Educational Administration And Management Unit 1 Educational Management And Administration

Educational Administration And Management Unit 1 Educational Management And Administration Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Educational Administration And Management Unit 1 Educational Management And Administration Bring Gender Equality to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Educational Administration And Management Unit 1 Educational Management And Administration can be of great value to excel in the examination.

Educational Administration And Management Unit 1 Educational Management And Administration

Join Telegram channel

Educational Administration And Management Unit 1 Educational Management And Administration Notes cover all the exercise questions in UGC Syllabus. The Educational Administration And Management Unit 1 Educational Management And Administration provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Q.9. What do you mean by centralized and decentralized management ?

Ans: ব্যৱস্থাপনা কেন্দ্ৰীভূত আৰু বিকেন্দ্ৰীভূতও হ’ব পাৰে। কেন্দ্ৰীভূত ব্যৱস্থাপনা এটা কেন্দ্ৰীয় কৰ্তৃপক্ষই কৰে। উচ্চ ক্ষমতাসম্পন্ন কেন্দ্ৰীয় কৰ্তৃপক্ষই কৰে। উচ্চ ক্ষমতাসম্পন্ন কেন্দ্ৰীয় কৰ্তৃপক্ষই পৰিকল্পনা প্ৰস্তুতি, গ্ৰহণ আৰু ৰূপায়নৰ সকলো কাৰ্য সম্পাদন কৰে। এনে কাৰ্যনিৰ্বাহৰ লগত জড়িত প্ৰত্যেক সদস্যই নিজৰ ভাগৰ কাম নিৰ্ধাৰিত নিৰ্দেশ অনুযায়ী কৰিব লাগে। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ কথা এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ স্বত্বাধিকাৰীজনেই হৈছে সৰ্বেসৰ্বা। তেওঁ পৰিকল্পনা প্ৰস্তুত কৰে, প্ৰয়োগ কৰে আৰু মূল্যায়নো কৰে। সহকাৰী শিক্ষকসকলৰ এইক্ষেত্ৰত কোনো ভূমিকা নাথাকে। ইয়াক শিক্ষাগোটত হৈছে তেনেই শক্তিশালী। স্বত্বাধিকাৰীজনে দিয়া নিৰ্দেশমতেই সকলো কাম কৰিব লাগে।

কিন্তু বিকেন্দ্ৰীভূত পৰিকল্পনাত ক্ষমতা এটা সন্থাৰ হাততেই অপূৰ্ণ কৰা নহয়। ইয়াত প্ৰধান শিক্ষক, সহকাৰী শিক্ষক, সকলোৰে মাজত ক্ষমতাৰ সমবিতৰণ কৰা থাকে। ইয়াত ব্যক্তি স্বাধীনতাৰ ওপৰত গুৰুত্ব দিয়া হয়। ইয়াত শৈক্ষিক পৰিকল্পনা প্ৰস্তুতকৰণৰ আৰু প্ৰণয়নত শিক্ষকসকলক আগভাগ ল’বলৈ দিয়া হয়। বিকেন্দ্ৰীভূত পৰিকল্পনাত ছাত্ৰ একতা সভায়ো গুৰুত্বপূৰ্ণ কাৰ্যসমূহ ৰূপায়ণত অংশগ্ৰহণ কৰে।

Q.10. What do you mean by Dynamic or creative management ?

Ans: স্থিতিশীল ব্যৱস্থাপনাই কোনো এক অনুষ্ঠানে ইয়াৰ পৰিচালনাৰ বাবে ধাৰ্য কৰি লোৱা নীতি-নিয়ম, আইন-কানুন, মানদণ্ড আদি ধাৰাবাহিকভাৱে চলাই নিয়াত গুৰুত্ব আৰোপ কৰে। ইয়াত কোনো নতুন নিয়ম-কানুনৰ প্ৰচলনৰ বাবে পৰীক্ষা-নিৰীক্ষা কৰাৰ সুবিধা নাথাকে। প্ৰচলিত নিয়ম- কানুনবিলাক খুব দৃঢ় হয়। গতিশীল ব্যৱস্থাপনা ইয়াৰ সম্পূৰ্ণ বিপৰীত। ইয়াত অনুষ্ঠানটোৰ উন্নতিৰ অর্থে নতুন নতুন কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ সুবিধা আছে। নতুন কাৰ্যব্যৱস্থাবিলাক পৰীক্ষামূলক হ’ব পাৰে। পৰীক্ষাৰ দ্বাৰা যদি ইয়াক প্ৰমাণ কৰিব পাৰি যে নতুন চিন্তা-চৰ্চাবিলাক বা কাৰ্যব্যৱস্থাবিলাক অনুষ্ঠানটোৰ প্ৰগতিৰ সহায়ক হয়, তেন্তে তাক গ্ৰহণ কৰা হয়। অন্যথাই তেনেবিলাক চিন্তা-চৰ্চা পৰিহাৰ কৰা হয়। উদাহৰণস্বৰূপে আমাৰ দেশত কিছুমান বিদ্যালয় আছে, যিবিলাকত বছৰৰ সকলো সময়তে কামৰ সময়সীমা একেই। 

পুৱা ১০.০০ বজাত কাম আৰম্ভ হয় আৰু ৩.৩০ বজাত কাম ছুটী হয়। এনে কৰিলে কিছুমান অসুবিধাও নথকা নহয়, কাৰণ দিন ৰাতিৰ দৈৰ্ঘ সকলো ঋতুতে সমান নহয়। ইয়াৰ বিপৰীতে কিছুমান বিদ্যালয় আছে, যিবিলাকত গ্ৰীষ্ম আৰু শীত ঋতুত কামৰ সময়সীমা বেলেগ বেলেগ। এনেবিলাক বিদ্যালয়ত গ্ৰীষ্মকাল আৰু শীতকালৰ বাবে দিনটোৰ কামৰ সময়সীমা বেলেগ বেলেগ হোৱাৰ বাবে সকলোৰে বাবে সুবিধা হয়। এই ক্ষেত্ৰত দেখা যায় যে এনেবিলাক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ সুবিধাৰ্থে সময়সীমা নমনীয় হয়। সেইবাবে ব্যৱস্থাপনাই এনে ধৰণৰ কিছুমান কাৰ্য বা সিদ্ধান্ত লয়, যিবিলাকে সকলোকে সহায় কৰে। ঠিক তেনেদৰেই পাঠ্যক্ৰম, পাঠ্যপুথি, শিক্ষণ পদ্ধতি, সহপাঠ্যক্ৰমৰ বিষয় আদিৰ ক্ষেত্ৰতো পৰীক্ষা-নিৰীক্ষাৰ অৱকাশ আছে। গতিশীল ব্যৱস্থাপনাৰ বৈশিষ্ট্যবিলাক হৈছে –

(ক) ইয়াত নতুনত্বৰ ওপৰত গুৰুত্ব দিয়া হয়। পৰিৱৰ্তনেহে নতুনত্ব আনিব পাৰে। অনুষ্ঠানটোৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি চোকা দৃষ্টি ৰখা হয়। 

(খ) অনুষ্ঠান পৰিচালনাৰ ক্ষেত্ৰত যদি কোনো সমস্যাৰ উদ্ভৱ হয়, তেন্তে ব্যৱস্থাপনাকে ইয়াক সমাধান কৰিবৰ বাবে চূড়ান্ত সিদ্ধান্ত ল’ব পাৰে।

(গ) ইয়াত কোনো নীতি-নিয়মেই স্থিৰ নহয়। প্ৰয়োজন অনুসৰি যিকোনো নীতি-নিয়মেই সলনি হ’ব পাৰে।

(ঘ) ইয়াত নেতা আৰু তেওঁৰ অনুগতসকলৰ মাজত সুন্দৰ বুজাবুজি থকাৰ বাবে এটা সুসম্বন্ধ থাকে।

(ঙ) অনুষ্ঠান পৰিচালনাৰ ক্ষেত্ৰত যদি কোনো অসুবিধা অনুভূত হয়, তেন্তে অনুগতজনে নেতাজনক অৱগত কৰিব পাৰে।

(চ) এনেধৰণৰ ব্যৱস্থাপনাত ব্যক্তি স্বাধীনতা অক্ষুণ্ণ থাকে।

(ছ) এনেধৰণৰ ব্যৱস্থাপনাত মানুহৰ মাত সৃজনীশীলতা বৃদ্ধি পায়। 

(জ) ইয়াত গ্ৰহণ কৰা প্ৰত্যেকটো কাৰ্যই সুপৰিকল্পিত। 

(ঝ) সৃষ্টিশীল ব্যৱস্থাপনাত নিজৰ কৰ্মবিলাকৰ বিশ্লেষণ আৰু মূল্যায়ণ কৰি দোষ-ত্ৰুটি নিৰ্ণয় কৰিব পাৰি ইয়াক দূৰ কৰিব পাৰি।

Q.11. Write the meaning and characteristics of Laissez Fair Management.

Ans: নেতাবিহীন ব্যৱস্থাপনাত কোনো প্ৰত্যক্ষ নেতা নাথাকে। এইক্ষেত্ৰত সকলো ব্যক্তিকেই নেতৃত্বৰ ভাৰ দিয়া থাকে। ইয়াত কোনো কাম কৰিবলৈ সন্মুখৰ পৰা নেতৃত্ব দিয়া কোনো ব্যক্তিৰ প্ৰয়োজন নহয়। গতিকে ইয়াত কোৱা হয় যে এটা কাম কৰিবলগা আছে আৰু কামটো তোমালোকে যেনেকৈ ভাল দেখা কৰি যোৱা। কাম কৰিবলৈ কোনো নিৰ্দেশনা নহয়। এনে ধৰণৰ ব্যৱস্থাপনাত এইটো ধৰি লোৱা হয় যে গোটটোৰ প্ৰতিজন সদস্যই তেওঁলোকে কৰিবলগা কামৰ বাবে সমানে দায়বদ্ধ। ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ হৈছে – 

(ক) কোনো এটা কাম কৰিবলৈ এটা গোটৰ সৃষ্টি কৰা।

(খ) সৃজনীশীলতা আৰু ব্যক্তিস্বাধীনতাৰ ওপৰত গুৰুত্ব দিয়া হয়।

(গ) কাম কৰিবৰ বাবে এটা মুকলিমূৰীয়া পৰিৱেশ থাকে, য’ত কোনো সমস্যা উদ্ভৱ হ’ল ইজনে সিজনৰ লগত আলোচনা কৰিব পাৰে।

(ঘ) যিহেতু ইয়াক কোনো প্ৰত্যক্ষ নেতা নেথাকে সেইবাবে নিৰাপত্তাহীনতা আৰু নিৰাক্ষাজনিত অৱস্থাৰ সৃষ্টি হ’ব পাৰে।

(ঙ) বহু সময়ত গোটটোৰ মাজত অনৈক্য গা কৰি উঠিব পাৰে।

(চ) সকলো সময়তে গোটটোৰ মাজৰে একাধিক সদস্যই পৰস্পৰ সহায়ক হোৱাৰ মনোভাৱ পোষণ নকৰিবও পাৰে।

(ছ) গোটৰ প্ৰত্যেকেই পৃথক পৃথক মত পোষণ কৰিলে বহু সময়ত সৰ্বজনগৃহীন একোটা সিদ্ধান্ত বা মতামতত উপনীত নহ’বও পাৰে।

(জ) এনে ব্যৱস্থাপনাত কোনো কোনো ক্ষেত্ৰত তুলনাত কৰ্মীৰ সংখ্যা সৰহ বা কেতিয়াবা কামৰ তুলনাত কৰ্মীৰ সংখ্যা একেবাৰেই তাকৰ হোৱা পৰিলক্ষিত হয়।

Q.12. Discuss the role of a headmaster in the management of a school.

Ans: শিক্ষানুষ্ঠানৰ প্ৰশাসনিক ব্যৱস্থাত প্ৰধান শিক্ষকজনেই হৈছে প্ৰধান গুৰি বঠা ধৰোতা। তেওঁৰ কৌশল, ক্ষমতা, ব্যক্তিত্ব আৰু বৃত্তিমূলক যোগ্যতাৰ ওপৰত অনুষ্ঠানটোৰ কৃতিত্ব বহু পৰিমাণে নিৰ্ভৰ কৰে। তেওঁয়েই হৈছে শিক্ষানুষ্ঠানৰ শৈক্ষিক আৰু প্ৰশাসনিক মুৰব্বী। আকাশচুম্বী ঘৰ দুৱাৰ, দামী দামী আচবাব পত্ৰৰ জৰিয়তে এখন বিদ্যালয় মহৎ নহয়, এজন সুনিপুন, ব্যক্তিত্বসম্পন্ন কৰ্মপটু প্ৰধান শিক্ষকৰ জৰিয়তেহে। বিভিন্ন ব্যক্তিয়ে বিভিন্ন ধৰণে প্ৰধান শিক্ষকজনৰ সম্পৰ্কত মতামত প্ৰকাশ কৰিছে। তাৰ কিছুমান মন্তব্য তলত দাঙি ধৰা হ’ল –

(১) Taswal Singh ৰ মতে, The Headmaster or the principal of a school is the hub of the education process.”

(২) Mohi-ud-din ৰ মতে, “Just as every group needs a leader, so also a school must have a leader who would stimulate and direct its work.”

