Niketan Class 6 Science Chapter 3 জীৱ আৰু ইয়াৰ বৈশিষ্ট্য

Niketan Class 6 Science Chapter 3 জীৱ আৰু ইয়াৰ বৈশিষ্ট্য is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Science Chapter 3 জীৱ আৰু ইয়াৰ বৈশিষ্ট্য and select need one.

Niketan Class 6 Science Chapter 3 জীৱ আৰু ইয়াৰ বৈশিষ্ট্য

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Science Chapter 3 জীৱ আৰু ইয়াৰ বৈশিষ্ট্য Solutions for All Subjects, You can practice these here.

জীৱ আৰু ইয়াৰ বৈশিষ্ট্য

Chapter – 3

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

১। চমুটোকা লিখা –

(ক) পৰজীৱী প্ৰাণী,

(খ) সহজীৱী প্ৰাণী,

(গ) আৱাসস্থলী

(ঘ) সর্বভক্ষী প্রাণী,

(ঙ) মৃতজীৱী,

(চ) উৎপাদক 

(ছ) উপভোক্তা 

(জ) বিয়োজক

উত্তৰ:

(ক) পৰজীৱী প্রাণী: কিছুমান জীৱই আন জীৱদেহৰ ভিতৰত বা বাহিৰত থাকি সেই জীৱ দেহৰ পৰাই খাদ্য গ্রহণ কৰি জীৱন নিৰ্বাহ কৰে। যেনেঃ বেক্টেৰিয়া, ভেঁকুৰ আদিবোৰ জীৱক পৰজীৱী প্রাণী বোলে। কলেৰা, টাইফয়ড, যক্ষ্মা আদি পৰজীৱী বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হোৱা ৰোগ ৷

(খ) সহজীৱী প্ৰাণী: কেতিয়াবা একাধিক জীৱই একেলগে থাকি ইটোৱে সিটোক জীয়াই থকাত সহায় কৰে, তেনে জীৱবোৰক সহজীৱী প্ৰাণী বোলে৷ যেনেঃ ৰাইজ’’বিয়াম বেক্টেৰিয়াই মাহজাতীয় উদ্ভিদৰ শিপাত আশ্ৰয় লৈ উদ্ভিদৰ বাবে প্রয়োজনীয় নাইট্ৰ’জেন যৌগ শিপাত জমা কৰে। আকৌ উদ্ভিদ জোপাই বেক্টেৰিয়া বিধক আশ্রয় প্রদান কৰে। ফলত দুয়ো উপকৃত হয়।

(গ) আৱাসস্থলী: সকলো জীৱই জীয়াই থাকিবৰ বাবে প্ৰয়োজনীয় খাদ্য, পানী, বায়ু আৰু বাসস্থানৰ বাবে তাৰ চৌপাশৰ পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল । জীৱ সমূহ বাসকৰা চৌপাশেই তাৰ আৱাসস্থলী। আৱাসস্থল মূল উপাদান সমূহ মাটি, পানী, বায়ু আৰু বিভিন্ন ধৰণৰ জীৱ। অৱশ্যে ভিন ভিন ঠাইৰ আৱাসস্থলীৰ উপাদান সমূহ ভিন ভিন হয়। আৱাসস্থলীত থকা উপাদানসমূহৰ মাজত এক পাৰস্পৰিক সম্পৰ্ক থাকে।

(ঘ) সর্বভক্ষী প্রাণী: যিবোৰ প্ৰাণীয়ে মাছ-মাংস, ফলমূল, শাক-পাচি আদি সকলো ধৰণৰ খাদ্য খায় তেনে প্রাণীক সৰ্বভক্ষী বা সৰ্বহাৰী প্ৰাণ বোলে৷ যেনেঃ মানুহ।

(ঙ) মৃতজীৱী : বহুতো বেক্টেৰিয়া, ভেঁকুৰ আৰু আন কিছুমান জীৱই আন জীৱ-জন্তুৰ মল-মূত্ৰ, গেলা পঁচা মৃতদেহ আদিৰ দেহত বাস কে আৰু প্ৰয়োজনীয় দ্রব্যসমূহ তাৰ পৰাই আহৰণ কৰে। এনে জীৱবোৰব মৃতজীৱী জীৱ বোলে। এই মৃতজীৱী জীৱৰ কিছুমানে জীৱ-জন্তুৰ মল মূত্র বা মৃতদেহ পঁচাই মাটিত মিহলি হোৱাত সহায় কৰে আৰু ই মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে।

