শিক্ষণ বিজ্ঞান – Pedagogy of Assam TET Syllabus

শিক্ষণ বিজ্ঞান – Pedagogy is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for শিক্ষণ বিজ্ঞান – Pedagogy.

শিক্ষণ বিজ্ঞান – Pedagogy

Join Telegram channel

Table of Contents

Also, you can read the Assam TET online notes in these sections as per Assam TET Syllabus guidelines. These notes are part of Assam TET All Subject. Here we have given Assam TET শিক্ষণ বিজ্ঞান – Pedagogy for All notes, You can practice these here.

শিক্ষণ বিজ্ঞান

CHILD DEVELOPMENT AND PEDAGOGY

শিকন-শিক্ষণ প্ৰক্ৰিয়াৰ অৰ্থ (Meaning of Teaching learning process)

সাধাৰণ ভাষাত ক’বলৈ হ’লে যি প্রক্রিয়া অনুসৰি শ্ৰেণীকক্ষৰ চাৰিবেৰৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলক শিক্ষকে তেখেতৰ সঞ্চিত জ্ঞান অভিজ্ঞতা প্ৰদান কৰে আৰু শিক্ষাৰ্থীসকলেও নীৰৱ শ্ৰোতাৰ ভূমিকা পালনেৰে আয়ত্ত কৰে তাকেই শিক্ষাদান আৰু শিক্ষা গ্রহণ প্রক্রিয়া বোলা হয়। এনে প্ৰক্ৰিয়াত শিক্ষার্থী আৰু শিক্ষা গ্রহণ প্ৰক্ৰিয়াতকৈ শিক্ষক আৰু শিক্ষাদান প্রক্রিয়াইহে মুখ্য ভূমিকা গ্ৰহণ কৰে।

শিক্ষণ আৰু শিকনৰ সম্পর্ক (Relation between teaching and learning) :- শিক্ষণ আৰু শিকন দুয়োটাই এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। শিক্ষণ হ’ল শিকনৰ বাবে উদ্দীপনা আৰু দিশ নির্দেশনা। শিক্ষণ ছাত্র-ছাত্রীৰ কাৰ্যভাৰ, অনুভূতি আদিৰ সুসমন্বয় সাধনৰ বাবে কার্যকৰী। সমন্বয় সাধনৰ আন এটা নাম হ’ল শিকন। শিক্ষণ হ’ল ছাত্র-ছাত্ৰীৰ কাৰ্য-কলাপ নিয়ন্ত্রণ আৰু আবেগ অনুভূতিৰ প্ৰশিক্ষণ আৰু ইয়াৰ ফলত শিকন সাধন হয়। এটা উপকাৰী শিকন পৰিৱেশৰ অবিহনে শিকন সংঘটিত হ’ব নোৱাৰে। উত্তম শিক্ষণৰ অৰ্থ হ’ল সর্বোচ্চ শিকন। সেইবাবে শিক্ষা প্রক্রিয়া বা শিক্ষণৰ মুখ্য বস্তু হিচাপে শিকন সম্পাদন কৰা উচিত।

বিভিন্ন পৰ্যায়ৰ শিশুৰ জ্ঞান আহৰণ (Knowledge of Children from Diverse Context) :- শ্ৰেণীৰ সাধাৰণ শিক্ষাই সকলো পৰ্যায়ৰ শিশুৰে প্ৰয়োজন সমানে পুৰ্ণ কৰিব নোৱাৰে। বর্তমান বুদ্ধি পৰীক্ষা প্ৰয়োগৰদ্বাৰা মনোবিজ্ঞানীসকলে শিক্ষা আহৰণৰ যোগ্যতা অনুসৰি ছাত্ৰ-ছাত্ৰীসকলক কেইবাটাও পৰ্যায়ত বিভক্ত কৰিছে। ইয়াৰ ভিতৰত মানসিকভাৱে পিছপৰা, অনগ্ৰসৰ, বাধাগ্রস্ত, প্রতিভাৱান, তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰসকলৰ বৈশিষ্ট্য মন কৰিবলগীয়া। বর্তমান মনোবিজ্ঞানৰ ফালৰ পৰা এই ভিন ভিন যোগ্যতাৰ ছাত্ৰসকলৰ বৈশিষ্ট্যসমূহ ভালদৰে জনাটো আৰু সেই অনুক্ৰমে শিক্ষা সাহায্য আগবঢ়োৱাটো বিশেষ প্রয়োজনীয় হৈ পৰিছে। 

