Guidance And Counselling Unit 2 পৰামৰ্শদান

Guidance And Counselling Unit 2 পৰামৰ্শদান Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Guidance And Counselling Unit 2 পৰামৰ্শদান to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Guidance And Counselling Unit 2 পৰামৰ্শদান Question Answer can be of great value to excel in the examination.

Guidance And Counselling Unit 2 পৰামৰ্শদান

Join Telegram channel

Guidance And Counselling Unit 2 পৰামৰ্শদান Notes cover all the exercise questions in UGC Syllabus. The Guidance And Counselling Unit 2 পৰামৰ্শদান provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Counselling

EDUCATION

GUIDANCE AND COUNSELLING

নিৰ্দেশনা আৰু পৰামৰ্শদান

Very Short Question Answer:

প্ৰশ্নঃ 1. পৰামৰ্শদানৰ অৰ্থ কি ?

উত্তৰঃ কোৱো ব্যক্তিক তেওণৰ স্বস্থ্যজনিত আৰু আৱেগিক সমস্যা সমাধানৰ বাবে পৰামৰ্শদাতাই  ব্যক্তিগতভাৱে আগবঢ়োৱা প্ৰয়োজনীয় পৰামৰ্শকে পৰামৰ্শদান বুলি কোৱা হয় । পৰামৰ্শদান হৈছে  এক ব্যক্তিগত প্ৰক্ৰিয়া । ই হৈছে দুজন ব্যক্তিৰ মাজত হোৱা আলোচনা আৰু মনোভাব বা দৃষ্টিভংগী বিনিময়ৰ প্ৰক্ৰিয়া, যʼত এজনে আনজনক প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াই তেওঁৰ সমস্যা সমাধান কৰা তথা আচৰণৰ পৰিৱৰিতন আৰু সংশোধন সাধনত সহায় কৰে । পৰামৰ্শদান মানসিক, স্বাস্থ্যজনিত সমস্যা আৰু আৱেগিক সমস্যাৰ লগত জড়িত ।

প্ৰশ্নঃ 2. পৰামৰ্শদানৰ দুটা সংজ্ঞা দিয়া ?

উত্তৰঃ পৰামৰ্শদান সম্পৰ্কত বহুতো পণ্ডিতে বহু সংজ্ঞা আগবঢ়াইছে- 

Webster’s Dictionary-ৰ মতে, “পৰামৰ্শদান হৈছে পৰামৰ্শ গ্ৰহণ মতামতৰ পাৰস্পৰিক বিনিময় আৰু একেলগে কৰা আলোচনা (Counselling means consultation, mutual interchange of opinion, deliberating together.)

ৰোথ ষ্ট্ৰং (Ruth Strong)ৰ মতে, “ পৰামৰ্শ দান এক মুখামুখি সম্পৰ্কত যʼত পৰামৰ্শদানকাৰী আৰু পৰামৰ্শ গ্ৰহণকাৰী দুয়োজনৰে উন্নতি সাধিত হয়” ।

প্ৰশ্নঃ 3. পৰামৰ্শদানৰ এটা উপাদান দাঙি ধৰা ?

উত্তৰঃ পৰামৰ্শদানৰ প্ৰধান উপাদানবোৰ হৈছে-

(১) পৰামৰ্শদান এক দ্বি-পাক্ষিক প্ৰক্ৰিয়া । ইয়াত দুজন ব্যক্তি থাকে । এজন হৈছে সমস্যাৰ  সন্মুখীন হোৱা ব্যক্তি যিজনে সহায় বা পৰামৰ্শ বিচাৰে অৰ্থাৎ পৰামৰ্শ গ্ৰহণকাৰী ব্যক্তি আৰু আনজন হʼল ব্যৱহাৰিক প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তি যিজনে প্ৰথমজনক সহায় বা পৰামৰ্শ  আগবঢ়ায় অৰ্থাৎ পৰামৰ্শদাতা ।

প্ৰশ্নঃ 4. পৰামৰ্শদানৰ এটা প্ৰকৃতি উল্লেখ কৰা ?

উত্তৰঃ পৰামৰ্শদানৰ প্ৰকৃতিবোৰ হৈছে-

(১) পৰামৰ্শদান দুজন ব্যক্তিক কেন্দ্ৰ কৰি হোৱা এক পাৰস্পৰিক প্ৰক্ৰিয়া । প্ৰথমজন নিৰ্দিষ্ট উদ্দেশ্য জড়িত ব্যক্তি, যি এই উদ্দেশ্যত উপনীত হ’বলৈ আনজন হৈছে এনে এগৰাকী  ব্যক্তি (পৰামৰ্শদাতা) যিগৰাকীয়ে বিশেষ জ্ঞান বা অভিজ্ঞতাৰে প্ৰথমজনক উদ্দেশ্য উপনীত হোৱাত সহায় কৰিব ।

প্ৰশ্নঃ 5. পৰামৰ্শদানৰ দুটা পৰিসৰ উল্লেখ কৰা ।

উত্তৰঃ পৰামৰ্শদানৰ পৰিসৰে সামৰি লোৱা দিশবোৰ হৈছে –

(১) ব্যক্তিগত প্ৰয়োজন আৰু সমস্যাবোৰ ।

(২) শৈক্ষিক প্ৰয়োজন আৰু সমস্যাবোৰ ।

প্ৰশ্নঃ 6. উত্তম পৰামৰ্শদান প্ৰক্ৰিয়াৰ এটা বৈশিষ্ট্য দাঙি ধৰা ।

উত্তৰঃ (১) উত্তম পৰামৰ্শদান পৰামৰ্শদাতা আৰু পৰামৰ্শ গ্ৰহণকাৰীৰ মাজত পূৰ্ণ সহযোগিতাৰ  মাধ্যমেৰে সম্পন্ন হয় ।

প্ৰশ্নঃ 7. পৰামৰ্শদানৰ প্ৰয়োজনীয়তা দুটা দাঙি ধৰা ।

উত্তৰঃ(১)পৰামৰ্শগ্ৰহণকাৰীৰ বিভিন্নধৰণৰ মনোবৈজ্ঞানিক সমস্যাবিলাক সমাধান কৰিবৰ বাবে ।

(২) পৰামৰ্শ গ্ৰহণকাৰীক সমাজ আৰু বিদ্যালয় পৰিবেশৰ লগত সুস্থভাৱে সমাযোজন কৰাত  সহায় কৰিবৰ বাবে ।

প্ৰশ্নঃ 8. পৰামৰ্শদানৰ প্ৰকাৰসমূহ কি কি ?

উত্তৰঃ (১) প্ৰত্যেক্ষ পৰামৰ্শদান ।

(২) পৰোক্ষ পৰামৰ্শদান ।

(৩) উদাৰ পৰামৰ্শদান ।

প্ৰশ্নঃ 9. সমাযোজনৰ অৰ্থ কি ?

উত্তৰঃ জীৱই জীয়াই থাকিবৰ বাবে তথা জীয়াই থকাৰ বাবে হোৱা প্ৰয়োজনে নিজ নিজ পৰিৱেশত পৰিৱেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কম-বেছি পৰিমণে এৰা ধৰাৰ মাজেৰে নিজৰ স্থিতিক ৰক্ষা কৰি খাপ খুৱাই লবলৈ শিকায় । এইদৰে সকলো লোকেই সন্মুখীন হʼবলগীয়া আৰু গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাটোকে সমাযোজন বোলা হয় । সমাযোজনৰ অৰ্থ সম্পৰ্কত জীৱবিজ্ঞানীসকলে মত পোষণ কৰে যে “যিকোনো প্ৰাণীয়ে নিজৰ দেহৰ গঠন, কাৰ্যপ্ৰণালী, অংগ আৰু কাষৰ পৰিৱৰ্তন সাধি পৰিৱেশৰ লগত মিলি থকা প্ৰক্ৰিয়াকে সমাযোজন বুলি কোৱা হয় ।

প্ৰশ্নঃ 10. সমাযোজনৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ সমাযোজন প্ৰক্ৰিয়াৰ স্বৰুপক প্ৰকাশ কৰিবৰ বাবে তলৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰিব পাৰি ।

(১) সমাযোজন এক মনোদৈহিক আৰু মনোবৈজ্ঞানিক প্ৰক্ৰিয়া ।

(২) সমাযোজন এক গতিশীল প্ৰক্ৰিয়া ।

প্ৰশ্নঃ 11. সমাযোজন আৰু অপসমাযোজনৰ মাজৰ দুটা পাৰ্থক্য উল্লেখ কৰা ।

উত্তৰঃ সমাযোজন আৰু অপসমাযোজনৰ মাজত গুণগত পাৰ্থক্য পৰিলক্ষিত হয় ।

এই দুয়োটাৰে মাজত থকা পাৰ্থক্যসমূহ হʼল-

(১) সমাযোজন হৈছে পৰিৱেশৰ লগত সুস্থভাৱে খাপ, খোৱা কাৰ্য, আনহাতে অপসমাযোজন  হৈছে পৰিৱেশৰ লগত অসুস্থভাৱে খাপ খোৱা কাৰ্য ।

(২) সুস্থ সমাযোজন সমাজৰ দ্বাৰা স্বকৃত, গ্ৰহণযোগ্য আৰু অনুমোদিত; কিন্তু অপসমাযোজন সমাজৰ দ্বাৰা স্বীকৃত, গ্ৰহণযোগ্য আৰু অনুমোদিত নহয় ।

প্ৰশ্নঃ 12. অপসমাযোজন এটা কাৰণ দাঙি ধৰা ?

উত্তৰঃ সাধাৰণতে চাহিদাৰ অতৃপ্তিৰ বাবে অপসমাযোজন বা সৃষ্টি হয় যদিও মনোবিজ্ঞানসকলে ব্যক্তি তথা শিশুৰ অপসমাযোজন বিভিন্ন কাৰণৰ প্ৰিপ্ৰেক্ষিতত হʼব পাৰে বুলি মত পোষণ কৰিছে । তলত অপসমাযোজনৰ কাৰণসমূহ আলোচনা কৰা হʼল-

(১) নিৰাপত্তাৰ অভাৱবোধঃ কোনো বিশেষ চাহিদাৰ পৰিতৃপ্তি বিচাৰি যদি ব্যক্তিয়ে বাধাপ্ৰাপ্ত হয় আৰু যদি তেওঁৰ চাহিদা পূৰণত অন্য ব্যক্তি বা পৰিৱেশ অন্তৰায় ৰূপে থিয় দি  আছে বুলি ভাবে তেনে হʼলে ব্যক্তিৰ মনত অভাৱবোধে দেখা দিয়ে । ইয়াৰ পৰাই তেওঁ ভাবিবলৈ লয় যে তেওঁ সকলোৰে বাবে অবাঞ্ছিত আৰু সকলোৰে অৱহেলিত হৈ পৰিছে । এনেধৰণৰ নিৰাপত্তাৰ অভাৱবোধত ভোগা ব্যক্তিয়ে নানা ধৰণৰ অসামঞ্জস্যমূলক আচৰণ কৰিবলৈ  লয় ।

প্ৰশ্নঃ 13. সমাযোজনৰ বাবে এটা পৰামৰ্শদান কৰা ।

উত্তৰঃ (১) শিক্ষাৰ্থীক যৌন সমস্যাৰ পৰা পাবৰ বাবে শিক্ষকে শুদ্ধ, সঠিক আৰু বিজ্ঞান ভিত্তিকভাৱে  যৌন-জীৱন আৰু জম্ন-ৰহস্যৰ জ্ঞান দিব লাগে । তদুপৰি যৌন সমস্যাৰ পৰা হাত সাৰিবৰ বাবে শিক্ষাৰ্থীক বিভিন্ন সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীত অংশ লʼবৰ বাবে উৎসাহ-উদ্দীপনা দিয়াৰ লগতে উপযুক্ত সহায়-সাহায্য আগবঢ়াব লাগে । অসুস্থ যৌন মনোভাৱে জীৱনৰ বাবে যে এক  ভয়বহ সমস্যা মাতি আনিব পাৰে সম্পৰ্কে তেওঁলোকৰ মনত এক স্পষ্ট ধাৰণা দিব ।

প্ৰশ্নঃ 14. দলগত বা দলীয় পৰামৰ্শদানৰ গুণ বা সুবিধাসমূহ কি কি ?

উত্তৰঃ (১) এনে পৰামৰ্শদান ব্যৱস্থাত কম শ্ৰম, কম অৰ্থ বা খৰচ আৰু কম সময়ৰ প্ৰয়োজন হয়। সেয়ে ইয়াক শিক্ষাৰ্থীক পৰামৰ্শদানৰ এক কম খৰচী পদ্ধতি বুলি কোৱা হয় ।

(২) এনে পৰামৰ্শদানে শিক্ষাৰ্থীৰ লগত পৰামৰ্শদাতাৰ মাজত সু-সম্পৰ্ক গঢ়ি তোলাত সহায় কৰে ।

(৩) এনে পৰামৰ্শদান সাধাৰণ শিক্ষাৰ্থী বা ব্যক্তিৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত বেছি উপযোগী ।

(৪) এনে পৰামৰ্শদান প্ৰক্ৰিয়াই সকলোৰে মাজত কম বেছি পৰিমাণ দেখা পোৱা সাধাৰণ সমস্যাবোৰৰ প্ৰতি শিক্ষাৰ্থী বা ব্যক্তিৰ মনোভাৱৰ পৰিৱৰ্তন আৰু আচৰণৰ উন্নতি সাধন কৰাত সহায় কৰে ।

(৫) এনে পৰামৰ্শদানে শিক্ষাৰ্থী তথা ব্যক্তিৰ প্ৰজ্ঞানাত্মক দিশৰ বিকাশ সাধনত সহায় কৰে ।

(৬) এনে ব্যৱস্থাপনাত শিক্ষাৰ্থী বা ব্যক্তিয়ে নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰা আৰু বাস্তৱসন্মতভাৱে ব্যাখ্যা কৰাত সহায় কৰে ।

(৭) এনে পৰামৰ্শদানৰ জৰিয়তে অকলশৰীযাকৈ থকা শিক্ষাৰ্থীক সামাজিক কৰি তোলাত সহায়  কৰে।

(৮) এনে পৰিমাপনত শিক্ষাৰ্থীক দলৰ মাজত অধ্যয়ন কৰাৰ লগতে তেওঁলোকৰ সামাজিক দৃষ্টিভংগী আৰু আচৰণ সম্পৰ্কে অধ্যয়ন কৰিব পাৰি ।

প্ৰশ্নঃ 15. প্ৰত্যেক্ষ পৰামৰ্শদানৰ সুবিধাসূহ কি কি?

উত্তৰঃ প্ৰত্যেক্ষ পৰামৰ্শদানৰ সুবিধাঃ

(১) পৰামৰ্শদানৰ সুবিধাবোৰ নিম্নলিখিত ধৰণৰ; যেনে- ক্ষেত্ৰত ই এক মিতব্যয়ী ।

(২) ই সমস্যাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰে, ব্যক্তিৰ ওপৰত নহয় । ইয়াত পৰামৰ্শদাতাই  পৰামৰ্শ গ্ৰহণকাৰী বা শিক্ষাৰ্থীক ব্যক্তিগতভাৱে লক্ষ্য কৰাতকৈ তেওঁক বস্তনিষ্ঠাভাৱেহে লক্ষ্য কৰে ।

(৩) ব্যক্তিৰ ব্যক্তিত্বৰ আৱেগিক দিশটোতকৈ বৌদ্ধিক দিশটোৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয় । ইয়াত পৰামৰ্শ গ্ৰহণকাৰী বা শিক্ষাৰ্থীক সমস্যাবোৰ বৌদ্ধিক পৰ্যায়ত বা বৌদ্ধিক চিন্তাৰে সমাধান কৰাত সহায় কৰা হয়, আৱেগিকভাৱে নহয় ।

(৪) ইয়াত প্ৰত্যেক্ষ, প্ৰবৃত্তিমূলক বা আনন্দদায়ক আৰু ব্যাখ্যাকৰণ পদ্ধতি ব্যৱহাৰ কৰা হয় ।

প্ৰশ্নঃ 16. প্ৰত্যেক পৰামৰ্শদানৰ অসুবিধাসমূহ কি কি ?

উত্তৰঃ প্ৰত্যেক পৰামৰ্শদানৰ অসুবিধাবো তলত উল্লেখ কৰা ধৰণৰ যেনে-

(১) ইয়াত শিক্ষাৰ্থী বা পৰামৰ্শ গ্ৰহণকাৰীয়ে পৰামৰ্শদানৰ দ্বাৰা আত্ম-বিশ্লেষণ বা নতুন সমস্যা সমাধান কৰা কোনো যোগ্যতা আহৰণ কৰিবলৈ সক্ষম নহয় ।

(২) পৰামৰ্শদান ব্যৱস্থাত শিক্ষাৰ্থী বা পৰামৰ্শ গ্ৰহণকাৰী পৰামৰ্শদাতাৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰে । তেওঁলোকে পৰামৰ্শদাতাৰ পৰা কেতিয়াও স্বাধীন হʼব নোৱাৰে ।

(৩) ইয়াৰ দ্বাৰা আৱেগিক অপসমাযোজনীয় সমস্যাবোৰ সমাধান কৰিব নোৱাৰি ।

(৪) ইয়াৰ দ্বাৰা বহু সময়ত পৰামৰ্শ গ্ৰহণকাৰী বা শিক্ষাৰ্থী সম্পৰ্কত প্ৰকৃত তথ্য সংগ্ৰহৰ অভাৱত ভূল পৰামৰ্শ দান কৰাৰ সম্ভাৱনা থাকে ।

(৫) প্ৰত্যেক্ষ পৰামৰ্শ প্ৰদান কৰাৰ পিছত ভৱিষ্যতে শিক্ষাৰ্থীয়ে বা পৰামৰ্শ গ্ৰহণকাৰীযে যে ভূল কৰিব তাৰ নিশ্চিতি প্ৰদান কৰিব নোৱাৰি।

প্ৰশ্নঃ 17. পৰোক্ষ পৰামৰ্শদানৰ সুবিধাসমূহ কি কি ?

