Educational Administration And Management Unit 1 Educational Management And Administration

Educational Administration And Management Unit 1 Educational Management And Administration Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Educational Administration And Management Unit 1 Educational Management And Administration Bring Gender Equality to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Educational Administration And Management Unit 1 Educational Management And Administration can be of great value to excel in the examination.

Educational Administration And Management Unit 1 Educational Management And Administration

Join Telegram channel

Educational Administration And Management Unit 1 Educational Management And Administration Notes cover all the exercise questions in UGC Syllabus. The Educational Administration And Management Unit 1 Educational Management And Administration provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Educational Management And Administration

EDUCATION

EDUCATIONAL ADMINISTRATION AND MANAGEMENT

শৈক্ষিক প্ৰশাসন আৰু ব্যৱস্থাপনা

Short Questions

(i) The main process of management is –

(a) Planning.               

(b) Organization.

(c) Administration.     

(d) All the above.

Ans: (a) Planning.

(ii) Educational Management is now considered as on ………….. discipline.

Ans: Ant.

(iii) “Educational Management refers to the theory and practice of the Organization and Administration of existing educational establishment and systems” – Who said this?

Ans: G. Terry Page and J.B. Thomas, 1978.

(iv) “Democracy is a Government of the people, by the people and for the people” Who said this?

Ans: Abraham Linkon.

Long Question answer 

Q.1. What is meant by Educational Management ? Discuss its nature and scope.

Ans: মানুহে নিজৰ জীৱনটো মধুৰ কৰি তুলিবৰ বাবে যত্ন কৰে। জীৱনত সন্মুখীন হোৱা জটিলতা আৰু সমস্যাসমূহ সমাধান কৰিবৰ বাবে নিজা সম্পদসমূহৰ সৰ্বাধিক পৰিমাণে ব্যৱহাৰ কৰে। এনেদৰে সাধনোপায় আৰু সম্পদসমূহৰ সঠিকভাৱে ব্যৱহাৰ কৰাকে ব্যৱস্থাপনা বোলা হয়। অৰ্থাৎ বিশেষ উদ্দেশ্যসমূহত উপনীত হ’বৰ বাবে ব্যৱহাৰ কৰা উপায় আৰু সম্পদসমূহকে ব্যৱস্থাপনা বোলা হয়।

ব্যৱস্থাপনাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা প্ৰধান কৌশলসমূহ হ’ল –

* উপায় আৰু সম্পদসমূহৰ মাজত সংহতি স্থাপন কৰা ।

* কাৰ্য আৰু প্ৰক্ৰিয়াসমূহৰ শ্ৰেণীকৰণ কৰা।

* অধিকাৰ আৰু কৰ্তব্যসমূহৰ মাজত পদানুক্ৰম নিৰূপণ কৰা।

সংজ্ঞা :

ব্যৱস্থাপনাৰ সম্পৰ্কে বিভিন্ন ব্যক্তিয়ে আগবঢ়োৱা কেইটামান বিশেষ সংজ্ঞা তলত উল্লেখ কৰা হ’ল –

Robert Albance ৰ মতে, ব্যৱস্থাপক বা পৰিচালকে যি কৰে সিয়েই ব্যৱস্থাপনা। তেওঁ কৈছিল, উদ্দেশ্যসমূহ সম্পাদনাৰ বাবে মানুহ আৰু ভৌতিক সম্পদসমূহৰ মাজত হোৱা সমন্বয়কে ব্যৱস্থাপনা বোলে।

F.W. Taylor ৰ মতে, ব্যৱস্থাপনা মানে আচলতে মানুহে যি কৰিব বিচাৰে তাক জনাৰ এক কলা আৰু সেইটো সৰ্বোত্তম আৰু মিতব্যয়ীভাৱে কৰাবলৈ নিৰীক্ষণ আৰু পৰ্যবেক্ষণ কৰা।

James Lundy ৰ মতে ব্যৱস্থাপনা  ঘাইকৈ একপ্ৰকাৰৰ কলা স্বৰূপ যিয়ে কোনো এক লক্ষ্যত উপনীত হ’বৰ বাবে অন্য ব্যক্তিয়ে কৰা পৰিকল্পনা, সংগঠন, সমন্বয়, অভিৰোচন আৰু প্ৰচেষ্টাক সামৰি লয়।

ব্যৱস্থাপনাৰ প্ৰধান বৈশিষ্ট্যসমূহ তলত দিয়া ধৰণৰ –

a) ব্যৱস্থাপনা হ’ল একপ্ৰকাৰৰ কলা।

b) ব্যৱস্থাপনা হ’ল বিকাশৰ প্ৰক্ৰিয়া স্বৰূপ।

c) ব্যৱস্থাপনাই নিম্নলিখিত প্ৰক্ৰিয়াসমূহ সামৰি লয়। যেনে –

(ক) পৰিকল্পনা।

(খ) উদ্দেশ্যসমূহ নিৰ্ধাৰণ কৰা।

(গ) কৰ্মৰ সংগঠন।

(ঘ) শ্ৰমিকৰ নিযুক্তি।

(ঙ) সম্পাদন বা প্ৰয়োগকৰণ।

(চ) শ্ৰমিকক অভিৰোচন আৰু উৎসাহী কৰা।

(ছ) মূল্যায়ণ আৰু নিয়ন্ত্ৰণ কৰা।

d) ব্যৱস্থাপনাই নিজা নীতি আৰু আচৰণৰ প্ৰতি লক্ষ্য ৰাখে। ইয়াৰ নৈতিক গুৰুত্বও আছে।

e) ব্যৱস্থাপনা জ্ঞানৰ এক প্ৰায়োগিক বিজ্ঞান।

f) ব্যৱস্থাপনা এক সামাজিক প্ৰক্ৰিয়াস্বৰূপ।

g) ব্যৱস্থাপনা হ’ল একপ্ৰকাৰৰ দলবদ্ধ কাৰ্য।

h) ব্যৱস্থাপনা উদ্দেশ্যধৰ্মী।

i) ব্যৱস্থাপনা লক্ষ্যভিত্তিক।

j) ব্যৱস্থাপনা এক নিৰ্দিষ্ট প্ৰক্ৰিয়া।

কুৰি শতিকাৰ প্ৰাৰম্ভণিতে শৈক্ষিক ব্যৱস্থাপনা বিষয়টো অধ্যয়নৰ এক বিষয় হিচাবে যুক্তৰাষ্ট্ৰত উৎপত্তি হৈছিল। কিন্তু সংযুক্ত ৰাজ্যত পলমকৈ ১৯৬০ চনৰ পৰাহে আৰম্ভ হয়, যেতিয়া Hearding এ Practical Handbook of School Management by Teachers ৰচনা কৰে আৰু তাৰ পিছৰ পৰাই ব্যৱস্থাপনা বিষয়টো ক্ৰমাৎ বিশ্বব্যাপী প্ৰসাৰিত হয়। সাধাৰণ ব্যৱস্থাপনাৰ প্ৰয়োগিক শাখাটোৱেই হ’ল শৈক্ষিক ব্যৱস্থাপনা। অৰ্থাৎ ব্যৱস্থাপনা তত্ব সূত্ৰ আদিক শিক্ষামূলক কাৰ্যত প্ৰয়োগ কৰা শাখাটোকেই শৈক্ষিক ব্যৱস্থাপনা বোলে।

শৈক্ষিক ব্যৱস্থাপনাই ঘাইকৈ নিম্নলিখিত ধাৰণা তিনিটা, সামৰি লয়। যেনে –

* দলবদ্ধ বা দলীয় কাৰ্যকলাপ হিচাপে শৈক্ষিক ব্যৱস্থাপনা।

* বিদ্যায়তনিক (Academic) বিষয় হিচাপে শৈক্ষিক ব্যৱস্থাপনা।

* প্ৰক্ৰিয়া (Process) হিচাপে শৈক্ষিক ব্যৱস্থাপনা।

প্ৰথমটো ধাৰণামতে ব্যৱস্থাপনা কোনো দল বা সামূহিক কাৰ্যসমূহক বুজায়। যেতিয়া কোনো লোকে কোনো এক প্ৰতিষ্ঠাৰ ব্যৱস্থাপনা বা পৰিচালনা ব্যৱস্থাটো দক্ষ তথা সক্ৰিয় বুলি কয়, তেতিয়া আমি ইয়াকে বুজো যে সেই প্ৰতিষ্ঠানটোক লোকসকল, পৰিচালকগৰাকী আৰু তেওঁলোকৰ কাৰ্যকলাপসমূহৰ দক্ষতাকে সূচায়।

দ্বিতীয় ধাৰণাটোৰ মতে ব্যৱস্থাপনাই কেৱল শৈক্ষিক বা বিদ্যায়তনিক বিষয়েই নহয়, ই কলা আৰু বিজ্ঞান দুয়োটাৰে এক সংমিশ্ৰিত ব্যৱস্থা। ইয়াক কলা বুলি কোৱা হয়, কাৰণ শৈক্ষিক প্ৰতিষ্ঠান একোটাক নিয়ন্ত্ৰণ বা পৰিচালনা কৰোতে ব্যৱস্থাপক বা পৰিচালকে কিছুমান ভাল আৰু অভিনৱ কৌশলেৰে কৰ্মসমূহ সম্পাদন কৰিব লাগে। অর্থাৎ পৰিচালনাৰে কৌশলসমূহৰ বিকাশ ঘটাব লাগে।

তৃতীয় ধাৰণা মতে আমি ব্যৱস্থাপনাক যেতিয়া এক প্ৰক্ৰিয়া হিচাপে গণ্য কৰো, তেতিয়া ব্যৱস্থাপনাৰ বা পৰিচালনাৰ বিভিন্ন কাৰ্যকলাপসমূহক সামৰি লওঁ। অৰ্থাৎ প্রক্রিয়া হিচাপে ব্যৱস্থাপনাই শিক্ষানুষ্ঠান এখন পৰিকল্পনা, সংগঠন, গোট, গঠন, নিৰ্দেশনা আৰু নিয়ন্ত্ৰণ কৰা আদি কাৰ্যকলাপক সামৰি লয়।

শিক্ষানুষ্ঠান এখনৰ অবিচ্ছেদ্য অংগ হিচাপে মানুহে যন্ত্ৰৰ দৰে ক্ষিপ্ৰতাৰে আৰু সঠিককৈ কাৰ্য কৰাটো সম্ভৱপৰ নহয়। মানুহৰ নিজা মনস্তাত্ত্বিক ব্যাখ্যা, প্ৰয়োজন, আকাংক্ষা, সম্পৰ্ক আদি আছে। শৈক্ষিক ব্যৱস্থাপনাৰ উদ্দেশ্যলৈ ব্যক্তিৰ যোগ্যতা আৰু কাৰ্য সম্পাদন স্তৰৰ সৰ্বোত্তম বিকাশ ঘটোৱা।

ব্যৱস্থাপনাৰ বৈশিষ্ট্যসমূহ হ’ল – 

(১) ব্যৱস্থাপনা হৈছে এটা কলা : ব্যৱস্থাপনা এটা কলা; কাৰণ ইয়াৰ জৰিয়তে মানুহৰ আৰ্জিত জ্ঞান আৰু কৌশলৰ যোগেদি আশানুৰূপ ফলাফল লাভ কৰিবলৈ যত্নপৰ হোৱা হয়। এজন ব্যক্তিয়ে কেৱল মাত্ৰ পুথিগত বিদ্যা বা জ্ঞানৰ সহায়েৰে কেতিয়াও সফল ব্যৱস্থাপক বিষয়া হ’ব নোৱাৰে। তেওঁ কোনো এটা কাৰ্য সুচাৰুৰূপে দক্ষতাৰে পৰিচালনা কৰিবলৈ হ’লে দৈনন্দিন জীৱনৰ পৰা আৰ্জিত জ্ঞান বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰিবই লাগিব। এজন ব্যৱস্থাপকৰ কৃতিত্ব কেৱল মাত্ৰ তেওঁৰ কিমান কাৰিকৰী জ্ঞান আছে, তাৰ ওপৰত নিৰ্ভৰ নকৰে। ই নিৰ্ভৰ কৰে তেওঁ কিমান কৌশল প্ৰয়োগ কৰিব পাৰে, তাৰ ওপৰত। এই কলাৰ যোগেদি তেওঁ মানুহক উৎসাহ, অনুপ্ৰেৰণা আৰু প্ৰণোদন যোগাব পাৰিব লাগিব, যাতে মানুহে সঠিক কৰ্মৰে লক্ষ্যৰ প্ৰতি ধাবিত হয়।

(২) ব্যৱস্থাপনা হৈছে এক সমাজ বিজ্ঞান : বিজ্ঞান হৈছে কোনো এক নিৰ্দিষ্ট বিষয়ৰ ওপৰত ভিত্তি কৰি শৃংখলাবদ্ধ জ্ঞান। ইয়াত অন্তঃৰ্নিহিত হৈ থাকে নীতি আৰু সূত্ৰ যিকোনো এটা প্ৰক্ৰিয়াক ব্যাখ্যা কৰাত সহায় কৰে। এই সূত্ৰবিলাকে দুই বা ততোধিক কাৰকৰ মাজত ক্রিয়া আৰু প্ৰতিক্ৰিয়াৰ সম্পর্ক আৰু সম্বন্ধ নিৰ্ণয় কৰে। ব্যৱস্থাপকে অন্যান্য বিজ্ঞানৰ দৰে পৰিঘটনাবিলাক নিৰীক্ষণ আৰু পৰ্যবেক্ষণ কৰি কিছুমান সাধাৰণ নীতি নিৰ্ধাৰণ কৰিব পাৰে।

(৩) ব্যৱস্থাপনা হৈছে এক বৃত্তি : প্ৰত্যেক বৃত্তিতে সুকলমে কাৰ্যবোৰ পৰিচালনা কৰিবলৈ কিছুমান সুকীয়া আৰু বিশেষ প্ৰস্তুতিৰ প্ৰয়োজন হয়। শিক্ষাৰ ক্ষেত্ৰতো এটা অনুষ্ঠান সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে এটা বৃত্তিৰ বাবে প্ৰয়োজন হোৱা বিশেষ আচৰণ বিধি আৰু আনক সহায় কৰি ভালপোৱা আদি গুণবোৰ প্ৰশাসকৰ গাত থাকিব লাগে।

