Educational Administration And Management Unit 1 Educational Management And Administration

Educational Administration And Management Unit 1 Educational Management And Administration Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Educational Administration And Management Unit 1 Educational Management And Administration Bring Gender Equality to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Educational Administration And Management Unit 1 Educational Management And Administration can be of great value to excel in the examination.

Educational Administration And Management Unit 1 Educational Management And Administration

Join Telegram channel

Educational Administration And Management Unit 1 Educational Management And Administration Notes cover all the exercise questions in UGC Syllabus. The Educational Administration And Management Unit 1 Educational Management And Administration provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Q.22. Discuss about the material resources of a school.

Ans: বিদ্যালয়ৰ সম্পদসমূহৰ কথা ভাবিলে প্ৰথমেই ইয়াৰ বৈষয়িক অৱস্থাটোৰ কথাই আমাৰ মনলৈ আহে। বিদ্যালয় স্থাপন কৰোঁতে প্ৰথম লক্ষ্য কৰিব লগা বিষয়সমূহ হৈছে – বিদ্যালয়খন কোন ঠাইত অৱস্থিত, তাৰ মাটিকালি কিমান, স্কুলঘৰটোৰ অৱস্থা কেনে, শ্ৰেণীকক্ষ, পৰীক্ষাগাৰ, পুথিভঁৰাল, খেলপথাৰৰ প্ৰয়োজনীয় সুবিধা ইত্যাদি। নতুনকৈ এখন স্কুল স্থাপন কৰিবলৈ ল’লে কৰ্তৃপক্ষই মানৱীয় সম্পদসমূহৰ আগতে এইবোৰ কথাৰ প্ৰতি গুৰুত্ব দিব লাগে। ছাত্ৰ- ছাত্ৰীবিলাকৰ কৃতকাৰ্যতা বহু পৰিমাণে এই সম্পদসমূহৰ ওপৰত নিৰ্ভৰ কৰে। শিক্ষাদানৰ বাবে নূন্যতম সুবিধাখিনি নহ’লে শিক্ষকে কেতিয়াও শিক্ষাদান কৰিব নোৱাৰে। এই বৈষয়িক সম্পদসমূহ আৰ্থিক দিশৰ ওপৰত নিৰ্ভৰ কৰে। বিভিন্ন আৰ্থিক অনুদান আৰু ব্যক্তিৰ কষ্টসাধ্যতাইহে এই পূৰ্ণাংগ স্কুল প্ৰতিষ্ঠা কৰাত সহায় কৰে। এখন আদৰ্শ স্কুল প্ৰতিষ্ঠাৰ বাবে প্ৰয়োজন হোৱা বস্তুগত সম্পদসমূহ হৈছে-

১) মাটি বা ভূমিখণ্ড (Site or land)

২) স্কুলঘৰ (School building)

৩) বিভিন্ন আচবাব-পত্ৰ (Furniture)

৪) শিক্ষণীয় আহিলা (Teaching aids)

৫) বিজ্ঞানৰ পৰীক্ষাগাৰ (Science laboratory)

৬) গ্ৰন্থাগাৰ (Library)

৭) স্কুল সংগ্ৰহালয় (School museum) ইত্যাদি।

তলত এই সম্পদসমূহৰ বিষয়ে বহলাই আলোচনা কৰা হ’ল-

(১) মাটি বা ভূমিখণ্ড : এখন স্কুল স্থাপন কৰিবৰ বাবে প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদটো হৈছে মাটিকালি। য’তে ত’তে বা যিকোনো ঠাইতে এখন স্কুল স্থাপন কৰিব নোৱাৰি। মাটিখণ্ডৰ কেতবোৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য থাকিব লাগিব। বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল-

(ক) যিমানদূৰ সম্ভৱ স্কুল সদায় ঘনবসতি আৰু জনসমাৱেশ হোৱা ঠাইৰ পৰা নিলগত হ’ব লাগে।

(খ) যদি স্কুলখন নগৰীয়া হয় তেন্তে নগৰখন কোনটো দিশত বাঢ়ি গৈছে সেই দিশটো লক্ষ্য কৰিহে মাটি নিৰ্বাচন কৰিব লাগে। খুউব কম সময়ৰ ভিতৰত যাতে নগৰীয়া পৰিৱেশে স্কুলখন স্পৰ্শ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

(গ) যাতায়াতৰ ভাল সুবিধা থাকিব লাগে যদিও ছাত্ৰ-ছাত্ৰীৰ যানবাহনৰ বিপদ মুক্ত হোৱালৈ লক্ষ্য কৰি ঘাইপথৰ নিচেই কাষত স্কুল স্থাপন কৰিব নালাগে।

(ঘ) ঘন যাতায়াতৰ পথ, কল-কাৰখানা, চিনেমা হল, বজাৰ আদিৰ ওচৰত মাটি নিৰ্বাচন কৰিব নালাগে।

(ঙ) পাক, স্বাস্থ্যকেন্দ্ৰ, গ্ৰন্থাগাৰ, আদি কল্যাণমূলক অনুষ্ঠানৰ ওচৰত হ’ব লাগে।

(চ) মাটিখণ্ড মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজৰ হ’লে ই ছাত্ৰৰ মনত সুস্থ প্ৰভাৱ পেলাব।

(ছ) আগলৈ সম্প্ৰসাৰণ কৰিব পৰাকৈ যথেষ্ট পৰিমাণে মাটি থাকিব লাগে। “The Central Advisory Board of Education, Delhi”ৰ স্কুল ঘৰ কমিটিয়ে মাটিৰ পৰিমাণৰ ক্ষেত্ৰত তলত দিয়া ধৰণৰ পৰামৰ্শ আগবঢ়াইছে-

(জ) মাটিখণ্ড যথেষ্ট পৰিমাণে ওখ হ’ব লাগে। কোনোধৰণৰ নলা-নৰ্দমা থাকিব নালাগিব।

(ঝ) বানপানী হোৱা অঞ্চলত মাটি নিৰ্বাচন কৰিব নালাগে।

(ঞ) ছাত্ৰ-ছাত্ৰীৰ বাসগৃহৰ ওচৰত স্কুল স্থাপন কৰিব লাগে। গাঁও অঞ্চলত য’ত জনসংখ্যা বেছি তেনে স্থানত মাটি নিৰ্বাচন কৰিব লাগে।

(২) স্কুলগৃহ : “A fine building makes a fine school and a poor building makes a poor one” এই উক্তিষাৰৰ জৰিয়তেই স্কুলগৃহৰ গুৰুত্ব ভালদৰে উপলব্ধি কৰিব পাৰি। স্কুলখনৰ গাম্ভীৰ্য স্কুলঘৰটোতেই প্ৰকাশ পায়। যেনেদৰে সুস্থ শৰীৰতহে সুস্থ মনৰ সৃষ্টি হয়, ঠিক সেইদৰে ভাল স্কুলঘৰতহে ভাল শিক্ষা সম্ভৱ হয়। বৰ্তমান স্কুলঘৰসমূহ ‘সামাজিক উন্নয়নৰ কেন্দ্ৰ’ৰূপে পৰিগণিত হৈছে। সেয়েহে স্কুলঘৰ নিৰ্মাণ কৰোঁতে ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ বিভিন্ন সদস্যসকলক আকৰ্ষণ কৰিব পৰাকৈ মনোৰম হ’ব লাগে। সেয়েহে এখন আদৰ্শ স্কুলঘৰ নিৰ্মাণ কৰোঁতে তলত দিয়া কথাসমূহৰ প্ৰতি মনোযোগ দিব লাগে-

(ক) স্কুলঘৰ নিৰ্মাণ কৰাৰ আগতে এখন আঁচনি প্ৰস্তুত কৰিব লাগে। এইক্ষেত্ৰত প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ বাবে পৃথক আঁচনি প্ৰস্তুত কৰিব লাগে।

(খ) প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত সকলো কোঠা পকা নহ’লেও একো অসুবিধা নাই। অতিৰিক্ত শ্ৰেণীকোঠা, গুদামঘৰ আদি কেঁচা হ’লেও অসুবিধা নাই।

(গ) প্ৰাথমিক বিদ্যালয়ৰ স্কুলঘৰসমূহ এমহলীয়া হোৱাই বাঞ্ছনীয়। কেইবা মহলীয়া হ’লে সৰু সৰু ল’ৰা-ছোৱালীবিলাক উঠা নমা কৰোঁতে বিপদ হোৱাৰহে সম্ভাৱনা বেছি।

(ঘ) মাধ্যমিক বিদ্যালয়সমূহৰ স্কুলঘৰ কেঁচাতকৈ পকা হোৱাটো বাঞ্ছনীয়। আটাইতকৈ গুৰুত্বপূৰ্ণ কোঠাবোৰ পকা আৰু আনবোৰ কোঠা কেঁচা হ’লেও অসুবিধা নহয়।

(ঙ) স্কুলৰ লগত জড়িত সকলোৰে স্বাস্থ্য আৰু নিৰাপত্তা ৰক্ষা কৰিব পাৰিব লাগে। তাপ, পোহৰ আৰু বায়ু চলাচল নিয়মীয়া হ’ব লাগে।

(চ) আচঁনিখন আধুনিক আৰু বিজ্ঞানসন্মত হ’ব লাগে। উদাহৰণস্বৰূপে, কৰিডৰবিলাক যথেষ্ট পৰিমাণে বহল হ’ব লাগে। প্রতিটো কোঠাৰ লগত বাৰাণ্ডা সংলগ্ন হৈ থাকিব লাগে। শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰসমূহ সহজে পোৱা হ’ব লাগে কিন্তু কোঠাসমূহৰ পৰা নিলগত হ’ব লাগে।

(ছ) পাঠ্যক্ৰমিক বিষয়সূচী, সহঃপাঠ্যক্ৰমিক কাৰ্যাৱলী আৰু বিভিন্ন সামাজিক ক্ৰিয়াসমূহ অনুষ্ঠিত কৰিব পৰাকৈ সুবিধা থাকিব লাগে।

(জ) মাধ্যমিক বিদ্যালয়ৰ ক্ষেত্ৰত ৬০ জন ছাত্ৰ-ছাত্ৰী থকা কোঠা এটাৰ মজিয়াখন ৬০০ Square feet (30 feet × 20 feet) থাকিব লাগে। অৰ্থাৎ প্ৰতিটো ছাত্ৰ-ছাত্ৰীয়ে ১০ square feetতকৈ পাব লাগে। শ্ৰেণীকোঠাটোৰ উচ্চতা ১৫ ফুটতকৈ বেছি হ’ব নালাগে।

(ঝ) স্কুলঘৰৰ আৰ্হি সাধাৰণ কিন্তু ক’লাসুলভ হ’ব লাগে। এইক্ষেত্ৰত Mohi-ud-dinয়ে কৈছে, “Its beauty and associations help to make the scholars proud of their connections with the school and they exercise influence upon the neighbourhood.”

Q.23. Write the recommendations of the reduction commission (1964-66) on school buildings.

Ans: ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগে শিক্ষাৰ সকলো ক্ষেত্ৰতে বিশদ পৰামৰ্শ আগবঢ়াইছে। স্কুলঘৰ সন্দৰ্ভত আয়োগৰ পৰামৰ্শসমূহ তলত আলোচনা কৰা হ’ল- 

(১) স্কুল ঘৰ : আয়োগে মত প্ৰকাশ কৰিছে যে স্কুলঘৰৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰত অনুমোদন জনোৱা অনুদানৰ পৰিমাণ যথেষ্ট নহয়। সেয়েহে এই অনুদান ক্ৰমান্বয়ে বঢ়াব লাগে। তাৰ উপৰিও স্থানীয় ৰাইজেও স্কুল ঘৰৰ উন্নতিকৰণৰ বাবে আগবাঢ়ি আহিব লাগে। চৰকাৰে সহায়ক অনুদান আগবঢ়াব লাগে। যদি সম্ভৱ হয় স্কুল ঘৰ নিৰ্মাণৰ বাবে ‘ঋণ আঁচনি’ও আগবঢ়োৱা উচিত। এই ঋণ আৰু অনুদানসমূহ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ বাবেও সহজলভ্য হ’ব লাগে।

(২) কম খৰচী স্কুলঘৰ : আয়োগে কম খৰচী স্কুলঘৰ নিৰ্মাণৰ বাবে মত পোষণ কৰে। কম খৰচী স্কুলঘৰ নিৰ্মাণত আয়োগে ভালদৰে আঁচনি কৰি কেঁচাঘৰ বনোৱাৰ মত পোষণ কৰে।

(৩) পিচপৰা অঞ্চলৰ স্কুলঘৰ : নগৰ আৰু পিচপৰা অঞ্চলৰ স্কুলঘৰৰ বাবে পৃথক পৃথক ব্যৱস্থা থকা উচিত। নগৰ অঞ্চলত মাটিৰ মূল্য বহুত বেছি আৰু বহুতো ক্ষেত্ৰত প্রয়োজনীয় মাটিও পোৱা নাযায়। সেয়েহে এনেবোৰ এলেকাত ভৱিষ্যতৰ প্রয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি কেইবামহলীয়াকৈ সাজিব পৰা ঘৰৰ ব্যৱস্থা কৰিলে ভাল। আনহাতে গাঁও অঞ্চলত মাটিও যথেষ্ট পৰিমাণে পোৱা যায় আৰু মূল্যও কম। সেয়েহে অঞ্চলত বৰ ব্যয়বহুল এটা ঘৰৰ প্ৰয়োজন নাই। 

(৪) খৰতকীয়া নিৰ্মাণ : আয়োগে পিছপৰা অঞ্চলসমূহত স্কুলঘৰৰ খৰতকীয়া সাজনৰ ক্ষেত্ৰত মত পোষণ কৰে যে গাঁও পঞ্চায়ত বা স্থানীয় জনসাধাৰণক স্কুলঘৰ নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগে। আনহাতে নগৰ অঞ্চলত মিউনিচিপেলিটিক স্কুলঘৰ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰিব লাগে।

(৫) স্কুলঘৰসমূহ তদাৰকীকৰণ আৰু উন্নতিকৰণ : আয়োগৰ মতে চৰকাৰী স্কুলসমূহৰ তদাৰকীকৰণৰ বাবে, চৰকাৰী স্কুলঘৰসমূহৰ পুনঃনিৰ্মাণৰ বাবে প্ৰত্যেক ৰাজ্যৰে ‘Public works department’ৰ অধীনত একোটাকৈ ‘Educational Building Development Group’ থাকিব লাগে। এই গোটটোৱে ‘শিক্ষা বিভাগৰ’ লগত ওতঃপ্ৰোত সম্পৰ্ক ৰক্ষা কৰি কাম কৰিব। এই গোটটোৰ এজন স্থপতিবিদ, এজন শিক্ষাবিদ, এজন প্ৰশাসনিক বিষয়া, এজন ইঞ্জিনীয়াৰ আৰু এজন হিচাপৰক্ষক লৈ গঠিত হ’ব। চৰকাৰী স্কুলঘৰসমূহৰ নিৰ্মাণ আৰু আঁচনি প্ৰস্তুতকৰণৰ প্ৰণালী উন্নতকৰণেই এই গোটটোৰ মূল্য কৰ্তব্য হ’ব।

স্কুলঘৰসমূহৰ নিৰ্মাণত যাতে পলম নহয় তাৰ বাবে PWDত এটা পৃথক গোট খোলাৰ আয়োগে মত পোষণ কৰে।

Q.24. Discuss elaborately about financial resources of a school.

