Educational Administration And Management Unit 5 Management issues in Educational finance Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Educational Administration And Management Unit 5 Management issues in Educational finance Bring Gender Equality to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Educational Administration And Management Unit 5 Management issues in Educational finance can be of great value to excel in the examination.
Educational Administration And Management Unit 5 Management issues in Educational finance
Educational Administration And Management Unit 5 Management issues in Educational finance Notes cover all the exercise questions in UGC Syllabus. The Educational Administration And Management Unit 5 Management issues in Educational finance provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
Management issues in Educational finance
EDUCATION
EDUCATIONAL ADMINISTRATION AND MANAGEMENT
শৈক্ষিক প্ৰশাসন আৰু ব্যৱস্থাপনা
Long Question Answer
Q.1. Enumerate Education as consumption and Investment.
Ans: অভাৱ পূৰণৰ বাবে বস্তুৰ উপযোগিতাক প্ৰত্যক্ষভাৱে ব্যৱহাৰ কৰাকে উপভোগ বুলি কোৱা হয়। আমি ভোক গুচাবলৈ যি আহাৰ খাওঁ, পিয়াহ গুচাবলৈ পানী খাওঁ, বতাহ, বৰষুণ, ৰ’দ আদিৰ পৰা ৰক্ষা পাবলৈ ঘৰত থাকো, আমোদ-প্ৰমোদৰ বাবে নৃত্য-গান, চিনেমা চাওঁ, ভাল গাড়ীত উঠো, এই সকলোবিলাকেই উপভোগ্য কাৰ্য। আমি এই সকলোবোৰ কামতে বিভিন্ন বস্তুৰ উপযোগিতাক শাৰীৰিক বা মানসিক অভাৱ পূৰণৰ বাবে প্ৰত্যক্ষভাৱে ব্যৱহাৰ কৰোঁ।
শিক্ষকো এক সৰ্বোৎকৃষ্ট উপভোগ্য দ্ৰব্যৰ আখ্যা দিয়া হয়। কিয়নো আমাৰ অভাৱ পূৰণৰ বাবে শিক্ষাৰ উপযোগিতাক প্ৰত্যক্ষভাৱে ব্যৱহৃত কৰা হয়। কিন্তু মন কৰিব লগা কথা এয়ে যে খাদ্য বস্তু খালে যিদৰে দ্ৰব্যৰ উপযোগিতা এবাৰতে যেনেকৈ সম্পূৰ্ণৰূপে ব্যৱহাৰ হয় শিক্ষাগ্ৰহণ কৰিলে ইয়াৰ উপযোগিতা এবাৰতে যেনেকৈ সম্পূৰ্ণৰূপে ব্যৱহাৰ হয় শিক্ষাগ্ৰহণ কৰিলে ইয়াৰ উপযোগিতা এবাৰতে সম্পূৰ্ণকৈ ব্যৱহৃত নহয়। ইয়াৰ পৰা বহুদিন ধৰি উপযোগিতা পোৱা যায়। সেয়ে শিক্ষা এক দীৰ্ঘোপযোগী উপভোগ্য দ্ৰব্য।
সৰ্বোৎকৃষ্ট উপভোগ্য দ্ৰব্য হ’লেও শিক্ষাই উৎপাদনত প্ৰত্যক্ষভাৱে সহায় নকৰে। শিক্ষাক যেতিয়া উপভোক্তাৰ সেৱা হিচাপে লোৱা হয়, সেয়ে ইয়াক সংৰক্ষণ কৰিব লাগে। শিক্ষাৰ উপভোগ্য লাভক বৰ্তমান আৰু বৰ্তমান ভৱিষ্যতে ব্যৱহাৰ কৰা হয়। শিক্ষাৰ বৰ্তমান উপভোগৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে পাৰ্থক্য আছে আৰু এই পাৰ্থক্যতো থকাৰ বাবেই সম্ভৱ উচ্চ শিক্ষাৰ স্তৰত অসময়ত বিদ্যালয় ত্যাগৰ হাৰ বেছি হয়।
প্ৰতিগৰাকী লোকেই নিজৰ প্ৰয়োজনমতে যিমান আৱশ্যক সিমানেই শিক্ষা লোৱাৰ অধিকাৰ আছে। কিন্তু প্ৰত্যেকেই উচ্চ শিক্ষা ল’বলৈ নিবিচাৰে বা লোৱাৰ প্ৰয়োজনবোধ নকৰে। শিক্ষাৰ পৰিমাণটো ব্যক্তিগত পছন্দৰ ওপৰত নিৰ্ভৰ কৰে।
উচ্চ আয়ৰ লোকসকলে সামাজিক মৰ্যাদা বা প্ৰতিপত্তিৰ বাবে উচ্চ শিক্ষা গ্ৰহণ কৰে। কোনোৱে অমৌদিক উপভোগৰ লাভৰ বাবে উচ্চ শিক্ষা লয় আৰু অন্য কিছুমান লোকে ভৱিষ্যতে অধিক আয় বা লাভৰ বাবে উচ্চ শিক্ষা লয়।
শিক্ষাৰ এক বৃহৎ অংশই হ’ল উপভোগ্য অংশ। উপভোগ্য দ্ৰব্য হিচাপে ই দীৰ্ঘপযোগী উপভোগ্য দ্ৰব্য। বৰ্তমানতকৈ ভৱিষ্যতৰ সন্তুষ্টিহে বেছি গুৰুত্বপূৰ্ণ। শিক্ষাৰ উপযোগিতা কোনো মাপনিৰে জোখা সম্ভৱ নহয়। শিক্ষাই জীৱনটো ঐশ্বৰ্যশালী কৰি তোলে। উপভোগ্য লাভক বিনিয়োগৰ লাভৰ সৈতে সংযোগ কৰিব পাৰে। উচ্চ শিক্ষাৰ প্ৰতি সাধাৰণতে মানুহ অভিৰোচিত হোৱাৰ প্ৰধান কাৰণ হ’ল ইয়াৰ উপভোগ্য লাভ বিনিয়োগৰ লাভতকৈ বহুত বেছি। গতিকে এনেবোৰ কথা বিবেচনা কৰিয়েই শিক্ষাক এক উপভোগ বুলি আখ্যা দিয়া হয়।
ভোগকাৰ্যও অৰ্থনৈতিক উন্নয়নৰ আন এক উপাদান। ভোগকাৰ্যই কেৱল খোৱা কাৰ্যকে নুবুজায়। ইয়াৰ উপৰিও পিন্ধা, থকা, সা-সঁজুলি ক্ৰয় কৰি ভোগ কৰা কাৰ্যকো বুজায়। ভোগকাৰ্যৰ বিকাশে এখন দেশৰ অৰ্থনৈতিক বিকাশকে বুজায়। উদাহৰণস্বৰূপে, প্ৰথমে মানুহে গছৰ ছাল ব্যৱহাৰ কৰিছিল, তাৰ পিছত হাতেৰে তৈয়াৰী কাপোৰ ব্যৱহাৰ কৰিলে। তাৰ পিছত যন্ত্ৰৰে তৈয়াৰী বস্ত্ৰ পৰিধান কৰিলে। ঠিক সেইদৰে প্ৰথমে মানুহে কেঁচা বাঁহ-বেত, খেৰৰ ঘৰ ব্যৱহাৰ কৰিছিল, পোহৰৰ বাবে নাহৰ গুটি জ্বলাইছিল, কেৰাচিনৰ চাকি ব্যৱহাৰ কৰিছিল। কিন্তু তাৰ ঠাইত বৰ্তমান ইলেকট্ৰিক লাইটৰ ব্যৱস্থা হৈছে। এনে ধৰণৰ অসংখ্য উদাহৰণ আছে। গতিকে এই ভোগকাৰ্যসমূহৰ বিকাশে এখন দেশৰ অৰ্থনৈতিক উন্নয়নকে সূচায়।
শিক্ষাও হৈছে এক ভোগকাৰ্য। ব্যক্তিয়ে নিজৰ সামৰ্থ অনুসৰি শিক্ষা আহৰণ কৰে আৰু শিক্ষা উপভোগ কৰে আৰু তাৰ যোগেদি এখন দেশৰ অৰ্থনৈতিক উন্নয়নত সহায় হয়।
আদাম স্মিথ, ডেভিদ হিউম, ৰিকাৰ্ড’, মালথাচ, জন শটুৱাৰ্ট মিল, মেক কলাক আদি অৰ্থনীতিবিদসকলে শিক্ষাক বিনিয়োগ হিচাপে গণ্য কৰিছে। কিয়নো ইয়াৰ যোগেদি বস্তুগত সম্পদৰ বিকাশ সাধন হয়, স্বাস্থ্য, অনুশাসন, কৌশল, শিক্ষা আৰু নতুন জ্ঞানৰ বিকাশ হয়। তদুপৰি ইয়াৰ যোগেদি সামৰ্থতাৰ বিকাশ হয় আৰু উৎপাদন প্ৰক্ৰিয়াত সহায়ক হয়। বিনিয়োগৰ যোগেদি সতকর্তা আৰু আত্মবিকাশ হয়। আনকি প্লেট’, এৰিষ্ট’টল, চেণ্ট থমাচ একুইনাচ আদিৰ দৰে দাৰ্শনিকসকলেও শিক্ষা আৰু প্ৰশিক্ষণৰ অৰ্থনৈতিক মূল্যৰ ওপৰত গুৰুত্ব দিছে। প্লেট’ই সাধাৰণ শিক্ষাৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দি কৈছে যে ৰাষ্ট্ৰই সাধাৰণ শিক্ষাৰ বিকাশৰ বাবে অনুদান দিব লাগে। আদাম স্মিথে শিক্ষাক মেচিনৰ দৰে এটা স্থায়ী মূলধন বুলি উল্লেখ কৰিছে। তেওঁ ক’বলৈ বিচাৰিছে যে, আহিলা হিচাপে শিক্ষা আৰু প্ৰশিক্ষণ ধ্বংস কৰিব নোৱাৰা বস্তু। দামী যন্ত্ৰ এটাৰ পৰা যেনেকৈ বহু বস্তু উৎপাদন কৰা হয়, ঠিক সেইদৰে শিক্ষাৰ ক্ষেত্ৰত কৰা ব্যয়ৰ যোগেদি ভৱিষ্যতে বেছি উৎপাদন আশা কৰা হয়।
বিনিয়োগ হিচাপে শিক্ষাৰ অৰ্থ হ’ল শিক্ষাৰ বাবে যি ধন ব্যয় কৰা হ’ব তাৰ যোগেদি দক্ষতাসম্পন্ন ব্যক্তিৰ বৃদ্ধি পাব লাগিব আৰু উৎপাদন বাঢ়িব লাগিব। মানৱ সম্পদৰ বিনিয়োগৰ অৰ্থ দুই প্ৰকাৰে বিশ্লেষণ কৰিব পাৰি-
(১) মানৱ সম্পদ বা জনশক্তি নিৰ্মাণৰ বাবে শিক্ষা, স্বাস্থ্য আৰু সেৱাকাৰ্যত অধিক ব্যয় কৰা।
(২) প্ৰশিক্ষণ ব্যৱস্থাত ব্যয় কৰা।
এই ক্ষেত্ৰত কুজনেটৰ এষাৰি উক্তি বিশেষভাৱে উল্লেখযোগ্য। তেওঁৰ মতে “For the study of economic growth over long periods of time and among widely different societies, the concept of capital and capital formation should be broadened to include investment in health education and training of population itself, that is investment in human being.”
