নীলম সঞ্জীৱ ৰেড্ডী জীৱনী – ভাৰতৰ ৬ষ্ঠ গৰাকী ৰাষ্ট্ৰপতি | Neelam Sanjiva Reddy

নীলম সঞ্জীৱ ৰেড্ডী | Neelam Sanjiva Reddy Essay in Assamese | Biography of Neelam Sanjiva Reddy in Assamese | নীলম সঞ্জীৱ ৰেড্ডী বিষয়ে জীৱনী | নীলম সঞ্জীৱ ৰেড্ডী বিষয়ে ৰচনা | নীলম সঞ্জীৱ ৰেড্ডীৰ চমু পৰিচয়।

Join Telegram channel

যিসকল ব্যক্তিৰ ব্যক্তিত্ব আৰু দেশ প্ৰেমৰ ফলশ্রুতিত ভাৰতবৰ্ষ এখন আধুনিক, শক্তিশালী দেশ হিচাপে গঢ় লৈ উঠিছে তাৰ ভিতৰত এজন অন্যতম ব্যক্তি হ’ল নীলম সঞ্জীৱ ৰেড্ডী (Neelam Sanjiva Reddy)। সমগ্ৰ জীৱন ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত কৰা নীলম সঞ্জীৱ ৰেড্ডী আছিল এজন আপোচ বিহীন স্বাধীনতা সংগ্ৰামী, সুদক্ষ ৰাজনীতিবিদ, কৰ্মদক্ষ সাংসদ।

নীলম সঞ্জীৱ ৰেড্ডী

নীলম সঞ্জীৱ ৰেড্ডী জীৱনী | Neelam Sanjiva Reddy Biography

নামনীলম সঞ্জীৱ ৰেড্ডী (Neelam Sanjiva Reddy[1])
জন্ম চন১৯ মে ১৯১৩ চন
জন্ম স্থানঅনন্তপুৰ, অন্ধ্ৰ প্ৰদেশ
অভিভাৱকপিতৃৰ নাম – নীলম চিনাপ্পা ৰেড্ডী
মাতৃৰ নাম – নীলম নাগাৰত্নম্মা
শিক্ষা১) থিঅ’চফিকেল হাইস্কুল, মাদ্ৰাজ
২) চৰকাৰী কলা মহাবিদ্যালয়, অনন্তপুৰ
বঁটা১) ভাৰত ৰত্ন (১৯৫৪ চন)
২) সাহিত্য অকাডেমী বঁটা (১৯৫৮ চন)
মৃত্যু১ জুন, ১৯৯৬ চন

Also Read: জীৱনী: অন্তিমজন গৱৰ্ণৰ জেনেৰেল চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী | Chakravarti Rajagopalachari

নীলম সঞ্জীৱ ৰেড্ডী প্ৰাৰম্ভিক জীৱন তথা পৰিয়াল

স্বাধীনতা আন্দোলনত সক্ৰীয় ভাৱে অংশগ্ৰহণ কৰা নীলম সঞ্জীৱ ৰেড্ডীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সৈতে দীঘলীয়া ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰি  অন্ধ্ৰ প্ৰদেশৰ প্ৰথম মুখ্যমন্ত্ৰীৰ পদতো অধিষ্ঠিত হোৱাৰ লগতে দুবাৰকৈ লোকসভাৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭৭ চনৰ পৰা ১৯৮২ চনলৈকে কাৰ্যনিৰ্বাহ কৰা নীলম সঞ্জীৱ ৰেড্ডী আছিল বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা ভাৰতৰ ষষ্ঠতম ৰাষ্ট্ৰপতি তথা সৰ্বকনিষ্ঠ ভাৰতীয় ৰাষ্ট্ৰপতি

শিক্ষা

নীলম সঞ্জীৱ ৰেড্ডীয়ে জন্মগ্ৰহণ কৰিছিল ১৯১৩ চনৰ ১৯ মে তাৰিখে মাদ্ৰাজৰ ইলুৰ গাঁৱত (বৰ্তমানৰ অনন্তপুৰ জিলা, অন্ধ্ৰ প্ৰদেশ) এটা তেলেগু ভাষী হিন্দু পৰিয়ালত। মাদ্ৰাজৰ থিঅ’চফিকেল হাই স্কুলত অধ্যয়ন কৰা নীলম সঞ্জীৱ ৰেড্ডীয়ে স্নাতক শিক্ষা গ্ৰহণ কৰিছিল মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত অনন্তপুৰৰ চৰকাৰী কলা মহাবিদ্যালয়ত।

