Niketan Class 8 Social Chapter 14 ইষ্ট-ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতত হােৱা সংস্কাৰসমূহ

Niketan Class 8 Social Chapter 14 ইষ্ট-ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতত হােৱা সংস্কাৰসমূহ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Social Chapter 14 ইষ্ট-ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতত হােৱা সংস্কাৰসমূহ and select need one.

Niketan Class 8 Social Chapter 14 ইষ্ট-ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতত হােৱা সংস্কাৰসমূহ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Social Chapter 14 ইষ্ট-ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতত হােৱা সংস্কাৰসমূহ Solutions for All Subjects, You can practice these here…

ইষ্ট-ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতত হােৱা সংস্কাৰসমূহ

Chapter – 14

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

প্রশ্ন ১: উত্তৰ লিখা ।

( ক ) লর্ড কর্ণাৱালিছৰ কার্যবিধিখনক কি বােলা হৈছিল ? 

উত্তৰঃ কর্ণাৱালিছ সংহিতা । 

( খ ) কোনজন গৱৰ্ণৰ জেনেৰেলে ভাৰতীয় লােকক চৰকাৰী চাকৰিত মকৰল আৰু পদোন্নতিৰ ব্যৱস্থা কৰিছিল ? 

উত্তৰঃ লর্ড হেষ্টিংছে ।

( গ ) কাৰ দিনত চিৰস্থায়ী ৰাজহ ব্যৱস্থাৰ প্ৰচলন হৈছিল ? 

উত্তৰঃ লর্ড কর্ণৱালিছৰ দিনত ।

( ঘ ) কাৰ দিনত সর্ব প্রথমে মাটিৰ পট্টাৰ ব্যৱস্থা ভাৰতত প্ৰচলিত হৈছিল ? 

উত্তৰঃ লর্ড হেষ্টিংছৰ দিনত । 

( ঙ ) চার্লছ উডৰ শিক্ষা সম্পর্কীয় প্ৰেৰণ পত্ৰখন কোনজন গৱৰ্ণৰ জেনেৰেলৰ দিনত গৃহীত হৈছিল ? 

উত্তৰঃ লর্ড ডেলহাউচীৰ দিনত । 

( চ ) কোনজন অসমীয়াই বৃটিছ শাসনৰ আমােলত সংস্কৃত সাহিত্যৰ উৎকর্ষ সাধন কৰিছিল ? 

উত্তৰঃ আনন্দৰাম বৰুৱাই ।

প্রশ্ন ২: ‘ ক ’ অংশৰ লগত ‘ খ ’অংশ মিলােৱা – 

‘ ক ’ অংশ‘ খ ’ অংশ
দয়ানন্দ সৰস্বতীপ্রার্থনা সমাজ
ছাৰ ছৈয়দ আহমদখানআর্য সমাজ
গােবিন্দ ৰাণাডেৰামকৃষ্ণ মিছন
ৰাজা ৰামমােহ ৰায়আলিগড় আন্দোলন
ৰাম কৃষ্ণ পৰমহংসব্রাহ্ম সমাজ

উত্তৰঃ 

‘ ক ’ অংশ‘ খ ’ অংশ
দয়ানন্দ সৰস্বতীআর্য সমাজ
ছাৰ ছৈয়দ আহমদখানআলিগড় আন্দোলন
গােবিন্দ ৰাণাডেপ্রার্থনা সমাজ
ৰাজা ৰামমােহ ৰায়ব্রাহ্ম সমাজ
ৰাম কৃষ্ণ পৰমহংসৰামকৃষ্ণ মিছ

প্রশ্ন ৩: শুদ্ধ / অশুদ্ধ বিচাৰি উলিওৱা— 

( ক ) কোম্পানী চৰকাৰৰ শাসনৰ আৰম্ভণিলৈকে ভাৰতত মহলৱাৰী / বায়তৱাৰী ব্যৱস্থাৰ প্ৰচলন আছিল । 

উত্তৰঃ শাক্ত পন্থী আছিল । 

( খ ) সপ্তদশ / অষ্টাদশ শতিকাত ইংলেণ্ডত ঔদ্যোগিক বিপ্লৱে প্ৰসাৰতা লাভ কৰিছিল । 

উত্তৰঃ অষ্টাদশ । 

( গ ) স্বামী বিবেকানন্দ /গােবিন্দ ৰাণাডে / দয়ানন্দ সৰস্বতীৰ প্রকৃত নাম আছিল মুল শংকৰ। 

