Niketan Class 7 Science Chapter 14 বৈদ্যুতিক প্রবাহ আৰু ইয়াৰ ক্ৰিয়া

Niketan Class 7 Science Chapter 14 বৈদ্যুতিক প্রবাহ আৰু ইয়াৰ ক্ৰিয়া is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Science Chapter 14 বৈদ্যুতিক প্রবাহ আৰু ইয়াৰ ক্ৰিয়া and select need one.

Niketan Class 7 Science Chapter 14 বৈদ্যুতিক প্রবাহ আৰু ইয়াৰ ক্ৰিয়া

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Science Chapter 14 বৈদ্যুতিক প্রবাহ আৰু ইয়াৰ ক্ৰিয়া Solutions for All Subjects, You can practice these here…

বৈদ্যুতিক প্রবাহ আৰু ইয়াৰ ক্ৰিয়া

Chapter – 14

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


A. জ্ঞানভিত্তিক প্রশ্ন

১। কোষ কি ?

উত্তৰঃ কোষ (বৈদ্যুতিক কোষ) হৈছে ৰাসায়নিক শক্তিক বিদ্যুৎ শক্তিলৈ পৰিবৰ্তন কৰা এবিধ সৰঞ্জাম।

২। বর্তনী চিত্র কি ?

উত্তৰঃ কোনো বর্তনীৰ মাজেদি প্রবাহ চালিত কৰা কাৰ্য চিত্ৰৰ সহায়ত প্ৰকাশ কৰিলে সেই চিত্ৰক বর্তনী চিত্র বোলা হয়।

৩। বৈদ্যুতিক প্রবাহৰ তাপীয় ক্রিয়া কি ?

উত্তৰঃ তাঁৰ এডালৰ মাজেৰে বিদ্যুৎ প্রবাহিত হ’লে তাঁৰডাল উত্তপ্ত হয়। ইয়াকে বিদ্যুৎ প্রবাহৰ তাপীয় ক্রিয়া বোলা হয়। অর্থাৎ ইয়েই হ’ল বিদ্যুৎ প্রবাহৰ তাপীয় ক্রিয়া।

৪। বৈদ্যুতিক প্রবাহৰ চুম্বকীয় ক্রিয়া কি ?

উত্তৰঃ তাঁৰৰ মাজেৰে বিদ্যুৎ প্রবাহিত হ’লে তাঁৰডালে এডাল চুম্বকৰ দৰে আচৰণ কৰে ৷ ইয়েই বিদ্যুৎ প্রবাহৰ চুম্বকীয় ক্ৰিয়া।

৫। বিদ্যুৎ চুম্বক কি ?

উত্তৰঃ লোহাৰ টুকুৰা এটাৰ ওপৰত অন্তৰিত তাঁৰ পকাই তাঁৰডালৰ মাজেৰে বিদ্যুৎ চালিত কৰিলেই এডাল বিদ্যুৎ চুম্বক হয়।

B. ক্রিয়াকলাপ সম্বন্ধীয় প্রশ্ন

১। তোমাৰ আচাৰ্য্যৰ সহায়ত “বিদ্যুৎ প্রবাহিত হলে যে তাপৰ উৎপত্তি হয়-এটা পৰীক্ষা কৰা । 

উত্তৰঃ এডাল মিহি পৰিবাহী তাঁৰৰ দুই মূৰৰ লগত এটা বেটাৰী সংযোগ কৰা হ’ল। হাতেৰে চুই চালে তাঁৰডাল গৰম হোৱা অনুভৱ কৰা হ’ব। বেছি সময়ৰ বাবে। বিদ্যুৎ প্রবাহ চালিত কৰিলে তাঁৰডালৰ উষ্ণতা বেছি হোৱা অনুভৱ কৰা যায়। ইয়াৰ দ্বাৰা এইটো প্রমাণ হয়যে বিদ্যুৎ প্রবাহিত হ’লে তাপৰ উৎপত্তি হয় ৷

