Global Politics Unit 4 সমসাময়িক গোলকীয় সমস্যা – II

Global Politics Unit 4 সমসাময়িক গোলকীয় সমস্যা – II, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Global Politics Unit 4 সমসাময়িক গোলকীয় সমস্যা – II Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Global Politics Unit 4 সমসাময়িক গোলকীয় সমস্যা – II Question Answer can be of great value to excel in the examination.

Global Politics Unit 4 সমসাময়িক গোলকীয় সমস্যা – II

Join Telegram channel

Global Politics Unit 4 সমসাময়িক গোলকীয় সমস্যা – II Notes cover all the exercise questions in UGC Syllabus. Global Politics Unit 4 সমসাময়িক গোলকীয় সমস্যা – II provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

এই অস্থায়ী মিশ্ৰিত আয়োগে অস্ত্ৰ সীমিতকৰণৰ বাবে তলৰ নীতিসমূহ দাঙি ধৰিছিল-

(ক) যিকোনো নিৰস্ত্ৰীকৰণ আঁচনি সাৰ্বজনীনভাৱে কাৰ্যকৰী হ’ব লাগিব।

(খ) অস্ত্ৰ সীমিত কৰিবলৈ হ’লে ৰাষ্ট্ৰৰ চৰকাৰবিলাক নিৰাপদ হ’ব লাগিব।

(গ) অস্ত্ৰ সীমিতকৰণৰ ক্ষেত্ৰত সাধাৰণ চুক্তি সম্পাদন কৰিব লাগিব।

(ঘ) ওচৰ-চুবুৰীয়া ৰাষ্ট্ৰৰ লগত প্ৰতিৰক্ষামূলক চুক্তি সম্পাদন কৰি তৎকালীন সাহাৰ্য নিশ্চিত কৰিব লাগিব ইত্যাদি।

১৯২৪ চনত জাতিসংঘই জেনেভা প্ৰট’কল গ্ৰহণ কৰিছিল। অস্ত্ৰ নিৰস্ত্ৰীকৰণ সম্পৰ্কত এই প্ৰট’কল কিছুমান নীতি গ্ৰহণ কৰিছিল।

এই নীতিসমূহ হ’ল-

(ক) যুদ্ধৰ আশ্ৰয় লোৱাটো যিকোনো পৰিস্থিতিত নিষিদ্ধ কৰিব লাগে।

(খ) আক্ৰমণকাৰীক চিনাক্ত কৰিব লাগে আৰু যদি ৰাষ্ট্ৰখনে পৰিষদে নিৰ্ধাৰণ কৰা ব্যৱস্থাৱলী গ্ৰহণ নকৰে তেন্তে সেই দেশখনকে আক্ৰমণকাৰী বুলি চিনাক্ত কৰিব লাগে।

(গ) আক্ৰমণকাৰী হিচাপে নিৰ্ধাৰণ কৰাৰ পিছত দেশখনৰ ওপৰত বাধ্যতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

৪। সামূহিক স্বাৰ্থ সিদ্ধিৰ বাবে কেনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি আলোচনা কৰা। (Discuss what measures can be taken to fulfill the collective interest?)

উত্তৰঃ ৰাষ্ট্ৰৰ সামূহিক স্বাৰ্থ ৰক্ষাৰ বাবে নিম্নলিখিত প্ৰায়বিলাক তথা ব্যৱস্থাবিলাক গ্ৰহণ কৰিব পাৰি।

(ক) শাস্তিমূলক ব্যৱস্থা: ৰাষ্ট্ৰই নিজস্বাৰ্থ পূৰণৰ বাবে নিজ দেশৰ ভিতৰতে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে। যিখন দেশৰ বিৰুদ্ধে এনে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হয় তেনে ৰাষ্ট্ৰৰ ওপৰত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ নপৰে। ঠিক সেইদৰে এখন দেশে আন এখন দেশৰ ওপৰত নিজ স্বাৰ্থ পূৰণৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰে তাৰ প্ৰভাৱ প্ৰত্যক্ষভাৱে পৰে।

আনহাতে প্ৰত্যক্ষ প্ৰভাৱ পৰা ব্যৱস্থাৰ দ্বাৰা নিজৰ স্বাৰ্থ পূৰণৰ বাবে ৰাষ্ট্ৰখনৰ ওপৰত সামৰিক শক্তি প্ৰয়োগ কৰাৰ ব্যৱস্থা কৰে। এনে ব্যৱস্থাৰ দ্বাৰা শত্ৰু ৰাষ্ট্ৰখনৰ নিজ দেশত থকা সম্পত্তি বাজেয়াপ্ত কৰা, ক্ষতিপূৰণ কৰা, চুক্তি ৰদ কৰা, জাহাজ জব্দ কৰা আদি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

(খ) কুটনৈতিক সম্পৰ্ক: এখন দেশে আন এখন দেশৰ লগত কুটনৈতিক সম্পৰ্ক স্থাপনৰ জৰিয়তেও সামূহিক স্বাৰ্থ ৰক্ষা কৰিব পাৰে। এই ক্ষেত্ৰত দুয়োখন দেশে আমদানি-ৰপ্তানি সম্পৰ্কীয় চুক্তিত সম্পাদন কৰিব পাৰে।

(গ) মৈত্ৰী চুক্তি: কোনো দুই বা ততোধিক ৰাষ্ট্ৰৰ মাজত মৈত্ৰীক চুক্তি স্বাক্ষৰ কৰিও সামূহিক স্বাৰ্থ ৰক্ষা কৰিব পাৰি।

(ঘ) প্ৰচাৰ: ৰাষ্ট্ৰৰ সামূহিক স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে চলোৱা প্ৰচাৰ কাৰ্যইও সহায় কৰে।

(ঙ) অৰ্থনৈতিক সাহাৰ্য: উন্নত ৰাষ্ট্ৰবিলাকে অৰ্থনৈতিকভাৱে দুৰ্বল ৰাষ্ট্ৰবোৰক আৰ্থিক সাহাৰ্য্য প্রদান কৰিও নিজ স্বাৰ্থ পূৰণ কৰিব পাৰে।

(চ) সামূহিক নিৰাপত্তা: আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰিবৰ বাবে বহুতো ৰাষ্ট্ৰই সামূহিক নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰে। এনে ব্যৱস্থাইও ৰাষ্ট্ৰৰ সামূহিক স্বাৰ্থ ৰক্ষাত সহায় কৰে।

৫। নিৰস্ত্ৰীকৰণ ব্যৱস্থা কি কি কাৰণে সফল হোৱা নাই? নিৰস্ত্ৰীকৰণ ব্যৱস্থাৰ কাৰণে জাতিসংঘই কেনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে? (What made the disarmament system not successful? What action can the UN take for disarmament?)

উত্তৰঃ নিৰস্ত্ৰীকৰণ ব্যৱস্থা বিফল হোৱাৰ কিছুমান কাৰণ তলত আলোচনা কৰা হ’ল-

(ক) দেশবিলাকৰ মাজত দেখা দিয়া গুৰুত্বৰ অৰ্থনৈতিক সংকটৰ সমস্যাত ভুগিবলগীয়া হোৱাৰ বাবে অৰ্থনৈতিক সংকট দূৰীকৰণতহে বেছি গুৰুত্ব আৰোপ কৰে। নিৰস্ত্ৰীকৰণ বিষয়টোত বিশেষ গুৰুত্ব নিদিয়ে।

(খ) শান্তি চুক্তি বৰ্জিত হোৱা জাৰ্মানীৰ দৰে ৰাষ্ট্ৰই প্ৰতিহিংসাৰ মনোভাৱ গ্ৰহণ কৰাৰ ফলত জাৰ্মান ইটালীৰ মাজত পুনৰ যুদ্ধ হোৱাৰ সম্ভাৱনা থকাৰ বাবে নিৰস্ত্ৰীকৰণৰ ঠাইত সেই দেশে অস্ত্ৰ সুসজ্জিত কৰাতহে গুৰুত্ব আৰোপ কৰে।

(গ) জাপানে নিৰস্ত্ৰীকৰণৰ নীতিসমূহক গ্ৰহণ নকৰি আক্ৰমণাত্মক নীতিক বেছি প্ৰশ্ৰয় দিয়াৰ ফলতো নিৰস্ত্ৰীকৰণ ব্যৱস্থা সফল হ’ব পৰা নাই।

(ঘ) জাতিসংঘই আক্ৰমণকাৰীৰ ওপৰত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাৰ ফলত আৰু জাতিসংঘৰ নীতি উলংঘাকাৰীক দোষাৰোপ কৰাত ব্যৰ্থ হোৱাৰ ফলতো নিৰস্ত্ৰীকৰণ ব্যৱস্থা বিফল হয়।

(ঙ) নিৰস্ত্ৰীকৰণ সম্পৰ্কত বৃহৎ শক্তিগোষ্ঠীৰ মাজত থকা মতবিৰোধৰ বাবেও অস্ত্ৰ নিৰস্ত্ৰীকৰণ ব্যৱস্থা সফল হোৱা নাছিল।

(চ) জাতিসংঘৰ লীগৰ বাহিৰে ভিতৰে হোৱা নিৰস্ত্ৰীকৰণ সন্মিলনত বৃহৎ শক্তিগোষ্ঠীৰ মুৰব্বীসকলে অংশসমূহ দুৰ্বল হৈ পৰে। ফলত এই ব্যৱস্থা বিফল হয়।

(ছ) পুঁজিবাদী দেশবিলাকে ব্যৱসায়িক দৃষ্টিভংগীৰে যুদ্ধৰ সঁজুলি প্ৰস্তুত কৰি ধন উপাৰ্জন কৰিবলৈ কৰা প্ৰচেষ্টাৰ ফলত অনুন্নত দেশবিলাকলৈও এনে অস্ত্ৰ-শস্ত্ৰৰ ৰপ্তানি কৰে যাৰ ফলত নিৰস্ত্ৰীকৰণ ব্যৱস্থা বিফল হয়।

(জ) সৰু সৰু ৰাষ্ট্ৰবিলাকে নিৰস্ত্ৰীকৰণ ব্যৱস্থাৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰদৰ্শন নকৰাৰ বাবেও এনে ব্যৱস্থা বিফল হৈছে।

(ঝ) নিৰস্ত্ৰীকৰণ বুলি ক’লে প্ৰকৃততে কোনবিলাক দিশ অন্তৰ্ভুক্ত হ’ব সেই সম্পৰ্কে এটা নিৰ্দিষ্ট সংজ্ঞা নথকাৰ বাবেও এই ব্যৱস্থা বিফল হয়।

