শিক্ষণ বিজ্ঞান – Pedagogy of Assam TET Syllabus

শিক্ষণ বিজ্ঞান – Pedagogy is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for শিক্ষণ বিজ্ঞান – Pedagogy.

শিক্ষণ বিজ্ঞান – Pedagogy

Join Telegram channel

Table of Contents

Also, you can read the Assam TET online notes in these sections as per Assam TET Syllabus guidelines. These notes are part of Assam TET All Subject. Here we have given Assam TET শিক্ষণ বিজ্ঞান – Pedagogy for All notes, You can practice these here.

শ্ৰেণীকোঠা পৰিচালনা—শিক্ষক আৰু ছাত্ৰৰ ভূমিকা ( Classroom Management. Role of Teacher and the students)

শ্ৰেণীত পাঠদান কৰাৰ আগতে শিক্ষকে নিজকে শ্ৰেণীটোৰ পৰিৱেশৰ লগত খাপ খুৱাই ল’বলৈ প্ৰস্তুত হ’ব লাগে। এটা সম্পূর্ণভাৱে সু-সজ্জিত কোঠাক তেওঁ শ্ৰেণীকোঠা হিচাপে বাছি ল’ব লাগে যাতে ছাত্ৰ-ছাত্ৰীসকলে পাঠদানৰ সময়ত এক সুস্থ পৰিৱেশ গঢ়ি ল’ব পাৰে। ইয়াৰ উপৰি শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ লগে লগে ছাত্ৰ-ছাত্ৰীৰ মাজত থকা বিশৃংখলতা দূৰ কৰি এক শৈক্ষিক পৰিৱেশৰ সৃষ্টি কৰাৰ দায়িত্ব শিক্ষকৰ। ছাত্ৰসকলৰ বাহ্যিক আৰু আভ্যন্তৰীণ দুয়ো দিশৰে অনুশাসন ৰক্ষা কৰাটো শিক্ষকৰ কৰ্তব্য। অনুশাসন ৰক্ষাৰ বাবে তেওঁ সততে দৈহিক শাস্তিৰ প্ৰয়োগৰ পৰা বিৰত থাকিব লাগে। ব্যক্তিগত আৰু পাঠ্য সম্বন্ধীয় যিকোনো সমস্যা ছাত্র-ছাত্রীসকলে যাতে বিনান্বিধাই শিক্ষকজনক সুধিব পাৰে তাৰ বাবে তেওঁ বন্ধুভাৱাকপন্ন মনোভাৱ গঢ়ি লোৱা উচিত। শিক্ষকে ছাত্ৰ-ছাত্ৰীক পাঠদানৰ সময়ত বিভিন্ন কথা কোৱাৰ পৰিৱৰ্তে প্ৰশ্নৰ উত্তৰ সঠিকভাৱে দিবলৈ উৎসাহিত কৰিব লাগে।

শ্ৰেণীকোঠাত এক সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত শিক্ষকৰ লগতে ছাত্ৰ-ছাত্ৰীৰো যথেষ্ট ভূমিকা থাকে। শ্রেণীকোঠাত শিক্ষক প্রৱেশ কৰাৰ পিছত নিজৰ নিজৰ আসন গ্ৰহণ কৰাটো ছাত্ৰ-ছাত্ৰীৰ কৰ্তব্য। তেওঁলোকে শিক্ষা লাভ কৰিবলৈ হ’লে শিক্ষকক সহযোগ কৰিব লাগিব। শিক্ষক-ছাত্ৰৰ উপযুক্ত সম্বন্ধ গঢ়ি উঠিলেহে শ্রেণীকোঠাত উপযুক্ত শিক্ষাদান সম্ভৱ হয়।

শিক্ষকৰ নেতৃত্বমূলক গুণাৱলীসমূহ (Leadership quality of teacher) :- ছাত্ৰ-ছাত্ৰীসকলৰ মনত পৰোক্ষ আৰু মনোবৈজ্ঞানিক প্ৰভাৱ পেলাৱৰ বাবে শিক্ষকৰ বিশেষ কিছুমান গুণৰ প্ৰয়োজন। এই সমূহ নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি ৷