(চ) উৎপাদকঃ সেউজীয়া উদ্ভিদক উৎপাদক বোলে ৷ কাৰণ সেউজীয়া উদ্ভিদে খাদ্য প্রস্তুত কৰিব পাৰে। সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰ শক্তি শোষণ কৰি তাৰ পাতত থকা হৰিৎকণা নামৰ পদার্থবিধৰ সহায়ত পানী আৰু কাৰ্বন-ডাই-অক্সাইডৰ মাজত বিক্রিয়া ঘটাই শ্বেতসাৰ জাতীয় খাদ্য উৎপন্ন কৰে।

(ছ) উপভোক্তা : উদ্ভিদে প্রস্তুত কৰা খাদ্য প্রথমতে তৃণভোজী প্রাণীবোৰে খাই তাৰ পৰা শক্তি আহৰণ কৰে। সেয়েহে তৃণভোজী প্রাণীবোৰক প্ৰথম পৰ্যায়ৰ উপভোক্তা বোলে। এই তৃণভোজী প্রাণীবোৰক আকৌ মাংসভোজী প্রাণীয়ে ভক্ষণ কৰে। সেয়েহে, মাংসভোজী প্রাণীবোৰক দ্বিতীয় পৰ্যায়ৰ উপভোক্তা বোলে।

(জ) বিয়োজক : সেউজীয়া উদ্ভিদ হ’ল উৎপাদক। তৃণভোজী, মাংসভোজী আদি প্রাণীবোৰ হ’ল উপভোক্তা। এই উৎপাদক বা উপভোক্তা সমূহৰ মৃতদেহ, মল-মূত্ৰ আদি কিছুমান অনুজীৱই পচন ঘটাই খনিজ লৱণলৈ ৰূপান্তৰিত কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। এই অণুজীৱকে বিয়োজক বোলে।

২। উদ্ভিদে মানুহৰ কি কি উপকাৰ সাধন কৰে চমুকৈ বৰ্ণনা কৰা ৷ 

উত্তৰ:

(i) মানুহে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰ শীল। 

(ii)  উদ্ভিদৰ পৰা পোৱা বিভিন্ন আঁহৰ সহায়ত কাণি কাপোৰ আৰু আন বিভিন্ন সামগ্রী তৈয়াৰ কৰি লয়।

(iii)  মানুহৰ প্ৰয়োজনীয় ঔষধৰ প্রায় ৮০ শতাংশ উদ্ভিদৰ পৰা প্ৰস্তুত কৰে। 

(iv)  উদ্ভিদে খাদ্য প্রস্তুত কঁৰোতে অক্সিজেন উৎপন্ন কৰি মানুহ জীয়াই থকাত মুখ্য ভূমিকা গ্ৰহণ কৰে।

(v)  উদ্ভিদে মাটি গঠনত ভূমিকা লোৱাৰ উপৰিও পৰিৱেশৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰে।

৩৷ পৰিস্থিতি তন্ত্র কি ? উদাহৰণ দিয়া ৷

উত্তৰ: এটা আৱাসস্থলত সাধাৰণতে প্ৰাণী আৰু উদ্ভিদবোৰ বিভিন্ন প্ৰক্ৰিয়াৰে সাঙোৰ খাই থাকে। ইয়াকে পৰিস্থিতি তন্ত্ৰ বোলে ৷

উদাহৰণস্বৰূপে, এখন হাবিতলীয়া ঠাই লোৱা হয় ৷ তেনে আৱাসস্থলত সাধাৰণতে এন্দুৰ, শহা পহু আদি তৃণভোজী প্রাণী আৰু শিয়াল, লতামেকুৰী আদি মাংসহাৰী প্ৰাণী আৰু ফেঁচা, শেন আদি চিকাৰী চৰাই বাস কৰে। এনে ঠাইত নানা ধৰণৰ গছ-গছনি, ঘাঁহ-বন আদি থাকে ৷ সেউজীয়া উদ্ভিদে এন্দুৰ, সূৰ্যৰ পোহৰত সালোক সংশ্লেষণ ঘটাই খাদ্য প্রস্তুত কৰে। তাত থকা এন্দুৰ, শহা পহু আদিয়ে সেই ঘাঁহ-বনৰ পাত, গুটি আদি খাই জীয়াই থাকে। আনহাতে, শিয়াল, লতা-মেকুৰী, ফেঁচা আদি মাংসহাৰী প্ৰাণীয়ে শহাপহু আদি প্ৰাণী খাই পুষ্টি লাভ কৰে। অৰ্থাৎ তৃণভোজীয়ে ঘাঁহ খায়, মাংসভোজীয়ে তৃণভোজীক খায়। গতিকে দেখা গ’ল যে মাংসভোজীয়ে প্রত্যক্ষ ভাৱে ঘাঁহ নাখালেও ঘাঁহ বন নাথাকিলে ই খাদ্যৰ অভাৱত বাচি নাথাকিব।