Ans: টকা-পইচাৰ অবিহনে কোনো শৈক্ষিক কাম-কাজ সম্ভৱ নহয়। বৰ্তমান শিক্ষানুষ্ঠানসমূহত বিভিন্ন বিষয়ৰ সমাৱেশ ঘটাৰ বাবে অধিক বিত্তৰ প্ৰয়োজনীয়তা আহি পৰিছে।

এটা সময়ত চৰকাৰসমূহে প্ৰতিৰক্ষা আৰু আইন-শৃংখলা ৰক্ষাৰ বাবেহে টকা-পইচাৰ প্ৰয়োজন অধিক বুলি ভাবিছিল। কিন্তু সময়ৰ সলনি হোৱাৰ লগে লগে এনে ধাৰণাৰ পৰিৱৰ্তন হৈছে। বৰ্তমান সময়ত দেশ এখনৰ চৰকাৰে প্ৰতিৰক্ষা আৰু আইন-শৃংখলাৰ নাম ব্যয়ৰ উপৰি শিক্ষাৰ দিশতো মনোনিৱেশ কৰিছে। চৰকাৰে দিয়া অনুদানৰ উপৰি মাচুল, দান-বৰঙণি আদিৰ পৰাও শিক্ষানুষ্ঠানসমূহে বিত্তীয় সম্পদৰ জোৰা মাৰে। এইবিলাকৰ বিষয়ে তলত আলোচনা কৰা হৈছে।

(১) অনুদান : অনুদান হৈছে এক প্ৰকাৰৰ আৰ্থিক সাহায্য। ১৮৫৪ চনৰ উদৰ ঘোষণাপথত শিক্ষানুষ্ঠানসমূহলৈ আৰ্থিক অনুদান দিয়াৰ কথা ঘোষণা কৰিছিল। এনে অনুদানক সহায়ক অনুদান বুলিও জনা যায়। শিক্ষানুষ্ঠানসমূহৰ যি বৃহৎ পৰিমাণৰ বিত্তীয় খৰচ হয়, তাৰ এটা অংশ অনুদান প্ৰদান ব্যৱস্থাই পূৰণ কৰে।

কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু স্থানীয় প্ৰশাসনিক গোটসমূহে বিদ্যালয়সমূহলৈ বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰৰ অনুদান আগবঢ়ায়। যিবোৰ বিদ্যালয় সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত হয়, তেনেবিলাক বিদ্যালয়ৰ বিত্তীয় দিশৰ সমগ্ৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ। আনবিলাক বিদ্যালয়ৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে আৰ্থিক সাহায্য আগবঢ়ায়। তাৰ উপৰি জিলা পৰিষদ, পৌৰসভা, স্বেচ্ছাসেৱী সংগঠন, বিভিন্ন ধৰ্মীয় সংগঠন আদিয়েও বিদ্যালয়সমূহলৈ বিভিন্ন প্ৰকাৰৰ অনুদান আগবঢ়ায়।

চৰকাৰে শিক্ষানুষ্ঠানসমূহলৈ দুই প্ৰকাৰে অনুদান আগবঢ়ায় –

(১) স্থায়ীভাৱে দিয়া অনুদান। আৰু 

(২) সাময়িকভাৱে দিয়া অনুদান।

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহলৈ UGC-এ বিভিন্ন শিতানৰ যেনে – ঘৰ-দুৱাৰ নিৰ্মাণ, পুথিভঁৰাল নিৰ্মাণ আৰু কিতাপ-পত্ৰ সংগ্ৰহ, শিক্ষক প্ৰশিক্ষণৰ বিভিন্ন কাৰ্যসূচী, আলোচনাচক্ৰ, চেমিনাৰ আদিৰ বাবে যথেষ্ট পৰিমাণৰ আৰ্থিক সাহায্য আগবঢ়ায়।

(২) মাচুল : শিক্ষানুষ্ঠানসমূহে ছাত্ৰ-ছাত্ৰীৰ মাচুলৰ পৰা এক বৃহৎ পৰিমাণৰ বিত্তীয় সম্পদ সংগ্ৰহ কৰে। বিশেষকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰীৰ মাচুলৰ পৰা এক বৃহৎ পুঁজি গঠন কৰে আৰু সকলোধৰণৰ কাম তাৰ দ্বাৰাই পৰিচালিত হয়। আনবিলাক বিদ্যালয়েও মাচুলৰ নামত যথেষ্ট পৰিমাণৰ টকা-পইচা সংগ্ৰহ কৰে। বৰ্তমান সময়ত বিশেষকৈ উচ্চ শিক্ষাৰ মাচুল বৃদ্ধিৰ ক্ষেত্ৰত ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু ১৯৯৫ চনৰ ২৩ আৰু ২৪ জানুৱাৰীত NEIPA (National Institute of Educational Planning and Administration)-এআয়োজন কৰা এখন ৰাষ্ট্ৰীয় চেমিনাৰত মাচুল বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এনেদৰে ক্ৰমাগতভাৱে উচ্চশিক্ষাৰ মাচুল বৃদ্ধিয়ে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষা লাভত বাধাৰ সৃষ্টি কৰিছে।

(৩) দান-বৰঙণি : শিক্ষানুষ্ঠানসমূহে বিভিন্ন ব্যক্তি আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা মাজে-সময়ে অৰ্থ সাহায্য লাভ কৰে। বহু ব্যক্তিয়ে নিজৰ প্রিয়জনৰ স্মৃতিত বহু সময়ত ঘৰ-দুৱাৰ নিৰ্মাণ কৰিও দিয়ে। বহু সময়ত শিক্ষানুষ্ঠানৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলেও নিজৰ অনুষ্ঠানখনলৈ প্ৰয়োজনীয় দান-বৰঙণি আগবঢ়ায়। আমেৰিকাত প্ৰাক্তন ছাত্ৰৰ সংগঠন বিত্ত সংগ্ৰহৰ এক বৃহৎ অনুষ্ঠান। ইয়াত প্ৰত্যেক প্ৰাক্তন ছাত্ৰই নিজৰ আয়ৰ একাংশ পঢ়ি অহা। শিক্ষানুষ্ঠানখনলৈ দান কৰে। আমাৰ দেশতো বৰ্তমান এই দিশটোৰ ওপৰত অৰ্থ সংগ্ৰহৰ বাবে গুৰুত্ব আৰোপ কৰা হৈছে।

Q.25. What is academic calendar ? Discuss its importance in management of a school.

Ans: বিদ্যালয় সুচাৰুৰূপে চলিবলৈ সময়ৰ সদ্ ব্যৱহাৰ সম্পৰ্কে নিখুত আঁচনি থাকিব লাগে। এই আঁচনিৰ অবিহনে কিছুমান গুৰুত্বপূৰ্ণ কাম একেবাৰেই বাদ পৰি যাব পাৰে বা কিছুমান গুৰুত্বহীন কামো পুনৰাবৃত্তি হৈ থাকিব পাৰে। শিক্ষানুষ্ঠানৰ গোটেই বছৰটোৰ বাবে যুগুতাই উলিওৱা বিভিন্ন কামৰ আঁচনিয়েই হৈছে শৈক্ষিক দিনপঞ্জী। ইয়াক এখন দাপোণৰ লগত তুলনা কৰিব পাৰি। সকলোবিলাক গুৰুত্বপূৰ্ণ কাৰ্যৰ দিন/তাৰিখ আগতীয়াকৈ ধাৰ্য কৰা হয় আৰু এখন পৰিকল্পনা প্ৰস্তুত কৰা হয়।

বৰ্তমান সময়ত মূল্যায়নৰ ধাৰাবাহিকতা ৰক্ষাৰ অৰ্থে শৈক্ষিক বৰ্ষটোত ছমহীয়া আৰু বছৰেকীয়া পৰীক্ষাৰ বাদেও গোট পৰীক্ষাসমূহ সময় অনুসৰি অনুষ্ঠিত কৰা হয়। সেইবাবে প্ৰতিটো শ্ৰেণীৰে পাঠ্যক্ৰম গোট পৰীক্ষাৰ ওপৰত নিৰ্ভৰ কৰি সজোৱা হয়। তাৰোপৰি বছৰৰ আৰম্ভণিতে বিদ্যালয়ত কি কি উৎসৱ পতা হ’ব, কোন কোন তাৰিখত বিদ্যালয় বন্ধ থাকিব আদি সকলোবিলাক কথা এনে দিনপঞ্জীত উল্লেখ থাকে। সেইবাবে প্ৰতিজন শিক্ষকেই তেওঁৰ শিক্ষণীয় কাৰ্য পৰিকল্পনা কৰি উলিয়াব পাৰে। বিদ্যালয়ত অনুষ্ঠিত কৰা বিভিন্ন উৎসৱসমূহ হৈছে সৰস্বতী পূজা, বিশ্বকৰ্মা পূজা, বিদ্যালয় সপ্তাহ, স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস, শিশু দিৱস, শিক্ষক দিৱস আদি উল্লেখযোগ্য। বিদ্যালয়ত অনুষ্ঠিত কৰা সহপাঠ্যক্ৰমৰ বিষয়সমূহৰ পৰিচালনাৰ ক্ষেত্ৰতো শৈক্ষিক দিনপঞ্জীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

শৈক্ষিক দিনপঞ্জীত বিদ্যালয়খনৰ বছৰটোৰ বিভিন্ন সময়ত কৰিব লগা কামৰ লগতে বন্ধৰ দিন ধাৰ্য কৰা থাকে। এনে এখন দিনপঞ্জী অনুসৰি কামবোৰ পৰিচালিত হ’লে সময়ৰ সৎ ব্যৱহাৰ হোৱাৰ উপৰিও কোনো যত্নৰ ফল অথলে নাযায়। ই কোনো কামৰ খেলিমেলি হ’বলৈ নিদিয়ে। শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মনলৈ কৰ্তব্য পৰায়ণতা আৰু সচেতনতাৰ ভাব আনে। সেইবাবেই ক’ব পাৰি যে বিদ্যালয় এখন সুচাৰুৰূপে পৰিচালিত হোৱাৰ শৈক্ষিক দিনপঞ্জীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে

Q.26. What is time table ? Discuss the importance of time table. 