কেৱল শিক্ষানুষ্ঠানৰ ভিতৰতে নহয়, বাহিৰে-ভিতৰে তেওঁ মধ্যস্থতাকাৰীৰ (Liaison) ভূমিকা পালন কৰে। প্ৰধান শিক্ষকজনে শিক্ষক, ছাত্ৰ, অভিভাৱক, সমাজ, উচ্চতম কৰ্তৃপক্ষৰ লগত যোগাযোগ ৰক্ষা কৰি চলিব লাগে। তেওঁ চৰকাৰী নীতি-নিৰ্দেশনাসমূহৰ বিষয়েও অৱগত হ’ব লাগে। কেনেকুৱা ধৰণৰ শৈক্ষিক আঁচনি বিদ্যালয়খনত প্ৰয়োগ কৰিব, কেনেকৈ কৰিব আদি সিদ্ধান্তসমূহ প্ৰধান শিক্ষকজনেই স্থিৰ কৰে। বৰ্তমান পৰিৱৰ্তিত সমাজ ব্যৱস্থাত শিক্ষানুষ্ঠানসমূহে কিছুমান নতুন চাহিদাৰ প্ৰয়োজন অনুভৱ কৰিছে। গতিকে এনে সময়ত নতুনত্বক আঁকোৱালি লৈ নেতৃত্ব দিব পৰা প্ৰধান শিক্ষকৰহে চাহিদা আহি পৰিছে। সমাজখনে প্ৰধান শিক্ষকজনৰ গাত বহুতো গুণ থকাটো আশা কৰে। তেওঁ এজন ভাল, নেতৃত্বশীল ব্যক্তি হ’ব লাগিব যি আনক নির্দেশিত কৰিব পাৰে। বৰ্তমান সময়ত সহযোগিতা আৰু অংশগ্ৰহণৰ স্বাধীনতাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে। কিয়নো সহযোগিতাৰ অবিহনে প্ৰধান শিক্ষকজনে অকলে কোনো কাম কৰিব নোৱাৰে। যিকোনো কামৰ সফলতাৰ বাবে তেওঁ সহকাৰী শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ সহায় ল’বই লাগিব। তেওঁৰ নেতৃত্বই গঠনমূলক কাৰ্যত সহায় কৰে।

প্ৰধান শিক্ষকজন হৈছে জনসাধাৰণক নেতৃত্ব দিয়া ব্যক্তি। সেয়েহে তেওঁ দীৰ্ঘদিনীয়া কিছুমান কর্ম আঁচনি প্ৰস্তুত কৰিব লাগে। তেওঁ বিভিন্ন প্ৰয়োজনসমূহ পূৰাব পৰাকৈ সদায় সাজু থাকিব লাগে।

Q.13. Illustrate the qualities required to be a good head master.

Ans: তলত বিভিন্ন ব্যক্তিয়ে উল্লেখ কৰা প্ৰধান শিক্ষকৰ গুণাৱলীসমূহ আলোচনা কৰা হ’ল-

(ক) প্ৰধান শিক্ষকৰ দৰ্শন : প্ৰধান শিক্ষকজনৰ জীৱন দৰ্শন আৰু শৈক্ষিক দৰ্শন সুস্থ হ’ব লাগিব। তেওঁ সুস্থ নীতিৰে পৰিপূৰ্ণ এজন ব্যক্তি হ’ব লাগিব আৰু সকলো অসৎ কৰ্মৰ বিপক্ষে থিয় দিব পৰাৰ নৈতিক সাহস থাকিব লাগিব। তেওঁৰ ত্যাগ বস্তুগত স্বাৰ্থৰ বিপৰীতে মানৱ জাতিৰ হকে হ’ব লাগিব। শৈক্ষিক দৰ্শনৰ ক্ষেত্ৰত তেওঁ বিভিন্ন শিক্ষাৰ দাৰ্শনিক ভিত্তিসমূহৰ জ্ঞান থকা উচিত। তাৰ উপৰিও শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্ৰীয় নীতিসমূহৰ বিষয়ে স্পষ্ট ধাৰণা থাকিব লাগে। 

(খ) কৃতিত্ব : ছাত্ৰ-ছাত্ৰী আৰু সহকৰ্মীসকলৰ বিশ্বাস, সন্মান লাভৰ বাবে প্ৰধান শিক্ষকজনৰ শৈক্ষিক কৃতিত্বসমূহ ভাল হ’ব লাগে। আশে-পাশে থকা সকলো আদৰণীয় হ’ব। যিকোনো পৰিস্থিতি সুনিপুনভাৱে চম্ভালিবৰ বাবে তেওঁ সকলো দিশৰ জ্ঞানেৰে পৰিপূৰ্ণ এজন ব্যক্তি হ’ব লাগে। তেওঁ প্ৰশাসনিক জ্ঞানৰ উপৰিও নিজৰ বিষয়টোত জ্ঞানী হ’ব লাগে।

(গ) বৃত্তিমূলক প্ৰশিক্ষণ : উচ্চ শৈক্ষিক গুণাৱলীৰ অধিকাৰী হোৱাৰ উপৰিও তেওঁৰ বৃত্তিমূলক প্ৰশিক্ষণো থাকিব লাগে। প্ৰশাসনিক কৌশলতা হৈছে এটা বিশেষ দিশ। এই বিশেষ দিশটা আহৰণ কৰিবৰ বাবে শিক্ষানুষ্ঠানৰ মুৰব্বীজনৰ প্ৰশিক্ষণৰ আৱশ্যক ঠিক সেইদৰে তেওঁ শিক্ষকসকলক শিক্ষাদান আৰু অনুশাসন ৰক্ষা কৰাৰ ক্ষেত্ৰত উপযুক্ত নিৰ্দেশনা দিব পাৰিব লাগিব। বহুদিনৰ আগতে লাভ কৰা প্ৰশিক্ষণৰ অভিজ্ঞতাসমূহকে কাম লগাই থাকিলেও নহ’ব। তেওঁৰ মাজে মাজে শেহতীয়া তথ্যবিশিষ্ট প্ৰশিক্ষণ লৈ থাকিব লাগিব।

(ঘ) নেতৃত্ব : প্ৰধান শিক্ষকজন নেতৃত্বৰ বিভিন্ন গুণাৱলীৰে সমৃদ্ধ হ’ব লাগিব। নেতৃত্বৰ এটা প্ৰধান দিশ হ’ল সহকৰ্মীসকলৰ লগত সহযোগী মনোভাৱেৰে কাম কৰা যাতে সহকৰ্মীসকলে অনুভৱ নকৰে যে তেওঁ এজন শাসনকৰ্তা বা ‘Boss’ নহয়, এজন বন্ধুহে। এজন সৎ নেতৃত্বশীল প্ৰধান শিক্ষকে বিদ্যালয়ৰ উন্নয়নৰ ক্ষেত্ৰত ‘মই’ৰ পৰিৱৰ্তে ‘আমি’ শব্দটো ব্যৱহাৰ কৰে। তেওঁ সহকৰ্মী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আশা-আকাংক্ষা বৃদ্ধি কৰিবলৈ সমৰ্থবান হ’ব লাগিব। প্ৰধান শিক্ষকজন যদি সৎ, নেতৃত্বশীল আৰু সহযোগী মনোভাৱৰ এজন ব্যক্তি হয়, তেন্তে অনুষ্ঠানটোৱে সকলো দিশতে আগবাঢ়ি যাবলৈ সমৰ্থ হ’ব।

(ঙ) মানৱীয় সম্বন্ধ : প্ৰধান শিক্ষকজন মানৱীয় সম্বন্ধ স্থাপনত অভিজ্ঞ হ’ব লাগিব। তেওঁ বিদ্যালয়ৰ লগত সমাজৰ, বিদ্যালয়ৰ লগত প্ৰশাসনিক বিভাগৰ, বিদ্যালয় লগত বিভাগৰ শিক্ষক আৰু পৰিদৰ্শকৰ মাজত শিক্ষকৰ লগত শিক্ষক শিক্ষকৰ লগত ছাত্ৰ আৰু শিক্ষকৰ লগত অভিভাৱকৰ মাজত সম্বন্ধ স্থাপন কৰিব লগা হয়। সেয়েহে তেওঁৰ মনোবিজ্ঞান আৰু মানৱীয় সম্বন্ধৰ বিষয়ে ভালদৰে জানিব লাগিব। তেওঁ বিদ্যালয়খনত সকলোৰে মাজত সু-পৰিৱেশ সৃষ্টি কৰিবলৈ সমৰ্থবান হ’ব লাগিব। এজন মৰমিয়াল দেউতাৰ নিচিনাকৈ তেওঁ প্ৰত্যেক শিক্ষকৰ বিষয়ে, তেওঁৰ ভাৱ-অনুভূতিৰ বিষয়ে তেওঁৰ সমস্যা আৰু আশা-আকাংক্ষাৰ বিষয়ে জানিব লাগিব আৰু যিমান পাৰে সহায় কৰিব লাগে। তেওঁ শিক্ষক আৰু ছাত্ৰৰ লগত সহানুভূতিশীল হোৱা উচিত। 

(চ) শাৰীৰিক আৰু মানসিক স্বাস্থ্য : শিক্ষানুষ্ঠানখনৰ বঠা ধৰোঁতা হিচাপে মুৰব্বীজনৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য সুস্থ হ’ব লাগে। এজন অসুস্থ আৰু ধৈৰ্যহীন ব্যক্তিয়ে ইমানবিলাক দায়িত্ব কেতিয়াও সুস্থভাৱে পৰিচালনা কৰিব নোৱাৰে। প্ৰত্যেক দিনাৰ কাম কাজতে তেওঁ সক্ৰিয় হৈ থাকিব লাগে। অসুস্থ স্বাস্থ্যই তেওঁ কেতিয়াও নতুন আচঁনিবিলাক কাৰ্যত ৰূপায়িত কৰিব নোৱাৰিব। শাৰীৰিক সুস্থতাৰ বাদেও তেওঁ মানসিকভাৱেও সক্ৰিয় হ’ব লাগিব। জীৱনৰ প্ৰতি তেওঁৰ এক সুস্থ দৃষ্টিভংগী থাকিব লাগিব। মুৰব্বীজন সদায় আশাবাদী হোৱা বাঞ্ছনীয়। যিকোনো হতাশাৰ পৰা তেওঁ মুক্ত হ’ব লাগে। শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উপৰিও তেওঁৰ বৌদ্ধিক ক্ষমতাও প্ৰখৰ হোৱা উচিত। তেওঁৰ যুক্তিবাদী ক্ষমতা, সুস্থ বিচাৰ, স্পষ্ট চিন্তন, বোধশক্তিৰ গৰাকী হোৱা উচিত।

(জ) ব্যক্তিত্ব : শিক্ষানুষ্ঠানৰ মুৰব্বীজন শিক্ষানুষ্ঠানৰ আনবিলাক ব্যক্তিতকৈ উচ্চ গুণসম্পন্ন হ’ব লাগিব। তেওঁৰ নিকা চৰিত্ৰ, সু-আচাৰ ব্যৱহাৰে আনক প্ৰভাৱিত কৰিব পাৰিব লাগিব। তেওঁৰ চাৰিত্ৰিক সমালোচনা কৰাৰ অৱকাশ আনবিলাকে পাব নালাগিব। কথা-বতৰাৰ ধীৰ-স্থিৰ, সংস্কৃতিবাদ হ’ব লাগে। ছাত্ৰ-ছাত্ৰীসকলকো নিজৰ সন্তানৰ দৰে মৰম স্নেহ কৰিব লাগিব। S. Mohi-ud-din য়ে মুৰব্বীজনৰ ব্যক্তিত্ব সম্পৰ্কও এইদৰে মত আগবাঢ়িছে, “Dignity does not consist in aloofness and in maintaining air of superiority; it rather consists in being helpful and doing the right things. Great headmasters have always been great friends of their peoples.”

উপৰোক্ত গুণাৱলীৰ উপৰিও মুৰব্বীজনৰ থাকিবলগীয়া আন আন গুণাৱলীসমূহ হ’ল- সু-স্বাস্থ্য, কর্মকুশলতা, আদৰ্শবান, সুস্থ নীতি, সু-অভ্যাস, সুস্থ আচৰণ ইত্যাদি। শিক্ষানুষ্ঠানৰ মুৰব্বীজনৰ হাস্যকৰ সৃষ্টি কৰিব পৰা গুণ আৰু বৈজ্ঞানিক মনোভাৱ থাকিব লাগিব।

(ঝ) আন আন গুণাৱলীসমূহ : ওপৰত উল্লেখ কৰা গুণাৱলীসমূহৰ বাহিৰেও শিক্ষানুষ্ঠানৰ মুৰব্বীজনৰ থাকিবলগীয়া আন আন গুণাৱলীসমূহ তলত দিয়া হ’ল – 

১) গণতান্ত্ৰিক, সহযোগী আৰু মানৱতাবাদী দৃষ্টিভংগী।

২) উদ্যমী আৰু ত্যাগী মনোভাৱাপন্ন।

৩) শিক্ষক, ছাত্ৰ আৰু সমাজৰ প্ৰয়োজনীয়তাৰ প্ৰতি সজাগ।

৪) কল্পনাশক্তি আৰু সৃষ্টিশীল।

৫) সাধাৰণ জ্ঞান আৰু সুস্থ বিচাৰ।

৬) আনৰ ভাল কামত উৎসাহ দিয়া আৰু নিজে কঠোৰ পৰিশ্ৰমী।

৭) আবেগিক সুস্থিৰতা, স্থিৰতা, ধৈৰ্যশীল আৰু ভদ্ৰ ব্যৱহাৰ।

Q.14. Discuss about the duties of Headmaster.

