Niketan Class 5 Social Chapter 19 গাঁৱৰ ভূগােল – নগৰৰ ভূগােল

Niketan Class 5 Social Chapter 19 গাঁৱৰ ভূগােল – নগৰৰ ভূগােল, Sankardev Chapter 19 গাঁৱৰ ভূগােল – নগৰৰ ভূগােল Class 5 Social Science Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Social Chapter 19 গাঁৱৰ ভূগােল – নগৰৰ ভূগােল

Join Telegram channel

Sankardev Class 5 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Social Science Chapter 19 গাঁৱৰ ভূগােল – নগৰৰ ভূগােল gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

গাঁৱৰ ভূগােল – নগৰৰ ভূগােল

Chapter – 19

সমাজ বিজ্ঞান

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। নগৰ আৰু গাঁৱৰ মাজত থকা তিনিটা পার্থক্য উল্লেখ কৰা । 

উত্তৰঃ নগৰ আৰু গাঁৱৰ মাজৰ তিনিটা পার্থক্য হৈছে— 

( ১ ) নগৰৰ মানুহবােৰৰ সহৰভাগৰেই জীৱিকা হৈছে — চাকৰি বাকৰি, ব্যৱসায় বাণিজ্য বা তেনেধৰণৰ কাম । আনহাতে , গাঁৱৰ মানুহৰ প্রধান জীৱিকা হৈছে কৃষি । 

( ২ ) নগৰৰ পৰিৱেশ হুলস্থূলীয়া আৰু প্ৰদূষণযুক্ত। কিন্তু গাঁৱৰ পৰিৱেশ শান্ত আৰু প্ৰদূষণৰ মাত্ৰা নগৰতকৈ কম ।

( ৩ ) নগৰৰ বিজুলী যােগান ভাল , খােৱা পানীৰ সু – ব্যৱস্থা আছে , ৰাস্তা – ঘাট যথেষ্ট উন্নত । আনহাতে , বহু গাঁৱত এতিয়াও বিজুলী যােগান নাই , য’ত আছে তাতে নিয়মীয়া নহয় ; খােৱা পানীৰ সু – ব্যৱস্থা নাই ; বেছিভাগ গাঁৱৰে ৰাস্তা – ঘাটৰ অৱস্থা পুতৌজনক । 

প্রশ্ন ২। বহুতাে লােকে গাঁৱত থকাটো বেছি পছন্দ কৰে কিয় ? 

উত্তৰঃ নগৰতকৈ গাঁৱৰ পৰিৱেশ শান্ত । গাঁৱত প্ৰদূষণৰ মাত্রা কম । গাঁৱত সতেজ আৰু পাচলি , ফল – মূল আদি পােৱা যায় । গাঁৱত থাকিলে ধান , মাহ , সৰিয়হ আদি বিভিন্ন খেতি কৰাৰ লগতে গৰু – ছাগলী , হাঁহ – পাৰ আদি পুহিব পৰা যায় । ইয়াত নগৰতকৈ খৰচৰ মাত্রা কম হয় । গাঁৱত নিজৰ বুলিবলৈ এখন সমাজ পােৱা যায় । তদুপৰি , গাঁওবােৰতাে আজি-কালি নানা চৰকাৰী – বেচৰকাৰী কার্যালয় , বেংক , চিকিৎসালয় , ডাকঘৰ , আৰক্ষী থানা আদি গঢ়ি উঠিছে । ৰাস্তা – ঘাট , বিজুলী যােগান , পানী যােগান আদিৰ দিশতাে গাঁওবােৰ যথেষ্ট আগবাঢ়িছে । সেয়েহে বহুতাে লােকে গাঁৱত থকাটো বেছি পছন্দ কৰে । 

সানমিহলি প্রশ্নোত্তৰ

প্রশ্ন ১। আদিম যুগৰ মানুহে কি কি খাই জীৱন ধাৰণ কৰিছিল ? 

উত্তৰঃ আদিম যুগৰ মানুহে ফল – মূল , কেঁচা মাংস , পােক – পৰুৱা আদি খাই জীৱন ধাৰণ কৰিছিল । 

প্রশ্ন ২। জুইৰ আৱিষ্কাৰেই মানৱ সভ্যতাৰ আৰম্ভণি বুলি কিয় কোৱা হয় ? 

উত্তৰঃ মানৱ সভ্যতাৰ ইতিহাসত জুইৰ আৱিষ্কাৰ এটা যুগান্তকাৰী ঘটনা।জুইৰ আৱিষ্কাৰৰ আগেয়ে খাদ্যাভ্যাস আৰু জীৱন – ধাৰণ প্ৰণালীৰ ক্ষেত্ৰত ইতৰ প্রাণী আৰু মানুহৰ মাজত বিশেষ পার্থক্য নাছিল । কিন্তু জুই ধৰাৰ কৌশলটো আয়ত্ত কৰাৰ পাছৰে পৰা আদিম মানৱৰ জীৱন যাত্ৰাৰ ভালেখিনি উন্নতি হয় । ন ন কামত তেওঁলােকে জইৰ ব্যৱহাৰ শিকিলে । আদিম মানৰে প্রথম অৱস্থাত তােক নিবাৰণৰ বাবে ফল – মূল , জীৱ – জন্তুৰ মঙহ , পােক – পৰুৱা আদি কেঁচাই কেঁচাই খাইছিল । কিন্তু জুইৰ আৱিষ্কাৰৰ পৰা তেওঁলােকে জীৱ – জন্তুৰ মঙহকে ধৰি বিভিন্ন খাদ্যবস্তু জুইত পুৰি বা সেঁকি খাবলৈ শিকে । কালক্ৰমত জুইৰ সহায়ত চিকাৰৰ বাবে ধাতুৰ বিভিন্ন অস্ত্রপাতি আৰু অন্যান্য প্রয়ােজনীয় আহিলাও সাজিবলৈ শিকিছিল । এনেবােৰ কাৰ্যই তেওঁলােকক ক্রমাগতভাৱে এক উন্নত জীৱন প্ৰদান কৰিছিল । সেই বাবেই জুইৰ আৱিষ্কাৰক মানৱ সভ্যতাৰ আৰম্ভণি বুলি কোৱা হয় । 

প্রশ্ন ৩। চকাৰ আৱিষ্কাৰে আদিম মানৱৰ জীৱন যাত্রাত কেনে পৰিৱৰ্ন আনিছিল ? 