প্রতিভাবান ছাত্র (Gifted or Talented children) :- যিবোৰ ছাত্ৰ-ছাত্ৰীৰ উন্নত দৈহিক আৰু মানসিক যোগ্যতা থাকে তেওঁলোকক প্রতিভাৱান ছাত্ৰ বোলে। এই সকল ছাত্ৰৰ বুদ্ধ্যাংকৰ পৰিমাণ অনুসৰি বিভিন্ন পৰ্যায়ত বিভক্ত কৰা হয়। সাধাৰণভাৱে তেওঁলোকৰ বুদ্ধ্যাংক ১২০ আৰু ১৪০ ৰ ভিতৰত থাকে। যিবোৰ ছাত্র-ছাত্রী অসাধাৰণ প্রতিভাৱান তেওঁলোকৰ এই পৰিমাণ ১৬০ ৰ ওপৰতো পাব পৰা হয়।

প্রতিভাৱান ছাত্ৰৰ উন্নত মানসিক যোগ্যতা তেওঁলোকৰ বিভিন্ন ক্রিয়া আচৰণৰ যোগেদি সহজে প্রকাশ পায়। পৰিৱেশত কৰা উন্নত মানৰ ক্ৰিয়া আচৰণে তেওঁলোকৰ প্ৰতিভাৰ পৰিচয় দিয়ে। তেওঁলোকে জন্মগতভাৱে উন্নত গুণ সকলো দিশতে যেনে কলা, সংগীত, সাহিত্য, দর্শন, বিজ্ঞান, কাৰিকৰী বিজ্ঞান তথা নেতৃত্ব প্রদান ইত্যাদিত লাভ কৰে। উন্নত বৌদ্ধিক মান বিশিষ্টতা, সৃজনাত্মক শক্তি ক্ষমতা আৰু জন্মগত প্রতিভাই কোনো এক দিনত চমকপ্রদ ভাবে প্রকাশ লাভ কৰি উঠে। প্ৰতিভাৱান ছাত্ৰৰ উন্নত মান বিশিষ্টতা কেৱল মানসিক দিশতে নহয়, দৈহিক দিশতো প্রকাশ লাভ হয়। তেওঁলোকৰ উন্নত দৈহিক গঠন আৰু ৰোগ মুক্ততা, স্নায়ৱিক ক্ষিপ্ৰতা আৰু দেহ সঞ্চালন ক্ষমতাৰ পটুতা আদি পৰিলক্ষিত হয়। গ্রহণেন্দ্ৰিয়সমূহৰ গ্ৰহণ ক্ষমতা, প্রতিক্ৰিয়াৰ প্ৰখৰতা আৰু যথার্থতা আদি সাধাৰণ শিশুতকৈ অধিক হয়।

প্রতিভাৱান ছাত্ৰৰ শিক্ষা ব্যৱস্থা (Educational provision for the Gifted)

প্রতিভাৱান ছাত্ৰ-ছাত্ৰীৰ সৰ্বাত্মক বিকাশৰ বাবে শিক্ষক অথবা বিদ্যালয়ৰ ভূমিকা গুৰুত্বপূৰ্ণ। তেওঁলোকৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত তলত দিয়া দিশ কেইটা উল্লেখযোগ্য।

(ক) শিক্ষকে প্রতিভাৱান ছাত্ৰৰ নিজা শক্তি ক্ষমতাৰ স্বৰূপ জানিবলৈ চেষ্টা কৰিব লাগে আৰু সেই মতে শিক্ষাদান কৰিব লাগে। 

(খ) তেওঁলোকৰ বাবে উন্নতমানৰ অতিৰিক্ত পাঠ্যসুচী আৰু কাৰ্যসূচী যুগুত কৰিব লাগে।

(গ) পাঠ্যক্ৰমৰ পৰিসৰ ব্যাপক হোৱা উচিত যাতে জ্ঞানৰ এক বহুল ধাৰণা তেওঁলোকক দিব পৰা যায়।