(ক) দৈহিক উপযুক্ততা (Physical fitness) :- শিক্ষকৰ দৈহিক আকর্ষণীয়তাই ছাত্ৰ-ছাত্ৰীক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰে। দৈহিক উপযুক্ততাৰ ফালৰ পৰা শিক্ষকৰ দৃষ্টিশক্তি, শ্ৰৱণ শক্তি, স্বৰ-ধ্বনি আদি অত্যন্ত স্বাভাৱিক আৰু দোষমুক্ত হোৱাটো বাঞ্ছনীয়।

(খ) বৌদ্ধিক সক্রিয়তা (Intellectual activity) :- শিক্ষকসকল বৌদ্ধিক ক্ষেত্ৰত যথেষ্ট সক্ৰিয় হ’ব লাগে। তেওঁলোকৰ অধ্যয়নপুষ্ট মন, নতুন জ্ঞানৰ প্ৰতি স্পৃহা আৰু অনুসন্ধিৎসাৰ স্বভাৱেহে ছাত্ৰ সকলৰ মনত নিজকে নিত্য নতুন কৰি ৰাখিব পাৰে।

(গ) মনোবৈজ্ঞানিক সচেতনতা (Psychological consciousness) :- শিক্ষক সকলে ছাত্ৰ-ছাত্ৰীৰ মন পৰিচালিত কৰিবৰ বাবে মনোবৈজ্ঞানিকভাৱে সচেতন হোৱা উচিত। শিক্ষাৰ ক্ষেত্ৰত সৃষ্টি হোৱা বিভিন্ন সমস্যাৰ নিৰীক্ষণ আৰু সেইবোৰৰ সমাধানৰ বাবে মনোবিজ্ঞানৰ বিভিন্ন নীতি আৰু পদ্ধতিসমূহৰ লগত শিক্ষক সকল পৰিচিত হ’ব লাগে। ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ আৰু অভিকচিৰ ওপৰত গুৰুত্ব দি শিক্ষা দিবলৈ হ’লে শিক্ষক সকলৰ মনোবিজ্ঞানৰ জ্ঞান থকাটো দৰকাৰ।

(ঘ) আৱেগিক নিয়ন্ত্রণ (Emotional Control) :- ছাত্ৰৰ নিয়ন্ত্ৰণ আৰু অনুশাসনকাৰী শিক্ষক নিজেই আত্ম-নিয়ন্ত্রিত হোৱা উচিত। তেওঁ নিজে আবেগ-অনুভূতিবোৰ নিয়ন্ত্রিত কৰিব পাৰিলেহে শিক্ষাৰ বিভিন্ন সমস্যাসমূহ সুস্থিৰভাৱে সমাধান কৰিব পাৰে।

(ঙ) বিনম্ৰতা (Politeness) :- শিক্ষকৰ আন এটা প্ৰধান গুণ হৈছে বিনম্ৰতা ৷ উচ্চ চিন্তা আৰু সহজ সৰল জীৱন-যাপনে তেওঁক স্বাভাৱিকতেই বিনয়ী আৰু মৰমিয়াল কৰি তুলিব লাগে। এনে ব্যক্তিত্বৰ দ্বাৰা তেওঁ সমাজৰ সকলো ব্যক্তিকেই সহজে আকর্ষণ কৰিব পাৰে।

(চ) নিয়মানুগত্যতা (Sense of discipline) :- শিক্ষক সদায় নিয়মানুবর্তী হোৱা উচিত। শিক্ষকসকলে সমাজৰ আৰু স্কুলৰ গ্ৰহণযোগ্য নীতি-নিয়মৰ প্ৰতি আস্থা, নিষ্ঠা আৰু আনুগত্যৰ ভাৱ দেখুৱাব লাগে। ছাত্র-ছাত্রীৰ বাবে তেওঁ নিজেই এক উদাহৰণ আৰু অনুপ্ৰেৰণাৰ প্ৰতীক স্বৰূপ হৈ উঠিব লাগে। 