২। আচাৰ্যৰ সহায়লৈ বিদ্যুৎ প্রবাহৰো যে চুম্বকত্ব আছে এটা পৰীক্ষাৰ সহায়ত প্ৰমাণ  কৰি দেখুওৱা ।

উত্তৰঃবিদ্যুৎ প্রবাহৰ যে চুম্বকত্ব আছে, তলত দিয়া পৰীক্ষাৰ সহায়ত প্ৰমাণ কৰা হ’ল –

পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সঁজুলিবোৰ হ’ল – এটা 10cm দীঘল লোৰ গজাল, 2 মিটাৰ তামৰ তাঁৰ, (অপৰিবাহী পদাৰ্থৰ প্ৰলেপ থকা বা সূতাৰ আৱৰণ থকা) কেইটামান আলপিন ৷

দীঘল গজালটোৰ ওপৰত মিহি তাঁৰডাল কুণ্ডলীৰ ধৰণে ঘনকৈ পকোৱা হ’ল। কুণ্ডলী সজা তাঁৰডালৰ দুই মূৰ এটা বেটেৰী আৰু ছাবিৰ সৈতে সংযোগ কৰি এটা বৰ্তনী প্ৰস্তুত কৰা হ’ল। গজালটো মেজৰ ওপৰত কিছু আলপিনৰ ওপৰত থিয়কৈ ৰখা হ’ল। তাৰ পিছত বৰ্তনীত প্রবাহ চালিত কৰাত গজালটোৱে আলপিনবোৰ আকৰ্ষণ কৰে অৰ্থাৎ গজালটোৱে চুম্বকত্ব হেৰুৱায়। কুণ্ডলীৰ প্ৰবাহ চলি থকালৈকে গজাল বা লোৰ দণ্ডদাল চুম্বক হৈ থাকে। প্রবাহ চালিত কুণ্ডলীৰ মাজত থোৱা আৰু চুম্বক হৈ পৰা লোৰ দণ্ডক বিদ্যুৎ চুম্বক বোলা হয়। বিদ্যুৎ চুম্বকৰ চুম্বক ক্ষেত্ৰৰ শক্তি (১) তাঁৰৰ কুণ্ডলীৰ পাকৰ সংখ্যা (২) প্রবাহিত বিদ্যুৎ শক্তিৰ ওপৰত নিৰ্ভৰ কৰে।

(৩) এডাল বিদ্যুৎ চুম্বক তৈয়াৰ কৰা।

উত্তৰঃ ২ নম্বৰ প্ৰশ্নৰ উত্তৰ চোৱা ৷

C. চমু উত্তৰ দিয়া :-

১। বিদ্যুৎ প্রবাহৰ দুটা ফল লিখা।

উত্তৰঃ বিদ্যুৎ প্রবাহৰ দুটা ফল  হ’ল –

(i) বিদ্যুৎ প্রবাহৰ ফলত তাপ উৎপন্ন হয়।

(ii) তাঁৰৰ মাজেৰে বিদ্যুৎ প্রবাহিত হ’লে ই এডাল চুম্বকৰ দৰে আচৰণ কৰে। অর্থাৎ বিদ্যুৎ প্রবাহৰ ফলত বিদ্যুৎ চুম্বক উৎপন্ন হয়।

২। এটা কম্পাচৰ ওচৰত পৰিবাহী তাঁৰেৰে বিদ্যুতসংযোগ কৰিলে।কাঁটাৰ বিক্ষেপণ হয় কিয় ?

উত্তৰঃ কোনো পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্রবাহ পঠিয়ালে বা পৰিবাহী তাঁৰেৰে বিদ্যুৎ সংযোগ কৰিলে ই চুম্বকৰ দৰে আচৰণ কৰে। পৰিবাহীডালৰ চাৰিওফালৰ অঞ্চলত চুম্বক শলা ৰাখিলে চুম্বক শলাডালৰ বা চুম্বক কাঁটাডালৰ ওপৰত বল প্রয়োগ হয়। সেইবাবে চুম্বক কাঁটাৰ বিক্ষেপণ হয়।