(৪) ব্যৱস্থাপনা হৈছে এক গতিশীল সম্পদ : ব্যৱস্থাপনাকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামেই হৈছে উৎপাদন বৃদ্ধি কৰা। কোনো এক শিক্ষানুষ্ঠানৰ শ্ৰীবৃদ্ধি নিৰ্ভৰ কৰে ব্যৱস্থাপনাক গোটটোৰ একতা, সততা আৰু নিষ্ঠাৰ ওপৰত।

(৫) ব্যৱস্থাপনা হৈছে এক ব্যৱহাৰিক শাসন প্ৰণালী : ব্যৱস্থাপনা ব্যৱহৃত হোৱা বহুতো ধাৰণা, নীতি আৰু কৌশল অন্যান্য বিজ্ঞানৰ পৰা, যেনে – মনোবিজ্ঞান, গৃহত্ববিজ্ঞান, সমাজতত্ত্ব, অৰ্থনীতি আদিৰ পৰা লোৱা হয়।

(৬) ব্যৱস্থাপনা গতিশীল : ব্যৱস্থাপনাত ব্যৱহৃত হোৱা ধ্যান-ধাৰণা সময়ৰ পৰিৱৰ্তনৰ লগত পৰিৱৰ্তন হয়। উদাহৰণস্বৰূপে, পুৰণি গুৰুকুল শিক্ষা ব্যৱস্থাত বিদ্যালয়ত শিক্ষকৰ সংখ্যা, ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজন হোৱা শিক্ষণ সামগ্ৰী আদিৰ পৰিমাণ সীমিত আছিল। এক সহজ সৰল প্ৰক্ৰিয়াৰেই বিদ্যালয় পৰিচালনা কৰিব পৰা গৈছিল। সময়ৰ পৰিৱৰ্তনৰ লগে লগে বিদ্যালয় পৰিচালনাৰ ক্ষেত্ৰত জটিলতা ক্ৰমে বৃদ্ধি হ’বলৈ ধৰিলে। ইয়াৰ ফলস্বৰূপেই ব্যৱস্থাপনাকে এই পৰিৱৰ্তনৰ পটভূমিত বিদ্যালয় পৰিচালনাৰ ক্ষেত্ৰত নতুন নতুন ধ্যান-ধাৰণাৰ প্ৰয়োগ কৰিব লগা হ’ল। সেইবাবেই সুদক্ষ ব্যৱস্থাপনাকে পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তনৰ ওপৰত দৃষ্টি ৰাখিব লাগে। ব্যৱস্থাপনাকে আটাইতকৈ উত্তম পন্থা প্ৰয়োগ কৰি অনুষ্ঠানটোক গতিশীলতা প্ৰদান কৰিব লাগে, যাতে ইয়াৰ লক্ষ্যত উপনীত হ’ব পাৰি।

(৭) ব্যৱস্থাপনা এক ধৰিব নোৱাৰা শক্তি : ব্যৱস্থাপনাক হৈছে এক ধৰিব নোৱাৰা শক্তি। ইয়াৰ উপস্থিতিৰ বিষয়ে গম পাব পাৰি শৃংখলাবদ্ধ কাৰ্যৰ যোগেদিহে। কোনো এক পূৰ্বনিৰ্ধাৰিত কাৰ্যৰ ফলাফলৰ ওপৰত ভিত্তি কৰিহে ব্যৱস্থাপনাকৰ ফলপ্ৰসূতাৰ সম্পৰ্কে মানুহে অনুমান কৰিব পাৰে।

ব্যৱস্থাপনাৰ পৰিসৰ : 

সকলোবিলাক সংগঠনৰে দক্ষ পৰিচালনাৰ ক্ষেত্ৰত ব্যৱস্থাপনাক এক অপৰিহাৰ্য অংগ। প্ৰগতিৰ বাবে প্ৰত্যেক সংগঠনে ব্যৱস্থাপনাকে গুৰুত্ব আদৰিব লগা হয়। পিটাৰ ড্ৰকাৰে ব্যৱস্থাপনাৰ সম্পৰ্কে এক উল্লেখযোগ্য উক্তি দিছে। তেওঁৰ উক্তিটো হৈছে – “Management is dynamic life giving element in an organisation, without it, the resources of production remain more resources and never become production.”। ইয়াৰ পৰিসৰ তলত উল্লেখ কৰা হৈছে।

(ক) গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰি লক্ষ্য নিৰ্ধাৰণ : প্ৰত্যেক প্ৰশাসকে অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালিত কৰিবলৈ প্ৰথমেই সম্পদৰ ওপৰত নিৰ্ভৰ কৰি লক্ষ্যসমূহ ধাৰ্য কৰিব লাগে। সম্পদৰ অবিহনে লক্ষ্যত উপনীত হ’ব নোৱাৰি। উদাহৰণস্বৰূপে, পৰীক্ষাগাৰ, শিক্ষণ সামগ্ৰী, বিদ্যালয় গৃহ, প্ৰেক্ষাগৃহ আদিৰ নিৰ্দিষ্ট গুৰুত্ব আছে। যদি বিদ্যালয়ৰ সমুদায় পুঁজি গৃহ নিৰ্মাণতে ব্যৱহাৰ কৰা হয়, তেন্তে ইয়াৰ বাকীবিলাক অংগ বিকশিত কৰাত অসুবিধা হয়। এনে ক্ষেত্ৰত ব্যৱস্থাপনাকে পুঁজিৰ ভাগ বিতৰণ কৰি এই ভালসমূহ বিভিন্ন শিতানত ব্যয় কৰিলে বিদ্যালয়খনৰ প্ৰতিটো দিশেই সমতুল্যভাৱে বিকশিত হ’ব।

(খ) সমূহীয়া উদ্দেশ্য নিৰ্ধাৰণ : এটা গোটৰ প্ৰত্যেকজন ব্যক্তিৰে ব্যক্তিগতভাৱে কাম কৰাৰ দক্ষতা থাকিলেই নহ’ব, অনুষ্ঠানটোৰ সামগ্ৰিক লক্ষ্যত উপনীত হ’বৰ বাবে তেওঁলোকৰ মাজত ভাল বুজা-পৰা আৰু সৎ ভাবো থাকিব লাগিব। ব্যৱস্থাপনাকে সকলো ব্যক্তিৰ মাজত একতা স্থাপন কৰি সামূহিক উদ্দেশ্য পূৰণৰ বাবে যত্নপৰ হোৱা উচিত। এনে এক পৰিৱেশ ৰচনা কৰিব লাগে, যাতে প্ৰত্যেকেই গোটৰ উদ্দেশ্য পূৰণৰ বাবে নিজৰ  সামৰ্থখিনি উজৰি দিবলৈ সক্ষম হয়। উদাহৰণস্বৰূপে, এখন শিক্ষানুষ্ঠানৰ সমূহীয়া উদ্দেশ্য হৈছে শিশুৰ সৰ্বাংগীণ বিকাশ সাধন কৰা। ইয়াকে কৰিবলৈ হ’লে শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু স্থানীয় সমাজে অহোপুৰুষাৰ্থ কৰিব লাগে। যদি কেৱল শিক্ষক- শিক্ষায়িত্ৰী সকলেহে এই দিশত সচেতন হয়, কিন্তু অভিভাৱকসকল সচেতন নহয়, তেন্তে এই গুৰুত্বপূৰ্ণ উদ্দেশ্যটো সিদ্ধি কৰিব নোৱাৰিব। অন্যহাতে যদি কেৱল অভিভাৱকসকলহে সচেতন হয়, কিন্তু শিক্ষক-শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ কৰিব লগা খিনি সাধ্য অনুসৰি নকৰে, তেন্তে ছাত্ৰ-ছাত্ৰীৰ বিকাশ সুষম নহ’ব।

(গ) দক্ষ সংগঠনৰ সৃষ্টি : দক্ষ সংগঠনে কোনো এটা অনুষ্ঠান সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে। ই ইয়াৰ লগত সম্পৰ্ক থকা সকলো ব্যক্তিকে সন্তুষ্টি প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এনে ক্ষেত্ৰত এজন সন্তুষ্টি ব্যক্তিয়ে অন্য কোনো অনুষ্ঠানৰ পৰা বেছি ব্যক্তিগত লাভজনক সুবিধা আহিলেও তেওঁ নিজৰ অনুষ্ঠান এৰি যোৱাৰ কথা নাভাবে। ইয়াৰ অন্তৰ্নিহিত কাৰণ হৈছে ব্যক্তিজনে অনুষ্ঠানটোৰ পৰা লাভ কৰা মানসিক সন্তুষ্টি। সেইবাবেই এনে অনুষ্ঠানত অভিজ্ঞ আৰু সুদক্ষ কৰ্মীৰ অভাৱ নঘটে। উদাহৰণস্বৰূপে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কাম কৰি থকা এজন শিক্ষকে আন এখন সমপৰ্যায়ৰ বা উন্নত মানদণ্ডৰ আন এখন বিদ্যালয়লৈ যাবলৈ নিবিচাৰিব, যদিহে তেওঁ কৰি থকা বিদ্যালয়খনে তেওঁক সন্তুষ্টি প্ৰদান কৰে।

(ঘ) মানৱ সম্পদৰ বিকাশ : ব্যৱস্থাপনাৰ লক্ষ্য হৈছে মানৱ সম্পদক গুণতভাৱে উন্নীত কৰা। সেই অৰ্থে ইয়াৰ কৰ্মীসকলৰ বাবে প্ৰয়োজন অনুসৰি কৰ্মশালা, প্ৰশিক্ষণ, অনুশীলন আদিৰ সুবিধা কৰি দিব লাগে। ইয়াৰ ফলস্বৰূপে তেওঁৰ নিজৰ কৰ্মক্ষেত্ৰত কি কি দিশত পৰিৱৰ্তন আহিছে আৰু কি কি দিশত তেওঁ অধিক মনোনিৱেশ কৰিব লাগে, তাৰ যথার্থ জ্ঞানৰ লগত সুপৰিচিত হৈ আগবাঢ়িলৈ সুবিধা পায়।

(ঙ) ব্যৱস্থাপনাকে কাম কৰোতাক বিশ্লেষণাত্মকভাৱে চিন্তা কৰাত সহায় কৰে : সুদক্ষ ব্যৱস্থাপনাই ইয়াৰ সন্মুখত দেখা দিয়া সকলো সমস্যাকে বিশ্লেষণ কৰে। এই সমস্যাসমূহক সমাধানৰ পথ সৃষ্টি কৰি সংগঠনটোৰ সন্মুখত থকা বাধা-বিঘিনিসমূহ অতিক্ৰম মুক্ত কৰি প্ৰগতিৰ বাটত আগুৱাই যাবলৈ অৰিহণা যোগায়।

(চ) কামৰ জটিলতা কমোৱাত সহায় কৰে : এই কামৰ জটিলতা কমাই আটাইতকৈ ভাল ফল সহজে লাভ কৰাৰ পথ নিৰ্ণয় কৰিবলৈ সুবিধা দিয়ে। ব্যৱস্থাপনাকে অনুষ্ঠানটোৰ বৰ্তমান স্থিতিৰ সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ যথেষ্ট আহল-বহলনে?

১) ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অনুযায়ী বিদ্যালয়গৃহটি যথেষ্ট আহল-বহলনে?

২) সা-সঁজুলি আৰু আচবাব যথোপযুক্তনে?

৩) পৰীক্ষাগাৰ, গ্ৰন্থাগাৰৰ সুবিধা যথেষ্ট পৰিমাণে আছেনে ?

৪) বৰ্তমান থকা শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা যথোপযুক্তনে?

৫) বিদ্যালয়খনক কিছুমান অতিৰিক্ত সেৱা, যেনে – ছাত্ৰ-নিবাস, ছাত্ৰী-নিবাস, শিক্ষক-শিক্ষয়িত্ৰীৰ আবাসগৃহ, যাতায়াতৰ‌ বাবে বাছসেৱাৰ প্ৰয়োজননে?

Q.2. Discuss the functions of Management.