উত্তৰঃ পৰোক্ষ পৰামৰ্শদানৰ সুবিধাবোৰ হৈছে-

(১) ইপৰামৰ্শ গ্ৰহণকাৰী বা শিক্ষাৰ্থীক সমাযোজন স্থাপনৰ বাবে সক্ষম কৰি তোলাৰ এক নিশ্চিত প্ৰক্ৰিয়া ।

(২) ইয়াত কোনোধৰণৰ পৰীক্ষা বা অভীক্ষা লোৱাৰ ব্যৱস্থা নাই বাবে ইয়াত ক্ৰুটী হোৱাৰ সম্ভাৱনা নাথাকে ।

(৩) ই আৱেগিক বাধা নাইকিয়া কৰে আৰি ই ব্যক্তিক উদ্বেগমুক্ত কৰাত আৰু অৱদমিত চিন্তা-ভাৱনাক সচেতনতাৰ পৰ্যায়লৈ অনাত সহায় কৰে।

প্ৰশ্নঃ 18. পৰোক্ষ পৰামৰ্শদানৰ অসুবিধাসমূহ কি কি?

উত্তৰঃ (১) ই লেহেমীয়া আৰু সময় খৰচী প্ৰক্ৰিয়া ।

(২) ইয়াৰ জৰিয়তে বিদ্যালয়ত বহু শিক্ষাৰ্থীৰ প্ৰতি মনোযোগ দিয়া বা বহু শিক্ষাৰ্থীক পৰামৰ্শদান কৰাটো সম্ভৱ নহয় ।

(৩) যদি শিশু বা শিক্ষাৰ্থী বা পৰামৰ্শ গ্ৰহণকাৰী নিজে সিদ্ধন্ত গ্ৰহণ কৰিব পৰাকৈ পৰিপক্ক নহয়, তেনেক্ষেত্ৰত তেওঁলোকক বিচাৰ কৰাৰ ক্ষেত্ৰত আৰু পৰামৰ্শদানৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয় ।

(৪) ইয়াত পৰামৰ্শদাতাৰ নেতিবাচক দৃষ্টিভংগীয়ে পৰামৰ্শ গ্ৰহণকাৰীক অস্বস্তিত পেলাব পাৰে। ফলত তেওঁ নিজৰ আৱেগ-অনুভূতি মুক্তভাৱে প্ৰকাশ কৰিবলৈ শংকা কৰাৰ সম্ভাৱনাই  বেছি ।

Essay Type Question Answer:

প্ৰশ্নঃ 1. বিভিন্ন পণ্ডিতে আগবঢ়োৱা পৰামৰ্শদানৰ সংজ্ঞাসমূহ উল্লেখ কৰা ?

উত্তৰঃ পৰামৰ্শদান সম্পৰ্কত বহুতো পণ্ডিতে বহু সংজ্ঞা আগবঢ়াইছে-

Websters Dictionary-ৰ মতে,”পৰামৰ্শদান হৈছে পৰামৰ্শ গ্ৰহণ মতামতৰ পাৰস্পৰিক বিনিয়ম আৰু একেলগে কৰা আলোচনা (Counselling means consultation, mutual interchange of opinion, deliberating together.)

ৰোথ ষ্ট্ৰং (Ruth Strong)ৰ মতে, “পৰামৰ্শ দান হৈছে এক মুখামুখি সম্পৰ্কত যʼত  পৰামৰ্শদানকাৰী আৰু পৰামৰ্শ গ্ৰহণকাৰী দুয়োজনৰে উন্নতি সাধিত হয়” । (Counselling is a face-to-face relationship on which growth takes place in the counselor as well as the counselee.)

কাৰ্ল ৰজাৰছ্ (Car Rogers) ৰ মতে, “পৰামৰ্শদান হৈছে ব্যক্তিৰ সৈতে থকা এলানি প্ৰত্যেক্ষ সম্পৰ্ক যাৰ উদ্দেশ্য হৈছে ব্যক্তিত তেওঁৰ মনোভাব আৰু আচৰণৰ পৰিৱৰিতন সাধনত  সহায় কৰা” (Counselling is a series of direct contact with the individual which aim to offer him assistance in changing his attitudes and behaviours.)

গ্লেন এফ স্মিথ্ (Glenn F. Smith)ৰ মতে,“পৰামৰ্শদান হৈছে এৰ প্ৰক্ৰিয়া যʼত পৰামৰ্শদানকাৰীয়ে পৰামৰ্শদ গ্ৰহণকাৰীক তেওঁৰ পছন্দ, পৰিকল্পনা বা সমাযোজন আদিৰ লগত  সম্পৰ্ক থকা বিষয়বোৰ ব্যাখ্যা কৰাৰ ক্ষেত্ৰত প্ৰয়োজন অনুযায়ী সহায় আগবঢ়ায় ।  (Cunselling is essentially a process in which the counselor assists the counselee  to make interpretations of facts relating to a choice, plan or adjustment which he needs to make). ৰ

বিনছনৰ (Robinson)ৰ মতে, “ পৰামৰ্শদান শব্দটোৱে দুজন ব্যক্তিৰ সকলো প্ৰকাৰৰ  পৰিস্থিতিক সামৰি লয়, য’ত এজন ব্যক্তি, মক্কেল বা গ্ৰাহক ব্যক্তি (Client)ক নিজৰ আৰু তেওঁৰ পৰিৱেশৰ সৈতে অধিক সুন্দৰভাৱে সমাযোজন কৰাত সহায় কৰা হয় । (The term counseling covers all type of two persons situation in which one person, the client is helped to adjust more effectively to himself and his environment.)

মেয়ৰছ্ (Myers)ৰ মতে, “পৰামৰ্শদানে দুজন ব্যক্তিৰ মাজৰ সন্বন্ধক বুজায়, যʼত এজনে আনজনক কিছুমান বিশেষ সহায় আগবঢ়ায় । (Counselling implies a relationship between two individuals in which one gives a certain kind of assistance to the other.)

ছষ্ট্ৰম্ (Shostrom) আৰু ব্ৰামাৰ (Brammer)এ তেওঁলোকৰ গ্ৰন্থ ‘The Dynamics of the counseling process’ (1962)ত কৈছে, “পৰামৰ্শদান হৈছে এক আত্ম-সমাযোজন প্ৰক্ৰিয়া যিটোৱে মঙ্কেল বা গ্ৰাহক (Client)বা পৰামৰ্শ গ্ৰহণকাৰী ব্যক্তিক আত্ম-নিৰ্দেশিত আত্ম-দায়িত্ববোধ সম্পন্ন কৰি তোলাত সহায় কৰে” ।

হামফ্ৰি (Humphry) আৰু ট্ৰেক্সাৰ (Traxler)ৰ মতে, “পৰামৰ্শদান হৈছে ব্যক্তিৰ সমস্যাবোৰ সমাধানৰ বাবে বিদ্যালয় বা আন প্ৰতিষ্ঠানত ব্যক্তিগত সম্পদৰ প্ৰয়োগ বা ব্যৱহাৰ  (Counselling is the application of the personnel resources of the school or other institutions to the solution of the problem of the individuals.)

উইলি (Willy) আৰু এনড্ৰিউ (Andrew)ৰ মতে, “পৰামৰ্শদান হৈছে এক মানসিক শিকন প্ৰক্ৰিয়া । ই দুজন ব্যক্তিক অন্তৰ্ভুক্ত কৰে । এজনে সহায় বিচাৰে আৰু আনজন  ব্যৱহাৰিকভাৱে শিক্ষণপ্ৰাপ্ত ব্যক্তি যি এটা লক্ষ্যৰ প্ৰতি নিজকে প্ৰণোদিত আৰু নিৰ্দেশিত হোৱাত  প্ৰথমজনক সহায় কৰে, যিটোৱে তেওঁক তেওঁৰ পৰিৱেশত সৰ্বোত্তম বিকাশ আৰু বৃদ্ধিত সহায় কৰে । (Counselling is a mental learning process. it involves two individuals-one  seeking help and the other a professionally trained person helping the first to orient and direct himself towards a goal which leads to his maximum development and  growth in his environment.

উইলিয়ামছন (Williamson)ৰ মতে, “পৰামৰ্শদান হৈছে ব্যক্তিক বিদ্যালয়ৰ বিষয়বস্তু, গৰিকত্বৰ গুণাৱলী বা শিষ্টাচাৰ আৰু অন্যান্য অভ্যাস, কৌশল, মনোভাব আৰু বিশ্বাস  আয়ত্বকৰণত সহায় কৰা এক ব্যক্তিগতকৃত আৰু স্বতন্ত্ৰ প্ৰক্ৰিয়া যি একোজন ব্যক্তিক সাধাৰণভাৱে   সমাযোজন কৰিব পৰাকৈ গঢ়ি তোলে । পৰামৰ্শদানে পঢ়া আৰু সামাজিক সমাযোজন কৌশল নিৰ্মাণৰ জৰিয়তে শিকনৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰা ব্যক্তিৰ অক্ষমতাবোৰ সংশোধন বা নাইকীয়া কৰাত সহায় কৰে । (Counselling is a personalized and individualized process designed to aid the individual to learn school subject-matter, citizenship tacts and other habits,skills, attitudes and beliefs which go to make up a normally adjusted human beings. Counselling aids individuals to eliminate or to modify those disabilities  which act as obstacles to learning through the building up of basic skills, including  reading and social adjustment.)

হেৰিমেন্ (Harriman)ৰ মতে, “পৰামৰ্শদান হৈছে মনোৰোগ চিকিৎসা সম্বন্ধীয় সম্পৰ্কত যʼত এজন ব্যক্তিয়ে পৰামৰ্শদাতাৰ পৰা প্ৰত্যেক্ষ সহায় লাভ কৰে বা নেতিবাচক মনোভাবৰ পৰা মুক্তি পোৱাৰ সুবিধা পায় আৰু সেয়ে ব্যক্তিত্বত যোগাত্মক উন্নতিৰ পথ প্ৰশস্ত হয়” ।  (Counselling is the psychotherapeutic relationship in which an individual receives  direct help from an adviser or finds an Opportunity to release negative feelings and thus clear the way for positive growth in personality.)

টুলবাট (Tolbert) এ তেওঁৰ বিখ্যাত  গ্ৰন্থ  ‘Introduction to counselling’ ত উল্লেখ  কৰিছে, “পৰামৰ্শদান হৈছে দুজন ব্যক্তিৰ মাজত হোৱা মুখামুখি সম্পৰ্ক, যʼত পৰামৰ্শদাতাজনে এই সম্পৰ্কত সহায়ত আৰু তেওঁৰ বিশেষ যোগ্যতাৰে এক শিকন পৰিৱেশৰ সৃষ্টি কৰে, যʼত পৰামৰ্শ গ্ৰহণকাৰী এজন সাধাৰণ ব্যক্তিয়ে নিজকে জনা আৰু তেওঁৰ বৰ্তমান আৰু সম্ভাৱ্য ভৱিষ্যৎ পৰিস্থিতিৰ বিষয়ে বুলি পোৱাত সহায় কৰে, যাতে তেওঁ নিজৰ বৈশিষ্ট্য আৰু সামৰ্থখিনি এনেদৰে ব্যৱহাৰ কৰিব পাৰে যাৰ দ্বাৰা ব্যক্তিয়ে নিজেও সন্তুষ্টি লাভ কৰে আৰু সমাজে উপকৃত হয় আৰু ভৱিষ্যতৰ সমস্যা তথা প্ৰয়োজনসমূহ কেনেকৈ পূৰণ কৰিব পাৰি তাকো আয়ত্ব কৰে । (…….a personal, face-to-face relationship between two people, in which the counsellor, by means of the relationship and his special competencies, provides a learning situation in which the counselee, a normal sort of person, is helped to know himself and his present a possible future situation so that he can make use of his characteristics and potentialities in a way that is both satisfying himself and beneficial to society and future can  learn how to solve future problems and ……future needs.)

জেইমছ মিচেল, (James Michal) আৰু এন জে পেলেন্ (N.J. Pallan)ৰ মতে, পৰামৰ্শদান হৈছে দুজন ব্যক্তিৰ মাজৰ সম্পৰ্ক, যʼত এজনে আনজনক নিজকে সু-সংগঠিত  কৰাত সহায় কৰাৰ প্ৰয়াস কৰে, যাতে তেওঁ জীৱনৰ পৰিস্থিতিৰ লগত এক বিশেষ ধৰণৰ সুখজনক সমাযোজন কৰিব পাৰে বা আত্মবোধ লাভ কৰিব পাৰে । পৰামৰ্শদানে সদায়  আনুষ্ঠানিক বা অনানুষ্ঠানিক সাক্ষাৎকাৰৰ পৰিস্থিতিত দুজন ব্যক্তিৰ সন্বন্ধক ইয়াৰ অন্তৰ্ভুক্ত কৰে, এজন হʼল পৰামৰ্শ গ্ৰহণকাৰী আৰু এজন হৈছে পৰামৰ্শদানকাৰী (নিৰ্দেশনা কৰ্মী)” (Counselling is the relationship between two person in which one of theme attempt to assist the other in so organizing himself as to attain a particular form of happiness adjustment to a life situation or in sort, self-actualization. Counselling always involves workers in  a formal or an information interview situation.)

আৰবকল্ (Arbuckle)ৰ মতে, “Counselling is helping a person to come to see   who he really is, what he has and does not have, what he can do easily, What he can do with difficulty and what he probably cannot do at all……..(It) is a  close sharing of a human relationship with one who has for him a high regard, one who can offer him unconditional acceptance, but one who has no guarantees, on answers.”

হেন্ (Hann)ৰ আৰু মেকলেইন্ (Maclean)মতে “Counselling is a process which takes place in a one-to-one relationship between an individual troubled by personal problems by with which he has been unable to cope alone and a professional worker whose training and experience have qualified him to aid others to reach solutions to various types of personal difficulties.”

মিৰল্ এম অʼচিন্ (Merle M Ohlsen) ৰ মতে, “Counselling is an accepting, trusting and safe relationship in which clients learns to discuss openly what worries and upsets them, to define precise behavior goals, to acquire the essential social skills, and to develop the courage and self-confidence to implement desired  new behaviors.”

কেলি জে এ (Kelley J A)ৰ মতে, “Counselling is vitally related to learning. A sin learning we are concerned with the modification of behavior, so in counseling. The role of the counselor is to discover the dissatisfactions of the counselee and help him set up some goals and guide him through difficulties and problems.” 

প্ৰশ্নঃ 2. পৰামৰ্শদানৰ উপাদাসমূহ কি কি ?

উত্তৰঃ পৰামৰ্শদানৰ প্ৰধান উপাদানবোৰ হৈছে-

১) পৰামৰ্শদান এক দ্বি-পাক্ষিক প্ৰক্ৰিয়া । ইয়াত দুজন ব্যক্তি থাকে । এজন হৈছে সমস্যাৰ সন্মুখীন হোৱা ব্যক্তি যিজনে সহায় বা পৰামৰ্শ বিচাৰে অৰ্থাৎ পৰামৰ্শ গ্ৰহণকাৰী ব্যক্তি আৰু আনজন হʼল ব্যৱহাৰিক প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তি যিজনে প্ৰথমজনক সহায় বা পৰামৰ্শ আগবঢ়ায় অৰ্থাৎ পৰামৰ্শদাতা ।

২) পৰামৰ্শদান প্ৰক্ৰিয়াত পৰামৰ্শদাতা আৰু পৰামৰ্শ গ্ৰহণকাৰীৰ মাজত পাৰস্পৰিক সন্মানৰ সম্পৰ্কত গঢ়ি উঠে । ইয়াত পৰামৰ্শদাতাজনে বন্ধুত্বসুলভ সহযোগিতা আগবঢ়ায় আৰু পৰামৰ্শ গ্ৰহণ কৰোঁতাজনে তেওঁক সম্পূৰ্ণ বিস্ভাস লʼব লাগে ।

৩) শিক্ষাৰ্থীক জীৱন আৰু জীৱিকা সম্পৰ্কীয় সঠিক সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰাই পৰামৰ্শদানৰ এক প্ৰধান লক্ষ্য ।

৪) পৰামৰ্শদান হৈছে ব্যক্তিৰ তথা শিক্ষাৰ্থীৰ প্ৰয়োজন অনুসৰি পাব পৰা সহায় ।

৫) পৰামৰ্শদান হৈছে শিক্ষাৰ্থীক আত্মনিৰ্ভৰশীল, আৰু দায়িত্বশীল কৰি তোলাত সহায় কৰা এক প্ৰক্ৰিয়া ।

৬)  ই শিক্ষাৰ্থীৰ সম্ভাৱনীয়তাসমূহ প্ৰকাশ আৰু বিকাশৰ জৰিয়তে আত্ম-উপলব্ধি তথা আত্মবোধ জগাই তোলাত সহায় কৰে ।

৭) এ উপদেশ দিয়াতকৈ বহু ওপৰত । কাৰণ ই শিক্ষাৰ্থীৰ আত্মবিশ্বাস বৃদ্ধি কৰি কৰি নিজৰ সমস্যা নিজে সমাধান কৰিব পৰাকৈ শিক্ষাৰ্থীক সক্ষম, সজাগ আৰু দ্বায়িত্বশীল কৰি তোলাৰ লগতে তেওঁলোকৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন ঘটায় ।

৮) ই শিক্ষাৰ্থীক নিজৰ সমস্যা সমাধান কৰাৰ উপৰিও তেওঁলোকে তাৎক্ষণিকভাৱে সন্মুখীন হোৱা জটিল পৰিস্থিতিৰ গত মোকাবিলা কৰাত সহায় কৰে ।

