বিশ্বকাপ ফুটবল ৰচনা | Football World Cup Essay in Assamese

বিশ্বকাপ ফুটবল ৰচনা | Football World Cup Essay in Assamese

Join Telegram channel

ফুটবল এটা এতি পুৰণি খেলা। বহু শতিকাৰ পূৰ্বে ইংলণ্ডত এই খেলাৰ জন্ম হৈছিল বুলি জনা যায়। ইংলণ্ডৰ ডাৰ্বি নামৰ ঠাইত ২১৭ খৃষ্টাব্দত ফুটবল প্রথমে খেলা হৈছিল। পৃথিৱীৰ সবাতোকৈ জনপ্রিয় খেলসমূহৰ ভিতৰত ফুটবল অন্যতম। প্রাক-বিশ্বকাপত ১৭২ খন দেশে অংশগ্ৰহণ কৰিছে, ইয়াৰপৰাই বিশ্বত ফুটবলৰ প্ৰভাৱৰ কথা অনুমান কৰিব পাৰি।

বিশ্বকাপ ফুটবল ৰচনা | Football World Cup Essay

বিশ্বকাপৰ চমু ইতিহাস | A Brief History of the World Cup

বিশ্বকাপ ফুটবলৰ আৰম্ভ হৈছিল ১৯৩০ চনত, তাৰ পিছৰপৰা চাৰি বছৰৰ মূৰে মূৰে সগৌৰৱে এই প্রতিযোগিতা অনুষ্ঠিত হৈ আহিছে। অৱশ্যে দ্বিতীয় মহাসমৰৰ বাবে ১৯৪২ আৰু ১৯৪৬ চনত বিশ্বকাপ ফুটবল হোৱা নাছিল। এই পর্যন্ত পোন্ধৰবাৰ এই প্ৰতিযোগিতা হৈছে। ইয়াৰ ভিতৰত ইটালী তিনিবাৰ (‘৩৪, ‘৩৮, ৮২), ব্রাজিল পাঁচবাৰ (‘৫৮, ‘৬২, ‘৭০, ৯৪, ০২), উকগুৱে দুবাৰ, (‘৩০, ‘৫০), পশ্চিম জার্মানী তিনিবাৰ (’৫৪, ‘৭৪, ‘৯০), আর্জেন্টিনা দুবাৰ (৭৮, ৮৬) ফ্রান্স এবাৰ (‘৯৮) আৰু ইংলণ্ড এবাৰ (১৯৬৬) বিশ্ববিজয়ী হৈছিল।

Read Also: এচিয়ান গেমচ্ ৰচনা | Asian Games Essay in Assamese

ফুটবল-তাৰকা | Football Stars

বিশ্বকাপ ফুটবলৰ বিশাল মানচিত্ৰখনত অসামান্য ক্রীড়া-নৈপুণ্য আৰু যাদুকৰী প্ৰতিভাৰ বাবে কেইবাজনো ফুটবল তাৰকাৰ নাম সোণালী আখৰত খোদিত হৈ আছে। তাৰ ভিতৰত পেলে (ব্রাজিল), বেকেনবাওৱাৰ (পশ্চিম জার্মানী), মাৰাডোনা (আর্জেন্টিনা), পাওলো ৰ’ছি.(ইটালী), ৰোমাবিও (ব্রাজিল), মোধিও কেম্পেছ (আর্জেন্টিনা), বাতিস্তুতা (আর্জেন্টিনা), ক্লিনচ্‌মেন (পশ্চিম জার্মানী), ৰোণাল্ডো (ব্রাজিল) আদিৰ নাম উল্লেখযোগ্য।

পঞ্চদশ বিশ্বকাপ ফুটবল অনুষ্ঠিত হৈছিল ১৯৯৪ চনৰ ১৭ জুনৰপৰা ১৮ জুলাইলৈ ৷ একুৰি বাৰদিনীয়া এই ব্যয়বহুল প্রতিযোগিতা হৈছিল ফুটবলক পূৰ্বতে এলাগী কৰি ৰখা দেশ আমেৰিকাত। ন খন চহৰৰ ন খন ষ্টেডিয়ামত খেলবোৰ অনুষ্ঠিত হৈছিল। ফাইনেলখন হৈছিল লছ এঞ্জেল্‌ছৰ পাচাদেনা ৰ’জবল ষ্টেডিয়ামত।