উত্তৰঃ চকাৰ আৱিষ্কাৰ হৈছিল নৱ প্রস্তৰ যুগত । এই আৱিষ্কাৰে আদিম মানৱৰ জীৱনলৈ বহু পৰিৱৰ্তন আনিছিল । চকাৰ সহায়ত তেওঁলােকে গধুৰ বস্তু এঠাইৰ পৰা আন ঠাইলৈ অতি কম কষ্টেৰে নিব পৰা হ’ল , চকা লগােৱা গাড়ী জন্তুৰে টনােৱা হ’ল । পূর্বতে তেওঁলােকে খালী হাতেৰে মাটিৰ পাত্র নির্মাণ কৰিছিল । চকা আৱিষ্কাৰ হােৱাৰ পাছত তেওঁলােকে সহজতে চাকত মাটিৰ পাত্র তৈয়াৰ কৰিব পৰা হ’ল । চকাই তেওঁলােকক গতি দিলে , কম শক্তিৰে অধিক কাম কৰিবলৈ সক্ষম কৰি তুলিলে । তেওঁলােকে জন্তুৰে টনােৱা চকা লগােৱা গাড়ীৰে বস্তু অনা – নিয়া কৰিবলৈ ধৰাত পৰিবহন ব্যৱস্থাৰ উন্নতি হ’ল । 

প্রশ্ন ৪। গাঁৱৰ উৎপত্তি কেনেকৈ হ’ল ? এটা থুলমূল ধাৰণা দিয়া । 

উত্তৰঃ পশুপালন আৰু খেতি কৰিবলৈ শিকাৰ পাছত আদিম মানৱে অঘৰী জীৱন এৰিব লগা হৈছিল । কাৰণ , পােহনীয়া জন্তুবােৰ সদায় লগত লৈ ঘূৰি ফুৰাটো সম্ভৱ নহয় । আনহাতে , শস্যৰ বীজ সিঁচাৰ পৰা ফচল গােটোৱালৈকে এচোৱা দীঘলীয়া সময়ৰ প্ৰয়ােজন । আকৌ চপােৱা ফচলবােৰৰ লগত লৈ ঘূৰি ফুৰাত অসুবিধা । ফলত আদিম মানৱে স্থায়ীভাৱে বসতি কৰিব লগা হৈছিল । কিন্তু তেওঁলােকে বুজি পাইছিল যে ইয়াত এঘৰ তাত এঘৰ থকাতকৈ একে ঠাইতে কেইবা ঘৰৰ মানুহ লগ হৈ থকাটো বেছি সুবিধাজনক । সেয়েহে , সুবিধাজনক আৰু নিৰাপদ স্থান বাছি লৈ তেওঁলােকে কেইবাটাও পৰিয়াল গছৰ ডাল – পাত , খেৰ আদিৰে একোটা আশ্রয়ৰ স্থান বা ঘৰ সাজি ওচৰা – উচৰিকৈ থাকিবলৈ লৈছিল । এনেকৈ একেটা অঞ্চলৰ বহু ঘৰ মানুহ লগ লাগি গাঁৱৰ উৎপত্তি হয় ।

প্রশ্ন ৫। তুষাৰ যুগ কাক বােলে ? কোনটো যুগত আধুনিক সভ্যতাৰ বীজ অংকুৰিত হােৱা বুলি কোৱা হয় ? 

উত্তৰঃ কেইবা নিযুত বছৰৰ ব্যৱধানত পৃথিৱীখনৰ উপৰিভাগৰ ভালেমান অংশ বৰফে ঢাকি পেলাইছিল । ফলত গছ – বিৰিখবােৰ মৰি গৈছিল , প্রাণীবােৰ নিৰাপদ ঠাঁই বিচাৰি পলাই গৈছিল আৰু পলাই যাব নােৱাৰা প্রাণীবােৰ মৃত্যুমুখত পৰিছিল । এনে কালক তুষাৰ যুগ বুলি কোৱা হয় । নৱ – প্ৰস্তৰ যুগত আধুনিক সভ্যতাৰ বীজ অংকুৰিত হােৱা বুলি কোৱা হয় । 

প্রশ্ন ৬। নদী উপত্যকাত গঢ় লৈ উঠা দুটা প্রাচীন সভ্যতাৰ নাম লিখা । 

উত্তৰঃ মিচৰীয়া সভ্যতা আৰু মেছােপ’টেমিয়া সভ্যতা । 

প্রশ্ন ৭। সিন্ধু সভ্যতা ধ্বংস হােৱাৰ কাৰণ কি কি বুলি অনুমান কৰা হয় ? 

উত্তৰঃ সিন্ধু সভ্যতা ধ্বংস হােৱাৰ কাৰণ হিচাপে কোনাে কোনাে পণ্ডিতে অনুমান কৰে যে আর্যসকলৰ আক্ৰমণত এই সভ্যতা ধ্বংসপ্রাপ্ত হয়। আন এচাম পণ্ডিতৰ মতে , বানপানী বা খৰাং বতৰত জুৰুলা হৈ সিন্ধু সভ্যতা ধ্বংস হ’ল । বহুতে কয় , ভূমিস্খলনৰ দৰে প্রাকৃতিক দুর্যোগত পৰি এই সভ্যতা ধ্বংসপ্রাপ্ত হৈছিল। আন কিছুমানৰ মতে , সিন্ধু সভ্যতাৰ লােকে লােৰ ব্যৱহাৰ নজনাৰ বাবেহে এই সভ্যতা তিষ্ঠি থাকিব নােৱাৰিলে । 

প্রশ্ন ৮। সপ্ত সিন্ধু বুলিলে কি বুজা ? 

