এটা বুঢ়া আৰু পাঁচ পুতেক | Eta Burha Aru Panch Putek

এটা বুঢ়া আৰু পাঁচ পুতেক | Eta Burha Aru Panch Putek, ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, বুঢ়া আৰু পাঁচ পুতেক কাহিনী, বুঢ়া আৰু পাঁচ পুতেক সাধুকথা, অসমীয়া কাহিনী

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

এটা বুঢ়া আৰু পাঁচ পুতেক আছিল। বুঢ়াই চাৰি পুতেকলৈ চাৰিজনী বোৱাৰী আনিছিল, মাত্ৰ নুমলীয়াটোহে বাকী আছিল।

এদিন কিণকিনীয়া বৰষুণীয়া বতৰত বুঢ়াই পুতেকহঁতক সুধিলে, “বোপাহত ঔ, আজি কি কৰিবৰ দিন?” বৰটো পুতেকে উত্তৰ দিলে – “পিতাই, আজি ভালকৈ কাপোৰ কানি লৈ উম লগাই থাকিবৰ দিন।” মাজুটোৱে উত্তৰ দিলে – “আজি খৰাহি পাচি সাজিবৰ দিন।” বৰ মাজুটোৱে কলে – “আজি পোৰা মাছে পইতা ভাতে খাবৰ দিন।” সৰুটোৱে কলে – “আজি হালোৱা গাঁতি মাৰি পথাৰত হাল বাবৰ দিন।” এটাইকেইটাতকৈ সৰু নুমলীয়াটোৱে হলে – “পিতাই, আজি ভালকৈ এঠাইত কঠ পাৰি বহি লেখা পৰা কৰিবৰ দিন।” পুতেকহঁতৰ কথা শুনি বাপেকে মিচিকিয়া হাঁহি মাৰি একো নকৈ মনে মনে থাকিল। কিন্তু নুমলীয়া ভায়েকৰ উত্তৰটো শুনি চাৰিওটা ককায়েকে গোৰগোৰাবলৈ ধৰিলে। সিহঁতে ভাবিলে “ই :! ই লেখা পঢ়া কৰি পণ্ডিত হৈ আমাতকৈ ডাঙৰ মানুহ হৈ খাবলৈ ওলাইছে। আমি হালোৱা চহা হৈ থাকিম আৰু ই বৰ মানুহ হৈ আমাক গোলাম কৰি বাব!” নুমলীয়া লৰাটো স্বভাৱতে অলপ চোকা বুদ্ধিৰ আছিল দেখি বুঢ়াইও তাক আনকেইটাতকৈ অলপ সৰহকৈ মৰম কৰিছিল। সেইবাৱে ককায়েকহঁতে তাক সমূলি দেখিব নোৱাৰিছিল। গতেকে, সিহঁতে সেই বিহমনাৰ পুলিটো উভালি পেলাই আপদৰ হাত সাৰিবৰ মন কৰিলে। এদিন চাৰিওটাই আলচি থিৰ কৰিলে যে, কোনোমতে ছল বুধি কৰি সিহঁতে নুমলীয়া ভায়েকক মাৰি পেলাব। কিন্তু নুমলীয়া দেওৰ বৰ বৌৱেকৰ বৰ মৰমৰ পাত্ৰ আছিল; সেইদেখি বৌৱেকে কেনেবাকৈ এই আলচৰ গম পাই, নুমলীয়া দেওৰেকক মনে মনে সাৱধান কৰি দি, সোনকালে সেই ঘৰৰপৰা পলাই গুচি যাবলৈ কলে।

