Niketan Class 7 Science Chapter 8 মাটি

Niketan Class 7 Science Chapter 8 মাটি is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Science Chapter 8 মাটি and select need one.

Niketan Class 7 Science Chapter 8 মাটি

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Science Chapter 8 মাটি Solutions for All Subjects, You can practice these here…

মাটি

Chapter – 8

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

প্রশ্ন: ১ আৰু ২ ৰ অতি উপযোগী উত্তৰত চিন দিয়া।

১। শিলৰ টুকুৰাৰ উপৰি মাটিত থাকে

(ক) বায়ু আৰু পানী

(খ) পানী আৰু উদ্ভিদ

(গ) খনিজ লৱণ, জৈৱিক পদাৰ্থ, বায়ু আৰু পানী।

(ঘ) পানী, বায়ু আৰু উদ্ভিদ।

উত্তৰঃ (গ) খনিজ লৱণ, জৈৱিক পদাৰ্থ, বায়ু আৰু পানী।

২। পানী ধাৰণ ক্ষমতা সৰ্বাধিক হ’ল

(ক) বালিচঁহীয়া মাটিৰ

(খ) আলতীয়া মাটিৰ

(গ) দোমোজা মাটিৰ

(ঘ) বালি আৰু জৈৱিক সাৰ থকা মাটিৰ

উত্তৰঃ (খ) আলতীয়া মাটিৰ

৩। স্তম্ভ ১ ৰ লগত স্তম্ভ ২ মিলোৱা

স্তম্ভ ১স্তম্ভ ২
(ক) জীৱৰ বাসস্থান হ’ল(ক) ডাঙৰ কণিকা
(খ) মাটিৰ উপৰিভাগ(খ) সকলো প্ৰকাৰৰ মাটি
(গ) বালিচহীয়া মাটি(গ) ডাঠ ৰঙৰ 
(ঘ) মাটিৰ মধ্য তৰপ(ঘ) সৰু কণিকা আৰু টানকৈ বন্ধা
(ঙ) আলতীয়া মাটি(ঙ) কম পৰিমাণৰ হিউমাচ

উত্তৰ:

স্তম্ভ ১স্তম্ভ ২
(ক) জীৱৰ বাসস্থান হ’ল(খ) সকলো প্ৰকাৰৰ মাটি
(খ) মাটিৰ উপৰিভাগ(গ) ডাঠ ৰঙৰ
(গ) বালিচহীয়া মাটি(ক) ডাঙৰ কণিকা
(ঘ) মাটিৰ মধ্য তৰপ(ঙ) কম পৰিমাণৰ হিউমাচ
(ঙ) আলতীয়া মাটি(ঘ) সৰু কণিকা আৰু টানকৈ বন্ধা

৪। মাটিৰ গঠন কিদৰে হয় বর্ণনা কৰা।

উত্তৰঃ বায়ু, পানী আৰু জলবায়ুৰ ক্ৰিয়াৰ ফলত শিল ভাঙি মাটি উৎপন্ন হয়। এই প্ৰক্ৰিয়াটোক বিচূর্ণীভৱন বুলি কোৱা হয়। ভিন ভিন প্ৰকাৰৰ মাটিৰ গঠনাত্মক উপাদান ভিন ভিন হয়। শিলাখণ্ডৰ বিচূৰ্ণীভৱনৰ ফলত পদাৰ্থৰ সৰু সৰু কণিকাবোৰ সৃষ্টি হয়। এইবোৰৰ ভিতৰত আছে বালি আৰু বোকা। বালি আৰু বোকাৰ তুলনামূলক পৰিমাণটো নিৰ্ভৰ কৰে কোনবিধ শিলৰ পৰাই গঠন হৈছে। অর্থাৎ মূল শিলৰ ওপৰত নিৰ্ভৰ কৰে। শিলৰ কণিকাবোৰ আৰু হিউমাছৰ মিশ্ৰণটোক মাটি বোলা হয়।

৫। মাটি গঠন হোৱা প্ৰক্ৰিয়াটোক কি বোলে ?

উত্তৰঃ মাটি গঠন হোৱা প্ৰক্ৰিয়াটোক বিচূর্ণী ভৱন বোলে।

৬। মাটি কেইপ্ৰকাৰৰ আৰু কি কি ?