বৰ্তমান শিক্ষাবিদসকলে শিক্ষা আৰু প্ৰশিক্ষণৰ বাবে কৰা খৰচকহে বিনিয়োগ কৰা বুলি মত পোষণ কৰে। এই খৰচে মানৱ সম্পদৰ গঠনত বৰঙণি যোগায়, ব্যক্তিক উপাৰ্জনক্ষম কৰে আৰু দেশৰ অৰ্থনীতিৰ বিকাশ সাধন কৰে। চুল্টজ, হাৰবিচন, জেনছন, কেন্দ্ৰিক, বেকাৰ, কুজনেট আদি অৰ্থনীতিবিদসকলে প্ৰকাশ কৰিছে যে আমেৰিকাৰ অৰ্থনীতিৰ ক্ষীপ্ৰ বিকাশৰ বাবে বৰ্ধিত শিক্ষাৰ ক্ষেত্ৰত ব্যয়েই মূল কাৰণ। ইয়াত পথ বা বা কাৰখানা, বান্ধ আদিত কৰা ব্যয়ৰ পৰিমাণতকৈ শিক্ষাৰ ক্ষেত্ৰত কৰা বিনিয়োগৰ পৰিমাণ বেছি। ফলস্বৰূপে সুদক্ষ মানৱ সম্পদৰ সৃষ্টি হৈছে আৰু অৰ্থনীতিৰ দ্ৰুত বিকাশ সম্ভৱ হৈছে। শিক্ষাৰ ক্ষেত্ৰত বিনিয়োগৰ ফলাফল সদায় ইতিবাচক বুলিয়ে ধৰা হয়। ব্যক্তিগত আৰু সামাজিক ক্ষেত্ৰতো বিনিয়োগে যথেষ্ট ভাল ফলাফল দেখুৱাইছে।
অনুন্নত দেশবিলাকৰ ক্ষেত্ৰত এটা ডাঙৰ সমস্যা হ’ল মানৱ সম্পদৰ ক্ষেত্ৰত বিনিয়োগ নোহোৱাটো। এই দেশবিলাকত শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত বিনিয়োগ হিচাপে শিক্ষাৰ দুটা উপাদান আছে-
(১) ভৱিষ্যৎ আৰ্জন উপাদান। আৰু
(২) ভৱিষ্যৎ উপভোগ উপাদান।
শিশু এটাক জন্মৰ সময়ৰ পৰা পৈণত অৱস্থা পোৱালৈকে মাক-দেউতাকে বিনিয়োগ কৰে। তেওঁলোকে আশা কৰে যে ভৱিষ্যতে সিহঁতে কিবা এটা উপাৰ্জন কৰিব। মানুহৰ উপাদানশীলতা হৈছে একপ্ৰকাৰৰ বিনিয়োগ। জ্ঞান আৰু কৌশল বৃদ্ধিত বিনিয়োগ কৰিলে ভৱিষ্যৎ আৰ্জন বৃদ্ধি হয়, তেতিয়া শিক্ষাৰ পৰা আহৰণ কৰা সন্তুষ্টি উপভোগ উপাদান হ’ব। মানুহে কেৱল আৰ্জনৰ বাবেই কাম নকৰে।লগতে সুস্থ দেহ আৰু সুস্থ মনৰ বাবেও চিন্তা কৰে। গতিকে ই হ’ল শিক্ষাৰ উপভোগ উপাদান। এটা কথা লক্ষ্য কৰিব লাগিব যে যিকোনো দিশতে উৎপাদন বঢ়াবলৈ হ’লে শ্ৰমিকসকলক চাকৰি কালতো প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। দ্ৰুত উন্নয়নৰ বাবে শিক্ষাত বিনিয়োগ অধিক কাৰ্যকৰী। যিবিলাক মানুহে উৎপাদনমূলক কামত জড়িত হৈ আছে তেওঁলোকক অধিক সুবিধা দিব লাগে।
মানুহে উৎপাদনশীল হ’বলৈ হ’লে অজ্ঞতাৰ দাসত্বৰ পৰা মুক্ত হ’ব লাগিব। ছুল্টজে অধ্যয়ন কৰি কৈছে যে শিক্ষাৰ ক্ষেত্ৰত কৰা ব্যয়ে অৰ্থনীতিত মহৎ উন্নতি সাধন কৰে। মানুহৰ ক্ষেত্ৰত কৰা ব্যয়ে জাতীয় আয় বৃদ্ধিত সহায় কৰে। সেয়েহে যন্ত্ৰৰ সামগ্ৰীতকৈ জনসাধাৰণৰ শিক্ষাক অগ্ৰাধিকাৰ দিব লাগে। অৱশ্যে এইটোও সঁচা যে জনসাধাৰণে শিক্ষা আহৰণৰ বাবে আগ্ৰহো প্ৰকাশ কৰিব লাগিব। পৃথিৱীৰ সকলো দেশতেই জাতীয় আয় আৰু শিক্ষাৰ মাজত ওতঃপ্ৰোত সম্বন্ধ আছে। যিবোৰ দেশত শিক্ষিতৰ হাৰ বেছি, তাত জাতীয় আয়ো বেছি।
Q.2. Mention some basic points of Investment in Education.
Ans: শিক্ষাৰ ক্ষেত্ৰত বিনিয়োগ কৰাতে কেইটামান ভুল দিশলৈ চকু দিয়া দৰকাৰ। সেই দিশকেইটা হ’ল-
(১) প্ৰায়বিলাক অনুন্নত দেশতে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত বেছি গুৰুত্ব আৰোপ কৰে। প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰিবলৈ বিভিন্ন প্ৰচেষ্টা হাতত লৈছে। এইক্ষেত্ৰত এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ প্ৰায়বিলাক অনুন্নত ৰাষ্ট্ৰৰ নাম ল’ব পাৰি। কিন্তু মাধ্যমিক স্তৰটোৱেহে কৌশলী বনুৱাৰ সৃষ্টি কৰে। কিন্তু এই স্তৰটোত কম গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। সেয়েহে মাধ্যমিক স্তৰটোৰ ক্ষেত্ৰতহে বেছি বিনিয়োগ কৰিব লাগিব।
(২) উচ্চ শিক্ষাৰ বিনিয়োগৰ ক্ষেত্ৰতো কিছুমান দোষ-ত্ৰুটি আছে। বৰ্তমান অনুন্নত দেশবিলাকত উচ্চ শিক্ষাৰ মানদণ্ড উন্নত নকৰাকৈয়ে বহু পৰিমাণে উচ্চ শিক্ষানুষ্ঠান খুলি আছে আৰু বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ওলাই গৈ আছে। কিন্তু সমস্যা হ’ল এইবিলাক ছাত্ৰ-ছাত্ৰীৰ বাবে নিয়োগৰ ব্যৱস্থা নাই। ফলত বহুসংখ্যক মানৱ মূলধনৰ অপচয় ঘটিছে।
(৩) শিক্ষাৰ ক্ষেত্ৰত বিনিয়োগ কৰোতে পৰিৱৰ্তনশীল সমাজৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। তাৰ বাবে পাঠ্যক্ৰমসমূহ পৰিৱৰ্তন কৰাৰো প্ৰয়োজন। আমাৰ শিক্ষা ব্যৱস্থাক প্ৰায়ে সমালোচনা কৰা দেখা যায় যে আমাৰ পাঠ্যক্ৰমসমূহে প্ৰয়োজনীয়খিনি পূৰাব পৰা নাই। শিক্ষাৰ ক্ষেত্ৰত ব্যয় কৰা হৈছে। কিন্তু সেই ব্যয়ৰ পৰা সমাজৰ প্ৰকৃত উপকাৰ হোৱা নাই।
(৪) শিক্ষাৰ ক্ষেত্ৰত বিনিয়োগ কৰোতে এটা কথাৰ প্ৰতি চকু দিব লাগিব যাতে কৰ্মশক্তিৰ চাহিদা যোগানৰ লগত সমান হয়। চাহিদা যোগানৰ সমান হ’লে বিনিয়োগৰ পৰা সুফল পাব পাৰি। সেয়েহে শিক্ষাৰ ক্ষেত্ৰত বিনিয়োগ কৰাৰ আগতে কেইটামান কথা লক্ষ্য কৰিব লাগে। যেনে-
(ক) দেশৰ কোন ক্ষেত্ৰত কিমান দক্ষতাসম্পন্ন লোকৰ নাটনি আছে তাক ফঁহিয়াই চোৱা।
(খ) কোন ক্ষেত্ৰত দক্ষতাসম্পন্ন লোক বেছি হৈছে তাক বাছি উলিওৱা; আৰু
(গ) প্রয়োজনীয় দক্ষতাসম্পন্ন লোক গঢ়ি তোলা।
জধে-মধে শিক্ষাৰ ক্ষেত্ৰত ব্যয় কৰিলে একে খণ্ডতে দক্ষতাসম্পন্ন লোকৰ সংখ্যা বৃদ্ধি পাব। ফলত নিবনুৱা সমস্যাৰ বৃদ্ধি হৈ ‘brain drain’-ৰ সৃষ্টি হ’ব।
(৫) শিক্ষাত বিনিয়োগ বুলিলে কেৱল প্ৰাথমিক, মাধ্যমিক বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত কৰা বিনিয়োগকে নুবুজায়। ই প্ৰাপ্তবয়স্ক শিক্ষাৰ, কৃষি শিক্ষা আৰু কৰ্মকালীন প্ৰশিক্ষণৰ কাৰ্যসূচীকো সাঙুৰি লয়। প্ৰাপ্তবয়স্ক শিক্ষাই কৃষকৰ মনৰ পৰিৱৰ্তন ঘটায়। এতিয়াও এনে কিছুমান লোক আছে যিবিলাকে কৃষিত আধুনিক প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰিবলৈ নিবিচাৰে। গতিকে কৃষিত ভাল ফলাফল লাভ কৰিবলৈ হ’লে সেইসকলক শিক্ষা দিয়া প্ৰয়োজন। তাৰ উপৰি কৰ্মকালীন প্ৰশিক্ষণৰ কার্যসূচীও বিনিয়োগ কৰিব লাগে। ইয়াৰ ফলত মানুহবিলাকৰ জ্ঞান বৃদ্ধি হ’ব আৰু ন ন কৌশলৰ বিষয়ে জানিব পাৰিব।
Q.3. Explain the concept of cost and production in education.
Ans: শিক্ষাত ব্যয় বা খৰচৰ ধাৰণা তলত আলোচনা কৰা হ’ল-
ব্যয় :
উৎপাদনৰ উপাদানসমূহৰ ব্যৱহাৰৰ ফলত হোৱা আগকে ব্যয় বোলে। এই ব্যয় মুদ্ৰা ব্যয়, প্ৰকৃত ব্যয়, সুযোগ ব্যয়, গড় ব্যয়, প্ৰান্তিক ব্যয় আদি নানা প্ৰকাৰৰ হয়।
শৈক্ষিক উৎপাদনৰ বাবে উৎপাদকসমূহক কামত লগোৱাৰ ফলত যিখিনি ত্যাগ স্বীকাৰ কৰিব লগা হয় তাকে শৈক্ষিক খৰচ বোলে। শৈক্ষিক আঁচনি আৰু নীতি প্ৰস্তুত কৰাসকলৰ বাবে শৈক্ষিকৰ খৰচৰ জ্ঞান অতি আৱশ্যক। আৱশ্য শৈক্ষিক নীতি প্ৰস্তুত কাৰক, অৰ্থনীতিবিদ, গাণনিক বিষয়া, শিক্ষক, অভিভাৱক আদি সমাজৰ বেলেগ শ্ৰেণীৰ ব্যক্তিয়ে তেওঁলোকৰ নিজস্ব দৃষ্টিকোণৰ পৰা শৈক্ষিক খৰচৰ ধাৰণা দাঙি দৰে। শিক্ষাৰ ক্ষেত্ৰতো হোৱা ব্যয়ক আমি কিছুমান ভাগত ভগাব পাৰোঁ।
(ক) মুদ্ৰাগত শৈক্ষিক ব্যয় : শৈক্ষিক উৎপাদনৰ বাবে উৎপাদক অৰ্থাৎ শিক্ষক আৰু শিক্ষাৰ্থীৰ সময়, অন্য গোট, কিতাপ, সঁজুলি, গৃহ আদি) কামত লগোৱাৰ বাবে যিখিনি মুদ্ৰা ব্যয় কৰিব লগা হয় তাকে মুদ্ৰাগত শৈক্ষিক ব্যয় বোলে।
(খ) প্ৰকৃত শৈক্ষিক ব্যয় : ব্যয় শৈক্ষিক উৎপাদনৰ বাবে উৎপাদকক কামত লগোৱাৰ বাবে যিখিনি মনোদৈহিক কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিব লগা হয় তাকে প্ৰকৃত শৈক্ষিক ব্যয় বোলে।
(গ) শৈক্ষিক সুযোগ ব্যয় : কোনো এক শৈক্ষিক উৎপাদন কাৰ্যত যিখিনি উৎপাদক ব্যৱহাৰ কৰা হয়, আটাইতকৈ ভাল বিকল্প ক্ষেত্ৰত সেইখিনি ব্যৱহাৰ কৰি যি পৰিমাণৰ অন্য শৈক্ষিক উৎপাদন কৰিব পাৰি সেয়ে প্ৰথম বস্তুটো উৎপাদন কৰাৰ শৈক্ষিক সুযোগ ব্যয়।
শিক্ষাৰ ক্ষেত্ৰত সুযোগ ব্যয় ব্যক্তিগত ব্যয় বা সমাজক সামগ্ৰিকভাৱে লৈহে পৰিমাপন কৰা হয়। প্ৰত্যেকগৰাকী শিক্ষাৰ্থী বা তেওঁলোকৰ পৰিয়ালক লৈ ফ্ৰিজ, কিতাপ-পত্ৰ আৰু শিক্ষণ সামগ্ৰী আদি শৈক্ষিক ব্যয়ৰ অন্তৰ্গত। ব্যক্তিৰ ক্ষেত্ৰত কৰা ব্যয়ক বেচৰকাৰী আৰু সমাজৰ বাবে কৰা মুঠ ব্যয়ক সামাজিক ব্যয় বোলে।
(ঘ) শৈক্ষিক মূলধনী ব্যয় : মূলধন ব্যয় হ’ল আৰু আন একপ্ৰকাৰৰ শৈক্ষিক ব্যয়। শিক্ষানুষ্ঠানৰ গৃহ নিৰ্মাণ, চকী-মেজ, আচবাব, শ্ৰৱণ-দৰ্শন সঁজুলি, পৰীক্ষাগাৰ, কিতাপ-পত্ৰ, আলোচনী, গৱেষণাপত্ৰ আদি কিনা আৰু সংগ্ৰহ কৰা এইবোৰ কামত প্ৰত্যেক শিক্ষানুষ্ঠানে এক বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰে, ইয়াকে শৈক্ষিক মূলধনী ব্যয় বোলে।
(ঙ) পৌনঃপৌনিক শৈক্ষিক ব্যয় : শিক্ষানুষ্ঠানত শিক্ষক-শিক্ষয়িত্ৰী আৰু অন্যান্য কৰ্মচাৰীসকলক মাহিলি বেতন, শিক্ষাৰ্থীক বৃত্তি প্ৰদান, পৰীক্ষাগাৰৰ সামগ্ৰী আদি দিয়াৰ কাৰণেও সামগ্ৰিক এক বৃহৎ পৰিমাণৰ অৰ্থ ব্যয় হয়। এনেদৰে হোৱা ব্যয়ক পৌনঃপৌনিক শৈক্ষিক ব্যয় বোলে।
অৰ্থনীতিত উৎপাদন মানে বস্তুৰ উপযোগিতা সৃষ্টি কৰা বা বৃদ্ধি কৰাকে বুজায়। মানুহৰ বুদ্ধি, কৌশল আৰু শ্ৰমৰ জৰিয়তে গঠন, স্থান, কাল আৰু সেৱাগত উপযোগিতা সৃষ্টি কৰিব পাৰে।
শিক্ষানুষ্ঠানসমূহে উৎপাদকক উৎপাদনলৈ পৰিৱৰ্তন কৰে। শিক্ষাক উৎপাদন আৰু শিক্ষানুষ্ঠানক উৎপাদিত গোট বুলি আখ্যা দিব পাৰি। এনে ব্যৱস্থাক হস্তশিল্প প্ৰতিষ্ঠানৰ লগত ৰিজাব পাৰি। অৱশ্যে গুৰুত্বপূৰ্ণ কথা যে বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়বোৰে সাধাৰণতে সৰ্বোচ্চ লাভ অর্জন কৰিব নিবিচাৰে। তথাপিও প্ৰতিষ্ঠানসমূহৰ দৰে এটা উৎপাদকৰ দল ৰাখে আৰু সেইবোৰে এনেদৰে একত্ৰিত কৰে যে তাৰ পৰা একপ্ৰকাৰৰ উৎপাদন কৰিব পাৰি। ব্যয়বিহীনভাৱে এই উৎপাদকক উৎপাদনলৈ ৰূপান্তৰিত কৰিব নোৱাৰি। তাৰ বাবে টকা-পইচা খৰচ কৰিব লাগিব, নহ’লে এই স্থানান্তৰ কৰণত ত্যাগ কৰিব পৰা ততোধিক বিকল্প সুযোগক কামত লগাব লাগিব। শিক্ষক আৰু শিক্ষাৰ্থীৰ সময়, তেওঁলোকে ব্যৱহাৰ কৰা বিদ্যালয় গৃহ আদি শৈক্ষিক উৎপাদনৰ উৎপাদকবোৰৰ বিকল্প ব্যৱহাৰৰ যোগ্যতা আছে। এইবোৰৰ পূৰ্বৰ আটাইতকৈ ভাল বিকল্পৰ ওপৰত উৎপাদক (input) ব্যৱহাৰ কৰি যি পৰিমাণৰ অন্য বস্তু উৎপাদন কৰিব পাৰিব সেয়েই তাৰ প্ৰকৃত বা সুযোগ ব্যয়।
Q.4. Discuss the different types of cost in education.