(ছ) সহানুভূতিশীলতা (Sense of Sympathy) :- শিক্ষকৰ অন্তৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি সদায় কোমল, সংবেদনশীল আৰু সহানুভূতিশীল

হ’ব লাগে। শিক্ষকসকল ছাত্ৰ-ছাত্ৰীৰ সুখত সুখী আৰু দুখত দুখী হ’ব পৰা অনুভূতিশীলতাৰেহে তেওঁ সকলোৰে সহযোগিতা লাভ কৰিব পাৰে৷

সময় ব্যৱস্থাপনা (Time task management) :- ছাত্ৰক শিক্ষাদান কৰাৰ পূৰ্বে শিক্ষকে তেওঁৰ শৈক্ষিক বছৰটোৰ বাবে কৰিব লগা কাৰ্যসূচীৰ পৰিকল্পনা বা আঁচনি প্ৰস্তুত কৰি তুলিব লাগে শিক্ষা পৰিচালনাৰ বাবে ছাত্ৰৰ বাবে অনুমোদিত পাঠ্যক্ৰম আৰু কাৰ্যক্ৰম আৰু কাৰ্যসূচীসমূহ স্কুলৰ ক্রিয়া সম্পাদন কৰিব লগা দিনকেইটাৰ সময়সূচী অনুসৰি সাপ্তাহিক, মাহেকীয়া আৰু ছমহীয়া ক্রিয়াসূচী স্বৰূপে বিভক্ত কৰি ল’ব লাগে। শিক্ষাৰ এই ক্ৰিয়া আঁচনি প্ৰস্তুত কৰা হ’লেহে তেওঁৰ বছৰেকীয়া শৈক্ষিক কৰ্তব্য সুচাৰুৰূপে সম্পাদন কৰাটো সম্ভৱ হৈ উঠিব পাৰে।

শিশুকেন্দ্ৰিক শিক্ষণৰ ধাৰণা (Concept of Child centred teaching) :- বৰ্তমানৰ শিক্ষা হৈছে শিশুকেন্দ্রিক। সেয়েহে বর্তমান শিক্ষা ব্যৱস্থাত শিশুৰ প্ৰয়োজন, পাৰদৰ্শিতা, ইচ্ছা, আৰু আকাংক্ষাৰ ওপৰত ভিত্তি কৰি শিক্ষা প্ৰদান কৰা উচিত। শিশুকেন্দ্রিক শিকনৰ ভেটি হ’ল আচৰণবাদী মনোবিজ্ঞান। আচৰণবাদীসকলৰ মতে উদ্দীপক আৰু সঁহাৰিৰ মাজত সম্পর্ক সাধনেই হ’ল শিক্ষণ। ইয়াত উদ্দীপকে ছাত্ৰ-ছাত্ৰীৰ সন্মুখত তেওঁলোকৰ বাঞ্ছিত সঁহাৰিৰ বাবে উপস্থাপন কৰা সংকেত, বাৰ্তা, প্রশ্ন ইত্যাদিক সূচায়। আচৰণবাদীসকলে বিশ্বাস কৰে যে শিকন এক নিজস্ব কাৰ্য আৰু নিজৰ পৰিৱেশৰ লগত শিক্ষাৰ্থীৰ ধাৰাবাহিক সঁহাৰিৰ যোগেদি শিকন সাধন কৰিব পাৰি।

এই পদ্ধতিত শিক্ষার্থীৰ ওপৰত একো জাপি দিয়া নহয়। শিকনৰ এক নমনীয় পদ্ধতি হিচাবে ই শিক্ষার্থীসকলক নিজস্ব গতিবেগত আৰু নিজে বিচৰা ধৰণে শিকাৰ সুযোগ প্রদান কৰে। ইয়াত শিকাটো কেৱল শিক্ষাৰ্থীৰ কৰ্ম হিচাপে লোৱা হয়। শিকনৰ বাবে শিকাক নিজে দায়ী হয়। ইয়াৰ মূল কথা হ’ল শিকন এক নিজস্ব কাৰ্য আৰু আত্ম অনুদেশৰ দ্বাৰাহে মানৱীয় গুণসমূহ বিকশিত হ’ব পাৰে৷ বৰ্তমান এই শিকন পদ্ধতিয়ে যথেষ্ট গুৰুত্ব লাভ কৰিছে।