Ans: শিক্ষানুষ্ঠান মুৰব্বীগৰাকীয়ে অসংখ্য কৰ্তব্য পালন কৰিব লগা হয়। তেওঁৰ কৰ্তব্যসমূহক তলত দিয়াৰ দৰে ভাগ কৰি দেখুৱাব পাৰি –

১. বিশেষ কৰ্তব্যসমূহ :

(ক) পৰিদৰ্শন (Supervision) : শিক্ষানুষ্ঠানৰ মুৰব্বীজনে বিভিন্ন ধৰণৰ কাৰ্যসমূহ পৰিদৰ্শন কৰিব লগা হয়। যেনে –

১. পৰামৰ্শসমূহ, পাঠ্যক্ৰম, বিভিন্ন কাম-কাজৰ খতিয়ান আৰু মূল্যায়নৰ পৰিদৰ্শন কৰাটো মুৰব্বীজনৰ গুৰুত্বপূৰ্ণ কৰ্তব্য। শ্ৰেণীকক্ষটোৱেই হৈছে শিক্ষকৰ কেন্দ্ৰবিন্দুস্বৰূপ। সেয়েহে শ্ৰেণীকক্ষত পালন কৰিবলগীয়া দায়িত্বসমূহ পালন কৰা হৈছেনে নাই, সেই বিষয়ে পৰিদৰ্শন কৰাটো অত্যন্ত দৰকাৰী। মুৰব্বীজনে তেওঁৰ সৃষ্টিশীল, সহযোগী আৰু গঠনমূলক পৰামৰ্শৰ যোগেদি শিক্ষাৰ মানদণ্ড বহুত উন্নত কৰিব পাৰে। যদি তেওঁৰ পৰিদৰ্শনত দেখা পাই যে কোনো শিক্ষকৰ শিক্ষণৰ পদ্ধতিত কিবা খুট আছে, তেন্তে ছাত্ৰ-ছাত্ৰীৰ আগত তেওঁক সমালোচনা নকৰি পিছত বন্ধুত্বপূৰ্ণভাৱে শিক্ষকজনৰ লগত বিষয়টো আলোচনা কৰিব লাগে। গতিকে আনৰ দোষ-ত্ৰুটিসমূহ আঙুলিয়াই দিবলৈ হ’লে মুৰব্বীজনে নিজে সেই দিশত পাৰ্গত হ’ব লাগিব। শ্ৰেণীকক্ষৰ শিক্ষণীয় বিষয়সমূহত নতুনত্ব আনিবলৈ বিচাৰিলে পাঠ্যক্ৰমখন মাজে সময়ে পৰিৱৰ্তন কৰাটো দৰকাৰী। এইক্ষেত্ৰত মুৰব্বীজনে সহকাৰী শিক্ষকসকলৰ সহযোগিতা ল’ব লাগে আৰু ভাল কামসমূহ গ্ৰহণ কৰিব লাগে। ছাত্ৰ-ছাত্ৰীৰ উন্নতিৰ হকে অন্ত:মূল্যায়নৰ ব্যৱস্থা কৰিব লাগে।

২. বৰ্তমান সময়ত শৈক্ষিক কাৰ্যসূচীসমূহৰ ফলপ্ৰসূ ৰূপায়নৰ বাবে সহ:পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ অতি প্ৰয়োজন। সেয়েহে বিদ্যালয়ৰ মুৰব্বীজনে বিদ্যালয়ত সহ:পাঠ্যক্ৰমিক কাৰ্যসূচীসমূহ সুচাৰুৰূপে পৰিচালনা কৰিব লাগে। ছাত্ৰ-ছাত্ৰীসকলক নিজৰ সুপ্ত প্ৰতিভাসমূহৰ বিকাশৰ বাবে পাৰ্যমানে সুবিধা প্ৰদান কৰিব লাগে।

৩. যদি অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীৰ বাবে আবাসৰ সুবিধা থাকে, তেন্তে মুৰব্বীজনে ইয়াৰ নিয়মিত পৰিদৰ্শন কৰাটো অতি দৰকাৰী। আৱসগৃহত ঘৰুৱা পৰিৱেশ বিৰাজ কৰিছেনে নাই, তাক লক্ষ্য ৰখাটো অত্যন্ত প্ৰয়োজন। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা আহাৰ, ৰান্ধনী ঘৰ, খোৱা ঘৰ (Dining Rooms), চাফ-চিকুণৰ পৰিদৰ্শন কৰিব লাগে। আৱাসসমূহ পৰিদৰ্শন কৰোঁতা হঠাতে পৰিদৰ্শন কৰিব লাগে। 

৪. বিভিন্ন ৰেজিষ্টাৰ আৰু হিচাব-নিকাচসমূহ চোৱাচিতা কৰাটোও শিক্ষানুষ্ঠানৰ মুৰব্বীজনৰ প্ৰধান কৰ্তব্য। এনে কৰিলে কোনবিলাকৰ কাম কৰা হ’ল আৰু কোনবিলাক কৰিবলৈ থাকিল তাক জানিব পাৰি। প্ৰাকৃততে মুৰব্বীজনৰ সামৰ্থতা কাৰ্যালয়ৰ কাম-কাজৰ দ্বাৰাই পৰিলক্ষিত। এজন সামৰ্থহীন মুৰব্বীয়ে কেতিয়াও তেওঁৰ কাৰ্যালয়টোৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰে।

৫. শিক্ষানুষ্ঠানখনৰ সকলো দিশৰ উন্নতিৰ দায়িত্ব মুৰব্বীজনৰ হাততে থাকে। তেওঁ যদি সহকৰ্মীসকলৰ সহায় লৈ সকলো দিশতে চকু ৰাখে তেতিয়াহে অনুষ্ঠানটোৰ সৰ্বাংগীন বিকাশ সম্ভৱ হ’ব। তেওঁ কাৰ্যকালত বিভিন্ন ধৰণৰ সমস্যাৰ মুখামুখি হ’ব পাৰে। গতিকে তেওঁ পৰিস্থিতিটো বুজি সমস্যা সমাধানৰ চেষ্টা কৰিলে নিশ্চিয় তেনে সমস্যাসমূহ কোনো জটিল সমস্যাই নহ’ব।

(খ) শিক্ষণ (Teaching) : শিক্ষণৰ দিশত উন্নতি কৰাটোও শিক্ষানুষ্ঠানৰ মুৰব্বীজনৰ মূল কাম। তেঁওয়েই হৈছে অনুষ্ঠানটোৰ মুৰব্বী, সেয়েহে তেওঁ শিক্ষণৰ সকলো দিশতে দিহা-পৰামৰ্শ দিব লাগে। এইটো অসম্ভৱ যে অনুষ্ঠানৰ মুৰব্বী হ’ল বুলিয়েই তেওঁ সকলো বিষয়ে পাৰ্গত হ’ব। তথাপি তেওঁ এটা বা দুটা বিশেষ বিষয়ত পাৰ্গত হোৱা উচিত। তেওঁ দৈনিক দুটা বা তিনিটা ক্লাছ ল’ব লাগে। শিক্ষণৰ সকলো শেহতীয়া পদ্ধতি তেওঁৰ জ্ঞাত হ’ব লাগে। তেওঁ ছাত্ৰ আৰু শিক্ষক উভয়ৰে অসুবিধাসমূহ বুজি লৈ সেইবিলাক পৰিপূৰণৰ চেষ্টা কৰিব লাগে।

(গ) পৰিচালনা (Management) : তেওঁ তলত দিয়া বিভিন্ন পৰিচালনা সম্বন্ধীয় কাম-কাজসমূহ সম্পাদন কৰিব লাগে –

১) শৈক্ষিক আঁচনি পৰিচালনা : বিভিন্ন আঁচনিৰ সুবিধাসমূহ গ্ৰহণ আৰু সেইবিলাকৰ উপযুক্ত ব্যৱহাৰ কৰাটো শিক্ষানুষ্ঠানৰ মুৰব্বীজনৰ উল্লেখযোগ্য কৰ্তব্য। শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন আঁচনিসমূহ তেওঁ প্ৰস্তুত কৰিব লাগে। যধে-মধে কিছুমান ঘৰ তৈয়াৰ কৰি থাকিলেই নহ’ব। ইতিমধ্যে থকা শ্ৰেণীকক্ষসমূহৰ উপযুক্ত ব্যৱহাৰ হ’ব লাগিব। তেওঁ সঘনাই শ্ৰেণীকক্ষসমূহ পৰিদৰ্শন কৰিব লাগে। দৰকাৰ হ’লে সেইবিলাকৰ পুননিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিব লাগে।

২) আহিলাপাতি পৰিচালনা : বিদ্যালয়লৈ যোগান ধৰা সম্পদসমূহৰ ৰক্ষণাবেক্ষণ আৰু পূৰ্ণ ব্যৱহাৰ কৰাৰ দায়িত্ব প্ৰধান শিক্ষকজনৰ হাততে থাকে। ইয়াৰ বাবে সাৱধানতাৰ পৰিকল্পনা কৰা প্ৰয়োজন। প্ৰধান শিক্ষকজনে কিমান পৰিমাণৰ আৰু কেনেকুৱা ধৰণৰ সামগ্ৰী ক্ৰয় কৰিব তাৰ পূৰ্ব পৰিকল্পনা কৰা প্ৰয়োজন। আহিলাসমূহৰ ক্ৰয় কৰিবৰ সময়ত তেওঁ এখন কমিটি গঠন কৰি ল’লে বেছি সুবিধা হ’ব। বিদ্যালয়ৰ সামগ্ৰীসমূহ যাতে নষ্ট নহয়, তাৰ বাবে ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য শিক্ষকসকলৰ সহায় বহু দৰকাৰ।

বিদ্যালয়ৰ সম্পদসমূহৰ ভালদৰে পৰিচালনা কৰিবৰ বাবে প্ৰধান শিক্ষকজনে তলত দিয়া ব্যৱস্থাবিলাক হাতত লোৱা প্ৰয়োজন।

(ক) বিভিন্ন আহিলাপাতি আৰু আহিলাসমূহৰ প্ৰতিপালন কৰিবৰ বাবে তেওঁ এখন কমিটি গঠন কৰা প্ৰয়োজন। এই কমিটিখনে কিনিবলগীয়া বিভিন্ন সামগ্ৰীসমূহৰ তালিকা প্ৰস্তুত আৰু বাজেট প্ৰস্তুত কৰিব।

(খ) তেওঁ ‘School Co-operative department’ স্থাপন কৰিব লাগে। এই বিভাগটোৱে দৈনন্দিন ব্যৱহাৰ্য বিভিন্ন সামগ্ৰীসমূহৰ যোগান ধৰিব।

(গ) তেওঁ বিদ্যালয়ৰ বিভিন্ন সামগ্ৰীসমূহৰ ৰক্ষণাবেক্ষণৰ প্ৰতি চকু দিব লাগে। এইক্ষেত্ৰত তেওঁ ছাত্ৰ, শিক্ষক, বিদ্যালয়ৰ আন আন সদস্য আৰু ওচৰ চুবুৰীয়াৰ লগত সহযোগ কৰা উচিত।

(ঘ) তেওঁ বিদ্যালয়ৰ বিভিন্ন আহিলা পাতিসমূহৰ নাম লিপিবদ্ধ কৰিব লাগে। তেওঁ প্ৰতিবছৰে কিমান সম্পদ ক্ৰয় কৰিলে। কিমান পুনঃনিৰ্মাণ কৰিলে আদিৰ সম্পূৰ্ণ হিচাপে লিপিবদ্ধ ৰূপত ৰাখিব লাগে।

৩) টকা-পইচা বা সা-সঁজুলি সম্পৰ্কীয় পৰিচালনা : বিদ্যালয়সমূহ চৰকাৰীয়েই হওক বা ব্যক্তিগত খণ্ডৰ দ্বাৰাই পৰিচালিত হওক, ইয়াত বহুত টকা-পইচাৰ প্ৰয়োজন হয়। গতিকে প্ৰধান শিক্ষকগৰাকীয়ে টকা-পইচা খৰচৰ ক্ষেত্ৰত খুউব সাৱধানতাৰে আগবাঢ়িব লাগে। তেওঁ তলত দিয়া ধৰণৰ ব্যৱস্থাবোৰ হাতত ল’লে টকা-পইচা সম্পৰ্কীয় খেলিমেলিৰ সম্ভাৱনা কম থাকে।

(ক) বাজেট প্ৰস্তুতকৰণ (Preparing Budgets)

(খ) ৰচিদসমূহ সংগ্ৰহ কৰা (Collecting receipts)

(গ) নিৰ্দিষ্ট ফাণ্ডত ৰচিদসমূহ জমা ৰখা (Crediting receipts to the proper fund)

(ঘ) বেংকৰ ৰচিদ সংৰক্ষণ (Banking receipts)

(ঙ) বিভিন্ন শিতানত খৰচৰ হিচাপ ৰখা (Receiving invoices of statements)

(চ) বিভিন্ন শিতানৰ খৰচৰ টকা-পইচা দিয়া (Making payments for expenditure)

(ছ) টকা-পইচা সংক্ৰান্তীয় হিচাপ ৰখা।

৪) বিশেষ কামসমূহ : বৰ্তমান স্কুলসমূহত ছাত্ৰ-ছাত্ৰীৰ বিকাশৰ বাবে বহুধৰণৰ বিশেষ কাম অন্তৰ্ভুক্ত কৰা হৈছে। যেনে- স্কুলৰ স্বাস্থ্য সেৱা, নিৰ্দেশনা সেৱা, দুপৰীয়া আহাৰৰ ব্যৱস্থা, সাজ-পোছাক, কিতাপ-পত্ৰ ইত্যাদি।

২. সাধাৰণ কৰ্তব্যসমূহ (General Duties) : ওপৰত উল্লেখ কৰা সাধাৰণ কৰ্তব্যসমূহৰ উপৰিও প্ৰধান শিক্ষকে আন কিছুমান সাধাৰণ কৰ্তব্যও সম্পাদিত কৰে। সেইবিলাক তলত আলোচনা কৰা হ’ল – 

(ক) শিক্ষণীয় বছৰটোৰ আগৰ কৰ্তব্য : শিক্ষণীয় বছৰটো আৰম্ভ হোৱাৰ আগতে প্ৰধান শিক্ষকজনৰ বহুতো কৰণীয় থাকে। তাৰে কিছুমান তলত দিয়া হ’ল –

১) বিদ্যালয়ৰ পঞ্জিকা প্ৰস্তুতকৰণ। ইয়াত বিভিন্ন পাঠ্যক্ৰম, সহ: পাঠ্যক্ৰমিক কাৰ্যাৱলী, টিউচন মাচুল ধাৰ্যকৰণ, বিদ্যালয়ৰ সময়, শ্ৰেণী পিৰিডয়দৰ সময়, বন্ধৰ দিন ইত্যাদি সকলোবিলাক অন্তৰ্ভুক্ত থাকিব।

