ্যালয়, মহাবিদ্যালয় বা তেনে কোনো অনুষ্ঠানৰ জৰিয়তে দিয়া হয় ।
প্ৰশ্নঃ 9. অনানুষ্ঠানিক শিক্ষাৰ যিকোনো তিনিটা বৈশিষ্ট লিখা ।
উত্তৰঃ অনানুষ্ঠানিক শিক্ষাৰ যিকোনো তিনিটা বৈশিষ্ট হ’লঃ
১) অনানুষ্ঠানক শিক্ষা পূৰ্ব পৰিকল্পিত নহয় ।
২) অনানুষ্ঠানিক শিক্ষাত শিক্ষাৰ্থীৰ ওপৰত কোনো ধৰা-বন্ধা নিয়ম নাথাকে ।
৩) অনানুষ্ঠানিক শিক্ষাত কোনো নিৰ্ধাৰিত পাঠ্যক্ৰম, শিক্ষাদান পদ্ধতি বা সময়সূচীৰ প্ৰয়োজন নহয়।
প্ৰশ্নঃ 10. শিক্ষাত লক্ষ্যৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা ।
উত্তৰঃ শিক্ষাত লক্ষ্যৰ প্ৰয়োজনীয়তা সম্পৰ্কে তলৰ কথা কেইটাৰ প্ৰতি দৃষ্টি ৰাখিব লাগেঃ
১) ব্যক্তি জীৱনৰ উপযুক্ত ক্ৰিয়া আঁচনি প্ৰস্তুত কৰি তুলিবৰ বাবে শিক্ষাত লক্ষ্যৰ স্পষ্টতাৰ প্ৰয়োজন।
২) শিক্ষা লক্ষ্যই জীৱনৰ বিকাশ শুদ্ধ পথে পৰিচালিত কৰাটো নিশ্চিত কৰি তুলিব পাৰে ।
৩) শিক্ষাৰ লক্ষ্য অনুসৰি শিক্ষাৰ তাত্বিক আৰু ব্যৱহাৰিক দিশৰ জ্ঞান অভিজ্ঞতা প্ৰস্তু কৰি তোলা হয় ।
প্ৰশ্নঃ 11. “শিক্ষা এবিধ দ্বি-পাক্ষিত প্ৰক্ৰিয়া” ইয়াত শিক্ষাৰ কোন দুটা পক্ষৰ কথা কোৱা হৈছে ।
উত্তৰঃ “শিক্ষা এবিধ দ্বি-পাক্ষিত প্ৰক্ৰিয়া” – ইয়াত শিক্ষক আৰু শিক্ষাৰ্থীৰ এই দুটাই পক্ষ কথা কোৱা হৈছে ।
প্ৰশ্নঃ 12. শিক্ষা হৈছে ত্ৰিপাক্ষিক প্ৰক্ৰিয়া’ । শিক্ষাৰ পক্ষ তিনিটা কি কি ?
উত্তৰঃ “শিক্ষা এবিধ দ্বি-পাক্ষিত প্ৰক্ৰিয়া” । শিক্ষাৰ পক্ষ তিনিটা হ’লঃ শিক্ষক, শিক্ষাৰ্থীৰ আৰু সামাজিক পৰিৱেশ ।
প্ৰশ্নঃ 13. শিক্ষা ভিন ভিন লক্ষ্য সমূহ কি কি ?
উত্তৰঃ শিক্ষাৰ ভিন ভিন লক্ষ্য সমবহ তলত উল্লেখ কৰা হৈছেঃ
১) ব্যক্তিকেন্দ্ৰিক লক্ষ্য ।
২) সামাজিক লক্ষ্য ।
৩) বৃত্তীয় লক্ষ্য ।
৪) সুনাগৰিকতা লক্ষ্য ।
৫) জ্ঞান আহৰণৰ লক্ষ্য ।
৬) সুসামঞ্জস্য বিকাশ লক্ষ্য ।
৭) আত্ম প্ৰকাশ লক্ষ্য ।
৮) নৈতিক লক্ষ্য ।
প্ৰশ্নঃ 14. শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য মানে কি ?
উত্তৰঃ ব্যক্তিৰ অন্তনিৰ্হিত ঘুণ আৰু সম্ভাৱনীয়তা সমূহৰ চৰম উত্কৰ্ষ সাধনেই শিক্ষাৰ লক্ষ্য হোৱাটোত বিশ্বাস কৰা হয় । মানুহক বিশ্বাসযোগ্য এক জৈৱিক অস্তিত্ব স্বৰূপে বিবেচনা কৰা হয় । এই লক্ষ্য অনুসৰি প্ৰতিজন লোকৰেই নিজ নিজ দেহ-মানসিক গুণ বা ক্ষমতা থাকে, যি আন এজন লোকতকৈ মূলতে পৃথক হয় । শিক্ষাই এই জন্মগত গুণসমূহৰ স্বাভাৱিক ৰূপত তাৰ পূৰ্ণ বিকাশ কৰি তুলিব লাগে । শিক্ষাৰ যোগেদি ব্যক্তি সত্ত্বাৰ বিকাশৰ বাবে এক প্ৰয়োজনীয় চৰ্ত হৈছে ব্যক্তি-স্বাধীনতা প্ৰদান কৰা । এক মুক্ত, স্বাধীন আৰু স্বতঃস্ফূৰ্ত শিক্ষা পৰিৱেশেহে ব্যক্তিৰ গুণ বা সম্ভাৱনীয়তা সমূহ তাৰ স্বাভাৱিক ৰূপত বিকাশৰ সুবিধা দিব পাৰে । ভ্যক্তিয়ে নিজ ক্ৰিয়াৰ যোগেদি ব্যকিত স্বাধীনতাৰ কাৰ্যকৰী ৰূপ দিব পাৰে । এনে ব্যক্তি স্বাধীনতাৰ অৱস্থাই মানুহক আত্ম উপলব্ধি আৰু তাত্বিক পূৰ্ণতা আনি দিব পাৰে । সেয়াই হৈছে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য ।
প্ৰশ্নঃ 15. শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সমৰ্থনত দুটা সবল দিশ উল্লেখ কৰা ।
উত্তৰঃ শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সমৰ্থনত দুটা সবল দিশ তলত উল্লেখ কৰা ধৰণৰঃ
১) ব্যক্তি বিকাশৰ ওপৰতেই সমাজৰ বিকাশো মূলতে নিৰ্ভৰ কৰে । সমাজৰ সকলোবোৰ মহত্ কাম পূৰ্ণ বিকাশত একো একোজন ব্যক্তিয়েহে সম্পাদন কৰি তোলে ।
২) ব্যক্তিৰ প্ৰয়োজন আৰু আগৰ্হ অভিৰুচি আদি পূৰণ কৰিবৰ বাবে আমাক এখন সমাজৰ প্ৰয়োজন হয় । ব্যক্তি সত্ত্বাৰ বিকাশৰ উপায় বা স্থল হৈছে সমাজখন ।
প্ৰশ্নঃ 16. শিক্ষাৰ সামাজিক লক্ষ্য মানে কি ?
উত্তৰঃ শিক্ষাৰ সমাজতান্ত্ৰিক লক্ষ্যৰ মতে, সমাজ বা ৰাষ্ট্ৰ ব্যক্তিতকৈ বেছি গুৰুত্বপূৰ্ণ । সামাজিক লক্ষ্যই এজন ব্যক্তিক কেৱল সমাজৰ আহিলা হিচাপেহে মনোনিৱেশ কৰে আৰু ব্যক্তিৰ দায়িত্ব ৰাষ্ট্ৰৰ হাতত ন্যস্ত কৰিবলৈ চেষ্টা কৰে । সহজ অৰ্থত সামাজিক লক্ষ্য ব্যক্তিৰ মাজত সামাজিক জ্ঞান, ধ্যান তথা সহায়-সহযোগিতা বৃদ্ধি । শিক্ষাৰ এনে লক্ষ্যই সমাজৰ উন্নতি,সমৃদ্ধি আৰু অগ্ৰগতিত প্ৰধানভাৱে গুৰুত্ব আৰোপ কৰে । সামাজিক পৰিৱেশত শিক্ষাৰ মাধ্যমেৰে ব্যক্তিয়ে পৰিৱেশ নিয়ন্ত্ৰণ কৰি নিজৰ অন্তনিৰ্হিত সম্ভাৱনাসমূহ বিকাশ সাধন কৰিব পাৰে ।
প্ৰশ্নঃ 17. ব্যক্তিবাদী লক্ষ্যৰ দুটা দোষ লিখা ?