স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ

প্ৰচুৰ জাতীয়তাবাদী মনোভাৱৰ নীলম সঞ্জীৱ ৰেড্ডীয়ে ১৯২৯ চনৰ জুলাই মাহত মহাত্মা গান্ধীৰ অনন্তপুৰ ভ্ৰমণৰ পিছত তেওঁৰ চিন্তা-চৰ্চা, আদৰ্শৰ দ্বাৰা আকৃষ্ট হৈ ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা সংগ্ৰামত জপিয়াই পৰিছিল। গুৰুত্বপূৰ্ণ কথা যে, সক্ৰীয় ভাৱে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেই তেওঁ ১৯৩১ চনত মহাবিদ্যালয় ত্যাগ কৰিছিল। সেই সময়ত তেওঁ যুৱ লীগৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হোৱাৰ লগতে ছাত্ৰ সত্যাগ্ৰহতো অংশগ্ৰহণ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে ১৯৩৮ চনত তেওঁ অন্ধ্ৰ প্ৰদেশ প্ৰাদেশিক কংগ্ৰেছ সমিতিৰ সম্পাদক হিচাপে নিৰ্বাচিত হৈ দহ বছৰ ধৰি সম্পাদক হিচাপেই কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখ্য যে স্বাধীনতা আন্দোলনত সক্ৰীয় ভাৱে অংশগ্ৰহণ কৰাৰ বাবেই কাৰাবাসো খাটিছিল নীলম সঞ্জীৱ ৰেড্ডীয়ে। মহাত্মা গান্ধীৰ নেতৃত্বত সূচনা হোৱা ভাৰতৰ ত্যাগ আন্দোলনৰ সময়ছোৱাত অধিকাংশ সময় কাৰাবন্দী জীৱন কটাইছিল ৰেড্ডীয়ে। কাৰাবন্দীত্বৰ সময়চোৱাত ৰেড্ডীয়ে টি প্ৰকাশম, এছ সত্যমূৰ্তি, কে কামৰাজ আৰু ভি ভি গিৰিৰ সৈতে সময় অতিবাহিত কৰিছিল।

Also Read: জীৱনী: ৰজনীকান্ত বৰদলৈ – অসমীয়া ঔপন্যাসিক | Rajanikanta Bordoloi

ৰাজনৈতিক জীৱন

১৯৪৬ চনত নীলম সঞ্জীৱ ৰেড্ডী মাদ্ৰাজ বিধান সভালৈ কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ কংগ্ৰেছৰ বিধায়িনী দলৰ সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। ইয়াৰ ওপৰিও তেওঁ  ভাৰতীয় সংবিধান সভাৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। নীলম সঞ্জীৱ ৰেড্ডীয়ে ১৯৪৯ চনত এপ্ৰিল মাহত গৃহ আৰু বন মন্ত্ৰী বিভাগৰ মন্ত্ৰী হিচাপে ১৯৫১ চনলৈকে দায়িত্ব পালন কৰিছিল।

১৯৫১ চনত, নীলম সঞ্জীৱ ৰেড্ডী অন্ধ্ৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৫২ চনত ৰাজনৈতিক বিচক্ষণতাৰ বাবে অন্ধ্ৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰে। গুৰুত্বপূৰ্ণ কথা যে, ১৯৫৬ চনৰ অক্টোবৰ মাহত পৃথককৈ অন্ধ্ৰ প্ৰদেশ ৰাজ্য গঠন কৰাৰ পৰৱৰ্তী সময়ত নীলম সঞ্জীৱ ৰেড্ডীয়ে অন্ধ্ৰ প্ৰদেশৰ প্ৰথম মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে। অন্ধ্ৰ প্ৰদেশৰ প্ৰথম জন মুখ্য মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰা নীলম সঞ্জীৱ ৰেড্ডীৰ দক্ষতা আৰু শক্তিশালী নেতৃত্বৰ বাবে তেওঁক অন্ধ্ৰ প্ৰদেশৰ স্থাপত্য আৰু আধুনিকীকৰণৰ কৃতিত্ব প্ৰদান কৰা হয়। প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে কথাৰ প্ৰসংগত অভিহিত কৰিছিল যে, যদি অন্ধ্ৰ প্ৰদেশক দক্ষিণ ভাৰতৰ শস্যৰ ভাণ্ডাৰ বুলি অভিহিত কৰা হয়, তেন্তে নীলম সঞ্জীৱ ৰেড্ডী এই কৃতিত্বৰ অধিকাৰী।