Ans: বিভিন্ন অনুষ্ঠানবিলাকে শিক্ষাৰ ক্ষেত্ৰত কৰা ব্যয়ক তলত দিয়াৰ দৰে ভাগ কৰিব পাৰি-
(ক) আনুষ্ঠানিক ব্যয় (Institutional Cost) : শিক্ষাদানৰ বাবে অনুষ্ঠানসমূহে বহন কৰিব লগা ব্যয়ক আনুষ্ঠানিক ব্যয় বোলা হয়। এই ব্যয়ক দুটা ভাগত ভাগ কৰা হৈছে –
১) চলিত ব্যয় (Current Cost)।
২) মূলধনগত ব্যয় (Capital Cost)।
(১) চলিত ব্যয় (Current Cost) : সঘনাই কৰিবলগীয়া ব্যয়ই হ’ল চলিত ব্যয়। কেইটামান উল্লেখযোগ্য চলিত ব্যয় তলত দিয়া হ’ল-
(ক) প্ৰত্যক্ষ ব্যয় : শিক্ষকৰ দৰমহা আৰু ভাট্টা আন কৰ্মচাৰীৰ দৰমহা আৰু ভাট্টা, কিতাপ-পত্ৰ আৰু আন আন সা-সঁজুলি, পোহৰৰ ব্যৱস্থা, পানী, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে কৰা ব্যয় ভাড়া, কৰ আৰু অন্যান্য বাবদ বৃত্তিৰ বাবদ ব্যয়।
(খ) বিদ্যালয়ৰ আহাৰ : আহাৰ প্ৰস্তুতকৰণৰ আহিলাৰ খৰচ, ৰান্ধনিৰ খৰচ।
(গ) ছাত্ৰৰ স্বাস্থ্যৰ বাবদ খৰচ : চিকিৎসক আৰু নাৰ্চৰ দৰমহা, ভ্ৰমণ বাকচ, চিকিৎসাৰ সা-সঁজুলি, প্ৰশাসনৰ খৰচ।
(ঘ) শিক্ষক-প্ৰশিক্ষণৰ বাবদ খৰচ : শিক্ষক আৰু ষ্টাফৰ দৰমহা, কিতাপ-পত্ৰ আৰু আন সা-সঁজুলি, ভাড়া, কৰ আৰু ইঞ্চিওৰেঞ্চ, পোহৰ আৰু পানী, থকা-মেলাৰ খৰচ।
(ঙ) প্ৰশাসন আৰু পৰিদৰ্শন : পৰিদৰ্শনকাৰী বিষয়াসকলৰ দৰমহা, মুদ্ৰণ আৰু অন্যান্য সা-সঁজুলি, ভ্ৰমণ খৰচ, আন আন প্ৰশাসনিক বিভাগৰ খৰচ।
(চ) যাতায়াতৰ খৰচ : গাড়ী চালকৰ দৰমহা, তেলৰ খৰচ, যানবাহনৰ প্ৰতিপালন ব্যয়।
(ছ) মূলধনগত ব্যয় : এনে কিছুমান ব্যয় আছে যিবিলাক অনুষ্ঠানবিলাকে এবাৰেই কৰিব লগা হয়। এনেবিলাক ব্যয়েই হ’ল মূলধনগত ব্যয়। মাটি বা ভূমি কিনা, ঘৰ সজোৱা, গন্থাগাৰ, আচবাব, শিক্ষণ আহিলা ক্ৰয় ইত্যাদি এনে ব্যয়ৰ অন্তৰ্ভুক্ত।
২) ব্যক্তিগত ব্যয় (Personal Cost) : শিক্ষাৰ ক্ষেত্ৰত অনুষ্ঠানসমূহে ব্যয় কৰাৰ বাহিৰেও ছাত্ৰ বা অভিভাৱকসকলেও ব্যয় কৰিব লাগে। এই ব্যয়সমূহক তিনিটা ভাগত বিভক্ত কৰা হৈছে-
(ক) টিউচন ব্যয় (Tuition Cost)
(খ) টিউচন লগত জড়িত নথকা ব্যয় (Non-Tuition Cost)
(গ) সুযোগ ব্যয় (Opportunity Cost)
টিউচনৰ লগত জড়িত নথকা ব্যয়সমূহ হ’ল, ছাত্ৰাবাসত থাকি পঢ়াৰ খৰচ, কিতাপ-পত্ৰ কিনা, অহা-যোৱাৰ খৰচ, সাজ-পোছাকৰ খৰচ ইত্যাদি। শিক্ষাৰ সুযোগ ব্যয় হৈছে এক বিবাদমান বিষয়। ইয়াৰ অৰ্থ হৈছে, ছাত্ৰজনে পঢ়া-শুনাত ব্যস্ত থকাৰ বাবে তেওঁ পৰিয়ালৰ বাবে উপাৰ্জন কৰিব পৰা নাই। সেয়েহে মুঠ ব্যক্তিগত ব্যয়ক ইয়াত সাঙুৰি লোৱা হয়। ছাত্ৰজনৰ উপাৰ্জনৰ এক নিৰ্দিষ্ট টকা ধৰি লোৱা হয়।
Q.5. Enumerate the factors of cost of educational products.
Ans: শিক্ষাৰ ক্ষেত্ৰত কৰা ব্যয় আৰু কোনো শিল্প প্ৰতিষ্ঠাত কৰা ব্যয়ৰ মাজত যথেষ্ট পাৰ্থক্য আছে। কাৰণ শিল্পত কৰা ব্যয়ৰ উপাদান ব্যয় সহজে বাছি উলিয়াব পাৰি। উদাহৰণস্বৰূপে, ডোখৰ কৃষিক্ষেত্ৰত ভালকৈ যদি ব্যয় কৰা হয় তেন্তে ইয়াৰ উৎপাদন ভাল হ’বই। এডোখৰ ধানখেতি কৰা পথাৰত ধৰা হ’ল সাৰ প্ৰয়োগ নকৰাকৈ, ভাল শ্ৰমিক নিয়োগ নকৰাকৈ ধান উৎপাদন হ’ল ২০ মোন। যদি সেই একডোখৰ মাটিত সাৰ প্ৰয়োগ কৰি, কৰ্মপুট শ্ৰমিক নিয়োগ কৰা হয় তেন্তে ইয়াৰ উৎপাদন স্পষ্টভাৱে বৃদ্ধি পাব। গতিকে অতিৰিক্ত উৎপাদনখিনি ব্যয়ৰ বাবেহে সম্ভৱ হ’ল। কিন্তু শিক্ষাৰ ক্ষেত্ৰত কৰা ব্যয় ইমান স্পষ্টকৈ পৰিলক্ষিত নহয়। শিক্ষাৰ ক্ষেত্ৰত কৰা ব্যয়ত সাধাৰণতে তিনি প্ৰকাৰৰ অসুবিধাৰ সন্মুখীন হ’ব লগা হয়। এই সমস্যাসমূহ তলত দিয়া দিশকেইটাৰ লগত জড়িত।
১) শিক্ষাৰ উৎপাদন : কোনো এখন ফাৰ্ম বা শিল্প প্ৰতিষ্ঠানৰ উৎপাদন কাৰ্যৰ উপাদান ব্যয়ৰ লগত শিক্ষাৰ ক্ষেত্ৰত কৰা ব্যয়ৰ সাদৃশ্য নাই। তাৰ কেইটামান যুক্তি হ’ল-
১) শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ মানসিক সামৰ্থতা জড়িত হৈ আছে। আমি জানো যে সকলো ছাত্ৰ-ছাত্ৰীয়েই তীক্ষ্ণ বুদ্ধিৰ বা সকলো ছাত্ৰ-ছাত্ৰীয়েই নিম্ন বা পিছপৰা নহয়। শিক্ষকে যিদৰে জ্ঞান দিয়ে, ঠিক সেইদৰে ছাত্ৰ-ছাত্ৰীসকলে জ্ঞান আহৰণ কৰিব নোৱাৰিবও পাৰে। অৰ্থাৎ সকলো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকে দিয়া জ্ঞান আৰু কৌশলসমূহ সম পৰিমাণত আহৰণ কৰিব নোৱাৰে। তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকে দিয়া জ্ঞানসমূহ তৎক্ষণাত আয়ত্ত কৰে আৰু পিছপৰাসকলে আয়ত্ত কৰিব নোৱাৰে।
২) শিক্ষকৰ পৰা জ্ঞানৰ হস্তান্তৰকৰণ মুঠ ছাত্ৰ-ছাত্ৰীৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাৎ উপস্থিত থকা সকলো ছাত্ৰ-ছাত্ৰীয়েই জ্ঞান আহৰণ কৰে। কিন্তু সকলোৱে কৃতকাৰ্য নহয়। জ্ঞান দান কৰাৰ ক্ষেত্ৰত ব্যয় একেই হ’ল। এতিয়া সমস্যা হৈছে একক ব্যয় নিৰ্ধাৰণ কৰাৰ সময়ত কোনটো ল’ব- মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নে উত্তীৰ্ণ হোৱা সকলৰ সংখ্যা ?