এদিন নুমলীয়াই বাৰীত সোমাই পাণ পাৰিবলৈ বুলি পাণ ভগোৱা তামোলৰ গছত উঠিলে। বাৰীচুকৰ আওহতীয়া ঠাইত সেইদৰে নুমলীয়া ভায়েকক অকলে দেখি ককায়েকহঁতে তাঁতে তাক বধিবৰ মনেৰে হাতত কপি দা এখন লৈ তামোলৰ গছৰ তলত থিয় দিলেগৈ। ককায়েকহঁতৰ গতি দেখি গছৰ ওপৰত পাণ পাৰি থাক ভায়েক সিহঁতৰ কু মতলবৰ কথা বুজিব পাৰি উপৰৰপৰা মাত লগালে – “ককাইটিহঁত, তহঁত আহিলি ভালেই হল; মই ৰিঙিয়াই মাতোহে বুলিছিলোঁ, পাণজোপাৰ এইখিনিতে আমৰলি পৰুৱাৰ বাঁহ এটা আছে, পাণ পাৰিবই নোৱাৰি। মোক দাখন দেচোন, বাহটো কাটি তললৈ সৰাই দিওঁ। সিহঁতে তাৰ টেংৰালি কথাৰ আলচ মানে বুজিব নোৱাৰি, বাঁহ এডলাৰ মূৰত দাখনেৰে ঘপিয়াই খোচ মাৰি দাখন তাতে লগাই ওপৰলৈ তুলি ভায়েকক দিলে। দাখন পায়েই ভায়েকে মিছামিচিকৈ আমৰলিৰ বাঁহ আঁতৰোৱাৰ ছল কৰি খপকৰে তামোল জোপাৰ পৰা পিছলি মাটিত পৰিয়েই ঘপ ঘপ কৰে ককায়েকহঁতৰ মূৰকেইটা কাটি পেলালে।

সি এটা কাম কৰি অতাই ঘৰলৈ নগৈ, চাৰি ককায়েকৰ মূৰ চাৰিটা তাৰ গাৰ পানী গামোচাখনেৰে টোপোলা বান্ধি লৈ গাৰি চাৰিটা তাতে এৰি থৈ বিদেশলৈ গুচি গল। যাওঁতে বাটতে গধূলি হলত, ওচৰতে কুঁহিয়াৰণি এখনৰ মাজত টঙি এখন দেখি তাতে ৰাতিটো কটাবৰ মনেৰে উঠি থাকিল। টঙিত উঠিয়েই সি মূৰ চাৰিটা টঙিৰ চাৰিফালে আৰি থৈ বহি থাকি কিছুমান বেলিৰ মূৰত কলমুটিয়াবলৈ ধৰিলে। এনেতে পথাৰৰ মাজৰ হোলা এটাৰপৰা দত এটা ওলাই আহি টঙিৰ ওচৰত থিয় হৈ তাক মাত লগালে – “হেৰা মানুহটো, তই আৰি থোৱা মূৰ এটা মোক খাবলৈ দিব পাৰ নে?” ৰাতি দুপৰত কাৰোবাৰ মাত শুনি নুমলীয়াই চকমক খাই উঠি চকু মেলি দেখিলে যে দীঘল দীঘল ঠেং আৰু দীঘল দীঘল হাতেৰে দতুৱা দত এটাই আগতে থিয় হৈ তাক কিবা কৈছে আৰু দতটো ইমান ওখ যে টঙিৰে সৈতে তাৰ মূৰটো প্ৰায় সমান হৈ পৰিছে। ভয়ত নুমলীয়া জ্বৰঘাম ঘামিবলৈ ধৰিলে। কিন্তু ততালিকে সি মনটো ডাঠ কৰি ভয়টো লুকাই থৈ দতলৈ চাই কেৰ্কেৰীয়া মাতেৰে সুধিলে – “তোক কি লাগে অ’? বেগাই ক। মোৰ আজৰি নাই।” দতে নুমলীয়াৰ কথাৰ ভমক দেখি কোচখাই উত্তৰ দিলে – “আপোনাৰ ওচৰত সেই মূৰ এটি মাগি নিবলৈ বুলি আহিছোঁ। আজি ভালেমান দিন মানুহৰ মূৰ খাবলৈ পোৱা নাই; ইয়াত আজি মূৰ কেইটা আৰি থোৱা দেখি মোৰ বৰ খাবৰ মন গৈছে; আপুনি কৃপা কৰিলেই জানিবা মনৰ হেঁপাহ পলায়।” নুমলীয়াই মাত লগালে – “তোক মূৰ এটা দিলে তই মোক কি দিবি? মুখৰ শুদা কথাতে তো আৰু মূৰ পোৱা নাযায়।” দতে কলে – “মোৰ কি আছে কি দিম। মোৰ কঁকালতে এই জোলোঙাটো আছে; তাকে লাগে যদি নিয়ক।” নুমলীয়াই কলে – “হেৰ, জোলোঙাটো লৈ মই কি কৰিম? তাৰে মোৰ কি উপকাৰ হব?” দতে কলে – “এই জোলোঙাটোত আপুনি যতবাৰ হাত ভৰাব ততবাৰ এমুঠি এমুঠি ৰূপ পাব। হোৱক ধৰক আপুনি জোলোঙাটো, আৰু তাত আপোনাৰ হাতখন ভৰাই এতিয়াই প্ৰমাণ চাওক।” – এইবুলি দতে তাৰ জোলোঙাটো নুমলীয়াক দিলে। নুমলীয়াই জোলোঙাটো লৈ তাত হাত ভৰালতে তাৰ হাতৰ মুঠিত এমুঠি ৰূপ উঠিল। দেখি নুমলীয়াৰ মনত বৰ ৰং। তেতিয়াই সি মূৰ চাৰিটাৰ এটা দতক দি দিলে আৰু দতে ৰং মনেৰে মূৰটো লৈ গুচি গল। 