(ঘ) প্রতিভাৱান ছাত্ৰৰ বাবে বিশেষজ্ঞ শিক্ষক নিয়োগ কৰিব লাগে আৰু সেই বিষয়ত বিশিষ্ট জ্ঞান বিশ্লেষণাত্মকভাবে অধ্যয়নত উৎসাহিত কৰিব লাগে।

(ঙ) শিক্ষানুষ্ঠানত উন্নত পুথিভঁৰাল, পৰীক্ষাগাৰ আৰু শিক্ষা পৰিবেশ গঢ় দি তুলি জ্ঞানৰ পৰীক্ষা নিৰীক্ষা আৰু গৱেষণা আদিৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগে ৷

সৃষ্টিকামী শিশু (Creative Child) :- সৃষ্টিকামী শিশুসকলৰ উদ্ভাৱনী ক্ষমতা তথা চিন্তা এক ধৰণৰ বিশেষ ক্ষমতা। এনে ধৰণৰ শিশুসকলে নতুন নতুন চিন্তা তথা নতুন ধৰণৰ বস্তু আবিষ্কাৰ, তৈয়াৰ কৰি ভাল পায়। এই ধৰণৰ চিন্তাত এটা উদ্দেশ্য আৰু ফলাফলৰ চিন্তা নিহিত হৈ থাকে। যিকোনো বস্তুৰ বিষয়ে বিতংকৈ বা খৰচি মাৰি জানিবলৈ এই ধৰণৰ শিশুসকলৰ প্ৰবল আগ্ৰহ পৰিলক্ষিত হয়।

বিশেষ দক্ষতাসম্পন্ন শিশু (Specially abled child) :- সাধাৰণতে কিছুমান শিশু শাৰীৰিক বা মানসিকভাৱে বাধাগ্রস্ত হ’লেও কিছুমান বিশেষ দিশত কিছুমান বিশেষ পাৰদৰ্শিতা প্ৰকাশ কৰিব পাৰে৷ তেনে ধৰণৰ শিশুসকলক বাধাগ্রস্ত হলেও আমি বিশেষ দক্ষতাসম্পন্ন শিশু বুলি ক’ব পাৰো। এওঁলোকে সৰ্বসাধাৰণৰ লগত সকলো দিশতে আগবাঢ়িবলৈ অপাৰগ যদিও কেতবোৰ বিশেষ কামত বিশেষ পাৰদৰ্শিতা প্ৰকাশ কৰিব পাৰে। এজন অন্ধ মানুহে ধুনীয়াকৈ গান গাব পাৰে বা খোজ কাঢ়িব পাৰে বা এখন হাত নোহোৱাজনেও এখন হাতেৰেই সকলোবোৰ কাম অসুবিধা নোহোৱাকৈ সম্পন্ন কৰিব পাৰে। এই ধৰণৰ শিশুবোৰেই বিশেষ দক্ষতাসম্পন্ন শিশুৰ শাৰীত পৰে।

শিক্ষণৰ বাধাগ্ৰস্ততা (Learning difficulties) :- আবেগিক অস্বাভাৱকতাত ভোগা শিশুসকলৰ এক লক্ষণ হৈছে শিক্ষা আহৰণত বাধাগ্রস্ততা। শিক্ষা আহৰণত বাধাপ্রাপ্ত হোৱা লক্ষণবোৰৰ ভিতৰত কিতাপৰ পাঠ ঘেঁহাই পঢ়া, শব্দ জোটনি কৰিব নোৱাৰা বুজিব নোৱৰাকৈ হাতৰ আখৰ লিখা আৰু অংক কৰিবলৈ টান পোৱা স্বভাৱসমূহ অন্তর্ভুক্ত কৰিব পাৰি। শব্দ উচ্চাৰণ আৰু পাঠদানৰ বেলিকা অসুবিধাৰ সন্মুখীন হোৱা ল’ৰাৰ সংখ্যা ছোৱালীতকৈ যথেষ্ট অধিক হয়। অংক কৰাৰ বেলিকাও দেখা যায় যে অস্থিৰতাত ভোগা শিশুৱে অংকৰ সমস্যা সমাধানত স্থিৰ মনোযোগ দিব আৰু শুদ্ধ চিন্তা কৰিব নোৱাৰে। এনে অৱস্থাত শিক্ষকৰ আচৰণ যদি আবেগিক উত্তেজনাপূর্ণ আৰু ভীতি প্রদর্শনমূলক হয় তেন্তে অৱস্থাৰ অধিক অৱনতি ঘটে। অংকৰ জটিল সমস্যা আৰু শিক্ষকৰ অসুস্থ আচৰণে এনে শিশুক অধিক উত্তেজিত আৰু ভীতিসন্ত্রস্ত কৰি তোলে। 