৪। সালোক সংশ্লেষণত ব্যৱহাৰ হোৱা দুটা পদাৰ্থৰ নাম লিখা।

উত্তৰঃসালোক সংশ্লোষণত ব্যৱহাৰ হোৱা দুটা পদাৰ্থ হ’ল – পানী আৰু কার্বন-ডাই-অক্সাইড।

৫। সেউজীয়া উদ্ভিদ নাথাকিলে কি হ’ব বর্ণনা কৰা।

উত্তৰঃ প্রাণী আৰু সেউজীয়া উদ্ভিদ বিভিন্ন প্ৰক্ৰিয়াৰে সাঙোৰ খাই থাকে। সেউজীয়া উদ্ভিদ নাথাকিলে প্রাণীজগত বৰ্তি থকাটো অসম্ভৱ৷ প্ৰাণীৰ অতি প্রয়োজনীয় অক্সিজেন গেছ, উদ্ভিদে খাদ্য প্রস্তুত কৰোতে বায়ুমণ্ডলত এৰি দিয়ে ৷ আকৌ সকলো জীৱকে জীয়াই থাকিবলৈ শক্তিৰ প্ৰয়োজন । জীৱই এই শক্তি খাদ্যৰ পৰা পায়। আৰু এই খাদ্যৰ বাবে তৃণভোজী, মাংসভোজী সকলো প্ৰাণীয়ে পৰোক্ষ ভাৱে হ’লেও সেউজীয়া উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। কাৰণ খাদ্যৰ প্ৰধান উৎপাদক হ’ল সেউজীয়া উদ্ভিদ।

তাৰোপৰি উদ্ভিদে শিপাৰ দ্বাৰা ভূ-গৰ্ভৰ পানী আহৰণ কৰি পাতেৰে বায়ুমণ্ডলত এৰি দিয়ে। এনেদৰে জলচক্ৰ চলি থকাৰ ফলত পৃথিৱীৰ উপৰি ভাগৰ উত্তাপ নিয়ন্ত্রিত হয়। উদ্ভিদে গৰাখহনীয়া, ভূমিস্খলন আদি ৰোধ কৰাত সহায় কৰে ৷

৬। খাদ্য শৃংখলৰ ধাৰণাটো চমুকৈ বৰ্ণনা কৰা।

উত্তৰ: সেউজীয়া উদ্ভিদে কার্বন-ডাই-অক্সাইড, পানী, পোহৰ, হৰিৎকণাৰ সহায়ত খাদ্য প্রস্তুত কৰে। সেয়েহে সেউজীয়া উদ্ভিদ হ’ল উৎপাদক। উদ্ভিদে প্রস্তুত কৰা খাদ্য প্রথমে তৃণভোজী প্রাণীয়ে খায়, সেয়েহে তৃণভোজী প্রাণী প্রথম পৰ্যায়ৰ উপভোক্তা। আকৌ তৃণভোজী প্রাণীবোৰক মাংসভোজী প্রাণীয়ে খায়, সেয়েহে মাংসভোজী প্রাণী দ্বিতীয় পৰ্যায়ৰ উপভোক্তা। এই উৎপাদক আৰু উপভোক্তা সমূহৰ মৃতদেহ, মল-মূত্ৰ আদি কিছুমান অণুজীৱই পচন ঘটাই খনিজ লৱণলৈ ৰূপান্তৰিত কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। এনেদৰে উৎপাদকৰ পৰা উপভোক্তালৈ, উপভোক্তাৰ পৰা বিয়োজকলৈ আৰু বিয়োজকৰ পৰা পুনৰ উৎপাদকলৈ খাদ্যৰ যোগানকে খাদ্য শৃংখল বোলে।

৭। আমাৰ শক্তিৰ প্ৰধান উৎস কি ? ই কেনেকৈ প্ৰাণীৰ দেহলৈ আহে ? 