উত্তৰঃ দয়ানন্দ সৰস্বতীৰ ।

( ঘ ) ৰাজা ৰামমােহন ৰায়ৰ প্ৰধান সহযােগী আছিল দেবেন্দ্র নাথ ঠাকুৰ / ঈশ্বৰ চন্দ্র বিদ্যাসাগৰ / ৰাজ সুন্দৰী দেৱী । 

উত্তৰঃ দেবেন্দ্রনাথ ঠাকুৰ । 

প্ৰশ্ন ৪: চমুটোকা লিখাঃ ( ৫০ টা শব্দৰ ভিতৰত ) — 

( ক ) ব্রাহ্মসমাজ ।

উত্তৰঃ ব্রাহ্মসমাজৰ প্রতিষ্ঠাতা আছিল বঙ্গদেশৰ ৰাজা ৰামমােহন ৰায় । তেওঁ কু – সংস্কাৰ মুক্ত , জাতিভেদ শূন্য ভাৰতীয় সমাজ এখন গঢ়াৰ মানসেৰে ১৮২৮ চনত ব্রাহ্মসভা নামে এটি অনুষ্ঠান গঢ় দিয়ে । সেই অনুষ্ঠানটোৱেই ৰাইজৰ সহযােগত ১৮৩০ চনত ব্রাহ্ম সমাজ নামে খ্যাত হয় । এই সমাজৰ মূল লক্ষ্য আছিল সেই সময়ত

প্রচলিত কন্যা শিশু হত্যা , সতীদাহ প্রথাৰ দৰে কু – প্রথাবােৰ সমাজৰ পৰা নাশ কৰা । স্ত্রী শিক্ষা , বিধবা বিবাহৰ ওপৰতাে এই সমাজে গুৰুত্ব প্রদান কৰিছিল । 

( খ ) আর্য সমাজ ।

উত্তৰঃ আর্য সমাজৰ প্রতিষ্ঠাতা আছিল স্বামী দয়ানন্দ সৰস্বতী । এওঁ একেশ্বৰ বাদত বিশ্বাসী আৰু মূৰ্ত্তি পুজাৰ বিৰােধী আছিল । ১৮৭৫ খ্রীষ্টাব্দত স্থাপিত হােৱা এই অনুষ্ঠানটিৰ ব্রাহ্ম সমাজৰ আদৰ্শ আৰু নীতিৰ সৈতে মিল আছিল । এই সংগঠনে জাতি ভেদ প্রথা আৰু বাল্যবিবাহৰ বিৰােধিতা কৰিছিল । বিধবা বিবাহ সমর্থন কৰিছিল । দয়ানন্দ সৰস্বতীয়ে অই ধৰ্মৰ মানুহক ‘ শুদ্ধি’ প্ৰথাৰে হিন্দু ধৰ্মলৈ ধর্মান্তকৰণ কৰিছিল । 

( গ ) প্রার্থনা সমাজ ।

উত্তৰঃ প্রার্থনা সমাজৰ গুৰি ধৰোঁতা আছিল মহাদেৱ গােবিন্দ ৰাণাড়ে । ১৮৬৭ খ্রীষ্টাব্দত মহাৰাষ্ট্ৰত স্থাপিত এই অনুষ্ঠানটোৱে সমাজ সংস্কাৰত দৃঢ় পদক্ষেপ লৈছিল । এই অনুষ্ঠানৰ সদস্যসকল যথেষ্ট কঠোৰ আছিল আৰু এওঁলােকে সংস্কাৰৰ কাম কাজত ব্রাহ্মসমাজক চেৰ পেলাইছিল । এই অনুষ্ঠানৰ মূল কাৰ্যসূচী আছিল সাধাৰণ শ্ৰেণীৰ মাজত শিক্ষাৰ ধাউতি বঢ়োৱা , অনাথ আশ্রম স্থাপন , জাতি – ভেদ প্রথা নির্মুল কৰণ আৰু অনুন্নত শ্ৰেণীৰ জাতিবােৰৰ সামাজিক আৰু অর্থনৈতিক উন্নতি সাধন কৰা । 