শিশুৰ কেতবোৰ বিশেষ সমস্যা জড়িত আচৰণ (Some common behavioural problem of children) :- শিশুৰ দৈহিক সমস্যা জড়িত আচৰণবোৰৰ ভিতৰত পৰে—

(ক) খোৱাৰ সমস্যা।

(খ) নিদ্ৰাৰ সমস্যা।

(গ) বিছনাত প্ৰস্ৰাৱ কৰা।

(ঘ) কদৰ্যতাৰ সৃষ্টি কৰা।

(ঙ) অস্বাভাৱিক আচৰণেৰে মনোযোগ আকৰ্ষণ কৰা ইত্যাদি। 

আনহাতে বাল্যকালত কেতবোৰ সমস্যা জড়িত আচৰণ হৈছে—

(ক) খং দেখুওৱা।

(খ) আক্ৰমণাত্মক আচৰণ।

(গ) চুৰ কৰা।

(ঘ) বাক্ অস্বাভাৱিকতা ইত্যাদি।

শিশুৰ সমস্যা জড়িত আচৰণ সংশোধন কৰা উপায় (How to remove behavioural problem of children) :- শিশুৰ সমস্যা জড়িত আচৰণৰ প্ৰধান কাৰণ হৈছে তাৰ অসুস্থ পৰিবেশৰ প্ৰভাৱ। শিশুৰ পৰিৱেশে যদি তাৰ মনো-দৈহিক প্রয়োজনবোৰ পুৰ্ণত ব্যর্থ হয় তেন্তে সি শিশুৰ সমস্যা জড়িত আচৰণৰ সৃষ্টি কৰে। এই আচৰণসমূহ আঁতৰ কৰিবলৈ হ’লে তলত দিয়া ব্যৱস্থাবোৰ গ্ৰহণ কৰিব লাগিব।

(ক) মাক-দেউতাকে শিশুক ঘৰুৱা পৰিৱেশত যথেষ্ট মৰম চেনেহ প্ৰদান কৰিব লাগে আৰু ঘনিষ্ঠ দৈহিক সংস্পৰ্শ ৰক্ষা কৰি চলিব লাগে।

(খ) মাক-দেউতাকে শিশুৰ দৈহিক প্রয়োজনসমূহ যেনে খোৱা, পিন্ধা আদিৰ প্ৰতি সদা সতর্ক দৃষ্টি ৰখাটো অতি প্ৰয়োজনীয় কথা। 

(গ) শিশুৰ স্কুলীয়া পৰিৱেশো উন্নত ধৰণে গঢ় দি তুলিব লাগে আৰু খেলা-ধুলাৰ সা-সুবিধাৰ প্ৰতি নজৰ ৰাখিব লাগে।

(ঘ) শিশুক আৱেগিক নিৰাপত্তা প্ৰদান কৰা দায়িত্ব শিক্ষক আৰু অভিভাৱকসকলৰ। 

(ঙ) কৈশোৰ কালত ল’ৰা আৰু ছোৱালীক প্রয়োজন অনুসৰি বৃত্তীয় আৰু শৈক্ষিক নির্দেশনা দিয়াৰ ব্যৱস্থা কৰিব লাগে।

উপৰোক্ত আলোচনাৰ পৰা এইটো স্পষ্ট হয় যে শিশুৰ দেহ-মনৰ প্ৰয়োজন সম্বন্ধে বয়সস্থসকলৰ অজ্ঞতাই তেওঁলোকৰ আচৰণজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ সেয়েহে প্রত্যেক অভিভাবক তথা শিক্ষকসকলে শিশুৰ প্ৰতিটো প্রয়োজনৰ প্ৰতি চোকা নজৰ প্ৰদান কৰিব লাগে।