Ans: ব্যৱস্থাপকৰ কামসমূহ তলত উল্লেখ কৰা হৈছে –

(ক) ভৱিষ্যত সম্পৰ্কে চিন্তা-চৰ্চা : কোনো এটা কাৰ্য শুদ্ধভাৱে আৰু সুচাৰুৰূপে কৰিবলৈ হ’লে ভৱিষ্যতৰ প্ৰয়োজনসমূহ ভালদৰে নিৰ্ধাৰণ কৰি ল’ব লাগে। ইয়াকে কৰিবলৈ হ’লে শিক্ষানুষ্ঠানটোৰ বৰ্তমান প্ৰয়োজনসমূহৰ বিষয়ে ভালদৰে অধ্যয়ন কৰাতো অতি গুৰুত্বপূৰ্ণ। শিক্ষানুষ্ঠানটোৰ কোনবিলাক সম্পদ সহজলভ্য, ভৱিষ্যতে আহৰণ কৰিব লগা সম্পদসমূহৰ গুৰুত্ব, কোনবিলাক সম্পদ সহজতে লাভ কৰিব পৰা যাব আদিৰ পৰ্যালোচনা কৰিব লাগে।

(খ) সিদ্ধান্ত গ্ৰহণ : ওপৰত উল্লেখ কৰা প্ৰয়োজনসমূহ পৰ্যালোচনা কৰাৰ পিছত কোনবিলাক দিশত অধিক মনোনিৱেশ কৰিব লাগিব, প্ৰয়োজনসমূহ পূৰণ কৰিবৰ বাবে থকা কেইবাটাও পথৰ কোনটো পথ সুগম তাক নিৰ্ণয় কৰা হয়। ইয়াকে কৰিবলৈ হ’লে তিনিটা কথাৰ ওপৰত গুৰুত্ব দিব লাগে। এইকেইটা হৈছে – 

১) সুনিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ।

২) লক্ষ্যত উপস্থিত হ’বলৈ কৰিবলগা কাৰ্যসমূহ সহজ-সৰল হোৱাৰ উপৰিও কাৰ্যবিলাক সকলোৰে বোধগম্য হোৱা উচিত।

৩) কাৰ্যৰ মানদণ্ড নিৰ্ধাৰণ।

গ) পৰিকল্পনা : কোনো সুনিৰ্দিষ্ট লক্ষ্য বাস্তৱ ৰূপ দিবলৈ আগতীয়াকৈ কাৰ্যব্যৱস্থাৰ পৰ্যায়সমূহ নিৰ্ধাৰণ কৰি লোৱাটোৱেই পৰিকল্পনাৰ প্ৰধান উদ্দেশ্য। এই পৰ্যায়সমূহ এটা আনটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হোৱাৰ বাবে কোনো এটাকেই বাদ দিব নোৱাৰি। পৰিকল্পনা সঠিক ন’হলে এক খেলি-মেলিহে সৃষ্টি হ’ব পাৰে আৰু ফলস্বৰূপে লক্ষ্য নিৰ্ধাৰণ অতি জটিল হৈ পৰে। পৰিকল্পনা পৰিৱৰ্তনশীল হোৱা উচিত, কাৰণ ইয়াক বাস্তৱায়িত কৰোঁতে কিছুমান অদৃষ্ট কাৰকে প্ৰভাৱান্বিত কৰিব পাৰে। গতিকে ই পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খাব পৰা হ’ব লাগে। কিছুমান আগতীয়াকৈ উপলব্ধি কৰিব নোৱাৰা কাৰকে বাস্তৱ ক্ষেত্ৰত প্ৰদান কৰিব পাৰে। উদাহৰণস্বৰূপে কাৰ্যৰ বাবে আহিলা আৰু সম্পদ আশা কৰা মতে সময়মতে যোগাৰ নোহোৱা, বিত্তীয় অৱদান পৰ্যাপ্ত নোহোৱা, কাৰ্যৰ বাবে দক্ষ ব্যক্তিৰ অভাৱ আদি কাৰকৰ ফলস্বৰূপে পৰিকল্পনাত প্ৰভাৱ পৰে। সেয়ে পৰিকল্পনাৰ পৰ্যায় বা স্তৰসমূহ পৰিৱৰ্তনশীল হ’লেহে লক্ষ্য বা উদ্দেশ্য সিদ্ধি কৰিব পাৰি।

ঘ) সংগঠন : সংগঠন হৈছে মানৱ সম্পদ আৰু শিক্ষাদানৰ বাবে প্ৰয়োজন হোৱা সা-সঁজুলিসমূহৰ একত্ৰিকৰণ। মানৱ সম্পদ আৰু বস্তুগত সম্পদৰ মাজত এনেধৰণৰ সম্বন্ধ স্থাপন কৰা হয়, যাতে পূৰ্বনিৰ্ধাৰিত লক্ষ্যত উপনীত হ’ব পাৰি। শিক্ষাৰ ক্ষেত্ৰত একত্ৰিত কৰিবলগা উপাদানসমূহ হৈছে।

১) মানৱ সম্পদ – সমিতি, শ্ৰেণী, শাখা, বিদ্যালয় কৰ্তৃপক্ষ, প্ৰশাসন ইত্যাদি।

২)  বস্তুগত সম্পদ – বিদ্যালয় গৃহ, চকী-মেজ, আলমাৰী, শিক্ষণ সামগ্ৰী, গ্ৰন্থাগাৰ, সংগ্ৰহালয়, পৰীক্ষাগাৰ, কৰ্মশালা ইত্যাদি।

৩) নতুন ধ্যান-ধাৰণাৰ প্ৰয়োগ – পাঠ্যক্ৰম আৰু সহ-পাঠ্যক্ৰমৰ লগত সংগতি থকা কাৰ্যসমূহৰ পৰিচালনা, সময় তালিকা প্ৰস্তুত আৰু পৰিচালনা কৰ্মৰ মানদণ্ডৰ নিৰূপণ ইত্যাদি।

ঙ) নিৰ্দেশনা বা প্ৰণোদন : এইটো পৰ্যায়ৰ তাৎপৰ্য হৈছে মানুহৰ কাৰ্যসমূহ লক্ষ্যৰ দিশলৈ ধাৱিত কৰা। নিৰ্দেশনাৰ নতুন প্রতিশব্দ হৈছে প্ৰণোদন। প্ৰণোদনৰ অৰ্থ হৈছে ব্যক্তিক স্বত:স্ফূৰ্তভাৱে তেওঁৰ কাৰ্যৰ প্ৰতি আকৃষ্ট কৰি সমাধান কৰা। সেইবাবে ব্যক্তিক নীতি-নিৰ্দেশনা আৰু পৰিকল্পনাত ভাগ ল’বলৈ সুবিধা প্ৰদান কৰিব লাগে। সদস্যসকলৰ মাজত সুন্দৰ মিলা-মিছাই প্ৰণোদনৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়ায়। গতিকে সদস্যসকলৰ মাজত মুখা-মুখি আৰু মুকলিমূৰীয়া আলোচনা যথেষ্ট ফলদায়ক।

চ) নিয়ন্ত্ৰণ : শৈক্ষিক ব্যৱস্থাপনাৰ আন এক গুৰুত্বপূৰ্ণ অংগ হৈছে উপযুক্ত নিয়ন্ত্ৰণ ব্যৱস্থা। এই ক্ষেত্ৰত প্ৰশাসকজনে তেওঁৰ নিজৰ কাৰ্যৰ উপৰিও সকলো গোটৰে কাৰ্যসমূহ এনেদৰে নিৰীক্ষণ কৰিব লাগে যাতে ই পূৰ্বনিৰ্ধাৰিত মানদণ্ডৰ পৰা কোনোপধ্যেই আঁতৰি নাযায়। সেইবাবে প্ৰশাসকজনে উপযুক্ত পৰিৱেশ সৃষ্টিৰ বাবে সংশোধন কাৰ্য কৰোঁতে সম্পদৰাজিৰ সাল-সলনিৰ লগতে পদ্ধতিৰো সাল-সলনি কৰিব লগা হ’ব পাৰে। গতিকে প্ৰশাসকজনে ব্যক্তিসকলৰ উদ্যম, সামৰ্থতা, প্ৰণোদন আদি পুনঃনিৰীক্ষণ কৰিব লাগে।

ছ) সমতুল্যকৰণ : কঠিন কাৰ্য সহজসাধ্য কৰি তুলিবলৈ প্ৰশাসকজন দক্ষ হ’ব লাগে তেওঁ তিনিটা দিশৰ ওপৰত সমদৃষ্টি নিক্ষেপ কৰিব পাৰে। এই দিশকেইটা হৈছে –

১) বিভিন্ন সদস্যৰ মাজত বন্ধুত্বপূৰ্ণ সম্বন্ধ বৰ্তি থাকে।

২) কাৰ্যবিলাকৰ দায়িত্ব উপযুক্ত ব্যক্তিক ন্যস্ত কৰা হয় আৰু

৩) কৰ্মৰ সমবিতৰণ কৰা যাতে পূৰ্বনিৰ্ধাৰিত লক্ষ্যত উপনীত হ’ব পাৰি।

জ) মূল্যায়ণ : শৈক্ষিক ব্যৱস্থাপনাত সুনিৰ্দিষ্ট লক্ষ্য ধাৰ্য কৰা হয়, এই লক্ষ্যত উপনীত হ’বৰ বাবে পৰিকল্পনা কৰা হয় আৰু এই পৰিকল্পনাৰ বাবে কাৰ্য কৰা হয়। এনে কৰোঁতা কিছুমান প্ৰশ্নৰ উদয় হয়। যেনে – ধাৰ্য কৰা উদ্দেশ্য কিমান শুদ্ধ ? পৰিকল্পনা কিমান নিখুঁত ? পৰিকল্পনা অনুযায়ী কাম কৰা হৈছেনে ? কাম কৰোতে কি কি কাৰকে অসুবিধাৰ সৃষ্টি কৰিছে ? এই অসুবিধাসমূহ কেনেদৰে দূৰ কৰিব পৰা হ’ব ? কি কি দিশত অকৃতকাৰ্য হোৱা পৰিলক্ষিত হৈছে ? মূল্যায়ণৰ জৰিয়তে এই অসুবিধাসমূহ আৰু অকৃতকাৰ্য দিশসমূহ নিৰ্মূল কৰিব পাৰি আৰু সফলতাৰ দিশত আগবাঢ়ি যোৱাত সহায় কৰাটোৱেই মূল্যায়ণৰ প্ৰধান লক্ষ্য।

Q.3. Illustrate the principles of education management.

Ans: শৈক্ষিক ব্যৱস্থাপনাৰ নীতিসমূহ তলত উল্লেখ কৰা হৈছে- 

ক) শিক্ষাৰ দৰ্শনৰ সৈতে একত্ৰিকৰণ বা সমিলকৰণ : শৈক্ষিক ব্যৱস্থাপনাকৰ পৰিকল্পনাসমূহ বা নীতিসমূহ ইয়াৰ দর্শনৰ লগত মিল থকাটো অতি গুৰুত্বপূৰ্ণ। ব্যৱস্থাপনাকৰ নীতিসমূহে শিক্ষাৰ দৰ্শনে অনুপ্ৰাণিত কৰিলে সহজেই ইয়াৰ লক্ষ্যত উপনীত হ’ব পাৰি। প্ৰত্যেক সমাজৰে বা দেশৰে শিক্ষাৰ কিছুমান দার্শনিক চিন্তাধাৰা আৰু ধ্যান-ধাৰণা থাকে। সমাজখনে বা দেশখনে এইবিলাক নৱ-প্ৰজন্মৰ মাজত প্ৰচাৰ হোৱাটো বিচাৰে। গতিকে শিক্ষা ব্যৱস্থাই সমাজৰ বা দেশৰ জনসাধাৰণ আশা-আকাংক্ষাক বাস্তৱত ৰূপ দিয়াতো এক অপৰিহাৰ্য কৰ্ম। এখন গণতান্ত্ৰিক দেশৰ কোনো শিক্ষানুষ্ঠানতে প্ৰশাসকজনে স্বেচ্ছাচাৰিতা প্ৰদৰ্শন কৰিব নালাগে। ইয়াৰ পৰিৱৰ্তে তেওঁ সমাজৰ এজন বন্ধু, পথ-প্ৰদৰ্শনক তথা গুৰিয়াল হিচাপেহে কাম কৰিব লাগে। সেইবাবেই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ অকলে নলৈ সহকৰ্মীৰ লগত আলোচনা-বিলোচনাৰ পৰিৱেশ সৃষ্টি কৰিব লাগে। সহকৰ্মীসকলৰ মতামতক সন্মান জনাই তেওঁলোকৰ প্ৰয়োজনসমূহ পূৰণ কৰাত গুৰুত্ব আৰোপ কৰিব লাগে।

খ) গণতান্ত্ৰিক পদক্ষেপ : এখন গণতান্ত্ৰিক দেশ সফলতাৰে প্ৰগতিৰ দিশত আগবাঢ়ি যাব পাৰে যদিহে তৃণমূল পৰ্যায়ৰ পৰা গণতান্ত্ৰিক নীতিসমূহ প্ৰয়োগ কৰা হয়। শিক্ষানুষ্ঠানবিলাকেই প্ৰাথমিক অংগ, য’ৰ পৰা গণতান্ত্ৰিক নীতিসমূহৰ বিকাশ সাধন কৰিব পাৰি। এনে কৰিলে নৱপ্ৰজন্মৰ ধ্যান-ধাৰণা, ভাব-ভাষা, আচাৰ-ব্যৱহাৰ আদি গণতান্ত্ৰিক আদৰ্শৰে প্ৰভাৱান্বিত হ’ব। গণতান্ত্ৰিক ব্যৱস্থাপনাত শিক্ষানুষ্ঠানৰ মুৰব্বীৰ উপৰিও সহকৰ্মী তথা অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীয়েও অনুষ্ঠানটো পৰিচালনা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

গ) সকলোৰে পৰা যথোপযুক্ত অৱদান : বৰ্তমান সময়ত ব্যৱস্থাপনাৰ মানদণ্ড জোখা হয় সহায় সহযোগিতাৰ দ্বাৰা। শৈক্ষিক প্ৰক্ৰিয়াটোত অংশগ্ৰহণকাৰী ব্যক্তিসকলৰ কেৱল মাত্ৰ সংখ্যাতকৈ তেওঁলোকৰ অনুষ্ঠানটোলৈ অৱদানহে বেছি গুৰুত্বপূৰ্ণ। এই প্ৰক্ৰিয়াটোত অংশগ্ৰহণকাৰীসকলৰ প্ৰত্যেকৰে মনত এনে এটা ভাব সৃষ্টি কৰিব লাগে যাতে প্ৰত্যেকেই ব্যক্তিগতভাৱে অৱদান আগবঢ়াবলৈ ইচ্ছুক নহয়। প্ৰশাসক, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী প্ৰত্যেককে উপযুক্ত দায়িত্ব দিব  পাৰিলেহে তেওঁলোকে নিজা সৰ্বোচ্চ অৱদান আগবঢ়াবলৈ সক্ষম হ’ব। প্রত্যেককে ন্যস্ত কৰা দায়িত্বত যাতে সন্তুষ্ট হয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। অনুষ্ঠানটোৰ মুৰব্বীজনে এনে এটা পৰিৱেশ সৃষ্টি কৰিব লাগে যাতে তেওঁৰ অধীনত কাম কৰা সকলোৱেই তেওঁলোকৰ নিজা সামৰ্থ অনুযায়ী সৰ্বশ্ৰেষ্ঠ অৱদান আগবঢ়োৱাটোৱে তেওঁলোকৰ লক্ষ্য হৈ পৰে। কোনেও যাতে ভাবিবলগীয়া নহয় যে তেওঁৰ ওপৰত প্ৰয়োজনতকৈ অধিক কামৰ বোজা দিয়া হৈছে বা তেওঁৰ কৰ্মৰ ওপৰত একেবাৰেই গুৰুত্ব দিয়া হোৱা নাই। যিসকলে যথোপযুক্ত অৱদান আগবঢ়াইছে তেওঁলোকৰ কৰ্ম আৰু যত্নক স্বীকৃতি দিব লাগে আৰু প্ৰশংসাসূচক মন্তব্য আগবঢ়াব লাগে। শিক্ষানুষ্ঠানৰ মুৰব্বীজনে এজন সুদক্ষ বিচাৰক হ’ব লাগে যাতে তেওঁ আনৰ গুণসমূহৰ লগতে সীমাবদ্ধতাও অনুমান আৰু অনুভৱ কৰিব পাৰে।