৯) ই মনোভাব আৰু কৰ্মৰ লগত জড়িত । এই প্ৰক্ৰিয়া বৌদ্ধিক মনোভাবৰ লগত জড়িত।

আৰবলৰ মতে, পৰামৰ্শদানৰ উপাদানবোৰ হৈছে-

ক) ই দুজন ব্যক্তিক অন্তৰ্ভুক্ত কৰে ।

খ) ই পৰামৰ্শ গ্ৰহণকাৰী ব্যক্তিক নিজৰ সমস্যাবোৰ নিজে বা স্বতন্ত্ৰভাৱে সমাধান কৰাত সহায় কৰে ।

গ) ই হৈছে এক ব্যৱহাৰিক ও ব্যৱসায়িক কৰ্ম যিটো উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত পৰামৰ্শদাতাৰ দ্বাৰাহে সম্ভৱ হয় ।

Cattle এ পৰামৰ্শদানৰ মুঠ পাঁচটা উপাদানৰ কথা উল্লেখ কৰে; যেনে-

১) পৰামৰ্শদাতা আৰু পৰামৰ্শ গ্ৰহণকাৰীৰ মাজত স্পৰ্ক গঢ়ি উঠিব লাগিব । দুয়োজনে দুয়োজনৰ সুবিধাজনক বুলি অনুভব কৰিব পাৰিব লাগিব ।

২) পৰামৰ্শদান হৈছে পৰামৰ্শদাতা আৰু পৰামৰ্শ গ্ৰহণকাৰীৰ মাজৰ যোগাযোগ । ইয়াত দুয়োজনৰে মাত কথা, মুখৰ ভাব-ভংগী, অংগী-ভংগীয়ে এক বিশেষ ভূমিকা পালন   কৰে ।

৩) পৰামৰ্শদাতাজনে পৰামৰ্শদান প্ৰক্ৰিয়াটোৰ বিষয়ে বা পটভূমি সম্পৰ্কে বিশদভাৱে জানিব লাগিব ।

৪) পৰামৰ্শ গ্ৰহণকাৰীয়ে পৰামৰ্শদানৰ সময়ত তেওঁলোকৰ ভাব অনুভূতিত যোগাত্মক পৰিৱৰ্তন সাধন হোৱাটো দৃষ্টিগোচৰ হʼব লাগিব।

৫) পৰামৰ্শদান সাক্ষাৎকাৰ সু-সংগঠিত তথা সু-পৰিকল্পিত হʼব লাগিব।

প্ৰশ্নঃ 3. পৰামৰ্শদানৰ প্ৰকৃতিৰ বিষয়ে বহলাই লিখা ?

উত্তৰঃ পৰামৰ্শদানৰ প্ৰকৃতিবোৰ হৈছে-

১) পৰামৰ্শদান দুজন ব্যক্তিক কেন্দ্ৰ কৰি হোৱা এক পাৰস্পৰিক প্ৰক্ৰিয়া। প্ৰথমজন নিদিৰ্ষ্ট উদ্দেশ্য জড়িত ব্যক্তি, যি এই উদ্দেশ্যত উপনীত হʼবলৈ আনজন হৈছে এনে এগৰাকী ব্যক্তি (পৰামৰ্শদাতা) যিগৰাকীয়ে বিশেষ জ্ঞান বা অভিজ্ঞাতাৰে প্ৰথমজনক উদ্দেশ্যত উপনীত হোৱাত সহায় কৰিব ।

২) ই হৈছে ব্যক্তিক বা পৰামৰ্শ বিচৰা ব্যক্তিক ব্যক্তিগত সমস্যাবোৰ আৱিস্কাৰ কৰি সেইবোৰ নিজাববীয়াকৈ সমাধান কৰিবৰ বাবে পৰামৰ্শদাতাই আগবঢ়োৱা পৰামৰ্শদান প্ৰক্ৰিয়া ।

৩) পৰামৰ্শদান হৈছে ব্যক্তিগত প্ৰক্ৰিয়া ।

৪) ই পৰামৰ্শদাতা আৰু পৰামৰ্শ বিচাৰৌতাৰ যুটীয়া অনুসন্ধান ব্যৱস্থা ।

৫) ইয়াত পৰামৰ্শদাতা গৰাকীয়ে নিজৰ আৱেগ, অনুভূতিৰ পৰিৱৰ্তন ঘটাব লাগে ।

৬) এই প্ৰক্ৰিয়াত পৰামৰ্শদাতাজনে নিজৰ কৰ্ম সম্পাৰ্কে সম্পূৰ্ণৰূপে জ্ঞাত হʼব লাগিব ।

৭) এই প্ৰক্ৰিয়াত সাক্ষাতকাৰেই হৈছে মুখ্য কৌশল ।

৮) পৰামৰ্শদান মানসিক স্ফাস্থ্য সম্পৰ্কীয়, অস্ফাভাৱিক আচৰণ আৰু আৱেগিক সমস্যাৰ লগত  জড়িত ।

৯) ইয়াৰ দ্বাৰা হীনমন্যতা অনুভূতিৰ পৰা সকাহ দিয়া হয় ।

১০) পৰামৰ্শদানৰ লক্ষ্য হৈছে পৰামৰ্শদান বিচৰাজনক সামাজিক দায়িত্ববোধ লাভ কৰিব পৰাকৈ বিশ্বাসী কৰি তোলা ।

১১) ই নিৰ্দেশনাৰ এটা অংশহে মাথোন ।

১২) এই প্ৰক্ৰিয়াত পৰামৰ্শদাতাৰ প্ৰাক্-প্ৰশিক্ষণ থকাটো অত্যন্ত জৰুৰী ।

১৩) পৰামৰ্শদান হৈছে বিশেষজ্ঞ পৰামৰ্শদাতা দ্বাৰা প্ৰদান কৰা এক প্ৰক্ৰিয়াত বিজ্ঞানসন্মত প্ৰক্ৰিয়া ।

১৪) এই প্ৰতিক্ৰিয়াত পৰামৰ্শ গ্ৰহণকাৰীক তেওঁৰ সমস্যা সমাধানৰ বাবে বিভিন্নধৰণৰ উৎসাহ- উদ্দীপা প্ৰদান কৰা হয় ।

১৫) এই প্ৰতিক্ৰিয়াত সমস্যাৰ বাস্তৱ ঘটনা বা তথ্য বিশ্লেষণ কৰাৰ পাছতহে পৰামৰ্শদাতা আৰু   পৰামৰ্শ গ্ৰহণকাৰীয়ে পাস্পৰিক সন্মতিৰ মাজেৰে সমস্যা সমাধানৰ পথ নিৰ্ণয় কৰে ।

১৬) এই প্ৰতিক্ৰিয়া গ্ৰহণকাৰীয়ে পৰামৰ্শদাতাজনে আগবঢ়োৱা পৰামৰ্শৰ বাহিৰেও নিজস্বভাৱে কৰ্ম   পৰিকল্পনা কৰিব পাৰে ।

১৭)ইয়াত পৰামৰ্শ গ্ৰহণকাৰীৰ অন্তৰ্নিহিত সম্ভাৱনীয়তাসমূহক বিচাৰি উলিয়াই সেইসমূহ উপযুক্তভাৱে ব্যৱহাৰ ক্ষেত্ৰত পৰামৰ্শগ্ৰহণকাৰীক সহায় কৰা হয় । 

প্ৰশ্নঃ 4. পৰামৰ্শদানৰ পৰিসৰ বিষয়ে আলোচনা কৰা ?

উত্তৰঃ পৰামৰ্শদানৰ পৰিসৰে সামৰি লোৱা দিশবোৰ হৈছে-

১) ব্যক্তিগত প্ৰয়োজন আৰু সমস্যাবোৰ ।

২) শৈক্ষিক প্ৰয়োজন আৰু সমস্যাবোৰ ।

৩) শাৰীৰিক, মানসিক, আবেগিক, নৈতিক সমস্যাবোৰ ।

৪) সামাজিক আৰু বিবাহ সম্পৰ্কীয় সমস্যাবোৰ ।

৫) পৰিস্থিতগত সমস্যাবোৰ ।

৬) জীৱন আৰু জীৱিকা উন্নয়ন সম্পৰ্কীয় দিশবোৰ ।

৭) ব্যক্তিৰ সামগ্ৰিক উন্নয়নৰ দিশবোৰ ।

৮) শৈক্ষিক উন্নয়নৰ দিশবোৰ ।

৯) বিত্তীয় আৰু স্বাস্থ্য সম্বন্ধীয় বিষয়বোৰ ।

১০) পৰিয়ালৰ সমস্যাবোৰ ।

১১) সামাজিক আৰু আৱেগিক সমাযোজন সম্পৰ্কীয় সমস্যাবোৰ আৰু দিশবোৰ ।

১২) বৃত্তিমূলক উন্নয়নৰ আৰু সমস্যাৰ লগত জড়িত দিশবোৰ ।

১৩) মনোচিকিৎসা সম্পৰ্কীয় দিশবোৰ ।

১৪) পৰামৰ্শদাতা আৰু পৰামৰ্শ গ্ৰহণকাৰী এই দুই ব্যক্তি ।

১৫) মানসিক স্বাস্থ্য সম্পৰ্কীয় দিশবোৰ ।

১৬) সুস্থ ব্যক্তিৰ অস্বাভাৱিক আচৰণ আৰু সাধাৰণ উদ্বেগ ।

১৭) শৈক্ষিক পৰিৱেশ আৰু বিদ্যালয়ত ব্যৱহাৰ কৰা কৌশল আৰু সা-সঁজুলি ।

 ১৮) ব্যক্তিৰ সকলোধৰণৰ সমস্যা ।

১৯) বিভিন্ন ধৰণৰ পৰামৰ্শদান আহিলা; যেনে –সাক্ষাৎকাৰ, প্ৰশ্নাৱলী, চিকলিষ্টৰেটিং স্কেল অভীক্ষা আদি ।

২০) পুৰস্কাৰ আৰু শাস্তি ।

২১) মূল্যায়ন ।

প্ৰশ্নঃ 5. উত্তম পৰামৰ্শদান প্ৰক্ৰিয়াৰ বৈশিষ্ট্যসমূহ কি কি ?

উত্তৰঃ উত্তম পৰামৰ্শদান প্ৰক্ৰিয়াৰ বৈশিষ্ট্যবোৰ হৈছে –

১) উত্তম পৰামৰ্শদান পৰামৰ্শদাতা আৰু পৰামৰ্শ গ্ৰহণকাৰীৰ মাজত পূৰ্ণ সহযোগিতাৰ মাধ্যমেৰে সম্পন্ন হয় ।

২) উত্তম পৰামৰ্শদান মনোবিজ্ঞানসন্মত ।

৩) উত্তম পৰামৰ্শদান গণতান্ত্ৰিক প্ৰকৃতিৰ ।

৪) উত্তম পৰামৰ্শদানে পৰামৰ্শ গ্ৰহণকাৰীৰ সমস্যাবোৰ উদ্ভাৱন কৰে আৰু তেওঁলোকক জীৱনৰ  এটা সঠিক লক্ষ্য নিৰ্ধাৰণত সহায় কৰে ।

৫) উত্তম পৰামৰ্শদান সহানুভূতিশীল আৰু আন্তৰিকতাপূৰ্ণ প্ৰক্ৰিয়া ।

৬) উত্তম পৰামৰ্শদানে পৰামৰ্শ গ্ৰহণকাৰী ব্যক্তিক বাস্তৱ সমস্যাৰ সন্মুখীন হোৱা আৰু সেইবোৰ  ব্যক্তিগতভাৱে সমাধান কৰাত সহায় কৰে ।

৭) উত্তম পৰামৰ্শদানে পৰামৰ্শদাতা আৰু পৰামৰ্শ গ্ৰহণকাৰী ব্যক্তিৰ মাজত পাৰস্পৰিক সন্মান,  সহযোগিতা আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলে ।

৮) উত্তম পৰামৰ্শদানে আত্মনিদেৰ্শনা আৰু আত্মগ্ৰহণযোগ্যতাৰ ওপৰত গুৰুত্ব আৰোপ কম ।

৯) উত্তম পৰামৰ্শদানে পৰামৰ্শ গ্ৰহণকাৰী সম্বন্ধীয় সকলো গোপনীয়তা বজাই ৰাখে ।

১০) উত্তম পৰামৰ্শদানে পৰামৰ্শ গ্ৰহণকাৰীক আত্মনিৰ্ভৰশীল আৰু দায়িত্বশীল কৰি তোলাত সহায়  কৰে ।

১১) উত্তম পৰামৰ্শদান প্ৰক্ৰিয়াই পৰামৰ্শ গ্ৰহণকাৰীক নিজৰ সামৰ্থ আৰু সম্ভাৱনীয়তাখিনিৰ পূৰ্ণ ব্যৱহাৰ কৰাত আৰু আত্মউপলব্ধি বা আত্মবোধ জগাই তোলাত সহায় কৰে ।

১২) উত্তম পৰামৰ্শদান প্ৰক্ৰিয়াই পৰামৰ্শ গ্ৰহণকাৰীৰ সমস্যাৰ বাস্তৱ ঘটনা আৰু তথ্য বিশ্লেষণ  কৰাৰ পাছত তেওঁৰ সন্মতিৰ মাজেৰেহে সমস্যা সমাধানৰ পথ নিৰ্ণয় কৰে ।

১৩) উত্তম পৰামৰ্শদান প্ৰক্ৰিয়াই ব্যক্তিৰ বৃদ্ধি আৰু বিকাশৰ পথত আগবঢ়াত সহায় কৰে ।

১৪) উত্তম পৰামৰ্শদান প্ৰক্ৰিয়া সু-সংগঠিত আৰু সু-পৰিকল্পিত ।

১৫) উত্তম পৰামৰ্শদান প্ৰক্ৰিয়াই পৰামৰ্শ গ্ৰহণকাৰীৰ আচৰণ আৰু মনোভাবৰ যোগাত্মক পৰিৱৰ্তনত সহায় কৰে ।

১৬) উত্তম পৰামৰ্শদান প্ৰক্ৰিয়াৰ সফলতা পৰামৰ্শদাতাৰ ব্যৱহাৰিক প্ৰশিক্ষণ আৰু কাৰ্যকৰী অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল ।

১৭) উত্তম পৰামৰ্শদান প্ৰক্ৰিয়াই পৰামৰ্শ গ্ৰহণকাৰী ব্যক্তিৰ পূৰ্বৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন ঘটাই পৰিস্থিতিৰ লগত সুস্থভাৱে সমাযোজন কৰাত সহায় কৰে ।

১৮) উত্তম পৰামৰ্শদান প্ৰক্ৰিয়াই পৰামৰ্শ গ্ৰহণকাৰী ব্যক্তিৰ মমত কোনো বিষয়ৰ প্ৰতি থকা  নেতিবাচক দৃষ্টিভংগীৰ পৰিৱৰ্তন ঘটায় ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰাত সহায় কৰে ।

১৯) উত্তম পৰামৰ্শদান হৈছে পৰামৰ্শদাতা আৰু পৰামৰ্শ বিচৰা ব্যক্তিৰ যুটীয়া অনুসন্ধান ব্যৱস্থা;  যʼত পৰামৰ্শ বিচাৰ ব্যক্তিজনৰ ব্যক্তিগত সমস্যাবোৰ আৱিস্কাৰ কৰি সেইবোৰ নিজাববীয়াকৈ   সমাধান কৰিবৰ বাবে পৰামৰ্শদাতাই পৰামৰ্শ আগবঢ়ায় ।

২০) উত্তম পৰামৰ্শদান কাৰ্য পৰামৰ্শদাতা আৰু পৰামৰ্শ গ্ৰহণৰাকীৰ মাজত সহযোগিতামূলক আৰু পাৰস্পৰিকতা বজাই ৰাখিহে আগবাঢ়োৱা হয় ।

২১) ই সাধাৰণ উৎকন্ঠাত ভোগা, আৱেগিক আৰু সামাজিক সমস্যাত ভোগা ব্যক্তিক আত্ম-সিদ্ধান্ত গ্ৰহণ কৰা নিজৰ সমস্যা নিজে সমাধান কৰিব পৰাকৈ সক্ষম কৰি তোলে ।

২২) ই পৰামৰ্শ গ্ৰহণ কৰোঁতা ব্যক্তিৰ অন্তনিহিত সম্ভাৱনীয়তাসমূহ বিচাৰি উলিয়াই সেইসমূহ উপযুক্তভাৱে ব্যৱহাৰ কৰাত সহায় কৰে ।

২৩) ই হৈছে পৰামৰ্শ গ্ৰহণকাৰীক নিজ নিজ সমস্যাবিলক সমাধান কৰিব পৰাকৈ অভাস গঠন কৰা, কৌশল আয়ত্ব কৰা, মনোভাৱ গ্ৰহণ কৰা আৰু বিশ্বাস জগাই তোলাত সহায় কৰা এক পৰামৰ্শদান ব্যৱস্থা ।

২৪) ই পৰামৰ্শ গ্ৰহণকাৰী ব্যক্তিক সামাজিক দায়িত্ববোধ জন্মাই তোলাৰ লগতে আত্ম-বিশ্বাসী  কৰি তোলে ।

২৫) উত্তম পৰামৰ্শদানে পৰামৰ্শ গ্ৰহণকাৰী ব্যক্তিক তেওঁৰ সমস্যাবোৰ সমাধানৰ পথ-নিৰ্দেশনা দিয়াৰ লগতে সেইবোৰ সমাধানৰ বাবে বিভিন্ন ধৰণেৰে উৎসাহ-উদ্দীপনা যোগায় ।

২৬) ই পৰামৰ্শ গ্ৰহণকাৰী ব্যক্তিক সুস্থ সমাযোজনৰ ক্ষেত্ৰত সহায় কৰে আৰু নিজৰ লগত সমাজৰ সম্পৰ্ক বুজি উঠাত সহায় কৰে ।

২৭) ই পৰামৰ্শ গ্ৰহণকাৰী শিক্ষামূলক, বৃত্তিমূলক আৰু বিভিন্নধৰণৰ মনোবিজ্ঞানমূলক  সমস্যাবিলাক সমাধান কৰাত সহায় কৰে ।

২৮) উত্তম পৰামৰ্শদান  হৈছে পৰামৰ্শ গ্ৰহণকাৰীক নিজ নিজ সমস্যাবোৰ উপলব্ধি কৰি সেইবোৰ  নিজাববীয়াকৈ সমাধান কৰাৰ বাবে উপযুক্ত পৰামৰ্শ আগবঢ়োৱা এক প্ৰক্ৰিয়া ।

প্ৰশ্নঃ 6. পৰামৰ্শদানৰ লক্ষ্য/উদ্দেশ্যসমূহ কি কি ?