ইয়াৰ অলপ পৰ পিছতে নুমলীয়াই চিলমিলকৈ  অলপ টোপনি আহিছে মাথোন, এনেতে আকৌ কিবা এটা মাত তাৰ কাণত পৰিল, সি চকখাই উঠিল। সি চকু মেলি দেখিলে – নাক আৰু দীঘল চুলিৰে কদাকাৰ ভূত এটা তাৰ আগতে থিয় হৈ আছে। কি লাগে বুলি সি ভূতটোক সুধিলত ভূতে গেনা মাতেৰে কলে, “ককাই মোক মূৰ এটা খাবলৈ দিয়া।”নুমলীয়াই কলে, “মূৰ দিলে তই মোক কি দিবি, তেহে দিব পাৰোঁ।” ভূতে কলে, “মোৰ হাতৰ এই টোকোনডাল দিম।”

“টোকোনডালৰ” উপকাৰ কি?” – বুলি নুমলীয়াই সুধিলত ভূতে কলে, “যাকে তোমাৰ মাৰিবৰ মন যায়, তাকে মাৰিবলৈ এই টোকোনডালক কলে টোকোনডালে তাক মাৰিবগৈ।” এই কথা শুনি নুমলীয়াই তাৰ মোৰ এটা ভূতৰ টোকোনডাল ললে।

এই ঘটনাৰ পৰা এখনমন তামোল খোৱাৰ পিছত কূটকৰা চুলি, চলাচল বগা দাঁত, জুই আঙনি যেন চকু আৰু জমেধা উঠেৰে যখ এটাই আহি নুমলীয়াক মূৰ এটা খাবলৈ খুজিলত, নুমলীয়াই মাত লগালে – “টোক মূৰ দিলে তই মোক কি দিবি?” যখে উত্তৰ দিলে, “মোৰ হাতৰ এই জৰীডাল দিম।” জৰীডালৰ গুণ কি? – বুলি সি সুধিলত যখে কলে, “এই জৰীডালক পাচিলে, যাকে বান্ধি আনিবলৈ কবা তাকে সি বান্ধি আনিবগৈ।” এই কথা শুনি নুমলীয়াই মূৰ এটা দি জৰীডাল ললে।

মূৰটো লৈ যখটো গুচি গলত নুমলীয়াই নানা কথা ভাবি শুব নোৱাৰি হাচটিখন মেলি তামোল পাণ উলিয়াই কাটি তামোল এখন মুখত দিছে মাথোন, এনেতে পথাৰৰ সিমূৰে ডাঙৰ আমগছ এজোপাত থকা ব্ৰহ্মদৈত্য এটাই বেঙা মেলি আহি টঙিৰ ওচৰত থিয় দিলেহি। দৈত্যটোৰ আকৃতি দেখি নুমলীয়াই মাত লগালে – “তই কোন?” কি লাগে?” সি উত্তৰ দিলে – “মই ব্ৰহ্ম দৈত্য সৌ আমগছজোপাতে মই থাকোঁ। মই তাৰপৰা দেখি আছোঁ তুমি তোমাৰ চাৰিটা মূৰৰ তিনিটা বিলালা। বাকীটো মোক নিদিয়ানো কিয়? কিবা বোলেনে আজি মোৰ মুখখন কেটেপাকেটেপ লাগি আছে, তাৰেই মুহুদিটো কৰি মুখখন ফৰ্ফৰীয়া কৰি লওঁ বুলি ভাবিছোঁ।” নুমলীয়াই সুধিলে, “মই তোক মূৰটো দিলে, তই মোক কি দিবি? সিহঁতকেইটাই একোটা বস্তুৰে মূৰৰ বেছ দিহে মূৰ নিছে।” ব্ৰহ্ম দৈত্যই কলে, “সেইটো মই জানো; দেখি আছোঁ। সেইদেখি মই পিন্ধি থকা মোৰ এই ভৰিৰ খৰমযোৰকে তোমাক দিবলৈ বুলি আনিছোঁ।” “খৰমযোৰৰ পৰা মোৰ কি উপকাৰ হব?”– বুলি নুমলীয়াই তাক সুধিলত সি কলে, “এইযোৰ পিন্ধি তাক তুমি যলৈকে যাবলৈ তোমাক লৈ যাবলৈ কবা তালৈকে চকুৰ পচাৰতে সেইযোৰে তোমাক লৈ যাব।” এই কথা শুনি নুমলীয়াই খৰমযোৰা লৈ মূৰটো দিলত ব্ৰহ্ম দৈত্য গুচি গল। 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

