ৰজনীকান্ত বৰদলৈ জীৱনী – অসমীয়া ঔপন্যাসিক | Rajanikanta Bordoloi

ৰজনীকান্ত বৰদলৈ | Rajanikanta Bordoloi Essay in Assamese | Biography of Rajanikanta Bordoloi in Assamese | ৰজনীকান্ত বৰদলৈ বিষয়ে জীৱনী | ৰজনীকান্ত বৰদলৈ বিষয়ে ৰচনা | ৰজনীকান্ত বৰদলৈৰ চমু পৰিচয়।

Join Telegram channel

অসমীয়া উপন্যাস ৰচনা কৰাৰ ক্ষেত্ৰত এজন অদ্বিতীয় ব্যক্তি হ’ল ৰজনীকান্ত বৰদলৈ (Rajanikanta Bordoloi)। অসমীয়া ভাষা সাহিত্যলৈ ৰজনীকান্ত বৰদলৈৰ অৱদান অনস্বীকাৰ্য্য। উপন্যাস ৰচনাৰ মাজেৰে অসমৰ ইতিহাস, ৰাজনৈতিক জীৱন, সামাজিক তথা ধৰ্মীয় জীৱন, অসমৰ প্ৰাচীন ৰীতি-নীতি, প্ৰেম-প্ৰণয় তথা অসমক প্ৰাকৃতিক পৰিৱেশক বাস্তৱ ৰূপত প্ৰতিফলিত কৰিছে ৰজনীকান্ত বৰদলৈয়ে।

ৰজনীকান্ত বৰদলৈ

ৰজনীকান্ত বৰদলৈ জীৱনী | Rajanikanta Bordoloi Biography

নামৰজনীকান্ত বৰদলৈ (Rajanikanta Bordoloi[1])
জন্ম চন২৪ নবেম্বৰ ১৮৬৭ চন
জন্ম স্থানগুৱাহাটী, অসম
পিতৃৰ নামনৰকান্ত বৰদলৈ
শিক্ষা১) গুৱাহাটী চৰকাৰী হাইস্কুল
২) মেট্ৰোপলিটান কলেজ, কলিকতা
৩) চিটি কলেজ, কলিকতা        
মৃত্যু২৫ মাৰ্চ, ১৯৪০ চন

Also Read: জীৱনী: মফিজুদ্দিন আহমদ হাজৰিকা – চুফীবাদী দাৰ্শনিক কবি | Mafizuddin Ahmed Hazarika 

ৰজনীকান্ত বৰদলৈ প্ৰাৰম্ভিক জীৱন 

উপন্যাসিক ৰজনীকান্ত বৰদলৈৰ জন্ম হৈছিল ১৮৬৭ চনৰ ২৪ নৱেম্বৰ তাৰিখে গুৱাহাটীত। ৰজনীকান্ত বৰদলৈৰ পূৰ্বপুৰুষ আছিল কনৌজৰ পৰা অহা। পৰৱৰ্তী সময়ত তেওঁলোক অসমৰ দিহিঙত বসবাস কৰিবলৈ লয়। তেওঁৰ পিতৃৰ নাম আছিল নৰকান্ত বৰদলৈ।

গুৰুত্বপূৰ্ণ কথা যে আন শিশুৰ দৰে শৈশৱটো মধুৰ হোৱাৰ বিপৰীতে প্ৰত্যাহ্বানেৰে ভৰা আছিল ৰজনীকান্ত বৰদলৈৰ। ন-বছৰ বয়সতে পিতৃ নৰকান্ত বৰদলৈয়ে ইহলীলা সম্বৰণ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত মাক আৰু মোমায়েকৰ তত্বাৱধানত উত্তৰ গুৱাহাটীত ডাঙৰ দীঘল হোৱাৰ লগতে উত্তৰ গুৱাহাটীতে প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল ৰজনীকান্ত বৰদলৈয়ে। ১৮৮৫ চনত গুৱাহাটী চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ৰজনীকান্ত বৰদলৈয়ে কলিকতাৰ মেট্ৰোপলিটান কলেজত নাম ভৰ্তি কৰে‌ আৰু মেট্ৰোপলিটান কলেজৰ পৰাই ১৮৮৭ চনত এফ এ পৰীক্ষাত উত্তীৰ্ণ হয়। গুৰুত্বপূৰ্ণ কথা যে ৰজনীকান্ত বৰদলৈয়ে কুৰি টকীয়া ইলিয়টিয় বৃত্তি লাভ কৰিছিল। বৰদলৈয়ে এফ এ পৰীক্ষাত উত্তীৰ্ণ হোৱা পিছত কলিকতাৰ চি টি কলেজত স্নাতক শিক্ষাৰ বাবে নাম ভৰ্তি কৰে‌ আৰু ১৮৮৯ চনত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে। 

