Niketan Class 7 Science Chapter 12 উদ্ভিদৰ প্ৰজনন

Niketan Class 7 Science Chapter 12 উদ্ভিদৰ প্ৰজনন is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Science Chapter 12 উদ্ভিদৰ প্ৰজনন and select need one.

Niketan Class 7 Science Chapter 12 উদ্ভিদৰ প্ৰজনন

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Science Chapter 12 উদ্ভিদৰ প্ৰজনন Solutions for All Subjects, You can practice these here…

উদ্ভিদৰ প্ৰজনন

Chapter – 12

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


১। বাওঁফালৰ স্তম্ভৰ ( ক ) লগত সোঁফালৰ স্তম্ভ ( খ ) মিলাই সজোৱা :-

স্তম্ভ ( ক )স্তম্ভ ( খ )
(ক) বংশবৃদ্ধি প্রক্রিয়াটোকনিষেচন বোলে।
(খ) ফুলউদ্ভিদৰ বিভিন্ন অংগৰ পৰা হয় ৷
(গ) পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনকপৰাগধানীৰ ভিতৰত থাকে ৷
(ঘ) অংগজ প্রজননউদ্ভিদৰ প্ৰজনন অংগ।
(ঙ) পৰাগৰেণুগৰ্ভাশয়ৰ ভিতৰত থাকে।
(চ) ডিম্বকপ্রজনন বোলে।

উত্তৰঃ

স্তম্ভ ( ক )স্তম্ভ ( খ )
(ক) বংশবৃদ্ধি প্রক্রিয়াটোকপ্রজনন বোলে।
(খ) ফুলউদ্ভিদৰ প্ৰজনন অংগ।
(গ) পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনকনিষেচন বোলে।
(ঘ) অংগজ প্রজননউদ্ভিদৰ বিভিন্ন অংগৰ পৰা হয় ৷
(ঙ) পৰাগৰেণুপৰাগধানীৰ ভিতৰত থাকে ৷
(চ) ডিম্বকগৰ্ভাশয়ৰ ভিতৰত থাকে।

২। খালী ঠাই পূৰ কৰা :-

(ক) উদ্ভিদৰ ডাল, কাণ্ড, পাত, মুকুল আদি অংগৰ পৰা এজোপা নতুন উদ্ভিদৰ সৃষ্টি হোৱাকে —— বোলে।

উত্তৰঃ অংগজ প্রজনন।

(খ) এপাহ ফুলতে পুংস্তৱক আৰু স্ত্ৰীস্তৱক একেলগে থাকিলে এনেকুৱা ফুলক —- বোলে।

উত্তৰঃ উভয়লিংগী ফুল।

(গ) পুং আৰু স্ত্ৰীজনন কোষৰ মিলনক —– বোলে।

উত্তৰঃ নিষেচন।

(ঘ) পৰাগধানীৰ পৰা পৰাগৰেণু আহি গৰ্ভমুণ্ডত থিতাপি লোৱাকে —– বোলে।

উত্তৰঃ পৰাগযোগ।

৩। চমু উত্তৰ দিয়া:-

(ক) ফুল উদ্ভিদৰ কি অংগ ?

উত্তৰঃ ফুল উদ্ভিদৰ প্ৰজনন অংগ।

(খ) অংগজ প্রজনন কেনেকৈ হয় ?

উত্তৰঃ ফুল ফুলা অর্থাৎ সপুষ্পক উদ্ভিদ এজোপাৰ বিভিন্ন অংগ, যেনে- কাণ্ড, ডাল, পাত, মুকুল, শিপা এইবোৰ হৈছে উদ্ভিদৰ অংগজ অংশ। এই অংগসমূহ ঘাই উদ্ভিদৰ পৰা বিচ্ছিন্নহৈ নতুন এজোপা উদ্ভিদ সৃষ্টি হোৱাটোৱেই অংগজ প্রজনন।

(গ) ইষ্টৰ অংগজ প্রজননটোৰ নাম কি ?

উত্তৰঃ ইষ্টৰ অংগজ প্রজননটোৰ নাম  হ’ল “মুকুলোদ্‌গম” (Budding)।

(ঘ) স্ত্রী কেশৰডালৰ ওপৰৰ চেপেটা অংশটোক কি বুলি কোৱা হয় ?

উত্তৰঃস্ত্রী কেশৰডালৰ ওপৰৰ চেপেটা অংশটোক গর্ভমুণ্ড বা গর্ভপীঠ বুলি কোৱা হয়।

(ঙ) সহবাসী উদ্ভিদ কাক বোলে ?