৩) কোনো বস্তু উৎপাদন কৰোঁতে ইয়াৰ যন্ত্ৰবিলাক দীৰ্ঘদিন ব্যৱহাৰৰ বাবে নষ্ট হয়। কিন্তু শিক্ষাৰ ক্ষেত্ৰত ই সম্পূৰ্ণ ওলোটা। বয়স আৰু অভিজ্ঞতা বঢ়াৰ লগে লগে শিক্ষাই অভিজ্ঞতা বঢ়াবহে আৰু এই অভিজ্ঞ লোকসকলে উৎপাদনত বেছিহে সহায় কৰিব। সেয়েহে যন্ত্ৰৰ ক্ষেত্ৰত ব্যয় আৰু মানুহৰ ক্ষেত্ৰত কৰা ব্যয়ৰ মাজত সম্পূৰ্ণ পাৰ্থক্য আছে। দিন যোৱাৰ লগে লগে যন্ত্ৰত নতুনকৈ ব্যয় কৰিব লগা হয়।
২) শিক্ষাৰ লগত জড়িত অৰ্থনৈতিক গতিবিধি চিনাক্তকৰণ : শিক্ষাৰ ক্ষেত্ৰত টকা-পইচা ব্যয় কৰিবলগীয়া হয়। গতিকে প্ৰশ্ন হ’ল, টকা-পইচাসমূহ কোনে যোগান ধৰে ? শিক্ষানুষ্ঠান (বিশ্ববিদ্যালয় বা আন আন অনুষ্ঠান), শিক্ষক, শিক্ষা মন্ত্ৰীসভা/শিক্ষা সঞ্চালকালয়, পৰিয়াল, শিক্ষা সমাজ বা শৈক্ষিক ট্ৰাষ্টৰ দৰে ব্যক্তিগত সংগঠনসমূহ হৈছে শিক্ষাৰ ক্ষেত্ৰত টকা-পইচাৰ যোগান ধৰা অনুষ্ঠান। এফালে এই অনুষ্ঠানসমূহ শিক্ষা উৎপাদন কৰা এজেন্সি। আনহাতে এই অনুষ্ঠানসমূহে জ্ঞান কিনেও। এটা সাধাৰণ উদাহৰণেৰে এই কথাষাৰ ভালদৰে বুজিব পাৰি। উদাহৰণস্বৰূপে, পৰিয়ালৰ কথাই ধৰা হওক। পৰিয়ালসমূহে তেওঁলোকৰ কণ কণ শিশুসমূহক ডাঙৰ-দীঘল কৰে আৰু ঘৰতে অনানুষ্ঠানিকভাৱে প্ৰাৰম্ভিক জ্ঞানৰ আৰম্ভণি কৰে।
এইক্ষেত্ৰত পৰিয়ালবিলাক হ’ল জ্ঞানৰ উৎপাদন কৰোতা। তাৰ পাছত শিশুসমূহক বিদ্যালয়লৈ পঠিয়াই আৰু ছাত্ৰ-ছাত্ৰীক জ্ঞান দিয়াৰ বাবে টকা-পইচাৰ যোগান ধৰে। এইটো দিশৰ পৰা পৰিয়ালসমূহ হ’ল জ্ঞান কিনোতা। আকৌ শিক্ষানুষ্ঠানসমূহৰ কথা ল’ব পাৰি। শিক্ষানুষ্ঠানসমূহে ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান দান কৰে; অৰ্থাৎ জ্ঞান উৎপাদন কৰে। আকৌ সেই ছাত্ৰ-ছাত্ৰীসমূহক উচ্চ শিক্ষিত হোৱাৰ পাছত যদি এক অনুষ্ঠানত নিয়োগ কৰে তেন্তে তেওঁলোকক দৰমহা বা আন আন সুবিধাসমূহ দিব লাগে। অৰ্থাৎ জ্ঞান কিনে।
৩) লোকসেৱা হিচাপে শিক্ষা : আমি জানো যে শিক্ষা হৈছে এক প্ৰকাৰৰ লোকসেৱা আৰু এই শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে টকা-পইচা দি সহায় কৰে। শিক্ষাৰ ক্ষেত্ৰত ব্যক্তিয়ে কৰা ব্যয়তকৈ মুঠ সামাজিক ব্যয় বহুত বেছি। শিক্ষানুষ্ঠানসমূহৰ ব্যয় বেছিভাগেই চৰকাৰে বহন কৰে। চৰকাৰে শিক্ষানুষ্ঠান সমূহ স্থাপন কৰিবৰ বাবে টকা-পইচাৰ যোগান ধৰে আৰু কৰ্মচাৰীসকলৰ দৰমহাৰো ব্যৱস্থা কৰে।প্ৰকৃত অৰ্থত যি শিক্ষা আহৰণ কৰে সি শিক্ষাৰ ক্ষেত্ৰত ব্যয় কৰোতা নহ’বও পাৰে। তেওঁলোকৰ শিক্ষাৰ বাবে আনেহে ব্যয় কৰে। শিক্ষাৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে কৰা ব্যয়সমূহ খুব কমেহে লিখিত অৱস্থাত থাকে।
মূলধনক যিদৰে উৎপাদিত উৎপাদনৰ আহিলা বোলা হয় ; ঠিক সেইদৰে শিক্ষাও হৈছে এক উৎপাদিত উৎপাদনৰ আহিলা। মূলধন মানৱ উৎপাদিত বস্তু। প্ৰকৃতি প্ৰদত্ত বস্তুৰ লগত মানুহে নিজৰ শ্ৰম আৰু কৌশল খটুৱাই মূলধন সৃষ্টি কৰে। সেই মূলধন আকৌ উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয়। মানুহে শিক্ষাৰ দ্বাৰা শিক্ষিত হয় আৰু তাৰ পাছত মানৱ সৃষ্ট বা নানা বয়-বস্তু উৎপাদনত সহায় কৰে। এই শিক্ষাই জনসাধাৰণৰ সেৱা কৰে।
Q.6. Discuss about the concept of educational finance.
Ans: শৈক্ষিক বিত্ত মানে শিক্ষাৰ ক্ষেত্ৰত হোৱা আয় আৰু ব্যয়কে বুজোৱা হয়। অৰ্থাৎ শিক্ষাব্যৱস্থাৰ বাবে পুঁজি সংগ্ৰহ কৰি সেই পুঁজি শিক্ষাৰ পৰিচালনাৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱাকে বুজায়।
শৈক্ষিক পৰিকল্পনাৰ সন্তুলিত ৰূপায়নৰ বাবে শৈক্ষিক বিত্তৰো পৰিকল্পনা আৰু পৰিচালনা আৱশ্যক। শৈক্ষিক বিত্তৰ পৰিকল্পনা অবিহনে শৈক্ষিক পৰিকল্পনা অৰ্থহীন হ’ব। এখন দেশত শিক্ষাব্যৱস্থাই দেশখনৰ বিত্তীয় সম্পদৰ ওপৰত যুক্তিসংগতভাৱে দাবী কৰিব পাৰে। প্ৰত্যেক ৰাষ্ট্ৰই জাতীয় আয়ৰ এক বুজন অংশ ৰাষ্ট্ৰখনৰ শিক্ষাৰ বাবে ব্যয় কৰে, কিয়নো বৰ্তমান শিক্ষাক যিহেতু এক বিনিয়োগ আৰু সমাজ পৰিৱৰ্তনৰ আহিলা স্বৰূপে গণ্য কৰা হয়। শিক্ষাৰ ক্ষেত্ৰ যিমানেই ব্যাপক হয় সিমানেই শৈক্ষিক বিত্তৰ পৰিসৰো ব্যাপক হয়। পৰ্যাপ্ত পৰিমাণৰ পুঁজিৰ অবিহনে কোনো শৈক্ষিক কাৰ্যকে হাতত ল’ব নোৱাৰি। সেয়ে শৈক্ষিক বিত্তক শিক্ষাৰ পৰা পৃথক কৰিব নোৱাৰি। ৰাষ্ট্ৰখনৰ প্ৰাকৃতিক সম্পদসমূহৰ বিকাশ ইয়াৰ মানৱ সম্পদৰ যথোপযুক্ত বিকাশৰ অবিহনে সম্ভৱ নহয়। এনে বিকাশ শিক্ষাৰ যোগেদিহে সম্ভৱ হয়। বৰ্তমান শিক্ষাক এক অনৰ্থক বা উৎপাদনৰহিত কৰ্ম হিচাপে গণ্য কৰা হয়। লাহে লাহে এই কথা উপলব্ধি হৈছে যে শিক্ষাবিহীন লোকতকৈ শিক্ষিত লোকসকল বেছি পৰিমাণে উৎপাদনক্ষম।
চৰকাৰী শিক্ষা আৰু শৈক্ষিক বিত্ত ৰাষ্ট্ৰীয় অৰ্থনীতিৰ এক অবিচ্ছেদ্য অংগ। শিক্ষাৰ ক্ষেত্ৰত অধিক অর্থ ব্যয় কৰাটো এক উৎপাদিত বিনিয়োগহে কেৱল, দেনা পৰিশোধ নহয়। মানৱ সম্পদৰ বিকাশ হৈ ভৱিষ্যতে তাৰ প্ৰতিদান অধিক পৰিমাণে পোৱা যায়। চৰকাৰে বিদ্যালয় স্থাপন, শিক্ষণীয় সামগ্ৰী, পৰীক্ষাগাৰ, শিক্ষকৰ বাবে দৰমহা দিয়া, বিনামূলীয়া পোছাক, খাদ্য, পাঠ্যপুথি আদিৰ যোগান ধৰা মানে অনৰ্থক অৰ্থ ব্যয় কৰা নুবুজায়। বৰং ভৱিষ্যতে তাৰপৰা ৰাষ্ট্ৰীয় অৰ্থনীতিলৈ বহুত পৰিমাণে প্ৰতিদান দিয়ে। তাকে যদি ৰাষ্ট্ৰই নকৰে অৰ্থাৎ মানৱ সম্পদৰ বিকাশৰ বাবে আৰু কাৰিকৰী প্ৰশিক্ষণৰ বাবে যদি অৰ্থ ব্যয় নকৰে তেতিয়া ৰাষ্ট্ৰই প্ৰগতিৰ ব্যাহত হয় আৰু অৱনতিৰ ফালে গতি কৰে।
গতিকে শৈক্ষিক বিত্ত মানে মানৱ মূলধনৰ বাবে কৰা একপ্ৰকাৰৰ বিনিয়োগ যিয়ে ভৱিষ্যতে মানুহৰ লগতে সমাজতো কৌশলসমূহ আৰু সামৰ্থসমূহৰ বিকাশ ঘটাই ৰাষ্ট্ৰৰ উন্নতিত অৰিহণা যোগায়।
Q.7. Describe the factor “demand for finance in education.”
Ans: শিক্ষাৰ ক্ষেত্ৰত বিত্তৰ যোগানৰ সপক্ষে বহুত যুক্তি আছে। কিছুমান শক্তিয়ে উচ্চ শিক্ষাত বিত্তৰ যোগানত (উন্নত আৰু অনুন্নত) অৰিহণা যোগাইছে। এনেকুৱা ত্ৰিছটাৰো অধিক যুক্তি (Rationale) চিনাক্তকৰণ কৰা হৈছে। তলত প্ৰধান উপাদানসমূহ আলোচনা কৰা হৈছে-
(১) জনকল্যাণমূলক উপাদান : অনুন্নত দেশসমূহত ক্ৰমান্বয়ে বাঢ়ি অহা জনসংখ্যাৰ ফলস্বৰূপে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে হেঁচা পৰা পৰিলক্ষিত হৈছে। এই দেশবিলাকত জনসংখ্যা বৃদ্ধিৰ হাৰ বছৰি ২%ৰ পৰা ৩%। আমি যদি ভাৰতবৰ্ষৰ জনসংখ্যাৰ গতিবিধি লক্ষ্য কৰো তেন্তে দেখিবলৈ পাম যে ১৯০১ চনৰ পৰা ১৯২১ চনলৈ জনসংখ্যা ১৫ নিযুত বৃদ্ধি হ’ল। অৰ্থাৎ বছৰি গড় বৃদ্ধিৰ হাৰ আছিল ১৯%। কিন্তু ১৯২১ চনৰ পৰা ১৯৫১ চনৰ ভিতৰত জনসংখ্যা বৃদ্ধি হ’ল ১১০ নিযুত। বছৰি গড় বৃদ্ধিৰ হাৰ হ’ল ১.২২%। ১৯৫১ চনৰ পৰা ১৯৯১ চনৰ ভিতৰত জনসংখ্যা বৃদ্ধি হ’ল ৪৮২ নিযুত। বছৰি গড় বৃদ্ধিৰ হাৰ ২% তকৈও অধিক। ২০০১ চনত ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা ১০২৭ নিযুত আছিল। তাৰ উপৰিও অনুন্নত দেশবিলাকত জন্মহাৰ মৃত্যু হাৰতকৈ বেছি। ইয়াৰ ফলতো জনসংখ্যা বৃদ্ধি পাইছে।
জনসংখ্যা বৃদ্ধিৰ ফলস্বৰূপে বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বৃদ্ধি পাইছে তাৰ ফলস্বৰূপে নতুন বিদ্যালয় স্থাপন আৰু আনুষংগিক খৰচো বৃদ্ধি পাইছে। নগৰীকৰণে শিক্ষাৰ সুবিধাসমূহ যেনে- মানুহৰ উৎপাদন শক্তি বৃদ্ধি কৰা, সাংস্কৃতিক দিশৰ বিকাশ সাধন কৰা আদিৰ বিষয়ে জনসাধাৰণক সজাগ কৰি তুলিছে। তাৰ উপৰি বিভিন্ন ধৰণৰ জনসংখ্যা মাধ্যম (Mass Media) যেনে- টেলিভিছন, ৰেডিঅ’, বাতৰি কাকত আদিয়েও এই সজাগতাত অৰিহণা যোগাইছে।
গতিকে দেখা গ’ল যে জনসংখ্যা বৃদ্ধিৰ বাবে শিক্ষাত বিত্তীয় ব্যৱস্থা উন্নত হোৱা প্ৰয়োজন।
২) অৰ্থনৈতিক উপাদান : শিক্ষাত বিত্তীয় ব্যৱস্থাৰ বিভিন্ন উপাদানসমূহৰ ভিতৰত অৰ্থনৈতিক উপাদানটোৱেই আটাইতকৈ শক্তিশালী উপাদান। মানৱ মূলধনৰ ধাৰণাটোৱে সকলো অনুন্নত দেশৰ ৰাজনৈতিক মতাদর্শক সলনি কৰিছে। বিশিষ্ট অৰ্থনীতিবিদ ডেনিছন, বমেন, ছূল্টজ আদিয়ে মানুহৰ ক্ষেত্ৰত বিনিয়োগৰ ওপৰত গুৰুত্ব দিছে। চৰকাৰ নাইবা ব্যক্তি সকলোৱেই এই বিনিয়োগৰ ধাৰণাটোৰ দ্বাৰা প্ৰভাৱিত হৈছে আৰু সকলোৱে স্বীকাৰ কৰিছে যে বস্তুগত সম্পদত ব্যয় কৰাতকৈ মানুহৰ শিক্ষা, প্ৰশিক্ষণ, স্বাস্থ্য আদিৰ ক্ষেত্ৰত ব্যয় কৰিলে বেছি সুফল পোৱা যায়। অৰ্থনীতিৰ বিকাশ শ্ৰমিকসকলৰ উৎপাদন ক্ষমতাৰ বৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰে। সুশিক্ষিত আৰু প্ৰশিক্ষণপ্ৰাপ্ত শ্ৰমিকসকলৰ দ্বাৰাহে উৎপাদন বৃদ্ধি পাব। অৰ্থাৎ শিক্ষাৰ ওপৰতেই অৰ্থনৈতিক বিকাশ নিৰ্ভৰশীল। সেয়েহে Mark Blaug (১৯৭৩)য়ে কৈছে যে উচ্চ শিক্ষা মানেই উচ্চ আয়।
