Guidance And Counselling Unit 4 শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনা

Guidance And Counselling Unit 4 শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনা Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Guidance And Counselling Unit 4 শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনা to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Guidance And Counselling Unit 4 শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনা Question Answer can be of great value to excel in the examination.

Guidance And Counselling Unit 4 শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনা

Join Telegram channel

Guidance And Counselling Unit 4 শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনা Notes cover all the exercise questions in UGC Syllabus. The Guidance And Counselling Unit 4 শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Educational and Vocational Guidance

EDUCATION

GUIDANCE AND COUNSELLING

নিৰ্দেশনা আৰু পৰামৰ্শদান

Very Short Question Answer:

প্ৰশ্নঃ 1. শৈক্ষিক নিৰ্দেশনা কাক বোলে ?

উত্তৰঃ শিক্ষাৰ্থীৰ অন্তৰ্নিহিতসামৰ্থ, আগ্ৰহ, মানসিক শক্তি, অভিক্ষমতা, ৰুচি-অভিৰুচি, ব্যক্তিত্বৰ সংলক্ষণ আৰু আকাংক্ষা অনুসৰি বিভিন্ন শিক্ষনীয় বিষয়ৰ মাজৰ পৰা কোনবোৰ বিষয় নিৰ্বাচন কৰিলে শৈক্ষিক দিশত অধিক উপকৃত হ’ব পাৰিব সেই স্পৰ্কে প্ৰয়োজনীয় নিৰ্দেশনা দিয়া প্ৰক্ৰিয়াটোকে  শৈক্ষিক নিৰ্দেশনা বোলা হয় ।

প্ৰশ্নঃ 2. শৈক্ষিক নিৰ্দেশনাৰ সংক্ষা যিকোনো দুটি সংজ্ঞা দিয়া ?

উত্তৰঃ ব্ৰুৱাৰৰ মতে, “শৈক্ষিকনিৰ্দেশনা হৈছে এজন ব্যক্তিৰ বৌদ্ধিক বিকাশত সহায় কৰা এক সচেতন প্ৰচেষ্টা ।

ডানছমৰ্ মতে, “শৈক্ষিক নিৰ্দেশনা হৈছে এক প্ৰকাৰৰ প্ৰণালীবদ্ধ সহায়, যাৰ দ্বাৰা শিক্ষাৰ্থীক বিদ্যালয় আৰু জীৱনৰ লগত সন্তোষজনকভাৱে সমাযোজন কৰাত সহায় কৰা হয় । (Educational guidance is a form of systematic assistance whereby students are  aided in achieving satisfactory adjustment to school and life.)

প্ৰশ্নঃ 3. শৈক্ষিক নিৰ্দেশনাৰ যিকোনো এটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ ১) শৈক্ষিক নিৰ্দেশনা হৈছে শিক্ষাৰ্থীক শৈক্ষিক সমস্যাবোৰ সমাধান কৰাত সহায় কৰা এক  প্ৰক্ৰিয়া ।

প্ৰশ্নঃ 4. বৃত্তিমূলক নিৰ্দেশনা কাক বোলে ?

উত্তৰঃ শিক্ষাৰ্থীক তথা ব্যক্তিক কৰ্ম জগতখনৰ লগত পৰিচয় কৰাৰ বাবে, বৃত্তিৰ লগত জড়িত বিষয়বস্তু অধ্যয়নৰ প্ৰতি পিৰতি আকৰ্ষণ বৃদ্ধি কৰিবৰ বাবে, নিজৰ যোগ্যতা, সামৰ্থ, মবোভাব, অভিক্ষমতা, আগ্ৰহ আদিৰ লগত খাপ খোৱাকৈ বিশেষ বৃত্তিৰ বাবে প্ৰস্তুত কৰি তুলিবৰ বাব যি ধৰণৰ নিৰ্দেশনা প্ৰদান কৰা বা লাভ কৰা হয়, তেনে নিৰ্দেশনাকে বৃত্তিমূলক নিৰ্দেশনা বোলা হয়।শিক্ষাৰ্থীক বিশেষ বৃত্তিৰ বৈশিষ্ট্য, বৃত্তিত প্ৰৱেশৰ বাবে প্ৰয়োজনীয় অৰ্হতা আহৰণ আদি নানা  জ্ঞান লাভৰ সহায় কৰাৰ উদ্দেশ্য প্ৰাদান কৰা নিৰ্দেশনাকে বৃত্তিমূলক নিৰ্দেশনা বোলা হয় ।

প্ৰশ্নঃ 5. অনগ্ৰসৰ শিশুৰ এটি প্ৰধান সমস্যা উল্লেখ কৰা ।

উত্তৰঃ অনগ্ৰসৰ তথা ধীৰ গতিৰ শিশুসকলে বহু সমস্যাৰ সন্মুখীন হয়। তাৰে এটি সমস্যা হৈছে-

১) অনগ্ৰসৰ শিশুৱে নিয়মিত শ্ৰেণীৰ পৰিৱেশত সমাযোজন কৰাত সমস্যাৰ সন্মুখীন হয় । এওঁলোকে শ্ৰেণীত দিয়া শিকনীয় কৰ্মবোৰ সমাধান কৰিব পৰাকৈ বুজি পাবলৈ সক্ষম নহয় । সেয়ে সেইবোৰ তেওঁলোকৰ বাবে অধিক জটিল হৈ উঠে ।

প্ৰশ্নঃ 6. বৃত্তিমূলক নিৰ্দেশনাৰ যিকোনো দুটা সংজ্ঞা দিয়া ।

উত্তৰঃ ছুপাৰ (Super) ৰ মতে, “Vocational guidance is the process of helping a person to develop and accept an integrated integrated and adequate picture of himself, and of his role in the world of work to lest this accept against reality and to convert it into a reality with satisfaction to himself and benefit to society.”

ডেয়েল্ ইয়াডাৰ্ (Dale Yoder) ৰ মতে, “Vocational guidance refers to the inevitable direction given to the care of new employees in the selection process and in their assignment to particular types of work.”

প্ৰশ্নঃ 7. শিশুৰ অনগ্ৰসৰতা বা ধীৰ গতিৰ এটি কাৰণ উল্লেখ কৰা ?

উত্তৰঃ শৈক্ষিক পৰিবেশ (Educational Environment): শিশুক অনগ্ৰসৰ তথা ধীৰ গতিৰ ৰূপত গঢ়ি  তোলাত উপযুক্ত শিক্ষানুষ্ঠানত অভাৱ, উপযুক্ত পৰিমাণৰ আৰু প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ, ত্ৰুটীপূৰ্ণ আৰু গতানুগতিক পৰীক্ষা ব্যৱস্থা, উপযুক্ত শৈক্ষিক সা-সুবিধাৰ অভাৱ, ত্ৰুটীপূৰ্ণ পাঠ্যক্ৰম, শিক্ষাদান পদ্ধতি, শিক্ষানুষ্ঠানৰ অনুশাসনহীনতা, শিক্ষকৰ পক্ষপাতিতা, লঘু দোষত গুৰুতৰ শাস্তি আদি দোষমুক্ত শৈক্ষিক পৰিৱেশে যথেষ্ট সহায় কৰে । এনে অবাঞ্ছিত শৈক্ষিক পৰিৱেশে গতভাৱে শিশু কিছু প্ৰতিভাৰ অধিকৰী হ’লেও তেওঁলোকৰ প্ৰতিভাৰ বিকাশত ইন্ধন যোগাব নোৱাৰে ।

প্ৰশ্নঃ 8. শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনাৰ যিকোনো দুটা সম্বন্ধৰ বিষয়ে লিখা ?

উত্তৰঃ শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনাৰ মাজত এক নিবিড় সমপ্ৰ্কে আছে । তাৰে দুটা সম্বন্ধ হৈছে-

১) শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনা দুয়োটাই নিৰ্দেশনাৰ ব্যৱস্থাৰ প্ৰধান অংশস্বৰূপ । এই দুই নিৰ্দেশনাৰ জৰিয়তে শিক্ষাৰ্ক্ষী তথা ব্যক্তিৰ যোগ্যতা, সামৰ্থ্য, দক্ষতা আদিৰ বিষয়ে জানিব পাৰি ।

২) এই দুই নিৰ্দেশনাৰ জৰিয়তে শিক্ষাৰ্থীয়ে নিজৰ বিকাশ সাধনৰ বাবে ব্যৱস্থা হাতত ল’ব পাৰে আৰু ভৱিষ্যৎ সুখী আৰু সফল জীৱনযাপনৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিব পাৰে ।

প্ৰশ্নঃ 9. প্ৰতিভাশালী বা প্ৰতিভাসম্পন্ন শিশুৰ যিকোনো দুটা সমস্যা কি কি ?

উত্তৰঃ অসাধাৰণ প্ৰতিভাসম্পন্ন শিশুসকলে বহু সময়ত নানা সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰে । এনে  শিশুৰ সমস্যাসমূহৰ ভিতৰত দুটা সমস্যা হৈছে-

১) প্ৰতিভাশালী শিশুবিলাক প্ৰৱল অনুসন্ধিৎ হোৱাৰ বাবে তেওঁলোকে পিতৃ-মাতৃ আৰু শিক্ষক শিক্ষয়িত্ৰীক নানা প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰে । মনত উদয় হোৱা প্ৰতিটো কথাৰ বিষয়ে এনে শিশুৱে জানিবলৈ প্ৰৱল আগ্ৰহী হয় । কিন্তু পিতৃ-মাতৃ বা শিক্ষক-শিক্ষয়িত্ৰীৰয়ে তেওঁলোকে সোধা প্ৰশ্নৰ যথাযথ উত্তৰ দিয়াৰ পৰা বিৰত থাকিলে শিশু তথা শিক্ষাৰ্থীৰ কৌতূহল আৰু আগ্ৰহ অতৃপ্ত হৈ ৰয় ।

২) সাধাৰণতে দেখা যায় যে সাধাৰণ বুদ্ধিৰ শিশুৰ বাবে প্ৰস্তুত কৰা পাঠ্যক্ৰমে প্ৰতিভাসম্পন্ন শিশুৱেও অধ্যয়ন কৰিব লাগে । এনে পাঠ্যক্ৰমে প্ৰতিভাশালী শিশুৰ মনৰ খোৰাক পূৰণ কৰিব নোৱাৰে, ফলত বহু সময়ত এনে শিশুৱে বহমুখী প্ৰতিভাৰ বহুখিনি অৱদমন কৰি ৰাখিবলগীয়া হয়; যি এওঁলোকৰ বৌদ্ধিক মানসিক বিকাশৰ পৰিপন্থী হৈ উঠিব পাৰে ।

প্ৰশ্নঃ 10. সৃজনশীলতা বা সৃজনশীল বুলিলে কি বুজা ?

উত্তৰঃ মনোবিদ আৰি শিক্ষাবিদসকলে কুৰি শতিকাৰ শেষৰ দুটা দশকৰ ভিতৰত ব্যক্তিৰ সৃজন ক্ষমতাৰ প্ৰতি এক বিশেষ দৃষ্টি প্ৰদান কৰে । সৃজনশীলতা শব্দটো শুনাত সহজ যেন লাগিলেও ই এক জটিল ধাৰণা । কিছুমান সৰু সৰু কথা বা কামৰ পৰা আৰম্ভ কৰি মৌলিক চিন্তাজড়িত নতুবা কিবা এটা সৃষ্টি কৰিব পৰা সামৰ্থ্যকে সৃজনশীলতা বোলা হয় । একেখিনি ৰঙেৰেই বিভিন্ন চিত্ৰ অঁকা, কাপোৰত বিভিন্ন ডিজাইনৰ ফুল তোলা, সংগীত ৰচনা কৰা আদি সৃজনশীলতাৰ উদাহৰণ ।

প্ৰশ্নঃ 11. শিশুৰ অনগ্ৰসৰতা শৈক্ষিক পৰিৱেশৰ কাৰণটো কি ?

উত্তৰঃ শৈক্ষিক পৰিৱেশ (Educational Environment): শিশুক অনগ্ৰসৰ তথা ধীৰ গতিৰ ৰূপত গঢ়ি  তোলাক উপযক্ত শিক্ষানুষ্ঠানৰ অভাৱ, উপযুক্ত পৰিমাণৰ আৰু প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষাকৰ অভাৱ, ত্ৰুটিপূৰ্ণ আৰু গতানুগতিক পৰীক্ষা ব্যৱস্থা, উপযুক্ত শৈক্ষিক সা-সুবিধাৰ অভাৱ, ত্ৰুটিপূৰ্ণ পাঠ্যক্ৰম, শিক্ষাদান পদ্ধতি, শিক্ষানুষ্ঠানৰ অনুশাসনহীনতা, শিক্ষকৰ পক্ষপাতিত, লঘু দোষত ঘুৰুত্বৰ শাস্তি আদি দোষমুক্ত শৈক্ষিক পৰিৱেশে যথেষ্ট সহায় কৰে । এনে অবাঞ্ছিত শৈক্ষিক পৰিৱেশে শতভাৱে শিশু কিছু প্ৰতিভাৰ অধিকাৰী হ’লেও তেওঁলোকৰ প্ৰতিভাৰ বিকাশত ইন্ধন যোগাব নোৱাৰে ।

প্ৰশ্নঃ 12. শিশুৰ অনগ্ৰসৰতাৰ সামাজিক পৰিৱেশৰ কাৰণটো কি ?

উত্তৰঃ শিশু জন্মগ্ৰহণ কৰাৰ পিছৰ পৰা যিখন সমাজক থাকি ডাঙৰ-দীঘল হয় সেই সমাজখন শিক্ষা  সংস্কৃতিৰ ক্ষেত্ৰত পিছপৰা হ’লেও শিশুৰ অগ্ৰগতি পিছ পৰি যোৱাৰ সম্ভাৱনা থাকে । তদুপৰি কাজিয়া-পেচাল, ৰাগিয়াল বস্তু সেৱন আৰু অন্যান্য অসামাজিক কাৰ্যত লিপ্ত থকা লোৱাৰ মাজত বসবাস কৰিলে শিশুৰ চিন্তা-চৰ্চাত অসুস্থ প্ৰভাৱ পৰে, ফলত শিশুৱে সেই অসামাজিক কথাৰ প্ৰতিহে গুৰুত্ব আৰোপ কৰে আৰু শিক্ষিক দিশত পিছ পৰি ৰয় ।

প্ৰশ্নঃ 13. শিশুৰ অনগ্ৰসৰতাৰ মানসিক পৰিৱেশৰ কাৰণটো কি ?

উত্তৰঃ মানসিক সুস্থতাৰ ওপৰতে শিশুৰ বুদ্ধি-বৃত্তিৰ বিকাশ তথা সু-চিন্তা-চৰ্চাৰ পৰিৱেশ গঢ়ি উঠে । সুস্থ মানসিক অৱস্থাইহে শিশুৰ প্ৰতিভাৰ বিকাশ ঘটাই সুস্থ মানসিকতাৰ তথা সুস্থ ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে । সেয়ে শিশুৰ মানসিক সুস্থ পৰিৱেশ গঢ়ি তুলিবৰ বাবে খোৱা, পিন্ধা, ফুৰা-চকা আদিও সুষম তথা সুস্থ হ’ব লাগে ।

প্ৰশ্নঃ 14. শিশুৰ অনগ্ৰসৰতাৰ ঘৰুৱা পৰিৱেশৰ কাৰণটো কি ?

উত্তৰঃ ঘৰুৱা পৰিৱেশত শিক্ষাৰ প্ৰতি পিতৃ-মাতৃৰ অমনোযোগিতা, দৰিদ্ৰ অৱস্থা, হাই-কাজিয়া, অস্বাস্থ্যকৰ জীৱন নিৰ্বাহ প্ৰণালী, অন্ধবিশ্বাস ইত্যাদিয়ে শিশুৰ সম্ভাৱনীয়তাৰ বিকাশত বাধাৰ সৃষ্টি হয়, ফলত এওঁলোকৰ অনগ্ৰসৰতা বাঢ়ি যোৱাৰ সম্ভাৱনীয়তা বেছি হয় ।

Short Question Answer:

প্ৰশ্নঃ 1. শৈক্ষিক নিৰ্দেশনাৰ অৰ্থ কি ?