(ঘ) আনৰ ব্যক্তিত্বৰ প্ৰতি সন্মান : বৰ্তমান সময়ৰ শৈক্ষিক ব্যৱস্থাপনাকত প্ৰত্যেকেই নিজৰ সন্মানৰ ওপৰত গুৰুত্ব দিয়ে। কোনেও এনেকৈ ভাবিব নালাগে, যাতে তেওঁৱেই সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী বাবে আনৰ ওপৰত মাত মতাৰ কৰ্তৃত্ব  আছে। প্ৰত্যেককে ব্যক্তি স্বাধীনতা প্ৰদান কৰিব লাগে যাতে তেওঁলোকে মুকলিমুৰীয়াকৈ স্বত:স্ফূৰ্তভাৱে কাম কৰি যাবলৈ অনুপ্ৰাণিত হয়। এই ক্ষেত্ৰত কোঠাৰী আয়োগে আগবঢ়োৱা এটা উদ্বৃতি আগবঢ়াব পাৰি। প্ৰত্যেক শিক্ষকৰে কিছুমান স্বকীয় ধ্যান-ধাৰণা থাকে, ঠিক তেনেদৰেই তেওঁৰ নিজা শিক্ষণ পদ্ধতিও থাকে। গতিকে প্ৰশাসকে এই ক্ষেত্ৰত বলপূৰ্বকভাৱে কোনো পদ্ধতি আৰোপ কৰিব নালাগে। এনে কৰিলে তেওঁৰ কামৰ প্ৰতি মনোযোগ, দৃঢ়তা আৰু সৃজনীশীলতা কমে। ঠিক তেনেদৰে প্ৰতিজন ছাত্ৰ বা ছাত্ৰীৰে কিছুমান ব্যক্তিগত প্ৰয়োজন, সমস্যা, সামৰ্থতা আৰু সীমাবদ্ধতা থাকে। সেইবাবে ছাত্ৰজনে বা ছাত্ৰীগৰাকীয়ে তেওঁৰ গুণ অনুযায়ী বিকাশ হ’বলৈ সুবিধা পাব লাগে।

ঙ) প্ৰত্যেক কাৰ্যৰ প্ৰতি উপযুক্ত গুৰুত্ব প্ৰদান : শিক্ষানুষ্ঠানৰ অন্তৰ্ভুক্তি কৰা প্ৰত্যেক কাৰ্যই সময় আৰু খৰচ অনুযায়ী গুৰুত্ব পাব লাগে। যিহেতু এখন শিক্ষানুষ্ঠানত বিভিন্ন ধৰণৰ কাম চলি থাকে, এই বিভিন্ন প্ৰকাৰৰ কামৰ মাজত সামঞ্জস্য আৰু সমতুল্য হ’লেহে ফলপ্ৰসূ হয়। এনেকুৱা হ’ব পাৰে যে কোনো এজন শিক্ষক কোনো এটা বিশেষ কামত ৰাপ বেছি আৰু ইয়াৰ প্ৰতিহে আগ্ৰহী। এনে ক্ষেত্ৰত সেই কামটো অন্য এজন শিক্ষক যাৰ ইয়াৰ প্ৰতি বিশেষ আকৰ্ষণ নাই তেওঁৰ ওপৰত জাপি দিয়াতো একেবাৰে যুক্তিহীন। সেইবাবেই ব্যক্তিৰ ৰাপ অনুযায়ী কামৰ বিতৰণ কৰাতো গুৰুত্বপূৰ্ণ। কামৰ গুৰুত্ব অনুযায়ী কোনটো আগত হাত দিয়া উচিত আৰু কোনটো পিছত হাত দিয়া উচিত সেইটোও প্ৰশাসকে নিৰ্ণয় কৰিব লাগে।

চ) ইতিবাচক দৃষ্টিভংগী : শিক্ষানুষ্ঠানৰ ব্যৱস্থাপনা কেতিয়াও নেতিবাচক চিন্তাধাৰা আৰু বিশ্বাসহীনতাত ভোগা উচিত নহয়। কাৰ্যনিৰ্বাহকে ধাৰ্য কৰা কৰ্মব্যৱস্থাত ইয়াৰ সম্পূৰ্ণ আস্থা থাকিব লাগে। প্ৰশাসকে আত্মনিন্দাৰ পৰিৱৰ্তে আত্মমূল্যায়নেহে কৰিব লাগে। সকলো কৰ্মৰে সাফল্যৰ চাবি-কাঠি হৈছে ইতিবাচক দৃষ্টিভংগী। ভুলৰ পৰা শিক্ষা লৈ অনুষ্ঠানটোক সঠিক দিশেৰে আগবঢ়াই নিয়াতো প্ৰশাসকৰ দায়িত্ব।

ছ) ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীণ বিকাশ : ব্যৱস্থাপনাকে শিশুৰ বৌদ্ধিক, মানসিক, শাৰীৰিক, নৈতিক, আধ্যাত্মিক আদি দিশবিলাকৰ বিকাশত সমানে গুৰুত্ব দিয়া উচিত। সাধাৰণতে আমাৰ শিক্ষানুষ্ঠানবিলাকত ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশতহে গুৰুত্ব দিয়া দেখা যায়। সেইবাবেই সফল ব্যক্তিত্বৰ কিছুমান দিশৰ ওপৰত শিক্ষানুষ্ঠানৰ প্রভাৱ অতি সীমিত হৈ ৰয়। গতিকে ই সূক্ষ্মভাৱে পৰ্যালোচনা কৰি কোনবিলাক দিশত গুৰুত্ব আৰোপ কৰিলে ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্বৰ সুষমভাৱে বিকাশ হয়, তাক নিৰ্ণয় কৰা উচিত।

জ) ছাত্ৰ-ছাত্ৰীকেন্দ্ৰিক কাৰ্য : ব্যৱস্থাপনাকে নিৰ্ধাৰণ কৰা কাৰ্যসমূহ ছাত্ৰ-ছাত্ৰীৰ হিতৰ বাবে হ’ব লাগে। ছাত্ৰ-ছাত্ৰীকেন্দ্ৰিক সকলো প্ৰয়োজনীয় কাৰ্য ব্যৱস্থাপনাকে নিৰ্ধাৰণ কৰি এইবিলাক বাস্তৱত ৰূপায়িত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিব লাগে। শিক্ষানুষ্ঠানত যি কাৰ্যই কৰা নহওক ই হ’ব লাগে ছাত্ৰ-ছাত্ৰীৰ কাৰ্য, ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা কৰা কাৰ্য আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে কৰা কাৰ্য।

ওপৰত উল্লেখ কৰা নীতিসমূহ লক্ষ্য কৰিলে দেখা যায় যে ব্যৱস্থাপনাকৰ উদ্দেশ্য আৰু লক্ষ্য যথেষ্ট গভীৰ আৰু তাৎপৰ্যপূৰ্ণ।

Q.4. Discuss the types of management.

Ans: ব্যৱস্থাপনাৰ প্ৰকাৰসমূহ তলত আলোচনা কৰা হ’ল – 

ক) একনায়কত্ববাদী ব্যৱস্থাপনা : একনায়কত্ব এটা বৰ পুৰণি শাসন ব্যৱস্থা। তত্ত্বৰ ফালৰ পৰা একনায়কত্ব গণতন্ত্ৰৰ বিপৰীত শাসন ব্যৱস্থা। একনায়ক (Director) শব্দটোৰ উৎপত্তি হৈছিল প্ৰাচীন ৰোমত। ৰোমান সাংবিধানিক আইনত এই শব্দটো পোৱা যায়। বৰ্তমানে এই শব্দটো বেলেগ বেলেগ অৰ্থত ব্যৱহাৰ কৰা হয়। ৰাজনীতি বিজ্ঞানী হিউমেনে একনায়কত্বৰ এটা সুন্দৰ সংজ্ঞা আগবঢ়াইছে। তেওঁৰ মতে ‘ৰাষ্ট্ৰত কোনো বক্তি বা কিছুমান ব্যক্তিয়ে ক্ষমতা দখল কৰি অবাধে স্বৈৰাচাৰী ক্ষমতা প্ৰয়োগ কৰিলে, তাৰ একনায়কত্ব বোলা হয়।’ (By dictatorship we understand the rule of a person or group of persons; who arrogate and monopolised power in the state, exercising it without restraint)। অষ্টিন ৰেণীৰ মতে ‘একনায়কত্ব হ’ল এনে এটা শাসন ব্যৱস্থা, য’ত প্ৰশাসনিক চূড়ান্ত ক্ষমতা কেন্দ্ৰীভূত হয় আৰু এজন ব্যক্তি বা ব্যক্তিগোষ্ঠীয়ে এই ক্ষমতা প্ৰয়োগ কৰে’ (The term dictatorship is used to mean to devote a form of government in which the ultimate ruling power is held and exercised by one man or a small elite)।

বল প্ৰয়োগৰ দ্বাৰা একনায়কত্ব প্ৰতিষ্ঠা কৰা হয়। এই শাসকজনা কৰো ওপৰত দায়িত্বশীল নহয়। 

একনায়কত্বৰ কিছুমান বৈশিষ্ট আছে, সেইসমূহ হ’ল – 

(ক) একনায়কত্বত শিক্ষানুষ্ঠানখনৰ মতাদৰ্শ ভুলেই হওক বা শুদ্ধই হওক সকলোৱেই মানি চলিবলৈ বাধ্য।

(খ) ইয়াত শিক্ষানুষ্ঠান হৈছে এক সৰ্বশক্তিমান আৰু সৰ্বাত্মক অনুষ্ঠান।

(গ) একনায়কত্ব শক্তিৰ ভিত্তিত প্ৰতিষ্ঠিত হয় আৰু শক্তিৰ দ্বাৰাই এই শাসনব্যৱস্থা পৰিচালনা কৰা হয়।

(ঘ) শিক্ষানুষ্ঠানৰ সকলো অৰ্থনৈতিক ব্যৱস্থা একনায়কত্বৰ নিৰ্দেশমতে পৰিচালনা হয়।

(ঙ) শিক্ষাৰ ক্ষেত্ৰত একনায়কত্বৰ মূলমন্ত্ৰ হ’ল ‘এক অনুষ্ঠান আৰু এজন নায়ক।’

(চ) একনায়কত্বত বিৰোধী মতৰ কণ্ঠৰোধ কৰা হয়।

(ছ) একনায়কত্ব ব্যক্তি স্বাধীনতা বিৰোধী।

(জ) ইয়াত নীতি আৰু পৰিকল্পনাক কঠোৰভাৱে প্ৰয়োগ কৰা হয়।

(ঝ) ইয়াত একনায়কেই হ’ল সৰ্বেসৰ্বা।

(ঞ) একনায়কত্বই শাসন ব্যৱস্থাৰ সকলো ক্ষেত্ৰত গোপনীয়তা ৰক্ষা কৰে।

একনায়কত্ব হ’ল গণতন্ত্ৰৰ সম্পূৰ্ণ বিপৰীত শাসন ব্যৱস্থা। এতেকে গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ সৈতে তুলনামূলক আলোচনাৰ পৰিপ্ৰেক্ষিতত একনায়কত্বৰ গুণাগুণ বিচৰা কৰা হয়। গণতন্ত্ৰৰ দোষবিলাক একনায়কত্বৰ গুণ হিচাপে আৰু গণতন্ত্ৰৰ গুণবিলাক একনায়কত্বৰ দোষ হিচাপে বিবেচিত হয়। ভাৰতীয় শিক্ষা ব্যৱস্থা লক্ষ্য কৰিলে গুৰুকুলৰ সময়ত একনায়কত্বৰ যথেষ্ঠ প্ৰভাৱ দেখা যায়। সেই সময়ত গুৰুকেই সমগ্ৰ শিক্ষাৰ কৰ্তৃত্ব থকা ব্যক্তি হিচাপে বিবেচনা কৰা হৈছিল। শিক্ষাৰ উদ্দেশ্য নিৰ্ধাৰণ, পাঠ্যক্ৰম ৰচনা আৰু প্ৰয়োগ, শিক্ষণ পদ্ধতি, মূল্যায়ণ, শাসন ব্যৱস্থা আদিৰ ক্ষেত্ৰত একনায়কত্ব শাসনৰ প্ৰভাৱ আছিল। বৰ্তমানেও কিছুমান ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত একনায়কত্বৰ প্ৰভাৱ দেখা যায়, য’ত ব্যক্তিৰ মালিকীস্বত্ব আৰু লাভালাভ জড়িত হৈ থাকে। যি কি নহওক সময়ৰ পৰিৱৰ্তনৰ লগে লগে শিক্ষাত একনায়কত্ববাদৰ প্ৰভাৱ কমি আহিছে আৰু গণতান্ত্ৰিক ব্যৱস্থাই জনপ্ৰিয়তা লাভ কৰা পৰিলক্ষিত হৈছে।

(খ) গণতান্ত্ৰিক ব্যৱস্থাপনা : গণতান্ত্ৰিক ব্যৱস্থাপনাৰ বৈশিষ্ট্যসমূহ হৈছে –

১) ইয়াৰ এক নিৰ্দিষ্ট ব্যক্তিৰ সমষ্টিয়ে শিক্ষানুষ্ঠানৰ লক্ষ্য আৰু কাৰ্য নিৰ্ধাৰণ কৰি সমিলমিলেৰে আগবাঢ়ে। 

২) সৰ্বসাধাৰণ মানুহৰ প্ৰয়োজন, ৰাপ, আশা-আকাংক্ষা পূৰণৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰা হয়। সেইবাবেই এনেকুৱা পৰিকল্পনাত তেওঁলোকৰ আশা-আকাংক্ষা প্ৰতিফলিত হয়।