(ঞ) বৰ্তমান বৈজ্ঞানিক আৱিস্কাৰৰ ফলত দিনক দিনে বৃদ্ধি পোৱা যুদ্ধৰ সামগ্ৰীৰ বাবে সীমাৱদ্ধতা আৰোপ কৰাটো সম্ভৱপৰ হোৱা নাই। এনেবোৰ দিশৰ পৰিপ্ৰক্ষিততো নিৰস্ত্ৰীকৰণ ব্যৱস্থা বিফল হয়।

নিৰস্ত্ৰীকৰণ ব্যৱস্থাৰ ক্ষেত্ৰত জাতিসংঘই নিম্নলিখিত ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰে।

(ক) জাতিসংঘৰ লীগে ১৯২০ চনত সামৰিক, নৌ আৰু বিমানবাহিনীৰ বিশেষজ্ঞক লৈ এখন স্থায়ী নিৰস্ত্ৰীকৰণ পৰামৰ্শকাৰী আয়োগ গঠন কৰে। এই আয়োগে নিৰস্ত্ৰীকৰণ সম্পৰ্কত বৰ্তমান অতি জৰুৰী পৰামৰ্শ আগবঢ়ায়।

(খ) নিৰস্ত্ৰীকৰণ সম্পৰ্কত অস্ত্ৰ সীমিতকৰণ কৰিবৰ বাবে ১৯২০ চনত এখন মিশ্ৰিত আয়োগ গঠন কৰা হয়। এই আয়োগে স্থায়ী আয়োগৰ লগত যুটীয়াভাৱে কাম কৰি পাৰস্পৰিক সহযোগিতা অস্ত্ৰ সীমিতকৰণৰ বাবে পৰামৰ্শ দিয়ে।

এই অস্থায়ী মিশ্ৰিত আয়োগে অস্ত্ৰ সীমিতকৰণৰ বাবে তলৰ নীতিসমূহ দাঙি ধৰিছিল- 

১। যিকোনো নিৰস্ত্ৰীকৰণ আঁচনি সাৰ্বজনীনভাৱে কাৰ্যকৰী হ’ব লাগিব।

২। অস্ত্ৰ সীমিত কৰিবলৈ হ’লে ৰাষ্ট্ৰৰ চৰকাৰবিলাক নিৰাপদ হ’ব লাগিব।

৩। অস্ত্ৰ সীমিতকৰণৰ ক্ষেত্ৰত সাধাৰণ চুক্তি সম্পাদন কৰিব লাগিব।

৪। ওচৰ-চুবুৰীয়া ৰাষ্ট্ৰৰ লগত প্ৰতিৰক্ষামূলক চুক্তি সম্পাদন কৰি তৎকালীন সাহাৰ্য নিশ্চিত কৰিব লাগিব ইত্যাদি।

১৯২৪ চনত জাতিসংঘই জেনেভা প্ৰট’কল গ্ৰহণ কৰিছিল। অস্ত্ৰ নিৰস্ত্ৰীকৰণ সম্পৰ্কত এই প্ৰট’কল কিছুমান নীতি গ্ৰহণ কৰিছিল।

এই নীতিসমূহ হ’ল-

১। যুদ্ধৰ আশ্ৰয় লোৱাটো যিকোনো পৰিস্থিতিত নিষিদ্ধ কৰিব লাগে।

২। আক্ৰমণকাৰীক চিনাক্ত কৰিব লাগে আৰু যদি ৰাষ্ট্ৰখনে পৰিষদে নিৰ্ধাৰণ কৰা ব্যৱস্থাৱলী গ্ৰহণ নকৰে তেন্তে সেই দেশখনকে আক্ৰমণকাৰী বুলি চিনাক্ত কৰিব লাগে।

৩। আক্ৰমণকাৰী হিচাপে নিৰ্ধাৰণ কৰাৰ পিছত দেশখনৰ ওপৰত বাধ্যতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

৬। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী উল্লেখ কৰা। (Mention the composition, powers and functions of the UN Security Council?)

উত্তৰঃ নিৰাপত্তা পৰিষদ হৈছে ৰাষ্ট্ৰসংঘৰ এক আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ। এই পৰিষদে নিৰাপত্তা ৰক্ষা আৰু বিশ্বশান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে। প্ৰথম অৱস্থাত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ৫৩ জন স্থায়ী সদস্য আৰু ৬ জন অস্থায়ী সদস্য আছিল। এই নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্ৰ আছিল ৫ খন। সেইকেইখন হৈছে আমেৰিকা, ফ্ৰান্স, ৰাছিয়া, ইংলেণ্ড আৰু চীন গণৰাজ্য। এই পৰিষদৰ অস্থায়ী সদস্যসকলক ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজৰ পৰা নিৰ্বাচন কৰা হয়।

প্ৰত্যেক সদস্য ৰাষ্ট্ৰই নিৰাপত্তা পৰিষদত এটাকৈ ভোটদানৰ অধিকাৰ থাকে। কোনো পদ্ধতিগত বিষয়ত সিদ্ধান্ত ল’বৰ বাবে ইয়াৰ ৯ জন সদস্যৰ সমৰ্থনৰ প্রয়োজন হয়। তদুপৰি ৫ জন স্থায়ী সদস্য আৰু বাকী ৪ জন সদস্যৰ সমৰ্থনৰ পৰিপ্ৰেক্ষিততহে নিৰাপত্তা পৰিষদৰ গুৰুত্বপূৰ্ণ বিষয়বোৰত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। অৱশ্যে যদিহে কোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত কেৱল মাত্ৰ এখন সদস্য ৰাষ্ট্ৰই সন্মতি নজনোৱাকৈ থাকে তেনে ক্ষেত্ৰত তেনে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাযায়।

নিৰাপত্তা পৰিষদৰ ক্ষমতা আৰু কাৰ্য: নিৰাপত্তা পৰিষদৰ ক্ষমতা আৰু কাৰ্যসমূহ তলত উল্লেখ কৰা হ’ল-

(ক) বিভিন্ন বিষয়ত আলোচনা কৰা, অনুসন্ধান কৰা আৰু অনুমোদন জনোৱা আদি ক্ষমতা নিৰাপত্তা পৰিষদৰ আছে। এই ৰাষ্ট্ৰবোৰে বিবাদপূৰ্ণ কাৰ্যত অৱতীৰ্ণ হ’লে নিৰাপত্তা পৰিষদে সেই বিবাদ শান্তিপূৰ্ণভাৱে মীমাংসা কৰিবলৈ আহ্বান জনাব পাৰে আৰু এনে বিবাদ মীমাংসা সম্পৰ্কত সদস্য ৰাষ্ট্ৰবোৰেও নিৰাপত্তা পৰিষদলৈ সেই বিষয়টো প্ৰেৰণ কৰিব পাৰে।

(খ) নিৰাপত্তা পৰিষদে আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ কাৰণে অস্ত্ৰ-শস্ত্ৰ নিয়ন্ত্ৰণ কৰাৰ বাবে পৰিকল্পনা যুগুত কৰে। নিৰাপত্তা পৰিষদৰ তত্বাৱধানতে আণৱিক শক্তি আয়োগে কাৰ্যনিৰ্বাহ কৰে।

(গ) নিৰাপত্তা পৰিষদৰ অনুমোদন সাপেক্ষেহে সাধাৰণ সভাই ৰাষ্ট্ৰসংঘৰ চনদ সংশোধনীৰ প্ৰস্তাৱ কাৰ্যকৰী কৰিব পাৰে।

(ঘ) এই পৰিষদৰ নিৰ্বাচনী ক্ষমতা থকাৰ বাবেই আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশক নিৰ্বাচন কৰাৰ ক্ষেত্ৰত অংশ গ্ৰহণ কৰিব পাৰে।

(ঙ) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অনুমোদন সাপেক্ষেহে সাধাৰণ সভাই নতুন সদস্য ৰাষ্ট্ৰক সদস্যপদ দিব পাৰে আৰু কোনো সদস্য ৰাষ্ট্ৰক সদস্য পদৰ পৰা বহিস্কাৰ কৰিব পাৰে।

(চ) নিৰাপত্তা পৰিষদে বিবাদ মীমাংসাৰ বাবে বিবাদত লিপ্ত হোৱা ৰাষ্ট্ৰৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা, যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত বাধা আৰোপ আৰু কুটনৈতিক সম্পৰ্ক ছেদ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

গতিকে নিৰাপত্তা পৰিষদেই হৈছে ৰাষ্ট্ৰসংঘৰ আটাইতকৈ প্ৰভাৱশালী অংগ।

৭। মানৱ অধিকাৰ মানে কি? মানৱ অধিকাৰ উলংঘা সম্পৰ্কে চমুকৈ লিখা। (What does human rights mean ? Write briefly about human rights violations?)

উত্তৰঃ মানৱ অধিকাৰ বুলিলে যি বিলাক অধিকাৰ মানুহে ভাষা, বৰ্ণ, ধৰ্ম, জাতি, নিৰ্বিশেষে মানুহ হিচাবে ভোগ কৰিব পাৰে সেইবোৰক বুজায়।

মানৱ অধিকাৰ কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য থাকে। 

সেইবোৰ হ’ল-

(ক) মানৱ অধিকাৰ মানুহে জন্মগত ভাৱে লাভ কৰে।

(খ) এজন মানুহৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশৰ বাবে এই অধিকাৰ অত্যন্ত প্ৰয়োজনীয়।

(গ) এজন মানুহৰ এই অধিকাৰ কোনো কাৰণতে তেওঁৰ পৰা পৃথক কৰিব নোৱাৰি।

(ঘ) মানৱ অধিকাৰ ৰাষ্ট্ৰৰ দ্বাৰা সুৰক্ষিত, বিকাশত আৰু সুনিশ্চিত।

(ঙ) মানৱ অধিকাৰসমূহে ব্যক্তিৰ সবাংগীন কল্যাণ সাধন কৰে।

(চ) মানৱ অধিকাৰে এজন ব্যক্তিক মানৱীয় মৰ্য্যদা প্ৰদান কৰে।

(ছ) মানৱ অধিকাৰ এক প্ৰাকৃতিক অধিকাৰ। জাতি, বৰ্ণ, ধৰ্ম, ভাষা, লিংগৰ ভিত্তিত এজন মানুহৰ এই অধিকাৰৰ পৰা বঞ্চিত কৰিব পৰা নাযায়।

