India’s Foreign Policy in a Globalizing World Unit 1 ভাৰতীয় বৈদেশিক নীতি

India’s Foreign Policy in a Globalizing World Unit 1 ভাৰতীয় বৈদেশিক নীতি : ঔপনিৱেশিক -পৰৱৰ্তী ৰাজ্য পৰা উচ্চাকাংক্ষী গোলকীয় শক্তিলৈ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, India’s Foreign Policy in a Globalizing World Unit 1 ভাৰতীয় বৈদেশিক নীতি : ঔপনিৱেশিক -পৰৱৰ্তী ৰাজ্য পৰা উচ্চাকাংক্ষী গোলকীয় শক্তিলৈ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. India’s Foreign Policy in a Globalizing World Unit 1 ভাৰতীয় বৈদেশিক নীতি : ঔপনিৱেশিক -পৰৱৰ্তী ৰাজ্য পৰা উচ্চাকাংক্ষী গোলকীয় শক্তিলৈ Question Answer can be of great value to excel in the examination.

India’s Foreign Policy in a Globalizing World Unit 1 ভাৰতীয় বৈদেশিক নীতি : ঔপনিৱেশিক -পৰৱৰ্তী ৰাজ্য পৰা উচ্চাকাংক্ষী গোলকীয় শক্তিলৈ

Join Telegram channel

India’s Foreign Policy in a Globalizing World Unit 1 ভাৰতীয় বৈদেশিক নীতি : ঔপনিৱেশিক -পৰৱৰ্তী ৰাজ্য পৰা উচ্চাকাংক্ষী গোলকীয় শক্তিলৈ Notes cover all the exercise questions in UGC Syllabus. The India’s Foreign Policy in a Globalizing World Unit 1 ভাৰতীয় বৈদেশিক নীতি : ঔপনিৱেশিক -পৰৱৰ্তী ৰাজ্য পৰা উচ্চাকাংক্ষী গোলকীয় শক্তিলৈ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

প্ৰশ্নঃ ৯। ভাৰতৰ বৈদেশিক নীতিৰ প্ৰধান গুৰুত্বপূৰ্ণ লক্ষণবোৰ বৰ্ণনা কৰা

উত্তৰঃ ভাৰতে গোষ্ঠীনিৰপেক্ষ নীতিৰ আধাৰত বিশ্বৰ অন্যান্য ৰাষ্ট্ৰসমূহৰ সৈতে সদায় শান্তিপূৰ্ণ, বন্ধুত্বসুলভ সুস্থ আৰু আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা চলাই আহিছে।শান্তি আৰু সহযোগিতাৰ নীতি ভাৰতৰ বৈদেশিক নীতিৰ ভেটি। বিশ্বশান্তিৰ অৰ্থে ভাৰতে বিভিন্ন ধৰণে কাম কৰি আহিছে। ভাৰতৰ বৈদেশিক নীতিৰ প্ৰধান লক্ষণবোৰ হ’ল-

(ক) ভৌগোলিক একতা ৰক্ষা কৰা।

(খ) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা আৰু উৎসাহিত কৰা।

(গ) চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰা।

(ঘ) ভাৰতৰ চাৰিসীমাৰ ভিতৰত থকা লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰা।

(ঙ) অন্যান্য ৰাষ্ট্ৰৰ সৈতে ব্যৱসায় বৃদ্ধি কৰা।

(চ) ভাৰতৰ আকাশমাৰ্গ আৰু নৌ পথ সুচল কৰা।

(ছ) উপনিৱেশিক শাসনৰ অধীনত থকা ৰাষ্ট্ৰসমূহৰ স্বাধীনতাক উৎসাহিত কৰা।

(জ) জাতিগত বৈষম্যৰ বিৰোধিতা কৰা আৰু জাতি, বৰ্ণ আৰু ধৰ্মৰ ক্ষেত্ৰত বৈষম‍্যহীন সমাজবাদী আৰ্হিৰ সমাজৰ বিকাশ কৰা।

(ঝ) আন্তঃৰাষ্ট্ৰীয় বিবাদসমূহ শান্তিপূৰ্ণভাৱে সমাধান কৰা।

(ঞ) আন্তৰ্জাতিক সংগঠনসমূহ, বিশেষকৈ ৰাষ্ট্ৰসংঘৰ সৈতে সহযোগিতা কৰা।

প্ৰশ্নঃ ১০। সামূহিক কিন্তু পৃথক দায়বদ্ধতা বুলিলে কি বুজা?

উত্তৰঃ উত্তৰৰ উন্নত ৰাষ্ট্ৰসমূহে পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ এনে ৰাষ্ট্ৰসমূহৰ বৰ্তমান অৱস্থিতিৰ ওপৰত ভিত্তি কৰি আলোচনা কৰিব বিচাৰে আৰু পাৰিপাৰ্শ্বিকতাৰ অৱক্ষয় ৰোধৰ ক্ষেত্ৰ ত সকলো ৰাজ্যকে সমভাৱে দায়বদ্ধ থকাটো বিচাৰে।আনহাতে দক্ষিণৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহে ভাবে যে সমগ্ৰ বিশ্বতে পাৰিপাৰ্শ্বিকতা যি অৱক্ষয় ঘটিছে তাৰ বাবে বহুলাংশে উন্নত ৰাষ্ট্ৰসমূহে সৃষ্টি কৰা উদ‍্যোগীকৰণ জগৰীয়া। যিহেতু উন্নত ৰাষ্ট্ৰসমূহ পাৰিপাৰ্শ্বিকতাৰ অৱক্ষয়ৰ বাবে বেছি জগৰীয়া সেয়েহে তেওঁলোকে এতিয়া পাৰিপাৰ্শ্বিকতাৰ সংৰক্ষণৰ বাবে বেছি মূল্য দিব লাগিব।ইয়াৰোপৰি উন্নয়নশীল ৰাষ্ট্ৰসমূহে এতিয়াহে উদ‍্যোগীকৰণ আৰম্ভ কৰিছে।গতিকে উন্নত ৰাষ্ট্ৰসমূহত প্ৰযোজ্য হোৱা বাধা নিষেধসমূহ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰ তো সমভাৱে প্ৰযোজ্য হোৱাটো উচিত নহয়। এনেদৰে পৰিৱেশ সংক্ৰান্তীয় আন্তঃৰাষ্ট্ৰীয় নীতি, আইন আদিৰ সৃষ্টি, ব্যাখ্যা আৰু প্ৰয়োগৰ ক্ষেত্ৰ ত উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বিশেষ প্ৰয়োজনীয়তাসমূহ মনত ৰখা উচিত।এই যুক্তিটো ১৯৯২ চনৰ ৰিঅ ‘ শীৰ্ষ সন্মিলনত গৃহীত হোৱা ৰিঅ’ ঘোষণা পত্ৰত মানি লোৱা হৈছিল। এই নীতিটোক সামূহিক কিন্তু পৃথকীকৃত দায়বদ্ধতা বুলি জনা যায়।

ৰিঅ’ ঘোষণা পত্ৰত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে “পৃথিৱীক পৰিস্থিতিতন্ত্ৰৰ সুৰক্ষা, সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে বিশ্বৰ ৰাষ্ট্ৰসমূহে বিশ্ব অংশী দায়িত্বৰ ভাৱনাৰ উদ্বুদ্ধ হৈ সহযোগিতা কৰা উচিত। বিশ্বৰ পাৰিপাৰ্শ্বিকতা নষ্ট কৰাৰ ক্ষেত্ৰত পৃথক অংশীদায়িত্ব থকাৰ হেতুকে পাৰিপাৰ্শ্বিকতা সংৰক্ষণৰ ক্ষেত্ৰ ত ৰাষ্ট্ৰসমূহৰ সামূহিক কিন্তু পৃথকীকৃত দায়বদ্ধতা থাকিব। উন্নত ৰাষ্ট্ৰসমূহে এই দায়িত্ব স্বীকাৰ কৰিছে যে তেওঁলোকৰ সমাজসমূহে উপভোগ কৰি অহা আৰ্থিক আৰু প্ৰযুক্তিগত সম্পদৰাজিয়ে বিশ্বৰ পাৰিপাৰ্শ্বিকতাৰ ওপৰত পেলোৱা কু-প্ৰভাৱৰ কথা মনত ৰাখি তেওঁলোকেও বহনক্ষম উন্নয়ন নীতি অনুসৰণ কৰিব। ১৯৯২ চনৰ ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সংক্ৰান্তীয় কাটাম চুক্তি পত্ৰয়ো এইটো ঘোষণা কৰিছে যে বিশ্বৰ সমূহ ৰাষ্ট্ৰই সমতা তথা সামূহিক কিন্তু পৃথকীকৃত দায়বদ্ধতা আৰু নিজৰ সামৰ্থৰ ওপৰত ভিত্তি কৰি বিশ্বৰ জলবায়ুৰ সুৰক্ষাৰ বাবে সচেষ্ট হোৱা উচিত।এই চুক্তিপত্ৰৰ স্বাক্ষৰকাৰীসকলে এইটো স্বীকৃত কৰিছিল যে বায়ুমণ্ডলত সৃষ্টি হোৱা গ্ৰীণ হাউছ গেছৰ অধিকাংশই অতীতটো আৰু বৰ্তমানে উন্নত ৰাষ্ট্ৰসমূহৰ সৃষ্টি।এইটো কথাও স্বীকাৰ কৰা হৈছিল যে বৰ্তমানেও উন্নয়নশীল ৰাষ্ট্ৰসমূহে জনমূৰি নিৰ্গমন কৰা সেউজ গৃহ গেছৰ পৰিমাণ উন্নত দেশৰ জনমূৰি নিৰ্গমনৰ তুলনাত যথেষ্ট কম।সেয়েহে চীন, ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহক কীয়টো আচৰণ বিধিৰ পৰা ৰেহাই দিয়া হৈছিল।কীয়টো আচৰণবিধি হ’ল এক আন্তঃৰাষ্ট্ৰীয় চুক্তিপত্ৰ যি উন্নত উদ‍্যোগীক ৰাষ্ট্ৰসমূহে নিৰ্গমন কৰা সেউজগৃহ গেছৰ পৰিমাণ হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰে।কাৰ্বন-  ডাই-অক্সাইড, মিথেন, হাইড্ৰফ্লুৰ কাৰ্বনৰ দৰে গেছ সমূহক বিশ্বৰ উষ্ণতা বৃদ্ধিয়ে এই গ্ৰহটোৰ প্ৰতিয়েই চৰম ভাবুকি কঢ়িয়াই আনিব পাৰে।ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সংক্ৰান্তীয় কাঠাম চুক্তিপত্ৰ অনুসৰি জাপানৰ কীয়টো ১৯৯৭ চনত এই আচৰণ বিধিখন গ্ৰহণ কৰা হৈছিল।

প্ৰশ্নঃ ১১। বিশ্বায়নে ভাৰতত কেনেকুৱা প্ৰভাৱ পেলাইছে?