২) যথোপযুক্তভাৱে শিক্ষক, অফিচৰ কৰ্মচাৰী আদি নিয়োগ।

৩) কৰ্ম বিভাজন।

৪) প্ৰয়োজনীয় সা-সামগ্ৰী, কিতাপ আদি ক্ৰয়।

৫) নামভৰ্তিকৰণৰ কাম সমাপ্তকৰণ ইত্যাদি।

৬) প্ৰধান শিক্ষকজনে সহকাৰী শিক্ষকসকলৰ সহযোগত এখন বিদ্যালয়ৰ বুলেটিন (Bulletin) প্ৰস্তুত কৰা উচিত। ইয়াত বিভিন্ন শিক্ষকসকলৰ কামৰ বিতৰণ, বিদ্যালয়ৰ বিভিন্ন কমিটি, ‘Staff meetings’ ৰ তাৰিখ, ইত্যাদি অন্তৰ্ভুক্ত থাকিব। বিদ্যালয়ৰ প্ৰথম খোলা দিনটোত শ্ৰেণীকোঠা, লাইব্ৰেৰী, লেবৰেটৰী, শিক্ষকৰ কোঠা, অফিচ কোঠা আদি সকলোবিলাকৰ যাতে আকৰ্ষণীয় হয়, তাৰ বাবে সকলো সজাগ হ’ব লাগে। বিদ্যালয় খোলাৰ প্ৰথম দিনা প্ৰধানশিক্ষকগৰাকীয়ে বিদ্যালয়লৈ নতুনকৈ অহা ছাত্ৰ-ছাত্ৰীসকলক সহৃদয়তাৰে লগ কৰিব লাগে আৰু তেওঁলোকে যাতে কোনো কথাতে অসুবিধা নাপায়, তাৰ প্ৰতি চকু দিব লাগে।

(খ) সমগ্র বছৰটোৰ কৰ্ম : ইয়াৰ পিছত প্ৰধান শিক্ষকগৰাকীয়ে সমগ্ৰ বছৰটোৰ কর্ম এটাৰ পিছত এটাকৈ সমাধান কৰি যাব লাগে। তাৰ ভিতৰত নিৰ্দেশনামূলক কর্ম সংগঠন কৰা, ছাত্ৰ-ছাত্ৰীৰ মেডিকেল পৰীক্ষা কৰোৱা, মূল্যায়ন কৰোৱা আন্তঃপৰীক্ষণৰ নম্বৰ প্ৰস্তুত কৰা আৰু মাক-দেউতাকলৈ সেইবিলাক প্ৰেৰণ কৰা আদিয়েই প্ৰধান।

(গ) বছৰটোৰ সমাপ্তিৰ কাৰ্য : শৈক্ষিক বছৰটোৰ শেষত প্রধান শিক্ষকগৰাকী তলত দিয়া কৰ্তব্যসমূহৰ প্ৰতি সজাগ থাকিব লাগিব –

১) বছৰেকীয়া পৰীক্ষাৰ বাবে প্ৰস্তুতিকৰণৰ কাম, প্ৰশ্নকাকত প্ৰস্তুতকৰণ, পৰীক্ষাবহী মূল্যায়ন, ফলাফল ঘোষণা কৰা।

২) যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় এৰি আন বিদ্যালয়লৈ যাবলৈ বিচাৰে তেওঁলোকৰ বাবে বিদ্যালয় ত্যাগ প্ৰমাণপত্ৰ প্ৰস্তুতকৰণ।

৩) বিদ্যালয়ৰ বছৰেকীয়া ৰিপোৰ্ট প্ৰস্তুতকাৰ্য।

Q.15. Write a brief note on teacher and qualities of a teacher.

Ans: বিদ্যালয় হৈছে এক সেৱাৰ অনুষ্ঠান। এই অনুষ্ঠানৰ লগত জড়িত এক গুৰুত্বপূৰ্ণ অংগ হৈছে শিক্ষক। শিক্ষকজনে নিজৰ জ্ঞান আৰু দক্ষতা প্ৰয়োগ কৰি জাতিৰ বিকাশত সহায় কৰিবৰ বাবে এক শ্ৰেণী মানৱ সম্পদ সৃষ্টি কৰে। বিদ্যালয়ত শিক্ষকজনৰ অবিহনে ব্যৱস্থাটো এক বঠাবিহীন নাৱৰ দৰে হ’ব। প্ৰাচীন কালত ভাৰতবৰ্ষত শিক্ষকৰ এক বিশিষ্ট স্থান আছিল। তেতিয়া শিক্ষকজনক ‘গুৰু’ বোলা হৈছিল। গুৰুৱে ছাত্ৰ সকলো দিশৰ বিকাশত চকু দিছিল। সেই সময়ত ভগৱানৰ পিছতেই শিক্ষকজনক স্থান দিয়া হৈছিল। শিক্ষকজনক ‘Architect of man’, ‘The maker of man’, ‘Maker of history’ আদি বিভিন্ন নামেৰে আখ্যা দিয়া হয়।

হিন্দু দৰ্শনৰ মতে এটা শিশুৱে শিক্ষকৰ হাততেই দ্বিতীয় জনম লাভ কৰে। শিশুটোৱে শাৰীৰিক অৱয়ব মাক-দেউতাকৰ পৰা লাভ কৰে। কিন্তু শিক্ষকজনে শিশুটোৰ অভ্যাস, আগ্ৰহ, মনোযোগ ব্যক্তিত্বৰ আকাৰ দিয়ে। প্ৰথম অৱস্থাত শিশুটো কেঁচা মাটিৰ টুকুৰাৰ দৰে। যেনেকৈ শিল্পীয়ে কেঁচা মাটিৰ পৰা বিভিন্ন বস্তুৰ ৰূপ দিয়ে, ঠিক সেইদৰে শিক্ষকজনে কণ কণ শিশুবিলাকৰ আচৰণৰ আকাৰ দিয়ে। এইটোৱেই হৈছে শিক্ষকজনৰ শিক্ষণ কৌশল, তেওঁৰ ব্যক্তিত্ব, চৰিত্ৰৰ প্ৰভাৱ। সেয়েহে শিক্ষকজনৰ সম্পৰ্কত বিভিন্নজনৰ বিভিন্ন মতামত পোৱা যাব। তাৰে কিছুমান তলত দিয়া হ’ল-

(১) H.G. Wells ৰ মতে, “The teacher is the real maker of history.”

(২) Humayun Kabir, ” Teachers are literally the arbiters of a nation’s destiny.”

(৩) Manu য়ে দাৰ্শনিক দৃষ্টিভংগীয়ে শিক্ষকজনক বৰ্ণনা কৰিছে। তেওঁ কৈছে, “A teacher is the image of Brahma: a father is the image of prajapati, a mother is the image of the earth.”

ওপৰত সংজ্ঞাসমূহৰ পৰা আমি দেখা পাইছো যে শিক্ষকজনৰ সমগ্ৰ সমাজখনত এক বিশিষ্ট স্থান আছে। তেৱেঁই হৈছে দেশৰ ধৰণীস্বৰূপ শিশুসকলৰ গঢ় দিওঁতা। সেয়েহে তেওঁৰ বিশেষ কিছুমান গুণাৱলী থকা উচিত। সেইবিলাকৰ বিষয়ে তলত আলোচনা কৰা হ’ল –

এজন শিক্ষকৰ গুণাৱলীসমূহক ছাত্ৰ, অভিভাৱক, প্ৰধান শিক্ষক, শৈক্ষিক কৰ্তৃপক্ষ, শিক্ষাবিদ আদিয়ে বেলেগ বেলেগ দিশেৰে বিচাৰ কৰিব পাৰে। এজন ছাত্রৰ বাবে শিক্ষকৰ গুণাৱলীসমূহ যেনেধৰণৰ হ’ব লাগে, অভিভাৱক বা প্ৰধান শিক্ষকৰ দৃষ্টিভংগীৰে শিক্ষকজনৰ গুণাৱলীসমূহ সেইবিলাক নহবও পাৰে। সেয়েহে প্ৰথমে ওপৰত উল্লেখ কৰাসকলৰ দৃষ্টিৰে শিক্ষকৰ গুণাৱলীসমূহ আলোচনা কৰা হ’ল –

(ক) ছাত্ৰ-ছাত্ৰীৰ দৃষ্টিৰে : ছাত্ৰ-ছাত্ৰীৰ ভাল লগা আৰু বেয়া লগাসমূহ আনৰ লগত নিমিলে। Frank W. Hart য়ে দেখা পাইছিল যে বেছিভাগ ছাত্ৰ-ছাত্ৰীয়েই শিক্ষকৰ পাঁচটা গুণাৱলীৰ ওপৰত গুৰুত্ব দিয়ে। সেইকেইটা হৈছে-

১) ধেমেলীয়া, সুখী, সুস্থ প্ৰকৃতি, সদায় আনন্দ থকা, ৰসিকতা সৃষ্টি কৰিব পৰা।

২) মানৱীয়, বন্ধুত্ব, সিহঁতৰ মাজেৰে এজন বুলি ভবা।

৩) ছাত্ৰ-ছাত্ৰীক বুজিবলৈ চেষ্টা কৰা।

৪) যিকোনো কাম মনোগ্ৰাহী কৰি তোলা, আনন্দেৰে সৈতে কাম কৰিবলৈ উৎসাহিত কৰা।

আকৌ Hart য়ে দেখা পাইছিল যে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকজনৰ বেয়া পোৱা পাঁচটা সংৰক্ষণ হ’ল – 

(ক) বেয়া মেজাজ।

(খ) স্কুলীয়া কামত সহায় নকৰা।

(গ) পক্ষপাতিত্ব।

(ঘ) দম্ভালি।

(ঙ) খুউব বেছি কঠোৰতা।

(খ) প্ৰধান শিক্ষকৰ দৃষ্টিৰে : প্ৰধান শিক্ষকগৰাকীয়ে শিক্ষকজন অজ্ঞানী, বিশ্বাসী, কঠোৰ পৰিশ্ৰমী, বুদ্ধিয়ক, সহযোগী আৰু সহায়কাৰী হোৱাটো বিচাৰে। প্ৰধান শিক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীয়ে ভাল পোৱা গুণাৱলীসমূহ পছন্দ নকৰিবও পাৰে। তেওঁ পৰীক্ষাৰ ফলাফল বেছি ভাল হোৱাৰ ওপৰতহে অত্যধিক গুৰুত্ব দিয়া দেখা যায়।

(গ) অভিভাৱকৰ দৃষ্টিৰে : অভিভাৱকসকলেও নিজা সৃষ্টিৰে শিক্ষকসকলক বিচাৰ কৰে। তেওঁলোকে শিক্ষকসকল ছাত্ৰ-ছাত্ৰীৰ প্ৰতি সহানুভূতিশীল হোৱাটো হিচাবে। ব্যক্তিগত মনোযোগ দিয়াৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়ে। যিজন শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ আটাইতকৈ ভাল ফলাফল হোৱাত সহায় কৰে তেওঁকেই ভাল শিক্ষক হিচাপে অভিভাৱকসকলে গণ্য কৰে।

(ঘ) উচ্চতম শৈক্ষিক কৰ্তৃপক্ষৰ দৃষ্টিৰে : উচ্চতম শৈক্ষিক কৰ্তৃপক্ষই পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি এজন শিক্ষকৰ মানদণ্ড নিৰূপণ কৰে। যদি ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ ফলাফল ভাল হয়, তেন্তে শিক্ষকজন ভাল আৰু পৰীক্ষাৰ ফলাফল বেয়া হ’লে শিক্ষকজন বেয়া বুলি গণ্য কৰে। এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ সামৰ্থতাৰ ওপৰত একেবাৰে গুৰুত্ব দিয়া পৰিলক্ষিত নহয়। কৰ্তৃপক্ষই শিক্ষকজন নম্ৰ আৰু কৰ্তব্যপৰায়ণ হোৱাটো বিচাৰে।

(ঙ) শিক্ষাবিদসকলৰ দৃষ্টিত : শিক্ষাবিদসকলে শিক্ষকৰ সংলক্ষণ আৰু গুণাৱলীৰ সম্পৰ্কে এখন দীঘলীয়া তালিকা দাঙি ধৰা দেখা যায়। তেওঁলোকে শিক্ষকসকলৰ গাত এই সকলোবিলাক গুণ থকাটো বিচাৰে। কিন্তু পৃথিৱীত এনে এজন শিক্ষক নাই, যাৰ গাত সকলোবিলাক সংলক্ষণ আৰু গুণাৱলী আছে।

ওপৰত উল্লেখ কৰা বিভিন্ন দৃষ্টিভংগীসমূহৰ ওপৰত ভিত্তি কৰি এজন শিক্ষকৰ গুণাৱলীসমূহ তলত দিয়াৰ দৰে আলোচনা কৰিব পাৰি।

১) ব্যক্তিত্বৰ সংলক্ষণ (Personality traits) : 

(১) বাহ্যিক অৱয়ব।

(২) শাৰীৰিক স্বাস্থ্য।

(৩) বুদ্ধি আৰু বৌদ্ধিক গুণাৱলী।

(৪) মানসিক স্বাস্থ্য আৰু আবেগিক স্থিৰতা।

(৩) চৰিত্ৰ।

(৬) সামাজিক গুণাৱলী।

(৭) আন আন ব্যক্তিত্বৰ সংলক্ষণ।

2) শৈক্ষিক কৃতিত্বসমূহ (Academic achievements) : এই শিতানত তলত উল্লেখ কৰা গুণাৱলীসমূহ অন্তৰ্ভুক্ত – 