দক্ষতাভিত্তিক শিক্ষণ (Competency based teaching) :- বর্তমান সময়ত শিক্ষণ কার্য দক্ষতা ভিত্তিক আৰু কৰ্মকেন্দ্ৰিক কৰাৰ প্ৰয়োজন হৈ পৰিছে। শিক্ষণ দক্ষতাই শিক্ষকৰ কেৱল বিষয়বস্তুৰ ওপৰত জ্ঞান থকাকে নুবুজায়। ই শিক্ষকৰ বিষয়বস্তুৰ ওপৰত থকা জ্ঞানৰ উপৰিও শিক্ষণ পদ্ধতি আৰু প্ৰয়োগ কৌশলৰ ব্যৱহাৰ, প্ৰশ্নকৰণ, শিক্ষণ সঁজুলিৰ ব্যৱহাৰ, ছাত্ৰ-ছাত্ৰীক অংশ গ্রহণ কৰোৱাৰ সামৰ্থ্য, ব্যক্তিত্ব, শ্ৰেণীৰ লগত সম্পর্ক, শ্রেণী কক্ষ পৰিচালনা আৰু উদ্দেশ্য সম্পর্কে স্পষ্টতাৰ সামগ্রিক মূল্যায়নক সুচায়। সফল শিক্ষণ দক্ষতাক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি।

(ক) শিক্ষায়তনিক দক্ষতা ।আৰু 

(খ) ব্যক্তিগত দক্ষতা ।

শিক্ষায়তনিক দক্ষতাৰ ভিতৰত শিক্ষকৰ থাকিবলগীয়া গুণখিনি হ’ল—

১। যথোপযুক্ত সাধাৰণ জ্ঞান। 

২। জ্ঞান পিপাসা।

৩। প্রকাশ সাৱলীলতা। 

৪। শিক্ষণ অভিজ্ঞতা।

৫। বৃত্তিটোৰ প্ৰতি ভাল পোৱা।

৬। প্রগতিশীল দৃষ্টিভংগী।

আনহাতে ব্যক্তি দক্ষতাৰ ভিতৰত থাকিবলগীয়া গুণসমূহ হ’ল―

১। শাৰীৰিক সুস্থতা।

২। আৱেগিক আৰু মানসিক স্বাস্থ্য।

৩। উপযুক্ত মেধাশক্তি।

৪। সৎচৰিত্ৰ।

৫। শিশুৰ প্ৰতি প্রেম।

৬। ৰসবোধ।

৭। গণতান্ত্রিক দৃষ্টিভঙ্গী।

৮। সহানুভূতি।

৯। আত্ম বিশ্বাস।

১০। সমাজপ্ৰিয়তা।

অবিৰত সামূহিক মূল্যায়ন ব্যৱস্থা (Continuous and comprehensive evaluation) :- ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰাৰ অন্তত যি পৰীক্ষা কার্য সম্পাদন কৰা হয় তাকেই সাধাৰণ অৰ্থত মূল্যায়ন বোলা হয়। শিক্ষাদানৰ বেলিকা ছাত্ৰ ছাত্রীসকল কিমানখিনি উপকৃত হয় বা নির্দিষ্ট পাঠৰ প্ৰতি কিমানখিনি ধাৰণা আয়ত্ত কৰিব পাৰে এইবোৰৰ পৰীক্ষা কৰাৰ বাবে মুল্যায়ন ব্যৱস্থা কৰা হয়। ছাত্ৰক শিক্ষাদানৰ অন্তত পৰীক্ষা কাৰ্য্য সম্পাদন কৰি তেওঁলোকৰ আৰ্জিত জ্ঞানৰ বুজ লোৱাটো সাপ্তাহিক, মাহেকীয়া, ছমহীয়া, বছৰেকীয়া আদি পৰীক্ষা অনুষ্ঠিত কৰি এক অবিৰতভাৱে ছাত্ৰৰ মূল্যায়নৰ ব্যৱস্থা কৰিব লাগে।

বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা ব্যৱস্থাত কিছুমান নতুন পদ্ধতিত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ ভিতৰত এটা হৈছে অবিৰত সামূহিক মূল্যায়ন ব্যৱস্থা৷ ইয়াৰ অৰ্থ এয়ে যে ছাত্র-ছাত্রীসকলে প্রত্যেক দিনাই কিমানখিনি শিক্ষা গ্ৰহণ কৰিছে এই বিষয়ে অবিৰতভাৱে কিছুমান শিক্ষাৰ মুল্যায়ন ব্যৱস্থা কৰা। এনে মূল্যায়ন ব্যৱস্থাত ব্যক্তিনিষ্ঠ প্ৰশ্নতকৈ বস্তুনিষ্ঠ প্রশ্ন প্রস্তুতিৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। কাৰণ বস্তুনিষ্ঠ প্ৰশ্নৰ দ্বাৰাহে ছাত্র-ছাত্রীৰ নির্দিষ্ট পাঠৰ বিষয়ে স্পষ্ট ধাৰণা আছে নে নাই তাৰ উমান পোৱা যায়। এই ক্ষেত্ৰত শিক্ষকসকলৰ যথেষ্ট ভূমিকা আছে। পৰীক্ষা ব্যৱস্থা অধিক নির্ভৰযোগ্য কৰি তুলিবৰ বাবে গ্ৰহণ কৰা নতুন নতুন পৰীক্ষা-নিৰীক্ষা আদিৰ লগত শিক্ষকসকল ভালদৰে পৰিচিত হ’ব লাগে। ইয়াৰ উপৰি শৈক্ষিক মুল্যায়নৰ সঠিকতা আৰু নিৰ্ভৰযোগ্যতা ৰক্ষা কৰি চলিবৰ বাবে শিক্ষকসকলে বিবিধ প্রশ্ন (ব্যক্তিনিষ্ঠয়েই হওঁক বা বস্তুনিষ্ঠই হওক) প্রস্তুতি কৌশল জানিব লাগে । অবিৰত সামূহিক মূল্যায়নে ছাত্ৰ-ছাত্ৰী সকলক নির্দিষ্ট বিষয়ৰ জ্ঞান পুংখানুপুংখভাৱে আয়ত্ত কৰাত সহায় কৰে।

গঠনীয় আৰু সংক্ষেপীয় মূল্যায়ন (Formative and Summative Evaluation) :- মূল্যায়ন হৈছে শিক্ষাদান এক অবিচ্ছেদ্য অংগ। পাঠদানৰ লগে লগে শিক্ষকে অবিৰভাবে মূল্যায়ন কৰি গ’লেহে যিবোৰ উদ্দেশ্য আগত ৰাখি পাঠ প্ৰদান কৰা হৈছে সেইবোৰত সফলতা লাভ কৰিব পৰা হৈছে নে নাই তাক জানিব পৰা হ’ব। কোনো এটা শিক্ষণীয় বিষয়বস্তু শিকোৱাৰ পাছত মূল্যায়নৰদ্বাৰা শিক্ষকে যদি নিশ্চিত হ’ব পাৰে যে ছাত্ৰ-ছাত্ৰীসকলে আশানুৰূপভাৱে ইয়াক আয়ত্ত কৰিব পাৰিছে, তেতিয়াহে তেওঁ ইয়াৰ পাছৰ পৰ্যায়লৈ আগবঢ়া উচিত। আনহাতে, ছাত্র-ছাত্রীসকলে যদি এইবোৰ গ্ৰহণ কৰিব পৰা নাই, তেতিয়াহ’লে শিক্ষণীয় বিষয়বস্তুখিনি শিক্ষকে পুনৰাই আলোচনা কৰা উচিত। মূল্যায়নৰ দুটা প্ৰধান ভাগ হৈছে সংক্ষেপীয় আৰু গঠনীয়। এই দুই প্ৰকাৰ মূল্যায়ন ব্যৱস্থাৰ বিষয়ে তলত আলোচনা কৰা হ’ল