শিক্ষণ পৰিকল্পনা (Organising Teaching) :- শ্ৰেণী পৰিৱেশত এটা পাঠ কৃতকার্যতাৰে পঢ়োৱা কথাটো মুলত: পাঠটোৰ নিখুঁত পৰিকল্পনা প্ৰস্তুত কৰা কাৰ্যৰ লগত জড়িত হৈ থাকে। শিক্ষকসকলে প্ৰণালীবদ্ধভাৱে পাঠ পৰিকল্পনা কৰি প্ৰস্তুত কৰি শিকোৱা প্ৰক্ৰিয়াক সুন্দৰভাৱে আগবঢ়াই নিব পাৰে। গতিকে প্ৰতিজন শিক্ষকে শ্ৰেণীকোঠালৈ যোৱাৰ আগতে পাঠ পৰিকল্পনা প্রস্তুত কৰি নিব লাগে।

পৰিকল্পনামূলক কার্য হিচাপে শিক্ষা (Teaching as Planned Activity) :- শিক্ষা এটা পৰিকল্পনামূলক কার্য। কিয়নো পাঠ পৰিকল্পনাৰ সহায়ত পাঠদান কার্যক সুপৰিকল্পিতভাৱে আগবঢ়াই নিয়াটো সম্ভৱ। পাঠ পৰিকল্পনাই শিক্ষকক প্ৰণালীবদ্ধভাৱে পাঠদান আৰু শ্ৰেণীৰ অন্যান্য কার্য সম্পাদনত সহায় কৰে। শিক্ষকে পাঠ পৰিকল্পনাৰ সহায়ত শ্ৰেণীত ভালদৰে পঢ়াব পাৰে। পৰিকল্পনাহীন পাঠ শ্ৰেণীত ভালদৰে উপস্থাপন কৰিব নোৱাৰি আৰু বিচৰা মতে ফলাফল লাভ কৰিব নোৱাৰি পাঠ পৰিকল্পনাই শিক্ষকক নির্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য স্থিৰ কৰাত সহায় কৰে। 

পাঠ পৰিকল্পনাৰ স্তৰসমূহ তলত দিয়া ধৰণে কৰিব পাৰি—

ক) প্রস্তাবনা (Preparation )।

খ) উপস্থাপন ( Presentation)।

(গ) সমাপ্তিকৰণ (Conclusion)।

এটা পাঠৰ উপৰোক্তভাৱে পৰিকল্পনা প্রস্তুত কৰি নিলে শিক্ষকে পাঠদান কার্য সুচাৰৰূপে চলাই নিব পাৰে আৰু ই শিক্ষাৰ্থীসকলৰ অভ্যাস, কার্য, ক্ষমতা, মনোভাৱ আদি নির্দিষ্ট পথেৰে আগবঢ়াই নিবলৈ সক্ষম কৰি তোলে।

শিক্ষাদানৰ প্রধান পৰ্য্যায় সমূহ (Phases of Teaching)

শিক্ষাদানৰ প্ৰধান পৰ্যায় তিনিটা।

এইকেইটা হ’ল–

(ক) পূৰ্ব কাৰ্যকৰী পৰ্যায় বা কাৰ্যৰ পূর্ব পর্যায় (Pre-active stage)।

(খ) কার্য সম্পাদন পর্যায় বা পৰস্পৰ ক্রিয়াশীল পর্যায় (Interactive stage)।

(গ) উত্তৰ ক্ৰিয়াশীল পর্যায় বা কাৰ্যৰ পশ্চাৎপর্যায় (Post active stage)