৩) সামাজিক উপাদান : অৰ্থনৈতিক বিকাশে প্ৰত্যেক দেশৰে জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰিছে আৰু সামাজিক সজাগতাৰ সৃষ্টি কৰিছে। এই সজাগতাৰ ফলস্বৰূপে শিক্ষাৰ প্ৰতি মানুহৰ আগ্ৰহ বাঢ়ি গৈছে। শিক্ষাক দৃঢ় আৰু সুস্থ কৰি তুলিবৰ বাবে বিভিন্ন আৰ্থ-সামাজিক গোটবিলাকে সামাজিক হেঁচা প্ৰয়োগ কৰিছে। তদুপৰি বিশেষ কিছুমান ধাৰণাই শিক্ষাৰ প্ৰতি সজাগতা সৃষ্টিত জনসাধাৰণক সহায় কৰিছে। তেনে ধাৰণা কিছুমান হ’ল-
ক) জাতি, ধৰ্ম, লিংগ, নিৰ্বিশেষে সকলোকে শিক্ষা দিয়াৰ ব্যৱস্থা (শিক্ষাত অসমতা নিৰ্মূল কৰা)।
খ) আয়ৰ অসমতা নিৰ্মূল কৰা।
গ) বিভিন্ন গোটৰ মাজত বৃত্তিগত পাৰ্থক্য নিৰ্মূলকৰণ।
ঘ) শিক্ষাক মানৱ অধিকাৰ বুলি গণ্য কৰা।
৪) ৰাজনৈতিক উপাদান : শিক্ষাৰ বিত্তীয় ব্যৱস্থাত ৰাজনৈতিক উপাদানসমূহৰ প্ৰভাৱ মন কৰিবলগীয়া। মৌলিক অধিকাৰবিলাকক গুৰুত্ব দিয়াৰ বাবে শিক্ষাৰ প্ৰতি জনসাধাৰণৰ মন আকৰ্ষণ কৰিবৰ বাবে বিভিন্ন আশা (Promise) দিয়ে। এই আশাসমূহ পূৰণ কৰিবৰ বাবেও অধিক বিত্তৰ প্ৰয়োজন হয়।
৫) প্ৰযুক্তিবিদ্যাগত উপাদান : বিভিন্ন প্ৰযুক্তিবিদ্যাগত সামগ্ৰীসমূহ শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিলে শিক্ষাৰ পৰা বেছি সুফল লাভ কৰিব পাৰি। তেনে কিছুমান আহিলা হ’ল- Overhead Projector, টেলিভিচন, ৰেডিঅ’, কম্পিউটাৰ ইত্যাদি। কিন্তু এইবিলাক হৈছে খৰচী আহিলা। শিক্ষাৰ ক্ষেত্ৰত এই আহিলাবিলাক ব্যৱহাৰ কৰিবলৈ হ’লে যথেষ্ট পৰিমাণে ব্যয় কৰিব লগা হয়। গতিকে অধিক বিত্তৰ প্ৰায়োজন হয়।
Q.8. Discuss the theoretical basis of educational finance.
Ans: শৈক্ষিক বিত্তীয় ব্যৱস্থাৰ তাত্ত্বিক ভিত্তিক তলত দিয়াৰ আলোচনা কৰিব পাৰি-
১) উৎপাদনশীলতা আৰু অৰ্থনৈতিক বিকাশৰ বাবে শিক্ষাত বিত্তৰ যোগান : শিক্ষাত বিনিয়োগ কৰিলে উৎপাদনশীলতা বৃদ্ধি পাব আৰু দেশৰ মুঠ জাতীয় উৎপাদন বৃদ্ধি হৈ অৰ্থনৈতিক বিকাশ সাধন হ’ব। যিমানে শিক্ষাত বিনিয়োগ বৃদ্ধি পাব সিমানেই শিক্ষিত শ্ৰমিকৰ বৃদ্ধি হ’ব আৰু এওঁলোকে উৎপাদন কাৰ্যত সহায় কৰিব। গৱেষণাৰ যোগেদি এইটো প্ৰমাণিত হৈছে যে শিক্ষা আৰু কৃষি উৎপাদনশীলতাৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে। M.E. Lockheed, D.T. Jamison, L.J. Lau (১৯৮০) য়ে কৃষকৰ শিক্ষা আৰু কৃষি সামৰ্থতাৰ ওপৰত এলানি অধ্যয়ন চলাইছিল। ইয়াৰ যোগেদি তেওঁলোকে প্ৰমাণ কৰিছে যে শিক্ষা আৰু কৃষি উৎপাদনশীলতাৰ মাজত সম্বন্ধ আছে।
তেওঁলোকে আফ্ৰিকা, এছিয়া, ইউৰোপ আৰু আমেৰিকাৰ পৰা বিভিন্ন তথ্যসমূহ সংগ্ৰহ কৰিছিল। ভাৰতবৰ্ষতো ১৯৬৮ চনত ডি, পি, চৌধুৰীয়ে গৱেষণা কৰি সেই একে তথ্যই প্ৰকাশ কৰিছে। এইবিলাক অধ্যয়নত এইটোও প্ৰমাণ কৰা হৈছে যে উচ্চ শিক্ষিত শ্ৰমিক নিয়োগ কৰিলে এওঁলোকে নতুন নতুন উৎপাদনৰ আহিলাসমূহ ব্যৱহাৰ কৰিব আৰু উৎপাদন বৃদ্ধি হ’ব।
২) সমতাৰ বাবে : সমাজৰ সমতা স্থাপনৰ বাবেও বিত্তৰ প্ৰয়োজন হয়। শিক্ষাৰ প্ৰতি ধাউতিয়ে নিঃসন্দেহে মানুহৰ জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰিছে আৰু সমাজৰ সমতা স্থাপন কৰিছে।
অনুন্নত দেশবিলাকত শিক্ষাৰ দায়িত্ব ৰাষ্ট্ৰৰ হাতত থাকে আৰু সেয়েহে সাংবিধানিক ব্যৱস্থাৰ যোগেদি শিক্ষামূলক সা-সুবিধাবিলাক পোৱা যায় আৰু সমাজত সমতা স্থাপন কৰিবলৈ বিচৰা হয়। উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ সংবিধানৰ ৪৫ আৰু ৪৬ নং অনুচ্ছেদত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা আছে। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিতো অসমতা আঁতৰ কৰিবৰ বাবে এনেদৰে উল্লেখ কৰিছে, “The new policy will lay special emphasis on the removal of disparities and to equalise educational opportunity by attending to the special needs of those who have been denied equality so far.”
এই শিক্ষানীতিত অসমতা প্ৰতিষ্ঠা কৰাত আৰু সকলো অঞ্চলৰ সকলো গোষ্ঠীক সামৰি সকলোকে সমপৰ্যায়ৰ শিক্ষাৰ সুবিধা দিয়া হৈছে। অনুসূচিত জাতিৰ সকলো লোকৰ অন্য জাতিৰ লোকৰ সৈতে সমপৰ্যায়ৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে। ১৪ বছৰ বয়সলৈকে ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ত সাৰ্বজনীন নাম ভৰ্তিকৰণৰ ওপৰত গুৰুত্ব দিছে। তাৰ উপৰি দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা দিবৰ বাবে নৱোদয় বিদ্যালয় স্থাপন কৰা হৈছে। গতিকে এইবিলাক কাৰ্যত ৰূপায়িত কৰিবলৈ টকা-পইচাৰ প্ৰয়োজন হয়।
৩) দক্ষতাৰ বিকাশৰ বাবে : বর্তমান সময়ত শিক্ষা আঁচনি প্ৰস্তুত কৰোতা আৰু প্ৰশাসনিক বিষয়াসকলে বিদ্যালয়ৰ যোগেদি দক্ষতাৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। সংখ্যাগত বিকাশৰ লগতে গুণগত বিকাশো সমানে গুৰুত্বপূৰ্ণ। অনুন্নত দেশবিলাকে পাঠ্যক্ৰমৰ উন্নতি আৰু সংস্কাৰ সাধনৰ জৰিয়তে গুণগত দিশৰ বিকাশ সাধনত গুৰুত্ব আৰোপ কৰিছে। আন আন কিছুমান পদ্ধতি হ’ল পৰীক্ষা পদ্ধতিৰ সংস্কাৰ সাধন, শিক্ষক প্ৰশিক্ষণ আঁচনিৰ উন্নতি সাধন, অনুষ্ঠানসমূহত সম্পদ বৃদ্ধিকৰণ, বিভিন্ন শিক্ষণ আহিলাৰ ব্যৱহাৰ ইত্যাদি। এই পদ্ধতিসমূহ অৱলম্বন কৰিলে শিক্ষাৰ বিভিন্ন শিক্ষণ আহিলাৰ ব্যৱহাৰ ইত্যাদি। এই পদ্ধতিসমূহ অৱলম্বন কৰিলে শিক্ষাৰ গুণগত মানদণ্ড বৃদ্ধি হ’ব।
৪) বিভিন্নতাৰ বাবে : আধুনিক জটিল পৃথিৱীখনত মূল্যবোধৰ সঘনাই পৰিৱৰ্তন হৈছে আৰু সমাজৰ পৰিৱৰ্তন সংঘটিত হৈছে। সেয়েহে শিক্ষণ পদ্ধতি এনেকুৱা হ’ব লাগে যাতে জনসাধাৰণে এই পৰিৱৰ্তনশীলতাৰ লগত খাপ খাব পাৰে। শিক্ষামূলক বিভিন্ন চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি শৈক্ষিক পৰিকল্পনা কৰিব লাগে। চৰকাৰে এই বিভিন্নতা ৰক্ষা কৰিবৰ বাবে সাধাৰণ আৰু বৃত্তিমূলক শিক্ষাৰ বাবে যথেষ্ট পৰিমাণে ব্যয় কৰিব লগা হয়। উদাহৰণস্বৰূপে, ভাৰতবৰ্ষত চৰকাৰে গণতান্ত্ৰিক মূল্যবোধ আৰু শিক্ষাৰ ভিন্নতা ৰক্ষা কৰিবৰ বাবে বিভিন্ন ধৰণৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লগা হৈছে। এক বহল শিক্ষানীতিৰ আধাৰত শিক্ষানুষ্ঠানবিলাক পৰিচালনা কৰা হয়। এই অনুষ্ঠানবিলাক ব্যক্তিগত স্বত্বাধিকাৰী, ধর্মীয় সংস্থা, স্থানীয় সংস্থা আৰু চৰকাৰীভাৱে পৰিচালিত হয়। ইয়াৰ উপৰিও সাধাৰণ শিক্ষা, বৃত্তিমূলক আৰু কাৰিকৰী শিক্ষা, দিকবিন্যাস পাঠ্যক্ৰম, প্ৰাপ্তবয়স্ক শিক্ষা আৰু বিশেষ শিক্ষাৰ যোগেদি বিভিন্ন ধৰণৰ শিক্ষা দিয়াৰ ব্যৱস্থা আছে। Director of Educationয়ে পিছপৰা জাতি আৰু জনজাতিবিলাকৰ উন্নতি সাধনত সহায় কৰিছে। তাৰ উপৰি বিভিন্ন কাৰণত উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰাসকলৰ বাবে মুক্ত বিদ্যালয় বা মুক্ত বিশ্ববিদ্যালয়ৰ ব্যৱস্থা আছে। শিক্ষাৰ ক্ষেত্ৰত থকা এই বিভিন্নতাবিলাক এখন গণতান্ত্ৰিক সমাজৰ অতি প্ৰয়োজনীয় বস্তু। এই সকলোবিলাক সুবিধা কৰিবৰ বাবে বিত্তৰ প্ৰয়োজন।
৫) অসংজ্ঞানাত্মক ফলশ্ৰুতিৰ বাবে : শিক্ষাই সামাজিক অন্তঃদ্বন্দ্বৰ বিৰুদ্ধে এক সুস্থ পৰিৱেশৰ সৃষ্টি কৰে। ইয়াৰ সহায়ত চৰিত্ৰ গঠনো হয়। ১৯৭৪ চনত Inkeks আৰু Smithয়ে আৰ্জেন্টিনা, চিলি, ভাৰত, ইজৰাইল, নাইজেৰিয়া, আৰু পূৱ পাকিস্তানৰ ৬০০০ মানুহৰ ওপৰত কৰা অধ্যয়নৰ যোগেদি প্ৰমাণ কৰিছিল যে শিক্ষামূলক অভিজ্ঞতা আৰু প্ৰাপ্তবয়স্কসকলৰ প্ৰৱণতাৰ পাৰ্থক্যতাৰ মাজত বৃহৎ সাদৃশ্য আছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষীপ্ৰ বিকাশৰ ফলস্বৰূপে মানুহৰ জীৱন-ধাৰণৰ মানদণ্ড আৰু সামাজিক আন্তঃগাথঁনিৰ পৰিৱৰ্তন সাধন হৈছে। শিল্পৰ বিকাশৰ লগে লগে অৰ্থনৈতিক বিকাশ হৈছে। ইয়াৰ ফলস্বৰূপে কৰ্মক্ষেত্ৰতো পৰিৱৰ্তন ঘটিছে।
Q.9. Write about the determinants of educational costs.