কৰ্মজীৱন

আনুষ্ঠানিক শিক্ষা সাং কৰাৰ পাছত ১৮৯০ চনত গুৱাহাটীৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত কেৰাণী হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল ৰজনীকান্ত বৰদলৈয়ে। গেইট চাহাবৰ অধীনত ৱান্স এছিছটেন্ট হিচাপেও কাৰ্যনিৰ্বাহ কৰা বৰদলৈয়ে ১৮৯১ চনত ছাব ডেপুটি কালেক্টৰ পদলৈ পদোন্নতি পাই আৰু লক্ষীমপুৰত যোগদান কৰে। ইয়াৰ পৰৱৰ্তী সময়ত ১৯০১ চনত এক্সট্ৰা এছিছটেন্ট কমিছনাৰ হিচাপে হিচাপে পদোন্নতি হয়। ১৯০৯ চনত নগাঁৱৰ অস্থায়ী উপায়ুক্ত হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৰজনীকান্ত বৰদলৈয়ে। বৰপেটা, বিজনী, হাউলি, সৰভোগ আদি বিভিন্ন স্থানত কৰ্মজীৱনৰ অতিবাহিত কৰা ৰজনীকান্ত বৰদলৈয়ে ১৯১৮ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।

সাহিত্য কৃতসমূহ

ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য চৰ্চা কৰা ৰজনীকান্ত বৰদলৈ আছিল একেধাৰে এজন কবি, গল্পকাৰ, প্ৰৱন্ধকাৰ, নাট্যকাৰ, উপন্যাসিক, ব্যঙ্গ ৰচনাৰ লেখক, পাঠ্যপুথিৰ লেখক, ধৰ্মীয় ৰচনাৰ লেখক আৰু সম্পাদক। অসমীয়া সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়াই থৈ যোৱা ৰজনীকান্ত বৰদলৈয়ে অসম সাহিত্য সভাৰ সভাপতি হিচাপে দিয়া ভাষণৰ লগতে বিভিন্ন সভা সমিতিত দিয়া সাৰুৱা ভাষণ সমূহ হ’ল অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। গুৰুত্বপূৰ্ণ কথা যে ৰজনীকান্ত বৰদলৈয়ে ৰচনা কৰা প্ৰৱন্ধ সমূহো আছিল ভিন্ন বিষয়ৰ। জীৱনীভিত্তিক, শিক্ষা মূলক, ভ্ৰমণ বিষয়ক, অনুবাদ মূলক, প্ৰত্নতত্ব আদি নানান বিষয়ত বিভিন্ন প্ৰৱন্ধ ৰচনা কৰিছিল তেওঁ। সাহিত্যৰ বিভিন্ন দিশত অৱদান আগবঢ়াই থৈ গ’লেও ৰজনীকান্ত বৰদলৈক অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট হিচাপেহে জনা যায়। অসমীয়া উপন্যাস সাহিত্যত ৰজনীকান্ত বৰদলৈৰ স্থান হ’ল ইংৰাজী উপন্যাস সাহিত্যত ছাৰ ওৱাল্টাৰ স্কট আৰু বাংলা উপন্যাস সাহিত্যত বংকীম চন্দ্ৰ চেটাৰ্জীৰ দৰে।