উত্তৰঃ   শিক্ষাৰ্থীৰ অন্তিৰ্নিত সামৰ্থ, আগ্ৰহ, মানসিক শক্তি, অভিক্ষমতা, ৰুচি-অভিৰুচি, ব্যক্তিত্বৰ সংলক্ষণ আৰু আকাংক্ষা অনুসৰি বিভিন্ন শিক্ষনীয় বিষয়ৰ মাজৰ পৰা কোনবোৰ বিষয় নিৰ্বাচন কৰিলে শৈক্ষিক দিশত অধিক উপকৃত হ’ব পাৰিব সেই সম্পৰ্কে প্ৰয়োজনীয় নিৰ্দেশনা দিয়া প্ৰক্ৰিয়াটোকে শৌক্ষিক নিৰ্দেশনা বোলা হয় । ই হৈছে শিক্ষাৰ্থীৰ উপযুক্ত শৈক্ষিক বিকাশত সহায় কৰিবৰ বাবে প্ৰদান কৰা এক নিৰ্দেশনা প্ৰক্ৰিয়া । শিক্ষাৰ্থীক তেওঁলোকৰ ব্যক্তিগত পাৰ্থক্য অনুসৰি বিষয় নিৰ্বাচন কৰি বিদ্যালয়, পাঠ্যক্ৰম, পাঠ্যবিষয়, শিক্ষা জীৱনতৰ লগত সুন্দৰভাৱে সমাযোজন কৰিবৰ বাবে প্ৰদান কৰা নিৰ্দেশনাই হৈছে  শৈক্ষিক নিৰ্দেশনা শিক্ষাৰ্থীয়ে সৰ্বতোমুখী বিকাশ সাধন কৰিব পৰাকৈ কি পঢ়া ফচিত, কেনেধৰণৰ শিক্ষা তেওঁৰ বাবে উপযোগী হ’ব, কেনেধৰণৰ শিক্ষাই তেওঁৰ শক্তি সামৰ্থবোৰৰ লগত মিলিব আৰু সেইসমূহৰ সৰ্বোত্তম বিকাশৰ বাবে যথোপযুক্ত হ’ব, তেওঁ শিক্ষা আহৰণৰ উদ্দেশ্য কি এই সকলোবোৰ দিশ সামৰি উপযুক্ত শিক্ষণীয় বিষয় নিৰ্বাচন কৰাত আৰু শৈক্ষিক ক্ষেত্ৰখনৰ লগত সমাযোজন কা শিক্ষাৰ্থীক যি নিৰ্দেশনাই সহায় কৰা তাকে শৈক্ষিক নিৰ্দেশনা বোলা হয় ।   

প্ৰশ্নঃ 2. শৈক্ষিক নিৰ্দেশনাৰ চাৰিটা বৈশিষ্ট্যসমূহ কি কি ?

উত্তৰঃ শৈক্ষিক নিৰ্দেশনাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল –

১) শৈক্ষিক নিৰ্দেশনা হৈছে শিক্ষাৰ্থীক শৈক্ষিক সমস্যাবোৰ সমাধান কৰাত সহায় কৰা এক প্ৰক্ৰিয়া ।

২)  শৈক্ষিক নিৰ্দেশনা শিক্ষাৰ্থীৰ শৈক্ষিক বিকাশৰ লগতহে জড়িত ।

৩) ই শিক্ষাৰ্থীক ব্যক্তিগত পাৰ্থক্য অনুসৰি বিভিন্ন বিষয়ৰ লগত সমাযোজনা কৰাত সহায় কৰে ।

৪) শৈক্ষিক নিৰ্দেশনা এক অবিৰত প্ৰক্ৰিয়া ।

৫) শৈক্ষিক নিৰ্দেশনা শিক্ষাৰ লক্ষ্যৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰা হয় ।

৬) শৈক্ষিক নিৰ্দেশনা শিক্ষাৰ্থীৰ সম্পূৰ্ণ বিকাশৰ লগত জডড়়িত ।

প্ৰশ্নঃ 3. শৈক্ষিক নিৰ্দেশনাৰ চাৰিটা উদ্দেশ্য সমূহ কি কি ?

উত্তৰঃ   ১) ব্যক্তিগত পাৰ্থক্য অনুলৰি শিক্ষাৰ্থীক উপযুক্ত বিষয় নিৰ্বাচন কৰা আৰু সেইবোৰৰ লগত  খাপ খাব পৰাকৈ লক্ষম কৰি তোলাত সহায় কৰা ।

২) শিক্ষাৰ্থীৰ সৰ্বোত্তম বৌদ্ধিক, আৱেগিক আৰু শাৰীৰিক বিকাশত প্ৰভাৱিত কৰিব পৰা  জীৱনৰ লগত জড়িত বিষয় নিৰ্বাচন আৰু সমাযোজনা কৰাৰ বাবে বিজ্ঞানসন্মতভাৱে সহায় আগবঢ়োৱা ।

৩) শিক্ষাৰ্থীয়ে সন্মুখীন হোৱা বিভিন্ন সমস্যা, যেনে- সামৰ্থ্য আৰু শৈক্ষিক কৃতিত্বৰ মাজত সম্ভন্ধৰ অভাৱ, একাধিক বিষয়ৰ ক্ষেত্ৰত জটিলতা বা কঠিনতাৰ সমস্যা, ভুল অধ্যয়ন অভ্যাস, ভুল শিকন পদ্ধতি আৰু অভিৰোচনৰ অভাৱ আদিবোৰ সমাধান কৰাত সহায় কৰা। 

৪) শিক্ষাৰ্থীৰ বাবে উপযোগী আৰু ভৱিষ্যৎ বৃত্তি বা জীৱিকাৰ সম্ভাৱনীয়তা থকা বি।য় নিৰ্বাচনৰ  ক্ষেত্ৰত শিক্ষাৰ্থীক সহায় কৰা ।

প্ৰশ্ন 4. পল নাম মনোবিদজনে প্ৰতিভাৱান শিশুৰ ক্ষেত্ৰত আগবঢ়োৱা চাৰিটা গুণ বা বৈশিষ্ট্যসমূহ কি কি ?

উত্তৰঃ ১) এক দীঘল শব্দ বাক্যাংশ, যথাযথভাৱে ব্যৱহাৰ কৰিব পাৰে।

২) নিচেই সৰু অৱস্থাতে বাক্যাংশ বা সম্পূৰ্ণ বাক্য সৰ-সলীয়াকৈ ক’ব পাৰে আৰু একো একোটা কাহিনী ক’ব বা পুনঃউপস্থাপন কৰাত সমৰ্থবান হয় ।

৩) কিতাপৰ প্ৰতি আগ্ৰহী হয় আৰু পৰৱৰ্তী সময়ত মানচিত্ৰত সমূলিত পুথি উপভোগ কৰা, অভিধান আৰু বিশ্বকোষ আদিৰ প্ৰতি আগ্ৰহী হয় ।

৪) দিনপঞ্জী বা কেলেণ্ডাৰ আৰু ঘড়ীৰ প্ৰতি আগ্ৰহী হয় ।

প্ৰশ্ন 5. বৃত্তিমূলক নিৰ্দেশনাৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ?

উত্তৰঃ বৃত্তিমূলক নিৰ্দেশনাৰ বৈশিষ্ট্যবোৰ হৈছে-

১) বৃত্তিমূলক নিৰ্দেশনা হৈছে শিক্ষাৰ্থী বা ব্যক্তিক কোনো এটা বৃত্তি বা জীৱিকা নিৰ্বাচন কৰা, সেই বৃত্তিৰ বাবে নিজকে প্ৰস্তুত কৰা আৰু আত্ম-নিয়োগ কৰা আৰু সেই বৃত্তিত উন্নতি সাধন কৰিব পৰা দিশসমূহৰ নিৰ্দেশনা দি সহায় কৰা এক প্ৰক্ৰিয়া ।

২) বৃত্তিমূলক নিৰ্দেশনা হৈছে শিক্ষাৰ্থী বা ব্যক্তিক নিজৰ সামৰ্থ, যোগ্যতা, অভিক্ষমতা আৰু আগ্ৰহৰ ওপৰত ভিত্তি কৰি কেনেধৰণৰ বৃত্তি বা জীৱিকা গ্ৰহণ কৰা উচিত সেই সম্পৰ্কে প্ৰদান কৰা নিৰ্দেশনা।

৩) ই শিক্ষাৰ্থী তথা ব্যক্তিক বিভিন্ন কৰ্ম ক্ষেত্ৰ সম্পৰ্কে অৱগত কৰে ।

৪) ই শিক্ষাৰ্থীক তেওঁ গ্ৰহণ কৰিবলগা বৃত্তি সম্পৰ্কত সঠিক সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰে ।

প্ৰশ্নঃ 6. শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনাৰ চাৰিটা সম্বন্ধৰ বিষয়ে লিখা ?

উত্তৰঃ শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনাৰ মাজত এক নিবিড় সম্পৰ্ক আছে ।

১) শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনা দুয়োটাই নিৰ্দেশনা ব্যৱস্থা প্ৰধান অংশস্বৰূপ । এই দুই নিৰ্দেশনাৰ জৰিয়তে শিক্ষাৰ্থী তথা ব্যক্তিৰ যোগ্যতা, সামৰ্থ্য, দক্ষতা আদিৰ বিষয়ে জানিব পাৰি।

২) এই দুই নিৰ্দেশনাৰ জৰিয়তে শিক্ষাৰ্থীয়ে নিজৰ কিবাশ সাধনৰ বাবে ব্যৱস্থা হাতত ল’ব পাৰে আৰু ভৱিষ্যৎ সুখী আৰু সফল জীৱনযাপনৰ বাবে নিজকে সিদ্ধান্ত কৰিব তুলিব পাৰে।

৩) শিক্ষাৰ্থীয়ে ভৱিষ্যৎ কেনেধৰণৰ বৃত্তিগ্ৰহণ কৰিবৰ বাবে উপযুক্ত হ’ব তাৰ বাবে কেনেধৰণৰ শিক্ষা গ্ৰহণ কৰিব লাগিব তথা কেনেধৰণৰ বিষয়বস্তূ অধ্যয়ন কৰিব লাগিব সেই সম্পৰ্কে সুন্দৰভাৱে জনা আৰু সেইমতেই শিক্ষাৰ্থীয়ে নিজক প্ৰস্তূতকৰি তোলাত সহায় কৰাত এই দুই নিৰ্দেশনাই বিশেষভাৱে সহায় কৰে ।

৪) এই দুই নিৰ্দেশনাই শিক্ষাৰ্থীক নিজৰ দোষ-ত্ৰূটি আৰু সীমাবদ্ধতাবোৰ জনা আৰু সেইসমূহ সংশোধন কৰি নিজকে দেহ-মানসিকভাৱে প্ৰস্তূত কৰি তোলাত সহায় কৰে ।

প্ৰশ্নঃ 7. সৃজনশীলতা বা সৃজনশীল বুলিলে কি বুজা ?

উত্তৰঃ মনোবিদ আৰু শিক্ষাবিদসকলে কুৰি শতিকাৰ শেষৰ দুটা দশকৰ ভিতৰত ব্যক্তিৰ সৃজন ক্ষমতাৰ প্ৰতি এক বিশেষ দৃষ্টি প্ৰদান কৰে। সৃজনশীলতা শব্দটো শুনাত সহজ যেন লাগিলেওই এক জটিল ধাৰণা । কিছুমান সৰু সৰু বা কামৰ পৰা আৰম্ভ কৰি মৌলিক চিন্তাজড়িত নতুন কিবা এটা সৃষ্টি কৰিব পৰা সামৰ্থ্যকে সৃজনশীলতা বোলা হয় । একেখিনি ৰঙেৰেই বিভিন্ন চিত্ৰ অঁকা, কাপোৰত বিভিন্ন ডিজাইনৰ ফুল তোলা, সংগীত ৰচনা কৰা আদি সৃজনীলতাৰ উদাহৰণ । সৃজন ক্ষমতাৰ বাবে বিক্ষান, সাহিত্য, গণিত আদিৰ দিশত অসাধাৰণ ব্যক্তিসকলে নতুন সূত্ৰ, তথ্য, সংজ্ঞা আদি সৃষ্টি কৰি বিশ্ববাসীৰ বাবে এক যুগজয়ী অৱদান আগবঢ়াব পাৰিকছে । গেলিলিউ, নিউটন, আইনষ্টাইন, শ্বেক্সীয়েৰ, ৰুচ, মহাত্মা গান্ধী আদি অসাধাৰণ প্ৰতিভাসম্পন্ন ব্যক্তিসকলে সৃজন ক্ষমতাৰে নিজৰ অপৰিসীম অৱদানক মানৱতাৰ বিকাশৰ বাবে আগবঢ়াব পাৰিছে । গতিকে সৃজনশীলতা ব্যক্তিৰ এনে এক শুণৰাশি যাৰ জৰিয়তে ব্যক্তিয়ে নিজৰ, সমাজৰ আৰু দেশৰ উন্নয়ন আৰু অগ্ৰগতিৰ বাবে অপৰিসীম অৱদান আগবঢ়াব পাৰে। বহু ব্যক্তিয়ে গতানুগতিক চিন্তাৰেই কিছুমান কাম বা কাৰ্যত সামান্য ভাৱে নতুন কিবা এটা সৃষ্টি কৰিবলৈ চেষ্টা কৰে । এনে সৃষ্টিক সৃজনশীলতা বুলি কোৱা হয় । কিন্তু ইয়াত মৌলিকতাৰ প্ৰভাৱ মাথাকে। আনহাতে পৃথিৱীৰ অনেক প্ৰতিভাৱান ব্যক্তিয়ে মৌলিক চিন্তাৰে সাহিত্য, দৰ্শন, বিজ্ঞান, সংগীত, সুকুমাৰ কলা আদিৰ ক্ষেত্ৰত যি বিলাক নতুনত্ব আনিবলৈ সক্ষম হৈছে। সেয়া সৃষ্টিশীলতাৰ মাপকাঠিৰে উচ্চ শিখৰ ।

প্ৰশ্নঃ 8. বিভিন্ন পণ্ডিতে আগবঢ়োৱা শৈক্ষিক নিৰ্দেশনাৰ সংজ্ঞাসমূহ উল্লেখ কৰা ?

উত্তৰঃ  ব্ৰুৱাৰৰ মতে, “শৈক্ষিক নিৰ্দেশনা হৈছে এজন ব্যক্তিৰ বৌদ্ধিক ব্কাশত সহায় কৰা এক সচেতন প্ৰচেষ্টা ।

ডানছ্মৰ্ মতে, “শৈক্ষিক নিৰ্দেশনা হৈছে এক প্ৰকাৰৰ প্ৰণালীৱদ্ধ সহায়, যাৰ দ্বাৰা শিক্ষাৰ্থীক বিদ্যালয় আৰু জীৱনৰ লগত সন্তোষজনকভাৱে সমাযোজন কৰাত সহায় কৰা হয় । (Educational guidance is a form of systematic assistance assistance whereby students are aided in   achieving satisfactory adjustment to school and life. )

ছেৰ্লি হেমৰিন্ (Shirley Harrin) আৰু ক্লিফৰ্ড ইৰিকছন (Clifforde Erickson)ৰ মতে,       “Guidance in the secondary school refers to that aspect of the education programme which is concerned especially with helping the pupil to  become adjusted adjusted to his present situation and to plan his future in line with his interest, abilities and social needs.”

প্ৰশ্নঃ 9. শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনাৰ সম্বন্ধৰ পাঁচটা দিশ উল্লেখ কৰা ?