উত্তৰঃ বিশ্বায়নে ভাৰতক বিভিন্ন পথেৰে ক্ৰিয়া কৰিছে। সেইবোৰ হ’ল- অৰ্থনৈতিকভাৱে, সামাজিকভাৱে আৰু সাংস্কৃতিকভাৱে ।স্বাধীনতাৰ পিছত ভাৰত চৰকাৰে “মিশ্ৰ অৰ্থনীতি” নীতি অৱলম্বন কৰিছিল মূলতঃ ভাৰতক অৰ্থনৈতিক ফালৰ পৰা সবল কৰিবৰ বাবে। আৰু তেতিয়াই ৰাজহুৱা খণ্ডত বহুতো ডাঙৰ ডাঙৰ উদ‍্যোগ গঢ়ি উঠিছিল। তাৰোপৰি ব্যক্তিগত খণ্ডৰ উন্নতিৰ হকেও বহুতো সুবিধা দিছিল।যদিও ইমানখিনি সুবিধা এই নীতি (policy)টোৰ জৰিয়তে পাইছিল তথাপি ভাৰতে উন্নতি কৰিব পৰা নাছিল। ১৯৯১ চনত ভাৰতে এটা অৰ্থনৈতিক সংকটৰ মুখামুখী হৈছিল বহুতো লোকচান ভৰিবলগীয়া হৈছিল।সেয়ে ভাৰতে উচ্চ অৰ্থনৈতিক বিকাশৰ ইচ্ছাৰ বাবে অৰ্থনৈতিক সংশোধনৰ এখন নতুন আঁচনি কৰিলে যিয়ে ব্যৱসায় আৰু বহিঃ বিনিয়োগকে ধৰি বিভিন্ন বিষয়ত বৰ্ধিতভাৱে অনিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিলে।বৈদেশিক মূলধনৰ আন্দোলনৰ বাধাবোৰ হ্ৰাস কৰিবৰ কাৰণে ভাৰতত বহুতো বহুজাতিক কোম্পানী গঢ়লৈ উঠিছিল। বহুতো ভাৰতীয় বিদেশলৈ কাম বিচাৰি গৈছিল আৰু তাত কাম কৰিব আৰম্ভ কৰিছিল।

আমেৰিকাৰ সংস্কৃতিৰ লগতে অন্য ইউৰোপৰ দেশবোৰৰ সংস্কৃতিও ভাৰতত বিয়পি পৰিছিল।ফলস্বৰূপে ভাৰতীয় সকলৰ সাজ-পোচাকৰ লগতে খাদ্যৰ অভ‍্যাসো সলনি হৈ পৰিছিল।বাৰ্গাৰ খোৱা মচালা দোচা খোৱা আৰু নীলা জিনচ্ পিন্ধা আদিহে আমাৰ জীৱন-যাপনত আচৰিত ধৰণে পৰিৱৰ্তন আনিছিল।বিশ্বায়নে আমাৰ পৰিয়ালৰ দৈনন্দিন জীৱন-যাপনতো যথেষ্ট পৰিৱৰ্তন আনিছিল।যৌথ পৰিয়ালৰ ঠাইত একক পৰিয়ালৰ সৃষ্টি হৈছিল।

অন‍্যহাতে ভাৰতে বিশ্বয়ানক প্ৰভাৱান্বিত কৰিছিল। ভাৰতত বহুতো খবৰৰ প্ৰযুক্তিবিদ্যাৰ লগতে মহাকাশত প্ৰযুক্তিবিদ্যাৰ বৃদ্ধি হৈছিল। ভাৰতে বেপাৰ-বাণিজ্য আদিৰ ক্ষেত্ৰত মুখ্য ভূমিকা লৈছিল।

ভাৰতত বিশ্বায়নলৈ প্ৰতিবদ্ধ বিভিন্ন ক্ষেত্ৰৰ পৰা আহিছে। ইয়াত বাওঁপন্থীসকলৰ অৰ্থনৈতিক উদাৰতাবাদলৈ বিৰোধিতা আহিছে যিবোৰ ৰাজনৈতিক দলবোৰৰ দ্বাৰা ভাৰতীয় সামাজিক ফ’ৰামৰ দ্বাৰা ব্যক্ত কৰিছে। উদ‍্যোগিক শক্তিৰ ব্যৱসায় সংঘ আৰু যিবোৰে কৃষকৰ স্বাৰ্থক প্ৰতিনিধিত্ব কৰে সেইবোৰে বহুজাতিক নিগমবোৰ সোমোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সংঘটিত কৰিছে। নিমৰ দৰে কিছুমান গছৰ কৃতিস্বত্ব আমেৰিকা আৰু ইউৰোপৰ ফাৰ্মসমূহে লাভ কৰাৰো বহু পৰিমাণে বিৰোধিতা কৰিছে।

ৰাজনৈতিক অধিকাৰৰ পৰাও বিশ্বায়নলৈ প্ৰতিবাদ আহে। এইবিলাকে বিভিন্ন সাংস্কৃতিক প্ৰভাবলৈ আপত্তি জনায়- বিদেশী দূৰদৰ্শনৰ বিভিন্ন চেনেলৰ পৰ্য‍্যাপ্ততা যিয়ে কেৱল নেটৱৰ্কৰ সুবিধা দিয়ে। ভেলেণ্টাইন দিনৰ আনন্দোৎসৱ আৰু স্কুল কলেজৰ ছাত্র-ছাত্ৰীৰ সাজ-পোচাকৰ পছন্দত পশ্চাত‍্যতা।

প্ৰশ্নঃ ১২। বিশ্বয়ানৰ অৰ্থনৈতিক প্ৰভাৱসমূহ আলোচনা কৰা?

উত্তৰঃ অৰ্থনৈতিক বিশ্বায়ন মূলত পৃথিৱীৰ বিভিন্ন দেশৰ মাজত থকা অৰ্থনৈতিক সোঁতৰ লগত জড়িত। এই সোঁতটো নাইবা আদান-প্ৰদানবোৰে বস্তু সামগ্ৰী, মূলধন মানুহ আৰু আদৰ্শৰ বিভিন্ন ৰূপ ল’ব পাৰে।

ইয়াৰ মূল লক্ষণসমূহ হ’ল-

(ক) বিশ্বয়নত বিশ্বৰ চাৰিওকাষৰ বৃহৎ সামগ্ৰীৰ ব্যৱসায় জড়িত হৈ থাকে।আন দেশৰ পৰা সম্পদ আমদানিৰ ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্ৰই আৰোপ কৰা বাধা নিষেধসমূহ ইয়াত কমোৱা হয়।

(খ) এনেদৰে বিভিন্ন ৰাষ্ট্ৰৰ মাজত মূলধনৰ চলাচলৰ ক্ষেত্ৰত থকা বাধাবোৰো কমোৱা হয়।

(গ) কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ জৰিয়তে বিশ্বায়নে জাতীয় সীমা পাৰ হৈ ভাৱৰ আদান- প্ৰদান নিশ্চিত কৰে।

(ঘ) বিশ্বায়নৰ ফলত আন্তৰ্জাতিক সংগঠন যেনে বিশ্ববেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি আৰু বিশ্বস্বাস্থ‍্য সংস্থা আদিৰ সৃষ্টি হয় যাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা গোটেই পৃথিৱীতেই আছে।

(ঙ) উন্নত ৰাষ্ট্ৰবোৰে সাৱধানেৰে ভিচা নীতিৰ দ্বাৰা নিজৰ সীমা পহৰা দিছে এইটো নিশ্চিত কৰিবৰ বাবে যাতে অন্য ৰাষ্ট্ৰৰ নাগৰিকে আহি তেওঁলোকৰ ৰাষ্ট্ৰৰ নাগৰিকৰ পদবীসমূহ লৈ যাব নোৱাৰে।

(চ) অৰ্থনৈতিক বিশ্বায়নে গোটেই পৃথিৱীতে মতামতৰ ক্ষেত্ৰত এটা গভীৰ বিভাজনৰ সৃষ্টি কৰিছে।

(ছ) অৰ্থনৈতিক বিশ্বায়নে গোটেই পৃথিৱীতে মতামতৰ ক্ষেত্ৰত এটা গভীৰ বিভাজনৰ সৃষ্টি কৰিছে। যিবিলাক সামাজিক ন‍্যায় সম্পৰ্কে উদ্বিগ্ন তেওঁলোক অৰ্থনৈতিক বিশ্বায়নৰ প্ৰক্ৰিয়াৰ কাৰণে ৰাষ্ট্ৰৰ ব্যাপক প্ৰত‍্যাহাৰক লৈ চিন্তিত তেওঁলোকে দেখুৱাই দিছে যে ইয়াৰ দ্বাৰা জনসাধাৰণৰ মাত্ৰ এটা সৰু অংশহে লাভ হ’ব পাৰে। য’ত যিসকলে পদবী আৰু কল‍্যাণৰ বাবে চৰকাৰৰ ওপৰত নিৰ্ভৰশীল (শিক্ষা, স্বাস্থ্য, স্বাস্থ‍্যপদ ইত্যাদি) তেওঁলোকক দুখীয়া কৰিছিল। তেওঁলোকে আনুষ্ঠানিক সুৰক্ষা সুনিশ্চিত কৰাৰ ওপৰত জোৰ দিছিল অথবা ‘সামাজিক সুৰক্ষা কাল’ৰ সৃষ্টি কৰাৰ ওপৰত যিয়ে অৰ্থনৈতিকভাৱে দুৰ্বলসকলৰ ওপৰত বিশ্বায়নৰ নেতিবাচক প্ৰভাৱক কম কৰিব পাৰে।

(জ) অৰ্থনৈতিক বিশ্বায়নৰ বক্তাসকলে যুক্তি দৰ্শায় যে অৰ্থনৈতিক বিশ্বায়নে জনসাধাৰণৰ এটা বৃহৎ অংশৰ বাবে ব্যাপক অৰ্থনৈতিক বিকাশ আৰু কল‍্যাণ সাধন কৰিছে যেতিয়া তাত অনিয়ন্ত্ৰণ আছে। ৰাষ্ট্ৰবোৰৰ মাজত হোৱা বৃহৎ ব্যৱসায়ে প্ৰত‍্যেকখন ৰাষ্ট্ৰৰ অৰ্থনীতিকে ইয়াৰ যিমান ভাল কৰিব পাৰে কৰিব দিছে।ই গোটেই বিশ্বৰেই মঙ্গল কৰিব।

১৯৯১ চনত এটা অৰ্থনৈতিক সংকটৰ মুখামুখি হওঁতে আৰু উচ্চ অৰ্থনৈতিক বিকাশৰ ইচ্ছাৰ বাবে ভাৰতে অৰ্থনৈতিক সংশোধনৰ এখন নতুন আঁচনি কৰিলে যিয়ে ব্যৱসায় আৰু বহি বিনিয়োগকে ধৰি বিভিন্ন বিষয়ত বৰ্ধিতভাৱে অনিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিলে।এই আঁচনিখনৰ অধীনত ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ কোম্পানীৰ বাবে কিছু কাম মুকলি কৰি অনা হৈছিল।এটা বৃহৎ আকাৰৰ ৰাজহুৱা খণ্ডৰ কোম্পানীয়ে লোকচান ভৰিবলগীয়া হৈছিল।তাৰোপৰি ব্যক্তিগত খণ্ডটোক বহুতো বাধাৰ পৰা মুক্ত কৰি দিয়া হৈছিল।উদ্যোগীকৰণ আৰু অন্য দেশৰ ব্যৱসায়িক ঘৰবোৰে ভাৰতত তেওঁলোকৰ নিজৰ কস্তুবোৰ উৎপাদন আৰু বিক্ৰী কৰিবৰ বাবে আৰু চাকৰি কৰিবৰ বাবে ভাৰত দৰ্শন কৰিছিল।শেষৰ কেইটামান বছৰত বহুতো বিদেশী কোম্পানীয়ে ভাৰতত মোবাইল, খবৰৰ প্ৰযুক্তিবিদ্যাৰ উৎপাদনৰ বাবে ভাৰতত খোপনি পুতিছে।

প্ৰশ্নঃ ১৩। “বিশ্বায়নৰ বিৰুদ্ধে বিশ্বব্যাপী প্ৰতিবাদ হৈছে”-ব্যাখ্যা কৰা।

উত্তৰঃ বিশ্বায়নে গোটেই বিশ্বব্যাপী সমালোচনাৰ মুখামুখি হৈছে। বাওঁপন্থীসকলে যুক্তি আগবঢ়াইছে যে সমসাময়িক বিশ্বায়নে এটা বিশেষ সময়ৰ বিশ্ব পুঁজিবাদক প্ৰতিনিধিত্ব কৰে যিয়ে ধনীসকলক বেছি ধনী আৰু দুখীয়াসকলক বেছি দুখীয়া কৰে। ৰাষ্ট্ৰৰ দুৰ্বলতাই দুখীয়াৰ স্বাৰ্থক সুৰক্ষা দিব পৰা ৰাষ্ট্ৰৰ সামৰ্থ কমাই দিয়ে। বিশ্বায়নৰ সমালোচকসকলৰ ৰাজনৈতিক সোঁপন্থীসকলে ইয়াৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক ফলাফল সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰিছে। ৰাজনৈতিক দৃষ্টিকোণেৰে তেওঁলোকে ৰাষ্ট্ৰৰ দুৰ্বলতাৰ বাবেও ভয় খাইছে। অৰ্থনৈতিকভাৱে তেওঁলোকে আত্মবিশ্বাস আৰু সুৰক্ষাবাদলৈ ঘূৰি অহাটো বিচাৰে, অন্ততঃ অৰ্থনীতিৰ কিছুমান ক্ষেত্ৰত সাংস্কৃতিকভাৱে তেওঁলোকে ভয় খাইছে যে পৰম্পৰাগত সংস্কৃতিৰ ক্ষতি হ’ব আৰু জনসাধাৰণে তেওঁলোকৰ বহু বছৰ পুৰণি মূল‍্যবোধ আৰু পথ হেৰুৱাব।

