⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Niketan Class 6 Science Chapter 1 জীৱ আৰু ইয়াৰ বৈশিষ্ট্য

Niketan Class 6 Science Chapter 1 জীৱ আৰু ইয়াৰ বৈশিষ্ট্য is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Science Chapter 1 জীৱ আৰু ইয়াৰ বৈশিষ্ট্য and select need one.

Niketan Class 6 Science Chapter 1 জীৱ আৰু ইয়াৰ বৈশিষ্ট্য

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Science Chapter 1 জীৱ আৰু ইয়াৰ বৈশিষ্ট্য Solutions for All Subjects, You can practice these here.

জীৱ আৰু ইয়াৰ বৈশিষ্ট্য

Chapter – 1

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

১। জীৱদেহ গঠনৰ একক কি?

উত্তৰ: জীৱদেহ গঠনৰ একক হ’ল কোষ।

২। এককোষী জীৱ কি ?

উত্তৰঃ কিছুমান অতি ক্ষুদ্র জীৱৰ দেহ মাত্ৰ এটা কোষেৰে গঠিত। তেনেবো জীৱক এককোষী জীৱ বোলে। যেনেঃ এমিবা, ইষ্ট আদি |

৩। দুটা এককোষী জীৱৰ উদাহৰণ দিয়া ৷

উত্তৰঃ দুটা এককোষী জীৱ হ’ল – এমিবা, প্লাজম ডিয়াম।

৪। জীৱ আৰু জড় বস্তুৰ দুটা পার্থক্য লিখা।

উত্তৰ: জীৱ আৰু জড় বস্তুৰ দুটা পার্থক্য হ’ল –

জীৱজড়
(i)   জীৱই খাদ্য গ্রহণ কৰে।(i)   জড়ই খাদ্য গ্রহণ নকৰে ৷
(ii)   সকলো জীৱৰে জন্ম আৰু মৃত্যু হয়।(ii)   জড় বস্তুৱে জন্ম, বৃদ্ধি, মৃত্যু আদি নেদেখুৱাই।

৫। তলৰ তালিকাৰ কোন বিলাক জড় ?

চকী, ৰবৰ, কলম, গছ, হাতী,মকৰা, , শিলগুটি, চকমাটি।

উত্তৰঃ জড় বোৰ হ’ল:- চকী, ৰবৰ, কলম,শিলগুটি, চকমাটি ।

৬। জীৱৰ সাধাৰণ বৈশিষ্ট্য সমূহ তালিকাভুক্ত কৰা ৷

উত্তৰঃ জীৱৰ সাধাৰণ বৈশিষ্ট্যবোৰ হ’ল –

  (i) সকলো জীৱৰ দেহ ক্ষুদ্র ক্ষুদ্ৰ কোষেৰে গঠিত।

(ii)  সকলো জীৱৰ নিজা নিজা আকৃতি আছে।

(iii)  সকলো জীৱৰে জন্ম হয়, ডাঙৰ হয়, প্রজননক্ষম হয়, বৃদ্ধ হয় আৰু শেষত মৃত্যু হয়। ইয়াকৈ জীৱন চক্ৰ বোলে।

(iv)  সকলো জীৱৰে বৃদ্ধি আৰু বিকাশ হয়।

(v) সকলো জীৱই খাদ্য গ্রহণ কৰে। উদ্ভিদে নিজৰ খাদ্য নিজে তৈয়াৰ কৰে আৰু অন্য প্রাণীয়ে এই খাদ্য গ্রহণ কৰে।

(vi)  সকলো জীৱই উশাহ-নিশাহ লয়।

(vii) সকলো জীৱ সংবেদনশীল।

(viii)  সকলো জীৱৰে চলন আছে।

(ix)  সকলো জীৱই দেহৰ ভিতৰত উৎপন্ন হোৱা অতিৰিক্ত বা অলাগতীয়াল আৰু ক্ষতিকাৰক পদার্থসমূহ দেহৰ পৰা উলিয়াই দিয়ে। এই প্ৰক্ৰিয়াটোক ৰেচন প্ৰক্ৰিয়া বোলে।

(x)  সকলো জীৱই বংশ বৃদ্ধি কৰে।

৭। তলৰ কোনবোৰ জড় বস্তু এটা সময়ত জীৱৰ অংশ আছিল ?

 চামৰাৰ বেগ, ৰবৰ, চকমাটি, কলম, কাগজ, মেজ, শিলগুটি, কপাহী কাপোৰ।

উত্তৰঃ চামৰাৰ বেগ, মেজ, ৰবৰ, কাগজ, কপাহী কাপোৰ।

৮। সকলো জীৱই উশাহ-নিশাহত কি কি গেছ ব্যৱহাৰ কৰে ? 

উত্তৰ : উদ্ভিদকে ধৰি সকলো জীৱই উশাহত অক্সিজেন গেছ ব্যৱহাৰ কৰে আৰু নিশাহত কার্বন-ডাই-অক্সাইড গেছ এৰি দিয়ে।

অতিৰিক্ত প্রশ্নোত্তৰ

১। জড় বস্তু কাক বোলে ? উদাহৰণ দিয়া ।

উত্তৰ: যিবোৰ বস্তুৰ নিজা চেতনা নাই অর্থাৎ জীৱহীন। তেনেবোৰ বস্তুক জড় বস্তু বোলে। যেনে – মাটি, পানী, শিল, কিতাপ আদি।

২। গ্ৰহণী আৰু মেলেৰিয়া বেমাৰৰ বীজাণুৰ নাম লিখা।

 উত্তৰঃ গ্ৰহণী বেমাৰৰ বীজাণু হ’ল- এণ্টামিবা আৰু মেলেৰিয়া বেমাৰৰ বীজাণু হ’ল প্লাজম’ডিয়াম।

 ৩। বহুকোষী জীৱ কাক বোলে ?