উত্তৰঃ শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনাৰ মাজত এক নিবিড় সম্পৰ্ক আছে ।

১) শৈক্ষিক আৰু বৃত্তি মূলক নিৰ্দেশনা দুয়োটাই নিৰ্দেশনা ব্য়ৱস্থা প্ৰধান অংশস্বৰূপ । এই দুই নিৰ্দেশনাৰ জৰিয়তে শিক্ষাৰ্থী তথা ব্যক্তিৰ যোগ্যতা, সামৰ্থ্য, দক্ষতা আদিৰ বিষয়ে জানব পাৰি ।

২) এই দুই নিৰ্দেশনাৰ জৰিয়তে শিক্ষাৰ্থীয়ে নিজৰ বিকাশ সাধনৰ বাবে ব্যৱস্থা হাতত ল’ব পাৰে আৰু ভৱিষ্যৎ সুখী আৰু সফল জীৱনযাপনৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিব পাৰে ।

৩) শিক্ষাৰ্থীয়ে ভৱিষ্যতে কেনেধৰণৰ বৃত্তিগ্ৰহণ কৰিবৰ বাবে উপযুক্ত হ’ব আৰু তাৰ বাবে কেনেধৰণৰ শিক্ষা গ্ৰহণ কৰিব লাগিব তথা কেনেধৰণৰ বিষয়বস্তু অধ্যয়ন কৰিব লাগিব সেই সম্পৰ্কে সুন্দৰভাৱে জনা আৰু সেইমতেই শিক্ষাৰ্থীয়ে নিজকে প্ৰস্তুত কৰি তোলাত সহায় কৰাত এই দুই নিৰ্দেশনাই বিশেষভাৱে সহায় কৰে ।

৪) এই দুই নিৰ্দেশনাই শিক্ষাৰ্থীক নিজৰ দোষ-ত্ৰুটি আৰু সীমাৱদ্ধতাবোৰ জনা আৰু সেইমতেই শিক্ষাৰ্থীয়ে নিজক প্ৰস্তুত কৰি তোলাত সহায় কৰাত এই দুই নিৰ্দেশনাই বিশেষভাৱে সংশোধমন কৰি নিজকে দেহ-মানসিকভাৱে প্ৰস্তুত কৰি তোলাত সহায় কৰে ।

৫) এই দুয়োবিদ নিৰ্দেশনাই শিক্ষাৰ্থী তথা ব্যক্তিৰ শৈক্ষিক আৰু জীৱিকাৰ ক্ষেত্ৰত দেখা দিয়া অমিল তথা খাপ নোখোৱা অৱস্থাৰ পৰিমাণ হ্ৰাস কৰি মানৱ সম্পদৰ উপযুক্ত বিকাশ সাধনত সহায় কৰে।

প্ৰশ্নঃ 10. নিৰ্দেশনা আৰু পৰামৰ্শদানৰ ক্ষেত্ৰত দেখা দিয়া পাঁচটা প্ৰত্যাহ্বান উল্লেখ কৰা ?

উত্তৰঃ নিৰ্দেশনা পৰামৰ্শদান ক্ষেত্ৰত বিদ্যালয় তথা শিক্ষানুষ্ঠানসমূহে সন্মুখীন হোৱা প্ৰক্যাহান আৰু সমস্যাবোৰ তলত উল্লেখ কৰা হ’ল –

১) শিক্ষক পৰামৰ্শদাতাৰ বাবে উপযুক্ত নিৰ্দেশনা আৰু পৰামৰ্শদান প্ৰশিক্ষণৰ অভাৱ ।

২) নিৰ্দেশনা আৰু পৰামৰ্শদানৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা ভৌতিক সম্পদ, যেনে- আচবাব পত্ৰ, সা-সঁজুলি আদি, বিত্তীয় সম্পদ আৰু মানৱ সম্পদৰ অভাৱ ও নাটনি ।

৩) নিৰ্দেশনা আৰু পৰামৰ্শদানৰ বাবে প্ৰয়োজনীয় সমৰ্থনৰ অভাৱ ।

৪) নিৰ্দেশনা আৰু পৰামৰ্শদান কাৰ্যৰ সফল ৰূপায়ণৰ বাবে প্ৰয়োজন হোৱা সহায়-সহযোগিতা আৰু সমৰ্থনৰ অভাৱ ।

৫) উপযুক্ত নিৰ্দেশনা আৰু পৰামৰ্শস দান কৰিব পৰা কৌশলী আৰু ব্যৱহাৰিক জ্ঞান সমৃদ্ধি শিক্ষকৰ অভাৱ ।

প্ৰশ্নঃ 11. নিৰ্দেশনা আৰু পৰামৰ্শদানৰ প্ৰধান সমস্যাসমবহৰ পাঁচটা চিনাক্ত কৰা ?

উত্তৰঃ বিদ্যালয় বা শিক্ষানুষ্ঠানত উপযুক্ত নিৰ্দেশনা আৰু পৰামৰ্শদানৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাবোৰ হৈছে –

১) উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিৰ্দেশক আৰু পৰামৰ্শদাতা মকৰলৰ সমস্যা ।

২) বিদ্যালয়ত উপযুক্ত নিৰ্দেশনা আৰু পৰামৰ্শদান সেৱা কেন্দ্ৰ সংগঠন আৰু পৰিচালনা সমস্যা ।

৩) বিদ্যালয়ৰ লগত সংশ্লিষ্ট নিৰ্দেশক আৰু পৰামৰ্শদাতা নথকা ।

৪) নিৰ্দেশনা আৰু পৰামৰ্শদানৰ বাবে তথ্য সংগ্ৰহৰ সমস্যা ।

৫) বিদ্যালয় কৰ্তৃপক্ষ ততা প্ৰশাসনিক দিশৰ সমৰ্থনৰ সমস্যা ।

প্ৰশ্নঃ 12. সুনিৰ্দেশনাৰ ক্ষেত্ৰত থকা সমস্যা সমাধানৰ পাঁচটা উপায় কি কি ?

উত্তৰঃ সু-নিৰ্দেশনাৰ ক্ষেত্ৰত থকা সমস্যাবোৰ সমাধানৰ বাবে তলৰ ব্যৱস্থা বা উপায়সমূহ অৱলম্বন কৰিব লাগে

১) প্ৰত্যেক বিদ্যায়তে নহ’লেও একো একোটা অঞ্চলত থকা বিদ্যালয়বোৰৰ বাবে অন্তত একোজনকৈ প্ৰশিক্ষণপ্ৰাপ্ত নিৰ্দেশনক আৰু পৰামৰ্শদাতা নিয়োগ কৰিব লাগে ।

২) শিশুৱে বিদ্যালয়ত যাতে উপযুক্ত নিৰ্দেশনা লাভৰ সুযোগ পায় তাৰ বাবে দেশে বিভিন্ন অঞ্চলত ‘নিৰ্দেশনাগাৰ’ (Guidance Centre) । স্থাপন কৰিব লাগে আৰু স্থানীয় বিদ্যালয়বোৰে যাতে তাৰ সুফল ভোগ কৰিব পাৰে বা সেই নিৰ্দেশনাগাৰৰ সহায় পায় তাৰ সু-ব্যৱস্থা কৰিব লাগে ।

৩) বিদ্যালয়ৰ শিক্ষকসকলৰ মাজৰ পৰাই মনোবিজ্ঞান আৰু শিশু মনোবিজ্ঞানৰ জ্ঞান থকা শিক্ষকক নিৰ্বাচন কৰি শিক্ষক নিৰ্দেশক হিচাপে প্ৰস্তুত কৰি তুলিব লাগে । ইয়াৰ বাবে বিশেষ শিক্ষক-প্ৰশিক্ষণ পাঠ্যক্ৰমৰ প্ৰৱৰ্তন কৰিব লাগে ।

৪) শিশু বা শিক্ষাৰ্থী সম্বন্ধে বিশদভাৱে তথ্য সংগ্ৰহ কৰি শিশু বিকাশৰ উপযোগীকৈ স্ফতন্ত্ৰভাৱে শিক্ষাদাননৰ ব্যৱস্থা কৰিব লাগে ।

৫) নিৰ্দেশনাৰ প্ৰয়োজনীয়তা সম্বন্ধে অভিভাৱকে যাতে পূৰ্ণ সহযোগিতা আগবঢ়াই তাৰ বাবে তেওঁলোকক সচেতন কৰি তুলিব লাগিব আৰু নিৰ্দেশনা কাৰ্যসূচীৰ বাস্কৱ ৰূপায়নৰ বাবে যাতে তেওঁলোকে পূৰ্ণ সহযোগিতা আগবঢ়ায় তাৰ বাবে উদ্বুদ্ধ কৰিব লাগে ।

প্ৰশ্নঃ 13. প্ৰতিভাসম্পন্ন শিশুৰ ক্ষেত্ৰত দেখা পোৱা পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা ?

উত্তৰঃ প্ৰতিশালী শিশুক তলৰ বৈশিষ্ট্যসমূহৰ ভিত্তিত চিনি পাব পাৰি । সেইবোৰ হৈছে-

১) প্ৰতিভাশালী শিশুৰ উন্নত মানৰ সাধাৰণ মানসিক যোগ্যতা আৰু বুদ্ধিবৃত্ত সহজে চকুত পৰা বিধৰ হয় ।

২) এনে শিশুৱে সহজে আৰু তা্ৎক্ষণিকভাৱে নতুন অভিজ্ঞতা আহৰণ কৰিব পাৰে ।

৩) এনে শিশুৰ অন্তদৰ্শন ক্ষমতা, সমস্যা সমাধান ক্ষমতা আৰু সৃজনাত্মক ক্ষমতা সাধাৰণ শিশুৰ তুলনাত অধিক হয় ।

৪) এওঁলোকে বয়সৰ তুলনাত অধিক শব্দজ্ঞান আয়ত্ত কৰি ভাষা বিকাশৰ দিশত সাধাৰণ শিশুতকৈ  আগবাঢ়ি যাব পাৰে ।

৫) এনে শিশু প্ৰৱল অনুসন্ধিৎসু আৰু বিমূৰ্ত চিন্তা কৰিব পৰা ক্ষমতাৰ অধিকাৰী হয় ।

প্ৰশ্নঃ 14. প্ৰতিভাসম্পন্ন শিশুৰ ক্ষেত্ৰত নিৰ্দেশনা আৰু পৰামৰ্শদানৰ পাঁচটা ভূমিকা কি কি ?

উত্তৰঃ শিক্ষানুষ্ঠানৰ সৰ্বসাধাৰণৰ বাবে যুগুত কৰা পাঠ্যক্ৰম, গতামুগতিক আৰু অনাকৰ্ষণীয় শিকন পদ্ধতি আদিয়ে প্ৰতিভাসম্পন্ন শিশুৰ মানসিক তৃপ্তি প্ৰদান কৰিব নোৱাৰে । উন্নত মানসিক প্ৰয়োজন পূৰণ কৰিব নোৱাৰাৰ বাবে এনে শিক্ষা ব্যৱস্থা শিক্ষাৰ্থীৰ বাবে শিক্ষকৰ প্ৰতি আকৰ্ষণীয় হীন হৈ উঠে আৰু পাঠৰ প্ৰতিও অমনোযোগী হয় । তদুপৰি সাধাৰণ শিশুৰ লগত থাকি বৌদ্ধিক উন্নত মানবিশিষ্ট শিশুসকল যাতে আত্ম-অভিমানী, অহংকাৰী আৰু অসামাজিক হৈ উঠিব নোৱাৰে তাৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি শিক্ষা ব্যৱস্থাক গঢ়ি তুলিব লাগে । শিশুৰ ব্যক্তিগত আৰু সামাজিক দুয়ো দিশৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ শিক্ষা ব্যৱস্থাত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব লাগে । প্ৰতিভাসম্পন্ন শিশুসকলৰ অধিক আৰু সুস্থ তথা প্ৰগতিশীল বিকাশৰ বাবে নিৰ্দেশনা আৰু পৰামৰ্শদানৰ প্ৰয়োজন । এই ক্ষেত্ৰত নিৰ্দেশক আৰু পৰামৰ্শদাতাৰ ভূমিকাবোৰ হৈছে-

১) প্ৰতিভাসম্পন্ন শিশু সম্পৰ্কে সম্পূৰ্ণভাৱে তথ্য সংগ্ৰহ কৰি তেনে শিশুৰ বিষেশ প্ৰতিভাবোৰ বিকাশ সাধনৰ বাবে আঁচনি আৰু কাৰ্যসূচী হাতত ল’ব লাগে ।

২) বিদ্যালয়ত তেনে শিশুৰ চাহিদা আৰু প্ৰতিভাসমূহৰ বিকাশৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা বিষয়  অন্তৰ্ভুক্ত কৰি পাঠ্যক্ৰম যুগুত কৰিবৰ বাবে পূৰ্বৰ পাঠ্যক্ৰমৰ সংশোধন সাধন কৰিবলৈ নিৰ্দেশনা দিব লাগে ।

৩) যিবোৰ বিদ্যালয়ত বিশেষ পৰামৰ্শদাতা নাই তেনে বিদ্যালয়ত শিক্ষকে প্ৰতিভাসম্পন্ন শিশুৰ বিকাশৰ বাবে সকলোধৰণৰ কাৰ্য সম্পাদনা দায়িত্ব বহন কৰিব লাগে ।

৪) প্ৰতিভাসম্পন্ন শিশুৰ সুস্থ বিকাশৰ বাবে পৰ্যপ্ত সা-সুবিধা আৰু প্ৰয়োজনীয় খবৰ-বাতৰি আৰু তথ্য যোগান ধৰিব লাগে ।

৫) প্ৰতিভাসম্পন্ন শিশুক সকলো দিশত সহায় কৰিব পৰাকৈ শিক্ষকে নিজকে যোগ্য কৰি তুলিবৰ বাবে প্ৰয়োজন সাপেক্ষে চাকৰিকালীন অৱস্থাত প্ৰশিক্ষণ গ্ৰহণ, আলোচনা চক্ৰ আদিত অংশগ্ৰহণ কৰিব লাগে আৰু নিজকে যোগ্য কৰি তুলিব লাগে ।

প্ৰশ্নঃ 15. সৃজনশীলতা পাঁচটা বৈশিষ্ট্যসমূহ কি কি ?

উত্তৰঃ সৃজনশীলতা বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল-

১) সৃজনশীলতা ব্যক্তিৰ জন্মগত ক্ষমতা যদিও ইয়াক পৰিৱেশৰ অভিজতাৰ দ্বাৰাহে উৎকৰ্ষ সাধন কৰি তুলিব পাৰি ।

২) সৃজনশীল ব্যক্তিৰ বুদ্ধি উন্নত মানবিশিষ্ট যদিও সকলো বুদ্ধিমান লোক সৃজনশীল নহ’বও পাৰে ।

৩) সৃজনশীলতা হৈছে গতানুগতিকতাৰ পৰিৱৰ্তে নতুন আৰু মৌলিক কথাৰ উৎপত্তি কৰিব পৰা এক চিন্তন প্ৰক্ৰিয়া ।

৪) ব্যক্তিয়ে কিবা এক নতুনৰ চিন্তা কৰিব পৰা আৰু নতুন ৰূপত নিৰীক্ষণ কৰিৰ পৰা বিশিষ্ট অসাধাৰণ ক্ষমতাই হৈছে সৃজনশীলতা ।

৫) ব্যক্তিৰ সৃজনশীলতা কোনো বস্তু, ধাৰণা বা বিষয়ক নতুন ৰূপত নিৰীক্ষণ কৰি আৰু আৱশ্যকীয় সংশোধন কৰি তোলাৰ মাজেদি প্ৰকাশ পায় ।

Essay Type Question Answer:

প্ৰশ্নঃ 1. বিভিন্ন পণ্ডিতে আগবঢ়োৱা শৈক্ষিক নিৰ্দেশনাৰ সংজ্ঞাসমূহ উল্লেখ কৰা ?

উত্তৰঃ  ব্ৰুৱাৰৰ মতে, “শৈক্ষিক নিৰ্দেশনা হৈছে এজন ব্যক্তিৰ বৌদ্ধিক ব্কাশত সহায় কৰা এক সচেতন প্ৰচেষ্টা ।

ডানছ্মৰ্ মতে, “ শৈক্ষিক নিৰ্দেশনা হৈছে এক প্ৰকাৰৰ প্ৰণালীৱদ্ধ সহায়, যাৰ দ্বাৰা শিক্ষাৰ্থীক বিদ্যালয় আৰু জীৱনৰ লগত সন্তোষজনকভাৱে সমাযোজন কৰাত সহায় কৰা হয় . (Educational guidance is a form of systematic assistance assistance whereby students are aided in achieving satisfactory adjustment to school and life. )

ছেৰ্লি হেমৰিন্ (Shirley Harrin) আৰু ক্লিফৰ্ড ইৰিকছন (Clifford Erickson)ৰ মতে, “Guidance in the secondary school refers to that aspect of the education  program which is concerned especially with helping the pupil to become adjusted adjusted to his present situation and to plan his future in line with his interest, abilities and social needs.”

ছুপাৰ (Super) ৰ মতে, “Vocational guidance is the process of helping a person to develop and accept an integrated integrated and adequate picture of himself, and of his role in the world of work to lest this accept against reality and to convert it into a reality with satisfaction to himself and benefit to society.”