১৯৯৯ চনত বিশ্ব বাণিজ্য সংস্থাৰ মন্ত্ৰী স্তৰীয় সন্মিলনত অৰ্থনৈতিকভাৱে শক্তিশালী ৰাষ্ট্ৰবোৰে ব্যৱসায়ৰ ক্ষেত্ৰত অন‍্যায় নীতি অৱলম্বন কৰাৰ দোষাৰোপ কৰি বিস্তৃত প্ৰতিবাদ কৰা হৈছিল।এইটো যুক্তি আগবঢ়োৱা হৈছিল যে ক্ৰমবিকাশশীল বিশ্ব অৰ্থনৈতিক ব্যৱস্থাও উন্নয়নশীল বিশ্বৰ স্বাৰ্থক যথেষ্ট গুৰুত্ব দিয়া নহয়।

বিশ্বৰ সামাজিক ফ’ৰাম আন এখন বিশ্বমঞ্চ, যিয়ে এটা বিস্তৃত সংযোজন কৰিছে মানৱ,অধিকাৰৰ কৰ্মীসকল,পৰিৱেশবিদসকল,শ্ৰমিক, ডেকা আৰু মহিলা কৰ্মীসকলক একেলগে কৰি ই নতুন উদাৰনৈতিক বিশ্বায়নৰ বিৰোধিতা কৰে।

প্ৰশ্নঃ ১৪। বিশ্বায়নৰ পৰিপ্ৰেক্ষিতত উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ পৰিবৰ্ধিত আৰু সংকুচিত ভূমিকা আলোচনা কৰা।

উত্তৰঃ বিশ্বায়নৰ ফলত উন্নয়নশীল ৰাষ্ট্ৰসমূহে যি আঁচনি গ্ৰহণ কৰিবলৈ ইচ্ছা কৰে তাৰ ওপৰত এক প্ৰভাৱ বিস্তাৰ কৰে।কাৰণ এখন দেশে অন্য এখন দেশৰ লগত ব্যৱসায়িক সম্পৰ্ক স্থাপনৰ বেলিকা দুইখন দেশৰ চৰকাৰৰ মাজত থকা চুক্তিসমূহৰ প্ৰতি বিবেচনা কৰিব লাগে। এইক্ষেত্ৰত বিশ্ব বাণিজ্যিক সংস্থা, বিশ্ব শ্ৰমিক সংস্থা আদিৰ নীতি-নিয়মৰ দ্বাৰা চৰকাৰ প্ৰভাৱিত হয়। বহু সময়ত এই আন্তৰ্জাতিক সংস্থাই শ্ৰমিকৰ নিৰাপত্তা আৰু ব্যৱসায়িক কাম-কাজৰ সুস্থ পৰিৱেশৰ বাবে ৰাজনৈতিক নীতি-নিয়মক সলনি কৰিবলৈ হেঁচা প্ৰয়োগ কৰে। উদাহৰণস্বৰূপে আন্তৰ্জাতিক ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ প্ৰভাৱ বৃদ্ধি হোৱাৰ লগে লগে চৰকাৰৰ সিদ্ধান্তৰ এক প্ৰভাৱ আৰোপ কৰিছে।অৱশ্যে বিশ্বায়নে সকলো সময়তে চৰকাৰৰ ক্ষমতাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। সেয়ে উন্নয়নশীল ৰাষ্ট্ৰসমূহে দেশৰ আইন আৰু নীতিৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তাক বজাই ৰাখিবলৈ প্ৰয়োজন হোৱা সকলো কাৰ্যাৱলী গ্ৰহণ কৰিব পাৰে। আনহাতে, বিশ্বায়নৰ ফলত উন্নতি হোৱা প্ৰযুক্তি ক্ষেত্ৰখনৰ সহায়ত চৰকাৰে নিজৰ নীতি-নিয়মসমূহক অধিক সু-পৰিকল্পিতভাৱে বাস্তৱ ক্ষেত্ৰত ৰূপায়ন কৰিবলৈ সমৰ্থ হৈছে। সেয়ে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বেলিকা বিশ্বায়নৰ পাছত অধিক শক্তিশালী আৰু ফলপ্ৰসূভাৱে নিজৰ ৰাষ্ট্ৰীয় আঁচনিসমূহ ৰূপায়ন কৰি লক্ষ্যত উপনীত হ’ব পাৰিছে।

প্ৰশ্নঃ ১৫। “বিশ্বায়নে আমাক ঘৰত প্ৰভাৱিত কৰে, আমি যি খাওঁ, যি পিন্ধো,আনকি আমাৰ চিন্তাধাৰাক প্ৰভাৱিত কৰে”- বিশ্বায়নৰ সংস্কৃতিক প্ৰভাৱসমূহ কি কি?

উত্তৰঃ বিশ্বায়নে উন্নত দেশসমূহৰ পৰা অনুন্নত দেশসমূহলৈকে সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আনিছে। বিশ্বায়নে আমাৰ ঘৰত আমাক প্ৰভাৱান্বিত কৰে। আমি খাওঁ, পিওঁ,পিন্ধো আনকি আমাৰ চিন্তাধাৰাকে।ই আমাৰ চিন্তাধাৰা আৰু অগ্ৰাধিকাৰসমূহৰ আকাৰ দিয়ে। বিশ্বায়নৰ সাংস্কৃতিক প্ৰভাবে এটা ভয়ৰ সৃষ্টি কৰে যে এই প্ৰক্ৰিয়াটোৱে বিশ্ব সংস্কৃতিলৈ এটা বিপদ কঢ়িয়াই আনিছে। ই সেইটো কৰিছেও,কাৰণ বিশ্বায়নে এটা একেধৰণৰ সংস্কৃতিৰ সৃষ্টি কৰে যাটোক সাংস্কৃতিক সমৰূপতা বুলি কোৱা হয়।

 বিশ্বায়নৰ সাংস্কৃতিক ফলাফলসমূহ কেৱল নেতিবাচক। সংস্কৃতি স্থিতিশীল বস্তু নহয়।সকলো সংস্কৃতিয়েই বাহিৰৰ প্ৰভাৱবিলাকক সকলো সময়তে গ্ৰহণ কৰে। কিছুমান বাহিৰৰ প্ৰভাৱ নেতিবাচক কাৰণ সেইবোৰে আমাৰ পছন্দবোৰ কমাই দিয়ে। কিন্তু কেতিয়াবা বাহিৰৰ প্ৰভাৱসমূহে আমৰ পছন্দবোৰ বঢ়াই দিয়ে আৰু কেতিয়াবা সেইবোৰে আমাৰ সংস্কৃতিৰ সংশোধন কৰে।পৰম্পৰাগত সংস্কৃতিক বিপৰ্যস্ত নকৰাকৈ। এটা মচলা দোচাৰ বিকল্প বাৰ্গাৰ নহয় সেইকাৰণে প্ৰকৃতাৰ্থত কোনো প্ৰত‍্যাহবান নজনায়।

 ই কেৱল আমাৰ পছন্দৰ খোৱা বস্তুৰ সংখ্যা বঢ়ায়। আনহাতে নীলা জিনচ ঘৰত বনোৱা খাদী কুৰ্তাৰ লগত ভালকৈ মিলে। ইয়াত বাহিৰৰ প্ৰভাৱৰ ফলাফলটো এটা নতুন সংযোগ যিটো অদ্বিতীয়- জিনচৰ ওপৰত এটা খাদী কুৰ্তা। কৌতুহলজনকভাৱে এই কাপোৰৰ সংযোগ সেই দেশলৈ পুনৰ ৰপ্তানি কৰা হয় যি দেশে আমাক নীলা জিনচ দিছিল যাতে এজন  ডেকা আমেৰিকানক জিনচৰ লগত কুৰ্তা পিন্ধা লেখাটো সম্ভৱ হয়।

যেতিয়া সাংস্কৃতিক সমৰূপতা বিশ্বায়নৰ এটা দিশ হয়, একেই প্ৰক্ৰিয়াই নিৰ্দিষ্টভাৱে বিৰোধী প্ৰভাৱৰো সৃষ্টি কৰে।ইয়ে প্ৰত‍্যেকটো সংস্কৃতিক পৃথক আৰু স্পষ্ট কৰে। ইয়াক সাংস্কৃতিক সমৰূপতা বুলি কোৱা হয়। এইটো অস্বীকাৰ্য নহয় যে যেতিয়া সংস্কৃতিৰ আদান-প্ৰদান হয় তেতিয়া তাত ক্ষমতাৰ বিভিন্নতা থাকে ইয়াৰ পৰিৱৰ্তে বেছি মৌলিকভাৱে পৰামৰ্শ আগবঢ়োৱা হয় যে সাংস্কৃতিক আদান-প্ৰদান কাচিৎহে এটা উপায় হ’ব পাৰে।

প্ৰশ্নঃ ১৬। বিশ্বায়নৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰভাৱ আলোচনা কৰা।

উত্তৰঃ সমসাময়িক বিশ্বায়নৰ প্ৰতিক্ৰিয়াৰ ফলস্বৰূপে সৃষ্টি হোৱা এটা বিৰ্তকৰ প্ৰচলিত ৰাজনৈতিক প্ৰভাৱৰ সৈতে সম্পৰ্ক আছে। কেনেকৈ বিশ্বায়নে ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ পৰম্পৰাগত ধাৰণাৰ ওপৰত প্ৰভাৱ পেলায় তাৰ তিনিটা দিশ আছে।

আটাইতকৈ সহজ পৰ্যায়ত বিশ্বায়নৰ ফলত ৰাষ্ট্ৰীয় সামৰ্থ কমি যায়, সেইটো হ’ল,এতিয়া এখন বেছি ক্ষুদ্ৰ ৰাষ্ট্ৰলৈ পথ উলিয়াই দিছে যিয়ে কিছুমান প্ৰধান কাৰ্য্য সম্পাদনা কৰে।যেনে-আইন শৃংখলা নিয়ন্ত্ৰণ কৰা আৰু ইয়াৰ নাগৰিকৰ সুৰক্ষা।অৱশ্যে ই এতিয়া আগৰ বহুতো অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ লগত জড়িত কাৰ্যক বাদ দিছে। জনকল‍্যাণকামী ৰাষ্ট্ৰৰ ঠাইত এতিয়া বজাৰসমূহে অৰ্থনৈতিক আৰু সামাজিক অগ্ৰাধিকাৰসমূহ নিৰ্ণয় কৰে। বহুজাতিক নিগমবোৰৰ আগমন আৰু ইয়াৰ বৰ্ধিত ভূমিকাই গোটেই বিশ্বতে চৰকাৰসমূহৰ নিজে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত থকা সামৰ্থ কমাই পেলাইছে।