মানৱ অধিকাৰ বিভিন্ন কাৰণত উলংঘা হয়। মানুহ হিচাবে প্ৰাকৃতিক ভাৱে এজন ব্যক্তিয়ে বিভিন্ন অধিকাৰ ভোগ কৰে। মানৱ অধিকাৰৰ ক্ষেত্ৰত সকলো মানুহ সমান। এই ক্ষেত্ৰত যদিহে কোনো লোকে এনে অধিকাৰ ভোগ কৰাত আনৰ হস্তক্ষেপ বা বাধা পায় তেতিয়া মানৱ অধিকাৰ উলংঘা হয়। অৰ্থনৈতিক আৰু সামাজিক ভাৱে দুৰ্বল আৰু দুখীয়া লোকসকলেই মানৱ অধিকাৰ উলংঘনৰ বলি হ’বলগীয়াত পৰে।

মানৱ অধিকাৰ সম্পৰ্কে সজাগতাৰ অভাৱত এই অধিকাৰৰ উলংঘা হয়। দুৰ্নীতি, সন্ত্ৰাসবাদ আৰু হিংসাৰ ফলতো মানৱ অধিকাৰৰ উলংঘা হয়। আইন শৃংখলা ৰক্ষা কৰিবলৈ যাওঁ তেওঁ কেতিয়াবা চৰকাৰে মানৱ অধিকাৰ উলংঘা কৰে। সাম্প্ৰতিক সময়ত উগ্ৰপন্থী কাৰ্যকলাপ আৰু ব্যাপক সন্ত্ৰাসবাদী ঘটনাসমূহে মানৱ অধিকাৰ খৰ্ব কৰিছে। আনহাতে উগ্ৰপন্থী দমন আৰু সন্ত্ৰাসবাদী নিয়ন্ত্ৰণ কৰিবলৈ যাওঁতে নিৰাপত্তা বাহিনীসমূহে ব্যাপক হাৰত মানৱ অধিকাৰ খৰ্ব কৰিছে। ৰাজনীতিৰ অপৰাধীকৰণৰ ফলতো মানৱ অধিকাৰৰ উলংঘা হৈছে।

৮। ৰাষ্ট্ৰসংঘৰ চনদৰ মানৱ অধিকাৰ সুৰক্ষাৰ কাৰণে কেনে কৰিছে, আলোচনা কৰা। (Discuss what measures have been taken to protect human rights in the UN Charter?)

উত্তৰঃ মানৱ অধিকাৰ সুৰক্ষাৰ বাবে বিভিন্ন প্ৰতিকাৰমূলক ব্যৱস্থা আছে। সেইবোৰ হ’ল-

(ক) ভাৰতীয় সংবিধানত মানৱ অধিকাৰ হিচাবে মৌলিক অধিকাৰসমূহ আৰু নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰিছে। সংবিধানৰ তৃতীয় অধ্যয়ত মানৱ অধিকাৰ সুৰক্ষাৰ বাবে মৌলিক অধিকাৰবোৰ সন্নিৱিষ্ট কৰিছে।

(খ) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই অপৰাধীক অমানৱীয় পদ্ধতিৰে শাস্তি দিয়াৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দি এই ব্যৱস্থাৰ ফলত দোষীয়ে শাস্তি লাভ কৰিব আৰু মানৱ অধিকাৰ উলংঘা হোৱাৰ পৰিৱৰ্তে সংৰক্ষিত হ’ব।

(গ) মহিলাক ৰাজনৈতিক অধিকাৰৰ বিষয়ত সম সুযোগ আৰু অধিকাৰ দিয়াৰ ওপৰত বৰ্তমান সকলো ৰাষ্ট্ৰই গুৰুত্ব আৰোপ কৰিছে। এনে ব্যৱস্থাৰ ফলত মানৱ অধিকাৰ সুৰক্ষিত হৈছে।

(ঘ) ৰাষ্ট্ৰসংঘই বৰ্ণ বৈষম্য নীতিৰ তীব্র বিৰোধিতা কৰি আহিছে। ৰাষ্ট্ৰসংঘই বৰ্ণ-বৈষম্য নীতি আৰু আচৰণ ৰোধ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লৈছে।

(ঙ) ৰাষ্ট্ৰসংঘই খিলঞ্জীয়া লোকৰ মানৱ অধিকাৰ সুৰক্ষাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ ব্যৱস্থা হাতত লৈছে। খিলঞ্জীয়াসকলৰ ভূমিস্বত্ব, সংস্কৃতি আৰু আন আন সামাজিক অৰ্থনৈতিক অধিকাৰ সংৰক্ষণৰ বাবে ৰাষ্ট্ৰসংঘই বহুতো ব্যৱস্থা হাতত লৈছে।

(চ) ৰাষ্ট্ৰসংঘই ১৯৪৮ চনত সাৰ্বজনীন মানৱ অধিকাৰৰ কথা ঘোষণা কৰিছিল। এই  ঘোষণাৰ জৰিয়তে বিশ্বজুৰি মহিলাৰ সম অধিকাৰ সুৰক্ষিত কৰিছিল। মহিলাসকলৰ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক অধিকাৰৰ ৰক্ষণাবেক্ষণৰ শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিছিল।

(ছ) ৰাষ্ট্ৰসংঘই সকলো ক্ষেত্ৰতে শিশুৰ মানৱ অধিকাৰ যাতে সুৰক্ষিত হয় তাৰ বাবে ১৯৫৯ চনত এক ঘোষণা জাৰি কৰিছিল। এই ঘোষণাৰ জৰিয়তে শিশুৰ স্বাভাৱিক বিকাশৰ বাবে সুৰক্ষা, সা-সুবিধা লাভ কৰাৰ ওপৰত গুৰুত্ব দিছিল।

(জ) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই মানৱ অধিকাৰ সুৰক্ষাৰ উদ্দেশ্য প্ৰৱজনকাৰী শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়াল বৰ্গৰ সুৰক্ষা লাভ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ১৯৯০ চনত ওক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

(ঝ) ৰাষ্ট্ৰসংঘই সংখ্যালঘুসকলৰ মানৱ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে ১৯৯২ চনত এক ঘোষণা পত্ৰ উলিয়াইছিল। এই ঘোষণা অনুসৰি সংখ্যালঘুসকলে নিজৰ ভাষা, সংস্কৃতি, ধৰ্ম প্ৰচাৰ, চৰ্চা, সংৰক্ষণ আৰু বিকাশত সকলোৰে লগত সম সুযোগ লাভ কৰে।

৯। বিশ্ব ৰাজনীতিত পৰিৱেশৰ প্ৰভাৱসমূহ বহলাই আলোচনা কৰা। (Discuss in detail the effects of the environment in world politics?)

উত্তৰঃ ষ্টকহ’ম ঘোষণা পত্ৰৰ পিছৰে পৰাই পৰিৱেশ সম্পৰ্কীয় বিষয়টো বিশ্ব ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে। পৰিৱেশৰ বিষয়টোৱে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত পেলোৱা প্ৰভাৱসমূহ এনেদৰে আলোচনা কৰিব পাৰি-

(ক) পাৰিপাৰ্শ্বিক স্থায়িত্বতা: বৰ্তমানৰ বজাৰমুখী অৰ্থনৈতিক ব্যৱস্থাত ৰাষ্ট্ৰৰ উপৰিও বহুৰাষ্ট্ৰীয় বাণিজ্যিক প্ৰতিষ্ঠাসমূহে বিশ্বৰ চুকে কোনে থকা সম্পদসমূহৰ উদঘাটন আৰু প্ৰয়োগৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত সমস্ত জৈৱ বৈচিত্ৰতাৰ প্ৰতি ভাবুকি অহা দেখা গৈছে। ফলত আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত ৰাষ্ট্ৰসমূহে পাৰিপাৰ্শ্বিক স্থায়িত্বতাত আগবঢ়াৱা বৰঙণিৰ গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে। উদাহৰণস্বৰূপে বিশ্বৰ জলবায়ু পৰিবৰ্তনৰ কথাটোৱেই ধৰা হয়। চিন্তাবিদসকলৰ মতে উদ্যোগীকৰণৰ কামত প্ৰয়োগ কৰা অশোধিত প্ৰাকৃতিক ইন্ধন প্ৰদানৰ ফলত বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি হৈ গৈ আছে। ফলত বিশ্বৰ জলবায়ুৰ পৰিৱৰ্তন ঘটি জনসাধাৰণৰ জীৱন যাত্ৰাত ভাবুকি আহিছে। চিন্তাবিদসকলৰ মতে উন্নত ৰাষ্ট্ৰসমূহে বায়ুমণ্ডলৰ এনে ক্ষতি সাধনত বেছি আগভাগ লৈছে। তেওঁলোকৰ মতে উন্নত ৰাষ্ট্ৰসমূহত উন্নয়ন তথা উৎপাদন আৰু উপভোগৰ দ্বাৰা সৰহভাগ কাৰ্বন-ডাই-অক্সাইড বায়ুমণ্ডললৈ নিৰ্গত হয়। যোৱা ১৫০ বছৰে উন্নত দেশসমূহে প্ৰায় ৮০ শতাংশ কাৰ্বন-ডাই-অক্সাইড বায়ুমণ্ডললৈ নিষ্কাশিত কৰিছে।

জলবায়ু পৰিৱৰ্তনৰ আন্তঃচৰকাৰী কাৰ্যবাহী পৰিষদে (Inter-governmental Panel on Climate Change-IPCC) ৰ মতে বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ অৱস্থিতিৰ পৰিমান কমাই ৬০-৮০ শতাংশ কৰিব পাৰিলেহে জলবায়ু সুস্থিৰ কৰিব পৰা যাব। কিন্তু উন্নত ৰাষ্ট্ৰসমূহে এই পৰামৰ্শ মানি ল’ব বিচৰা নাই। তেওঁলোকৰ মতে এনে কাৰ্যই ৰাষ্ট্ৰৰ অৰ্থনৈতিক বিকাশত বাধা দিব। ফলস্বৰূপে উন্নত ৰাষ্ট্ৰসমূহে উন্নয়নশীল ৰাষ্ট্ৰসমূহত উন্নয়নশীল ৰাষ্ট্ৰসমূহত উৎপাদিত সামগ্ৰী ক্ৰয়ৰ জৰিয়তে নিজ ৰাষ্ট্ৰৰ দ্বাৰা কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গতকৰণৰ পৰিমাণ হ্ৰাস কৰি এই ৰাষ্ট্ৰসমূহক জলবায়ু পৰিৱৰ্তনৰ ভাগিদাৰ কৰাৰ ৰাজনীতিৰ নামিছে। 