উত্তৰঃ আমি খালী চকুৰে সচৰাচৰ দেখি থকা সকলো জীৱৰে দেহ কোটি কোটি কোষেৰে গঠিত। এনে জীৱবোৰক বহুকোষী জীৱ বোলে। যেনে গছ-গছনি, জীৱ-জন্তু আদি। 

৪। জীৱন চক্ৰ কাক বোলে ?

উত্তৰঃ সকলো জীৱৰে জন্ম হয়, ডাঙৰ হয়, প্রজননক্ষম হয়, বৃদ্ধ হয় আৰু শেষত মৃত্যু হয়। ইয়াকে জীৱৰ জীৱন চক্ৰ বোলে।

৫। জীৱৰ বৃদ্ধি আৰু বিকাশ বুলিলে কি বুজা ? 

উত্তৰ : জীৱই সৰুৰ পৰা বাঢ়ি ডাঙৰ হোৱা প্ৰক্ৰিয়াটোক জীৱ দেহৰ বৃদ্ধি বোলে ৷ জীৱৰ বৃদ্ধি এক আভ্যন্তৰিণ প্ৰক্ৰিয়া।

আনহাতে জীৱই সৰল অৱস্থাৰ পৰা আৰম্ভ কৰি জীৱণৰ প্ৰাথমিক পৰ্য্যায়ত নতুন নতুন অংগ প্ৰত্যংগ সৃষ্টি কৰি পূৰ্ণাংগ অৱস্থা লাভ কৰে। এই প্ৰক্ৰিয়াটোক জীৱৰ বিকাশ বোলে ৷

৬। উদ্ভিদে কেনেদৰে খাদ্য গ্ৰহণ কৰে ?

উত্তৰ: উদ্ভিদে নিজৰ খাদ্য নিজে তৈয়াৰ কৰি লয়। উদ্ভিদৰ পাতত থকা পত্ৰহৰিৎ নামৰ ৰাসায়নিক পদার্থ বিধৰ উপস্থিতিত সূৰ্য্যৰ পোহৰত পানী আৰু কাৰ্বন-ডাই-অক্সাইডৰ মাজত বিক্রিয়া ঘটি শ্বেতসাৰ জাতীয় খাদ্য উৎপন্ন কৰি নিজে গ্ৰহণ কৰে।

৭। প্ৰাণীৰ শ্বাস-প্রশ্বাস প্ৰক্ৰিয়াৰ বিষয়ে লিখা।

উত্তৰ: প্ৰাণীয়ে উশাহত নাকেৰে দেহৰ ভিতৰলৈ (হাওঁফাওঁলৈ) বায়ু সুমুৱাই লয় ৷ সেই বায়ুত থকা অক্সিজেন ভাগ দেহৰ বিভিন্ন কাৰ্য্যত ব্যৱহাৰ হয়। আনহাতে দেহৰ ভিতৰত সৃষ্টি হোৱা কাৰ্বন-ডাই-অক্সাইড গেছ নিশাহত বাহিৰলৈ উলিয়াই দিয়ে।

৮। উদ্ভিদে চলন কৰেনে ? বহলাই লিখা।

উত্তৰ: উদ্ভিদৰো চলন হয়। উদ্ভিদৰ শিপাই মাটিত খামোচ মাৰি ধৰি থাকে বাবে ইয়াৰ চলন সীমাৱদ্ধ যদিও ইহঁতৰ বিভিন্ন অংগৰ চলন দেখিবলৈ পোৱা যায়। উদ্ভিদৰ শিপাই পানী আৰু খনিজ লৱণ বিচাৰি মাটিৰ তললৈ যায়। কাণ্ডই পোহৰৰ দিশে গতি কৰে। উদাহৰণস্বৰূপে বনচন্দাল নামৰ উদ্ভিদ জোপাৰ অক্ষডালৰ দুই কাষে থকা সৰু পাত দুখিলাই দিনৰ ভাগত সূৰ্য্যৰ পোহৰ উঠা নমা কৰি থাকে।

৯। জীৱৰ ৰেচন প্রক্রিয়া কি ?

উত্তৰঃ আমি খোৱা খাদ্যৰ অলাগতীয়াল বা অতিৰিক্ত আৰু ক্ষতিকাৰক পদার্থ সমূহ শৌচ-প্রচাৱ, ঘাম আদিৰ সৈতে শৰীৰৰ পৰা বাহিৰ উলিয়াই দিয়া প্ৰক্ৰিয়াটোক ৰেচন প্রক্রিয়া বোলে।

প্ৰাণীৰ দৰে উদ্ভিদে ও দেহৰ ভিতৰত বিভিন্ন বিপাকীয় কার্যত উৎপন্ন হোৱা অতিৰিক্ত আৰু ক্ষতিকাৰক পদার্থ সমূহ বিশেষ অংগ যেনে পাত, বাকলি আদিৰ জৰিয়তে বাহিৰ উলিয়াই দিয়ে।

১০। প্রজনন প্রক্রিয়া কাক বোলে ?

উত্তৰঃ সকলো জীৱই নিজৰ নিচিনা জীৱৰ জন্ম দি বংশ বৃদ্ধি কৰে। জীৱৰ বংশ বৃদ্ধি কৰা প্ৰক্ৰিয়াটোক প্রজনন বোলে

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “Niketan Class 6 Science Chapter 1 জীৱ আৰু ইয়াৰ বৈশিষ্ট্য”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top