একে সময়তে, বিশ্বায়নে সদায় ৰাষ্ট্ৰীয় সামৰ্থক নকমায়। ৰাজনৈতিক জনসমাজৰ বাবে ৰাষ্ট্ৰৰ প্ৰাধান‍্যৰ এতিয়াও এটা প্ৰত‍্যাহবান জনাব নোৱাৰা ভেটি।বিশ্ব ৰাজনৈতিত ৰাষ্ট্ৰসমূহৰ মাজত থকা পুৰণা হিংসা আৰু প্ৰতিদ্বণ্ডিতাল কোনো গুৰুত্ব নাই।ৰাষ্ট্ৰই একেৰাহে ইয়াৰ মুখ্য কাৰ্যসমূহ পালন কৰি আছে (আইন শৃংখলা, ৰাষ্ট্ৰীয় সুৰক্ষা)আৰু ই সচেতনভাৱেই ইচ্ছা কৰা কিছুমান দিশক বাদ দিছে। ৰাষ্ট্ৰ একেদৰেই গুৰুত্বপূৰ্ণ।

প্ৰকৃতপক্ষে বিশ্বায়নৰ ফলস্বৰূপে কিছু ক্ষেত্ৰত ৰাষ্ট্ৰীয় সামৰ্থৰ মূল‍্য বৃদ্ধি হৈছে, বৰ্ধিত  প্ৰযুক্তিক পৰ্যাপ্তভাৱে ব্যৱহাৰ কৰি ৰাষ্ট্ৰই ইয়াৰ নাগৰিকসকলৰ সকলো খবৰ সংগ্ৰহ কৰিব পাৰে এই খবৰবোৰৰ সৈতে ৰাষ্ট্ৰই ভালকৈ শাসন কৰিবলৈ কম নহয় বেছি সমৰ্থবান হ’ব। এইদৰে নতুন প্ৰযুক্তিবিদ্যাৰ ফলস্বৰূপে ৰাষ্ট্ৰ আগতকৈ বেছি ক্ষমতাশালী হৈছে।

বিশ্বায়নৰ ফলত বিভিন্ন দেশৰ মাজত অৰ্থনৈতিক আদান-প্ৰদান বৃদ্ধি পাইছে। মূলধন চলাচল সূচল হৈছে আৰু বজাৰকেন্দ্ৰিক অৰ্থনীতি গঢ় লৈ উঠিছে।এখন দেশৰ পৰা আন এখন দেশলৈ সম্পদ আমদানিৰ ক্ষেত্ৰত বাধা-নিষেধসমূহ আতঁৰোৱা হৈছে।বহুজাতিক কোম্পানীসমূহে বজাৰ দখল কৰিছে।বিশ্বায়নে উন্নত দেশসমূহৰ পৰা অনুন্নত দেশসমূহলৈকে সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আনিছে। বিশ্বায়নে আমাৰ ঘৰত আমাক প্ৰভাৱান্বিত কৰে।আমি যি খাওঁ, যি। পিন্ধো,যি চিন্তা কৰো,সকলোকে বিশ্বায়নে স্পৰ্শ কৰিছে।

প্ৰশ্নঃ ১৭। ভাৰতৰ বৈদেশিক নীতিৰ ভূগোল নিৰ্ধাৰণৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ গঠনক প্ৰভাৱিত কৰা আৰু অব‍্যাহত ৰখা কেইবাটাও কাৰক আছে। ইয়াৰে কিছুমান কাৰক স্থায়ী প্ৰকৃতিৰ আৰু আনবোৰ সময়ৰ সৈতে সলনি হয়।এই শাখাত, আমি ভাৰতৰ বৈদেশিক নীতিৰ মুখ্য নিৰ্ধাৰক, যেনে ভূগোল, ইতিহাস আৰু সংস্কৃতি,ঘৰুৱা পৰিস্থিতি, বাহ‍্যিক পৰিৱেশ আদিৰ বিষয়ে আলোচনা কৰিম।

ভাৰতৰ ভৌগোলিক আকাৰ আৰু অৱস্থাতে ইয়াৰ বৈদেশিক নীতি গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ভাৰত আকাৰত বহুত ডাঙৰ; প্ৰায় ৩ নিযুত বৰ্গ কিলোমিটাৰ অঞ্চলৰ সৈতে ই পৃথিৱীৰ সপ্তম সৰ্ববৃহৎ।ভাৰতৰ সীমা বিশ্ব বিখ্যাত হিমালয় পৰ্বতমালা সৈতে সম্পৰ্কিত।ইয়াৰ পশ্চিমত পাকিস্তান, উত্তৰত ভূটান, চীন আৰু নেপাল আৰু পূবত বাংলাদেশ আৰু ম‍্যানমাৰৰ সৈতে ১৫’০০০ কিলোমিটাৰ দীঘল ভূমি সীমা আছে।আফগানিস্তান আৰু প্ৰাক্তন ছোভিয়েট ইউনিয়ন জম্মু আৰু কাশ্মীৰৰ নিকটৱৰ্তী অঞ্চলত আছে।প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে প্ৰায়ে উল্লেখ কৰিছে যে এজনে নিজৰ বন্ধু সলনি কৰিব পাৰে, কিন্তু চুবুৰীয়াক নহয়।সেয়েহে, ভাৰতে সকলো চুবুৰীয়া দেশৰ সৈতে বন্ধুত্বপূৰ্ণ আৰু উত্তেজনামুক্ত সম্পৰ্ক স্থাপন কৰিবলৈ আগ্ৰহী হৈ আছে।

ভাৰতত ইয়াৰ ভূখণ্ডৰ তিনিফালে ভাৰত মহাসাগৰৰ পানীৰ দ্বাৰা স্পৰ্শ কৰা ৭,৫০০ কিলোমিটাৰ উপকুলীয় অঞ্চল আছে।ভাৰতৰ বেছিভাগ বৈদেশিক বাণিজ্য ভাৰত মহাসাগৰৰ মাজেৰে প্ৰেৰণ কৰা হয় ঠিক যেনেদৰে ভাৰতীয় বন্দৰবোৰে ইউৰোপ, পশ্চিম এছিয়া, দক্ষিণ-পূব এছিয়া আৰু পূব এছিয়া অঞ্চলৰ পৰা বা ফালে যোৱা ব্যৱসায়িক জাহাজৰ ঘন যান-বাহন প্ৰত‍্যক্ষকৰে; সেয়েহে  ভাৰতৰ বাহ‍্যিক সম্পৰ্কৰ বাবে সাগৰৰ ভূ-ৰাজনৈতিক আৰু ভূ-কৌশলগত গুৰুত্ব অধিক। ভাৰত মহাসাগৰে ১৭-১৯ শতিকাত ফৰাচী, ব্ৰিটিছ, ডাচ্চ আৰু পৰ্তুগীজসকলৰ ঔপনিবেশিক শাসন ভাৰত আৰু পূব এছিয়ালৈ আনিছিল। স্পষ্টকৈ ভাৰতৰ বৈদেশিক নীতিয়ে ভাৰত মহাসাগৰৰ জলসীমাৰ সৈতে ইয়াৰ উত্তৰ সীমান্তসমূহ শান্তিপূৰ্ণ আৰু বিদেশী সামৰিক গঠনৰ পৰা মুক্ত থকাটো নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে। ভাৰতৰ বিশাল উপকূলীয় অঞ্চলৰ বাবে কেৱল এক শক্তিশালী নৌসেনাই নহয়, ভাৰত মহাসাগৰত উপস্থিত অন্যান্য নৌ শক্তিৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ প্ৰয়োজন। ইয়াৰ ভিতৰত আছে ব্ৰিটেইনৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ, যাৰ ডিয়েগো গাৰ্চিয়াত এক শক্তিশালী ন সেনা ঘাটি আছে।

দেশৰ অৱস্থানও উল্লেখযোগ‍্য।দক্ষিণ এছিয়াৰ সৈতে সম্পৰ্কিত, ভাৰত হৈছে আটাইতকৈ ডাঙৰ মহাদেশ এছিয়াৰ কেন্দ্ৰত অৱস্থিত। যদিও ভাৰত চীনা আৰু পাকিস্তানী সামৰিক আক্ৰমণৰ বলি হৈছিল, যোগাযোগৰ মাধ‍্যমবোৰ মুকলি ৰখাটো ইয়াৰ স্বাৰ্থ। সেয়েহে ভাৰতে বিচাৰে যে এই চুবুৰীয়াসকলৰ সৈতে সমস্যাবোৰ সৌহাৰ্দ‍্যপূৰ্ণভাৱে নিষ্পত্তি কৰা হয়।ভাৰত দক্ষিণ-পূব এছিয়া আৰু পশ্চিম এছিয়া দুয়োটা ৰেখাৰ প্ৰৱেশ দ্বাৰা হোৱাৰ লগত সংগতি ৰাখি ভাৰতৰ নিৰাপত্তা আৰু গুৰুত্বপূৰ্ণ স্বাৰ্থ এছিয়াৰ বৃহত্তৰ অঞ্চলত শান্তি আৰু স্থিৰতাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ আছে। সেয়েহে, ভাৰতে ইৰাণ, ইণ্ডোনেছিয়া, মায়ায়েছিয়া, ইণ্ডোনেছিয়া, জাপান, ভিয়েটনাম আদিৰ দৰে আঞ্চলিক শক্তিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰাখে। ভাৰতে লুক ইষ্ট নীতি অনুসৰণ কৰিছে।আৰু এছিয়ান দেশসমূহৰ সৈতে অৰ্থনৈতিক তথা কৌশলগত সম্পৰ্ক বিকশিত কৰি আছে।

প্ৰশ্নঃ ১৮। ভাৰতৰ বৈদেশিক নীতিৰ নিৰ্ধাৰক হিচাপে অৰ্থনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ কেঁচা মাল আৰু প্ৰাকৃতিক সম্পদ ৰখা আৰু অৰ্থনৈতিক বিকাশৰ বাধ‍্যবাধকতাই এখন দেশৰ বৈদেশিক নীতিৰ গতিপথও নিৰ্ধাৰণ কৰে। নিম্ন অৰ্থনৈতিক পৰিলেখ এখন দেশৰ বৈদেশিক বিষয়ত প্ৰভাৱশালী আৰু কাৰ্যকৰী ভূমিকা পালন কৰাৰ সামঞ্জস‍্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।ভাৰত হৈছে বিশাল প্ৰাকৃতিক সম্পদৰ এক ভঁৰাল য’ত বিকাশত অৰ্থনৈতিক উচ্চতা প্ৰাপ্ত কৰাৰ যথেষ্ট সম্ভাৱনা আছে। ভাৰতৰ নদীবোৰে শক্তি উৎপাদন কৰিবলৈ আৰু খোৱা আৰু জলসিঞ্চনৰ বাবে পৰ্যাপ্ত পানী যোগান ধৰিবলৈ সক্ষম।বক্সেইট, কয়লা, তাম,মেঙ্গানিজ আৰু অন্যান্য খনিজ পদাৰ্থৰ বৃহৎ জমা হৈছে ভাৰতৰ সম্পদ। ইয়াৰ দক্ষ আৰু শিক্ষিত কৰ্মশক্তিৰ আধাৰও সমানে উল্লেখযোগ্য।কৃষি, সাক্ষৰতা, বিজ্ঞান আৰু প্ৰযুক্তিৰ  ক্ষেত্ৰত অগ্ৰগতি হোৱা স্বত্বেও, ভাৰত উন্নয়নত যথেষ্ট পিছ পৰি আছে বুলি অস্বীকাৰ কৰিব নোৱাৰি।ইয়াৰ বৰ্ধিত জনসংখ্যাৰ বেছিভাগে খাদ্য, আশ্ৰয় আৰু কাপোৰৰ দৰে প্ৰাথমিক প্ৰয়োজনীয়তা পূৰণ কৰাটো কঠিন অনুভৱ কৰে।

