Environmental Geography Unit 2 মানৱ পৰিৱেশ সম্পর্ক ঐতিহাসিক অগ্রগতি, বিভিন্ন বায়োমৰ অভিযোজন

Environmental Geography Unit 2 মানৱ পৰিৱেশ সম্পর্ক ঐতিহাসিক অগ্রগতি, বিভিন্ন বায়োমৰ অভিযোজন, College and University Answer Bank for BA, and Post Graduate Notes and Guide Available here, Environmental Geography Unit 2 মানৱ পৰিৱেশ সম্পর্ক ঐতিহাসিক অগ্রগতি, বিভিন্ন বায়োমৰ অভিযোজন Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Environmental Geography Unit 2 মানৱ পৰিৱেশ সম্পর্ক ঐতিহাসিক অগ্রগতি, বিভিন্ন বায়োমৰ অভিযোজন Question Answer can be of great value to excel in the examination.

Environmental Geography Unit 2 মানৱ পৰিৱেশ সম্পর্ক ঐতিহাসিক অগ্রগতি, বিভিন্ন বায়োমৰ অভিযোজন

Join Telegram channel

Environmental Geography Unit 2 মানৱ পৰিৱেশ সম্পর্ক ঐতিহাসিক অগ্রগতি, বিভিন্ন বায়োমৰ অভিযোজন Notes cover all the exercise questions in UGC Syllabus. Environmental Geography Unit 2 মানৱ পৰিৱেশ সম্পর্ক ঐতিহাসিক অগ্রগতি, বিভিন্ন বায়োমৰ অভিযোজন The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

(ছ) পৰ্বতৰ ঢালবিলাকত বেদিকা খেতিৰ প্ৰচলন। (Circulation of Bedika cultivation on mountain slopes.)

উত্তৰঃ কৃষিখণ্ডত প্ৰচলিত নানান বিধ প্ৰণালীৰ ভিতৰত বেদিকা কৃষিও এটা উল্লেখযোগ্য কৃষি প্রণালী। সাধাৰণতে বেদিকা কৃষি স্থানান্তৰিত কৃষিৰ এটা উন্নত প্ৰণালীহে। এইবিধ কৃষি প্ৰণালীৰ প্ৰচলনত মূলতঃ পৰ্বত-পাহাৰৰ ঢাল বিলাকতহে কৰা দেখা যায়। ইয়াৰ মূল কাৰণ হ’ল পানী খেতিৰ বাবে এক অন্যতম আৱশ্যকীয় অবস্থা। পানীৰ অভাৱত কোনো প্ৰকাৰৰ খেতি ভালকৈ কৰিব পৰা নেযায়। পৰ্বত-পাহাৰত বৰষুণ হয় যদিও এই পানী এঢলীয়া ভূমিৰে তৎক্ষণাত তললৈ নামি আহে। সেইবাবে পৰ্বত-পাহাৰৰ ঢালবিলাকত সদায়ে পানীৰ অভাৱ অনুভৱ হয়। এনেকুৱা অৱস্থাত এই ঢালবিলাকত কৃষিকাৰ্য কৰাটো যিদৰে কষ্টসাধ্য তেনেদৰে উৎপাদনৰ পৰিমাণো নগণ্য। এইকাৰণে পৰ্বত-পাহাৰৰ ঢালবিশিষ্ট ঠাইবোৰত শস্য পথাৰত পানী আৱদ্ধ কৰি ৰাখিবৰ বাবে মাটিডৰাত ঘন ঘন কৈ ওখ ওখ আলি বান্ধে বা বান্ধ দিয়ে। এই বান্ধবোৰক খাপ বুলিও কোৱা হয়। এঢলীয়া ঠাইবোৰত বন্ধা এই ওখ বান্ধবিলাকে কিছু পৰিমাণে হ’লেও শস্যৰ গুৰিত পানী জমা কৰিবলৈ সক্ষম হয়। কিন্তু সমভূমিবোৰত মাটিৰ ঢাল সামান্য বাবে খেতিপথাৰত সামান্য আলিৰ ব্যৱস্থা কৰিয়েই পানী আৱদ্ধ কৰিব পাৰি। এই কাৰণতে বেদিকা কৃষিৰ প্ৰচলন সমভূমিৰ পথাৰত নহৈ পাহাৰ-পৰ্বতৰ ঢালবোৰতহে দেখা যায়। ইয়াৰ উপৰিও বেদিকা কৃষিয়ে পাহাৰ-পৰ্বতত ভূমিক্ষয়ৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। 

৮। ভূমধ্যসাগৰীয় অঞ্চলবোৰ কিহৰ বাবে বিখ্যাত ? (Why are the Mediterranean regions famous ?) 

উত্তৰঃ ভূমধ্যসাগৰীয় অঞ্চলটো মূলতঃ ৩০° পৰা ৪৫° অক্ষাংশ ভিতৰত অবস্থিত। সেয়েহে ভূমধ্যসাগৰীয় অঞ্চলৰ অন্তৰ্গত ঠাইবোৰৰ জলবায়ু নাতিশীতোষ্ণ জলবায়ুৰ অন্তৰ্গত। বিশেষকৈ ভূমধ্যসাগৰীয় উপকূলীয় অঞ্চলৰ উপৰিও কেলিফোর্ণিয়া, আফ্ৰিকাৰ কেপ প্রদেশ, চিলিৰ মাজভাগ, অষ্ট্ৰেলিয়াৰ দক্ষিণ উপকূল, দক্ষিণ পশ্চিম অঞ্চল আৰু উত্তৰ নিউজিলেণ্ড আদি ভূমধ্যসাগৰীয় অঞ্চলৰ অন্তৰ্গত। অঞ্চলটোৰ অন্তৰ্গত প্ৰায়ভাগ ঠায়েই ভূমধ্যসাগৰৰ উপকূলত অৱস্থিত হোৱা হেতুকে এই অঞ্চলক ভূমধ্য সাগৰীয় অঞ্চল বুলি জনা যায়। অঞ্চলটোৰ জলবায়ুৰ বৈশিষ্ট্য এয়ে যে গ্রীষ্মকাল গৰম আৰু শুকান কিন্তু শীতকাল চেঁচা আৰু বৰ্যাসিত। বছৰটোৰ প্ৰায়খিনি বৰষুণ শীতৰ সময়ছোৱাত হয়। বৃষ্টিপূর্ণ নাতিশীতোষ্ণ জলবায়ুৰ অন্তৰ্গত হোৱা হেতুকে এই অঞ্চলৰ লোকসকলৰ মুখ্য জীবিকা কৃষি। 

দেহ, মাকৈ, ধান, বার্লি, ধপাত, কপাহ আৰু নানাবিধ ফলমূলৰ খেতি প্ৰচুৰ পৰিমাণে কৰা হয়। বিশেষকৈ এই অঞ্চলটো ফল-মূলৰ খেতিৰ বাবে পৃথিৱী বিখ্যাত। সুমিষ্ট ফলৰ ভিতৰত আঙুৰ, সুমথিৰা, জলফাই, আপেল, নেমু, বাদাম, ডিমৰু পিচ ডালিম আদি নানাবিধ ফলৰ বাগিচাৰে প্ৰায়ভাগ ঠারো পৰিপূৰ্ণ। এইবোৰ ফল-মূলৰ পৰা উন্নত শ্ৰেণীৰ মন চাবোন, জলফাই তেল, বনস্পতি তেল আদি প্ৰস্তুত কৰা নানা প্ৰকাৰৰ শিল্পই অঞ্চলটোত প্ৰাধান্যতা লাভ কৰিছে। ভূমধ্যসাগৰীয় অঞ্চলত উৎপাদিত ফল আৰু মদ পৃথিৱীৰ বহুতো দেশলৈ ৰপ্তানী কৰা হয়। 

৯। তলত দিয়াবোৰৰ পাৰ্থক্য লিখা । (Write the difference between the following.)

(ক) ঋতু প্রবাস আৰু যাযাবৰতা। (Transhumance and Nomadism.) 

উত্তৰঃ ঋতু প্রবাস Transhumance আৰু যাযাবৰতা Nomadism হ’ল আদিম মানৱৰ দুই প্ৰকাৰৰ জীৱিকা নিৰ্বাহৰ বৃত্তি। ঋতু প্রবাস প্রত্যক্ষভাবে পশুপালনৰ লগত জড়িত। এই শ্ৰেণীৰ পশুপালকসকল যদিও অঘৰী বা যাযাবৰী জীবন-যাপন কৰে তথাপি তেওঁলোকৰ যাযাবৰতা ঋতুৰ লগত জড়িত। ঋতু পৰিৱৰ্তনৰ লগে লগে এই শ্ৰেণীৰ পশুপালকসকলে পোহনীয়া পশুবোৰ জাকেৰে সৈতে এঠাইৰ পৰা আন এঠাইলৈ গমন কৰে। সাধাৰণতে মধ্য এছিয়াৰ ৰিধিজ নামৰ পশুপালকসকলে এই শ্ৰেণীৰ বৃত্তিৰে জীৱিকা নিৰ্বাহ কৰে। ধিমিজসকলে শীতকালত নামনিৰ ষ্টেপ ঘাঁহনিত পালিত জন্তু পালন কৰে আৰু গ্ৰীষ্মৰ আগমনৰ লগে লগে পালিত জন্তুৰ লগতে পৰিয়ালবোৰেও টালি-টোপোলাসহ জন্তুৰ পালবোৰৰ লগে লগে ওচৰৰ টিয়ানচান পৰ্বতৰ ওপৰলৈ উঠিবলৈ লয়। গ্ৰীষ্মৰ অন্তত পৰ্বতত বৰফ জমা হ’বলৈ লোৱাৰ লগে লগে তেওঁলোক পুনৰ নামনি স্টেপলৈ ঘূৰি আহে। ঋতু প্রবাসীসকলে এইদৰে ঋতু অনুসৰি বাসস্থান সলনি কৰে।

যাযাবৰতাও এক প্ৰকাৰৰ অঘৰী বৃত্তি। এই অঘৰী লোকসকলে দিনৰ পিছত দিন, বছৰৰ পিছত বছৰ অঘৰী বৃত্তিৰে জীৱিকা চলায়। যাযাবৰতা অকল পশুপালনৰ লগতে জড়িত নহয়। পশুপালনৰ উপৰি কেতবোৰ যাযাবৰী লোকে বেপাৰ কৰে, কেতবোৰে চিকাৰ কৰে আৰু আন কেতবোৰে সংগ্ৰহ বৃত্তিৰেও জীৱিকা নিৰ্বাহ কৰে। তুন্দ্ৰাৰ এস্কিম’, আৰৱৰ বেদুইন, আফ্ৰিকাৰ মাছাই আৰু বুচনেসকল প্রত্যেকেই একো একোটা যাযাবৰী অঘৰী গোষ্ঠী। অঘৰী যদিও তেওঁলোকে অকল ঋতু অনুসৰি বাসস্থান সলনি নকৰে। খাদ্য, চিকাৰ বা বেপাৰৰ সন্ধানত এওঁলোক অনাই বনাই ঘূৰি ফুৰে আৰু য’তে ৰাতি হয়, তাতেই অস্থায়ী ঘৰত ৰাতিটো বাস কৰে। ৰাতিপুৱাৰ লগে লগে এওঁলোকৰ যাত্ৰা পুনৰ আৰম্ভ হয়।

(খ) প্ৰাচুৰ্যৰ অঞ্চল আৰু চিৰ-বাধাগ্ৰস্ত অঞ্চল। (Regions on bounty and Regions of lasting difficulties.)