এনেতে ৰাতি পোৱাল। নুমলীয়াই হাতত টোকোন আৰু জৰী আৰু কঁকালত জোলোঙাটো ওলোমাই লৈ, খৰমযোৰ পিন্ধি, খৰমযোৰক কলে, ” খৰম ঔ খৰম! মোক লৈ এতিয়া অৱন্তী নগৰলৈ যা।” চকুৰ পচাৰতে খৰমে নুমলীয়াক অৱন্তী নগৰত উলিয়াই দিলেগৈ। 

অৱন্তীত মহা হুলস্থুল। তাত এটা সিংহই মানুহ গৰু মাৰি খাষ্টাং কৰিছে; ৰজা আৰু প্ৰজাই অনেক পুৰুষাৰ্থ কৰিও সিংহটো মাৰিব পৰা নাই। নুমলীয়াই সেই খবৰ শুনি ৰজাৰ ওচৰলৈ গৈ ৰজাক কলে, “স্বৰ্গদেৱ, মই চিকাৰী মানুহ।” ৰজাই কলে, “তই যদি চিকাৰী, তেন্তে মোৰ দেশ উৎখাত কৰা সিংহটো মাৰি দে।” নুমলীয়াই মাৰিব পাৰিম বুলি গাত ললত, ৰজাই কলে, “যদি নোৱাৰ, তেন্তে মোৰ আগত মিছা কথা কোৱা বাবে তোক শূলত দিম।” নুমলীয়াই উত্তৰ দিলে, “দিব স্বৰ্গদেৱ; কিন্তু যদি মাৰিব পাৰোঁ তেন্তে মই যিহকে খোজো তাকে মোক দিব লাগিব।” ৰজাই দিম বুলি আংগিকাৰ কৰিলত, নুমলীয়াই নগৰৰ মাজৰ ডাঙৰ পথাৰ এখনৰ মাজকৈ গৈ, জৰীডালক কলে, “জৰী, তই সিংহটো বান্ধি এতিয়াই মোৰ আগলৈ লৈ আহাগৈ।” হুকুম পোৱা মাত্ৰকে জৰীয়ে হাবিলৈ গৈ সিংহটো বান্ধি আনি নুমলীয়াৰ আগত পেলাই দিলেহি। তেতিয়া নুমলীয়াই টোকোনক হুকুম দি সিংহটো মৰিয়াই মাৰি ৰজাৰ ওচৰলৈ লৈ আহিল। ৰজাৰ আৰু সভাসদ সকলে চিকাৰীৰ এই কাৰ্য দেখি সন্তোষ পাই তাক শলাগিবলৈ ধৰিলে। 

ইয়াৰ পিছত নুমলীয়াই ৰজাৰ আগত আঁঠু লৈ কʼলে, “স্বৰ্গদেউ, এতিয়া স্বৰ্গদেৱে পূৰ্বৰ অংগিকাৰ সুঁৱৰি বন্দীলৈ বঁটাৰ হুকুম কৰক।” ৰজাই কলে, “নিশ্চয়, নিশ্চয়, তোমাক কি লাগে কোৱা?” নুমলীয়াই কলে, “স্বৰ্গদেউ, মোক নিজৰ জোঁৱাই কৰিবৰ আঞ্জা হওক।” এই কথা শুনি ৰজাৰ মূৰত আকাশীসৰগ ভাগি পৰিল। কিন্তু ৰজাই অংগীকাৰ কৰি থৈছে, ভাঙে কেনেকৈ? সেইদেখি অনেক ভাবি চিন্তি নিৰূপায় হৈ তাৰে সৈতে নিজৰ জীয়েকক বিয়া দি তাক ঘৰ জোঁৱাই কৰি ৰাখিলে।

