Niketan Class 8 Social Chapter 15 সাম্রাজ্যবাদ আৰু অসম

Niketan Class 8 Social Chapter 15 সাম্রাজ্যবাদ আৰু অসম is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Social Chapter 15 সাম্রাজ্যবাদ আৰু অসম and select need one.

Niketan Class 8 Social Chapter 15 সাম্রাজ্যবাদ আৰু অসম

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Social Chapter 15 সাম্রাজ্যবাদ আৰু অসম Solutions for All Subjects, You can practice these here…

সাম্রাজ্যবাদ আৰু অসম

Chapter – 15

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

প্ৰশ্ন ১:  উত্তৰ লিখাঃ 

( ক ) কোনজন স্বৰ্গদেউৰ দিনত প্রথম মােৱামৰীয়া বিদ্রোহ সংঘটিত হৈছিল ? 

উত্তৰঃ স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত । 

( খ ) কোন চনত কেপ্তেইন ৱেলছ অসমলৈ আহিছিল । 

উত্তৰঃ ১৭৯২ চনত । 

( গ ) কেপ্তেইন ওৱেলছ অসমলৈ অহাৰ সময়ত বঙ্গৰ গৱৰ্ণৰ জেনেৰেল কোন আছিল ? 

উত্তৰঃ লর্ড কর্ণৱালিছ ।

( ঘ ) কোনখন ঠাইত মান আৰু আহােমৰ মাজত শেষ যুদ্ধখন হৈছিল ? 

উত্তৰঃ যােৰহাটৰ ওচৰৰ মহগড় নামে ঠাইত । 

( ঙ ) কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ? 

উত্তৰঃ ১৮২৬ চনত ।

প্রশ্ন ২: খালী ঠাই পূৰ কৰা –

( ক ) ____ চনত প্রথম মােৱামৰীয়া বিদ্রোহ সংঘটিত হৈছিল ? 

উত্তৰঃ ১৭৬৯ ।

( খ ) লক্ষ্মীসিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুতেক __ আহােম সিংহাসনত বহে । 

উত্তৰঃ গৌৰীনাথ সিংহ । 

( গ ) কৃষ্ণ নাৰায়ণ দৰঙত আহােমৰ ____ ৰজা আছিল ।

উত্তৰঃ কৰতলীয়া । 

( ঘ ) ___ চনত মানৰ প্ৰথম আক্রমণ হয় । 

উত্তৰঃ ১৮১৭ ।

( ঙ ) ইয়াণ্ডাবু সন্ধি ইংৰাজ আৰু ___ মাজত হৈছিল । 

উত্তৰঃ মানৰ । 

প্রশ্ন ৩: শুদ্ধ উত্তৰ বাছি উলিওৱাঃ 

( ক ) কীর্তিচন্দ্ৰ বৰবৰুৱা বৈষ্ণৱপন্থী / শাক্ত পন্থী আছিল । 

উত্তৰঃ শাক্তপন্থী ।

( খ ) কেপ্তেইন ৱেলছে বাণিজ্যিক চুক্তি কৰিছিল লক্ষ্মী সিংহ / গৌৰীনাথ সিংহৰ লগত । 

উত্তৰঃ গৌৰীনাথ সিংহৰ লগত ।

( গ ) মানসকলক অসমলৈ আনিছিল কীর্তিচন্দ্ৰ বৰবৰুৱা /বদন চন্দ্র বৰফুকন / পূৰ্ণানন্দ বুঢ়াগােহাঁয়ে । 

উত্তৰঃ বদন চন্দ্র বৰফুকন । 

( ঘ ) মানৰ প্ৰথম আক্ৰমণৰ সময়ত মানসকলৰ ৰজা আছিল বদোপায়া / আলুমিঙ্গি । বাগীদোৱা ।

উত্তৰঃ বদোপায়া ।

( ঙ ) ইয়াণ্ডাবু সন্ধি হৈছিল মান আৰু আহােম / আহােম আৰু ইংৰাজ / মান আৰু ইংৰাজৰ মাজত । 