উত্তৰঃ পৃথিৱীৰ ভিন্‌ ভিন্‌ প্রাকৃতিক অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশে মানুহৰ কাম কাজত বিভিন্ন ধৰণে প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। প্ৰাকৃতিক পৰিৱেশে মানুহৰ ওপৰত পেলোৱা প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত ধৰাপৃষ্ঠৰ কোনো অঞ্চলক যিদৰে প্ৰাচুৰ্যৰ অঞ্চল বা regions on bounty আৰু আন কোনো কোনো অঞ্চলক চিব-বাধাগ্রস্ত অঞ্চল বা regions of lasting difficulties নামে নামকৰণ কৰা হৈছে। এই দুটা প্রাকৃতিক অঞ্চলৰ মাজৰ পাৰ্থক্য আকাশ-পাতাল। সাধাৰণতে গ্রীষ্ম-মণ্ডলীয় নিম্নভূমি (Tropical lowland) অঞ্চলক প্ৰাচুৰ্যৰ অঞ্চল বোলে। এই অঞ্চলটো বিষুবৰ ওচৰত আৰু নানাবিধ প্ৰাকৃতিক সম্পদৰ ভঁৰাল সদৃশ। ফলস্বৰূপে মানুহে সামান্য কষ্টৰ দ্বাৰা এই প্রাকৃতিক সম্পদবোৰ আহৰণ কৰি জীৱিকা নিৰ্বাহ কৰিব পাৰে। সেইবাবে এইবোৰ অঞ্চলত জনবসতিৰ ঘনত্ব অধিক আৰু আৰ্থ-সামাজিক সকলো ক্ষেত্ৰতে উন্নত হ’ব পাৰিছে। আনহাতে, শীতল আৰু উষ্ণ মরুভূমি, নিৰক্ষীয় অটব্য অৰণ্য অঞ্চল, পূব ভাৰতীয় দ্বীপপুঞ্জৰ কিছু অঞ্চল, পশ্চিম আফ্ৰিকাৰ ল’ৱাৰ গিয়ানা উপকূল আদিত বসবাস কৰা মানুহবোৰে সদায়ে যথেষ্ট কষ্ট কৰিহে জীৱিকা নিৰ্বাহ কৰিবলগীয়া হয়। প্রাকৃতিক পৰিৱেশে এইবোৰ অঞ্চলত মানুহক বিশেষভাবে বাধা প্রদান কৰি থকা বাবে এই অঞ্চলবোৰ চিৰ বাধাগ্রস্ত অঞ্চল নামেৰে জনাজাত হৈছে। ভূ-প্ৰকৃতিৰ পৰা আৰম্ভ কৰি জলবায়ু, মাটি, যাতায়াত পৰিবহণ আদি সকলো দিশতে এইবোৰ অঞ্চল অতিকৈ দুর্গম। সেইবাবে এইবোৰ ঠাইত জনবসতিৰ ঘনত্ব তেনেই সেৰেঙা।

(গ) পার্বত্য অঞ্চলৰ মানুহ আৰু সমভূমি অঞ্চলৰ মানুহৰ জীৱিকা। (The livelihood of the people of the hilly region and the people of the plains.) 

উত্তৰঃ প্ৰাকৃতিক পৰিৱেশে বা ঠাই এখনৰ ভূ-প্রকৃতিয়ে মানুহৰ জীৱন-ধাৰণৰ প্ৰণালীত যথেষ্ট প্ৰাধান্যতা বিস্তাৰ কৰে। এইক্ষেত্ৰত পার্বত্য অঞ্চলত বসবাস কৰা লোকৰ আৰু সমভূমিত বসবাস কৰা লোকৰ জীৱিকা নিৰ্বাহ প্ৰণালীৰ পৰা আমি ইয়াৰ বিষয়ে ভালকৈ বুজিব পাৰোঁ। 

ভু-প্ৰকৃতিৰ ফালৰ পৰা এই দুই পৰিৱেশৰ মাজত যিদৰে পাৰ্থক্য আছে, তেনেদৰে মানুহে অৱলম্বন কৰা জীবিকা- নিৰ্বাহ প্ৰণালীৰ মাজতো পার্থক্য আছে। পার্বত্য অঞ্চল অসমান, শিলাময় ভূ-ভাগেৰে গঠিত হোৱা বাবে খেতি-বাতিৰ উপযোগী নহয়য়। নদ-নদীবোৰ খৰস্ৰোতা, ৰাস্তা-ঘাট নিৰ্মাণ কৰিবলৈ কষ্টকৰ আৰু ব্যয়বহুল। ফলত বেপাৰ-বাণিজ্যৰ, শিল্পোদ্যোগৰ আদিৰ বাবেও সুবিধা নাই। আনহাতে, জলবায়ু মনোৰম, স্বাস্থ্যকৰ আৰু কাজ সম্পদক চহকী হোৱা বাবে পাৰ্বত্য অঞ্চলৰ মানুহে কাঠ সংগ্রহ, চিকাৰ আৰু পশুপালন আদি জীৱিকাৰে জীৱন-নিৰ্বাহ কৰে। মনোৰম জলবায়ুৰ বাবে পার্বত্য অঞ্চলত স্বাস্থ্যনিবাস আৰু পৰ্যটন স্থানৰ উপযোগী হোৱা বাবে হোটেল ব্যবসায়ত এইবোৰ উন্নত। ঠাই অনুসৰি পৰ্বতৰ ঢালত কিছু পৰিমাণে বেদিকা কৃষি আৰু ৰোপণ কৃষিৰেও জীৱিকা নিৰ্বাহ কৰা দেখা যায়। সমভূমিবোৰ বিস্তৃত সমান ঠাইৰে আগুৰাৰ বাবে এইবোৰ ঠাই কৃষি, বেপাৰ- বাণিজ্য, শিল্পোদ্যোগ আদি সকলোবিলাক কামৰ উপযোগী। পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৭০ ভাগ মানুহ বাস কৰে সমভূমিত। সেইবাবে সমভূমি অঞ্চলৰ মানুহৰ মুখ্য জীৱিকা হ’ল কৃষিকার্য, বেপাৰ-বাণিজ্য, শিল্পোদ্যোগ আৰু অন্যান্য দ্বিতীয়ক আৰু তৃতীয়ক শ্ৰেণীৰ বৃত্তি। অৱশ্যে সমভূমিৰো যিবোৰত অস্বাস্থ্যকৰ জলবায়ু, শীত-তাপৰ কঠোৰতা, অনুৰ্বৰ মাটিৰে গঠিত ঠাইবোৰত নানা প্ৰকাৰৰ অঘৰী লোক দেখা যায়। 

(ঘ) প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ পৰিৱেশ। (Natural environment and Human environment.)

উত্তৰঃ যিবিলাক কাৰকৰ ভিত্তিত কোনো এখন ঠাইৰ পৰিৱেশ গঢ়ি উঠে এইবোৰৰ ওপৰত নিৰ্ভৰ কৰি পৰিৱেশক দুভাগত ভাগ কৰা হৈছে— এবিধ হ’ল প্ৰাকৃতিক পৰিৱেশ (Natural environment) আৰু আনবিধ হ’ল মানৱ পৰিবেশ (Human environment)। এই দুই প্ৰকাৰৰ পৰিবেশৰ মাজত পার্থক্য এয়ে প্রাকৃতিক পৰিৱেশ মূলতঃ নানা প্ৰকাৰৰ প্ৰাকৃতিক কাৰকৰ প্ৰাধান্যতাত গঢ় লৈ উঠে। এই প্রাকৃতিক কাৰকবিলাকৰ ভিতৰত হ’ল ভৌগোলিক অবস্থান, ভূ-প্রকৃতি, জলবায়ু, প্রাকৃতিক উদ্ভিদ, জীৱ-জন্তু, মাটিৰ গুণাগুণ, খনিজ পদার্থ, নদ নদী, উপকূল আদি । এইবোৰ প্ৰাকৃতিক কাৰকে ধৰা পৃষ্ঠৰ ভিন্‌ ভিন্‌ ঠাইত ভিন্‌ ভিন্‌ প্ৰকাৰৰ প্রাকৃতিক পৰিৱেশৰ সৃষ্টি কৰিছে। উদাহৰণস্বৰূপে পার্বত্য অঞ্চলৰ ভূ-প্ৰকৃতি আৰু সমভূমি অঞ্চলৰ ভূ-প্রকৃতি একে নহয় হেতুকে উল্লিখিত দুই অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশো ভিন্ন ধৰণৰ হোৱা দেখা যায়। 

প্রাকৃতিক কাৰকবোৰৰ নিচিনাকৈ মানৱৰ লগত জড়িত থকা নানা প্ৰকাৰৰ কাৰকৰ সমষ্টিতো পৰিৱেশ গঢ় লৈ উঠে। এনেকুৱা কাৰকৰ সমষ্টিত স্থাপন হোৱা পৰিৱেশকে মানব পৰিৱেশ বোলে। মানৱ পৰিৱেশ সৃষ্টিকাৰী মুখ্য উপাদানবোৰ হ’ল— জনসংখ্যা আৰু জনবসতি, জাতি, ধৰ্ম, চৰকাৰৰ নীতি-নিয়ম, সামাজিক অবস্থা, অর্থনৈতিক অবস্থা, বিজ্ঞান আৰু কাৰিকৰী বিদ্যাৰ উন্নতি আদি। এইবোৰ উপাদানৰ সমষ্টিত ভিন্‌ ভিন্‌ ঠাইত পৰিৱেশৰ অবস্থাও ভিন্ন হয়। মানৱ পৰিবেশ সৃষ্টিকাৰী মূল উপাদান হ’ল মানুহ। মানুহৰ কাৰ্যপ্ৰণালীৰ ফলতে মানৱ পৰিবেশ গঢ়ি উঠে।

(ঙ) পৰিবেশ দূষিতকৰণ আৰু পৰিৱেশ সংৰক্ষণ। (Environmental pollution and environmental conservation)

উত্তৰঃ মানুহে জীৱন-যাত্ৰাৰ লগত জড়িত নানা প্ৰকাৰৰ সামাজিক তথা অর্থনৈতিক বিকাশৰ কাম-কাজৰ বাবে পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। সেইবাবে নিজৰ বা সমাজৰ প্ৰগতিৰ বাবে মানুহে পৰিৱেশক ভিন্‌ ভিন্‌ উপায়ে ব্যৱহাৰ কৰি আহিছে। ইয়াৰ উপৰিও ধাপৃষ্ঠত দ্রুতগতি বৃদ্ধি পোৱা জনসংখ্যা, সময়ৰ লগে লগে বৃদ্ধি পাই অহা নানা ধৰণৰ চাহিদা পূৰণ কৰিবলৈ যাওঁতে হিচাপতকৈ পৰিৱেশৰ নানা উপকৰণবোৰ অধিকভাৱে ব্যৱহাৰ কৰা হয়। অর্থাৎ পৰিৱেশৰ ওপৰত তীব্ৰ হেঁচা প্ৰয়োগ কৰা হৈছে। এই কাৰ্যৰ ফলত পৰিৱেশ আৰু মানুহৰ মাজৰ সঙ্কলিত অবস্থা নাইকিয়া হৈছে। ইয়াকে পৰিবেশ দুষিতকৰণ (environmental pollution) বুলি কোৱা হয়। অর্থাৎ এই কাৰ্যৰ ফলত পৰিবেশ দুষিত হ’ব লাগিছে। দুষিত পৰিৱেশ মানৱ জাতিৰ বাবে অতিকৈ ভয়াবহ। পৰিৱেশ দুষিতকৰণৰ ফলত সৃষ্টি হোৱা নানা প্ৰকাৰৰ বিভীষিকাৰ কথাত আজি পৃথিৱীৰ সকলো প্ৰকাৰৰ সচেতন লোক সজাগ হৈ উঠিছে। 

তেওঁলোকে পৰিৱেশ আৰু মানুহৰ মাজৰ সজ্বলিত অৱস্থা বিনষ্ট নোহোৱাকৈ ৰাখিবৰ বাবে নানা প্ৰকাৰে চেষ্টা চলাবলৈ লাগিছে। আজি ধৰাপৃষ্ঠৰ সকলো সচেতন লোকে অনুভৱ কৰিছে যে মানুহে পৰিৱেশক নিজৰ স্বাৰ্থ অনুযায়ী কিমান পৰিৱৰ্তন কৰিব পাৰে, সেইটো সিমান গুৰুত্বপূৰ্ণ নহয়। মানুহে নিজৰ জ্ঞান-বুদ্ধিৰ দ্বাৰা দুষিত নোহোৱাকৈ কি ধৰণে উপভোগ কৰি জীৱন-ধাৰণ কৰিব পাৰি সেইটোহে আচল কথা। পৰিবেশৰ এই প্ৰকাৰৰ উপভোগকে কোৱা হৈছে পৰিৱেশ সংৰক্ষণ বা environmental conservation বুলি। বৰ্তমান সময়ত পৰিবেশ উপভোগতকৈ ইয়াৰ সংৰক্ষণহে অধিক জৰুৰী হৈ পৰিছে কিয়নো পৰিবেশ সংৰক্ষণে অকল আজিৰে নহয় ভৱিষ্যতৰ উন্নতিৰ কথাও চিন্তা কৰে।

(চ) বনানিকৰণ আৰু নিবৰ্নীকৰণ। (Afforestation and Deforestation.)