ভিন্ন স্বাদৰ চিন্তামূলক প্ৰৱন্ধ ৰচনা কৰা ৰজনীকান্ত বৰদলৈৰ উল্লেখযোগ্য প্ৰৱন্ধ সমূহ হ’ল- চেতন প্ৰাণী আৰু উদ্ভিদৰ পাৰ্থক্য, ৰক্তাহাৰী পাদপ, মণিপুৰী জাতি, শদিয়া ৰাজ্যৰ পুৰণি তত্ব, ডিব্ৰুগড়ৰ আইথান দৰ্শন, দেৱ দামোদৰ আৰু হিন্দু ধৰ্ম, শ্ৰী শ্ৰী ভট্টদেৱ, মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ, দক্ষিণ পাট সত্ৰৰ নৰদেৱ সত্ৰাধিকাৰ আদি হ’ল ৰজনীকান্ত গোস্বামী ৰচনা কৰা উল্লেখযোগ্য প্ৰৱন্ধ। এই প্ৰৱন্ধসমূহ জোনাকী, বাঁহী, আৱাহন, মিলন আদি বিভিন্ন আলোচনীৰ পাতত প্ৰকাশিত হৈছিল। ইয়াৰ ওপৰিও গেইট চাহাবৰ অনুৰোধত বৰদলৈয়ে Religion of the Miris, The potteries of Assam, চেমন চাহাবৰ অনুৰোধত The weaving industry of Assam আৰু গৰ্ডন চাহাবৰ অনুৰোধত The Chutias of Assam আদি বিভিন্ন বিষয়ক টোকা প্ৰস্তুত কৰিছিল ৰজনীকান্ত বৰদলৈয়ে। ১৮৯৭ চনত ৰজনীকান্ত বৰদলৈয়ে পঢ়াশলীয়া পাঠ্যপুথিৰ অভাৱ পূৰণ কৰিবলৈ জ্ঞান সোপান ৰচনা কৰিছিল। ৰজনীকান্ত বৰদলৈয়ে নাটকো ৰচনা কৰিছিল। কনকলাল বৰুৱা আৰু গোপাল কৃষ্ণ দেৰ সৈতে লগলাগি ১৮৯০ চনত সাৱিত্ৰী সত্যৱান নামৰ এখন নাটক ৰচনা কৰিছিল। ভাৰতৰ বিভিন্ন তীৰ্থস্থান ভ্ৰমণ কৰি অভিজ্ঞতা অৰ্জন কৰা বৰদলৈয়ে ১৯১৪ চনত পুৰী ভ্ৰমণ নামৰ প্ৰৱন্ধ ৰচনা কৰিছিল। 

মনোবিজ্ঞান সম্পৰ্কীয় বিষয়ত প্ৰৱন্ধ ৰচনা কৰিও অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই থৈ গৈছে ৰজনীকান্ত বৰদলৈয়ে। উষা আলোচনীৰ ১ম, ২য়, ৩য় আৰু চতুৰ্থ সংখ্যাত ১৯০৬ চনত বৰদলৈৰ মনোবিজ্ঞান নামৰ প্ৰৱন্ধ প্ৰকাশ পাইছিল। সংখ্যত কম হ’লেও ৰজনীকান্ত বৰদলৈয়ে গল্পও ৰচনা কৰিছিল। তেখেতে ৰচনা তিনিটা গল্প হ’ল- গা ধন, প্ৰেমৰ উপাসক আৰু সৌন্দৰ্য উপাসক। অন্যহাতে ৰজনীকান্ত বৰদলৈয়ে ৰচনা কৰা একমাত্ৰ কবিতাটো হ’ল – মানৰ প্ৰতি আক্ৰমণৰ গীত। এই কবিতাটো ডিম‌্বেশ্বৰ নেওগে সম্পাদনা কৰা কাব্য প্ৰতিভাত সন্নিৱিষ্ট হৈছে।

গল্প, প্ৰৱন্ধ, কবিতাৰ উপৰিও ৰজনীকান্ত বৰদলৈয়ে ‘ভোলাই শৰ্মা’ ছদ্মনামেৰে  বিভিন্ন ধেমেলীয়া ৰচনাৰ জৰিয়তে সমাজ সংস্কাৰ বিষয়ক বিভিন্ন প্ৰৱন্ধ ৰচনা লিখিছিল। এইসমূহৰ ভিতৰত অন্যতম হ’ল- মই স্বাধীন নে, আত্মবিনোদক থিয়েটাৰ দল, চেনচাচ-পিয়ল, নগৰ সঙ্কীৰ্তন, শ্ৰীভোলাই শৰ্মাৰ ভাৱ প্ৰৱণতা ইত্যাদি। 

ৰজনীকান্ত বৰদলৈৰ সাহিত্য কৰ্মৰ ভিতৰত অসমীয়া সাহিত্য জগতলৈ উৎকৃষ্ট অৱদান হ’ল তেওঁৰ উপন্যাস সমূহ। ছাত্ৰাৱস্থাৰ পৰাই উপন্যাস লিখাৰ বাবে আগ্ৰহী আছিল তেওঁ। বৰদলৈৰ প্ৰতিখন উপন্যাস আছিল স্ব-মহিমাৰে উজ্জ্বল। ইতিহাসক আধাৰ হিচাপে লৈ উপন্যাস ৰচনা কৰিছিল ৰজনীকান্ত বৰদলৈয়ে। তেখেতে উপন্যাস ৰচনাৰ বাবে ইংৰাজ সাহিত্যিক ছাৰ ওৱাল্টাৰ স্কট আৰু বাংলা সাহিত্যিক বংকিম চেতাৰ্জীৰ পৰা অনুপ্ৰাণিত হৈছিল। বৰদলৈয়ে মুঠতে ন খন উপন্যাস ৰচনা কৰিছে। ১৮৯৪ চনত প্ৰকাশিত মিৰি জীয়াৰী হ’ল ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাস। জনজাতীয় জীৱনক কেন্দ্ৰ কৰি বাস্তৱ জীৱনৰ পটভূমিত ৰচনা কৰা এইখন ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাস হোৱাৰ লগতে এইখন তেওঁৰ একমাত্ৰ সামাজিক উপন্যাস। 

