শিক্ষণ বিজ্ঞান – Pedagogy is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for শিক্ষণ বিজ্ঞান – Pedagogy.
শিক্ষণ বিজ্ঞান – Pedagogy
Also, you can read the Assam TET online notes in these sections as per Assam TET Syllabus guidelines. These notes are part of Assam TET All Subject. Here we have given Assam TET শিক্ষণ বিজ্ঞান – Pedagogy for All notes, You can practice these here.
শিক্ষণ বিজ্ঞান
CHILD DEVELOPMENT AND PEDAGOGY
শিকন-শিক্ষণ প্ৰক্ৰিয়াৰ অৰ্থ (Meaning of Teaching learning process)
সাধাৰণ ভাষাত ক’বলৈ হ’লে যি প্রক্রিয়া অনুসৰি শ্ৰেণীকক্ষৰ চাৰিবেৰৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলক শিক্ষকে তেখেতৰ সঞ্চিত জ্ঞান অভিজ্ঞতা প্ৰদান কৰে আৰু শিক্ষাৰ্থীসকলেও নীৰৱ শ্ৰোতাৰ ভূমিকা পালনেৰে আয়ত্ত কৰে তাকেই শিক্ষাদান আৰু শিক্ষা গ্রহণ প্রক্রিয়া বোলা হয়। এনে প্ৰক্ৰিয়াত শিক্ষার্থী আৰু শিক্ষা গ্রহণ প্ৰক্ৰিয়াতকৈ শিক্ষক আৰু শিক্ষাদান প্রক্রিয়াইহে মুখ্য ভূমিকা গ্ৰহণ কৰে।
শিক্ষণ আৰু শিকনৰ সম্পর্ক (Relation between teaching and learning) :- শিক্ষণ আৰু শিকন দুয়োটাই এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। শিক্ষণ হ’ল শিকনৰ বাবে উদ্দীপনা আৰু দিশ নির্দেশনা। শিক্ষণ ছাত্র-ছাত্রীৰ কাৰ্যভাৰ, অনুভূতি আদিৰ সুসমন্বয় সাধনৰ বাবে কার্যকৰী। সমন্বয় সাধনৰ আন এটা নাম হ’ল শিকন। শিক্ষণ হ’ল ছাত্র-ছাত্ৰীৰ কাৰ্য-কলাপ নিয়ন্ত্রণ আৰু আবেগ অনুভূতিৰ প্ৰশিক্ষণ আৰু ইয়াৰ ফলত শিকন সাধন হয়। এটা উপকাৰী শিকন পৰিৱেশৰ অবিহনে শিকন সংঘটিত হ’ব নোৱাৰে। উত্তম শিক্ষণৰ অৰ্থ হ’ল সর্বোচ্চ শিকন। সেইবাবে শিক্ষা প্রক্রিয়া বা শিক্ষণৰ মুখ্য বস্তু হিচাপে শিকন সম্পাদন কৰা উচিত।
বিভিন্ন পৰ্যায়ৰ শিশুৰ জ্ঞান আহৰণ (Knowledge of Children from Diverse Context) :- শ্ৰেণীৰ সাধাৰণ শিক্ষাই সকলো পৰ্যায়ৰ শিশুৰে প্ৰয়োজন সমানে পুৰ্ণ কৰিব নোৱাৰে। বর্তমান বুদ্ধি পৰীক্ষা প্ৰয়োগৰদ্বাৰা মনোবিজ্ঞানীসকলে শিক্ষা আহৰণৰ যোগ্যতা অনুসৰি ছাত্ৰ-ছাত্ৰীসকলক কেইবাটাও পৰ্যায়ত বিভক্ত কৰিছে। ইয়াৰ ভিতৰত মানসিকভাৱে পিছপৰা, অনগ্ৰসৰ, বাধাগ্রস্ত, প্রতিভাৱান, তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰসকলৰ বৈশিষ্ট্য মন কৰিবলগীয়া। বর্তমান মনোবিজ্ঞানৰ ফালৰ পৰা এই ভিন ভিন যোগ্যতাৰ ছাত্ৰসকলৰ বৈশিষ্ট্যসমূহ ভালদৰে জনাটো আৰু সেই অনুক্ৰমে শিক্ষা সাহায্য আগবঢ়োৱাটো বিশেষ প্রয়োজনীয় হৈ পৰিছে।
প্রতিভাবান ছাত্র (Gifted or Talented children) :- যিবোৰ ছাত্ৰ-ছাত্ৰীৰ উন্নত দৈহিক আৰু মানসিক যোগ্যতা থাকে তেওঁলোকক প্রতিভাৱান ছাত্ৰ বোলে। এই সকল ছাত্ৰৰ বুদ্ধ্যাংকৰ পৰিমাণ অনুসৰি বিভিন্ন পৰ্যায়ত বিভক্ত কৰা হয়। সাধাৰণভাৱে তেওঁলোকৰ বুদ্ধ্যাংক ১২০ আৰু ১৪০ ৰ ভিতৰত থাকে। যিবোৰ ছাত্র-ছাত্রী অসাধাৰণ প্রতিভাৱান তেওঁলোকৰ এই পৰিমাণ ১৬০ ৰ ওপৰতো পাব পৰা হয়।
প্রতিভাৱান ছাত্ৰৰ উন্নত মানসিক যোগ্যতা তেওঁলোকৰ বিভিন্ন ক্রিয়া আচৰণৰ যোগেদি সহজে প্রকাশ পায়। পৰিৱেশত কৰা উন্নত মানৰ ক্ৰিয়া আচৰণে তেওঁলোকৰ প্ৰতিভাৰ পৰিচয় দিয়ে। তেওঁলোকে জন্মগতভাৱে উন্নত গুণ সকলো দিশতে যেনে কলা, সংগীত, সাহিত্য, দর্শন, বিজ্ঞান, কাৰিকৰী বিজ্ঞান তথা নেতৃত্ব প্রদান ইত্যাদিত লাভ কৰে। উন্নত বৌদ্ধিক মান বিশিষ্টতা, সৃজনাত্মক শক্তি ক্ষমতা আৰু জন্মগত প্রতিভাই কোনো এক দিনত চমকপ্রদ ভাবে প্রকাশ লাভ কৰি উঠে। প্ৰতিভাৱান ছাত্ৰৰ উন্নত মান বিশিষ্টতা কেৱল মানসিক দিশতে নহয়, দৈহিক দিশতো প্রকাশ লাভ হয়। তেওঁলোকৰ উন্নত দৈহিক গঠন আৰু ৰোগ মুক্ততা, স্নায়ৱিক ক্ষিপ্ৰতা আৰু দেহ সঞ্চালন ক্ষমতাৰ পটুতা আদি পৰিলক্ষিত হয়। গ্রহণেন্দ্ৰিয়সমূহৰ গ্ৰহণ ক্ষমতা, প্রতিক্ৰিয়াৰ প্ৰখৰতা আৰু যথার্থতা আদি সাধাৰণ শিশুতকৈ অধিক হয়।
প্রতিভাৱান ছাত্ৰৰ শিক্ষা ব্যৱস্থা (Educational provision for the Gifted)
প্রতিভাৱান ছাত্ৰ-ছাত্ৰীৰ সৰ্বাত্মক বিকাশৰ বাবে শিক্ষক অথবা বিদ্যালয়ৰ ভূমিকা গুৰুত্বপূৰ্ণ। তেওঁলোকৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত তলত দিয়া দিশ কেইটা উল্লেখযোগ্য।