উত্তৰ: বিভিন্ন আকাৰৰ কণিকাবোৰৰ অনুপাতৰ ওপৰত ভিত্তি কৰি মাটিক তিনিভাগত বিভক্ত কৰা হৈছে।

(i) বালিচঁহীয়া মাটি,

(ii) আলতীয়া মাটি আৰু

(iii) দোমোজা মাটি।

৭। কোনবিধ মাটিত হিউমাচ বেছি থাকে ?

উত্তৰ: দোমোজা মাটিত হিউমাচ বেছি থাকে।

৮। কোনবিধ মাটি শস্যৰ বাবে অতি উপযোগী আৰু কিয় ?

উত্তৰ: দোমোজা মাটি শস্যৰ বাবে অতি উপযোগী। কাৰণ দোমোজা মাটিত হিউমাচ থাকে। এই দোমোজা মাটি হ’ল বালি, বোকা আৰু পলস নামৰ এক ধৰণৰ মাটিৰ মিশ্ৰণ। উদ্ভিদৰ বৃদ্ধিৰ কাৰণে এই মাটিৰ উপযুক্ত ধাৰণ ক্ষমতা থাকে।

৯। আলতীয়া মাটি আৰু বালিচহীয়া মাটিৰ মাজৰ পাৰ্থক্যবোৰৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ আলতীয়া মাটি আৰু বালিচহীয়া মাটিৰ মাজৰ 

পাৰ্থক্যবোৰৰ হ’ল – 

আলতীয়া মাটিবালিচহীয়া মাটি
(ক) প্ৰচুৰ পৰিমাণৰ বালিৰ কণিকা থাকে ।(ক) অধিক পৰিমাণৰ বোকা মাটিৰ কণিকা আৰু কম পৰিমাণৰ বালিৰ কণিকা থাকে।
(খ) বালিৰ কণিকাবোৰৰ আকাৰ  ডাঙৰ হোৱা বাবে সিহঁতৰ মাজত বহুতো খালী ঠাই ৰৈ যায় আৰু এই খালী ঠাইবোৰ বায়ুৰে পূৰ্ণ হৈ থাকে। অর্থাৎ মাটিত থকা বালিৰ মাজত বায়ু সঞ্চাৰিত হৈ থাকে। পানী  সহজে বালিৰ কণিকাবোৰৰ  মাজেৰে পাৰ হৈ যাব পাৰে।(খ) বোকাৰ কণিকাবোৰ সৰু হোৱা বাবে একে লগে টানকৈ বান্ধ খাই থাকে আৰু এইবোৰৰ মাজত বায়ুৰ কাৰণে ঠাই কম থাকে। মাটিৰ কণিকাবোৰৰ মাজত থকা ক্ষুদ্র খালী ঠাইবোৰত পানী ধৰি ৰাখিব পাৰে। সেয়েহে এই মাটিত বায়ু কম পৰিমাণে থাকে।
(গ)বালিচঁহীয়া মাটি পাতল, বায়ু সঞ্চাৰিত আৰু সাধাৰণতে শুকান হয় ।(গ) বায়ু কম থাকে আৰু পানী বেছি ধৰি থাকে বাবে বালিচঁহীয়া মাটিতকৈ ই গধূৰ হয় আৰু টান হয়।

১০। মাটিৰ পাৰ্শ্বচিত্ৰ আৰু বিভিন্ন স্তৰবোৰ চিহ্নিত কৰা।

১১। কোনবিধ মাটিৰ পানী ধাৰণ ক্ষমতা অতি কম আৰু অতি বেছি ? 

উত্তৰ: বালিচহীয়া মাটিৰ পানী ধাৰণ ক্ষমতা অতি কম আৰু আলতায়া মাটিৰ পানী ধাৰণ ক্ষমতা অতি বেছি ।

১২। ৰাজিয়াই পানীৰ অন্তঃস্ৰৱণৰ ওপৰত এটা পৰীক্ষা কৰিছিল। তাই লক্ষ্য কৰিছিল যে মাটিৰ নমুনাটোৰ মাজেৰে ২০০ মি.লি. পানী অন্তঃস্ৰৱণ হ’বলৈ মিনিট সময় লাগিছিল। পানীৰ অন্তঃস্ৰৱণৰ হাৰটো নিৰ্ণয় কৰা।