গুৰুত্বপূৰ্ণ কথা যে নীলম সঞ্জীৱ ৰেড্ডীয়ে দ্বিতীয়বাৰৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰি ১৯৬২ চনৰ ১২ মাৰ্চৰ পৰা ১৯৬৪ চনৰ ২০ ফেব্ৰুৱাৰীলৈকে দায়িত্ব পালন কৰিছিল।দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ সময়ত ৰেড্ডী কালাহস্তি আৰু ধোনেৰ বিধায়ক আছিল। তেওঁৰ কাৰ্যকালতেই নাগাৰ্জুন সাগৰ আৰু শ্ৰীশৈলম বহুমুখী নদী উপত্যকা প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছিল। উল্লেখ্য যে পৰৱৰ্তী সময়ত অন্ধ্ৰ প্ৰদেশ চৰকাৰে ৰেড্ডীৰ প্ৰতি সন্মান জনাই শ্ৰীশৈলম প্ৰকল্পৰ নাম সলনি কৰি নীলম সঞ্জীৱ ৰেড্ডী নামাৰে নামাকৰণ কৰে।

নীলম সঞ্জীৱ ৰেড্ডীয়ে ১৯৬০ চনৰ পৰা ১৯৬২ চনলৈ ইয়াৰ বাংগালোৰ, ভৱনগৰ আৰু পাটনা অধিৱেশনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ ওপৰিও তেওঁ ৰাজ্যসভালৈ তিনিবাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। উল্লেখ্য যে ১৯৬৪ চনৰ জুন মাহৰ পৰা ৰেড্ডীয়ে লাল বাহাদুৰ শাস্ত্ৰী চৰকাৰৰ খনি দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পৰৱৰ্তী সময়ত  ১৯৬৬ চনৰ জানুৱাৰী মাহৰ পৰা ১৯৬৭ চনৰ মাৰ্চ মাহলৈকে ইন্দিৰা গান্ধীৰ নেতৃত্বত কেবিনেটত কেন্দ্ৰীয় পৰিবহন, অসামৰিক বিমান পৰিবহন, জাহাজ আৰু পৰ্যটন মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। 

১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনত নীলম সঞ্জীৱ ৰেড্ডী অন্ধ্ৰ প্ৰদেশৰ হিন্দুপুৰৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱাৰ পৰৱৰ্তী সময়ত ১৯৬৭ চনৰ ১৭ মাৰ্চত ৰেড্ডী চতুৰ্থ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়।  কিন্তু গুৰুত্বপূৰ্ণ কথা যে, লোকসভাৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত তেওঁ ৰাজনৈতিক দল – কংগ্ৰেছৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছিল। এই কাৰ্যৰ জৰিয়তে তেওঁ নিৰপেক্ষতাৰ উদাহৰণ দাঙি ধৰিছিল। নীলম সঞ্জীৱা ৰেড্ডী আছিল লোক সভাৰ অধ্যক্ষ হিচাপে দায়িত্ব লোৱাৰ পিছত ৰাজনৈতিক দলৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰা প্ৰথমজন ব্যক্তি। অধ্যক্ষ হিচাপে তেওঁৰ কাৰ্যকালত কেইবাটাও বিশেষ কাম সমাপণ হৈছিল। উদাহৰণ স্বৰূপে তেওঁৰ কাৰ্যকালতে অনুসূচিত জাতি আৰু জনজাতিৰ লোকৰ কল্যাণৰ বাবে সমিতি গঠন কৰা হৈছিল।