Ans: বিদ্যালয়ৰ সময়সূচী হৈছে বিভিন্ন কাৰ্যৰ বাবে সময়ৰ পূৰ্বনিৰ্ধাৰণ। এই আচঁনিখনত প্ৰতিটো বিষয়ৰ বাবে আৰু প্ৰতিটো শ্ৰেণীৰ বাবে কামবিলাক সুষমভাৱে বিতৰণ কৰা থাকে। সেইবাবেই ইয়াক বিদ্যালয়ৰ ঘড়ীৰ লগত তুলনা কৰিব পাৰি। অৰ্থাৎ সময়সূচীখনত দৃষ্টি নিক্ষেপ কৰিলেই দেখা যায় কোন শিক্ষকে কোন ক্লাচত কি বিষয়ত ব্যস্ত হৈ আছে।

সময়সূচীৰ গুৰুত্ব :

সময়সূচী বিদ্যালয়ৰ এক অত্যাৱশ্যকীয় আহিলা যাৰ জৰিয়তে সকলোবিলাক কাম মসৃনভাৱে চলি থাকে। ইয়াৰ গুৰুত্ব তলত উল্লেখ কৰা হৈছে।

(১) ই বিদ্যালয়ৰ কামবিলাক পৰ্যায়ক্ৰমে ক্ৰম অনুসৰি পৰিচালিত কৰাত সহায় কৰে : সময়সূচীত সকলোবিলাক কাম আগতীয়াকৈ পৰিকল্পনা কৰা থাকে। সকলো শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ পৰা নিশ্চিত হ’ব পাৰে কোনটো সময়ত কি কাম কৰিব লাগে বা হাতত ল’ব লাগে। প্ৰধান শিক্ষক বা অন্য কোনোবা শিক্ষক কোনো কাৰণত বিদ্যালয়ত অনুপস্থিত থাকিলেও সময়ৰ কাম সময়মতে কোনো বেমেজালি নোহোৱাকৈ চলি থাকে। সময়সূচীখন নোহোৱাকৈ বিদ্যালয় এখন পৰিচালনা কৰাটো ভাবিবই নোৱাৰি। ই সঠিক ব্যক্তিক সঠিক ধৰণে সঠিক সময়ত উপস্থিত কৰাত সহায় কৰে।

(২) ই সময় আৰু শক্তিৰ অপচয় হোৱাত বাধা দিয়ে : সময়সূচীত কোনে কোন সময়ত কি কামত ব্যস্ত থাকিব লাগে তাক নিৰ্দিষ্ট কৰি দিয়া থাকে। গতিকে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মনোযোগ একে দিশলৈ আকৰ্ষিত কৰে বাবে কাৰো সময় আৰু শক্তিৰ অপচয় ঘটিব নোৱাৰে। ইয়াত কোনো কামেই অদৰকাৰী হিচাপে পুনৰাবৃত্তি হৈ থাকিব নোৱাৰে।

(৩) সকলো শিক্ষক-শিক্ষয়িত্ৰী কামৰ সমবিতৰণ কৰাত সহায় কৰে : সময়সূচীয়ে শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত কামৰ ভাগ বিতৰণৰ এক চমু আভাস দিয়ে। প্ৰধান শিক্ষক বা পৰিদৰ্শকে সময়সূচীত চকু ফুৰালেই নিশ্চিত হ’ব পাৰে কাৰ ওপৰত কিমান কামৰ দায়িত্ব দিয়া হৈছে। গতিকে সময়সূচীয়ে কোনো এজন শিক্ষকক অত্যধিক কামৰ বোজা দিয়া বা অন্য এজনক খুব কম কামৰ দায়িত্ব দিয়াৰ পৰা আঁতৰি থাকিবলৈ সুবিধা দিয়ে।

(৪) ই সকলো বিষয়ৰ প্ৰতি সময়ৰ সমবিতৰণত সহায় কৰে : প্রতিটো বিষয়ৰ জটিলতা আৰু গুৰুত্ব অনুযায়ী কিমান পৰিমাণৰ সময় দিব লাগিব সময়সূচীত প্ৰতিফলিত হয়। কিছুমান বিষয় আছে যিবিলাক আন কিছুমান বিষয়ৰ তুলনাত কঠিন। সময়সূচীয়ে কঠিন বিষয়বিলাকত বেছি সময় দিয়ে আৰু উজু বিষয়সমূহকো একেবাৰে উপেক্ষা নকৰে।

(৫) ই বিদ্যালয়ৰ কাম-কাজ ছাত্ৰ-ছাত্ৰীৰ প্রয়োজনীয়তাৰ লগত খাপ খুৱাবলৈ সহায় কৰে : ছাত্ৰ-ছাত্ৰীৰ মনোবৈজ্ঞানিক প্ৰয়োজনসমূহ সময়সূচী প্ৰস্তুত কৰিবৰ সময়ত বিচাৰ কৰি চোৱা হয়। সেইবাবেই ছাত্ৰ-ছাত্ৰীৰ ৰাপ, অভিৰুচি, মনৰ সজীৱতা, দেহৰ সজীৱতা আদিয়ে সময়সূচীত ঠাই পায়।

(৬) ই কিছুমান ভাল অভ্যাস গঠন কৰাত সহায় কৰে : শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উভয়ৰে কিছুমান অভ্যাস গঢ় দিয়ে। উদাহৰণস্বৰূপে সময়ানুৱৰ্তিতা, নিয়মানুৱৰ্তিতা কামৰ প্ৰতি সঠিক মনোভাব, পদ্ধতিগতভাৱে কাম কৰিবলৈ স্পৃহা আদি গঠনত গুৰুত্বপূৰ্ণ ভূমিকা লয়। 

(৭) ই বিদ্যালয়ৰ শৃংখলাবদ্ধতা ৰক্ষাত সহায় কৰে : সময়সূচীয়ে বিদ্যালয়ৰ সকলোকে ভাল কামত ব্যস্ত কৰি ৰাখে বাবেই শাস্তিৰ প্ৰয়োজনীয়তা কমাই ৰাখে। বিদ্যালয়ৰ কোনো অংশতেই খেলিমেলি বা বেমেজালি হ’বলৈ নিদিয়ে। বিদ্যালয়ত উদ্ভৱ হোৱা চিঞৰ-বাখৰ বিভিন্ন দিশলৈ সিঁচৰিত কৰি ইয়াত কাম কৰাৰ উপযোগী কৰি ৰাখে।

সময়সূচীৰ প্ৰকাৰ : 

(১) গোটেই স্কুলৰ বাবে একত্ৰিত সময়সূচী : ইয়াক সাধাৰণ সময়সূচীও বোলা হয়। এই সময়সূচীত বিদ্যালয়ৰ প্ৰতিটো দিনৰ সমগ্ৰ কৰ্মৰাজিক বিস্তৃত ৰূপত উল্লেখ থাকে। ই হৈছে কেৱল প্ৰতিটো ক্লাছৰ সময়সূচীৰ মুঠ যোগফলেই নহয়। তাৰোপৰি প্ৰতিজন শিক্ষকৰে নিজস্ব কামৰ এক লিখিত ৰূপ। প্ৰতিজন শিক্ষকৰে বিদ্যায়তনিক আৰু অবিদ্যায়তনিক কামসমূহক সুন্দৰকৈ প্ৰতিনিধিত্ব কৰে। এনে এখন সময়সূচী সাধাৰণতে প্ৰধান শিক্ষকৰ কক্ষত থাকে। ইয়াৰ এটা কপি শিক্ষকসকলৰ সাধাৰণ কক্ষতো থ’ব পাৰি।

(২) শ্ৰেণীৰ সময়সূচী : ই হৈছে প্রতিটো শ্ৰেণীৰ আৰু প্ৰতিটো শাখাৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এখন তালিকা। ইয়াত কোনটো বিষয় কোন পিৰিয়ডত কোন শিক্ষকে ল’ব তাক বিতংকৈ দিয়া থাকে। এনে সময়সূচীত খেলা-ধূলা, জিৰণি আৰু সহপাঠ্যক্ৰমৰ বিষয়সমূহৰ সময়ো নিৰ্দিষ্ট কৰি দিয়া থাকে।

(৩) শিক্ষকৰ সময়সূচী : প্ৰত্যেক শিক্ষকৰে ব্যক্তিগত কামৰ ভিত্তিত প্ৰস্তুত কৰি উলিয়াটোৱেই শিক্ষকৰ সময়সূচী। ই হৈছে একত্ৰিত সময়সূচীৰ এটা অংশ।

(৪) খালী পিৰিয়ডৰ সময়সূচী : বিদ্যালয়ত সাধাৰণতেই কোনো বিশেষ কাৰণত একেদিনাই কেইবাজনো শিক্ষক অনুপস্থিত থাকিব পাৰে। এনেক্ষেত্ৰত শ্ৰেণীসমূহ পৰিচালনাৰ সুবিধাৰ অৰ্থে প্ৰত্যেক শিক্ষকৰে খালী পিৰিয়ডসমূহ উল্লেখ থকা সময়সূচী প্ৰস্তুত কৰা হয়। এনে কৰিলে অনুপস্থিত শিক্ষকজনৰ পৰিৱৰ্তে আন এজন শিক্ষক পঠাবলৈ সুবিধা হয়।

(৫) খেল-ধেমালিৰ সময়সূচী : সাধাৰণতে দেখা যায় যে বিদ্যালয়ত খেল-ধেমালিৰ বাবে থকা সুবিধাসমূহ সীমিত। এনে হোৱাৰ বাবে সকলো ছাত্ৰ-ছাত্ৰীকে একেলগে খেলা-ধূলা কৰিবলৈ নিদি বেলেগ বেলেগ শ্ৰেণীক বেলেগ বেলেগ সময়ত খেলা-ধূলা কৰিবলৈ দিলে এই কামটো কোনো অসুবিধা নোহোৱাকৈ চলাই নিব পাৰি। ইয়াত কোনটো ক্লাচ কোনটো খেলত ব্যস্ত থাকিব বা কোনখন খেলপথাৰ কোনে ব্যৱহাৰ কৰিব তাক নিৰ্দিষ্ট কৰি দিয়া থাকে।

(৬) গৃহকৰ্মৰ সময়সূচী : শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীক মূল্যায়ন কৰিবৰ বাবে গৃহকৰ্মৰ গুৰুত্ব অপৰিসীম। বিদ্যালয়ত প্ৰতি দিনে ৬/৭ পিৰিয়ড হয় আৰু প্ৰতিজন শিক্ষকে যদি গৃহকৰ্ম দিয়ে তেন্তে ছাত্ৰ-ছাত্ৰীক অত্যধিক বোজা দিয়া হয়। সেইবাবে কোন শিক্ষকে কোন বিষয়ত গৃহকৰ্ম দিব তাক এক পৰিকল্পনা থাকিব লাগে যাতে ছাত্ৰ-ছাত্ৰীসকলে অত্যধিক বোজাৰ সন্মুখীন নহয় বা গৃহকৰ্ম একেবাৰে নিদিয়াৰ দোষৰ পৰা ৰেহাই পোৱা যায়।

Q.27. Write the important principles of time table construction.

Ans: সময়সূচী প্ৰস্তুতকৰণত বহুতো কাৰকে প্ৰভাৱ বিস্তাৰ কৰে। এইবিলাক হৈছে –

(ক) বিদ্যালয়ৰ প্ৰকাৰ : কোনো এখন বিদ্যালয়ৰ পাঠ্যক্ৰম আৰু সহপাঠ্যক্ৰমৰ অন্তৰ্গত বিষয়সমূহৰ ওপৰত ইয়াৰ সময়সূচী নিৰ্ভৰ কৰে। এখন প্ৰাথমিক বিদ্যালয়ত যিবিলাক কাৰ্য কৰোৱা হয় সেইবিলাক এখন উচ্চ বা উচ্চতৰ বিদ্যালয়ৰ বাবে যথোপযুক্ত নহয়। ঠিক তেনেদৰেই গাঁৱৰ এখন বিদ্যালয়ৰ প্ৰয়োজনসমূহ নগৰৰ এখন বিদ্যালয়ৰ মাজত পাৰ্থক্য থাকে। সেইবাবে বিদ্যালয়ৰ সময়সূচীখনে ইয়াৰ নিজস্ব প্ৰয়োজনসমূহ পূৰণ কৰিব লাগে। 

(খ) বিভাগীয় নীতি নিৰ্দেশনা : সাধাৰণতে বিভিন্ন ৰাজ্যত শিক্ষা বিভাগে শৈক্ষিক বৰ্ষৰ দৈৰ্ঘ্য, প্ৰতিদিনৰ কাৰ্যৰ সময়সীমা, প্রতিটো বিষয়ৰ আৰু পিৰিয়ডৰ বাবে সময়ৰ দৈৰ্ঘ্য নিৰ্ধাৰণ কৰি দিয়ে। কিছুমান ৰাজ্যত বিদ্যালয়ৰ কাম-কাজৰ সময়সীমা ঋতুভেদে বেলেগ বেলেগ হয়। এনেক্ষেত্ৰত শীলকাল আৰু গ্ৰীষ্মকালৰ সময়সীমা বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে কিছুমান ৰাজ্যত গ্ৰীষ্মকালীন বিদ্যালয় আৰম্ভ হয় পুৱা ৯ বজাত আৰু চুটি হয় আবেলি ৩ বজাত। প্ৰাথমিক পৰ্যায়ত ৭টা পিৰিয়ড আৰু মাধ্যমিক পৰ্যায়ত ৮টা পিৰিয়ড ধাৰ্য কৰি দিয়া থাকে। এনেক্ষেত্ৰত বিদ্যালয়ে শিক্ষা বিভাগৰ নীতি-নিৰ্দেশনা মানি চলিব লাগে আৰু সেই অনুযায়ী সময়সূচী প্ৰস্তুত কৰিব লাগে।

(গ) বিষয়সমূহৰ আপেক্ষিক গুৰুত্ব আৰু কঠিনতা : প্ৰতিটো বিষয়ৰ বাবে ধাৰ্য কৰা সময় আৰু পিৰিয়ড ইয়াৰ গুৰুত্বতাৰ ওপৰত নিৰ্ভৰ কৰে। বিদ্যালয়ৰ সকলোবিলাক বিষয় সমান জটিল নহয়। উদাহৰণস্বৰূপে ইংৰাজী, অংক আদি বিষয় চিত্ৰাংকনৰ তুলনাত জটিল। সেইবাবে এই তিনিটা বিষয়তে সমান সময় দিয়াটো যুগুত নহ’ব। ইংৰাজী, অংক, বিজ্ঞান আদি বিষয়ত বেছি সময় দিয়াৰ কাৰণ কেৱল জটিলতাৰ বাবেই নহয়, এইবিলাক বিষয় অন্য বিষয়ৰ তুলনাত গুৰুত্বপূৰ্ণও। সেইদৰেই ঐচ্ছিক বিষয় আৰু বাধ্যতামূলক বিষয়ৰ বাবে ধাৰ্য কৰা সময়ৰ পৰিমাণো বেলেগ বেলেগ হয়।