এই পৰ্যায় কেইটাৰ চমু বিৱৰণ তলত দিয়া হ’ল—

(ক) পূর্ব কার্যকৰী পর্যায় :- শ্ৰেণীকোঠাত শিক্ষাদান কৰিবলৈ প্ৰৱেশ কৰাৰ আগতে শিক্ষকে যিবোৰ পদক্ষেপ হাতত লয় সেই সকলোবোৰতে শিক্ষাদান প্রক্রিয়াৰ পূর্ব কাৰ্যকৰী স্তৰৰ অন্তৰ্ভুক্ত কৰা হয়। শিক্ষাদান প্রক্রিয়াটো ফলপ্ৰসূ কৰিবলৈ হ’লে কিছুমান পূর্ব পৰিকল্পনাৰ প্ৰয়োজন। এইবোৰৰ ভিতৰত পাঠ পৰিকল্পনা প্রস্তুত কৰা, শ্ৰেণী কোঠা শিক্ষাদানৰ বাবে প্ৰস্তুত কৰা, অভীক্ষাৰ বিৱৰণ অধ্যয়ন কৰা, প্রশ্নকাকত যুগুতোৱা ইত্যাদি অন্তর্ভুক্ত কৰিব পাৰি। শ্ৰেণীৰ কাৰ্য নিয়মমতে সম্পাদনৰ বাবে এই কাৰ্যসমূহ শিক্ষকৰ বাবে প্ৰয়োজনীয়। পূর্ব কার্যকৰী পৰ্যায়ত শিক্ষকে শিক্ষাদান প্রক্রিয়াৰ সম্ভাব্য ফলাফলৰ বিষয়ে অনুমান কৰিব পাৰে। শিক্ষা আহৰণৰ কাৰণে শিক্ষাৰ্থীক কি কৌশলেৰে শ্ৰেণীবদ্ধ কৰিব অথবা কেনেকুৱা ধৰণৰ পাঠ্যপুথি ব্যৱহাৰ কৰিব সেই বিষয়ে শিক্ষকে এই স্তৰতে সিদ্ধান্ত লয়।

(খ) কার্য সম্পাদন পর্যায় :- শ্ৰেণীকক্ষত প্ৰকৃত পাঠদানৰ পৰ্যায় হৈছে কার্য সম্পাদন পর্যায়। এই স্তৰত শিক্ষকে পূর্ব নির্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে বিভিন্ন কৌশল অবলম্বন কৰে। ইয়াত শিক্ষকৰ আচৰণ স্বত:স্ফূর্তভাৱে প্ৰকাশ পায়।

শিক্ষাবিদ Jackson ৰ মতে এই পৰ্যায়টোত শিক্ষকে শিক্ষার্থীক বিভিন্ন ধৰণে উদ্দীপনা মৌখিকভাবে প্রদান কৰে, বৰ্ণনা আগবঢ়ায় আৰু প্রশ্ন অৱতাৰণা কৰে। শিক্ষার্থী সকলৰ প্রতিক্রিয়া মনোযোগেৰে শুনি লয় আৰু প্ৰয়োজনীয় নির্দেশনা তথ্য উপদেশ আগবঢ়ায়। এই স্তৰটোৰ মূল কাম হ’ল–

১। শ্ৰেণীৰ আকাৰ নিৰ্ধাৰণ কৰা।

২। শিক্ষাৰ্থীৰ সমস্যা চিনাক্তকৰণ কৰা। 

৩। কার্য, কৃতিত্ব তথা প্রতিক্রিয়াৰ বুজ লোৱা। ইয়াৰোপৰি কার্য সম্পাদন পর্যায়টোত অন্তৰ্ভুক্ত কৰা প্ৰধান দিশকেইটা হ’ল—

(ক) বিষয়বস্তুৰ উপস্থাপন।

(খ) শিক্ষা আহৰণৰ ধৰণ।

(গ) শিক্ষার্থী সম্বন্ধে পূর্ব ধাৰণা। শিক্ষাদান আৰু আহৰণ প্ৰক্ৰিয়াত কার্য সম্পাদন স্তৰে শ্ৰেণীকোঠাত এক অনুকূল বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হয় ৷

উত্তৰ ক্রিয়াশীল পর্যায় বা কাৰ্যৰ পশ্চাৎ পর্যায় (Post active stage) :- শিক্ষাদান প্ৰক্ৰিয়াৰ শেষৰ স্তৰটোক মূল্যায়ন পর্যায় বুলি কোৱা হয়। শ্রেণী কোঠাত এই স্তৰটোত শিক্ষকে সম্পাদন কৰা কাৰ্যৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীৰ কাৰ্যৰ মূল্যায়ন কৰা হয়। শিক্ষাদান প্ৰক্ৰিয়াৰ অন্তত শিক্ষাৰ্থীৰ আচৰণ পৰিৱৰ্তনৰ দিশটোৰ ওপৰত গুৰুত্ব দিয়া হয়। শিক্ষকে মৌখিক বা লিখিত প্রশ্ন এই স্তৰত অৱতাৰণা কৰা দেখা যায়। সাধাৰণতে, তলত উল্লিখিত কাৰ্যসমূহ এই স্তৰৰ প্ৰধান কার্য হিচাপে বিবেচনা কৰা দেখা যায়।