উত্তৰঃ পৰিৱেশ সংৰক্ষণ আৰু পৰিৱেশ দূষিতকৰণ প্ৰক্ৰিয়াৰ লগত কনানিকৰণ প্ৰক্ৰিয়া আৰু নিবনীকৰণ প্ৰক্ৰিয়া ওতপ্ৰোতঃভাৱে জড়িত। বনানিকৰণ হ’ল ধৰাপৃষ্ঠত নানা প্ৰকাৰেৰে কনভূমিৰ পৰিমাণ বৃদ্ধি কৰা আৰু এইবোৰক প্ৰকৃতভাৱে ৰক্ষণাবেক্ষণ দিয়া। আনহাতে, নিবনীকৰণ হ’ল ধাপৃষ্ঠত যিবোৰ প্ৰাকৃতিক অৰণ্য ভূমি বা বন-বননি আছে এইবোৰ মানুহ আৰু নানা প্ৰকাৰৰ জীৱ-জন্তু আক্ৰমণৰ ফলত ক্রমশঃ নিঃশেষ হোৱা। বৰ্তমান ধাপৃষ্ঠত যি গতিত জনসংখ্যা বৃদ্ধি পাব লাগিছে এই বর্ধিত জনসংখ্যাই ধাপৃষ্ঠৰ নানা প্ৰকাৰ সম্পদৰ ওপৰত এক তীব্ৰ হেঁচাৰ সৃষ্টি কৰিছে। ফলস্বৰূপে সকলোবিলাক প্ৰাকৃতিক সম্পদৰে অপব্যৱহাৰ হ’ব ধৰিছে। জনবিস্ফোৰণৰ এই প্ৰচণ্ড হেঁচাৰ পৰা বনভূমিবোৰেও ৰেহাই পোৱা নাই। 

ফলত দিনে দিনে বনভূমিৰ পৰিমাণ নিঃশেষ হোৱাৰ লগতে বনজ সম্পদৰ পৰিমাণো হ্ৰাস হৈ আহিছে। মানুহৰ এই অপব্যৱহাৰৰ দ্বাৰা বনভূমি বা বনজ সম্পদৰ পৰিমাণ হ্রাস হোৱাকে কোৱা হৈছে নিবনীকৰণ বা (deforestration)। এই নিবনীকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰাকৃতিক তথা মানৱ পৰিৱেশ দুষিত হ’বলৈ ধৰিছে আৰু এই দুষিত পৰিবেশ মানুহ তথা নানা প্ৰকাৰৰ জীৱ-জন্তুৰ বাবে অতিকৈ দুর্ভাগ্যজনক। জনবিস্ফোৰণৰ প্ৰচণ্ড হেঁচাত প্ৰাকৃতিক বনভূমিবোৰৰ ওপৰত চলা তীব্ৰ আক্ৰমণত আজি ধৰা পৃষ্ঠৰ সকলোবিলাক সচেতন লোক সজাগ হৈ উঠিছে। পৰিৱেশ দূষিত কাৰণৰ ভয়াৱহ ৰূপত সচকিত হৈ এই পৰিবেশৰ ভাৰসাম্যতা ৰক্ষণাবেক্ষণত আজি মানুহে উঠিপৰি লাগিছে। পৰিবেশৰ ভাৰসাম্যতা ৰক্ষণাবেক্ষণৰ বাবে হাতত লোৱা কাৰ্য আঁচনিৰ ভিতৰত বনানীকৰণ (aforestration) এক অন্যতম কার্য। এই আঁচনিৰ দ্বাৰা পৃথিৱীৰ প্রাকৃতিক পৰিৱেশ বিনষ্ট নহ’বৰ বাবে গছ-গছনি নতুনকৈ ৰোৱা আৰু এইবোৰক ধ্বংসৰ পৰা ৰক্ষা কৰাটো মূল কাম। 

১০। (ক) পৰিৱেশ বুলিলে কি বুজা ? পৰিবেশৰ মুখ্য ভাগ দুটা কি কি ? ইয়াৰ মুখ্য উপাদানবোৰৰ এখন তালিকা প্ৰস্তুত কৰা। মানুহ আৰু পৰিৱেশৰ সম্বন্ধ আলোচনা কৰা ৷ (What do you mean by environment ? What are the two main parts of the environment ? Prepare a list of its main components ? Discuss the relationship between people and the environment.) 

উত্তৰঃ পৰিৱেশ (Environment): পৰিৱেশ অধ্যয়ন মানৱ ভূগোলৰ অতিকৈ গুৰুত্বপূৰ্ণ বিষয়। পৰিবেশ বুলিলে আমি মূলতঃ একো একোটা অঞ্চলত প্ৰকৃতি আৰু মানুহৰ সৃষ্টি কৰা কাৰকবোৰৰ ফলত যি এক অৱস্থাৰ সৃষ্টি হয় বা পৰিস্থিতি গঢ় লৈ উঠে তাকে পৰিবেশ বোলে। অর্থাৎ একো একোটা অঞ্চলৰ ভৌগোলিক অবস্থান, ভূ-প্রকৃতি, নদ-নদী, উপকূল, জলবায়ু, মৃত্তিকা, প্রাকৃতিক উদ্ভিদ, খনিজ সম্পদ আদি উপাদানবোৰৰ ফলত যি এক অৱস্থাৰ সৃষ্টি হয় সেই অৱস্থাকে অঞ্চলটোৰ পৰিৱেশ বোলে। উদাহৰণস্বৰূপে বিষুবীয় পৰিৱেশ বুলিলে আমি বিষুৱ ৰেখাৰ ওচৰত অৱস্থিত ঠাইবোৰৰ ভূ-প্রকৃতি, জলবায়ু, মৃত্তিকা, স্বাভাবিক উদ্ভিদ, তাত বসবাস কৰা লোক গোষ্ঠী আৰু তেওঁলোকৰ নানা প্ৰকাৰৰ আৰ্থ-সামাজিক, সামাজিক কাৰ্যব্যৱস্থাৰ কথাকে বুজো। অর্থাৎ মানুহৰ কেউফালে বিৰাজ কৰি থকা এই কাৰকবোৰৰ অৱস্থান তথা পৰিস্থিতিকে পৰিৱেশ বুলি জনা যায়। 

পৰিৱেশৰ মুখ্য ভাগ: পৰিৱেশক মূলতঃ দুটা ভাগত ভাগ কৰিব পাৰি। এই দুই প্ৰকাৰৰ পৰিৱেশ হ’ল –

(ক) প্রাকৃতিক পৰিৱেশ (Physical environment) 

(খ) মানৱ বা মানৱসৃষ্ট পৰিবেশ (Human environment)

প্রাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশ কেতবোৰ উপাদানৰ দ্বাৰা সৃষ্টি হয়। প্রাকৃতিক পৰিবেশৰ উপাদানবোৰ যিদৰে প্ৰাকৃতিক কাৰণত সৃষ্টি হয় তেনেদৰে মানৱ পৰিৱেশৰ উপাদানবোৰ সৃষ্টি কৰে মানুহে নিজে নিজে। তলৰ তালিকাত এই দুয়োবিধ পৰিৱেশৰ উপাদানবোৰ দেখুওৱা হ’ল— 

প্রাকৃতিক পৰিৱেশ 

(ক) ভৌগোলিক অৱস্থান।

(খ) ভূ-প্রকৃতি। 

(গ) জলবায়ু। 

(ঘ) মৃত্তিকা। 

(ঙ) প্রাকৃতিক উদ্ভিদ। 

(চ) জীব-জন্তু। 

(ছ)খনিজ সম্পদ।

মানৱ পৰিৱেশ 

(ক) জনসংখ্যা। 

(খ) জনসংখ্যাৰ ঘনত্ব।

(গ) বসতি।

(ঘ) জাতি।

(ঙ) ধর্ম।

(চ) ) মানুহৰ বৃত্তি।

(ছ) চৰকাৰী নীতি-নিয়ম।

মানুহ আৰু পৰিৱেশৰ সম্বন্ধ (Man Environment Relationship): পৰিৱেশৰ অন্যতম উপাদান হ’ল মানুহ। মানুহ আৰু পৰিবেশ বুলিলে সাধাৰণতে কোনো এক পৰিৱেশত মানুহে কি ধৰণে জীৱিকা নিৰ্বাহ কৰিছে এই কথাকে বুজায়। মানুহ আৰু পৰিৱেশৰ মাজৰ সম্বন্ধ নিবিড়। পৰিবেশৰ প্রভাৱে এফালে মানুহৰ দৈনন্দিন কাম-কাজৰ গতিধাৰা যিদৰে নিয়ন্ত্ৰণ কৰে তেনেদৰে আনহাতে মানুহৰ চিন্তা আৰু কৰ্মশক্তিয়ে পৰিবেশক নিজৰ মনৰ লগত মিলাই ইয়াৰ পৰা নানা প্ৰকাৰৰ সম্পদ আহৰণ আৰু উৎপাদন কৰিবও পাৰে। পৰিৱেশৰ ভিন্নতাৰ ফলতেই পৃথিৱীৰ ভিন্‌ ভিন্‌ অঞ্চলত বসবাস কৰা মানুহৰ অৰ্থনৈতিক জীৱন তথা সামাজিক জীৱনৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয়। মৌচুমী জলবায়ুৰ অন্তৰ্গত ঠাইবোৰত কৃষিকাৰ্যৰ নিচিনা স্থায়ী জীৱিকাৰে মানুহে বসবাস কৰিছে। ঠিক তেনেদৰে তুদ্ৰা অঞ্চলত অঘৰী জীৱন-যাপন কৰাটো পৰিৱেশৰ সৃষ্টি বুলিব লাগিব। অথচ কোনো কোনো অঞ্চলত আকৌ মানুহৰ অসীম কষ্ট স্বীকাৰৰ দ্বাৰা প্ৰাকৃতিক পৰিৱেশৰ বিপৰীতে গৈও মানুহে তাক সম্পদ সমৃদ্ধ কৰি তুলিব পাৰিছে। 

গতিকে পৰিৱেশ আৰু মানুহ পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল বুলিবও পাৰি। পৰিৱেশ প্ৰদূষণ আজি এক গুৰুত্বপূর্ণ সমস্যা। এই সমস্যা সৃষ্টি কৰিছে মানুহে। আনহাতে প্ৰদূষণৰ পৰা পৰিৱেশক মুক্ত কৰাটোও মানুহৰে কাম। মানুহে ইচ্ছা কৰিলে পৰিৱেশক প্ৰদূষণৰ নিচিনা ভয়ানক বিপদৰ পৰা ৰক্ষা কৰি ইয়াক সদায়ে সঙ্কলিত অৱস্থাত ৰাখিবও পাৰে। সেয়েহে পৰিৱেশৰ ব্যৱহাৰ আৰু নিয়ন্ত্ৰণৰ সম্পূৰ্ণ গৰাকী হ’ল মানৱ। 

১০। (খ) প্রাকৃতিক পৰিৱেশ আৰু মানৱ পৰিবেশ বুলিলে কি বুজা ? ভৌগোলিক অবস্থানে মানুহৰ জীৱনত কিদৰে প্ৰভাৱ পেলায় আলোচনা কৰা। (What do you mean by natural environment and human environment ? Discuss how geographical location has affected people’s lives.) 