নুমলীয়াই হালোৱা চহা মানুহ; ৰজাৰ জীয়ৰীৰ চলন – ফুৰনেৰে সৈতে মিলাই সি চলিব নোৱাৰে; সেই দেখি প্ৰতি কথাতে ঘৈণীয়েকে তাক হাঁহে। তাতে এদিন সি বৰ লাজ পাই খং কৰি ঘৰৰ পৰা ওলাই গুচি গল। খৰমে তাক এখন অটব্য অৰণ্যৰ ভিতৰত উলিয়াই দিলেগৈ। দুপৰীয়া ৰদত তাৰ বৰ পিয়াহ লাগিছিল, সেই দেখি সি পানী বিচাৰি এখন সৰোবৰৰ পাৰত ওলালহি। সৰোবৰৰ পানীবোৰ ফটিকৰ ধাৰ যেন নিৰ্মল। ভেট আৰু পদুম ফুলেৰে সৰোবৰখন জকমকীয়া। ৰাজহাঁহ, পানীহাঁহ, ঘিলাহাঁহ, শৰালী, বগলী, ডাউকা, কোঢ়া আদি চৰায়ে তাত ৰং মনেৰে সাঁতুৰি ফুৰিছে দেখি তাৰ মনটো বৰ ফৰকাল লাগিল। সি নামি গৈ একাজলি পানী খাই উঠি দেখিলে যে পাৰত আহত গছ এজোপাৰ তলতে জুপুৰি ঘৰ এটা আছে। এখোজ দুখোজকৈ সি তাৰ ওচৰ চাপি গৈ দেখিলে যে তাত কোনো নাই; মাথোন এখন জুহালত ডুখোৰা খৰিৰ এংগাৰ ছাইৰে সৈতে পৰি আছে। সি দেখিয়েই বুজিলে যে সেইটো কোনোবা সন্ন্যাসী ফকীৰৰ জুপুৰি। কিছুমান পৰ তাতে থাকি সন্ন্যাসীক আহিবলৈ নেদেখি সি ঘৰটো সাৰি মচি চিকুণাই ওচৰলৈ গছ এজোপাৰ আঁৰত লুকাই বহি থাকিল। গধূলি বেলিকা সন্ন্যাসীজন আহি ওলাল। তেওঁ দেখিলে যে তেওঁৰ ঘৰটো কোনোবাই সাৰি মচি জকমকীয়া কৰি থৈছে। তাকে দেখি সন্ন্যাসীয়ে মাত লগালে, “মোৰ ঘৰটো কোনে অতাই পিটাই থৈছে? কোন কত আছ ওলাই আহ, একো ভয় নাই!” ইয়াকে শুনি নুমলীয়া গছৰ আঁৰৰ পৰা ওলাই আহি সন্ন্যাসীৰ ভৰিত দীঘল দি পৰিলত, সন্ন্যাসীয়ে তাক আশীৰ্বাদ কৰি বহিবলৈ কৈ, তাৰ মুখৰ পৰা তাৰ সকলো বৃত্তান্ত শুনি কলে, “বোপা, তই কোনো চিন্তা নকৰিবি; মোৰ এই আশ্ৰমতে তই নির্বিঘ্নে থাকি মোৰ সেৱা শুশ্ৰূষা কৰি থাক, তোৰ ভাল হব। কিন্তু এটা কথা টোক কৈ থওঁ – এই সৰোবৰৰ পূব ঘাটলৈ তই কেতিয়াও নাযাবি; সেই ঘাটত স্বৰ্গৰ অপেশ্বৰী সকলে গা ধোৱেহি।”