(ক) শিক্ষাদান প্রক্রিয়াত সাধন হোৱা মূল দিশসমূহ।

(খ) পৰীক্ষা কৰাৰ বাবে উপযুক্ত কৌশলসমূহ নিৰ্বাচন কৰা।

(গ) শিক্ষাদানৰ কৌশলসমুহৰ উন্নতি সাধন কৰা।

বিভিন্ন শিক্ষণ পদ্ধতি (Different methods of teaching)

বিভিন্ন শিক্ষণ পদ্ধতিৰ ভিতৰত বক্তৃতা পদ্ধতি (Lecture method) আৰু প্রকল্প পদ্ধতিয়েই প্রধান। এই দুটা পদ্ধতিৰ চমু বিৱৰণ তলত

দাঙি ধৰা হ’ল—

(ক) বক্তৃতা পদ্ধতি (Lecture method) :- বক্তৃতা হৈছে আটাইতকৈ পুৰণি শিক্ষণ পদ্ধতি। এই পদ্ধতি মাধ্যমিক পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়লৈ শিক্ষক সকলে ব্যৱহাৰ কৰিব পাৰে। বিশেষকৈ সমাজ অধ্যয়ন, ভাষা অধ্যয়ন, ভূগোল ইত্যাদি বিষয় শিকাবলৈ শিক্ষকে বক্তৃতা পদ্ধতি ব্যৱহাৰ কৰা দেখা যায়। এই পদ্ধতি ব্যৱহাৰৰ মূল উদ্দেশ্য হৈছে–

(ক) অভিৰোচিত কৰা :- ছাত্ৰ-ছাত্ৰীসকলক নির্দিষ্ট পাঠৰ প্ৰতি অভিৰোচিত কৰিবলৈ শিক্ষক সকলে বক্তৃতা পদ্ধতি ব্যৱহাৰ কৰিব পাৰে।

বক্তৃতাৰ জৰিয়তে শিক্ষকে পাঠৰ প্ৰতি ছাত্ৰ-ছাত্ৰী সকলৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে।

(খ) সময়ৰ মিতব্যয়িতা :- বক্তৃতাৰ জৰিয়তে খুউব কম সময়ৰ ভিতৰতে শিক্ষকে নির্দিষ্ট বিষয়ৰ লাগতিয়াল কথাখিনি ছাত্র-ছাত্রীক বুজাই দিবলৈ সক্ষম হয়। সেয়েহে এই পদ্ধতিৰ দ্বাৰা সময়ৰ সৎ ব্যৱহাৰ কৰিব পাৰি।

(গ) সুস্পষ্টতা :- বক্তৃতা পদ্ধতিৰ জৰিয়তে পঠনীয় বিষয় শিক্ষকে সুস্পষ্টভাৱে ছাত্র-ছাত্ৰীৰ আগত দাঙি ধৰিব পাৰে। অৱশ্যে এই ক্ষেত্ৰত

শিক্ষকসকলৰ নিৰ্দিষ্ট বিষয়ৰ স্পষ্ট ধাৰণা থকা উচিত।

বক্তৃতা পদ্ধতিৰ সুবিধাবোৰ হ’ল—

(ক) অতি কম সুবিধাৰ সহায়ত একেলগে কম খৰচতে অধিক সংখ্যক ছাত্র-ছাত্ৰীক শিক্ষা প্ৰদান কৰা সম্ভৱ। 

(খ) এজন শিক্ষকৰ দ্বাৰা একে লগে বহু সংখ্যক ছাত্র-ছাত্রীক শিক্ষা প্রদান কৰাটো।

(গ) বক্তৃতা পদ্ধতি এটা নমনীয় পদ্ধতি। বিষয়বস্তুৰ বৈশিষ্ট্য, শ্রেণী পৰিৱেশৰ সুবিধা, শ্ৰেণীৰ সময় ছাত্ৰ-ছাত্ৰীৰ পাৰদৰ্শিতাৰ স্তৰ আদিৰ উপযুক্ত মূল্যায়নেৰে নানা ধৰণে এনে পদ্ধতি বা কৌশল প্রয়োগ কৰাটো সম্ভৱ।