উত্তৰঃ ব্যক্তিবাদী লক্ষ্যৰ দুটা দোষ হ’লঃ
১) এই লক্ষ্যৰ ধাৰণাই ব্যক্তিক আত্মকেন্দ্ৰিক, স্বাৰ্থপৰ, বিশৃংখল আদি কৰি তুলিব পাৰে । বাধাহীন স্বাধীনতাই ব্যক্তিক অনুশাসনহীন কৰি তুলিব পাৰে ।
২) সমাজৰ অবিহনে ব্যক্তিৰ বিকাশ এক অলীক কল্পনা মাথোঁন । ব্যক্তিয়ে সেই পৰিমাণেহে বিকাশ লাভ কৰি উঠিব পাৰে যি পৰিমাণে তেওঁৰ সমাজখন বিকাশ হৈ উঠে ।
প্ৰশ্নঃ 18. শিক্ষাৰ সামাজিক লক্ষ্যৰ সমৰ্থনত দুটা সবল দিশ উল্লেখ কৰা ।
উত্তৰঃ শিক্ষাৰ সামাজিক লক্ষ্যৰ সমৰ্থনত দুটা সবল দিশ তলত উল্লেখ কৰা হ’লঃ
১) সামাজিক পৰিৱেশেহে ব্যক্তিৰ সুপ্ত অন্তৰ্নিহিত শক্তি ক্ষমতা আৰু সমাম্ভাৱনীয়তাৰ চিনাক্তকৰণ কৰিব পাৰে । ইয়াৰ শিক্ষা আৰু বিকাশৰ সুবিধাও সমাজৰ যোগেদিয়ে পাব পাৰি ।
২) সমাজে ব্যক্তিক সভ্যতাৰ পথ দেখুৱায় আৰু সু-নাগৰিকতাৰ পাঠ শিকায় । সমাজৰ আদৰ্শ, ৰীতি-নীতি, ধৰ্মীয় পৰস্পৰ আদিৰ জৰিয়তে ব্যক্তি আদৰ্শবান হিচাপে গঢ়ি উঠিব পাৰে ।
প্ৰশ্নঃ 19. সমাজকেন্দ্ৰিক লক্ষ্যৰ দোষ উল্লেখ কৰা ।
উত্তৰঃ সমাজকেন্দ্ৰিক লক্ষ্যৰ দোষ উল্লেখ হ’লঃ
১) সামাজিক লক্ষ্যই শিক্ষাত একনায়কত্ববাদী মনোভাৱ গঢ় দি তোলাৰ আশংকা থাকে । এনে পৰিস্থিতিত ব্যক্তিয়ে আত্মপ্ৰকাশ আৰু বিকাশৰ প্ৰয়োজনীয় সুবিধা লাভ কৰিব উঠিব নোৱাৰে ।
২) সামাজিক বিকাশৰ সংকীৰ্ণ অৰ্থই মানুহক ৰাজলৈতিক ক্ষমতা লাভৰ অসুস্থ প্ৰতিযোগিতালৈহে ঠেলি দিব পাৰে । এনে এক অৱস্থাই ব্যক্তি আৰু সমাজ উভয়ৰে বিকাশৰ পথত প্ৰতিবন্ধকতা স্বৰূপ হৈ উঠিব পাৰে ।
প্ৰশ্নঃ 20. শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰীক লক্ষ্যৰ যিকোনো দুটা পাৰ্থক্য লিখা ।
উত্তৰঃ ব্যক্তিকেন্দ্ৰিক
১) ব্যক্তিৰ স্বাধীনতা আৰু ভিন্নতাৰ বিকাশ প্ৰকাশ হোৱাটো বিচাৰে ।
২) ব্যক্তিৰ কাৰ্যাৱলীৰ দ্বাৰা সমাজৰ সমস্যা উন্নতি কৰিব পাৰি ।
সমাজকেন্দ্ৰিক
১) সমাজৰ প্ৰয়োজন, সমস্যা আৰু ইয়াৰ প্ৰভাৱৰ ওপৰত কাৰ্য কৰে ।
২) সমাজৰ দ্বাৰাই ব্যক্তিৰ সু-ব্যক্তিত্ব আৰু নিজৰ ভাৱ প্ৰকাশ কৰিব পাৰে ।
প্ৰশ্নঃ 21. শিক্ষাৰ বৃত্তিমূলক লক্ষ্যৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ বৃত্তিমূলক শিক্ষাৰ অৰ্থ হ’ল শিক্ষানুষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীসকল কাৰিকৰী, প্ৰযুক্তিবিদ্যা আদিৰ জ্ঞান পৰিকল্পিত আৰু নিয়মিতভাৱে প্ৰদান কৰা । ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ দ্বাৰাই যাতে ভৱিষ্যত্ জীৱনৰ নিৰ্দিষ্ট বৃত্তি নিৰ্বাচন কৰি জীৱিকাৰ পথ উলিয়াব পাৰে তাৰ নিৰ্দেশনা আদি আনুষ্ঠানিক বা অনানুষ্ঠানিক মাধ্যমসমূহৰ জৰিয়তে প্ৰদান কৰা উচিত । শিক্ষাৰ আত্মিক প্ৰয়োজনতকৈও আদিৰ শিল্প আৰু বিজ্ঞানমুখী সমাজত অৰ্থনৈতিক প্ৰয়োজন বেছি । বৰ্তমানৰ এনেবিধ প্ৰয়োজন পূৰণ কৰা শিক্ষাই হৈছে বৃত্তিমূলক শিক্ষা ।
প্ৰশ্নঃ 22. বৃত্তিমূলক শিক্ষাৰ তিনিটা প্ৰয়োজন গুৰুত্ব লিখা ।
উত্তৰঃ বৃত্তিমূলক শিক্ষাৰ তিনিটা প্ৰয়োজন তলত উল্লেখ কৰা হ’লঃ
১) বৃত্তিমুখী লক্ষ্যই এজন ব্যক্তিক স্বাৱলম্বী কৰি তোলে ।
২) নিম্নমানৰ বুদ্ধিৰ শিশুৰ বাবে ই বিশেষভাৱে উপযোগী ।
৩) এই লক্ষ্যই অৰ্থনৈতিক আৰু সামাজিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত সহায় কৰে ।
প্ৰশ্নঃ 23. গণতন্ত্ৰৰ শিক্ষাৰ লক্ষ্য বিষয় চমুকৈ লিখা ।
উত্তৰঃ শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্যই জনসাধাৰণৰ বিকাশ আৰু জনকল্যাণৰ ওপৰত গুৰুত্ব দিয়ে। গণতন্ত্ৰৰ মূল বৈশিষ্ট্য বা প্ৰমূল্যসমূহ হৈছে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, বিশ্বাস, চিন্তা তথা প্ৰকাশৰ ক্ষেত্ৰত স্বাধীনতা, সুযোগৰ ক্ষেত্ৰত সমতা, ভাতৃত্ব ভাৱ, সহযোগিতামূলক বসবাস, সহনশীলতা ইত্যাদি । এই সকলোবোৰে কাৰ্যকৰী কৰিবৰ বাবে শিক্ষাৰ প্ৰয়োজন আছে । গণতন্ত্ৰ শক্তিশালী আৰু ফলপ্ৰসূ বিধৰ কৰি তুলিবৰ বাবে শিক্ষাৰ কেতবোৰ স্পষ্ট লক্ষ্য উদ্দেশ্য প্ৰয়োজন হয় ।
প্ৰশ্নঃ 24. গণতান্ত্ৰিক শিক্ষাৰ লক্ষ্যৰ যিকোনো তিনিটা মূল বৈশিষ্ট্য লিখা ।
উত্তৰঃ গণতান্ত্ৰিক শিক্ষাৰ লক্ষ্যৰ যিকোনো তিনিটা মূল বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল –
১) ব্যক্তিত্বৰ বিকাশঃ শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্যৰ এক প্ৰধান উদ্দেশ্য বা লক্ষ্য হৈছে দেশখনৰ নাগৰিকসকলৰ ব্যক্তিত্বৰ পূৰ্ণবিকাশ ঘটোৱা । এনে ধৰণৰ পাঠ্যক্ৰম অন্তৰ্ভূক্ত কৰা উচিত যাৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ শাৰীৰিক, মানসিক, আৱেগিক আৰু বৌদ্ধিক বিকাশ সম্ভৱ হ’ব পাৰে ।
২) নাগৰিকত্বৰ বিকাশঃ গণতান্ত্ৰিক লক্ষ্যত সদায়েই শিক্ষা্থীসকলক ভৱিষ্যতে এজন দায়িত্বশীল নাগৰিক হিচাপে গঢি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় ।
৩) সুচৰিত্ৰ গঠনঃ গণতান্ত্ৰিক দেশ এখনৰ শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীসকলৰ নৈতিক গঠনৰ ওপৰত গুৰুত্ব দিয়া হয় ।
প্ৰশ্নঃ 25. শিক্ষা কি ?