ডেয়েল্ ইয়াডাৰ্ (Dale Yoder) ৰ মতে, “Vocational guidance refers to the inevitable direction given to the care of new employees in the selection process and in their assignment to particular types of work.”

প্ৰশ্নঃ 2. শৈক্ষিক নিৰ্দেশাৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি ?

উত্তৰঃ  শৈক্ষিক নিৰ্দেশাৰ প্ৰধান বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল-

১) শৈক্ষিক নিৰ্দেশনা হৈছে শিক্ষাৰ্থীক শৈক্ষিক সমস্যাবোৰ সমাধান কৰাত সহায় কৰা এক প্ৰক্ৰিয়া।

২) শৈক্ষিক নিৰ্দেশনা শিক্ষাৰ্থীৰ শৈক্ষিক বিকাশৰ লগতহে জড়িত ।

৩) ই শিক্ষাৰ্থীক ব্যক্তিগত পাৰ্থক্য অনুসৰি বিভিন্ন বিষয়ৰ লগত সমাযোজন কৰাত সহায় কৰে ।

৪) শৈক্ষিক নিৰ্দেশনা এক অবিৰত প্ৰক্ৰিয়া ।

৫) শৈক্ষিক নিৰ্দেশনা শিক্ষাৰ লক্ষ্যৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰা হয় ।

৬) শৈক্ষিক নিৰ্দেশনা শিক্ষাৰ্থীৰ সম্পূৰ্ণ বিকাশৰ গলত জড়িত ।

৭) শৈক্ষিক নিৰ্দেশনাই বিদাযালয় সংগঠন আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

৮) ই শিক্ষাৰ্থীক নিজৰ আগ্ৰহ আৰু সামৰ্থ সম্পৰ্কে বুজি উঠাত সহায় কৰে, যাৰ আধাৰতে শিক্ষাৰ্থীয়ে বিষয় নিৰ্বাচন কৰি শৈক্ষিক ক্ষেত্ৰত সুস্থ সমাযোজন কৰাত সফল হ’ব পৰে ।

৯) ই শিক্ষাৰ্থীৰ বিষয়বস্তুৰ ক্ষেত্ৰত থকা জটিলতাবোৰ আঁতৰাই এক সুন্দৰ কৌশল গ্ৰহণ কৰাত সহায় কৰে ।

১০) ই শিক্ষাৰ্থীক শিক্ষা লাভ আৰু অধ্যনৰ প্ৰতি অভিৰুচিত কৰি তোলাত সহায় কৰে ।

১১) ই শিক্ষাৰ্থীৰ সৰ্বোত্তম বাকাশত সহায়ক হোৱাকৈ পদ প্ৰদৰ্শন কৰা এক প্ৰক্ৰিয়া ।

১২) ই হৈছে শিক্ষাৰ্থীৰ বৌদ্ধিক বিকাশ সাধনত সহায় কৰিবৰ বাবে কৰা এক প্ৰচেষ্টা প্ৰক্ৰিয়া ।

১৩) শৈক্ষিক নিৰ্দেশনা হৈছে শিক্ষাৰ্থীকেন্দ্ৰিক প্ৰক্ৰিয়া ।

১৪) ই শিক্ষাৰ্থীক নিজৰ আচৰণৰ প্ৰয়োজনীয় আৰু বাঞ্ছিত পৰিৱৰ্তন সাধন কৰি সহায় কৰে ।

১৫) শৈক্ষিক নিৰ্দেশনা শিক্ষাৰ্থীক ব্যক্তিগতভাৱে বা দলগতভাৱে প্ৰদান কৰিব পাৰি ।

১৬) শৈক্ষিক নিৰ্দেশনাই শিক্ষাৰ্থীৰ মনৰ বিদ্যালয়, বিষয়বস্তু, শিক্ষক আৰু শিক্ষাৰ প্ৰতি এক যোগাত্মক দৃষ্টিভংগী গঢ়ি তোলাত সহায় কৰে ।

১৭) ই শিক্ষাৰ্থীক ভৱিষ্যৎ শিক্ষা জীৱন সম্পৰ্কে পৰিকল্পনা কৰাত সহায় কৰে ।

১৮) ই শিক্ষাৰ্থীৰ সজ অভ্যাস গঠন, শিক্ষা আৰু কৰ্মৰ প্ৰতি সুস্থ মনোভাব গঢ়ি তোলাৰ লগতে ঘৰ, শিক্ষানুষ্ঠানৰ পৰিৱেশৰ লগত সুস্থ সমাযোজন কৰাত সহায় কৰে ।

১৯) শৈক্ষিক নিৰ্দেশনাই শিক্ষাৰ্থীৰ মনত উচ্চ শিক্ষাৰ প্ৰতি অনুৰাগ আৰু আগ্ৰহ বৃদ্ধিত সহায় কৰে।

২০) ই শিক্ষাৰ্থীক নিজৰ ৰুচি-অভৰুচি,, সামৰ্থ অনুসৰি বিষয় নিৰ্বাচন কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰে ।

২১) ই শিক্ষাৰ্থী আত্ম-বিকাশ, আত্ম-নিৰ্দেশনা আৰু আত্মোপলদ্ধি কৰাত সহায় কৰে । শৈক্ষিক নিৰ্দেশনাৰ জৰিয়তেহে শিক্ষাৰ্থীয়ে নিজৰ শক্তি, সামৰ্থ্য সম্ভাৱলীয়তা আদিৰ বিষয়ে বুজি উঠিবলৈ সক্ষম হয় ।

প্ৰশ্নঃ 2. শৈক্ষিক নিৰ্দেশনাৰ প্ৰধান প্ৰধান উদ্দেশ্যসমূহ কি কি ?

উত্তৰঃ  ১) ব্যক্তিগত পাৰ্থক্য অনুসৰি শিক্ষাৰ্থীক উপযুক্ত বিষয় নিৰ্বাচন কৰা আৰু সেইবোৰৰ লগত খাপ খাব পৰাকৈ সক্ষম কৰি তোলাত সহায় কৰে ।

২) শিক্ষাৰ্থীৰ সৰ্বোত্তম বৌদ্ধিক, আৱেগিক আৰু শাৰীৰিক বিকাশৰ প্ৰভাৱিত কৰিব পৰা আৰু জীৱনৰ লগত জড়িত বিষয় নিৰ্বাচন আৰু সমাযোজন কৰাৰ বাবে বিজ্ঞানসন্মত ভাৱে সহায় আগবঢ়োৱা ।

৩) শিক্ষাৰ্থীয়ে সন্মুখীন হোৱা বিভিন্ন সমস্যা, যেনে- সামৰ্থ্য আৰু শৈক্ষিক কৃতিত্বৰ মাজত সম্ফন্ধৰ অভাৱ, একাধিক বিষয়ৰ ক্ষেত্ৰত জটিলতা বা কঠিনতাৰ সমস্যা, ভুল অধ্যয়, অভ্যাস, ভুল শিকন পদ্ধতি আৰু অভিৰোচনৰ অভাৱ আদিবোৰ সমাধান কৰাত সহায় কৰা ।

৪) শিক্ষাৰ্থীৰ বাবে উপযোগী আৰু ভৱিষ্যৎ বৃত্তিবা জীৱিকাৰ সম্ভাৱনীয়তা থকা বিষয় নিৰ্বাচনৰ ক্ষেত্ৰত শিক্ষাৰ্থীক সহায় কৰা ।

৫) শিক্ষাৰ্থীক শৈক্ষিক কাৰ্যসূচীসমূহত সফল হোৱাত সহায় কৰা ।

৬) শিক্ষাৰ্থীক বিদ্যালয়ে আগবড়োৱা সকলোবোৰ বিষয়ৰ বিষয়ে জনা আৰু পাঠ্যক্ৰমখনৰ লগত খাপ খোৱাত সহায় কৰা ।

৭) বিভিন্ন প্ৰকাৰৰ শিক্ষানুষ্ঠানৰ লক্ষ্য, উদ্দেশ্য আৰু কামবোৰৰ বিষয়ে জনাত সহায় কৰা ।

৮) নিজৰ পছন্দৰ বিষয় থকা শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবৰ বাবে প্ৰয়োজন হোৱা যোগ্যতা আৰু সামৰ্থতাখিনিৰ বিষয়ে জনাত সহায় কৰে ।

৯) শিক্ষাৰ্থীক শিক্ষানুষ্ঠানৰ নীতি-নিয়ম, আইন-শৃংখলা আৰু শিক্ষানুষ্ঠানৰ লগত জড়িত সামাজিক জীৱনৰ লগত সুস্থ সমোযোজন কৰিবলৈ সক্ষম কৰি তোলাত সহায় কৰা ।

১০) শিক্ষাৰ্থীক নিজৰ বিষয়ে, নিজৰ সামৰ্থ্য আৰু সম্ভাৱনীয়তাসমূহৰ লগতে নিজৰ সবল আৰু দুৰ্বল দিশবোৰৰ বিষয়ে জনাত সহায় কৰা ।

১১) নিজৰ প্ৰয়োজন, সামৰ্থ আৰু আগ্ৰহ আনুসৰি বিষয় নিৰ্বাচন আৰু সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলী নিৰ্বাচনত শিক্ষাৰ্থীক সহায় কৰা ।

১২) শিক্ষাৰ্থীৰ মনত নিজৰ প্ৰতি, অভিভাৱকৰ প্ৰতি, বিদ্যালয়ৰ প্ৰতি, শিক্ষাকৰ প্ৰতি, সহপাঠী আৰু সমাজৰ অন্যান্য লোকসকলৰ প্ৰতি শ্ৰদ্ধাৰ মনোভাৱ জগাই তোলাত সহায় কৰা ।

১৩) শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক আৰু আৱেগিক সমস্যাবোৰ চিনাক্ত কৰি উপযুক্ত চিকিৎসা লাভ  কৰাত সহায় কৰা ।

১৪) শিক্ষাৰ্থীক নিজৰ শৈক্ষিক বিকাশ বিষয়ে জনা আৰু শৈক্ষিক কৃতিত্বৰ ক্ষেত্ৰত থকা দুৰ্বল দিশবোৰৰ বিষয়ে জনা আৰু শৈক্ষিক কৃতিত্বৰ উন্নয়নৰ বাবে উপযুক্ত ব্যৱহাৰ হ্ৰগণ কৰাত সহায় কৰা ।

১৫) শিক্ষাৰ্থীক সুন্দৰ সামাজিক সম্বন্ধ বজাই ৰখাত সহায় কৰা ।

১৬) অৱসৰ সময়ৰ সদ্ ব্যৱহাৰ কৰাত শিক্ষাৰ্থীক সহায় কৰা ।

প্ৰশ্নঃ 3. বৃত্তিমূলক নিৰ্দেশনাৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা ?

উত্তৰঃ বৃত্তিমূলক নিৰ্দেশনা বৈশিষ্ট্যসমূহ হৈছে-

১) বৃত্তিমূলক নিৰ্দেশনা হৈছে শিক্ষাৰ্থী বা ব্যক্তিক কোনো এটা বৃত্তি বা জীৱিকা নিৰ্বাচন কৰা, সেই বৃত্তিৰ বাবে নিজকে প্ৰস্তুত কৰা আৰু আত্ম-নিয়োগ কৰা আৰু সেই বৃত্তিত উন্নতি সাধন কৰিব পৰা দিশসমূহৰ নিৰ্দেশনা দি সহায় কৰা এক প্ৰক্ৰিয়া ।

২) বৃত্তিমূলক নিৰ্দেশনা হৈছে শিক্ষাৰ্থী বা ব্যক্তিক নিজৰ সামৰ্থ, যোগ্যতা, অভিক্ষমতা আৰু আগ্ৰহৰ ওপৰত ভিত্তি কৰি কেনেধৰণৰ বৃত্তি বা জীৱিকা গ্ৰহণ কৰা উচিত সেই সম্পৰ্কে প্ৰদান কৰা নিৰ্দেশনা ।

৩) ই শিক্ষাৰ্থী তথা ব্যক্তিক বিভিন্ন কৰ্ম ক্ষেত্ৰ সম্পৰ্কে অৱগত কৰে ।

 ৪) ই শিক্ষাৰ্থীক তেওঁ গ্ৰহণ কৰিবলগা বৃত্তি সম্পৰ্কত সঠিক সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰে ।

৫) এই নিৰ্দেশনাই ব্যক্তিক বৃত্তি নিৰ্বাচন, বৃত্তি পৰিৱৰ্তন আৰু সমাযোজন আদিৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাবোৰ সমাধান কৰাত সহায় কৰে । অৰ্থাৎ, এই নিৰ্দেশনাই বৃত্তীয় দিশৰ লগত জড়িত সমস্যাবোৰক অধিক গুৰুত্ব আৰোপ কৰে ।

৬) শিক্ষাৰ্থী তথা ব্যক্তিৰ দেহ-মানসিক সক্ষমতা, দক্ষতা, শিক্ষা, আগ্ৰহ, অভিক্ষমতা আৰু ব্যক্তিত্বৰ অন্যান্য সংলক্ষণ আদিৰ লগত সামঞ্জস্য ৰাখিহে বৃত্তিমূলক নিৰ্দেশনা প্ৰদান কৰা হয়।

৭) বৃত্তিমূলক নিৰ্দেশনাই উৎপাদন বৃদ্ধি কৰাত আৰু নিবনুৱা সমস্যা সমাধান কৰাত সহায় কৰে ।

৮) বৃত্তিমূলক নিৰ্দেশনা ব্যক্তিগত বা দলগতভাৱে প্ৰদান কৰিব পাৰি ।

৯) বৃত্তিমূলক নিৰ্দেশনাই ব্যক্তিৰ কৰ্মক্ষমতা, কৰ্ম-অভিজ্ঞতা, দক্ষতা, কৰ্ম আৰু মনোভাবৰ সু-সমন্বয় সাধন, সহযোগিতাৰ মনোভাব আদি গুণাৱলীৰ বিকাশ নিশ্চিত কৰি তোলে ।

১০) বৃত্তিমূলক নিৰ্দেশনাই শিক্ষাৰ্থীক কৰ্ম-প্ৰৱণ আৰু কৰ্মমুখী কৰি গঢ়ি তোলাৰ লগতে দেশ আৰু সমাজৰ বাস্তৱ, বৈষয়িক, প্ৰায়োগিক আৰু উৎপাদনমূলক দিশৰ বিকাশ সাধন কৰাত সহায় কৰে ।

১১) বৃত্তিমূলক নিৰ্দেশনাই ব্যক্তিক কোন বৃত্তিৰ বাবে কেনেধৰণৰ শিক্ষা আৰু দক্ষতাৰ প্ৰয়োজন, তেনে দক্ষতা অৰ্জনৰ বাবে কেনেধৰণৰ ব্যৱস্থা আৰু সা-সুবিধা আছে সেইবোৰৰ বিষয়ে অৱগত কৰে 

১২) বৃত্তিমূলক নিৰ্দেশনা প্ৰদানৰ বাবে শিক্ষাৰ্থী বা ব্যক্তিৰ বুদ্ধি, অভিক্ষমতা, আগ্ৰহ, মনোযোগৰ বিস্তাৰ, স্মৃতিৰ পৰিসৰ আদি পৰিমাণ কৰা দৰকাৰ ।

১৩) বৃত্তিমূলক নিৰ্দেশনা প্ৰদান কৰাৰ ক্ষেত্ৰত নিৰ্দেশনা প্ৰদানকাৰী ব্যক্তি বা নিৰ্দেশক বা পৰামৰ্শদাতাজনৰ ব্যক্তিৰ মানসিক শক্তি, দৈহিক সামৰ্থতা আৰু মনোবিজ্ঞানমূলক গুণাৱলীসমূহৰ বিষয়ে জ্ঞান থকিব লাগে ।

১৪) শিক্ষাৰ্থী তথা ব্যক্তিৰ দেহ-মানসিক সক্ষমতা, দক্ষতা, শিক্ষা, আগ্ৰহ, অভিক্ষমতা আৰু ব্যক্তিত্বৰ অন্যান্য সংলক্ষণ আদিৰ লগত সামঞ্জস্য ৰাখিহে বৃত্তিমূলক নিৰ্দেশনা প্ৰদান কৰা হয় ।

প্ৰশ্নঃ 4. বৃত্তিমূলক নিৰ্দেশনাৰ উদ্দেশ্য/লক্ষ্যসমূহৰ বিষয়ে আলোচনা কৰা ?