(ক) শিক্ষকে প্রতিভাৱান ছাত্ৰৰ নিজা শক্তি ক্ষমতাৰ স্বৰূপ জানিবলৈ চেষ্টা কৰিব লাগে আৰু সেই মতে শিক্ষাদান কৰিব লাগে।
(খ) তেওঁলোকৰ বাবে উন্নতমানৰ অতিৰিক্ত পাঠ্যসুচী আৰু কাৰ্যসূচী যুগুত কৰিব লাগে।
(গ) পাঠ্যক্ৰমৰ পৰিসৰ ব্যাপক হোৱা উচিত যাতে জ্ঞানৰ এক বহুল ধাৰণা তেওঁলোকক দিব পৰা যায়।
(ঘ) প্রতিভাৱান ছাত্ৰৰ বাবে বিশেষজ্ঞ শিক্ষক নিয়োগ কৰিব লাগে আৰু সেই বিষয়ত বিশিষ্ট জ্ঞান বিশ্লেষণাত্মকভাবে অধ্যয়নত উৎসাহিত কৰিব লাগে।
(ঙ) শিক্ষানুষ্ঠানত উন্নত পুথিভঁৰাল, পৰীক্ষাগাৰ আৰু শিক্ষা পৰিবেশ গঢ় দি তুলি জ্ঞানৰ পৰীক্ষা নিৰীক্ষা আৰু গৱেষণা আদিৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগে ৷
সৃষ্টিকামী শিশু (Creative Child) :- সৃষ্টিকামী শিশুসকলৰ উদ্ভাৱনী ক্ষমতা তথা চিন্তা এক ধৰণৰ বিশেষ ক্ষমতা। এনে ধৰণৰ শিশুসকলে নতুন নতুন চিন্তা তথা নতুন ধৰণৰ বস্তু আবিষ্কাৰ, তৈয়াৰ কৰি ভাল পায়। এই ধৰণৰ চিন্তাত এটা উদ্দেশ্য আৰু ফলাফলৰ চিন্তা নিহিত হৈ থাকে। যিকোনো বস্তুৰ বিষয়ে বিতংকৈ বা খৰচি মাৰি জানিবলৈ এই ধৰণৰ শিশুসকলৰ প্ৰবল আগ্ৰহ পৰিলক্ষিত হয়।
বিশেষ দক্ষতাসম্পন্ন শিশু (Specially abled child) :- সাধাৰণতে কিছুমান শিশু শাৰীৰিক বা মানসিকভাৱে বাধাগ্রস্ত হ’লেও কিছুমান বিশেষ দিশত কিছুমান বিশেষ পাৰদৰ্শিতা প্ৰকাশ কৰিব পাৰে৷ তেনে ধৰণৰ শিশুসকলক বাধাগ্রস্ত হলেও আমি বিশেষ দক্ষতাসম্পন্ন শিশু বুলি ক’ব পাৰো। এওঁলোকে সৰ্বসাধাৰণৰ লগত সকলো দিশতে আগবাঢ়িবলৈ অপাৰগ যদিও কেতবোৰ বিশেষ কামত বিশেষ পাৰদৰ্শিতা প্ৰকাশ কৰিব পাৰে। এজন অন্ধ মানুহে ধুনীয়াকৈ গান গাব পাৰে বা খোজ কাঢ়িব পাৰে বা এখন হাত নোহোৱাজনেও এখন হাতেৰেই সকলোবোৰ কাম অসুবিধা নোহোৱাকৈ সম্পন্ন কৰিব পাৰে। এই ধৰণৰ শিশুবোৰেই বিশেষ দক্ষতাসম্পন্ন শিশুৰ শাৰীত পৰে।
শিক্ষণৰ বাধাগ্ৰস্ততা (Learning difficulties) :- আবেগিক অস্বাভাৱকতাত ভোগা শিশুসকলৰ এক লক্ষণ হৈছে শিক্ষা আহৰণত বাধাগ্রস্ততা। শিক্ষা আহৰণত বাধাপ্রাপ্ত হোৱা লক্ষণবোৰৰ ভিতৰত কিতাপৰ পাঠ ঘেঁহাই পঢ়া, শব্দ জোটনি কৰিব নোৱাৰা বুজিব নোৱৰাকৈ হাতৰ আখৰ লিখা আৰু অংক কৰিবলৈ টান পোৱা স্বভাৱসমূহ অন্তর্ভুক্ত কৰিব পাৰি। শব্দ উচ্চাৰণ আৰু পাঠদানৰ বেলিকা অসুবিধাৰ সন্মুখীন হোৱা ল’ৰাৰ সংখ্যা ছোৱালীতকৈ যথেষ্ট অধিক হয়। অংক কৰাৰ বেলিকাও দেখা যায় যে অস্থিৰতাত ভোগা শিশুৱে অংকৰ সমস্যা সমাধানত স্থিৰ মনোযোগ দিব আৰু শুদ্ধ চিন্তা কৰিব নোৱাৰে। এনে অৱস্থাত শিক্ষকৰ আচৰণ যদি আবেগিক উত্তেজনাপূর্ণ আৰু ভীতি প্রদর্শনমূলক হয় তেন্তে অৱস্থাৰ অধিক অৱনতি ঘটে। অংকৰ জটিল সমস্যা আৰু শিক্ষকৰ অসুস্থ আচৰণে এনে শিশুক অধিক উত্তেজিত আৰু ভীতিসন্ত্রস্ত কৰি তোলে।
শিশুৰ কেতবোৰ বিশেষ সমস্যা জড়িত আচৰণ (Some common behavioural problem of children) :- শিশুৰ দৈহিক সমস্যা জড়িত আচৰণবোৰৰ ভিতৰত পৰে—
(ক) খোৱাৰ সমস্যা।
(খ) নিদ্ৰাৰ সমস্যা।
(গ) বিছনাত প্ৰস্ৰাৱ কৰা।
(ঘ) কদৰ্যতাৰ সৃষ্টি কৰা।
(ঙ) অস্বাভাৱিক আচৰণেৰে মনোযোগ আকৰ্ষণ কৰা ইত্যাদি।
আনহাতে বাল্যকালত কেতবোৰ সমস্যা জড়িত আচৰণ হৈছে—
(ক) খং দেখুওৱা।
(খ) আক্ৰমণাত্মক আচৰণ।
(গ) চুৰ কৰা।
(ঘ) বাক্ অস্বাভাৱিকতা ইত্যাদি।
শিশুৰ সমস্যা জড়িত আচৰণ সংশোধন কৰা উপায় (How to remove behavioural problem of children) :- শিশুৰ সমস্যা জড়িত আচৰণৰ প্ৰধান কাৰণ হৈছে তাৰ অসুস্থ পৰিবেশৰ প্ৰভাৱ। শিশুৰ পৰিৱেশে যদি তাৰ মনো-দৈহিক প্রয়োজনবোৰ পুৰ্ণত ব্যর্থ হয় তেন্তে সি শিশুৰ সমস্যা জড়িত আচৰণৰ সৃষ্টি কৰে। এই আচৰণসমূহ আঁতৰ কৰিবলৈ হ’লে তলত দিয়া ব্যৱস্থাবোৰ গ্ৰহণ কৰিব লাগিব।
(ক) মাক-দেউতাকে শিশুক ঘৰুৱা পৰিৱেশত যথেষ্ট মৰম চেনেহ প্ৰদান কৰিব লাগে আৰু ঘনিষ্ঠ দৈহিক সংস্পৰ্শ ৰক্ষা কৰি চলিব লাগে।
(খ) মাক-দেউতাকে শিশুৰ দৈহিক প্রয়োজনসমূহ যেনে খোৱা, পিন্ধা আদিৰ প্ৰতি সদা সতর্ক দৃষ্টি ৰখাটো অতি প্ৰয়োজনীয় কথা।
(গ) শিশুৰ স্কুলীয়া পৰিৱেশো উন্নত ধৰণে গঢ় দি তুলিব লাগে আৰু খেলা-ধুলাৰ সা-সুবিধাৰ প্ৰতি নজৰ ৰাখিব লাগে।
(ঘ) শিশুক আৱেগিক নিৰাপত্তা প্ৰদান কৰা দায়িত্ব শিক্ষক আৰু অভিভাৱকসকলৰ।
(ঙ) কৈশোৰ কালত ল’ৰা আৰু ছোৱালীক প্রয়োজন অনুসৰি বৃত্তীয় আৰু শৈক্ষিক নির্দেশনা দিয়াৰ ব্যৱস্থা কৰিব লাগে।