উত্তৰঃ পৰিৱেশ বুলিলে সাধাৰণতে আমাৰ কেউফালে বিৰাজ কৰি থকা নানা প্ৰকাৰৰ কাৰকসমূহৰ অৱস্থান তথা পৰিস্থিতিকে বুজা যায়। এই পৰিৱেশ নানা প্ৰকাৰ কাৰকৰ দ্বাৰা সৃষ্টি হয়। পৰিৱেশ সৃষ্টিকাৰী এই কাৰক বা উপাদানবোৰ ভিন্‌ ভিন্‌ প্ৰকৃতিৰ। সেইবাবে পৰিৱেশ সৃষ্টিকাৰী কাৰক বা উপাদানৰ ভিত্তিত পৰিৱেশক প্ৰাকৃতিক পৰিবেশ (natural environment) আৰু মানৱ পৰিৱেশ (Human environment) নামেৰে দুভাগত ভাগ কৰা হৈছে। 

তলত দুই প্ৰকাৰ পৰিৱেশৰ ওপৰত চমু আলোচনা কৰা হ’ল— 

(ক) প্রাকৃতিক পৰিৱেশ: পৰিবেশৰ প্ৰধান ভাগ দুটা। প্রাকৃতিক পৰিৱেশ আৰু মানৱ পৰিৱেশ। মূলতঃ পৰিবেশ নানান কাৰকৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠে। প্রাকৃতিক কাৰকৰ ওপৰত ভিত্তি কৰি যি পৰিৱেশ গঢ়ি উঠে তাকেই প্রাকৃতিক পৰিৱেশ (natural environment) বুলি কোৱা হয়। এই প্রাকৃতিক উপকৰণবোৰৰ ভিতৰত হ’ল – অৱস্থান, ভূ-প্রাকৃতিক গঠন, জলবায়ু, প্রাকৃতিক উদ্ভিদ, জীবজন্তু, মাটি, খনিজ পদার্থ, নদ-নদী আদিৰ নাম উল্লেখ কৰিব পাৰি। এইবোৰ উপকৰণৰ ফলত ধাপৃষ্ঠৰ ভিন্‌ ভিন্‌ ঠাইত ভিন্‌ ভিন্‌ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই বিভিন্ন পৰিৱেশত বিভিন্ন কার্য ব্যৱস্থাৰে মানুহে বসবাস পাতি আহিছে। অর্থাৎ এই উপাদানসমূহে মানুহৰ কৰ্মজীৱনত নানান ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম। প্রাকৃতিক পৰিৱেশৰ অনুকূল অবস্থাৰ ফলত নদী, উপত্যকা, খনিজ সম্পদৰ ভঁৰাল অঞ্চল, উপকূলীয় পৰিৱেশ বা নাতিশীতোষ্ণ জলবায়ুৰ ঠাইবিলাক যিদৰে ঘন বসতিত পৰিণত হৈছে তেনেদৰে প্রতিকূল অৱস্থাৰ বাবে মৰুময় শুকান অঞ্চলত, তুষাৰযুক্ত তুন্দ্রা অঞ্চলত, পার্বত্য ভূমিবোৰত জনবসতিৰ পৰিমাণ তেনেই পাতল হৈ পৰিছে।

(খ) মানৰ পৰিৱেশ: মানৱ পৰিৱেশ হ’ল পৰিবেশৰ এক অন্যতম ভাগ। প্রাকৃতিক পৰিৱেশৰ নিচিনাকৈ মানুহৰ নিজা নিজা কাম-কাজৰ পৰিণতিতো পৰিবেশ গঢ় লৈ উঠে। এইদৰে মানুহৰ দ্বাৰা প্ৰত্যক্ষভাবে সৃষ্টি হোৱা পৰিৱেশকে কোৱা হয় মানৱ পৰিবেশ (Human environment)। মানৱ পৰিবেশৰ মূল উপাদানবোৰ হ’ল ঠাই এখনৰ জনসংখ্যা, বসতি, জাতি, ধৰ্ম, চৰকাৰৰ নীতি-নিয়ম, অর্থনৈতিক অবস্থা, সামাজিক অবস্থা অন্যতম। উল্লেখিত সকলোবিলাক উপকৰণ হ’ল মানুহৰ দ্বাৰা প্ৰত্যক্ষভাবে সৃষ্টি হোৱা। সেইবাবে এইবোৰ উপকৰণৰ ফলস্বৰূপে ঠাই এখনত যি পৰিৱেশ গঢ়ি উঠে সেই পৰিৱেশকে কোৱা হয় মানৱ পৰিৱেশ। মানুহৰ বিচাৰ, বুদ্ধি বা আৰ্থ-সামাজিক ব্যৱস্থাৰ জৰিয়তে মানৱ পৰিৱেশৰ পৰিৱৰ্তন ঘটাব পাৰি। এনেকুৱা পৰিবৰ্তনৰ ফলত একো একোখন ঠাই গ্রাম্য পৰিৱেশৰ পৰা নগৰীয়া পৰিৱেশত পৰিণত কৰিব পাৰি। 

ভৌগোলিক অৱস্থানৰ প্ৰভাৱ:

বিভিন্ন প্ৰকাৰৰ ভৌগোলিক অবস্থানসমূহ: পৃথিৱীৰ ভিন ভিন্ন ঠাই ভিন্‌ ভিন্‌ ভৌগোলিক পৰিবেশত অৱস্থিত হোৱা দেখা যায়। এনেকুৱা অৱস্থানৰ ভিত্তিত ঠাইবোৰক তলত দিয়া ধৰণে ভাগ কৰিব পৰা যায়। এই ভাগবোৰ হ’ল 

(ক) মহাদেশীয় অবস্থান (Continental location) 

(খ) সামুদ্রিক অৱস্থান (Maritime location) 

(গ) পার্বত্য অবস্থান (Mountainous location) 

(ঘ) নদী উপত্যকাৰ অৱস্থান (River Valleys location)

(ঙ) দ্বীপীয় অবস্থান (Island location )

(চ) উপদ্বীপীয় অৱস্থান (Peninsula location) 

এইবোৰ ভৌগোলিক অবস্থানে মানুহৰ দৈনন্দিন কাম-কাজত কেনেকুৱা প্ৰভাব পেলায় তলত ব্যাখ্যা কৰা হ’ল। 

পৃথিৱীৰ যিবোৰ ঠাই কোনো বৃহৎ স্থলভাগৰ অথবা কোনো মহাদেশৰ অন্তৰ্ভাগত অৱস্থিত সেইবোৰ ঠাইকে মহাদেশীয় অৱস্থান বুলি কোৱা হয়। সাগৰৰ পৰা যথেষ্ট দূৰত হোৱা বাবে এনেকুৱা অৱস্থানত অৱস্থিত ঠাইবোৰৰ জলবায়ু প্ৰায়েই চৰম ভাৱাপন্ন হয় আৰু নৌ পৰিবহন অসুবিধাৰ বাবে বেপাৰ-বাণিজ্য বা বৃহৎ উদ্যোগৰ ক্ষেত্ৰটো নানান অসুবিধা দেখা যায়। ক্ষুদ্র উদ্যোগ, পশুপালন আৰু ঠায়ে ঠায়ে অঘৰী জীৱনেৰে এইবোৰ ঠাইৰ লোকে জীবিকা নির্বাহ কৰে। 

সমুদ্রপ্রান্তীয় অবস্থানত অৱস্থিত ঠাইবোৰ সাধাৰণতে উপকূলীয় পৰিৱেশত অৱস্থিত। অথবা এনেবোৰ দেশৰ এটা অংশই হ’লেও সাগৰক স্পৰ্শ কৰি থাকে। সামুদ্রিক প্ৰভাৱৰ বাবে এনেকুৱা ঠাইবোৰৰ জলবায়ু সমভাবাপন্ন হয়। জনবসতি প্রায়েই ঘন হোৱা দেখা যায়। সাগৰেৰে বেপাৰ বাণিজ্যৰ সবিধা হোৱা বাবে এইবোৰ ঠাই আন্তর্জাতিক বাণিজ্য, শিল্প-উদ্যোগ, মৎস্য-শিল্প আদিত আগবঢ়া হোৱা দেখা যায়। কোনো কোনো দেশৰ সীমা আকৌ পৰ্বত-পাহাৰ আৰু নদ-নদীৰ দ্বাৰা নিৰ্ধাৰিত হোৱা দেখা যায়। 

পার্বত্য অৱস্থান দেশবোৰত নানা প্ৰকাৰৰ অসুবিধাৰ বাবে জনবসতি পাতল। চিকাৰ, কাঠ সংগ্রহ, পশু-পালন, বেদিকা কৃষি আৰু হোটেল ব্যৱসায়ত এই অঞ্চলৰ লোক নিয়োজিত হোৱা দেখা যায়। নদী উপত্যকাবোৰ অৱস্থিত ঠাইবোৰত সকলো প্ৰকাৰৰ সা-সুবিধাৰ কেন্দ্ৰ হোৱা বাবে মানুহৰ জীৱিকা নিৰ্বাহ সহজ। সেইবাবে জনবসতি অতিকৈ ঘন হয়। কৃষিৰ উপৰিও পৰিবহন, শিল্প, বাণিজ্য সমভূমিৰ লোকৰ মুখ্য ব্যৱসায়। দ্বীপীয় অৱস্থানৰ ঠাইবোৰ চাৰিওফালে সাগৰ-মহাসাগৰৰ জলৰাশিয়ে আগুৰি থাকে। কোনো বিশেষ প্রতিবন্ধক নাথাকিলে দ্বীপীয় অবস্থানৰ ঠাইবোৰত বন্দৰ, পোতাশ্রয় আদি স্থাপন কৰি শিল্প আৰু আন্তৰ্জাতিক বাণিজ্যত অগ্ৰণী হ’ব পাৰে। বিশেষকৈ মাছমৰা আৰু নৌ-বিদ্যাত এইবোৰ দেশৰ লোক পাৰ্গত হয়। যিবোৰ দেশৰ তিনিওফালে সাগৰ-মহাসাগৰৰ পানীয়ে আগুৰি থাকে তেনেকুৱা দেশবোৰকে উপদ্বীপীয় অৱস্থানত অৱস্থিত বুলি কোৱা হয়। এইবোৰ দেশেও বন্দৰ-পোতাশ্রয়ৰ সহায়ত বেপাৰ বাণিজ্য, মৎস্য শিল্পত আগভাগ লোৱা দেখা যায়। 

১১। প্রাকৃতিক পৰিৱেশৰ মুখ্য উপাদানবোৰ কি কি ? ভূ-প্রকৃতিয়ে মানুহৰ কাম-কাজত কেনেদৰে প্ৰভাৱ পেলায় আলোচনা কৰা। পৃথিবীৰ তিনিখন বিখ্যাত নদী উপত্যকাৰ নাম লিখা। (What are the main components of the natural environment ? Discuss how geography affects human activities.) 

উত্তৰঃ প্ৰাকৃতিক পৰিৱেশৰ মুখ্য উপাদানবোৰ : ধৰাপৃষ্ঠত আমি দেখিবলৈ পোৱা নানা প্ৰকাৰৰ পৰিৱেশবোৰক দুটা ভাগত ভাগ কৰা হৈছে। এই দুই প্ৰকাৰৰ পৰিৱেশ হ’ল প্ৰাকৃতিক পৰিবেশ (natural environment) আৰু মানৱ পৰিবেশ (Human environment)। পৰিৱেশ কেতবোৰ উপাদানৰ দ্বাৰা গঠিত। প্রাকৃতিক পৰিবেশ মানে সেই ঠাইখনৰ নানা প্ৰকাৰৰ প্ৰাকৃতিক উপাদানৰ দ্বাৰা যি পৰিৱেশ গঢ় লৈ উঠে তাকেই বুজায়। প্রাকৃতিক পৰিৱেশ যিবোৰ উপাদানৰ ফলত উদ্ভৱ সেইবোৰ তেনেই প্রাকৃতিক।

প্ৰাকৃতিক পৰিৱেশ সৃষ্টিকাৰী এই উপাদানবোৰ হ’ল –

(ক) ভৌগোলিক অৱস্থান (Geographical location)

(খ) ভূ-প্রকৃতি (Physiography)

(গ) নদ-নদী (Drainage) 

(ঘ) জলবায়ু (Climate) 

(ঙ) মৃত্তিকা (Soil) 

(চ) প্রাকৃতিক উদ্ভিদ (Natural vegetation) 

(ছ) জীব-জন্তু (Animal) 

(জ) খনিজ সম্পদ (Mineral resources) 

(ঝ) জল আৰু জলজ সম্পদ (Water and Oceanic resources)

মানুহৰ কাম-কাজত ভূ-প্রকৃতিৰ প্রভাৱ: বিভিন্ন প্রাকৃতিক কাৰকবোৰৰ ভিতৰত ভূ-প্ৰকৃতিৰ স্থান সুকীয়া ৷ একো একোখন ঠাই বা অঞ্চলৰ ভূ-ভাগৰ প্ৰাকৃতিক গঠনকে ঠাইখনৰ ভূ-প্রকৃতি বুলি জনা যায়। অর্থাৎ একো একোটা অঞ্চলত দেখিবলৈ পোৱা সমভূমি, মালভূমি আৰু পৰ্বতৰ সমষ্টিকে ঠাইখনৰ ভূ-প্রকৃতি বুলি জনা যায়। ধাপৃষ্ঠৰ ভিন্‌ ভিন্‌ পৰিৱেশত অৱস্থিত ঠাইবোৰৰ ভূ-প্রকৃতিও ভিন্‌ ভিন্‌ হোৱা দেখা যায়। ভিন্ন ভূ-প্রকৃতিৰে গঠিত অঞ্চলবোৰত বসবাস কৰা মানুহৰ জীৱন-ধাৰণ প্ৰণালীত ভিন্ন প্ৰকাৰৰ হোৱা পৰিলক্ষিত হয়। তলত ভূ-প্রকৃতিয়ে মানুহৰ কাম-কাজত কি ধৰণৰ প্ৰভাৱ পেলায় এই বিষয়ে চমুকৈ আলোচনা কৰা হ’ল—

