Niketan Class 6 Science Chapter 7 পোহৰ আৰু পোহৰৰ প্ৰতিফলন

Niketan Class 6 Science Chapter 7 পোহৰ আৰু পোহৰৰ প্ৰতিফলন is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Science Chapter 7 পোহৰ আৰু পোহৰৰ প্ৰতিফলন and select need one.

Niketan Class 6 Science Chapter 7 পোহৰ আৰু পোহৰৰ প্ৰতিফলন

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class VI Science Chapter 7 পোহৰ আৰু পোহৰৰ প্ৰতিফলন Solutions for All Subjects, You can practice these here.

পোহৰ আৰু পোহৰৰ প্ৰতিফলন

Chapter – 7

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

১। আমি বস্তু এটা কেতিয়া দেখা পাওঁ ?

উত্তৰ : কোনো বস্তুৰ পৰা পোহৰ আহি আমাৰ চকুত সোমালে আমি বস্তু বিধ দেখা পাওঁ ৷

২। ফট’ন কাক বোলে ?

উত্তৰঃ পোহৰ ৰশ্মিবোৰ কিছুমান কণিকাৰ সমষ্টি। পোহৰৰ কণিকাবোৰক ফট’ন বোলে।

৩। পোহৰ ৰশ্মি কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ পোহৰ ৰশ্মি তিনি প্ৰকাৰৰ।প্ৰকাৰ কেইটা হ’ল –

(i) সমান্তৰল পোহৰ ৰশ্মি।

(ii) অভিসাৰী পোহৰ ৰশ্মি।

(iii) অপসাৰী পোহৰ ৰশ্মি।

৪। আলোক বিজ্ঞান কাক বোলে ? ই কেই প্ৰকাৰৰ আৰু কি কি ? 

উত্তৰ: পদার্থ বিজ্ঞানৰ যিটো ভাগত পোহৰৰ বিষয়ে অধ্যয়ন কৰা হয়,তাকে আলোক বিজ্ঞান বোলে। আলোক বিজ্ঞান দুই প্ৰকাৰৰ।

(i) ভৌতিক আলোক বিজ্ঞান

(ii) জ্যামিতিক আলোক বিজ্ঞান।

৫। সুষম প্রতিফলন কাক বোলে ? উদাহৰণ দিয়া।

উত্তৰ: পোহৰৰ ৰশ্মিৰ সুষম পৃষ্ঠৰ পৰা প্ৰতিফলন ঘটিলে, তাক সুষম প্রতিফলন বোলে। উদাহৰণ স্বৰূপে, সমতল দাপোনৰ পৰা ঘটা প্রতিফলন হ’ল সুষম প্রতিফলন।

৬। দাপোন কাক বোলে ?

উত্তৰঃ যিবিলাক পৃষ্ঠত পোহৰ পৰিলে পোহৰৰ শোষণ আৰু যেনি তেনি অগ্ৰসৰ হোৱাৰ সলনি এটা দিশত প্রতিফলিত হয়, তাক দাপোন বোলে।

৭। প্রতিবিম্ব কাক বোলে ? 

উত্তৰঃ পোহৰ ৰশ্মিৰ প্ৰতিফলনৰ ফলত দাপোনত সৃষ্টি হোৱা প্ৰতিচ্ছবিক প্রতিবিম্ব বোলে। 

৮। প্রতিবিম্ব কেই প্রকাৰৰ আৰু কি কি ?

উত্তৰঃ প্রতিবিম্ব দুই প্ৰকাৰৰ –

(i)অসৎ প্রতিবিম্ব

(ii)সৎ প্রতিবিম্ব।

৯। পার্শ্বীয় বিলোমন কি ?

উত্তৰঃ সমতল দাপোনত সৃষ্টি হোৱা প্ৰতিবিম্ববোৰ থিয় কিন্তু পার্শ্বীয়ভাৱে ওলোটা। অর্থাৎ লক্ষ্য বস্তুৰ সোঁফাল, প্রতিবিম্বৰ বাওঁফাল যেন লাগে, ঠিক তেনেদৰে লক্ষ্য বস্তুৰ বাওঁফাল, প্রতিবিম্বৰ সোঁফাল যেন লাগে। ইয়াকে পার্শ্বীয় বিলম্বন বা পার্শ্বীয় বিলোমন বোলে।

১০। দুখন সমতল দাপোনৰ মাজৰ কোণ 30° হলে, গঠন হোৱা প্ৰতিবিম্বৰ সংখ্যা নির্ণয় কৰা

১১৷ পোহৰৰ প্ৰতিফলনৰ নিয়ম দুটা কি কি ? 