মনোমতি (১৯০০), ৰংঙ্গিলী (১৯২৫), নিৰ্মল ভকত (১৯২৬), তাম্ৰেশ্বৰী মন্দিৰ (১৯২৬), ৰহদৈ লিগিৰি (১৯৩০) এইকেইখন উপন্যাস ৰজনীকান্ত বৰদলৈয়ে মানৰ আক্ৰমণৰ পটভূমিত ৰচনা কৰা। ১৯০৯ চনত প্ৰকাশিত দন্দুৱা দ্ৰোহ উপন্যাস খন আহোম বিষয়া বদন বৰফুকনে কামৰূপ প্ৰজাৰ ওপৰত কৰা অত্যাচাৰৰ বিৰুদ্ধে হৰদত্ত আৰু বীৰদত্ত নামৰ দুই ভাতৃৰ নেতৃত্বত হোৱা বিদ্ৰোহৰ পটভূমিত ৰচনা কৰিছে। তেওঁৰ আন এখন উপন্যাস ১৯২৫ চনত প্ৰকাশিত ৰাধা ৰুক্মিণীৰ ৰণ উপন্যাস খন মোৱামৰীয়া বিদ্ৰোহৰ পটভূমিত ৰচনা কৰা। ৰজনীকান্ত কান্ত বৰদলৈৰ ১৯৩২ চনত প্ৰকাশিত থাম্বা থোইবীৰ সাধু উপন্যাস খন মনিপুৰৰ প্ৰচলিত এটা সাধুৰ আধাৰত ৰচনা কৰা। 

ৰজনীকান্ত বৰদলৈৰ উপন্যাস সমূহৰ মাজেৰে অসম প্ৰীতি, জাতি জনজাতি সকলৰ প্ৰতি প্ৰীতি, ঐকান্তিকতা, মানৱ সমাজৰ প্ৰতি সহানুভূতি প্ৰতিফলিত হৈছে। বৰদলৈৰ উপন্যাস ৰচনাৰ ভাষা হ’ল সহজ সৰল, চিত্ৰধৰ্মী আৰু স্বাভাৱিক। গুৰুত্বপূৰ্ণ কথা যে বৰদলৈ আছিল সমাজত নাৰী সকলৰ মৰ্যাদাৰ প্ৰতি সচেতন এজন ব্যক্তি। যাৰ বাবে তেওঁ উপন্যাস সমূহৰ মাজেৰে সমাজত নাৰী সকল যে প্ৰতিনিয়ত অৱদমিত হৈ আহিছে সেই কথা প্ৰকাশ পাইছে। চৰিত্ৰ সৃষ্টি হ’ল ৰজনীকান্ত বৰদলৈৰ উপন্যাসৰ এটা প্ৰধান বৈশিষ্ট্য।  নাৰী চৰিত্ৰ সৃষ্টিত ৰজনীকান্ত বৰদলৈয়ে বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। তেওঁৰ উপন্যাস সমূহ হ’ল নায়িকা প্ৰধান।

অসমীয়া সাহিত্যৰ উপন্যাস ৰঁচোতা হিচাপে অদ্বিতীয় ৰজনীকান্ত বৰদলৈৰ উপন্যাসত গুণাভিৰাম বৰুৱাৰ অসম বুৰঞ্জী আৰু ছাৰ এড্‌ৱাৰ্ড গেইটৰ A History of Assam ৰ প্ৰভাৱ পৰিলক্ষিত হোৱাৰ ওপৰিও পুৰণি সাঁচিপতীয়া পুথিৰ প্ৰভাৱো পৰিলক্ষিত হয়। 