মানুহৰ কাম-কাজত ভূ-প্রকৃতিৰ প্ৰভাৱ: পৰিৱেশ ৰূপায়িত কৰা প্ৰাকৃতিক কাৰকবোৰৰ ভিতৰত ভূ-প্রকৃতিৰ প্ৰভাৱ অতিকৈ উল্লেখযোগ্য। ভূ-প্ৰকৃতিৰ ভিত্তিত ধৰাপৃষ্ঠৰ প্ৰাকৃতিক পৰিৱেশ তিনি প্ৰকাৰৰ হ’ব পাৰে। 

এই তিনি প্ৰকাৰ হ’ল—–

(ক) পার্বত্য পৰিৱেশ (Mountainous environment)

(খ) মালভূমি পৰিৱেশ (Plateau environment) 

(গ) সমভূমিৰ পৰিৱেশ (Plain environment) 

পার্বত্য পৰিৱেশত ভূ-ভাগ অসমান আৰু শিলাময় হোৱা বাবে কৃষিকার্যৰ অনুপযোগী। নদ নদীবোৰ খৰস্ৰোতা, ৰাস্তা-ঘাট আদি নিৰ্মাণ কৰিবলৈ কষ্টকৰ আৰু ব্যয়বহুল হোৱাত বেপাৰ বাণিজ্য আৰু শিল্পদ্যোগত অতিকৈ পিছপৰা। এনেকুৱা প্ৰতিকূল অৱস্থাৰ পৰিপ্ৰেক্ষিতত পাৰ্বত্য অঞ্চলত জীবিকা নির্বাহ কষ্টকৰ আৰু লোকবসতি তেনেই পাতল হোৱা দেখা যায়। অৱশ্যে ঠাই বিশেষে হোটেল ব্যৱসায়ত প্রাধান্যতা দেখা যায়। তেনেদৰে পশুপালন, কাঠ সংগ্রহ আদিতো বহুলোক নিয়োজিত হয়। পার্বত্য অঞ্চলত ঠায়ে ঠায়ে ৰোপণ কৃষি আৰু বেদিকা জলবায়ু মনোৰম হোৱা বাবে পার্বত্য অঞ্চলত গ্ৰীষ্মনিবাস আৰু পৰ্যটকৰ আমোদ-কেন্দ্ৰ হোৱাত কৃষিৰ প্ৰচলনো দেখা যায়।

মালভূমি অঞ্চলৰ ভূ-প্রকৃতি সকলেতে একেধৰণৰ নহয়। অনুকূল জলবায়ু আৰু সমান ভূ প্ৰকৃতি সাৰুৱা মাটিৰে গঠিত মালভূমিবোৰত কৃষিকার্যৰ প্ৰাধান্য আছে। অসমান আৰু শুরু মালভূমিবোৰত পশুপালনৰ সুবিধা। অধিক উচ্চতাৰ মালভূমিবোৰৰ জলবায়ু মৃদু হৈ স্বাস্থ্যনিবাস পৰ্যটন কেন্দ্ৰত পৰিণত হয়। তুলনামূলকভাৱে এই অঞ্চল খনিজ সম্পদত চহকীও। ফলঃ শিল্প-বাণিজ্য কিছু উন্নত। সেইবাবে জনবসতিৰ ঘনত্ব পৰ্বতৰ তুলনাত বেছি। সমভূমিবোৰেই জীৱিকা নিৰ্বাহৰ বাবে একেবাৰে উপযোগী। কোনো বিশেষ প্রতিবন্ধক নাথাকিলে কৃষি, বাণিজ্য, পৰিবহন, শিল্প, উদ্যোগ আদি সকলোতে উন্নত হয়। কৃষিকার্য সহজসাধ আৰু মাটিও সাৰুৱা। সেইবাবে এই অঞ্চলবিলাক পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৭০ শতাংশ বাসস্থান। হৈ পৰিছে। সেইবাবেই পৃথিৱীৰ নদী উপত্যকাৰ সমভূমিবোৰ যিদৰে প্ৰাচীন সভ্যতাৰ কেন্দ্ৰ তেনেদৰে আধুনিক বিশ্বৰ খাদ্যভঁৰাল বুলি পৰিগণিত হ’ব পাৰিছে। 

১২। পার্বত্য ভূ-প্রকৃতিয়ে মানুহৰ কাম-কাজত কিদৰে প্ৰভাৱ পেলায় আলোচনা কৰা। (Discuss how mountain topography affects people’s work.) 

উত্তৰঃ ভূ-প্রকৃতি প্রাকৃতিক পৰিৱেশৰ সবাতোকৈ গুৰুত্বপূৰ্ণ উপাদান। ধৰাপৃষ্ঠৰ বন্ধুতাই মানুহৰ সামাজিক তথা অর্থনৈতিক উন্নতিত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। ধৰা পৃষ্ঠৰ ভূ-প্রকৃতিৰ বৈশিষ্ঠ্য অনুসৰি ইয়াক মূলতঃ তিনিটা ভাগত ভাগ কৰিব পাৰি। এই ভাগ তিনিটা হ’ল – পার্বত্য অঞ্চল (mountainous region), মালভূমি অঞ্চল (Plateau region) আৰু সমভূমি অঞ্চল (Plain region । এই তিনি প্ৰকাৰৰ ভূ-প্রকৃতিৰ ভিতৰত পাৰ্বত্য ভূ-প্রকৃতিয়ে মানুহৰ দৈনন্দিন কাম-কাজৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাবলৈ সক্ষম । তলত পার্বত্য ভূ-প্রকৃতিয়ে মানুহৰ জীৱনত কেনেকুৱা প্ৰভাৱ পেলায় তাৰ ওপৰত চমু আলোচনা কৰা হ’ল। 

পার্বত্য অঞ্চল বুলিলে আমি পৃথিবীপৃষ্ঠৰ যিবোৰ ঠাই অসমান; থিয় ঢালযুক্ত উচ্চ ভূমি আৰু এইবোৰৰ মাজে মাজে গভীৰ থিয় উপত্যকা আৰু বহুদূৰ বিয়পি থাকে তাকেই বুজো। অর্থাৎ পার্বত্য অঞ্চলত সমান ঠাইৰ অভাৱ। অধিকাংশ ঠায়েই শিলাময় আৰু অনুর্বৰ। সেইবাবে পার্বত্য অঞ্চল কৃষিকার্যৰ বাবে সুবিধাজনক নহয়। নদ-নদীবোৰ ঠেক, অকোৱা পকোৱা আৰু খৰস্ৰোতা। সেইবাবে নৌ-যাতায়াতৰ বাবে অনুপযোগী। আনহাতে সমগ্র ভূ-ভাগেই ওখোৰা মোখোৰা আৰু থিয় ঢালযুক্ত হোৱা বাবে ৰেলপথ আৰু স্থলপথ নির্মাণ অতিকৈ কষ্টকৰ আৰু ব্যয়বহুল হোৱা হেতুকে পার্বত্য অঞ্চলৰ পৰিবহন ব্যবস্থা একেবাৰে অনুন্নত। যিহেতু যাতায়াত পৰিবহনৰ ক্ষেত্ৰত অনুন্নত সেইবাবে বেপাৰ-বাণিজ্য, শিল্পদ্যোগ আদিৰ ক্ষেত্ৰটো এই অঞ্চলবোৰ দুৰ্বল হোৱা পৰিলক্ষিত হয়। এনেকুৱা প্ৰতিকূল পৰিৱেশৰ বাবে পার্বত্য ভূ-ভাগবোৰত মানুহৰ বসতি যথেষ্ট পৰিমাণে পাতল হোৱা দেখা যায়। সামগ্রিকভাবে পার্বত্য অঞ্চল আর্থ-সামাজিক অৱস্থাৰ ক্ষেত্ৰত তেনেই অনুন্নত অৱস্থাত থকা দেখা পাওঁ।

ওপৰত উল্লিখিত অৱস্থাবোৰৰ ক্ষেত্ৰত পার্বত্য অঞ্চল যদিও অনুন্নত তথাপিও দেশ এখনৰ আর্থ-সামাজিক উন্নতিৰ ক্ষেত্ৰত পাৰ্বত্য অঞ্চলৰ অৱদান সুদূৰপ্ৰসাৰী। পার্বত্য অঞ্চল উচ্চভূমিৰে আগুৰা বাবে ইয়াৰ জলবায়ু তুলনামূলকভাৱে মৃদু। সৰহভাগ পার্বত্য অঞ্চলত বৃষ্টিপাত পৰিমাণো কিছু বেছি। আনহাতে এনেকুৱা উচ্চভূমিৰ অৱস্থানৰ বাবে অঞ্চলভেদে যথেষ্ট বৰষুণ যিদৰে হয় তেনেদৰে উচ্চভূমিয়ে মেৰুৰ পৰা বোৱা চেঁচা বতাহক বাধা দিব পৰা ক্ষমতাও আছে। আমাৰ হিমালয় পর্বতেই তাৰ জলন্ত উদাহৰণ। পার্বত্য অঞ্চলবোৰ হিমবাহ আৰু নদ-নদীৰ উৎপত্তি স্থানো। সু-উচ্চ ফাবৃত পার্বত্য অঞ্চলৰ পৰা প্ৰবাহিত হোৱা নদ নদীবোৰে সেইবোৰৰ উপত্যকাবোৰত কিমান সহায় কৰিছে এই কথা সকলোৰে বোধগম্য। আকৌ পার্বত্য অঞ্চলৰ ওপৰেৰে প্রবাহমান নৈবোৰৰ পৰা জলবিদ্যুৎ উৎপাদন কৰাও হয়। 

ভাৰতবৰ্ষতে এনেকুৱা কিমান যে জলবিদ্যুৎ কেন্দ্র স্থাপন হৈছে তাৰ হিচাপ ৰখাটো তেনেই কষ্টকৰ। এইদৰে উৎপাদন কৰা জলবিদ্যুতে দেশৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতিত সহায় কৰে। পার্বত্য অঞ্চলবোৰ তুলনামূলকভাৱে বনজ সম্পদৰ ক্ষেত্ৰত চহকী। এইবোৰৰ পৰা নানা প্ৰকাৰৰ গছ-গছনি আৰু জীৱ-জন্তু আমদানি-রপ্তানিৰ মাধ্যমেৰে দেশৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰাত সহায় হৈছে। বনজ সম্পদৰ দৰে খনিজ সম্পদৰ ভিতৰতো পার্বত্য অঞ্চলবোৰ চহকী। এই খনিজ সম্পদবোৰ উদ্ঘাটন কৰি দেশৰ অৰ্থনৈতিক অবস্থা উন্নত কৰাত যথেষ্ট সহায় হয় বাবে তেনেকুৱা পার্বত্য অঞ্চলৰ গুৰুত্ব অধিক। এনেকুৱা অঞ্চলবোৰ জলবিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰটো বিশেষ স্থান লাভ কৰিবলৈ সক্ষম। এনেকুৱা অঞ্চলবোৰৰ ভূ-প্রকৃতি মানুহৰ বসতিৰ বাবে অনুকূল নহয় যদিও উদ্যোগ আদিৰ ক্ষেত্ৰত আগভাগ লবলৈ সক্ষম হয়।

পার্বত্য অঞ্চলৰ আন এক বিশেষত্ব হ’ল পাহাৰ-পৰ্বতৰ ঢালবোৰত বেদিকা কৃষি প্রচলন যথেষ্ট। সেইদৰে পশুপালন, ফলমূলৰ বাগিচা স্থাপন আদিৰ ক্ষেত্ৰটো পাৰ্বত্য অঞ্চলত সুবিধা যথেষ্ট। পর্বত পাহৰৰ ঢালবোৰত খাপ কৰি যি বেদিকা কৃষিৰ প্ৰচলন কৰা হৈছে সেই কাৰ্যই ঠাইবোৰৰ যথেষ্ট পৰিবৰ্তন ঘটাবলৈ সক্ষম হৈছে। উত্তৰ বংলা, চিকিম, পশ্চিম হিমালয়, শ্রীলংকা, জাপান আদি ঠাইত বেদিকা কৃষিয়ে বিশেষ প্রাধান্যতা লাভ কৰিবলৈ সক্ষম হোৱাৰ কথা সকলোৱে জানে। আনহাতে অষ্ট্ৰেলিয়াৰ গ্ৰেটডিভাইনিং বেঞ্জ, ভাৰতৰ টাই বনাঞ্চল, ৰাছিয়াৰ টিয়াচান পার্বত্য অঞ্চলত পশুপালনে বিশেষ ভূমিকা লাভ কৰিবলৈও সক্ষম হৈছে। তেনেদৰে পৃথিৱীৰ বহুতো পার্বত্য অঞ্চলেই ফলমূলৰ খেতিৰ ক্ষেত্ৰত আগস্থান লাভ কৰিছে। 