( ঘ ) আলিগড় আন্দোলন ।

উত্তৰঃ আলিগড় আন্দোলনৰ গুৰি ধৰােতা আছিল ঘৰ – ছৈয়দ আহমদ খান । এই আন্দোলন প্রধানকৈ মুছলমান সমাজক পাশ্চাত্য শিক্ষাৰে উদ্বুদ্ধ কৰাৰ মানসেৰে আৰম্ভ কৰা হৈছিল । ১৮৫৭ খ্রীষ্টাব্দত মুছলমান ছাত্র – ছাত্রীসকলৰ বাবে “ এংলাে অৰিয়েণ্টেল কলেজ ” নামে এখন মহাবিদ্যালয় ছাৰ ছৈয়দ আহমদ খানৰ নেতৃত্বত গঢ়ি তােলা হৈছিল । ফলস্বৰূপে মুছলমান সমাজতাে সমাজ আৰু ধর্ম সংস্কাৰৰ মনােভাব গঢ়ি উঠিছিল । 

( ঙ ) লর্ড উইলিয়াম বেন্টিং ।

উত্তৰঃ লর্ড উইলিয়াম বেন্টিং ইষ্ট-ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল আছিল । ইংৰাজ সকলে ভাৰতত কেৱল শাসন , শােষণ কৰিয়েই ব্যস্ত থকা নাছিল , তেওঁলােকে সমাজ সংস্কাৰৰ কামতাে মনােনিবেশ কৰিছিল । তেওঁলােকে ভাৰতীয় সকলক পাশ্চাত্য শিক্ষাৰে শিক্ষিত কৰি তুলিব বিচাৰিছিল । ভাৰতত সেই সময়ত প্রচলিত কু – সংস্কাৰবােৰ ভাৰতীয় শিক্ষিত লােকৰ সহায়ত দূৰীণৰ বাবে তেওঁলােকে চেষ্টা কৰিছিল । লর্ড উইলিয়াম বেন্টিঙে ৰাজা ৰামমােহন ৰায়ৰ সহযােগত সতীদাহ প্রথা বন্ধ কৰিবলৈ সক্ষম হৈছিল । 

( চ ) ঈশ্বৰ চন্দ্র বিদ্যাসাগৰ ।

উত্তৰঃ উনৈশ শতিকাত ইংৰাজ কোম্পানীৰ ভাৰত শাসনৰ সময়ত বহু ভাৰতীয় লােকে পাশ্চাত্য শিক্ষাৰে শিক্ষিত হােৱাৰ সুযােগ পাইছিল । তাৰ ভিতৰত ঈশ্বৰ চন্দ্র বিদ্যা সাগৰৰ এজন । পাশ্চাত্য শিক্ষাৰে শিক্ষিত আদর্শবান ব্যক্তি ঈশ্বৰ চন্দ্র বিদ্যাসাগৰে ব্যক্তিগত প্রচেষ্টাৰে সমাজৰ কু – আচাৰবােৰ আঁতৰােৱাৰ চেষ্টা কৰিছিল । স্ত্রী – শিক্ষা অবিহনে যে সমাজ সংস্কাৰিত নহয় এই কথা বুজি তেওঁ স্ত্রী শিক্ষাৰ প্ৰচলন আৰু বিধবা বিবাহ প্রচলনত অধিক গুৰুত্ব দিছিল । 

( ছ ) ৰাজহ সংস্কাৰ ।

উত্তৰঃ ইষ্ট-ইণ্ডিয়া কোম্পানী চৰকাৰে ভাৰতত ৰাজহ সংস্কাৰৰ নামত কিছুমান আইন প্রণয়ন কৰি মুনাফা লুটাৰ চেষ্টা কৰিছিল আৰু সেই সময়ৰ ৰাজহৰ একমাত্র উৎস কৃষি আৰু কৃষকৰ ওপৰত মাধমাৰ সােধাইছিল । কর্ণৱালিচৰ দিনত প্রচলিত ৰায়তৱাৰী ব্যৱস্থাৰ বিপৰীতে মহলৱাৰী ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হ’ল । পুৰ্বৰ এবছৰীয়া নাইবা পাঁচ বছৰীয়া কৃষকৰ সৈতে পােনপটীয়া ৰাজহ বন্দৱস্তীৰ ঠাইত চিৰস্থায়ী ৰাজহ ব্যৱস্থাৰ প্রবর্তন কৰে । সেইমতে একো একোটা অঞ্চল একোজন জমিদাৰৰ অধীনত ৰাজহ আদায়ৰ বাবে দিয়া হয় আৰু যেতিয়ালৈকে জমিদাৰে নিয়মিতভাৱে খাজনা বা কৰ সােধাই থাকিব তেতিয়ালৈকে জমিদাৰী ভােগ কৰিব পাৰিব । অন্যথা জমা চৰকাৰৰ অধীন হ’ব । এই ব্যৱস্থাত মাটিৰ ওপৰত কৃষক অধিকাৰ খর্ব হয় । 