উত্তৰঃ মান আৰু ইংৰাজৰ মাজত । 

প্ৰশ্ন ৪: চমুটোকা লিখা –

( ক ) কীর্তি চন্দ্ৰ বৰবৰুৱা ।

উত্তৰঃ কীর্তিচন্দ্ৰ বৰুৱা পূর্বে এজন সাধাৰণ প্ৰজা আছিল । এওঁৰ নাম আছিল গেন্ধেলা । প্রমত্ত সিংহই এওঁক বৰ বৰুৱা পদত নিযুক্তি দিয়াৰ পিছত এওঁ ক্রমান্বয়ে ক্ষমতাশালী হৈ উঠে । ডফলা , মিকিৰ কছাৰী আদি বিদ্রোহী সকলক দমন কৰি এওঁ ৰজাৰ অধিক প্রিয় পাত্র হৈছিল । মণিপুৰৰ পৰা মান খেদিবলৈ গৈ সগৌৰৱে বটা বাহন আৰু ৰজালৈ মণিপুৰী ৰাজকন্যা লৈ উভতি আহিব পৰাৰ বাবে ৰাজেশ্বৰ সিংহই এওঁৰ নাম ৰাখিছিল কীৰ্ত্তিচন্দ্র । পিছলৈ কীৰ্ত্তিচন্দ্ৰ ইমান ক্ষমতাশালী হৈছিল যে প্রধান তিনিজনা গোঁহাইকো উলাই কৰিবলৈ দ্বিধাবােধ নকৰিছিল । ৰজায়াে ৰাজ শাসনৰ ভাৰ তেওঁৰ ওপৰতে এৰি দিছিল । কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা ঘােৰ শাক্ত পন্থী লােক আছিল আৰু সুবিধা পালেই বৈষ্ণৱ মহন্ত সকলক অপমান কৰিছিল । ফলস্বৰূপে মােৱামৰীয়া বিদ্ৰোহৰ বীজ অঙ্কুৰিত হৈছিল । 

( খ ) পূৰ্ণানন্দ বুঢ়াগােহাঁই ।

উত্তৰঃ ঘনশ্যাম বুঢ়া গােহাঁইৰ মৃত্যুৰ পিছত পূৰ্ণানন্দ নামৰ এজন অতি বিচক্ষণ আৰু ৰাজনীতিজ্ঞ পুৰুষক বুঢ়া গােহাঁই পতা হৈছিল । স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ ভায়েক চন্দ্রকান্ত সিংহ ৰজা হােৱাৰ সময়ত নিচেই কম বয়সীয়া আছিল বাবে তেওঁৰ হৈ পূৰ্ণানন্দ বুঢ়াগােহাঁয়ে দেশৰ শাসন কার্য চলাইছিল । সেই সময়ত গুৱাহাটীত বৰফুকন আছিল বদন চন্দ্র । পূৰ্ণানন্দ বুঢ়াগােহাঁই আৰু বদন চন্দ্র বৰফুকনৰ মনােমালিন্যৰ ফলত বদনে মান আনে । 

( গ ) কেপ্তেইন ৱেলছ ।

উত্তৰঃ গৌৰীনাথ সিংহৰ ৰাজত্ব কালত মােৱামৰীয়া সকলৰ বিদ্ৰোহৰ উপৰিও দৰঙৰ কৰতলীয়া ৰজা কৃষ্ণ নাৰায়ণে বিদ্রোহ ঘােষণা কৰিছিল।গৌৰীনাথ সিংহই উপায় নাপাই বৃটিছৰ ওচৰত সহায় ভিক্ষা কৰিলে । সুযােগৰ অপেক্ষা কৰি থকা বৃটিছে গৌৰীনাথ সিংহৰ আমন্ত্রণ আনন্দ মনেৰে গ্ৰহণ কৰিলে । সেই সময়ৰ বঙ্গৰ গৱৰ্ণৰ জেনেৰেল কর্ণৱালিছে কেপ্তেইন ৱেলছৰ নেতৃত্বত এদল বৃটিছ সেনাবাহিনী অসমলৈ পঠালে। ১৭৯২ চনত কেপ্তেইন ৱেলছ অসমলৈ আহিছিল । ওৱেলছে দৰঙী ৰজাক পৰাস্ত কৰি উঠি মােৱামৰীয়াসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে আৰু পৰাজিত কৰি ৰংপুৰ নগৰ উদ্ধাৰ কৰি গৌৰীনাথ সিংহক গতাই দিয়ে । 