৩) এনেধৰণৰ ব্যৱস্থাপনাত অন্য কোনো গোটৰে লক্ষ্যত বা স্বাৰ্থত আঘাত নেহানে। সেইকাৰণে ব্যক্তিৰ সৃজনীশীলতা আৰু সন্তুষ্টি আদি গুণবোৰ অটুট থাকে।

৪) ইয়াত অন্য ব্যক্তিৰ মহত্ব, স্বাধীনতা আৰু সন্মানক স্বীকৃতি দিয়া হয় বাবে তেওঁলোকে স্বত:স্ফূৰ্তভাৱে কাম-কাজত সহায় কৰিবলৈ আগবাঢ়ি আহে।

৫) এই ক্ষেত্ৰত প্ৰশাসকে এনে ব্যৱহাৰ প্ৰদৰ্শন কৰে, যাতে তেওঁক অন্য লোকে সমাজৰ এক অপৰিহাৰ্য অংগ হিচাপে বিবেচনা কৰে।

৬) শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে এনেদৰে কাম কৰে যাতে সৰ্বসাধাৰণ মানুহে বুজি পায় আৰু তেওঁৰ কামত সহায় কৰে।

৭) ইয়াত কোনো পক্ষপাতিত্ব বা স্বেচ্ছাৰিতামূলক কাৰ্যৰ স্থান নাই। গতিকে তেওঁৰ অধীনস্থসকলৰ লগত সকলো কথাতে আলোচনা কৰে।

৮) এনে ধৰণৰ শাসন ব্যৱস্থাত শিক্ষানুষ্ঠানৰ মুৰব্বীৰ লগত জনসাধাৰণৰ ভাব বিনিময় ঘটে।

গণতন্ত্ৰ বুলিলে এটা নিৰ্দিষ্ট আৰু বিশেষ ধৰণৰ শাসন ব্যৱস্থাক বুজায়। ‘গণতন্ত্ৰ’ শব্দটো ইংৰাজী ‘Democracy’ শব্দটোৰ প্রতিশব্দ। দুটা গ্ৰী শব্দ Demos অৰ্থাৎ জনগণ আৰু Kratia অৰ্থাৎ শাসন ক্ষমতা, এই দুটা শব্দ লগলাগি Democracy শব্দটো হৈছে। গ্ৰীক ‘Demokratia’ ৰ পৰা ইংৰাজী ‘Democratic’ শব্দটিৰ উৎপত্তি হৈছে। গতিকে, গণতন্ত্ৰ বুলি ক’লে জনগণৰ শক্তি, শাসন বা কতৃত্ব বুজায়। গণতন্ত্ৰ এটা শাসন ব্যৱস্থা য’ত ক্ষমতা জনগণৰ হাতত থাকে। গণতন্ত্ৰৰ ধাৰণা গ্ৰীক নগৰ ৰাষ্ট্ৰ এথেন্সৰ পৰা খৃষ্ট্ৰৰ জন্মৰ ৪০০ ৰ পৰা ৬০০ বছৰৰ আগত উদ্ভৱ হৈছে।

গণতন্ত্ৰৰ এটা গ্রহণযোগ্য সংজ্ঞা দিবলৈ অসুবিধা। বিভিন্ন ৰাজনীতি বিজ্ঞানীয়ে বিভিন্ন দৃষ্টিভংগীৰ পৰা গণতন্ত্ৰৰ সংজ্ঞা আগবঢ়াইছে। আব্ৰাহাম লিঙ্কনৰ মতে, ‘গণতন্ত্ৰ হ’ল জনগণক লৈ গঠিত, জনগণৰ দ্বাৰা আৰু জনগণৰ বাবে পৰিচালিত শাসন ব্যৱস্থা।’ চিলিয়ে কৈছে, ‘গণতন্ত্ৰ হ’ল এনে এটা শাসন ব্যৱস্থা য’ত সকলোৰে অংশগ্ৰহণৰ সুবিধা আছে’। অষ্টিন ৰেণীৰ মতে, গণতন্ত্ৰ জনগণৰ সাৰ্বভৌমত্ব, ৰাজনৈতিক সাম্য, জনগণৰ পৰামৰ্শ আৰু সংখ্যাগৰিষ্ঠৰ শাসন – এই নীতিবিলাকৰ দ্বাৰা পৰিচালিত হয়। লিঙ্কণে গণতন্ত্ৰক জনগণৰ কল্যাণৰ বাবে পৰিচালিত শাসন ব্যৱস্থা হিচাপে উল্লেখ কৰিছে। গণতন্ত্ৰক জনমতৰ দ্বাৰা পৰিচালিত শাসন ব্যৱস্থা বুলিও কোৱা হয়। গণতন্ত্ৰ সম্পৰ্কে লিঙ্কণৰ সংজ্ঞাই হৈছে আটাইতকৈ জনপ্ৰিয়। অধ্যাপক ডাইচিয়ে গণতন্ত্ৰৰ যি সংজ্ঞা আগবঢ়াইছে, সেইটোৱেই উত্তম বুলি বিবেচিত হৈছে। তেওঁৰ মতে অধিকাংশ জনসাধাৰণৰ শাসনেই হ’ল গণতান্ত্ৰিক শাসন।

শিক্ষানুষ্ঠানৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ গুণসমূহ :

(ক) এই শাসন ব্যৱস্থাৰ প্ৰধান গুণ এয়েই যে ই জনসাধাৰণৰ ওপৰত দায়বদ্ধ হৈ থাকে। শিক্ষানুষ্ঠান সকলো কথাতে জনসাধাৰণৰ ওচৰত দায়িত্বশীল।

(খ) ইয়াত জনগণেই হৈছে সকলো কথাতে জনসাধাৰণৰ ওপৰত দায়িত্বশীল।

(গ) গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ স্থায়িত্ব আছে। কাৰণ, এই শাসন ব্যৱস্থা নাগৰিক সমৰ্থন আৰু সক্রিয় সহযোগিতাৰ ওপৰত প্ৰতিষ্ঠিত। 

(ঘ) গণতান্ত্ৰিক শাসন ব্যৱস্থাত শিক্ষানুষ্ঠান স্বেচ্ছাচাৰী হোৱাৰ আশংকা নেথাকে। কাৰণ, এই শাসন ব্যৱস্থা হ’ল জনমতৰ দ্বাৰা পৰিচালিত শাসন ব্যৱস্থা। জনমতৰ ভয়ত শিক্ষানুষ্ঠান স্বেচ্ছাচাৰী হ’ব নোৱাৰে।

(ঙ) গণতান্ত্ৰিক শাসন ব্যৱস্থাত সকলোৱে অংশগ্ৰহণৰ সুযোগ থাকে। তাৰোপৰি ইয়াত সকলোৰে স্বাৰ্থৰক্ষা কৰা হয়। ইয়াৰ বাবে মানুহৰ মনত অনুষ্ঠানটোৰ প্ৰতি প্রেমভাব অটুট থাকে।

(চ) গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ সাপক্ষে আন এটা যুক্তি হ’ল এই যে এই সংঘৰ্ষ বা বিপ্লৱৰ পৰা  মুক্ত। এই শাসন কাৰ্যত জনগণে অংশগ্ৰহণ কৰে আৰু জনমত অনুসাৰে শাসন কাৰ্য পৰিচালনা কৰা হয়। সেইকাৰণে ইয়াত জনসাধাৰণৰ মনত বৈপ্লৱিক ভাবৰ সৃষ্টি নহয়।

(ছ) গণতান্ত্ৰিক শাসন ব্যৱস্থাত জনগণৰ ৰাজনৈতিক চেতনা আৰু শিক্ষাৰ বিস্তাৰ ঘটে। ইয়াত ৰাজনৈতিক শিক্ষাৰ ব্যাপক সুযোগ ঘটে। ইয়াত মানুহৰ ৰাজনৈতিক চেতনা বৃদ্ধি পায়।

(জ) গণতন্ত্ৰত মানুহৰ স্বাভাৱিক অধিকাৰবিলাকক স্বীকৃতি দিয়া হয়। এই শাসন ব্যৱস্থাত প্ৰত্যেক ব্যক্তিয়ে নিজস্ব ভাল-বেয়া নিৰ্ধাৰণৰ সুযোগ পায়। ইয়াত শিক্ষানুষ্ঠানে প্ৰত্যেকৰ ইচ্ছাক বিবেচনা কৰে।

(ঝ) গণতন্ত্ৰই সমতা প্ৰতিষ্ঠা কৰিব পাৰে। সমতাই হ’ল গণতন্ত্ৰৰ ভিত্তি। এই ধাৰণা অনুসাৰে প্ৰত্যেক ব্যক্তি সমান মৰ্যদাৰ অধিকাৰী। গণতন্ত্ৰ সমতাৰ ভিত্তিত প্ৰতিষ্ঠিত বাবে ইয়াক উৎকৃষ্ট শাসন ব্যৱস্থা বুলি কোৱা হয়।

গণতান্ত্ৰিক আৰু একনায়কত্বৰ মাজৰ পাৰ্থক্য –

গণতন্ত্ৰ আৰু একনায়কত্ব দুয়োটা পৰস্পৰ বিৰোধী ৰাজনৈতিক আদৰ্শ। এই দুই শাসন ব্যৱস্থা বিপৰীতধৰ্মী। এইবিলাকৰ মাজত কোনো সাদৃশ্য নাই। গণতন্ত্ৰ আৰু একনায়কত্বৰ পাৰ্থক্যবিলাক তলত উল্লেখ কৰা হৈছে।

(ক) দুয়ো মতবাদৰ ভেটি বেলেগ বেলেগ। মানৱতাৰ মহান আদৰ্শ, হিতবাদী তত্ত্ব আৰু মিলৰ আৰ্দশবাদৰ ভিত্তিত গণতন্ত্ৰ প্ৰতিষ্ঠিত। আনহাতে একনায়কত্বৰ ভেটি হ’ল হেগেলীয়া আদৰ্শবাদ। 

(খ) গণতন্ত্ৰ জনগণৰ শাসন, কিন্তু একনায়কত্ব হ’ল নায়কৰ শাসন। ইয়াত জনসাধাৰণে মাত মাতিব নোৱাৰে।

(গ) গণতন্ত্ৰ সাম্য আৰু সমানাধিকাৰ নীতিত বিশ্বাসী কিন্তু একনায়কত্ব জাতিতত্ত্বৰ বিশ্বাসী আৰু সাম্যনীতিৰ বিৰোধী।

(ঘ) গণতন্ত্ৰত সুস্থ জাতীয়তাবাদৰ বিকাশ হয়। গণতন্ত্ৰই গঠনমূলক জাতীয় চেতনাৰ দ্বাৰা আন্ত:ৰ্জাতিক বাট মুকলি কৰে। কিন্তু একনায়কত্বই উগ্ৰ জাতীয়তাবাদ, জাতিবিদ্বেষ আদি বঢ়াব পাৰে।

(ঙ) গণতন্ত্ৰত বিপ্লৱৰ ভয় নাই। একনায়কত্বত সদায় বিপ্লৱৰ আশংকা থাকে। কাৰণ, এই শাসন ব্যৱস্থা জনমতৰ ওপৰত প্ৰতিষ্ঠিত নহয়।

(চ) গণতন্ত্ৰৰ ভেটি হ’ল জনগণৰ সন্মতি, কিন্তু একনায়কত্বৰ ভেটি হ’ল শক্তি।

(ছ) গণতন্ত্ৰত নাগৰিকসকলে চূড়ান্ত নীতি নিৰ্ধাৰণ কৰে। আনহাতেদি একনায়কত্বত এজন ব্যক্তি বা এটা দলে এই নীতি নিৰ্ধাৰণ কৰে।

(জ) গণতন্ত্ৰত স্বায়ত্ব শাসন প্ৰতিষ্ঠিত হয়, কিন্তু একনায়কত্বই স্বায়ত্ব শাসনত বিশ্বাসী নকৰে।

গণতন্ত্ৰ আৰু একনায়কত্বৰ মাজত থকা পাৰ্থক্যবিলাক পৰ্যালোচনা কৰিলে দেখা যায় যে গণতন্ত্ৰই হ’ল সৰ্বোকৃষ্ট শাসন ব্যৱস্থা। একনায়কত্বক গণতন্ত্ৰৰ বিকল্প হিচাপে কেতিয়াও গ্ৰহণ কৰিব নোৱাৰি। সাম্য, মৈত্ৰী, স্বাধীনতা আদি উচ্চ আদৰ্শবিলাক একনায়কত্বত সম্পূৰ্ণ মূল্যহীন। যি অনুষ্ঠান ঘৃণা, হিংসা আৰু জাতিগত শ্ৰেষ্ঠত্বৰ প্ৰচাৰ কৰে আৰু শান্তিবাদক ভীৰুতা, কাপুৰুষতা বুলি ভাবে সি কেতিয়াও কাম্য হ’ব নোৱাৰে। একনায়কত্বত সু-শাসন সম্ভৱ হ’লেও ই কেতিয়াও জনসাধাৰণক স্বায়ত্ব শাসনৰ সুবিধা নিদিয়ে। জনসাধাৰণৰ বাবে স্বায়ত্ব শাসনৰ দৰে মূল্যবান শাসন ব্যৱস্থা একো নাই। গণতন্ত্ৰই মানুহৰ ভৱিষ্যৎ উজ্জ্বল কৰিব পাৰে। গণতন্ত্ৰৰ বাট নিৰাপদ আৰু সুচল হয়। কিন্তু একনায়কত্বৰ ভৱিষ্যৎ এন্ধাৰ। ই কোন বাটেদি মানুহক লৈ যাব তাৰ কোনো নিশ্চয়তা নাই।