স্বাধীনতাৰ পিছত, আমাৰ নেতাসকলৰ বাবে এইটো স্পষ্ট হৈ পৰিছিল যে পুঁজি স্থানান্তৰ, সঁজুলি আৰু সমাপ্ত সামগ্ৰী আমদানি, ভাৰতীয় সামগ্ৰী আৰু সামগ্ৰীৰ ৰপ্তানি, কাৰিকৰী কৰ্মচাৰীৰ প্ৰশিক্ষণ আদিৰ ক্ষেত্ৰত দেশক বিদেশী চৰকাৰৰ সহায়ৰ প্ৰয়োজন। এক আদৰ্শগত ভাৱে মেৰুকৰণ কৰা পৃথিৱীত,ভাৰতক পশ্চিমৰ মুক্ত বজাৰ অৰ্থনৈতিৰ লগতে পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ নেতৃত্বত সমাজতান্ত্ৰিক বিশ্বৰ পৰা বন্ধুত্ব আৰু সদিচ্ছাৰ প্ৰয়োজন আছিল।সংৰেখন বিহীন নীতি গ্ৰহণ কৰি ভাৰতে দুয়োটা শিবিৰৰ পৰা সহায়ৰ আশা প্ৰকাশ কৰে।সেই বাহ‍্যিক নীতিৰ সমান্তৰালভাৱে, ভাৰতে এক মিশ্ৰিত অৰ্থনীতি পদ্ধতি গ্ৰহণ কৰিছে যিয়ে ৰাজহুৱা খণ্ডক আন্তঃগাঁথনি ক্ষেত্ৰত গধুৰ ৰাজ‍্যিক বিনিয়োগৰ সৈতে একত্ৰিত কৰিছে আনহাতে অন্যান্য ক্ষেত্ৰত এক শক্তিশালী ব্যক্তিগত খণ্ড বিকশিত হৈছে।

পূৰ্বৰ ঔপনিৱেশিক শাসকৰ সৈতে ভাৰতৰ অৰ্থনৈতিক সম্পৰ্ক, যুক্তৰাজ‍্যই নেহৰুক দ্বিপাক্ষিক আৰু কমনৱেলথ গোটৰ ভিতৰত সেই দেশৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গড়ি তুলিবলৈ নিৰ্দেশনা দিছিল। কপাহ, চাহ আৰু গধুৰ যন্ত্ৰপাতি আৰু প্ৰযুক্তিৰ আমদানিৰ দৰে কেঁচা মালৰ ৰপ্তানিৰ সৈতে জড়িত ভাৰতৰ বাণিজ্যৰ বিশাল অংশ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিম ইউৰোপীয় দেশসমূহৰ সৈতে আছে।এই দেশসমূহে বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ জৰিয়তে বহুপাক্ষিক পুঁজিৰ সুবিধা প্ৰদান কৰাৰ উপৰিও বিভিন্ন প্ৰকল্পৰ বাবে উদাৰ অনুদান আৰু ঋণ লৈ আগবাঢ়ি আহিছে। প্ৰাক্তন ছোভিয়েট ইউনিয়নো অনুকূল চৰ্তাৱলীত প্ৰতিৰক্ষা আৰু বৈদেশিক বাণিজ্যৰ অন‍্যান‍্য দিশত এক গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল।

লগতে লক্ষণীয়ভাৱে, ঔদ্যোগিক আৰু অৰ্থনৈতিক প্ৰয়োজনীয়তাৰ বাবে তেলৰ ওপৰত গধুৰ নিৰ্ভৰশীলতাই পশ্চিম এছিয়াৰ তেল সমৃদ্ধ আৰৱ দেশসমূহৰ সৈতে সম্পৰ্কৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে, লগতে বিশ্ববজাৰত স্থিৰ যোগান আৰু তেলৰ মূল‍্যৰ বাবে কাম কৰাৰ উপৰিও।এক পৃথক স্তৰত, দেশৰ অৰ্থনৈতিক পৰিস্থিতিয়ে উন্নত আৰু কম উন্নত দেশসমূহৰ মাজত অৰ্থনৈতিক বৈষম্য হ্ৰাস কৰাৰ বাবে আৰু উন্নয়নশীল দেশবোৰৰ মাজত অধিক অৰ্থনৈতিক সম্পৰ্কৰ বাবে তৰ্ক কৰিবলৈ ভাৰতৰ বৈদেশিক নীতিক নিৱেশ প্ৰদান কৰে।

প্ৰশ্নঃ ১৯। ‘গোলকীয় উত্তৰ’আৰু ‘গোলকীয় দক্ষিণ’ শব্দ দুটাৰ অৰ্থ কি? গোলকীয় উত্তৰ-দক্ষিণৰ বিৰ্তকৰ ধাৰণাটো চমুকৈ ব‍্যাখ‍্যা কৰা।

উত্তৰঃ বিশ্বব‍্যাপী বা গোলকীয় প্ৰেক্ষাপটত ‘উন্নত’ আৰু ‘উন্নয়নশীল’ দেশসমূহৰ ক্ষেত্ৰত গোলকীয় উত্তৰ’ আৰু গোলকীয় দক্ষিণ’ শব্দ দুটা ব্যৱহাৰ হয়।আচলতে গোলকীয় উত্তৰ আৰু গোলকীয় দক্ষিণ দুয়োটা মিলি গোলকীয়া জনসংখ্যা গঠন হয়।শব্দ হিচাপে 1970 ৰ দশকত ‘গোলকীয় উত্তৰ’ আৰু গোলকীয় দক্ষিণ’ শব্দ দুটা এটা আনটোৰ বিপৰীতে উদ্ভৱ হৈছিল।

গোলকীয় উত্তৰ-দক্ষিণ বিৰ্তকঃ গোলকীয় উত্তৰ আৰু গোলকীয় দক্ষিণ বিতৰ্কটো বহলকৈ সামাজিক-অৰ্থনৈতিক আৰু ৰাজনৈতিক বিভাজন হিচাপে জনা যায়। সংজ্ঞা অনুসৰি গোলকীয় উত্তৰে আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা, পশ্চিম ইউৰোপ আৰু এছিয়া মহাদেশৰ উন্নত দেশসমূহ যেনে-জাপান আৰু ইউৰাইল লগতে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডকো সামৰি লয়। আনহাতে, গোলকীয় দক্ষিণ আফ্ৰিকা, লেটিন আমেৰিকা আৰু মধ‍্যপ্ৰাচ‍্যক সামৰি উন্নয়নশীল এছিয়াক সামৰি লয়।

‘গোলকীয় উত্তৰ’ হৈছে G8ৰ সকলো সদস্যৰ গৃহস্বৰূপ আৰু ইয়াৰে চাৰিখন সদস্য(দেশ) হৈছে-ৰাষ্কসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য।গোলকীয় উত্তৰ পশ্চিমীয়া বিশ্বৰ সৈতে সম্পৰ্কিত আনহাতে, গোলকীয় দক্ষিণ মুখ‍্যতঃ  উন্নয়নশীল দেশবোৰৰ(যাক আগতে তৃতীয় বিশ্ব বুলি কোৱা হৈছিল)আৰু প্ৰাচ‍্য বিশ্বৰ সৈতে খাপ খায়। এই দুয়োটা সমূহকেই স্বাধীনতাৰ সূচকৰ দ্বাৰা নিৰ্ধাৰিত সম্পদ, অৰ্থনৈতিক বিকাশ, উপাৰ্জনৰ বৈষম্য, গণতন্ত্ৰ আৰু ৰাজনৈতিক স্বাধীনতা ইত‍্যাদিৰে পৃথক কৰা হয়। গোলকীয় উত্তৰৰ ৰাষ্ট্ৰসসূহ বেছি সম্পদশালী,কম অসমতাপূৰ্ণ,বেছি গণতান্ত্ৰিক আৰু উন্নত দেশ যিবোৰে প্ৰযুক্তিগত ভাৱে উন্নত উৎপাদিত সামগ্ৰী ব্যৱহাৰ কৰাৰ বিপৰীতে গোলকীয় দক্ষিণৰ ৰাষ্ট্ৰসমূহ সাধাৰণতে দুখীয়া, ভগ্ন গণতন্ত্ৰ, আনৰ ওপৰত নিৰ্ভৰশীল আৰু বিশেষকৈ উত্তৰৰ দেশসমূহৰ দ্বাৰা ঔপনিৱেশিকতাবাদৰ ভক্তভোগী। অৰ্থনৈতিক দিশৰ পৰা চালে,গোলকীয় উত্তৰৰ দেশসমূহে বিশ্বৰ সম্পদৰ চতুৰ্থ পঞ্চমাংশ নিয়ন্ত্ৰণ কৰে। উৎপাদিত ঔদ্যোগিক খণ্ডসমূহৰ 30% ই গোলকীয় উত্তৰৰ আৰু নিয়ন্ত্ৰণত থাকে। অন‍্যহাতে, পৃথিৱীৰ সম্পদৰ এক পঞ্চমাংশ গোলকীয় দক্ষিণৰ দেশসমূহে আহৰণ কৰে।গোলকীয় উত্তৰ আৰু গোলকীয় দক্ষিণৰ এই অসমতাবোৰৰ বহুতো কাৰণ আছে যেনে-

(ক) স্বাস্থ্য আৰু শিক্ষা।

(খ) ৰাষ্ট্ৰসমূহৰ বৈশিষ্ট্য আৰু ইয়াৰ ঔদ্যোগিক খণ্ড।

(গ) অন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক নীতি আৰু বজাৰৰ সুবিধা।

(ঘ) ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা।

(ঙ) ৰাষ্ট্ৰসমূহৰ মাজত সংঘাত।

(চ) প্ৰাকৃতিক দুৰ্যোগৰ লগত মোকাবিলা কৰাৰ শক্তি।

(ছ) প্ৰাকৃতিক সম্পদৰ পৰ্যাপ্ততা।

(জ) জলবায়ু পৰিৱৰ্তন।

এই সমূহ কাৰণৰ মাজত জলবায়ু পৰিৱৰ্তনে গোলকীয় উত্তৰ আৰু দক্ষিণৰ মাজত বিতৰ্কৰ সূত্ৰপাত ঘটা দেখা যায়।কিয়নো গোলকীয় উত্তৰৰ দেশসমূহ উন্নত হোৱাৰ মূলতে হ’ল উন্নত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ আৰু ঔদ্যোগিক খণ্ডৰ দ্ৰুত বিকাশ। উন্নত দেশসমূহৰ অত‍্যতিক উদ‍্যোগিক খণ্ডৰ ব্যৱহাৰে বিভিন্ন বিষাক্ত গেছ নিৰ্গত কৰে।এনে গেছসমূহে বায়ুমণ্ডলত মিলিত হৈ বায়ু দূষিত কৰে।উন্নত দেশসমূহৰ এনে প্ৰক্ৰিয়াৰ ফলত জলবায়ু ব‍্যাপক হাৰত পৰিৱৰ্তন হৈছে।এই দেশসমূহৰ কাৰ্বন নিৰ্গমণৰ মাত্ৰা অত‍্যাধিক বেছি।আনহাতে, অনুন্নত দেশসমূহৰ ঔদ্যোগিক খণ্ড অতি দুৰ্বল বাবে কাৰ্বন নিৰ্গমণৰ পৰিমাণ যথেষ্ট সীমিত। সেয়েহে, গোলকীয় দক্ষিণৰ ৰাষ্ট্ৰবোৰে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত গোলকীয় উত্তৰৰ দেশসমূহক দোষাৰোপ কৰে। ইয়াৰোপৰি গোলকীয় দক্ষিণৰ দেশবোৰে গোলকীয় উত্তৰৰ দেশসমূহত ঔদ্যোগিক খণ্ড ব্যৱহাৰ সীমিত হোৱাটো বিচাৰে। কিন্তু উত্তৰৰ দেশসমূহে এই বিষয়টো মানি ল’ব নোখোজে।এনে ক্ষেত্ৰত উন্নত দেশসমূহে কাৰ্বন প্ৰশসনৰ মৌলিক বোজা ল’ব লাগিব, সম্পাদৰ কম ব্যৱহাৰ হ’ব লাগিব আৰু গোলকীয় উষ্ণতা বৃদ্বিত তেওঁলোকৰ অৱদান সম্পূৰ্ণৰূপে হ্ৰাস কৰিব বুলি উন্নয়শীল আৰু অনুন্নত দেশসমূহে দাবী কৰে।এনে দাবীৰ এক ফলাফল আছিল 1997  চনত কিঅ’টো প্ৰট’কল।