উপৰোক্ত আলোচনাৰ পৰা এইটো স্পষ্ট হয় যে শিশুৰ দেহ-মনৰ প্ৰয়োজন সম্বন্ধে বয়সস্থসকলৰ অজ্ঞতাই তেওঁলোকৰ আচৰণজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ সেয়েহে প্রত্যেক অভিভাবক তথা শিক্ষকসকলে শিশুৰ প্ৰতিটো প্রয়োজনৰ প্ৰতি চোকা নজৰ প্ৰদান কৰিব লাগে।
শিক্ষণ পৰিকল্পনা (Organising Teaching) :- শ্ৰেণী পৰিৱেশত এটা পাঠ কৃতকার্যতাৰে পঢ়োৱা কথাটো মুলত: পাঠটোৰ নিখুঁত পৰিকল্পনা প্ৰস্তুত কৰা কাৰ্যৰ লগত জড়িত হৈ থাকে। শিক্ষকসকলে প্ৰণালীবদ্ধভাৱে পাঠ পৰিকল্পনা কৰি প্ৰস্তুত কৰি শিকোৱা প্ৰক্ৰিয়াক সুন্দৰভাৱে আগবঢ়াই নিব পাৰে। গতিকে প্ৰতিজন শিক্ষকে শ্ৰেণীকোঠালৈ যোৱাৰ আগতে পাঠ পৰিকল্পনা প্রস্তুত কৰি নিব লাগে।
পৰিকল্পনামূলক কার্য হিচাপে শিক্ষা (Teaching as Planned Activity) :- শিক্ষা এটা পৰিকল্পনামূলক কার্য। কিয়নো পাঠ পৰিকল্পনাৰ সহায়ত পাঠদান কার্যক সুপৰিকল্পিতভাৱে আগবঢ়াই নিয়াটো সম্ভৱ। পাঠ পৰিকল্পনাই শিক্ষকক প্ৰণালীবদ্ধভাৱে পাঠদান আৰু শ্ৰেণীৰ অন্যান্য কার্য সম্পাদনত সহায় কৰে। শিক্ষকে পাঠ পৰিকল্পনাৰ সহায়ত শ্ৰেণীত ভালদৰে পঢ়াব পাৰে। পৰিকল্পনাহীন পাঠ শ্ৰেণীত ভালদৰে উপস্থাপন কৰিব নোৱাৰি আৰু বিচৰা মতে ফলাফল লাভ কৰিব নোৱাৰি পাঠ পৰিকল্পনাই শিক্ষকক নির্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য স্থিৰ কৰাত সহায় কৰে।
পাঠ পৰিকল্পনাৰ স্তৰসমূহ তলত দিয়া ধৰণে কৰিব পাৰি—
ক) প্রস্তাবনা (Preparation )।
খ) উপস্থাপন ( Presentation)।
(গ) সমাপ্তিকৰণ (Conclusion)।
এটা পাঠৰ উপৰোক্তভাৱে পৰিকল্পনা প্রস্তুত কৰি নিলে শিক্ষকে পাঠদান কার্য সুচাৰৰূপে চলাই নিব পাৰে আৰু ই শিক্ষাৰ্থীসকলৰ অভ্যাস, কার্য, ক্ষমতা, মনোভাৱ আদি নির্দিষ্ট পথেৰে আগবঢ়াই নিবলৈ সক্ষম কৰি তোলে।
শিক্ষাদানৰ প্রধান পৰ্য্যায় সমূহ (Phases of Teaching)
শিক্ষাদানৰ প্ৰধান পৰ্যায় তিনিটা।
এইকেইটা হ’ল–
(ক) পূৰ্ব কাৰ্যকৰী পৰ্যায় বা কাৰ্যৰ পূর্ব পর্যায় (Pre-active stage)।
(খ) কার্য সম্পাদন পর্যায় বা পৰস্পৰ ক্রিয়াশীল পর্যায় (Interactive stage)।
(গ) উত্তৰ ক্ৰিয়াশীল পর্যায় বা কাৰ্যৰ পশ্চাৎপর্যায় (Post active stage)
এই পৰ্যায় কেইটাৰ চমু বিৱৰণ তলত দিয়া হ’ল—
(ক) পূর্ব কার্যকৰী পর্যায় :- শ্ৰেণীকোঠাত শিক্ষাদান কৰিবলৈ প্ৰৱেশ কৰাৰ আগতে শিক্ষকে যিবোৰ পদক্ষেপ হাতত লয় সেই সকলোবোৰতে শিক্ষাদান প্রক্রিয়াৰ পূর্ব কাৰ্যকৰী স্তৰৰ অন্তৰ্ভুক্ত কৰা হয়। শিক্ষাদান প্রক্রিয়াটো ফলপ্ৰসূ কৰিবলৈ হ’লে কিছুমান পূর্ব পৰিকল্পনাৰ প্ৰয়োজন। এইবোৰৰ ভিতৰত পাঠ পৰিকল্পনা প্রস্তুত কৰা, শ্ৰেণী কোঠা শিক্ষাদানৰ বাবে প্ৰস্তুত কৰা, অভীক্ষাৰ বিৱৰণ অধ্যয়ন কৰা, প্রশ্নকাকত যুগুতোৱা ইত্যাদি অন্তর্ভুক্ত কৰিব পাৰি। শ্ৰেণীৰ কাৰ্য নিয়মমতে সম্পাদনৰ বাবে এই কাৰ্যসমূহ শিক্ষকৰ বাবে প্ৰয়োজনীয়। পূর্ব কার্যকৰী পৰ্যায়ত শিক্ষকে শিক্ষাদান প্রক্রিয়াৰ সম্ভাব্য ফলাফলৰ বিষয়ে অনুমান কৰিব পাৰে। শিক্ষা আহৰণৰ কাৰণে শিক্ষাৰ্থীক কি কৌশলেৰে শ্ৰেণীবদ্ধ কৰিব অথবা কেনেকুৱা ধৰণৰ পাঠ্যপুথি ব্যৱহাৰ কৰিব সেই বিষয়ে শিক্ষকে এই স্তৰতে সিদ্ধান্ত লয়।
(খ) কার্য সম্পাদন পর্যায় :- শ্ৰেণীকক্ষত প্ৰকৃত পাঠদানৰ পৰ্যায় হৈছে কার্য সম্পাদন পর্যায়। এই স্তৰত শিক্ষকে পূর্ব নির্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে বিভিন্ন কৌশল অবলম্বন কৰে। ইয়াত শিক্ষকৰ আচৰণ স্বত:স্ফূর্তভাৱে প্ৰকাশ পায়।
শিক্ষাবিদ Jackson ৰ মতে এই পৰ্যায়টোত শিক্ষকে শিক্ষার্থীক বিভিন্ন ধৰণে উদ্দীপনা মৌখিকভাবে প্রদান কৰে, বৰ্ণনা আগবঢ়ায় আৰু প্রশ্ন অৱতাৰণা কৰে। শিক্ষার্থী সকলৰ প্রতিক্রিয়া মনোযোগেৰে শুনি লয় আৰু প্ৰয়োজনীয় নির্দেশনা তথ্য উপদেশ আগবঢ়ায়। এই স্তৰটোৰ মূল কাম হ’ল–
১। শ্ৰেণীৰ আকাৰ নিৰ্ধাৰণ কৰা।
২। শিক্ষাৰ্থীৰ সমস্যা চিনাক্তকৰণ কৰা।
৩। কার্য, কৃতিত্ব তথা প্রতিক্রিয়াৰ বুজ লোৱা। ইয়াৰোপৰি কার্য সম্পাদন পর্যায়টোত অন্তৰ্ভুক্ত কৰা প্ৰধান দিশকেইটা হ’ল—
(ক) বিষয়বস্তুৰ উপস্থাপন।
(খ) শিক্ষা আহৰণৰ ধৰণ।