উত্তৰঃ শিক্ষা বুলিলে দেহ, মন আৰু আত্মাৰ সামূহিক বিকাশকে বুজায় । শিক্ষাৰ ব্যাপক অৰ্থত জন্মৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈ লাভ কৰা প্ৰতিটো অভিজ্ঞতাকে অন্ৰ্ভূক্ত কৰা হৈছে । সংকীৰ্ণ অৰ্থত শিক্ষা বুলিলে উদ্দেশ্য প্ৰণোদিতভাৱে, নিৰ্দিষ্ট সময়ৰ বাবে নিৰ্দিষ্ট পাঠ্যক্ৰমৰ জ্ঞান দিয়াকে বুজা যায় ।
প্ৰশ্নঃ 26. শিক্ষাৰ তিনিটা পৰিসৰ উল্লেখ কৰা ।
উত্তৰঃ শিক্ষাৰ পৰিসৰ হ’লঃ
১) শিক্ষাই ব্যক্তিক বিভেন্ন পৰিৱেশ আৰু পৰিস্থিতিৰ লগত সমাযোজন ৰক্ষা কৰি চলাত সহায় কৰে।
২) শিক্ষাই নতুন প্ৰজন্মক সমাজৰ সভ্যতা, সংস্কৃতিক, আদৰ্শ আদিব বিষয়ে অৱগত কৰে ।
৩) শিক্ষা প্ৰক্তিয়া মানুহৰ সমগ্ৰ জীৱন ব্যাপী থাকে । কিয়নো শিক্ষা প্ৰক্ৰিয়া ব্যক্তিৰ জন্মৰ লগে লগে আৰম্ভ হয় আৰু সমগ্ৰ জীৱনত চলি থাকি মৃত্যুৰ লগে লগে অন্ত পৰে ।
প্ৰশ্নঃ 27. শিক্ষাৰ দ্বিপক্ষীয় প্ৰক্ৰিয়া সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰঃ শিক্ষাৰ দ্বিপক্ষীয় প্ৰক্ৰিয়া সমৰ্থক হ’ল চাৰ জন আদাম । তেওঁ মত পোষণ কৰে শিক্ষাদান আৰু শিক্ষা গ্ৰহণ কাৰ্য সফল কৰি তুলিবলৈ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত এক যুগ্ম সৌহাদ্যপূৰ্ণ সম্পৰ্কৰ প্ৰয়োজন । শিক্ষকে নিজৰ জ্ঞান, অভিজ্ঞতাৰাজি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিলাই দিয়ে । ছাত্ৰ-ছাত্ৰীসকলেও শিক্ষকৰ পৈণত, অভিজ্ঞ আৰু শক্তিশালী ব্যক্তিত্বৰ দ্বাৰা প্ৰভাৱিত হৈ নিজ নিজ বিকাশৰ পথ সুগম কৰি তোলে । সেয়ে চাৰ জন আদামে শিক্ষাক এক দ্বিপক্ষীয় প্ৰক্ৰিয়া বুলি অভিহিত কৰিছিল ।
প্ৰশ্নঃ 28. শিক্ষাৰ ত্ৰিপক্ষীয় প্ৰক্ৰিয়া বুলিলে কি বুজা ।
উত্তৰঃ শিক্ষাৰ ত্ৰিপক্ষীয় মূল সমৰ্থক হ’ল জন ডিউয়ে । তেখেতে উল্লেখ কৰিছিল যে ছাত্ৰ আৰু শিক্ষকৰ উপৰিও শিক্ষাৰ ক্ষেত্ৰত জডিত থকা তৃতীয় প্ৰয়োজনীয় দিশটো হ’ল সামাজিক দিশ । শিক্ষাদান আৰু শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া উপযুক্ত পৰিৱেশতহে গঢ় লৈ উঠে । শিক্ষাৰ এই ধাৰণামতে, শিক্ষা যিহেতু এক গতিশীল প্ৰক্ৰিয়া আৰু সমাজ পৰিৱৰ্তন ঘটি থাকে, সেই কাৰণে সামাজিক পৰিৱেশৰ প্ৰভাৱ শিক্ষা প্ৰক্ৰিয়াত চলিত থাকে । শিক্ষক, শিক্ষাৰ্থী আৰু সামাজিক পৰিৱেশ এই ত্ৰিকোণ প্ৰচেষ্টা শিক্ষা প্ৰক্ৰিয়া নিৰ্ভৰশীল আৰু সেয়ে ইয়াক শিক্ষাৰ ত্ৰিপাক্ষিক প্ৰক্ৰিয়া বোলা হয় । তলৰ চিত্ৰৰ সহায়েৰে শিক্ষাৰ তিনিটা দিশ বুজিব পাৰি ।
প্ৰশ্নঃ 29. শিক্ষা আৰু নিম্নলিখিত বিষয়বোৰৰ সম্বন্ধ লিখা ।
উত্তৰঃ ক) শিক্ষা আৰু জীৱবিদ্যাঃ শিক্ষাৰ লগত জীৱবিদ্যাৰ এক গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে । শিক্ষাৰ কাম হৈছে মানৱীয় ক্ষমতাৰ বিকাশ সাধন কৰি সামাজিক জীৱনৰ উপযোগী স্বাৱলম্বী জীৱন যাপন কৰাত সহায় কৰে । জীৱবিদ্যাৰ দ্বাৰা লাভ কৰা জ্ঞানৰ সহায়ত শিক্ষাই মানুহৰ বিকাশ প্ৰক্ৰিয়া পদ্ধতিগতভাৱে পৰিচালনা কৰাত সহায় কৰে । জীৱবিদ্যাৰ জ্ঞানে শিক্ষকক ছাত্ৰ-ছাত্ৰীৰ জৈৱিক চৰিত্ৰ, দৈহিক বিশেষত্ব, শৰীৰ জ্ঞানে লাভ কৰাত সহায় কৰে । জীৱ বিজ্ঞানে প্ৰাণীৰ ক্ৰমবিকাশ ক্ষেত্ৰত বংশ আৰু পৰিৱেশৰ প্ৰভাৱ সম্পৰ্কে বৰ্তমান বিস্তৃতভাৱে অধ্যন কৰা হয় । ব্যক্তিগত বৈষম্যৰ আলোচনাৰ ক্ষেত্ৰত বংশগতিৰ অধ্যয়ন অপৰিহাৰ্য । এই বিষয় দুটা মূলতঃ জীৱবিদ্যাৰ অন্তৰ্গত । গতিকে স্বাভাৱিকতেই শিক্ষাই জীৱবিদ্যাৰ ওচৰ চাপিৰলগীয়া হয় । জীৱবিদ্যাই ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু অধ্যাত্মিক বিকাশ সম্পৰ্কে অধ্যয়ন কৰে । পৰিৱেশৰ ক্ষেত্ৰত জীৱবিদ্যাই প্ৰাকৃতিক পৰিৱেশ আৰু ব্যক্তিৰ ওপৰত পৰা ইয়াৰ প্ৰভাৱৰ কথা সূচায় । জীৱবিদ্যাই জীৱৰ ক্ৰমবিকাশ, ইন্দ্ৰিয় সমূহ, জিন, হৰম’ন আদি সম্বন্ধে অধ্যয়ন কৰে । শিক্ষাই উপৰোক্ত দিশমসূহৰ জ্ঞান বৃদ্ধিত সহায় কৰে ।
খ) শিক্ষা আৰু সমাজ বিজ্ঞানঃ শিক্ষা আৰু সমাজ বিজ্ঞানৰ মাজত এখ ওতঃপ্ৰোত সম্বন্ধ আছে। শিক্ষাই হৈছে ব্যক্তিৰ জন্মগত অসংশোধিত প্ৰবৃত্তিগত আচৰণসমূহ সংশোধিত কৰি সামাজিকভাৱে প্ৰকাশৰ উপযোগী কৰি গঢি তোলে । কাৰিকৰী দিশত শিক্ষা হৈছে এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা সমাজে স্কুল-কলেজ আদিৰ মাধ্যমেৰে সাংস্কৃতিত ঐতিহ্য, মূল্যবোধ, দক্ষতা পৰম্পৰাগতভাৱে প্ৰদান কৰে । শিক্ষানুষ্ঠানত শিক্ষকে পদ্ধতিগতভাৱে সমাজৰ লক্ষ্য আৰু উদ্দেশ্যক ছাত্ৰ-ছাত্ৰীৰ আগত উপস্থাপন কৰে । আনহাতে সমাজ শাস্ত্ৰ বিজ্ঞান হৈছে সামাজিক জীৱন সম্পৰ্কীয় বিজ্ঞান । সমাজশাস্ত্ৰ বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হৈছে ‘Sociology’ । এই ‘Sociology’ শব্দটো মূলতঃ লেটিন শব্দ Socius অৰ্থাত্ জ্ঞান একেলগে থকা বা সমাজ আৰু গ্ৰীক শব্দ ‘Logos’ অৰ্থাত্ জ্ঞান বা “Scientific Study’ । গতিকে সমাজ বিজ্ঞানৰ আলোচনাৰ মূল বিষয়সমূহ হ’ল মানুহৰ জীৱন প্ৰক্ৰিয়া, কাৰ্যকলাপ, দলীয় আচৰণ, ৰুচিবোধ, আচাৰ-ব্যৱহাৰ, জাতি আৰু সম্প্ৰদায় সম্পৰ্কীয় চেতনাৰ স্বৰূপ নিৰ্ণয়, সভ্যতা সংস্কৃতি আদিৰ সবিশেষ আলোচনা । ইয়াৰ উপৰিও সমাজৰ উত্পত্তি, উত্থান-পতন, ক্ৰমবিকাশ আৰু বিৱৰ্তন, সামাজিক সম্পৰ্ক, সামাজিক জীৱন প্ৰণালীৰ বিশেষত্ব আদিৰ বিষয়েও সমাজ বিক্ষানত অধ্যয়ন কৰা হয় । সমাজৰ ক্ৰিয়াকলাপ আদিৰ বিষয়ে ধাৰাবাহিকভাৱে বিচাৰ বিশ্লেষণ কৰে । শিক্ষাৰ উদ্দেশ্য হ’ল ব্যক্তিৰ মাজত সামাজিক গুণসমূহৰ বিকাশ সাধন কৰা যাৰ জৰিয়তে ব্যক্তি আৰু সমাজ উভয়ে ভালদৰে বসবাস কৰিব পাৰে । আনহাতে সমাজ বিজ্ঞানত ব্যক্তিয়ে বসবাস কৰা সমাজখনৰ বিষয়ে তন্ন তন্নকৈ বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰা হয় । সেয়েহে শিক্ষা আৰু সমাজ বিজ্ঞানক একেটা মুদ্ৰাৰে দুটা পিঠি হিচাপে স্বীকাৰ কৰা হৈছে ।