উত্তৰঃ পৰামৰ্শদানৰ উদ্দেশ্যবোৰ হৈছে –

১) গৃহ আৰু সামাজিক পৰিৱেশত সুস্থ সমাযোজন কৰিবৰ বাবে পৰামৰ্শ গ্ৰহণকাৰীক সহায় কৰা ।

২) মানসিক অস্বাভাৱিকতা, হতাশ, নিৰাশা, মানসিক সংঘাত, বিভিন্ন ধৰণৰ অপসমাযোজন, আৱেগিক সমস্যা আদিৰ পৰা পৰামৰ্শ গ্ৰহণকাৰীক মুক্ত কৰাত সহায় কৰা ।

৩) পৰামৰ্শ গ্ৰহণকাৰী শিক্ষামূলক আৰু বৃত্তিমূলক সমস্যা সমাধান কৰাত সহায় কৰা ।

৪) পৰামৰ্শ গ্ৰহণকাৰী বিভিন্নধৰণৰ মনোবৈজ্ঞানিক সমস্যাবিলাক সমাধান কৰাত সহায় কৰা ।

৫) পৰামৰ্শ গ্ৰহণকাৰীক সমাজ আৰু বিদ্যালয় পৰিৱেশৰ লগত সুস্থভাৱে সমাযোজন কৰাত সহায় কৰা ।

৬) ঘৰুৱা পৰিবেশৰ সমস্যা সমাধান আৰু বৃত্তিয় পৰিবেশত সন্তোষজনকভাৱে সমাযোজন কৰাত পৰামৰ্শ গ্ৰহণকাৰীক সহায় কৰা ।

৭) পৰামৰ্শ গ্ৰহণকাৰী হতাশা আৰু নিৰাশা তথা আচৰণজনিত সমস্যা সমাধান কৰাত সহায়  কৰা ।

৮) পৰামৰ্শ গ্ৰহণকাৰী ব্যক্তিগত সমস্যাবোৰ আৱিস্কাৰ কৰি নিজাববীয়াকৈ সমাধান কৰাত সহায় কৰা 

৯) পৰামৰ্শ গ্ৰহণকাৰীক মানসিক স্বাস্থ্য সম্পৰ্কীয় সমস্যা, অস্বাভাৱিক আচৰণৰ সমস্যা আৰু আৱেগিক সমস্যাবোৰ সমাধান কৰাত সহায় কৰা ।

১০) পৰামৰ্শ গ্ৰহণকাৰীক সমাযোজনীয় সমস্যাবোৰ সমাধান কৰাত সহায় কৰা ।

১১) পৰামৰ্শ গ্ৰহণকাৰীক সামাজিক দায়িত্ববোধ লাভ কৰিব পৰাকৈ আত্মবিশ্বাসী কৰি তোলাত সহায় কৰা ।

১২) পৰামৰ্শ গ্ৰহণকাৰীক স্ফাভাৱিক সমাযোজন কৰিব পৰাকৈ প্ৰয়োজনীয় অব্যাস, কৌশল, মনোভাৱ, বিশ্বাস আদিৰ ক্ষেত্ৰত সহায় কৰা ।

প্ৰশ্নঃ 7. পৰামৰ্শদানৰ প্ৰয়োজনীয়তাসমূহ কি কি ?

উত্তৰঃ ১) পৰামৰ্শ গ্ৰহণকাৰীৰ বিভিন্নধৰণৰ মনোবৈজ্ঞানিক সমস্যাবিলাক সমাধান কৰিবৰ বাবে ।

২) পৰামৰ্শ গ্ৰহণকাৰীক সমাজ আৰু বিদ্যালয় পৰিবেশৰ লগত সুস্থভাৱে সমাযোজন কৰাত সহায় কৰিবৰ বাবে ।

৩) ঘৰুৱা পৰিবেশৰ সমস্যা সমাধান আৰু বৃত্তিয় পৰিবেশত সন্তোষজনকভাৱে সমাযোজন কৰাত পৰামৰ্শ গ্ৰহণকাৰীক সহায় কৰিবৰ বাবে । 

৪) পৰামৰ্শ গ্ৰহণকাৰী হতাশা আৰু নিৰাশা তথা আচৰণজনিত সমস্যা সমাধানৰ বাবে ।

৫) পৰামৰ্শ গ্ৰহণকাৰী ব্যক্তিগত সমস্যাবোৰ আৱিস্কাৰ কৰি নিজাববীয়াকৈ সমাধান কৰাত সহায় কৰিবৰ বাবে । 

৬) পৰামৰ্শ গ্ৰহণকাৰীক মানসিক স্বাস্থ্য সম্পৰ্কীয় সমস্যা, অস্বাভাৱিক আচৰণৰ সমস্যা আৰু  আৱেগিক সমস্যাবোৰ সমাধান কৰাত সহায় কৰিবৰ বাবে । 

7) পৰামৰ্শ গ্ৰহণকাৰীক সমাযোজনীয় সমস্যাবোৰ সমাধান কৰাত সহায় কৰিবৰ বাবে । 

৮) পৰামৰ্শ গ্ৰহণকাৰীক সামাজিক দায়িত্ববোধ লাভ কৰিব পৰাকৈ আত্মবিশ্বাসী কৰি তোলাত সহায় কৰাৰ বাবে ।

৯) শিক্ষাৰ্থী তথা ব্যক্তিৰ আগ্ৰহ, মানসিক সামৰ্থ্যতা, সম্ভাৱনীয়তা, প্ৰয়োজন আদিৰ ওপৰত ভিত্তি কৰি জীৱনত সফল হʼব পৰাকৈ আগবাঢ়ি যোৱাত সহায় কৰাৰ বাবে ।

১০) নিজৰ অভিক্ষমতা, সামৰ্থ্য, যোগ্যতা, ৰুচি-অভিৰুচিৰ লগত সামঞ্জস্য ৰাখি কৰযুক্ত বৃত্তি নিৰ্বাচন কৰাত সহায় কৰাৰ বাবে ।

১১) শিক্ষাগত অৰ্হতা আৰু নিয়োগৰ মাজত সু-সম্পৰ্ক ৰক্ষা কৰি শিক্ষিত নিবনুৱা সমস্যা হ্ৰাস কৰা আৰু মানৱ সম্পদৰ উপযুক্ত ব্যৱহাৰত সহায় কৰাৰ বাবে ।

১২) শিক্ষাৰ্থী জীৱন আৰু জীৱিকা সম্পৰ্কত সঠিক সিদ্ধান্ত লোৱাত সহায় কৰাৰ বাবে ।

১৩) বিদ্যালয়ত ফৰযুক্ত পৰামৰ্শদানৰ ব্যৱস্থা কৰি শিক্ষাৰ্থীৰ অপচয় আৰু অনুন্নয়ৰ সমস্যা  সমাধান কৰাত সহায় কৰাৰ বাবে ।

১৪) অনুশাসনহীনতাৰ পৰা উদ্ভৱ হোৱা ব্যক্তিগত আৰু সামাজিক সমস্যাবোৰ হ্ৰাস কৰাত সহায় কৰাৰ বাবে ।

১৫) কৈশোৰ কালত লʼৰা-ছোৱালীৰ মাজত সমস্যাৰ সৃষ্টি কৰা শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক আদি সমস্যাবোৰ সমাধান কৰাত সহায় কৰাৰ বাবে ।

১৬) পৰিয়ালৰ পৰিৱৰ্তন, মূল্যবোধ, মনোভাব আৰু নৈতিকতাৰ সংঘাত, ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আদি ক্ষেত্ৰত হোৱা পৰিৱৰ্তনৰ ফলত উদ্ভৱ হোৱা সমস্যাবোৰ সমাধান কৰাত সহায় কৰাৰ বাবে ।

প্ৰশ্নঃ 8. পৰামৰ্শদানৰ নীতিসমূহ কি কি ?

উত্তৰঃ পৰামৰ্শদানৰ নীতিবোৰ হৈছে-

১) সহানুভূতিৰ নীতিঃ পৰামৰ্শদান প্ৰক্ৰিয়াত পৰামৰ্শদাতা আৰু পৰামৰ্শ গ্ৰহণকাৰী ব্যক্তিৰ মাজত  এক সহানুভূতিপূৰ্ণ সম্বন্ধ গঢ়ি উঠিব লাগিব ।

২) গ্ৰহণযোগ্যাৰ নীতিঃ এই প্ৰক্ৰিয়াত পৰামৰ্শদাতাজনে পৰামৰ্শ গ্ৰহণকাৰীৰ শাৰীৰিক, মানসিক,  অৰ্থনৈতিক আৰু সাংস্কৃতিক সকলো ধৰণৰ পৰিস্থিতিকে গ্ৰহণ কৰিব লাগিব ।

৩) যোগাযোগৰ নীতিঃ পৰামৰ্শদান প্ৰক্ৰিয়া পৰামৰ্শদাতা আৰু পৰামৰ্শ গ্ৰহণকাৰীৰ মাজত মুখামুখি যোগাযোগৰ দ্বাৰা সম্পাদন কৰা হয় । সেয়ে দুয়োৰে মাজৰ যোগাযোগ মৌখিক আৰু লিখিত হোৱা লগতে কৌশলপূৰ্ণও হʼব লাগিব ।

৪) গোপনীয়তাৰ নীতিঃ এই প্ৰক্ৰিয়াত পৰামৰ্শ গ্ৰহণকাৰী ব্যক্তিৰ নাম, ঠিকনা আৰু সমস্যা সম্পূৰ্ণ গোপন কৰি ৰাখিব লাগিব আৰু এই সম্পৰ্কে পৰামৰ্শদাতাই তেওঁক নিশ্চয়তা প্ৰদান কৰিব লাগিব ।

৫) ব্যক্তি পাৰ্থক্যৰ নীতিঃ পৰামৰ্শদানৰ কাৰ্যত প্ৰতিজন পৰামৰ্শ গ্ৰহণকাৰী ব্যক্তিকে বিশেষ হিচাপে ব্যৱহাৰ কৰিব লাগিব, পৃথকে পৃথকে তেওঁলোকৰ সমস্যাবোৰ উপলব্ধি কৰি গাইগুটীয়াকৈ পৰামৰ্শ  প্ৰদান কৰিব লাগিব ।

৬) আবুৰতাৰ নীতিঃ পৰামৰ্শদানৰ বাবে এডাখৰ আবুৰ স্থান বা এটা গোপন কোঠাৰ প্ৰয়োজন, যাতে পৰামৰ্শদাতা আৰু পৰামৰ্শ গ্ৰহণকাৰীৰ কথা-বতৰা আনে শুনা বা তেওঁলোকক পৰামৰ্শদান  কৰা সময়ত আনে দেখা নাপায় ।

৭) ধনাত্মক দৃষ্টিভংগীৰ নীতি (Principle of positivism): পৰামৰ্শদান প্ৰক্ৰিয়াত পৰামৰ্শ  গ্ৰহণকাৰীক সমালোচনা নকৰি তেওঁলোকৰ লগত যোগাত্মক বা ধনাত্মক দৃষ্টিভংগীৰে সমস্যাবোৰ আলোচনা কৰিহে পৰামৰ্শ আগবঢ়াব লাগে ।

৮) আৱেগহীনতাৰ নীতি (Principle of non-emotional involvement): পৰামৰ্শদান প্ৰক্ৰিয়াত  পৰামৰ্শদাতাই পৰামৰ্শ গ্ৰহণকাৰীৰ আৱেগ-অনুভূতিৰ লগত একাত্ম হʼব নালাগে ।

৯) শুনাৰ নীতিঃ পৰামৰ্শদান প্ৰক্ৰিয়াত পৰামৰ্শ গ্ৰহণকাৰীৰ সমস্যা বা ওজৰ-আপত্তি বা বেমাৰ সম্পৰ্কীয় কথাবোৰ পৰামৰ্শদাতাই অধিক গুৰুত্ব সহকাৰে আৰু মনোযোগেৰে শুনিব লাগে ।

১০) সৰলতাৰ নীতিঃ পৰামৰ্শদান সহজ-সৰলভাৱে, সহজ শব্দৰ প্ৰয়োগেৰে প্ৰদান কৰিব লাগে, যাতে প্ৰতিটো পৰামৰ্শৰ কথাবোৰ পৰামৰ্শ গ্ৰহণকাৰীয়ে সহজে বুজি পায় ।

প্ৰশ্নঃ 9. পৰামৰৰ্শৰ প্ৰকাসমূহ কি কি ? ব্যাখ্যা কৰা ।

উত্তৰঃ পৰামৰ্শদানৰ প্ৰকাৰবোৰ তলত উল্লেখ কৰা ধৰণৰ –

১) প্ৰত্যেক্ষ পৰামৰ্শদান ।

২) পৰোক্ষ পৰামৰ্শদান ।

৩) উদাৰ পৰামৰ্শদান ।

ইয়াৰোপৰি পৰামৰ্শদান কাৰ্যক আনকেইটামান প্ৰকাৰত ভাগ কৰা হৈছে; যেনে-

ক) পৰামৰ্শদানৰ সময়ৰ দৈঘ্যতাৰ ওপৰত ভিত্তি কৰি ইয়াক দুটা ভাগত ভাগ কৰা হৈছে- হ্ৰস্বকালীন পৰামৰ্শদান, দীৰ্ঘকালীন পৰামৰ্শদান

খ) পৰামৰ্শ গ্ৰহণকাৰী ব্যক্তিৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি পৰামৰ্শদানক দুটা প্ৰকাৰত ভাগ কৰা   হৈছে; যেনে-

i) গাইগুটীয়া বা ব্যক্তিগত পৰামৰ্শদান

ii) দলগত বা সমূহীয়া পৰামৰ্শদান পৰামৰ্শদান সম্বন্ধীয় এই অভিগমন বা পত্থাৰ মুখ্য প্ৰৱতক হৈছে ই. জি. উইলিয়াম । প্ৰত্যেক্ষ পৰামৰ্শদান ব্যৱস্থাক আদেশসূচক বা পৰামৰ্শদানকেন্দ্ৰিক পৰামৰ্শদান বুলি কোৱা হয় । ই  সমস্যাকেন্দ্ৰিকহে শিক্ষাৰ্থীকেন্দ্ৰিক নহয় । ইয়াত পৰামৰ্শদানকাৰীজনে সমগ্ৰ আঁচনি যুগুত কৰে আৰু   পৰামৰ্শ আগবঢ়ায় । ই.জি. উইলিয়ামৰ মতে প্ৰত্যেক্ষ নিৰ্দেশনাৰ মূল স্বীকাৰ্যবোৰ হৈছে ।

১) পৰামৰ্শৰ সমস্যাবোৰৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিব লাগে ।

২) পৰামৰ্শদাতা গৰাকীয়ে পৰামৰ্শদানৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰিব লাগিব । তেওঁৱেই পৰামৰ্শদান কাৰ্যৰ মুখ্য কেন্দ্ৰ বা সেই পৰিস্থিতিটোৰ নেতাস্বৰূপ হʼব লাগিব । মুঠতে তেওঁ পৰামৰ্শ গ্ৰহণ কৰোঁতাজনতকৈ বহু বেছি সক্ৰিয় হʼব ৱলাগিব । তেওঁ পৰামৰ্শ গ্ৰহণকাৰীক সৈমান কৰাব পাৰিব লাগিব ।

৩) পৰামৰ্শদান প্ৰক্ৰিয়াত আৱেগিক দিশতকৈ বৌদ্ধিক দিশৰ ওপৰত অধিক গুৰুত্ব লিব লাগে বা  দিয়া হয় । ইয়াত পৰামৰ্শদাতাজনে আৱেগিক প্ৰক্ৰিয়াতকৈ বৌদ্ধিক দিশৰ ওপৰত অধিক গুৰুত্ব  আৰোপ কৰিব লাগে ।

পৰোক্ষ পৰামৰ্শদানঃ পৰোক্ষ নিৰ্দেশনাৰ পন্থাৰ মুখ্য প্ৰৱৰ্তক হৈছে কাৰ্ল ৰʼজাৰ । পৰোক্ষ  পৰামৰ্শদানক অনুমতিসূচক পৰামৰ্শ বা পৰামক্শগ্ৰহণকাৰী কেন্দ্ৰিক বা শিক্ষাৰ্থী কেন্দ্ৰিক বুলি  কোৱা হয় । এইবিধ পৰামৰ্শদান ব্যৱস্থাত পৰামৰ্শ গ্ৰহণকাৰী বা শিক্ষাৰ্থীয়েই হৈছে মুখ্য বা  কেন্দৰ । তেওঁৱেই ইয়াত মুখ্য ভূমিকা পালন কৰে । তেওঁ এই প্ৰক্ৰিয়াটোত সক্ৰিয় অংশ গ্ৰহণ  কৰে আৰু পৰামৰ্শদাতাৰ সহায়ত তেওঁৰ সমস্যা সম্পৰ্কত অৰ্ন্তদৃষ্টি লাভ কৰে আৰু সেই সমস্যা সমাধানৰ বাবে লʼবলগীয়া ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