(গ) শিক্ষার্থী সম্বন্ধে পূর্ব ধাৰণা। শিক্ষাদান আৰু আহৰণ প্ৰক্ৰিয়াত কার্য সম্পাদন স্তৰে শ্ৰেণীকোঠাত এক অনুকূল বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হয় ৷
উত্তৰ ক্রিয়াশীল পর্যায় বা কাৰ্যৰ পশ্চাৎ পর্যায় (Post active stage) :- শিক্ষাদান প্ৰক্ৰিয়াৰ শেষৰ স্তৰটোক মূল্যায়ন পর্যায় বুলি কোৱা হয়। শ্রেণী কোঠাত এই স্তৰটোত শিক্ষকে সম্পাদন কৰা কাৰ্যৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীৰ কাৰ্যৰ মূল্যায়ন কৰা হয়। শিক্ষাদান প্ৰক্ৰিয়াৰ অন্তত শিক্ষাৰ্থীৰ আচৰণ পৰিৱৰ্তনৰ দিশটোৰ ওপৰত গুৰুত্ব দিয়া হয়। শিক্ষকে মৌখিক বা লিখিত প্রশ্ন এই স্তৰত অৱতাৰণা কৰা দেখা যায়। সাধাৰণতে, তলত উল্লিখিত কাৰ্যসমূহ এই স্তৰৰ প্ৰধান কার্য হিচাপে বিবেচনা কৰা দেখা যায়।
(ক) শিক্ষাদান প্রক্রিয়াত সাধন হোৱা মূল দিশসমূহ।
(খ) পৰীক্ষা কৰাৰ বাবে উপযুক্ত কৌশলসমূহ নিৰ্বাচন কৰা।
(গ) শিক্ষাদানৰ কৌশলসমুহৰ উন্নতি সাধন কৰা।
বিভিন্ন শিক্ষণ পদ্ধতি (Different methods of teaching)
বিভিন্ন শিক্ষণ পদ্ধতিৰ ভিতৰত বক্তৃতা পদ্ধতি (Lecture method) আৰু প্রকল্প পদ্ধতিয়েই প্রধান। এই দুটা পদ্ধতিৰ চমু বিৱৰণ তলত
দাঙি ধৰা হ’ল—
(ক) বক্তৃতা পদ্ধতি (Lecture method) :- বক্তৃতা হৈছে আটাইতকৈ পুৰণি শিক্ষণ পদ্ধতি। এই পদ্ধতি মাধ্যমিক পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়লৈ শিক্ষক সকলে ব্যৱহাৰ কৰিব পাৰে। বিশেষকৈ সমাজ অধ্যয়ন, ভাষা অধ্যয়ন, ভূগোল ইত্যাদি বিষয় শিকাবলৈ শিক্ষকে বক্তৃতা পদ্ধতি ব্যৱহাৰ কৰা দেখা যায়। এই পদ্ধতি ব্যৱহাৰৰ মূল উদ্দেশ্য হৈছে–
(ক) অভিৰোচিত কৰা :- ছাত্ৰ-ছাত্ৰীসকলক নির্দিষ্ট পাঠৰ প্ৰতি অভিৰোচিত কৰিবলৈ শিক্ষক সকলে বক্তৃতা পদ্ধতি ব্যৱহাৰ কৰিব পাৰে।
বক্তৃতাৰ জৰিয়তে শিক্ষকে পাঠৰ প্ৰতি ছাত্ৰ-ছাত্ৰী সকলৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে।
(খ) সময়ৰ মিতব্যয়িতা :- বক্তৃতাৰ জৰিয়তে খুউব কম সময়ৰ ভিতৰতে শিক্ষকে নির্দিষ্ট বিষয়ৰ লাগতিয়াল কথাখিনি ছাত্র-ছাত্রীক বুজাই দিবলৈ সক্ষম হয়। সেয়েহে এই পদ্ধতিৰ দ্বাৰা সময়ৰ সৎ ব্যৱহাৰ কৰিব পাৰি।
(গ) সুস্পষ্টতা :- বক্তৃতা পদ্ধতিৰ জৰিয়তে পঠনীয় বিষয় শিক্ষকে সুস্পষ্টভাৱে ছাত্র-ছাত্ৰীৰ আগত দাঙি ধৰিব পাৰে। অৱশ্যে এই ক্ষেত্ৰত
শিক্ষকসকলৰ নিৰ্দিষ্ট বিষয়ৰ স্পষ্ট ধাৰণা থকা উচিত।
বক্তৃতা পদ্ধতিৰ সুবিধাবোৰ হ’ল—
(ক) অতি কম সুবিধাৰ সহায়ত একেলগে কম খৰচতে অধিক সংখ্যক ছাত্র-ছাত্ৰীক শিক্ষা প্ৰদান কৰা সম্ভৱ।
(খ) এজন শিক্ষকৰ দ্বাৰা একে লগে বহু সংখ্যক ছাত্র-ছাত্রীক শিক্ষা প্রদান কৰাটো।
(গ) বক্তৃতা পদ্ধতি এটা নমনীয় পদ্ধতি। বিষয়বস্তুৰ বৈশিষ্ট্য, শ্রেণী পৰিৱেশৰ সুবিধা, শ্ৰেণীৰ সময় ছাত্ৰ-ছাত্ৰীৰ পাৰদৰ্শিতাৰ স্তৰ আদিৰ উপযুক্ত মূল্যায়নেৰে নানা ধৰণে এনে পদ্ধতি বা কৌশল প্রয়োগ কৰাটো সম্ভৱ।
(ঘ) শিক্ষকে বিষয়বস্তুৰ গভীৰ জ্ঞান, বৌদ্ধিক যোগ্যতা, ৰসিকতা, অ-কথিত জ্ঞান যেনে— শৰীৰৰ অংগী-ভংগী আৰু গতি, যুক্তিপূর্ণ উক্তি, গভীৰ আগ্রহ আদিৰ দ্বাৰা সহজে ছাত্ৰ-ছাত্ৰী সকলৰ মনোযোগ আৰু আগ্ৰহ দুয়োটাই জগাই তুলিব পাৰে ।
(ঙ) বক্তৃতা পদ্ধতিৰ সহায়ত ছাত্ৰ-ছাত্ৰীয়ে বিষয়বস্তুৰ জ্ঞান আহৰণ কৰা, বিষয়বস্তু হৃদয়ংগম কৰাৰ উপৰিও দলীয় মনোভাৱৰ বিকাশ সাধন কৰাৰ সুবিধা লাভ কৰে।
ইয়াৰ উপৰি বক্তৃতা পদ্ধতিয়ে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত গভীৰ সম্পৰ্ক ৰক্ষা কৰাত সহায় কৰে। শিক্ষকে এই পদ্ধতিৰ পাঠৰ লগত সংগতি ৰাখি বিভিন্ন উদাহৰণ দাঙি ধৰিব পাৰে যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ মনোযোগ আকর্ষণত সুবিধা হয়।
(খ) প্রকল্প পদ্ধতি (Project method) :- আমেৰিকাৰ প্ৰয়োগবাদী দার্শনিক জন ডিডইৰ শিক্ষাদৰ্শনৰ আধাৰত তেওঁৰ এজন অনুগামী উইলিয়াম কিলপ্রেট্রিকে উদ্ভাৱন কৰা সামাজিক পটভূমিত শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ পদ্ধতিটোৰ নাম প্রকল্প পদ্ধতি।
প্রকল্প পদ্ধতিৰ বৈশিষ্ট্য :-
(ক) শিক্ষার্থীসকলক উদ্দেশ্যপূর্ণভাৱে জীয়াই থাকিবলৈ শিকোৱা।
(খ) শিক্ষার্থীসকলক তেওঁলোকৰ নিজৰ অভিজ্ঞতা ব্যৱহাৰ কৰি কাম কৰিবলৈ সুবিধা দিয়া।
(গ) শিক্ষাৰ্থীসকলে নিজৰ প্ৰচেষ্টাৰেই নিজৰ অন্তর্নিহিত সম্ভাৱনাসমূহৰ বিকাশ সাধনৰ সুবিধা পায়।