গ) শিক্ষা আৰু দৰ্শনৰ সম্বন্ধঃ শিক্ষা আৰু দৰ্শন ওতঃপ্ৰোতভাৱে জডিত । শিক্ষাৰ লগত দৰ্শন সম্বন্ধ আছে । সাধাৰণ অৰ্থত্ ক’বলৈ গ’লে ‘দৰ্শন’ মানে “চকুৰে দেখাকে” বুজায় । কিন্তু, ভাৰতীয় সংস্কৃতিক পৰিপ্ৰেক্ষিতত দৰ্শন শাস্ত্ৰৰ “দৰ্শন” শব্দটোৱে কেৱল চকুৰে দেখাকে বুজোৱা নাই, ইয়াত জ্ঞানৰ চকুৰে জগতত প্ৰকৃত ৰূপ দেখাৰ কথাকে সূচাইছে । ‘দৰ্শন’ মানে হৈছে ‘সত্যৰ উপলব্ধি’ ।
এখন দেশৰ শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য নিৰূপণ কৰে দৰ্শনেহে । সেয়েহে প্ৰত্যেক দেশৰে শিক্ষাৰ লক্ষ্য সম্বন্ধে আলোচনা কৰিলে বিভিন্নতা প্ৰত্যক্ষ কৰা হয় । দেশখনৰ শিক্ষা ব্যৱস্থাৰ লক্ষ্য সম্বন্ধে আলোচনা কৰিলেই বিভিন্ন ব্যক্তিৰ কোন দৰ্শনত বিশ্বাসী তাৰ উমান পোৱা যায় । ব্যক্তিৰ আচৰণ সংশোধন কৰাৰ ক্ষেত্ৰত দৰ্শনে নীতি-নিৰ্দেশনা নিৰ্ধাৰণ কৰে । শিক্ষাৰ লক্ষ্যইও ব্যক্তিৰ আচৰণ কৰি আদৰ্শ ব্যক্তি গঢি উঠাৰ ওপৰত গুৰুত্ব দিয়ে । দৰ্শনে জীৱনৰ মূল্যবোধ সম্পৰ্কে অৱগত কৰোৱাই যে শিক্ষাই সেইবোৰৰ কাৰ্যকৰীকৰণত ক্ষেত্ৰত শিক্ষণ পদ্ধতি, অনুশাসন মানি চলাৰ ক্ষেত্ৰত দৰ্শনৰ প্ৰভাৱ যথেষ্ট গুৰুত্বপূৰ্ণ ।
ঘ) শিক্ষা আৰু অৰ্থনীতি গভীৰভাৱে জডিত । অৰ্থনীতি মানে হ’ল সম্পদৰ অধ্যয়ন । অৰ্থনীতিয়ে এখন দেশৰ অৰ্থনৈতিক অৱস্থা, বিকাশ আৰু আৰ্থ-সামাজিক দিশৰ সুচাৰুৰূপে বিকাশ আৰু প্ৰগতিৰ অধ্যয়ন কৰে । আনহাতে, শিক্ষাৰ উদ্দেশ্য হ’ল ব্যক্তিক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলে । দেশৰ অৰ্থনৈতিক বিকাশ আৰু শিক্ষা ব্যৱস্থাৰ বিকাশৰ মাজত এক পাৰস্পৰিক সম্বন্ধ আছে । অৰ্থনৈতিকভাৱে উন্নত দেশতহে শিক্ষাৰ উন্নতি পৰিলক্ষিত হয় । আনহাতে, আৰ্থিকভাৱে পিছপৰা দেশ এখনে শিক্ষাৰ নিম্নতম সা-সুবিধাও প্ৰদান কৰিব নোৱাৰে আৰু ইয়াৰ ফলত দেশৰ শিক্ষা ব্যৱ্থাও নিম্নগামী হয় । অৰ্থনীতিয়ে ব্যক্তিক উত্পাদনশীল ব্যক্তি হিচাপে গঢি সমাজ আৰু ৰাষ্ট্ৰৰ উপকাৰ সাধন কৰিব পাৰে । শিক্ষাৰ মূল কাৰ্য হ’ল মানৱীয় প্ৰতিভা বিকাশ সাধন কৰি মানুহক উত্পাদনৰ চালিকা শক্তি হিচাপে গঢি তোলা । শিক্ষাৰ পৰিকল্পনা, সম্পদৰ বিতৰণ, সংগঠন, বিনিয়োগ আদি দিশবোৰ অৰ্থনীতি গণ্ডীৰ ভিতৰত নিৰ্ধাৰণ কৰা হয় . বৰ্তমান শিক্ষাক মানৱ সম্পদ বিকাশৰ আহিলা হিচাৰে গণ্য কৰাৰ লগে লগে শিক্ষা আৰু অৰ্থনীতিৰ যোগসূত্ৰ ঘনিষ্ঠ হৈ পৰিছে । গতিকে শিক্ষা প্ৰক্ৰিয়াক সফলৰূপে আগুৱাই নিয়াত অৰ্থনৈতিক উপাদানে গিৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে ।
অৰ্থবিজ্ঞানে অধ্য়য়ন কৰা শিক্ষাৰ প্ৰধান দিশসমূহ হ’ল- শিক্ষা আৰু আৰ্থিক বিকাশ, শৈক্ষিক মূলধনৰ ধাৰণা আৰু জোখ, অৰ্থনৈতিক উপকাৰৰ কাৰণে শিক্ষাৰ পৰিকল্পনা ব্যক্তিগত আৰু সমষ্টিগত, শিক্ষাক অৰ্থ যোগান আৰু ব্যয় ।
ঙ) শিক্ষাৰ লগত পৰিসংখ্যা বিজ্ঞানৰ সম্বন্ধঃ বিজ্ঞানৰ যি শাখাত কোনো এটা নিৰ্দিষ্ট বিশেষ ক্ষেত্ৰত মূল্যাংকনৰ বা সংখ্যামূলক তথ্য সংগ্ৰহ কৰি সেই তথ্যৰ পৰীক্ষা, বিচাৰ বিশ্লেষণ, তুলনা আদিৰ দ্বাৰা কোনো সিদ্ধান্তত উপনীত হ’ পা যায় তাকে পৰিসংখ্যা বিজ্ঞান বোলে । শিক্ষাই এই তথ্যসমূহ সংগ্ৰহ কৰাৰ পৰা উপস্থাপিত কৰালৈকে সহায় কৰে ।
শিক্ষাৰ লগত পৰিসংখ্যা বিজ্ঞানৰ যথেষ্ট সম্বন্ধ আছে । ছাত্ৰ-ছাত্ৰীসকলৰ মূল্যায়ণ ব্যৱস্থা, শিক্ষণ পদ্ধতি, মানসিক শক্তিসমূহৰ পৰিমাপণ, পৰীক্ষা-ফলাফল নিৰ্ণয়, গৱেষণা আদিৰ ক্ষেত্ৰত পৰিসংখ্যা শিক্ষাৰ্থীৰ কৃতকাৰ্যতা-অকৃতকাৰ্যতাৰ মান নিৰ্ণয়, যোগ্যতা আৰু ক্ষমতাৰ তুলনামূলক অধ্যয়ন কৰিবলৈ হ’লে বিজ্ঞানসন্মত অধ্যয়নৰ প্ৰয়োজন আৰু এই প্ৰয়োজন পূৰণ কৰিব পাৰে পৰিসংখ্যা বিজ্ঞানে । আনহাতে, শিক্ষা আভ্যন্তৰীণ সমস্যা সমাধানৰ বাবেও পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োগ অতি প্ৰয়োজন । শিক্ষাৰ ক্ষেত্ৰত হোৱা বিভিন্ন গৱেষণা, অধ্যয়ন আদিত পৰিসংখ্যা বিজ্ঞানৰ গড, মধ্যমা আদি বহুলভাৱে প্ৰয়োগ হোৱা দেখা যায় ।
প্ৰশ্নঃ 30. শিক্ষা এক জীৱনজোৰা প্ৰক্ৰিয়া- ব্যাখ্যা কৰা ।
উত্তৰঃ শিক্ষা এক জীৱনজোৰা প্ৰক্ৰিয়া- এই উক্তিটো আগবঢাইছিল মহান শিক্ষাবিদ জন ডিউইয়ে । ইয়াৰ অৰ্থ হ’ল শিক্ষা আহৰণৰ কেতিয়াও অন্ত নাম, ই এক বিৰামহীন প্ৰক্ৰিয়া । মূনুহৰ জীৱনত আজীৱন এই প্ৰক্ৰিয়াটো অবিৰতভাৱে চলি থাকে । শিক্ষাৰ সংকীৰ্ণ অৰ্থৰ দৃষ্টিৰে চালে শিক্ষাৰ পৰিসমাপ্তি আছে যদিও বহল দৃষ্টিভংগীৰে চালে শিক্ষাৰ কোনো সমাপ্তি নাই । শিক্ষা হ’ল আমাৰ গোটেই জীৱনব্যাপী চলি থকা এক প্ৰক্ৰিয়া । জন্মৰ পিছ মুহূৰ্তৰ পৰাই এই প্ৰক্ৰিয়া আৰম্ভ হৈ মৃত্যুৰ ঠিক আগমুহূৰ্তলৈকে চলি থাকে । আমাৰ জীৱনত উৰ্ধ্বস্তৰলৈ যোৱাৰ ক্ষেত্ৰত সদায় শিক্ষাই সহায় কৰি আহিছে ।
প্ৰশ্নঃ 31. শিক্ষা সমাজ পৰিৱৰ্তন আহিলা – ব্যাখ্যা কৰা ।
উত্তৰঃ সমাজ পৰিৱৰ্তনৰ এক শক্তিশালী আহিলা হিচাপে গণ্য কৰা হয় । সমাজ সদায় পৰিৱৰ্তনশীল । সময়ৰ অগ্ৰগতিৰ লগে লগে সমাজৰ বিকাশৰো পৰিৱৰ্তন হয় । শিক্ষাই হ’ল সমাজৰ শক্তিশালী আহিলা, যিয়ে নেকি সামাজিক পৰিৱৰ্তনৰ প্ৰতি ইচ্ছা মানুহৰ মনত যিমান সোনকালে জগাই তুলিবৰ পাৰে আন কোনো ব্যৱস্থাই সেই ভূমিকা ল’ব নোৱাৰে । শিক্ষাৰদ্বাৰা মানুহৰ মনত থকা কু-সস্কাৰ, কু-অভ্যাস আদি গুচাব পাৰি । ফলস্বৰূপে সামাজিক প্ৰগতি আৰু উন্নতি আশা কৰিব পাৰি। শিক্ষা অবিহনে সামাজিক উন্নতি আৰু প্ৰগতি আশা কৰিব নোৱাৰি । সেইবাবেই শিক্ষাক এক সামাজিক পৰিৱৰ্তনৰ আহিলা হিচাপে গণ্য কৰা হয় ।