গৌৰীনাথ সিংহক পুনৰ সিংহাসনত স্থাপনৰ আগেয়ে তেওঁৰ লগত ওৱেলছে এটা বাণিজ্যিক চুক্তি কৰি ইংৰাজৰ বাহিৰে কোনাে ইউৰােপীয় সদাগৰে ইংৰাজ আৰু অসম চৰকাৰৰ বিনা অনুমতিত অসমত থাকিব নােৱাৰা ব্যৱস্থা কৰে । ফলত বৃটিছে অসমত এটা দৃঢ় খােপনি পুতিলে । 

( ঘ ) মিঙ্গিমাহা ।

উত্তৰঃ মিঙ্গিমাহা তিলােৱা এগৰাকী মান সকলৰ সেনাপতি আছিল । মানৰ দ্বিতীয়বাৰ অসম আক্ৰমণৰ সেনাপতি আলু মিঙ্গিয়ে আহােম সেনাক পৰাজিত কৰি মিঙ্গিমাহা তিলােৱাৰ অধীনত এদল সৈন্য এৰি নিজে ব্ৰহ্মদেশলৈ গুছি যায় । মান সকলে চন্দ্রকান্ত সিংহক ৰাজ সিংহাসনত বহোৱাই থৈ গৈছিল যদিও প্রকৃততে মান সেনাপতি মিঙ্গিমাহা তিলােৱাইহে আহােম ৰাজ্যৰ হর্তা কর্তা হৈ পৰিছিল । মিঙ্গিমাহাৰ অধীনত মান সেনাই অসমীয়া লােকৰ ওপৰত অকথ্য নির্যাতন চলাইছিল । 

প্রশ্ন ৫: শুদ্ধ উত্তৰ বাছি উলিওৱা— 

( ক ) কীর্তিচন্দ্ৰ বৰবৰুৱা বৈষ্ণৱ পন্থী / শাক্ত পন্থী আছিল । 

উত্তৰঃ শাক্ত পন্থী আছিল । 

( খ ) কেপ্তেই ৱেলছে বাণিজ্যিক চুক্তি কৰিছিল লক্ষ্মী সিংহ / গৌৰীনাথ সিংহৰ লগত । 

উত্তৰঃ গৌৰীনাথ সিংহৰ লগত । 

( গ ) মানসকলক অসমলৈ আনিছিল কীর্তিচন্দ্ৰ বৰবৰুৱা / বদনচন্দ্ৰ বৰফুকন / পূর্ণানন্দ বুঢ়াগােহাঁয়ে । 

উত্তৰঃ বদন চন্দ্ৰ বৰফুকন । 

( ঘ ) মানৰ প্ৰথম আক্ৰমণৰ সময়ত মানসকলৰ ৰজা আছিল বদোপায়া / আলুমিঙ্গি / বাগীদোৱা । 

উত্তৰঃ বদোপায়া ।

( ঙ ) ইয়াণ্ডাবু সন্ধি হৈছিল মান আৰু আহােম / আহােম আৰু ইংৰাজ / মান আৰু ইংৰাজৰ মাজত । 