উত্তৰ : আমাৰ শক্তিৰ প্ৰধান উৎস হ’ল খাদ্য।

খাদ্যত শক্তি ৰাসায়নিক স্থিতি শক্তি হিচাপে নিহিত হৈ থাকে৷ একমাত্র সেউজীয়া উদ্ভিদেহে সূৰ্যৰ পোহৰ শক্তি শোষণ কৰি তাৰ পাতত থকা হৰিৎকণা নামৰ পদার্থবিধৰ সহায়ত পানী আৰু কাৰ্বন-ডাই-অক্সাইডৰ মাজত বিক্রিয়া ঘটাই শ্বেতসাৰ জাতীয় খাদ্য প্রস্তুত কৰে। এই শ্বেতসাৰতে সূৰ্যৰ পৰা আহৰণ কৰা পোহৰ শক্তি ৰাসায়নিক স্থিতি শক্তি হিচাপে নিহিত হৈ থাকে ৷ এই খাদ্য তৃণভোজী প্ৰাণীয়ে গ্ৰহণ কৰে আৰু মাংসভোজী প্ৰাণীয়েও পৰোক্ষ ভাবে এই খাদ্য গ্ৰহণ কৰে।

৮। জলচক্র কাক বোলে বর্ণনা কৰা।

উত্তৰ: উদ্ভিদে শিপাৰ দ্বাৰা ভূগৰ্ভৰ পানী আহৰণ কৰি অতিৰিক্ত পানী পাতেৰে বায়ুমণ্ডলত এৰি দিয়ে। এনেদৰে বায়ুমণ্ডলত জলীয় বাষ্পৰ পৰিমাণ অধিক হ’লে বৰষুণ দিয়ে। এই বৰষুণৰ পানী মাটিত পৰে, সেই মাটিৰ পৰা উদ্ভিদৰ শিপাই পুনৰ পানী গ্ৰহণ কৰে। এই প্রক্রিয়াকে জলচক্র বোলে। 

৯। উদ্ভিদৰ বংশ বৃদ্ধিত পখিলাৰ ভূমিকা উল্লেখ কৰা।

উত্তৰ: পখিলাই ফুলৰ মৌ খাই জীয়াই থাকে। পখিলাই মৌ বিচাৰি এটা ফুলৰ পৰা আনটো ফুললৈ ঘূৰি ফুৰে। তেতিয়া সিহঁতৰ অজানিতে এটা ফুলৰ পৰা ৰেণু সিহঁতৰ গা, ঠেং পাখি আদিত লাগি ধৰি আনটো ফুললৈ য়ায় ফলত পৰাগযোগ ঘটে। পৰাগযোগৰ ফলত উদ্ভিদৰ বীজ বা গুটিৰ সৃষ্টি হয়। আৰু এই বীজৰ পৰাই উদ্ভিদৰ বংশ বৃদ্ধি হয়।

১০। বায়ুমণ্ডলত অক্সিজেন আৰু কার্বন-ডাই-অক্সাইড গেছ নিয়ন্ত্ৰণত উদ্ভিদৰ ভূমিকা আলোচনা কৰা ৷ 

উত্তৰঃ সকলো জীৱই উশাহত অক্সিজেন গেছ গ্ৰহণ কৰে আৰু নিশাহত কার্বন-ডাই-অক্সাইড এৰি দিয়ে । এনেদৰে বায়ুমণ্ডলত জলীয় বাষ্পৰ পৰিমাণ অধিক হ’লে ই বৰষুণ হিচাপে মাটিত পৰে সেই মাটিৰ পৰা উদ্ভিদৰ শিপাই পুনৰ গ্ৰহণ কৰে। এনেদৰে জলচক্ৰ চলি থকাৰ ফলত পৃথিৱীৰ উপৰিভাগৰ উত্তাপ নিয়ন্ত্রিত হয়।

১৩। দুবিধ পৰজীৱী প্ৰাণীৰ নাম লিখা।

উত্তৰ: ফিটা পেলু, ওকণি আদি পৰজীৱী প্রাণী।

১৪। পৰজীৱীৰ দ্বাৰা সৃষ্টি হোৱা উদ্ভিদৰ দুবিধ ৰোগৰ নাম লিখা। 

উত্তৰঃ আলুৰ ব্লাইট ৰোগ, তামোলৰ গেন’ডাৰ্মা আদি পৰজীৱী ভেঁকুৰৰ দ্বাৰা সৃষ্টি হোৱা ৰোগ।

অতিৰিক্ত প্রশ্নোত্তৰ

১। আবাসস্থলীৰ মূল উপাদান সমূহ কি কি ?

