Niketan Class 4 Assamese Chapter 18 ৰক্ষা বন্ধন

Niketan Class 4 Assamese Chapter 18 ৰক্ষা বন্ধন, Sankardev Sishu Niketan Chapter 18 ৰক্ষা বন্ধন Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

ৰক্ষা বন্ধন

Chapter – 18

অসমীয়া

SANKARDEV SISHU NIKETAN

প্রশ্ন ১ : উত্তৰ লিখা :

(ক) কোন মাহৰ, কি তিথিত বক্ষা বন্ধন উৎসৱ পালন কৰা হয় ? 

উত্তৰ : শাওণ মাহৰ শ্ৰৱণা নক্ষত্রযুক্ত পূর্ণিমা তিথিত। 

(খ) ৰাখী বন্ধন উৎসৱ আমাৰ দেশত কেতিয়াৰ পৰা চলি আহিছে ?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰ : বৈদিক যুগৰ পৰা।

(গ) মন্ত্রপূত বঙীণ সূতাই মানুহৰ জীৱন কেনেদৰে অতিবাহিত কৰায় ? 

উত্তৰ : মন্ত্রপূত ৰঙীণ সূতা শাওণৰ পূৰ্ণিমা তিথিত হাতৰ গাঁঠিত পিন্ধি ল’লে মানুহৰ জীৱন সুখ-স্বচ্ছন্দেৰে অতিবাহিত হয়।

(ঘ) ৰাখী বন্ধন উৎসবে সমাজত কি ৰক্ষাকৰণত অৰিহণা যোগাইছে ? 

উত্তৰ : ৰাখী বন্ধন উৎসৱে সমাজত সম্প্রীতি ৰক্ষাকৰণত অৰিহণা যোগাইছে।

(ঙ) কোনজন সম্রাটে মহাৰাণী কৰুণাৱতীক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল ?

উত্তৰ :  সম্রাট হুমায়ুনে।

প্রশ্ন ২ : পবিত্ৰ ৰাখী বন্ধনৰ মন্ত্ৰটো লিখা। 

উত্তৰ : “যেন বদ্ধো বলিবাজা দানরেন্দ্রো মহাবলঃ।

তেন ত্বাং (প্রতি) বধ্নামি বক্ষো চল মা চল।” 

প্রশ্ন ৩ঃ ৰাখী বন্ধন পাঠটোত উল্লেখিত ঐতিহাসিক আখ্যানটো তোমাৰ নিজৰ ভাষাত লিখা।

উত্তৰ : এবাৰ সেনাপতি বাহাদুর শাহে এদল সৈন্য লৈ মহাৰাণী কৰুণাৱতীৰ মেৱাৰ ৰাজ্য অৱৰোধ কৰিবলৈ অগ্ৰসৰ হৈছিল। সেই সময়ত ৰাখী বন্ধন উৎসব চলি আছিল। গতিকে নিৰুপায় হোৱা ৰাণীয়ে কৌশল কৰি সম্রাট হুমায়ুনলৈ এটি ৰাখী পঠিয়ালে। ৰাখী-বন্ধনৰ জৰিয়তে ভাই-ভনীৰ সম্পৰ্ক গঢ়ি উঠে। সেয়েহে সম্রাট হুমায়ুনে ততালিকে বাহাদুৰ শ্বাহৰ বিৰুদ্ধে যুঁজ দিবলৈ মেৱাৰ অভিমুখে স সৈন্যে ৰাওনা হয়। অন্য সময়ত হোৱা হ’লে হয়তো সম্রাট হুমায়ুনে হিন্দু ৰাজ্যৰ ৰাণী এগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি নগ’লহেঁতেন। দুর্ভাগ্যক্রমে হুমায়ুন গৈ পোৱাৰ পূৰ্বে ৰাণীয়ে জুইত আত্মজাহ দিয়ে।

প্রশ্ন ৪ : ‘ৰাখী বন্ধন’ উৎসৱক ঠাই বিশেষে কি নামেৰে অভিহিত কৰা হয় ?

উত্তৰ : ৰাখ্ৰী, চাউলুনো আদি নামেৰে ।

প্রশ্ন ৫ : ভাতৃ দ্বিতীয়াত কি কৰা হয় ? 

উত্তৰ : ভাতৃ দ্বিতীয়াত বায়েক-ভনীয়েকে নিজৰ ভায়েক ককায়েকৰ কপালত তিলক দি শুভ-কামনা কৰে, আদৰ-যত্নেৰে ভাত এসাঁজ খুৱায়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top