Ans: শিক্ষাৰ ক্ষেত্ৰত এনে কিছুমান ব্যয় আছে যিবিলাকে শিক্ষাৰ আভ্যন্তৰীণ দিশৰ উন্নতি সাধন কৰে। এনেবিলাক ব্যয়কে আভ্যন্তৰীণ নিৰ্ধাৰক বোলা হয়। আভ্যন্তৰীণ নিৰ্ধাৰকসমূহৰ বিষয়ে Philiph Cambs, Hallak আৰু Jacquesয়ে কৈছে, Internal determinants are closely allied to the technology employed by educational and to the policies adopted, especially regarding the payment, development and utilisation of teachers.”
শিক্ষানুষ্ঠান স্থাপন, শিক্ষকৰ দৰমহা আৰু আন আন কৰ্মচাৰীৰ দৰমহা, প্ৰশিক্ষণ ব্যৱস্থা, নতুন প্ৰযুক্তিৰ ব্যৱহাৰ আদিৰ ক্ষেত্ৰত এখন বৃহৎ পৰিমাণৰ ব্যয় কৰিব লগা হয়। প্ৰায় পৃথিৱীৰ সকলো দেশতেই এনেবিলাক ক্ষেত্ৰত মুঠ ব্যয়ৰ চাৰিভাগৰ তিনি অংশ ব্যয় কৰা হয়।কিছুমান আভ্যন্তৰীণ নিৰ্ধাৰক তলত আলোচনা কৰা হৈছে-
১) শিক্ষকৰ ব্যয় : শিক্ষা পদ্ধতিত উচ্চতম ব্যয়ৰ প্ৰয়োজন হয়। মুঠ খৰচৰ বেছি অংশই শিক্ষকৰ দৰমহা, সা-সুবিধা, প্ৰশিক্ষণ আদিৰ বাবে ব্যয় কৰা হয়। ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধিৰ লগে লগে শিক্ষকৰ চাহিদাও বৃদ্ধি পায়। যদি ছাত্ৰ-ছাত্ৰীক ব্যক্তিগত মনোযোগ দিব লগা হয় তেতিয়া প্ৰতি শিক্ষকৰ প্ৰতি ছাত্রৰ সংখ্যা হ্ৰাস কৰিব লাগিব। তেনে ক্ষেত্ৰত অতিৰিক্ত শিক্ষকৰ প্ৰয়োজন হয়। শিক্ষাৰ ক্ষেত্ৰত ন ন প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত শিক্ষকক সেইবিলাকৰ বিষয়ে প্ৰশিক্ষণ দিবৰ বাবেও অতিৰিক্ত খৰচ হয়। শিক্ষকৰ এইবিলাক উপাদানে শিক্ষাৰ ব্যয় নিৰ্ধাৰণ কৰে।
২) শিক্ষাত নতুন কৌশল প্ৰয়োগ : শৈক্ষিক কৃতকাৰ্যতা শ্ৰৱণ দর্শন আহিলাৰ ব্যৱহাৰৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। কম্পিউটাৰৰ ব্যৱহাৰ, টেলিভিছনৰ যোগেদি পাঠদান V.C.Rৰ ব্যৱহাৰে শিক্ষাদান প্রক্রিয়াক বেছি মনোগ্ৰাহী কৰি তোলে। কিন্তু এই আহিলাবিলাক যথেষ্ট খৰচী। এইবিলাকে শিক্ষাৰ ব্যয় নিৰ্ধাৰণ কৰে।
শিক্ষাত প্ৰযুক্তিবিদ্যাৰ আহিলাসমূহৰ ব্যৱহাৰ সম্পৰ্কত দুটা মতামত পোৱা যায়। এটা দলে এই আহিলাসমূহক ‘সহায়কাৰী আহিলা’ হিচাপে গণ্য কৰে আৰু আনটো দলে ‘বিকল্প কৌশল’ হিচাপে গণ্য কৰে। শিক্ষাৰ ক্ষেত্ৰত প্ৰজেক্টৰৰ ব্যৱহাৰ, কেছেটৰ ব্যৱহাৰ, কম্পিউটাৰ আদিয়ে সহায়কাৰী আহিলা হিচাপে কাম কৰে। আনহাতে মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষাত ৰেডিঅ’, টেলিভিছন আদিৰ সহায়ত পাঠদান কৰা হয়। ইয়াত এই আহিলাসমূহক শিক্ষকৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হয়। সাধাৰণতে প্ৰশ্ন হ’ব পাৰে যে এই আহিলাবিলাকৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিলে শিক্ষকৰ বাবে ই প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে নেকি ? কিন্তু এই ধাৰণা অমূলক। কাৰণ সম্পদৰ নাটনি আৰু প্ৰযুক্তিবিদ্যাগত সামগ্ৰীসমূহৰ ব্যৱহাৰৰ বাবে মানৱ সম্পদৰ প্ৰয়োজন হ’বই। অনুন্নত অৰ্থনীতিত T. V., V.C.R., Computerৰ দৰে আহিলাসমূহৰ ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ অৰ্থনৈতিক সম্পদৰ নাটনি হয়। দ্বিতীয়তে, শিক্ষণ প্ৰক্ৰিয়াত শিক্ষকে সদায়েই গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে।
৩) নতুন মাধ্যমসমূহৰ ব্যৱহাৰত প্ৰতিবন্ধকসমূহ : শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন প্ৰযুক্তিবিদ্যাগত আহিলা ব্যৱহাৰ কৰা হয়। এই আহিলাসমূহৰ ব্যৱহাৰে শিক্ষণ প্রক্রিয়াক অধিক ফলপ্ৰসূ কৰি তুলিছে। কম্পিউটাৰ, প্ৰজেক্টৰ আদিৰ নাম এই ক্ষেত্ৰত ল’ব পাৰি। কিন্তু এইবিলাকৰ অসুবিধা কিছুমানো আছে। এইবিলাকৰ ব্যৱহাৰৰ বাবে পাৰদৰ্শী লোকৰ প্ৰয়োজন হয়। প্ৰশিক্ষণপ্ৰাপ্ত লোকক সৃষ্টি কৰিবলৈ তেওঁলোকৰ ক্ষেত্ৰত ব্যয় কৰিব লগা হয়। তাৰ উপৰি এই আহিলাবিলাক নষ্ট হোৱাৰ সম্ভাৱনীয়তা আছে। গতিকে পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈও খৰচ কৰিব লগা হয়। এইবিলাকেও শৈক্ষিক ব্যয় বৃদ্ধিত সহায় কৰে।
শৈক্ষিক ব্যয়ৰ বাহ্যিক নিৰ্ধাৰকসমূহ :
শৈক্ষিক ব্যয়ৰ বাহ্যিক নিৰ্ধাৰকসমূহৰ প্রত্যক্ষ প্ৰভাৱ পৰে। বাহ্যিক নিৰ্ধাৰকসমূহক তলত দিয়াৰ দৰে ভাগ কৰিব পাৰি-
১) মুদ্ৰাস্ফীতি :
যেতিয়া মুদ্ৰাৰ ক্ৰমক্ষমতা আৰু মূল্যৰ হ্ৰাস পায় তেতিয়া মুদ্ৰাস্ফীতিৰ সৃষ্টি হয়। মুদ্ৰাস্ফীতিৰ ফলত স্থায়ী আৰু অবিৰতভাৱে মূল্যস্তৰ বৃদ্ধি হয় আৰু মুদ্ৰাৰ মূল্যৰ অৱনতি হয়। অৰ্থাৎ সামগ্ৰীসমূহৰ দৰসূচী বৃদ্ধি, চৰকাৰী কৰ-কাটল, বানপানী আৰু খৰাং বতৰৰ দৰে প্ৰাকৃতিক দুৰ্যোগ, দ্ৰব্যৰ মানবৃদ্ধি আদিৰ ফলত মুদ্ৰাস্ফীতি হ’ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত এই মুদ্ৰাস্ফীতিৰ প্ৰভাৱ ইমান সাংঘাতিক যে শিক্ষাৰ সকলো স্তৰতে বিনিয়োগৰ পৰিমাণ হ্ৰাস পায়। মুদ্ৰাৰ মূল্য হ্ৰাস পোৱাৰ লগে লগে শিক্ষাৰ ক্ষেত্ৰত ক্ৰয় কৰিব পৰা ক্ষমতা কমি যায় বা বেছি মূল্য দিব লগা হয়। বিকাশৰ আঁচনি যেনে, ঘৰ-দুৱাৰ সজা, পৰীক্ষাগাৰৰ আহিলা-পাতি কিনা, শিক্ষক আৰু অফিচৰ কৰ্মচাৰী নিয়োগ আদিৰ বাবে পঞ্চবাৰ্ষিক পৰিকল্পনাত টকাৰ পৰিমাণ ধাৰ্য কৰা হয়। কিন্তু মুদ্ৰাৰ মূল্য হ্ৰাস পোৱা বাবে এই আঁচনিবিলাকৰ প্ৰয়োগত অসুবিধাৰ সৃষ্টি হয়।
২) চাহিদা বৃদ্ধি আৰু শিক্ষাৰ ব্যয় :
বৰ্তমান দ্ৰুত গতিত শিক্ষাৰ চাহিদা বৃদ্ধি পাইছে। চাহিদা বৃদ্ধিৰ লগে লগে শিক্ষাৰ ব্যয়ও বৃদ্ধি পাই আহিছে। চাৰিটা উপাদানে চাহিদা বৃদ্ধিত সহায় কৰিছে। সেইকেইটা হ’ল-
ক) জনসংখ্যা বৃদ্ধি :
বৰ্তমান জনসংখ্যা বৃদ্ধিৰ সমস্যাটোৱে এক গুৰুতৰ ৰূপ ধাৰণ কৰিছে। জনসংখ্যা বৃদ্ধিৰ লগে লগে স্কুললৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পায় আৰু শিক্ষাৰ ব্যয়ও বৃদ্ধি পায়। শিক্ষক, কিতাপ-পত্ৰ, শ্ৰেণী কক্ষ আৰু আন আন সা-সঁজুলিবিলাকৰ চাহিদাও জনসংখ্যাৰ ওপৰতে নিৰ্ভৰ কৰে। ভাৰতবৰ্ষৰ জনসংখ্যাৰ গতিবিধি লক্ষ্য কৰিলে দেখা যায় যে জনসংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি হৈ গৈ আছে। ১৯০১ চনৰ পৰা ২০০১ চনলৈ ভাৰতৰ জনসংখ্যাৰ চিত্ৰ এনে ধৰণৰ-
ওপৰৰ তালিকাত আমি দেখা পাইছো যে ১৯০১ চনত মুঠ জনসংখ্যা আছিল মাত্ৰ ২৬৯ নিযুত আৰু ২০০১ চনত জনসংখ্যা বৃদ্ধি হৈ ১০২৭ নিযুত হয়গৈ। এই জনসংখ্যা বৃদ্ধিৰ ফলত শিক্ষাৰ চাহিদাও বৃদ্ধি পাইছে আৰু শিক্ষাৰ ব্যয়ও যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে।
খ) পৰিয়ালৰ সজাগতা আৰু আশা-আকাংক্ষা বৃদ্ধি : শিক্ষাৰ ক্ষেত্ৰত চাহিদা বৃদ্ধি পোৱাৰ লগে লগে শিক্ষিতৰ হাৰ বৃদ্ধি পাইছে। পৰিয়ালবোৰ আগতকৈ বেছি সচেতন হৈ পৰিছে। তেওঁলোকে তেওঁলোকৰ সন্তানসকল পৰিৱৰ্তনশীল সমাজৰ প্ৰত্যাহ্বানৰ লগত সন্মুখীন হ’ব পৰাকৈ সকলো দিশতে পাৰদৰ্শী কৰি তুলিবলৈ যত্নপৰ হৈছে। তাৰ উপৰিও মানুহৰ আশা-আকাংক্ষাবিলাক বৃদ্ধি পোৱাৰ বাবেও শিক্ষাৰ ক্ষেত্ৰত ব্যয় বেছি কৰিব লগা হৈছে। উদাহৰণস্বৰূপে আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰা আৰু কৰ্মৰত পুৰুষ- মহিলাসকলেও দূৰত্ব শিক্ষা বা মুক্ত বিশ্ববিদ্যালয়ৰ যোগেদি জ্ঞান আহৰণ কৰাত আগ্ৰহী হৈ উঠিল। শিশুসকলক সকলো দিশতে পাৰদৰ্শী কৰি তুলিবলৈ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট বিনিয়োগ কৰিব লগা হয়। আকৌ মুক্ত বিশ্ববিদ্যালয় বা দূৰত্ব শিক্ষাৰ যোগেদি জ্ঞান আহৰণ কৰিবলৈও শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ব্যয় কৰিব লগা হয়।