কিঅ’টো প্ৰট’কলৰ পিছতে গোলকীয় দক্ষিণৰ ৰাষ্ট্ৰসমূহে উদ‍্যোগ প্ৰতিষ্ঠাৰ এক নতুন সুযোগ পায় আৰু তাৰ ফলত এনে ৰাষ্ট্ৰবোৰৰ কাৰ্বন নিৰ্গমণৰ মাত্ৰা অধিক হৈ পৰে। আনহাতে, উন্নত দেশসমূহৰ কাৰ্বন নিৰ্গমণৰ মাত্ৰা যথেষ্টে কম হৈ পৰে। সেয়েহে এই বিষয়টোৱে জলবায়ু পৰিৱৰ্তনৰ বিতৰ্ক আকৌ সৃষ্টি কৰে।

অন্য এক বিতৰ্ক হৈছে যে, উত্তৰৰ দেশসমূহে দক্ষিণৰ দেশসমূহক কৰা শোষণ যাৰ ফলত গোলকীয় দক্ষিণৰ দেশসমূহ অনুন্নত হৈয়ে আছে। গোলকীয় উত্তৰৰ দেশসমূহ যিহেতু উন্নত সেয়েহে তেওঁলোকে উন্নত প্রযুক্তিবিদ্যাৰ ব্যৱহাৰ, সম্পদ আহৰণ ইত্যাদিৰে গোলকীয় দক্ষিণৰ দেশসমূহক নিয়ন্ত্ৰণ কৰে। দেখা যায় যে, আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ দ্বাৰা উন্নত দেশবোৰৰ অনুন্নত আৰু উন্নয়নশীল দেশসমূহক কৰা সহায়ৰ নামত বিভিন্ন চৰ্তাৱলী নিয়োগ কৰে। ইয়াৰ ফলত উন্নয়নশীল আৰু অনুন্নত দেশসমূহে উন্নত দেশসমূহৰ দ্বাৰা শোষিত হোৱা দেখা যায়। অর্থাৎ ঔপনিৱেশিক শাসনকালৰ পৰাই বৰ্তমান সময়লৈকে উন্নত ৰাষ্ট্ৰসমূহে অনুন্নত ৰাষ্ট্ৰসমূহৰ ওপৰত শোষণ চলাই আহিছে। অৱশ্যে এই শোষণৰ প্ৰক্ৰিয়া আৰু মাধ্যম সময়ৰ লগে লগে সলনি হৈ গৈ আছে যদিও ইয়াৰ অন্ত হোৱা নাই।

অৱশেষত এইটো ক’ব পাৰি যে, আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত গোলকীয় দক্ষিণ আৰু গোলকীয় উত্তৰ বিতৰ্ক এটা অতি স্পর্শকাতৰ বিষয়। এই বিষয়টোৱে ৰাষ্ট্ৰসমূহৰ মাজত থকা অসমতা, শোষণ, সম্পদ আহৰণ ইত্যাদি বিষয়বোৰ ফুটাই তোলে। ৰাষ্ট্ৰ সমূহৰ মাজত বুজাবুজি আৰু সহযোগিতাৰ ফলতহে এই বিষয়সমূহৰ কিছু সমিধান পোৱা যাব বুলি ক’ব পাৰি যদিও বাস্তৱত ইয়াৰ আশা অতি ক্ষীণ। অৱশ্যে গোলকীয় প্ৰশাসনৰ আগমনে এই অসমতা, বিসমতাৰ কিছু পৰিমাণে অন্ত পেলাব বুলি ধাৰণা কৰিব পাৰি।

প্ৰশ্নঃ ২০৷ গোলকীয় প্ৰশাসনৰ সাকৰাত্মক আৰু নাকৰাত্মক প্ৰভাৱবোৰ কি কি? চমুকৈ আলোচনা কৰা।

উত্তৰঃ গোলকীয় প্রশাসন হৈছে ব্যক্তি আৰু প্ৰতিষ্ঠান, ৰাজহুৱা আৰু ব্যক্তিগত উমৈহতীয়া বিষয়বোৰ পৰিচালনা কৰাৰ সমাধান। গোলকীয় প্ৰশাসনে বিশ্বৰ বিভিন্ন স্তৰত সমূহীয়াভাবে আৰু সহযোগিতামূলক ভাবে কাৰ্য সম্পাদন কৰিবলৈ বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানক একত্রিত কৰে। গোলকীয় প্ৰশাসনৰ লক্ষ্য হৈছে বিশ্বব্যাপী ৰাজহুৱা সমাগ্রী যোগান ধৰা, বিশেষকৈ শান্তি আৰু নিৰাপত্তা সংঘাতৰ বাবে ন্যায়, কাৰ্যকৰী বজাৰ স্থাপন কৰা আৰু ব্যৱসায় আৰু উদ্যোগৰ বাবে একত্রিত মানদণ্ড প্ৰস্তুত কৰা।

গোলকীয় প্ৰশাসনৰ কিছুমান সাকাৰাত্মক আৰু কিছুমান নাকাৰাত্মক প্ৰভাৱ আছে। ইয়াৰ সাকাৰাত্মক প্ৰভাৱসমূহ হ’ল—

(ক) সংহতি আৰু পাৰস্পৰিক নিৰ্ভৰশীলতা: গোলকীয় প্রশাসনে ৰাষ্ট্ৰ, সংগঠন আৰু সংস্থাসমূহৰ মাজত সংহতি আৰু পাৰস্পৰিক নিৰ্ভৰশীলতা বৃদ্ধি কৰে। গোলকীয় প্রশাসনে ৰাষ্ট্ৰ, সংগঠন আৰু সংস্থাসমূহক একেলগে কাম কৰাৰ এখন মঞ্চ প্ৰদান কৰে য’ত তেওঁলোকে নিজৰ নিজৰ উদ্দেশ্য প্ৰকাশ কৰাৰ লগতে ইয়াক আগবঢ়াই নিয়ে।

(খ) ভাৰসাম্যতা ৰক্ষা: যিহেতু গোলকীয় প্রশাসন বিভিন্ন সংগঠনৰ সমষ্টি সেয়েহে ইয়াৰ দ্বাৰা ক্ষমতাৰ ভাৰসাম্যতা ৰক্ষা হয়। কিয়নো সমস্তৰীয় বহুতো সংগঠন বা অনুষ্ঠান সৃষ্টি হোৱাৰ লগে লগে সকলো অনুষ্ঠানে নিজৰ নিজৰ সীমাবদ্ধতাত কাম কৰে। 

(গ) সমূহীয়া সমস্যাৰ সমাধান: সন্ত্ৰাসবাদ, মহামাৰী, পৰিৱেশ প্ৰদূষণ ইত্যাদি কোনো এখন দেশৰ একমাত্ৰ সমস্যা নহয়। সেয়েহে, এনেবোৰ সমস্যা সমাধানৰ বাবে গোলকীয় প্রশাসন হৈছে এক উৎকৃষ্ঠ মঞ্চ য’ত ইয়াৰ সমূহীয়া সমাধান আশা কৰিব পৰা যায়। 

ইয়াৰ নাকাৰাত্মক প্ৰভাৱসমূহ হ’ল—

(১) সিদ্ধান্তৰ বিভিন্নতা: যিহেতু গোলকীয় প্রশাসন বিভিন্ন শাসকীয়, ব্যৱসায়িক অনুষ্ঠানৰ সমষ্টি, সেয়েহে কোনো এটা বিষয়ৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত, বিভিন্নতা আহি পৰে। ফলত সঠিক সিদ্ধান্ত গ্ৰহণত কিছু পলম হয়।

(২) উন্নত দেশবোৰৰ প্রভাৱশালী স্থান: যদিও গোলকীয় প্রশাসনে সমগ্ৰ বিশ্বৰ দেশসমূহক সামৰি লয়, তথাপি প্ৰকৃততে ইয়াৰ উন্নত দেশবোৰৰেই প্ৰভুত্ব দেখিবলৈ পোৱা যায়। বিভিন্ন সিদ্ধান্তৰ যোগেদি এই দেশসমূহে অনুন্নত আৰু উন্নয়নশীল দেশসমূহক শোষণ কৰে আৰু এনে দেশসমূহে সদায়েই এক নিৰ্ভৰশীলতাৰ বোজা বহন কৰিবলৈ বাধ্য হয়। আন্তঃৰাষ্ট্ৰীয় স্তৰত গোলকীয় প্ৰশাসনৰ ধাৰণা অতি গুৰুত্বপূৰ্ণ যদিও ইয়াত এতিয়াৰ সমতাৰ তাৰতম্য ঘটে।

প্ৰশ্নঃ ২১। গোলকীয় প্ৰশাসনৰ লক্ষ্যসমূহ কি কি? 

উত্তৰঃ গোলকীয় প্ৰশাসনৰ লক্ষ্যসমূহ হ’ল—

(ক) গোলকীয় শাসন বা প্ৰশাসনৰ প্ৰথম লক্ষ্য হৈছে— এই পৃথিৱীৰ নাগৰিক হিচাপে আমি আমাৰ অংশীদাৰী মানৱীয় লক্ষ্যবোৰ পূৰণ কৰিবলৈ সক্ষম হোৱাটো নিশ্চিত কৰা।

(খ) পৃথিৱীখনক ইয়াৰ প্ৰাকৃতিক প্ৰাচুৰ্য, সৌন্দৰ্য আৰু বৈচিত্ৰৰ সৈতে এক অবিভক্ত একক হিচাপে অক্ষত থকাটো নিশ্চিত কৰা।

(গ) শোষণৰ পৰা মুক্ত আৰু নিৰপেক্ষ অর্থনৈতিক আৰু ৰাজনৈতিক নীতি প্ৰস্তুত কৰা যাতে সমগ্ৰ বিশ্বৰ প্ৰতিজন নাগৰিকে সুৰক্ষিত, নিৰাপদ আৰু মূল্যবান অনুভৱ কৰা।

(ঘ) প্রত্যেক নাগৰিককে উপযুক্ত শিক্ষা প্ৰদান কৰি দক্ষ, মাৰ্জিত আৰু জ্ঞানী কৰি তোলা। 

(ঙ) ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সম্পর্ক স্থাপন কৰা যাতে—

(১) বিশ্বব্যাপী মানৱ নিৰাপত্তা প্ৰদান কৰিব পৰা যায়।

(২) প্রাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰিবলৈ।

(৩) সকলোৰে বাবে সামাগ্রিক আৰু মানৱীয় শিক্ষা সম্ভৱপৰ কৰি তোলা। 

(৪) মানৱীয় আৰু পৰিৱেশ অনুকূল উপযুক্ত প্রযুক্তিবিদ্যাৰ সৃষ্টি কৰিবলৈ।

(৫) সকলোৱে সুখ আৰু সমৃদ্ধিৰে জীয়াই থকাৰ বাবে সুযোগ আৰু উপায় উদ্ভাৱন কৰিবলৈ।

(চ) বিশ্বশাসনত অংশগ্ৰহণৰ বাবে সামাজিক সংগঠনৰ প্ৰতিটো স্তৰত অধিকাৰ, দায়বদ্ধতা আৰু কৰ্তব্যৰ বাবে শিক্ষা পৰিকাঠামো আৰু নিৰ্দেশনা প্ৰদান কৰিবলৈ।

প্ৰশ্নঃ ২২। গোলকীয় প্রশাসনত / শাসনত গোলকীয় অনুষ্ঠানসমূহৰ নতুন বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ গোলকীয় শাসনত গোলকীয় বা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানসমূহৰ নতুন বৈশিষ্ট্যসমূহ এনেধৰণৰ—