প্ৰশ্নঃ 32. আচৰণ সংশোধন স্বৰূপে শিক্ষা -ব্যাখ্যা কৰা ।
উত্তৰঃ শিক্ষাৰ আচৰণ সংশোধনৰ আহিলাস্বৰূপে আখ্যা দিব পাৰি । শিক্ষা প্ৰক্ৰিয়াটোক জীৱনৰ এক বিৰামহীন প্ৰক্ৰিয়াস্বৰূপে গণ্য কৰিব পাৰি । জীৱনৰ প্ৰতিটো মুহূৰ্ততে আমি কিবা নহয় কিবা এটা শিকি থাকো অৰ্থাত্ আমি আমাৰ আচৰণৰ পৰিৱৰ্তন কৰি থাকো । নৱজাতকৰ কেঁচুৱা এটাই জন্ম হৈয়েই প্ৰথমে আচহুৱা পৰিৱেশত কান্দিবলৈ আৰম্ভ কৰে । কিন্তু যেতিয়া কোনোবাই তাক কোলাত লয়, তেতিয়া কান্দিবলৈ এৰে । অৰ্থাত্ সি গম পায় যে তাৰ নিৰাপত্তাৰ বাবে কোনোবা আছে । এনেকৈয়ে আমি জন্মৰ পৰা মৃতুলৈ নিজৰ আচৰণ সংশোধন কৰি থাকো । মনোবিজ্ঞানী মেক্ডুগেলৰ মতে, আমি সদায় নিতি ধৰণৰ আচৰণৰদ্বাৰা পৰিচালি হওঁ – মানসিক, শাৰীৰিক আৰু আৱেগিক । মানৱ জীৱনত এই আচৰণৰ সুস্থ আৰু অসুস্থ প্ৰভাৱ দুইটাই পৰিব পাৰে । সেয়েহে সু-পৰিৰল্পিত শিক্ষাৰ জৰিয়তে শিশু অৱস্থাৰ পৰাই সু-আচৰণৰ জৰিয়তে সু-অভ্যাস গঠন কৰিবলৈ যত্ন কৰিব লাগে ।
প্ৰশ্নঃ 33. শিক্ষাৰ ক্ষেত্ৰত দৰ্শনৰ ভূমিকা ব্যাখ্যা কৰা ।
উত্তৰঃ শিক্ষা হৈছে ব্যৱহাৰিক প্ৰক্ৰিয়া আৰু দৰ্শন হৈছে তাত্ত্বিক । দৰ্শনৰ সহায়ত শিক্ষাৰ আদৰ্শ, নীতি, কাৰ্য, মূল্যবোধ আদি প্ৰস্তুত কৰা হয় আৰু শিক্ষাৰ জৰিয়তে দাৰ্শনিক তত্ত্সমূহ এটা যুগৰ পৰা আন এটা যুগলৈ বা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ হস্তান্তৰিত কৰা হয় । দৰ্শনৰ প্ৰভাৱ শিক্ষাৰ লক্ষ্য, শিক্ষণ পদ্ধতি, শিক্ষণৰ ভূমিকা, পাঠ্যক্ৰম প্ৰস্তুত আদি সকলোবেৰ কাৰ্যতেই বিৰাজমান বিভিন্ন ধৰণৰ দাৰ্শনিক স্কুলসমূহে শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ কৰি আহিছে । প্ৰয়োগবাদ, প্ৰকৃতিবাদ, বাস্তৱবাদ আদি দৰ্শনে নিজস্ব চিন্তাৰে শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু ইয়াৰ প্ৰভাৱ বৰ্তমান শিক্ষাত পৰিছে । দৰ্শনৰ বাবেই পাঠ্যক্ৰমৰ বিষয় নিৰ্ধাৰণ কৰাত সহজসাধ্য হৈ পৰিছে । অনুশাসনৰ ক্ষেত্ৰতো শিক্ষাত দৰ্শনৰ প্ৰভাৱ পৰিলক্ষিত হয় । দৰ্শনে শিক্ষাৰ্থীৰ জীৱনৰ লক্ষ্য, উদ্দেশ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত বিশেষভাৱে সহায় আগবঢায় সেইবাবে শিক্ষাৰ ক্ষেত্ৰত দৰ্শনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি কোৱা হয় ।
প্ৰশ্নঃ 34. শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য বুলিলে কি বুজা ?
উত্তৰঃ শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য প্ৰকৃতিবাদ দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত । এই দৃষ্ঠিভংগীৰ মতে, শিশুৰ ব্যক্তিত্ব গঢি তুলিবৰ বাবে তাৰ দেহ-মানসিক ক্ষমতাসমূহৰ আশানুৰূপ বিকাশত সৰ্বাধিক গুৰুত্ব দিব লাগে । ব্যক্তিৰ সকলো দেহ-মানসিক সম্ভাৱনীয়তাৰ পূৰ্ণ বিকাশ সাধন কৰাটো শিক্ষাৰ লক্ষ্য বা উদ্দেশ্য হ’ব লাগিব শিক্ষাৰ লক্ষ্য বা উদ্দেশ্য হ’ব লাগে . ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ মতে প্ৰত্যেক ব্যক্তিয়েই জন্মগতভাৱে কিছুমান বিশেষ শুণ আহৰণ কৰে । এই গুণসমূহৰ আশামৰূপ বিকাশ সাধন কৰাটোৱেই হ’ব লাগিব শিক্ষাৰ লক্ষ্য । ব্যক্তিভেদে বা ব্যক্তি পাৰ্থক্য অনুসৰি শিক্ষা ব্যৱস্থা বেলেগ হোৱা উচিত । মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও মানুহৰ দেহ-মানসিক অৱস্থা, বুদ্ধি-বৃত্তি আদিৰ ক্ষেত্ৰত ব্যক্তি পাৰ্থক্যৰ প্ৰশ্ন বিশেষভাৱে সেই অনুপাতে শিক্ষাৰ ব্যৱস্থা কৰাৰ ওপৰত মনোবিজ্ঞানীসকলে গুৰুত্ব আৰোপ কৰে ।
প্ৰশ্নঃ 35. সামাজিক মূল্যবোধ বুলিলে কি বুজা ?
উত্তৰঃ সমাজ হ’ল মানুহৰ বাবে অত্যন্ত প্ৰয়োজনীয় । মানুহ নহ’লে সমাজৰ অস্তিত্ব নাথাকে আৰু সমাজ নাথাকিলে মানুহে সুখ-শান্তিৰে বসবাস কৰিব নোৱাৰে । সমাজে মানুহৰ জীৱনক সুৰক্ষা প্ৰদান কৰে । সামাজিক জীৱনত নিজকে ব্যক্তিৰূপে পৰিচয় দিবলৈ সামাজিক মূল্যবোধৰ প্ৰয়োজন হয় । এগৰাকী ব্যক্তিৰ সামাজিক দক্ষতা নিৰূপণ হয় তেওঁ সততা, সত্যবাদিতা, সহযোগিতা, ভাতৃত্ববোধ, ন্যায়পৰায়ণতা, আনুগত্য আৰু আত্মনিয়ন্ত্ৰণৰ সহায়ত । যদি সমাজত মূল্যবোধ নাথাকে তেন্তে তেনে সমাজ কেতিয়াও আগবাঢ়ি যাব নোৱাৰে । সামাজিক মূল্যবোধৰ শিক্ষা সমাজৰ ব্যক্তিসকলে নিজৰ ঘৰত, সামাজিক কাৰ্যৰ জৰিয়তে আৰু ৰীতি-নীতি পালনৰদ্বাৰা উঠি অহা প্ৰজন্মক দিব লাগিব । সমাজৰ প্ৰতিজন ব্যক্তিয়ে আত্মস্বাৰ্থ বাদ দি সমাজৰ স্বাৰ্থৰ হকে চিন্তা কৰিব লাগিব । এজনে আনজৰ সকলোৰে একতাৰ বান্ধোনেৰে বান্ধ খোৱাত সহায় কৰে ।
প্ৰশ্নঃ36. লৈতিক মূল্যবোধৰ বিষয়ে চমুকৈ আচোলনা কৰা ।
উত্তৰঃ নৈতিকতা হ’ল এক বহল ধাৰণা । এই ধাৰণাই ব্যক্তিৰ জীৱনৰ বৌদ্ধিক, সামাজিক আৰু নন্দনতাত্ত্বিক বিভিন্ন দিশ সামৰি লয় । নৈতিক মুল্যবোধে মানুহৰ জীৱন ধাৰণৰ বিভিন্ন ক্ষেত্ৰ প্ৰভাৱান্বিত কৰে আৰু ব্যক্তিৰ ঘৰ, সমাজ, অৰ্থনৌতিক ক্ষেত্ৰ আদিত ইয়াৰ প্ৰতিফলন হয় । মানুহ জন্মৰ পিছতেই সামাজিক পৰিৱেশ আৰু শিক্ষাদ্বাৰা নৈতিকভাৱে প্ৰভাৱিত হয় । মানুহ প্ৰবৃত্তিৰ দাস । জন্মগতভাৱে লাভ কৰা প্ৰবৃত্তিসমূহ কেৱল শিক্ষাৰদ্বাৰাহে সংশোধিত কৰিব পাৰি ততআ নিয়ন্ত্ৰিত কৰিব পাৰি । এই সকলোৰে নিয়ন্ত্ৰণ কৰিবৰ বাবে প্ৰয়োজন হয় জীৱনৰ উচ্চ মূল্যবোধ, উচ্চ আদৰ্শ আৰু উচ্চ মনোভাৱৰ ।
শৈক্ষিক পৰিকল্পনাৰদ্বাৰা শিক্ষাৰ্থীসকলৰ মনত নৈতিকতাৰ বীজ ৰোপণ কৰিব পাৰি ।
প্ৰশ্নঃ 37. সৌন্দৰ্যাত্মক বা নন্দনতাত্ত্বিক মূল্যবোধ কাক বোলে ?
