Niketan Class 5 Social Chapter 5 আর্য সভ্যতা

Niketan Class 5 Social Chapter 5 আর্য সভ্যতা, Sankardev Sishu Niketan Chapter 5 আর্য সভ্যতা Class 5 Social Science Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Social Chapter 5 আর্য সভ্যতা

Join Telegram channel

Sankardev Class 5 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Social Science Chapter 5 আর্য সভ্যতা gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

আর্য সভ্যতা

Chapter – 5

সমাজ বিজ্ঞান

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। চমু উত্তৰ দিয়া –

( ক ) সপ্ত সিন্ধু বুলিলে কি বুজা ? 

উত্তৰঃ সপ্ত সিন্ধু বুলিলে সিন্ধু নদী আৰু ইয়াৰ ছয়খন উপনৈ — শতদ্রু , বিপাশা , ইৰাৱতী , চন্দ্রভাগা , বিতস্তা আৰু সৰস্বতী নদীক বুজায় ।

( খ ) ‘আর্য’ শব্দৰ অর্থ কি ? 

উত্তৰঃ শ্রেষ্ঠ বা সুসভ্য । 

( গ ) বিশ্বৰ আটাইতকৈ প্রাচীন গ্রন্থখনৰ নাম কি ? 

উত্তৰঃ ঋবেদ । 

( ঘ ) মহাকাব্য যুগ বুলিলে কি বুজা ? 

উত্তৰঃ ‘ ৰামায়ণ আৰু মহাভাৰত ’ নামৰ মহাকাব্য দুখন ৰচনা কৰা যুগটোক মহাকাব্য যুগ বুলি কোৱা হয় । 

( ঙ ) বেদ চাৰিখনৰ নাম কি ? বেদক কিয় ‘ শ্রুতি ’ বােলা হয় ? 

উত্তৰঃ ঋকবেদ , সামবেদ , যজুর্বেদ আৰু অথর্ববেদ । লিখিত ৰূপ লােৱাৰ আগতে বেদৰ মন্ত্ৰসমূহ কেইবাহাজাৰ বছৰ ধৰি মুখে মুখে চলি আহিছিল । সেইবাবেই বেদক ‘ শ্রুতি ’ বােলা হয় ।

( চ ) ‘ বেদ ’ শব্দৰ অর্থ কি ? বেদ কোনে ৰচনা কৰিছিল ? 

উত্তৰঃ ‘ বেদ ’ শব্দৰ অৰ্থ জ্ঞান । বেদৰ ৰচকসকলৰ নাম জনা নাযায় । 

( ছ ) ‘ সৰস্বতী সভ্যতা ’ বুলিলে কি বুজা ? 

উত্তৰঃ বৈদিক সভ্যতাৰ আগতে সৰস্বতী নদীৰ পাৰত এটা উন্নত সভ্যতা গঢ়ি উঠিছিল বুলি বহুতাে পণ্ডিতে অনুমান কৰে । বর্তমান সৰস্বতী নদীৰ কোনাে অস্তিত্ব নাই । কিন্তু চাৰিওখন বেদতে সৰস্বতী নদীৰ অনেক গুণ – গান কৰা হৈছে । যিয়েই নহওক , সৰস্বতী নদীৰ পাৰত গঢ়ি উঠা বুলি অনুমান কৰা সভ্যতাটোকেই ‘ সৰস্বতী সভ্যতা ’ বুলি কোৱা হয় । 

( জ ) ‘ দাস ’ সকল কোন আছিল ?

উত্তৰঃ যুদ্ধত পৰাস্ত হৈ আৰ্যসকলৰ অধীন হােৱা লােকসকল । 

( ঝ ) অৰ্যসকলৰ মূল জীৱিকা কি আছিল ? 

উত্তৰঃ পশুপালন । 

( ঞ ) আৰ্যসকলৰ পৰিয়ালত প্রথম স্থান কাৰ আছিল ? 

উত্তৰঃ পিতৃৰ ।

( ট ) বৈদিক যুগত কি কি ধাতুৰ ব্যৱহাৰ হৈছিল ?

উত্তৰঃ সােণ , ৰূপ , সীহ , টিন আৰু লাে ধাতুৰ ।

( ঠ ) ‘ গীতা ’ ক পৱিত্র গ্রন্থ বুলি বিবেচনা কৰা হয় কিয় ? 

উত্তৰঃ ‘ গীতা ‘ ত ভগৱান শ্ৰীকৃষ্ণৰ মুখৰপৰা অৰ্জুনে লাভ কৰা জ্ঞান লিপিবদ্ধ হৈছে । সেয়েহে ‘ গীতা ‘ ক পৱিত্র গ্রন্থ বুলি বিবেচনা কৰা হয় । 

( ড ) বৈদিক যুগত আৰ্যসকলে কোনবিধ জন্তুক পৱিত্ৰ বুলি জ্ঞান কৰিছিল ? 