উত্তৰঃ মান আৰু ইংৰাজৰ মাজত । 

প্রশ্ন ৬: মােৱামৰীয়া বিদ্রোহ কিয় সংঘটিত হ’বলৈ পালে ? প্রথম মােৱামৰীয়া বিদ্রোহ সম্পর্কে কি জানা লিখা । 

উত্তৰঃ আহােম ৰাজত্ব কালত স্বৰ্গদেউ লক্ষ্মীনাথ সিংহৰ দিনৰ পৰা স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনলৈকে যি মােৱামৰীয়া বিদ্রোহ সংঘটিত হ’ল সেয়া এদিন দুদিনতে ঘটা ঘটনা নহয় । আহােম ৰজাসকল প্রধানকৈ শাক্ত ধর্মী আছিল । কিন্তু পঞ্চদশ শতিকাত মহাপুৰুষ শঙ্কৰদেৱৰ নেতৃত্বত চলা একশৰণ মহাপুৰুষীয়া ধর্মত লাখ লাখ লােক শৰণাপন্ন হৈছিল আৰু তেওঁলােকে বৈষ্ণৱ ধৰ্ম পালিছিল । 

লক্ষ্মী সিংহৰ ৰাজত্বকালত বিদ্রোহ সংঘটিত হলেও বৈষ্ণৱ মহন্তসকলে বহুদিনৰ পৰাই বিভিন্ন কাৰণত ৰজাঘৰীয়া অপমান আৰু নির্যাতন পাই আহিছিল । স্বৰ্গদেউ শিৱ সিংহৰ দিনত বৰ ৰজা ফুলেশ্বৰী কুৱৰীয়ে দুর্গা পূজা পাতি বৈষ্ণৱ মহন্তসকলক মাতি আনি জোৰকৈ পূজাৰ নিৰ্মালি আৰু বলিৰ তেজৰ ফোট দিয়াত তেওঁলােকে অপমান বােধ কৰিছিল আৰু সুবিধা পালে ই পােটক তুলিবলৈ ৰৈ আছিল । কীৰ্ত্তিচন্দ্র বৰবৰুৱা নামৰ এজন ঘােৰ শাক্ত পন্থী বিষয়াই সুবিধা পালেই বৈষ্ণৱ মহন্তসকলক অপমান কৰিছিল । এইবােৰ কাৰণতে প্ৰধানকৈ মােৱামৰীয়া বিদ্রোহ সংঘটিত হৈছিল । 

স্বৰ্গদেউ লক্ষ্মীনাথ সিংহৰ ৰাজত্ব কালত ১৭৬৯ চনৰ নবেম্বৰ মাহত প্রথম মােৱামৰীয়া বিদ্রোহ সংঘটিত হয় । এই বিদ্রোহত প্রথমে মােৱামৰীয়া সকলেই জয় লাভ কৰিছিল । কিন্তু পিছলৈ ৰজাঘৰীয়া সেনাৰ হাতত তেওঁলােক পৰাজিত হয়। এই বিদ্ৰোহৰ কিছুদিন পিছতেই লক্ষ্মীনাথ সিংহৰ মৃত্যু হয় । 

প্রশ্ন ৭: কেপ্তেইন ৱেলছক কিয় অসমলৈ পঠোৱা হৈছিল ? তেওঁ অহাৰ উদ্দেশ্য সফল হৈছিলনে ? 

উত্তৰঃ বৃটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ বিভিন্ন ৰাজ্য চলে বলে কৌশলে নিজৰ অধীনলৈ নি শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ পিছত অসমৰ ফালেও চকু দি আছিল , কাৰণ অসমৰ প্রাকৃতিক সম্পদত তেওঁলােকৰ নজৰ পৰিছিল । অসমলৈ অহাৰ সুযােগৰ অপেক্ষাত থকা সময়তে ঘৰুৱা আক্ৰমণত জুৰুলা হােৱা গৌৰীনাথ সিংহই দৰঙৰ ৰজা কৃষ্ণ নাৰায়ণৰ বিৰুদ্ধে বৃটিছৰ সহায় ভিক্ষা মাগিলে । লগে লগে সেই সময়ৰ গৱৰ্ণৰ জেনেৰেল লর্ড কর্ণৱালিছে কেপ্তেইন ৱেলছৰ নেতৃত্বত এদল বৃটিছ সেনা অসমলৈ পঠালে । কেপ্তেইন ৰেলছে প্রথমে কৃষ্ণ নাৰায়ণ আৰু ইয়াৰ পিছত মােৱামৰীয়া সকলক সম্পূর্ণৰূপে পৰাস্ত কৰি ৰাজধানী ৰংপুৰ গৌৰীনাথক গতাই দিলে । 