উত্তৰঃ অৱস্থাতেই মানুহে জীৱন ধাৰণৰ বাবে কিছুমান অস্ত্ৰ-শস্ত্ৰ সাজি লৈছিল আৰু সেইবোৰ বস্তুৱে কিছুমান নতুন সংস্কৃতিৰ জন্ম দিছিল । সেই নন্দনতাত্ত্বিক দিশটোৱে তেতিয়াৰ পৰাই মানুহৰ মনত সৌন্দৰ্যৰ প্ৰতি আপ্লুত কৰিছিল বুলি ধাৰণা কৰিব পাৰি । সৌন্দৰ্যবোধে ব্যক্তিক লহে লহে কিছুমান কৌশকল জৰিয়তে বিভিন্ন কাৰ্যত জড়িত কৰিছিল । বিশেষকৈ আজৰি সময়ত তেওঁলোকে এই বিষয়ে চিন্তা কৰিছিল । প্ৰাকৃতিক সৌন্দৰ্যই ব্যক্তিৰ মনত সৌন্দৰ্যবোধৰ মনোভাব গঢ়াত সহায় কৰিছিল । মনীষী প্লেটোৱে সৌন্দৰ্যবোধত বিশ্বাস কৰিছিল । তেওঁৰ মতে, পৃথিৱীৰ সকলো বস্তুৱেই নিজস্ব সৌন্দৰ্য বিচাৰি ল’ব লাগিব । সৌন্দৰ্যখিনি উপলব্ধি কৰো তেতিয়াহ’লে আমি সৌন্দৰ্যবোধৰ শিক্ষা লাভগ সফল হ’ব পাৰিম ।
প্ৰশ্নঃ38. ‘শিক্ষাই আত্মনিৰ্ভৰশীল আৰু সফল জীৱন-যাপনত সহায় কৰে’ ব্যাখ্যা কৰা ।
উত্তৰঃ শিক্ষাৰ এটা প্ৰধান উদ্দেশ্য হ’ল- ব্যক্তিৰ আন্তঃদক্ষতাক বিকাশ কৰি যোগাযোগ কৌশল, সমস্যা সমাধান কৌশল আদি গুণবোৰৰ বিকাশ সাধন কৰা । শিক্ষণে, সমস্যা সমাধান কৌশল আদি গুণবোৰৰ বিকাশ সাধন কৰে । শিক্ষণে স্বীকৃতিপ্ৰাপ্ত কৌশলক ব্যক্তিগত দক্ষতালৈ ৰূপান্তৰিত কৰে । ফলত শিক্ষা-দীক্ষা গ্ৰহণ কৰাৰ পিছত শিক্ষাৰ্থীসকলে আত্মবিশ্বাস, আত্মনিৰ্ভৰ আৰু মিলা-প্ৰীতিৰে সফল জীৱন-যাপনত অভ্যস্ত হ’ব পাৰে । শিক্ষাৰ সহায়ত পৰস্পৰৰ মাজত বুজাপৰাৰ মনোভাব গঢ়ি তুলি পৰস্পৰ নিৰ্ভৰশীল মনোভাব গঢ়ি তুলিব পৰিলেহে সমাজত শান্তি সম্প্ৰীতি স্থাপন হ’ব । সেয়ে শিক্ষা প্ৰক্ৰিয়াত শিক্ষাৰ্থীসকলক যুটীয়া প্ৰকল্প কৰাত গুৰুত্ব প্ৰদান কৰিব সকলোৰে প্ৰতি সদ্ভাৱ, সদিচ্ছা, শ্ৰদ্ধাৰ ভাব সৃষ্টিত গুৰুত্ব প্ৰদান কৰাব লাগে । এনে কৰাত ফলত শিক্ষাৰ্থীৰ আত্মবিশ্বাস বৃদ্ধি হোৱাত লগতে সকলোৰে লগত বুজাপৰাৰ মনোভাবেৰে চলাৰ মানসিকতা গঢ়ি উঠে । কিয়নো শিক্ষাৰ মুখ্য কাৰ্যই হ’ল শিক্ষাৰ্থীক মানৱ জাতিৰ বিভিন্নতা আৰু ইজনৰ লগত সিজনৰ বুজাপৰাৰ লগতে আত্মনিৰ্ভৰশীলতা আদি সৃষ্টি কৰা ।
D. পাৰ্থক্য লিখাঃ
ক) আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ পাৰ্থক্য আনুষ্ঠানিক শিক্ষা
১) এই শিক্ষা বিদ্যালয়ত আৰম্ভ হয় আৰু বিশ্ববিদ্যালয় পৰ্যন্ত বৰ্তি থাকে । এনে শিক্ষা সময় সাপেক্ষে ।
২) শিক্ষানুষ্ঠানৰ দ্বাৰা এই শিক্ষা প্ৰদান কৰা হয় ।
৩) প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক ব্যকিতৰ দ্বাৰা শিক্ষা প্ৰদান কৰা হয় ।
৪) ইয়াত কিছুমান ধৰা-বন্ধা নিয়ম থাকে ।
৫) শিক্ষাৰ পৰিধি অতি সীমিত আৰু সংকীৰ্ণ ।
৬) ডিগ্ৰী, ডিপ্লমা, চাৰ্টিপিকেট প্ৰদান কৰা হয় ।
৭) নিৰ্দিষ্ট পাঠ্যক্ৰম, সুনিৰ্দিষ্ট পৰিকল্পনা পৰিলক্ষিত হয় ।
৮) নিৰ্ধাৰিত পৰিধি সীমিত আৰু সংকীৰ্ণ ।
৯) ছাত্ৰ-ছাত্ৰী বয়সৰ সীমাৱদ্ধতা থাকে ।
১০) শিক্ষাৰ পৰিধি সীমিত আৰু সংকীৰ্ণ ।
১১) মানৱ সম্পদৰ সৰ্বতোপ্ৰকাৰ ব্যৱহাৰ নহয় ।
১২) পাঠ্যক্ৰমৰ বিষয়বস্তু আৰু কাৰ্যসূচীসমূহ নিৰ্ধাৰিত ।
অনানুষ্ঠানিক শিক্ষাঃ
১) জীৱনব্যাপী চলি থকা প্ৰক্ৰিয়া ।
২) অভিজ্ঞতাৰ দ্বাৰা এই শিক্ষা লাভ কৰিব পাৰি ।
৩) যিকোনো পৰিৱেশত, যিকোনো ব্যক্তিৰ পৰা শিক্ষা লাভ কৰিব পাৰি ।
৪) ইয়াত কোনো ধৰা-বন্ধা নিয়ম নাথাকে ।
৫) শিক্ষাৰ পৰিধি ব্যাপক আৰু বিস্তৃত ।
৬) কোনো ডিগ্ৰী, ডিপ্লমা, চাৰ্টিফিকেট প্ৰদান কৰা নহয় ।
১) শিক্ষাৰ্থীৰ ৰুচি, প্ৰয়োজন অনুসৰি বিভিন্ন ধৰণৰ পাঠ্যক্ৰমৰ ব্যৱ্থা কৰা দেখা যায় ।
২) নিৰ্ধাৰিত সময়সীমা নাথাকে ।
৩) বয়সৰ কোনো সীমাবদ্ধতা নাই । সকলো স্বৰৰ ব্যক্তিয়ে এনে শিক্ষা লাভ কৰিব পাৰে ।
৪) শিক্ষাৰ পৰিধি অতি বহল আৰু ব্যপক ।
৫) মানৱ সমপদ ব্যৱহাৰ হয় ।
৬) প্ৰয়োজনমুখী আৰু বাস্তৱধৰ্মী ।
গ) ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্যৰ পাৰ্থক্য ব্যক্তিকেন্দ্ৰিক
১) ব্যক্তিকেন্দ্ৰিক লক্ষ্য প্ৰকৃতিবাদৰ ওপৰত নিৰ্ভৰশীল ।
২) মানুহৰ জৈৱিক অস্তিত্বৰ বিকাশৰ ওপৰত ই গুৰুত্ব দিয়ে ।
৩) ব্যক্তিৰ স্বাধীন আৰু ভিন্নতাৰ বিকাশ প্ৰকাশ হোৱাটো বিচাৰে ।
৪) এই লক্ষ্যই মনোবিজ্ঞানৰ নীতি আৰু পদ্ধতি সমৰ্থন কৰে ।
৫) ব্যক্তিৰ প্ৰকৃতি আৰু প্ৰয়োজনৰ প্ৰতি লক্ষ্যই দৃৰ্ষ্টি ৰাখে ।
সমাজকেন্দ্ৰিক
১) সমাজকেন্দ্ৰিক লক্ষ্য প্ৰয়োগবাদৰ ওপৰত নিৰ্ভৰশীল ।
২) ই মানুহৰ সামাজিক যোগ্যতা লাভৰ ওপৰত গুৰুত্ব দিয়ে ।
৩) সমাজৰ প্ৰয়োজন, সমস্যা আৰু ইয়াৰ প্ৰভাৱৰ ওপৰত কাৰ্য কৰে ।
৪) এই লক্ষ্যই সমাজ বিজ্ঞানৰ নীতি আৰু পদ্ধতি সমৰ্থন কৰে ।
৫) সমাজৰ প্ৰয়োজন আৰু সমস্যাৰ প্ৰতি লক্ষ্যই দৃষ্টি ৰাখে ।
প্ৰশ্নঃ 39. শিক্ষা আৰু নিম্নলিখিত বিষয়বোৰৰ সম্বন্ধ লিখা ।