বহুতো ৰাষ্ট্ৰই কাৰ্বন নিষ্কাশন সীমিতকৰণ প্ৰযুক্তি যাক Clean Development Mechanism (CDM) নামেৰে জনা যায়। সেই অনুসৰি উন্নত ৰাষ্ট্ৰসমূহে অনুন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহত এনে CDM উৎপাদন প্ৰকল্পসমূহত বিনিয়োজন কৰিব আৰু ইয়াৰ দ্বাৰা কাৰ্বন-ডাই-অক্সাইড নিৰ্গতকৰণত কম বৰঙণি আগবঢ়োৱাৰ নাম ল’ব। এনেদৰে পৰিৱেশনৰ স্থায়িত্বতা বৰ্তাই ৰখাৰ নামত উন্নত ৰাষ্ট্ৰসমূহে কিয়ট’ প্ৰটকলৰ সীমাবদ্ধতাৰ মাজতে থাকি অনুন্নত ৰাষ্ট্ৰৰ ভৱিষ্যত প্ৰজন্মৰ অধিকাৰৰ বিনিময়ত নিজৰ দোষৰ বোজা কমোৱাৰ প্ৰতিযোগিতাৰ ৰাজনীতিত অৱতীৰ্ণ হোৱা দেখা গৈছে।

(খ) জাতি ৰাষ্ট্ৰ ব্যৱস্থালৈ অহা প্ৰত্যাহ্বান: পৰিৱেশৰ ভাৰসাম্যতাৰ প্ৰশ্নটো লৈ পৰিৱেশ বিজ্ঞানীসকলে আগৰ জাতি ৰাষ্ট্ৰৰ ধাৰণাৰ সলনি কৰি স্থানীয় সুস্থিৰ পৰিৱেশ প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁলোকৰ মতে ৰাষ্ট্ৰই হৈছে সৰ্বোচ্চ ক্ষমতাধাৰী অনুষ্ঠান যি সম্পদ সংগ্ৰহৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰে। তেওঁলোকৰ মতে যিহেতু ৰাষ্ট্ৰীয় সম্পদৰ প্ৰয়োগ, আহৰণ আৰু উদঘাটনৰ দায়িত্ব ৰাষ্ট্ৰৰ হাততে থাকে গতিকে ৰাষ্ট্ৰ পৰিচালনাৰ দায়িত্ব এনে সমাজক দিব লাগে যি স্থানীয় সম্পদ আৰু পাৰিপাৰ্শ্বিকতাৰ ওপৰত ইয়াৰ প্ৰভাৱৰ কথা জানে। ফলত পৰিৱেশৰ প্ৰশ্নই পূৰ্বৰ জাতি ৰাষ্ট্ৰৰ ধাৰণা সলনি কৰি পৰিৱেশৰ লগত নিজকে বৰ্তাই ৰাখিব পৰা সমাজৰ দ্বাৰা শাসিত ৰাষ্ট্ৰৰ ওপৰত গুৰুত্ব দিছে।

(গ) উত্তৰ-দক্ষিণৰ বিভাজন: বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত পৰিৱেশৰ বিষয়টোৱে গুৰুত্বপূৰ্ণ স্থান লাভ কৰাৰ লগে লগে উত্তৰ গোলাৰ্ধক উন্নত ৰাষ্ট্ৰসমূহে দক্ষিণৰ অনুন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহক  নিৰ্বনানীকৰণ (Aforestation), জনসংখ্যা বিস্ফোৰণ, উদ্যাগীকৰণ আদিৰ বাবে পৰিৱেশ প্ৰদূষণত বেছি অৰিহণা যোগাইছে বুলি অভিযোগ দিবলৈ লোৱাত পৰিৱেশ সম্পৰ্কীয় সন্মিলন মঞ্চ আদিত দুয়ো গোলাৰ্ধৰ ৰাষ্ট্ৰসমূহৰ মাজত মতামত সম্পৰ্কত বিভাজন হোৱা দেখিবলৈ পোৱা যায়। এই দুয়ো গোলাৰ্ধৰ ৰাষ্ট্ৰসমূহৰ মাজত পাৰিপাৰ্শ্বিক অৱক্ষয়ৰ কাৰণ, ইয়াক দূৰীকৰণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলী, উত্তৰৰ উন্নত ৰাষ্ট্ৰসমূহৰ সহযোগত দক্ষিণৰ ৰাষ্ট্ৰসমূহত প্ৰতিষ্ঠা কৰা উদ্যোগ আদিৰ বাবে পৰিৱেশ অৱক্ষয়ৰ দায়িত্ব ল’বলৈ উন্নত ৰাষ্ট্ৰৰ অস্বীকাৰ আদি নানান কাৰণত দুয়ো শ্ৰেণীৰ ৰাষ্ট্ৰৰ মাজত বিভাজন আহি পৰিছে। ফলত ‘গোলকীয় উমৈহতীয়া’ ব্যৱস্থাৰ অৱক্ষয়ৰ বাবে ইপক্ষই সিপক্ষক জগৰীয়া কৰা ধৰণৰ ৰাজনীতিয়ে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ দিশসমূহ নিৰ্ণয় কৰা দেখা গৈছে।

(ঘ) পৰিৱেশ সম্পৰ্কীয় বিষয়সমূহৰ ৰাজনীতিকৰণ: ১৯৯০ চনৰ পৰা পৰিৱেশ সম্পৰ্কীয় বিষয়সমূহ ৰাষ্ট্ৰসমূহৰ বৈদেশিক নীতিৰ লগতে আন্তৰ্জাতিক ৰাজনীতিৰ বিষয় হিচাপে পৰিগণিত হৈছে। উন্নত ৰাষ্ট্ৰসমূহে অনুন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহক পৰিৱেশ তথা জলবায়ু পৰিৱৰ্তনৰ দৰে বিষয়সমূহক লৈ বিভিন্ন সময়ত সমালোচনা কৰাৰ লগতে দুয়োপক্ষই দুয়োপক্ষক দোষাৰোপ কৰাৰ ৰাজনীতি তথা বোকা ছটিওৱা ৰাজনীতিৰে সমস্যা সমাধানৰ পৰিৱৰ্তে সমস্যা জটিল কৰাহে পৰিলক্ষিত হৈছে। 

আমেৰিকাৰ দৰে ৰাষ্ট্ৰৰ মতে জলবায়ু পৰিৱৰ্তনৰ দৰে ঘটনাক সাধাৰণ প্ৰযুক্তিগত আৰু অৰ্থনৈতিক সমস্যা বুলিব পাৰি যি নেকি সেউজ গৃহ গেছ (Green House Gas) নিৰ্গতকৰণৰ বাবে সৃষ্টি হৈছে। গতিকে উন্নয়নশীল ৰাষ্ট্ৰসমূহলৈ নতুন প্ৰযুক্তিগত সাহায্য আৰু এনে প্ৰযুক্তি প্ৰয়োগৰ বাবে উৎসাহ বৃদ্ধিৰ দ্বাৰা সমাধান কৰিব পাৰি।

(ঙ) উন্নত ৰাষ্ট্ৰসমূহৰ মত ভিন্নতা: পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ কাৰণ সম্পৰ্কত উন্নত ৰাষ্ট্ৰসমূহৰ মাজতো মত ভিন্নতা দেখা যায়। ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰীয় প্ৰগতিত সহায় কৰা উদ্যোগসমূহৰ দিশ বিবেচনা কৰিহে পৰিৱেশ প্ৰদূষণৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী সম্পৰ্কত নিজস্ব মতামত প্ৰকাশ কৰা দেখা যায়। বিশেষকৈ প্ৰাকৃতিক সম্পদৰ ওপৰত গঢ় লৈ উঠা উদ্যোগিক ৰাষ্ট্ৰসমূহে কেতিয়াও সেউজ গৃহ গেছ নিৰ্গতকৰণৰ কাৰণে জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ বাবে কাৰ্বন-ডাই-অক্সাইড নিৰ্গতকৰণৰ হ্ৰাসৰ কথাটো গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিবলৈ টান পায়। 

উদাহৰণস্বৰূপে ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ ভিতৰত জাৰ্মানী,অষ্ট্ৰিয়া, ছুইডেন, বেলজিয়াম, ফিনলেণ্ড, ইটালী, ফ্ৰান্স, নেডাৰলেণ্ড আদি ৰাষ্ট্ৰই সেউজ দল (Green Party) গঠনৰ ওপৰত গুৰুত্ব দিলেও কয়লা, তেল আৰু প্ৰাকৃতিক গেছৰ সৰ্বোচ্চ উৎপাদনকাৰী ৰাষ্ট্ৰ আমেৰিকাই এইকেইটাক খণ্ডৰ পৰা আহৰণ কৰা শকত বৰঙণি তথা এইকেইটা খণ্ডৰ লগত জড়িত স্বাৰ্থান্বেষী দলসমূহৰ হেঁচাত কাৰ্বন – ডাই – অক্সাইড নিষ্কাশন তথা সেউজ দল সম্পৰ্কত পৃথক স্থিতি গ্ৰহণ কৰিছে। 

তেনেদৰে OPEC ৰাষ্ট্ৰসমূহেও কাৰ্বন-ডাই-অক্সাইড নিৰ্গতকৰণ কমাবৰ বাবে তেল আৰু প্ৰাকৃতিক গেছ উৎপাদনত বাধা প্ৰদান কৰে তেতিয়া ৰাষ্ট্ৰসমূহৰ অৰ্থনীতিও সম্পূৰ্ণৰূপে ভাঙি যোৱাৰ সম্ভাৱনা থাকিব। গতিকে এইসমূহ ৰাষ্ট্ৰৰ বাবেও জলবায়ু সুস্থিৰতাৰ সম্পৰ্কত স্থিতি সেউজ দেশৰ অংশীদাৰ ৰাষ্ট্ৰসমূহৰ সৈতে নিমিলিব।