গ) শৈক্ষিক সুবিধাবিলাকৰ গণতান্ত্ৰিক ৰণনীতি গ্ৰহণ : এখন গণতান্ত্ৰিক দেশত জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলোৱে সমান সুবিধা পাব লাগে। আমাৰ সংবিধানৰ ৪৫ নং অনুচ্ছেদত বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন প্ৰাথমিক শিক্ষা দিয়াৰ কথা উল্লেখ আছে। গতিকে এই নীতিবিলাক কাৰ্যকৰীকৰণ কৰিবলৈ যাওঁতে শিক্ষাৰ ক্ষেত্ৰত অধিক ব্যয় কৰিব লগা হয়। সংবিধানৰ ৪৬নং অনুচ্ছেদত উল্লেখ আছে যে কেন্দ্ৰই কিছুমান ৰাজ্যলৈ আঞ্চলিক অসমতা দূৰ কৰিবৰ বাবে বেছি আৰ্থিক সাহায্য আগবঢ়াব লাগে। গতিকে এনে বিলাক নীতিৰ বাবে অধিক বিত্তীয় সাহায্যৰ প্ৰায়োজন হয়।
ঘ) দেশৰ অৰ্থনীতিত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ বাবে মানৱ শক্তিৰ প্ৰয়োজনীয়তা : বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ন ন আহিলাসমূহৰ ব্যৱহাৰৰ ফলত দেশৰ অৰ্থনীতিৰ দ্ৰুতবিকাশ হয়। যিকোনো শিল্প উদ্যোগত এই আহিলাবিলাকৰ ব্যৱহাৰ অতি দৰকাৰ। এই আহিলাবিলাকৰ ব্যৱহাৰৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত মানৱ শক্তিৰ প্ৰয়োজন হয়। গতিকে শিক্ষাৰ ক্ষেত্ৰত অধিক ব্যয় কৰিব লগা হয়।
৩) শিক্ষাৰ উপাদান ব্যয় আৰু বজাৰৰ সেইবিলাকত প্ৰভাৱ : বজাৰৰ শক্তিসমূহে শিক্ষাৰ ব্যয়ৰ হ্ৰাস বৃদ্ধিত প্ৰভাৱ পেলায়। সমগ্র শিক্ষণ পদ্ধতিটোত শৈক্ষিক উপাদানসমূহ যেনে- মানৱশক্তি (শিক্ষক), সহায়ক কৰ্মচাৰী, ঘৰ, কিতাপ-পত্ৰ আদিৰ বাবে যথেষ্ট ব্যয় কৰিব লগা হয়। সমগ্র পদ্ধতিতো এই বৃহৎ ব্যৱসায়ৰ দৰে। কোনো এটা শিল্পত উৎপাদিত সমগ্ৰীটোৰ দৰ সমগ্ৰীটো উৎপাদন কৰোতে ব্যৱহাৰ হোৱা কেঁচা সামগ্ৰীসমূহৰ খৰচৰ ওপৰত নিৰ্ভৰ কৰে। যদি কেঁচা সামগ্ৰীসমূহৰ দৰ কম হয় তেন্তে উৎপাদিত সামগ্ৰীটোৰো দামো কম হ’ব আৰু যদি বেছি হয় তেন্তে সামগ্ৰীটোৰ দামো বেছি হ’ব। ঠিক সেইদৰে শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা বিভিন্ন উপাদানসমূহ যেনে, শিক্ষক, কিতাপ-পত্ৰ, আহিলা-পাতি, বিভিন্ন ধৰণৰ ঘৰ সজা সামগ্ৰী, শ্ৰমিক, আন আন কৰ্মচাৰীৰ ক্ষেত্ৰত হোৱা ব্যয়ে শিক্ষাৰ ব্যয়ো বৃদ্ধি কৰে। অৰ্থাৎ উপাদানসমূহৰ ব্যয় বাঢ়ি যোৱাৰ লগে লগে শিক্ষাৰ খৰচো বৃদ্ধি পায়।
৪) শৈক্ষিক ৰাজহ : শৈক্ষিক ৰাজহে শিক্ষাৰ ব্যয়ত প্ৰভাৱ পেলায়। চৰকাৰে বা শিক্ষানুষ্ঠানসমূহে হাতত লোৱা বিভিন্ন ধৰণৰ কাম-কাজসমূহ সম্পন্ন কৰিবলৈ বহু পৰিমাণে বিত্তৰ প্ৰয়োজন হয়। বিত্তৰ অবিহনে বহুত সৎ উদ্দেশ্য নিহিত থকা আচঁনিও ৰূপায়ণ কৰিব পৰা নাযায়। সেয়েহে মাচুল আদিৰ পৰা ৰাজহ সংগ্ৰহ কৰে। মাচুলৰ উদ্দেশ্য হ’ল তাৰ বিনিময়ত পোনপটীয়াভাৱে কোনো সুবিধা লাভ কৰা। বৰ্তমান শিক্ষা ব্যৱস্থাত মাচুলৰ পৰিমাণ বৃদ্ধি পাই আহিছে। তাৰ ফলত শৈক্ষিক ব্যয়ও ক্ৰমান্বয়ে বৃদ্ধি পাৰিছে। শৈক্ষিক ৰাজহৰ আন এটা উৎস হ’ল দান আৰু অনুদান।
Q.10. Discuss the different problems of educational finance.
Ans: বিভিন্ন আয়োগ আৰু বিভিন্ন ব্যক্তিয়ে শিক্ষাৰ মানদণ্ড উন্নত কৰিবৰ বাবে শৈক্ষিক আঁচনি প্ৰস্তুত কৰিছে যদিও শিক্ষাৰ ক্ষেত্ৰত যিমানখিনি আশা হৈছিল সিমান সাফল্য লাভ কৰিব পৰা নাই। ইয়াৰ কিছুমান সমস্যা আছে। সেইবিলাক তলত আলোচনা কৰা হ’ল-
১) অসম্পূৰ্ণ কাম : সংবিধানৰ ৪৫নং অনুচ্ছেদত এইটো নিৰ্ধাৰিত কৰি দিয়া হৈছিল যে ১৯৬০ চনৰ ভিতৰত ১৪ বছৰ বয়সৰ সকলো শিশুকেই বিদ্যালয়ত নামভৰ্তি কৰাব লাগিব। কিন্তু এই কাৰ্যটি এতিয়াও কৃতকাৰ্য হোৱা নাই। চতুৰ্থ পৰিকল্পনাকালত ১০০ জনৰ ভিতৰত ৩১ জনে আৰু পঞ্চম পৰিকল্পনাত ১০০ জনৰ ভিতৰত ৪৩ জনেহে বিদ্যালয়ত নামভৰ্তি কৰা দেখা গ’ল। বিফলতাৰ এইটো এটা সাধাৰণ উদাহৰণহে। প্ৰত্যেক আচঁনিতে এই অকৃতকাৰ্যতাসমূহ পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে ১৯৮৬ চনৰ শিক্ষানীতিৰ ‘নৱোদয় বিদ্যালয়’ নাম ল’ব পাৰি। এই শিক্ষানীতিত সমাজৰ পিছপৰা দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ বাবে মাধ্যমিক শিক্ষা দিবৰ বাবে ‘নৱোদয় বিদ্যালয়’ৰ পৰিকল্পনা কৰা হৈছিল যদিও কাৰ্যত সমাজৰ ধনীলোকৰ লোকসকলেহে এই সুবিধা আদায় কৰা দেখা গৈছে। ইয়াৰ মূল কাৰণ হ’ল ৰাজনৈতিক প্ৰভাৱ। শিক্ষা ব্যৱস্থা যেতিয়ালৈকে ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত নহ’ব শৈক্ষিক পৰিকল্পনাই তেতিয়ালৈকে কৃতকাৰ্যতা লাভ কৰিব নোৱাৰিব।
২) গুণগত দিশৰ ওপৰত গুৰুত্ব নিদিয়া : J.P.Naikয়ে চতুৰ্থ পৰিকল্পনাত শিক্ষাৰ ক্ষেত্ৰত কৈছে যে আগৰ তিনিটা পঞ্চবাৰ্ষিক পৰিকল্পনাত গুণগত শিক্ষাই প্ৰাধান্য পোৱা নাই। গুণগত শিক্ষাৰ ক্ষেত্ৰত পুঁজিৰ যোগানো সীমাবদ্ধ। প্ৰাথমিক শিক্ষাৰ স্তৰত এই দশম পৰিকল্পনাৰ সময়তো অপচয় আৰু অনুন্নয়ন নিৰ্মূল হোৱা নাই। ব্যয়ৰ বিনিময়ত সংখ্যাগত বিকাশহে পৰিলক্ষিত হৈছে। তাৰ উপৰি বহু ক্ষেত্ৰত প্রয়োজনীয় পৰিমাণে ব্যয় কৰাও হোৱা নাই। যেনে- পাঠ্যক্ৰমৰ পুনঃসংস্কৰণৰ ক্ষেত্ৰত, চাকৰিকালীন প্ৰশিক্ষণ, গৱেষণাৰ বিকাশ ইত্যাদি। ছাত্ৰ-ছাত্ৰীৰ গুণগত দিশৰ বিকাশ সাধনৰ বাবে মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষাৰ যোগেদি প্ৰচেষ্টা চলোৱা হৈছিল; কিন্তু এই পৰিকল্পনাই ফলপ্ৰসূতা লাভ কৰিব নোৱাৰিলে। সেয়েহে ড° জাকিৰ হুছেইনে ইয়াক ‘FRAUD’ নামেৰে আখ্যা দিছিল।
৩) দীৰ্ঘ পৰিকল্পনাৰ অভাৱ : আমাৰ পৰিকল্পনাৰ সময়সীমা কম। পাঁচ বছৰৰ ভিতৰত সকলোবিলাক আঁচনি কাৰ্যত ৰূপায়িত নহ’বও পাৰে। যদি ২০ বছৰৰ কাৰণে পৰিকল্পনা কৰা হয় আৰু ইয়াক যদি চাৰিটা ভাগত ভাগ কৰা হয় তেন্তে ই বেছি কাৰ্যকৰী হ’ব। আগৰ আঁচনিবিলাকলৈ লক্ষ্য কৰিলে দেখা পোৱা যায় যে ইখন আঁচনিৰ লগত সিখনৰ সাদৃশ্য নাই। উদাহৰণস্বৰূপে – পঞ্চম পাঁচবছৰীয়া পৰিকল্পনাখনলৈ আঙুলিয়াব পাৰি। এই পৰিকল্পনাৰ আগৰকেইখন পৰিকল্পনাৰ লগত মিল নাছিল। এনে হ’লে শিক্ষামূলক কাৰ্যসূচীসমূহ আধৰুৱা হৈ থাকিব। সেয়েহে চাজেন্টে চল্লিছ বছৰৰ বাবে শিক্ষা পৰিকল্পনা কৰাৰ মত পোষণ কৰিছিল।
৪) প্ৰস্তুত আৰু প্ৰয়োগকৰণৰ মাজত ব্যৱধান : আমাৰ শৈক্ষিক পৰিকল্পনাসমূহ দিল্লীত কৰা হয়। তাৰ পিছতহে ই তললৈ বৈ আহে। দেশৰ অভিজ্ঞ লোক আৰু পৰিদৰ্শনকাৰী বিষয়াসকলে শৈক্ষিক আঁচনিৰ ক্ষেত্ৰত একো কৰিবলৈ সুবিধা নাপায়। আনহাতে এই আঁচনিসমূহৰ শৈক্ষিক ৰূপায়ণ শ্ৰেণীকক্ষতহে হয়। কিন্তু আঁচনি প্ৰস্তুতকর্তাসকলৰ শ্ৰেণীকক্ষৰ অভিজ্ঞতা নোহোৱাৰ বাবে সমস্যাৰ সৃষ্টি হয়।
৫) বিদেশী কৌশল আৰু জ্ঞানৰ ওপৰত নিৰ্ভৰশীল : শৈক্ষিক পৰিকল্পনা প্ৰস্তুত কৰিবলৈ বিদেশী অভিজ্ঞ লোকৰ সহায় লোৱা হয়। বহুক্ষেত্ৰত বিদেশী বিত্ত সাহায্যৰ ওপৰতো নিৰ্ভৰ কৰিব লগা হয়। সম্পূৰ্ণৰূপে আনৰ ওপৰত নিৰ্ভৰ কৰাটো বিপদজনক।
৬) শৈক্ষিক পৰিকল্পনাৰ অৰ্থনৈতিক পৰিকল্পনাৰ লগত সম্পৰ্ক নাই : ভাৰতবৰ্ষত শৈক্ষিক পৰিকল্পনাৰ লগত অৰ্থনৈতিক পৰিকল্পনাৰ কোনো সম্পর্ক নাই। পৰিকল্পনা কৰাসকলে মানৱ শক্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব নিদিয়াকৈ পৰিকল্পনা কৰে। আঁচনি প্ৰস্তুত কৰোতে মানৱশক্তিৰ চাহিদা আৰু যোগানৰ দিশটোলৈ লক্ষ্য ৰাখিব লাগিব। ইয়াকে নকৰিলে নিবনুৱা সমস্যাই দেখা দিয়ে।
৭) বিশ্ববিদ্যালয় ডিগ্ৰীৰ ওপৰত গুৰুত্বদান : শৈক্ষিক পৰিকল্পনাই বিশ্ববিদ্যালয়ৰ ডিগ্ৰীধাৰী মানৱ সম্পদ সৃষ্টিৰ ওপৰতহে বেছি গুৰুত্ব দিছে। আঁচনিসমূহে আনুষ্ঠানিকতাবিহীন শিক্ষাৰ ওপৰত বেছি গুৰুত্ব দিয়া নাই।