উত্তৰঃ

১৩। মাটি প্ৰদূষণ আৰু মাটিৰ খহনীয়া বা ক্ষয়ীভৱন কিদৰে ৰোধ কৰিব পাৰি ব্যাখ্যা কৰা।

উত্তৰ : মাটি প্ৰদূষণ ৰোধ কৰিবলৈ হ’লে তলত দিয়া নিয়মবোৰ মানি চলিব লাগে –

(ক) কৃষিকাৰ্যত নানা ধৰণৰ ৰাসায়নিক সাৰ তথা কীটনাশক দৰৱৰ পৰিবৰ্তে জৈৱিক সাৰ বা জৈৱ দৰৱ ব্যৱহাৰ কৰিব লাগে।

(খ) ঘৰৰ পেলনীয়া বস্তু আৰু উদ্যোগৰ আবৰ্জনা আদি মাটিত জধে মধে নেপেলাই সেইবোৰ পুনঃব্যৱহাৰ কৰাৰ উপযোগী কৰিব লাগে।

(গ) বায়ু প্ৰদূষণৰ ফলত উৎপন্ন এছিড বৰষুণৰ বাবে যাতে মাটি প্রদূষিত নহয় তাৰ বাবে উদ্যোগসমূহৰ পৰা বিষাক্ত দ্রব্য যাতে বায়ুমণ্ডলত প্ৰভাৱ নেপেলায় তাৰ বাবে ব্যৱস্থা হাতত ল’ব লাগে।

মাটিৰ ক্ষয়ীভৱন ৰোধ কৰা বা মাটিৰ সংৰক্ষণৰ কিছুমান উপায় তলত উল্লেখ কৰা হ’ল –

(ক)বনানীকৰণঃ বনানীকৰণে মাটিৰ অৱক্ষয় ৰোধ কৰে, কাৰণ উদ্ভিদৰ শিপাই  যথাস্থানত মাটিক ধৰি ৰাখে।

(খ) আশ্রয় বেষ্টনীঃ খেতি পথাৰৰ চাৰিওফালে শাৰী শাৰীকৈ গছ ৰুই বতাহৰ গতিবেগ ৰোধ কৰি মাটিৰ ক্ষয়ীভৱন ৰোধ কৰিব পাৰি।

(গ) মাটিৰ আৱৰণঃ শস্যাৱৰ্তনৰ পিছত উন্মুক্ত মাটিডৰাত গছৰ শুকান পাত বা ঘাঁহ-বন জাপি দি মাটিৰ অৱক্ষয় ৰোধ কৰিব পাৰি।

(ঘ) অত্যধিক ভাৱে গৰু-মহ চৰোৱা বন্ধ: যিহেতু তৃণজাতীয় উদ্ভিদে মাটিক অধিক দৃঢ় ভাৱে বান্ধি ৰাখে, সেয়ে গৰু-মহৰ পৰা তৃণভূমিৰ অত্যধিক ভক্ষণ ৰোধ কৰিও মাটিক অৱক্ষয় হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি।

১৪। তলত দিয়া শব্দ শৃংখলটো উল্লেখিত ইংগিতৰ সহায়ত সমাধান কৰা।

থিয়কৈঃ

১।ডাঙৰ আৰু মিহি কণিকাৰ পৰিমাণ প্রায় সমান থকা মাটিৰ প্ৰকাৰটো 

৩।মাটিৰ আটাইতকৈ ওপৰৰ স্তৰটোৰ এটা বৈশিষ্ট্য।

৫। দোমোজা মাটিত বালি, বোকাৰ বাহিৰেও আনবিধ উপাদান।

পথালিকৈ :

২।মাটিত থকা পচা পদার্থ।

৪। কম পৰিমাণৰ হিউমাচ আৰু অধিক পৰিমাণৰ খনিজ পদার্থ থকা মাটিৰ তৰপটো 

৬। হিউমাচ আৰু যি কণিকাৰ মিশ্ৰণক মাটি বুলি কোৱা হয় সি

উত্তৰ: থিয়কৈ :

১। দোমোজা মাটি।

৩। কোমল

৫। পলস

পথালিকৈ : 

২। হিউমাছ

৪। মধ্য তৰপ 

৬। শিল

2 thoughts on “Niketan Class 7 Science Chapter 8 মাটি”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top