পার্বত্য অঞ্চলৰ আন এক গুৰুত্বপূৰ্ণ অৱদান হ’ল স্বাস্থ্যনিবাস আৰু পৰ্যটন কেন্দ্ৰ স্থাপন। মৃদু জলবায়ু, মনোৰম প্রাকৃতিক দৃশ্যৰে অপূৰ্ব ৰূপৰ ভঁৰাল হোৱা হেতুকে পৃথিৱীৰ ভালেমান পার্বত্য অঞ্চলত প্ৰাকৃতিৰ প্ৰতিকূল পৰিবেশকো নেওচি বৃহৎ বৃহৎ একো একোখন পর্যটন কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে। এনেকুৱা পর্যটন কেন্দ্ৰবোৰ কিমান যে জনবহুল ভাবিলে আচৰিত লাগে। এনেকুৱা কেন্দ্ৰবোৰলৈ প্ৰতিদিনে দেশ-বিদেশৰ পৰা ভ্ৰমণকাৰীয়ে ল নিছিগা সোঁত বোৱাইছে। ভ্ৰমণকাৰীৰ আগমনৰ বাবে হোটেল ব্যৱসায়কে কেন্দ্ৰ কৰি বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত বিশেষ উন্নতি কৰিবলৈও সক্ষম হৈছে। আমাৰ দেশৰে কাশ্মীৰ, চিমল মিচৌৰী, নাইনিটাল, মানালি, দার্জিলিং, ছিলং আদি পৰ্যটন কেন্দ্ৰবোৰেই ইয়াৰ সাক্ষী। গতিতে পার্বত্য অঞ্চলৰ এই পৰ্যটনকেন্দ্ৰবোৰ সঁচাকৈয়ে দেশবোৰৰ এক অমূল্য সম্পদ। 

১৩। এখন অঞ্চলৰ পাৰিপার্শ্বিক অৱস্থাত জলবায়ুৰ প্ৰভাৱ বিশ্লেষণ কৰা। (Analyze the impact of climate on the environmental conditions of a Region.) 

উত্তৰঃ ঠাই এখনৰ পাৰিপাৰ্শ্বিক অবস্থা নিয়ন্ত্ৰণ কৰা ভালেমান প্রাকৃতিক কাৰক আছে। এই কাৰকবোৰৰ ভিতৰত এক প্রভাবশীল কাৰক বা উপাদান হ’ল জলবায়ু। জলবায়ুয়ে মানুহৰ জীৱনত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে অপৰিসীম প্ৰভাৱ বিস্তাৰ কৰে। আমি ভালদৰে জানো যে মানুহৰ দৈনন্দিন কার্য ও জলবায়ুৰ লগত পোনপটীয়া সম্পর্ক আছে। উল্লেখযোগ্য যে কোনো এক অঞ্চলত কি শস্য উৎপাদন কৰিব পৰা যাব সেই অঞ্চলটোৰ স্বাভাবিক উদ্ভিদ কোন প্ৰকাৰৰ হ’ব এনেকুৱা কথাবোৰ জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰে। উল্লেখযোগ্য যে দক্ষিণ-পূর্ব এছিয়া ধানখেতিৰ বাবে উপযোগী কিন্তু নিৰক্ষীয় অঞ্চলবোৰত ধানখেতিৰ পৰিৱৰ্তে ৰোপণ খেতিৰ প্ৰচলনহে সৰ্বাধিক। এনেকুৱা পার্থক্যবোৰ সম্ভৱপৰ হৈছে জলবায়ুৰ প্রভাৱতহে। জলবায়ুৰ ভিন্নতাৰ বাবেই ধৰাৰ বুকুত এনেকুৱা ভালেমান ঠাই আছে যিবোৰত বছৰৰ সকলো সময়তে বৰষুণ হৈ থাকে আৰু আন কোনো কোনো অঞ্চল আছে যিবোৰত ১০/১৫ বছৰ পর্যন্ত একেৰাহে বৰষুণ নহয়। 

জলবায়ুৰ তাৰতম্যৰ বাবে যিদৰে বৰষুণৰ পৰিমাণৰ তাৰতম ঘটে তেনেদৰে বৰষুণ কম-বেছি হোৱাৰ লগত সম্বন্ধ স্থাপন কৰি সেইবোৰ অঞ্চলত বসবাস কৰা লোকসকলৰ দৈনন্দিন কাম-কাজৰ ধৰণ কৰণো বেলেগ বেলেগ হয়। আনকি মানুহৰ খানা, সাজ-পাৰ আদিও জলবায়ুৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। 

জলবায়ুৰ পাৰ্থক্যৰ বাবে ধাপৃষ্ঠৰ ভিন্‌ ভিন্‌ অঞ্চলত দেখিবলৈ পোৱা প্ৰাকৃতিক উদ্ভিদৰো পার্থক্য দেখা যায়। উষ্ণ-সেমেকা জলবায়ুৰ বাবে নিৰক্ষীয় অঞ্চলক যিদৰে চিৰসেউজীয়া অৰণ্যৰ দ্বাৰা আবৃত কৰি ৰাখিছে তেনেদৰে ক্ৰান্তীয় অঞ্চলবোৰত পৰ্ণপাতী অৰণ্যৰ পয়োভৰ দেখা যায়। সেইদৰে সমমণ্ডলীয় জলবায়ুৰ প্ৰভাৱত থকা ঠাইবোৰত ভূমধ্যসাগৰীয় অৰণ্য ব মেৰৰ ওচৰৰ ফালে সৰলবৰ্গীয় অৰণ্য আৰু চিৰকাল বৰফেৰে আগুৰি থকা তুন্দ্রা অঞ্চ এডালো তৃণ-তক দেখিবলৈ পোৱা নাযায়। আনহাতে এনেকুৱা ভিন্ন প্ৰকৃতিৰ অৰণ্যৰ দ্বাৰ অঞ্চলবোৰত পোৱা নানা প্ৰকাৰৰ সা-সামগ্ৰী মানুহে নিজৰ নিজৰ কাম-কাজত ব্যৱহাৰ কৰিবলৈ লোৱাও দেখা যায়। জলবায়ুৰ আন এক প্রত্যক্ষ প্রভাৱ পৰে উদ্যোগ স্থাপনৰ ক্ষেত্ৰটো।

উল্লেখযোগ্য যে এখন ঠাইত যিকোনো প্ৰকাৰৰেই নহওঁক কিয় উদ্যোগ এটা স্থাপন কৰিবলৈ হ’লে ঠাইখনৰ জলবায়ু কোনো ক্ষেত্ৰতো চৰম ভাবাপন্ন হ’ব নোৱাৰিব। জলবায়ু সদায়ে চৰম ভাবাপন্ন অবস্থাত থকা হেতুকে তুন্দ্রা অঞ্চলত কোনো শ্ৰেণীৰ উদ্যোগ স্থাপনৰ পৰা বিৰত থাকিব লগা হৈছে। তেনেদৰে বিষুব অঞ্চলত সদায়ে উৎকট গৰম জলবায়ু আৰু অটব্য অৰণ্যৰে আৱৰা বাবে উদ্যোগ ক্ষেত্ৰত অঞ্চলটো তেনেই পিছপৰি থাকিব লগাত পৰিছে। আকৌ জলবায়ু মাছৰ বাবে সুমধুৰ হোৱা বাবে গ্রেগুবেকে, ছেণ্ডবেকে, ড্রগার্ডবেকে অঞ্চলত পৃথিবী জনাজাত মৎস কেন্দ্র বা মাছ ধৰা আড্ডা গঢ়ি উঠিবলৈ সক্ষম হৈছে। 

পৰিবহন ব্যৱস্থাৰ ওপৰতো জলবায়ুৰ প্ৰভাৱ প্ৰচুৰ। ৰেলপথ, মটৰ পথ আদিয়ে ধৰা পৃষ্ঠৰ বহুতো অঞ্চলত অতিবৃষ্টি আৰু তুষাৰ পাতৰ সম্মুখীন হ’ব লগা হয়। আনকি এনেকুৱা পৰিৱেশত ৰাস্তা-ঘাট নিৰ্মাণ কৰাটো যিদৰে অতিকৈ কষ্টকৰ তেনেদৰে ব্যয়বগুলো। বাৰিষাৰ বতৰত অত্যাধিক পৰিমাণে বৰষুণ হোৱাৰ ফলত অন্যান্য ঠাইৰ কথা বাদেই আমাৰ ৰাজ্যখনত ৰেলগাড়ী, মটৰগাড়ী চলাচলৰ ক্ষেত্ৰত কিমান অসুবিধাৰ সন্মুখীন হ’বলগা হয় এই কথা আমি আটায়ে ভালদৰে জানো। ধুমুহা-বৰষুণৰ বতৰত, অত্যাধিক ডাৱৰীয়া বতৰত আনকি আকাশীয়ানৰ যাত্রাও বিপদজনক হোৱাৰ আশংকাত বন্ধ ৰাখিবলগীয়া হয়। আনকি অত্যাধিক শীতৰ সময়ছোৱাত ৰাতি আৰু পুৱাৰ ভাগত অতি ডাঠ-ঘন কুঁৱলীৰ বাবেও ৰেল, মটৰ আনকি উৰাজাহাজৰ চলাচলো বন্ধ ৰাখিবলৈ বাধ্য হয়। 

মানুহৰ মানসিক অৱস্থা তথা কর্মশক্তিও জলবায়ুৰ ওপৰত নিৰ্ভৰশীল। বিশেষকৈ নাতিশীতোষ্ণ জলবায়ু মানুহৰ মানসিক তথা শাৰীৰিক অৱস্থাৰ উৎকৰ্ষৰ উপযোগী। সেইবাবে এনেকুৱা অঞ্চলৰ মানুহবোৰ যথেষ্ট পৰিশ্ৰমী আৰু কৰ্মপটু হোৱা দেখা যায়। আনহাতে নিৰক্ষীয় অঞ্চলবোৰত মানুহে কম পৰিশ্ৰমতে ভাগৰ অনুভৱ কৰে। সেইবাবে এনেকুৱা অঞ্চলবোৰত বসবাস কৰা লোকসকল তুলনামূলকভাৱে কম পৰিশ্ৰমী, এলেহুৱা হোৱা পৰিলক্ষিত হয়। মৃদু তথা সমভাবাপন্ন জলবায়ুৰ পৰিপ্ৰেক্ষিততে পৃথিৱীৰ সকলোবিলাক সমমণ্ডলীয় অঞ্চলত বসবাস কৰা মানুহ তথা দেশবোৰ উদ্যোগী আৰু কাৰ্যদক্ষ হ’ব পাৰিছে। এইদৰে মানুহৰ আৰ্থ সামাজিক অবস্থাৰ প্ৰতিটো ক্ষেত্ৰতে জলবায়ুৰ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে আৰু সেইবাবে আমাৰ পাৰিপাৰ্শ্বিক অৱস্থাৰো জলবায়ুৰ লগত প্ৰত্যক্ষ সম্বন্ধ আছে। 

১৪। মৰুভূমি অঞ্চলত মানুহ কিয় অঘৰী জীৱন-যাপন কৰে ? বেদুইন নামৰ অঘৰী জনগোষ্ঠীটোৰ জীৱিকা নিৰ্বাহ প্ৰণালী চমুকৈ আলোচনা কৰা। (Why do people in the desert live a nomadic life ? Briefly discuss the livelihood of the Bedouin nomad people.)