(১) তেওঁৰ শৈক্ষিক যোগ্যতাসমূহ।

(২) সাধাৰণ জ্ঞান আৰু বিদ্যা।

(৩) শিক্ষকজনৰ জ্ঞান লাভৰ তৃষ্ণা আৰু পঠন অভ্যাস।

(৪) ভাষাৰ জ্ঞান আৰু অভ্যাস।

(৫) তেওঁৰ কোৱা আৰু লিখনৰ প্ৰকাশভংগী।

৩) বৃক্তিমূলক সামৰ্থতা (Professional efficiency) : এই শিতানত তলত দিয়া গুণাৱলীসমূহ অন্তৰ্ভুক্ত কৰিব পাৰি –

(১) তেওঁৰ চাকৰিৰ আগত বৃত্তিমূলক প্ৰশিক্ষণ।

(২) চাকৰিকালীন প্ৰশিক্ষণ।

(৩) শিক্ষক হিচাপে শিক্ষণ অভিজ্ঞতা।

(৪) বৃত্তিটোত তেওঁৰ ত্যাগ ইত্যাদি।

এতিয়া ওপৰত উল্লেখ কৰা গুণাৱলীসমূহ তলত আলোচনা কৰা হ’ল –

(ক) বাহ্যিক অৱয়ব : শিক্ষকৰ বাহ্যিক অৱয়বে ছাত্ৰ-ছাত্ৰীৰ ওপৰত এক মনোবৈজ্ঞানিক প্ৰভাৱ পেলায়। দেখা-শুনাই ভাল এজন শিক্ষকক সাধাৰণতেই ছাত্ৰ-ছাত্ৰীয়ে ভাল পাবলৈ আৰম্ভ কৰে। মহিলা শিক্ষয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীৰ ওপৰত বেছি প্ৰভাৱ পেলায় বুলি Freud য়ে মত পোষণ কৰিছিল। পুৰুষ শিক্ষকৰ ক্ষেত্ৰতো শিক্ষকজনৰ চেহেৰা সাজ-পোছাক আদিয়ে ছাত্ৰ-ছাত্ৰীক আকৰ্ষণ কৰাত সহায় কৰে। সেয়েহে শিক্ষকজনে পৰিষ্কাৰ-পৰিচ্ছন্নতা, সুন্দৰ সাজ-পোছাক, সুস্থ আচৰণ আদিৰ ওপৰত গুৰুত্ব দিব লাগে। শিক্ষকজনৰ এক আকৰ্ষণীয় ব্যক্তিত্ব থকাটো উচিত। অৱশ্যে সাজ-পোছাকে যাতে সামাজিক মানদণ্ডক অৱমাননা নকৰে, তাৰ প্ৰতি লক্ষ্য দিয়া উচিত।

(খ) শাৰীৰিক স্বাস্থ্য : এইক্ষেত্ৰত এৰিষ্ট’টলৰ এষাৰ উক্তি প্ৰণিধানযোগ্য। তেওঁ কৈছিল যে এটা সুস্থ দেহতহে এটা সুস্থ মনৰ সৃষ্টি হয়। দেহটো সুস্থ নহ’লে মনটো সুস্থ হ’ব নোৱাৰে। সেয়েহে শিক্ষকৰ শাৰীৰিক সুস্থতা শিক্ষকৰ এটা অতি আৱশ্যকীয় গুণ। এজন শাৰীৰিকভাৱে অসুস্থ শিক্ষকে ছাত্ৰ-ছাত্ৰীক কেতিয়াও সুস্থভাৱে জ্ঞানদান কৰিব নোৱাৰে। সেয়েহে শিক্ষকজনৰ কোনো বেমাৰ আজাৰ থাকিব নালাগে। ইন্দ্ৰিয়সমূহৰ কোনো জন্মগত বাধাগ্ৰস্ততা থাকিব নালাগে আৰু প্ৰাণবন্ত হ’ব লাগে। শিক্ষকজনৰ স্বাস্থ্যবিজ্ঞান সম্পৰ্কীয় জ্ঞানসমূহ থাকিব লাগে। এই সম্পৰ্কত Mohi-ud-din য়ে কৈছিল, “Proper diet, regular and unhurried latin, proper exercise, well lighted and ventilated rooms, there are frequently all that is required for maintaining perfect health.”

(গ) বুদ্ধি : শিক্ষকতা বৃত্তিটো হৈছে এনে এক অসাধাৰণ বৃত্তি য’ত অন্য বৃত্তিত প্ৰয়োজন নোহোৱা কিছুমান গুণাৱলীৰ প্ৰয়োজন হয়। ইয়াত বুজি পোৱা, তৰ্কবিজ্ঞানসন্মত যুক্তিৰ ক্ষমতা, প্ৰভেদীকৰণ ক্ষমতা, উদ্ভাৱনীশক্তি, কৌশল, স্বাভাৱিক জ্ঞান আৰু স্মৃতিশক্তিৰ প্ৰয়োজন হয়। যাৰ বুধ্যাংক বেছি তেওঁহে শিক্ষাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা যিকোনো সমস্যা সহজেই সমাধান কৰিব পাৰিব আৰু যিকোনো বিষয় ছাত্ৰ-ছাত্ৰীক সহজেই পাঠদান কৰিব পাৰিব।

ইয়াৰ উপৰিও শিক্ষকজনৰ বিভিন্ন দিশত আগ্ৰহ থাকিব লাগিব। তেওঁৰ জ্ঞান আহৰণৰ তৃষ্ণা থাকিব লাগিব। তেওঁৰ প্ৰত্যেক পৰিস্থিতিতে পৰ্যবেক্ষণ কৰিব পৰা শক্তি থকাটো বাঞ্ছনীয়। তেওঁ অধিক জ্ঞান আহৰণৰ যোগেদি নিজৰ অভিজ্ঞতা বৃদ্ধি কৰিব লাগে আৰু আহৰণ কৰা অভিজ্ঞতাই শিক্ষণ বৃত্তিত সহায় কৰিব লাগে। জ্ঞান আহৰণৰ তৃষ্ণাইহে এজন ব্যক্তিক সংস্কৃতিবান আৰু বৌদ্ধিকভাৱে আগবাঢ়ি যোৱাত সহায় কৰিব।

(ঘ) মানসিক স্বাস্থ্য আৰু আবেগিক স্থিৰতা : অৰ্থনৈতিক অৱস্থা, ঘৰুৱা দায়িত্ব, বৃত্তিমূলক দায়িত্ব আৰু বিভিন্ন পাৰিপাৰ্শ্বিক উপাদানে শিক্ষকজনৰ মানসিক জগতত জোকাৰণি সৃষ্টি কৰে। সেই সকলোবিলাক উপাদানে যদি শিক্ষকজনৰ হতাশাৰ সৃষ্টি কৰে, তেন্তে তেনে এজন শিক্ষকে কেতিয়াও সুস্থভাৱে পাঠদান কৰিব নোৱাৰে। শিক্ষকজনৰ হতাশাই পৰোক্ষভাৱে ছাত্ৰ ওপৰত প্ৰভাৱ পেলাব। গতিকে শিক্ষকজনৰ হতাশা, নিৰাশাবোধ আদি দমন কৰিব পৰা গুণ থাকিব লাগিব। শিক্ষকজনৰ মানসিক স্বাস্থ্য সুস্থ হ’বৰ বাবে তেওঁ সুখী, আশাবাদী আৰু আনন্দ কৰিব পৰা হ’ব লাগিব। তেওঁ আবেগিকভাৱে সুস্থ আৰু আত্মনিয়ন্ত্ৰিত হ’ব লাগিব। শিক্ষকৰ মানসিক স্বাস্থ্য আৰু আবেগিক স্থিৰতাৰ সম্পৰ্কে Reymont য়ে কৈছিল, ‘The teacher must be a compendium of all virus, candles patient, unerringly, just and unimportant babbly good tempered.”

(ঙ) চাৰিত্ৰিক আৰু নৈতিক গুণাৱলীসমূহ : শিক্ষকতা বৃত্তিটোৰ বাবে চাৰিত্ৰিক আৰু নৈতিক গুণাৱলীসমূহ ব্যক্তিৰহে প্ৰয়োজন। চৰিত্ৰহীন এজন ব্যক্তিয়ে কেতিয়াও ছাত্ৰৰ পৰা সন্মান নাপায় আৰু ছাত্ৰৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে। যেতিয়াই ছাত্ৰই শিক্ষকক অসন্মান কৰিবলৈ আৰম্ভ কৰিব, তেতিয়াই শিক্ষাব্যৱস্থাটো বিপথে পৰিচালিত হ’ব। শিক্ষকজনৰ চৰিত্ৰই প্ৰত্যক্ষভাৱে ছাত্ৰৰ ওপৰত প্ৰভাৱ পেলায়। সেয়েহে শিক্ষকজনে চৰিত্ৰ গঠন কৰিব পৰা সকলোবিলাক নৈতিক আৰু চাৰিত্ৰিক সংলক্ষণ আহৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। শিক্ষকজনে চৰিত্ৰ গঠনৰ বাবে ভাল অভ্যাস গঠন কৰিবলৈ কুণ্ঠাবোধ কৰিব নালাগে। তেওঁ চিন্তা আৰু কৰ্মৰ যোগেদি সুস্থ অভ্যাস গঠন কৰিব লাগে। সংস্কৃতত ইয়াক ‘Sankaras’ বোলা হয়।

প্ৰাচীন ভাৰতীয় দৰ্শনত শিক্ষকজন নৈতিক চৰিত্ৰ গঠনৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছিল। মহাত্মা গান্ধীয়ে আত্ম উচৰ্গা, সামাজিক কৰ্ম, অহিংসা আৰু ব্ৰহ্মচাৰ্যৰ ওপৰত অধিক গুৰুত্ব দিছিল। এইবিলাক গুণ আহৰণেহে শিক্ষকজনক প্ৰকৃত আৰু সৎ শিক্ষকৰূপে গঢ়ি তুলিব পাৰিব। তেওঁৰ আচৰণ ভদ্ৰ আৰু অমায়িক হ’ব লাগিব।

(চ) সামাজিক সংৰক্ষণ : সামাজিক সংলক্ষণ শিক্ষকৰ আন এটা প্ৰয়োজনীয় গুণাৱলী। তেওঁ সামাজিক বিভিন্ন পৰিৱেশত ভালদৰে মিলিব পাৰিব লাগিব। তেওঁ মৌলিক অধিকাৰ আৰু কৰ্তব্যসমূহৰ প্ৰতি সজাগ হ’ব লাগিব। সমাজখনৰ উন্নতিৰ বাবে শিক্ষকে বিভিন্ন কাৰ্যপন্থা হাতত ল’ব লাগে। তেওঁৰ নেতৃত্বৰ গুণাৱলীসমূহ থাকিব লাগিব। তেতিয়াহে ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন কাম-কাজত তেওঁ পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰিব পাৰিব। আনৰ মাজত জনপ্ৰিয় হ’বলৈ প্রয়োজন হোৱা আন এটা গুণ হ’ল ৰসিকতা বা হাস্যৰস সৃষ্টি কৰিব পৰা গুণ। ৰসিকতা গুণটোৱে ছাত্ৰ আৰু শিক্ষকৰ মাজত মিলামিচাৰ সৃষ্টি কৰে আৰু শিক্ষকৰ মাজত মিলামিচাৰ সৃষ্টি কৰে আৰু পঠনীয় বিষয়টো ছাত্ৰ-ছাত্ৰীৰ বাবে সহজ হৈ পৰে।

(ছ) অন্যান্য ব্যক্তিত্বৰ সংলক্ষণ : শিক্ষকজনে ছাত্ৰ-ছাত্ৰীৰ সৰ্বতোমুখী বিকাশ সাধনত সহায় কৰে। সেয়েহে তেওঁ সকলো দিশৰে পৰিপূৰ্ণ ব্যক্তিৰ অধিকাৰী হোৱা উচিত। তেওঁৰ শাৰীৰিক স্বাস্থ্য, বৌদ্ধিকতা, সামাজিকতা আৰু নৈতিকতা আনতকৈ উচ্চ হ’বই লাগিব। সেই কাৰণে প্ৰাচীন ভাৰতীয় দৰ্শনত শিক্ষকসকলক ৰাজকীয় পৰিয়ালতকৈও উচ্চ আসন দিয়া হৈছিল। তেনেকুৱা বহুত ব্যক্তিত্বসম্পন্ন শিক্ষকৰ কথা আমি প্ৰাচীন কাহিনীসমূহত পাওঁ। তেওঁলোক হ’ল- বিশ্বামিত্ৰ, দ্রুনচার্য, বিষ্ণুগুপ্ত, চানক্য, বিষ্ণু শর্মা, শংকৰাচাৰ্য, ৰামানুজ ইত্যাদি। আমি এইটো ক’বলৈ বিচৰা নাই যে সকলো শিক্ষকেই বিশ্বামিত্ৰ ৰামানুজৰ দৰে হওক। কিন্তু শিক্ষকসকলে প্ৰয়োজনীয় গুণাৱলীসমূহৰ কিছুসংখ্যক আহৰণ কৰিবলৈ চেষ্টা কৰিলেও ই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে, সমাজখনৰ বাবে বহুত উপকাৰত আহিব। শিক্ষকে প্রতিটো মিনিট সদব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব লাগে।

Q.16. Write about the general academic achievement of a teacher.