(ঘ) ভাগৰুৱা অৱস্থা : দীৰ্ঘ সময় যদি আমাৰ শৰীৰৰ কোনো অংশই কামত ব্যস্ত হৈ থাকিলে পেশীবিলাক অচল আৰু ভাগৰুৱা হৈ পৰে। ভাগৰ দুই প্ৰকাৰৰ- শাৰীৰিক আৰু মানসিক। যদি শৰীৰৰ কোনো অংগই একেলেথাৰিয়ে বহু সময় ধৰি একেটা কামকে কৰি থাকিলে তেজত ঘটা ৰাসায়নিক ক্ৰিয়াৰ ফলত ই দুৰ্বল হৈ যায়। এনে অৱস্থাত ছাত্ৰ-ছাত্ৰীয়ে মনোযোগ হেৰুৱায়। বিদ্যালয়ত কিছুমান বিষয় আছে যিবিলাকে ছাত্ৰ-ছাত্ৰীক মানসিকভাৱে অধিক ভাগৰুৱা কৰে। একেলেঠাৰিয়ে কেইবাটাও জটিল বিষয় সময়সূচীত অন্তৰ্ভুক্ত কৰিলে ভাগৰৰ পৰিমাণ বাঢ়ে আৰু ছাত্ৰ-ছাত্ৰীসকল ক্ৰমান্বয়ে অমনোযোগী হৈ পৰে। কিছুমান বিষয় আছে যিবিলাকৰ বাবে অধিক মানসিক শ্ৰমৰ প্ৰয়োজন হয়। এনেবিলাক বিষয় দিনটোৰ প্ৰথম ভাগত অন্তৰ্ভুক্ত কৰাটো বাঞ্চনীয় কাৰণ সেই সময়ত তেওঁলোকৰ মন সতেজ হৈ থাকে। দুটা জটিল বিষয়ৰ মাজত যদি তুলনামূলকভাৱে সহজ বিষয় অন্তৰ্ভুক্ত কৰিলে ছাত্ৰ-ছাত্ৰী অধিক সক্ৰিয় হৈ অংশগ্ৰহণ কৰিব পাৰে।

(ঙ) বিভিন্নতা : সময়সূচী এনে ধৰণে প্ৰস্তুত কৰিব লাগে যাতে ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ অৱস্থান পৰিৱৰ্তন আৰু দেহৰ অংগ সঞ্চালনৰ সুবিধা পায়। একো বিষয় একেটা শ্ৰেণীতে দীঘলীয়া সময় একেৰাহে পঢ়াই থাকিব নালাগে বা গোটেই দিনটো একেটা শ্ৰেণীকক্ষতে স্থান পৰিৱৰ্তন নকৰাকৈ বহিব নালাগে। স্থানৰ পৰিৱৰ্তন, অংগ সঞ্চালন, শ্ৰেণীকক্ষৰ পৰিৱৰ্তন আদিয়ে ভাগৰুৱা অৱস্থাৰ উপশম হোৱাত সহায় কৰে। সেইদৰেই সময়সূচীত ভিন্নতা আনিবৰ কাৰণেই সহজ আৰু জটিল বিষয় সানমিহলিকৈ দিব লাগে। যদি কোনো এটা বিষয় সপ্তাহত ২/৩ দিনহে দিব লগা হয় তেনেক্ষেত্ৰত সেই বিষয়টো ক্ৰমিক দিনত দিয়াৰ পৰিৱৰ্তে মাজত এদিন এৰি অন্য দিনত দিব লাগে।

(চ) নমনীয়তা : সময়সূচী বিদ্যালয় সুচাৰুৰূপে পৰিচালনাৰ এক আহিলাহে। ইয়াক অপৰিৱৰ্তনীয় বুলি ভাবিব নালাগে। পৰিস্থিতি সাপেক্ষে ইয়াত পৰিৱৰ্তন ঘটাৰ সুবিধা থাকিব লাগে। উদাহৰণস্বৰূপে বিদ্যালয়ত যদি কোনো শিক্ষকে অৱসৰ গ্ৰহণ কৰে বা দীঘলীয়া সময়ৰ কাৰণে ছুটি লয় বা নতুন শিক্ষকৰ নিযুক্তি হয় বা শিক্ষকৰ ঠাইৰ বদলি হয় তেনে ক্ষেত্ৰত সময়সূচীখনত পৰিৱৰ্তন হ’ব লাগে।

(ছ) শিক্ষকৰ সংখ্যা আৰু শিক্ষণীয় সামগ্ৰী ইত্যাদি : যেতিয়া এখন সময়সূচী প্ৰস্তুত কৰা হয় তেতিয়া বিদ্যালয়ৰ শিক্ষকৰ সংখ্যা, তেওঁলোকৰ শিক্ষাগত অৰ্হতা, সা-সামগ্ৰীৰ পৰিমাণ আদিৰ বিষয়ে বিবেচনা কৰিব লাগে। উদাহৰণস্বৰূপে একে শ্ৰেণীৰে তিনিওটা শাখাতে যদি বিজ্ঞান বিষয়তো দিয়া হয় তেন্তে পৰীক্ষাগাৰ বা শিক্ষণ সামগ্ৰীৰ বাবে সমস্যা হ’ব পাৰে। যদি তিনিটা শাখাৰ বাবে বেলেগ বেলেগ সময়ত এই বিষয়টো সময়সূচীত অন্তৰ্ভুক্ত কৰা হয় তেন্তে একেটা পৰীক্ষাগাৰকে তিনিটা শাখাই সুন্দৰকৈ ব্যৱহাৰ কৰিব পাৰিব। ঠিক তেনেদৰেই যদি কেইবাটাও শ্ৰেণীৰ বাবে একে সময়তে যদি সময়সূচীত ঐচ্ছিক বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হয় তেন্তে বহুতো শ্ৰেণীকোঠাৰ আৱশ্যক হ’ব। এই সমস্যাটো সমাধানৰ বাবে এই বিষয়সমূহ বেলেগ বেলেগ সময়ত অন্তৰ্ভুক্ত কৰিব লাগিব।

Q.28. ILLustrate the needs of school records.

Ans: প্ৰত্যেক বিদ্যালয়ে কিছুমান তথ্যপাতি সংৰক্ষণ কৰি ৰাখিব লাগে যিবিলাকে ইয়াৰ স্থাপন, বৃদ্ধি আৰু বিকাশৰ অতীত, বৰ্তমান আৰু ভৱিষ্যৎ সম্পৰ্কে আভাস দিয়ে। এই তথ্যপাতিয়ে ইয়াৰ লক্ষ্য, আশা-আকাংক্ষা, সফলতা আদিৰো সম্ভেদ দিয়ে। বিদ্যালয় এক সামাজিক অনুষ্ঠান যিয়ে অভিভাৱকক, স্থানীয় সমাজক আৰু ৰাজ্য চৰকাৰক বিভিন্ন পৰিস্থিতিত তথ্যপাতিৰ যোগান দিব লগা হয়। এই সকলোবিলাক কাৰকৰ কাৰণেই তথ্যপাতি সংৰক্ষণ কৰাটো এক গুৰুত্বপূৰ্ণ কাম। ইয়াক বিদ্যালয় প্ৰশাসনৰ এক অপৰিহাৰ্য কাম বুলি বিবেচনা কৰা হয়। অতীতত এটা সময় আছিল যেতিয়া খুব কম তথ্যহে সংৰক্ষণ কৰিব লগা হৈছিল। ক্ৰমান্বয়ে বিদ্যালয়ৰ দায়িত্বও বাঢ়িবলৈ ল’লে আৰু অধিকসংখ্যক তথ্যপাতি সংৰক্ষণ কৰিব লগা হ’ল। তলত উল্লেখ কৰা কাৰককেইটাৰ বিদ্যালয়ৰ তথ্যপাতি সংৰক্ষণ কৰাটো অতি আৱশ্যকীয় কাম।

(ক) ৰাজ্য চৰকাৰক আইন সম্পৰ্কীয় দিশত সন্তুষ্ট কৰিবলৈ : প্ৰত্যেক বিদ্যালয়ে নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ তথ্যপাতি চৰকাৰক অৱগত কৰাটো এক নিয়ম। এনে ধৰণৰ তথ্য-পাতিত এক নিৰ্দিষ্ট সময়ৰ অন্তৰালত ছাত্ৰ-ছাত্ৰীসকলৰ কোনো নিৰ্দিষ্ট দিশত কিমান পৰিমাণৰ পৰিৱৰ্তন হৈছে তাক নিৰ্ণয় কৰিব লাগে। এনে ধৰণৰ তথ্যপাতিৰ বিষয়বস্তু হৈছে প্ৰতিটো শ্ৰেণীত কিমান ছাত্ৰ-ছাত্ৰী আছে, দৈনিক গড় উপস্থিতিৰ সংখ্যা, স্থানান্তৰৰ ফলত হোৱা হ্ৰাস বা বৃদ্ধিৰ পৰিমাণ, গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা, বিভিন্ন আৰ্থ-সামাজিক অৱস্থাৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা, লিংগ অনুযায়ী ছাত্ৰ-ছাত্ৰীৰ সংখ্যা, লিংগ অনুযায়ী ছাত্ৰ-ছাত্ৰীৰ বিতৰণ ইয়াৰ। এইবিলাক দিশৰ ওপৰত নিৰ্ভৰ কৰি ৰাজ্য চৰকাৰে বিত্তীয় সাহায্য আৰু বৃত্তি আগবঢ়ায়।

(খ) শিক্ষা বিভাগক বিত্তীয় বাজেট প্ৰস্তুতকৰণ : শিক্ষা বিভাগক বিদ্যালয়ত পৰিচালিত হৈ থকা কাৰ্যৰ সম্পৰ্কে জনাত তথ্যপাতিয়ে সহায় কৰে। ইয়াৰ ওপৰত নিৰ্ভৰ কৰিয়েই বাজেটত কোনোটো শিতানত কিমান ব্যয় কৰে হ’ব ধাৰ্য কৰা হয়। প্ৰত্যেক শিক্ষাবর্ষৰ আৰম্ভণিতে ভৱিষ্যতৰ পৰিকল্পনা প্ৰস্তুত কৰাত তথ্যপাতি সংৰক্ষণে উপযুক্ত পথ প্ৰদৰ্শন কৰে।

(গ) শৈক্ষিক পদ্ধতিসমূহৰ ফলপ্ৰসূতা মূল্যায়ন কৰিবৰ বাবে : বিদ্যালয় হৈছে এনে এক অনুষ্ঠান যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক বৌদ্ধিক, নৈতিক, চাৰিত্ৰিক, আধ্যাত্মিক আদি দিশত গঢ় দিয়া হয়। ই এনে কামবিলাক সুচাৰুৰূপে কৰিব পাৰে যদিহে তথ্যপাতিসমূহ ভালদৰে নিয়ন্ত্ৰণ কৰে। এই তথ্যপাতিসমূহে প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে কিমান উন্নতি কৰিছে তাক নিৰ্ণয় কৰাৰ উপৰিও শৈক্ষিক প্ৰক্ৰিয়াৰ সবল আৰু দুৰ্বল দিশসমূহ উদঙাই দেখুৱায়। ছাত্ৰ-ছাত্ৰীৰ কিমানখিনি সাকাৰাত্মক পৰিৱৰ্তন হৈছে এই তথ্যপাতিসমূহ জানিবলৈ দিয়ে।

(ঘ) গৱেষণাত ব্যৱহাৰ কৰিবলৈ : শিক্ষাক্ষেত্ৰত নিয়োজিত হৈ থকা গৱেষকসকলক বিশ্বাসযোগ্য তথ্যৰ প্ৰয়োজন হয়। গৱেষকসকলে গৱেষণাৰ জৰিয়তে কি কি নতুন পদ্ধতি আৰু নিয়ম-কানুন প্ৰয়োগ কৰিলে বিদ্যালয়খন অধিক লাভান্বিত হ’ব পাৰিব তাক নিৰ্ণয় কৰে। এনে ধৰণৰ গৱেষণাই বিদ্যালয়খনৰ বিভিন্ন দিশত আমূল পৰিৱৰ্তন আনিব পাৰে।

Q.29. Explain the principle underlying organisation of co-curricular activities.