উত্তৰঃ পৃথিৱীত এনে কোনো মানুহ নাই যিয়ে থাকিবলৈ এখন স্থায়ী ঘৰৰ প্ৰয়োজন অনুভৱ নকৰে। ঘৰ বা বাসস্থান হ’ল মানুহৰ অন্যতম আৱশ্যকীয় বস্তু। মানুহে বসবাস কৰাৰ সময়ত বা কোনো এখন ঠাইত ঘৰ সাজিবলৈ লোৱাৰ পূৰ্বে ঠাইখন বসবাসৰ বাবে সুবিধাজনক হয় নে নহয় এই কথা এবাৰ হ’লেও চিন্তা কৰে। প্ৰতিজন মানুহে এনেকুৱা এখন ঠাইত বাসস্থান। গঢ়িবলৈ ইচ্ছা প্ৰকাশ কৰে য’ত তেওঁৰ লগতে তেওঁৰ পৰিয়ালটোও আৱশ্যকীয় সকলোবিলাক সামগ্ৰী তথা আহিলা-পাতি অতি সহজে অতিকৈ কম কষ্টৰ বিনিময়ত লাভ কৰিবলৈ সুবিধা থাকে। কিন্তু মানুহৰ এই প্ৰৱল ইচ্ছাৰ বিপৰীতে গৈ কোনো কোনো ক্ষেত্ৰত মানুহে এনেকুৱা কেতবোৰ অঞ্চলত বা ঠাইত বসতি স্থাপন কৰে য’ত মানুহৰ আৱশ্যকীয় অন্ন, বস্ত্ৰ আৰু বাসস্থান গোটাই লোৱাতো তেনেই কষ্টকৰ হৈ পৰে। ফলস্বৰূপে তেনেকুৱা ঠাইবোৰত মানুহে থাকিবৰ বাবে এখন স্থায়ী ঘৰ পতাৰো সামৰ্থ নোহোৱা হৈ পৰে। এনেকুৱা ঠাইবোৰত প্রকৃতিয়ে মানুহক ইমানে কষ্টকৰ জীৱন দান কৰে য’ত এমুঠি খাদ্যৰ বাবে বিভিন্ন ঠাইত অনাই-বনাই ঘূৰি ফুৰিবলৈ বাধ্য হৈ পৰে। ধাপৃষ্ঠৰ উত্তপ্ত মৰুভুমিবোৰেই তাৰ উল্লেখযোগ্য উদাহৰণ।

মৰুভূমিবোৰৰ জলবায়ু উত্তপ্ত আৰু শুকান। বৰষুণ বুলিবলৈ নায়েই। এই অঞ্চলৰ মাটিবোৰ শুকান বালি আৰু বালি- পাহাৰেৰে ভৰা। তৃণ-তৰু বুলিবলৈ মূলত মৰুজ উদ্ভিদৰ বাহিৰে একো বৃক্ষ শ্রেণী উদ্ভিদ নাই। প্ৰকৃতিৰ এনেকুৱা প্ৰতিকূল পৰিৱেশ হোৱা হেতুকে মৰুময় অঞ্চলবোৰৰ বাস কৰা লোকসকলৰ কোনো প্ৰকাৰৰ স্থায়ী জীৱিকা নাই। কৃষিকাৰ্যৰ কথা ভাবিবই নোৱাৰি। সেয়েহে এই অঞ্চলত বসবাস কৰা লোকসকলে দিনৰ দিনটো খাদ্য আৰু পানীৰ সন্ধানত এখন ঠাইৰ পৰা আন এখন ঠাইলৈ অনাই-বনাই ঘূৰি থাকিব লগা হয়। মৰুভূমিৰ শুকান জলবায়ুৱে কোনো প্ৰকাৰৰ স্থায়ী জীৱিকাৰ সন্ধান দিবলৈ অপাৰগ হোৱা হেতুকে ইয়াৰ অধিবাসীসকলে অঘৰী জীৱন-যাপন কৰিবলৈ বাধ্য হৈ পৰিছে। সাধাৰণতে চিকাৰ, বেপাৰ বাণিজ্য, পানী আদিৰ সন্ধানত এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ঘূৰি ফুৰি অঘৰী জীৱন যাপন কৰিবলৈ এই মানুহবোৰক মূলতঃ প্রকৃতিয়ে বাধ্য কৰাইছে। 

ধাপৃষ্ঠৰ ভিন্‌ ভিন্‌ অঞ্চলত ভিন্‌ ভিন্‌ নামেৰে নামাকৰণ কৰা বহুতো শুকান মৰুভূমি অৱস্থিত। এইবোৰ মৰুভূমিত বিভিন্ন নামেৰে জনাজাত লোকগোষ্ঠীয়ে বসবাস কৰি অহাৰ কথাও আমি জানিব পাৰিছো। তেনে এক মৰুময় শুকান অঞ্চল হ’ল এছিয়া মহাদেশৰ একেবাৰে পশ্চিমাঞ্চলত অৱস্থিত আৰৱ মৰুভূমি। অন্যান্য মৰুময় উত্তপ্ত অঞ্চলবোৰৰ দৰে আৰৱ মৰুভূমিও শুকান আৰু উত্তপ্ত বালিৰে গঠিত। আৰৱৰ এই উত্তপ্ত মৰুভূমিতে বসবাস কৰা অঘৰী লোকগোষ্ঠীটোৰ নাম হ’ল ‘বেদুইন’। অর্থাৎ বেদুইনসকল আৰব মৰুভূমিত অঘৰী বৃত্তিৰে ঘুৰি ফুৰা এক উল্লেখযোগ্য জনগোষ্ঠী। 

এছিয়া মহাদেশৰ পশ্চিমাঞ্চলত অৱস্থিত আৰৱ এক বৃহৎ মৰুভূমি। এই সুবৃহৎ মৰুময় অঞ্চলটোত বৰষুণ একেবাৰে নহয় বুলিবও পাৰি। সেয়েহে সমগ্ৰ মৰুময় অঞ্চল বালিবে পৰিপূৰ্ণ। দিনৰ ভাগত ইয়াৰ উষ্ণতাও অত্যাধিক। এই শুকান বালিৰে গঠিত অঞ্চলটোত জলসিঞ্চনৰো ব্যৱস্থা হোৱা নাই। ফলত কৃষিকাৰ্যৰ কথা এই অঞ্চলত আজিও চিন্তাৰ বাহিৰত। খনিজ সম্পদত কিছু চহকী যদিও প্ৰতিকূল পৰিৱেশৰ পৰিপ্ৰেক্ষিতত এইবোৰ উদ্‌ঘাটন কৰাটো তেনেই কঠিন হৈয়েই আছে। আৰৱৰ এই মৰুময় শুকান অঞ্চলত জনবসতিও তেনেই পাতল।

তথাপিও বিস্তৃর্ণ মৰুভূমিৰ মাজত সিঁচৰিত হৈ থকা লোকসকলে আজিও আদিম অৱস্থাতে আছে। অঘৰী বৃত্তিৰে অনাই-বনাই ঘূৰি ফুৰা আৰৱ মৰুভূমিৰ বেদুইনসকলে মূলতঃ বেপাৰ বাণিজ্যৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰে। মৰুভূমিৰ মাজত থকা মৰুদ্যানবোৰত খেতি-বাতি যথেষ্ট পৰিমাণে হয় বাবে এইবোৰত স্থায়ী বাসিন্দা আছে। আনহাতে মৰু প্ৰান্তীয় অঞ্চলবিলাকতো জনবসতি কিছু ঘন। বেদুইনসকলে মৰুদ্যান আৰু মৰু প্ৰান্তীয় অঞ্চলবোৰৰ পৰা নানা প্ৰকাৰৰ সা-সামগ্ৰী ক্ৰয় কৰি মৰুভূমিৰ বিস্তৃর্ণ অঞ্চলত বসবাস কৰা লোকসকলৰ ওচৰত বিক্ৰী কৰি পোৱা পইচাৰে নিজৰ জীৱিকা চলায়। এওঁলোকৰ জীৱন অতিকৈ কষ্টকৰ। দিনৰ উৎকট গৰমৰ বাবে বেপাৰৰ বাবে ৰাতি পোহৰ নৌহওঁতেই এওঁলোকে উটৰ পিঠিত বেপাৰৰ সামগ্ৰীবোৰ বোজাই দি যাত্ৰা আৰম্ভ কৰে। ৰাতি হ’লে তম্বু তৰি মৰুৰ বুকুত বিশ্রাম লয়। 

ডটৰ পিঠিতে বেদুইনসকলৰ জীৱিকাৰ সকলো সম্বল তুলি লৈ বেপাৰৰ সন্ধানত এখন ঠাইৰ পৰা অইন এখনলৈ ঘুৰি ফুৰাটোৱে বেদুইনসকলৰ দৈনন্দিন কার্য। 

বেদুইনসকলৰ জীৱন যাত্ৰাৰ এক অমূল্য সম্পদ হৈছে উট। মৰৰ শুকান আৰু উত্তপ্ত বালিৰ ওপৰেৰে এখন ঠাইৰ পৰা অইন এখন ঠাইলৈ চলাচল কৰিবলৈ আৰু তেওঁলোকৰ সা-সামগ্ৰীবোৰ কঢ়িয়াই লৈ ফুৰিবলৈ একমাত্র সম্বল হৈছে উট। উটৰ পিঠিত উঠিয়ে বেদুইনসকলে মৰুভূমিৰ বিভিন্ন ঠাইবোৰলৈ অহা-যোৱা কৰাৰ উপৰিও মৰু প্ৰান্তৰ ঠাইবোৰলৈ বেপাৰৰ উদ্দেশ্যে যোৱাটো সম্ভৱপৰ হৈছে। এনেকৈয়ে উটৰ পিঠিতে পৰিয়ালৰ ল’ৰা-ছোৱালী-তিৰোতাকে আদি কৰি সকলোবিলাক সা-সামগ্রী বোজাই দি এখন ঠাইৰ পিছত আন এখন ঠাইলৈ বাসস্থানসহ স্থানান্তৰিত হৈ সীমাহীন। দুখ-কষ্টৰ মাজেৰে আজিও বেদুইনসকলে অঘৰী বৃত্তিৰে বসবাস কৰি আহিছে।

১৫। প্ৰতিকূল পৰিবেশক মানুহে কিদৰে অনুকূল পৰিৱেশলৈ পৰিবৰ্তন ঘটাৰলৈ লৈছে বৰ্ণনা কৰা। (Describe how people have started to change the unfavourable environment into a favourable environment ?) 

উত্তৰঃ অতি প্ৰাচীন কালৰ পৰা এটা কথা আমি পাই আহিছো যে মানুহ পৰিৱেশৰ দাস। অর্থাৎ কোনো এক অঞ্চলত বসবাস কৰা মানুহৰ সকলো প্ৰকাৰৰ অৰ্থনৈতিক, সামাজিক কাৰ্য পৰিৱেশৰ দ্বাৰাহে প্ৰত্যক্ষভাৱে নিয়ন্ত্রিত হয়। কথাটোৰ পৰা আমি বুজিব পাৰো যে কোনো এক পৰিৱেশত মানুহে কি ধৰণৰ অৰ্থনৈতিক কাৰ্যৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰিব সেই কথা নিৰ্ভৰ কৰে পৰিবেশৰ অৱস্থাৰ ওপৰত। এই প্রাচীন ধাৰণা অনুসৰি মানুহে নিজৰ ইচ্ছা অনুসৰি কোনো এক পৰিৱেশত প্ৰাকৃতিক অৱস্থাসমূহৰ প্ৰতি আওকাণ কৰি চলিব নোৱাৰে। কিন্তু সময়ৰ অগ্ৰগতিৰ লগে লগে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰে ব্যাপক প্ৰসাৰতা বৃদ্ধি পোৱাৰ লগে লগে মানুহৰ মনৰ পৰা ভালেমান প্রাচীন ধাৰণাও পৰিৱৰ্তন হ’বলৈ অনুভৱ হৈছে। আমি অতীতৰে পৰা জানিব পাৰিছিলো যে মৰুময় শুকান অঞ্চলবোৰত খেতি-বাতি কৰাটো তেনেই অসম্ভব। কিয়নো আমি জানো যে কোনো অঞ্চলত কোনোবিধ শস্য খেতি কৰিবলৈ হ’লে পানীৰ প্ৰয়োজন সবাতোকৈ অধিক। 