পৰোক্ষ পৰামৰ্শদানৰ স্বীকাৰ্যবোৰ হৈছে –

১) ইয়াত পৰামৰ্শগ্ৰহণকাৰীতকৈ তেওঁৰ প্ৰত্যক্ষ আৰু সহযোগিতাৰহে প্ৰয়োজন ।

২) ইয়াত বৌদ্ধিক দিশতকৈ আৱেগিক দিশটোহে বেছি তাৎপৰ্যপূৰ্ণ ।

৩) ইয়াত পৰামৰ্শ গ্ৰহণকাৰীৰ বা শিক্ষাৰ্থীৰ আত্ম-উপলব্ধিতকৈ তেওঁৰ বোধগম্যতাৰে কাম কৰাৰ বাবে এক পৰিৱেশ সৃষ্টি কৰাটোহে বেছি তাৎপৰ্যপূৰ্ণ ।

৪) ইয়াত পৰামৰ্শদানে স্বেচ্ছামূলকভাৱে লক্ষ্য বা উদ্দেশ্য বেছি লোৱা আৰু সচেতনভাৱে কৰ্মসূচী  নিৰ্বাচনত সহায় কৰাতহে গুৰুত্ব দিয়া হয় ।

উদাৰ পৰামৰ্শদানঃ উদাৰ পৰামৰ্শদান হৈছে প্ৰত্যক্ষ আৰু পৰোক্ষ পৰামৰ্শদানৰ সংযোগ আৰু সমন্বয় স্বৰূপ । (Eclectic counseling is defined as synthesis and combination of directive and non-directive and non-directive counseling) । এই পৰামৰ্শদানত এফালে পৰোক্ষ কৌশলেৰে আৰু আনফালে প্ৰত্যক্ষ কৌশলেৰে পৰামৰ্শ গ্ৰহণকাৰীক পৰামৰ্শদান কৰা হয় । এনে পৰামৰ্শদানৰ ক্ষেত্ৰত পৰামৰ্শদানকাৰীজনে প্ৰত্যক্ষ পৰামৰ্শদান ব্যলস্থাত গ্ৰহণ কৰাৰ দৰে অতি বেছি সক্ৰিয় বা পৰোক্ষ পৰামৰ্শদানত গ্ৰহণ কৰাৰ দৰে অতি বেছি নিষ্ক্ৰিয় ভূমিকা পালন নকৰে । ইযাত তেওঁ দুয়োটাৰ মাজত সমন্বয় বা সংযোগ সাধন কৰিহে পৰামৰ্শদান কাৰ্য  সম্পাদন কৰে ।

উদাৰ পৰামৰ্শদানৰ মুখ্য পৃষ্ঠপোষক হৈছে থৰ্ন । এইবিধ পৰামৰ্শদানত পৰামৰ্শদান কাৰীয়ে পৰামৰ্শগ্ৰহণ কৰোতা ব্যক্তিজনৰ প্ৰয়োজনীয়তা আৰু ব্যক্তিত্ব সম্বন্ধে অধ্যয়ন কৰে । ইয়াৰ পাছত তেওঁ পৰামৰ্শগ্ৰহণ কৰোতাজনৰ উপযোগী কৌশলবোৰ নিৰ্বাচন কৰে । এই ক্ষেত্ৰত তেওঁ বিশ্বাস কৰা তথ্য প্ৰদান, পুৰূষনামা পদ্ধতি, অভীক্ষা গ্ৰহণ আদি কৌশলবোৰ বাছি লয় ।

এইবিধ পৰামৰ্শদানৰত পৰামৰ্শদাতাই পৰামৰ্শ গ্ৰহণকাৰীৰ ব্যক্তিত্ব আৰু প্ৰয়োজনীয়তাক  মুখ্য হিচাপে বিবেচনা কৰিহে পৰামৰ্শদানৰ উদ্দেশ্যত উপনীত হʼবৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষ  পৰামৰ্শদান কৌশল গ্ৰহণ কৰে । পৰামৰ্শদানকাৰীজনে প্ৰথম প্ৰত্যক্ষ পৰামৰ্শদান কৌশলহে গ্ৰহণ  কৰে । পৰিৱেশ পৰিস্থিতি সাপেক্ষেহে তেওঁ পৰোক্ষ পৰামৰ্শদান কৌশল গ্ৰণহ কৰে । তেওঁ প্ৰয়োজন সাপেক্ষে যিকোনো এটা কৌশল অৱলম্বন কৰিব পাৰে ।

প্ৰশ্নঃ 10. সমাযোজনৰ সাধাৰণ বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ সমাযোজন প্ৰক্ৰিয়াৰ স্বৰূপ প্ৰকাশ কৰিবৰ বাবে তলৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰিব পাৰি ।

১) সমাযোজন এক মনোদৈহিক আৰু মনোবৈজ্ঞানিক প্ৰক্ৰিয়া ।

২) সমাযোজন এক গতিশীল প্ৰক্ৰিয়া ।

৩) সমাযোজনে মানুহৰ সৎ চৰিত্ৰ গঠনত সহায় কৰে ।

৪) ব্যক্তিয়ে নিজ পৰিস্থিতি আৰু পৰিৱেশৰ লগত ভাৰসাম্য স্থাপন কৰা অৱস্থাটোৱেই হৈছে সমাযোজন ।

৫) সমাযোজন হৈছে দীৰ্ঘম্যদী আৰু জীৱনব্যাপী চলা এক অবিৰত প্ৰক্ৰিয়া, যি সকলো ব্যক্তিৰ ক্ষেত্ৰত সংঘটিত হয় ।

৬) সুস্থ সমাযোজনে ব্যক্তিগত আৰু সামাজিক সমস্যা সমাধানত সহায় কৰে ।

৭) ব্যক্তিয়ে কৰা সমাযোজনৰ পৰিণতিয়েই হৈছে ব্যক্তিত্ব ।

৮) পৰিৱেশৰ চাহিদাৰ লগত ব্যক্তিগত চাহিদাৰ মিলন ঘটোৱা কাৰ্যই হৈছে সমাযোজন ।

৯) সমাযোজনে পৰিৱেশ বা সময়ৰ পৰিৱৰ্তন অনুযায়ী ব্যক্তিৰ চিন্তাধাৰাৰ পৰিৱৰ্তন ঘটায় ।

১০) সুস্থ সমোযোজনে ব্যক্তিক সমস্যা সমাধানত সহায় কৰে ।

১১) সমাযোজনে ব্যক্তিৰ প্ৰতিক্ৰিয়া আৰু আচণৰ পৰিৱৰ্তন সাধন কৰে।

১২) সমাযোজনৰ সুস্থতা বিশে়ষকৈ ব্যক্তিৰ আৱেগিক স্থিৰতা আৰু পৈণতাৰ ওপৰত নিৰ্ভৰ কৰে।

১৩) সমোযোজনৰ ব্যৰ্থতা বহু সময়ত মানসিক ৰোগগ্ৰস্ততা কাৰণৰস্বৰূপ হৈ উঠিব পাৰে ।

১৪) সমাযোজন এক বহুজাগতিক পিৰক্ৰিয়া ।

১৫) সমাযোজনে ব্যক্তিৰ মনৰ শংকাৰ ভাব দূৰ কৰি সুখী আৰু সন্তুষ্ট কৰি তোলে ।

প্ৰশ্নঃ 11. সুস্থ সমযোজিত ব্যক্তিৰ বৈশিষ্ট্যসমূহ কি কি ?

উত্তৰঃ সুস্থ সমাযোজন কৰা ব্যক্তিৰ লক্ষণ বা বৈশিষ্ট্যসমূহ উল্লেখ কৰা হʼল-

১) এজন সুস্থভাৱে সমাযোজন কৰা ব্যক্তিয়ে যিকোনো পৰিৱেশকেই সহজভাৱে লʼব পাৰে ।

২) এজন সুস্থভাৱে, সমাযোজন কৰা ব্যক্তিয়ে কেতিয়াও কোনো দ্বিধাবোধ নকৰে, জীৱনৰ প্ৰতিটো ঘটনাই গভীৰভাৱে উপলদ্ধি কৰে আৰু সকলো শক্তি নিজৰ উদ্দেশ্য পূৰণৰ বাবে প্ৰয়োগ কৰে ।

৩) এজন সুস্থভাৱে, সমাযোজন কৰা ব্যক্তিয়ে ব্যক্তি আৰু পৰিৱেশৰ প্ৰতি সদায় ইতিবাচক মনোভাৱ পোষণ কৰে ।

৪) সুস্থভাৱে সমাযোজন কৰা ব্যক্তিয়ে  নিজৰ যোগ্যতা আৰু সীমাৱদ্ধতাৰ প্ৰতি সদা সচেতন হয় ।

৫) এনে ব্যক্তিয়ে নিজৰ বুদ্ধিক জীৱনৰ সমস্যা সমাধানত প্ৰয়োগ কৰে ।

৬) এনে ব্যক্তিৰ অতিমাত্ৰা উচ্চাকাংক্ষা বা অযুক্তিকৰ আশা-আকাংক্ষা নাথাকে ।

৭) এনে ব্যক্তিয়ে অতি দক্ষতাৰে আৰু ক্ষিপ্ৰতাৰে কাম কৰাৰ লগতে সকলো কামতে সন্তোষ বিচাৰি পায় ।

৮) এক সুস্থ জীৱন দৰ্শন গঢ়ি তুলিব পাৰে ।

৯) এনে ব্যক্তিয়ে নিজক সন্মান কৰাৰ লগতে আনৰ প্ৰতিও সন্মান প্ৰদৰ্শন কৰে ।

১০) এনে ব্যক্তিৰ নিজৰ কামৰ প্ৰতি গভীৰ দায়িত্ববোধ থাকে ।

প্ৰশ্নঃ 12. সমাযোজন আৰু অপসমাযোজনৰ পাৰ্থক্য কি কি ?

উত্তৰঃ সমাযোজন আৰু অপসমাযোজনৰ মাজত গুণগত পাৰ্থক্য পৰিলক্ষিত হয় ।

এই দুয়োটাৰে মাজত থকা পাৰ্থক্যসমূহ হʼল-

১) সমাযোজন হৈছে পৰিৱেশৰ লগত সুস্থভাৱে খাপ, খোৱা কাৰ্য, আনহাতে অপসমাযোজন হৈছে   পৰিৱেশৰ লগত অসুস্থভাৱে খাপ, খোৱা কাৰ্য ।

২) সুস্থ সমাযোজন সমাজৰ দ্বাৰা স্বীকৃত, গ্ৰহণযোগ্য আৰু অনুমোদিত; কিন্তু অপসমাযোজন সমাজৰ দ্বাৰা স্বীকৃত, গ্ৰহণযোগ্য আৰু অনুমোদিত নহয় ।

৩) সুস্থ সমাযোজনে ব্যক্তিৰ সৎ চৰিত্ৰ গঠনত সহায় কৰে, কিন্তু অপসমাযোজন ব্যক্তিৰ অসৎ চৰিত্ৰ দিশটোহে উদঙাই দিয়ে ।

৪) দৰিদ্ৰতাৰ লগত খাপ খাবলৈ কৰাটো সমাযোজন; আনহাতে দৰিদ্ৰতাৰ পৰা ৰেহাই পাবলৈ ডকাইতি কৰাটো অপসমাযোজন ।

৫) সমাজৰ বাঞ্জিত পথেৰে পৰিৱেশৰ লগত খাপ খোৱাটো সমাযোজন; কিন্তু সমাজৰ অবাঞ্জিত  পথেৰে কৰা সমাযোজনেই হৈছে অপসমাযোজন।

৬) সুস্থ সমাযোজিত ব্যক্তিয়ে সমস্যাৰ বাস্তৱ নিৰীক্ষণ কৰিব পাৰে, কিন্তু অপসমাযোজিত  ব্যক্তিয়ে সমস্যাৰ বাস্তৱ নিৰীক্ষণ কৰিব নোৱাৰে ।

৭) সুস্থ সমোযোজিত ব্যক্তিয়ে সুস্থ জীৱন দৰ্শ গঢ়ি তুলিব পাৰে, কিন্তু অপসমাযোজিত ব্যক্তিয়ে  সুস্থ জীৱন দৰ্শন গঢ়ি তুলিব নোৱাৰে ।

প্ৰশ্নঃ 13. অপসমাযোজনৰ কাৰণসমূহ কি কি ?

উত্তৰঃ সাধাৰণতে চাহিদাৰ অতৃপ্তিৰ বাবে অপসমাযোজন বা সৃষ্টি হয় যদিও মনোবিজ্ঞানীসকলে ব্যক্তি  তথা শিশুৰ অপসমাযোজন বিভিন্ন কাৰণৰ পৰিপ্ৰেক্ষিতত হʼব পাৰে বুলি মত পোষণ কৰিছে।  তলত অপসমাযোজনৰ কাৰণসমূহ আলোচন কৰা হʼল  –

১) নিৰাপত্তাৰ অভাৱবোধঃ কোনো বিশেষ চাহিদাৰ পৰিতৃপ্তি বিচাৰি যদি ব্যক্তিয়ে বাধাপ্ৰাপ্ত হয়   আৰু  যদি তেওঁৰ চাহিদা পূৰণত অন্য ব্যক্তি বা পৰিৱেশে অন্তৰায় ৰূপে থিয় দি আছে বুলি ভাবে তেনে হʼলে ব্যক্তিৰ মনত অভাৱবোধে দেখা দিয়ে । ইয়াৰ পৰা তেওঁ ভাব্বলৈ লয় যে তেওঁ সকলোৰে বাবে অবাঞ্জিত আৰু সকলোৰে পৰা অৱহেলিত হৈ পৰিছে । এনেধৰণৰ নিৰাপত্তাৰ অভাৱবোধত ভোগ ব্যক্তিয়ে নানা ধৰণৰ অসামঞ্জস্যমূলক আচৰণ কৰিবলৈ লয় ।

২) দৈহিক গঠনঃ শিশু তথা ব্যক্তিৰ সামাজিক বিকাশত দৈহিক গঠনে বিশেষ প্ৰভাৱ পেলায় । যদিহে  শিশু বা ব্যক্তি দেখাত কুশ্ৰী, দৈহিকভাৱে দুৰ্বল, হাতঃভৰি বেঁকা, মুখমণ্ডল কʼলা আৰু দীত উজলা হয় আৰু তেওঁক যদি ভাই-ককাই, বাই-ভনী, মাক-দেউতাক, ওচৰ-চুবুৰীয়াই মৰম কৰাৰ পৰিৱৰ্তে পুটৌ কৰে, ঠাট্ৰা কৰে তেন্তে তেওঁ মানসিকভাৱে যথেষ্ট হতাশ হৈ পৰে আৰু  আঘাত পায় । তেতিয়াই তেওঁৰ মনত সংঘাতৰ সৃষ্টি হয় আৰু অপসমাযোজনমূলক বা  অপসংগতিমূলক আচৰণ প্ৰদৰ্শন কৰে।

৩) আক্ৰমণাত্মক মনোভাৱৰঃ যেতিয়া ব্যক্তিৰ প্ৰৱণতা আৰু সামাজিক পৰিৱেশৰ নিয়ন্ত্ৰণৰ মাজত দ্বন্দ্বৰ  সৃষ্টি হয় তেতিয়াই ব্যক্তিৰ মনত আক্ৰমণাত্মক মনোভাৱে গা কৰি উঠে । এনে দ্বন্দ্বই ব্যক্তিৰ আচৰণক যথেষ্ট প্ৰভাৱিত কৰাৰ ফলত ব্যক্তিয়ে অপসমাযোজিত আচৰণ প্ৰদৰ্শন কৰে ।

৪) মানসিক ভাৰসাম্যহীনতাঃ যেতিয়া শিশুৰ মাক-দেউতাক, শিক্ষক, খেলৰ লগৰীয়াসকলে শিশুৰ প্ৰতি বৈষম্যমূলক আচৰণ প্ৰদৰ্শন কৰে তেনে ক্ষেত্ৰত শিশুৱে নিজকে অবাঞ্জিত অনুভৱ কৰে আৰু  তেতিয়াই মানসিক ভাৰসাম্যহীনতাত ভাগে ফলত তেওঁলোকে অপসমাযোজিত আচৰণৰ প্ৰদৰ্শন  কৰে ।

৫) দৰিদ্ৰতা (poverty): যেতিয়া শিশুৱে নিজৰ মৌলিক প্ৰয়োজনখিনি পূৰণ কৰাত অভিভাৱক বা পিতৃ-মাতৃ ব্যৰ্থ হয় তেতিয়াই শিশুৰ মনত সংঘাতৰ সৃষ্ট হয় । অতিমাত্ৰা মানসিক সংঘাতত ভোগা  শিশুৱে নিজৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে চুৰি, ডকাইটি আদি অপসমাযোজনমূলক আচৰণ কৰে। 

৬) বিপৰ্যস্ত পৰিয়ালঃ যদি মাক দেউতাকৰ সম্বন্ধ ভাল নহয়, মাক বা দেউতাকৰ অকাল মৃত্যু হʼলে,  মাক-দেউতাকৰ মাজত বিচ্ছেদ ঘটিলে, মাহী মাক থাকিলে শিশুৱে উপযুক্ত মৰম, দয়া, সহানুভূতিৰ অভাৱ আনুভৱ কৰে আৰু অৱেগিকভাৱে দুৰ্বল হৈ পৰে । ফলত তেওঁলোকে সমাজৰ অনুভৱ সুস্থ সমাযোজন কৰাত ব্যৰ্থ হয় আৰু অপসমাযোজিত হৈ উঠে ।

৭) মৰম-স্নেহৰ অভাৱঃ অতি সৰু অৱস্থাতে শিশুৱে যদি পিতৃ-মাতৃ,বয়োজ্যেষ্ঠসকলৰ মৰম-স্নেহৰ পৰা বঞ্চিত হয় তেন্তে তেওঁলোকে অসহায় অনুভৱ কৰে । ডাঙৰ হৈ আনক মৰম কৰাৰ পৰিৱৰ্তে  নিৰ্দয়, সহানুভূতিহীন, অত্যাচাৰী, অবিবেচক হৈ উঠিব পাৰে আৰু ঘৰ বা সমাজত সুস্থ  সমাযোজন কৰিব নোৱাৰে । ইও অপসমাযোজনৰ এক উল্লেখযোগ্য ।

৮) মানসিক দ্বন্দ্বঃ যেতিয়া ব্যক্তিয়ে মনত পৰস্পৰ বিৰোধী মনোভাৱৰ বাবে বা মনৰ স্বাভাৱিক ইচ্ছাৰ  লগত সামাজিক নিয়ন্ত্ৰণৰ সংঘাতৰ ফলত দ্বন্দ্বৰ সৃষ্টি হয় আৰু যেতিয়া ব্যক্তিয়ে এনে দ্বন্দ্বৰ উপশম সুস্থভাৱে কৰিব নোৱাৰে তেতিয়াই তেওঁলোকৰ মনত অপসংগতিমূলক আচৰণে দেখা দিয়ে ।

প্ৰশ্নঃ 14. নিৰ্দেশনা আৰু পৰামৰ্শদানৰ সম্পৰ্ক কি কি ?