উত্তৰঃ সপ্ত সিন্ধু বুলিলে সিন্ধু নদী আৰু ইয়াৰ ছয়খন উপনৈ — শতদ্রু , বিপাশা , ইৰাৱতী , চন্দ্রভাগা , বিতস্তা আৰু সৰস্বতী নদীক বুজায় । 

প্রশ্ন ৯। বেদ চাৰিখনৰ নাম কি ? বেদক কিয় ‘ শ্রুতি ’ বােলা হয় ? 

উত্তৰঃ ঋকবেদ , সামবেদ , যজুর্বেদ আৰু অথর্ববেদ । লিখিতৰূপ পােৱাৰ আগতে বেদৰ মন্ত্ৰসমূহ কেইবাহাজাৰ বছৰ ধৰি মুখে মুখে চলি আহিছিল । সেইবাবেই বেদক ‘ শ্রুতি ’ বােলা হয় ।

প্রশ্ন ১০। ‘ সৰস্বতী সভ্যতা ’ বুলিলে কি বুজা ? 

উত্তৰঃ বৈদিক সভ্যতাৰ আগতে সৰস্বতী নদীৰ পাৰত এটা উন্নত সভ্যতা গঢ়ি উঠিছিল বুলি বহুতাে পণ্ডিতে অনুমান কৰে । বর্তমান সৰস্বতী নদীৰ কোনাে অস্তিত্ব নাই । কিন্তু চাৰিওখন বেদতে সৰস্বতী নদীৰ অনেক গুণ – গান কৰা হৈছে । যিয়েই নহওঁক , সৰস্বতী নদীৰ পাৰত গঢ়ি উঠা বুলি অনুমান কৰা সভ্যতাটোকেই ‘ সৰস্বতী সভ্যতা ‘ বুলি কোৱা হয় । 

প্রশ্ন ১১। ষোল্লখন ( ১৬ ) মহাজনপদৰ নাম লিখা। 

উত্তৰঃ ষোল্লখন ( ১৬ ) মহাজনপদ হৈছে –( ১ ) অংগ , ( ২ ) মগধ , ( ৩ ) বৃজি , ( ৪ ) কাশী , ( ৫ ) কোশল , ( ৬ ) মল্ল , ( ৭ ) চেদী , ( ৮ ) বৎস , ( ৯ ) কুৰু , ( ১০ ) পাঞ্চাল , ( ১১ ) মৎস্য , ( ১২ ) শূৰাসন , ( ১৩ ) অস্মক , ( ১৪ ) অৱন্তী , ( ১৫ ) গান্ধাৰ আৰু ( ১৬ ) কম্বােজ । 

প্রশ্ন ১২। ১৬ খন মহাজনপদৰ ভিতৰত কোনখন আটাইতকৈ শক্তিশালী হৈছিল ? 

উত্তৰঃ মগধ । 

প্রশ্ন ১৩। মগধৰ কোনজন ৰজাৰ শাসন কালত আলেকজেণ্ডাৰে ভাৰত আক্রমণ কৰিছিল ? 

উত্তৰঃ ৰজা ধনানন্দৰ শাসনকালত । 

প্রশ্ন ১৪। চাৰিটা বর্ণ সৃষ্টিৰ জৰিয়তে কামৰ বিভাজন কেনেদৰে কৰা হৈছিল ? 

উত্তৰঃ আর্যসকলৰ শাসন ব্যৱস্থাত চাৰিটা বর্ণ সৃষ্টি কৰি প্রতিটো বৰ্ণৰ মাজত কামৰ বিভাজন কৰি দিয়া হৈছিল । সেই অনুসাৰে ব্ৰাহ্মণসকলৰ দায়িত্ব আছিল— যাগ – যজ্ঞ , পূজা – পাতল কৰা ; ক্ষত্রিয়সকলৰ দায়িত্ব আছিল — যুদ্ধ – বিগ্রহত ভাগ লােৱা ; বৈশ্যসকলৰ দায়িত্ব আছিল— বেপাৰবাণিজ্য কৰা ; আৰু শূদ্ৰসকলৰ দায়িত্ব আছিল —প্রথম তিনিওটা শ্রেণীকে সেৱা আগবঢ়োৱা । 

প্রশ্ন ১৫। মগধ ৰাজ্য শক্তিশালী হােৱাৰ পাঁচটা কাৰণ উল্লেখ কৰা । 

উত্তৰঃ মগধৰাজ্য শক্তিশালী হােৱাৰ পাঁচটা কাৰণ হৈছে— 

( ১ ) মগধৰ সামৰিক শক্তি সু – সংগঠিত আছিল । ভাৰতৰ সমৰ ইতিহাসত পােন প্ৰথমবাৰৰ বাবে যুদ্ধত হাতী ব্যৱহাৰ হৈছিল মগধ ৰাজ্যত । 

( ২ ) ৰাজ্য পৰিচালনাৰ বাবে সুদক্ষ বিষয়া বৰ্গক নিয়ােগ কৰা হৈছিল । 

( ৩ ) মগধৰ যােগাযােগ ব্যৱস্থা বেহা – বেপাৰৰ বাবে সুচল আছিল । 

( ৪ ) মগধৰ ৰাজধানী পাটলিপুত্র প্রাকৃতিকভাৱে অতি সুৰক্ষিত আছিল।

( ৫ ) মগধ ৰাজ্যৰ কেইবা ঠাইতাে লােৰ আকৰৰ খনি আছিল । অন্য অস্ত্র – শস্ত্র আৰু অন্যান্য সঁজুলি তৈয়াৰ কৰাত মগধৰ লোক পাৰ্গত আছিল। 

প্রশ্ন ১৬। গৌতম বুদ্ধৰ সৰু কালৰ নাম কি আছিল ? তেওঁক গৌতম বােলা হৈছিল কিয় ? 

