⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Niketan Class 6 Science Chapter 4 কাৰ্য, ক্ষমতা আৰু শক্তি

Niketan Class 6 Science Chapter 4 কাৰ্য, ক্ষমতা আৰু শক্তি is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Science Chapter 4 কাৰ্য, ক্ষমতা আৰু শক্তি and select need one.

Niketan Class 6 Science Chapter 4 কাৰ্য, ক্ষমতা আৰু শক্তি

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Science Chapter 4 কাৰ্য, ক্ষমতা আৰু শক্তি Solutions for All Subjects, You can practice these here.

কাৰ্য, ক্ষমতা আৰু শক্তি

Chapter – 4

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

১। কোনো এটা কার্য সম্পাদিত হোৱা বুলি কেতিয়া কোৱা হয় ?

উত্তৰ: কোনো বস্তুৰ ওপৰত বলে ক্ৰিয়া কৰাৰ ফলত প্ৰয়োগ বিন্দুৰ স্থান সলনি হ’লে, কার্য সম্পাদিত হোৱা বুলি কোৱা হয়।

২। কাৰ্যৰ মান কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ?

উত্তৰ: কাৰ্যৰ মান দুটা কাৰকৰ ওপৰত নিৰ্ভৰশীল। সেই 

দুটা হ’ল –

(ক) বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ মান ৷ 

(খ) বলৰ দিশত বস্তুটোৱে অতিক্ৰম কৰা ন্যূন্যতম দূৰত্ব।

৩। ভৰ কাক বোলে ?

উত্তৰঃ বস্তুত থকা পদাৰ্থৰ পৰিমাণকে ভৰ বোলে।

৪। ওজন কাক বোলে ?

উত্তৰ: কোনো বস্তুৰ ওপৰত ক্ৰিয়া কৰা মাধ্যাকর্ষণ বলক বস্তুটোৰ ওজন বোলে।

৫। মাধ্যাকর্ষণিক বল কাক বোলে ?

উত্তৰ : সকলো বস্তুকে পৃথিৱীয়ে নিজৰ পিনে টানি থাকে । 

এই বলটোক মাধ্যাকর্ষণিক বল বোলে।

৬। ক্ষমতা কাক বোলে ? ইয়াৰ একক কি ?

উত্তৰঃ কাৰ্য সম্পাদনৰ হাৰকে ক্ষমতা বোলে ৷ ক্ষমতাৰ একক হ’ল ৱাট।

৭। শক্তিৰ ৰক্ষণশীলতাৰ সূত্ৰটো লিখা ৷

উত্তৰ: শক্তি সৃষ্টিও কৰিব নোৱাৰি আৰু ইয়াক ধ্বংসও কৰিব নোৱাৰি মাথো এটা ৰূপৰ পৰা অন্য এটা ৰূপলৈ ৰূপান্তৰহে কৰিব পাৰি। ইয়াকে শক্তিৰ ৰক্ষণশীলতা সূত্র বোলে।

অতিৰিক্ত প্রশ্নোত্তৰ

১। কাৰ্যৰ বৈশিষ্ট্য দুটা কি কি ?

উত্তৰঃ কাৰ্যৰ বৈশিষ্ট্য দুটা হ’ল,  ই সম্পাদিত হ’বলৈ –

(i) কোনো বস্তুৰ ওপৰত বলে ক্ৰিয়া কৰিব লাগিব।

(ii) বস্তুটোৰ স্থানৰ পৰিৱৰ্তন হ’ব লাগিব।

২। কাৰ্যৰ পৰিমাণ কি দৰে নিৰ্দ্ধাৰণ কৰিব পাৰি ?

উত্তৰঃ কাৰ্য = বল × বলৰ দিশত অতিক্ৰম কৰা ন্যূন্যতম দূৰত্ব৷

বল আৰু বলৰ দিশত অতিক্ৰম কৰা ন্যূন্যতম দূৰত্বৰ গুণফলৰ দ্বাৰা কাৰ্যৰ পৰিমাণ নিৰ্দ্ধাৰণ কৰিব পাৰি।

৩। “তুমি গধূৰ শিল এটা মূৰৰ ওপৰত লৈ ৰৈ আছা” । তুমি কার্য সম্পাদন কৰিছা নে ?