(গ) বাহ্যিক ব্যৱস্থাপনা : শিক্ষানুষ্ঠান পৰিচালনাৰ ক্ষেত্ৰত অন্য কিছুমান কাৰ্যালয়ৰ লগত যোগাযোগ বা সম্পৰ্ক ৰক্ষা কৰিব লগা হয়। উদাহৰণস্বৰূপে, বিদ্যালয়ে জিলা বিদ্যালয় পৰিদৰ্শকৰ লগত আৰু ৰাজ্যিক শিক্ষা সঞ্চালকৰ লগত আৰু ৰাজ্যিক বৰ্ডৰ লগত সম্পৰ্ক ৰাখিব লগা হয়। ঠিক তেনেদৰেই মহাবিদ্যালয়ে বিশ্ববিদ্যালয় আৰু ৰাজ্যিক শিক্ষা সঞ্চালকৰ লগত যোগাযোগ ৰক্ষা কৰিব লগা হয়। এই উচ্চ পৰ্যায়ৰ কাৰ্যালয়বিলাকে আকৌ উচ্চতম অনুষ্ঠান যেনে শিক্ষা মন্ত্ৰণালয়ৰ লগত যোগাযোগ ৰক্ষা কৰিব লগা হয়। শিক্ষাৰ ক্ষেত্ৰত কিছুমান নীতি-নিৰ্দেশনা উচ্চ পৰ্যায়ৰ অনুষ্ঠানৰ পৰা মহাবিদ্যালয়ৰ মুৰব্বীজনে আৰু বিদ্যালয় পৰ্যায়লৈ পঠোৱা হয়। সেইবাবেই বিদ্যালয় বা মহাবিদ্যালয়ৰ মুৰব্বীজনে উৰ্ধ কৰ্তৃপক্ষৰ লগত সুসম্পৰ্ক ৰক্ষা কৰিবলৈ যত্ন কৰিবলগা হয়। ইয়াক কৰিবলৈ মুৰব্বীজনে নিজৰ কাৰ্যালয়ৰ তথ্য-পাতি আৰু নথি-পত্ৰ শৃংখলাবদ্ধভাৱে ৰাখিব লাগে। পাঠ্যক্ৰমৰ ক্ষেত্ৰত বা বিষয়বস্তুৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিৱৰ্তন হৈছে তাক ভালদৰে জানিলেহে বিদ্যালয় বা মহাবিদ্যালয়ত সেইবিলাক প্ৰয়োগ কৰিব পৰা যায়। শিক্ষানুষ্ঠান পৰিচালনাৰ বাবে যদি কোনো নতুন নিয়ম-কানুন কৰা হৈছে তেতিয়াহে জানিব পাৰি। 

উদাহৰণস্বৰূপে, ছাত্ৰ-ছাত্ৰীৰ আভ্যন্তৰীণ মূল্যায়ণ কৰোতে কি কি কথাৰ ওপৰত গুৰুত্ব দিয়া উচিত, বন্ধৰ তালিকাৰ তথ্য, পৰীক্ষাৰ সময়সূচী, নামজাৰিৰ তথ্য, পৰীক্ষাৰ প্ৰ-পত্ৰ ভৰ্তিকৰণ, নামজাৰিৰ প্ৰ-পত্ৰ ভৰ্তিকৰণ কৰোঁতে উচ্চ কৃৰ্তৃপক্ষৰ নিৰ্দেশনা মানি চলিব লগা হয়। শিক্ষানুষ্ঠান চলাওতে যদি কোনো গুৰুতৰ অসুবিধাৰ সন্মুখীন হয়, তেন্তে ইয়াক উচ্চতম বিষয়াক অৱগত কৰোৱাতো শিক্ষানুষ্ঠানৰ মুৰব্বীৰ এক দায়িত্ব আৰু কৰ্তব্য।

প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ বাবে প্ৰয়োজন হোৱা প্ৰায়বোৰ সম্পদেই ৰাজ্য চৰকাৰে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি বিদ্যালয়লৈ যোগান ধৰে। এই সম্পদসমূহৰ উৎস মূলতঃ দুটা – 

(ক) কেন্দ্ৰীয় সাহায্য যিটো ৰাজ্য চৰকাৰে সময়ে সময়ে ৰাজ্যৰ শিক্ষাৰ সম্প্ৰচাৰৰ বাবে কেন্দ্ৰৰ পৰা লাভ কৰে।

(খ) স্থানীয় কোনো অনুষ্ঠান-প্ৰতিষ্ঠানেও শিক্ষানুষ্ঠানৰ বাবে অনুদান আগবঢ়াব পাৰে।

এই দুয়ো ক্ষেত্ৰতো শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে যথাসময়ত যোগাযোগ কৰি পুঁজি সংগ্ৰহ কৰি শিক্ষানুষ্ঠানটোৰ উন্নতিৰ কামত লগাব পাৰে।

যিহেতু ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠানবোৰলৈ বিত্তীয় সাহায্য আগবঢ়ায়, সেইকাৰণে সঠিক কাৰণত এই সাহায্য ব্যৱহাৰ হৈছেনে নাই, ইয়াক চোৱাচিতা কৰাতোও ৰাজ্য চৰকাৰৰ এক গুৰুত্বপূৰ্ণ কার্য। ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতিখন জিলাতে ‘বিদ্যালয়সমূহৰ পৰিদৰ্শক’ নামৰ এটা কাৰ্যালয় আছে। বিদ্যালয়ৰ ব্যৱস্থাপনাকৰ মুৰব্বীজনে ইয়াৰ লগত এটা ভাল সম্পৰ্ক ৰাখিব লাগে।

শিক্ষানুষ্ঠান পৰিচালনা কৰোঁতে শিক্ষকৰ বদলিকৰণ, অৱসৰ গ্ৰহণ আদিয়ে অসুবিধাৰ সৃষ্টি হয়। এনে ক্ষেত্ৰত মুৰব্বীজনে উচ্চ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি খালী হৈ থকা পদসমূহ পূৰণ কৰিবলৈ অনুৰোধ কৰিব লাগে।

 বিদ্যালয় পৰ্যায়ত ৰাজ্যিক চৰকাৰে পাঠ্যক্ৰম আৰু পাঠ্যপুথি প্ৰণয়ন কৰে আৰু প্ৰকাশ কৰে। বিদ্যালয়ৰ এটা পৰ্যায়লৈকে বিনামূলীয়াকৈ পাঠ্যপুথিও ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰে। বিদ্যালয়ৰ মুৰব্বীজনে এইক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথি আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে শিক্ষণ সামগ্ৰী সময়মতে পায়।

আভ্যন্তৰীণ ব্যৱস্থাপনা :

এখন শিক্ষানুষ্ঠান সুচাৰুৰূপে চলাই নিবলৈ কেতবোৰ আভ্যন্তৰীণ কথাতো ভালদৰে দৃষ্টি নিক্ষেপ কৰিবলগা হয়। এইক্ষেত্ৰত প্ৰথমতেই উল্লেখ কৰিব লাগিব শিক্ষানুষ্ঠানৰ আইন-শৃংখলাৰ কথা। এটা শিক্ষানুষ্ঠান ভালদৰে পৰিচালনা কৰিবলৈ হ’লে কিছুমান নীতি-নিয়ম নিৰ্ধাৰণ কৰি ল’ব লাগিব, যিবিলাকৰ বাবে প্ৰাথমিক জ্ঞান সকলোৰে থাকে। যেনে – ৰাতিপুৱা স্কুল আৰম্ভ হোৱাৰ সময়, প্ৰাৰ্থনা কৰাৰ সময়, দুপৰীয়া খোৱাৰ সময়, ছুটী হোৱাৰ সময়, বিদ্যালয়ৰ সাজ-পাৰ, গোট পৰীক্ষা, ছমহীয়া পৰীক্ষা আৰু বছেৰেকীয়া পৰীক্ষাৰ সময় ইত্যাদি। এই কামবোৰ কৰিবলৈ হ’লে শিক্ষানুষ্ঠানত তলত উল্লেখ কৰাৰ দৰে কিছুমান শাখা সমিতি আৱশ্যক হয়।

(ক) ছাত্ৰ একতা সভা : ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিসকলে আগভাগ লৈ শিক্ষানুষ্ঠানৰ কিছুমান গুৰুত্বপূৰ্ণ কাম সমাধা কৰিব পাৰে। উদাহৰণস্বৰূপে, বিদ্যালয়ৰ চৌপাশ পৰিষ্কাৰ কৰি ৰখা, সহপাঠ্যক্ৰমৰ বিষয়সমূহ, যেনে – তৰ্ক প্ৰতিযোগিতা, বক্তৃতা প্ৰতিযোগিতা, বিদ্যালয়ৰ আলোচনীৰ কাম, কর্ম অভিজ্ঞতাৰ পৰিচালনা, ক’লা প্ৰতিযোগিতা, সংগীত প্ৰতিযোগিতা আদি কাৰ্যবোৰ পৰিচালনা কৰা ইত্যাদি।

(খ) গোট একতা সভা : বিদ্যালয় পৰিচালনাৰ ক্ষেত্ৰত বহুবোৰ বিষয়ৰ সিদ্ধান্ত মূৰব্বীজনে অকলে ল’ব নোৱাৰে বা লোৱা উচিত নহয়। এনে ক্ষেত্ৰত গোটৰ সদস্যসকলৰ লগত আলোচনা-বিলোচনা কৰিহে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। গোটৰ সদস্যসকলে মিলিত হৈ সকলো গুৰুত্বপূৰ্ণ পৰিকল্পনাত ভাগ লৈ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। সেইবাবেই এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত গোটৰ সভা আহ্বান কৰিব লাগে।

(গ) ছাত্ৰ-ছাত্ৰীৰ বিশেষ গোট : ছাত্ৰ-ছাত্ৰীয়ে কিছুমান বিশেষ কাৰ্যত, যেনে – NSS (National Social Service), NCC (National Credit Cops) ইত্যাদি কামত ভাগ লোৱাৰ সুবিধাৰ অৰ্থে ছাত্ৰ-ছাত্ৰীয়ে নেতৃত্ব প্ৰদান কৰিব পাৰে।

(ঘ) কৰ্মশালা পৰিচালনা : বিদ্যালয়ত হাতে-কামে কৰা কাৰ্য কিছুমানৰ বাবে কৰ্মশালাৰ বৰ প্ৰয়োজন। কৰ্মশালাৰ বিভিন্ন ধৰণৰ কাৰ্যৰ বাবে নানা সা-সৰঞ্জাম আৰু আচবাবৰ প্ৰয়োজন হয়। এইবিলাকৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে বাস্তৱ জীৱনৰ লগত সম্বন্ধ থকা কিছুমান বিদ্যা আৰু কৌশল আয়ত্ব কৰিব পাৰে।

কেন্দ্ৰীভূত আৰু বিকেন্দ্ৰীভূত ব্যৱস্থাপনা : 

ব্যৱস্থাপনা কেন্দ্ৰীভূত আৰু বিকেন্দ্ৰীভূতও হ’ব পাৰে। কেন্দ্ৰীভূত ব্যৱস্থাপনা এটা কেন্দ্ৰীয় কৰ্তৃপক্ষই কৰে। উচ্চ ক্ষমতাসম্পন্ন কেন্দ্ৰীয় কৰ্তৃপক্ষই কৰে। উচ্চ ক্ষমতাসম্পন্ন কেন্দ্ৰীয় কৰ্তৃপক্ষই পৰিকল্পনা প্ৰস্তুতি, গ্ৰহণ আৰু ৰূপায়নৰ সকলো কাৰ্য সম্পাদন কৰে। এনে কাৰ্যনিৰ্বাহৰ লগত জড়িত প্ৰত্যেক সদস্যই নিজৰ ভাগৰ কাম নিৰ্ধাৰিত নিৰ্দেশ অনুযায়ী কৰিব লাগে। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ কথা এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ স্বত্ত্বাধিকাৰীজনেই হৈছে সৰ্বেসৰ্বা। তেওঁ পৰিকল্পনা প্ৰস্তুত কৰে, প্ৰয়োগ কৰে আৰু মূল্যায়নো কৰে। সহকাৰী শিক্ষকসকলৰ এইক্ষেত্ৰত কোনো ভূমিকা নাথাকে। ইয়াত শিক্ষকগোট হৈছে তেনেই শক্তিহীন। স্বত্ত্বাধিকাৰীজনে দিয়া নিৰ্দেশমতেই সকলো কাম কৰিব লাগে।

কিন্তু বিকেন্দ্ৰীভূত পৰিকল্পনাত ক্ষমতা এটা সন্থাৰ হাততেই অপূর্ণ কৰা নহয়। ইয়াত প্ৰধান শিক্ষক, সহকাৰী শিক্ষক সকলোৰে মাজত ক্ষমতাৰ সমবিতৰণ কৰা থাকে। ইয়াত ব্যক্তি স্বাধীনতাৰ ওপৰত গুৰুত্ব দিয়া হয়। ইয়াত শৈক্ষিক পৰিকল্পনা প্ৰস্তুতকৰণত আৰু প্ৰণয়নত শিক্ষকসকলক আগভাগ ল’বলৈ দিয়া হয়। বিকেন্দ্ৰীভূত পৰিকল্পনাত ছাত্ৰ একতা সভায়ো গুৰুত্বপূৰ্ণ কাৰ্যসমূহ ৰূপায়ণত অংশগ্ৰহণ কৰে। 

অৱশ্যে এইটো ঠিক যে অতিমাত্ৰা কেন্দ্ৰীভূত কাৰ্যনিৰ্বাহত শৈক্ষিক প্ৰগতিত বাধাৰ সৃষ্টি হয়। সহকাৰী কৰ্মীসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হ’ব পাৰে। সেয়েহে বিকেন্দ্ৰীভূত কাৰ্যনিৰ্বাহত ব্যক্তি উৎসাহ স্বপ্ৰণোদিতভাৱে কাৰ্যকৰী হোৱাৰ সুবিধা থাকে।

গতিশীল ব্যৱস্থাপনা বা সৃষ্টিমূলক ব্যৱস্থাপনা :