উত্তৰঃ বৃত্তিমূলক নিৰ্দেশৰ লক্ষ্য আৰু উদ্দেশ্যবোৰ হৈছে –

১) শিক্ষাৰ্থী তথা ব্যক্তিক নিজৰ সামৰ্থ, যোগ্যতা, দক্ষতা, অভিৰুচি, অভিক্ষমতা অনুসৰি এটা  উপযুক্ত বৃত্তি নিৰ্বাচনত সহায় কৰা ।

২) শিক্ষাৰ্থীৰ ব্যক্তিগত বিকাশৰ লগতে সমাজৰ আৰু দেশৰ বিকাশত অৰিহণা যোগাব পৰাকৈ বিকাশ সাধন হোৱাত সহায় কৰা ।

৩) ব্যক্তিৰ বৃত্তি নিৰ্বাচনৰ ফলত সন্মুখীন হোৱা অপসমাযোজনৰ সমস্যা আৰু অসন্তুষ্টিৰ ভাব  নাইকীয়া কৰি সুস্থ সমাযোজনৰ বাবে পথ নিৰ্দেশনা দিয়া ।

৪) শিক্ষাৰ্থী তথা ব্যক্তিৰ ব্যক্তি সমতাৰ অস্তনিহিত হৈ থকা কৰ্ম দক্ষতা, ক্ষমতা নিপুণতা আদিৰ প্ৰয়োজনীয় প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণত সহায় কৰি উপযুক্ত মানৱ সম্পদৰ বিকাশ সাধন কৰা ।

৫) বিভিন্ন কৰ্ম ক্ষেত্ৰত মানৱ সম্পদৰ সঠিক নিয়োগ আৰু ব্যৱহাৰ নিশ্চিত কৰা ।

৬) শিক্ষাৰ্থী থতা ব্যকিতক তেওঁ নিৰ্বাচন কৰা বৃত্তি সম্পৰ্কীয় নীতি-নিয়ম, আইন-শৃংখলা, চৰ্ত, দৰমহা আদিৰ বিষয়ে জনাত সহায় কৰা ।

৭) ব্যক্তিয়ে যিটো বৃত্তি নিৰ্বাচন কৰে সেই বৃত্তিৰ বাবে প্ৰয়োজন হোৱা যোগ্যতা, সামৰ্থ্য,  শিক্ষাগত অৰ্হতা আদিৰ বিষয়ে জনাত সহায় কৰা ।

৮) শিক্ষাৰ্থীয়ে কেনে বৃত্তিৰ বাবে কেনেধণৰ প্ৰশিক্ষণ ল’ব লাগে সেই সম্পৰ্কে আৰু সেই প্ৰশিক্ষণ প্ৰদান কৰা প্ৰতিষ্ঠানবোৰৰ বিষয়ে অৱগত কৰা আৰু প্ৰয়োজনীয় তথ্য যোগান ধৰা,ইয়াৰোপৰি সেই প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে প্ৰয়োজন হোৱা সকলো খা-খবৰ যোগান ধৰা ও বৃত্তিমূলক শিক্ষাৰ এটা লক্ষ্য ।

৯) ব্যক্তিক বা শিক্ষাৰ্থীক কোনো এটা বৃত্তিত নিয়োগ পাবৰ বাবে নিজে উপযুক্ত বা যোগ্য হয় নে নহয় তাক বিচাৰ কৰাত সহায় কৰা । অৰ্থাৎ, তেওঁলোকক নিজৰ সবল আৰু দুৰ্বল দিশবোৰ মূল্যায়ন কৰাত সহায় কৰা ।

১০) শিক্ষাৰ্থীৰ মনত স্ব-নিৰ্ভৰশীলতাৰ মনোভাব জগাই তোলাত সহায় কৰা ।

১১) নিয়োগৰ ক্ষেত্ৰখনৰ বাস্তৱিকতা নিয়োগ প্ৰাপ্তিৰ ক্ষেত্ৰত থকা জটিলতা আৰু সমস্যা,  নিয়োগ প্ৰাপ্তিৰ ক্ষেত্ৰত উদ্ভৱ হোৱা প্ৰতিযোগিতামূলক পৰিস্থিতি সম্পৰ্কে বুজি উঠা আৰু নিজকে নিয়োগ প্ৰাপ্তিৰ বাবে অধিক সজাগ কৰি তোলাত সহায় কৰা ।

প্ৰশ্নঃ 5. শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনাৰ সম্বন্ধৰ বিষয়ে লিখা ?

উত্তৰঃ শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনাৰমাজত এক নিবিড় সম্পৰ্ক আছে ।

১) শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনা দুয়োটাই নিৰ্দেশনা ব্যৱস্থাৰ প্ৰধান অংশস্বৰূপ । এই দুই নিৰ্দেশনাৰ জৰিয়তে শিক্ষাৰ্থী তথা ব্যক্তিৰ যোগ্যতা, সামৰ্থ্য, দক্ষতা আদিৰ বিষয়ে জানিব পাৰি।

২) এই দুই নিৰ্দেশনাৰ জৰিয়তে শিক্ষাৰ্থীয়ে নিজৰ বিকাশ সাধনৰ বাবে ব্যৱস্থা হাতত ল’ব পাৰে আৰু ভৱিষ্যৎ সুখী আৰু সফল জীৱনযাপনৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিব পাৰে ।

৩) শিক্ষাৰ্থীয়ে ভৱিষ্যতে কেনেধৰণৰ বৃত্তিগ্ৰহণ কৰিবৰ বাবে উপযুক্ত হ’ব আৰু তাৰ বাবে কেনেধৰণৰ শিক্ষা গ্ৰহণ কৰিব লাগিব তথা কেনেধৰণৰ বিষয়বস্তু অধ্যয়ন কৰিব লাগিব সেই সম্পৰ্কে সুন্দৰভাৱে জনা আৰু সেইমতেই শিক্ষাৰ্থীয়ে নিজক প্ৰস্তুত কৰি তোলাত সহায় কৰাত এই দুই নিৰ্দেশনাই বিশেষভাৱে সহায় কৰে ।

৪) এই দুই নিৰ্দেশনাই শিক্ষাৰ্থীক নিজৰ দোষ-ত্ৰুটি আৰু সীমাৱদ্ধতাবোৰ জনা আৰু সীমাবদ্ধতাবোৰ জনা আৰু সেইসমূহ সংশোধন কৰি নিজকে দেহ-মানসিকভাৱে প্ৰস্তুত কৰি তোলাত সহায় কৰে । 

৫) এই দুয়োবিধ নিৰ্দেশনাই শিক্ষাৰ্থী তথা ব্যক্তিৰ শৈক্ষিক আৰু জীৱিকাৰ ক্ষেত্ৰত দেখা দিয়া অমিল তথা খাপ নোখোৱা অৱস্থাৰ পৰিমাণ হাস কৰি মানৱ সম্পদৰ উপযুক্ত বিকাশ সাধনত সহায় কৰে ।

৬) এজন শিক্ষাৰ্থীয়ে নিজৰ সামৰ্থ অনুসৰি এটা বৃত্তি বা জীৱিকা নিৰ্বাচন কৰি লোৱাৰ পাছত সেই বৃত্তিৰ বাবে নিজকে প্ৰস্তুত কৰা তুলিবৰ বাবে কেনেধৰণৰ শিক্ষা আহৰণ কৰিব লাগিব আৰু বৃত্তিগত দক্ষতা বৃদ্ধিৰ বাবে কেনেদৰে নিজকে প্ৰস্তুত কৰি তুলিব পাৰিব সেই সম্পৰ্কে এই দুই প্ৰকাৰৰ নিৰ্দেশনা কাৰ্যই উপযুক্ত নিৰ্দেশনা প্ৰদান কৰি শিক্ষাষীক সহায় কৰিব পাৰে ।

৭) এই দুই বিধ নিৰ্দেশনাই শিক্ষা গ্ৰহণ আৰু বৃত্তি নিৰ্বাচনৰ ক্ষেত্ৰত শুদ্ধ নিৰ্বাচন আৰু শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰে । ইয়াৰ জৰিয়তে আহৰণ কৰাৰ লগতে ব্যৱহাৰিক জ্ঞান আহৰণ কৰাত সহায় কৰে ।

৮) এই দুই নিৰ্দেশনাই শিক্ষাৰ্থীক শৈক্ষিক আৰু বৃত্তিমূলক দিশৰ নতুন নতুন সম্ভাৱনা আৰু  সম্ভাৱনীয়তা সম্পৰ্কে সদা সচেতন কৰি ৰখাৰ লগতে নতুন নতুন থ্যসমূহ আহৰণ কৰিনিজকে সমৃদ্ধ কৰি ৰবাত সহায় কৰে ।

প্ৰশ্নঃ 6. জীৱিকা ক্ষেত্ৰত সমোযোজনত বৃত্তিমূলক নিৰ্দেশনাৰ ভূমিকা কেনে হোৱা উচিত ? বুজাই  লিখা ।

উত্তৰঃ জীৱিকা ক্ষেত্ৰত সমোযোজনত বৃত্তিমূলক নিৰ্দেশনাৰ ভূমিকা সম্পৰ্কে উল্লেখ কৰা হ’ল-

১) বৃত্তিমূলক নিৰ্দেশনাই কোনো এটা জীৱিকাত মকলৰ হোৱা এজন ব্যক্তিক কৰ্মত সন্তুষ্ঠি  লাভ কৰা আৰু কৰ্মটো আৰু কৰ্ম ক্ষেত্ৰখনক অন্তৰেৰে আকোৱালি ল’ব পৰাকৈ নিজকে প্ৰস্তুত কৰি তোলে ।

২) এনে নিৰ্দেশনাই কৰ্মক্ষেত্ৰত কৰ্মৰ লগতে সহকৰ্মী, উচ্চ পদস্থ বিষয়াসকল, নিম্ন বৰ্গৰ কৰ্মচাৰীসকল আৰু কৰ্মটোৰ লগত জড়িত সাধাৰণ জনতাৰ লগত এক সুন্দৰ সামাজিক পাৰস্পৰিক সম্পৰ্ক বজাই ৰখাৰ লগতে কৰ্ম সন্তুষ্টি লাভ কৰিব পৰাকৈ ব্যক্তিক সমাযোজিত হোৱাত সহায় কৰে ।

৩) বৃত্তিমূলক নিৰ্দেশনাই কৰ্মক্ষেত্ৰত কৰ্মচাৰীজনে এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰি সকলোৰে লগত সহযোগিতাৰে আৰু সুচাৰুৰূপে কাৰ্য সম্পাদন কৰা আৰু কৰ্মত সফলতা লাভ কৰাৰ পথ নিৰ্দেশনা দি সন্তুষ্টিপ্ৰদান কৰাত সহায় কৰে ।

৪) এজন ব্যক্তিৰ ব্যৱহাৰিক আৰু কৌশলগত সামৰ্থ আৰু যোগ্যতাই সফলভাৱে কৰ্মক্ষেত্ৰত সমাযোজন কৰাত সফলতা লাভৰ মূল চাবি-কাঠি নহয় । এনে দিশবোৰৰ লগতে নিজৰ কৰ্ম দক্ষতা প্ৰদৰ্শন কৰিবলৈ আৰু তাৰ পৰা সফনতা পাবলৈ কিছুমান সামাজিক গুণাৱলী অৰ্থাৎ, সামাজিক সমাযোজন কৌশলৰ প্ৰয়োজন । এনে গুণাৱলী আহৰণ কৰি কৰ্ম ক্ষেত্ৰত যিকোনো পৰিৱেশ পৰিস্থিতিৰ লগত মোকাবিলা কৰি নিজৰ ব্যৱহাৰিক আৰু কৰ্ম কৌশলক সফলভাৱে কৰ্মত প্ৰয়োগ কৰা আৰু দক্ষতা প্ৰদৰ্শন কৰি বৃত্তি বা কৰ্মক্ষেত্ৰত সুস্থভাৱে সমাযোজন কৰাত বৃত্তিমূলক নিৰ্দেশনাই সহায় কৰে ।

৫) বৃত্তিমূলক নিৰ্দেশনাই এজন কৰ্মচাৰীক নিজৰ আদৰ্শ আৰু মনোবৃত্তি তথা আত্মধাৰণা লাভ কৰাত সহায় কৰে যাৰ জৰিয়তে তেওঁ নিজৰ লগত কৰ্মৰ লগত জড়িত কৰ্ম, ব্যক্তি, সমাজ আৰু তেওঁলোকৰ ভূমিকা আদিৰ বিষয়ে সম্যক ধাৰণা লাভ কৰাত আৰু কৰ্মক্ষেত্ৰত সুস্থভাৱে সমাযোজন কৰাত সহায় কৰে ।

৬) বৃত্তিমূলক নিৰ্দেশনাই এজন কৰ্মচাৰীক নিজৰ সামৰ্থ, যোগ্যতা, সক্ষমতা আৰু সামৰ্থৰ ভিতৰৰ যিকোনো কামতে আত্মসন্তুষ্টি আৰু সফলতা লাভ কৰা পথ নিৰ্দেশনা দি সহায় কৰে ।

৭) বৃত্তিমূলক নিৰ্দেশনাই বৃত্তি নিৰ্বাচন আৰু কৰ্মক্ষেত্ৰত সন্মুখীন হোৱা আৱেগিক প্ৰয়োজনীয়তাৰ সমস্যাবোৰ সমাধান কৰিব পৰাকৈ ব্যক্তিক সক্ষম কৰি তোলাত সহায় কৰে । অৰ্থাৎ, বৃত্তিমূলক নিৰ্দেশনাই আৱেগিক প্ৰয়োজনীয়তাৰ দিশবোৰ চালিজাৰি তাই আৱেগক নিয়ন্ত্ৰণ কৰাত কৰ্মচাৰী বা ব্যক্তিক উপযুক্ত নিৰ্দেশনা প্ৰদান কৰি কৰ্মক্ষেত্ৰত সুস্থভাৱে সমাযোজন কৰাত সহায় কৰে ।

8) বৃত্তিমূলক নিৰ্দেশনাই কৰ্মচাৰীক নিজৰ ব্যক্তিত্বৰ সুস্থ বিকাশৰ লগতে সামাজিক ব্যক্তিত্বৰ অধিকাৰী হোৱা আৰু সফলভাৱে নিজৰ ব্যক্তিত্ব প্ৰদৰ্শন কৰি কৰ্ম সফলতা লাভ কৰা পথ নিৰ্দেশনা প্ৰদান কৰি তেওঁক সুস্থভাৱে সমাযোজন কৰাত সহায় কৰে ।

৯) বৃত্তিমূলক নিৰ্দেশনাই বৃত্তিৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা আৰ্থ-সামাজিক, শাৰীৰিক, আৱেগিক আদি সকলো দিশৰ লগতে কৰ্ম কৌশল আহৰণৰ ক্ষেত্ৰতো পৰিপক্কতা লাভ কৰাত আৰু কৰ্ম ক্ষেত্ৰত সমাযোজনত সহায় কৰে ।

১০) বৃত্তিমূলক নিৰ্দেশনাই কৰ্মক্ষেত্ৰত সুস্থভাৱে সমাযোজন কৰিব পৰাকৈ উপযুক্ত কৌশল আৰু দক্ষতা লাভ, আৰ্থিক লাভালাভ আৰু সামাজিক প্ৰস্থিতি লাভ কৰাত সহায় কৰে ।

প্ৰশ্নঃ 7. নিৰ্দেশনা আৰু পৰামৰ্শদানৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানসমূহ কেনেধৰণৰ ? ব্যাখ্যা কৰা ।

উত্তৰঃ নিৰ্দেশনা আৰু পৰামৰ্শদান ক্ষেত্ৰত বিদ্যালয় তথা শিক্ষানুষ্ঠানসমূহে সন্মুখীন হোৱা প্ৰত্যাহান আৰু সমস্যাবোৰ তলত উল্লেখ কৰা হ’ল ।