উত্তৰ : গধূৰ শিল এটা মূৰৰ ওপৰত লৈ থাকিলে ভাগৰ লাগিব কিন্তু বিজ্ঞানৰ দৃষ্টিত কার্য সম্পাদন হোৱা নাই। কাৰণ বস্তুবিধৰ স্থানান্তৰ হোৱা নাই।

৪। বস্তু এটা ওপৰলৈ ডাঙোতে কৰিব লগীয়া কাৰ্যৰ পৰিমাণ কিমান ?

উত্তৰঃ কোনো বস্তু ওপৰলৈ ডাঙোতে কৰিব লগীয়া কাৰ্যৰ পৰিমাণ বস্তুবিধৰ ওজন আৰু ভূমিৰ পৰা তাৰ উচ্ছতাৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাৎ

কার্য = ওজন × উচ্চতা

৫। বৈদ্যুতিক যন্ত্ৰৰ ক্ষেত্ৰত ক্ষমতা জুখিবলৈ কি একক ব্যৱহাৰ কৰা হয় ?

উত্তৰ : বৈদ্যুতিক যন্ত্ৰৰ ক্ষেত্ৰত ক্ষমতা জুখিবলৈ অশ্ব ক্ষমতা নামৰ এটা একক ব্যৱহাৰ কৰা হয়।

৬৷ শক্তি কাক বোলে ?

 উত্তৰ : কাৰ্য কৰিব পৰা সামর্থ্যকে শক্তি বোলে।

৭৷ গতি শক্তি কাক বোলে ? উদাহৰণ দিয়া।

উত্তৰ : গতিৰ বিনিময়ত বস্তুৱে লাভ কৰা শক্তিক গতি শক্তি বোলে।

৮। বস্তু এটা গতি শক্তি জুখিব পৰা সূত্ৰটো কি ?

 উত্তৰ : বস্তু এটাৰ গতি শক্তি জুখিব পৰা সূত্ৰটো হ’ল –

গতিশক্তি = ১/২ ×ভৰ × (গতিবেগ)২

৯। স্থিতি শক্তি কাক বোলে ? উদাহৰণ দিয়া ৷ 

উত্তৰঃ বস্তুৰ স্থান আৰু প্ৰকৃতিৰ পৰিৱৰ্তনৰ বাবে সৃষ্ট শক্তিক স্থিতি শক্তি বোলে। 

যেনেঃচাবি দিয়া ঘড়ীত স্প্রীং ডালক চাবি দি পকাই ৰখা হয়। পাক খাই থকা অৱস্থাত স্প্রীং ডালত স্থিতি শক্তি নিহিত হৈ থাকে আৰু এই শক্তিৰ প্ৰভাৱত ঘড়ীৰ কাঁটা ঘূৰে ।

১০। বস্তু এটাৰ স্থিতি শক্তি কিহৰ ওপৰত কৰে ?

উত্তৰ : বস্তু এটাৰ ভৰ আৰু মাটিৰ পৰা বস্তুটো থকা উচ্চতাৰ ওপৰত স্থিতি শক্তি নিৰ্ভৰ কৰে।

১১। “শক্তিক এটা ৰূপৰ পৰা অন্য এটালৈ ৰূপান্তৰ কৰিব পাৰি। ” – উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ শক্তি সৃষ্টিও কৰিব নোৱাৰি অথবা ধ্বংসও কৰিব নোৱাৰি। কেৱল এটা ৰূপৰ পৰা অন্য এটা ৰূপলৈ ৰূপান্তৰহে কৰিব পাৰি। উদাহৰণ স্বৰূপে শুকান চূণত পানী ঢালিলে,  পানী খিনি আৰু পাত্ৰটো গৰম হৈ উঠে। ইয়াত ৰাসায়নিক শক্তি তাপ শক্তিলৈ ৰূপান্তৰ হয়। ঠিক তেনেদৰে বৈদ্যুতিক বাল্ব এটা জ্বলোৱাৰ লগে লগে বৈদ্যুতিক শক্তি পোহৰ শক্তিলৈ ৰূপান্তৰ হয় ৷

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top