উত্তৰঃ নিৰ্দেশনা আৰু পৰামৰ্শদানৰ সম্পৰ্কবোৰ হৈছে-

১) নিৰ্দেশনা আৰু পৰামৰ্শদান দুয়োটাই হৈছে মনোবৈজ্ঞানিক প্ৰক্ৰিয়া ।

২) নিৰ্দেশনা আৰু পৰামৰ্শদান দুয়োটাই সেৱা বা কাৰ্যই শিক্ষণীয় পৰিৱেশত শিক্ষাৰ্থীৰ আৰু ব্যৱসায়িক দিশত গ্ৰাহক বা পৰামৰ্শ গ্ৰহণকাৰী ব্যক্তিৰ সমস্যা সমাধানৰ ক্ষেত্ৰত উপযুক্ত নিৰ্দেশ  দি সহায় কৰাৰ ওপৰত গুৰুত্ব দিয়ে । এই দুই সেৱাৰ মুখ্য উদ্দেশ্য হৈছে তেওঁলোকৰ সমস্যা  সমাধানত সহায় কৰে ।

৩) শিক্ষাৰ্থী তথা ব্যক্তিক নিজৰ জীৱিকা সম্ফদ্ধে সঠিক সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰে ।

৪) দুয়োটাই মানৱ আচৰণৰ লগত জড়িত আৰু আচৰণৰ সংশোধন সাধন কৰাই হৈছে এই দুই প্ৰক্ৰিয়াৰ মুখ্য লক্ষ্য ।

৫) দুয়োটা প্ৰক্ৰিয়াই শিক্ষাৰ্থী বা পৰামৰ্শ গ্ৰহণকাৰীক বিভিন্ন তথ্যৰ যোগান ধৰা বা তেওঁলোকৰ    সম্পৰ্কত বিভিন্ন তথ্য আহৰণ কৰা এই দুই তথ্য বিনিময় কাৰ্যৰ লগত জড়িত ।

৬) দুয়োটা প্ৰক্ৰিয়তে শিক্ষাৰ্থী বা ব্যক্তিক নিজৰ অনুভৱ ব্যক্ত কৰাৰ সুযোগ দিয়া হয়, আৰু উৎসাহ প্ৰদান কৰা হয়, তেওঁলোকৰ কথাবোৰ মনোযোগেৰে হৃদয়ংগম কৰা হয় আৰু তেওঁলোকক উপযুক্ত দিহা-পৰামৰ্শ দি সঠিক সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰা হয় ।

৭) দুয়োটা প্ৰক্ৰিয়াই শিক্ষাৰ্থী বা ব্যক্তিক নিজৰ সবলতা আৰু দুৰ্বলতাবোৰ বুলি উঠা, সেইবোৰ গ্ৰহণ কৰা আৰু সংশোধন কৰি শাস্তিপূৰ্ণভাৱে বসবাস কৰাত সহায় কৰে ।

৮) দুয়োটা প্ৰক্ৰিয়াই শিক্ষাৰ্থী তথা ব্যক্তিক পৰিৱৰ্তিত পৰিৱেশ পৰিস্থিতিৰ সগত খাপ খোৱা বা সমাযোজন কৰাত থকা সমস্যা সমাধানৰ পথ নিৰ্দেশনা দি সহায় কৰে ।

৯) দুয়োটা প্ৰক্ৰিয়াই শিক্ষাৰ্থী তথা ব্যক্তিক আত্ম-উপলব্ধি আৰু আত্ম-নিৰ্ভৰশীল হোৱাত সহায় কৰে ।

১০) দুয়োটা প্ৰক্ৰিয়াই শিক্ষাৰ্থী তথা ব্যক্তিক যোগ্যতা, দক্ষতা, সামৰ্থতা, বুদ্ধি আদিৰ যথাযথ ব্যৱহাৰ কৰাত দিহা-পৰামৰ্শ দি সহায় কৰে ।

১১) দুয়োটা প্ৰক্ৰিয়াই শিক্ষাৰ্থী তথা ব্যক্তিক ব্যক্তিগত আৰু ব্যৱহাৰিক দিশৰ সৰ্বোত্তম বিকাশ সাধনত সহায় কৰে ।

১২) দুয়োটা প্ৰক্ৰিয়াই শিক্ষাৰ্থী তথা ব্যক্তিক শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক আৰু আধ্যত্মিক দিশত ভাৰসাম্যপূৰ্ণ বিকাশ সাধনৰ পথ নিৰ্দেশনা দি সহায় কৰে ।

১৩) দুয়োটা প্ৰক্ৰিয়াই শিক্ষাৰ্থী তথা ব্যক্তিক সৰ্বতোমুখী বিকাশ আৰু শান্তিপূৰ্ণ তথা সুখী জীৱনযাপনৰ বাবে দিহা-পৰামৰ্শ দি সহায় কৰে ।

প্ৰশ্নঃ 15. নিৰ্দেশনা, পৰামৰ্শদান আৰু শিক্ষাদান সম্বন্ধ বিচাৰ কৰা ?

উত্তৰঃ নিৰ্দেশনা, পৰামৰ্শদান আৰু শিক্ষাদান এই তিনিটা কাৰ্যৰ মাজত এক নিবিড় সম্পৰ্ক বদ্যমান। তলত এই তিনিটা কাৰ্যৰ সম্পৰ্কবোৰ উল্লেখ কৰা হʼল । যেনে-

১) নিৰ্দেশ, পৰামৰ্শদান আৰু শিক্ষাদান তিনিওটা প্ৰক্ৰিয়াই শিক্ষাৰ্থীৰ আচৰণৰ বাঞ্চিত পৰিৱৰ্তন সাধন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

২) নিৰ্দেশনা, পৰামৰ্শদান আৰু শিক্ষাদান তিনিওটা প্ৰক্ৰিয়াই হৈছে শিক্ষাৰ্থীৰ অভিপ্ৰেত কৰিবৰ বাবে উদ্দীপিত কৰা, পথ প্ৰদৰ্শন কৰা, নিৰ্দেশনা দি আৰু উৎসাহ জনোৱা কাৰ্য সম্পাদনা কৰে।

৩) এই তিনিওটা প্ৰক্ৰিয়াই শিশু তথা শিক্ষাৰ্থীসকলক আচৰণৰ সংশোধন সাধনৰ জৰিয়তে পৰিৱেশৰ লগত সুস্থ সমাযোজন কৰিবৰ বাবে পথ প্ৰদৰ্শন কৰে ।

৪) এই তিনিওটা প্ৰক্ৰিয়াই মনোবৈজ্ঞানিক প্ৰক্ৰিয়া । কাৰণ তিনিওটা কাৰ্য সম্পাদনাৰ বাবে শিক্ষক আৰু পৰামৰ্শদাতাক মনোবিজ্ঞানৰ জ্ঞানৰ প্ৰয়োজন হয় ।

৫) তিনিওটা প্ৰক্ৰিয়াই দ্বি-পাক্ষিক, প্ৰণালীৱদ্ধ আৰু পাৰস্পৰিক সহযোগীতামূলক প্ৰক্ৰিয়া ।

৬) তিনিওটা প্ৰক্ৰিয়াই  শিক্ষাৰ্থীৰ অসুবিধা তথা সমস্যাবোৰৰ কাৰণ নিৰ্ণয় কৰি সেইবোৰ  নিৰাময়ৰ ব্যৱস্থা গ্ৰহণ কৰি শিক্ষাৰ্থীক সহায় কৰে ।

৭) তিনিওটা প্ৰক্ৰিয়াই শিক্ষাৰ্থীক সঠিভাৱে জীৱনৰ লক্ষ্য স্থিৰ কৰাত আৰু ভৱিষ্যৎ জীৱনধাৰণৰ   মান উন্নত কৰাত সহায় কৰে ।

৮) তিনিওটা প্ৰক্ৰিয়াই শিক্ষাৰ্থীৰ খং, ভয়, লাজ, শংকা আদি আৱেগবোৰৰ স্থিৰতা ৰক্ষা কৰি সঠিক প্ৰতিক্ৰিয়া আৰু সঠিক আচৰণ প্ৰদৰ্শন কৰাত শিক্ষাৰ্থীক সহায় কৰে ।

৯) তিনিওটা প্ৰক্ৰিয়াই শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক আদি দিশৰ সুস্থ বিকাশত সহায় কৰে ।

১০) নিৰ্দেশনা আৰু পৰামৰ্শদান কাৰ্য সফলভাৱে সমাধান কৰিবৰ বাবে শিক্ষকে শিক্ষাদানৰ সময়ত বা শ্ৰেণীৰক্ষৰ বাহিৰত শিক্ষাৰ্থীৰ আচৰণ পৰ্যবেক্ষণ কৰি পৰামৰ্শদাতাক শিক্ষাৰ্থী সম্পৰ্কত সঠিক তথ্যৰ যোগান ধৰিব লাগে ।

১১) শ্ৰেণীকক্ষত শিক্ষাদান কাৰ্য সম্পাদন কৰোঁতে শিক্ষকেও এজন পৰামৰ্শদাতাৰ ভূমিকা পালন  কৰিবলগীয়া হয় ।

১২) শিক্ষাদান হৈছে আচৰণৰ বাঞ্চিত পৰিৱৰ্তন সাধনৰ বাবে আগবঢ়োৱা ব্যাখ্যা, প্ৰমাণ,  নিৰ্দেশনা আৰু পৰামৰ্শদান প্ৰক্ৰিয়া ।

১৩) তিনিওটা প্ৰক্ৰিয়াই প্ৰক্ৰিয়াই শিক্ষাৰ্থীক আত্মোপলব্ধি আৰু আত্ম-নিৰ্ভৰশীল কৰি তোলাত  সহায় কৰে ।

ওপৰৰ দিশসমূহ বিশ্লেষণ কৰিলে দেখা যায় যে নিৰ্দেশনা, পৰামৰ্শদান আৰু শিক্ষাদান নিবিড়ভাৱে সম্পৰ্কযুক্ত । শিক্ষানুষ্ঠানৰ পৰিৱেশত শিক্ষাদান কাৰ্যৰ অবিহনে নিৰ্দেশনা আৰু পৰামৰ্শদান প্ৰক্ৰিয়াৰ কোনো অস্তিত্ব নাই । ঠিক সেইদৰে এই দুই বিকাশত এই তিনিওটা প্ৰক্ৰিয়াই বিশেষ তাৎপৰ্য পূৰ্ণ ভূমিকা পালন কৰে ।

প্ৰশ্নঃ 16. মাধ্যমিক বিদ্যালয়ত পৰামৰ্শদাতাৰ ভূমিকাসমূহ কি কি ?

উত্তৰঃ মাধ্যমিক বিদ্যালয়ত একো একোজন পৰামৰ্শদাতাই নিৰ্দেশনা আৰু পৰামৰ্শদান কাৰ্য সফলভাৱে ৰূপায়ণ কৰিবৰ বাবে বিভিন্নধৰণৰ ভূমিকা পালন কৰিবলগীয়া হয়; যেনে-

১) বিদ্যালয়ৰ সকলো সদস্য, কৰ্মচাৰী আৰু আভিভাৱকক শিক্ষাৰ্থীক কোন কোনবোৰ দিশত নিৰ্দেশনা আৰু পৰামৰ্শদান কৰাৰ প্ৰয়োজন সেই দিশবোৰৰ বিষয়ে অৱগত কৰিব লাগে আৰু সকলোৰে সক্ৰিয় সহযোগিতাত বিদ্যালয়ত নিৰ্দেশনা কাৰ্যসূচী আৰম্ভ কৰিব লাগে ।

২) বিদ্যালয়ত এখন নিৰ্দেশনা কমিটি গঠন কৰিব লাগে ।

৩) শৈক্ষিক আৰু বৃত্তিমূলক বা জীৱিকা সম্পৰ্কীয় খবৰ-বাতৰি আৰু তথ্যৰ যোগান ধৰিবৰ বাবে বিদ্যালয়ত এটা সংবাদ কেন্দ্ৰ বা সংবাদ কৰ্ণাৰ খুলিব লাগে ।

৪) বিদ্যালয়ত পৰ্যাপ্ত পৰিমাণে থকা নিৰ্দেশনা সেৱা সম্পৰ্কে শিক্ষাৰ্থীক অৱগত কৰিবৰ বাবে এক  অভিযোজনমূলক বক্তৃতা প্ৰদান কৰিব লাগে।

৫) বিদ্যালয়ত যোগান ধৰা পাঠ্যক্ৰম, কৰ্ম অভিজ্ঞতা কাৰ্যসূচী, সহপাঠ্যক্ৰমিক কাৰ্যাৱলীসমূহৰ  পৰ্যাপ্ততাৰ বিষয়ে শিক্ষাৰ্থী আৰু অভিভাৱকক অৱগত হোৱাত সহায় কৰিব লাগে ।

৬) জনসাধাৰণৰ লগত যোগাযোগ আৰু সম্পৰ্ক বজাই ৰখাৰ ব্যলস্থা গ্ৰহণ কৰিব লাগে ।

৭) দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে উপযোগী আৰু প্ৰাপ্তব্য শৈক্ষিক আৰু বৃত্তীয় দিশৰ বিষয়বোৰৰ বিষয়ে শিক্ষাৰ্থীক অৱগত কৰিব লাগে ।

৮) শৈক্ষিক আৰি বৃত্তিমূলক বা জীৱিত সম্পৰ্কীয় তথ্যৰ যোগান ধৰা । এই ক্ষেত্ৰত জলপানী, সাহাৰ্য, দৰ্মহা, ঋণ, মুক্ত সাহাৰ্য, অৰ্ধ সাহাৰ্য আদিৰ পৰ্যাপ্ততা আৰু পাবপৰা সুবিধাবোৰ তথা এইবোৰ লাভ কৰিবৰ বাবে প্ৰয়োজন হোৱা দৰকাৰী তথ্য-সামগ্ৰী আৰু যোগ্যতাৰ বিষয়ে অৱগত কৰিব লাগে ।

৯) শৈক্ষিক আৰু বৃক্তিমূলক তথ্যবোৰ সংগ্ৰহ কৰা, শ্ৰেণীকৰণ কৰা আৰু ফাইল কৰিব বা সংৰক্ষণ কৰিব লাগে ।

১০) শৈক্ষিক আৰু বৃত্তি সম্পৰ্কীয় প্ৰয়োজনীয় সংবাদবোৰ আকৰ্ষণীয় ৰূপত প্ৰদৰ্শন কৰিব লাগে ।

১১) শিক্ষামূলক আৰু বৃত্তীয় বা জীৱিকা সম্পৰ্কীয় বক্তৃতা, দলগত বা কথছবি প্ৰদৰ্শনৰ দ্বাৰা শৈক্ষিক আৰু বৃত্তিমূলক সংবাদ বা তথ্যবোৰ প্ৰচাৰ কৰা ব্যৱস্থা কৰিব লাগে ।

১২) বেলেগ বেলেগ ক্ষেত্ৰত বিশেষজ্ঞক আমন্ত্ৰণ জনাই বৃত্তি বা জীৱিত সম্পৰ্কত বক্তৃতা প্ৰদানৰ  ব্যৱস্থা কৰিব লাগে ।

১৩) অভিভাৱক দিন বা অভিভাৱক দিৱস পাতিব লাগে ।

১৪) কেৰিয়াৰ দিন, কেৰিয়াৰ সপ্তাহ, কেৰিয়াৰ কনফাৰেঞ্চ আদিৰ সু-ব্যৱস্থা আৰু সেইবোৰ অনুষ্ঠিত কৰিব লাগে ।

১৫) বাতৰি বা খবৰ সম্বলিত এলবাম প্ৰস্তুত কৰিব লাগে ।

প্ৰশ্নঃ 17. মাধ্যমিক বিদ্যালয়ত অভিভাৱকৰ ভূমিকা কি কি ?