Ans: সহপাঠ্যক্ৰম সুচাৰুৰূপে পৰিচালনাৰ বাবে বিদ্যালয়সমূহে কিছুমান নীতি মানিব লাগে। এই নীতিসমূহক চাৰিটা শিতানত ভগাব পাৰি-

(১) কাৰ্যসমূহ নিৰ্বাচন : কাৰ্যসমূহ ভালদৰে পৰিচালনা কৰিবলৈ হ’লে নিৰ্বাচন সঠিক হ’ব লাগিব। প্ৰত্যেক বিদ্যালয়ৰে সম্পদসমূহ সীমিত। গতিকে প্ৰয়োজনতকৈ অধিক কাৰ্য যদি নিৰ্বাচন কৰা হয় তেন্তে পৰিচালনাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’ব লাগিব। ইয়াৰ বিপৰীতে মাত্ৰ কেইপ্ৰকাৰমানৰ কাৰ্য নিৰ্বাচন কৰিলে ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব নাযাব। কাৰণ ব্যক্তিভেদে ৰুচিবোধৰো পাৰ্থক্য থাকে। সেইবাবে সকলো ছাত্ৰ-ছাত্ৰীয়ে যাতে অতি কমেও এটা নিজৰ প্ৰচণ্ডৰ কার্যৰ লগত জড়িত হোৱাৰ দিহা কৰা উচিত।

দ্বিতীয়তে, জোখতকৈ বেছি কাৰ্যৰ লগত জড়িত হৈ অদৰকাৰী বোজা যাতে বহন কৰিব লগা নহয় তাৰ প্ৰতি সাৱধান হ’ব লাগে।

তৃতীয়তে, কিছুমান কাৰ্য আছে যিবিলাক বৰ খৰচি। এনেবিলাক কাৰ্য নিৰ্বাচন কৰিলে বিদ্যালয়ে খৰচ বহন কৰিব নোৱাৰিব। সেইবাবে এনেধৰণৰ কাৰ্য নিৰ্বাচন কৰিব নালাগে।

চতুৰ্থতে, কিছুমান কাৰ্যৰ শৈক্ষিক মূল্য আৰু কিছুমানৰ তুলনাত বেছি। এনেধৰণৰ কাৰ্য নিৰ্বাচন কৰিলে ছাত্ৰ-ছাত্ৰীসকল অধিক লাভবান হয়।

পঞ্চমতে, কাৰ্যসমূহ ছাত্ৰ-ছাত্ৰীসকলৰ ৰুচি অনুযায়ী হ’ব লাগে। কেতিয়াও জোৰকৈ তেওঁলোকক বাধ্য কৰাব নালাগে।

ষষ্ঠতে, কাৰ্যসমূহ ছাত্ৰ-ছাত্ৰীৰ বয়স অনুযায়ী হ’ব লাগে।

(২) সময় আৰু ঠাইৰ সুবিধা : সময়সূচীত এই কাৰ্যসূচীসমূহৰ স্থান থাকিব লাগে সময়সূচী প্ৰস্তুত কৰোতে বিদ্যালয়ে নিৰ্বাচন কৰি লোৱা সকলো সহপাঠ্যক্ৰমৰ কাৰ্য যাতে নিৰ্দিষ্ট সময়ত অনুষ্ঠিত হয় তাৰ ওপৰত গুৰুত্ব দিব লাগে। কোন ক্লাছে কিমান সময় এই কাৰ্যসূচীসমূহত ব্যৱহাৰ কৰিব সময়সূচীত উল্লেখ থাকিব লাগে। বহি:ক্ৰিয়াৰ কিছুমান খেল বিদ্যালয় ছুটী হোৱাৰ পিছতো অনুষ্ঠিত কৰিব পাৰি।

(৩) প্ৰণোদন জ্ঞাপন : ছাত্ৰ-ছাত্ৰীসকলে এই কাৰ্যবোৰত ভাগ ল’বৰ বাবে প্ৰণোদনৰ প্ৰয়োজন। ইয়াক কৰিবৰ বাবে বিদ্যালয়খনে পৰিচালনা কৰা কাৰ্যসমূহৰ এখন তালিকা প্ৰস্তুত কৰি প্ৰত্যেকেই যাতে তেওঁলোকৰ পছন্দৰ কাৰ্য নিৰ্ধাৰণ কৰি ল’বলৈ দিব লাগে। প্ৰতিটো কাৰ্যৰে লক্ষ্য কি ছাত্ৰ-ছাত্ৰীসকলক ভালদৰে অৱগত কৰিব লাগে। এনে এটা পৰিৱেশ সৃষ্টি কৰিব লাগে যাতে শিক্ষাৰ্থীসকলে স্বত:স্ফূৰ্তভাৱে এইবিলাক কাৰ্যত ভাগ ল’বলৈ আগবাঢ়ি আহে।

(৪) উপদেশ জ্ঞাপন : প্ৰত্যেক শিক্ষক বা শিক্ষয়িত্ৰীতেই তেওঁৰ বাবে নিৰ্দিষ্ট কৰি দিয়া কাৰ্যৰ লগত জড়িত হৈ থাকিব লাগে। যেতিয়াই ছাত্ৰ-ছাত্ৰীসকলক কোনো দিহা-পৰামৰ্শৰ প্ৰয়োজন হয়। তেতিয়াই তেওঁ উপস্থিত হৈ পৰামৰ্শ জ্ঞাপন কৰিব লাগে। নিৰ্দিষ্ট কাৰ্য শেষ হোৱাৰ পাছত বয়-বস্তুবোৰ সামৰি থোৱাৰ অভ্যাস কৰাব লাগে।

Q.30. Explain the role of libraries in a school.

Ans: ১) গ্ৰন্থাগাৰ হৈছে এখন বিদ্যালয়ৰ বৌদ্ধিক উত্তৰণৰ প্ৰধান অংগ। ই ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীক মানসিক ক্ৰিয়াকলাপ বিস্তৃত হোৱাত সহায় কৰে। এজন পঢ়ুৱৈক গ্ৰন্থাগাৰে নতুনকৈ চিন্তা কৰিবলৈ, কল্পনা কৰিবলৈ, যুক্তি দিবলৈ শিকায়। গ্ৰন্থাগাৰত ছাত্ৰ-ছাত্ৰীয়ে যিমানেই পঢ়ে সিমানেই পঢ়াৰ প্ৰতি ধাউতি জাগে।

২) গ্ৰন্থাগাৰত পঢ়াটো হৈছে এক আত্মশিক্ষা। ই ছাত্ৰ-ছাত্ৰীয়ে স্বাধীনভাৱে পঢ়িবলৈ উৎসাহী কৰে। গ্ৰন্থাগাৰত পঢ়াটোৱে পঢ়াৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰে আৰু পঢ়ি আনন্দ পোৱা অভ্যাস গঢ়ি তোলে।

৩) গ্ৰন্থাগাৰত পঢ়াৰ এক সৃষ্টিমূলক দিশো আছে। ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহ কৰি ইয়াক মৌলিকভাৱে ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিব পাৰি। ছাত্ৰ-ছাত্ৰীসকলক কিছুমান কাম দিয়া হয় যিবিলাক গ্ৰন্থাগাৰৰ প্ৰাসংগিক তথ্য সংগ্ৰহৰ ওপৰত নিৰ্ভৰশীল।

৪) গ্ৰন্থাগাৰত পঢ়াটো অৱসাদ দূৰ কৰাৰ এক মাধ্যম। গ্ৰন্থাগাৰে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ আজৰি সময়ৰ সৎ ব্যৱহাৰৰ এক সুযোগ আনি দিয়ে। অবাবতে কথা পাতি থকা, অকাৰণতে ঘূৰি ফুৰা আদি বেয়া অভ্যাসবোৰৰ পৰা আঁতৰি থাকি গ্ৰহণযোগ্য পথেৰে আগুৱাই যোৱাত সহায় কৰে।

৫) গ্ৰন্থাগাৰত পঢ়া অভ্যাসে ছাত্ৰ-ছাত্ৰীসকলৰ শব্দৰ ভাণ্ডাৰ বৃদ্ধি কৰে। পাঠ্যপুথিৰ উপৰিও অন্যান্য পুথি অধ্যয়নে তেওঁলোকৰ জ্ঞানৰ পৰিমাণ বৃদ্ধি কৰে। গ্ৰন্থাগাৰত নিৰৱে কেনেকৈ পঢ়িব লাগে সেই অভ্যাস গঢ়ি তুলিব পাৰে আৰু কম সময়তে নিজৰ প্ৰয়োজনীয় পুথিখন কেনেকৈ বিচাৰি উলিয়াব লাগে সেই কৌশল আয়ত্ব কৰিব পাৰে।

৬) গ্ৰন্থাগাৰত কৰা অধ্যয়নে শ্ৰেণী কোঠাৰ অধ্যয়নৰ পৰিপূৰক হিচাপে কাম কৰে। পাঠ্যপুথিবিলাক বহু আগেয়ে লিখা হ’লে ইয়াৰ তথ্যপাতি পুৰণাও হ’ব পাৰে। সাধাৰণতে গ্ৰন্থাগাৰত থকা পুথিবিলাকত নতুন তথ্যপাতি সংযোজিত হৈ থাকে। তাৰোপৰি কিছুমান নতুন শিক্ষাপদ্ধতি আছে যিবিলাক গ্ৰন্থাগাৰৰ প্ৰাসংগিক পুথি অবিহনে শ্ৰেণীকোঠাত প্ৰয়োগ কৰিব নোৱাৰি।

Q.31. How will you organise a school library ?

Ans: প্ৰত্যেক মাধ্যমিক বিদ্যালয়তে একোটা গ্ৰন্থাগাৰ থকাটো আৱশ্যকীয়। বিদ্যালয়ৰ যিটো অংশত আটাইতকৈ নিজান আৰু শান্তিপূৰ্ণ সেই অংশতেই গ্ৰন্থাগাৰ নিৰ্মাণ কৰিব লাগে। ৪০০-৫০০ ছাত্ৰ-ছাত্ৰী থকা এখন বিদ্যালয়ৰ বাবে ২০০০ বৰ্গফুট কালিৰ এটা গৃহ গ্ৰন্থাগাৰ হিচাপে ব্যৱহাৰ কৰিলে সুবিধা হয়। ইয়াত এটা শ্ৰেণীৰ অন্তত সকলো ছাত্ৰ-ছাত্ৰী বহিব পৰা হ’ব লাগে। কিতাপপত্ৰসমূহ ভালকৈ সজাই থ’বৰ বাবে আলমাৰী, ৰেক আদিৰ ব্যৱস্থা থাকিব লাগে। এই আচবাববিলাক ভালদৰে ৰং কৰা হ’ব লাগে। আলমাৰী আৰু ৰেকত বিভিন্ন শিতানত ভাগ কৰি কিতাপবিলাক এনেদৰে সজাব লাগে যাতে পঢ়ুৱৈ সকলে খুব কম সময়ৰ ভিতৰত তেওঁলোকে বিচৰা কিতাপসমূহ বিচাৰি উলিয়াব পাৰে। গ্ৰন্থাগাৰৰ বাহিৰৰ ব’ৰ্ডত নতুনকৈ অহা গুৰুত্বপূৰ্ণ পুথিবিলাকৰ নাম থাকিব লাগে। গ্ৰন্থাগাৰৰ ভিতৰত প্ৰসংগ পুথিৰ এটা শাখা থাকিব লাগে য’ত কোনো পুথি ছাত্ৰ-ছাত্ৰীক ঘৰলৈ নিবলৈ দিয়া নহয়।

গ্ৰন্থাগাৰৰ কিতাপ সহজে বিচাৰি উলিয়াবৰ বাবে কিছুমান কাৰ্ডৰ ব্যৱস্থা কৰিব লাগে।

যিহেতু আমাৰ বিদ্যালয়বিলাকত সাধাৰণতে গ্ৰন্থাগাৰিক নিয়োগ কৰা নহয়, সেইবাবে গ্ৰন্থাগাৰৰ চোৱা-চিতা কাম কোনো এজন নিৰ্দিষ্ট শিক্ষককে দিব লাগে।

গ্ৰন্থাগাৰৰ ভিতৰত যাতে পোহৰ আৰু মুক্ত বায়ু অনায়াসে প্ৰৱেশ কৰিব পাৰে তাৰ ব্যৱস্থা ল’ব লাগে।

গ্ৰন্থাগাৰৰ বাবে পৰ্যাপ্ত পৰিমাণৰ বেঞ্চ, ডেস্ক, টেবুল, চকী আদি থাকিব লাগে।

গ্ৰন্থাগাৰ পৰিচালনাৰ বাবে নিয়ম-কানুন লিখিত ৰূপত সকলোকে অৱগত কৰিব লাগে।

নিৰ্দিষ্ট বন্ধকেইটাৰ বাদে সকলো খোৱা দিনত গ্ৰন্থাগাৰ খোলা থাকিব লাগে।

পঢ়ুৱৈ সকলে গ্ৰন্থাগাৰৰ পৰা নিয়া আৰু গ্ৰন্থাগাৰত জমা দিয়াৰ লিখিত বিৱৰণ পঞ্জীয়ন বহীত থাকিব লাগে।

বিদ্যালয়ৰ সময়সূচীত কোন শ্ৰেণীয়ে কেতিয়া গ্ৰন্থাগাৰ ব্যৱহাৰ কৰিব নিৰ্দিষ্ট কৰি দিব লাগে।

Q.32. Discuss elaborately the relationship between home and school.