গুৰুত্বপূৰ্ণ কথা যে ১৯৬৯ চনত ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ মৃত্যুৰ পিছত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে কংগ্ৰেছ দলৰ পৰা নীলম সঞ্জীৱ ৰেড্ডীক প্ৰক্ষেপিত কৰা হৈছিল যদিও ইন্দিৰা গান্ধীয়ে ৰেড্ডীৰ বিপৰীতে সমৰ্থন কৰিছিল নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়োৱা ভি. ভি. গিৰি (V.V. Giri) -ক। যাৰ পৰিণতিত ৰাষ্ট্ৰপতি হিচাপে জয় লাভ কৰিছিল ভি ভি গিৰিয়ে। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিছতেই নীলম সঞ্জীৱ ৰেড্ডীয়ে  সক্ৰীয় ৰাজনীতি ক্ষেত্ৰখন ত্যাগ কৰি গৃহভূমী অনন্তপুৰলৈ যাত্ৰা কৰে আৰু কৃষিকাৰ্যত নিজকে নিয়োজিত কৰে।

১৯৭৫ চনত জয়প্ৰকাশ নাৰায়ণে সূচনা কৰা total revolution ৰ পৰৱৰ্তী সময়ত নীলম সঞ্জীৱ ৰেড্ডী পুনৰ সক্ৰীয় ৰাজনীতিত প্ৰৱেশ কৰিছিল। ১৯৭৭ চনৰ জানুৱাৰী মাহত তেওঁ জনতা পাৰ্টিত যোগদান কৰি জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে অন্ধ্ৰপ্ৰদেশৰ নন্দিয়াল লোকসভা সমষ্টিৰ পৰা সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই অন্ধ্ৰ প্ৰদেশৰ পৰা একমাত্ৰ অ-কংগ্ৰেছী প্ৰাৰ্থী হিচাপে জয়যুক্ত হৈছিল। ১৯৭৭ চনৰ ২৬ মাৰ্চত সৰ্বসন্মতিক্ৰমে নীলম সঞ্জীৱ ৰেড্ডী ষষ্ঠ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল। কিন্তু ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ উদ্দেশ্য তেওঁ লোকসভাৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল। লোকসভাৰ অধ্যক্ষ হিচাপে তেওঁ দ্বিতীয় কাৰ্যকাল আছিল তিনি মাহ ১৭ দিন। নিচেই কম সময়ৰ বাবে লোকসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰা নীলম সঞ্জীৱ ৰেড্ডীয়ে হ’ল বৰ্তমান সময়লৈকে একমাত্ৰ ব্যক্তি।

১৯৭৭ চনৰ ২৫ জুলাইত ভাৰতৰ ষষ্ঠ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে নীলম সঞ্জীৱ ৰেড্ডীয়ে। ৰাষ্ট্ৰপতি হিচাপে ৰেড্ডীয়ে মোৰাৰজী দেশাই, চৰণ সিং আৰু ইন্দিৰা গান্ধী এই তিনিজন প্ৰধান মন্ত্ৰীৰ লগত কাম কৰাৰ সুযোগ পাইছিল তেওঁ।

গুৰুত্বপূৰ্ণ কথা যে, ১৯৮৯ চনত নীলম সঞ্জীৱ ৰেড্ডীয়ে Without Fear or Favour: Reminiscences and Reflections of a President নামৰ এখন গ্ৰন্থও প্ৰকাশ কৰিছিল।

ভাৰতীয় সমাজ জীৱনলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা নীলম সঞ্জীৱ ৰেড্ডীয়ে বাংগালোৰত থকা সময়ত নিউম’নিয়াত আক্ৰান্ত হৈ ৮৩ বছৰ বয়সত ১৯৯৬ চনত শেষ নিশ্বাস ত্যাগ কৰে।