(ক) অনানুষ্ঠানিকতাকৰণ: গোলকীয় প্ৰশাসনৰ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানসমূহ প্রথমতে আনুষ্ঠানিক চনদৰ দ্বাৰা গঠন কৰা হৈছিল, যেনে— ৰাষ্ট্ৰসংঘ, আন্তঃৰাষ্ট্ৰীয় মুদ্রানীধি, বিশ্ব বেংক ইত্যাদি। কিন্তু বর্তমান সময়ত ইমানেই আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় আৰু আঞ্চলিক অনুষ্ঠান সমূহ গঢ়ি উঠিছে যে, যিবোৰ বেছিভাগেই কোনো আনুষ্ঠানিক চনদৰ দ্বাৰা গঠিত নহয় যদিও এইবোৰ অত্যন্ত প্ৰভাৱশালী। উদাহৰণস্বৰূপে— BRICS : ইয়াক 2006 চনত গঠন কৰা হৈছিল আৰু ই অন্যান্য প্ৰভাৱশালী দেশসমূহৰ; আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান সমূহৰ বিপৰীতে এক প্ৰত্যাহ্বানমূলক অনুষ্ঠান হিচাপে অৱস্থান কৰি আছে।

(খ) বহুপাক্ষিক অনুষ্ঠানসমূহ স্থবিৰতা: মুখ্য আন্তৰাষ্ট্ৰীয় অনুষ্ঠান যেনে— বিশ্ব বেংক, ৰাষ্ট্ৰসংঘ, আন্তঃৰাষ্ট্ৰীয় মুদ্রানীধি ইত্যাদি মুখ্য শক্তিৰ দেশ আৰু নব্য বিকাশিত শক্তিৰ দেশৰ মাজত সংঘাত দেখা পোৱা যায়। উদাহৰণস্বৰূপে, এই গোটেইকেইটা অনুষ্ঠানতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অত্যন্ত প্ৰভাৱশালী ভূমিকা বা গুৰুত্ব দেখা যায়, যিটো নব্য ৰাষ্ট্ৰৰ অসন্তুষ্টিৰ অন্য এক কাৰণ। নব্য বিকশিত শক্তিসমূহে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ ক্ষেত্ৰত থকা কোটা পদ্ধতিৰ বিৰুদ্ধাচৰণ কৰে আৰু ইয়াৰ পৰিৱৰ্তে দুগুণ সংখ্যাগৰিষ্ঠতা পদ্ধতিৰ দাবী কৰে। আকৌ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত G-4 ৰাষ্ট্ৰসমূহে তেওঁলোকৰ স্থায়ী সদস্যপদৰ দাবী কৰি আহিছে যিটো অন্য ৰাষ্ট্ৰসমূহে নাকচ কৰে। এনেদৰে বিভিন্ন সিদ্ধান্ত গ্ৰহণত নব্য বিকাশিত ৰাষ্ট্ৰ আৰু মুখ্য বা‌ প্ৰধান ৰাষ্ট্ৰসমূহৰ মাজৰ সংঘাতে বহুপাক্ষিত অনুষ্ঠান সমূহত অস্থিৰতাৰ সৃষ্টি কৰিছে।

(গ) গোলকীয় প্রশাসনৰ ভংগুৰতা: প্রতিষ্ঠিত আৰু নব্য বিকশিত শক্তিসমূহৰ মাজত চলা অস্থিৰতাই গোলকীয় প্ৰশাসনত ভংগুৰতা আনি দিছে। নব্যউদাৰ গোলকীকৰণৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহ অধিক শক্তিশালী হৈ পৰিল। কিন্তু ইয়াতো প্রতিষ্ঠিত আৰু নব্য বিকাশিত শক্তিৰ মাজত শোষণকেন্দ্রিক প্রক্রিয়া অব্যাহত থাকিল। বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্রানীধি ইত্যাদিয়ে ঋণৰ নামত নিৰ্ধৰণ কৰা বিভিন্ন চৰ্তাৱলীয়ে নব্য বিকশিত শক্তিসমূহক পুনৰ শোষণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে। যাৰ ফলত নব্য বিকশিত শক্তিসমূহে বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি ইত্যাদিক প্রত্যহ্বান জনাই বিভিন্ন আঞ্চলিক তথা ৰাষ্ট্ৰীয় অনুষ্ঠান কিছুমানৰ সৃষ্টি কৰিলে। উদাহৰণস্বৰূপে AIIB ৰ গঠন, NDB ৰ প্ৰতিষ্ঠা ইত্যাদি।

(ঘ) ৰাজনীতিতকৈ অৰ্থনীতিত অধিক গুৰুত্ব: বর্তমান আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত ৰাজনৈতিক দিশতকৈ অৰ্থনৈতিক দিশৰ ওপৰত গুৰুত্ব দি হে নীতি নিৰ্ধাৰণ কৰা হয়। উদাহৰণস্বৰূপে বৰ্তমান ৰাষ্ট্ৰসংঘৰ দৰে ৰাজনৈতিক অনুষ্ঠানতকৈ বিশ্ব বাণিজ্য সংস্থা, আছিয়ান ইত্যাদিৰ দৰে অৰ্থনৈতিক অনুষ্ঠানসমূহৰ গুৰুত্ব বেছি।

(ঙ) প্ৰতিনিধিত্বতাৰ সংঘাত: আন্তঃৰাষ্ট্ৰীয় প্ৰশাসনৰ অনুষ্ঠানসমূহত প্ৰতিনিধিত্বতাক লৈ প্রতিষ্ঠিত আৰু নব্য বিকশিত শক্তিসমূহৰ মাজত সংঘাত হোৱা পৰিলক্ষিত হয়। এনে প্ৰতিষ্ঠানসমূহত আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ স্থিতি (প্ৰতিনিধিত্ব) বাহাল ৰখাৰ চেষ্টা কৰি আহিছে আৰু অন্যহাতে চীনে নিজকে ক্ষমতাৰ নতুন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰি আহিছে। এনেবোৰ সংঘাতক কেন্দ্ৰ কৰিয়েই গোলকীয় ক্ষমতাৰ পৰিৱৰ্তন সংঘটিত হৈছে যিটো প্রতিষ্ঠিত শক্তিসমূহে স্বীকাৰ কৰাটো নিতান্তই প্ৰয়োজনীয়। 

প্ৰশ্নঃ ২৩। ক্ষমতাৰ গোলকীয় পৰিৱৰ্তনৰ ফলাফলসমূহ কি কি?

উত্তৰঃ ক্ষমতাৰ গোলকীয় পৰিৱৰ্তনৰ ফলাফলসমূহ এনেধৰণৰ—

(ক) আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্যৰ পতন: আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্যৰ পতন হৈছে ক্ষমতাৰ গোলকীয় পৰিৱৰ্তনৰ এক অন্যতম ফলাফল। বিংশ শতিকাৰ আগভাগলৈকে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ যথেষ্ট আধিপত্য আছিল। উদাহৰণস্বৰূপে, অপাৰেচন ডেজার্ট ষ্টম (1990-91), অপাৰেচন ইনফিনিট ৰিচ্চ, ইৰাক বহিৰাক্ৰমণ ইত্যাদিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তিশালী প্রভাৱ দেখা গৈছিল। কিন্তু বিংশ শতিকাৰ মাজভাগৰ পৰা বিভিন্ন নব্য বিকশিত শক্তিৰ উত্থানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য বহু পৰিমাণে নিম্নগামী কৰিলে। 

(খ) গণতান্ত্ৰিক আৰু ন্যায়পূর্ণ বিশ্ব: পোনপ্ৰথমতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৰ্তৃত্ব সকলো অংশতে পৰিলক্ষিত হৈছিল। আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান সমূহতো আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰভুত্ব দেখিবলৈ পোৱা গৈছিল। কিন্তু ক্ষমতাৰ গোলকীকৰণৰ পৰিৱৰ্তনৰ লগে লগে বিভিন্ন শক্তিগোষ্ঠী, শক্তিশালী অনুষ্ঠানৰ সৃষ্টি হ’ল যাৰ লগে লগে ক্ষমতাৰ ভাগ-বটোৱাৰা আৰম্ভ হ’ল। ইয়াৰ ফলত বিশ্ব বহু পৰিমাণে গণতান্ত্ৰিক আৰু ন্যায় পূৰ্ণ হ’ল।

(গ) গোলকীয় / আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানত সংশোধনৰ দাবী: আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান / প্রতিষ্ঠান সমূহত সংশোধনৰ দাবী উত্থাপন হৈছে ক্ষমতাৰ গোলকীয় পৰিৱৰ্তনৰ এক ফলাফল বিশেষকৈ নব্য বিকশিত শক্তি সমূহে প্রতিষ্ঠিত শক্তিসমূহৰ সমান্তৰালকৈ অধিকাৰৰ দাবী উত্থাপন কৰিবলৈ ধৰিলে। উদাহণস্বৰূপে G-4 ৰাষ্ট্ৰসমূহ ক্ৰমে ব্রাজিল, ভাৰতবৰ্ষ, জাপান আৰু জাৰ্মানীয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্যপদৰ দাবী উত্থাপন কৰিবলৈ ল’লে।

(ঘ) বিভিন্ন আঞ্চলিক অনুষ্ঠানৰ উত্থান: ক্ষমতাৰ গোলকীয় স্থানান্তৰণৰ অন্য এক ফলাফল হৈছে বিভিন্ন আঞ্চলিক অনুষ্ঠানৰ উত্থান। অনুন্নত আৰু উন্নয়নশীল দেশসমূহে অৰ্থনৈতিক, সামাজিক উন্নয়নৰ বাবে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক প্ৰতিষ্ঠানসমূহৰ পৰা যেনে— বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি, ইত্যাদিৰ পৰা ঋণ লয় যদিও ইয়াত বিভিন্ন ধৰণৰ চৰ্তাৱল (ঘ) বিভিন্ন আঞ্চলিক অনুষ্ঠানৰ উত্থান : ক্ষমতাৰ গোলকীয় স্থানান্তৰণৰ অন্য এক ফলাফল হৈছে বিভিন্ন আঞ্চলিক অনুষ্ঠানৰ উত্থান। অনুন্নত আৰু উন্নয়নশীল দেশসমূহে অৰ্থনৈতিক, সামাজিক উন্নয়নৰ বাবে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক প্ৰতিষ্ঠানসমূহৰ পৰা যেনে— বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি, ইত্যাদিৰ পৰা ঋণ লয় যদিও ইয়াত বিভিন্ন ধৰণৰ চৰ্তাৱলী প্রযোজ্য হৈ থাকে। এনেক্ষেত্ৰত এই ৰাষ্ট্ৰসমূহে এনে চৰ্তৱলীসমূহ গ্ৰহণ কৰি আকৌ কিছুমান অত্যাৱশ্যকীয় বোজা গ্রহণ কৰিবলগীয়া হয়। সেয়েহে এই ব্যৱস্থাৰ বিকল্প হিচাপে বিভিন্ন আঞ্চলিক অনুষ্ঠানৰ জন্ম দি অনুন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহে নিজৰ বিকাশ সাধন কৰাৰ প্রচেষ্টা চলায়। উদাহৰণস্বৰূপে BRICS, ASEAN ইত্যাদি।

(ঙ) নিয়মিত সংঘাত: গোলকীকৰণে নব্য বিকশিত শক্তিসমূহক টনকিয়াল হোৱাত যথেষ্ট অৰিহণা যোগালে। যাৰ ফলত ক্ষমতাকেন্দ্ৰিক সংঘাতৰ আৰম্ভ হ’ল। উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ মজাৰ ক্ষমতাকেন্দ্ৰিক যুঁজ, দুয়োদেশেই ক্ষমতাৰ আধিপত্য বিস্তাৰৰ বাবে সংঘাতত লিপ্ত হোৱা দেখা যায়। অৱশ্যে ই পৰোক্ষভাৱেহে বেছি। আকৌ, ইয়াৰ সমান্তৰালকৈ ভাৰতবৰ্ষ আৰু চীনৰ মাজতো ক্ষমতাৰ যুঁজ অব্যাহত আছে।