উত্তৰঃ সিদ্ধার্থ । সিদ্ধার্থৰ জন্মৰ পাছতে মাক মায়াদেৱীৰ মৃত্যু হােৱাত মাহীমাক গৌতমীয়ে তেওঁক ডাঙৰ – দীঘল কৰে ৷ সেইবাবেই সিদ্ধার্থ গৌতম বােলা হৈছিল ? 

প্রশ্ন ১৭। জৈন ধর্মৰ মূল মত কি চমুকৈ লিখা । 

উত্তৰঃ অহিংসাই পৰম ধর্ম — এয়ে হ’ল জৈন ধৰ্মৰ মূল কথা । মহাবীৰে তেওঁৰ শিষ্যসকলক পাঁচটা গুণ আয়ত্ত কৰিবলৈ কৈছিল । সেইকেইটা হ’ল— 

( ১ ) সত্য ।

( ২ ) অহিংসা ।

( ৩ ) অপৰিগ্রহ ।

( ৪ ) অষ্টেয় । আৰু 

( ৫ ) ব্রহ্মচর্য । 

মহাবীৰৰ মতে প্রতিটো , মৌলিক বস্তুৱেই ভৌতিক আৰু আধ্যাত্মিক শক্তিৰ ফল । জৈন ধর্মই ‘ আত্মা ‘ আৰু ‘ কর্ম ’ ৰ ধাৰণা বিশ্বাস কৰে । মহাবীৰে কৈছিল যে মানুহে পাঁচটা গুণ আয়ত্ত কৰাৰ উপৰি সৎ বিশ্বাস , সৎ জ্ঞান আৰু সৎ আচৰণৰ পথ গ্রহণ কৰা উচিত । 

প্রশ্ন ১৮। বৌদ্ধ ধর্ম আৰু জৈন ধৰ্মৰ মাজত তিনিটা সাদৃশ্য উল্লেখ কৰা। 

উত্তৰঃ বৌদ্ধ ধর্ম আৰু জৈন ধৰ্মৰ মাজত তিনিটা সাদৃশ্য হৈছে –

( ১ ) দুয়ােটা ধর্মই অহিংসা আৰু সত্যৰ বাণী বিলাইছিল । 

( ২ ) দুয়ােটা ধর্মই বৈদিক জাতি – নীতিৰ বিৰােধিতা কৰিছিল । 

( ৩ ) দুয়ােটা ধর্মই মানুহক উচ্চ আদৰ্শ আৰু জীৱনৰ পৰম লক্ষ্যক পথ দেখুৱাই থৈ গৈছে । 

প্রশ্ন ১৯। তীর্থংকৰ কাক বােলে ? প্রথমগৰাকী তীর্থংকৰ আৰু অন্তিমগৰাকী তীর্থংকৰৰ নাম লিখা । 

উত্তৰঃ জৈন ধর্মগুৰুসকলক তীর্থংকৰ বুলি কোৱা হয় । প্রথমগৰাকী তীর্থংকৰৰ নাম ঋষভ আৰু অন্তিমগৰাকী হ’ল মহাবীৰ । 

প্রশ্ন ২০। এখন সমাজৰ লক্ষণবােৰ কি কি ? পাঁচটা লক্ষণৰ কথা লিখা । 

উত্তৰঃ কোনাে জনসমষ্টিক সমাজ বুলি ক’বলৈ হ’লে তাৰ কিছুমান লক্ষণ থাকিব লাগে । এখন সমাজৰ লক্ষণবােৰৰ ভিতৰত পাঁচটা লক্ষণ হৈছে –

( ১ ) বাস কৰা লােকসকলৰ মাজত আচাৰ – ব্যৱহাৰৰ সাদৃশ্য । 

( ২ ) চিন্তা – ভাৱনাৰ মিল । 

( ৩ ) লােকসকলৰ মাজত ভাৱৰ আদান – প্রদান । 

( ৪ ) ইজনৰ প্রতি সিজনৰ সম্ভাৱ । আৰু 

( ৫ ) সকলােৰে বাবে কল্যাণমূলক ব্যৱস্থাৰ প্ৰচলন । 

প্রশ্ন ২১। ‘ হাট ’ আৰু বজাৰৰ মাজৰ পার্থক্য কি ? হাট – বজাৰৰ মূল উদ্দেশ্য কি ? 

উত্তৰঃ বস্তু বেচা – কিনা কৰা বহু দোকান একেলগে স্থায়ীভাৱে থকা ঠাইক ‘ বজাৰ ’ বােলে । আনহাতে , নির্ধাৰিত ছিন বা বাৰত বস্তু বেচা- কিনাৰ বাবে য’ত বহু মানুহৰ সমাগম হয় তাক ‘ ‘ হাট ’ বােলে । 

হাট-বজাৰৰ মূল উদ্দেশ্য হল — উৎপাদকসকলে সঠিক মূল্য পাব লাগে আৰু গ্রাহকসকলেও উচিত মূল্যত সামগ্রী কিনিবলৈ পাব লাগে । 

প্রশ্ন ২২। খুচুৰা বজাৰ আৰু পাইকাৰী বজাৰৰ মাজৰ পার্থক্য কি ? 

