Niketan Class 8 Social Chapter 21 সংবিধান আৰু ইয়াৰ প্ৰয়ােজনীয়তা

Niketan Class 8 Social Chapter 21 সংবিধান আৰু ইয়াৰ প্ৰয়ােজনীয়তা is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Social Chapter 21 সংবিধান আৰু ইয়াৰ প্ৰয়ােজনীয়তা and select need one.

Niketan Class 8 Social Chapter 21 সংবিধান আৰু ইয়াৰ প্ৰয়ােজনীয়তা

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Social Chapter 21 সংবিধান আৰু ইয়াৰ প্ৰয়ােজনীয়তা Solutions for All Subjects, You can practice these here…

সংবিধান আৰু ইয়াৰ প্ৰয়ােজনীয়তা

Chapter – 21

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

প্রশ্ন ১: উত্তৰ লিখাঃ 

( ক ) ৰাষ্ট্ৰৰ সর্বোচ্চ বিধি কি ? 

উত্তৰঃ সংবিধান । 

( খ ) আংছান চ্যুকী ক’ৰ মানুহ ? 

উত্তঃ ম্যানমাৰ । 

( গ ) নেপালত এতিয়া কেনে শাসন চলিছে ? 

উত্তৰঃ গণতান্ত্রিক । 

( ঘ ) আমেৰিকাৰ সংবিধান দৃঢ় নে শিথিল ? 

উত্তৰঃ দৃঢ় । 

প্রশ্ন ২: ৩ নম্বৰৰ বাবে –

( ক ) আদর্শ সংবিধানৰ তিনিটা গুণ উল্লেখ কৰা । 

উত্তৰঃ ১। সংবিধান ৰাষ্ট্ৰখনৰ বিশেষ প্রয়ােজন আৰু পৰিবেশৰ লগত খাপ খােৱা হ’ব লাগে । 

২। সংবিধানত নাগৰিকৰ অধিকাৰ সন্নিৱিষ্ট কৰাটো প্রয়ােজন । 

৩। সংবিধান সংশােধন কৰাৰ ব্যৱস্থা থাকিব লাগে। কাৰণ আজি প্রয়ােজনীয় বুলি ভবা নীতি এটা ৫০ বছৰৰ পিছত অপ্রয়ােজনীয় হৈ পৰিব পাৰে ।

( খ ) লিখিত সংবিধান থকা তিনিখন ৰাষ্ট্ৰৰ নাম লিখা । 

উত্তৰঃ ভাৰতবৰ্ষ , চীনদেশ , আমেৰিকা যুক্তৰাষ্ট্র । 

( গ ) লিখিত আৰু অলিখিত সংবিধানৰ মাজৰ পার্থক্য বিচাৰ কৰা । 

উত্তৰঃ সংবিধান এখন যেতিয়া প্রণেতাসকলে পৰিকল্পিত ভাবে প্রস্তুত কৰে , সেই সংবিধানখনক লিখিত সংবিধান বােলে । আনহাতে , আগৰ কালত ৰজাই চলিত প্রথা , পৰম্পৰা , বিচাৰক বা বিজ্ঞজনৰ মতামত আদিৰ সহায়তহে শাসন চলাইছিল । একোখন ৰাষ্ট্ৰত এনেকুৱাকৈ বহুযুগ শাসন চলাৰ পাছত নীতি – নিয়মবােৰৰ , কিছুমান মৌলিক নীতি নিয়ম হিচাপে পৰিগণিত হ’ল । এনেকৈ ক্রমবিকাশৰ ফলত গঢ় লৈ উঠা ৰাষ্ট্ৰ পৰিচালনাৰ নিয়মৰ সমষ্টিক অলিখিত সংবিধান বােলে । 

( ঘ ) সংবিধান সংশােধন কিয় হ’ব লাগে ? 