(চ) পৰিৱেশ ব্যৱস্থাপনাৰ মানদণ্ড: ১৯৬০ দশকৰ আৰম্ভণিতে আন্তঃৰাষ্ট্ৰীয় মানদণ্ড নিৰূপণকাৰী সংগঠনৰ (International Organization for Standardization-ISO) এখন কাৰ্যকৰী সমিতি (Technical Committee ISO/TC 207) গঠন কৰি পৰিৱেশ ব্যৱস্থাপনাৰ মানদণ্ড নিৰূপণৰ ব্যৱস্থা কৰা হয়। এই সমিতিয়ে বিশ্ব পৰিৱেশ ব্যৱস্থাপনাৰ বাবে ISO 14000 নামৰ এক আন্তঃৰাষ্ট্ৰীয় মানদণ্ড নিৰ্ধাৰণ কৰি উলিয়ায়। তদুপৰি ISO 14000 পৰিয়ালৰে ভিতৰত ISO 14001 নামৰ এক বিশেষীকৰণ ব্যৱস্থা প্ৰস্তুত কৰি উলিয়ায়। ISO 14001 ক সকলো পৰিৱেশ ব্যৱস্থাপনাৰ মুখ্য অংশ বুলিব পাৰি। এখন ৰাষ্ট্ৰ বা এটা সংগঠনে পৰিৱেশ সম্পৰ্কত ব্যৱস্থাপনাৰ নিৰূপণ কৰি ৰাষ্ট্ৰখন বা সাংগঠনিক ISO 14001 ৰ আধাৰত প্ৰমাণপত্ৰ দিয়া হয়। অৱশ্যে ISO 14001 ক বাধ্যতামূলক প্ৰমাণীকৰণ বুলিব নোৱাৰি। 

সংগঠনসমূহে ইচ্ছা সাপেক্ষে এনে প্ৰমাণপত্ৰ সংগ্ৰহ কৰিব পাৰে। কিন্তু বর্তমানে বিশ্বৰ সকলো ৰাষ্ট্ৰই আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাপনাই নিৰ্ধাৰণ কৰা সুস্থিৰ উন্নয়ন তথা প্ৰাকৃতিক সম্পদৰ সুস্থ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া বাবে আন্তঃৰাষ্ট্ৰীয় লেনদেনৰ ক্ষেত্ৰত ISO 14001 ৰ দ্বাৰা নিৰ্ধাৰণ অনুপাতত প্ৰাকৃতিকভাৱে ভাৰসাম্য স্তৰত উৎপাদিত সামগ্ৰীৰ ওপৰত গুৰুত্ব দিয়া হয় বাবে ইয়াৰ গুৰুত্বতা সকলো ক্ষেত্ৰতে স্পষ্ট হৈছে।

(ছ) ধৰিত্ৰী দিৱস আৰু বিশ্ব পৰিৱেশ দিৱস: প্ৰত্যেক বছৰৰ ২২ এপ্ৰিল তাৰিখটো সমগ্ৰ বিশ্বই ধৰিত্ৰী দিৱস হিচাপে উদযাপন কৰে। ধৰিত্ৰী দিৱসৰ মুখ্য উদ্দেশ্য হৈছে বিশ্বৰ জনসাধাৰণক এই পৃথিৱীখনৰ সৌন্দৰ্য আৰু সম্পদ সম্পৰ্কত সচেতন কৰি তোলাৰ লগতে পৃথিৱীখনক অধিক সৌন্দৰ্যময়ী আৰু জীৱন ধাৰণাৰ বাবে অনুকূল কৰি ৰাখিবৰ বাবে আহ্বান জনোৱা আৰু এই সম্পৰ্কত জনগণৰ মনত দায়িত্ববোধৰ উন্মেষ ঘটোৱা। ইয়াৰ বাবে বিশ্বৰ অত্যাধিক জনসংখ্যা বৃদ্ধি, শক্তি বা ইন্ধনৰ পেলনীয়া আদি সম্পৰ্কত সচেতনতা গঢ়ি তুলি “Give Earth a Chance” নামৰ বাণীৰে ১৯৭০ চনৰ ২২ এপ্ৰিল তাৰিখৰ পৰা বিশ্ব ধৰিত্ৰী দিৱস পালন কৰি অহা হৈছে।

১৯৭২ চনৰ , ষ্টকহ’ম সন্মিলনক দিনটোৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ৫ জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰাৰো মূল্য লক্ষ্য হৈছে পৰিৱেশ সংবৰ্দ্ধন আৰু সংৰক্ষণৰ বাবে বিশ্বৰ জনগণক সচেতন কৰি তোলা।

১০। পৰিৱেশ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাপনাৰ চুক্তিপত্ৰৰ বিষয়সমূহ আলোচনা কৰা। (Discuss the issues of the International Management Agreement on Environment?)

উত্তৰঃ পৰিৱেশ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাপনাৰ চুক্তিপত্ৰৰ বিষয়সমূহ তলত আলোচনা কৰা হ’ল-

(ক) ষ্টকহ’ম সন্মিলন, ১৯৭২: পৰিৱেশ সম্পৰ্কীয় সজাগতা সৃষ্টি, পৰিৱেশ সংৰক্ষণ তথা সুস্থিৰ উন্নয়নত গুৰুত্ব দি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা সন্মিলন তথা আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাপনাসমূহৰ ভিতৰত ষ্টকহ’ম সন্মিলনক প্ৰথমটো পদক্ষেপ বুলি কোৱা হয়। ইয়াৰ আগতে ৰাষ্ট্ৰসংঘৰ বিভিন্ন বিশেষীকৃত অভিকৰণে পৰিৱেশৰ ওপৰত আলোচনা কৰিছিল যদিও সেয়া স্পষ্ট আৰু কাৰ্যকৰী ৰূপত হোৱা নাছিল। সেয়ে ১৯৬৮ চনত চুইডেনৰ প্ৰতিনিধি বৰ্গই ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱ পৰিৱেশৰ (Human Environment) ওপৰত এক সন্মিলন অনুষ্ঠিত কৰিবৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিছিল। 

১৯৬৮ চনৰ ৩ ডিচেম্বৰ তাৰিখে সাধাৰণ সভাই এই প্ৰস্তাৱত সন্মতি জনাই ১৯৬৯ চনত সচিব প্ৰধানক এই সন্মিলনখন অনুষ্ঠিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দায়িত্ব দিছিল। সেই অনুসৰি ২৭ জন সদস্যৰে এখন প্ৰস্তুতি সমিতিও ১৯৬৯ চনত ৰাষ্ট্ৰসংঘৰ উদ্যোগত প্ৰতিষ্ঠা কৰা হয়। এনেদৰে ১৯৬৮ চনৰ পৰা চলোৱা প্ৰচেষ্টাৰ পৰিণতিত ১৯৭২ চনৰ জুন মাহৰ ৫ তাৰিখৰ পৰা ১৬ তাৰিখলৈ চুইডেনৰ ষ্টকহ’ম চহৰত ৰাষ্ট্ৰসংঘৰ উদ্যোগত বিশ্বৰ প্ৰথমখন পৰিৱেশ সন্মিলন সাৰ্বজনীন ৰূপত অনুষ্ঠিত হয়। ষ্টকহ’ম সন্মিলনৰ প্ৰধান উদ্দেশ্য আছিল মানৱ পৰিৱেশৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহক উদগণি যোগোৱা আৰু ইয়াৰ বাবে প্ৰধানকৈ মানি চলিবলগীয়া বিধি (Guideline) সমূহ প্ৰস্তুত কৰি উলিওৱা।

(খ) মানৱ পৰিৱেশ সম্পৰ্কীয় কৰ্ম আঁচনি: ষ্টকহ’ম সন্মিলনৰ মূল নীতিসমূহ বাস্তৱত কাৰ্যকৰী কৰাৰ উদ্দেশ্যে এক কৰ্ম আচঁনিও প্ৰস্তুত কৰি উলিওৱা হয়। পৰিৱেশ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ মাধ্যমেৰে আন্তঃৰাষ্ট্ৰীয় কৰ্ম আঁচনি বাস্তৱত কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। এই কর্ম আচঁনিখন তিনিটা খণ্ডত বিভক্ত কৰা হৈছে-

(i) প্ৰথম খণ্ড – আন্তঃৰাষ্ট্ৰীয়ভাৱে তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত সমস্যাসমূহক চিনাক্ত কৰিবৰ বাবে ধৰণী কাৰ্যসূচী (Earth Watch Programme) প্ৰস্তুত কৰা হৈছে যাতে ইচ্ছাকৃতভাৱে পৰিৱেশৰ সংকট সৃষ্টিৰ কাৰ্যসমূহৰ সম্পৰ্কত সৰ্তক কৰি দিব পৰা যায়।

(ii) দ্বিতীয় খণ্ডই পৰিৱেশন ব্যৱস্থাপনাৰ দিশসমূহ আলোচনা কৰাৰ বিপৰীতে;

(iii) তৃতীয় খণ্ডই পৰিৱেশৰ উন্নয়নত সহায়ক দিশসমূহ, যেনে- শিক্ষা, প্ৰশিক্ষণ, ৰাজহুৱা তথ্য আৰু বিত্ত সম্পৰ্কীয় দিশসমূহ আলোচনা কৰিছে।

(গ) বিশ্ব পৰিৱেশ দিৱস নিৰ্ধাৰণ সম্পৰ্কীয় পৰামৰ্শাৱলী: বিশ্বৰ জনসাধাৰণৰ মনত পৰিৱেশ সম্পৰ্কীয় সচেতনতা সৃষ্টিৰ বাবে ষ্টকহ’ম সন্মিলনে এটা দিন বিশ্ব পৰিৱেশ দিৱস হিচাপে উদযাপন কৰাত একমত হয় আৰু সেই অনুসৰি ৫ জুন তাৰিখটো ‘বিশ্ব পৰিৱেশ দিৱস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত লয়।

(ঘ) পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ পৰীক্ষণ সম্পৰ্কীয় প্ৰস্তাৱ: ষ্টকহ’ম সন্মিলনে বায়ুমণ্ডলত পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰৰ পৰীক্ষা কাৰ্যক একেমুখে গৰিহণা দিয়াৰ লগতে যিসমূহ ৰাষ্ট্ৰই বায়ুমণ্ডলত এনে পৰীক্ষা কৰাৰ কথা ভাবিছে সেই ৰাষ্ট্ৰসমূহে বায়ুমণ্ডল তথা পৰিৱেশক সংক্ৰমিক কৰিব পৰা তেনে পৰীক্ষা কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। এই প্ৰস্তাৱে ঘোষণাপত্ৰৰ ২৬ নং নীতি সমৰ্থন কৰিছে। এই নীতি অনুসৰি পাৰমাণৱিক পৰীক্ষাৰ প্ৰভাৱৰ পৰা মানুহ আৰু বিশ্ব পৰিৱেশক ৰক্ষণাবেক্ষণ দিব লাগে।

(ঙ) মানৱ পৰিৱেশ সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ দ্বিতীয় সন্মিলন অনুষ্ঠিতকৰণ সম্পৰ্কীয় পৰামৰ্শাৱলী: ষ্টকহ’ম সন্মিলনে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাক বিশ্ব মানৱ পৰিৱেশ সম্পৰ্কীয় দ্বিতীয়খন সন্মিলন অনুষ্ঠিত কৰিবৰ বাবে পৰামৰ্শ আগবঢ়ায়।

(চ) ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মিলনৰ সিদ্ধান্তসমূহৰ কাৰ্যকৰীকৰণ সম্পৰ্কীয় সিদ্ধান্ত: ষ্টকহ’ম সন্মিলনৰ সিদ্ধান্তসমূহ যাতে বিশ্বৰ ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যকৰী কৰে তাৰ বাবে ৰাষ্ট্ৰসমূহৰ চৰকাৰসমূহলৈ এই সিদ্ধান্তসমূহ প্ৰেৰণ কৰাৰ প্ৰস্তাৱ লোৱা হয়।

১১। UNEP ৰ প্ৰধান কার্যাৱলীসমূহ লিখা। (Write the main functions of the UNEP?)