স্থিতিশীল ব্যৱস্থাপনাই কোনো এক অনুষ্ঠানে ইয়াৰ পৰিচালনাৰ বাবে ধাৰ্য কৰি লোৱা নীতি-নিয়ম, আইন-কানুন, মানদণ্ড আদি ধাৰাবাহিকভাৱে চলাই নিয়াত গুৰুত্ব আৰোপ কৰে। ইয়াত কোনো নতুন নিয়ম-কানুনৰ প্ৰচলনৰ বাবে পৰীক্ষা-নিৰীক্ষা কৰাৰ সুবিধা নাথাকে। প্ৰচলিত নিয়ম-কানুনবিলাক খুব দৃঢ় হয়। গতিশীল ব্যৱস্থাপনা ইয়াৰ সম্পূৰ্ণ বিপৰীত। ইয়াত অনুষ্ঠানটোৰ উন্নতিৰ অৰ্থে নতুন নতুন কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ সুবিধা আছে। নতুন কাৰ্যব্যৱস্থাবিলাক পৰীক্ষামূলক হ’ব পাৰে। পৰীক্ষাৰ দ্বাৰা যদি ইয়াক প্ৰমাণ কৰিব পাৰি যে নতুন চিন্তা – চৰ্চাবিলাক বা কাৰ্যব্যৱস্থাবিলাক অনুষ্ঠানটোৰ প্ৰগতিৰ সহায়ক হয়, তেন্তে তাক গ্ৰহণ কৰা হয়। অন্যথাই তেনেবিলাক চিন্তা-চৰ্চা পৰিহাৰ কৰা হয়। উদাহৰণস্বৰূপে আমাৰ দেশত কিছুমান বিদ্যালয় আছে, যিবিলাকত বছৰৰ সকলো সময়তে কামৰ সময়সীমা একেই। পুৱা ১০.০০ বজাত কাম আৰম্ভ হয় আৰু ৩.৩০ বজাক কাম আৰম্ভ হয় আৰু ৩.৩০ বজাক কাম ছুটি হয়। এনে কৰিলে কিছুমান অসুবিধাও নথকা নহয়, কাৰণ দিন ৰাতিৰ দৈৰ্ঘ সকলো ঋতুতে সমান নহয়। ইয়াৰ বিপৰীতে কিছুমান বিদ্যালয় আছে, যিবিলাকত গ্ৰীষ্ম আৰু শীত ঋতুত কামৰ সময়সীমা বেলেগ বেলেগ। 

এনেবিলাক বিদ্যালয়ত গ্ৰীষ্মকাল আৰু শীতকালৰ বাবে দিনটোৰ কামৰ সময়সীমা বেলেগ বেলেগ হোৱাৰ বাবে সকলোৰে বাবে সুবিধা হয়। এই ক্ষেত্ৰত দেখা যায় যে এনেবিলাক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক – শিক্ষয়িত্ৰীৰ সুবিধাৰ্থে সময়সীমা নমনীয় হয়। সেইবাবে ব্যৱস্থাপনাই এনে ধৰণৰ কিছুমান কাৰ্য বা সিদ্ধান্ত লয়, যিবিলাকে সকলোকে সহায় কৰে। ঠিক তেনেদৰেই পাঠ্যক্ৰম, পাঠ্যপুথি, শিক্ষণ পদ্ধতি, সহপাঠ্যক্ৰমৰ বিষয় আদিৰ ক্ষেত্ৰতো পৰীক্ষা-নিৰীক্ষাৰ অৱকাশ আছে। গতিশীল ব্যৱস্থাপনাৰ বৈশিষ্ট্যবিলাক হৈছে –

(ক) ইয়াত নতুনত্বৰ ওপৰত গুৰুত্ব দিয়া হয়। পৰিৱৰ্তনেহে নতুনত্ব আনিব পাৰে। অনুষ্ঠানটোৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি চোকা দৃষ্টি ৰখা হয়।

(খ) অনুষ্ঠান পৰিচালনাৰ ক্ষেত্ৰত যদি কোনো সমস্যাৰ উদ্ভৱ হয়, তেন্তে ব্যৱস্থাপনাকে ইয়াক সমাধান কৰিবৰ বাবে চূড়ান্ত সিদ্ধান্ত ল’ব পাৰে।

(গ) ইয়াত কোনো নীতি-নিয়মেই স্থিৰ নহয়। প্ৰয়োজন অনুসৰি যিকোনো নীতি-নিয়মেই সলনি হ’ব পাৰে।

(ঘ) ইয়াত নেতা আৰু তেওঁৰ অনুগতসকলৰ মাজত সুন্দৰ জাবুজি থকাৰ বাবে এটা সুসম্বন্ধ থাকে।

(ঙ) অনুষ্ঠান পৰিচালনাৰ ক্ষেত্ৰত যদি কোনো অসুবিধা অনুভূত হয়, তেন্তে অনুগতজনে নেতাজনক অৱগত কৰিব পাৰে।

(চ)এনেধৰণৰ ব্যৱস্থাপনাত ব্যক্তি স্বাধীনতা অক্ষুণ্ণ থাকে।

(ছ)এনেধৰণৰ ব্যৱস্থাপনাত মানুহৰ মাজত সৃজনীশীলতা বৃদ্ধি পায়।

(জ) ইয়াত গ্ৰহণ কৰা প্ৰত্যেকটো কাৰ্যই সুপৰিকল্পিত।

সৃষ্টিমূলক ব্যৱস্থাপনাকৰ উপাদানসমূহ ক্ৰম অনুসৰি তলত উল্লেখ কৰা হৈছে –

ক) সমস্যাৰ চিন্তাকৰণ : সমস্যাৰ চিন্তাকৰণৰ অৰ্থ হৈছে কোনো এটা সমস্যা অনুভূত হোৱা। বৰ্তমান কি কি আছে আৰু কি কি থকা উচিতৰ পৰাই যিকোনো সমস্যাৰ সৃষ্টি হয়। শৈক্ষিক পৰিৱেশৰ পৰিৱৰ্তনৰ কাৰণেই বহুতো সমস্যাই উদ্ভৱ হ’ব পাৰে। চিনাক্ত হোৱা সমস্যাবোৰ সুস্পষ্ট ভাষাৰে সংজ্ঞাবদ্ধ কৰি লোৱাটো ব্যৱস্থাপনাৰ প্ৰধান দায়িত্ব। 

খ) সমস্যাৰ নিৰ্ণয়কৰণ : ওপৰত উল্লেখ কৰা প্ৰথম স্তৰ আৰু এই স্তৰটোৰ মাজত এটা গুণগত পাৰ্থক্য আছে। উদাহৰণস্বৰূপে, এজন ডাক্টৰে এজন ৰোগীৰ ৰোগ নিৰ্ধাৰণ কৰিব পাৰে, কিন্তু ৰোগীজনে ৰোগৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰিব নোৱাৰে। ৰোগীজনে জনোৱা তথ্যৰ ওপৰত ভিত্তি কৰিহে ডাক্টৰজনে ৰোগ নিৰ্ণয় কৰিব পাৰে। ঠিক সেইদৰে ব্যৱস্থাপনাৰ বাবেও সংগতি থকা প্ৰাসংগিক তথ্য আহৰণ কৰাতো অতি গুৰুত্বপূৰ্ণ।

গ) তথ্য সংগ্ৰহ আৰু প্ৰাসংগিক তথ্যৰ বিশ্লেষণ : এই স্তৰ ব্যৱস্থাপনাকে প্রয়োজনীয় তথ্যপাতি বিভিন্ন উৎসৰ পৰা অতি সাৱধানতাৰে সংগ্ৰহ কৰি বিভিন্ন দৃষ্টিকোণৰ পৰা অধ্যয়ন কৰে। যদি তথ্যপাতিবিলাক বিভিন্ন দৃষ্টিকোণৰ পৰা অধ্যয়ন কৰা হয়, তেন্তে সমস্যাৰ বিষয়ে ব্যৱস্থাপনাকে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিবি। 

ঘ) বিকল্প পথৰ সন্ধান : কোনো এটা সমস্যা সমাধানৰ বাবে ব্যৱস্থাপনাত নিজৰ সৃজনীমূলক গুণেৰে সকলোবিলাক বিকল্প পথ নিৰ্ণয় কৰিব লাগে। ব্যৱস্থাপনাকে প্ৰতিটো পথৰ সীমাবদ্ধতাও বিবেচনা কৰি চাব লাগে। আকৌ বিকল্প পথসমূহতো কিছুমান অসুবিধা আছে। কাৰ্যনিৰ্বাহকে এই অসুবিধাসমূহো চালি-জাৰি চাব লাগে।

ঙ) বিকল্প পথসমূহৰ মূল্যায়ণ : প্ৰত্যেকটো বিকল্প পথৰে সুবিধা আৰু অসুবিধাসমূহ বিশ্লেষণ কৰা হয়। বিকল্প পথসমূহৰ মাজত থকা সুবিধা আৰু অসুবিধাসমূহ তুলনা কৰা হয়।

চ) বিকল্প পথৰ নিৰ্বাচন : যিটো বিকল্প পথেই ব্যৱস্থাপনাকে চিনাক্ত কৰা সমস্যাটো সমাধান কৰাত ফলপ্ৰসূ হ’ব বুলি অনুভৱ কৰে, তাকেই নিৰ্বাচন কৰিব লাগে। এই ক্ষেত্ৰত অভিজ্ঞতা, পৰীক্ষা-নিৰীক্ষা আৰু গৱেষণাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হয়।

ছ) নিৰ্বাচিত বিকল্পক কাৰ্যলৈ পৰিণত : যি বিকল্প পথেই অধিক আশানুৰূপ ফলাফল দিবলৈ সক্ষম হয়, সেই পথকেই প্ৰয়োগ কৰি ব্যৱস্থাপনাকে কাৰ্যলৈ পৰিণত কৰে।

নেতাবিহীন ব্যৱস্থাপনা : 

এনে ধৰণৰ কাৰ্য ব্যৱস্থাপনাত কোনো প্রত্যক্ষ নেতা নাথাকে। এইক্ষেত্ৰত সকলো ব্যক্তিকেই নেতৃত্বৰ ভাৰ দিয়া থাকে। ইয়াত কোনো কাম কৰিবলৈ সন্মুখৰ পৰা নেতৃত্ব দিয়া কোনো ব্যক্তিৰ প্ৰয়োজন নহয়। গতিকে ইয়াত কোৱা হয় যে এটা কাম কৰিবলগীয়া আছে আৰু কামটো তোমালোকে যেনেকৈ ভাল দেখা কৰি যোৱা। কাম কৰিবলৈ কোনো নিৰ্দেশনা দিয়া নহয়। এনে ধৰণৰ ব্যৱস্থাপনাত এইটো ধৰি লোৱা হয় যে গোটটোৰ প্ৰতিজন সদস্যই তেওঁলোকে কৰিব লগা কামৰ বাবে সমানে দায়বদ্ধ। ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ হৈছে –

(ক) কোনো এটা কাম কৰিবলৈ এটা গোটৰ সৃষ্টি হয়।

(খ) সৃজনশীলতা আৰু ব্যক্তি স্বাধীনতাৰ ওপৰত গুৰুত্ব দিয়া হয়।

(গ) কাম কৰিবৰ বাবে এটা মুকলিমূৰীয়া পৰিৱেশ থাকে য’ত কোনো সমস্যা উদ্ভৱ হ’লে ইজনে সিজনৰ লগত আলোচনা কৰিব পাৰে।

(ঘ) যিহেতু ইয়াত কোনো প্রত্যক্ষ নেতা নেথাকে সেইবাবে নিৰাপত্তাহীনতা আৰু নিৰাক্ষাজনিত অৱস্থাৰ সৃষ্টি হ’ব পাৰে।

(ঙ) বহুসময়ত গোটটোৰ মাজত অনৈক্য গা কৰি উঠিব পাৰে।

(চ) সকলো সময়তে গোটটোৰ মাজেৰে একাধিক সদস্যই পৰস্পৰ সহায়ক হোৱাৰ মনোভাৱ পোষণ নকৰিবও পাৰে।

(ছ) গোটৰ প্ৰত্যেকেই পৃথক পৃথক মত পোষণ কৰিলে বহুসময়ত সৰ্বজনগৃহীন একোটা সিদ্ধান্ত বা মতামতত উপনীত ন’হবও পাৰে।

(জ) এনে ব্যৱস্থাপনাত কোনো কোনো ক্ষেত্ৰত তুলনাত কৰ্মীৰ সংখ্যা সৰহ ভবা কেতিয়াবা কামৰ তুলনাত কৰ্মীৰ সংখ্যা একেবাৰেই তাকৰ হোৱা পৰিলক্ষিত হয়।

Q.5. Write the merits of Democracy in Educational Institutional.