প্ৰশ্নঃ ২৪। কূটনীতি কি আৰু ইয়াৰ উদ্দেশ্য কি? ইয়াৰ অৱনতিৰ কাৰণসমূহ লিখা। 

উত্তৰঃ ৰাষ্ট্ৰবোৰৰ মাজত যোগাযোগ ৰক্ষা কৰা কাৰ্যকে কূটনীতি বোলা হয়। কূটনীতিৰ সংজ্ঞা জৰ্জ কেনন, মৰগেনথো আদি ৰাজনীতিবিদসকলে আগবঢ়াইছিল। তেওঁলোকে কূটনীতিৰ সংজ্ঞাত এখন ৰাষ্ট্ৰই এখন বা ততোধিক ৰাষ্ট্ৰৰ লগত শান্তিৰ সময়ত যোগাযোগ ৰক্ষা কৰা আৰু প্ৰতিনিধিত্ব কৰাকে কূটনীতি বোলা হয়। অর্থাৎ অন্য ৰাষ্ট্ৰৰ লগত বৈদেশিক নীতি নিৰূপণ কৰা আৰু কাৰ্যকৰী কৰা কাৰ্যকে বোলা হয়।

কূটনীতিৰ উদ্দেশ্য: কূটনীতিৰ উদ্দেশ্যসমূহ তলত আলোচনা কৰা হ’ল—

(ক) কুটনীতিয়ে ৰাষ্ট্ৰবোৰৰ মাজত বৈদেশিক নীতি নিৰূপণ আৰু কাৰ্যকৰী কৰে।

(খ) ৰাষ্ট্ৰবোৰে ক্ষমতাৰ ওপৰত ভিত্তি কৰি কূটনীতিৰ উদ্দেশ্য নিৰ্দ্ধাৰণ কৰিব পাৰে। 

(গ) ৰাষ্ট্ৰই আন ৰাষ্ট্ৰৰ কুটনীতিৰ উদ্দেশ্য আৰু ক্ষমতাৰ প্ৰতি লক্ষ্য ৰাখি নিজ দেশৰ কুটনীতি নিৰ্দ্ধাৰণ কৰে।

(ঘ) এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ উদ্দেশ্যৰ লগত সম্পৰ্ক ৰাখি কূটনীতি নিৰ্দ্ধাৰণ কৰে। 

(ঙ) কুটনীতি সফল কৰিবৰ বাবে যিটো উপায় অৱলম্বন কৰিব লাগে তাৰ প্ৰতিও মনোযোগ দিব লাগে।

কূটনীতিৰ অৱনতিৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) বৰ্তমান দেশবোৰত দ্ৰুত গতিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰ ঘটাৰ কাৰণে দেশত যোগাযোগ ব্যৱস্থা অধিক উন্নত হৈ পৰিছে। আধুনিক যোগাযোগ ব্যৱস্থাৰ জৰিয়তে অতি কম সময়তে আন দেশৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হোৱা বাবে কূটনীতিৰ প্ৰয়োজন হ্ৰাস পাবলৈ ধৰিছে।

(খ) পূৰ্বতে কোনো কুটনৈতিক চুক্তি কেৱল কূটনীতিবিদজনেই সম্পাদন কৰিব পাৰিছিল। কিন্তু বর্তমান তেনে চুক্তিত কুটনীতিবিদ জনৰ লগতে বৈদেশিক মন্ত্ৰী আৰু দেশৰ মুৰব্বীজনেও বিশিষ্ট ভূমিকা গ্ৰহণ কৰে। ফলত কূটনীতিবিদজনৰ কৰ্তৃত্ব বহু পৰিমাণে লাঘৱ হয় আৰু ইয়াৰ অৱনতি ঘটে।

(গ) বৰ্তমান পূৰ্বৰ দৰে কূটনীতিবিদে স্বাক্ষৰ কৰা চুক্তিক চূড়ান্ত বুলি ধৰাৰ পৰিৱৰ্তে এনে চুক্তিত আইন সভাই অনুমোদন জনাব লাগে। আইন সভাই অনুমোদন জনালেহে তেনে চুক্তি কাৰ্যকৰী হ’ব।

(ঘ) বর্তমান কূটনীতিবিদসকলে পৰম্পৰাগত পদ্ধতি অৱলম্বন কৰাতকৈ বাণিজ্যিক শিক্ষাগত, সাংস্কৃতিক সংগঠন আদিৰ জৰিয়তেহে কূটনৈতিক সম্পৰ্ক স্থাপনৰ চেষ্টা চলায়। ফলত কূটনীতিৰ অৱনতি ঘটিবলৈ ধৰিছে।

(ঙ) দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ছোভিয়েট ৰাছিয়াই কূটনৈতিক দিশত ধাৰবাহিকতা ৰক্ষা কৰাত ব্যৰ্থ হয়। ঠিক সেইদৰে আমেৰিকাই কুটনীতিবিদৰ অভাৱৰ কাৰণে কূটনীতিৰ দায়িত্ব সফলভাৱে পালন কৰিবলৈ সক্ষম হোৱা নাছিল। ফলত কূটনীতিৰ ক্ষেত্ৰত অৱনতি ঘটে।

(চ) এটা সময়ত আঢ্যৱন্ত শ্ৰেণীৰ লোকসকলে জনসাধাৰণতকৈ নিজস্বাৰ্থ পূৰণৰ ওপৰতহে বেছি গুৰুত্ব দিছিল। ফলত কূটনীতিৰ পৰিৱৰ্তে সংসদীয় পদ্ধতিৰ প্ৰতিহে জনসাধাৰণৰ পৰিপ্ৰেক্ষিততো কুটনীতিৰ অৱনতি ঘটিবলৈ ধৰে।

(ছ) ৰাষ্ট্ৰসংঘই সকলো সমস্যা মুকলিভাৱে আলোচনা কৰিবলৈ লোৱাৰ ফলতো কূটনীতিৰ অৱনতি ঘটে।

প্ৰশ্নঃ ২৫। আদৰ্শৰ অৰ্থ আৰু সংজ্ঞা লিখা? ইয়াৰ বিভিন্ন প্ৰকাৰ সমূহ আলোচনা কৰা। 

উত্তৰঃ আন্তঃর্জাতিক ৰাজনীতত আদৰ্শৰ প্ৰভাৱ বা গুৰুত্ব যথেষ্ঠ আছে। প্রত্যেক সমাজতে কিছুমান আদৰ্শৰ প্ৰচলন হৈ থাকে। আদর্শই সমাজত প্ৰচলিত কিছুমান ধাৰণা আৰু কাৰ্যপন্থাক বুজায়। সংক্ষেপে আদর্শ হৈছে কিছুমান অমূৰ্ত ধাৰণা। এই ধাৰণাবোৰক অৱলম্বন কৰি ব্যক্তি, সমাজ বা চৰকাৰে নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’বলৈ প্ৰচেষ্টা চলায়। উদাৰতাবাদ, জাতীয়তাবাদ, সমাজবাদী ফেচিবাদ ইত্যাদিবোৰক আদৰ্শ হিচাবে অভিহিত কৰা হয়। আন্তৰ্জাতিক ৰাজনীতিৰ ক্ষেত্ৰত আদৰ্শই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাষ্ট্ৰসমূহে আদৰ্শৰ ভিত্তিতেই বৈদেশিক নীতি ৰচনা কৰে আৰু কাৰ্যকাৰী কৰে। আদৰ্শই নীতি নিৰ্দ্ধাৰণত সহায় কৰে, পথ প্ৰদৰ্শন কৰে আৰু ৰাষ্ট্ৰীয় লক্ষ্য আৰু উদ্দেশ্য নিৰূপণত সহায় কৰে।

আদৰ্শৰ প্ৰকাৰ: সাধাৰণতে আদর্শক বহল ভিত্তিত দুটা ভাগত ভগাব পাৰি যেনে— উদাৰতাবাদ আৰু সৰ্বাত্মকবাদ। গণতন্ত্র, শান্তি, সহযোগিতা, মানৱ অধিকাৰ ইত্যাদি উদাৰতাবাদ আদৰ্শৰ অন্তর্গত। আনহাতে ফেচীবাদ, নাৎসীবাদ, সাম্যবাদ ইত্যাদি সর্বাত্মক আদর্শ। 

আন্তর্জাতিক ৰাজনীতিত তিনিটা প্ৰকাৰৰ আদৰ্শৰ প্ৰচলন আছে। 

মৰগেনথোৱে আদৰ্শক তিনিটা ভাগত বিভক্ত কৰিছে। যেনে –

(ক) স্থিতাৱস্থাৰ আদৰ্শ।

(খ) সম্প্ৰসাৰণবাদী আদৰ্শ আৰু। 

(গ) অনিশ্চিত আদর্শ।

(ক) স্থিতাৱস্থাৰ আদৰ্শ: এইবিধ আদর্শই ইতিমধ্যে প্ৰচলিত হৈ থকা ৰাজনৈতিক ব্যৱস্থা বা অনুষ্ঠানৰ সমৰ্থন কৰে। স্থিতাৱস্থাৰ আদৰ্শই মূলত শান্তি আৰু আন্তঃৰাষ্ট্ৰীয় আইনক সমর্থন কৰে। এই আদর্শই বল অথবা শক্তি প্ৰয়োগৰ বিৰোধিতা কৰে। এই আদৰ্শই সাম্ৰাজ্য বিস্তাৰ অথবা শোষণ কার্যক সমৰ্থন নকৰে। স্থিতাৱস্থাৰ আদৰ্শই সম্প্ৰসাৰণবাদী নীতিৰ বিৰোধিতা কৰে। স্থিতাৱস্থাৰ আদৰ্শই আন্তঃৰাষ্ট্ৰীয় সংগঠন, যেনে— জাতিসংঘ আৰু ৰাষ্ট্ৰসংঘক সমর্থন কৰে। এই আদর্শই যিকোনো ধৰণৰ যুদ্ধ বা সংঘাতৰ বিৰোধিতা কৰে।

(খ) সম্প্ৰসাৰণবাদী আদর্শ: সম্প্ৰসাৰণবাদী আদর্শ স্থিতাৱস্থাৰ বিৰোধী। অর্থাৎ এই আদর্শই স্থিতাৱস্থাৰ পৰিৱৰ্তন কৰি নতুন ব্যৱস্থা বা পদ্ধতি সৃষ্টি কৰিব বিচাৰে। স্থিতাৱস্থাৰ আদৰ্শহ আন্তঃৰাষ্ট্ৰীয় আইন আৰু সংগঠনৰ বিৰোধিতা কৰে। এই আদর্শই নিজৰ উদ্দেশ্য বা স্বার্থ সিদ্ধিৰ বাবে সম্প্ৰসাৰণৰ নীতিক সমৰ্থন কৰে। এই আদৰ্শই দুখীয়া আৰু দুৰ্বল শ্ৰেণীৰ মানুহক শাসন আৰু শোষণ কৰিব বিচাৰে। জাৰ্মানীৰ হিটলাৰ, ইটালীৰ মুছোলিনীয়ে এই আদর্শ সমর্থন কৰিছিল। এই আদৰ্শই শান্তিৰ বিৰোধিতা কৰে আৰু যুদ্ধ সমৰ্থন কৰে। উদাহৰণস্বৰূপে ফ্রান্সে যুদ্ধৰ জৰিয়তে সাম্রাজ্য বৃদ্ধিৰ চেষ্টা কৰিছিল।

(গ) অনিশ্চিত আদর্শ: এইবিধ আদর্শ উচিত, অনুচিত অথবা ন্যায়-অন্যায় আদি বিভিন্ন ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত। এইবিধ আদর্শ অনিশ্চিত বা পৰস্পৰ বিৰোধী। উদাহৰণস্বৰূপে আত্মনিয়ন্ত্ৰণ নীতিৰ কথা উল্লেখ কৰিব পাৰি। এই নীতিৰ ভিত্তিত অষ্ট্ৰিয়া-হাঙ্গেৰী সাম্ৰাজ্যক ভাগ কৰি অষ্ট্ৰিয়া আৰু হাঙ্গেৰী নীতিৰ ভিত্তিত হিটলাৰে অষ্ট্ৰিয়া আৰু চুইজাৰলেণ্ডক নিজৰ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰি লৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top