গঠনীয় মূল্যায়ন (Formative Evaluation) :- ছাত্ৰ-ছাত্ৰীৰ শিক্ষাগ্রহণ প্রক্রিয়া সঠিকভাৱে আৰু অতিভাৱে আগবাঢ়িছে নে নাই তাক চাবলৈ আন এটা মূল্যায়ন ব্যৱস্থা কৰা হয় যিটোক গঠনীয় মূল্যায়ন বা বৰ্তমানৰ বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাত থকা ‘ইউনিট টেষ্ট’ বুলিও ক’ব পাৰি। এই মূল্যায়নৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিটো পাঠৰ সঠিক জ্ঞান আহৰণ কৰিছেনে নাই তাক পৰীক্ষা কৰি চোৱা। ইয়াৰদ্বাৰা পিছপৰা ছাত্ৰ-ছাত্ৰীসকলক চিনাক্ত কৰিব পাৰি আৰু সাধাৰণ বুদ্ধ্যাংকৰ ল’ৰা-ছোৱালীতকৈ ওপৰৰ বা তলৰখিনিক চিনাক্ত কৰি তেওঁলোকৰ বাবে ওপৰঞ্চি শিক্ষা যেনে–ৰিমেডিয়েল টিচিং, কম্পিউটাৰ শিক্ষা ইত্যাদি প্ৰদানৰ ব্যৱস্থা কৰিব পাৰি। এই মূল্যায়ন বা পৰীক্ষাত ছাত্ৰ-ছাত্ৰীক কোনো গ্রেড বা নম্বৰ দিয়া নহয়। গঠনীয় মূল্যায়নবদ্বাৰা শিক্ষাক সময়ে সময়ে ছাত্র-ছাত্রীৰ গঠনীয় বিষয়ৰ অগ্ৰগতিৰ বিষয়ে সাম্যক ধাৰণা পাব পাৰে।

সংক্ষেপীয় মূল্যায়ন (Summative Evaluation) :- শিক্ষাদানৰ উদ্দেশ্যসমূহ সঠিকভাৱে পূৰণ কৰিব পৰা গৈছে নে নাই তাক জানিবৰ বাবে এক স্পষ্ট আৰু অৰ্থপূৰ্ণ মূল্যাংকনৰ আৱশ্যক। ইয়াৰ বাবে এক সুস্পষ্ট আৰু উপযোগী সংক্ষিপ্তকৰণৰ ব্যৱস্থা কৰা দৰকাৰ। এই উদ্দেশ্য আগত ৰাখি যেতিয়া কোনো এটা পৰীক্ষা সংখ্যা বা আখৰৰদ্বাৰা মূল্যায়ন কৰি শিক্ষাদানৰ মূল্যায়ন সংক্ষিপ্তভাৱে কৰা হয় তাকেই সংক্ষেপীয় মূল্যায়ন বোলা হয়। এই মূল্যায়নৰ প্ৰাথমিক উদ্দেশ্য হৈছে শৈক্ষিক বৰ্ষত ছাত্ৰ-ছাত্ৰীয়ে কিমানখিনি শিক্ষা আহৰণ কৰিছে তাৰ এটা সংক্ষিপ্ত মুল্যায়ন কৰা। এই পৰীক্ষাত ছাত্ৰ-ছাত্ৰীক গ্ৰেড বা নম্বৰ প্ৰদান কৰা হয়।

