Niketan Class 5 Social Chapter 2 ইতিহাসৰ অধ্যয়ন

Niketan Class 5 Social Chapter 2 ইতিহাসৰ অধ্যয়ন, Sankardev Chapter 2 ইতিহাসৰ অধ্যয়ন Class 5 Social Science Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Social Chapter 2 ইতিহাসৰ অধ্যয়ন

Join Telegram channel

Sankardev Class 5 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Social Science Chapter 2 ইতিহাসৰ অধ্যয়ন gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

ইতিহাসৰ অধ্যয়ন

Chapter – 2

সমাজ বিজ্ঞান

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। ইতিহাস আৰু বুৰঞ্জী শব্দৰ অর্থ কি ? 

উত্তৰঃ ‘ ইতিহাস ’ শব্দটো সংস্কৃত ‘ ইতিহ ’ শব্দৰ ৰূপান্তৰ । ‘ ইতিহ ’ ৰ অৰ্থ হ’ল আগৰে পৰা চলি অহা । এতেকে ইতিহাস বুলিলে অতীজৰে পৰা চলি অহা কথাবােৰকে বুজায় । 

‘ বুৰঞ্জী ’ শব্দটো টাই ভাষাৰ পৰা অহা বুলি কোৱা হয় । টাই ভাষাৰ শব্দ ‘বু’ ৰ অর্থ হ’ল পুৰণি কথা আৰু ‘ৰঞ্জ’ মানে বর্ণনা । অর্থাৎ পুৰণি কথাৰ বৰ্ণনা থকা পুথিখনেই হ’ল বুৰঞ্জী । 

প্রশ্ন ২। ইতিহাস পঢ়িলে কি কি লাভ হয় ? 

উত্তৰঃ ইতিহাস পঢ়িলে আমি মানৱ সভ্যতাৰ অতীজৰ বহুকথা জানিব পাৰোঁ । অতীজৰ মানুহবিলাকৰ কর্মপদ্ধতি , খাদ্যাভ্যাস , বেশ – ভূষা , নীতি – নিয়ম , পুৰুষ আৰু মহিলাৰ সামাজিক স্থিতি , মানুহবিলাকৰ বিভিন্ন সমস্যা আৰু সেইবােৰৰ সমাধানৰ বাবে তেওঁলােকে অৱলম্বন কৰা উপায় আদিৰ বিষয়ে আমি ইতিহাসৰ পৰা জানিবলৈ পাৰো । তদুপৰি অতীজৰ বিভিন্ন মানৱ সমাজৰ শাসন – ব্যৱস্থা , যুদ্ধৰ অস্ত্র – শস্ত্ৰ আৰু কৌশল , সা – সঁজুলি , আ – অলংকাৰ , ধর্ম বিশ্বাস আদি সম্পর্কেও আমি ইতিহাস পঢ়ি জানিব পাৰোঁ । 

প্রশ্ন ৩। ইতিহাসৰ সমল বুলিলে কি বুজা ? কেইবিধমান সমলৰ নাম লিখা । 

উত্তৰঃ পুৰণি সভ্যতাৰ বিষয়ে যিবােৰ তথ্য আৰু প্রমাণ পােৱা যায় , সেইবােৰকে ইতিহাসৰ সমল বুলি কোৱা হয় । ইতিহাসৰ কেইবিধমান গুৰুত্বপূর্ণ সমল হ’ল—

( ১ ) ধ্বংস হৈ যােৱা প্রাচীন নগৰৰ অৱশেষ । 

( ২ ) প্রাক্ – ঐতিহাসিক যুগত মানুহে ব্যৱহাৰ কৰা পাত্ৰ আৰু চিকাৰৰ আহিলাবােৰ ।

( ৩ ) প্রাচীন গুহাত আৱিষ্কাৰ হােৱা ছবি আৰু চিহ্নবােৰ । 

( ৪ ) লিখিত সাহিত্য । 

( ৫ ) খনন কার্যত উদ্ধাৰ হােৱা প্রাচীন মুদ্রা , ধাতু বা মাটিৰ পাত্র , শস্যৰ ভঁৰাল আদি । 

( ৬ ) শিলালিপি ( stone inscription ) আৰু তাম্রলিপি ( copper plate inscription ) । 

( ৭ ) অতীতৰ মানুহে দৈনন্দিন ব্যৱহাৰ কৰা সামগ্ৰীসমূহ । 

প্রশ্ন ৪। সাধুকথাবােৰ ইতিহাস হয়নে ? কাৰণ দর্শোৱা । 

উত্তৰঃ সাধুকথাবােৰ ইতিহাস নহয় । কাৰণ সাধুকথাৰ কাহিনী কাল্পনিকহে , সঁচা কাহিনী নহয়। অতীতৰ সঁচা কাহিনীবােৰহে ইতিহাস। 

প্রশ্ন ৫। অতীতৰ কথাবােৰ জানিব খুজিলে আমাৰ মনত সততে কোনবােৰ প্রশ্ন উদয় হয় ? 

উত্তৰঃ অতীতৰ কথাবােৰ জানিব খুজিলে আমাৰ মনত সততে উদয় হােৱা প্রশ্নবােৰ হৈছে — অতীতৰ কথা মানে কিমান অতীতৰ ? অতীতৰ সীমাৰেখা আছে জাননা ? পৃথিৱীত মানুহ আৰু জীৱ – জন্তুৰ সৃষ্টি কেতিয়া হৈছিল ? মানুহ আৰু জীৱ জন্তু সৃষ্টি হােৱাৰ আগতেনাে পৃথিৱীখন কেনেকুৱা আছিল ? সেই সময়ৰ পৃথিৱীত বাৰু কি কি আছিল ? ইত্যাদি । 

প্রশ্ন ৬। শিলালিপি আৰু তাম্রলিপি কাক বােলে ? এইবােৰ আমাৰ কি কামত আহে ? 

উত্তৰঃ অতীতত ৰজা – মহাৰজাসকলে বহুতাে কথা শিলৰ পাতত আৰু তামৰ ফলিত লিখি ৰাখিছিল । এইবােৰকে শিলালিপি আৰু তাম্রলিপি বুলি কোৱা হয় । এই শিলালিপি আৰু তাম্রলিপিবােৰৰ পৰা ভালেমান ঐতিহাসিক কথা জানিব পৰা যায় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top