উত্তৰঃ খুচুৰা বজাৰ আৰু পাইকাৰী বজাৰৰ মাজৰ পাৰ্থক্য হৈছে— 

( ১ ) পাইকাৰী বজাৰত ব্যৱসায়ীসকলে বেছি মূলধন খটুৱাব লাগে কিন্তু , খুচুৰা ব্যৱসায়ীসকলে কম মূলধনেৰে ব্যৱসায় কৰে । 

( ২ ) পাইকাৰী ব্যৱসায়ীয়ে বস্তু বিক্ৰী কৰে খুচুৰা ব্যৱসায়ীৰ ওচৰত ; খুচুৰা ব্যৱসায়ীয়ে বস্তু বিক্ৰী কৰে সাধাৰণ গ্রাহকৰ ওচৰত । 

( ৩ ) পাইকাৰী ব্যৱসায়ীয়ে উৎপাদকৰ পৰা পােনে পােনে বস্তু সংগ্রহ কৰে কিন্তু , খুচুৰা ব্যৱসায়ীয়ে বস্তু সংগ্রহ কৰে পাইকাৰী ব্যৱসায়ীৰ পৰা । 

প্রশ্ন ২৩। পষেকীয়া হাট , সাপ্তাহিক হাট আৰু অর্ধ সাপ্তাহিক হাট কাক বােলে ? 

উত্তৰঃ পষেকত এদিন বহা হাটক পষেকীয়া হাট , সপ্তাহত এদিন বহা হাটক সাপ্তাহিক হাট আৰু সপ্তাহত দুদিন বহা হাটক অর্ধ সাপ্তাহিক হাট বােলে ।

প্রশ্ন ২৪। শপিং মল সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ শপিংমল হ’ল ডাঙৰ ব্যৱসায়ীয়ে দিয়া বৃহৎ দোকান । আজি-কালি ডাঙৰ ডাঙৰ চহৰবােৰত এনেকুৱা শপিং মলবােৰ গঢ়ি উঠিছে । এই শপিং মলবােৰত অত্যাধুনিক সা – সুবিধা থাকে আৰু একেখন দোকানতে লাগতীয়াল বস্তু , বিলাসী সামগ্রী আদি কিনিবলৈ পােৱা যায় । শ্বপিং মলবােৰত বস্তুৰ দৰ – দাম খেলােৱাত সুবিধা নাথাকে । তাৰ সকলাে বস্তুৰে নির্দিষ্ট মূল্য নির্ধাৰণ কৰা থাকে । 

প্রশ্ন ২৫। আমাৰ স্থানীয় শাসন পদ্ধতিৰ তিনিটা উদাহৰণ দিয়া । 

উত্তৰঃ পৌৰ নিগম , নগৰ সমিতি আৰু গাঁও পঞ্চায়ত । 

প্রশ্ন ২৬। প্রাপ্তবয়স্কৰ ভােটাধিকাৰ কি ? 

উত্তৰঃ আমাৰ দেশত নির্বাচনী বিধি অনুযায়ী ১৮ বছৰ বয়স পূর্ণ হ’লেহে এগৰাকী পুৰুষ অথবা মহিলাই নিৰ্বাচনত মতদানৰ অধিকাৰ পায় । ইয়াকে প্রাপ্তবয়স্কৰ ভােটাধিকাৰ বােলে । 

প্রশ্ন ২৭। স্বায়ত্তশাসন ব্যৱস্থা বুলিলে কি বুজা ? ইয়াৰ উদ্দেশ্য কি ? 

উত্তৰঃ একোখন জনজাতীয় সমাজৰ উন্নয়নয়ৰ বাবে অঞ্চলটোৰ শাসনভাৰ সেই জনজাতিটোৰ সাংবিধানিকভাৱে নির্বাচিত প্রতিনিধিৰ হাতত অৰ্পণ কৰা ব্যৱস্থাটোক স্বায়ত্ত শাসন ব্যৱস্থা বােলা হয় । স্বায়ত্ত শাসনৰ উদ্দেশ্য হৈছে— জনজাতিসকলৰ ভাষা – সংস্কৃতি , জাতি – নীতি সামাজিক ব্যৱস্থা তথা পৰম্পৰাসমূহ ৰক্ষা কৰা । 

প্রশ্ন ২৮। অসমৰ পাহাৰীয়া অঞ্চলত থকা দুখন স্বায়ত্তশাসিত জিলা পৰিষদৰ নাম লিখা । 

উত্তৰঃ কাৰ্বি আংলং স্বায়ত্তশাসিত জিলা পৰিষদ আৰু ডিমা হাছাও জিলা পৰিষদ । 

প্রশ্ন ২৯। অসমৰ ভৈয়াম অঞ্চলত থকা তিনিখন স্বায়ত্তশাসিত পৰিষদৰ নাম লিখা । 

উত্তৰঃ বড়ােলেণ্ড স্বায়ত্তশাসিত পৰিষদ , ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদ আৰু মিচিং স্বায়ত্তশাসিত পৰিষদ । 

প্রশ্ন ৩০। বি টি এ ডিৰ জিলাকেইখনৰ নাম লিখা । 

উত্তৰঃ কোকৰাঝাৰ , চিৰাং , বাকসা আৰু ওদালগুৰি । 

প্রশ্ন ৩১। ভূচিত্ৰাৱলীত কি থাকে ? মানচিত্র বুলিলে কি বুজা ? 