Ans: কোনো দেশৰ পৰিয়ালৰ অৱস্থা বা মানদণ্ডই সেই দেশৰ সমাজ আৰু সভ্যতাৰ চিনাকি দিয়ে। শিশুৰ শিক্ষাৰ বিকাশৰ বাবে গৃহই হ’ল সমাজৰ সকলোতকৈ প্ৰাচীন অনুষ্ঠান। Rosen Craz নামৰ এজন পণ্ডিতে এই সম্পৰ্কে মন্তব্য কৰি কৈছে, “Family is the original starting point of education.” শিশুৱে তাৰ ঘৰখনৰ পৰাই আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি আয়ত্ত কৰে। বৰ্তমান শিক্ষাৰ পৰিধি বহুত বৃদ্ধি পালেও পৰিয়ালসমূহে শিশুক সামাজিক, সহযোগী, ন্যায়পৰায়ণ, সত্যবাদী আদি মানৱীয় গুণসমূহৰ বিকাশত যথেষ্ট সহায় কৰে। বৰ্তমান পৰিয়ালৰ গাঁথনিত ভাঙোন ধৰিলেও শিক্ষাৰ ক্ষেত্ৰত গৃহৰ প্ৰভাৱ একেবাৰে উলাই কৰিব পৰা বিধৰ নহয়। গৃহ আৰু পৰিয়ালৰ ঘনিষ্ঠ সম্পৰ্কৰ যোগেদিহে শিক্ষণ সম্ভৱ হয়।

গৃহ আৰু বিদ্যালয় উভয়েই ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক, মানসিক, সামাজিক, সাংস্কৃতিক আদি গুণাৱলীসমূহৰ বিকাশ সাধন কৰে। শিক্ষাৰ্থীৰ জীৱনৰ ঘৰুৱা অভিজ্ঞতা আৰু পৰিৱেশে তাৰ শিক্ষাৰ ক্ষেত্ৰত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়। সেইকাৰণে পিতৃ-মাতৃ বা অভিভাৱকে যদি তেওঁলোকৰ সন্তানৰ চাল-চলন, আচাৰ-ব্যৱহাৰ, পঢ়া-শুনা সম্পৰ্কে খবৰ নাৰাখে তেন্তে কেৱল বিদ্যালয়ৰ একক প্ৰচেষ্টাত শিক্ষাৰ্থীক পৰিচালনা কৰাটো সম্ভৱ নহয়।

শিক্ষাৰ্থীৰ সৰ্বাংগীন বিকাশৰ বাবে ঘৰ আৰু বিদ্যালয়ৰ মাজত সু-সম্পর্ক থাকিব লাগে। ইয়াৰ বাবে শিক্ষক আৰু অভিভাৱকৰ মাজত সম্পৰ্ক গঢ় লৈ উঠিব লাগিব। তাৰ বাবে নিম্নলিখিত পদ্ধতিসমূহ অতি দৰকাৰী।

(১) অধ্যক্ষৰ দায়িত্ব : অধ্যক্ষজন অভিভাৱকসকলৰ প্ৰতি মধুৰ হোৱা উচিত। তেওঁ মাজে-সময়ে শিক্ষক-অভিভাৱক সন্মিলন পাতিব লাগে।

(২) সহ-শিক্ষকৰ ভূমিকা : বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ আচৰণ, ব্যৱহাৰ, শাৰীৰিক আৰু অসুস্থতা আৰু অন্যান্য বিষয় লক্ষ্য কৰি লিখিত ৰূপত পিতৃ-মাতৃলৈ শিক্ষকে পঠাব লাগে। এই প্ৰতিবেদনৰ পৰা অভিভাৱকে নিজৰ সন্তানৰ বাবে কৰিবলগীয়াখিনি জানিব পাৰে।

(৩) বিদ্যালয়ৰ দুৱাৰ খোলা ৰখা : বিদ্যালয়ৰ আনুশাসনিক ব্যৱস্থা এনেকুৱা হ’ব নালাগে যাতে পিতৃ-মাতৃয়ে কিবা আলোচনা কৰিবলৈ আহিবলৈ ভয় কৰে। বিদ্যালয়ত মুকলিমুৰীয়া এটা পৰিৱেশ থাকিব লাগে যাতে অভিভাৱকসকল আহিবলৈ সংকোচ নকৰে।

(৪) গৃহ পৰিদৰ্শন : শিক্ষক-শিক্ষয়িত্ৰীসকলে একোটা দল গঠন কৰি ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ মাজে মাজে যাব লাগে।

(৫) বিদ্যালয়ৰ উৎসৱ-অনুষ্ঠানলৈ নিয়ন্ত্ৰণ : বিদ্যালয়সমূহত বিভিন্ন সময়ত বিভিন্ন উৎসৱ অনুষ্ঠান পালন কৰা হয়। এই উৎসৱসমূহলৈ অভিভাৱকসকলক নিয়ন্ত্ৰণ কৰিব লাগে।

(৬) শিক্ষক-অভিভাৱক সংস্থা : শিক্ষক-অভিভাৱকৰ মাজত সংস্থা গঠন কৰাতো অতি প্ৰয়োজনীয়। কিয়নো বিদ্যালয়ৰ বহুতো সমস্যা অভিভাৱকসকলে সমাধা কৰিব পাৰে। সেয়েহে তেওঁলোকক অনুষ্ঠানটোৰ লগত জড়িত কৰি লোৱাটো অত্যন্ত জৰুৰী।

Q.33. Discuss elaborately the relationship between school and community.

Ans: ‘School is a miniature society’. বিদ্যালয় আন একো নহয়, ই হৈছে সমগ্র সামাজিক গাঁঠনিৰ এক ক্ষুদ্ৰ সংস্কৰণ। দুয়োটাৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে। সমাজ নহ’লে বিদ্যালয়ে পূৰ্ণতা লাভ কৰিব নোৱাৰে; আকৌ বিদ্যালয়ৰ অবিহনে সমাজেও প্ৰগতিৰ পথত আগুৱাব নোৱাৰে। সেয়ে দুয়োটাৰ মাজত সম্পৰ্ক এটা মুদ্ৰাৰে দুটা পিঠিৰ দৰে। বিদ্যালয় আৰু সমাজৰ পাৰস্পৰিক সহযোগতহে এটা শিশুৰ বিকাশ সম্ভৱ হয়। সেয়েহে কিছুমান ব্যৱস্থাৰ জৰিয়তে বিদ্যালয় আৰু সমাজৰ সম্পৰ্ক উন্নত কৰিব পাৰি। তাৰে কিছুমান তলত দিয়া হ’ল।

(১) সামাজিক পৰম্পৰাসমূহ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ বোৱাই নিব পাৰি একমাত্ৰ পাঠ্যক্ৰমৰ জৰিয়তে। গতিকে পাঠ্যক্ৰমখন এনেকুৱা হ’ব লাগে যাতে ই সামাজিক আন্তঃগাঁঠনিৰ সকলো দিশ অন্তৰ্ভুক্ত কৰি শিশুৰ বিকাশ সাধন কৰিব পাৰে।

(২) বিদ্যালয়ত কিছুমান সমাজসেৱামূলক আঁচনি হাতত ল’ব লাগে। ইয়াৰ জৰিয়তে শিশুবিলাকে সমাজৰ সদস্যসকলৰ সমস্যাসমূহৰ মুখামুখি হোৱাৰ সুবিধা লাভ কৰে। এনে কিছুমান আঁচনি হ’ল-বানপীড়িত অঞ্চলত সেৱা আগবঢ়োৱা, অনুন্নত অঞ্চলত শিক্ষাদান, পিছপৰা অঞ্চলত স্বাস্থ্য সম্পৰ্কীয় সজাগতা শিবিৰ পতা, ৰক্তদান সম্পৰ্কে মানুহক সজাগ কৰা ইত্যাদি।

(৩) পুথিভঁৰালৰ জৰিয়তে বিদ্যালয়ে অতি সহজে সমাজৰ কাষ চাপি যাব পাৰে। বিদ্যালয়ৰ পুথিভঁৰালত সমাজৰ সদস্যসকলক অন্তৰ্ভুক্তিৰ ব্যৱস্থা কৰিলে দুয়োপক্ষই সমানে উপকৃত হ’ব।

(৪) যদি শিক্ষানুষ্ঠানত ব্যায়ামগাৰৰ ব্যৱস্থা থাকে তেন্তে ৰাতিপুৱা আৰু আবেলি সমাজৰ ইচ্ছাকৃত সদস্যসকলক সামান্য মাচুলৰ বিনিময়ত শৰীৰ চৰ্চাৰ সুবিধা প্ৰদান কৰিব পাৰি।

(৫) বৰ্তমান সময়ত বিশেষকৈ উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহত পৰামৰ্শমূলক কেন্দ্ৰ থাকে। গতিকে এনে কেন্দ্ৰলৈ সমাজৰ আন আন সদস্যসকলকো অহাৰ অনুমতি প্ৰদান কৰিলে সমাজ আৰু বিদ্যালয়ৰ সম্পৰ্ক বেছি উন্নত হ’ব।

(৬) বিদ্যালয়ৰ খেলপথাৰ, অডিট’ৰিয়াম আদি সমাজে ব্যৱহাৰ কৰিব পৰা ব্যৱস্থা কৰিলে ভাল।

(৭) বিদ্যালয়ৰ পৰিচালনা সমিতিত সমাজৰ শিক্ষিত সদস্যসকলক অন্তৰ্ভুক্ত কৰিব লাগে।

ওপৰোক্ত ব্যৱস্থাসমূহত কিছু অসুবিধা নথকাও নহয়। বিদ্যালয়ৰ সম্পত্তিসমূহ সমাজৰ সদস্যসকলে নিজৰ সম্পদৰূপে গণ্য কৰি ব্যৱহাৰ কৰিলে বিদ্যালয় আৰু সমাজৰ মাজৰ সম্পৰ্ক সুদৃঢ় হয়।

Write short note on

(i) Gifted children.

Ans: বহুতে প্ৰতিভাবান শিশু আৰু উন্নত বুদ্ধিসম্পন্ন শিশুসকলক একে বুলি ভাবে। কিন্তু প্ৰকৃততে দুয়োবিধ শিশুৰ গুণগত দিশত পাৰ্থক্য আছে। প্ৰতিভাবান শিশু বুলিলে উন্নত বুদ্ধিসম্পন্ন আৰু সৃষ্টিশীল দুয়োবিধ শিশুকে বুজায়। তেওঁলোকৰ ঈশ্বৰ প্ৰদত্ত দৈহিক আৰু মানসিক যোগ্যতা থাকে যাৰ ফলত তেওঁলোকে জীৱনৰ সকলো দিশতে সাফল্যতা আৰু আত্ম প্ৰতিষ্ঠা লাভ কৰে। মনোবিজ্ঞানীসকলে তিনিটা দিশৰ ওপৰত ভিত্তি কৰি প্ৰতিভাবান শিশুসকলৰ সংজ্ঞা আগবঢ়াইছে। সেইকেইটা হ’ল-

১) বুধ্যাংক : উন্নত বুদ্ধিসম্পন্ন শিশুসকলক বুধ্যাংকৰ যোগেদি বৰ্ণনা কৰা হয়। যিবিলাক শিশুৰ বুধ্যাংক বেছি সেইবিলাকেই উন্নত বুদ্ধিসম্পন্ন শিশু। মনোবিজ্ঞানীসকলে বিভিন্ন ধৰণে বুধ্যাংকৰ উচ্চ সীমা আৰু নিম্নসীমা নিৰ্ধাৰণ কৰিছে। কিছুমান মতে যিবিলাক শিশুৰ  বুধ্যাংক ১১০ৰ পৰা ১৪০ৰ ভিতৰত সেইবিলাকেই উন্নত বুদ্ধিসম্পন্ন শিশু। L. M. Terman য়ে ১,৫২৮টা উন্নত বুদ্ধিসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ ওপৰত অধ্যয়ন কৰি তেওঁলোকৰ বুদ্ধিৰ নিম্নসীমা ১৪০ বুলি নিৰ্ধাৰণ কৰিছে।

২) সামাজিক বিশেষ দক্ষতা : সামাজিক ক্ষেত্ৰত দেখুওৱা বিশেষ দক্ষতাৰ ওপৰত ভিত্তি কৰিও উন্নত বুদ্ধিসম্পন্ন শিশুবিলাকৰ সংজ্ঞা আগবঢ়াব পাৰি। তলত এইটো দিশৰ কেইটামান সংজ্ঞা আগবঢ়োৱা হ’ল-

(ক) Havighurstৰ মতে “The talented or gifted child is one who shows consistently remarkable performance in worthwhile line of endeavour.”।

(খ) Wittyৰ মতে, “Gifted children are those whose performance is consistently remarkable in music, art, social leadership and other forms of expression.”।

গতিকে আমি এতিয়া দেখা পালো যে বুদ্ধি অভীক্ষাত ভাল ফলাফল দেখুওৱাবিলাকেই উন্নত বুদ্ধিসম্পন্ন শিশু নহয়, সংগীত, চাৰুকলা, সামাজিক বিশেষ ক্ষেত্ৰত নেতৃত্বদান আৰু আন আন দিশত পাৰদৰ্শিতা দেখুওৱা বিলাককো উন্নত বুদ্ধিসম্পন্ন শিশু বুলি কোৱা হয়। সেয়েহে samual Kirkয়ে কৈছে যে প্ৰতিভাশালী শিশু নিম্নলিখিত দিশসমূহত প্ৰতিভাশালী হ’ব পাৰে-

সামাজিকভাৱে প্ৰতিভাশালী, যান্ত্ৰিকভাৱে প্ৰতিভাশালী, চাৰুকলাৰ দিশত প্রতিভাশালী, সংগীতৰ দিশত প্ৰতিভাশালী, ভাষিক দিশত প্ৰতিভাশালী, শাৰীৰিক দিশত প্ৰতিভাশালী, শৈক্ষিকভাৱে প্ৰতিভাশালী।

৩) পৰিসংখ্যামূলক : মনোবিজ্ঞানীসকলৰ আন এটা সূত্ৰ পৰিসংখ্যানৰ শতকৰা হাৰৰ সৈতে জড়িত। তেওঁলোকে ক’ব খোজে যে উন্নত বুদ্ধিৰ শিক্ষাৰ্থী শতকৰা ২ৰ পৰা ৪ জনহে পোৱা যায়। L.X. Magnifice-এ উন্নত বুদ্ধিসম্পন্ন শিশুক দুটা ভাগত ভাগ কৰিছে। তেওঁৰ মতে-

(ক) বুদ্ধিৰ পৰীক্ষাৰ দ্বাৰা শিশুৰ মানসিক শক্তি পৰীক্ষা কৰি শতকৰা ২ৰ পৰা ৩ জনৃঅৱ শিশুক উন্নত বুদ্ধিসম্পন্ন পোৱা যায়।

(খ) কোনো কোনো শিশুৰ মাজত বিজ্ঞান বা কলাৰ প্ৰতি বিশেষ ৰাপ থকা দেখা যায়।

(ii) Backward on slow learners.