(ঘ) এটা প্রজেক্টে প্রতিজন শিক্ষার্থীকে সমাজৰ লগত সম্পর্ক গঢ়ি তোলাৰ সুবিধা প্ৰদান কৰে।
(ঙ) প্রকল্প পদ্ধতিত শিক্ষ শিক্ষাৰ্থীসকলৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰমৰ সম্বন্ধয় ঘটে ৷
প্ৰকল্পৰ বিভিন্ন পর্যায় :- উদ্দেশ্যপূর্ণভাৱে বা কাম সদায় পৰিকল্পিতভাৱে সম্পাদন কৰা হয় আৰু পৰিকল্পিতভাৱে সম্পাদন কৰিবলৈ যাওঁতে কিছুমান পৰ্যায়ৰ
মাজেদি গ’লেহে সমস্যাটো সমাধান কৰিব পৰা যায়।
প্ৰকল্পৰ সেই পৰ্যায়বোৰ হ’ল—
(ক) উদ্দেশ্য স্থিৰকৰণ (Purposing)।
(খ) পৰিকল্পনা (Planning)।
(গ) সম্পাদনা (Executing)।
(ঘ) বিচাৰকৰণ বা মূল্যায়ন (Evaluation)।
(ঙ) লিপিবদ্ধকৰণ (Recording)
শ্ৰেণীকোঠা পৰিচালনা—শিক্ষক আৰু ছাত্ৰৰ ভূমিকা ( Classroom Management. Role of Teacher and the students)
শ্ৰেণীত পাঠদান কৰাৰ আগতে শিক্ষকে নিজকে শ্ৰেণীটোৰ পৰিৱেশৰ লগত খাপ খুৱাই ল’বলৈ প্ৰস্তুত হ’ব লাগে। এটা সম্পূর্ণভাৱে সু-সজ্জিত কোঠাক তেওঁ শ্ৰেণীকোঠা হিচাপে বাছি ল’ব লাগে যাতে ছাত্ৰ-ছাত্ৰীসকলে পাঠদানৰ সময়ত এক সুস্থ পৰিৱেশ গঢ়ি ল’ব পাৰে। ইয়াৰ উপৰি শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ লগে লগে ছাত্ৰ-ছাত্ৰীৰ মাজত থকা বিশৃংখলতা দূৰ কৰি এক শৈক্ষিক পৰিৱেশৰ সৃষ্টি কৰাৰ দায়িত্ব শিক্ষকৰ। ছাত্ৰসকলৰ বাহ্যিক আৰু আভ্যন্তৰীণ দুয়ো দিশৰে অনুশাসন ৰক্ষা কৰাটো শিক্ষকৰ কৰ্তব্য। অনুশাসন ৰক্ষাৰ বাবে তেওঁ সততে দৈহিক শাস্তিৰ প্ৰয়োগৰ পৰা বিৰত থাকিব লাগে। ব্যক্তিগত আৰু পাঠ্য সম্বন্ধীয় যিকোনো সমস্যা ছাত্র-ছাত্রীসকলে যাতে বিনান্বিধাই শিক্ষকজনক সুধিব পাৰে তাৰ বাবে তেওঁ বন্ধুভাৱাকপন্ন মনোভাৱ গঢ়ি লোৱা উচিত। শিক্ষকে ছাত্ৰ-ছাত্ৰীক পাঠদানৰ সময়ত বিভিন্ন কথা কোৱাৰ পৰিৱৰ্তে প্ৰশ্নৰ উত্তৰ সঠিকভাৱে দিবলৈ উৎসাহিত কৰিব লাগে।
শ্ৰেণীকোঠাত এক সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত শিক্ষকৰ লগতে ছাত্ৰ-ছাত্ৰীৰো যথেষ্ট ভূমিকা থাকে। শ্রেণীকোঠাত শিক্ষক প্রৱেশ কৰাৰ পিছত নিজৰ নিজৰ আসন গ্ৰহণ কৰাটো ছাত্ৰ-ছাত্ৰীৰ কৰ্তব্য। তেওঁলোকে শিক্ষা লাভ কৰিবলৈ হ’লে শিক্ষকক সহযোগ কৰিব লাগিব। শিক্ষক-ছাত্ৰৰ উপযুক্ত সম্বন্ধ গঢ়ি উঠিলেহে শ্রেণীকোঠাত উপযুক্ত শিক্ষাদান সম্ভৱ হয়।
শিক্ষকৰ নেতৃত্বমূলক গুণাৱলীসমূহ (Leadership quality of teacher) :- ছাত্ৰ-ছাত্ৰীসকলৰ মনত পৰোক্ষ আৰু মনোবৈজ্ঞানিক প্ৰভাৱ পেলাৱৰ বাবে শিক্ষকৰ বিশেষ কিছুমান গুণৰ প্ৰয়োজন। এই সমূহ নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি ৷
(ক) দৈহিক উপযুক্ততা (Physical fitness) :- শিক্ষকৰ দৈহিক আকর্ষণীয়তাই ছাত্ৰ-ছাত্ৰীক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰে। দৈহিক উপযুক্ততাৰ ফালৰ পৰা শিক্ষকৰ দৃষ্টিশক্তি, শ্ৰৱণ শক্তি, স্বৰ-ধ্বনি আদি অত্যন্ত স্বাভাৱিক আৰু দোষমুক্ত হোৱাটো বাঞ্ছনীয়।
(খ) বৌদ্ধিক সক্রিয়তা (Intellectual activity) :- শিক্ষকসকল বৌদ্ধিক ক্ষেত্ৰত যথেষ্ট সক্ৰিয় হ’ব লাগে। তেওঁলোকৰ অধ্যয়নপুষ্ট মন, নতুন জ্ঞানৰ প্ৰতি স্পৃহা আৰু অনুসন্ধিৎসাৰ স্বভাৱেহে ছাত্ৰ সকলৰ মনত নিজকে নিত্য নতুন কৰি ৰাখিব পাৰে।
(গ) মনোবৈজ্ঞানিক সচেতনতা (Psychological consciousness) :- শিক্ষক সকলে ছাত্ৰ-ছাত্ৰীৰ মন পৰিচালিত কৰিবৰ বাবে মনোবৈজ্ঞানিকভাৱে সচেতন হোৱা উচিত। শিক্ষাৰ ক্ষেত্ৰত সৃষ্টি হোৱা বিভিন্ন সমস্যাৰ নিৰীক্ষণ আৰু সেইবোৰৰ সমাধানৰ বাবে মনোবিজ্ঞানৰ বিভিন্ন নীতি আৰু পদ্ধতিসমূহৰ লগত শিক্ষক সকল পৰিচিত হ’ব লাগে। ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ আৰু অভিকচিৰ ওপৰত গুৰুত্ব দি শিক্ষা দিবলৈ হ’লে শিক্ষক সকলৰ মনোবিজ্ঞানৰ জ্ঞান থকাটো দৰকাৰ।
(ঘ) আৱেগিক নিয়ন্ত্রণ (Emotional Control) :- ছাত্ৰৰ নিয়ন্ত্ৰণ আৰু অনুশাসনকাৰী শিক্ষক নিজেই আত্ম-নিয়ন্ত্রিত হোৱা উচিত। তেওঁ নিজে আবেগ-অনুভূতিবোৰ নিয়ন্ত্রিত কৰিব পাৰিলেহে শিক্ষাৰ বিভিন্ন সমস্যাসমূহ সুস্থিৰভাৱে সমাধান কৰিব পাৰে।
(ঙ) বিনম্ৰতা (Politeness) :- শিক্ষকৰ আন এটা প্ৰধান গুণ হৈছে বিনম্ৰতা ৷ উচ্চ চিন্তা আৰু সহজ সৰল জীৱন-যাপনে তেওঁক স্বাভাৱিকতেই বিনয়ী আৰু মৰমিয়াল কৰি তুলিব লাগে। এনে ব্যক্তিত্বৰ দ্বাৰা তেওঁ সমাজৰ সকলো ব্যক্তিকেই সহজে আকর্ষণ কৰিব পাৰে।