উত্তৰঃ UNEP ৰ প্ৰধান কাৰ্যাৱলীসমূহ হ’ল- 

(ক) পৰিৱেশ সম্পৰ্কীয় কাৰ্যসমূহ সম্পাদনৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰা আৰু প্ৰয়োজন সাপেক্ষে উপযুক্ত নীতি নিৰ্ধাৰণ কৰা।

(খ) ৰাষ্ট্ৰসংঘৰ দ্বাৰা পৰিৱেশ সম্পৰ্কীয় কাৰ্যসমূহ নিৰ্দেশনা আৰু সমন্বয়ৰ বাবে সাধাৰণ নীতি সম্পৰ্কীয় পৰামৰ্শ আগবঢ়োৱা।

(গ) ৰাষ্ট্ৰসংঘৰ অধীনত চলি থকা বিভিন্ন পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীৰ সম্পৰ্কত কাৰ্যবাহী সঞ্চালকে দাখিল কৰা প্ৰতিবেদন গ্ৰহণ আৰু পুনৰীক্ষণ কৰা।

(ঘ) বিশ্বৰ পাৰিপাৰ্শ্বিক পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰখা যাতে সমগ্ৰ বিশ্বজুৰি গুৰুত্ব লাভ কৰা আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সম্পৰ্কীয় সমস্যাসমূহৰ প্ৰতি ৰাষ্ট্ৰীয় চৰকাৰসমূহে উপযুক্ত বিবেচনা কৰি সঠিক ব্যৱস্থা গ্ৰহণ কৰে।

(ঙ) ৰাষ্ট্ৰসংঘৰ গণ্ডীৰ ভিতৰত থাকি আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক আৰু অন্যান্য পেশাদাৰী সমাজক আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সম্পৰ্কীয় জ্ঞান আৰু তথ্য আহৰণ, মূল্যায়ন আৰু বিনিময়ত সহায় আগবঢ়োৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীসমূহৰ কাৰিকৰী আৰু প্ৰয়োগ সম্পৰ্কীয় দিশসমূহৰ প্ৰতি উপযুক্ত বৰঙণি আগবঢ়োৱা।

(চ) আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীসমূহ যাতে তৃতীয় বিশ্বৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহেও বাস্তৱত কাৰ্যকৰী কৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা, এই আচঁনিসমূহৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰভাৱসমূহ অবিৰতভাৱে পুনৰীক্ষণ কৰা আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ উন্নয়নমূলক পৰিকল্পনা বা অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহত যাতে আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীসমূহ অন্তৰ্ভুক্ত হয় তাৰ ব্যৱস্থা কৰা।

(ছ) পৰিৱেশ পুঁজিৰ সম্পদ ব্যৱহাৰৰ সৈতে জড়িত কাৰ্যসূচীসমূহ পুনৰীক্ষণ কৰা আৰু বাৰ্ষিক অনুমোদন জনোৱা।

পৰিচালনা পৰিষদে ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ জৰিয়তে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভালৈ ইয়াক বাৰ্ষিক প্ৰতিবেদন প্ৰেৰণ কৰিব লাগে।

১২। নাইৰোবি ঘোষণাপত্ৰৰ প্ৰধান ব্যৱস্থাৱলীসমূহ আলোচনা কৰা। (Discuss the main provisions of the Nairobi Declaration?)

উত্তৰঃ নাইৰোবি ঘোষণাপত্ৰৰ প্ৰধান ব্যৱস্থাৱলীসমূহ হ’ল-

(ক) ঘোষণাপত্ৰৰ মতে পৰিৱেশ প্ৰদূষণৰ মূলতঃ হৈছে দৰিদ্ৰতা আৰু খাদ্য বস্তুৰ পেলনীয়া স্বভাৱ। কিয়নো এই দুয়োটা ব্যৱস্থাতে মানুহে পৰিৱেশৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰিবলগীয়া হয়। সেয়ে এক আন্তঃৰাষ্ট্ৰীয় উন্নয়ন কৌশল (International Development Strategy ) আৰু নতুন আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক শৃংখলা (New International Economic Order) অবিহনে পৰিৱেশ ক্ষয়ীভৱন ৰোধ কৰিব পৰা নাযাব বুলি ঘোষণা পত্ৰত উল্লেখ কৰা হয়।

(খ) মানৱ পৰিৱেশৰ সুৰক্ষাৰ বাবে মানৱ জাতিৰ লগতে সমগ্ৰ ৰাষ্ট্ৰীয় কৰ্তৃপক্ষই আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা, যুদ্ধৰ বিভীষিকাৰ পৰা মুক্ত অৱস্থা প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে সশস্ত্ৰীকৰণৰ নামত বৌদ্ধিক আৰু প্ৰাকৃতিক সম্পদৰ বিনষ্টকৰণ, জাতিগত বৈষম্য, উপনিৱেশিক বা অন্যান্য শোষণ, বৈদেশিক দমন আদিৰ বিৰুদ্ধে ঠিয় দিব লাগিব।

(গ) সাধাৰণতে পৰিৱেশ সম্পৰ্কীয় সমস্যাসমূহ কোনো ৰাষ্ট্ৰত প্ৰথমে আৰম্ভ হৈ সমগ্ৰ বিশ্ব ছানি ধৰে। গতিকে ৰাষ্ট্ৰসমূহে তেনে পৰিৱেশজনিত সমস্যা আলোচনা বিবেচনাৰ মাধ্যমেৰে বা প্ৰয়োজন হ’লে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ মাধ্যমেৰে সামগ্ৰিকভাৱে সমাধান কৰিবৰ বাবে চেষ্টা কৰিব লাগে।

(ঘ) উন্নত ৰাষ্ট্ৰসমূহে উন্নয়নশীল ৰাষ্ট্ৰসমূহে সন্মুখীন হোৱা গভীৰ পৰিৱেশীয় সমস্যাসমূহ সমাধানৰ বাবে সহায় কৰা উচিত।

(ঙ) পৰিৱেশ বিনষ্ট নোহোৱাকৈ প্ৰাকৃতিক সম্পদসমূহৰ উদঘাটন আৰু প্ৰয়োগ কৰিব পৰাকৈ পৰিৱেশৰ উপযোগী ব্যৱস্থাপনা আৰু কৌশল উদ্ভাৱন কৰা আৰু পৰম্পৰাগত কৃষি ব্যৱস্থাৰ সলনি কৰি আধুনিক ব্যৱস্থা উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিয়া।

(চ) ইতিমধ্যে যি ধৰণে পৰিৱেশ বিনষ্ট কৰা হ’ল সিয়েই বৰ্তমানৰ মানৱ জাতিৰ বাবে বোজা স্বৰূপ আৰু পুনৰ উন্নীতকৰণ বহু খৰচী। এনে ক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ মুখ্য দায়িত্ব হ’ল পৰিৱেশৰ ক্ষতি সাধনত বাধা দিব পৰাকৈ উপযুক্ত পৰিৱেশৰ অনুকূল পৰিকল্পনা প্ৰস্তুত কৰি উলিওৱা।

(ছ) আমাৰ এই ক্ষুদ্ৰ গ্ৰহটো যাতে ভৱিষ্যত প্ৰজন্মৰ বাবেও বাসোপযোগী কৰি ৰাখিব পৰা যায় তাৰ বাবে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ চৰকাৰৰ লগতে সমূহ বিশ্ববাসীয়ে পৰিৱেশৰ ক্ষতিসাধন ৰোধ কৰিবৰ বাবে চেষ্টা কৰিব লাগে।

১৩। ৰিঅ’ ঘোষণাপত্ৰ কি? এই ঘোষণাপত্ৰৰ প্ৰধান কেইটামান নীতিৰ বিষয়ে আলোচনা কৰা। (What is the Rio Declaration? Discuss the main principles of this manifesto?)

উত্তৰঃ ১৯৯২ চনৰ ধৰিত্ৰী সন্মিলনে পৰিৱেশ আৰু উন্নয়নৰ ওপৰত এখন ঘোষণাপত্ৰও গ্ৰহণ কৰে যাক ৰিঅ’ ঘোষণাপত্ৰ নামেৰে জনা যায়। ৰিঅ’ ঘোষণাপত্ৰই ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা গঢ়ি তুলি এক নৱ গোলকীয় অংশীদাৰীত্ব ব্যৱস্থা সৃষ্টি কৰিব বিচাৰে যাতে সমাজ আৰু জনসাধাৰণক পৰিৱেশ আৰু উন্নয়নৰ সুস্থিৰতাৰ লগত সাঙুৰি ল’ব পৰা যায়। ঘোষণা পত্ৰই উন্নয়ন আৰু পৰিৱেশৰ সুস্থিৰতা ৰক্ষাৰ ক্ষেত্ৰত সমাজ আৰু জনসাধাৰণক মুখ্য স্থান বুলি চিহ্নিত কৰিছে। ৰিঅ’ ঘোষণাপত্ৰত সৰ্বমুঠ ২৭ টা নীতি আছে। 

ইয়াৰে প্ৰধান কেইটামান নীতি হ’ল-

(ক) নীতি (১): পৰিৱেশৰ সুস্থিৰতা ৰক্ষা কৰি দেশৰ সমাজৰ বিকাশত মানুহেই মুখ্য দায়িত্ব পালন কৰে। গতিকে প্ৰত্যেক ব্যক্তিকে প্ৰকৃতিৰ সৈতে খাপ খুৱাই এক সুস্থ আৰু উৎপাদনমুখী জীৱন কটাব পৰাকৈ জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিব লাগে।