উত্তৰঃ ভূচিত্ৰাৱলীত সমগ্র পৃথিৱীৰ মানচিত্র থাকে। মান বা জোখ – মাপ কৰি আঁকা চিত্রক মানচিত্র বােলে ।

প্রশ্ন ৩২। সংজ্ঞা লিখা — 

হিমবাহ , হিমশিলা , প্রবালদ্বীপ , পশ্চাভূমি , ভূমিকম্প , আগ্নেয়গিৰি ৷ 

উত্তৰঃ হিমবাহ :- বৰফেৰে ঢাক খাই থকা অতি ওখ পর্বতৰ ঠায়ে ঠায়ে পৰ্বতৰ গাৰে ধীৰে ধীৰে গলিত বৰফ নামি আহে । ইয়াকে হিমবাহ ( glacier ) বােলে । 

হিমশিলা :- মেৰু অঞ্চলৰ সাগৰত ঠায়ে ঠায়ে পানী গােট মাৰি বৰফ শিল হয় । আৰু তাৰে কিছু অংশ পানীত ওপঙি থাকে । ইয়াকে হিমশিলা ( iceberg ) বা বৰফৰ পর্বত বােলে । 

প্রৱালদ্বীপ :- সাগৰৰ তলিত থকা প্ৰৱাল পােক মৰি স্তুপীকৃত হৈ আন কিছুমান পদাৰ্থৰ লগ লাগি আৰু সাগৰত দ্বীপৰ সৃষ্টি কৰে । এনে দ্বীপক প্রৱাল দ্বীপ ( Coral ! Island ) বােলে । 

পশ্চাভূমি :- সাগৰ বা নৈৰ পাৰৰ অঞ্চলবােৰক পশ্চাৎভূমি বােলা হয়। 

ভূমিকম্প :- ভূ – গর্ভত থকা শিলৰ ছটা বা ফলক ( টেকটনিক প্লেট ) বােৰ স্থানচ্যুৎ হােৱাৰ ফলত পৃথিৱীৰ উপৰিভাগত উঠা কম্পনকে ভূমিকম্প ( Earthquake ) বােলে । 

আগ্নেয়গিৰি :- সময়ে সময়ে কোনাে কোনাে পর্বতৰ পৰা ভূ – গর্ভত থকা উত্তপ্ত গলিত ধাতৱ পদার্থ , জুই , ধোঁৱা আদি প্ৰৱল বেগেৰে ওলাই আহে আৰু ইয়াকে আগ্নেয়গিৰি ( Volcano ) বুলি কোৱা হয় । 

প্রশ্ন ৩৩। জোৱাৰ ভাটা কাক বােলে ? কিহৰ বাবে জোৱাৰ ভাটা হয় ? ই কেইপ্ৰকাৰৰ ? 

উত্তৰঃ সাগৰৰ পানী উঠা – নমা কৰাকে জোৱাৰ ভাটা বােলে । চন্দ্ৰ আৰু সূর্যই পৃথিৱীক আকর্ষণ কৰাৰ ফলত জোৱাৰ ভাটা হয় । জোৱাৰ ভাটা দুই প্রকাৰৰ ওফন্দি উঠা জোৱাৰ ( Spring Tide ) আৰু নাটনি জোৱাৰ ( Neaptide ) । 

প্রশ্ন ৩৪। ভূমিকম্প জোখা স্কেলৰ নাম কি ? ইয়াক কোনে উদ্ভাৱন কৰিছিল ? 

উত্তৰঃ ৰিটাৰ স্কেল । আমেৰিকাৰ ৰিষ্টাৰ নামৰ ভূ – বিজ্ঞানী এগৰাকীয়ে ইয়াক উদ্ভাৱন কৰিছিল ।

প্রশ্ন ৩৫। প্রবাল দ্বীপ কেনেদৰে সৃষ্টি হয় ? ভাৰত মহাসাগৰত থকা প্রবাল দ্বীপ এটাৰ নাম লিখা । 

উত্তৰঃ সাগৰৰ তলত থকা প্ৰৱাল পােক মৰি স্তুপীকৃত হৈ আন কিছুমান পদার্থ লগ লগাৰ ফলত প্রৱাল দ্বীপৰ সৃষ্টি হয় । ভাৰত মহাসাগৰত থকা এটা প্রবাল দ্বীপ হৈছে লাক্ষাদ্বীপ ।

প্রশ্ন ৩৬। সৌৰজগত কাক বােলে ? সৌৰজগতৰ গ্ৰহবােৰৰ নাম লিখা । 

উত্তৰঃ সূর্য আৰু ইয়াৰ সৈতে বান্ধ খাই থকা গ্রহ , উপগ্রহ , উল্কাপিণ্ড , ধূমকেতু , খণ্ডিত গ্রহপিণ্ড আদিক একেলগে সৌৰজগত বােলে ৷ সৌৰজগতৰ গ্ৰহবােৰ হৈছে— বুধ , শুক্র , পৃথিৱী , মণ্ডল , বৃহস্পতি , শনি , ইউৰেনাছ আৰু নেপচুন । 

প্রশ্ন ৩৭। জ্যোতিষ্ক কাক বােলে ? গ্রহ আৰু নক্ষত্রৰ মাজত পার্থক্য কি ? 

উত্তৰঃ যিবােৰ বস্তুৱে আকাশত থাকি পােহৰ বিলায় , সেইবােৰক জ্যোতিষ্ক বােলে । গ্ৰহ আৰু নক্ষত্ৰৰ মাজত পার্থক্য হৈছে — গ্রহবােৰৰ নিজা পােহৰ আৰু তাপ নাই , কিন্তু নক্ষত্ৰবােৰৰ নিজা পােহৰ আৰু তাপ আছে ৷ গ্রহবোৰ গতিশীল আনহাতে , নক্ষত্ৰবােৰৰ গতি নাই , সেইবােৰ স্থিৰ।

প্রশ্ন ৩৮। মহাকাশলৈ যােৱা প্ৰথমজন মানুহৰ নাম কি ? তেওঁ কোন দেশৰ লােক ? 

উত্তৰঃ যুৰি গাগাবিন । তেওঁ ছােভিয়েত ৰাছিয়াৰ লােক । 

প্রশ্ন ৩৯। চন্দ্রত প্রথমে পদার্পণ কৰা লােক দুজনৰ নাম কি ? 