অতিৰিক্ত প্রশ্নোত্তৰ :

প্রশ্ন ১: কর্ণৱালিছ সংহিতা সম্পর্কে বহলাই লিখা । 

উত্তৰঃ বেহা – বেপাৰৰ চলেৰে ভাৰতত প্ৰৱেশ কৰি ইংলেণ্ডৰ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰখনতাে প্রবেশ কৰিছিল । অৱশ্যে ইষ্ট-ইণ্ডিয়া কোম্পানীৰ ক্রমবর্ধমান শক্তি আৰু ইয়াৰ লগত জড়িত ব্যক্তি সকলৰ কার্য-কলাপত ইংলেণ্ডৰ সংসদে চকু নিদিয়াকৈ থকা নাছিল । ইংৰাজ সকলে ভাৰতৰ শাসন হস্তগত কৰি অনুকুল বাতাৱৰণ এটি সৃষ্টি কৰাৰ প্রয়াসেৰে কিছুমান সংস্কাৰ কাৰ্যসূচী হাতত লৈছিল । এই সংস্কাৰ সমূহক মূলতঃ প্রশাসনিক , ৰাজহ , বিচাৰ , শিক্ষা আদি ভাগত ভগাব পাৰি । 

কর্ণৱালিছ সংহিতা প্রশাসনীয় সংস্কাৰৰ অন্তৰ্গত । ভাৰতীয় শাসন , ব্যৱস্থাত প্রচলিত দুর্নীতি সমূহ আঁতৰ কৰিবলৈ ইংৰাজ চৰকাৰে কিছুমান প্রশাসনীয় সংস্কাৰ হাতত লৈছিল । এনে সংস্কাৰৰ প্রথম প্রচেষ্টা হিচাপে গৱৰ্ণৰ জেনেৰেল লর্ড কর্ণৱালিছে দুর্নীতিত লিপ্ত হৈ থকা কোম্পানীৰ কৰ্মচাৰীসকলক বে – আইনীভাৱে ব্যৱসায় চলােৱা , ভেটি লােৱা আদি কার্য বন্ধ কৰিবলৈ নির্দেশ দিছিল । কর্শৱালিছে কোম্পানীৰ চাকৰিয়াল সকলৰ বেতনৰ হাৰ বৃদ্ধিৰ উপৰিও আৰু জ্যেষ্ঠতাৰ ভিত্তিত পদোন্নতি দিয়াৰো ব্যৱস্থা কৰিছিল । এই বিধি খনক কর্ণৱালিছ সংহিতা বুলি জনা যায় । 

দ্বিতীয়তে , গৱৰ্ণৰ জেনেৰেল সকলে ভাৰতত তেওঁলোক স্বার্থ সুৰক্ষিত ৰখাৰ উদ্দেশ্যে সামৰিক বাহিনীৰ ক্ষেত্ৰত কিছু সংস্কাৰৰ কাম হাতত লৈছিল । তৃতীয়তে , ইংৰাজ চৰকাৰে ভাৰতত ইংৰাজ অধিকৃত এলেকাত শান্তি শৃঙ্খলা বাহাল ৰাখিবলৈ নির্দিষ্ট থানা আৰু আৰক্ষীৰ নিযুক্তিৰ ব্যৱস্থা কৰিছিল । 