(চ) নিয়মানুগত্যতা (Sense of discipline) :- শিক্ষক সদায় নিয়মানুবর্তী হোৱা উচিত। শিক্ষকসকলে সমাজৰ আৰু স্কুলৰ গ্ৰহণযোগ্য নীতি-নিয়মৰ প্ৰতি আস্থা, নিষ্ঠা আৰু আনুগত্যৰ ভাৱ দেখুৱাব লাগে। ছাত্র-ছাত্রীৰ বাবে তেওঁ নিজেই এক উদাহৰণ আৰু অনুপ্ৰেৰণাৰ প্ৰতীক স্বৰূপ হৈ উঠিব লাগে।
(ছ) সহানুভূতিশীলতা (Sense of Sympathy) :- শিক্ষকৰ অন্তৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি সদায় কোমল, সংবেদনশীল আৰু সহানুভূতিশীল
হ’ব লাগে। শিক্ষকসকল ছাত্ৰ-ছাত্ৰীৰ সুখত সুখী আৰু দুখত দুখী হ’ব পৰা অনুভূতিশীলতাৰেহে তেওঁ সকলোৰে সহযোগিতা লাভ কৰিব পাৰে৷
সময় ব্যৱস্থাপনা (Time task management) :- ছাত্ৰক শিক্ষাদান কৰাৰ পূৰ্বে শিক্ষকে তেওঁৰ শৈক্ষিক বছৰটোৰ বাবে কৰিব লগা কাৰ্যসূচীৰ পৰিকল্পনা বা আঁচনি প্ৰস্তুত কৰি তুলিব লাগে শিক্ষা পৰিচালনাৰ বাবে ছাত্ৰৰ বাবে অনুমোদিত পাঠ্যক্ৰম আৰু কাৰ্যক্ৰম আৰু কাৰ্যসূচীসমূহ স্কুলৰ ক্রিয়া সম্পাদন কৰিব লগা দিনকেইটাৰ সময়সূচী অনুসৰি সাপ্তাহিক, মাহেকীয়া আৰু ছমহীয়া ক্রিয়াসূচী স্বৰূপে বিভক্ত কৰি ল’ব লাগে। শিক্ষাৰ এই ক্ৰিয়া আঁচনি প্ৰস্তুত কৰা হ’লেহে তেওঁৰ বছৰেকীয়া শৈক্ষিক কৰ্তব্য সুচাৰুৰূপে সম্পাদন কৰাটো সম্ভৱ হৈ উঠিব পাৰে।
শিশুকেন্দ্ৰিক শিক্ষণৰ ধাৰণা (Concept of Child centred teaching) :- বৰ্তমানৰ শিক্ষা হৈছে শিশুকেন্দ্রিক। সেয়েহে বর্তমান শিক্ষা ব্যৱস্থাত শিশুৰ প্ৰয়োজন, পাৰদৰ্শিতা, ইচ্ছা, আৰু আকাংক্ষাৰ ওপৰত ভিত্তি কৰি শিক্ষা প্ৰদান কৰা উচিত। শিশুকেন্দ্রিক শিকনৰ ভেটি হ’ল আচৰণবাদী মনোবিজ্ঞান। আচৰণবাদীসকলৰ মতে উদ্দীপক আৰু সঁহাৰিৰ মাজত সম্পর্ক সাধনেই হ’ল শিক্ষণ। ইয়াত উদ্দীপকে ছাত্ৰ-ছাত্ৰীৰ সন্মুখত তেওঁলোকৰ বাঞ্ছিত সঁহাৰিৰ বাবে উপস্থাপন কৰা সংকেত, বাৰ্তা, প্রশ্ন ইত্যাদিক সূচায়। আচৰণবাদীসকলে বিশ্বাস কৰে যে শিকন এক নিজস্ব কাৰ্য আৰু নিজৰ পৰিৱেশৰ লগত শিক্ষাৰ্থীৰ ধাৰাবাহিক সঁহাৰিৰ যোগেদি শিকন সাধন কৰিব পাৰি।
এই পদ্ধতিত শিক্ষার্থীৰ ওপৰত একো জাপি দিয়া নহয়। শিকনৰ এক নমনীয় পদ্ধতি হিচাবে ই শিক্ষার্থীসকলক নিজস্ব গতিবেগত আৰু নিজে বিচৰা ধৰণে শিকাৰ সুযোগ প্রদান কৰে। ইয়াত শিকাটো কেৱল শিক্ষাৰ্থীৰ কৰ্ম হিচাপে লোৱা হয়। শিকনৰ বাবে শিকাক নিজে দায়ী হয়। ইয়াৰ মূল কথা হ’ল শিকন এক নিজস্ব কাৰ্য আৰু আত্ম অনুদেশৰ দ্বাৰাহে মানৱীয় গুণসমূহ বিকশিত হ’ব পাৰে৷ বৰ্তমান এই শিকন পদ্ধতিয়ে যথেষ্ট গুৰুত্ব লাভ কৰিছে।
দক্ষতাভিত্তিক শিক্ষণ (Competency based teaching) :- বর্তমান সময়ত শিক্ষণ কার্য দক্ষতা ভিত্তিক আৰু কৰ্মকেন্দ্ৰিক কৰাৰ প্ৰয়োজন হৈ পৰিছে। শিক্ষণ দক্ষতাই শিক্ষকৰ কেৱল বিষয়বস্তুৰ ওপৰত জ্ঞান থকাকে নুবুজায়। ই শিক্ষকৰ বিষয়বস্তুৰ ওপৰত থকা জ্ঞানৰ উপৰিও শিক্ষণ পদ্ধতি আৰু প্ৰয়োগ কৌশলৰ ব্যৱহাৰ, প্ৰশ্নকৰণ, শিক্ষণ সঁজুলিৰ ব্যৱহাৰ, ছাত্ৰ-ছাত্ৰীক অংশ গ্রহণ কৰোৱাৰ সামৰ্থ্য, ব্যক্তিত্ব, শ্ৰেণীৰ লগত সম্পর্ক, শ্রেণী কক্ষ পৰিচালনা আৰু উদ্দেশ্য সম্পর্কে স্পষ্টতাৰ সামগ্রিক মূল্যায়নক সুচায়। সফল শিক্ষণ দক্ষতাক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি।
(ক) শিক্ষায়তনিক দক্ষতা ।আৰু
(খ) ব্যক্তিগত দক্ষতা ।
শিক্ষায়তনিক দক্ষতাৰ ভিতৰত শিক্ষকৰ থাকিবলগীয়া গুণখিনি হ’ল—
১। যথোপযুক্ত সাধাৰণ জ্ঞান।
২। জ্ঞান পিপাসা।
৩। প্রকাশ সাৱলীলতা।
৪। শিক্ষণ অভিজ্ঞতা।
৫। বৃত্তিটোৰ প্ৰতি ভাল পোৱা।
৬। প্রগতিশীল দৃষ্টিভংগী।
আনহাতে ব্যক্তি দক্ষতাৰ ভিতৰত থাকিবলগীয়া গুণসমূহ হ’ল―
১। শাৰীৰিক সুস্থতা।
২। আৱেগিক আৰু মানসিক স্বাস্থ্য।
৩। উপযুক্ত মেধাশক্তি।
৪। সৎচৰিত্ৰ।
৫। শিশুৰ প্ৰতি প্রেম।
৬। ৰসবোধ।
৭। গণতান্ত্রিক দৃষ্টিভঙ্গী।
৮। সহানুভূতি।
৯। আত্ম বিশ্বাস।
১০। সমাজপ্ৰিয়তা।