১) শিক্ষক পৰামৰ্শদাতাৰ বাবে উপযুক্ত নিৰ্দেশনা আৰু পৰামৰ্শদান প্ৰশিক্ষণৰ অভাৱ ।

২) নিৰ্দেশনা আৰু পৰামৰ্শদানৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা ভৌতিক সম্পদ, যেনে-আচবাবত্ৰ,  সা-সঁজুলি আদি, বৃত্তীয় সম্পদ আৰু মানৱ সম্পদৰ অভাৱ ও নাটনি ।

৩) নিৰ্দেশনা আৰু পৰামৰ্শদানৰ বাবে প্ৰয়োজনীয় সমৰ্থনৰ অভাৱ ।

৪) নিৰ্দেশনা আৰু পৰামৰ্শদান কাৰ্যৰ সফল ৰূপায়ণৰ বাবে প্ৰয়োজন হোৱা সহায়-সহযোগিতা  আৰু সমৰ্থনৰ অভাৱ ।

৫) উপযুক্ত নিৰ্দেশনা আৰু পৰামৰ্শদান কৰিব পৰা কৌশলী আৰু ব্যৱহাৰিক জ্ঞান সমৃদ্ধ শিক্ষকৰ অভাৱ ।

৬) নিৰ্দেশনা সেৱা চলাই নিবৰ বাবে প্ৰয়োজন হোৱা আৰ্থিক আৰু প্ৰশাসনিক সমৰ্থনৰ অভাৱ।

৭) নিৰ্দেশনা আৰু পৰামৰ্শদানৰ  সেৱাৰ ক্ষেত্ৰত  শিক্ষকৰ অভিপ্ৰায় বা অভিৰোচনৰ আৰু সময়ৰ অভাৱ ।

৮) নিৰ্দেশনা আৰু পৰামৰ্শদান সেৱাৰ বাবে শিক্ষকৰ যোগাত্মক দৃষ্টিভংগীৰ অভাৱ ।

৯) নিৰ্দেশনা আৰু পৰামৰ্শদান বিভাগৰ দ্বাৰা পৰ্যপ্ত পৰামৰ্শদাতা নিয়োগৰ পৰ্যাপ্ত ব্যৱস্তাৰ অভাৱ ।

১০) বিদ্যালয়ত পৰামৰ্শ আৰু নিৰ্দেশনা প্ৰদানৰ বাবে সময় তালিকাৰ অভাৱ ।

১১) শিক্ষক, অভিভাৱক তথা সমাজৰ লোকসকৰল মাজত নিৰ্দেশনা আৰু পৰামৰ্শদান সম্পৰ্কীয় দিশবোৰৰ সম্পৰ্কত সজাগতা আৰু সচেতনতাৰ অভাৱ ।

১২) নিৰ্দেশনা আৰু পৰামৰ্শদানৰ বাবে পৰামৰ্শদানৰ দিবলগা ব্যক্তি সম্পৰ্কে তথ্য সংগ্ৰহ কৰিব পৰা প্ৰশিক্ষণপ্ৰাপ্ত নিৰ্দেশক আৰু কৰ্মচাৰীৰ অভাৱ ।

প্ৰশ্নঃ 8. নিৰ্দেশনা আৰু পৰামৰ্শদানৰ প্ৰধান প্ৰধান সমস্যাসমূহ চিনাক্ত কৰা ?

উত্তৰঃ বিদ্যালয় বা শিক্ষানুষ্ঠাননত উপযুক্ত নিৰ্দেশনা আৰু পৰামৰ্শদানৰ ক্ষেত্ৰত সন্মুখীন হোৱা  সমস্যাবোৰ হৈছে-

১) উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিৰ্দেশনাক আৰু পৰামৰ্শদাতা মকৰলৰ সমস্যা ।

২) বিদ্যালয়ত উপযুক্ত নিৰ্দেশনা আৰু পৰামৰ্শদান সেৱা কেন্দ্ৰ সংগঠন আৰু পৰিচালনাৰ সম্যা ।

৩) বিদ্যালয়ৰ লগত সংশ্লিষ্ট নিৰ্দেশক আৰু পৰামৰ্শদাতা নথকা ।

৪) নিৰ্দেশনা আৰু পৰামৰ্শদানৰ বাবে তথ্য সমগ্ৰহ সমস্যা ।

৫) বিদ্যালয় কৰ্তৃপক্ষ তথা প্ৰশাসনিক দিশৰ সমৰ্থনৰ সমস্যা ।

৬) বিদ্যলয়ত বিশেষকৈ প্ৰাথমিক পৰ্যায়ত শিশুক নিৰ্দেশনা আৰু পৰামৰ্শদান দিয়াৰ ব্যৱস্থা নথকা ।

৭) নিৰ্দেশনা আৰু পৰামৰ্শদাতাৰ লগত অভিভাৱকৰ পূৰ্ণ সহযোগিতাৰ অভাৱ ।

৮) পৰামৰ্শদান আৰু নিৰ্দেশনা প্ৰদান ক্ষেত্ৰৰ মাজত সু-সম্বন্ধ আৰু সু-সামঞ্জস্য নথকা ।

৯) নিৰ্দেশনা আৰু পৰামৰ্শদানৰবাবে প্ৰয়োজন হোৱা মনোবৈজ্ঞানিক উপকৰণসমূহৰ সুবিধা  নথকা ।

১০) বিদ্যালয় আৰু শিক্ষাৰ্থীৰ অভিভাৱক আৰ্থিক দুৰৱস্থ আৰু সংযোহীনতাৰ সমস্যা ।

১১) শিক্ষক, অভিভাৱক আৰু সমাজৰ অন্যাতা সোকলকলৰ মাজত নিৰ্দেশনা আৰু পৰামৰ্শদান সম্পৰ্কে সচেতনা বৃদ্ধিৰ সমস্যা ।

১২) শিক্ষসকলৰ ত্ৰুটী নিৰ্ণায়ক অভীক্ষাৰ সগত পৰিচয় নথকাৰ সমস্যা ।

১৩) শিক্ষক আৰু অভিভাৱকৰ মাজত পৰামৰ্শদানকাৰী শিক্ষাৰ্থীৰ সমস্যা জড়িত আচৰণবোৰ চিনাক্ত কৰিব নোৱাৰে ।

১৪) শিক্ষক প্ৰশিক্ষণ বা শিক্ষক শিক্ষাৰ অনুষ্ঠানত নিৰ্দেশনা সম্বন্ধীয় শিক্ষা বা প্ৰশিক্ষণ প্ৰদানৰ সুযোগ-সুবিধা নথকাৰ সমস্যা আদি ।

প্ৰশ্নঃ 9. সু-নিৰ্দেশনাৰ ক্ষেত্ৰত থকা সমস্যা সমাধানৰ উপায়সমূহ কি কি  ?

উত্তৰঃ সু-নিৰ্দেশনাৰ ক্ষেত্ৰত থকা সমস্যাবোৰ সমাধানৰ বাবে তলৰ ব্যৱস্থা বা উপায়সমূহ অৱলম্বন  কৰিব লাগে ।

১) প্ৰত্যেক বিদ্যাবিদ্যালয়তে নহ’লেও একো একোটা অঞ্চলত থকা বিদ্যালয়বোৰৰ বাবে অন্তত একোজনকৈ প্ৰশিক্ষণপ্ৰাপ্ত নিৰ্দেশক আৰু পৰামৰ্শদাতা নিয়োগ কৰিব লাগে ।

২) শিশুৱে বিদ্যালয় যাতে উপযুক্ত নিৰ্দেশনা লাভৰ সুয়োগ পায় তাৰ বাবে দেশে বিভিন্ন অঞ্চলত ‘নিৰ্দেশনাগাৰ’ (Guidance Centre) । স্থাপন কৰিব লাগে আৰু স্থানীয় বিদ্যালয়বোৰে যাতে তাৰ সুফল ভোগ কৰিব পাৰে বা সেই বা সেই নিৰ্দেশনাগাৰৰ সহায় পায় তাৰ সু-ব্যৱস্থা কৰিব লাগে ।

৩) বিদ্যালয়ৰ শিক্ষকসকলৰ মাজৰ পৰাই মনোবিজ্ঞান আৰু শিশু মনোবিজ্ঞানৰ জ্ঞান থকা শিক্ষকক নিৰ্বাচন কৰি শিক্ষক নিৰ্দেশক হিচাপে প্ৰস্তুত কৰি তুলিব লাগে । ইয়াৰ বাবে বিশেষ         শিক্ষক-প্ৰশিক্ষণ পাঠ্যক্ৰমৰ প্ৰৱৰ্তন কৰিব লাগে । 

৪) শিশু বা শিক্ষাৰ্থী সম্বন্ধে বিশদভাৱে তথ্য সংগ্ৰহ কৰি শিশু কিৰাশৰ উপযোগীকৈস্ফতন্ত্ৰভাৱে শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগে ।

৫) নিৰ্দেশনাৰ প্ৰয়োজনীয়তা সম্বন্ধে অভিভাৱকে যাতে পূৰ্ণ সহযোগিতা আগবঢ়াই তাৰ বাবে তেওঁলোকক সচেতন কৰি তুলিব লাগিব আৰু নিৰ্দেশনা কাৰ্যসূচীৰ বাস্তৱ ৰূপায়ণৰ বাবে যাতে তেওঁলোকে পূৰ্ণ সহযোগিতা আগবঢ়ায় তাৰ বাবে উদ্বুদ্ধ কৰিব লাগে ।

৬) নিৰ্দেশনা আৰু ভৱিষ্যৎ বৃত্তিৰ মাজত যাতে সামঞ্জস্য থাকে কাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিব লাগিব ।

৭) নিৰ্দেশনা কাৰ্যসূচীৰ সফল ৰূপায়নৰ বাবে প্ৰয়োজন হোৱা মনোবৈজ্ঞানিক অভীক্ষাবোৰ অনতিপলমে প্ৰস্তুত কৰি উলিয়াব লাগে ।

৮) দেশে বিদ্যালয়ত সুনিৰ্দেশনা প্ৰদানৰ বাবে যাৱতীয় সকলো সা-সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিব  লাগিব ।

৯) শিক্ষক-প্ৰশিক্ষণ প্ৰতিষ্ঠানত অভিজ্ঞ পৰামৰ্শদাতাৰ দ্বাৰা শিক্ষকক নিৰ্দেশনা প্ৰদানৰ  প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব ।

১০) নিৰ্দেশনা প্ৰদান কাৰ্যক বৃত্তি হিচাপে ল’ব পৰাকৈ উপযুক্ত প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিব  লাগিব ।

প্ৰশ্নঃ 10. প্ৰতিভাৱান বা প্ৰতিভাশালী শিশু বুলিলে কি বুজা ? প্ৰতিভাৱান শিশুক কিমান প্ৰকাৰ ভাগকৰিব পাৰি ? আলোচনা কৰা ।

উত্তৰঃ যি সকল শিশু বা ছাত্ৰৰ বুদ্ধ্যাংকৰ পৰিমাণ ১১০ৰ পৰা ১৪০ৰ ভিতৰত বা তাতকৈ বেছি সেইসকল শিণু বা ছাত্ৰকে প্ৰতিভাসম্পন্ন বোলা হয় । প্ৰতিভাসম্পন্ন শিশুসকলৰ ঈশ্বৰ প্ৰদত্ত দৈহিক আৰু মানসিক যোগ্যতা থাকে যাৰ ফলত তেওঁলোকে জীৱনৰ সকলো দিশতে সহজে আত্ম-প্ৰকাশ আৰু আত্ম-প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয় । এওঁলোকৰ বিভিন্ন দিশৰ জ্ঞান লাভৰ বাবে এক উচ্চ যোগ্যতা থাকে, এই শিশুসকলে কলা, সংগীত, দৰ্শন, বিজ্ঞান, কাৰিকৰীবিজ্ঞান আৰু ন্তৃত্ব প্ৰদানৰ দিশত আত্ম-প্ৰকাশ কৰি উঠিব পাৰে । এওঁলোকৰ দৈহিক গঠন উন্নত আৰু ৰোগমুক্ত, স্নায়ৱিক ক্ষিপ্ৰতা আৰু দেহ সঞ্চালন ক্ষমতা, পটুতা আদি ৱদেখা যায় । এওঁলোকৰ দেহৰ গঠন সৰু অৱস্থাৰ পৰাই চকুত লগা বিধৰ । প্ৰতিভাৱান শিশুসকলে চিন্তা, যুক্তি, বিচাৰশক্তি, সমস্যা সমাধান, আৱেগিক পৈণতা আৰু নিয়ন্ত্ৰণ ক্ষমতা  আদি মানসিক যোগ্যতাৰে নিজৰ ব্যক্তিত্ব গঢ়ি তুলিব পাৰে । প্ৰতিভাশালী শিশুৰ সংজ্ঞা দি উইটি (Witty) এ কয়, “Gifted children are those performance performance is consistently remarkable in music, art, social social leadership and other forms of expression.”

আৰ, ডব্লিউ টেইলৰ (R.W.Tyler) ৰ মতে, “The gifted child is he who who exceptional in the amount of his production, rate and quality of his production.”   

প্ৰতিভাশালী শিশুৰ প্ৰকাৰঃ

চেমুৱেল কাৰ্কি প্ৰকিভাশালী শিশুক নিম্নলিখিত দিশসমূহত প্ৰতিভাশালী হ’ব পাৰে বুলি কয় । যেনে-

১) সামাজিকভাৱে প্ৰতিভাশালী ।

২) শাৰীৰিকভাৱে প্ৰতিভাশালী ।

৩) যান্ত্ৰিকভাৱে প্ৰতিভাশালী ।

৪) শৈক্ষিকভাৱে প্ৰতিভাশালী ।

৫) ভাষিক দিশত প্ৰতিভাশালী ।

৬) চাৰুকলাৰ দিশত প্ৰতিভাশালী ।

৭) সমগীতৰ দিশত প্ৰতিভাশালী ।

প্ৰশ্নঃ 11. প্ৰতিভাসম্পন্ন শিশুৰ ক্ষেত্ৰত দেখা পোৱা কেইটিমান বৈশিষ্ট্য উল্লেখ কৰা ?