Ans: এনেবিলাক শিশু নিজৰ বয়সৰ শিশুতকৈ মানসিক বিকাশৰ ক্ষেত্ৰত পিছ পৰি থাকে। এওঁলোকৰ বুধ্যাংক ৭০ৰ পৰা ৯০ৰ ভিতৰত হয়। সেয়েহে এওঁলোকে একেটা শ্ৰেণীৰ আনবিলাক শিশুৰ লগত সমানে শিক্ষণ কাৰ্যত আগবাঢ়িব নোৱাৰে। তেওঁলোকৰ বুদ্ধিৰ বিকাশ ধীৰ হোৱা বাবে শ্ৰেণীকক্ষৰ শিক্ষণত কথাবোৰ সহজে বুজি নাপায়, নিজৰ বুদ্ধি প্ৰয়োগ কৰি সাধাৰণ সমস্যা এটাও সমাধান কৰিব নোৱাৰে। বাৰে বাৰে একেটা শ্ৰেণীতে পঢ়িব লগা হোৱা বাবে এওঁলোকে তেওঁলোকতকৈ সৰু শিশুসমূহৰ লগত মিলিব নোৱাৰে। নীচাত্মিকা মনোভাব গঢ় লৈ উঠে। তাৰ উপৰিও সমনীয়াৰ ঠাট্টা, অপমান সহ্য কৰিব লগা হয় আৰু শেষত পলায়নবাদী মন গঢ় লৈ উঠে। তেওঁলোকৰ আত্মবিশ্বাসৰ অভাৱ পৰিলক্ষিত হয়। 

স্মৃতি শক্তি দুৰ্বল হয়। তেওঁলোক শিক্ষাৰ ক্ষেত্ৰতহে পিছ পৰি থাকে, কিন্তু খেলা-ধুলা আৰু শাৰীৰিক পৰিশ্ৰমৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বেছি হয়।

তিনিটা দিশৰ ওপৰত ভিত্তি কৰি অনগ্ৰসৰ শিশুসমূহৰ সংজ্ঞা আগবঢ়াব পাৰে-

১) শৈক্ষিক কৃতিত্ব : অনগ্ৰসৰ শিশুসমূহক শৈক্ষিক দিশত দেখুওৱা পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰিও ব্যাখ্যা কৰিব পাৰি। Barton Hallৰ মতে ” Backwardness in general is applied to cases where their educational attainment falls below the level of their natural abilities.” আকৌ Burtয়ে কৈছিল, “A backward child is one who is mid-school carur is unable to do the work of the class next below that which is normal for his age.”

Burt য়ে শিক্ষাংকৰ (educational quotient) ওপৰত ভিত্তি অনগ্ৰসৰ শিশুৰ সংজ্ঞা দিছে। তেওঁৰ মতে এনে শিশুৰ শিক্ষাংক ৮৫তকৈ কম।

২) বুধ্যাংক : বুধ্যাংকৰ ওপৰত ভিত্তি কৰিও অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীবিলাকৰ ব্যাখ্যা আগবঢ়াব পাৰি। বুদ্ধি অভীক্ষাৰ পৰা ফলাফলৰ পৰা জনা গৈছে যে যাৰ বুধ্যাংক ৭০ৰ পৰা ৯০ৰ ভিতৰত সেইবিলাকেই হৈছে অনগ্ৰসৰ শিশু।

৩) পৰিসংখ্যামূলক : ‘Schonall’য়ে বৰ্ণনা কৰিছে যে বিদ্যালয়ৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত প্ৰায় ১০ শতাংশ অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰী থাকে।

(iii) Classroom furnishings.

Ans: শ্ৰেণীকোঠাৰ সাজ-সজ্জা এখন বিদ্যালয়ৰ অপৰিহাৰ্য অংগ। শ্ৰেণীকোঠাত বিভিন্ন সাজ-সজ্জা থাকিব পাৰে। সাধাৰণতে উন্নত আৰু পিছপৰা ঠাইৰ সাজ-সজ্জাৰ মাজত পাৰ্থক্য আছে। এখন উন্নত বিদ্যালয় যিমান বয়-বস্তু থাকিব পিছপৰা পৰিৱেশত সিমান বয়বস্তু সাধাৰণতে নাথাকিবও পাৰে। কিন্তু থাকিবলগীয়া ব্যৱস্থাখিনি নাথাকিলে শিক্ষণ প্ৰক্ৰিয়া সুচাৰুৰূপে সমাধা কৰিব নোৱাৰি। শ্ৰেণীকোঠাৰ সাজ-সজ্জাসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি-

১) অপৰিহাৰ্য সাজ-সজ্জা : এনেবিধ সামগ্ৰী এটা শ্ৰেণীকক্ষত নহ’লেই নচলে। এনেবিধ সামগ্ৰী হ’ল- ছাত্ৰ-ছাত্ৰী বহিবৰ বাবে ডেস্ক আৰু বেঞ্চ, ব্লেক ব’ৰ্ড, শিক্ষকৰ বাবে চকী, মেপ আঁৰিবৰ ব্যৱস্থা।

২) বাঞ্চনীয় সাজ-সজ্জা : এনেবিধ সামগ্ৰী থাকিলে ভাল। এনেবিধ সামগ্ৰী হ’ল- শিক্ষকৰ বাবে এখন মেজ, শিক্ষকৰ চকী-মেজ ওখকৈ থ’বৰ কাৰণে প্লেটফর্ম, চক, দাষ্টাৰ, হাজিৰা বহী, কিতাপ আদি শ্ৰেণী কোঠাৰ দৰকাৰী বস্তু থ’বৰ বাবে সৰু এটা আলমাৰী, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি নিৰ্দেশ কৰিবৰ কাৰণে এখন ব’ৰ্ড আৰু মেপ থ’বৰ কাৰণে এডালষ্টেণ্ড, বিজুলী চাকি আৰু বিজুলী পাংখা, কোঠাৰ আটাইকেইখন বেৰত চাৰ্ট, মেপ, নক্সা আদি আঁৰিবৰ বাবে ব্যৱস্থা।

৩) ঐচ্ছিক সাজ-সজ্জা : এইবিধ সামগ্ৰী ৰাখিব পাৰিলে ভাল, কিন্তু এইবিধ প্ৰায় বিদ্যালয়কে সাধ্যাতীত, এনেবিধ সামগ্ৰী হ’ল- বুলেটিন ব’ৰ্ড, হাত ধোৱা বেচিন, দাষ্টবিন, পা-পোচ, বিভিন্ন সজোৱা সামগ্ৰী যেনে-মেজত পৰা কাপোৰ, ফুলদানি, দুৱাৰ খিৰিকীৰ পৰ্দা ইত্যাদি।

(iv) Organisation of co-curricular activities.

Ans: অতীত কালত শিক্ষা বুলি কওঁতে প্ৰধানত : পুথিগত বিদ্যাৰ ওপৰতেই আটাইতকৈ বেছি গুৰুত্ব দিয়া হৈছিল। সেই সময়ত শিক্ষাৰ প্ৰধান লক্ষ্য আছিল শিশুৰ বৌদ্ধিক বিকাশ। খেলা-ধুলা, নৃত্য-গীত, সুকুমাৰ কলা আদিৰ স্থান প্ৰায় নাছিল বুলিয়েই ক’ব পাৰি। এই কাৰ্যবিলাক সম্পূৰ্ণৰূপে পাঠ্যক্ৰমৰ বাহিৰত আছিল বাবে এইবিলাকক বহি:পাঠ্যক্ৰম বুলি কোৱা হৈছিল। এনে কাৰ্যসমূহ সাধাৰণতেই বিদ্যালয়ৰ দায়িত্বৰ ভিতৰত অন্তৰ্ভুক্ত নহৈছিল। পাঠ্যক্ৰমৰ বিষয়সমূহকেই শিক্ষকৰ প্ৰধান বিবেচ্য বিষয় স্বৰূপে গণ্য কৰা হৈছিল।

সময় অতিবাহিত হোৱাৰ লগে লগে শিক্ষাক মানুহে বহল দৃষ্টিভংগীৰে চাবলৈ শিকিছে। মানসিক উৎকৰ্ষ সাধনৰ উপৰিও সামাজিক, আনুভূতিক, সাংস্কৃতিক, আধ্যাত্মিক আদি দিশত বিকাশ ঘটোৱা শিক্ষাৰ লক্ষ্য হিচাপে পৰিগণিত হ’বলৈ ধৰিছে। কিন্তু প্ৰয়োজনীয়তা আৰু প্ৰাধান্যৰ প্ৰতি লক্ষ্য ৰাখি এইসমূহ কাৰ্যসূচীত ‘অতিৰিক্ত’ বুলি নামাকৰণ কৰাটো যুক্তিযুক্ত বুলিব নোৱাৰি। প্ৰকৃততে ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পাঠ্যক্ৰমতকৈ অধিক। শিক্ষাৰ উদ্দেশ্য বহল হোৱাৰ অনুপাতে পাঠ্যক্ৰম ব্যাপকতা আৰু গভীৰ হোৱা প্ৰয়োজন। কিন্তু বিদ্যালয়ৰ সীমিত সময় আৰু সা-সুবিধাৰ বাবে বহুত বেছি কাৰ্যক্ৰম অন্তৰ্ভুক্ত কৰাটো সম্ভৱ নহয়। সেইকাৰণে বৌদ্ধিক বিষয়সমূহ মূল পাঠ্যক্ৰমৰ ভিতৰত অন্তৰ্ভুক্ত কৰি বাকীবিলাক কাৰ্যসূচীক বিদ্যালয়ৰ সহ- পাঠ্যক্ৰম হিচাপে ৰখাৰ ব্যৱস্থা কৰা হ’ল। সহ-পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তা উপলব্ধি হোৱাৰ পাছত পাঠ্যক্ৰমৰ দৰেই সহ-পাঠ্যক্ৰমৰ বিষয় বিলাককো সমানেই গুৰুত্ব আৰু মৰ্যাদা দিয়া হৈছে।

বৰ্তমান বিদ্যালয়ৰ সহ-পাঠ্যক্ৰম কাৰ্যসূচীবোৰৰ প্ৰয়োগৰ ব্যাপকতা ইমানেই বেছি যে তাক শ্ৰেণী বিভাজন কৰাটো টান। বিদ্যালয়ৰ অৱস্থান আৰু সা-সুবিধা, শিক্ষকৰ দক্ষতা আৰু ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰি প্ৰত্যেক বিদ্যালয়ে সহ-পাঠ্যক্ৰমৰ বিভিন্ন কৰ্মসূচী গ্ৰহণ কৰিব পাৰে। তলত সহপাঠ্যক্ৰমৰ বিভিন্ন প্ৰকাৰ আৰু তাৰ অন্তৰ্গত বিভিন্ন কাৰ্যক্ৰম আলোচনা কৰা হৈছে।

১) শাৰীৰিক বিকাশৰ বাবে কাৰ্যসূচী : ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক বিকাশ সাধন শিক্ষাৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য। এই লক্ষ্যত উপনীত হ’বৰ বাবে বিদ্যালয়সমূহে বিভিন্ন কাৰ্যসূচী হাতত ল’ব পাৰে। উদাহৰণস্বৰূপে, কুচকাৱাজ, ব্যায়াম, যোগাসন, এন.চি. চি আদিয়ে শৰীৰ আৰু মনলৈ সতেজতা আনি দিয়ে। চাইকেল চলোৱা, সাঁতোৰা, নাও চলোৱা, মল্লযুদ্ধ, খেল-ধেমালি আদিয়ে শৰীৰ চৰ্চাৰ লগতে মনতো অপাৰ আনন্দ দিয়ে। সেইদৰে শাক-পাচলি আৰু ফুলৰ বাগিচা কৰা কাৰ্যই শৰীৰৰ অংগ চালনা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সৃজনীমূলক প্ৰতিভা বঢ়াই তোলে।

২) শৈক্ষিক বিকাশৰ বাবে কাৰ্যসূচী : বিশেষ ধন ব্যয় নকৰাকৈ প্ৰত্যেক বিদ্যালয়ে ব্ক্তৃতা, তর্ক প্ৰতিযোগিতা, সাধু কোৱা আদি কাৰ্যসূচী আয়োজন কৰিব পাৰে। এইবিলাকে বিভিন্ন দিশত মনৰ দুৱাৰ মুকলি কৰে। আলোচনাচক্ৰ, কবিতা আবৃত্তি, ৰচনা প্ৰতিযোগিতা, অভিনয় কৰা আদি কাৰ্যই শিক্ষাৰ্থীৰ মানসিক বিকাশত প্ৰচুৰ সহায় কৰে। প্ৰাচীৰ পত্ৰিকা, বিদ্যালয় পত্ৰিকা আদিৰ নিয়মীয়া প্ৰকাশে শিক্ষাৰ্থীক সাহিত্য চৰ্চাৰ দিশত আগবঢ়াই নিয়ে। অভিজ্ঞ ব্যক্তিক নিমন্ত্ৰণ কৰি বক্তৃতা শুনা, পুথিভঁৰালত থকা কিতাপ পঢ়ি প্ৰতি কিতাপৰ বিষয়ে একোটা চমু সাৰাংশ আদি কাৰ্যসূচী শিক্ষাৰ্থীৰ কাৰণে অতি প্ৰয়োজনীয়।

