Niketan Class 6 Assamese Chapter 2 লংকাৰ সংবাদ কি?

Niketan Class 6 Assamese Chapter 2 লংকাৰ সংবাদ কি? is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Assamese Chapter 2 লংকাৰ সংবাদ কি ? and select need one.

Niketan Class 6 Assamese Chapter 2 লংকাৰ সংবাদ কি?

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Assamese Chapter 2 লংকাৰ সংবাদ কি? Solutions for All Subjects, You can practice these here.

লংকাৰ সংবাদ কি ?

Chapter – 2

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী


প্রশ্ন ১। শব্দ – অর্থ 

শব্দ অর্থ
নিন্দা-কুৎসাবদনাম
দৈৱাৎদৈৱক্রমে , ভাগ্যক্রমে
কন্দলকাজিয়া 
আলচআলচ কৰা , ঠিক কৰা
নিমিত্তেকাৰণে
প্ৰকাৰান্তৰেবেকাভাৱে , আন এক প্রকাৰে
প্রতিজ্ঞাপণ
আঠিয়াকলএবিধ গুটি থকা কল

প্রশ্ন ২। তলৰ প্ৰশ্নকেইটাৰ চমু উত্তৰ দিয়া –

( ক ) ওচৰা – ওচৰিকৈ থকা গাঁও দুখনৰ নাম কি কি আছিল ? 

উত্তৰঃ ওচৰা – ওচৰিকৈ থকা গাঁও দুখনৰ নাম— বেনাৰ গাঁও আৰু কুমাৰী গাঁও । 

( খ ) কুমাৰী গাঁৱৰ ডেকাহঁতে দৰাঘৰীয়া মানুহক কি কৰিব বিচাৰিছিল ? 

উত্তৰঃ কুমাৰী গাঁৱৰ ডেকাহঁতে দৰাঘৰীয়া মানুহক বাটত আগচি ধৰি তেওঁলােকৰ লগত কন্দল কৰিব বিচাৰিছিল । 

( গ ) ডেকাহঁতে দৰাঘৰীয়া মানুহবােৰক কিমানবাৰ ভেটিছিল ? 

উত্তৰঃ ডেকাহঁতে দৰাঘৰীয়া মানুহবােৰক তিনিবাৰ ভেটিছিল । 

( ঘ ) তেওঁলােকৰ প্ৰশ্নটো কি আছিল ? 

উত্তৰঃ তেওঁলােকৰ প্ৰশ্নটো আছিল— “ লংকাৰ সংবাদ কি ? ” 

( ঙ ) শেষত কাক আগচিলে ? 

উত্তৰঃ শেষত ডেকা দলক আগচিলে । 

( চ ) প্রশ্নৰ উত্তৰটো ক’ত দিয়া হ’ল ? 

উত্তৰঃ প্রশ্নৰ উত্তৰটো কন্যাঘৰৰ সভাস্থলীত দিয়া হ’ল । 

( ছ ) প্রশ্নৰ উত্তৰ শুনি কইনা ঘৰীয়া ডেকাহঁতৰ অৱস্থা কেনে হ’ল ? 

উত্তৰঃ প্ৰশ্নৰ উত্তৰ শুনি কইনাঘৰীয়া ডেকাহত লাজতে জয় পৰি গ’ল । 

( জ ) উত্তৰটোত কি অর্থ কৰা হৈছিল ? 

উত্তৰঃ উত্তৰটোত কুমাৰী গাঁৱৰ ডেকাসকলকহে বান্দৰ সজোৱা হৈছিল।

( ঝ ) ডেকাজন কি কাৰণে লংকালৈ গৈছিল ? 

উত্তৰঃ ডেকাজনে সােণ আনিবলৈ লংকালৈ গৈছিল । 

( ঞ ) হনুমানক কি অৱস্থাত তেওঁ লগ পাইছিল ? 

উত্তৰঃ হনুমানক লংকাৰ দুৱাৰত দুৱৰী কৰি ডিঙিত শিকলি লগাই বান্ধি থােৱা অৱস্থাত তেওঁ লগ পাইছিল । 

প্রশ্ন ৩। বাক্য ৰচনা কৰা –

নিন্দা-কুৎসা , দৰাঘৰীয়া , হেঙাৰ এৰি দে , এসাজ খাই এসাজ লঘােনে , টহলি , কাণ কৰ ৷ 

উত্তৰঃ নিন্দাকুৎসা :- নিন্দা – কুৎসাহ মানুহৰ মনত হিংসাৰ ভাৱ জগাই তােলে ।

দৰাঘৰীয়া :- দৰাঘৰীয়া মানুহবােৰে কইনা চাবলৈ হেতা – ওপৰা লগাইছে । 

হেঙাৰ এৰি দে :- দৰাঘৰীয়াই কইনাঘৰীয়া ডেকাসকলক হেঙাৰ এৰি দিবলৈ অনুৰােধ জনালে । 

এসাজ খাই এসাজ লঘােনে :- ভূইকপত সকলাে হেৰুৱাই মানুহবােৰে এসাজ খাই এসাজ লঘােনে থাকি দিন অতিবাহিত কৰিছে । 