ৰিমেডিয়েল টিচিং (Remedial teaching) :- আধুনিক শিক্ষা ব্যৱস্থাত ৰিমেডিয়েল অথবা প্রতিকাৰমূলক শিক্ষণৰ ধাৰণা আপেক্ষিকভাৱে নতুন। এই শিক্ষাৰ প্ৰধান কাম হৈছে অতি দুর্বল প্ৰকৃতিৰ মৌলিক বা প্রাথমিক শিকোৱা আৰু শিকা প্ৰক্ৰিয়াৰ কু-ফল সমুহ আঁতৰ কৰা। অর্থাৎ শ্রেণী পৰিৱেশৰ নিয়মিত শিক্ষণৰ অতি দুৰ্বল দিশসমূহৰ প্ৰতিকাৰ সাধনৰ বাবেহে প্ৰতিকাৰ মূলক শিক্ষণ অতি প্রয়োজনীয়। শিকোৱা প্ৰক্ৰিয়াৰ দুৰ্বল দিশসমূহে শিকা প্রক্রিয়াও দুৰ্বল কৰি তোলে। গতিকে শিকোৱা আৰু শিকা প্ৰক্ৰিয়াৰ এনে দুর্বলতা আঁতৰ কৰাৰ বাবে প্ৰতিকাৰমূলক শিক্ষণৰ প্ৰয়োজনীয়তা অধিক শিক্ষকৰ দুৰ্বল আৰু ভুল শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ শিকা প্ৰক্ৰিয়াৰ দিশ বিপথে পৰিচালিত কৰে। দুর্বল আৰু ভুল শিক্ষণে শিক্ষাৰ সঁজুলি অথবা উপকৰণসমূহ ব্যৱহাৰ কৰাৰ বাবে ছাত্র-ছাত্রীসকলক বিশুদ্ধ নির্দেশনা প্রদান কৰাত ব্যর্থ হয়। গতিকে তেনে ছাত্র-ছাত্রীসকলক শুদ্ধ পথলৈ ওভতাই অনাৰ বাবে অভিজ্ঞ শিক্ষকৰ সহায়ত এনে প্ৰতিকাৰমূলক শিক্ষণৰ ব্যৱস্থা কৰা হয়। ছাত্ৰ-ছাত্ৰী সকলৰ ত্রুটিপূৰ্ণ শিক্ষণৰ দিশ আৰু তাৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰি লোৱা হয়। ইয়াৰ পৰৱৰ্তী অৱস্থাত সম্পূর্ণ পৰিকল্পিতভাৱে অনুক্ৰম প্ৰস্তুত কৰি তেনে ভুলৰ শুধৰণি অথবা শিক্ষণৰ দুৰ্বল দিশসমূহৰ উন্নতি সাধনৰ বাবে প্ৰচেষ্টা চলোৱা হয়। এইদৰে ছাত্ৰ-ছাত্ৰীৰ দুৰ্বল ধৰণৰ অধ্যয়নৰ অভ্যাস সমূহৰ সংস্কাৰ সাধন কৰি শক্তিশালী অধ্যয়নৰ অভ্যাস গঠনৰ প্ৰচেষ্টা চলোৱা হয়।

ছাত্ৰ-ছাত্ৰীয়ে জনা কথাখিনিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিকাৰমূলক শিক্ষণ আৰম্ভ কৰা হয়। অর্থাৎ বিষয়বস্তু সম্পর্কে ছাত্র-ছাত্রীসকলে যিখিনি কথা জানে তাৰ পৰা তেওঁলোকৰ নানা সমস্যা সমাধান কৰি নজনা কথাবোৰৰ মাজলৈ তেওঁলোকক আগবঢ়াই নিয়া হয়। শিক্ষণৰ প্ৰক্ৰিয়াত যেতিয়াই ছাত্র-ছাত্রীসকলে কোনো নতুন সমস্যাৰ মুখমুখি হয় তেতিয়াই প্ৰতিকাৰমূলক শিক্ষণৰ সহায়ত তেনে সমস্যাসমূহৰ প্ৰতিকাৰৰ উপায় আৰু দিক্‌নির্দেশনা প্রদান কৰা হয়। সম্পূর্ণ প্রণালীবদ্ধভাবে শুদ্ধ পথবোৰৰ প্ৰতি ছাত্র-ছাত্রীসকলক অভিৰোচিত কৰি তেওঁলোকৰ শিক্ষণ ফলপ্ৰসু কৰি তোলা হয়। এয়ে প্রতিকাৰমূলক শিক্ষণৰ মূল বিষয়বস্তু।