উত্তৰঃ ক) শিক্ষা আৰু জীৱবিদ্যাঃ শিক্ষাৰ লগত জীৱবিদ্যাৰ এক গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে । শিক্ষাৰ কাম হৈছে মানৱীয় ক্ষমতাৰ বিকাশ সাধন কৰি সামাজিক জীৱনৰ উপযোগী স্বাৱলম্বী জীৱন যাপন কৰাত সহায় কৰে । জীৱবিদ্যাৰ দ্বাৰা লাভ কৰা জ্ঞানৰ সহায়ত শিক্ষাই মানুহৰ বিকাশ প্ৰক্ৰিয়া পদ্ধতিগতভাৱে পৰিচালনা কৰাত সহায় কৰে । জীৱবিদ্যাৰ জ্ঞানে শিক্ষকক ছাত্ৰ-ছাত্ৰীৰ জৈৱিক চৰিত্ৰ, দৈহিক বিশেষত্ব, শৰীৰ জ্ঞানে লাভ কৰাত সহায় কৰে । জীৱ বিজ্ঞানে প্ৰাণীৰ ক্ৰমবিকাশ ক্ষেত্ৰত বংশ আৰু পৰিৱেশৰ প্ৰভাৱ সম্পৰ্কে বৰ্তমান বিস্তৃতভাৱে অধ্যন কৰা হয় । ব্যক্তিগত বৈষম্যৰ আলোচনাৰ ক্ষেত্ৰত বংশগতিৰ অধ্যয়ন অপৰিহাৰ্য । এই বিষয় দুটা মূলতঃ জীৱবিদ্যাৰ অন্তৰ্গত । গতিকে স্বাভাৱিকতেই শিক্ষাই জীৱবিদ্যাৰ ওচৰ চাপিৰলগীয়া হয় । জীৱবিদ্যাই ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু অধ্যাত্মিক বিকাশ সম্পৰ্কে অধ্যয়ন কৰে । পৰিৱেশৰ ক্ষেত্ৰত জীৱবিদ্যাই প্ৰাকৃতিক পৰিৱেশ আৰু ব্যক্তিৰ ওপৰত পৰা ইয়াৰ প্ৰভাৱৰ কথা সূচায় । জীৱবিদ্যাই জীৱৰ ক্ৰমবিকাশ, ইন্দ্ৰিয় সমূহ, জিন, হৰম’ন আদি সম্বন্ধে অধ্যয়ন কৰে । শিক্ষাই উপৰোক্ত দিশমসূহৰ জ্ঞান বৃদ্ধিত সহায় কৰে ।
খ) শিক্ষা আৰু সমাজ বিজ্ঞানঃ শিক্ষা আৰু সমাজ বিজ্ঞানৰ মাজত এখ ওতঃপ্ৰোত সম্বন্ধ আছে। শিক্ষাই হৈছে ব্যক্তিৰ জন্মগত অসংশোধিত প্ৰবৃত্তিগত আচৰণসমূহ সংশোধিত কৰি সামাজিকভাৱে প্ৰকাশৰ উপযোগী কৰি গঢি তোলে । কাৰিকৰী দিশত শিক্ষা হৈছে এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা সমাজে স্কুল-কলেজ আদিৰ মাধ্যমেৰে সাংস্কৃতিত ঐতিহ্য, মূল্যবোধ, দক্ষতা পৰম্পৰাগতভাৱে প্ৰদান কৰে । শিক্ষানুষ্ঠানত শিক্ষকে পদ্ধতিগতভাৱে সমাজৰ লক্ষ্য আৰু উদ্দেশ্যক ছাত্ৰ-ছাত্ৰীৰ আগত উপস্থাপন কৰে । আনহাতে সমাজ শাস্ত্ৰ বিজ্ঞান হৈছে সামাজিক জীৱন সম্পৰ্কীয় বিজ্ঞান । সমাজশাস্ত্ৰ বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হৈছে ‘Sociology’ । এই ‘Sociology’ শব্দটো মূলতঃ লেটিন শব্দ Socius অৰ্থাত্ জ্ঞান একেলগে থকা বা সমাজ আৰু গ্ৰীক শব্দ ‘Logos’ অৰ্থাত্ জ্ঞান বা “Scientific Study’ । গতিকে সমাজ বিজ্ঞানৰ আলোচনাৰ মূল বিষয়সমূহ হ’ল মানুহৰ জীৱন প্ৰক্ৰিয়া, কাৰ্যকলাপ, দলীয় আচৰণ, ৰুচিবোধ, আচাৰ-ব্যৱহাৰ, জাতি আৰু সম্প্ৰদায় সম্পৰ্কীয় চেতনাৰ স্বৰূপ নিৰ্ণয়, সভ্যতা সংস্কৃতি আদিৰ সবিশেষ আলোচনা । ইয়াৰ উপৰিও সমাজৰ উত্পত্তি, উত্থান-পতন, ক্ৰমবিকাশ আৰু বিৱৰ্তন, সামাজিক সম্পৰ্ক, সামাজিক জীৱন প্ৰণালীৰ বিশেষত্ব আদিৰ বিষয়েও সমাজ বিক্ষানত অধ্যয়ন কৰা হয় । সমাজৰ ক্ৰিয়াকলাপ আদিৰ বিষয়ে ধাৰাবাহিকভাৱে বিচাৰ বিশ্লেষণ কৰে । শিক্ষাৰ উদ্দেশ্য হ’ল ব্যক্তিৰ মাজত সামাজিক গুণসমূহৰ বিকাশ সাধন কৰা যাৰ জৰিয়তে ব্যক্তি আৰু সমাজ উভয়ে ভালদৰে বসবাস কৰিব পাৰে । আনহাতে সমাজ বিজ্ঞানত ব্যক্তিয়ে বসবাস কৰা সমাজখনৰ বিষয়ে তন্ন তন্নকৈ বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰা হয় । সেয়েহে শিক্ষা আৰু সমাজ বিজ্ঞানক একেটা মুদ্ৰাৰে দুটা পিঠি হিচাপে স্বীকাৰ কৰা হৈছে ।
গ) শিক্ষা আৰু দৰ্শনৰ সম্বন্ধঃ শিক্ষা আৰু দৰ্শন ওতঃপ্ৰোতভাৱে জডিত । শিক্ষাৰ লগত দৰ্শন সম্বন্ধ আছে । সাধাৰণ অৰ্থত্ ক’বলৈ গ’লে ‘দৰ্শন’ মানে “চকুৰে দেখাকে” বুজায় । কিন্তু, ভাৰতীয় সংস্কৃতিক পৰিপ্ৰেক্ষিতত দৰ্শন শাস্ত্ৰৰ “দৰ্শন” শব্দটোৱে কেৱল চকুৰে দেখাকে বুজোৱা নাই, ইয়াত জ্ঞানৰ চকুৰে জগতত প্ৰকৃত ৰূপ দেখাৰ কথাকে সূচাইছে । ‘দৰ্শন’ মানে হৈছে ‘সত্যৰ উপলব্ধি’ ।
এখন দেশৰ শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য নিৰূপণ কৰে দৰ্শনেহে । সেয়েহে প্ৰত্যেক দেশৰে শিক্ষাৰ লক্ষ্য সম্বন্ধে আলোচনা কৰিলে বিভিন্নতা প্ৰত্যক্ষ কৰা হয় । দেশখনৰ শিক্ষা ব্যৱস্থাৰ লক্ষ্য সম্বন্ধে আলোচনা কৰিলেই বিভিন্ন ব্যক্তিৰ কোন দৰ্শনত বিশ্বাসী তাৰ উমান পোৱা যায় । ব্যক্তিৰ আচৰণ সংশোধন কৰাৰ ক্ষেত্ৰত দৰ্শনে নীতি-নিৰ্দেশনা নিৰ্ধাৰণ কৰে । শিক্ষাৰ লক্ষ্যইও ব্যক্তিৰ আচৰণ কৰি আদৰ্শ ব্যক্তি গঢি উঠাৰ ওপৰত গুৰুত্ব দিয়ে । দৰ্শনে জীৱনৰ মূল্যবোধ সম্পৰ্কে অৱগত কৰোৱাই যে শিক্ষাই সেইবোৰৰ কাৰ্যকৰীকৰণত ক্ষেত্ৰত শিক্ষণ পদ্ধতি, অনুশাসন মানি চলাৰ ক্ষেত্ৰত দৰ্শনৰ প্ৰভাৱ যথেষ্ট গুৰুত্বপূৰ্ণ ।
ঘ) শিক্ষা আৰু অৰ্থনীতি গভীৰভাৱে জডিত । অৰ্থনীতি মানে হ’ল সম্পদৰ অধ্যয়ন । অৰ্থনীতিয়ে এখন দেশৰ অৰ্থনৈতিক অৱস্থা, বিকাশ আৰু আৰ্থ-সামাজিক দিশৰ সুচাৰুৰূপে বিকাশ আৰু প্ৰগতিৰ অধ্যয়ন কৰে । আনহাতে, শিক্ষাৰ উদ্দেশ্য হ’ল ব্যক্তিক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলে । দেশৰ অৰ্থনৈতিক বিকাশ আৰু শিক্ষা ব্যৱস্থাৰ বিকাশৰ মাজত এক পাৰস্পৰিক সম্বন্ধ আছে । অৰ্থনৈতিকভাৱে উন্নত দেশতহে শিক্ষাৰ উন্নতি পৰিলক্ষিত হয় । আনহাতে, আৰ্থিকভাৱে পিছপৰা দেশ এখনে শিক্ষাৰ নিম্নতম সা-সুবিধাও প্ৰদান কৰিব নোৱাৰে আৰু ইয়াৰ ফলত দেশৰ শিক্ষা ব্যৱ্থাও নিম্নগামী হয় । অৰ্থনীতিয়ে ব্যক্তিক উত্পাদনশীল ব্যক্তি হিচাপে গঢি সমাজ আৰু ৰাষ্ট্ৰৰ উপকাৰ সাধন কৰিব পাৰে । শিক্ষাৰ মূল কাৰ্য হ’ল মানৱীয় প্ৰতিভা বিকাশ সাধন কৰি মানুহক উত্পাদনৰ চালিকা শক্তি হিচাপে গঢি তোলা । শিক্ষাৰ পৰিকল্পনা, সম্পদৰ বিতৰণ, সংগঠন, বিনিয়োগ আদি দিশবোৰ অৰ্থনীতি গণ্ডীৰ ভিতৰত নিৰ্ধাৰণ কৰা হয় . বৰ্তমান শিক্ষাক মানৱ সম্পদ বিকাশৰ আহিলা হিচাৰে গণ্য কৰাৰ লগে লগে শিক্ষা আৰু অৰ্থনীতিৰ যোগসূত্ৰ ঘনিষ্ঠ হৈ পৰিছে । গতিকে শিক্ষা প্ৰক্ৰিয়াক সফলৰূপে আগুৱাই নিয়াত অৰ্থনৈতিক উপাদানে গিৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে ।