উত্তৰঃ মাধ্যমিক বিদ্যালয়ত নিজৰ লʼৰা-ছোৱালীৰ শিক্ষা গ্ৰহণত সফলতা লাভ কৰাৰ ক্ষেত্ৰত অভিভাৱকে নিম্নলিখিত ভূমিকাবোৰ পালন কৰিব লাগে; যেনে –

১) বিদ্যালয়ত অনুষ্ঠিত কৰা নিৰ্দেশনা সম্পৰ্কীয় কাৰ্যসূচীৰ সফল ৰীপায়ণত সক্ৰিয় অংশ গ্ৰহণ কৰিব লাগে ।

২) অভিভাৱক সভাত উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়াব লাগে।

৩) শিক্ষাৰ্থী আৰু অভিভাৱকৰ লগত পৰামৰ্শদাতাৰ ব্যক্তিগত আলোচনাত অংশগ্ৰহণ আৰু সক্ৰিয় সহযোগিতা আহবঢ়াব লাগিব ।

৪) তেওঁলোকৰ লʼৰা-ছোৱালীৰ ভৱিষ্যৎ শৈক্ষিক আৰু বৃত্তিমূলক সম্ভাৱনীয়তাসমূহৰ বিষয়ে উপযুক্ত তথ্য সংগ্ৰহ কৰিব লাগে ।

৫) ঘৰুৱা পৰিৱেশত সমুন্দৰ কৰি ৰখাৰ লগতে লʼৰা –ছোৱালীৰ মানসিক স্বাস্থ্য বজাই ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

৬) লʼৰা-ছোৱালীৰ পঢ়াৰ অভ্যাস গঢ়ি তোলাত গুৰুত্ব দিব লাগে ।

৭) লʼৰা-ছোৱালীৰ কামৰ পৰিকল্পনা কৰা আৰু অধিক শৈক্ষিক কৃতিত্ব লাভ কৰিব পৰাকৈ   তেওঁলোকক সহায়-সহযোগিতা আগবঢ়াব লাগে ।

৮) ভৱিষ্যৎ সুখী জীৱনৰ বাবে তাৎক্ষণিক সুখানুভূতি লাভ কৰিব পৰা কামবোৰ ত্যাগ কৰাৰ প্ৰতি উৎসাহিত কৰিব লাগে ।

৯) লʼৰা-ছোৱালীৰ অন্তৰ্নিহিত সুপ্ত প্ৰতিভাসমূহ আৱিস্কাৰ কৰা আৰু সেইসমূহ বিকাশৰ বাবে সহায় কৰিব লাগে ।

প্ৰশ্নঃ 18. মাধ্যমিক বিদ্যায়ত শিক্ষকজন কেনে হোৱা উচিত ?

উত্তৰঃ শিক্ষাৰ ক্ষেত্ৰত শিক্ষকেই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । শিক্ষকৰ গুণ, জ্ঞান, দক্ষতা, নিপুণতা, কাৰ্যকুশনতা আদিৰ ওপৰতো শিক্ষাৰ বিকাশ ও সফলতা নিৰ্ভৰ কৰে । শিক্ষকেই  শিক্ষাৰ্থীক ভৱিষ্যৎ জীৱনৰ বাবে, দেশৰ বাবে, সমাজৰ বাবে আৰু মানুহৰ বাবে এজন সুন্দৰ ব্যক্তি, নাগৰিক, সামাজিক ব্যক্তি আৰু মানুহ হিচাপে গঢ়ি তোলাত সহায় কৰে । শিক্ষাৰ প্ৰতি গভীৰ ইচ্ছা, শ্ৰদ্ধা আৰু আনুগত্য থকা লোকসকলেহে শিক্ষকতা কাৰ্যত ব্ৰতী হʼব পাৰে । সেয়ে  তেনে ব্যক্তিকহে শিক্ষক হিচাপে নিযুক্তি দিব লাগে । শিক্ষক হʼল জাতিৰ সংগঠক । তেওঁৰ  ওপৰতেই গাঁও, চহৰ, সমগ্ৰ দেশ তথা জাতিৰ ভৱিষ্যৎ নিৰ্ভৰ কৰে । সেয়ে শিক্ষকসকল সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ । বিখ্যাত দাৰ্শনিক পণ্ডিত এৰিষ্ট’টল কৈছিল যে আমাৰ জীৱন দাতা পিতৃ-মাতৃলৈও আমাৰ শিক্ষকসকলেহে বেছি শ্ৰদ্ধাৰ পাত্ৰৰ । ফ্ৰৱেলে কৈছিল শিক্ষক হʼল এজন মালিৰ নিচিনা মালিয়ে যিদৰে বীজ গজাৰ পৰা আৰম্ভ কৰি ফুলৰ বিকাশত অৰিহণা যোগায় ঠিক সেইদৰে শিক্ষকেও শিশু বিকাশৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে ।

পূৰ্বৰ ৰাষ্ট্ৰপতি ড0 জাকিৰ হুছেইনে কৈছিল, “শিক্ষকসকলেই হʼল প্ৰকৃতাৰ্থত জাতিৰ ভাগ্য নিৰ্মাতা” ।

স্বামী বিবেকানন্দই কৈছিল, প্ৰকৃত শিক্ষক সেইজনহে যিজনে শিক্ষাৰ্থীৰ স্তৰলৈ নামি আহিব পাৰে, যিজনে নিজৰ অন্তৰ বাণী শিক্ষাৰ্থীৰ কৰ্মথলীলৈ প্ৰেৰণ কৰিব পাৰে আৰু শিক্ষাৰ্থীৰ  অন্তৰাত্মা নিজৰ অন্তৰাত্মাৰ দ্বাৰা বজিব পাৰি ।

সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল, “শিক্ষাই হʼল এডাল মমবাতিৰ দৰে যিয়ে নিজেই জ্বলি জ্বলি  আনক পোহৰ দিয়ে” ।

মাধ্যমিক শিক্ষা আয়োগৰ মতে শিক্ষাৰ বিকাশ ও পুনৰ গঠনত শিক্ষক আৰু তেওঁৰ  ব্যক্তিগত যোগ্যতা, শিক্ষাগত গুণ, বৃত্তিগত প্ৰশিক্ষণ আদিৰে সমাজ আৰু বিদ্যালয়ত এখন বিশেষ  আসন গ্ৰহণ কৰাত এক গুৰুত্বপূৰ্ণ পালন কৰে ।

ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতে, “যদি কোনো বৃত্তক আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়, তেন্তে মই স্কুলৰ শিক্ষকৰ বৃত্তিয়েই আগস্থান পাব লাগে বুলি বিশ্বাস কৰো”।

প্ৰশ্নঃ 19. মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ ভূমিকাসমূহ কি কি ?

উত্তৰঃ মাধ্যমিক বিদ্যালয়ত শিক্ষকে এক অতি তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰিব লাগে । শিক্ষাৰ্থীসকলৰ  অন্তৰ্নিহিত শক্তি আৰু ক্ষমতাসমূহৰ বিকাশ ঘটাই তেওঁলোকৰ নৈতিক চৰিত্ৰ গঠন কৰাটো শিক্ষকৰ  প্ৰধান কৰ্তব্য আৰু দায়িত্ব । এই ক্ষেত্ৰত শিক্ষকে শিক্ষাৰ্থীৰ বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শকৰ  ভূমিকা পালন কৰিব লাগে । তলত মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ ভূমিকা তথা শিক্ষকৰ কৰ্তব্য আৰু দায়িত্ব সম্পৰ্কে উল্লেখ কৰা হʼল-

১) শিক্ষা পৰিকল্পনাঃ শিক্ষকে শিক্ষাৰ্থীৰ বাবে অনুমোদিত পাঠ্যক্ৰম আৰু কাৰ্যসূচীসমূহ দৈনিক, সাপ্তাহিক, মাহেকীয়া আৰু ছমহীয়া ক্ৰিয়া অগ্ৰগতি স্বৰূপে বিভক্ত কৰি শিক্ষাদান কৰাৰ পূৰ্বেই প্ৰয়োজনীয় আঁচনি বা শৈক্ষিক পৰিকল্পনা প্ৰস্তুত কৰিব লাগে ।

২) পাঠ পৰিকল্পনাঃ শিক্ষকে শিক্ষাৰ্থীক পাঠদান কৰাৰ পূৰ্বে পাঠ-পৰিকল্পনা প্ৰস্তুত কৰিব লাগে।  শিক্ষাৰ তাত্বিক আৰু ব্যৱহাৰিক দুয়ো দিশৰ শিক্ষাৰ বাবে প্ৰয়োজন হোৱা শিক্ষা সঁজুলি আৰু উপকৰণৰবোৰ যথাযোগ্যভাৱে শ্ৰেণীত প্ৰয়োগ কৰিবৰ বাবে পাঠ পৰিকল্পনা যুগুত কৰাটো শিক্ষকৰ প্ৰধান কৰ্তব্য ।

৩) অভিলেখ সংৰক্ষণঃ শিক্ষকে শিক্ষাৰ্থীসকলে দৈনন্দিন অংশগ্ৰহণ কৰা বিভিন্ন কাম-কাজৰ  খতিয়ান, বিভিন্ন ক্ষেত্ৰত প্ৰদৰ্শন কৰা কৃতিত্বৰ তথ্যপাতি, নামভৰ্তিকৰণ, উপস্থিতিৰ হাৰ, মাচুল প্ৰদান আদি তথ্য লিপিবদ্ধ কৰি ৰাখিব লাগে । তদুপৰি বিদ্যালয়ৰ কাৰ্যলয়ে লিপিবদ্ধ কৰা বিভিন্ন তথ্যপাতি যেনে- বিদ্যালয়ৰ আচ-বাৱ পত্ৰ শৈক্ষিক ফলাফল, শিক্ষাৰ্থীৰ সঞ্চিত বৃত্বান্ত, আয়-ব্যয়ৰ হিচাপ, শিক্ষকৰ কল্যান নীতি আদিৰ ক্ষেত্ৰত শিক্ষকে সহায়-সহযোগিতা আগবঢ়াব লাগে।

৪) অভিভাৱকৰ লগত যোগাযোগঃ শিক্ষকে শিক্ষাৰ্থীৰ অভিভাৱকৰ লগত যোগাযোগ স্থাপন কৰি  শিক্ষাৰ্থীৰ বিকাশৰ ধাৰা সম্পৰ্কীয় দিশ সঘনাই আলোচনা কৰিব লাগিব । তেনে কৰিলেহে শিক্ষাৰ্থীৰ সুস্থ ব্যক্তিত্বৰ বিকাশ সাধন হʼব । অভিভাৱক শিক্ষ সংস্থাৰ সহায়ত এই কাৰ্য সফল হʼব ।

৫) সু-পৰিচালনাঃ শিক্ষক হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এজন নিৰ্ভৰযোগ্য ব্যক্তি । শিক্ষকে নিজৰ  ব্যক্তিত্বৰ প্ৰভাৱেৰে ছাত্ৰ-ছাত্ৰীৰ আচৰণৰ পৰিৱৰ্তন আৰু নিয়ন্ত্ৰণৰ বাবে সুপৰিচালনা, সুপৰামৰ্শ আৰু সু-নিৰ্দেশনা দিয়া উচিত । তেওঁলোকৰ গভীৰ জ্ঞান আৰু প্ৰকৃত নিৰ্দেশনাৰে ছাত্ৰ-ছাত্ৰীৰ  গোটেই জীৱনটোকে নিয়ন্ত্ৰণ কৰিব পাৰে ।

৬) প্ৰশাসনিক কাৰ্যাৱলীঃ শিক্ষকে বিভিন্ন প্ৰশাসনীয় কাৰ্য সম্পন্ন কৰাৰ লগতে সেই সমূহৰ পুনৰ সংস্কাৰৰ কাৰণেও নিৰ্দেশনা দিব লাগে । শ্ৰেণী অনুসৰি সমূহৰ পুনৰ বিভাজন, সময় তালিকাৰ প্ৰস্তুত দৈনিক কাৰ্যসূচী প্ৰণয়ন, পৰীক্ষা গ্ৰহণ, অভিভাৱকৰ লগত যোগাযোগ স্থাপন কৰি ছাত্ৰ- ছাত্ৰীৰ উন্নতি আৰু বিকাশৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা দিব লাগে ।

৭) শৈক্ষিক মূল্যায়নঃ শিক্ষাৰ্থীৰ শিক্ষাগত অৰ্হতাক সময়ে সময়ে শিক্ষকে মূল্যায়ন কৰিব লাগে ।  মূল্যায়নৰ ফলাফলৰ ভিত্তিত শিক্ষাৰ্থীৰ অৰ্হতা উন্নতিৰ বাবে উপযুক্ত নিৰ্দেশনা দিব লাগে ।

৮) সাংগঠনিক নিৰ্দেশনাঃ শিক্ষানুষ্ঠানৰ প্ৰয়োজনীয় সকলো কাৰ্যাৱলী শিক্ষকে সংগঠন কৰাৰ দায়িত্ব বহন কৰিব লাগে । ছাত্ৰ-ছাত্ৰীৰ মনস্তাত্বিক দিশৰ ওপৰত ভিত্তি কৰি পাঠ্যক্ৰম, সহ-পাঠ্যক্ৰম আৰু শ্ৰেণীৰ কৰাৰ ক্ষেত্ৰতো শিক্ষকে গুৰুত্ব দিব লাগে ।

৯) পৰিদৰ্শনঃ বিদ্যালয় বা শিক্ষানুষ্ঠানৰ সকলো কামৰ ওপৰত পৰিদৰ্শন, ছাত্ৰ-ছাত্ৰী উপস্থিতি, পাঠ গ্ৰহণ ও পাঠদান উপযুক্ত হৈছে নে নাই, বিদ্যালয়ৰ নীতি নিয়ম, অনুশাসন, কাৰ্যাৱী আদিৰ ওপৰত পৰিদৰ্শন কৰি, খতিয়ান লৈ সেইসমূহ সফলতাৰে পৰিচালনা কৰিবৰ বাবে শিক্ষকে দায়িত্ব ও পৰামৰ্শ প্ৰদান কিব লাগে ।

১০) শিক্ষাগত নিৰ্দেশনাঃ শিক্ষকে শিক্ষাৰ্থীক শিক্ষাগত নিৰ্দেশনা দিয়া উচিত । শিক্ষাৰ্থীৰ ৰুচি, অভিৰুচি, যোগ্যতা, আগ্ৰহ, কৃতিত্ব অনুযায়ী শিক্ষাৰ্থীয়ে ভৱিষ্যতে কেনে শিক্ষা গ্ৰহণ কৰিব লাগে  তাৰ নিৰ্দেশনা দিয়াটো শিক্ষকৰ এক প্ৰধান দায়িত্ব ও কৰ্তব্য ।

প্ৰশ্নঃ 20. জীৱিকা বা কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শদান সম্পৰ্কে বহলাই লিখা ?

উত্তৰঃ Career ৰ অভিধানিক অৰ্থ হʼল, “A profession affording opportunities of advancement.”   অৰ্থাৎ কেৰিয়াৰ হʼল এটা বৃত্তিবা জীৱিকা, যি উন্নতিৰ পূৰ্ণ সুযোগ প্ৰদান কৰে । সেয়েহে কʼব পাৰি ই কেৱল কৰ্মজীৱনৰ ধাৰা বা গতি বা উন্নতিয়েই নহয়, ই হʼল এটা বৃত্তি, যি উন্নতিৰ সুযোগ আৰু পৰিৱেশ গঢ় দিব পাৰে ।

সাম্প্ৰতিক সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ লগে লগে বৃত্তি বা পেশা বা    কেৰিয়াৰৰ জগতখনত ন ন সম্ভাৱনাই গা কৰি উঠিছে য বৰ্তমান সময়ত মাধ্যমিক শিক্ষা গ্ৰহণ   কৰা শিক্ষাৰ্থীয়ে ভৱিষ্যৎ জীৱিকা বা বৃত্তি নিৰ্বাচনৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিব পৰা বিভিন্ন বিষয় আৰম্ভণি হৈছে আৰু প্ৰসাৰতা লাভ কৰিছে । সাধাৰণ শিক্ষাৰ বিষয়সমূহৰ লগতে  অন্যান্য কাৰিকৰী আৰু প্ৰযুক্তিবিদ্যাৰ বিষয়; যেনে- আই. আই. টি. ইঞ্জিনিয়াৰিং, ব্যৱস্থাপনা, ফাৰ্মাচী, প্ৰয়োগিক কৰা, হোটেল ব্যৱস্থাপনা, হস্তশিল্প, স্থপতিবিদ্যা, খাদ্য আৰু প্ৰযুক্তি, কম্পিউটাৰ এপ্লিকেশ্বন, ইলেকট্ৰনিকছ, ফটোগ্ৰাফী, বিউটিচিয়ান, কৃষি, ব্যৱসায়-বাণিজ্য, গ্ৰাহস্থ্য বিজ্ঞান, পেৰামেডিকেল আদি বৃত্তিমুখী শিক্ষাৰ পাঠ্যক্ৰমে প্ৰসাৰতা লাভ কৰিছে । উচ্চতৰ মাধ্যমিক সাং কৰি সাধাৰণ পাঠ্যক্ৰম অধ্যয়ন কৰা শিক্ষাৰ্থীয়েও ভৱিষ্যতে বিভিন্ন বৃত্তি বা জীৱিকা বাছি লʼব পৰাকৈ নিজকে প্ৰস্তুত কৰি তুলিব পাৰে । এনে ক্ষেত্ৰত পেশা সম্পৰ্কীয় বা কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শদান কৰাটো নিতান্তই প্ৰয়োজন । গতিকে, শিক্ষাৰ্থীয়ে নিজৰ ৰুচি, আগ্ৰহ, অভিক্ষমতা    অনুযায়ী কেনেধৰণৰ জীৱিকা বা বৃত্তি নিৰ্বাচন কৰিব লাগে বা কেনেধৰণৰ বৃত্তি নিৰ্বাচন কৰিলে ভৱিষ্যৎ উন্নতি হʼব আৰু সফল সুখী জীৱনযাপন কৰিব পাৰিব সেই সম্পৰ্কে পৰামৰ্শ প্ৰদান কৰাকে কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শ বুলিব পাৰি ষ অৱশ্যে এনে পৰামৰ্শ দান কৰিবৰ বাবে  বিদ্যালয় পৰ্যায়ত বিশেষ পৰদৰ্শী, অৰ্হতাসম্পন্ন আৰু ব্যৱহাৰিক জ্ঞানসম্পন্ন ব্যক্তিক দায়িত্ব অৰ্পন  কৰিব লাগে ।

শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ সংলক্ষণ, ৰুচি-আভিৰুচি, আগ্ৰহ, ইচ্ছা, পছন্দ-অপছন্দ, যোগ্যতা, ক্ষমতা, সামৰ্থ, দক্ষতা, অৰ্হতা, অভিক্ষমতা, সমূহৰ ভিত্তিত নিজকে চিনি, নিজকে বুজি আৰু সাম্পৰতিক সময়ৰ কৰ্ম সংস্থাপনৰ জগতখনৰ পৰিৱেেশ-পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেনেধৰণৰ    জীৱিকা বা বৃত্তি বাছি লোৱা উচিত তথা কেনেধৰণৰ বৃত্তি বাছি লʼলে উন্নতি লাভ কৰিব পাৰিব, কৰ্ম ক্ষেত্ৰত সফলভাৱে সমাযোজনা কৰিব পাৰিব, কৰ্ম সন্তুষ্টি আৰু আত্ম-সমষ্টি লাভ কৰিব আৰু ভৱিষ্যতে সফল জীৱনযাপন কৰিব পাৰিব সেই সম্পৰ্কে সঠিক সিদ্ধান্ত লংবৰ বাবে  অভিজ্ঞ বুলি কোৱা হয় । বৃত্তি নিৰ্বাচনৰ লগত শিক্ষাৰ এক নিবিড় সম্পৰ্ক আছে । কাৰণ, শিক্ষাগত অৰ্হতা আৰু শৈক্ষিক প্ৰশিক্ষণেই হৈছে একোটা বৃত্তি বা জীৱিকা বা কেৰিয়াৰৰ মূল  আধাৰ স্বৰূপ । পেশা বা কেৰ্য়াৰ সম্পৰ্কীয় ,পৰামৰ্শদান হৈছে শিক্ষাৰ্থীক বৃত্তি আৰু শিক্ষাৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লʼবৰ বাবে নিজকে বুজি উঠা, নিজৰ সবলতা, যোগ্যতা, সামৰ্থ্য, অভিক্ষমতা, আগ্ৰহ আদি বুজি উঠাত সহায় কৰা এক নিৰ্দেশনা আৰু পৰামৰ্শদান প্ৰক্ৰিয়া । কেৰিয়াৰ  সম্পৰ্কীয় পৰামৰ্শদান সম্পৰ্কত জন বেলিংহামে হয়, “Career counseling is a counseling  process in which the pupil is assisted in utilizing his or her aptitude and abilities to    develop realistic career plans.”

গতিকে, কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শদান বুলি কʼলে শিক্ষাৰ্থীৰ কেৰিয়াৰ নিৰ্বাচনৰ সঠিক সিদ্ধান্ত গ্ৰহণত সন্মুখীন হোৱা সমস্যা তথা মানসিক অন্তৰ্দ্বন্দ্ব অৱসান ঘটায় নিজৰ অভিক্ষমতা  আৰু সামৰ্থ অনুসৰি সঠিক কেৰিয়াৰ নিৰ্বাচনত সহায় কৰা পৰামৰ্শদানেই হৈছে কেৰিয়াৰ  সম্পৰ্কীয় পৰামৰ্শদান ।

বৃত্তি বা কেবিয়াৰ সম্পৰ্কীয় পৰামৰ্শদানৰ মুখ্য উদ্দেশ্য হৈছে বিভিন্ন বৃত্তিৰ পছন্দৰ বৃত্তিৰ মাজৰ পৰা নিজৰ অভিক্ষমতা আৰু যোগ্যতা বা সামৰ্থ্য অনুসৰি এট সঠিক বৃত্তি নিৰ্বাচন কৰা,  সেই বৃত্তিৰ বাবে নিজক প্ৰস্তুত কৰা আৰু সেই ক্ষেত্ৰত সফলতা লাভ কৰাত সহায় কৰা ।

প্ৰশ্নঃ 20. শিক্ষাৰ্থীৰ কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শদানৰ বাবে কেইটামান উপাদানৰ প্ৰয়োজনীয় ব্যাখ্যা কৰা ।

উত্তৰঃ ১) এজন অৰ্হতা সম্পন্ন পৰামৰ্শদাতাঃ কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শদান কৰিবৰ বাবে মনোবিজ্ঞান বা প্ৰায়োগিক মনোবিজ্ঞান বা পৰামৰ্খদান মনোবিজ্ঞাননত স্নাতকোত্তৰ ডিগ্ৰীধাৰী মনোবিজ্ঞান হʼব লাগিব । অৰ্থাৎ তেওঁ মনোবিজ্ঞানৰ জ্ঞান থকা পাৰদৰ্শী ব্যক্তি হʼব লাগিব । তদুপৰি তেওঁ যিটো ক্ষেত্ৰত পৰামৰ্শদান কৰিব যেনে-ইঞ্জিনিয়াৰিং, ব্যৱস্থাপনা আদি) সেই বিষয়টোৰ সম্পৰ্কত  পাৰদৰ্শী হʼব লাগিব । এজন ভাল পৰামৰ্শদাতাই সমস্যা সমাধানৰাকী, পৰ্যবেক্ষক, ভাল শ্ৰুতা আৰু বিভিন্ন ক্ষেত্ৰত পৰ্যাপ্ত ক্ষান সম্পন্ন ব্যক্তি হʼব লাগিব । তেতিয়াহে তেওঁ শিক্ষাৰ্থী তথা  ব্যক্তিক সঠিক সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰিব পাৰি ।

২) এক নিৰাপদ পৰিৱেশঃ কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শদানৰ বাবে এডোখৰ নিৰাপদ স্থান আৰু নিৰাপদ পৰিৱেশৰ প্ৰয়োজন । এনে পৰিৱেশতহে শিক্ষাৰ্থী বা ব্যক্তিয়ে সহজে আৰু কোনো ধৰণৰ সংকোচ নকৰাকৈ নিজৰ ভৱিষ্যৎ বৃত্তি বা কেৰিয়াৰ সম্পৰ্কে পৰামৰ্শদাতাৰ লগত আলোচনা কৰিব পাৰিব । এনে কৰিলেহে তেওঁ সম্বন্ধীয় তথ্য আন শিক্ষাৰ্থীয়ে জনাৰ সুবিধা  নাপাব আৰু তেতিয়াই তেওঁ নিৰাপদ অনুভৱ কৰিব ।

৩) বিশ্বাস আৰু গেপণীয়তা ৰক্ষাৰ চুক্তিঃকেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শদান প্ৰক্ৰিয়া পৰামৰ্শদাতা আৰু শিক্ষাৰ্থীৰ বিশ্বাস আৰু শিক্ষাৰ্থীৰ গোপণীয়তাৰ ৰক্ষা কৰি প্ৰদান কৰা এক প্ৰক্ৰিয়া ।

৪) মনোবৈজ্ঞানিক মূল্যায়নঃ শিক্ষাৰ্থীৰ অভিক্ষমতা আৰু ব্যক্তিত্ব মূল্যায়ন কৰিবৰ বাবে এক বিজ্ঞানসন্মত আৰু প্ৰতিমানীকৃত মনোবৈজ্ঞানিক অভীক্ষা পৰিচালনা কৰিব লাগে । এনে অভীক্ষাৰ আগ্ৰহ আৰু কৌশল সম্পৰ্কে জানিব পাৰে । শিক্ষাৰ্থী সম্পৰ্কীয় এনে তথ্যবোৰে তেওঁৰ বাবে   কেনেধৰণৰ কেৰিয়াৰ বা বৃত্তি উপযুক্ত হʼব সেই সম্পৰ্কে অৱগত কৰাত সুবিধা হয় ।

প্ৰশ্নঃ 21. বৃত্তি বা কেৰিয়াৰ সম্বন্ধীয় পৰামৰ্শদান বা কেৰিয়াৰ কউন্সেলিঙৰ প্ৰয়োজনীয়তা কোনখিনিত?  ব্যাখ্যা কৰা ।

উত্তৰঃ কেৰিয়াৰ কউন্সেলিঙৰ প্ৰয়োজনীয়তা তথ্যৰ গুৰুত্ব তলত উল্লেখ কৰা হʼল-

১) এনে পৰামৰ্শদানে বিভিন্ন ধৰণৰ পছন্দৰ বৃত্তি বা কেৰিয়াৰৰ মাজৰ পৰা নিজৰ অভিক্ষমতা, কৌশল, সামৰ্থ অনুসৰি এটা সঠিক কেৰিয়াৰ বাছি লোৱাত সহায় কৰে ।

২) এনে পৰামৰ্শদানে শিক্ষাৰ্থীক কেৰিয়াৰৰ উন্নতি সাধনৰ বাবে প্ৰয়োজন হোৱা সম্পদৰ অৰ্থাৎ নিজৰ সময় আৰু অভিভাৱকৰ অৰ্থৰ সঠিক ব্যৱহাৰ কৰাত সায় কৰে । শিক্ষাৰ্থীৰ কেৰিয়াৰৰ উন্নতিত হেঙাৰ স্বৰূপে বাধাবোৰ নেওচি গভীৰ আত্মবিশ্বাসেৰে কেৰিয়াৰত উন্নতি সাধন কৰাত কেৰিয়াৰ কাউন্সেলিঙে সহায় কৰে ।

৩) শিক্ষাৰ্থীক নিজৰ কেৰিয়াৰৰ সম্পৰ্কত সঠিক সিদ্ধান্ত নোৱাৰা বা কেৰিয়াৰক লৈ নিজৰ শাৰিৰীক আৰু মানসিক স্বাস্থ্যক গুৰুত্ব নিদিয়া ধৰণৰ আচৰণবোৰৰ পৰিৱৰ্তন সাধন কৰি ঘৰ, পৰিয়াল আৰু বিদ্যালয়ত সুস্থ সমাযোজিত আচৰণ প্ৰদৰ্শন কৰাত সহায় কৰে ।

৪) কেৰিয়াৰ সম্পৰ্কত থকা হীনমন্যতা নাইকীয়া কৰি এটা ভাল কেৰিয়াৰ নিৰ্বাচন কৰা আৰু  তাৰ লগত জৰিত শিক্ষা, মূল্যবোধ, কৌশল, দৃষ্টিভংগী, আগ্ৰহ, উদ্দেশ্যৰ দ্বাৰা নিজৰ কেৰিয়াৰৰ উন্নতি সাঝন কৰাত কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শদানে সহায় কৰে । 

৫) কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শদান প্ৰক্ৰিয়াত শিক্ষাৰ্থীয়ে অভিজ্ঞ পৰামৰ্শদাতাৰ লগত অভিজ্ঞতা  নিবিময় কৰাৰ সুযোগ পায় । ই শিক্ষাৰ্থীক উৎসাহ আৰু প্ৰেৰণা যোগায় । যি তেওঁক ভৱিষ্যৎ জীৱনৰ বাবে প্ৰস্তুত কৰি তোলাত সহায় কৰে ।

৬) এনে পৰামৰ্শদানে শিক্ষাৰ্থীক কেৰিয়াৰৰ উন্নতি সম্পৰ্কত সঠিকভাৱে চিন্তা কৰা আৰু সঠিক  সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰে ।

প্ৰশ্নঃ 22. প্ৰত্যক্ষ পৰামৰ্শদানৰ সুবিধা-অসুবিধাসমূহ উল্লেখ কৰা ।

উত্তৰঃ প্ৰত্যক্ষ পৰামৰ্শদানৰ সুবিধাঃ

প্ৰত্যক্ষ পৰামৰ্শদানৰ সুবিধাবোৰ নিম্নলিখিত ধৰণৰ, যেনে-

১) পৰামৰ্শদান কাৰ্যত কম সময়ৰ প্ৰয়োজন হয় । অৰ্থাৎ সময়ৰ ক্ষেত্ৰত ই এক মিতব্যয়ী ব্যৱস্থা ।

২) ই সমস্যাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰে, ব্যক্তিৰ ওপৰত নহয় । ইয়াত পৰামৰ্শদাতাই পৰামৰ্শ গ্ৰহণৰাকী বা শিক্ষাৰ্থীক ব্যক্তিগত ভাৱে লক্ষ্য কৰাতকৈ তেওঁক বস্তুনিষ্ঠভাৱেহে লক্ষ্য   কৰে ।

৩) ব্যক্তিৰ ব্যক্তিত্বৰ আৱেগিক দিশটোতকৈ বৌদ্ধিক দিশটোৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা  হয় । ইয়াত পৰামৰ্শ গ্ৰহণকাৰী বা শিক্ষাৰ্থীক অধিক সমস্যাবোৰ বৌদ্ধিক পৰ্যায়ত বা বৌদ্ধিক চিন্তাৰে সমাধান কৰাত সহায় কৰা হয়, আৱেগিকভাৱে নহয় ।

৪) ইয়াত প্ৰত্যক্ষ, প্ৰবৃত্তিমূলক বা আনন্দদায়ক আৰু ব্যাখ্যাকৰণ পদ্ধতি ব্যৱহাৰ কৰা হয় ।

প্ৰত্যক্ষ পৰামৰ্শদানৰ অসুবিধাঃ

প্ৰত্যক্ষ পৰামৰ্শদানৰ অসুবিধাবোৰ নিম্নলিখিত ধৰণৰ, যেনে-

১) ইয়াত শিক্ষাৰ্থী বা পৰামৰ্শ গ্ৰহণকাৰীয়ে পৰামৰ্শদানৰ দ্বাৰা আত্ম-বিশ্লেষণ বা নতুন সমস্যা সমাধান কৰা কোনো যোগ্যতা আহৰণ কৰিবলৈ সক্ষম নহয় ।

২) পৰামৰ্শদান ব্যৱস্থাত শিক্ষাৰ্থী বা পৰামৰ্শ গ্ৰহণকাৰী পৰামৰ্শদাতাৰ ওপৰত অধিক নিৰ্ভৰশাল  হৈ । তেওঁলোকে পৰামৰ্শদাতাৰ পৰা কেতিয়াও স্বাধীন হʼব নোৱাৰে ।

৩) ইয়াৰ দ্বাৰা আৱেগিক অপসমাযোজনীয় সমস্যাবোৰ সমাধান কৰিব নোৱাৰি ।

৪) ইয়াৰ দ্বাৰা বহু সময়ত পৰামৰ্শ গ্ৰহণকাৰী বা শিক্ষাৰ্থী সম্পৰ্কত প্ৰকৃত তথ্য সংগ্ৰহৰ  অভাৱত ভুল পৰামৰ্শ দান কৰাৰ সম্ভাৱনা থাকে ।

৫) প্ৰত্যক্ষ পৰামৰ্শ প্ৰদান কৰাৰ পিছত ভৱিষ্যতে শিক্ষাৰ্থীয়ে বা পৰামৰ্শ গ্ৰহণকাৰীয়ে যে ভুল নকৰিব তাৰ নিশ্চিতি প্ৰদান কৰিব নোৱাৰি ।

প্ৰশ্নঃ 23. পৰোক্ষ পৰামৰ্শদানৰ সুবিধা-অসুবিধাবোৰ কি কি ?

উত্তৰঃ পৰোক্ষ পৰামৰ্শদানৰ সুবিধাবোৰ হৈছে –

১) ইপৰামৰ্শ গ্ৰহণকাৰী বা শিক্ষাৰ্থীক সমাযোজন স্থপন ৰ বাবে সক্ষম কৰি তোলাৰ এক নিশ্চিত প্ৰক্ৰিয়া ।

২) ইয়াত কোনোধৰণৰ পৰীক্ষা বা অভীক্ষা লোৱাৰ ব্যৱস্থা নাই বাবে ইয়াত ক্ৰুতি হোৱাৰ  সম্ভাৱনা নাথাকে ।

৩) ই আৱেগিক বাধা নাইকিয়া কৰে আৰু ই ব্যক্তিক উদ্বেগমুক্ত কৰাত আৰু অৱদমিত চিন্তা- ভাবনাক সচেতনতাৰ পৰ্যায়লৈ অনাগত সহায় কৰে ।

পৰোক্ষ পৰামৰ্শদানৰ অসুবিধাবোৰ হৈছে –

১) ই লেহেমীয়া আৰু সময় খৰচী প্ৰক্ৰিয়া ।

২) ইয়াৰ জৰিয়তে বিদ্যালয়ত বহু শিক্ষাৰ্থীৰ প্ৰতি মনোযোগ দিয়া বা বহু শিক্ষাৰ্থীক পৰামৰ্শদান    কৰাটো সম্ভৱ নহয় ।

 ৩) যদি শিশু বা শিক্ষাৰ্থী বা পৰামৰ্শ গ্ৰহণকাৰী মিজে সিদ্ধান্ত গ্ৰহণ কৰিব পৰাকৈ পৰিপক্ক নহয়, তেনেক্ষেত্ৰত তেওঁলোকক বিচাৰ কৰাৰ ক্ষমতা, আৰু পৰামৰ্শদানৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি  হয় ।

৪) ইয়াত পৰামৰ্শদাতাৰ নেতিবাচক দৃষ্টিভংগীৰ পৰামৰ্শ গ্ৰহণকাৰীক অস্বস্তিত পেলাব পাৰে । ফলত তেওঁ নিজৰ আৱেগ-অনুভূতি মুক্তভাৱে প্ৰকাশ কৰিবলৈ শংকা কৰাৰ সম্ভাৱনাই বেছি ।     

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top