উত্তৰঃ প্ৰতিভাশালী শিশুক তলৰ বৈশিষ্ট্যসমূহৰ ভিত্তিতে চিনি পাব পাৰি । সেইবোৰ হৈছে –

১) প্ৰতিভাশালী শিশুৰ উন্নত মানৰ সাধাৰণ মানসিক যোগ্যতা আৰু বুদ্ধিবৃত্ত সহজে চকুত পৰা বিধৰ হয় ।

২) এনে শিশুৱে সহজে আৰু তাৎক্ষণিকভাৱে নতুন অভিজ্ঞতা আহৰণ কৰিব পাৰে ।

৩) এনে শিশুৰ অন্তদৰ্শন ক্ষমতা, সমস্যা সমাধান ক্ষমতা আৰু সৃজনাত্ক ক্ষমতা সাধাৰণ শিশুৰ তুলনাত অধিক হয় ।

৪) এওঁলোকে বয়সৰ তুলনাত অধিক শব্দজ্ঞান আয়ত্ত কৰি ভাষা বিকাশৰ দিশত সাধাৰণ শিশুতকৈ আগবাঢ়ি যাব পাৰে ।

৫) এনে শিশু প্ৰৱল অনুসন্ধিৎসু আৰু বিৰ্মুতি চিন্তা কৰিব পৰা ক্ষমতাৰ অধিকাৰী হয় ।

৬) এওঁলোকে সকলো কথাতে সাধাৰণ জ্ঞান আৰু ব্যৱহাৰিক বুদ্ধি প্ৰয়োগ কৰে, যিকোনো ঘটনাৰ বিচাৰ কৰিব পাৰে, বিভিন্ন পৰিস্থিতি আৰু বস্তুৰ মাজৰ সম্বন্ধ সহজে উপলব্ধি কৰিব  পাৰে ।

৭) এওঁলোকে সদা সচেতন আৰু দূৰদৃষ্টিসম্পন্ন হয় ।

৮) এওঁলোকৰ শাব্দিক আৰু সাংখ্যিক যোগ্যতা থকাৰ লগতে সূক্ষ্ম আৰু দ্ৰুত পৰ্যবেক্ষণ কৰিব পৰা ক্ষমতাও থাকে ।

৯) এওঁলোকৰ দৈহিক গঠন আৰু স্বাস্থ্য উন্নত হয়, অংগ সঞ্চালন আৰু স্নায়ৱিক ক্ষমতা প্ৰখৰ  হয় ।

১০) প্ৰতিভাশালী শিশুৱে আৱেগক সহজে নিয়ন্ত্ৰণ কৰিব পাৰে আৰু যিকোনো পৰিস্থিতিতে সুস্থভাৱে সমাযোজন কৰিব পাৰে ।

১১) এনে শিশু সদা সচেতন হয় । এওঁলোকে শৈক্ষিক, কলা, বিজ্ঞান, কাৰিকৰী, সামাজিক, ৰাজনৈতিক আদি সকলো দিশতে সচেতনতা প্ৰদৰ্শন কৰিব পাৰে ।

প্ৰশ্নঃ 12. প্ৰতিভাশালী বা প্ৰতিভাশালী শিশুৰ ক্ষেত্ৰত কেনেধৰণৰ সমস্যা দেখা পোৱা যায় ?  আলোচনা কৰা ।

উত্তৰঃ অসাধাৰণ প্ৰতিভাসম্পন্ন শিশুসকলে বহু সময়ত নানা সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰে ।  এনে শিশুৰ সমস্যাসমূহ হৈছে-

১) প্ৰতিভাশালী শিশুবিলাক প্ৰৱল অনুসন্ধিৎসু হোৱাব বাবে তেওঁলোকে পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীক নানান প্ৰশ্ন সুধি ব্যক্তিব্যস্ত কৰে । মনত উদয় হোৱা প্ৰতিটো কথাৰ বিষয়ে এনে শিশুৱে জানিবলৈ প্ৰৱল আগ্ৰহী হয় । কিন্তু পিতৃ-মাতৃ বা শিক্ষক-শিক্ষয়িত্ৰীয়ে তেওঁলোকে সোধা প্ৰশ্নৰ যথাযথ উত্তৰ দিয়াৰ পৰা বিৰত থাকিলে শিশু তথা শিক্ষাৰ্থীৰ কৌতূহল আৰু আগ্ৰহ অতৃপ্ত হৈ ৰয় । 

২) সাধাৰণতে দেখা যায় যে সাধাৰণ বুদ্ধিৰ শিশুৰ বাবে প্ৰস্তুত কৰা পাঠ্যক্ৰমে প্ৰতিভাসম্পন্ন  শিশুৱে অধ্যয়ন কৰিব লাগে । এনে পাঠ্যক্ৰমে প্ৰতিভাশালী শিশুৰ মনৰ খোৰাক পূৰণ কৰিব নোৱাৰে; ফলত বহু সময়ত এনে শিশুৱে নিজৰ বহুমুখী প্ৰতিভাৰ বহুখিনি অৱদমন কৰি  ৰাখিবলগীয়া হয়; যি এঁলোকৰ বৌদ্ধিক মানসিক বিকাশৰ পৰিপন্থী হৈ উঠিব পাৰে ।

৩) গতানুগতিক শিক্ষাপদ্ধতিত শিক্ষাদানৰ বাবে যিবোৰ পদ্ধতি অৱলম্বন কৰা হয় সেইবোৰে প্ৰতিভাশালী শিশুক আমুৱায় আৰু এন শিক্ষাদান পদ্ধতিয়ে কোনো আনন্দ দিব নোৱাৰে ।

৪) গতানুগতিক শিক্ষা পৰিৱেশৰ সীমাৱদ্ধতা প্ৰতিভাশালী শিশুৰ বাবে প্ৰেৰণাহীন আৰু আত্মোপলদ্ধিৰ বাবে প্ৰয়োজনীয় সমল যোগাব নোৱাৰা বিধৰ হয় । ফলত এনে শিশুৱে হতাশাত ভুগিবলগীয়া হয় ।

৫) বিদ্যালয়ৰ প্ৰায়বোৰ কাৰ্যসূচীয়েই গতানুগতিক আৰু যান্ত্ৰিক বিধৰ হোৱাৰ বাবে আৰু শিক্ষানুষ্ঠানৰ পৰিৱেশ সংৰক্ষণাত্মক বিধৰ হোৱাৰ বাবে শিশু তথা শিক্ষাৰ্থীয়ে নিজৰ সৃজননীশীল প্ৰতিভাৰ বিকাশ সাধন কৰাত বাধাৰ সন্মুখীন হয়; ফলত এওঁলোকৰ সৃজনশীলতা মৰহি যায় আৰু নিৰাশ আৰু হতাশাত ভূগিব লগীয়া হয় ।

৬) প্ৰতিভাশালী শিশুৰ প্ৰতিভাক বয়স্কসকলে চিনি নোপোৱাৰ ফলত বয়স্কসকলৰ লগত  এওঁলোকৰ ভুল বুজাবুজিৰ সৃষ্টি হয় । ফলত শিশুৰ ব্যক্তিত্বৰ বিকাশত বাধাপ্ৰাপ্ত হয় ।

প্ৰশ্নঃ 13. প্ৰতিভাসম্পন্ন শিশুৰ ক্ষেত্ৰত নিৰ্দেশনা আৰু পৰামৰ্শদানৰ ভূমিকা কি কি ? আলোচনা কৰা?  

উত্তৰঃ শিক্ষানুষ্ঠানৰ সৰ্বসাধাৰণৰ বাবে যুগুত কৰা পাঠ্যক্ৰম, গতানুগতিক আৰু আনকৰ্ষণীয় শিকন         

পদ্ধতি আদিয়ে প্ৰতিভাসম্পন্ন শিশুৰ মানসিক তৃপ্তি প্ৰদান কৰিব লোৱাৰে । উন্ন মানসিক প্ৰয়োজন পূৰণ কৰিব নোৱাৰাৰ বাবে এনে শিক্ষা ব্যৱস্থা শিক্ষাৰ্থীৰ বাবে শিক্ষকৰ প্ৰতি আকষৰ্ণহীন হৈ উঠে আৰু পাঠৰ প্ৰতিও অমনোযোগী হয় । তদুপৰি সাধাৰণ শিশুৰ লগত থাকি বৌদ্ধিক উন্নত মানবিশিষ্ট শিশুসকল যাতে আত্ম-অভিমনী, অহংকাৰী আৰু অসামাজিক হৈ উঠিব নোৱাৰে তাৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি শিক্ষা ব্যৱস্থাক গঢ়ি তুলিব লাগে । শিশুৰ ব্যক্তিগত আৰু সামাজিক দুয়ো দিশৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ শিক্ষা ব্যৱস্থাত বিভিন্ন গ্ৰহণ কৰিব লাগে ।

প্ৰতিভাসম্পন্ন শিশুসকলৰ অধিক আৰু সুস্থ তথা প্ৰগতিশীল বিকাশৰ বাবে নিৰ্দেশনা  আৰু পৰামৰ্শদানৰ প্ৰয়োজন । এই ক্ষেত্ৰত নিৰ্দেশনা আৰু পৰামৰ্শদাতাৰ ভূমিকাবোৰ হৈছে –

১) প্ৰতিভাসম্পন্ন শিশু সম্পৰ্কে সম্পূৰ্ণভাৱে তথ্য সংগ্ৰহ কৰি তেনে শিশুৰ বিশেষ প্ৰতিভাবোৰ বিকাশ সাধনৰ বাবে আঁচনি আৰু কাৰ্যসূচী হাতত ল’ব লাগে ।

২) বিদ্যালত তেনে শিশুৰ চাহিদা আৰু প্ৰতিভাসমূহৰ বিকাশৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাবিষয় অন্তৰ্ভূক্ত কৰি পাঠ্যক্ৰম যুগুত কৰিবৰ বাবে পূৰ্বৰ পাঠ্যক্ৰমৰ সংশোধন সাধন কৰিবলৈ নিৰ্দেশনা দিব লাগে ।

৩) যিবোৰ বিদ্যালয়ত বিশেষ পৰামৰ্শদাতা নাই তেনে বিদ্যালয়ত শিক্ষকে প্ৰতিভাসম্পন্ন শিশুৰ বিকাশৰ বাবে সকলোধৰণৰ কাৰ্য সম্পাদনাৰ দায়িত্ব বহন কৰিব লাগে ।

৪) প্ৰতিভাসম্পন্ন শিশুৰ সুস্থ বিকাশৰ বাবে পৰ্যাপ্ত সা-সুবিধা আৰু প্ৰয়োজনীয় খবৰ-বাতৰি আৰু তথ্য যোগান ধৰিব লাগে ।

৫) প্ৰতিভাসম্পন্ন শিশুক সকলো দিশত সহায় কৰিব পৰাকৈ শিক্ষকে নিজকে যোগ্য কৰি তুলিবৰ বাবে প্ৰয়োজন সাপেক্ষে চাকৰিকালীন অৱস্থাত প্ৰশিক্ষণ গ্ৰহণ, আলোচনা চক্ৰ আদিত অংশগ্ৰহণ কৰিব লাগে আৰু নিজকে যোগ্য কৰি তুলিব লাগে ।

৬) বিদ্যালয়ৰ শ্ৰেণীকক্ষৰ পৰিৱেশ প্ৰতিভাসম্পন্ন শিশুৰ বাবে অনুকূল হোৱাকৈ গঢ়ি তুলিব  লাগে ।

৭) প্ৰতিভাৱান শিশুৰ প্ৰতি শিক্ষকৰ মনোভাব সদায় আশাব্যঞ্জক সহযোগিতীমূলক যোগাত্মক আৰু সন্মানজনক হ’ব লাগে ।

৮) শ্ৰেণীকক্ষত শিশুসকলক নিজৰ প্ৰতিভা মুক্তভাৱে প্ৰকাশ কৰাৰ পূৰ্ণ সুযোগ দিয়াৰ লগতে  সেই প্ৰতিভাসমূহক উৎসাহিত কৰিব লাগে ।

৯) বিভিন্ন প্ৰশিক্ষণ শিবিৰ, আলোচনা চক্ৰ, তক্ৰ সভা আদি অনুষ্ঠাত কৰি সেইবোৰত যোগ দিবলৈ এনে শিশুক উৎকাহ যোগাব লাগে । তদুপৰি গ্ৰীষ্মকালীন আৰু শীতকালীন শিৱিৰ অনুষ্ঠিত কৰি বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিভাৱান শিশুৰ মাজত সহাযোগিতা আৰু প্ৰতিযোগিতাৰ পৰিৱেশ গঢ়ি তুলিব লাগে । এন কৰিলেহে প্ৰতিভাসম্পন্ন শিশুৰ প্ৰতিভাৰ বিকাশ যথোপযুক্ত হৈ উঠিব ।

১০) শিক্ষাৰ সময়সূচী দ্ৰুতীকৰণ কৰি প্ৰতিভাশালী শিশুক দ্ৰুত গতিত আগবঢ়াই নিব পাৰি । ইয়াৰ বাবে শিশুক কম বয়সতে আনুষ্ঠানিক শিক্ষা দিয়া, একোটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ ডবল প্ৰমোচন দিয়া, শৈক্ষিক বছৰ শেষ নৌ হওঁতেই ওপৰ শ্ৰেণীলৈ উত্তৰ্ণ কৰাই সংক্ষিপ্ত শ্ৰেণী ব্যৱস্থাৰ পৰিকল্পনা কৰা আদি ব্যৱস্থাবোৰ গ্ৰহণ কৰিব লাগিব ।

১১) গতানুগতিক শিক্ষাৰ পাঠ্যক্ৰম যিহেতু প্ৰতিভাসম্পন্ন শিশুৰ বাবে অতি সহজ আৰু এওঁলোকৰ প্ৰতিভা মানদণ্ডতকৈ নিম্নমানৰ সেয়ে এনে পাঠ্যক্ৰমে তেওঁলোকৰ প্ৰতিভা বিকাশত বাধাৰ সৃষ্টি কৰিব পাৰে । গতিকে, এনে শিশুৰ বাবে সাধাৰণ পাঠ্যক্ৰমৰ লগতে  কিছুমান অতিৰিক্ত আৰু উন্নত পাঠৰ ব্যৱস্থা কৰিব লাগে ।

প্ৰশ্নঃ 14. সৃজনশীলতাৰ অৰ্থ আৰু পিৰকৃতি বিষয়ে আলোচনা কৰা ?

উত্তৰঃ যি চিন্তাৰ জৰিয়তে গতানুগতিকতাৰ পৰিৱৰ্তে নতুন আৰু মৌলিক কথাৰ সৃষ্টি হয় তেনে  চিন্তাকে সৃজনশীলতা বোলা হয় । অৰ্থাৎ সৃজনশীলতা বা সৃজন ক্ষমতা হৈছে ব্যক্তিৰ নিজ চিত্ত আৰু ক্ৰিয়াৰ যোগেৰে নতুনৰ উদ্ভাৱন কৰিব পৰা ক্ষমতা যাৰ যোগেদি ব্যক্তিয়ে নিজ চিন্তা আৰু ক্ৰিয়াৰ মৌলিকতাৰ পৰিচয় দিব পাৰে । এনে উদ্ভাৱন বা সৃষ্টি চিন্তামূলক বস্তু বা বিষয়মূলক বা পুনৰ সংগঠনমূলক আৰু পুনৰ উদ্ভাৱমূলক হ’ব পাৰে । ব্যক্তিৰ সৃজন ক্ষমতা বা নতুনৰ সৃষ্টি ক্ষমতা জন্মগত আৰু ভগৱান প্ৰদত্ত এক গুণ । এই গুণৰ জৰিয়তে সৃষ্টি হোৱা নতুন নতুন দিশে সামাজিক জীৱনৰ বিভিন্ন সমস্যা সমাধান কৰাত ব্যক্তিক সহায় কৰিব পাৰে। অৱশ্যে শিক্ষাৰ জৰিয়তেহে এনে গুণৰ উৎকৰ্ষ সাধন কৰিব পাৰি । সৃজনী ক্ষমতা থকা লোকে শিক্ষাক জৰিয়তে নিজৰ প্ৰতিভাৰ বিকাশ সাধন কৰি সামাজিক পৰিৱেশ পৰিস্থিত তথা জীৱনৰ যিকোনো পৰিস্থিতিতে সন্মুখীন হোৱা সমস্যাবোৰ সমাধান কৰিব পাৰে ।

সৃজনশীলতা তথা সৃজন ক্ষমতাৰ স্বৰূপ সম্বন্ধে বিভিন্ন মনোবিজ্ঞানীয়ে বিভিন্ন সংজ্ঞা আগবঢ়াইছে । তলত কেইজনমান বিখ্যাত মনোবিজ্ঞানীৰ সংজ্ঞা উল্লেখ কৰা হৈছে । জে. ই. ড্ৰেভদেহলৰ মতে, “সৃজনশীলতা হৈছে এজন ব্যক্তিৰ ৰচনা কৰিব পৰা ধাৰণা, উৎপাদন কৰিব পৰা ক্ষমতা যি মূলতঃ নতুন বা অভিনৱ আৰু উৎপাদকৰ বাবে পূৰ্বজ্ঞানহীন” (Creativity is the capacity of a person to produce compositions, products of ideas, which are essentially new or novel and previously unknown to the producer.)

জে. ষ্টেনলি গ্ৰেৰ মতে, “সৃজনমূলক চিন্তা হৈছে এজন ব্যক্তি সম্বন্ধে এনে এক ভৱিষ্যত্বাণী বা সিদ্ধান্ত যি নতুন, প্ৰকৃত, উদ্ভাৱনমূলক আৰু অস্বাভাৱিক । সৃজনশীল লোক সেইজনেই যি নতুন দিশৰ অনুসন্ধান কৰে, নতুনৰ নিৰীক্ষণ কৰে নতুনৰ ভৱিষ্যত্বানী । কৰে আৰু নতুনৰ অনুমান কৰে । (Creative thinking means that the predictions and  inferences for individuals are new, original, ingenious and unusual. The creative is one who explores new areas and makes new observations, a new predictions, new inferences.)

প্ৰশ্নঃ 15. সৃজনশীলতাৰ সাধাৰণ বৈশিষ্ট্যসমূহ কি কি ?