উত্তৰঃ একলিংগ ফুলবোৰ একেজোপা গছতে থাকিলে তাক সহবাসী উদ্ভিদ বুলি কোৱা হয়।

(চ) ভিন্নবাসী উদ্ভিদ কাক বোলে ?

উত্তৰঃ একলিংগ ফুলবোৰ বেলেগ বেলেগ গছত থাকিলে তাক ভিন্নবাসী উদ্ভিদ বুলি জনা যায়।

(ছ) একলিংগ ফুল এপাহৰ উদাহৰণ দিয়া।

উত্তৰঃ অমিতা।

(জ) পূৰ্ণনৱাৰ বীজবোৰ আঠালেটীয়া কিয় হয়।

উত্তৰঃ পূৰ্ণনৱাৰ আঠালেটীয়া বীজবোৰে জীৱজস্তুৰ গাত লাগি ধৰি দূৰলৈ বিস্তাৰিত হয় আৰু এইধৰণেৰে বীজৰ বিস্তাৰ কৰে।

৪। উদ্ভিদ প্রজনন বুলিলে কি বুজা ? প্রজনন কেইপ্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ প্রত্যেক জীৱই নিজৰ বংশ বৃদ্ধি কৰাটো এটা প্রাকৃতিক নিয়ম। এই বংশ বৃদ্ধি প্ৰক্ৰিয়াটোৱেই প্ৰজনন।

প্রজনন  তিনি প্ৰকাৰৰ সেইবাৰ হ’ল –

(ক) অংগজ প্রজনন।

(খ) অযৌন প্রজনন।

(গ) যৌন প্রজনন।

৫। অংগজ প্রজনন বুলিলে কি বুজা বহলাই লিখা।

উত্তৰঃ সপুষ্পক উদ্ভিদ এজোপাৰ বিভিন্ন অংগ, যেনে- কাণ্ড, ডাল, পাত, মুকুল, শিপা আদি অংগজ অংগসমূহৰ পৰা নতুন এজোপা উদ্ভিদৰ সৃষ্টি হোৱাটোৱেই হ’ল অংগজ প্রজনন।

নেমু, ৰেংগন আদি কিছুমান উদ্ভিদৰ ডাল এটা মাটিৰ সংস্পৰ্শলৈ আনি মাটি জাপি পুতি ৰাখিলে কেইসপ্তাহমান পিছত পোত খাই থকা অংশৰ পৰা শিপা ওলায়। শিপাৰ সৈতে ডালটো কাটি নিকলে নতুন এজোপা উদ্ভিদৰ সৃষ্টি হয়। এয়া হৈছে জাপা কলম।

আলু, আদা, পিয়াঁজ, ওল আদি মাটিৰ তলত থকা কাণ্ডসমূহৰ গাত সৰু সৰু মুকুল থাকে আৰু এই মুকুল সমূহৰ পৰা নতুন একোজোপা উদ্ভিদৰ সৃষ্টি হয়।

সেইদৰে দুপৰ টেঙা আৰু বিগনিয়া আদিৰ পাতত থকা মুকুল, মিঠা আলু, জলিয়া, ভাতকেৰেলা, পটল আদিৰ মূলত থকা মুকুলৰ দ্বাৰা নতুন উদ্ভিদৰ সৃষ্টি হয়। বেক্টেৰিয়া, ইষ্ট আদি এককোষী উদ্ভিদ আৰু বহুকোষী সর্পিল শেলাই, মাটি শেলাই, মিউকৰ জাতীয় ভেঁকুৰ আদিৰ দেহবোৰ দ্বিবিভাজন বা বহুবিভাজন ঘটি প্রত্যেক খণ্ডই অপত্য উদ্ভিদ দেহৰ সৃষ্টি কৰে।

৬। উদ্ভিদৰ যৌন প্রজনন আৰু অযৌন প্রজনন বিষয়ে চমুকৈ লিখা।

উত্তৰঃ যৌন প্রজনন : যৌন প্রজননত পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনহৈ এটা যোজনকোষৰ সৃষ্টি কৰে। এই যোজন কোষটোৰ পৰাই বংশ বৃদ্ধি হয় ৷ সাধাৰণতে সপুষ্পক উদ্ভিদৰ ক্ষেত্ৰত যৌন প্ৰজননৰ দ্বাৰা বংশ বৃদ্ধি হয়। যৌন প্রজননত ফুল হৈছে উদ্ভিদৰ প্ৰজনন অংগ আৰু এই ফুলপাহৰ বিভিন্ন অংশ সমূহ প্ৰজনন কাৰ্যত ব্যৱহাৰ হয়। 