অবিৰত সামূহিক মূল্যায়ন ব্যৱস্থা (Continuous and comprehensive evaluation) :- ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰাৰ অন্তত যি পৰীক্ষা কার্য সম্পাদন কৰা হয় তাকেই সাধাৰণ অৰ্থত মূল্যায়ন বোলা হয়। শিক্ষাদানৰ বেলিকা ছাত্ৰ ছাত্রীসকল কিমানখিনি উপকৃত হয় বা নির্দিষ্ট পাঠৰ প্ৰতি কিমানখিনি ধাৰণা আয়ত্ত কৰিব পাৰে এইবোৰৰ পৰীক্ষা কৰাৰ বাবে মুল্যায়ন ব্যৱস্থা কৰা হয়। ছাত্ৰক শিক্ষাদানৰ অন্তত পৰীক্ষা কাৰ্য্য সম্পাদন কৰি তেওঁলোকৰ আৰ্জিত জ্ঞানৰ বুজ লোৱাটো সাপ্তাহিক, মাহেকীয়া, ছমহীয়া, বছৰেকীয়া আদি পৰীক্ষা অনুষ্ঠিত কৰি এক অবিৰতভাৱে ছাত্ৰৰ মূল্যায়নৰ ব্যৱস্থা কৰিব লাগে।
বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা ব্যৱস্থাত কিছুমান নতুন পদ্ধতিত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ ভিতৰত এটা হৈছে অবিৰত সামূহিক মূল্যায়ন ব্যৱস্থা৷ ইয়াৰ অৰ্থ এয়ে যে ছাত্র-ছাত্রীসকলে প্রত্যেক দিনাই কিমানখিনি শিক্ষা গ্ৰহণ কৰিছে এই বিষয়ে অবিৰতভাৱে কিছুমান শিক্ষাৰ মুল্যায়ন ব্যৱস্থা কৰা। এনে মূল্যায়ন ব্যৱস্থাত ব্যক্তিনিষ্ঠ প্ৰশ্নতকৈ বস্তুনিষ্ঠ প্রশ্ন প্রস্তুতিৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। কাৰণ বস্তুনিষ্ঠ প্ৰশ্নৰ দ্বাৰাহে ছাত্র-ছাত্রীৰ নির্দিষ্ট পাঠৰ বিষয়ে স্পষ্ট ধাৰণা আছে নে নাই তাৰ উমান পোৱা যায়। এই ক্ষেত্ৰত শিক্ষকসকলৰ যথেষ্ট ভূমিকা আছে। পৰীক্ষা ব্যৱস্থা অধিক নির্ভৰযোগ্য কৰি তুলিবৰ বাবে গ্ৰহণ কৰা নতুন নতুন পৰীক্ষা-নিৰীক্ষা আদিৰ লগত শিক্ষকসকল ভালদৰে পৰিচিত হ’ব লাগে। ইয়াৰ উপৰি শৈক্ষিক মুল্যায়নৰ সঠিকতা আৰু নিৰ্ভৰযোগ্যতা ৰক্ষা কৰি চলিবৰ বাবে শিক্ষকসকলে বিবিধ প্রশ্ন (ব্যক্তিনিষ্ঠয়েই হওঁক বা বস্তুনিষ্ঠই হওক) প্রস্তুতি কৌশল জানিব লাগে । অবিৰত সামূহিক মূল্যায়নে ছাত্ৰ-ছাত্ৰী সকলক নির্দিষ্ট বিষয়ৰ জ্ঞান পুংখানুপুংখভাৱে আয়ত্ত কৰাত সহায় কৰে।
গঠনীয় আৰু সংক্ষেপীয় মূল্যায়ন (Formative and Summative Evaluation) :- মূল্যায়ন হৈছে শিক্ষাদান এক অবিচ্ছেদ্য অংগ। পাঠদানৰ লগে লগে শিক্ষকে অবিৰভাবে মূল্যায়ন কৰি গ’লেহে যিবোৰ উদ্দেশ্য আগত ৰাখি পাঠ প্ৰদান কৰা হৈছে সেইবোৰত সফলতা লাভ কৰিব পৰা হৈছে নে নাই তাক জানিব পৰা হ’ব। কোনো এটা শিক্ষণীয় বিষয়বস্তু শিকোৱাৰ পাছত মূল্যায়নৰদ্বাৰা শিক্ষকে যদি নিশ্চিত হ’ব পাৰে যে ছাত্ৰ-ছাত্ৰীসকলে আশানুৰূপভাৱে ইয়াক আয়ত্ত কৰিব পাৰিছে, তেতিয়াহে তেওঁ ইয়াৰ পাছৰ পৰ্যায়লৈ আগবঢ়া উচিত। আনহাতে, ছাত্র-ছাত্রীসকলে যদি এইবোৰ গ্ৰহণ কৰিব পৰা নাই, তেতিয়াহ’লে শিক্ষণীয় বিষয়বস্তুখিনি শিক্ষকে পুনৰাই আলোচনা কৰা উচিত। মূল্যায়নৰ দুটা প্ৰধান ভাগ হৈছে সংক্ষেপীয় আৰু গঠনীয়। এই দুই প্ৰকাৰ মূল্যায়ন ব্যৱস্থাৰ বিষয়ে তলত আলোচনা কৰা হ’ল
গঠনীয় মূল্যায়ন (Formative Evaluation) :- ছাত্ৰ-ছাত্ৰীৰ শিক্ষাগ্রহণ প্রক্রিয়া সঠিকভাৱে আৰু অতিভাৱে আগবাঢ়িছে নে নাই তাক চাবলৈ আন এটা মূল্যায়ন ব্যৱস্থা কৰা হয় যিটোক গঠনীয় মূল্যায়ন বা বৰ্তমানৰ বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাত থকা ‘ইউনিট টেষ্ট’ বুলিও ক’ব পাৰি। এই মূল্যায়নৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিটো পাঠৰ সঠিক জ্ঞান আহৰণ কৰিছেনে নাই তাক পৰীক্ষা কৰি চোৱা। ইয়াৰদ্বাৰা পিছপৰা ছাত্ৰ-ছাত্ৰীসকলক চিনাক্ত কৰিব পাৰি আৰু সাধাৰণ বুদ্ধ্যাংকৰ ল’ৰা-ছোৱালীতকৈ ওপৰৰ বা তলৰখিনিক চিনাক্ত কৰি তেওঁলোকৰ বাবে ওপৰঞ্চি শিক্ষা যেনে–ৰিমেডিয়েল টিচিং, কম্পিউটাৰ শিক্ষা ইত্যাদি প্ৰদানৰ ব্যৱস্থা কৰিব পাৰি। এই মূল্যায়ন বা পৰীক্ষাত ছাত্ৰ-ছাত্ৰীক কোনো গ্রেড বা নম্বৰ দিয়া নহয়। গঠনীয় মূল্যায়নবদ্বাৰা শিক্ষাক সময়ে সময়ে ছাত্র-ছাত্রীৰ গঠনীয় বিষয়ৰ অগ্ৰগতিৰ বিষয়ে সাম্যক ধাৰণা পাব পাৰে।
সংক্ষেপীয় মূল্যায়ন (Summative Evaluation) :- শিক্ষাদানৰ উদ্দেশ্যসমূহ সঠিকভাৱে পূৰণ কৰিব পৰা গৈছে নে নাই তাক জানিবৰ বাবে এক স্পষ্ট আৰু অৰ্থপূৰ্ণ মূল্যাংকনৰ আৱশ্যক। ইয়াৰ বাবে এক সুস্পষ্ট আৰু উপযোগী সংক্ষিপ্তকৰণৰ ব্যৱস্থা কৰা দৰকাৰ। এই উদ্দেশ্য আগত ৰাখি যেতিয়া কোনো এটা পৰীক্ষা সংখ্যা বা আখৰৰদ্বাৰা মূল্যায়ন কৰি শিক্ষাদানৰ মূল্যায়ন সংক্ষিপ্তভাৱে কৰা হয় তাকেই সংক্ষেপীয় মূল্যায়ন বোলা হয়। এই মূল্যায়নৰ প্ৰাথমিক উদ্দেশ্য হৈছে শৈক্ষিক বৰ্ষত ছাত্ৰ-ছাত্ৰীয়ে কিমানখিনি শিক্ষা আহৰণ কৰিছে তাৰ এটা সংক্ষিপ্ত মুল্যায়ন কৰা। এই পৰীক্ষাত ছাত্ৰ-ছাত্ৰীক গ্ৰেড বা নম্বৰ প্ৰদান কৰা হয়।
