Niketan Class 5 Assamese Chapter 8 প্রসিদ্ধ ভাৰতীয় বিজ্ঞানী ছাৰ চন্দ্ৰশেখৰ ভেংকটৰমণ Sankardev Sishu Niketan Chapter 8 প্রসিদ্ধ ভাৰতীয় বিজ্ঞানী ছাৰ চন্দ্ৰশেখৰ ভেংকটৰমণ Class 5 Assamese Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.
Niketan Class 5 Assamese Chapter 8 প্রসিদ্ধ ভাৰতীয় বিজ্ঞানী ছাৰ চন্দ্ৰশেখৰ ভেংকটৰমণ
Sankardev Class 5 Assamese Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Assamese Chapter 8 প্রসিদ্ধ ভাৰতীয় বিজ্ঞানী ছাৰ চন্দ্ৰশেখৰ ভেংকটৰমণ gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.
প্রসিদ্ধ ভাৰতীয় বিজ্ঞানী ছাৰ চন্দ্ৰশেখৰ ভেংকটৰমণ
Chapter – 8
ASSAMESE
SANKARDEV SISHU NIKETAN
প্রশ্ন ১। ভেংকটৰমণৰ ক’ত জন্ম হৈছিল ? তেওঁৰ মাক – দেউতাকৰ নাম কি আছিল ?
উত্তৰঃ তামিলনাড়ুৰ ত্ৰিচনাপল্লীত । তেওঁৰ মাকৰ নাম পার্বতী আমল আৰু দেউতাকৰ নাম চন্দ্রশেখৰ আয়াব ।
প্রশ্ন ২। আকাশখন আমি কিয় নীলা দেখো ?
উত্তৰঃ বায়ুমণ্ডলত থকা বিভিন্ন কণিকবােৰে সূৰ্যৰ পােহৰৰ বিচ্ছুৰণ ঘটায় । সূৰ্যৰ পােহৰত সাতটা ৰং থাকে । এই সাতােটা ৰঙৰ ভিতৰত নীলা ৰংটো আটাইতকৈ বেছি বিচ্ছুৰিত হয় । সেইবাবে আমি আকাশখন নীলা দেখো ।
প্রশ্ন ৩। সূৰ্যৰ পােহৰত থকা সাতটা ৰং কি কি ?
উত্তৰঃ বেঙুনীয়া , ঘননীলা , নীলা , সেউজীয়া , হালধীয়া , কমলা আৰু ৰঙা ।
প্রশ্ন ৪। ১৯২১ চনত ভেংকটৰমণ লণ্ডনলৈ কিয় গৈছিল ?
উত্তৰঃ ‘ বিশ্ববিদ্যালয় কংগ্ৰেছত যােগদান কৰিবলৈ গৈছিল । লণ্ডনৰ পৰা জাহাজেৰে উভতি আহি থাকোঁতে সাগৰৰ নীলা পানীবােৰলৈ চাই চাই ভেংকটৰমণৰ মনত এই প্রশ্নটো উদয় হৈছিল— ‘ আমি সাগৰৰ পানী নীলা দেখে কিয় ?
প্রশ্ন ৫। কি আৱিষ্কাৰৰ বাবে ভেংকটৰমণক নবেল বঁটা প্ৰদান কৰা হৈছিল ?
উত্তৰঃ ‘ ৰমণ ৰশ্মি ’ আৱিষ্কাৰৰ বাবে ।
প্রশ্ন ৬। ভেংকটৰমণে প্রতিষ্ঠা কৰাত আগভাগ লােৱা তিনিটা প্রতিষ্ঠানৰ নাম লিখা ।
উত্তৰঃ ( ১ ) ভাৰতীয় বিজ্ঞান প্রতিষ্ঠান ( Indian Institute of Science )
( ২ ) ৰমণ প্রতিষ্ঠান ( Raman Institute )
( ৩ ) ভাৰতীয় বিজ্ঞান একাডেমী ।
প্রশ্ন ৭। ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখটো কিহৰ বাবে উল্লেখনীয় ?