কিন্তু কেপ্তেই ৱেলছে কোম্পানী চৰকাৰৰ মুখ্য উদ্দেশ্য পাহৰি নগৈ গৌৰীনাথ সিংহৰ লগত এক বাণিজ্যিক চুক্তি স্বাক্ষৰিত কৰিলে । এই চুক্তি অনুসৰি ইংৰাজে অসমত বেহা বেপাৰৰ সুবিধা লাভ কৰিলে । তাৰােপৰি ইংৰাজৰ বাহিৰে অইন কোনো ইউৰােপীয় শক্তি বিনা অনুমতিত অসমত সােমাব নােৱাৰা হ’ল । গতিকে কেপ্তেইন ৱেলছ অসমলৈ অহাৰ উদ্দেশ্য এশ শতাংশ সফল হ’ল । 

প্রশ্ন ৮: ইয়াণ্ডাবু সন্ধিৰ চৰ্তসমূহ কি আছিল লিখা । 

উত্তৰঃ ১৮২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ ২৪ ৰিখে ব্রহ্মদেশৰ ৰাজধানী আভাৰ পৰা কিছু দুৰৈত অৱস্থিত ইয়াণ্ডাবু নামে ঠাইত ইংৰাজ আৰু মানৰ মাজত সন্ধি হয় । এইখনেই আছিল বিখ্যাত ইয়াণ্ডাবু সন্ধি । এই সন্ধিৰ চৰ্তসমূহ হ’ল— 

১। এই সন্ধিৰ চৰ্ত অনুসৰি মান ৰজাই অসম আৰু তাৰ অধীনত থকা ৰাজ্যবােৰৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি যাব লাগিব । 

২। মান ৰজাই ইংৰাজ কোম্পানীক যুদ্ধৰ উপযুক্ত ক্ষতিপূৰণ দিয়াৰ উপৰিও আৰাকান , টেনাচৌৰম আৰু য়েহ আদি ঠাই এৰি দিব লাগিব । 

৩। ব্রহ্মদেশৰ বৰবােৰত ইংৰাজে অবাধে বেহা – বেপাৰ কৰাৰ সুযােগ লাভ কৰিব ।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১: দ্বিতীয় মােৱামৰীয়া বিদ্রোহ কিয় সংঘটিত হৈছিল কোন আহােম ৰজাৰ দিনত আৰু ইয়াৰ ফলাফল কি হৈছিল লিখা ।

উত্তৰঃ পূৰ্বৰে পৰা পাই অহা অপমান , নির্যাতনৰ বাবে স্বৰ্গদেউ লক্ষ্মীনাথ সিংহৰ দিনত ১৭৬৯ চনৰ নবেম্বৰ মাহত মােৱামৰীয়া মহন্ত আৰু শিষ্য সকলে ৰজাৰ বিৰুদ্ধে যি বিদ্রোহ কৰিছিল সেয়া আছিল প্রথম মােৱামৰীয়া বিদ্রোহ । বিদ্ৰোহৰ কিছুদিন পিছতেই ৰজা লক্ষ্মীনাথ সিংহৰ মৃত্যু হােৱাত সকলাে সাম কাটিছিল । 