Ans: সাধাৰণ শৈক্ষিক কৃতিত্বৰ গুণাৱলীসমূহ আলোচনা কৰা হ’ল- 

(ক) সাধাৰণ জ্ঞান আৰু বিদ্যা : শিক্ষকজন সাধাৰণ জ্ঞান বুদ্ধিত পাৰ্গত হ’ব লাগিব। শিক্ষকসকল হ’ল বুদ্ধিজীৱী সেয়েহে বৌদ্ধিক চিন্তা-চৰ্চা আৰু সক্ৰিয়তাৰ দিশত তেওঁ দৃষ্টি ৰাখিব লাগে। তেওঁ দৈনিক বাতৰি কাকত, আলোচনী আদিৰ লগত যোগাযোগ থাকিব লাগিব। ছাত্ৰ-ছাত্ৰীসকলৰ মন স্থায়ীভাৱে আকৰ্ষণ কৰিবলৈ হ’লে তেওঁৰ এক অধ্যয়নপুষ্ট মন, নতুন জ্ঞানৰ স্পৃহা আৰু অনুসন্ধিৎসা ভাব থাকিব লাগে। আজিকালি ইণ্টাৰনেটৰ যুগত ছাত্ৰ-ছাত্ৰীসকল বহুত আগবঢ়া। সেয়েহে শিক্ষকজন ছাত্ৰ-ছাত্ৰীতকৈও আগবঢ়া হ’ব লাগিব।

(খ) তেওঁৰ শৈক্ষিক গুণাৱলীসমূহ : সাধাৰণতেই শিক্ষকসকল সমাজত শিক্ষিত ব্যক্তি হিচাপে গণ্য কৰা হয়। সেয়েহে লিখা-পঢ়া কৰাটোৱেই শিক্ষকসকলৰ প্ৰধান অভ্যাস হোৱা উচিত। শিক্ষকসকল সকলো দিশতে পৰিপক্ক হোৱাৰ উপৰিও নিজ নিজ বিষয়ত পৰিপূৰ্ণ জ্ঞান থকা উচিত। তেওঁলোক চোকা আৰু মেধাৱী হোৱাটো বাঞ্চনীয়। তেওঁলোকৰ শিক্ষকতাৰ বিভিন্ন প্ৰশিক্ষণসমূহ থাকিব লাগে। 

(গ) প্ৰকাশ : বাগ্মিতা শিক্ষকতাৰ এটা লেখত ল’বলগীয়া গুণ। কিছুমান এনে ব্যক্তি আছে যি অতি মেধাৱী কিন্তু তেওঁৰ যি গুণ সেইখিনি প্ৰকাশ কৰিব নোৱাৰে। অৰ্থাৎ তেওঁ জনাখিনি ছাত্ৰ-ছাত্ৰীৰ আগত প্ৰকাশ কৰি বুজাব নোৱাৰে। তেনে ব্যক্তিৰ জ্ঞান থকা নথকা একেই। তেওঁ জনাখিনি বুজাই-বঢ়াই ছাত্ৰ-ছাত্ৰীৰ আগত প্ৰকাশ কৰিব পৰাটোৱে আচল কথা। এইক্ষেত্ৰত শিক্ষকৰ মাতটো স্পষ্ট, সুন্দৰ, ডাঙৰ হ’ব লাগে। এইক্ষেত্ৰত Mohi-ud-din-ৰ এষাৰ উক্তি গ্ৰহণযোগ্য। তেওঁ কৈছে, “The best voice for the classroom is one which is clear, pleasantly toned, fairly audible even in its general pitch and yet capable of modulation in order to express different shades of meaning and emphasis. A monotonous voice tires the pupils very soon and is not impressive.”

Q.17. Discuss elaborately the duties of a teacher.

Ans: আধুনিক শিক্ষাত শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্য এক নিৰ্দিষ্ট সীমাৰ মাজত সীমাবদ্ধ হৈ থকা নাই। শিক্ষকে ছাত্ৰৰ আৰু শিক্ষানুষ্ঠানৰ উন্নতিৰ বাবে বিভিন্ন ধৰণৰ কাৰ্য সম্পাদন কৰিব লগা হয়। বিভিন্ন দৃষ্টিকোণৰ পৰা শিক্ষকৰ কৰ্তব্যসমূহ বিশ্লেষণ কৰা হৈছে। শিক্ষাবিদসকলৰ মতে ছাত্ৰৰ সুস্থ ব্যক্তিত্ব গঢ় দি তোলাটো শিক্ষকৰ প্ৰধান কৰ্তব্য। মনোবিজ্ঞানীসকলৰ মতে ছাত্ৰৰ অন্তৰ্নিহিত শক্তি ক্ষমতাসমূহৰ বিকাশ সাধন কৰাটো শিক্ষকৰ কৰ্তব্য। নৈতিক দিশৰ পৰা ছাত্ৰৰ নৈতিক চৰিত্ৰ গঢ়ি দি সাধন কৰাটো শিক্ষকৰ কৰ্তব্য। এই সকলোবোৰ দিশ বিবেচনা কৰি চালে শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্যসমূহৰ ব্যাপকতা পৰিলক্ষিত হয়। তলত শিক্ষকৰ কেতবোৰ দায়িত্ব আৰু কৰ্তব্য উল্লেখ কৰা হ’ল –

(১) পৰিকল্পনা : শিক্ষাদানৰ পূৰ্বে শিক্ষা পৰিকল্পনা প্ৰস্তুত কৰাটো শিক্ষকৰ প্ৰধান কৰ্তব্য। যেনেকৈ এটা ঘৰ বনাবলৈ লওঁতে প্ৰথমে এক আঁচনি প্ৰস্তুত কৰি লোৱা হয়, ঠিক সেইদৰে শিক্ষাদান কৰাৰ আগতেও পৰিকল্পনা প্ৰস্তুত কৰি লোৱাটোও অত্যন্ত জৰুৰী কাম। শিক্ষকজনে তলত দিয়া বিষয়সমূহৰ পৰিকল্পনা কৰি লোৱা উচিত-

(ক) তেওঁ সমগ্ৰ পাঠ্যক্ৰমখন তেওঁ পঢ়ুৱাবলগীয়া বিষয়সমূহৰ, সপ্তাহত কিমান পঢ়ুৱাব, মাহেকত কিমান পঢ়ুৱাব তাৰ পৰিকল্পনা কৰিব লাগে।

(খ) শিক্ষণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা বিভিন্ন আহিলা, শ্ৰৱণ-দৰ্শন আহিলাসমূহক পৰিকল্পনাত অন্তৰ্ভুক্ত কৰিব লাগে।

(গ) ছাত্ৰৰ বাবে অনুমোদিত পাঠ্যক্ৰম আৰু কাৰ্যসূচীবোৰ সময় তালিকা অনুসৰি বিভক্ত কৰি ল’ব লাগে।

(ঘ) সমগ্ৰ বছৰটোত সংগঠিত কৰিবলগীয়া সহঃপাঠ্যক্ৰমিক কাৰ্যাৱলীসমূহৰ পৰিকল্পনা কৰিব লাগে।

(২) শিক্ষাদান : পাঠদান বা শিক্ষাদানটোৱেই হৈছে শিক্ষকৰ প্ৰথম আৰু প্ৰধান দায়িত্ব। তেওঁ পঢ়ুৱাবলগীয়া বিষয়সমূহ সম্যক জ্ঞান থকাটো উচিত। শিক্ষাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক দিশৰ শিক্ষাদানৰ বাবে প্ৰয়োজনীয় উপকৰণবোৰ যথোচিতভাৱে শ্ৰেণীকক্ষত প্ৰয়োগ কৰিব লাগে। পাঠদানৰ নতুন কৌশলসমূহ জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। তেওঁ ছাত্ৰ-ছাত্ৰীক প্ৰয়োজনীয় গৃহ কৰ্ম দিব লাগে আৰু সেইবিলাক সময়মতে নিৰীক্ষণ কৰিব লাগে।

(৩) সাংগঠনিক কাৰ্য : শিক্ষকে বিভিন্ন সাংগঠনিক কাৰ্যসমূহ সম্পাদন কৰিব লগা হয়। তাৰ ভিতৰত তলত উল্লেখ কৰা কাৰ্যসমূহ উল্লেখযোগ্য-

(ক) তেওঁ বিভিন্ন পাঠ্যক্ৰমিক আৰু সহঃপাঠ্যক্ৰমিক কাৰ্যসমূহ সংগঠন কৰিব লাগে।

(খ) তেওঁ সমগ্ৰ শৈক্ষিক আঁচনিখনৰ সংগঠনৰ দায়িত্বত থাকে। সেয়েহে শিক্ষকে পাঠ্যক্ৰমৰ সংগঠন কৰিব লগা হয়, সময় তালিকা প্ৰস্তুত কৰে আৰু সহকৰ্মী আৰু শিক্ষকসকলক কৰ্মৰ বিতৰণ কৰে। প্ৰধান শিক্ষকৰ সহযোগত বিদ্যালয়ৰ চৌহদৰ সৌন্দৰ্যবৰ্ধনৰ দায়িত্বও শিক্ষকে পালন কৰে। 

(গ) ছাত্ৰ-ছাত্ৰীৰ পুথিভঁড়াল সম্বন্ধীয় কাৰ্যসমূহৰ দায়িত্বও শিক্ষকে পালন কৰে।

(ঘ) বিভিন্ন পৰীক্ষা সম্বন্ধীয় কামসমূহৰ সংগঠন শিক্ষকে কৰে।

(৪) পৰিদৰ্শন : ছাত্ৰ-ছাত্ৰীৰ কামসমূহৰ দায়িত্বত শিক্ষকসকল থাকে। তেওঁ পৰিদৰ্শন কৰিবলগীয়া বিভিন্ন কামসমূহ হ’ল-

(ক) ছাত্ৰ-ছাত্ৰীৰ নিয়মীয়া উপস্থিতি আৰু নিয়মীয়া কৰ্মৰ পৰিদৰ্শন।

(খ) ছাত্ৰ-ছাত্ৰীৰ বিকাশ আৰু আচৰণৰ পৰিদৰ্শন। 

(গ) খেলপথাৰত তেওঁ ছাত্ৰ-ছাত্ৰীৰ খেলা পৰিদৰ্শন।

(ঘ) ছাত্ৰাবাসত তেওঁ ছাত্ৰ-ছাত্ৰীৰ ব্যৱহাৰ আৰু নিয়মানুৱৰ্তিতা পৰিদৰ্শন কৰে।

(ঙ) গৱেষণাগাৰত ছাত্ৰ-ছাত্ৰীৰ প্ৰকৃত ব্যৱহাৰিক জ্ঞানৰ পৰিদৰ্শন।

(৫) নিৰ্দেশনা : ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন সময়ত, বিভিন্ন অৱস্থাত শিক্ষকৰ নিৰ্দেশনাৰ প্ৰয়োজন হয়। শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ বিষয় নিৰ্বাচনৰ ক্ষেত্ৰত আৰু সেই বিষয়টোৰ বৃত্তিমূলক গুৰুত্বৰ সম্পৰ্কত নিৰ্দেশনা দিব লগা হয়। তেওঁ ছাত্ৰ-ছাত্ৰীক পঢ়া-শুনাৰ ক্ষেত্ৰতো দিহা-পৰামৰ্শ দিয়ে। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ আগ্ৰহ, প্ৰৱণতাৰ ওপৰত ভিত্তি কৰি বৃত্তি নিৰ্বাচন কৰিলেহে কৃতকাৰ্য হ’ব পাৰে। কিন্তু বহু সময়ত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বৃত্তি নিৰ্বাচন কৰাত অসুবিধা অনুভৱ কৰে। এইক্ষেত্ৰত তেওঁলোকক শিক্ষকৰ নিৰ্দেশনাৰ প্রয়োজন হয়। শিক্ষকে পিচপৰা আৰু মন্থৰ গতিৰ শিশুসকলক  প্ৰয়োজনীয় পৰামৰ্শ দান কৰে। তাৰ উপৰিও অস্বাভাৱিক, অপৰাধ প্ৰৱণ শিশুসকলৰ  কৃতকাৰ্যতাও বহু পৰিমাণে শিক্ষকৰ নিৰ্দেশনাৰ ওপৰত নিৰ্ভৰ কৰে।

(৬) তথ্য সংগ্ৰহ : বৰ্তমান সময়ত অবিৰত মূল্যায়নৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰা হৈছে। এই অবিৰত মূল্যায়নত শিক্ষকৰ দায়িত্বও বৃদ্ধি পাইছে। প্ৰতিজন ছাত্ৰৰ শিক্ষামূলক কৃতকাৰ্যতা আৰু অগ্ৰগতিৰ উপৰিও শ্ৰেণীকক্ষৰ বাহিৰৰ বিভিন্ন দিশৰ অগ্ৰগতিৰ প্রয়োজনীয় তথ্যপাতি সংগ্ৰহ কৰি তাক লিপিবদ্ধ কৰাটো শিক্ষকৰ দায়িত্ব।

(৭) মূল্যায়ন : শিক্ষাদান কৰাতে শিক্ষকজনৰ দায়িত্ব সমাপ্ত নহয়। শিক্ষাদান কৰাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলে কিমানখিনি জ্ঞান আহৰণ কৰিব পাৰিলে তাক মূল্যায়ন কৰাটোও তেওঁৰ দায়িত্ব। মূল্যায়ন কৰাৰ পাছত তাৰ ফলাফলসমূহ উৰ্ধবতন কৰ্তৃপক্ষৰ লগত আলোচনা কৰিব লাগে আৰু অভিভাৱক সকলক জনাব লাগে। ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক কৃতিত্ব মূল্যায়নৰ বাবে সাপ্তাহিক, মাহেকীয়া, ছমহীয়া, বছৰেকীয়া আদি পৰীক্ষা অনুষ্ঠিত কৰিব লাগে।

(৮) সম্বন্ধ স্থাপন : শিক্ষকজনে সৰ্বপ্ৰথমে ছাত্ৰ-ছাত্ৰীৰ লগত সু-সম্বন্ধ স্থাপন কৰে। শিক্ষকজনক ছাত্ৰৰ ‘Second Parents’ বোলা হয় কিয়নো ছাত্ৰ শিক্ষকৰ মণিকাঞ্চন সংযোগৰ ফলতহে শিক্ষা ব্যৱস্থাই সাফল্যতা লাভ কৰে। ছাত্ৰৰ লগতে ওচৰ সম্বন্ধ স্থাপন কৰিলেহে শিক্ষকে তেওঁৰ প্ৰৱণতা, আগ্ৰহ, ভাল লগা বেয়া লগা আদি দিশসমূহ জানিব পাৰি। শিক্ষকজন ছাত্ৰ-ছাত্ৰীৰ প্ৰতি নিৰপেক্ষ হ’ব লাগিব।

Q.18. How the students have been classified?