উত্তৰঃ এই দিনটোত ছাৰ চন্দ্ৰশেখৰ ভেংকটমণে ‘ মন ৰশ্নি ’ আৱিষ্কাৰ কৰিছিল বাবে ।
প্রশ্ন ৮। ভাৰতৰ ‘ ৰাষ্ট্রীয় বিজ্ঞান দিৱস ’ কোনটো দিনত পালন কৰা হয় ? সেই দিনটো কিয় বিখ্যাত ?
উত্তৰঃ ২৮ ফেব্ৰুৱাৰী তাৰিখত । এই দিনটোতে ভেংকটৰমণে ‘ ৰমৰ ৰশ্মি ‘ আৱিষ্কাৰ কৰিছিল ।
প্রশ্ন ৯। তলৰ প্ৰকেইটাৰ উত্তৰ দিয়া –
( ক ) ন’বেল বঁটা কি ?
উত্তৰঃ আলফ্রেড ন’বেল আছিল ডিনামাইট আৱিষ্কাৰক । তেওঁ দান কৰি থৈ যােৱা ধনেৰে মানৱ জাতিৰ কল্যাণৰ বাবে বিজ্ঞান চর্চা কৰা বিজ্ঞানৰ ক্ষেত্ৰলে বিশেষ বৰঙণি আগবঢ়োৱা লােকক প্রতি বছৰে ন’বেল বঁটা দিয়া হয় । এইটো বিজ্ঞানৰ সর্বোচ্চ বঁটা । আলফ্রেড ন’বেলৰ নামেৰে এই বঁটাটোৰ নাম নবেল বঁটা’ৰখা হৈছে ।
( খ ) ভেংকটৰমণে গৱেষণা কৰা গৱেষণা কেন্দ্ৰটোৰ নাম লিখ ।
উত্তৰঃ ভাৰতীয় বিজ্ঞান কৰ্ষণৰ সংস্থা ( Institute Association of Cultivation of Science )
( গ ) ‘ ভাৰত ৰত্ন’উপাধি পােৱা অসমৰ এগৰাকী ব্যক্তিৰ নাম লিখা ।
উত্তৰঃ গােপীনাথ বৰদলৈ । ( তেওঁক মৰণােত্তৰভাৱে এই উপাধি প্রদান কৰা হৈছে )
প্রশ্ন ১০। খালী ঠাইপূৰ কৰা –
( ক ) ৰমণে সাগৰৰ নীলা ৰঙৰ কাৰণ জানিবলৈ গৱেষণা চলােৱা প্রতিষ্ঠানটোৰ নাম ………………।
উত্তৰঃ ৰমণে সাগৰৰ নীলা ৰঙৰ কাৰণ জানিবলৈ গৱেষণা চলােৱা প্রতিষ্ঠানটোৰ নাম ‘ ভাৰতীয় বিজ্ঞান কৰ্ণৰ সংস্থা ‘।
( খ ) ৰমণে ………………. চনত ন’বেল বঁটা লাভ কৰিছিল ।
উত্তৰঃ ৰমণে ১৯৩০ চনত ন’বেল বঁটা লাভ কৰিছিল ।
( গ ) ব্রিটিছ চৰকাৰে ৰমণক ……………… উপাধিৰে সন্মানিত কৰিছিল ।
উত্তৰঃ ব্রিটিছ চৰকাৰে ৰমণক ‘ ছাৰ ’ উপাধিৰে সন্মানিত কৰিছিল ।
( ঘ ) ‘ ভাৰতীয় বিজ্ঞান কর্ষণৰ সংস্থা’টো ……………. চনত স্থাপিত হৈছিল ।
উত্তৰঃ ‘ ভাৰতীয় বিজ্ঞান কৰ্ষণৰ সংস্থা’টো ১৮৭৬ চনত স্থাপিত হৈছিল।
( ঙ ) ৰমণে ১৯৩৩ চনৰ পৰা ১৯৪৮ চনলৈ গৱেষণা চলােৱা প্রতিষ্ঠানটোৰ নাম ……………..।
উত্তৰঃ ৰমণে ১৯৩৩ চনৰ পৰা ১৯৪৮ চনলৈ গৱেষণা চলােৱা প্রতিষ্ঠানটোৰ নাম ‘ ভাৰতীয় বিজ্ঞান প্রতিষ্ঠান ‘ ।