সম্পূর্ণ সাক্ষৰতা অভিযানৰ ধাৰণা আৰু ইয়াৰ গুৰুত্ব (Concept of Total Literacy Mission and its importance)

১৯৮৮ চনত সম্পূর্ণ সাক্ষৰতা অভিযান প্ৰবৰ্তন কৰা হৈছিল। ইয়াৰ মূল লক্ষ্য আছিল ২০০৫ চনৰ ভিতৰত পূর্ণ স্বাক্ষৰতা প্রাপ্তি।এই অভিযানৰ প্ৰধান বৈশিষ্ট্যসমূহ আছিল–

(ক) ভাৰতবৰ্ষত প্ৰাপ্তবয়স্কৰ নিৰক্ষৰণতা দূৰীকৰণৰ বাবে ই হ’ল এক প্রধান কৌশল।

(খ) ইয়াৰ সময়সীমা নিৰ্ধাৰিত। 

(গ) ই হৈছে স্বেচ্ছাসেৱক ভিত্তিক।

(ঘ) ই ফলাফলভিত্তিক।

(ঙ) শিকাৰু সকলেই হ’ল ইয়াৰ কেন্দ্ৰ বিন্দু। 

(চ) ইয়াৰ এক নির্দিষ্ট এলেকা আছে। 

সম্পূৰ্ণ সাক্ষৰতা অভিযানৰ কার্যপ্রণালী :- এই অভিযানৰ প্ৰথম পৰ্যায়ত ৰাজনৈতিক দল, শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু সাংস্কৃতিক গোটৰ লগত আলোচনা কৰা হয় আৰু এনেদৰে প্ৰকল্প

এটা গঢ়ি উঠে।

ইয়াৰ পৰৱৰ্তী পৰ্যায়ত, জিলা পৰ্যায়ৰ সাক্ষৰতা কমিটীৰ জৰিয়তে অভিযানসমূহ পৰিচালিত কৰা হয়। ইয়াৰ সভাপতি হৈছে জিলা পৰিষদৰ মুখ্য সম্পাদক। অনুষ্ঠানটোৰ পৰিকল্পনাৰ ক্ষেত্ৰত সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহক প্রতিনিধিত্ব কৰাত সুবিধা দিয়া হয় আৰু পিছত স্বেচ্ছা-সেৱক বাহিনীৰ দ্বাৰা চলাই নিয়া হয়।

ইয়াৰ পিছত, জিলাখনত এক বহলভিত্তিক পর্যালোচনা কৰা হয়। ই নৱ সাক্ষৰ ব্যক্তি সকলক স্বেচ্ছাসেৱী শিক্ষকসকলক আৰু নিপুণ

প্রশিক্ষক সকলক চিনাক্তকৰণ কৰে।

শেষত বহুমুখী যোগাযোগ কৌশলৰ জৰিয়তে এটা পৰিৱেশ গঢ় দিবলৈ প্ৰচেষ্টা চলোৱা হয়। জনসাধাৰণৰ মতামত আদান-প্রদান কৰা আৰু নৱ সাক্ষৰ ব্যক্তিসকলক সাক্ষৰ কৰি তোলাটোৱেই হ’ল পৰিৱেশ গঢ় দিয়াৰ উদ্দেশ্য। ইয়াৰ বাবে বিভিন্ন মাধ্যম যেনে– লোক কৃষ্টি, যাত্রা, বাটৰ নাট, মুকাভিনয়, ভজন-কীৰ্তন আদি প্ৰয়োগ কৰিব পাৰি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top