লক্ষ্মী সিংহৰ মৃত্যুৰ পিছত পুতেক গৌৰীনাথ সিংহ ১৭৮০ চনত সিংহাসনত বহে । ৰাজপাটত বহিয়েই তেওঁ বাপেকৰ দিনৰ শত্ৰু মােৱামৰীয়া সকলৰ ওপৰত প্রতিশােধ লবলৈ সাজু হ’ল আৰু তেওঁলােকৰ ওপৰত নানা অত্যাচাৰ কৰিবলৈ ধৰিলে । মােৱামৰীয়া সকলেও প্রথম বিদ্ৰোহৰ ককালৰ কোব পাহৰা নাছিল । তেওঁলােকৰ মাজত বিদ্ৰোহৰ জুই কুৰা উমি উমি জ্বলিয়েই আছিল । গৌৰীনাথ সিংহই এই জ্বলা জুইত ঘিউ ঢালিছিল । ১৭৮২ চনৰ বহাগ মাহৰ এদিন ৰাতি সুবিধা বুজি বিদ্রোহীসকলে অতর্কিতে ৰাজধানী গড়গাঁও নগৰত দা , জাঠি , জোং লৈ প্রবেশ কৰিলে । ৰজাই কোনােমতে পলাই ৰাজ প্রাসাদত সােমাল । পিছত ঘনশ্যাম বুঢ়া গোহাঁইৰ নেতৃত্বত আহােম সেনাই মােৱামৰীয়া সকলক নগৰৰ পৰা বাহিৰ কৰিবলৈ সক্ষম হ’ল । এয়েই ৰজা গৌৰীনাথ সিংহৰ দিনত নিজ কর্মৰ বাবে সংঘটিত হােৱা মােৱামৰীয়াৰ দ্বিতীয় বিদ্রোহ । 

প্রশ্ন ২: মােৱামৰীয়া সকলৰ তৃতীয় বিদ্ৰোহৰ এটি চমু আভাষ দিয়া ।

উত্তৰঃ ঘনশ্যাম বুঢ়াগােহাঁইৰ মৃত্যু হােৱাত পূৰ্ণানন্দ নামৰ এজন অতি বিচক্ষণ আৰু ৰাজনীতিজ্ঞ পুৰুষক বুঢ়াগােহাঁই পতা হ’ল । পূৰ্ণানন্দই মােৱামৰীয়া সকলৰ বিদ্রোহ কৌশলেৰে দমন কৰিবলৈ ৰজাক বাৰে বাৰে পৰামর্শ দিছিল । ৰজাই তেওঁৰ কথা নামানি আহােম সৈন্যক মােৱামৰীয়া সকলক অত্যাচাৰ কৰিবলৈ উচটনি দিছিল । তেওঁলােকাৰ ওপৰত নির্যাতন চলাই দ্বিতীয় বিদ্ৰোহৰ অৱসান ঘটাইছিল । কিন্তু ৰজাঘৰীয়া অত্যাচাৰ আৰু দমন নীতিয়ে মােৱামৰীয়া সকলক দুগুণে জ্বলাই তুলিছিল । 

১৭৮৫ চনত তেওঁলােকে পুনৰ বিদ্রোহ ঘােষণা কৰিলে।এইবাৰ বিদ্রোহে গুৰুতৰ ৰূপ ধাৰণ কৰিলে । মােৱামৰীয়াৰ বিৰুদ্ধে পঠোৱা ৰজাঘৰীয়া সৈন্য বাৰে বাৰে পৰাজিত হ’ব ধৰিলে। ৰজা গৌৰীনাথ সিংহই চুবুৰীয়া ৰাজ্য ৰাণী , কি বেলতলা আদিৰ ৰজা সকলৰ সৈন্যৰ সহায় ললে যদিও কামত নাহিল । মােৱামৰীয়াসকলে ৰাজধানী ৰংপুৰ দখল কৰিবলৈ আগবাঢ়িল । পৰিস্থিতি বিষম দেখি স্বৰ্গদেউ গৌৰীনাথ সিংহই ৰংপুৰ এৰি গুৱাহাটীলৈ পলাল । ৰজাৰ অনুপস্থিতিতে বুঢ়াগোঁহাই পূৰ্ণানন্দই মােৱামৰীয়াৰ অগ্রগতি ৰােধ কৰিবলৈ অশেষ চেষ্টা কৰিছিল যদিও বিফল হ’ল । 