অৰ্থবিজ্ঞানে অধ্য়য়ন কৰা শিক্ষাৰ প্ৰধান দিশসমূহ হ’ল- শিক্ষা আৰু আৰ্থিক বিকাশ, শৈক্ষিক মূলধনৰ ধাৰণা আৰু জোখ, অৰ্থনৈতিক উপকাৰৰ কাৰণে শিক্ষাৰ পৰিকল্পনা ব্যক্তিগত আৰু সমষ্টিগত, শিক্ষাক অৰ্থ যোগান আৰু ব্যয় ।
ঙ) শিক্ষাৰ লগত পৰিসংখ্যা বিজ্ঞানৰ সম্বন্ধঃ বিজ্ঞানৰ যি শাখাত কোনো এটা নিৰ্দিষ্ট বিশেষ ক্ষেত্ৰত মূল্যাংকনৰ বা সংখ্যামূলক তথ্য সংগ্ৰহ কৰি সেই তথ্যৰ পৰীক্ষা, বিচাৰ বিশ্লেষণ, তুলনা আদিৰ দ্বাৰা কোনো সিদ্ধান্তত উপনীত হ’ পা যায় তাকে পৰিসংখ্যা বিজ্ঞান বোলে । শিক্ষাই এই তথ্যসমূহ সংগ্ৰহ কৰাৰ পৰা উপস্থাপিত কৰালৈকে সহায় কৰে ।
শিক্ষাৰ লগত পৰিসংখ্যা বিজ্ঞানৰ যথেষ্ট সম্বন্ধ আছে । ছাত্ৰ-ছাত্ৰীসকলৰ মূল্যায়ণ ব্যৱস্থা, শিক্ষণ পদ্ধতি, মানসিক শক্তিসমূহৰ পৰিমাপণ, পৰীক্ষা-ফলাফল নিৰ্ণয়, গৱেষণা আদিৰ ক্ষেত্ৰত পৰিসংখ্যা শিক্ষাৰ্থীৰ কৃতকাৰ্যতা-অকৃতকাৰ্যতাৰ মান নিৰ্ণয়, যোগ্যতা আৰু ক্ষমতাৰ তুলনামূলক অধ্যয়ন কৰিবলৈ হ’লে বিজ্ঞানসন্মত অধ্যয়নৰ প্ৰয়োজন আৰু এই প্ৰয়োজন পূৰণ কৰিব পাৰে পৰিসংখ্যা বিজ্ঞানে । আনহাতে, শিক্ষা আভ্যন্তৰীণ সমস্যা সমাধানৰ বাবেও পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োগ অতি প্ৰয়োজন । শিক্ষাৰ ক্ষেত্ৰত হোৱা বিভিন্ন গৱেষণা, অধ্যয়ন আদিত পৰিসংখ্যা বিজ্ঞানৰ গড, মধ্যমা আদি বহুলভাৱে প্ৰয়োগ হোৱা দেখা যায় ।
প্ৰশ্নঃ 40. শিক্ষা এক জীৱনজোৰা প্ৰক্ৰিয়া- ব্যাখ্যা কৰা ।
উত্তৰঃ শিক্ষা এক জীৱনজোৰা প্ৰক্ৰিয়া- এই উক্তিটো আগবঢাইছিল মহান শিক্ষাবিদ জন ডিউইয়ে । ইয়াৰ অৰ্থ হ’ল শিক্ষা আহৰণৰ কেতিয়াও অন্ত নাম, ই এক বিৰামহীন প্ৰক্ৰিয়া । মূনুহৰ জীৱনত আজীৱন এই প্ৰক্ৰিয়াটো অবিৰতভাৱে চলি থাকে । শিক্ষাৰ সংকীৰ্ণ অৰ্থৰ দৃষ্টিৰে চালে শিক্ষাৰ পৰিসমাপ্তি আছে যদিও বহল দৃষ্টিভংগীৰে চালে শিক্ষাৰ কোনো সমাপ্তি নাই । শিক্ষা হ’ল আমাৰ গোটেই জীৱনব্যাপী চলি থকা এক প্ৰক্ৰিয়া । জন্মৰ পিছ মুহূৰ্তৰ পৰাই এই প্ৰক্ৰিয়া আৰম্ভ হৈ মৃত্যুৰ ঠিক আগমুহূৰ্তলৈকে চলি থাকে । আমাৰ জীৱনত উৰ্ধ্বস্তৰলৈ যোৱাৰ ক্ষেত্ৰত সদায় শিক্ষাই সহায় কৰি আহিছে ।
Essay Type Question:
প্ৰশ্নঃ 1. শিক্ষা কি ? শিক্ষাৰ ব্যাপক আৰু সংকীৰ্ণ অৰ্থৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ “শিক্ষা” শব্দটো তাৎপৰ্য বৰ বহল । প্ৰত্যেকেই শিক্ষাক বিভিন্ন দৃষ্টিকোণৰ পৰা বিচাৰ পৃথক পৃথক ধাৰণাৰ সৃষ্টি কৰে । কাৰোবাৰ বাবে শিক্ষা হৈছে অভজ্ঞতা আহৰণ । অন্য এজন মতে, শিক্ষা হৈছে পৰিৱেশৰ লগত খাপ খাব পৰা ক্ষমতা । কোনোবাজনৰ মতে, হয়তো অন্তনিৰ্হিতমানসিক শক্তিকেই বিকশাই তোলাৰ কথা বুজোৱা হৈছে । শিক্ষাৰ ব্যাপক অৰ্থত জন্মৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈ লাভ কৰা প্ৰতিটো অভিজ্ঞতাকে অন্তৰ্ভুক্ত কৰা হৈছে ।
সংকীৰ্ণ অৰ্থত শিক্ষা বুলিলে উজ্জেশ্য প্ৰণোদিতভাৱে নিৰ্দিষ্ট সময়ৰ বাবে নিৰ্দিষ্ট পাঠ্যক্ৰমৰ জ্ঞান দিয়াকে বুজায় । ইয়াৰ বাবে প্ৰয়োজন হয় সুপৰিকল্পিত শিক্ষণ পদ্ধতিৰ । শিক্ষকে বিদ্যালয়ত শিশুক বিভিন্ন শিক্ষা দি সু-অভ্যাস গঠনত সহায় কৰাৰ উপৰি জীৱনৰ মূল্যবোধৰো শিক্ষা দিয়ে । বিদ্যালত নিৰ্দিষ্ট পাঠ্যক্ৰম, অনুশাসন, শিক্ষণ পদ্ধতি মানি চলা হয় । ছাত্ৰ-ছাত্ৰী সকলক পৰীক্ষাৰ মাধ্যমেৰে নম্বৰ বা গ্ৰেড দিয়া হয় । প্ৰচলিত সমাজৰ সাংস্কৃতি ঐতিহ্যসমূহ ভৱিষ্যৎ সমাজৰ উঠি অহা চামলৈ প্ৰেৰণ কৰাই হৈছে সংকীৰ্ণ অৰ্থত শিক্ষাৰ উদ্দেশ্য ।
ব্যাপক অৰ্থত জন্মৰ পৰা মৃত্যুলৈকে এজন ব্যক্তিয়ে কৰা জ্ঞানকেই শিক্ষা বুলি কোৱা হয় । প্ৰত্যেক ব্যক্তিয়ে মিজৰ জীৱনৰ পৰাই শিক্ষা আহৰণ কৰে । বহল অৰ্থত শিক্ষা হ’ল- এক সামাজিক প্ৰক্ৰিয়া । সমাজৰ সকলো ধৰণৰ অনুষ্ঠানতৰ লগত মানুহ জড়িত হৈ থাকে, সেয়েহে সমাজৰ লগত থকা ওতঃপ্ৰোত সম্বন্ধই এজন ব্যক্তিক শিক্ষিত কৰি তোলে । ব্যাপক অৰ্থত শিক্ষাক এজন ব্যক্তিৰ বিকাশ বুলি জনা যায় ।
প্ৰশ্নঃ 2. শিক্ষা বুলিলে কি বুজা ? শিক্ষাৰ বৃত্তিমূলক লক্ষ্য আলোচনা কৰা ।

বৃত্তিমূলক শিক্ষাৰ অৰ্থ হ’ল শিক্ষানুষ্ঠান সমূহত ছাত্ৰ-ছাত্ৰীসকলক কাৰিকৰী, প্ৰযুক্তিবিদ্যা আদিৰ জ্ঞান পৰিকল্পিত আৰু নিয়মিতভাৱে প্ৰদান কৰা । ছাত্ৰ-ছাত্ৰী সকলে ইয়াৰ দ্বাৰাই যাতে ভৱিষ্যৎ জীৱনত নিৰ্দিষ্ট বৃত্তি নিৰ্বাচন কৰি জীৱিকাৰ পথ উলিয়াব পাৰে, তাৰ নিৰ্দেশনা আদি আনুষ্ঠানিক বা অনানুষ্ঠানিক মাধ্যমসমূহৰ জৰিয়তে প্ৰদান কৰা উচিত ।
মানুহক উত্পাদমুখী আৰু স্বাৱলম্বী কৰি তোলাটো শিক্ষাৰ অন্যতম উদ্দেশ্য হোৱা উচিত । জ্ঞান কেৱল আধ্যাত্মিক আৰু সৌন্দৰ্য্যবোধক বিষয় বুলি নাভাবি ব্যৱহাৰিক আৰু উৎপাদনকাৰী বিষয় স্বৰূপেহে বিবেচনা কৰিব লাগে । শিক্ষাৰ আত্মিক প্ৰয়োজনতকৈ আজিৰ শিল্প আৰু বিজ্ঞনমুখী মসাজত অৰ্থনৈতিক প্ৰয়োজন বেছি । বৰ্তমান এনেবিধ প্ৰয়োজন পূৰ্ণ কৰা শিক্ষাই হৈছে বৃত্তীয় শিক্ষা।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.