উত্তৰঃ সংবিধান ৰাষ্ট্ৰখনৰ বিশেষ প্রয়ােজন আৰু পৰিবেশৰ লগত খাপ খােৱা হ’ব লাগে । আজি প্রয়ােজনীয় বুলি ভবা নীতি এটা ৫০ বছৰৰ পিছত অপ্রয়ােজনীয় হৈ পৰিব পাৰে । নতুন সমস্যা সমাধানৰ বাবে নতুন নীতিৰ প্রয়ােজন হয় । সেয়ে সংবিধান সংশােধন কৰাৰ ব্যৱস্থা থাকিব লাগে । 

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১: সংবিধান বুলিলে কি বুজা ?

উত্তৰঃ সংবিধান হৈছে ৰাষ্ট্র প্রশাসন পৰিচালনাৰ লগত সম্বন্ধ থকা বিভিন্ন কার্যকলাপ নিয়মীয়া কৰিবৰ বাবে গ্ৰহণ কৰা কিছুমান মূল নিয়মৰ সংকলন , ই ৰাষ্ট্ৰৰ সর্বোচ্চ বিধি ।

সহজভাৱে বুজিবলৈ আমি অন্য এটা উদাহৰণ ল’ব পাৰো । পৰিয়াল , শিক্ষানুষ্ঠান , ধর্মানুষ্ঠান , সংঘ , ক্লাব , সমিতি , ৰাষ্ট্র — এই সকলােবােৰেই একো একোটা অনুষ্ঠান । এই সকলােবােৰ অনুষ্ঠানৰে নিজা নিজা কিছুমান নিয়মনীতি থাকে। এই নীতি – নিয়ম বা বিধানবােৰক একেলগে সংবিধান বুলি কোৱা হয় । সংবিধান মানে নিয়ম বা বিধানৰ সংকলন । 

ৰাষ্ট্রও এক প্রকাৰ অনুষ্ঠান । ৰাষ্ট্ৰৰ সংবিধান মানে ৰাষ্ট্র শাসনৰ নিয়ম নীতিৰ সমষ্টি । 

প্রশ্ন ২: নাগৰিকৰ বাবে সংবিধানৰ কিয় প্রয়ােজন ?

উত্তৰঃ সুন্দৰ জীৱন – যাপন কৰিবলৈ ৰাষ্ট্রযন্ত্র বা প্রশাসনৰ পৰা লাগতিয়াল সা সুবিধা পােৱাটো নাগৰিকৰ অধিকাৰ । আনহাতে প্রশাসনক সকলাে প্ৰকাৰৰ সহায় সহযােগ আগবঢ়োৱাতাে নাগৰিকৰ কৰ্ত্তব্য । নাগৰিকে প্রশাসনৰ পৰা কি পাব , প্রশাসনে নাগৰিকক কেনেকৈ নিয়ন্ত্ৰণত ৰাখিব , নাগৰিকে প্রশাসন কেনেকৈ নিয়ন্ত্রণ কৰিব এই সকলাে কথা সংবিধানত বিস্তৃতভাবে ব্যাখ্যা কৰা আছে । 

সংবিধানত ৰাষ্ট্ৰ শাসনৰ নীতি উল্লেখ থাকে । শাসনৰ দায়িত্বত থকা সকলো নীতি নিয়ম মানিহে শাসন চলাব পাৰে । যাৰ যিহকে মন যায় তাকে কৰিব নােৱাৰে । সংবিধানে ৰাষ্ট্রৰ নাগৰিকসকলক অধিকাৰ প্ৰদান কৰাৰ লগতে সেইবােৰৰ সুৰক্ষাৰো ব্যৱস্থা কৰি ব্যক্তি স্বতন্ত্রতা নিশ্চিত কৰাৰ লগতে গণতন্ত্রৰ ভেটি সুদৃঢ় কৰে । 

ৰাষ্ট্ৰ আৰু নাগৰিকৰ মাজৰ এনেবােৰ পাৰস্পৰিক অধিকাৰ আৰু কৰ্তব্যৰ চুক্তি সংবিধানখন নাগৰিকৰ বাবে যথেষ্ট প্রয়ােজনীয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top