Also Read: জীৱনী: কৃষক নেতা চৌধাৰী চৰণ সিং | Chaudhary Charan Singh

সামৰণি

নীলম সঞ্জীৱ ৰেড্ডীৰ ৰাজনৈতিক সততা, প্ৰমূল্যবোধ , শক্তিশালী ব্যক্তিত্ব, আদৰ্শ নতুন প্ৰজন্মৰ মাজত তেওঁ কায়িক ভাৱে নাথাকিলেও সদায় চিৰ উজ্জীৱিত হৈ থাকিব। ৰাজনীতিবিদ, সাহিত্যৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা বিশাল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি হিচাপে সমাদৃত নীলম সঞ্জীৱ ৰেড্ডীৰ বৌদ্ধিক দৃষ্টিভংগী,কঠোৰ পৰিশ্ৰম তথা নম্ৰ ব্যৱহাৰৰ বাবে বৰ্তমান সময়তো সকলোৰে মাজত জনপ্ৰিয় তথা বৰ্তমানো তেওঁৰ চিন্তাৰ প্ৰাসংগিকতা আছে। 

উল্লেখ্য যে নীলম সঞ্জীৱ ৰেড্ডীৰ আদৰ্শ, দৃষ্টিভংগী চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে ১৯৮২ চনত ভাৰতৰ চলচ্চিত্ৰ বিভাগৰ দ্বাৰা প্ৰযোজিত Prem Vaidya & C. L. Kaul -ৰ দ্বাৰা পৰিচালিত ‘Neelam Sanjiva Reddy – President of India’ নামৰ এখন চুটি তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছে। এই তথ্যচিত্ৰ খনত তেওঁৰ ৰাষ্ট্ৰপতিত্বৰ কালচোৱা সামৰি লোৱা হৈছে।

Also Read: জীৱনী: গুলজাৰিলাল নন্দা – স্বাধীনতা সংগ্ৰামী তথা ৰাজনীতিবিদ | Gulzarilal Nanda

FAQs 

১) ভাৰতৰ আটাইতকৈ বিনা প্ৰতিদ্বন্দিতাৰে কনিষ্ঠ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা ব্যক্তি জন কোন?

উত্তৰ১৯৭৭ চনত তেতিয়াৰ বিৰোধী কংগ্ৰেছ দলকে ধৰি সকলো ৰাজনৈতিক দলে সৰ্বসন্মতিক্ৰমে সমৰ্থন কৰাৰ পিছত নীলম সঞ্জীৱ ৰেড্ডী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছিল ৬৪ বছৰ বয়সত। ৰাষ্ট্ৰপতি। ৬৪ বছৰ বয়সত ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱা সৰ্বকনিষ্ঠ ব্যক্তি আছিল নীলম সঞ্জীৱ ৰেড্ডী।

২) অন্ধ্ৰৰ প্ৰথম মুখ্যমন্ত্ৰী কোন?

উত্তৰনীলম সঞ্জীৱ ৰেড্ডী।

৩) নীলম সঞ্জীৱ ৰেড্ডীৰ জন্ম হৈছিল?

উত্তৰ নীলম সঞ্জীৱ ৰেড্ডীয়ে জন্মগ্ৰহণ হৈছিল ১৯১৩ চনৰ ১৯ মে তাৰিখে মাদ্ৰাজৰ ইলুৰ গাঁৱত (বৰ্তমানৰ অনন্তপুৰ জিলা, অন্ধ্ৰ প্ৰদেশ) এটা তেলেগু ভাষী হিন্দু পৰিয়ালত।

৪) ভাৰতীয় সমাজলৈ নীলম সঞ্জীৱ ৰেড্ডীৰ অৱদান কি?

উত্তৰ স্বাধীনতা আন্দোলনত সক্ৰীয় অংশগ্ৰহণ, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা দীঘলীয়া ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰি অন্ধ্ৰ প্ৰদেশৰ প্ৰথম মুখ্যমন্ত্ৰী, লোকসভাৰ দুবাৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় মন্ত্ৰী হিচাপে – সৰ্বকনিষ্ঠ ভাৰতীয় ৰাষ্ট্ৰপতি হিচাপে নীলম সঞ্জীৱ ৰেড্ডীৰ সমগ্ৰ জীৱন ভাৰতীয় সকলৰ বাবেই উৰ্চগিত আছিল।

৫) নীলম সঞ্জীৱ ৰেড্ডীৰ মৃত্যু কেতিয়া হৈছিল?

উত্তৰ- ১ জুন, ১৯৯৬ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top