৮) আঞ্চলিক অসমতা : আঞ্চলিক অসমতাই শৈক্ষিক আঁচনিবিলাকৰ প্ৰয়োগৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। বিভিন্ন ৰাষ্ট্ৰসমূহত শিক্ষামূলক আচঁনিসমূহৰ মাজত পাৰ্থক্য থকা পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে- প্ৰাথমিক শিক্ষাৰ নামভৰ্তিৰ বয়সৰ ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্ৰবিলাকৰ মাজত সাদৃশ্য নাই। অৱশ্যে ভাৰতীয় সংবিধানতো এই কথা উল্লেখ নাই। তলৰ তালিকাখনৰ যোগেদি বিভিন্ন ৰাষ্ট্ৰসমূহৰ শিক্ষা গাথঁনিৰ বৈসাদৃশ্যসমূহ বুজিব পাৰি-
অৰ্থনৈতিক আৰু শৈক্ষিকভাৱে আগবঢ়া ৰাষ্ট্ৰবিলাকত সম্পদ আৰু সাংগঠনিক প্ৰাচুৰ্যতা যথেষ্ট পৰিমাণে আছে। কিন্তু পিছপৰা ৰাষ্ট্ৰবিলাকত সম্পদ আৰু নেতৃত্ব দুয়োটাৰে অভাৱ। কিছুমান নীতি আৰু এইবিলাকৰ প্ৰয়োগৰ ফলত এই অসমতাবিলাক কিছু কিছু ক্ষেত্ৰত বৃদ্ধিহে পাইছে।
শিক্ষাৰ প্ৰতি থকা আগ্ৰহৰ ক্ষেত্ৰতো এই অসমতা দেখা যায়। কিন্তু দুখীয়া শ্ৰেণীৰ লোকসকলে প্ৰাথমিক শিক্ষাৰ প্ৰতিও আগ্ৰহ নেদেখুৱায়। এই অসমতাসমূহৰ বাবে আঁচনি প্ৰয়োগকৰণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়।
৯) গুণগত অৱনতি : ভাৰতৰ শিক্ষা ব্যৱস্থা লক্ষ্য কৰিলে শিক্ষাৰ গুণগত মানদণ্ড দিনে দিনে কমি যোৱাহে পৰিলক্ষিত হয়। ইয়াৰ কাৰণ হ’ল যিধৰণে পৰিকল্পনা কৰা হৈছে সেই ধৰণে ফলপ্ৰাপ্তি হোৱা নাই। সেয়েহে M. Blaug, P.P.G. Layard আৰু M. Woodhall য়ে তেওঁলোকৰ গন্থ “The Causes of Grasuate Unemployment in India’ত উল্লেখ কৰিছে যে ‘The Quality of Indian higher education is low among the lowest in the world.’ ইয়াৰ কাৰণ হ’ল আমাৰ দেশত কেৱল ডিগ্ৰী, ডিপ্ল’মা আহৰণ কৰাৰ ওপৰতহে বেছি গুৰুত্ব দিয়া হয়। ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভাবিলাকৰ বিকাশৰ বাবে কোনো ব্যৱস্থা লোৱা হোৱা নাই। বুদ্ধিসত্তাৰ বিকাশ আৰু সুস্থ জীৱন-যাপনৰ বাবে প্ৰস্তুতকৰণ শিক্ষাৰ যোগেদি সম্ভৱ হোৱা নাই। পৰিকল্পনা আৰু কাৰ্যকৰীকৰণৰ মাজত ব্যৱধান হোৱাৰ বাবে চৰকাৰী বিষয়াসকলৰ চাৰিত্ৰিক দিশটোও মন কৰিবলগীয়া।
১০) মুলায়নৰ অভাৱ : প্ৰত্যেকটো পৰিকল্পনা সমাপ্ত হৈছে, নতুন পৰিকল্পনাৰ আৰম্ভ হৈছে; কিন্তু আঁচনিসমূহৰ দোষ-গুণসমূহ বিশ্লেষণ কৰিবলৈ আজিকোপতি একো ব্যৱস্থা হাতত লোৱা নাই। আমি ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি আৰু পুঁজিৰ ব্যৱস্থা বৃদ্ধিতেই সন্তুষ্টি লাভ কৰিছো।
তাৰ উপৰি সম্পদৰ অভাৱ গৱেষণাৰ সুবিধা নথকা আদি কাৰণৰ বাবেও শৈক্ষিক পৰিকল্পনাই ফলপ্ৰসূতা লাভ কৰিব পৰা নাই।
Q.11. Give suggestion for reforms of educational planning.
Ans: বিভিন্ন পৰিকল্পনাসমূহ অধ্যয়ন কৰিলে এইটো অনুভৱ হয় যে পৰিকল্পনাসমূহ কাৰ্যকৰী হোৱা নাই। গতিকে পৰিকল্পনাসমূহ উন্নত কৰাৰ প্ৰয়োজন আহি পৰিছে। পৰিকল্পনাসমূহ উন্নত কৰাৰ কেইটামান পৰামৰ্শ তলত দিয়া হ’ল-
১) গুণগত বিকাশত প্ৰাধান্য : পৰিকল্পনাসমূহৰ প্ৰয়োগ লক্ষ্য কৰিলে দেখা যায় যে পৰিকল্পনাসমূহে সংখ্যাগত বিকাশৰ ওপৰতহে গুৰুত্ব দিছে। সেয়েহে দেশত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। উদাহৰণস্বৰূপে অসমত বৰ্তমান নিবনুৱা সমস্যা চকুত লগা। ২০০০ চনৰ ছেপ্টেম্বৰ মাহত পঞ্জীয়নভুক্ত নিবনুৱাৰ মুঠ সংখ্যা হ’ল ১৬,৩০,৫৫৩ জন। ইয়াৰে মেট্ৰিক পাছ- ৬,৬৭,৫১৪ জন; উচ্চতৰ মাধ্যমিক : ৩,৯৭,৪৮৫ জন; স্নাতক- ১,৩৬,৪৬০ জন; স্নাতকোত্তৰ : ৬,৫৮২ জন ; ডাক্তৰ- ১৮৯ জন ; ইঞ্জিনীয়াৰ- ২,৩৪৭ জন।
সংখ্যাগত বিকাশত গুৰুত্ব দিবই লাগিব। কিন্তু সংখ্যাগত দিশত বেছি গুৰুত্ব দিলে গুণগত দিশত অৱহেলা কৰা হ’ব।
২) মেধাবী আৰু কঠোৰ পৰিশ্ৰমী কাৰ্যৰ অন্তৰ্ভুক্তি : শৈক্ষিক পৰিকল্পনাত মেধাশক্তিৰ বিকাশ আৰু কঠোৰ পৰিশ্ৰমী কাৰ্যাৱলীৰ অন্তৰ্ভুক্তি কৰিব লাগে। এনে কিছুমান কাৰ্য হ’ল- আধুনিক ভাৰতীয় ভাষা সাহিত্যৰ বিকাশ, শৈক্ষিক গৱেষণা, পৰীক্ষাৰ উন্নতি, বিদ্যালয়ৰ পাঠ্যপুথি প্ৰস্তুতকৰণ, শিক্ষা বিভাগৰ উচ্চ স্তৰৰ কৰ্মচাৰী আৰু শিক্ষকসকলৰ প্ৰশিক্ষণ, পৰিদৰ্শন কৌশলৰ উন্নতি সাধন, সমাজ আৰু পিতৃ-মাতৃৰ মাজত সম্বন্ধৰ উন্নতি সাধন।
৩) সঠিক মূল্যায়ন আৰু গৱেষণা : আমাৰ শিক্ষা পৰিকল্পনাৰ এটা উল্লেখযোগ্য দোষ হৈছে যে পৰিকল্পনাসমূহৰ সঠিক মূল্যায়ন আৰু গৱেষণা নোহোৱা। যদি আঁচনিসমূহৰ সঠিক মূল্যায়ন কৰা হয় আৰু আন আন আঁচনিসমূহৰ খৰচ কমাব পাৰি তেন্তে শিক্ষাৰ ক্ষেত্ৰত বেছি টকা ব্যয় কৰিব পৰা হ’ব। বৰ্তমান ভাৰতত মুঠ খৰচৰ মাত্ৰ ৬ ভাগহে শিক্ষাৰ শিতানত ধাৰ্য কৰা হয়। আনহাতে, বিশ্বৰ সৰু সৰু কিছুমান দেশ যেনে- কষ্টাৰিকাই ২৯%, চিলিয়ে ২০%, জাপান ২০%, দক্ষিণ কোৰিয়াই ১৮.৫% আৰু ছিংগাপুৰে ১৯% শিক্ষাৰ শিতানত খৰচ কৰে। সেইবাবে এইবিলাক দেশত শিক্ষিতৰ হাৰো বেছি। জাপানত প্ৰায় ১০০ ভাগেই শিক্ষিত। কিন্তু ভাৰতবৰ্ষত শিক্ষাৰ ক্ষেত্ৰত ব্যয় বৃদ্ধি কৰিবলৈ বিশেষ কোনো ব্যৱস্থা হাতত লোৱা নাই।
৪) শৈক্ষিক আঁচনিৰ প্ৰচলিত কৌশলৰ দোষ-ত্ৰুটিসমূহ নাইকিয়া কৰি নতুন কৌশলৰ প্ৰয়োগ : প্ৰচলিত শৈক্ষিক আঁচনিৰ ভালেমান দোষ-ত্ৰুটি আছে। শৈক্ষিক পৰিকল্পনাসমূহ জিলাভিত্তিত প্ৰায়েই নহয়। ‘Director of Education’ৰ প্ৰায়বিলাক কৰ্মচাৰী প্ৰশিক্ষণপ্ৰাপ্ত নহয়। তেওঁলোকৰ কাম-কাজসমূহ অৰ্থনৈতিক আৰু প্ৰশাসনীয় কাম-কাজৰ মাজতে সীমাবদ্ধ। সেয়েহে শৈক্ষিক পৰিকল্পনাৰ পদ্ধতি আৰু সংগঠনৰ উন্নতিকৰণৰ প্ৰয়োজনীয়তা আহি পৰিছে।
৫) প্ৰাধান্যতাৰ বিভিন্ন স্তৰ : সাধাৰণতে শিক্ষা ৰাজ্য চৰকাৰৰ দায়িত্বত থাকে। কিন্তু কেন্দ্ৰীয় স্তৰতহে সিদ্ধান্তসমূহ ল’ব লগা হয় সেয়েহে শিক্ষা কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থাকে। আঁচনিসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্য আৰু অনুষ্ঠানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে শিক্ষা ব্যৱস্থা বিকেন্দ্ৰীকৰণ হ’ব লাগে।
৬) কৰ্তৃত্বৰ বিকেন্দ্ৰীয়কৰণ : আমাৰ শিক্ষাৰ প্ৰশাসনিক আৰু অৰ্থনৈতিক ব্যৱস্থা অতি দৃঢ় হোৱা বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। সেয়েহে কৰ্তৃত্বৰ বিকেন্দ্ৰীয়কৰণ ব্যৱস্থা থাকিব লাগে।
Short Question
(1) Write the two types of education cast.
Ans: (ক) আনুষ্ঠানিক ব্যয়।
(খ) ব্যক্তিগত ব্যয়।
(2) What is institutional cost?
Ans: শিক্ষাদানৰ বাবে অনুষ্ঠানসমূহে বহন কৰিবলগীয়া ব্যয়কে আনুষ্ঠানিক ব্যয় বোলে।
(3) Mention two types of institutional cost.
Ans: (ক) চলিত ব্যয়।
(খ) মূলধনগত ব্যয়।
(4) What is Current cost?
Ans: সঘনাই কৰিবলগীয়া ব্যয়েই চলিত ব্যয়।
(5) What is capital cost ?
Ans: যিবিলাক ব্যয় অনুষ্ঠানবিলাকে এবাৰেই কৰিব লগা হয় তেনেবোৰ ব্যয়কেই মূলধনগত ব্যয় বুলি কোৱা হয়। যেনে- মাটি কিনা, ঘৰ সজোৱা, গ্ৰন্থাগাৰ, আচবাব, শিক্ষণ আহিলা ক্ৰয় ইত্যাদি।
(6) What do you mean by personal cost ? Mention three types of personal cost.
Ans: টিউচন ব্যয়, টিউচনৰ লগত জড়িত নথকা ব্যয় আৰু সুযোগ ব্যয়।
(7) “Higher education ensures higher levels of income”- Who said this?
Ans:-Mark Blaug (1973).
(8) Write any two external determinants of educational cost.
Ans: মুদ্ৰাস্ফীতি আৰু চাহিদা বৃদ্ধি।