Ans:  শিক্ষানুষ্ঠানৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ গুনসমূহ হ’ল –

(ক) এই শাসন ব্যৱস্থাৰ প্ৰধান গুণ এয়েই ই জনসাধাৰণৰ ওপৰত দায়বদ্ধ হৈ থাকে। শিক্ষানুষ্ঠান সকলো কথাতে জনসাধাৰণৰ ওচৰত দায়িত্বশীল।

(খ) ইয়াত জনগণেই হৈছে সকলো ক্ষমতাৰ উৎস।

(গ) গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ স্থায়িত্ব আছে। কাৰণ, এই শাসন ব্যৱস্থা নাগৰিকৰ সমৰ্থন আৰু সক্ৰিয় সহযোগিতাৰ ওপৰত প্ৰতিষ্ঠিত।

(ঘ) গণতান্ত্ৰিক শাসন ব্যৱস্থাত শিক্ষানুষ্ঠান স্বেচ্ছাচাৰী হোৱাৰ আশংকা নেথাকে। কাৰণ, এই শাসন ব্যৱস্থা হ’ল জনমতৰ দ্বাৰা পৰিচালিত শাসন ব্যৱস্থা। জনমতৰ ভয়ত শিক্ষানুষ্ঠান স্বেচ্ছাচাৰী হ’ব নোৱাৰে।

(ঙ) গণতান্ত্ৰিক শাসন ব্যৱস্থাত সকলোৱে অংশগ্ৰহণ সুযোগ থাকে। তাৰোপৰি ইয়াত সকলোৰে স্বাৰ্থ ৰক্ষা কৰা হয়। ইয়াৰ বাবে মানুহৰ মনত অনুষ্ঠানটোৰ প্ৰতি প্ৰেমভাৱ অটুট থাকে।

(চ) গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ সাপক্ষে আন এটা যুক্তি হ’ল এই যে ই সংৰ্ঘষ বা বিপ্লৱৰ পৰা মুক্ত। এই শাসন কাৰ্যত জনগণে অংশগ্ৰহণ কৰে আৰু জনমত অনুসাৰে শাসন কাৰ্য পৰিচালনা কৰা হয়। সেইকাৰণে ইয়াত জনসাধাৰণৰ মনত বৈপ্লৱিক ভাৱৰ সৃষ্টি নহয়।

(ছ) গণতান্ত্ৰিক শাসন ব্যৱস্থাত জনগণৰ ৰাজনৈতিক চেতনা আৰু শিক্ষাৰ বিস্তাৰ ঘটে। ইয়াত ৰাজনৈতিক শিক্ষাৰ ব্যাপক সুযোগ ঘটে। ইয়াত মানুহৰ ৰাজনৈতিক চেতনা বৃদ্ধি পায়।

(জ) গণতন্ত্ৰত মানুহৰ স্বাভাৱিক অধিকাৰবিলাকক স্বীকৃতি দিয়া হয়। এই শাসন ব্যৱস্থাত প্ৰত্যেক ব্যক্তিয়ে নিজস্ব ভাল-বেয়া নিৰ্ধাৰণৰ সুযোগ পায়। ইয়াত শিক্ষানুষ্ঠানে প্ৰত্যেকৰ ইচ্ছাক বিবেচনা কৰে।

(ঝ) গণতন্ত্ৰই সমতা প্ৰতিষ্ঠা কৰিব পাৰে। সমতাই হ’ল গণতন্ত্ৰৰ ভিত্তি। এই ধাৰণা অনুসাৰে প্ৰত্যেক ব্যক্তি সমান মৰ্যদাৰ অধিকাৰী। গণতন্ত্ৰ সমতাৰ ভিত্তিত প্ৰতিষ্ঠিত বাবে ইয়াক উৎকৃষ্ট শাসন ব্যৱস্থা বুলি কোৱা হয়।

Q.6. Find out distinction between democracy and autocracy.

Ans: গণতন্ত্ৰ আৰু একনায়কত্ব দুয়োটা পৰস্পৰ বিৰোধী ৰাজনৈতিক আদৰ্শ। এই দুই শাসন ব্যৱস্থা বিপৰীতধৰ্মী। গণতন্ত্ৰ আৰু একনায়কত্বৰ পাৰ্থক্যবিলাক হ’ল-

(ক) দুয়ো মতবাদৰ ভেঁটি বেলেগ বেলেগ। মানৱতাৰ মহান আদৰ্শ, হিতবাদী তত্ত্ব আৰু মিলৰ আদৰ্শবাদৰ ভিত্তিত গণতন্ত্ৰ প্ৰতিষ্ঠিত। আনহাতে একনায়কত্বৰ ভেঁটি হ’ল হেগেলীয়া আদৰ্শবাদ।

(খ) গণতন্ত্ৰ জনগণৰ শাসন, কিন্তু একনায়কত্ব হ’ল নায়কৰ শাসন। ইয়াত জনসাধাৰণে মাত মাতিব নোৱাৰে।

(গ) গণতন্ত্ৰ সাম্য আৰু সমানাধিকাৰ নীতিত বিশ্বাসী কিন্তু একনায়কত্ব জাতিতত্ত্বত বিশ্বাসী আৰু সাম্যনীতিৰ বিৰোধী।

(ঘ) গণতন্ত্ৰত সুস্থ আৰু জাতীয়তাবাদৰ বিকাশ হয়। গণতন্ত্ৰই গঠনমূলক জাতীয় চেতনাৰ দ্বাৰা আন্ত:ৰ্জাতিক বাট মুকলি কৰে। কিন্তু একনায়কত্বই উগ্ৰ জাতীয়তাবাদ, জাতিবিদ্বেষ আদি বঢ়াব পাৰে।

(ঙ)গণতন্ত্ৰত বিপ্লৱৰ ভয় নাই। কিন্তু একনায়কত্বত সদায় বিপ্লৱৰ আশংকা থাকে। কাৰণ, এই শাসন ব্যৱস্থা জনমতৰ ওপৰত প্ৰতিষ্ঠিত নহয়।

(চ) গণতন্ত্ৰৰ ভেঁটি হ’ল জনগণৰ সন্মতি, কিন্তু একনায়কত্বৰ ভেঁটি হ’ল শক্তি।

(ছ) গণতন্ত্ৰত নাগৰিকসকলে চূড়ান্তনীতি নিৰ্ধাৰণ কৰে। আনহাতেদি একনায়কত্বত এজন ব্যক্তি বা এটা দলে এই নীতি নিৰ্ধাৰণ কৰে।

(জ) গণতন্ত্ৰত স্বায়ত্ব শাসন প্ৰতিষ্ঠিত হয় কিন্তু একনায়কত্বই স্বায়ত্ব শাসনত বিশ্বাসী নকৰে।

Q.7. Discuss elaborately the internal management.

Ans: এখন শিক্ষানুষ্ঠান সুচাৰুৰূপে চলাই নিবলৈ কেতবোৰ আভ্যন্তৰীণ কথাতো ভালদৰে দৃষ্টি নিক্ষেপ কৰিবলগা হয়। এইক্ষেত্ৰত প্ৰথমতেই উল্লেখ কৰিব লাগিব শিক্ষানুষ্ঠানৰ আইন-শৃংখলাৰ কথা। এই শিক্ষানুষ্ঠান ভালদৰে পৰিচালনা কৰিবলৈ হ’লে কিছুমান নীতি-নিয়ম নিৰ্ধাৰণ কৰি ল’ব লাগিব, যিবিলাকৰ বাবে প্ৰাথমিক জ্ঞান সকলোৰে থাকে। এই কামবোৰ কৰিবলৈ হ’লে শিক্ষানুষ্ঠানত তলত উল্লেখ কৰাৰ দৰে কিছুমান শাখা সমিতি আৱশ্যেক হয়।

(ক) ছাত্ৰ একতা সভা : ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিসকলে আগভাগ লৈ শিক্ষানুষ্ঠানৰ কিছুমান গুৰুত্বপূৰ্ণ কাম সমাধা কৰিব পাৰে। উদাহৰণস্বৰূপে, বিদ্যালয়ৰ চৌপাশ পৰিষ্কাৰ কৰি ৰখা, সহপাঠ্যক্ৰমৰ বিষয়সমূহ, যেনে – তর্ক প্ৰতিযোগিতা, বক্তৃতা প্ৰতিযোগিতা, বিদ্যালয়ৰ আলোচনীৰ কাম, কর্ম অভিজ্ঞতাৰ পৰিচালনা, ক’লা প্ৰতিযোগিতা, সংগীত প্ৰতিযোগিতা আদি কাৰ্যবোৰ পৰিচালনা কৰা ইত্যাদি।

(খ) গোট একতা সভা : বিদ্যালয় পৰিচালনাৰ ক্ষেত্ৰত বহুবোৰ বিষয়ৰ সিদ্ধান্ত মূৰব্বীজনে অকলে ল’ব নোৱাৰে বা লোৱা উচিত নহয়। এনে ক্ষেত্ৰত গোটৰ সদস্যসকলৰ লগত আলোচনা-বিলোচনা কৰিহে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। গোটৰ সদস্যসকলে মিলিত হৈ সকলো গুৰুত্বপূৰ্ণ পৰিকল্পনাত ভাগ লৈ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। সেইবাবেই এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত গোটৰ সভা আহ্বান কৰিব লাগে।

(গ) ছাত্ৰ-ছাত্ৰীৰ বিশেষ গোট : ছাত্ৰ-ছাত্ৰীয়ে কিছুমান বিশেষ কাৰ্যত, যেনে – NSS (National  Social Service), NCC (National Credit Cops) ইত্যাদি কামত ভাগ লোৱাৰ সুবিধাৰ অর্থে ছাত্ৰ-ছাত্ৰীয়ে নেতৃত্ব প্ৰদান কৰিব পাৰে।

(ঘ) কৰ্মশালা পৰিচালনা : বিদ্যালয়ত হাতে-কামে কৰা কাৰ্য কিছুমানৰ বাবে কৰ্মশালাৰ বৰ প্ৰয়োজন। কৰ্মশালাৰ বিভিন্ন ধৰণৰ কাৰ্যৰ বাবে নানা সা-সৰঞ্জাম আৰু আচবাবৰ প্ৰয়োজন হয়। এইবিলাকৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে বাস্তৱ জীৱনৰ লগত সম্বন্ধ থকা কিছুমান বিদ্যা আৰু কৌশল আয়ত্ব কৰিব পাৰে।

Q.8. What do you mean by autocratic management. Write the characteristics of autocratic management.

Ans: একনায়কত্ব এটা বৰ পুৰণি শাসন ব্যৱস্থা। তত্ত্বৰ ফালৰ পৰা একনায়কত্ব গণতন্ত্ৰৰ বিপৰীত শাসন ব্যৱস্থা। একনায়ক (Director) শব্দটোৰ উৎপত্তি হৈছিল প্ৰাচীন ৰোমত। ৰোমান সাংবিধানিক আইনত এই শব্দটো পোৱা যায়। বৰ্তমানে এই শব্দটো বেলেগ বেলেগ অর্থত ব্যৱহাৰ কৰা হয়। ৰাজনীতি বিজ্ঞানী হিউমেনে একনায়কত্বৰ এটা সুন্দৰ সংজ্ঞা আগবঢ়াইছে। তেওঁৰ মতে ‘ৰাষ্ট্ৰত কোনো ব্যক্তি বা কিছুমান ব্যক্তিয়ে ক্ষমতা দখল কৰি আবাধে স্বৈৰাচাৰী ক্ষমতা প্রয়োগ কৰিলে, তাক একনায়কত্ব বোলা হয়।’ অষ্টিন ৰেণীৰ মতে ‘একনায়কত্ব হ’ল এনে এটা শাসন ব্যৱস্থা, য’ত প্ৰশাসনিক চূড়ান্ত ক্ষমতা কেন্দ্ৰীভূত হয় আৰু এজন ব্যক্তি বা ব্যক্তিগোষ্ঠীয়ে এই ক্ষমতা প্রয়োগ কৰে।’ বল প্ৰয়োগৰ দ্বাৰা একনায়কত্ব প্ৰতিষ্ঠা কৰা হয়। এই শাসকজনো কাৰো ওপৰত দায়িত্বশীল নহয়।

একনায়কত্বত থকা বৈশিষ্টসমূহ তলত উল্লেখ কৰা হ’ল – 

(ক) একনায়কত্বত শিক্ষানুষ্ঠানখনৰ মতাদৰ্শ ভুলেই হওক বা শুদ্ধই হওক সকলোৱেই মানি চলিবলৈ বাধ্য।

(খ) ইয়াত শিক্ষানুষ্ঠান হৈছে এক সৰ্বশক্তিমান আৰু সৰ্বাত্মক অনুষ্ঠান।

(গ) একনায়কত্ব শক্তিৰ ভিত্তিত প্ৰতিষ্ঠিত হয় আৰু শক্তিৰ দ্বাৰাই এই শাসনব্যৱস্থা পৰিচালনা কৰা হয়।

(ঘ) শিক্ষানুষ্ঠানৰ সকলো অৰ্থনৈতিক ব্যৱস্থা একনায়কত্বৰ নিৰ্দেশমতে পৰিচালনা হয়।

(ঙ) শিক্ষাৰ ক্ষেত্ৰত একনায়কত্বৰ মূলমন্ত্ৰ হ’ল ‘এক অনুষ্ঠান আৰু এজন নায়ক।’

(চ) একনায়কত্বত বিৰোধী মতৰ কণ্ঠৰোধ কৰা হয়।

(ছ) একনায়কত্ব ব্যক্তি স্বাধীনতা বিৰোধী।

(জ) ইয়াত নীতি আৰু পৰিকল্পনাক কঠোৰভাৱে প্ৰয়োগ কৰা হয়।

 (ঝ) ইয়াত একনায়কেই হ’ল সৰ্বেসৰ্বা।

(ঞ) একনায়কত্বই শাসন ব্যৱস্থাৰ সকলো ক্ষেত্ৰত গোপনীয়তা ৰক্ষা কৰে।

একনায়কত্ব হ’ল গণতন্ত্ৰৰ সম্পূৰ্ণ বিপৰীত শাসন ব্যৱস্থা। এতেকে গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ সৈতে তুলনামূলক আলোচনাৰ পৰিপ্ৰেক্ষিতত একনায়কত্বৰ গুণাগুণ বিচৰা কৰা হয়। গণতন্ত্ৰৰ দোষবিলাক একনায়কত্বৰ গুণ হিচাপে আৰু গণতন্ত্ৰৰ গুণবিলাক একনায়কত্বৰ দোষ হিচাপে বিবেচিত হয়। ভাৰতীয় শিক্ষা ব্যৱস্থা লক্ষ্য কৰিলে গুৰুকুলৰ সময়ত একনায়কত্বৰ যথেষ্ট প্ৰভাৱ দেখা যায়। সেই সময়ত গুৰুকেই সমগ্ৰ শিক্ষাৰ কৰ্তৃত্ব থকা ব্যক্তি হিচাপে বিবেচনা কৰা হৈছিল। শিক্ষাৰ উদ্দেশ্য নিৰ্ধাৰণ, পাঠ্যক্ৰম ৰচনা আৰু প্ৰয়োগ, শিক্ষণ পদ্ধতি, মূল্যায়ণ, শাসন ব্যৱস্থা আদিৰ ক্ষেত্ৰত একনায়কত্ব শাসনৰ প্ৰভাৱ আছিল। বৰ্তমানেও কিছুমান ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত একনায়কত্বৰ প্ৰভাৱ দেখা যায়, য’ত ব্যক্তিৰ মালিকীস্বত্ব আৰু লাভালাভ জড়িত হৈ থাকে। যি কি নহওক সময়ৰ পৰিৱৰ্তনৰ লগে লগে শিক্ষাত একনায়কত্ববাদৰ প্ৰভাৱ কমি আহিছে আৰু গণতান্ত্ৰিক ব্যৱস্থাই জনপ্ৰিয়তা লাভ কৰা পৰিলক্ষিত হৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top