Ans: বৌদ্ধিক ক্ষমতাৰ ফালৰ পৰা বিভিন্ন ধৰণৰ ছাত্ৰ-ছাত্ৰী থাকে। মানুহটোৱে প্ৰতি মনটো, ধানটোৱে প্ৰতি কণটোৰ দৰে ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক সামৰ্থ্য একে হোৱাটো কেতিয়াও সম্ভৱ নহয়। সাধাৰণতে মানসিক সামৰ্থ্যৰ ফালৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক তিনিটা ভাগত ভাগ কৰা হৈছে – স্বাভাৱিক শিশু, স্বাভাৱিকতকৈ ভাল শিশুসকল অৰ্থাৎ প্ৰতিভাশালী শিশু আৰু পিছপৰা শিশু। কিন্তু বুধ্যাংকৰ (I.Q.) ফালৰ পৰা মনোবিদসকলে অলপ বেলেগ ধৰণে বিভাজন কৰিছে। মনোবিদ টাৰমানৰ (Terman) বিভাজন তলত দিয়া হ’ল –

Termanৰ তালিকাৰ অন্তৰ্ভুক্ত কৰা জড়ধী, মুঢ়ধী আৰু হীনধী এই তিনি শ্রেণী ল’ৰা-ছোৱালীৰ বুদ্ধিৰ মান অতি নিম্নমানৰ হোৱা বাবে তেওঁলোক আনুষ্ঠানিক শিক্ষাৰ অযোগ্য। আনকি এওঁলোকৰ জীৱন কালও বহুত কম। ওপৰত উল্লেখ কৰা বিভাজনটোৰ বাহিৰেও আৰু এনে কিছুমান ছাত্ৰ-ছাত্ৰী আছে যিবিলাকৰ দৈহিক দিশত বাধাগ্ৰস্ততা আছে। সাধাৰণতে এইবিলাকৰ দেহৰ অংশসমূহৰ ক্ষেত্ৰত বাধাগ্ৰস্ততা পৰিলক্ষিত হয়। তাৰ উপৰিও এনে এক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আছে যিবিলাকক অপৰাধ প্ৰৱণ শিশু (Delinquent Child) বুলি জনা যায়।

Q.19. What are the educational provisions of gifted and backward children?

Ans: আমি জানো যে উন্নত বুদ্ধিসম্পন্ন শিশুবিলাক আনবিলাক শিশুতকৈ বৌদ্ধিক দিশত বেলেগ। সাধাৰণ শ্ৰেণীকক্ষৰ শিক্ষণত তেওঁলোক উপকৃত নহ’ব। সেয়েহে তেওঁলোকৰ শিক্ষাৰ বাবে বেলেগ ব্যৱস্থা আমি ল’বই লাগিব। পাঠ্যক্ৰমত তেওঁলোকৰ চাহিদা পূৰণ কৰিব পৰা বিষয় সংযুক্ত কৰিব লাগে। তেওঁলোকৰ চাহিদা পৰিতৃপ্তিৰ বাবে প্ৰধানকৈ চাৰিটা ব্যৱস্থা ল’ব পাৰি-

(১) নিৰ্বাচন : অধিক সচেতন শিশুবিলাক দেশৰ সম্পদ। সেয়েহে এনেবিলাক শিশুক সাধাৰণ শিশুবিলাকৰ মাজৰ পৰা বাছি উলিওৱাটো অতি দৰকাৰী। কিছুমান কৌশলৰ সহায়ত এনেবিলাক শিশুক বাছি উলিয়াব পাৰি-

(ক) নিম্নশ্রেণীৰ নম্বৰসমূহ নিৰীক্ষণ কৰা।

(খ) শিক্ষকৰ মতামতৰ দ্বাৰা।

(গ) সিহঁতৰ শিক্ষাংক নিৰ্ধাৰণ কৰা।

(ঘ) বুদ্ধি অভীক্ষাৰ ফলাফলৰ লগত শ্ৰেণী অভীক্ষাৰ ফলাফলৰ তুলনা কৰা।

ওপৰত উল্লেখ কৰা কৌশলসমূহৰ জৰিয়তে উন্নত বুদ্ধিসম্পন্ন শিশুসমূহক বাছি উলিয়াই তেওঁলোকৰ চাহিদা অনুযায়ী শিক্ষা নিৰ্দেশনা আগবঢ়াব পাৰি।

(২) শিক্ষাৰ দ্ৰুতকৰণ : ইয়াৰ জৰিয়তে উন্নত বুদ্ধিসম্পন্ন শিশুসমূহক বিশেষ শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হয় যাতে তেওঁলোকে তেওঁলোকৰ চাহিদা অনুযায়ী আগবাঢ়ি যাব পাৰে। আমি জানো যে উন্নত বুদ্ধিসম্পন্ন শিশুসকলে অপেক্ষাকৃতভাৱে সাধাৰণ ছাত্ৰ-ছাত্ৰীতকৈ দ্ৰুত হাৰত বিষয়বস্তু আয়ত্ব কৰে। সেয়েহে তেওঁলোকৰ শ্ৰেণীকক্ষৰ পাঠ্যক্ৰম সমাপ্ত কৰিবলৈ বৰ বেছি সময় নালাগে। বাকী থকা সময়খিনি যাতে অপব্যয় নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ  দ্ৰুতকৰণ পদ্ধতিৰ জৰিয়তে এওঁলোকক বিশেষ ব্যৱস্থা আগবঢ়োৱা হয়। Goldberg, Terman আদিৰ দৰে মনোবিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে যে উন্নত বুদ্ধিসম্পন্ন শিশুসকলৰ বাবে দ্ৰুতকৰণ অতি ফলপ্ৰসূ পদ্ধতি।

শিক্ষাৰ দ্ৰুতকৰণ বিভিন্ন ধৰণে কৰিব পাৰি। যেনে –

(ক) কম বয়সতে শিক্ষা আৰম্ভ কৰা : সকলো দেশতে ৬+ বয়সতে প্ৰাথমিক শিক্ষাত লাভৰ বাবে নামভৰ্তি কৰাৰ ব্যৱস্থা কম বেছি পৰিমাণে মানি চলা হয়। যদি এটা শিশু উন্নত বুদ্ধিসম্পন্ন চিনাক্তকৰণ কৰিব পাৰি তেন্তে তেওঁৰ বয়স ৬+ নহ’লেও প্ৰাথমিক স্তৰত নামভৰ্তি কৰিব পাৰে। কাৰণ আমি জানো যে এনেবিলাক শিশুৱে তেওঁলোকতকৈ বেছি বয়সীয়া ল’ৰা-ছোৱালীতকৈ ভাল ফলাফল দেখুওৱাত সমৰ্থ হয়।

(খ) খৰতকীয়া উত্তীর্ণকৰণ : অনেক সময়ত এটা শ্ৰেণী বাদ দি উত্তীৰ্ণ কৰাৰ প্ৰথা দেখা যায়। এজন ছাত্ৰই যদি নিৰ্দিষ্ট কৰি দিয়া সময়তকৈ বহু আগতে পাঠ্যপুথিৰ কাম কৃতকাৰ্যতাৰে সমাপ্ত কৰিব পাৰে, তেন্তে তেওঁক ওপৰৰ শ্ৰেণীলৈ উত্তীৰ্ণ কৰি দিয়া উচিত। কিন্তু ‘Barbe’ আৰু ‘Martense’য়ে এই প্ৰথাৰ বিৰোধিতা কৰিছিল। তেওঁলোকৰ মতে এনেবিলাক ছাত্ৰ-ছাত্ৰীয়ে ওপৰৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ লগত মিলা-মিছা কৰাত অসুবিধা পাব পাৰে। কিন্তু ‘Terman’য়ে এই প্ৰথাৰ সমৰ্থনত মত পোষণ কৰে যে যিহেতু এনে শিশুবিলাক সকলো ক্ষেত্ৰতে আনবিলাক শিশুতকৈ আগবঢ়া, সেয়েহে তেওঁলোকৰ সমাযোজনৰ কৌশলসমূহো আনবিলাকতকৈ ভাল হ’ব।

(গ) সংক্ষিপ্ত শ্ৰেণীৰ পৰিকল্পনা : উন্নত বুদ্ধিসম্পন্ন শিশুবিলাকে ক্ষীপ্ৰগতিত শিক্ষণ কাৰ্য সমাপ্ত কৰিব পাৰে। সেয়েহে এই ব্যৱস্থাৰ যোগেদি নিৰ্ধাৰিত বহু সময়ৰ আগতে নিৰ্দিষ্ট পাঠ পঢ়ুৱাই সমাপ্ত কৰোৱা হয়। যিহেতু এই ব্যৱস্থাত কোনো ধৰণৰ শ্ৰেণীবিভাগ নাথাকে। সেয়েহে শ্ৰেণীবিভাগ নথকাৰ ফলত শিক্ষাৰ্থীসকলে তেওঁলোকৰ সামৰ্থ্য অনুযায়ী একে বছৰতে দুই বা তিনি শ্ৰেণীৰ পাঠ্যক্ৰম শেষ কৰিব পাৰে।

(ঘ) অতিৰিক্ত পাঠ্যক্ৰমৰ ব্যৱস্থা : উন্নত বুদ্ধিসম্পন্ন শিশুবিলাকৰ অতিৰিক্ত জ্ঞানৰ চাহিদা পৰিপূৰণৰ বাবে অনেক শিক্ষাবিদে অতিৰিক্ত পাঠ্যক্ৰমৰ মত পোষণ কৰে। যিহেতু এনে শিশুবিলাকে শ্ৰেণীকক্ষৰ পাঠ্যপুথি সোনকালে শেষ কৰে, সেয়েহে শিক্ষক যেতিয়া আনবিলাক শিক্ষাৰ্থীক লৈ ব্যস্ত থাকে তেতিয়া তুলনামূলকভাৱে কঠিন বিষয়ৰ মাজত তেওঁলোকক ব্যস্ত ৰাখিব পাৰিলে শিক্ষক ছাত্ৰ দুয়োপক্ষৰ বাবেই ভাল হয়। এনে বিষয়সমূহে তেওঁলোকৰ বিভিন্ন ধৰণৰ আগ্ৰহ পৰিপূৰ্ণ কৰিব পাৰিব লাগিব।

(৩) পৃথকীকৰণ : বহুতো শিক্ষাবিদে মত প্ৰকাশ কৰে যে – উন্নত ছাত্ৰ-ছাত্ৰীসমূহক আনবিলাক শিশুৰ পৰা পৃথক কৰিব লাগে আৰু উন্নত বা অনুন্নত ঠাইসমূহত এওঁলোকৰ বাবে বিশেষ শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। এওঁলোকৰ শিক্ষাব্যৱস্থা বিভিন্ন ধৰণে কৰিব পাৰি-

(ক) বিশেষ শাখা : শিক্ষণ প্ৰক্ৰিয়াই ফলপ্ৰসূতা লাভৰ বাবে বিশেষ শাখা ব্যৱস্থা অতি প্ৰয়োজন। এনে ব্যৱস্থাত উন্নত বুদ্ধিৰ শিক্ষাৰ্থীসমূহক বাছি উলিয়াই এটা পৃথক শাখাত ভাগ কৰি তেওঁলোকক পৃথকে পাঠ দিয়াৰ ব্যৱস্থা কৰিব লাগে। এনে কৰিলে দুয়োপক্ষৰ বাবেই জ্ঞান আহৰণত সুবিধা হ’ব।

(খ) ক’চিং শাখা : উন্নত ছাত্ৰ-ছাত্ৰীবিলাকক বাছি উলিওৱাৰ পাছত বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত অৱতীৰ্ণ হ’বৰ বাবে এওঁলোকক প্ৰশিক্ষণ দিয়াব লাগে। বিদ্যালয়ে এনে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে।

(গ) বিশেষ স্কুলৰ ব্যৱস্থা : ইংলেণ্ডত গ্ৰামাৰ নামৰ এক প্ৰকাৰৰ স্কুল আছে য’ত উন্নত বুদ্ধিসম্পন্ন ছাত্ৰ-ছাত্ৰীবিলাকেহে পঢ়িব পাৰে। গতিকে এনেবিলাক ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ স্কুল থাকিব লাগে যাৰ পাঠ্যক্ৰম, শিক্ষক সম্পূৰ্ণ বেলেগ। ইয়াৰ শিক্ষাৰ মানদণ্ড আনবিলাক স্কুলতকৈ বহু ওপৰত হ’ব লাগে।

(ঘ) উন্নতি সাধন : এনে ব্যৱস্থাত সাধাৰণ বিদ্যালয়ত উন্নত বুদ্ধিৰ শিক্ষাৰ্থীৰ বাবে পৃথক দল গঠন কৰি তেওঁলোকৰ বাবে পৃথক শ্রেণীৰ আয়োজন কৰা হয়। এনে ব্যৱস্থা বিভিন্ন পদ্ধতিৰে কৰিব পাৰি। উন্নত বুদ্ধিৰ শিক্ষাৰ্থীসকলক লৈ এটা স্বতন্ত্ৰ গোট গঠন কৰি তেঁওলোকক অতিৰিক্ত কাম-কাজৰ দায়িত্ব দিব পাৰি। আকৌ কেতিয়াবা তেওঁলোকৰ বাবে পৃথক শাখা বা উপশ্ৰেণী তৈয়াৰ কৰিব পাৰি। গতিকে উন্নত বুদ্ধিসম্পন্ন শিক্ষাৰ্থীসকলৰ বাবে দুই প্ৰকাৰে শ্ৰেণী প্ৰস্তুত কৰিব পাৰি-

(১) সাধাৰণ শ্ৰেণীতে সুকীয়াকৈ অতিৰিক্ত পাঠ্যক্ৰম পঢ়োৱাৰ ব্যৱস্থা। আৰু

(২) উন্নত বুদ্ধিৰ শিক্ষাৰ্থীসকলক একেবাৰেই বেলেগকৈ ভাগ কৰি সম্পূৰ্ণ পাঠ্যক্ৰমৰ বাবে পৃথক শ্ৰেণী গঠন কৰা।