পঞ্চদশ বিশ্বকাপ | The 15th World Cup

প্রাক্-বিশ্বকাপত অংশগ্ৰহণ কৰা ১৭২ খন দেশৰ ভিতৰত ৩২ খন দেশ মূল প্রতিযোগিতাতকৈ উত্তীর্ণ হয়। আফ্রিকা মহাদেশৰ নাইজেৰিয়া, মৰক্কো আৰু কেমেৰুণ; এছিয়াৰ ছৌদি আৰব আৰু দক্ষিণ কোৰিয়া; উত্তৰ-মধ্য আৰু দক্ষিণ আমেৰিকাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰ, মেক্সিকো, কম্বিয়া, বলিভিয়া, আর্জেন্টিনা, ব্রাজিল আৰু ইউৰোপৰ ৰাছিয়া, ৰোমানিয়া, জামানী, আয়াৰলেণ্ড, বুলগেৰিয়া, ছুইজাৰলেণ্ড, গ্ৰীচ, নৰৱে, ছুইডেন, বেলজিয়াম, হলেণ্ড, স্পেইন আৰু ইটালী ছটা গ্ৰুপত বিভক্ত এই ২৪ খন দেশৰ মাজৰপৰা ইটালী, জার্মানী, স্পেইন, ছুইডেন, বুলগেৰিয়া, ৰোমানিয়া, আমেৰিকা আৰু ব্ৰাজিল দলে কোৱাৰ্টাৰ ফাইনেল পাইছিল। ছেমি ফাইনেল খেলিছিল ইটালী, ব্রাজিল, ছুইডেন আৰু বুলগেৰিয়াই। অৱশেষত ফাইনেলত ব্রাজিলে ইটালীক টাই-ব্ৰেকাৰত ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰি পঞ্চদশ বিশ্বকাপ লাভ কৰিছিল।

পঞ্চদশ বিশ্বকাপ প্রতিযোগিতাত তীব্র প্রতিদ্বন্দ্বিতামূলক হৈছিল। মন কৰিবলগীয়া যে ইংলণ্ড, ফ্রান্স, ডেনমার্ক, পোলেণ্ড, পর্তুগাল, চেকোশ্লোভাকিয়া, উৰুণ্ডৱে আদি দেশে মূল প্রতিযোগিতাত খেলাৰ যোগ্যতা অর্জন কৰিব পৰা নাছিল। চতুৰ্দশ বিশ্বকাপ বিজয়ী পশ্চিম জার্মানী এইবাৰ ছেমি ফাইনেলতে পৰাজিত হৈছিল। পঞ্চদশ বিশ্বকাপত ৰাছিয়াৰ ওলেগ ছালেংকা আৰু বুলগেৰিয়াৰ ষ্টইকভে অধিক সংখ্যক গ’ল (ছয় গলকৈ) দিয়াৰ কৃতিত্ব অর্জন কৰিছিল। ছালেংকা আৰু লগতে আর্জেন্টিনাৰ গেব্রিয়েল বাতিস্ততাই হেট্রিক কৰিবলৈ সমৰ্থ হৈছিল।

ষষ্ঠদশ বিশ্বকাপ | The 16th World Cup

১০ জুন, ১৯৯৮ চনত ফ্রান্সত ষষ্ঠদশ বিশ্বকাপৰ শুভাৰম্ভ হয়। ব্রাজিল, নেডাৰলেণ্ড, ফ্রান্স, ক্রোৱেচিয়াই ছেমি ফাইনেল পায়। ব্রাজিল আৰু ফ্ৰান্সৰ মাজত অনুষ্ঠিত হোৱা ফাইনেল খেলত ফ্রান্সে ৩-০ গলত ব্রাজিলক হৰুৱাই বিজয়ীৰ সন্মান আর্জে। ব্ৰাজিলৰ ৰোণাল্ডোৱে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান পায়।