প্রশ্ন ২: ইংৰাজ অধিকৃত ভাৰতৰ শিক্ষা ব্যৱস্থাৰ এটি আভাস দিয়া । 

উত্তৰঃ ভাৰতীয় শিক্ষা ব্যৱস্থা অতি প্রাচীন । শাস্ত্র জ্ঞানৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈছিল বাবে ভাৰতীয় শিক্ষা আছিল মূলতে ধর্মমূলক । হিন্দু শিক্ষার্থী সকলে টেলি বা গুৰুকুলত আৰু মুছলমান শিক্ষার্থীয়ে মাদ্ৰাছা আৰু মােক্তাৱত শিক্ষা গ্রহণ কৰিছিল । এনে পৰম্পৰাগত শিক্ষা ব্যৱস্থাত ইংৰাজ চৰকাৰে কিছু পৰিবৰ্তন আনিবলৈ 0চেষ্টা কৰিছিল । ভাৰতীয় সমাজত যাতে বিজ্ঞানৰ কিছু প্রভাৱ বিস্তাৰৰ বাবে লর্ড হেষ্টিংছে আধুনিক শিক্ষা প্রণালী প্রচলনৰ ব্যৱস্থা কৰিছিল । ১৭৮১ চনত হেষ্টিংছে তেতিয়াৰ কলিকতাত এখন মাদ্ৰাছা পাতি দিছিল আৰু ১৭৯২ খ্রীষ্টাব্দত বাৰাণসীত জনাথন ডানকান নামৰ এজন ইংৰাজ বিষয়াই এখন সংস্কৃত কলেজ স্থাপন কৰিছিল । ইংৰাজে স্থাপন কৰিলেও প্ৰাৰম্ভিক পর্যায়ত কিন্তু এনে শিক্ষানুষ্ঠানবােৰত পুৰণি পদ্ধতিৰেই জ্যোতিষ আৰু ব্যাকৰণৰ শিক্ষা দিয়া হৈছিল । 

অষ্টাদশ শতিকাত ইংলেণ্ডত শিল্প বিপ্লৱে প্ৰসাৰতা লাভ কৰাৰ লগে লগে সাম্রাজ্যবাদী ইংৰাজসকলে নিজৰ লাভালাভৰ বাবে ভাৰতীয় শিক্ষাৰ মাধ্যম ইংৰাজী হ’ব লাগে বুলি জোৰ দিবলৈ ধৰিলে । এই কার্য তেওঁলােকে ভাৰতীয় সকলৰ স্বাৰ্থত কৰা নাছিল , কৰিছিল এটা স্বার্থত যে তেওঁলােকে যদি সাধাৰণ শ্ৰেণীৰ নাগৰিকক ইংৰাজী শিকাই ল’ব পাৰে তেনেহ’লে সেই মানুহবােৰক অতি কম বেতনতে কোম্পানীৰ কামত খটুৱাব পাৰিব । এই উদ্দেশ্যে তেওঁলােকে ভাৰতত পাশ্চাত্য শিক্ষা প্রচলনৰ বাবে উঠি পৰি লাগিল লর্ড উইলিয়াম বেন্টিংকৰ দিনত আইন সদস্য লর্ড মেলেৰ উদ্যোগত ইংৰাজী শিক্ষাই ভাৰতীয় শিক্ষাৰ মূল ভেটি বুলি ১৮৩৫ খ্রীষ্টাব্দত চৰকাৰী সিদ্ধান্ত গৃহীত হয় । 

লাহে লাহে সংস্কৃত আৰু পাৰ্চী ভাষাৰ চর্চা কমি আহিল । আন এজন গৱৰ্ণৰ জেনেৰেল লর্ড ডেলহাউচীয়ে তেওঁৰ দিনত ভাৰতীয় শিক্ষাৰ আৰু কিছু সংস্কাৰ কৰিছিল । ইংৰাজ চৰকাৰৰ নিয়ন্ত্ৰণ বৰ্ডৰ সভাপতি চার্লচ উডৰ পৰামর্শ মতে ডেলহাউচীয়ে প্রাথমিক পর্যায়ৰ বাবে বিদ্যালয় , দ্বিতীয় স্তৰত উচ্চ ইংৰাজী বিদ্যালয় আৰু তৃতীয় স্তৰত কেইবাখনাে মহাবিদ্যালয় স্থাপন কৰি দিছিল । এয়ে আছিল ইংৰাজ অধিকৃত ভাৰতত প্রথম পর্যায়ৰ শিক্ষাৰ আৰম্ভণি ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top