(ঘ) শিক্ষকে বিষয়বস্তুৰ গভীৰ জ্ঞান, বৌদ্ধিক যোগ্যতা, ৰসিকতা, অ-কথিত জ্ঞান যেনে— শৰীৰৰ অংগী-ভংগী আৰু গতি, যুক্তিপূর্ণ উক্তি, গভীৰ আগ্রহ আদিৰ দ্বাৰা সহজে ছাত্ৰ-ছাত্ৰী সকলৰ মনোযোগ আৰু আগ্ৰহ দুয়োটাই জগাই তুলিব পাৰে ।

(ঙ) বক্তৃতা পদ্ধতিৰ সহায়ত ছাত্ৰ-ছাত্ৰীয়ে বিষয়বস্তুৰ জ্ঞান আহৰণ কৰা, বিষয়বস্তু হৃদয়ংগম কৰাৰ উপৰিও দলীয় মনোভাৱৰ বিকাশ সাধন কৰাৰ সুবিধা লাভ কৰে।

ইয়াৰ উপৰি বক্তৃতা পদ্ধতিয়ে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত গভীৰ সম্পৰ্ক ৰক্ষা কৰাত সহায় কৰে। শিক্ষকে এই পদ্ধতিৰ পাঠৰ লগত সংগতি ৰাখি বিভিন্ন উদাহৰণ দাঙি ধৰিব পাৰে যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ মনোযোগ আকর্ষণত সুবিধা হয়।

(খ) প্রকল্প পদ্ধতি (Project method) :- আমেৰিকাৰ প্ৰয়োগবাদী দার্শনিক জন ডিডইৰ শিক্ষাদৰ্শনৰ আধাৰত তেওঁৰ এজন অনুগামী উইলিয়াম কিলপ্রেট্রিকে উদ্ভাৱন কৰা সামাজিক পটভূমিত শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ পদ্ধতিটোৰ নাম প্রকল্প পদ্ধতি।

প্রকল্প পদ্ধতিৰ বৈশিষ্ট্য :-

(ক) শিক্ষার্থীসকলক উদ্দেশ্যপূর্ণভাৱে জীয়াই থাকিবলৈ শিকোৱা।

(খ) শিক্ষার্থীসকলক তেওঁলোকৰ নিজৰ অভিজ্ঞতা ব্যৱহাৰ কৰি কাম কৰিবলৈ সুবিধা দিয়া। 

(গ) শিক্ষাৰ্থীসকলে নিজৰ প্ৰচেষ্টাৰেই নিজৰ অন্তর্নিহিত সম্ভাৱনাসমূহৰ বিকাশ সাধনৰ সুবিধা পায়।

(ঘ) এটা প্রজেক্টে প্রতিজন শিক্ষার্থীকে সমাজৰ লগত সম্পর্ক গঢ়ি তোলাৰ সুবিধা প্ৰদান কৰে। 

(ঙ) প্রকল্প পদ্ধতিত শিক্ষ শিক্ষাৰ্থীসকলৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰমৰ সম্বন্ধয় ঘটে ৷

প্ৰকল্পৰ বিভিন্ন পর্যায় :- উদ্দেশ্যপূর্ণভাৱে বা কাম সদায় পৰিকল্পিতভাৱে সম্পাদন কৰা হয় আৰু পৰিকল্পিতভাৱে সম্পাদন কৰিবলৈ যাওঁতে কিছুমান পৰ্যায়ৰ

মাজেদি গ’লেহে সমস্যাটো সমাধান কৰিব পৰা যায়।

প্ৰকল্পৰ সেই পৰ্যায়বোৰ হ’ল—

(ক) উদ্দেশ্য স্থিৰকৰণ (Purposing)।

(খ) পৰিকল্পনা (Planning)।

(গ) সম্পাদনা (Executing)।

(ঘ) বিচাৰকৰণ বা মূল্যায়ন (Evaluation)।

(ঙ) লিপিবদ্ধকৰণ (Recording)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top