উত্তৰঃ নীল আর্মষ্ট্রং আৰু এডুইন এলড্রিন । 

প্রশ্ন ৪০। ভাৰতে মহাকাশলৈ প্ৰেৰণ কৰা প্রথম উপগ্ৰহটোৰ নাম কি ? এইটো ক’ৰপৰা উৎক্ষেপণ কৰা হৈছিল ? 

উত্তৰঃ আর্যভট্ট । ভাৰতীয় মহাকাশ গৱেষণা প্রতিষ্ঠানৰ পৰা । 

প্রশ্ন ৪১। ধূমকেতু কাক বােলে ? কোনবােৰ ধূমকেতু নির্দিষ্ট সময়ৰ ব্যৱধানত পুনৰবাৰ দেখা পােৱা যায় ?

উত্তৰঃ আকাশত পৰিভ্ৰমণ কৰা বৰফৰ শিলাখণ্ডকে ধূমকেতু বােলে । যিবােৰ ধূমকেতুৰ কক্ষপথ উপবৃত্তাকাৰ বা ডিম্বাকৃতিৰ ( Elliptical ) , সেইবােৰ ধূমকেতুক নির্দিষ্ট সময়ৰ ব্যৱধানত পুনৰবাৰ দেখা পােৱা যায় । 

প্রশ্ন ৪২। সূর্য গ্রহণ কাক বােলে ? ই কেনেকৈ হয় লিখা । 

উত্তৰঃ কেতিয়াবা আংশিকভাৱে বা সম্পূর্ণভাৱে দিনতে সূর্যটো স্লান পৰে বা নেদেখা হয় । ইয়াকে সূর্যগ্রহণ বােলে । গ্ৰহণৰ কাৰণ হ’ল পৃথিৱী আৰু চন্দ্ৰৰ পৰিভ্রমণ বা বার্ষিক গতি । পৰিভ্ৰমণ কৰি থাকোতে কেতিয়াবা চন্দ্ৰটোৱে পৃথিৱী আৰু সূৰ্যৰ মাজত অৱস্থান লয়হি । তেতিয়া অলপ সময়ৰ বাবে সূর্যটো পৃথিৱীৰ পৰা নেদেখা হয় । এয়াই সূর্য গ্রহণ । 

প্রশ্ন ৪৩। চন্দ্র গ্রহণ কাক বােলে ? ই কেনেকৈ হয় লিখা । 

উত্তৰঃ কেতিয়াবা জোনটো আংশিক বা সম্পূর্ণভাৱে কিহবাই ঢাকি পেলায় । ফলত পূর্ণিমাৰ নিশাও জোনাক নােহােৱা হয় , পৃথিৱী আন্ধাৰ হৈ পৰে । ইয়াকে চন্দ্র গ্রহণ ( Lunar Eclipse ) বােলে । গ্ৰহণৰ কাৰণ হ’ল চন্দ্ৰ আৰু পৃথিৱীৰ পৰিভ্রমণ বা বার্ষিক গতি । পৰিভ্ৰমণ কৰি থাকোতে কেতিয়াবা পৃথিৱীখনে চন্দ্ৰ আৰু সূৰ্যৰ মাজত অৱস্থান লয় । তেতিয়া পৃথিৱীৰ ছাঁ চন্দ্ৰত পৰে । এয়াই চন্দ্র গ্রহণ । 

প্রশ্ন ৪৪। মহাসাগৰ কেইখন আৰু কি কি ? 

উত্তৰঃ মহাসাগৰ পাঁচখন — সেইবোৰ হ’ল–

১। প্রশান্ত মহাসাগৰ ( Pacific Ocean ) । 

২। আটলান্টিক মহাসাগৰ ( Atlantic Ocean ) । 

৩। ভাৰত মহাসাগৰ ( Indian Ocean ) । 

৪। উত্তৰ মহাসাগৰ ( Aritic Ocean ) । আৰু 

৫। দক্ষিণ মহাসাগৰ ( South Ocean ) । 

প্রশ্ন ৪৫। কোনখন মহাসাগৰ আটাইতকৈ ডাঙৰ আৰু দ ? মহাসাগৰখনৰ গড় গভীৰতা কিমান ? 

উত্তৰঃ প্রশান্ত মহাসাগৰ । ইয়াৰ গড় গভীৰতা হৈছে —৪,০২৮ মিটাৰ ।

প্রশ্ন ৪৬। পৃথিৱীৰ ভিতৰত মহাসাগৰৰ কোনটো অঞ্চল আটাইতকৈ দ ? ইয়াৰ গভীৰতা কিমান ? 

উত্তৰঃ প্রশান্ত মহাসাগৰৰ ‘ মেৰিয়ানা ট্রেন্স ’ অঞ্চল । ইয়াৰ গভীৰতা ১১,৭৬৬ মিটাৰ ।

প্রশ্ন ৪৭। মহাদেশ কেইখন আৰু কি কি ? কোনখন মহাদেশত মানুহৰ বসতি নাই ? 

উত্তৰঃ মহাদেশ সাতখন । সেইবােৰ হৈছে — 

১। এছিয়া ।

২। উত্তৰ আমেৰিকা । 

৩। দক্ষিণ আমেৰিকা ।

৪। আফ্রিকা ।

৫। ইউৰােপ ।

৬। ওচেনিয়া । আৰু 

৭। এন্টার্কটিকা । 

এন্টার্কটিকাত মানুহৰ বসতি নাই । 

প্রশ্ন ৪৮। কোনখন মহাদেশৰ জনসংখ্যা আটাইতকৈ বেছি ? 

উত্তৰঃ এছিয়া মহাদেশৰ ।

প্রশ্ন ৪৯। ইউৰেছিয়া বুলিলে কি বুজা ? 

উত্তৰঃ ইউৰােপ আৰু এছিয়া মহাদেশক একেলগেই উৰেছিয়া বােলে । 

প্রশ্ন ৫০। পৰিৱেশ বুলিলে কি বুজা ? পৰিৱেশ কেই প্ৰকাৰৰ ? 