উত্তৰঃ গাই গৰুক ।

প্রশ্ন ২। বৈদিক যুগত নাৰীৰ স্থান কেনে আছিল ? 

উত্তৰঃ বৈদিক যুগত পৰিয়ালত পিতৃৰ পাছতেই আছিল মাতৃৰ স্থান । পত্নীয়ে ঘৰুৱা কাম – কাজ কৰাৰ উপৰি স্বামীৰ কর্তব্য পালনত সহায় কৰিছিল । বিবাহ আছিল পৱিত্ৰ অনুষ্ঠান ; স্বামী – স্ত্রীৰ সম্বন্ধ জীৱনযােৰা আছিল । ল’ৰাৰ দৰে ছােৱালীৰাে নিজৰ জীৱন সংগী বাছি লােৱাৰ অধিকাৰ আছিল । বৈদিক যুগত স্ত্রীসকলক নিম্ন পর্যায়ৰ ব্যক্তি বুলি গণ্য কৰা হৈছিল বুলি ধাৰণা কৰা হয় যদিও , স্ত্রীক সন্মান কৰাটো সুস্থ সমাজৰ লক্ষণ বুলি বিভিন্ন গ্ৰন্থত উল্লেখ আছে । নাৰীয়ে ধর্মীয় আৰু ৰাজনৈতিক কাম – কাজত অংশ গ্ৰহণ কৰিব পাৰিছিল । যজ্ঞ কৰাৰ সময়ত স্ত্রীয়ে নিজৰ স্বামীৰ কাষত স্থান পাইছিল । শিক্ষাৰ ক্ষেত্ৰত নাৰী- পুৰুষৰ মাজত কোনাে পার্থক্য নাছিল । বিশ্বৱৰা , অপলা আৰু ঘােষা নামৰ তিনিগৰাকী নাৰীয়ে মন্ত্র ৰচনা কৰি ঋষিৰ মর্যাদা লাভ কৰাটোৱে তাৰ প্রমাণ । 

প্রশ্ন ৩। আর্যসকল ক’ৰ মানুহ আছিল ? এই সম্পর্কে পণ্ডিতসকলৰ তিনিটা মত উল্লেখ কৰা । 

উত্তৰঃ আৰ্যসকল ক’ৰ মানুহ আছিল , এই সম্পর্কে পণ্ডিতসকলৰ বেলেগ বেলেগ মত পােৱা যায় । তাৰ ভিতৰত তিনিটা মত উল্লেখ কৰা হ’ল— 

( ১ ) ভালেমান পণ্ডিতে অনুমান কৰে যে প্রায় পাঁচ হাজাৰ বছৰ পূর্বে আসকলে পশ্চিম এছিয়াৰ কেতবােৰ অঞ্চলত বসবাস কৰিছিল । তাৰ পৰা এটা ঠাল ভাৰতত সােমাইছিলহি ।

( ২ ) কিছুমান পণ্ডিতৰ মতে আৰ্যসকল মধ্য এছিয়া , দক্ষিণ ৰাছিয়া আৰু সুমেৰু অঞ্চলৰ পৰা আহিছিল । তেওঁলােকে স্থানীয় লােকৰ সৈতে যুদ্ধ – বিগ্রহত লিপ্ত হৈছিল আৰু সপ্ত সিন্ধু অঞ্চলত বাস কৰিবলৈ লৈছিল। 

( ৩ ) অন কিছুমান পণ্ডিতৰ মতে আৰ্যসকল বহিৰাগত নাছিল । তেওঁলােকে আৰ্যসকলক ভাৰতৰ স্থানীয় জনগােষ্ঠী বুলি অনুমান কৰে । এইসকল পণ্ডিতৰ মতে বৈদিক সভ্যতাৰ বহু আগতেই সৰস্বতীনদীৰ পাৰত এটা উন্নত সভ্যতা গঢ়ি উঠিছিল আৰু এই সভ্যতা আৰ্যসকলৰ অৱদান ।

প্রশ্ন ৩। খালী ঠাই পূৰণ কৰা –

( ক ) ‘ঋ’ শব্দৰ অৰ্থ ……………. আৰু ‘ বেদ ‘ ৰ অৰ্থ হ’ল…………….। 

উত্তৰঃ স্তুতি , ভয়ান ।

( খ ) বেদ ৰচনাৰ পৰৱৰ্তী কালক ……………..বােলে । 

উত্তৰঃ বৈদিকোত্তৰ যুগ।

( গ ) বেদৰ মন্ত্ৰসমূহ মুখে মুখে চলি আহিছিল বাবে বেদক…………….বোলা হয় ।

উত্তৰঃ শ্রুতি।

( ঘ ) কেইবাটাও মন্ত্রৰ সমষ্টিক ……………..বোলা হৈছিল। 

উত্তৰঃ সূক্ত।

( চ ) ……………….. বেদত সৰস্বতীক মাতৃ স্বৰূপিনী বােলা হৈছিল । 

উত্তৰঃ সাম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top