অযৌন প্রজনন:অযৌন প্রজননত ৰেণুৰ দ্বাৰা বংশ বৃদ্ধি হয়। অপুষ্পক উদ্ভিদৰ দেহৰ এটা বিশেষ অংগ থলী বা মোনালৈ ৰূপান্তৰ হয়। এই থলীৰ ভিতৰত কিছুমান এককৰ সৃষ্টি হয়। এই একক বিলাকক ৰেণু বোলা হয়। ৰেণু ধাৰণ কৰা থলীখনক ৰেণুস্থলী বা ৰেণুধানী বুলি কোৱা হয়। পূৰঠ হ’লে ৰেণুথলীখন ফাটি গৈ ৰেণুবোৰ সিঁচৰতি হয়। উপযুক্ত স্থানত ৰেণুবোৰ পৰিলে নতুন উদ্ভিদৰ সৃষ্টি হয়।

৭। এপাহ সম্পূর্ণ ফুল আঁকি প্রজনন অংগসমূহ চিহ্নিত কৰা।

উত্তৰঃ

৮। পৰাগযোগ বুলিলে কি বুজা ? ইতৰ পৰাগ যোগ আৰু স্বপৰাগযোগৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ পৰাগধানীৰ পৰা পৰাগৰেণু আহি থিতাপি লোৱাকে পৰাগযোগ বোলে। যদি পৰাগৰেণু একেপাহ ফুলৰে গৰ্ভমুণ্ডত পৰে তেতিয়া তাক স্বপৰাগযোগ বোলে ৷ 

আনহাতে, যেতিয়া এপাহ ফুলৰ পৰাগৰেণু একেজোপা উদ্ভিদৰ আন এপাহ ফুলৰ গৰ্ভমুণ্ডত পৰে বা আন এডাল একে উদ্ভিদৰ ফুলৰ গৰ্ভমুণ্ডত পৰে তেতিয়া তাক ইতৰ পৰাগযোগ কোৱা হয়।

৯। ফুলৰ নিষেচন প্ৰক্ৰিয়াটো চিত্রসহ বর্ণনা কৰা ৷ 

উত্তৰঃ পৰাগধানীৰ পৰা পৰাগৰেণুটো গৰ্ভমুণ্ডত পৰাৰ পিছত ই অংকুৰিত হৈ পৰাগনলীৰ সৃষ্টি কৰে ৷ পৰাগনলীডাল গৰ্ভমুণ্ড ভেদ কৰি গৰ্ভদণ্ডৰ মাজেৰে গৈ গৰ্ভাশয়ৰ ডিম্বকক স্পৰ্শ কৰে। পৰাগনলীত থকা পুংজনন কোষটো ডিম্বকত থকা স্ত্ৰীজনন কোষৰ লগত লগ হৈ 

১০। বীজৰ বিস্তাৰ কিয় হ’ব লাগে তাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ এজোপা গছৰ সকলো পূৰঠ বীজ তল সৰি যদি সেই ঠাইতে গজালি মেলে তেন্তে তাত সূৰ্যৰ পোহৰ, পানী, খনিজ লৱণ আৰু ঠাইৰ কাৰণে প্ৰৱল প্ৰতিযোগিতা হ’ব। ফলস্বৰূপে বীজবোৰৰ পৰা সুস্থ সবল উদ্ভিদ নগজিব বা গজালি মেলা পুলিবোৰ অলপ ডাঙৰ হ’লে খাদ্য, পানীৰ অভাৱত মৃত্যু মুখত পৰিব। ফলত উদ্ভিদজোপাৰ বংশ লোপ পাব ৷

বীজৰ বিস্তাৰণৰ দ্বাৰা উদ্ভিদ উপকৃত হয় আৰু বিস্তাৰণে উদ্ভিদ আৰু নিজৰ পুলিবোৰৰ মাজত সূৰ্যৰ পোহৰ, পানী আৰু খনিজ লৱণৰ বাবে হ’ব লগা প্রতিযোগিতাত বাধা দিয়ে। নতুন নতুন আৱাসস্থলীত গজি উঠি উদ্ভিদবিধৰ বহুল বিস্তাৰণত সহায় কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top