(খ) নীতি (২): ৰাষ্ট্ৰসংঘৰ চনদ আৰু আন্তঃৰাষ্ট্ৰীয় আইন মতে প্ৰত্যেক ৰাষ্ট্ৰৰে নিজা চাৰিসীমাৰ ভিতৰত থকা প্ৰাকৃতিত সম্পদৰ ওপৰত সাৰ্বভৌম ক্ষমতা আছে। কিন্তু ৰাষ্ট্ৰসমূহে এই অধিকাৰ উপভোগ কৰিবলৈ যাওঁতে চাব লাগিব যাতে নিজ ৰাষ্ট্ৰৰ পৰিৱেশ আৰু উন্নয়নৰ নীতিয়ে আন ৰাষ্ট্ৰৰ পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে বা ৰাষ্ট্ৰীয় অধিকাৰ ক্ষেত্ৰৰ পৰিধি ভাঙি নিজৰ পৰিৱেশ আৰু উন্নয়নৰ নীতি কাৰ্যকৰী কৰা নহয়।

(গ) নীতি (৩): বৰ্তমানৰ আৰু ভৱিষ্যত প্ৰজন্মৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখিহে ৰাষ্ট্ৰই বৰ্তমানৰ বিকাশৰ পৰিকল্পনা প্ৰস্তুত কৰিব লাগে।

(ঘ) ‍নীতি (৪): ৰাষ্ট্ৰসমূহে সুস্থিৰ বিকাশৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে উন্নয়নৰ প্ৰক্ৰিয়াৰ ভিতৰত পৰিৱেশ সুৰক্ষাৰ দিশসমূহো অন্তৰ্ভুক্ত কৰি ল’ব লাগিব। অৰ্থাৎ পৰিৱেশ সুৰক্ষাৰ দিশসমূহ বিকাশৰ পৰা পৃথক বিষয় বুলি গণ্য কৰিব নালাগে।

(ঙ) নীতি (৫): সুস্থিৰ বিকাশৰ লক্ষ্যত দৰিদ্ৰতা নিৰ্মূলকৰণো এক লক্ষ্য বুলি অন্তৰ্ভুক্ত কৰিব লাগে আৰু ইয়াৰ বাবে সকলো ৰাষ্ট্ৰ আৰু জনসাধাৰণে সহযোগিতা আগবঢ়াব লাগে। দৰিদ্ৰতা নিৰ্মূলকৰণৰ লক্ষ্য সকলো ৰাষ্ট্ৰৰে ৰাষ্ট্ৰীয় নীতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰিলে বিশ্বৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড আৰু অভাৱৰ ক্ষেত্ৰত থকা বৈষম্য দূৰ কৰিব পৰা যাব।

(চ) নীতি (৬): ৰাষ্ট্ৰসমূহে সুস্থিৰ বিকাশ আৰু জীৱন ধাৰণাৰ উচ্চ মানদণ্ডৰ বাবে উৎপাদনৰ সুস্থিৰতাবিহীন উৎপাদন আৰু উপভোগ ব্যৱস্থা হ্ৰাস কৰিব আৰু উপযুক্ত জনসংখ্যা নীতি গ্ৰহণ কৰিব।

(ছ) নীতি (৭): ৰাষ্ট্ৰই পৰিৱেশৰ সমস্যাসমূহ সমাজৰ সকলো স্তৰৰ জনসাধাৰণৰ সহযোগিতাত সমাধানৰ বাবে প্ৰচেষ্টা চলাব। ৰাষ্ট্ৰীয় কৰ্তৃপক্ষই দেশৰ নাগৰিকক পৰিৱেশ সম্পৰ্কীয় সকলো তথ্য স্পষ্টকৈ জনাৰ সুবিধা কৰিব। ৰাষ্ট্ৰই বিপদসংকুল সামগ্ৰী আৰু জনসাধাৰণৰ পৰিৱেশ বিনষ্টকাৰী কাম-কাজ সম্পৰ্কত ব্যাপক সজাগতা সৃষ্টিৰ বাবে প্ৰচেষ্টা হাতত ল’ব।

(জ) নীতি (৮): প্ৰদূষণ আৰু পৰিৱেশ বিনষ্টকাৰী কাম-কাজৰ বাবে ভুক্তভোগীসকলে যাতে উপযুক্ত ক্ষতিপূৰণ লাভ কৰিব পাৰিব তাৰ বাবে ৰাষ্ট্ৰীয় আইন প্ৰস্তুত কৰাৰ লগতে কাৰ্যকৰী কৰিব।

১৪। পৰিৱেশ সংক্ৰান্ত সমস্যাসমূহ আলোচনা কৰা। (Discuss environmental issues?)

উত্তৰঃ প্ৰাকৃতিক পৰিৱেশ মানৱ জীৱনৰ অবিচ্ছেদ্য অংগ। ইয়াৰ সৈতে মানুহৰ জীৱন নানাভাৱে জড়িত হৈ আছে। কিন্তু মানৱ সভ্যতাৰ বিকাশৰ লগে লগে প্ৰকৃতি কলুষিত হৈ আছে। মানুহে প্ৰাকৃতিক পৰিৱেশক এনেদৰে ধ্বংস কৰি আছে যে ইয়াৰ ফলত মানৱ জাতিৰ ভৱিষ্যত যিকোনো সময়ত এন্ধাৰ হ’ব পাৰে। পৰিৱেশ প্ৰদূষণৰ ফলত বহুতো সমস্যাই দেখা দিছে।

(ক) পানী: পানীৰ সৈতে পৰিৱেশৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। পানী নহ’লে কোনো জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে। কিন্তু আজি প্ৰায় সকলো ঠাইতে পানী প্ৰদূষিত হৈছে। ইয়াৰ বাবে পৰিৱেশ প্ৰদূষণৰ সমস্যাই দেখা দিছে। পানীৰ অপব্যৱহাৰৰ বাবে কিছুমান ঠাইত পানীৰ নাটনি হৈছে। পানীৰ পৰা মানুহৰ নানা ধৰণৰ বেমাৰ-আজাৰ হৈছে। সেয়েহে বেমাৰৰ পৰা ৰক্ষা পাবলৈ হ’লে বিশুদ্ধ পানীৰ প্ৰয়োজন। বহুতো কাৰণত পানীৰ ভৌত আৰু ৰাসায়নিক গুণাৱলীসমূহৰ পৰিৱৰ্তন ঘটে। ই স্বাভাৱিক জীৱন-যাত্ৰাত বাধাৰ সৃষ্টি কৰিব পাৰে। দূষিত পানীয়ে যেনেকৈ মানুহৰ মাজত ব্যাপক হাৰত ৰোগৰ বীজাণু বিয়পাব পাৰে, তেনেকৈ পৰ্যাপ্ত পৰিমাণৰ পানীৰ অভাৱে জলবায়ু আৰু কৃষিকাৰ্যৰ ক্ষেত্ৰতো নানাধৰণৰ ব্যাঘ্যাত জন্মাব পাৰে।

(খ) জনস্বাস্থ্য: পৰিৱেশ নানা কাৰণত প্ৰদূষিত হৈছে। এই প্ৰদূষণৰ ফলত পৃথিৱী ব্যাপী জনস্বাস্থ্য ৰক্ষা কৰাৰ সমস্যাই দেখা দিছে। পানী, মাটি, জলবায়ু আদিৰ অপব্যৱহাৰৰ বাবে পৰিৱেশ বিনষ্ট হৈছে। ইয়াৰ ফলত নানাধৰণৰ বেমাৰ-আজাৰ আৰু কিছুমান দুৰাৰোগ্য ৰোগেও দেখা দিছে।

(গ) জলবায়ু: প্ৰাকৃতিক সম্পদৰাজি ধ্বংস কৰাৰ ফলত জলবায়ুৰ পৰিৱৰ্তন হোৱা দেখা যায়। এসময়ত এই জলবায়ু জনবসতিৰ বাবে অনুপযুক্ত হ’ব পাৰে। পৃথিৱীৰ উষ্ণতা দিনে দিনে বৃদ্ধি পাই আহিছে। বনাঞ্চল ধ্বংসৰ ফলতো জলবায়ুৰ পৰিৱৰ্তন হৈছে। পৃথিৱীৰ নানা ঠাইত খৰাং অৱস্থাৰ সৃষ্টি হোৱাৰ বাবে জীৱ-জন্তু নানা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

(ঘ) ভূমি বা মাটি: ভূমি বা মাটি প্ৰাকৃতিক পৰিৱেশৰ এটা বিশেষ উপাদান। মাটিৰ অপব্যৱহাৰ আৰু ইয়াৰ প্ৰদূষণৰ বাবেও পৰিৱেশ বিনষ্ট হৈছে। মাটিৰ সদব্যৱহাৰ নহ’লে ই নানা সমস্যাৰ সৃষ্টি কৰিব পাৰে।

(ঙ) বায়ু প্ৰদূষণ: মানুহে ভালদৰে জীৱন-যাপন কৰিবৰ বাবে বিশুদ্ধ বায়ুৰ একান্ত প্ৰয়োজন। বৰ্তমান বিশ্বত প্ৰায় বিলাক দেশতে বায়ু প্ৰদূষিত হৈছে। এই প্ৰদূষণ বিশেষকৈ নগৰাঞ্চলত  হোৱা দেখা যায়। প্ৰাকৃতিক পৰিৱেশ ধ্বংস হোৱাৰ বাবেই বায়ু প্ৰদূষিত হৈছে।

(চ) বনাঞ্চল ধ্বংস: বনাঞ্চল ধ্বংস কৰাৰ ফলত সকলো জীৱ-জন্তুৱে বিপৰ্যয়ৰ সন্মুখীন হ’ব লাগিব। মানুহ আৰ্থিক লাভালাভৰ বাবে বনাঞ্চল ধ্বংস কৰি আছে। এনে কাৰ্যই বায়ুক প্ৰদূষিত কৰাত বিশেষভাৱে সহায় কৰিছে।

(ছ) জনসংখ্যা বৃদ্ধি: কিছুমান দেশত অত্যাধিক হাৰত জনসংখ্যা বৃদ্ধি পাইছে। জনসংখ্যা বৃদ্ধিক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ই পৰিৱেশক বিনষ্ট কৰিব পাৰে। প্ৰদূষিত পৰিৱেশে যেনেকৈ মানুহৰ জীৱনক বিপন্ন কৰিব পাৰে তেনেকৈ অধিক হাৰত জনসংখ্যা বৃদ্ধি হ’লেও ই পৰিৱেশক ধ্বংস কৰিব পাৰে। জনসংখ্যাই পৰিৱেশৰ এই ধাৰণ ক্ষমতাক অতিক্ৰম কৰিলে নানাধৰণৰ সমস্যাই দেখা দিব।