ৰিমেডিয়েল টিচিং (Remedial teaching) :- আধুনিক শিক্ষা ব্যৱস্থাত ৰিমেডিয়েল অথবা প্রতিকাৰমূলক শিক্ষণৰ ধাৰণা আপেক্ষিকভাৱে নতুন। এই শিক্ষাৰ প্ৰধান কাম হৈছে অতি দুর্বল প্ৰকৃতিৰ মৌলিক বা প্রাথমিক শিকোৱা আৰু শিকা প্ৰক্ৰিয়াৰ কু-ফল সমুহ আঁতৰ কৰা। অর্থাৎ শ্রেণী পৰিৱেশৰ নিয়মিত শিক্ষণৰ অতি দুৰ্বল দিশসমূহৰ প্ৰতিকাৰ সাধনৰ বাবেহে প্ৰতিকাৰ মূলক শিক্ষণ অতি প্রয়োজনীয়। শিকোৱা প্ৰক্ৰিয়াৰ দুৰ্বল দিশসমূহে শিকা প্রক্রিয়াও দুৰ্বল কৰি তোলে। গতিকে শিকোৱা আৰু শিকা প্ৰক্ৰিয়াৰ এনে দুর্বলতা আঁতৰ কৰাৰ বাবে প্ৰতিকাৰমূলক শিক্ষণৰ প্ৰয়োজনীয়তা অধিক শিক্ষকৰ দুৰ্বল আৰু ভুল শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ শিকা প্ৰক্ৰিয়াৰ দিশ বিপথে পৰিচালিত কৰে। দুর্বল আৰু ভুল শিক্ষণে শিক্ষাৰ সঁজুলি অথবা উপকৰণসমূহ ব্যৱহাৰ কৰাৰ বাবে ছাত্র-ছাত্রীসকলক বিশুদ্ধ নির্দেশনা প্রদান কৰাত ব্যর্থ হয়। গতিকে তেনে ছাত্র-ছাত্রীসকলক শুদ্ধ পথলৈ ওভতাই অনাৰ বাবে অভিজ্ঞ শিক্ষকৰ সহায়ত এনে প্ৰতিকাৰমূলক শিক্ষণৰ ব্যৱস্থা কৰা হয়। ছাত্ৰ-ছাত্ৰী সকলৰ ত্রুটিপূৰ্ণ শিক্ষণৰ দিশ আৰু তাৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰি লোৱা হয়। ইয়াৰ পৰৱৰ্তী অৱস্থাত সম্পূর্ণ পৰিকল্পিতভাৱে অনুক্ৰম প্ৰস্তুত কৰি তেনে ভুলৰ শুধৰণি অথবা শিক্ষণৰ দুৰ্বল দিশসমূহৰ উন্নতি সাধনৰ বাবে প্ৰচেষ্টা চলোৱা হয়। এইদৰে ছাত্ৰ-ছাত্ৰীৰ দুৰ্বল ধৰণৰ অধ্যয়নৰ অভ্যাস সমূহৰ সংস্কাৰ সাধন কৰি শক্তিশালী অধ্যয়নৰ অভ্যাস গঠনৰ প্ৰচেষ্টা চলোৱা হয়।
ছাত্ৰ-ছাত্ৰীয়ে জনা কথাখিনিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিকাৰমূলক শিক্ষণ আৰম্ভ কৰা হয়। অর্থাৎ বিষয়বস্তু সম্পর্কে ছাত্র-ছাত্রীসকলে যিখিনি কথা জানে তাৰ পৰা তেওঁলোকৰ নানা সমস্যা সমাধান কৰি নজনা কথাবোৰৰ মাজলৈ তেওঁলোকক আগবঢ়াই নিয়া হয়। শিক্ষণৰ প্ৰক্ৰিয়াত যেতিয়াই ছাত্র-ছাত্রীসকলে কোনো নতুন সমস্যাৰ মুখমুখি হয় তেতিয়াই প্ৰতিকাৰমূলক শিক্ষণৰ সহায়ত তেনে সমস্যাসমূহৰ প্ৰতিকাৰৰ উপায় আৰু দিক্নির্দেশনা প্রদান কৰা হয়। সম্পূর্ণ প্রণালীবদ্ধভাবে শুদ্ধ পথবোৰৰ প্ৰতি ছাত্র-ছাত্রীসকলক অভিৰোচিত কৰি তেওঁলোকৰ শিক্ষণ ফলপ্ৰসু কৰি তোলা হয়। এয়ে প্রতিকাৰমূলক শিক্ষণৰ মূল বিষয়বস্তু।
সম্পূর্ণ সাক্ষৰতা অভিযানৰ ধাৰণা আৰু ইয়াৰ গুৰুত্ব (Concept of Total Literacy Mission and its importance)
১৯৮৮ চনত সম্পূর্ণ সাক্ষৰতা অভিযান প্ৰবৰ্তন কৰা হৈছিল। ইয়াৰ মূল লক্ষ্য আছিল ২০০৫ চনৰ ভিতৰত পূর্ণ স্বাক্ষৰতা প্রাপ্তি।এই অভিযানৰ প্ৰধান বৈশিষ্ট্যসমূহ আছিল–
(ক) ভাৰতবৰ্ষত প্ৰাপ্তবয়স্কৰ নিৰক্ষৰণতা দূৰীকৰণৰ বাবে ই হ’ল এক প্রধান কৌশল।
(খ) ইয়াৰ সময়সীমা নিৰ্ধাৰিত।
(গ) ই হৈছে স্বেচ্ছাসেৱক ভিত্তিক।
(ঘ) ই ফলাফলভিত্তিক।
(ঙ) শিকাৰু সকলেই হ’ল ইয়াৰ কেন্দ্ৰ বিন্দু।
(চ) ইয়াৰ এক নির্দিষ্ট এলেকা আছে।
সম্পূৰ্ণ সাক্ষৰতা অভিযানৰ কার্যপ্রণালী :- এই অভিযানৰ প্ৰথম পৰ্যায়ত ৰাজনৈতিক দল, শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু সাংস্কৃতিক গোটৰ লগত আলোচনা কৰা হয় আৰু এনেদৰে প্ৰকল্প
এটা গঢ়ি উঠে।
ইয়াৰ পৰৱৰ্তী পৰ্যায়ত, জিলা পৰ্যায়ৰ সাক্ষৰতা কমিটীৰ জৰিয়তে অভিযানসমূহ পৰিচালিত কৰা হয়। ইয়াৰ সভাপতি হৈছে জিলা পৰিষদৰ মুখ্য সম্পাদক। অনুষ্ঠানটোৰ পৰিকল্পনাৰ ক্ষেত্ৰত সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহক প্রতিনিধিত্ব কৰাত সুবিধা দিয়া হয় আৰু পিছত স্বেচ্ছা-সেৱক বাহিনীৰ দ্বাৰা চলাই নিয়া হয়।
ইয়াৰ পিছত, জিলাখনত এক বহলভিত্তিক পর্যালোচনা কৰা হয়। ই নৱ সাক্ষৰ ব্যক্তি সকলক স্বেচ্ছাসেৱী শিক্ষকসকলক আৰু নিপুণ
প্রশিক্ষক সকলক চিনাক্তকৰণ কৰে।
শেষত বহুমুখী যোগাযোগ কৌশলৰ জৰিয়তে এটা পৰিৱেশ গঢ় দিবলৈ প্ৰচেষ্টা চলোৱা হয়। জনসাধাৰণৰ মতামত আদান-প্রদান কৰা আৰু নৱ সাক্ষৰ ব্যক্তিসকলক সাক্ষৰ কৰি তোলাটোৱেই হ’ল পৰিৱেশ গঢ় দিয়াৰ উদ্দেশ্য। ইয়াৰ বাবে বিভিন্ন মাধ্যম যেনে– লোক কৃষ্টি, যাত্রা, বাটৰ নাট, মুকাভিনয়, ভজন-কীৰ্তন আদি প্ৰয়োগ কৰিব পাৰি।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