৩। বিদ্যুৎ প্রবাহৰ দ্বাৰা তাপ উৎপন্ন কৰি ব্যৱহাৰ কৰা দুবিধ বৈদ্যুতিক সঁজুলিৰ নাম লিখা।

উত্তৰঃবিদ্যুৎ প্রবাহৰ দ্বাৰা তাপ উৎপন্ন কৰি ব্যৱহাৰ কৰা দুবিধ বৈদ্যুতিক সঁজুলিৰ নাম হ’ল

(i) ইষ্ট্ৰি আৰু 

(ii) হিটাৰ

৪। বিদ্যুৎ চুম্বকৰ ক্ৰিয়া ফলৰ ওপৰত ভিত্তি কৰি সজা দুবিধ সঁজুলিৰ নাম লিখা।

উত্তৰঃবিদ্যুৎ চুম্বকৰ ক্ৰিয়া ফলৰ ওপৰত ভিত্তি কৰি সজা দুবিধ সঁজুলিৰ নাম হ’ল –

(i)   বৈদ্যুতিক ঘণ্টা আৰু 

(ii)  ইলেক্ট্রিক মটৰ।

৫। “ফিউজ”কি ?যি কোনো তাঁৰকেই ফিউজ হিচাপে সংযোগ কৰিব পাৰিনে ?

উত্তৰঃ “ফিউজ” এডাল মিহি তাঁৰ। বর্তনীত প্ৰবাহৰ মান নিৰাপদ সীমাতকৈ বেছি হ’লে এই তাঁৰডাল পুৰি গৈ বৰ্তনীক মূল প্রবাহৰ উৎসৰ পৰা বিচ্ছিন্ন কৰি দিয়ে ৷ যিকোনো তাঁৰকেই ফিউজ হিচাপে সংযোগ কৰিব নোৱাৰি। কিছুমান বিশেষ পদাৰ্থৰ দ্বাৰা ফিউজবোৰ তৈয়াৰ কৰা হয়। ইহঁত ততালিকে গলি ছিগি যায়।

৬। বিদ্যুৎ কোষ এটাত থকা তিনিটা প্রধান বস্তু কি কি ?

উত্তৰঃবিদ্যুৎ কোষ এটাত থকা তিনিটা প্রধান বস্তু হল –

(i) ধনাত্মকভাৱে আহিত দণ্ড,

(ii) এডাল ঋণাত্মক ভাৱে আহিত দণ্ড আৰু

(iii) এবিধ বিদ্যুৎ উত্তেজক তৰল।

৭। বৈদ্যুতিক বাল্বত ব্যৱহাৰ কৰাতাঁৰডাল অতি মিহি। ইয়াৰ কাৰণ কি ?

উত্তৰঃ বৈদ্যুতিক বাল্বত ব্যৱহাৰ কৰাতাঁৰডাল অতি মিহি কাৰণ এটা বৈদ্যুতিক বাল্বৰ ভিতৰত টাংষ্টেনৰ মিহি তাঁৰডাল ডগমগীয়া ৰঙা হৈ উঠে যেতিয়া ইয়াৰ মাজেদি বিদ্যুৎ প্রবাহিত হয় আৰু যেতিয়া বিজুলী বাটিৰ মাজেৰে বিদ্যুৎ সোঁত প্রবাহিত কৰা হয় ফিলামেন্টডাল উচ্চ উষ্ণতালৈ জ্বলি উঠে। এই উষ্ণতাৰ বাবে ফিলামেন্টডাল উত্তপ্ত হয় আৰু পোহৰ উৎপন্ন হয়। আনহাতে, মোটা তাঁৰ ব্যৱহাৰ কৰিলে কম গৰম হয় ফলত কম পোহৰ উৎপন্ন কৰে।

D. দীঘল প্রশ্ন                                        

 ১। তিনিটা বিদ্যুৎ কোষ একেলগে ব্যৱহাৰ কৰি বৰ্তনীত বেছি পৰিমাণৰ প্রবাহ পাবৰ কাৰণে কোষকেইটা কেনেদৰে সংযোগ কৰি বা চিত্ৰ আঁকি দেখুওৱা।