উত্তৰ : পোহৰৰ প্ৰতিফলনৰ নিয়ম দুটা হ’ল –

(i) আপতিত ৰশ্মি, প্রতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব সদায় একে সমতলত থাকে।

(ii) আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান।

১২। সমতল দাপোনত সৃষ্টি হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্য সমূহ লিখা।

উত্তৰঃসমতল দাপোনত সৃষ্টি হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্যবোৰ হ’ল –

(i) দাপোণৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সমান হয়। সেয়েহে লক্ষ্য বস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ সমান হয়।

(ii) প্রতিবিম্বৰ পাৰ্শ্বীয় বিলম্বন ঘটে।

(iii) লক্ষ্য বস্তু একে স্থানত ৰাখি সমতল দাপোন এখন কোনো কোণত ঘূৰালে প্রতিবিম্ব তাৰ দুগুণ মাপৰ কোণত ঘূৰে ৷

(iv) লক্ষ্য বস্তুৰ সম্পূৰ্ণ প্রতিবিম্ব দেখিবলৈ হ’লে সমতল দাপোনৰ ন্যূনতম উচ্চতা হ’ব লাগে লক্ষ্য বস্তুৰ উচ্চতাৰ আধা ।

১৩। খালী ঠাই পূৰ কৰা :

(ক) পোহৰ এবিধ ——।

উত্তৰঃ শক্তি

(খ) আপতন কোণ আৰু —— কোণ সদায় সমান।

উত্তৰঃ প্ৰতিফলন

(গ) —— বাবেই দাপোনৰ প্রতিবিম্ব গঠন হয়।

উত্তৰঃ প্ৰতিফলনৰ 

(ঘ) —— প্রতিবিম্বক পৰ্দাত ধৰা পেলাব পাৰি।

উত্তৰঃ সৎ

(ঙ) প্রতিবিম্বৰ সংখ্যা =———- 1

অতিৰিক্ত প্রশ্নোত্তৰ

১। পোহৰৰ উৎস কাক বোলে ? উৎস কেই প্ৰকাৰৰ ? প্রত্যেকৰে দুটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ যিবিলাক বস্তুৰ পৰা আমি পোহৰ পাওঁ, তাক পোহৰৰ উৎস বোলে। পোহৰৰ উৎস দুই প্রকাৰৰ –

(i) প্রাকৃতিক উৎস। যেনেঃসূর্য, জোনাকী পৰুৱা

(ii) কৃত্রিম উৎস।যেনেঃবৈদ্যুতিক বাল্ব, মমবাটি।

২। চিত্রসহ সূত্র লিখা।

(ক) সমান্তৰাল ৰশ্মি 

(খ) অভিসাৰী ৰশ্মি 

(গ) অপসাৰী ৰশ্মি।

উত্তৰ: (ক) সমান্তৰাল ৰশ্মি: যিবোৰ পোহৰৰ ৰশ্মিৰ ব্যৱধান সকলো অংশতে সমান, তেনে ৰশ্মিবোৰক সমান্তৰাল ৰশ্মি বোলা হয়।

(খ) অভিসাৰী ৰশ্মি: যিবোৰ পোহৰ ৰশ্মি ক্ৰমাৎ ওচৰ চাপি এট৷ নির্দ্দিষ্ট বিন্দু অভিমুখে অগ্ৰসৰ হয়; তাক অভিসাৰী ৰশ্মি বোলে।

(গ) অপসাৰী ৰশ্মিঃ পোহৰ ৰশ্মিবোৰ এটাৰ বা আনটো ক্ৰমাৎ আঁতৰি গ’লে বা এটা উৎসৰ পৰা অহা ৰশ্মিবোৰ ক্ৰমে ক্ৰমে প্ৰসাৰিত হৈ আহিলে, তেনে ৰশ্মিপুঞ্জক অপসাৰী পোহৰ ৰশ্মি বোলে।

৩। স্বচ্ছ মাধ্যম আৰু অস্বচ্ছ মাধ্যম কাক বোলে ?