ৰজনীকান্ত বৰদলৈৰ উপন্যাসত বিভিন্ন জনৰ প্ৰভাৱ পৰিলক্ষিত হ’লেও তেওঁ প্ৰতিখন উপন্যাস অসমৰ প্ৰাকৃতিক, সামাজিক তথা ৰাজনৈতিক পৰিৱেশৰ লগত খাপ খোৱাই অসমৰ মাটি পানীৰে তাক সজাই তুলিছিল। ইতিহাস প্ৰীতি, প্ৰাচীন অসমৰ মান মৰ্য্যদা, বীৰ বীৰাংগনাৰ শৌৰ্য বীৰ্য উপন্যাসৰ মাজেৰে প্ৰতিফলিত কৰি  তেওঁ জনতাক স্বদেশ প্ৰেমেৰে ৰোমাঞ্চিত কৰাৰ প্ৰয়াস কৰিছিল। মানৰ অসম আক্ৰমণ, অসমীয়া জাতিৰ সাহস, দেশাত্মবোধৰ ধাৰণা, অতীত প্ৰীতি, ৰাজনৈতিক ধুমুহাত বিপৰ্যয়ৰ সন্মুখীন হোৱা অসমৰ ছৱি তেওঁৰ উপন্যাসৰ মাজেৰে প্ৰতিফলিত কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে ৰজনীকান্ত বৰদলৈ কলিকতাত পঢ়ি থকা সময়ত অসমীয়া ভাষা উন্নতি সাধিনী সভা চমুকৈ অঃভাঃউঃসাঃস ৰ সক্ৰীয় সদস্য আছিল। ইয়াৰ ওপৰিও তেখেত নগাঁওত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অষ্টম অধিৱেশনৰ সভাপতি আসন অলংকৃত কৰিছিল। উল্লেখ্য যে তেওঁ অসম সাহিত্য সভাৰ সভাপতি হিচাপে যি আভিভাষণ প্ৰদান কৰিছিল সেইটো হ’ল অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদ। ইয়াৰ ওপৰিও মিৰি সন্মিলন, অসম চুতীয়া সন্মিলনত ৰজনীকান্ত বৰদলৈয়ে আগবঢ়োৱা ভাষণ সমূহতো জাতি জনগোষ্ঠী, সমাজ সংস্কৃতিৰ স্বৰূপ প্ৰতিফলিত হৈছে। উল্লেখ্য যে ৰজনীকান্ত বৰদলৈয়ে ১৯২৫ চনত অসম প্ৰদীপিকা নামৰ এখন আলোচনীৰ সম্পাদনা কৰি প্ৰকাশ কৰিছিল।

Also Read: জীৱনী: ড° বিৰিঞ্চি কুমাৰ বৰুৱা – অসমীয়া সাহিত্যিক | Birinchi Kumar Barua

সামৰণি

ৰজনীকান্ত বৰদলৈ আছিল এজন সুদক্ষ অভিনেতা। শ্বেক্সপীয়েৰৰ Comedy of Errors ৰ অসমীয়া ভাঙনি ভ্ৰমৰংগত অভিনয় কৰি দৰ্শকক আপ্লুত কৰিছিল বৰদলৈয়ে। কৰ্মব্যস্ত পূৰ্ণ চাকৰি জীৱনটো আজৰি সময়ত অভিনয় কৰিছিল তেওঁ। ইয়াৰ ওপৰিও কীচক বধ নাটক লিখি আৰু ইয়াৰ অভিনয় কৰিও দৰ্শকৰ সমাদৰ লাভ কৰিছিল তেওঁ।

অসমীয়া ভাষা সাহিত্যৰ এজন ঐকান্তিক সাধক, ঔপন্যাসিক ৰজনীকান্ত বৰদলৈয়ে ১৯৪০ চনৰ মাৰ্চ মাহৰ ২৫ তাৰিখে ৭৩ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে।

Also Read: জীৱনী: দেৱকান্ত বৰুৱা – কলঙপাৰৰ কবি | Dev Kant Barooah 

FAQ

১) ৰজনীকান্ত বৰদলৈ কোন?

উঃ- অসমীয়া উপন্যাস ৰচনা কৰাৰ ক্ষেত্ৰত এজন অদ্বিতীয় ব্যক্তি হ’ল ৰজনীকান্ত বৰদলৈ। অসমীয়া ভাষা সাহিত্যলৈ ৰজনীকান্ত বৰদলৈৰ অৱদান অনস্বীকাৰ্য্য। 

২) ৰজনীকান্ত বৰদলৈৰ জন্ম কʼত হৈছিল?

উঃ- গুৱাহাটী, অসমত।

৩) ৰজনীকান্ত বৰদলৈয়ে প্ৰথমে কি কৰিছিল?

উঃ- গুৱাহাটীৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত কেৰাণী হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল।

৪) ৰজনীকান্ত বৰদলৈৰ পিতৃৰ নাম কি?

উঃ- নৰকান্ত বৰদলৈ।

৫) ৰজনীকান্ত বৰদলৈৰ মৃত্যু কেতিয়া হৈছিল?

উঃ- ২৫ মাৰ্চ, ১৯৪০ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top