উত্তৰঃ তিনিটা বিদ্যুৎ কোষ একেলগে ব্যৱহাৰ কৰি বৰ্তনীত বেছি পৰিমাণৰ প্রবাহ পাবৰ বাবে কোষকেইটা শ্রেণীবদ্ধ সজ্জাত সংযোগ কৰা হৈছে।

চিত্রঃ তিনিটা বিদ্যুৎ কোষৰ শ্রেণীবদ্ধ সজ্জা

২। এডাল লোৰ টুকুৰা বা গজাল এটা কেনেকৈ বিদ্যুৎ চুম্বক কৰিব পাৰি তাৰ এটা বৰ্তনী চিত্র আঁকা ৷

উত্তৰঃ

৩। বিদ্যুৎ চুম্বক এডালৰ চুম্বকত্ব কেনেকৈ বঢ়াব পাৰি।

উত্তৰঃবিদ্যুৎ চুম্বক এডালৰ চুম্বকত্ব বঢ়াবলৈ –

(i) তাঁৰৰ কুণ্ডলীৰ পাকৰ সংখ্যা বৃদ্ধি কৰিব লাগে 

(ii) প্রবাহিত বিদ্যুত শক্তি বঢ়াব লাগে ৷

৪। একে দৈৰ্ঘৰ এডাল মিহি আৰু এডাল মোটা তাঁৰৰ দুয়োমূৰে একে বিভৱ ভেদ একে সময়ৰ বাবে প্ৰয়োগ কৰা হ’ল। কোনডাল তাঁৰত বেছি তাপ উৎপন্ন হ’ব। ইয়াৰ কাৰণ উল্লেখ কৰা।

উত্তৰঃ মিহি তাঁৰডালত বেছি তাপ উৎপন্ন হ’ব। কাৰণ কোনো বৈদ্যুতিক উপাদানৰ তাপ উৎপন্ন কৰিব পৰা ক্ষমতা উপাদানৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰে। মিহিতাঁৰৰ ঘনত্ব কম বাবে সোনকালে আৰু বেছি গৰম হয়।

E. খালী ঠাই পূৰণ কৰা :-

১। তিনিটা কোষ —— সংযোগ কৰিলে মুঠ বিভৱ ভেদ একেই থাকে।

উত্তৰঃসমান্তৰাল সজ্জাত।

২।একে সমান পৰিমাণৰ বিদ্যুৎ প্রবাহ চালিত হ’লে মিহি তাঁৰ এডালত মোটা তাঁৰ এডালতকৈ ——  তাপ সৃষ্টি হয়।

উত্তৰঃ বেছি।

৩।বিদ্যুত প্রবাহে পৰিবাহিত  ——- উৎপন্ন কৰে ৷

উত্তৰঃ তাপ

৪।ঘৰৰ বৈদ্যুতিক বর্তনীত এটা —— থাকে।

উত্তৰঃ ফিউজ।

৫। তিতা হাতেৰে কেতিয়াও ——- অন অফ কৰিব নালাগে।

উত্তৰঃ চুইছ।

F. সজাই লিখা :-

1. বিদ্যুৎ বৰ্তনীৰ চিত্ৰ এটা1. খোলা বর্তনী
2. MCB2. বিদ্যুৎ প্রবাহৰ তাপীয় ক্রিয়া
3. হিটাৰ3. বিদ্যুৎ প্রবাহৰ চুম্বকীয় ক্রিয়া
4. বিদ্যুৎ চুম্বক

উত্তৰঃ

1. বিদ্যুৎ বৰ্তনীৰ চিত্ৰ এটা4. বর্তনী চিত্র
2. MCB1. খোলা বর্তনী
3. হিটাৰ2. বিদ্যুৎ প্রবাহৰ তাপীয় ক্রিয়া
4. বিদ্যুৎ চুম্বক3. বিদ্যুৎ প্রবাহৰ চুম্বকীয় ক্রিয়া

1 thought on “Niketan Class 7 Science Chapter 14 বৈদ্যুতিক প্রবাহ আৰু ইয়াৰ ক্ৰিয়া”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top