টহলি :- বান্দ ৰজাকে গােটেই বাৰীখন টহলি ফুৰিছে ।

কাণ কৰ :- পঢ়া – শুনাৰ ফালে কাণ কৰিবৰ হ’ল । 

প্রশ্ন ৪। বিপৰীত শব্দ লিখা –

মিল , বুঢ়া , সােমােৱা , পােহনীয়া , উত্তৰ , জয় পৰ 

উত্তৰঃ মিল            –             অমিল । 

         বুঢ়া            –             ডেকা ।

         সােমােৱা     –              ওলােৱা ।

         পােহলীয়া    –              বনৰীয়া । 

         উত্তৰ         –              প্রশ্ন ।

         জঁয় পৰ      –              ঠন ধৰ । 

প্রশ্ন ৫। চমু টোকা লিখা –

( ক ) লংকাপুবী ।

উত্তৰঃ আজিৰ শ্রীলংকা ত্রেতা যুগত বিখ্যাত ৰাক্ষস ৰজা ৰাৱণৰ ৰাজ্য আছিল । বঙ্গোপসাগৰে চাৰিওফালৰ পৰা সুৰক্ষা প্রদান কৰা এসময়ৰ লংকা শক্তি , সৌন্দর্য আৰু ধন ৰত্নৰ প্রাণকেন্দ্ৰ আছিল । কিন্তু মহা পৰাক্ৰমী ৰজা ৰাৱণে বনবাসত থকা ৰামচন্দ্ৰৰ পত্নী সীতাদেৱীক কৌশলেৰে হৰণ কৰিলে । তেওঁৰ উদ্ধাৰৰ হকে ৰামচন্দ্রই দক্ষিণৰ সকলাে শক্তি একত্রিত কৰি লংকা আক্রমণ কৰে । লংকালৈ যাবলৈ সমুদ্ৰৰ বুকুত সেতু নির্মাণ কৰিলে । বীৰ হনুমান , সুগ্রীৱ আদিৰে গঠিত মিলিত শক্তিৰ আগত ৰাৱণ তিষ্ঠিব নােৱাৰিলে । ৰামে ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰিলে আৰু স্বর্ণ লংকা ধূলিত পৰিণত হ’ল । সেইম সেতু সাগৰৰ বুকুত আজিও বিৰাজমান ।

( খ ) হনুমান ।

উত্তৰঃ ত্রেতা যুগৰ প্রভু শ্ৰীৰামচন্দ্ৰৰ এজন নিষ্ঠাবান ভক্ত আছিল বীৰ হনুমান । হনুমান এক ঐশ্বৰিক শক্তিসম্পন্ন বান্দৰ । তেওঁৰ মাতৃৰ নাম আছিল অঞ্জনা আৰু পিতৃৰ নাম কেশৰী । তেওঁক বায়ুপুত্ৰ বুলিও কোৱা হয় । কাৰণ তেওঁ বায়ুদেৱতাৰ আশীর্বাদতে জন্ম হৈছিল । সীতাক ৰাৱণৰ পৰা উদ্ধাৰ কৰোঁতে হনুমানে ৰামচন্দ্রক যথেষ্ট সহায় কৰিছিল । তেওঁ ৰুদ্ৰৰ অৱতাৰ আছিল । সেয়েহে ভাৰতীয় সমাজত তেওঁ ভগৱানৰ স্থান লাভ কৰিছে । ব্রহ্মচাৰী হনুমান যথেষ্ট সাহসী , দয়ালু , পৰােপকাৰী আৰু ভগৱান ৰামচন্দ্ৰৰ একান্ত ভক্ত আছিল ।

 ( গ ) দৰা – আগচা ।

উত্তৰঃ ই অসমীয়া বিবাহ অনুষ্ঠানৰ লগত জড়িত এক ধেমেলীয়া প্রথা । বিবাহ অনুষ্ঠানত দৰাঘৰীয়া মানুহে কইনাক বিয়া কৰাই নিবলৈ আহােতে বাটত কইনাঘৰৰ মানুহ বিশেষকৈ ডেকাসকলে দৰাক আগচি বিভিন্ন প্রশ্ন সােধে । এই প্রশ্নসমূহৰ সঠিক উত্তৰ পােৱাৰ পাছতহে দৰাক বাট এৰি দিয়া হয় । এই প্রশ্নসমূহৰ জৰিয়তে ধেমালি কৰাৰ লগতে দৰাৰ লগত অহা যাত্রীসকলৰ বুদ্ধিমত্তাৰ পৰীক্ষা কৰা হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top