অৱশেষত গৌৰীনাথ সিংহই বৃটিছ সকলৰ সহায়ত নিজ ৰাজ্য উদ্ধাৰ কৰে । 

প্রশ্ন ৩: মানসকলক কোনে কিয় অসমলৈ মাতি আনিছিল ? মানৰ প্ৰথম আক্ৰমণৰ এটি বিৱৰণী দিয়া ।

উত্তৰঃ চাওলুং চুকাফাই পাতি থৈ যােৱ আহােম ৰাজ্যত পিছলৈ ৰজা সকলৰ অজ্ঞতা , অবিবেচকী কাণ্ড আৰু অদক্ষতাৰ বাবে তাৰােপৰি বিষয়া , ডা – ডাঙৰীয়াসকলৰ ক্ষমতাৰ খােৱা – কামােৰাৰ বাবে বহুত বিশৃঙ্খলা সৃষ্টি হৈছিল । 

চন্দ্রকান্ত সিংহৰ দিনত বিশেষকৈ পূৰ্ণানন্দ বুঢ়াগােহাঁই আৰু বদনচন্দ্ৰ বৰফুকনৰ মাজত থকা বৈৰীভাবে ৰাজ্যত অস্থিৰতাৰ সৃষ্টি কৰিছিল , সমগ্ৰ অসমলৈ অন্ধকাৰ নমাই আনিছিল । চন্দ্রকান্ত সিংহ ৰাজপাটত উঠা সময়ত বয়স বৰ কম আছিল । সেয়ে প্রশাসনৰ বেছিভাগ কাম – কাজ পূর্ণানন্দ বুঢ়াগােহাঁয়ে চম্ভালি লৈছিল । পূৰ্ণানন্দৰ ক্ষমতা বদন চন্দ্র বৰফুকনৰ বাবে ঈর্ষাৰ কাৰণ হৈ পৰিছিল । তেওঁ ৰজাক পূৰ্ণানন্দৰ বিৰুদ্ধে নানান কথা লগাই ৰজাৰ প্রিয়পাত্র হ’ব বিচাৰিছিল । পূৰ্ণানন্দৰ বিৰুদ্ধে ষড়যন্ত্র লিপ্ত হ’ল। পূৰ্ণানন্দৰ কাণত পৰাত তেওঁ বদনক ধৰিবলৈ যাে – জা চলালে । বদন বৰফুকন আৰু পূৰ্ণানন্দ বুঢ়াগােহাঁই সম্বন্ধত বিয়ৈ আছিল । বদনে বুঢ়াগােহাঁইৰ পৰিকল্পনাৰ কথা জীয়েক অর্থাৎ পূৰ্ণানন্দৰ বােৱাৰীয়েক পিজৌ গাভৰুৰ পৰা গম পাই বঙ্গদেশলৈ পলাই গ’ল আৰু পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ বিৰুদ্ধে ইংৰাজৰ সহায় বিচাৰিলে। 

