Niketan Class 6 Science Chapter 6 গতি আৰু দূৰত্বৰ জোখ মাপ

Niketan Class 6 Science Chapter 6 গতি আৰু দূৰত্বৰ জোখ মাপ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Science and select need one.

Niketan Class 6 Science Chapter 6 গতি আৰু দূৰত্বৰ জোখ মাপ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class VI Science Chapter 6 গতি আৰু দূৰত্বৰ জোখ মাপ Solutions for All Subjects, You can practice these here.

গতি আৰু দূৰত্বৰ জোখ মাপ

Chapter – 6

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

১। মৰুভূমি, বৰফ, জল, স্থল আৰু আকাশী পথেৰে চলা এখনকৈ বাহনৰ নাম লিখা।

উত্তৰঃ মৰুভূমিত চলা বাহন -উট

বৰফত চলা বাহন – শ্লেজ গাড়ী

জলত চলা বাহন – নাও

স্থলত চলা বাহন – মটৰ গাড়ী

আকাশী পথেৰে চলা বাহন – উৰাজাহাজ

২। প্রাচীন কালত কি কি জীৱ-জন্তুক পৰিবহনৰ বাবে ব্যৱহাৰ কৰিছিল লিখা ।

উত্তৰঃ গৰু, ঘোঁৰা, গাধ, হাতী আদি জীৱ জন্তুক প্রাচীন কালত পৰিবহনৰ বাবে ব্যৱহাৰ কৰিছিল।

৩। জোখ-মাপ মানে কি ?

উত্তৰঃ জোখ মাপ মানে কোনো এটা নজনা ৰাশিৰ সৈতে কিছুমান জনা ৰাশিৰ তুলনা কৰা। জনা নির্দিষ্ট ৰাশিক একক বোলে ৷

৪। জোখৰ বাবে প্ৰমাণ এককৰ কিয় দৰকাৰ ?

উত্তৰ : প্রাচীন কালত মানুহে হাত, ভৰি আদি জোখৰ একক হিচাপে ব্যৱহাৰ কৰিছিল। কিন্তু দেখা যায় যে, প্রত্যেকৰে হাত বা ভৰিৰ জোখ একে নহয়। সেয়েহে জোখৰ বাবে কিছুমান প্রমাণ এককৰ প্ৰয়োজন ৷

৫।তোমাৰ ঘৰৰ পৰা বিদ্যালয়লৈ দূৰত্ব 2500 মিটাৰ। এই দূৰত্বক কিল’মিটাৰলৈ প্ৰকাশ কৰা ৷

উত্তৰ: আমি জানো যে , 1 কিল’ মিটাৰ = 1000 মি.

দূৰত্ব =   25001000 কি.মি.

=   2510 কি.মি.

= 2.5 কি.মি.

৬। আন্তর্জাতিক একক পদ্ধতি কাক বোলে ?

উত্তৰ: সুষম জোখ-মাপৰ সুবিধার্থে বিজ্ঞানী সকলে জোখ মাপৰ প্ৰমাণ একক এটা গ্ৰহণ কৰিছে। বর্তমান ব্যৱহাৰ হোৱা জোখ-মাপৰ একক পদ্ধতিটোক আন্তর্জাতিক একক পদ্ধতি বোলে ৷

৭।খালী ঠাই পূৰ কৰাঃ

(ক) ——- শতিকাৰ প্ৰাৰম্ভত উৰাজাহাজৰ বিকাশ ঘটে।

উত্তৰ : ১৯০০ ।

(খ) জোখ মাপসমূহ —— অংশত প্ৰকাশ কৰা হয়।

উত্তৰ : দুটা ।

(গ) ক্ষেত্রফল = —– x প্রস্থ।

উত্তৰ : দৈর্ঘ্য ।

(ঘ) —– শব্দটো আহিছে মিটাৰৰ পৰা

উত্তৰ : মেট্রিক ।

(ঙ) ——- একক পদ্ধতিৰ দৈৰ্ঘৰ একক হৈছে মিটাৰ।

উত্তৰ : আন্তর্জাতিক  ।

অতিৰিক্ত প্রশ্নোত্তৰ

১। পুৰণি কালৰ পৰিৱহণ ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ : পুৰণি কালত মানুহৰ পৰিবহণৰ কোনো বিশেষ ব্যবস্থা নাছিল। মানুহে খোজ কাঢ়িয়ে এঠাইৰ পৰা আন ঠাইলৈ অহা-যোৱা কৰিছিল। জল পথেৰে চলাচল কৰিবৰ বাবে নাও ব্যৱহাৰ কৰিছিল। পানীত থকা প্ৰাণীৰ আকৃতি অনুসৰণ কৰি মানুহে কাঠৰ টুকুৰা লগ লগাই নাৱৰ আকৃতি দিছিল। পৰৱৰ্তী সময়ত চকাৰ উদ্ভাৱণে পৰিবহণৰ ক্ষেত্ৰত অভিনৱ পৰিৱৰ্তন আনিলে। হেজাৰ হেজাৰ বছৰ ধৰি চকাৰ আৰ্হিৰ উন্নতিৰ লগে লগে বিভিন্ন প্ৰকাৰৰ যান-বাহনৰ আৱিস্কাৰ হ’ল। ঊনৈশ শতিকাৰ আগলৈ মানুহে জীৱ জন্তুৰ দ্বাৰা চকাৰ সহায়ত চলা গাড়ী ব্যৱহাৰ কৰিছিল। ভাপ ইঞ্জিনৰ উদ্ভাৱনৰ পিছত ৰেলৰ ডবা চলাই নিবলৈ ৰেল পথ নিৰ্মাণ কৰা হয়।

২। জোখ-মাপ কেইটা অংশত প্রকাশ করা হয় ? অংশ কেইটা কি কি উদাহৰণ সহ বুজাই লিখা।

উত্তৰঃ জোখ-মাপ সমূহ দুটা অংশত প্ৰকাশ কৰা হয়। এটা হৈছে সংখ্যা আৰু আনটো হৈছে জোখ-মাপৰ একক। উদাহৰণ স্বৰূপে, ধৰা হ’ল, কোঠা এটাৰ দৈৰ্ঘ্য ভৰিৰ পতাৰে লোৱাত ১০ হয়, তেন্তে ১০ হ’ল সংখ্যাগত অংশ আৰু ভৰিৰ পতাৰ দৈৰ্ঘ্য হৈছে একক অংশ।

৩ । এহাত দৈর্ঘ্য মানে কি ?

উত্তৰঃ হাতৰ কিলা কুটিৰ পৰা আঙুলিৰ মূৰলৈ থকা দৈৰ্ঘ্যক এহাত দৈর্ঘ্য বুলি কোৱা হয়।

৪। মেট্রিক পদ্ধতি কাক বোলে ?

উত্তৰঃ ১৭৯০ চনত ফৰাচী সকলে জোখ মাপৰ এক প্ৰমাণ একক প্রবর্তন কৰে। ইয়াকে মেট্রিক পদ্ধতি বোলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top