উত্তৰঃ আবাসস্থলীৰ মূল উপাদান সমূহ হ’ল মাটি, পানী, বায়ু আৰু বিভিন্ন ধৰণৰ জীৱ।

২। শক্তি প্রবাহ বুলিলে কি বুজা ?

উত্তৰ: সকলো জীৱই জীয়াই থাকিবলৈ শক্তিৰ প্ৰয়োজন। জীৱই এই শক্তি খাদ্যৰ পৰা পায়। সেউজীয়া উদ্ভিদ হ’ল খাদ্যৰ উৎপাদক। খাদ্যৰ জৰিয়তে উৎপাদকৰ পৰা বিভিন্ন উপভোক্তালৈ হোৱা শক্তিৰ চলনক শক্তি প্রবাহ বোলে।

৩। মাহ জাতীয় উদ্ভিদ আৰু ৰাইজ বিয়াম বেক্টেৰিয়াৰ সহজীৱীতাৰ বিষয়ে লিখা।

উত্তৰ: ৰাইজ’বিয়াম বেক্টেৰিয়াবোৰে মাহজাতীয় শস্যৰ শিপাত আশ্রয় লৈ থাকে। লগতে ই বায়ুৰ পৰা নাইট্ৰ’জেন গেছ শুহি লৈ নাইট্ৰ’জেনৰ যৌগলৈ ৰূপান্তৰিত কৰে। সেই নাইট্ৰ জেন যুক্ত যৌগবোৰ শিপাত জমা কৰি টেমুনাৰ সৃষ্টি কৰে। আৰু উদ্ভিদ জোপাই নাইট্ৰ’জেনৰ যৌগবোৰ তাৰ বৃদ্ধিত ব্যৱহাৰ কৰে। অৰ্থাৎ উদ্ভিদজোপাই বেক্টেৰিয়া বিধক আশ্রয় প্ৰদান কৰে আৰু বেক্টেৰিয়াবিধে উদ্ভিদজোপাক নাইট্ৰ’জেনৰ যোগান ধৰে। ফলত দুয়ো উপকৃত হয়।

৪। উদ্ভিদে মাটিৰ গঠনত কেনেদৰে সহায় কৰে ?

উত্তৰঃ উদ্ভিদে মাটি গঠনত মূখ্য ভূমিকা পালন কৰে। উদ্ভিদৰ মৰা পাত ডাল আদি গেলি পচি মাটিৰ তলত থকা বালি আদিৰ সৈতে মিহলি হৈ মাটি সাৰুৱা কৰে।

৫। কি কি গছৰ আঁহৰ পৰা কাপোৰ আৰু অন্যান্য সামগ্ৰী তৈয়াৰ কৰা হয় ?

উত্তৰঃ কপাহ, মৰাপাট, শন আদি গছৰ আঁহৰ পৰা কাপোৰ আৰু অন্যান্য সামগ্ৰী তৈয়াৰ কৰা হয়।

৬। ৰচী, মোনা, ডলিচা আদিবোৰ ক’ৰ পৰা তৈয়াৰ কৰা হয়?

উত্তৰ: নাৰিকল, মেটেকা, কলগছ আদিৰ আঁহৰ পৰা ৰচী, মোনা, ডলিচা আদিবোৰ তৈয়াৰ কৰা হয়।

৭। এৰি, মৃগা, পাট কাপোৰ আদি ক’ৰ পৰা তৈয়াৰ কৰা হয়?

উত্তৰ: এৰি, মুগা, পাট আদি পলুৱে সৃষ্টি কৰা আঁহৰ পৰা এৰি, মৃগা, পাট কাপোৰ আদি তৈয়াৰ কৰা হয় ৷

1 thought on “Niketan Class 6 Science Chapter 3 জীৱ আৰু ইয়াৰ বৈশিষ্ট্য”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top