উত্তৰঃ সৃজনশীলতা বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল-

১) সৃজনশীলতা ব্যক্তিৰ জন্মগত ক্ষমতা যদিও ইয়াক পৰিৱেশৰ অভিজতাৰ দ্বাৰাহে উৎকৰ্ষ সাধন কৰি তুলিব পাৰি ।

২) সৃজনশীল ব্যক্তিৰ বুধি উন্নত মানবিশিষ্ট যদিও সকলো বুদ্ধিমান লোক সৃজনশীল নহ’বও পাৰে ।

৩) সৃজনশীলতা হৈছে গতানুগতিকতাৰ পৰিৱৰ্তে নতুন আৰু মৌলিক কথাৰ উৎপত্তি কৰিব পৰা এক চিন্তান প্ৰক্ৰিয়া ।

৪) ব্যক্তিয়ে কিবা এক নতুনৰ চিন্তা কৰিব পৰা আৰু নতুন কিবা এটা সৃষ্টি কৰিব পৰা বিশিষ্ট অসাধাৰণ ক্ষমতাই হৈছে সৃজনশীলতা ।

৫) ব্যক্তিৰ সৃজনশীলতা কোনো বস্তু, ধাৰণা বা বিষয়ক নতুন ৰূপত নিৰীক্ষণ কৰি আৰু আৱশ্যকীয় সংশোধন কৰি তোলাৰ মাজেদিহে প্ৰকাশ পায় ।

৬) সৃজন ক্ষমতাৰ পৰিসৰ স্বাভাৱিকতেই বহল আৰু ব্যাপক ।

৭) সৃজন ক্ষমতা তথা সৃজনশীল আচৰণ কোনো বিশেষ বিষয় বা পন্থাতে সীমাৱদ্ধ হৈ নাথাকে।

৮) সৃজন ক্ষমতাই ব্যক্তিক আত্মবিশ্বাসী কৰি তোলে ।

৯) সৃজন ক্ষমতাই ব্যক্তিগত গতানুগতিকতা আৰু অন্ধ অনুকৰণৰ পৰা আঁতৰাই ৰাখে আৰু চিন্তা, ক্ৰিয়া মুক্ততা, নমনীয়তা আৰু গতিশীলতাৰ ভাব গ্ৰহণত সহায় কৰে ।

১০) সৃজন ক্ষমতাই সামাজিক সমস্যা সমাধান কৰি সমাজৰ তথা দেশক উন্নতি আৰু প্ৰগতিৰ  পথত আগুৱাই যোৱাত সহায় কৰে ।

১১) সৃজন ক্ষমতা থকা ব্যক্তিয়ে জীৱনৰ বিভিন্ন ক্ষেত্ৰত আৰু বিভিন্ন পৰিস্থিতিত আনৰ সহায়  নোলোৱাকৈ স্বতন্ত্ৰভাৱে চিন্তা কৰিব পাৰে ।

প্ৰশ্নঃ 16. অনগ্ৰসৰ শিশুৰ সাধাৰণ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।

উত্তৰঃ অনগ্ৰসৰ শিশুক চিনি পাবৰ বাবে তলৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল ।

১) অনগ্ৰসৰ বা ধীৰ গতিৰ শিশুৰ বুদ্ধিৰ পৰিমাণ মিজৰ বয়সৰ শিশুৰ বুদ্ধিৰ পৰিমাণতকৈ বহু  কম হয় ।

২) এনে শিশু সমবয়সৰ শিশুৰ তুলনাত অপৰিপক্ক হয় ।

৩) এইসকল শিশুৰ শিক্ষাৰ অগ্ৰগতি মন্থৰ হয় ।

৪) এওঁলোকে শৈক্ষিক আৰু বৌদ্ধিক ক্ৰিয়াত সদায় অক্ষমতা অনুভৱ কৰে আৰু অকৃতকাৰ্য হয় ।

৫) এনে শিশুৱে মানসিকভাৱে নীচাত্মিকাত ভোগে বাবেই মনত আত্ম-বিশ্বাসৰ অভাৱ পৰিলক্ষিত হয়৬) ধীৰ গতিৰ শিশুৰ স্মৃতিশক্তি দুৰ্বল হয় আৰু যৌক্তিক যুক্তি প্ৰয়োগ কৰাত এওঁলোকে অক্ষমতা দেখুৱায় ।

৭) এনে শিশুৰ দৈহিক যোগ্যতা আৰু উপযুক্ততা থাকে । সেয়ে এওঁলোকে খেলা-ধূলা আৰু শাৰীৰিক পৰিশ্ৰমৰ প্ৰতিহে বেছি আগ্ৰহী হয় ।

৮) এনে শিশু শব্দ-সংখ্যা আৰু চিহ্ন  প্ৰয়োগৰ ক্ষেত্ৰত অত্যন্ত দুৰ্বল হয় ।

৯) এনে শিশুৱে একেটা দিশতে বহু সময় মনোযোগ দিব নোৱাৰে ।

১০) এওঁলোকে সঘনে শিক্ষকৰ কটু সমালোচনা, শাস্তি আৰু নিৰুৎসাহজনক মন্তব্য সহ্য  কৰিবলগীয়া হয় ।

১১) এনে শিশুৱে উচ্চশিক্ষাৰ বাবে নিজকে অনুপযুক্ত বুলি ভাবি ভৱিষ্যৎ জীৱনৰ বাবে নিৰাশাবাদী আৰু উদ্দেশ্য বিহীন হৈ উঠে ।

১২) একেটা শ্ৰেণীতে এওঁলোক একাধিকবাৰ থাকিবলগীয়া হয় বাবে এওঁলোকে অপসমাযোজিত অনুভৱ কৰে ।

প্ৰশ্নঃ 17. শিশুৰ অনগ্ৰসৰতা বা ধীৰ গতিৰ কাৰণসমূহ কি কি ?

উত্তৰঃ শৈক্ষিক, সামাজিক, মানসিক আৰু ঘৰুৱা পৰিৱেশ কেনেকৈ অনগ্ৰসৰতা কাৰণ হ’ব পাৰে তাৰ এক চমু আভাস দাঙি ধৰা হ’ল-

১) শৈক্ষিক পৰিৱেশ (Educational Environment): শিশুক এনগ্ৰসৰ তথা ধীৰ গতিৰ ৰূপত গঢ়ি  তোলাত উপযুক্ত শিক্ষানুষ্ঠানৰ অভাৱ, উপযুক্ত, পৰিমাণৰ আৰু প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ, ত্ৰুটীপূৰ্ণ আৰু গতানুগতিক পৰীক্ষা ব্যৱস্থা, উপযুক্ত শৈক্ষিক সা-সুবিধাৰ অভাৱ, ত্ৰুটীপূৰ্ণ পাঠ্যক্ৰম, শিক্ষাদান পদ্ধতি, শিক্ষানুষ্ঠানৰ অনুশাসনহীনতা, শিক্ষকৰ পক্ষপাতিতা, লঘু দোষত গুৰুত্বৰ শাস্তি আদি দোষমুক্ত শৈক্ষিক পৰিৱেশে যথেষ্ট সহায় কৰে । এনে অবাঞ্জিত শৈক্ষিক পৰিৱেশে বংশগতভাৱে শিশু কিছু প্ৰতিভাৰ অধিৰাকী হ’লেও তেওঁলোকৰ প্ৰতিভাৰ বিকাশত ইন্ধন যোগাব নোৱাৰে ।

২) সামাজিক (Social Environment): শিশু জন্মগ্ৰহণ কৰাৰ পিছৰ পৰা যিখন সমাজত থাকি  ডাঙৰ-দীঘল হয় সেই সমাজখন শিক্ষা সংস্কৃতিৰ ক্ষেত্ৰত পিছপৰা হ’লেও শিশুৰ অগ্ৰগতি পিছ পৰি ৰোৱাৰ সম্ভাৱনা থাকে । তদুপৰি কাজিয়া-পেচাল, ৰাগিয়াল বস্তু সেৱন আৰু অন্যান্য অসমাজিক কাৰ্যত লিপ্ত থকা লোকৰে মাজত বসবাস কৰিলে শিশুৰ চিন্তা-চৰ্তাত অসুস্থ প্ৰভাৱ পৰে, ফলত শিশুৱে সেই অসামাজিক কথাৰ প্ৰতিহে গুৰুত্ব আৰোপ কৰে আৰু শৈক্ষিক দিশত পিছ পৰি ৰয় ।

৩) মানসিক পৰিৱেশ (Mental Environment): মানসিক সুস্থতাৰ ওপৰতহে শিশুৰবুদ্ধি-বৃত্তিৰ    বিকাশ তথা সু-চিন্তা-চৰ্চাৰ পৰিৱেশ গঢ়ি উঠে । সুস্থ মানসিক অৱস্থাইহে শিশুৰ প্ৰতিভাৰ বিকাশ ঘটাই সুস্থ মানসিকতাৰ তথা সুস্থ ব্যক্তিত্বৰ অধিৰাকী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে । সেয়ে শিশুৰ মানসিক সুস্থ পৰিৱেশ গঢ়ি তুলিবৰ বাবে খোৱা, পিন্ধা, ফুৰা-চকা আদিও সুষম তথা সুস্থ হ’ব লাগে । 

৪) ঘৰুৱা পৰিৱেশঃ ঘৰুৱা পৰিৱেশত শিক্ষাৰ প্ৰতি পিতৃ-মাতৃৰ অমনোযোগিতা, দৰিদ্ৰ অৱস্থা, হাই-কাজিয়া, অস্বাস্থ্যকৰ জীৱন নিৰ্বাহ প্ৰণালী, অন্ধবিশ্বাস ইত্যাদিয়ে শিশুৰ সম্ভাৱনীয়তাৰ বিকাশত বাধাৰ সৃষ্টি হয়, ফলত এওঁলোকৰ অনগ্ৰসৰতা বাঢ়ি যোৱাৰ সম্ভাৱনীয়তা বেছি হয় ।

প্ৰশ্নঃ 18. অনগ্ৰসৰ শিশুৰ প্ৰধান সমস্যাসমূহ ব্যাখ্যা কৰা ।

উত্তৰঃ অনগ্ৰসৰ তথা ধীৰ গতিৰ শিশুসকলে বহু সমস্যাৰ সন্মুখীন হয় । সেইসমূহ হৈছে –

১) অনগ্ৰহৰ শিশুৱে নিয়মিত শ্ৰেণীৰ পৰিৱেশত সমাযোজন কৰাত সমস্যাৰ সন্মুখীন হয় । এওঁলোকে শ্ৰেণীত দিয়া শিকনীয় কৰ্মবোৰ সমাধান কৰিব পৰাকৈ বুজি পাবলৈ সক্ষম নহয় ।  সেয়ে সেইবোৰ তেওঁলোকৰ বাবে অধিক জটিল হৈ উঠে ।

২) এনে শিশুৱে শিক্ষকৰ পৰা যথোপযুক্ত উৎসাহ-উদ্দীপনাৰ পৰা বঞ্চিত হয় । সেই বাবে এওঁলোকে শিক্ষাৰ প্ৰতি অভিৰুচিত নহয় আৰু নিৰাশা আৰু হতাশা ভোগে ।

৩) এনে শিশুৱে একেটা শ্ৰেণীতে একাধিকবাৰ থাবিবলগীয়া হোৱাৰ বাবে ভৱিষ্যতে শিক্ষা আহৰণ কৰিব পাৰিব বুলি আত্ম-বিশ্বাস আনিব নোৱাৰে । এনে শিশুৱে কোনো নতুন কাৰ্য বা সমস্যা সমাধান কৰাৰ বা যোগ্যতাৰ অভাৱ আৰু আত্ম-বিশ্বাসৰ অভাৱ অনুভৱ কৰে; ফলত অকৃতকাৰ্য হয় ।

৪) বিদ্যালয়ে এনে শিশুৰ বাবে অভিপ্ৰেৰণা যোগাব পৰা কামৰ যোগান নধৰাৰ ফলত তেওঁলোকে বিদ্যালয় আৰু সমাজৰ প্ৰতি এক ঘৃণা আৰু বিতৃষ্ণাৰ ভাব পোষণ কৰি উঠে ।

প্ৰশ্নঃ 19. অনগ্ৰসৰ বা ধীৰগতিৰ শিশুৰ ক্ষেত্ৰত নিৰ্দেশনা আৰু পৰামৰ্শৰ ভূমিকা কি কি ?

উত্তৰঃ ১) অনগ্ৰসৰ বা ধীৰগতিৰ শিশুৰ অনগ্ৰসৰতাৰ মূল কাৰণ নিৰ্ণয় কৰি তেনে অনগ্ৰসৰতা বা দুৰ্বলতা গুচাবৰ বাবে ব্যৱস্থা ল’ব লাগে । এনে শিশুৰ শিক্ষা অগ্ৰগতিক উন্নত মানৰ শিশুৰ লগত তুলনা কৰিব নালাগে ।

২) প্ৰত্যেক শিক্ষানুষ্ঠানৰ লগত একোটা মনোবৈজ্ঞানিক নিদান সন্নিৱিষ্ট কৰি শিশুৰ শাৰীৰিক আৰু মানসিক অসুবিধাসমূহ আঁতৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

৩) অনগ্ৰসৰ শিশু তথা শিক্ষাৰ্থীৰ প্ৰত্যেকৰে শিক্ষা আহৰণৰ ক্ষেত্ৰত থকা অসুবিধাৰ প্ৰকৃত  বুজি আৰু এওঁলোকৰ ব্যক্তিগত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষক-শিক্ষয়িত্ৰীয়ে আধুনিক মনোবিজ্ঞান ভিত্তিক পদ্ধতিৰে শিক্ষা দি এনে শিশুৰ মানসিক উৎকৰ্ষ সাধনৰ ব্যৱস্থা কৰিব লাগে ।

৪) এনে শিক্ষাৰ্থীৰ কাৰণে সুকীয়া বিদ্যালয় স্থাপন কৰাৰ পৰিৱৰ্তে শিক্ষাদানৰ বাবে বেলেগ  বেলেগ শ্ৰেণী গঠন কৰিব লাগে । শিক্ষাদামৰ অহিলা হিচাপে শিক্ষক-শিক্ষয়িত্ৰীয়ে যিমান পাৰে মূৰ্ত বস্তু ব্যৱহাৰ কৰিব লাগে ।

৫) শিশুসকলৰ অনগ্ৰসৰতা দূৰ কৰিবৰ বাবে তেওঁলোক স্বাৱলম্বী নোহোৱা পৰ্যন্ত মাক-দেউতাক, অভিভাৱক আৰু সামৰ্থ অনুযায়ী গৃহ শিক্ষক নিয়োগ কৰি ব্যক্তিগত তত্ত্বাৱধানত ৰাখিব লাগে ।

৬) এনে শিশুক শিক্ষা দিবৰ বাবে শিক্ষকসকল যথেষ্ট ধৈৰ্যশীল আৰু সহানুভূতিশীল হ’ব লাগে । শ্ৰেণীকোঠাত তেওঁলোকে এনে শিশুৰ প্ৰতি ব্যক্তিগত মনোযোগ দিব লাগে ।

৭) অনগ্ৰসৰ শিশুসকলক শিক্ষক শিক্ষয়িত্ৰী অৱহেলা কৰিব নালাগে, তেওঁলোকে কৰা কামৰ  প্ৰতি হতাশা বা অসন্তুষ্টি প্ৰকাশ কৰিব নালাগে । ইয়াৰ পৰিৱৰ্তে এওঁলোকক নিজ কামৰ জৰিয়তে এওঁলোক যে দুৰ্বল সেই কথা উপলব্ধি কৰিবলৈ দিব লাগে । শিক্ষক-শিক্ষয়িত্ৰীয়ে পাৰ্যমানে এনে শিশুৰ মনত আত্ম-বিশ্বাসৰ ভাব জগাই তুলিবলৈ চেষ্টা কৰিব লাগে ।

৮) এনে শিশুৰ বাবে পাঠ্যক্ৰমৰ বিষয়সমূহ নিৰ্বাচনত অনমনীয়তাৰ নীতি গ্ৰহণ কৰিব লাগে ।

৯) মনৰ হীনাত্মিকাৰ ভাব আঁতৰ কৰিবৰ বাবে শিক্ষকে এওঁলোকক দলগত ক্ৰিয়া আৰু খেলা- ধূলাত অংশ গ্ৰহণৰ প্ৰতি উৎসাহী কৰি তুলিব লাগে ।

১০) এনে শিশুৰ শিক্ষা দীঘলীয়া হ’ব নালাগে আৰু আনুষ্ঠানিক শিক্ষাৰ শেষত কৰ্ম নিযুক্ত লাভ  কৰিব পৰাকৈ শিক্ষা প্ৰদান ব্যৱস্থা কৰিব লাগে । 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top