⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Eid al-Fitr | ঈদ-উল-ফিতৰ  

ঈদ-উল-ফিতৰ (Eid al-Fitr) বা ঈদুল ফিতৰ (আৰৱী: عيد الفطر, যাৰ অৰ্থ “ৰোজা শেষৰ উত্সৱ”) ইছলাম ধৰ্মৰ এটা অতি ডাঙৰ ধৰ্মীয় উৎসৱ। ইছলামিক পঞ্জিকাৰ অনুসাৰে, পৱিত্ৰ ৰমজান মাহৰ ৰোজা সমাপ্তিৰ পাছদিনা এই উৎসৱ উদযাপন কৰা হয়। ইছলামৰ দুটা প্ৰধান উৎসৱৰ ভিতৰত ঈদ-উল-ফিতৰ এক, আনটো হ’ল ঈদ-উল-জুহা।

Eid al-Fitr | ঈদ-উল-ফিতৰ  

Read also: Durga Puja | দুৰ্গা পূজা 

এই পৱিত্ৰ দিনত মুছলিমসকলে বিশেষ নামাজ আদায় কৰে আৰু সামাজিক সৌহার্দ্য বৃদ্ধি কৰিবলৈ পৰিয়াল আৰু সমাজৰ অন্যান্য লোকৰ সৈতে মিলিত হয়। ঈদৰ এই খুশী দীৰ্ঘ ৰোজাৰ কঠোৰ সাধনা আৰু আত্মসংযমৰ ফলস্বৰূপৰ আনন্দৰ পৰিব্যক্তি। দিনটোৰ বৈশিষ্ট্য হ’ল দাতব্যৰ প্ৰতি মনোযোগ দিয়াৰ বাবে ফিতৰাহ প্রদান, যাক নিৰ্দিষ্ট সময়ত দৰিদ্ৰ আৰু আৱশ্যকতাসম্পন্ন লোকৰ মাজত বিতৰণ কৰা হয়।

এই উৎসৱে মুছলিমসকলৰ জীৱনত আনন্দ, সৌভ্ৰাতৃত্ব, আৰু কৃতজ্ঞতাৰ প্ৰতিফলন ঘটায়। এই উৎসৱত পৰিয়ালৰ সদস্যসকল লগত একত্ৰিত হৈ আৰু নতুন কাপোৰ পিন্ধে। ঈদ-উল-ফিতৰ উৎসৱেই আনন্দৰ অনুভৱ বঢ়াই তোলে।

চন্দ্ৰ পঞ্জিকাৰ আধাৰত ঈদৰ দিন নিৰ্ধাৰণ কৰা হয়। চন্দ্ৰ মাহৰ আৰম্ভণি হয় এটা নতুন চন্দ্ৰ দেখা পোৱাৰ লগে লগে আৰু ইয়াৰ অৱসান ঘটে পৰৱৰ্তী নতুন চন্দ্ৰ উদয় হোৱা সময়ত। সেই অনুসৰি, ৰমজান মাহৰ অন্তত শ্বাওয়াল মাহৰ প্ৰথম নতুন চন্দ্ৰ দেখা পোৱাৰ পাছদিনা মুছলমান সকলৰ বাবে ঈদ উৎসৱ উদযাপন কৰিবলৈ নিৰ্ধাৰণ কৰা হয়।

মুছলমান ধৰ্মীয় বিশ্বাস অনুসাৰে, ৰমজান মাহ হৈছে এক বিশেষ পবিত্ৰ মাহ। এই মাহৰ অন্তিম দিনকেইটাত হিৰা পৰ্বতৰ গুহাত ধ্যানৰত অৱস্থাত হজৰত মহম্মদৰ ওচৰত আল্লাৰ বাণী প্ৰথমবাৰৰ বাবে আহি পৰিছিল বুলি ধৰা হয়। সেই বাণী হৈছে পৱিত্ৰ কোৰানশ্বৰীফৰ আৰম্ভণি। এই কাৰণেই ৰমজান মাহত উপবাস পালন কৰাক (যাক ৰোজা বুলি জনা যায়) বিশেষ পবিত্ৰ আৰু পূণ্যময় বুলি গণ্য কৰা হয়।

ৰাতিপুৱা সমূহীয়া ঈদৰ (Eid al-Fitr)  নামাজৰ সৈতে পবিত্ৰ ঈদ-উল-ফিতৰৰ শুভাৰম্ভ হয়। ইছলাম ধৰ্মাবলম্বীসকলে ধর্মীয় নিয়মৰ অন্তৰ্গত ২ ৰাকাত ঈদৰ নামাজ ৬ তকবিৰসহ পথাৰ (ঈদগাহ) বা মছজিদত একত্ৰিত হৈ আদায় কৰে। ফজৰৰ নামাজৰ সময় শেষ হোৱাৰ পিছতেই ঈদৰ নামাজৰ সময় আৰম্ভ হয়। এই নামাজ আদায় কৰাটো প্ৰত্যেক মুছলমানৰ এক ধৰ্মীয় দায়িত্ব। সাধাৰণতঃ শুক্ৰবাৰৰ জুম্মাৰ নামাজৰ আগত ইমামে খুদবা (ইছলামিক বক্তৃতা) প্ৰদান কৰে যদিও, ঈদৰ নামাজৰ ক্ষেত্ৰত খুদবা নামাজৰ পিছত প্ৰদান কৰা হয়। ইছলামিক ধৰ্মীয় বৰ্ণনামতে ঈদৰ নামাজৰ পিছত ইমামে খুদবা প্ৰদান কৰা ছুন্নত আৰু নামাজত উপস্হিত সকলৰ পক্ষে এই খুদবা শ্ৰৱণ কৰা এক দায়িত্ব বুলি বিবেচিত হয়।

ঈদৰ (Eid al-Fitr)  আনন্দ দুখীয়া আৰু নিছলা লোকৰ মাজত ভাগ-বতৰা কৰিবলৈ ফিৎৰা দান কৰাটো ইছলামিক ধৰ্মত বাধ্যতামূলক। যিসকলে ধন-সম্পদত স্বচ্ছল, তেখেতসকলে ঈদৰ নামাজৰ আগতেই দুখীয়া লোকক এক কেজি আটা (বা তাৰ সমমানৰ অন্য খাদ্য সামগ্ৰী) বা তাৰ মূল্য দান কৰে। এই দানকেই ফিৎৰা বা ফিটৰ নামেৰে জনা যায়। ফিৎৰা দানৰ মূল উদ্দেশ্য হৈছে দুখীয়া আৰু নিম্নবৰ্গৰ লোকসকলকো ঈদৰ আনন্দত সামিল কৰাৰ সুযোগ দিয়া। এই দানৰ পৰম্পৰাই ঈদ-উল-ফিতৰৰ নামৰ উৎস হিচাপে গণ্য। ঈদ-উল-ফিতৰ সুখ-আনন্দৰ উৎসৱ সমাজৰ শান্তি, সমতা আৰু একতাৰ দিশত যথেষ্ট গুৰুত্ব বহন কৰে। ঈদ মোবাৰক!

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top