যিহেতু মৰুভূমিবোৰত বহু বছৰ ধৰি একেৰাহে বৰষুণ নোহোৱাকৈ থাকে। গতিকে তেনেবিলাক ঠাইত পানী একেবাৰে দুষ্প্ৰাপ্য হোৱাটো খাটাং। সেইবাবে তাত খেতি কৰাৰ কথা মানুহে চিন্তা কৰা নাছিল। ফলস্বৰূপে সেই ঠাইৰ বাসিন্দাসকলে চিকাৰ, হাবিৰ পৰা ফল-মূল সংগ্ৰহ আদিৰ দৰে প্ৰাথমিক জীৱিকাৰ মাধ্যমেৰে জীৱিকা প্ৰৱৰ্তন কৰিছিল। কিন্তু আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই এনেকুৱা নানা প্ৰকাৰৰ কৌশল উদ্ভাবন কৰিছে যিবোৰ কৌশলৰ জৰিয়তে মানুহে এক প্রতিকূল পৰিৱেশক অনুকূল অৱস্থালৈ অতি সহজে পৰিবৰ্তন ঘটাবলৈ সক্ষম হৈছে। ফলস্বৰূপে মানুহ তাহানিৰ একো একোখন দুর্গম, অস্বাস্থ্যকৰ, চৰম জলবায়ুৰ অন্তৰ্গত ঠাইক মানুহৰ বসবাসৰ বাবে উপযোগী কৰি তুলি যিদৰে মানুহক আশ্ৰয়ৰ স্থান দিছে তেনেদৰে নানাবিধ সম্পদ আহৰণ কৰিবলৈ নানা প্ৰকাৰৰ পথো দেখুৱাই দিছে। আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগতে মানুহৰ মনৰ অদম্য সাহস আৰু কর্মপ্ৰেৰণাই একো একোখন শুকান মৰুভূমিক শস্য-শ্যামলা কৰি তুলিবলৈকেও সক্ষম হৈছে। উদাহৰণস্বৰূপে মধ্য এছিয়াৰ তাহানিৰ বিস্তৃর্ণ ষ্টেপ ঘাঁহনি, আমেৰিকাৰ সুবৃহৎ প্রেইৰি ঘাহনি, হিমালয় পার্বত্য অঞ্চলত গঢ়লৈ উঠা মিচৌৰী, মানালি, দার্জিলিং আদিৰ দৰে প্ৰসিদ্ধ নগৰ। চহৰবোৰৰ কথা উল্লেখ কৰিব পাৰি। 

১৬। পৰিৱেশৰ সৈতে মানুহৰ সম্পৰ্ক কেনে হোৱা উচিত চমুকৈ লিখা। (What should be the human relationship with the environment ?)

উত্তৰঃ পৃথিৱীৰ জীৱমণ্ডলত মানুহ হ’ল শ্ৰেষ্ঠ জীৱ। মানৱ বিৱৰ্তনৰ ইতিহাস অধ্যয়ন কৰিলে। দেখা যায় যে প্রকৃতি ৰাজ্যত বিচৰণ কৰি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি মানুহে জীৱনধাৰণ কৰি আহিছে। মানৱ-সভ্যতাৰ বিৱৰ্তন কেইবাটাও যুগৰ মাজেদি ঘটিছে। আদিম মানুহেও প্রকৃতি ৰাজ্যত বিচৰণ কৰি প্ৰকৃতিৰ অফুৰন্ত সম্পদ আহৰণ কৰি জীৱন নিৰ্বাহ কৰিছিল। কিন্তু তেওঁলোকে প্ৰয়োজনৰ বাহিৰে অধিক সম্পদ লুণ্ঠন কৰা নাছিল। সেয়েহে পৰিৱেশৰ মূল উপাদানসমূহ পৰ্যাপ্ত পৰিমাণে অটুট আছিল। মানুহৰ বুদ্ধি-বৃদ্ধিৰ বিকাশ হোৱাৰ লগে লগে জীৱনধাৰণৰ মানো ক্রমান্বয়ে উন্নত হ’বলৈ ধৰে। খাদ্য, বাসস্থান আৰু জীৱিকা নিৰ্বাহৰ বাবে প্রয়োজন হোৱা আহিলাসমূহ মানুহে প্ৰকৃতি ৰাজ্যৰ পৰাই আহৰণ কৰিবলৈ ধৰিলে । কৃষিকৰ্মৰ বাবে হানি জংঘল কাটি ঠাই মুকলি কৰি ল’লে। নৈপৰীয়া পলসুৱা মাটিত খেতি-বাতি ভাল হয় বাবে নদীৰ পাৰত মানুহৰ বসতি গঢ়ি উঠিল। বাসস্থান নিৰ্মাণৰ বাবে হাবি-বননিৰ পৰা কাঠ, বাঁহ, খেৰ, বন আদি সংগ্ৰহ কৰিবলৈ ধৰিলে। পৃথিবীৰ ইতিহাস অধ্যয়ন কৰিলে আমি দেখিবলৈ পাওঁ যে পুৰণি কালত মানৱ সভ্যতা ভাঙৰ ডাঙৰ নদীৰ পাৰত গঢ়ি উঠিছিল। 

তাৰে ভিতৰত উল্লেখযোগ্য সভ্যতা সমূহ হ’ল নীলনদীৰ সভ্যতা, ইউফ্রেটিছ আৰু চাই গ্ৰীছ নদীৰ সভাতা, সিন্ধু নদীৰ সভ্যতা, বেবিলনীয়া সভ্যতা, মিচৰীয়া সভ্যতা, চুমেৰীয়া, গ্ৰীক, মায়া সভ্যতা ইত্যাদি। এই সভ্যতাসমূহ কালক্ৰমত ধ্বংসপ্রাপ্ত হয়। এই সভ্যতাসমূহৰ ধ্বংসৰ কাৰণ বিশ্লেষণ কৰিলে দেখা যায় যে পৰিবেশৰ অৱক্ষয়ৰ ফলত খাদ্যৰ নাটনি, পানীৰ নাটনি আদি বিভিন্ন কাৰণত এইবোৰ ধ্বংসপ্রাপ্ত হৈছে। মানুহৰ কাৰ্যই পৰিৱেশৰ ভাৰসাম্য নষ্ট কৰাৰ ফলত প্রাচীন সভ্যতাসমূহ ধ্বংসৰ গৰাহত পৰিছিল। বৰ্তমান যুগতো মানুহৰ কাৰ্যই পৰিৱেশ অবক্ষয়ৰ ক্ষেত্ৰত বৰঙণি যোগাইছে আৰু সেয়েহে বিশ্বত পৰিবেশ অবক্ষয়ৰ সমস্যা উদ্ভব হৈছে। পৰিৱেশ অৱক্ষয়ৰ সমস্যা প্ৰধানকৈ দুটা কাৰণত উদ্ভব হয়। এটা হ’ল প্ৰাকৃতিক কাৰণ আৰু আনটো মানব সৃষ্ট কাৰণ।

বেছিভাগ প্রাকৃতিক কাৰণো প্ৰকৃততে মানৱ সৃষ্ট কাৰণৰ বাবেহে উদ্ভব হয়। মানুহে গাছ-গছনি কাটি বন জংঘল ধ্বংস কৰাৰ ফলত গৰাখহনীয়া, অতিবৃষ্টি, অনাবৃষ্টি আদি প্রাকৃতিক সমস্যাৰ উদ্ভব হয়। মানুহে প্ৰকৃতি ৰাজ্যত চলোৱা ধ্বসে বন্ধ কৰি মানৱ সৃষ্ট দুর্যোগবোৰ ৰোধ কৰিব পৰা যায়। তাৰ বাবে মানুহে লোভ সামৰিব লাগিব। প্রাকৃতিক সম্পদ আহৰণত মিতব্যয়িতা অৱলম্বন কৰিব লাগিব আৰু প্ৰকৃতিৰ সৈতে বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি তুলিব লাগিব। জধে মধে প্রাকৃতিক সম্পদ ধ্বংস কৰাটো বন্ধ কৰিব লাগিব। 

জনসংখ্যা বৃদ্ধি প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হোৱাৰ এটা মূল কাৰণ। জনসংখ্যা বৃদ্ধিৰ বাবে খাদ্য বস্তুৰ উৎপাদন বৃদ্ধি কৰিবলগীয়া হৈছে। তদুপৰি বাসস্থানৰ অভাৱ পূৰাবৰ বাবে নতুনকৈ জাৰণি কাটি ঠাই মুকলি কৰিবলগীয়া হৈছে। ফলস্বৰূপে পৰিস্থিতিতন্ত্ৰত প্ৰচণ্ড আঘাত পৰিছে। সেয়েহে আমি জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰিব লাগে। ভূ-গৰ্ভৰ পৰা উদ্‌ঘাটন কৰা পেট্রলিয়াম, কয়লা আদি খনিজ সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ’ব লাগে। কাৰণ এইবোৰ এনেকুৱা সম্পদ যাক এবাৰ উদ্ঘাটন কৰিলে পুনৰবাৰ ঘূৰাই দিব নোৱাৰি। সেয়েহে এনেকুৱা প্ৰাকৃতিক সম্পদ ব্যৱহাৰত মিতব্যয়ী হৈ সংৰক্ষণৰ ব্যৱস্থা কৰিলেহে পৰিৱেশৰ ভাৰসাম্য অটুট থাকিব। এই সকলোবোৰৰ উপৰিও পৰিৱেশ আইনমতে বায়ুমণ্ডল প্ৰদূষিত কৰা গেছ আৰু ৰাসায়নিক পদাৰ্থৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি বায়ুমণ্ডলত ঘটা অস্বাভাৱিক ঘটনা এৰি চলিব লাগে। এই দায়িত্ববোৰ মানি চলিলে পৰিৱেশৰ লগত আমাৰ অৰ্থাৎ মানুহৰ সম্পৰ্ক অটুট থাকিব। অন্যথ দূষিত পৰিৱেশত মানুহ কিয় কোনো জীবই জীয়াই থাকিব নোৱাৰিব।

১৭ ৷ মানুহ আৰু জীৱৰ মাজত সংঘৰ্ষ দমনৰ উপায়সমূহ কি কি ? (What are the ways to suppress conflict between humans and animals ?) 

উত্তৰঃ (ক) বাঘ সংৰক্ষণ প্রকল্প (TCP) আদিত পর্যাপ্ত যানবাহন, tranquilizer বন্দুক, বাইনকুলাৰ আৰু ৰেডিঅ’ আদিৰ সু-বন্দোবস্ত থকা বাবে যিকোনো আসন্ন বিপদৰ কথা গম পোৱা যায়।

(খ) পর্যাপ্ত পৰিমাণে কৃষি শস্যৰ ক্ষতিপূৰণ, জীবজন্তৰ (ঘৰচীয়া) ক্ষতিপূৰণ আদি আঁচনি যুগুত কৰা দৰকাৰী তদুপৰি মানুহৰ জীৱনৰো ক্ষয়-ক্ষতিৰ বাবে সামর্থ অনুসৰি ক্ষতিপূৰণৰ ব্যৱস্থা কৰাৰ দৰকাৰ । 

(গ) গৌৰ চালিত fencing, বৈদ্যুতিক current প্রমাণিত খাৱৈবোৰো ব্যৱহাৰ কৰিব লাগে যাতে জীব-জন্তুবোৰে শস্য পথাৰলৈ আহিব নোৱাৰে। 

(গ) বনাঞ্চলৰ ওচৰৰ এলেকাত শস্য সিচাৰ পদ্ধতি বা সময়ৰ পৰিৱৰ্তন কৰিব লাগে আৰু বনাঞ্চলত গৰু, মহৰ খাদ্য ফল-ফুল, পানী আদি হাতী বা অন্য জন্তুৰ বাবে পৰ্যাপ্ত কৰিব লাগে। 

(ঙ) প্রতিকূল সময়তো বন্যপ্ৰাণী প্ৰধানকৈ ডাঙৰ জীৱ-জন্তুবোৰৰ আহ-যাহৰ বাবে পথবোৰ সুচল কৰি ৰাখিব লাগে। প্ৰায় ৩০০ বৰ্গ মিটাৰ অঞ্চল হাতীৰ Corridor এখনৰ বাবে Seasonal migration হ’বলৈ প্ৰয়োজন। 

(চ) উৰিষ্যাৰ Similipal অভয়াৰণ্যত বাৰ্ষিক এপ্ৰিল, মে’ মাহত জীৱ-জন্তুৰ চিকাৰ কৰাৰ নিয়ম আছে। এই চিকাৰৰ বাবে বনাঞ্চলত জুই লগাই দিয়া হয়। জনসাধাৰণৰ দ্বাৰা জন্তু চিকাৰ কৰাৰ ফলত বাঘৰ দৰে মাংসভোজীবোৰৰ চিকাৰৰ সংখ্যা কমি গৈছে আৰু ফলত অৰণ্যৰ বাহিৰলৈ বাঘে চিকাৰৰ বাবে আহিব লগাত পৰে। বৰ্তমানে এই সংগঠন দুটাই সুকীয়াভাবে উৰিষ্যাৰ এই বাৰ্ষিক “Akhand Shikar” দমনৰ ব্যৱস্থা হাতত লৈছে। 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top