উত্তৰঃ আমাৰ চৌপাশে থকা বস্তুবােৰ আৰু বস্তুৰ বাৰে সৃষ্টি কৰা অৱস্থাটোকেই পৰিৱেশ বুলি কোৱা হয় । পৰিৱেশ দুই প্রকাৰৰ— 

১। প্রাকৃতিক পৰিৱেশ । আৰু 

২। মানুহে সৃষ্টি কৰা পৰিৱেশ । 

প্রশ্ন ৫১। প্রাকৃতিক পৰিৱেশ আৰু মানুহে সৃষ্টি কৰা পৰিৱেশৰ তিনিটাকৈ উদাহৰণ দিয়া । 

উত্তৰঃ শীতল মলয়াবতাহ , চৰাইৰ কলৰৱ আৰু বতাহৰ বৰষুণ — এইবােৰ প্রাকৃতিক পৰিৱেশ । আনহাতে , সংগীতৰ মূৰ্ছনা , মানুহৰ কোলাহল আৰু কল – কাৰখানাৰ শব্দ— এইবােৰ মানুহে সৃষ্টি কৰা পৰিৱেশ । 

প্রশ্ন ৫২। কোন অঞ্চলত ছমাহ দিন আৰু ছমাহ ৰাতি হয় ? 

উত্তৰঃ মেৰু অঞ্চলত ছমাহ দিন আৰু ছমাহৰাতি হয় । 

প্রশ্ন ৫৩। ঈগলু কি ? এস্কিম’সকলে কি খাই জীয়াই থাকে ? 

উত্তৰঃ বৰফেৰে সজা ঘৰক ঈগলু বুলি কোৱা হয়। এস্কিম’সকলে মাংস খাই জীয়াই থাকে । 

প্রশ্ন ৫৪। মৰুভূমিত বাস কৰা মানুহে সর্বশৰীৰ কাপােৰৰে ঢাকি লৈহে ফুৰা চকা কৰে কিয় ? 

উত্তৰঃ ধূলি – বতাহৰ পৰা সকাহ পাবলৈ ।

প্রশ্ন ৫৫। মণ্ডল আৰু জলমণ্ডলক কিহে আৱৰি আছে ? 

উত্তৰঃ বায়ুমণ্ডলে আৱৰি আছে ।

প্রশ্ন ৫৬। মানুহে সৃষ্টি কৰা পৰিৱেশ আৰু প্রাকৃতিক পৰিৱেশৰ মাজত থকা বিৰােধৰ এটা উদাহৰণ দিয়া ।

উত্তৰঃ মানুহে সৃষ্টি কৰা পৰিৱেশ আৰু প্রাকৃতিক পৰিৱেশৰ বিৰােধৰ সম্পৰ্কত আমি বিল এখনৰ কথাকে ক’ব পাৰাে । বিলৰ ওচৰৰ খেতি – পথাৰত ধান খেতি ভাল হয় ; বিলত মাছ , কাছ , কেঁকোৰা , শামুক , শেলুৱৈ আদি থাকে । বিলত জাকে জাকে চৰাই পৰেহি । চৰাইৰ মাতেৰে বিলবােৰ মুখৰ হৈ থাকে । বিলৰ চৌপাশৰ বায়ু সাধাৰণতে নির্মল হয় । মুঠতে বিলত এক সুন্দৰ প্রাকৃতিক পৰিৱেশ পােপাৱা যায় । কিন্তু , বিল এখন পুতি তাত ডাঙৰ কাৰখানা বহুওৱা যায় । তেনেহ’লে তাত সম্পূর্ণ বিপৰীত পৰিৱেশ এটাই গা কৰি উঠে । কাৰখানাৰ ধোঁৱাই বায়ু প্ৰদূষিত কৰে , ইয়াৰ বিকট শব্দই শব্দ প্ৰদূষণ ঘটায় , ইয়াৰ পৰা ওলােৱা বিষাক্ত বস্তুৱে খেতি – বাতি নষ্ট কৰে । গতিকে দেখা যায় প্রাকৃতিক পৰিৱেশ আৰু মানুহে সৃষ্টি কৰা পৰিৱেশৰ মাজত সদায়ে বিৰােধ থাকে । 

প্রশ্ন ৫৭। নগৰ আৰু গাঁৱৰ মাজত তিনিটা পার্থক্য উল্লেখ কৰা । 

উত্তৰঃ নগৰ আৰু গাঁৱৰ মাজত থকা তিনিটা পার্থক্য হৈছে— 

( ১ ) নগৰৰ মানুহৰ সৰহভাগৰেই জীৱিকা হৈছে– চাকৰি বাকৰি , ব্যৱসায় বাণিজ্য বা তেনেধৰণৰ কাম । আনহাতে , গাঁৱৰ মানুহৰ প্রধান জীৱিকা হৈছে কৃষি । 

( ২ ) নগৰৰ পৰিৱেশ হুলস্থূলীয়া আৰু প্ৰদূষিত । কিন্তু গাঁৱৰ পৰিৱেশ শান্ত আৰু প্রদূষণ তুলনামূলকভাৱে নগৰতকৈ কম । 

( ৩ ) নগৰৰ বিজুলী যােগান ভাল , খােৱাপানীৰ সু – ব্যৱস্থা আছে , ৰাস্তা – ঘাট যথেষ্ট উন্নত । আনহাতে বহু গাঁৱত এতিয়াও বিজুলী যােগান নাই , য’ত আছে তাতাে নিয়মীয়া নহয় ; খােৱা পানীৰ সুব্যৱস্থা নাই , বেছিভাগ গাঁৱৰে ৰাস্তা – ঘাটৰ অৱস্থা পুতৌ লগা ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top