(জ) উদ্যোগীকৰণ: উদ্যাগীকৰণেও পৰিৱেশক প্ৰদূষিত কৰাত সহায় কৰিছে। উদ্যাগীকৰণৰ ফলত প্ৰাকৃতিক সম্পদৰাজিক এইদৰে ধ্বংস কৰা হৈছে যে ই পৰিৱেশৰ অপূৰণীয় ক্ষতি সাধন কৰি আছে। অধিক উদ্যাগীকৰণে বিভিন্ন দেশৰ বায়ু, পানী, মাটি আদিক প্ৰদূষিত কৰিছে। এইদৰে অ-নিয়ন্ত্ৰিতভাৱে উদ্যাগীকৰণ চলি থাকিলে ই যে পৰিৱেশ সংক্রান্ত বহুতো সমস্যাৰ সৃষ্টি কৰিব সেই বিষয়ে কোনো সন্দেহ নাই।

(ঝ) নগৰীকৰণ: এতিয়া বিশ্বব্যাপী নগৰীকৰণ প্ৰক্ৰিয়াই গা কৰি উঠিছে। সকলো দেশতে বিশেষ সা-সুবিধা আৰু উন্নতমানৰ জীৱন-ধাৰণৰ বাবে মানুহে নগৰলৈ ঢাপলি মেলিছে। নগৰীকৰণৰ ফলত বহুতো নগৰৰ সৃষ্টি হৈছে আৰু বহুতো মানুহ একে ঠাইতে বসবাস কৰাৰ বাবে সেইবিলাকত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হ’ব ধৰিছে।

(ঞ) নদী-প্ৰদূষিকৰণ: নগৰীকৰণ আৰু বনাঞ্চল ধ্বংসৰ ফলত বহুতো দেশৰ নদ-নদীবিলাকৰ পানী প্ৰদূষিত হৈছে। ভাৰতবৰ্ষৰ সৰহভাগ নদীৰ অৱস্থা বৰ শোচনীয়। এইবিলাকে চাৰিওফালে ৰোগৰ বীজাণু বিয়পাইছে। তাৰোপৰি মানুহে বিশুদ্ধ পানী সংগ্ৰহ কৰিব নোৱাৰা হৈছে। মানুহে নানা প্ৰকাৰে নদীৰ পানী প্ৰদূষিত কৰি আছে। ইও প্ৰাকৃতিক পৰিৱেশ নষ্ট হোৱা আন এটা কাৰণ।

এতেকে দেখা যায় যে পৰিৱেশ নানাভাৱে প্ৰদূষিত হৈছে। এই প্ৰদূষণ প্রক্রিয়াক বন্ধ কৰিব নোৱাৰিলে ই মানৱ জাতিলৈ আৰু অন্যান্য জীৱ-জন্তুলৈ ধ্বংস মাতি আনিব।

১৫। চমুটোকা লিখা: (Write short note)

(ক) জলবায়ু পৰিৱৰ্তনৰ লিমা সন্মিলন (Lima Conference on Climate Change)।

উত্তৰঃ ২০১৪ চনৰ ডিচেম্বৰ মাহত পেৰুৰ ৰাজধানী চহৰ লিমাত বিশ্ব জলবায়ু পৰিৱৰ্তনৰ আন এখন বাৰ্ষিক সন্মিলন আন্তঃচৰকাৰ জলবায়ু পৰিৱৰ্তন মণ্ডলী (Inter Governmental Panel on Climate Change) ৰ উদ্যোগত অনুষ্ঠিত হয়। এই সন্মিলনৰো মুখ্য উদ্দেশ্য আছিল ২০১৫ চনত স্বাক্ষৰ কৰিবলগীয়া সাৰ্বজনীন জলবায়ু পৰিৱৰ্তন চুক্তি সম্পৰ্কত আলোচনা কৰা। এই সন্মিলনেও ১৯৯৭ চনৰ কিয়ট’ আচৰণ বিধিৰ দফাসমূহ কাৰ্যকাৰিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অৱশ্যে কাৰ্বন নিৰ্গতকৰণ বা সেউজ গৃহ গেছসমূহৰ নিৰ্গতকৰণ হ্ৰাস সম্পৰ্কত লিমা সন্মিলনতো উন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ মাজত মত পাৰ্থক্যৰ সূচনা হয়। 

ভাৰতবৰ্ষকে প্ৰমুখ্য কৰি উন্নয়নশীল ৰাষ্ট্ৰসমূহে অভিমত দিয়ে যে সেউজ গৃহ গেছসমূহৰ অতিমাত্ৰা নিৰ্গতকৰণৰ বাবে বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহ ঘাইকৈ জগৰীয়া। গতিকে উন্নত ৰাষ্ট্ৰসমূহে কৰা ক্ষতি পূৰণৰ বাবে উন্নয়নশীল আৰু অনুন্নত ৰাষ্ট্ৰসমূহে অতিৰিক্ত ব্যয় বহন কৰিবলগীয়া হোৱাটো নৈতিকভাৱে গ্ৰহণযোগ্য হ’ব নোৱাৰে। গতিকে উন্নত ৰাষ্ট্ৰসমূহে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ক্ষীপ্ৰ বিকাশত বাধা হ’ব পৰাকৈ কাৰ্বন নিৰ্গতকৰণ ৰোধৰ আচিলা লৈ বাধা দিব নালাগে। 

তদুপৰি কাৰ্বন নিৰ্গতকৰণ ৰোধৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তিবিদ্যা আৰু সম্পদ যোগান ধৰাটো উন্নত ৰাষ্ট্ৰসমূহৰ নৈতিক দায়িত্ব বুলি বিবেচনা কৰিব লাগে। বহু বিতৰ্কৰ অন্তত লিমা সন্মিলনে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ এই দাবী গ্ৰহণ কৰি উমৈহতীয়া কিন্তু পাৰ্থক্যমূলক দায়িত্ব গ্ৰহণ নীতি (Common but differentiated responsibility) গ্ৰহণ কৰে। এই নীতিয়ে বিশ্বৰ পৰিৱেশৰ সমস্যা সমাধানৰ বাবে উন্নত ৰাষ্ট্ৰসমূহৰ বাবে অধিক দায়িত্বক স্বীকৃতি দিয়ে। তদুপৰি উন্নত ৰাষ্ট্ৰসমূহৰ দ্বাৰা পৰিৱেশৰ বিনষ্ট সাধন প্ৰক্ৰিয়াই উন্নয়নশীল আৰু অনুন্নত ৰাষ্ট্ৰসমূহৰো জলবায়ুৰ পৰিৱৰ্তন আনি এই ৰাষ্ট্ৰসমূহকো লোকচান আৰু ক্ষতি কৰিছে। 

গতিকে উন্নত ৰাষ্ট্ৰসমূহে উন্নয়নশীল আৰু উন্নত ৰাষ্ট্ৰসমূহৰ প্ৰতি আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ উন্নয়নৰ প্ৰক্ৰিয়া খৰতকীয়া কৰিবৰ বাবে প্ৰয়োজনীয় উন্নয়ন প্ৰকল্পসমূহলৈ কাৰ্বন নিৰ্গতকৰণৰ প্ৰয়োজনীয় অভিযোজন (Adaptations) প্ৰদানত অনুমতি আগবঢ়ায়। কিন্তু উন্নত ৰাষ্ট্ৰসমূহে উন্নয়নশীল ৰাষ্ট্ৰসমূহলৈ প্ৰদান কৰিবলগীয়া আৰ্থিক সাহায্য সম্পৰ্কত এই সন্মিলনত সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাছিল।

(খ) জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় সন্মিলন (Climate Change Convention)। 

উত্তৰঃ গোলকীয় উষ্ণতা বৃদ্ধি আৰু অ’জন স্তৰৰ ক্ষয়ীভৱনৰ দৰে ঘটনাই বিশ্ববাসীক সচকিত কৰি তোলাৰে পৰাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰসমূহে পৰিৱেশৰ এইকেইটা দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ লয়। ১৯৮৮ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ো বিশ্ব জলবায়ু সংগঠন (World Meteorological Organization-WMO) ৰ জৰিয়তে বিশ্ব জলবায়ু কাৰ্যসূচীৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ সিদ্ধান্ত লয়। এনে সিদ্ধান্তৰ পৰিণতিতে ১৯৯২ চনৰ ৰিঅ’ সন্মিলনতে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে জলবায়ু পৰিৱৰ্তন চুক্তিপত্ৰ (Climate Change Convention 1992) স্বাক্ষৰ কৰে।

বিশ্ব জলবায়ু পৰিৱৰ্তন চুক্তিপত্ৰৰ অনুচ্ছেদ ১ ত জলবায়ু পৰিৱৰ্তনৰ সংজ্ঞা নিৰ্ণয় কৰি কোৱা হৈছে যে জলবায়ু পৰিৱৰ্তন হৈছে বিশ্বৰ জলবায়ুৰ স্বাভাৱিক প্ৰকৃতিৰ পৰিৱৰ্তন যি পৰিৱৰ্তন মানুহৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৰা কাৰ্যৰ দ্বাৰা বায়ুমণ্ডলৰ গঠনৰ পৰিৱৰ্তনৰ বাবে সাধিত হৈছে।

বিশ্ব জলবায়ু পৰিৱৰ্তন সন্মিলনৰ মুখ্য উদ্দেশ্য হৈছে বায়ুমণ্ডললৈ কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গতকৰণ হ্ৰাস কৰা। এই চুক্তিপত্ৰখনে উন্নত ৰাষ্ট্ৰসমূহক কাৰ্বন-ডাই-অক্সাইড নিৰ্গতকৰণ বা সেউজ গৃহ গেছসমূহৰ নিৰ্গতকৰণ হ্ৰাস কৰি ২০০০ চনৰ ভিতৰত ১৯৯০ চনৰ পৰ্যায়লৈ নিবৰ বাবে চুক্তিবদ্ধ কৰে। 

সেই অনুসৰি উন্নত ৰাষ্ট্ৰসমূহে লোৱা পৰিকল্পনা ৰাষ্ট্ৰসংঘক দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে সেউজ গৃহ গেছ আৰু কাৰ্বন-ডাই-অক্সাইড দৰে গেছসমূহ শোষণ কৰা উৎসসমূহ সংৰক্ষণৰ বাবেও নিৰ্দেশ দিয়ে। উন্নয়নশীল ৰাষ্ট্ৰসমূহে কাৰ্বন-ডাই-অক্সাইড আৰু সেউজ গৃহ গেছসমূহৰ নিৰ্গতকৰণ সীমিত কৰিব নালাগে যদিও তেওঁলোকে সেউজ গৃহ গেছসমূহৰ নিৰ্গতকৰণ উৎসসমূহ চিনাক্ত কৰি ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top