উত্তৰঃ স্বচ্ছ মাধ্যম :যিবোৰ মাধ্যমৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে, তাক স্বচ্ছ মাধ্যম বোলে। যেনেঃবায়ু, কাঁচ।

অস্বচ্ছ মাধ্যমঃযিবোৰ মাধ্যমৰ মাজেৰে পোহৰ পাৰ হৈ যাব নোৱাৰে, তাকে অস্বচ্ছ মাধ্যম বোলে । যেনে মাটি, লো, টিন।

৪। ইষৎ স্বচ্ছ মাধ্যম কাক ?

উত্তৰঃ সামান্য পৰিমাণৰ পোহৰ পাৰ হ’ব পৰা মাধ্যমক ইষৎ স্বচ্ছ মাধ্যম বোলে। যেনেঃতেল সনা কাগজ ।

৫। প্রতিফলন কাক বোলে ? প্রতিফলক কি ?

উত্তৰঃ কোনো উৎসৰ পৰা নিৰ্গত পোহৰ ৰশ্মি এক স্বচ্ছ মাধ্যমৰ মাজেৰে আপতিত হৈ অন্য এক মাধ্যমত ঠেকা খাই পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱা পৰিঘটনাটোক পোহৰৰ প্ৰতিফলন বোলে।

যিহে পোহৰ ৰশ্মি প্রতিফলিত কৰে, তাক প্ৰতিফলক বোলে।

৬। আপতিত ৰশ্মি, প্রতিফলিত ৰশ্মি, আপতন বিন্দু, অভিলম্ব, আপতন কোণ, প্রতিফলন কোণ আদি কাক বোলে ? চিত্রসহ বৰ্ণনা কৰা।

উত্তৰ:

SO  → আপতিত ৰশ্মি

ON → অভিলম্ব

OR → প্রতিফলিত ৰশ্মি

O   → আপতন বিন্দু

আপতিত ৰশ্মি: উৎসৰ পৰা আহি কোনো প্রতিফলকত ঠেকা খোৱা ৰশ্মিটোক আপতিত ৰশ্মি বোলে।

আপতন বিন্দু : প্রতিফলকৰ যিটো বিন্দুত পোহৰ ৰশ্মিটো ঠেকা খায়, তাক আপতন বিন্দু বোলে।

প্রতিফলিত ৰশ্মিঃ আপতন বিন্দুৰ পৰা পূৰ্বৰ মাধ্যমলৈ উভতি যোৱা ৰশ্মিটোক প্রতিফলিত ৰশ্মি বোলা হয়।

অভিলম্বঃ আপতন বিন্দুত অংকন কৰা লম্বডালকে অভিলম্ব বোলা হয়।

আপতন কোণঃ আপতিত ৰশ্মি আৰু অভিলম্বৰ মাজৰ কোণটোক আপতন কোণ বোলে।

প্রতিফলন কোণঃ অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মিৰ মাজৰ কোণটোক প্রতিফলন কোণ বোলে।

৭। বিষম প্রতিফলন কাক বোলে ? উদাহৰণ দিয়া।

উত্তৰঃ বক্র পৃষ্ঠৰ পৰা হোৱা প্ৰতিফলনক বিষম প্রতিফলন বোলে। উদাহৰণ স্বৰূপে ঘৰৰ মুধচত থকা টিন পাতৰ পৰা ঘটা প্রতিফলন।

৮। সমতল দাপোনত গঠন হোৱা প্ৰতিবিম্বৰ চিত্ৰসহ বর্ণনা কৰা।

উত্তৰ:

ধৰা হ’ল, MM/এখন সমতল দাপোণ। P হ’ল এটা বিন্দু সম পোহাৰ উৎস।ইয়াৰ পৰা নিৰ্গত PO আৰু PO/ ৰশ্মি দুটা OR আৰু O/R/ ৰে প্রতিফলিত হৈছে।RR/ হ’ল চকুৰ অৱস্থান ORআৰু O/R/  ৰ বৰ্দ্ধিত অংশ লগ লগা P/ ৰশ্মিবোৰ যোৱা যেন লাগে। এই P/ য়েই হ’ল P ৰ অসৎ প্রতিবিম্ব।

৯। দুখন সমতল দাপোন সমান্তৰাল ভাৱে ৰাখিলে কিমান সংখ্যক প্রতিবিম্ব সৃষ্টি হ’ব ?

উত্তৰ: দুখন সমতল দাপোন সমান্তৰালভাৱে ৰাখিলে অসংখ্য প্রতিবিম্ব গঠন হ’ব। অৱশ্যে আঁতৰৰ প্ৰতিবিম্ববোৰ ক্ৰমান্বয়ে অনুজ্জ্বল হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top