Niketan Class 6 Science Chapter 8 পদাৰ্থৰ ধৰ্ম, শ্রেণী বিভাজন আৰু পৰিৱৰ্তন

Niketan Class 6 Science Chapter 8 পদাৰ্থৰ ধৰ্ম, শ্রেণী বিভাজন আৰু পৰিৱৰ্তন is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Science Chapter 8 পদাৰ্থৰ ধৰ্ম, শ্রেণী বিভাজন আৰু পৰিৱৰ্তন and select need one.

Niketan Class 6 Science Chapter 8 পদাৰ্থৰ ধৰ্ম, শ্রেণী বিভাজন আৰু পৰিৱৰ্তন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class VI Science Chapter 8 পদাৰ্থৰ ধৰ্ম, শ্রেণী বিভাজন আৰু পৰিৱৰ্তন Solutions for All Subjects, You can practice these here.

পদাৰ্থৰ ধৰ্ম, শ্রেণী বিভাজন আৰু পৰিৱৰ্তন

Chapter – 8

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

১। পদার্থ কাক বোলে ?

উত্তৰঃ বস্তুৰ ক্ষুদ্ৰ অংশকে পদার্থ বোলে ৷

২। পদার্থসমূহক কি কি শ্ৰেণীত ভাগ কৰা হৈছে ?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

 উত্তৰ: পদাৰ্থসমূহক তিনিটা শ্ৰেণীত বিভক্ত কৰা হৈছে –

(i) গোটা বা কঠিন পার্থ

(ii) তৰল পদার্থ

(iii) গেছীয় পদার্থ।

৩। আয়তন কাক বোলে ?

উত্তৰ : পদার্থই যি খিনি ঠাই আগুৰি থাকে, তাকে আয়তন বোলে।

৪। কঠিন, তৰল আৰু গেছীয় পদাৰ্থৰ প্ৰত্যেকৰে দুটাকৈ বৈশিষ্ট্য লিখা ।

উত্তৰ : কঠিন পদাৰ্থৰ বৈশিষ্ট্য :

(i) কঠিন পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি আৰু আয়তন আছে।

(ii) কঠিন পদাৰ্থৰ ঘনত্ব বেছি। তৰল পদাৰ্থৰ বৈশিষ্ট্যঃ

(i) তৰল পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি নাই, য’ত ৰখা যায় সেই পাত্ৰৰ আকৃতি লয়।

(ii) তৰ্ল পদাৰ্থৰ ঘনত্ব কঠিন পদার্থতকৈ কম। গেছীয় পদাৰ্থৰ বৈশিষ্ট্যঃ

(i) গেছীয় পদাৰ্থৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন নাই। যি পাত্ৰত ৰখা হয় সেই পাত্ৰৰ আকাৰ আৰু আয়তন লয়।

(ii) গেছীয় পদাৰ্থৰ ঘনত্ব আটাইতকৈ কম।

৫। ভৰ কাক বোলে ? ভৰ আৰু ওজন একেনে ?

উত্তৰ : পদাৰ্থৰ পৰিমাণক ভৰ বোলা হয়। ভৰ আৰু ওজন একে নহয়। ভৰ হ’ল পদাৰ্থৰ পৰিমাণ আনহাতে ওজন হ’ল মাধ্যকৰ্ষণিক বলৰ পৰিমাণ ।

৬। মাধ্যাকর্ষণিক বল কাক বোলে ?

উত্তৰঃ সকলো বস্তুকে পৃথিৱীয়ে নিজৰ ফালে টানি থাকে। এই বলটোক মাধ্যাকর্ষণিক বল বোলে।

৭। খালী ঠাই পূৰ কৰাঃ

(ক) পদাৰ্থৰ পৰিমাণক —– বোলা হয় ৷

উত্তৰঃ ভৰ

(খ) তলৰ ঘনত্ব কঠিন পদাৰ্থৰ ঘনত্বতকৈ ——।

উত্তৰঃ কম

(গ) গেছীয় পদাৰ্থবোৰ ——।

উত্তৰঃ পাতল

(ঘ) গেচীয় পদাৰ্থৰ পৰিৱৰ্তন ঘটে —— কমালেহে।

উত্তৰঃ তাপ

৮। ভৰ, ঘনত্বৰ আৰু আয়তনৰ সম্পৰ্ক কি ?

উত্তৰ: ঘনত্ব = ভৰ / আয়তন

ভৰ বাঢ়িলে ঘনত্বও বাঢ়ে, আনহাতে আয়তন বাঢ়িলে ঘনত্ব কমে।

অতিৰিক্ত প্রশ্নোত্তৰ

১। পদাৰ্থৰ ওজন কিহৰ ওপৰত নিৰ্ভৰ কৰে ?

উত্তৰ: পদাৰ্থৰ ওজন ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰে।

২। পদাৰ্থৰ অৱস্থাৰ কেনেকৈ পৰিৱৰ্তন হয় বর্ণনা কৰা।

উত্তৰঃ কঠিন পদাৰ্থ তাপ পালে প্রথমে জুলীয়া আৰু পিছত গেছীয় অৱস্থালৈ ৰূপান্তৰ ঘটে। বৰফ এটুকুৰা কিছু সময় পিছত পানীলৈ ৰূপান্তৰ হয়। বৰফ টুকুৰাই সূৰ্যৰ তাপ গ্ৰহণ কৰি পানীলৈ ৰূপান্তৰিত হয় অর্থাৎ তাপ প্রয়োগ কৰি কঠিন পদার্থক জুলীয়া বা তৰল অৱস্থালৈ নিব পাৰি। আকৌ পানীক তাপ দিলে ভাপ হৈ উৰি যায় অর্থাৎ গেছীয় অৱস্থালৈ ৰূপান্তৰ ঘটে।

৩। গেছীয় পদার্থ তৰল লৈ ৰূপান্তৰ কৰিলে আয়তন কমি যায় কিয় ?

উত্তৰঃ গেছীয় পদাৰ্থৰ অণুবোৰৰ মাজৰ ব্যৱধান অতি বেছি। তাপ কমিলে গেছীয় পদাৰ্থৰ অণুবোৰ ওচৰ চাপি আহে, ফলত আয়তন কিছু পৰিমাণে হ্রাস পায়।

৪। পানী কিমান উষ্ণতাত বৰফ হয় আৰু কিমান উষ্ণতাত ভাপ হয়।

উত্তৰ : পানী শূন্য ডিগ্ৰী ছেণ্টিগ্রেড উষ্ণতাত বৰফ হয় আৰু এশ ডিগ্ৰী ছেণ্টিগ্রেড উষ্ণতাত ভাপ হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top