পিছদিনা পুৱাই সন্ন্যাসীয়ে তেওঁৰ ন আলধৰাক আশ্ৰমৰ ৰখীয়া কৰি কৰবালৈ গুচি গল। সন্ন্যাসী গলতে নুমলীয়াই সেই সৰোবৰৰ পূব ঘাটলৈ গৈ মনে মনে পাৰৰে জোপা এটাত লুকাই থাকিল। অলপ পৰ পিছতে সাতজনী অপেশ্বৰী তালৈ আহিলত সি লাহেকৈ জোপাৰ ভিতৰৰপৰা ওলাই তেওঁলোকক ঠেকত পেলাই, অপেশ্বৰীসকলৰ এজনীক তাক বিয়া কৰাবলৈ সৈ কঢ়ালে। ইয়াৰ পিছত নুমলীয়াৰ লগতে অপেশ্বৰী সকলে ভনীয়েক এজনীক এৰি স্বৰ্গলৈ গুচি গল। 

অপেশ্বৰী ঘৈণীয়েকক লগত লৈ নুমলীয়াই খৰমত উঠি ততালিকে তাৰ শহুৰেক ৰজাৰ ঘৰ ওলালহি। ৰজাই জোঁৱায়েকক দেখি ৰং পালে। তাৰ আগৰ ঘৈণীয়েক ৰজাৰ জীয়েকে তাৰ কেৰামতালি দেখি, নিজৰ দোষৰ বাবে গিৰিয়েকৰ ওচৰত ক্ষমা মাগি সতিনীয়েকৰে সৈতে একেলগে সুখেৰে খাই বৈ থাকিবলৈ ধৰিলে। ইয়াৰ দিনচেৰেকৰ পিছতে অপুত্ৰক ৰজা মৰিল। শহুৰেক মৰিলত নুমলীয়াই সেই ৰাজ্যৰ ৰজা হʼল। সি ৰজা হৈয়েই তাৰ বাপেক থকা ৰাজ্যৰ ৰজাৰ ওচৰলৈ কটকী পঠিয়াই কোৱাই পঠিয়ালে যে, “হয় ৰজাই তাক ৰাজ্য এৰি দিয়ক, নহয় যুদ্ধ দিয়ক।” কটকীৰ কথা শুনি ৰজা ঘৃতাহুতি যুজঁ দিবলৈ সাজু হল। নুমলীয়া ৰজাইও লা লগুৱা, ঘোঁৰা হাতী, ৰণুৱা বনুৱা লগত লৈ সাৰি পাৰি যুজঁ কৰিবলৈ আগবাঢ়ি গল। দুই দলৰ ভিতৰত যুজঁ লাগি গোটেইখন কোৱামোৱা লাগি পৰিল। শেহত নুমলীয়া ৰজাই জৰীক পঠিয়াই দি সেই ৰজাক কটা বান্ধ দি ধৰাই অনাই টোকোনক মাৰিবলৈ হুকুম দিলত, ৰজাই দাঁতত কুটা লৈ দীঘল দি নুমলীয়া ৰজাৰ ভৰিত পৰি ক্ষমা মাগিলে। তেতিয়া নুমলীয়াই সন্তুষ্ট হৈ ৰজাক নামাৰি সপৰিবাৰে সেই ৰাজ্যৰপৰা উলিয়াই দিলে। তাৰ পিছত নুমলীয়াই বুঢ়া বাপেকক বিচৰাই অনালে। বাপেক ওচৰ পালতে নুমলীয়াই কলে, “আপুনি মোক চিনি পাইছেনে?” বাপেকে নুমলীয়াৰ মুখলৈ কিছুমান বেলি ৰ লাগি চাই থাকি কলে, “স্বৰ্গদেও, চিনো চিনো যেন লাগিছে, কিন্তু কলে কটা যাম।” নুমুলীয়াই কলে, “কোনো ভয় নাই, নিৰ্ভয়ে  কোৱা।” বাপেকে কলে, “স্বৰ্গদেওক মোৰ নুমুলীয়া পোটো যেন দেখিছোঁ।” এই কথা শুনি নুমুলীয়াই বাপেকৰ ভৰিত পৰি সেৱা কৰি আগৰপৰা গুৰিলৈকে সকলো কথা ভাঙি কলত বুঢ়াৰ চকুৰ পৰা আনন্দৰ নৈ ববলৈ ধৰিলে। 

ইয়াৰ পিছত বুঢ়া আৰু পাঁচ পুতেক সন্তানৰ ভিতৰত নুমলীয়াই বুঢ়াক সেই ৰাজ্যৰে ৰজা পাতি নিজৰ ৰাজ্য লৈ উভতি আহিল আৰু দুইজনী কুঁৱৰীৰে সৈতে গৃহবাস কৰি অতি সুখে ৰাজ্য ভোগ কৰি থাকিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top