ইয়াৰ পিছত ২০০২ চনত দক্ষিণ কোৰিয়া আৰু জাপানে যুটীয়াভাৱে আয়োজন কৰা বিশ্বকাপ ফুটবলৰ অন্তিম মহাৰণখন জার্মানী আৰু ব্ৰাজিলৰ মাজত অনুষ্ঠিত হয়। এই ৰণত ব্রাজিলে জাৰ্ম্মানিক দুই গ’ল দি বিজয় মুকুট পৰিধান কৰে। ব্ৰাজিলৰ হৈ দুয়োটা গ’ল দিয়ে ৰোণাল্ডোৱে। সোণালী জোটাও লাভ কৰে ৰোণাল্ডোৱে। ২০০৬ চনৰ বিশ্বকাপ ফুটবল অনুষ্ঠিত হৈছিল জার্মানিত। ইটালী আৰু ফ্লান্সে চূড়ান্ত খেলখন খেলিছিল। বিজয়ৰ মুকুট পিন্ধিছিল ইটালীয়ে। সেই বাৰৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰিছিল ফ্ৰান্সৰ জিনেদাইন জিদানে। ২০১০ চনৰ বিশ্বকাপ ফুটবলৰ আয়োজন কৰিছিল দক্ষিণ আফ্রিকাই। এই বিশ্বকাপত অপ্রত্যাশিতভাৱে ইত ফেভাৰিত দলসমূহ দ্বিতীয় পর্যায়তে আউট হৈ গৈছিল। বিশেষকৈ ব্রাজিল, আর্জেন্টিনা, জার্মানী, ফ্রান্স আদি দলসমূহৰ প্ৰদৰ্শন পুতৌজনক আছিল। এই বিশ্বকাপৰ চূড়ান্ত খেলখন অনুষ্ঠিত হৈছিল স্পেইন আৰু নেদাৰলেণ্ডৰ মাজত। শেষ হাঁহি প্ৰথমবাৰলৈ স্পেইনে মাৰিবলৈ সক্ষম হৈছিল। খেলৰ স্ক’ৰ আছিল ০-১ গ’ল। এই স্ক’ৰ অতিৰিক্ত সময়ত হৈছিল, স্পেইনৰ হৈ গ’ল কৰিছিল কুইণ্ডল নামৰ খেলুৱৈজনে।

২০১৪ চনত ব্রাজিলত অনুষ্ঠিত বিশ্বকাপৰ চূড়ান্ত খেলখন অনুষ্ঠিত হৈছিল জার্মানী আৰু আর্জেণ্টিনাৰ মাজত। এই খেলত জার্মানীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়।

Read Also: Class 11th Sociology Solution

প্ৰতিযোগিতাৰ লক্ষ্য | The goal of the competition

খেলত হৰা-জিকা আছেই। বিশ্বকাপ ফুটবলত সন্মানৰ প্রশ্ন আছে বাবেই বিভিন্ন দেশে বিপুল অৰ্থ ব্যয় কৰি চাৰি বছৰৰ মূৰে মূৰে ফুটবলৰ মহাসমৰত অৱতীৰ্ণ হোৱাৰ বাবে সামগ্রিক প্রস্তুতি চলায়। প্রতিবাৰেই নতুন নতুন খেলুৱৈ যোগ্যতাৰ দৌৰত নামে। পুৰণি এচামে অৱসৰ লয়। কিন্তু দেখা গৈছে খেলৰ শিল্প-নিপুণতাৰ ঠাইত শাৰীৰিক কচৰৎ বেছি হৈছিল। শক্তিবৰ্দ্ধনৰ বাবে খেলুৱৈয়ে নিষিদ্ধ দ্ৰব্যৰ সহায় লৈছে। মাৰাডোনাৰ দৰে খেলুৱৈও তেনে অবাঞ্ছিত পৰিস্থিতিত পৰিছিল ৷ খেলৰ জগতত যিকোনো দেশৰ বাবে দুর্নাম আনিব পৰা কোনো কাৰ্যই ক্ষমাৰ যোগ্য নহয়। দশৰ্কে সদায় বিচাৰে উন্নত মানৰ শিল্প গুণমণ্ডিত ক্ৰীড়া-নৈপুণ্য।

সুখৰ বিষয় দূৰদৰ্শনৰ কল্যাণত আমি এতিয়া ঘৰতে বহি বিশ্বকাপ চাবলৈ পাইছো। আমাৰ ৰাজ্যৰ ফুটবল খেলুৱৈসকলেও কিছুমান কলা-কৌশল শিকিবলৈ সুবিধা পাইছে। অসমতো ফুটবলৰ এটা বিশিষ্ট মান আছিল। ভালেকেইগৰাকী ফুটবল খেলুৱৈয়ে চমকপ্রদ ক্রীড়া-শৈলীৰে দেশে-বিদেশে দৰ্শকক মোহিত কৰাৰ উদাহৰণ আছে। বিশ্বকাপ ফুটবল এতিয়া উদীয়মান খেলুৱৈৰ বাবে প্ৰেৰণাৰ উৎস হ’ব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top