৩) সাংস্কৃতিক আৰু নান্দনিক কাৰ্যসূচী : সংগীত, লোকগীত, লোকনৃত্য আদিৰ চৰ্চাই ছাত্ৰ-ছাত্ৰীসকলক ব্যক্তিগতভাৱে সাংস্কৃতিক দিশত উন্নীত কৰোৱাৰ উপৰিও দেশৰ সংস্কৃতি প্ৰসাৰত অৰিহণা যোগায়। সকলোবিলাক বিদ্যালয়ে চিত্ৰাংকন, সংচিত্ৰ, আৰ্হি আদিৰ প্ৰস্তুতকৰণ, বিদ্যালয় চৌহদৰ সৌন্দৰ্য বৃদ্ধিকৰণ, প্ৰদৰ্শনীৰ আয়োজন আদি কাৰ্যসূচী অতি সহজেই গ্ৰহণ কৰিব পাৰে। ভাওনা, নাটক, কৌতুক, অভিনয় বহুৱালি সাজৰ প্ৰতিযোগিতা আদিয়ে শিক্ষাৰ্থীৰ নান্দনিক গুণৰাজি বিকাশ কৰাত সহায় কৰে।

৪) আজৰি সময়ৰ কাৰ্যসূচী : আজৰি সময় গঠনমূলকভাৱে ব্যৱহাৰ কৰিবলৈ বহু ছাত্ৰ-ছাত্ৰীয়ে নাজানে। ইয়াৰ ফলস্বৰূপে তেওঁলোকৰ অনাই-বনাই ঘূৰি ফুৰা আৰু অৰ্থহীন কথা পাতি সময় নষ্ট কৰাৰ বাহিৰে কৰিবলৈ একো নেথাকে। বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন দেশৰ ডাক টিকট সংগ্ৰহ, মুদ্ৰা আদি সংগ্ৰহ কৰাৰ আগ্ৰহ জন্মাবলৈ চেষ্টা কৰিব পাৰে। ৰাজনীতি, সংগীত, খেল বিজ্ঞান আদি দিশত নামজ্বলা ব্যক্তিসকলক ছবি সংগ্ৰহ কৰি শিক্ষাৰ্থীয়ে আনন্দ পোৱাৰ উপৰিও বহুত নতুন কথা শিকিব পাৰে। বছৰৰ বিভিন্ন ঋতুৰ আৰু পৃথিৱীৰ বিভিন্ন ঋতুৰ আৰু পৃথিৱীৰ বিভিন্ন ঠাইৰ দৃশ্য সংগ্ৰহ কৰি শিক্ষাৰ্থীসকলে এলবাম তৈয়াৰ কৰিব পাৰে। আজিকালি আধুনিক বিজ্ঞানভিত্তিক জীৱন-যাত্ৰাৰ লগত সংগতি থকা ফটোগ্ৰাফী, ইলেকট্ৰনিক সামগ্ৰী তৈয়াৰ কৰা, বৈজ্ঞানিক সা-সৰঞ্জাম লৈ পৰীক্ষা কৰা আদি কাৰ্যৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত কৰিব পাৰি। মুঠৰ ওপৰত আজৰি সময় কেনেকৈ সৎ ব্যৱহাৰ কৰিব লাগে তাৰ প্ৰশিক্ষণ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় অৱস্থাতেই পাব পাৰে।

৫) শিল্পবিদ্যা বিষয়ক কাৰ্যসূচী : বিদ্যালয়বিলাকে বহুতো কাৰিকৰী বিদ্যাৰ কাৰ্যসূচী হাতত ল’ব পাৰে। যেনে- সূতা কটা, কাপোৰত ৰং দিয়া, উল গোঁঠা, কাপোৰ চিলোৱা, এম্বইদাৰী কৰা ইত্যাদি। ইয়াৰ উপৰিও পুতলা তৈয়াৰ কৰা, কিতাপ বন্ধা, মাটিৰ বস্তু তৈয়াৰ কৰা আদি বহুতো কাম ছাত্ৰ-ছাত্ৰীৰ কাৰণে বৰ মনোগ্ৰাহীকৈ উপস্থাপন কৰিব পাৰি। এনে ধৰণৰ বহুতো কাম কিছুমান ছাত্ৰই শিক্ষা সাং কৰাৰ পাছত জীৱন-নিৰ্বাহৰ পথ হিচাপে গ্ৰহণ কৰিব পাৰে। বাকী অন্য বিলাক ছাত্ৰ-ছাত্ৰীয়েও এনে কাৰ্য অনুসৰণৰ ফলত বহু প্ৰকাৰে লাভবান হ’ব পাৰে।

৬) ভ্ৰমণমূলক কাৰ্যসূচী : খোজকঢ়া, চাইকেল চলোৱা, বনভোজ আদি ছাত্ৰ-ছাত্ৰীৰ বাবে আমোদজনক কাম। ছাত্ৰ-ছাত্ৰীক মাজে সময়ে সংগ্ৰহালয়, চিৰিয়াখানা, ৰে’ল ষ্টেচন, পুথিভঁৰাল আৰু তেনেধৰণৰ অন্যান্য অনুষ্ঠানলৈ নিব পাৰি। এনে ভ্ৰমণৰ ফলত এইবিলাক অনুষ্ঠানৰ কাৰ্যপ্ৰণালী জনাৰ উপৰিও সামাজিক জীৱনৰ নানান দিশৰ প্ৰতি শিক্ষাৰ্থীৰ চকু মেল খায়।

৭) নাগৰিক জীৱনৰ বাবে কাৰ্যসূচী : বিদ্যালয়ত পঢ়ি থকা অৱস্থাতেই বাহিৰৰ বৃহত্তৰ সমাজখনৰ লগত শিক্ষাৰ্থীক পৰিচিত কৰাটো এক প্রয়োজনীয় কাম। সেইবাবে ছাত্ৰ-ছাত্ৰীক মাজে সময়ে গাঁও পঞ্চায়ত, মহকুমা পৰিষদ, পৌৰসভা উপায়ুক্তৰ কাৰ্যালয় আদিলৈ নিয়া উচিত। বিদ্যালয়ত দীপান্বিতা, ফাকুৱা, বিহু আদি সামাজিক উৎসৱসমূহ উদযাপন কৰিলে ছাত্ৰ-ছাত্ৰীৰ মাজত মিলাপ্ৰীতি বাঢ়ে। এইবিলাকৰ দ্বাৰাই তেওঁলোকে দলবদ্ধ হৈ কাম কৰিবলৈ শিকে আৰু মনলৈ অপাৰ আনন্দ আহে। সেইদৰেই  জন্মাষ্টমী, ঈদ, ৰামনৱমী, বুদ্ধ জয়ন্তী, সৰস্বতী পূজা, শিক্ষক দিৱস, শিশু দিৱস, মহাপুৰুষৰ তিথি আদিৰ পালনে ছাত্ৰ-ছাত্ৰীৰ মাজত ভাতৃত্ববোধ জগাই তোলে আৰু মনলৈ উদাৰতা আনে। তেনেদৰেই স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস, গান্ধী জয়ন্তী আদি দিনবোৰ যথাযথভাৱে পালন কৰিব লাগে। এইবিলাকে দেশৰ সংস্কৃতিৰ লগত পৰিচয় হোৱাত সহায় কৰে আৰু ছাত্ৰ-ছাত্ৰীক দেশৰ গৌৰৱময় অতীতৰ কথা সোঁৱৰাই গৌৰৱান্বিত হ’বলৈ শিকায়।

৮) সমাজ কল্যাণ কাৰ্যসূচী : চাফাই কাম, প্ৰাপ্তবয়স্ক শিক্ষা, অগতানুগতিক শিক্ষা ব্যৱস্থাত সহায় কৰা, নিৰক্ষৰতা দূৰীকৰণত ভাগ লোৱা, ৰেডক্ৰছ, ৰক্তদান আদি বিভিন্ন সামাজিক কামত ছাত্ৰ-ছাত্ৰীসকলে সেৱা আগবঢ়াব পাৰে।

(v) Importance of Laboratory.

Ans: বিদ্যালয়ত এটা আদর্শ বিজ্ঞানাগাৰ স্থাপন কৰিবলৈ হ’লে তলৰ কথাকেইটা মন কৰিব লাগিব।

(ক) পৰীক্ষাগাৰটো বিদ্যালয় প্ৰাংগণৰ এটা নিৰ্দিষ্ট দিশত স্থাপন কৰিব লাগে। দুটা শ্ৰেণীকক্ষৰ মাজত ইয়াক কেতিয়াও স্থাপন কৰিব নালাগে।

(খ) পৰীক্ষাগাৰৰ কোঠাকেইটা আহল-বহল হ’ব লাগে যাতে ছাত্ৰ-ছাত্ৰীয়ে মুকলিকৈ ঘূৰিব পাৰে।

(গ) শিক্ষকে ছাত্ৰ-ছাত্ৰীক প্রয়োজনীয় নিৰ্দেশনা দিব পৰাকৈ পৰীক্ষাগাৰৰ ভিতৰত তেওঁলোকৰ বহাৰ সুবিধা থাকিব লাগে।

(ঘ) পোহৰ আৰু মুক্ত বতাহ যাতে পৰীক্ষাগাৰত সোমাব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে।

(ঙ) পানী, গেছ, বিজুলী সৰবৰাহৰ সুবিধা প্ৰয়োজন মতে থাকিব লাগে।

(চ) বিজ্ঞানাগাৰৰ ভিতৰত শিক্ষা নিৰ্দেশনাৰ বাবে শ্লাইড প্ৰজেক্টৰ, অভাৰহেড প্ৰজেক্টৰ আদি স্থাপনৰ সুবিধা থাকিব লাগে।

(ছ) বিপদজনক পদাৰ্থ, দামী আহিলাপাতি আছুতীয়াকৈ নিৰাপদে ৰাখিব লাগে।

(জ) পৰীক্ষা কৰাৰ পাছত সামগ্ৰীসমূহ পুনৰ চাফ-চিকুণ কৰি শংখলাবদ্ধভাৱে ৰাখিব লাগে।

(ঝ) পৰীক্ষাগাৰৰ দায়িত্ব বিভাগীয় শিক্ষকৰ হাতত থাকিব লাগে।

(iv) Importance of Hostel.

Ans: ছাত্ৰাবাস এটা পৰিচালনা কৰিবলৈ তলৰ কথাকেইটাত গুৰুত্ব দিব লাগে।

১) পৰ্যাপ্ত সংখ্যক ছাত্ৰ যাতে নিৰাপদে থাকিব পাৰে তাৰ বাবে কোঠা থাকিব লাগে।

২) বিচনা, চকী, টেবুল আদি আচবাব থাকিব লাগে।

৩) প্ৰতিটো ৰুমত ২/৩ জনতকৈ অধিক ছাত্ৰ হ’ব নালাগে। 

৪) পোহৰ, পানী, পায়খানা, গা-ধোৱা ঘৰ আদিৰ সুব্যৱস্থা থাকিব লাগে।

৫) প্ৰত্যেকটো ছাত্ৰাবাসেই একোজন অধীক্ষকৰ তত্বাৱধানত চলিবলৈ দিব লাগে।

৬) ছাত্ৰাবাস পৰিচালনাৰ বাবে কিছুমান নীতি-নিয়ম ধাৰ্য কৰি ল’ব লাগে।

৭) ছাত্ৰাবাসৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা কৰিবলৈ কাম কৰা মানুহ নিয়োগ কৰিব লাগে।

৮) খোৱা-বোৱাৰ সু-ব্যৱস্থা থকাটো এটা অতি জৰুৰী কথা।

৯) খেলা-ধূলা আদিৰ বাবে সুব্যৱস্থা থাকিব লাগে।

১০) ছাত্ৰাবাসৰ পৰিচালনাৰ বাবে কিছুমান তথ্যপাতি যেনে- সা-সম্পত্তি, নামভৰ্তি, উপস্থিতি, খোৱা-বোৱাৰ হিচাপ আদি ভালকৈ ৰাখিব লাগে।

(viii) Staff Accommodation.

Ans: এখন শিক্ষানুষ্ঠানত আবাসগৃহ থাকিলে অনুষ্ঠানটোৱে পাব পৰা সুবিধাসমূহ তলত দিয়া ধৰণৰ-

(১) চৰকাৰে কৰ্মচাৰীসকলক থকাৰ বাবদ (House Rent) যিখিনি টকা দিয়ে সেইখিনিৰে এটা সুন্দৰ, সুবিধাযুক্ত ভাড়াঘৰ কেতিয়াও পোৱা নাযায়। সেয়েহে আবাসগৃহৰ ব্যৱস্থা থাকিলে শিক্ষকসকলৰ সুবিধা হয়।

(২) ৰুগীয়া শিক্ষকসকলে দূৰৰ পৰা অহা-যোৱা কৰি পাঠদান কৰা সম্ভৱ নহয়। সেয়েহে তেওঁলোকৰ বাবে ওচৰতে থাকিব পৰা ব্যৱস্থা থাকিলে ভাল।

(৩) শিক্ষকসকলৰ বৃত্তিগত যোগ্যতা উন্নত কৰিবৰ বাবে শিক্ষক প্ৰশিক্ষণৰ যথেষ্ট প্ৰয়োজন আছে। সেয়েহে শিক্ষক প্ৰশিক্ষণ অনুষ্ঠানসমূহত প্ৰশিক্ষণ দিবলৈ যোৱা শিক্ষকসকলৰ থকাৰ ব্যৱস্থা থকাটো অতি দৰকাৰী।

(৪) চৌহদৰ ভিতৰতে শিক্ষকসকল থকাৰ ব্যৱস্থা থাকিলে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকসকলৰ লগত অনানুষ্ঠানিকভাৱে মিলা-মিছা কৰাৰ সুবিধা থাকে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top