( চ ) ১৯৫৪ চনত ভাৰত চৰকাৰে ভেংকটৰমণক …………….. কৰিছিল ।
উত্তৰঃ ১৯৫৪ চনত ভাৰত চৰকাৰে ভেংকটৰমণক ভাৰতৰত্ন উপাধি প্রদান কৰিছিল ।
( ছ ) ……………… চনৰ …………….. তাৰিখে ৰমণৰ মৃত্যু হৈছিল ।
উত্তৰঃ ১৯৭১ চনৰ ২১ তাৰিখে ৰমণৰ মৃত্যু হৈছিল ।
প্রশ্ন ১১। প্রথম স্তম্ভত দিয়া শব্দৰ অৰ্থ দ্বিতীয় স্তম্ভত দিয়া শব্দবােৰৰ মাজৰ পৰা বিচাৰি উলিওৱা ।
প্রথম স্তম্ভ | দ্বিতীয় স্তম্ভ |
বিচ্ছুৰণ | কোনাে বিষয়ৰ গভীৰ চিন্তা |
গবেষণা | বিশেষ ৰচনা |
বিজ্ঞান কর্ষণ | পােহৰৰ বিভিন্ন ৰং সিঁচৰতি হােৱা |
প্ৰবন্ধ | বিজ্ঞানৰ অধ্যয়ন কৰাৰ বাবে ব্যৱস্থা |
দুর্গত | কোনো সৎ উদ্দেশ্যত স্থাপিত হােৱা অনুষ্ঠান |
শ্রদ্ধাঞ্জলি | সন্মান জনাবলৈ আগবঢ়োৱা বস্তু |
একনিষ্ঠ | ভালেমান ব্যক্তিয়ে লগ লাগি গঠন কৰা সমিতি |
সংস্থা | পানী বা কাঁচত দেখা পােৱা বস্তুৰ ৰূপ |
প্রতিষ্ঠান | বিপদত পৰা লােক |
প্রতিবিম্ব | এটা বিষয়তে মনপুতি কাম কৰা গুণ |
উত্তৰঃ
প্রথম স্তম্ভ | দ্বিতীয় স্তম্ভ |
বিচ্ছুৰণ | পােহৰৰ বিভিন্ন ৰং সিঁচৰতি হােৱা |
গবেষণা | কোনাে বিষয়ৰ গভীৰ চিন্তা |
বিজ্ঞান কর্ষণ | বিজ্ঞানৰ অধ্যয়ন কৰাৰ বাবে ব্যৱস্থা |
প্ৰবন্ধ | বিশেষ ৰচনা |
দুর্গত | বিপদত পৰা লােক |
শ্রদ্ধাঞ্জলি | সন্মান জনাবলৈ আগবঢ়োৱা বস্তু |
একনিষ্ঠ | এটা বিষয়তে মনপুতি কাম কৰা গুণ |
সংস্থা | কোনো সৎ উদ্দেশ্যত স্থাপিত হােৱা অনুষ্ঠান |
প্রতিষ্ঠান | ভালেমান ব্যক্তিয়ে লগ লাগি গঠন কৰা সমিতি |
প্রতিবিম্ব | পানী বা কাঁচত দেখা পােৱা বস্তুৰ ৰূপ |
প্রশ্ন ১২। সূত্র লিখি উদাহৰণ দিয়া : সর্বনাম পদ
উত্তৰঃ বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ কৰা হয় তাক সর্বনাম পদ বােলে । যেনে — ৰমণ এগৰাকী বিজ্ঞানৰ সাধক আছিল । তেওঁ ৰমণ ৰশ্মি আৱিষ্কাৰ কৰিছিল ।
ওপৰৰ প্রথম বাক্যত থকা ‘ ৰমণ ’ বিশেষ্য পদটোৰ সলনি দ্বিতীয় বাক্যত ‘ তেওঁ ‘ শব্দটো ব্যৱহাৰ কৰা হৈছে । গতিকে ‘ তেওঁ ‘টো সর্বনাম পদ ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.