ইংৰাজে এই কথাত সন্মতি প্রদান নকৰাত তেওঁ ব্রহ্মদেশলৈ গ’ল । ব্রহ্মদেশৰ ৰজা বদোপায়াই বদনৰ অনুৰােধ ৰক্ষা কৰি এদল মানসেনা অসমলৈ পঠিয়াই দিলে । ১৮১৭ চনৰ মার্চ মাহত মানসকল আহি অসমৰ দুৱাৰমূখ পালেহি । পূৰ্ণানন্দ বুঢ়াগােহাঁইয়ে মানক ৰুধিবলৈ সৈন্য পঠিয়াই দিলে । যুদ্ধ চলি থকা সময়তে পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ মৃত্যু হােৱাত তেওঁৰ পুতেক ৰুচিনাথক বুঢ়াগােহাঁই পতা হ’ল। ৰুচিনাথে মানক পৰাভূত কৰিব নােৱাৰি গুৱাহাটীলৈ পলাল । মানে যােৰহাট নগৰ অধিকাৰ কৰি চন্দ্রকান্ত সিংহকে ৰজা ৰাখি অসমৰ পৰা অজস্র ধন – সম্পত্তি লৈ নিজ দেশলৈ উভতি গ’ল । এয়েই অসমত প্রথম মানৰ আক্রমণ । 

প্রশ্ন ৪: মানৰ দ্বিতীয় আক্ৰমণৰ এটি বিৱৰণী দিয়া । 

উত্তৰঃ প্ৰথমবাৰ অসম আক্ৰমণ কৰাৰ পিছত মানসকলে নিজ দেশলৈ গুছি গ’ল । মানসকল গুছি যােৱাৰ পিছত বদন চন্দ্ৰ বৰফুকনেই ৰাজ্যৰ সর্বেসর্বা হৈ পৰিল । তেওঁৰ অত্যাচাৰ দিনে দিনে বাঢ়ি যাবলৈ ধৰিলে । প্রজাকল তেওঁৰ ওপৰত অসন্তুষ্ট হৈ পৰিল । বদনৰ কার্যকলাপত ৰাজমাও নুমলীও অতীষ্ঠ হৈ পৰিছিল । সেয়ে ৰাজমাওৱে দুজনমান বিষয়াৰ লগ লাগি ৰূপসিং চুবেদাৰৰ হতুৱাই বদনক হত্যা কৰােৱালে । 

বদনৰ হত্যাৰ পিছত বৰগােহাঁইৰ পদপুনৰ চমজি লবলৈ চন্দ্রকান্ত সিংহই ৰুছিনাথক মাতি পঠিয়ালে। ৰুচিনাথে কিন্তু এই কথা ওলােটাই বুজিলে । তেওঁ ৰজাই কিবা ষড়যন্ত্র কৰা বুলি ভাবি লগত এদল সৈন্য লৈ ৰাজধানী যােৰহাট অভিমূখে ৰাওনা হ’ল । চন্দ্রকান্ত সিংহই ভয় খাই ৰংপুৰলৈ পলাই গল । ৰুচিনাথে ৰাজেশ্বৰ সিংহৰ বংশধৰ পুৰন্দৰ সিংহক আহােমৰ সিংহাসনত বহুৱাই ৰাজ্য শাসন কৰিবলৈ ধৰিলে । 

এইসকলাে ঘটনা মান সকলে লক্ষ্য কৰি আছিল । অসমৰ ৰাজনীতিৰ এই অস্থিৰ অৱস্থাৰ সুযােগ লৈ তেওঁলােকে পুনৰ ১৮১৯ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত আলুমিঙ্গি নামৰ এজন সেনাপতিৰ নেতৃত্বত অসমত প্রবেশ কৰিলে । এইবাৰৰ যুদ্ধত আহােম সেনা পৰাজিত হ’ল । পুৰন্দৰ সিংহ আৰু ৰুচিনাথ গুৱাহাটীলৈ পলাল । মানে তেওঁলােকক ধৰিবলৈ চেষ্টা কৰাত ৰজা মন্ত্রী দুয়াে পলাই গৈ বঙ্গদেশত ইংৰাজৰ আশ্রয় ললেগৈ । মানে যােৰহাট নগৰ দখল কৰি চন্দ্রকান্তক পুনৰ সিংহাসনত বাই মিংগিমাহা তিলােৱা নামৰ এজন সেনাপতিৰ অধীনত এদল সৈন্য অসমত থৈ নিজ দেশলৈ উভতি যায় । এয়ে মানৰ দ্বিতীয় আক্রমণ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top