এনেদৰে উন্নত বুদ্ধিসম্পন্ন শিশুসমূহক আনতকৈ বেলেগ উন্নত ধৰণৰ শিক্ষা প্ৰদান কৰিলে দেশ তথা সমাজে তেওঁলোকৰ পৰা বহুত আশা কৰিব পাৰে।

 অনগ্ৰসৰ বা ধীৰ গতিৰ শিশু : 

এনেবিলাক শিশু নিজৰ বয়সৰ শিশুতকৈ মানসিক বিকাশৰ ক্ষেত্ৰত পিছ পৰি থাকে। এওঁলোকৰ বুধ্যাংক ৭০ৰ পৰা ৯০ৰ ভিতৰত হয়। সেয়েহে এওঁলোকে একেটা শ্রেণীৰ আনবিলাক শিশুৰ লগত সমানে শিক্ষণ কাৰ্যত আগবাঢ়িব নোৱাৰে। তেওঁলোকৰ বুদ্ধিৰ বিকাশ ধীৰ হোৱা বাবে শ্ৰেণীকক্ষৰ শিক্ষণত কথাবোৰ সহজে বুজি নাপায়, নিজৰ বুদ্ধি প্ৰয়োগ কৰি সাধাৰণ সমস্যা এটাও সমাধান কৰিব নোৱাৰে। বাৰে বাৰে একেটা শ্ৰেণীতে পঢ়িব লগা হোৱা বাবে এওঁলোকে তেওঁলোকতকৈ সৰু শিশুসমূহৰ লগত মিলিব নোৱাৰে। নীচাত্মিকা মনোভাব গঢ় লৈ উঠে। তাৰ উপৰিও সমনীয়াৰ ঠাট্টা, অপমান সহ্য কৰিব লগা হয় আৰু শেষত পলায়নবাদী মন গঢ় লৈ উঠে। তেওঁলোকৰ আত্মবিশ্বাসৰ অভাৱ পৰিলক্ষিত হয়। স্মৃতি শক্তি দুৰ্বল হয়। তেওঁলোক শিক্ষাৰ ক্ষেত্ৰতহে পিছ পৰি থাকে, কিন্তু খেলা-ধূলা আৰু শাৰীৰিক পৰিশ্ৰমৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বেছি হয়।

তিনিটা দিশৰ ওপৰত ভিত্তি কৰি অনগ্ৰসৰ শিশুসমূহৰ সংজ্ঞা আগবঢ়াব পাৰি-

(১) শৈক্ষিক কৃতিত্ব : অনগ্ৰসৰ শিশুসমূহক শৈক্ষিক দিশত দেখুওৱা পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰিও ব্যাখ্যা কৰিব পাৰি। Barton Hall-ৰ “Backwardness in general is applied to cases where their educational attainment falls below the level of their natural abilities. “আকৌ Burt-য়ে কৈছিল, “A backward child is one who is mind-school carur is unable to do the work of the class next below that which is normal for his age.”

Burt-য়ে শিক্ষাংকাৰ (educational quotient) ওপৰত ভিত্তি কৰিও অনগ্ৰসৰ শিশুৰ সংজ্ঞা দিছে। তেওঁৰ মতে এনে শিশুৰ শিক্ষাংক ৮৫তকৈ কম।

(২) বুধ্যাংক : বুধ্যাংকৰ ওপৰত ভিত্তি কৰিও অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীবিলাকৰ ব্যাখ্যা আগবঢ়াব পাৰি। বুদ্ধি অভীক্ষাৰ পৰা ফলাফলৰ পৰা জনা গৈছে যে যাৰ বুধ্যাংক ৭০ৰ পৰা ৯০ৰ ভিতৰত সেইবিলাকেই হৈছে অনগ্ৰসৰ শিশু।

(৩) পৰিসংখ্যামূলক : ‘Schonall’ য়ে বৰ্ণনা কৰিছে যে বিদ্যালয়ৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত প্ৰায় ১০ শতাংশ অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰী থাকে।

অনগ্ৰসৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত ল’বলগীয়া কিছুমান শিক্ষাৰ ব্যৱস্থা তলত উল্লেখ কৰা হ’ল-

১) অনগ্ৰসৰ শিক্ষাৰ্থীসকলৰ শিক্ষা ব্যৱস্থা নমনীয়া হ’ব লাগে। পাঠ্যক্ৰমখন এনেকুৱা হ’ব লাগে যাতে তেওঁলোক জীৱনৰ বাবে প্ৰস্তুত হ’ব পাৰে। অনগ্ৰসৰ শিশুসকলে পাঠ্যক্ৰমৰ তাত্ত্বিক বিষয়সমূহতকৈ কিছুমান হাতে কামে কৰা বিষয় যেনে – কাঠৰ কাম, ধাতুৰ কাম, চামৰাৰ কাম, বাঁহ-বেতৰ কাম, চিলাই কৰা আদি কামবিলাক কৰি ভাল পায়। সেয়েহে পাঠ্যক্ৰমত তেওঁলোকৰ সুবিধা হোৱাকৈ পাঠ্যপুথি প্ৰস্তুত কৰিব লাগে।

২) এনেবিলাক শিশুৰ শিক্ষাৰ বাবে বিদ্যালয়ে মুক্ত আৰু উপযুক্ত পৰিৱেশ সৃষ্টি কৰিব লাগে। বেলেগ বেলেগ বিষয়ৰ শিক্ষা দিবৰ বাবে বেলেগ বেলেগ পন্থা অৱলম্বন কৰিব লাগে। পৰিৱেশীয় কাৰণত যদি শৈক্ষিক অনগ্ৰসৰতাৰ সৃষ্টি হৈছে, তেন্তে পৰিৱেশ সুস্থ কৰাৰ জৰিয়তে এনে অনগ্ৰসৰতা নিৰ্মূল কৰিব পাৰি। আৱেগিক কাৰণত শৈক্ষিক অনগ্ৰসৰতাৰ বাবে তেওঁলোকক সংৰক্ষিত পৰিৱেশত ৰাখিব লাগে।

৩) অনগ্ৰসৰ শিশুসকলক শিক্ষা দিয়াৰ শিক্ষণ পদ্ধতি উদ্ভাৱনৰ বাবে বিভিন্ন দিশত গৱেষণা কৰা হৈছে। ইয়াৰ পৰা প্ৰমাণ হৈছে যে চুটি আৰু সহজ-সৰল শিক্ষণ পদ্ধতি এওঁলোকৰ বাবে উপযোগী। শিক্ষামূলক ভ্ৰমণেও বিশেষ কাম দিয়ে। বিভিন্ন ধৰণৰ শ্ৰৱণ-দৰ্শন আহিলাৰ ব্যৱহাৰৰ যোগেদি শিক্ষা দিলে ফলপ্ৰসূতা লাভ কৰিব পাৰি। যদি সম্ভৱ হয় প্রক্ষেপণ পদ্ধতি (Project method) ব্যৱহাৰ কৰিব লাগে। অনগ্ৰসৰ শিশুসকলে নিৰাপত্তাৰ অভাৱ অনুভৱ কৰে। সেয়েহে শিক্ষণ পদ্ধতিৰ যোগেদি তেওঁলোকে অনুভৱ কৰিব লাগে যে তেওঁলোকে জীৱনত কিবা নহয় কিবা কৰিব পাৰিব।

৪) এনেবিলাক শিশুৰ বিভিন্ন দিশত অনগ্ৰসৰতা থাকিব পাৰে। সেয়েহে শিক্ষকে তেওঁলোকক ব্যক্তিগতভাৱে মনোযোগ দিব লাগে। শিক্ষকসকল এনেবিলাক শিশুৰ প্ৰতি দয়ালু আৰু সহানুভূতিশীল হ’ব লাগে।

৫) শাৰীৰিক অসুস্থতাৰ বাবেও অনগ্ৰসৰ শিশুৰ সৃষ্টি হ’ব পাৰে। সেয়েহে বিদ্যালয়তেই হওঁক বা ঘৰতেই হওক মাজে সময়ে শিশুবিলাকক স্বাস্থ্যৰ বুজ লৈ থাকিব লাগে। যদি শাৰীৰিক অসুস্থতাবিলাক চিনাক্তকৰণ কৰি উপযুক্ত চিকিৎসা কৰোৱা হয় তেন্তে তেনেবিলাক শিশুৱে বিকাশ লাভ কৰিব।

৬) এনে শিশুৰ বাবে পৃথক বিদ্যালয় স্থাপন কৰাৰ পৰিৱৰ্তে শিক্ষাদানৰ বাবে বেলেগ বেলেগ শ্ৰেণী গঠন কৰিব লাগে। শিক্ষাদানত যিমান পাৰে মূৰ্ত বস্তু ব্যৱহাৰ কৰিব লাগে।

Q.20. Discuss the role of office staff in the management of a school.

Ans: বিদ্যালয় মানৱ সম্পদৰ ভিতৰত এক গুৰুত্বপূৰ্ণ সম্পদ হ’ল বিদ্যালয়ৰ কৰ্মচাৰীসকল। এই কৰ্মচাৰীসকল হৈছে বিদ্যালয়ৰ উচ্চবৰ্গৰ সহায়ক , নিম্নবৰ্গৰ সহায়ক, হিচাপ ৰক্ষক, গন্থাগাৰিক, পিয়ন, চকীদাৰ, মালী, চাফাই কর্মী ইত্যাদি। এওঁলোকে বিদ্যালয়ৰ প্ৰশাসনিক আৰু শৈক্ষিক যন্ত্ৰ সুচাৰুৰূপে পৰিচালিত হোৱাত সহায় কৰে। এখন শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক থকাৰ পাছতো যদি এই কৰ্মচাৰীসকল নাথাকে তেন্তে শিক্ষাদান আৰু শিক্ষাগ্ৰহণ কাৰ্য সম্ভৱ নহয়। বৰ্তমান সময়ত প্ৰায় প্ৰতিখন শিক্ষানুষ্ঠানতে কম্পিউটাৰে এক বিশেষ স্থান দখল কৰিছে। গতিকে কম্পিউটাৰত পাৰদৰ্শী ব্যক্তিও এখন বিদ্যালয়ৰ এক সম্পদ। ছাত্ৰ, শিক্ষক আৰু বিদ্যালয়ৰ মুৰব্বীয়ে বিভিন্ন ক্ষেত্ৰত কাৰ্যালয় কৰ্মচাৰীসকলৰ ওপৰত ভৰসা কৰিব লগা হয়। উদাহৰণস্বৰূপে, বিদ্যালয়ৰ চকীদাৰজন যদি কিবা কাৰণত সময়মতে বিদ্যালয়ত উপস্থিত হ’ব নোৱাৰে তেন্তে ছাত্ৰ-শিক্ষক উপস্থিত থাকিলেও পাঠদান কাৰ্য সম্ভৱপৰ নহয়। গতিকে ছাত্ৰ, শিক্ষক আৰু কাৰ্যালয়ৰ কৰ্মচাৰী এনেভাৱে জড়িত হৈ আছে যে ইয়াৰ এটাৰ অনুপস্থিতিতো শিক্ষাদান কাৰ্য সম্ভৱ নহয়। কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ কাৰ্যাৱলী সম্পৰ্কে সংক্ষেপে তলত আলোচনা কৰা হ’ল।

(১) শিক্ষানুষ্ঠানৰ প্ৰশাসনিক কাৰ্য সম্পাদন কৰাত প্ৰধান শিক্ষকজনক কাৰ্যালয়ৰ কৰ্মচাৰীসকলে সহায় কৰে।

(২) শিক্ষানুষ্ঠানৰ শিক্ষকসকলৰ দা-দৰমহাৰ হিচাপ-পত্ৰ ৰখা আৰু অন্যান্য আয়-ব্যয়ৰ হিচাপ-পত্ৰ ৰখাৰ কাম উচ্চ বৰ্গৰ আৰু নিম্নবৰ্গৰ সহায়কসকলে কৰে।

(৩) শিক্ষানুষ্ঠানৰ নামভৰ্তিকৰণৰ সময়ত, পৰীক্ষা আৰু শিক্ষানুষ্ঠানৰ দৈনন্দিন কাম-কাজত এই কৰ্মচাৰীসকলে সাধ্যানুযায়ী সহায়-সহযোগ কৰে।

(৪) শিক্ষানুষ্ঠানৰ গ্ৰন্থাগাৰটো হৈছে দাপোণস্বৰূপ। গতিকে গন্থাগাৰৰ গ্ৰন্থাগাৰিকজনে বিভিন্ন কিতাপ-পত্ৰৰ হিচাপ ৰখাৰ উপৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকক কিতাপ বিতৰণৰ দায়িত্ব পালন কৰে।

(৫) বিদ্যালয়ৰ বিভিন্ন বৈষয়িক সম্পদসমূহৰ সুৰক্ষা প্ৰদান কৰা। সময়মতে শিক্ষানুষ্ঠানৰ গে’ট বা দুৱাৰ খোলা আৰু বন্ধ কৰাৰ দৰে কামসমূহ চকীদাৰে পালন কৰে।

(৬) বিদ্যালয়ৰ মালীয়ে শিক্ষানুষ্ঠানখন চাফ-চিকুণকৈ ৰখা, বাগিচা আদি পতা ইত্যাদি ধৰণৰ কামসমূহ সম্পন্ন কৰে।

মুঠৰ ওপৰত শিক্ষানুষ্ঠানৰ এই কৰ্মচাৰীসকলে এক সুস্থ বাতাবৰণ সৃষ্টি কৰাত যথেষ্ট পৰিমাণে সহায় কৰে।

Q.21. Discuss the role of managing committee in the management of a school.

Ans: শিক্ষানুষ্ঠানৰ আন এবিধ মানৱ সম্পদ হ’ল অনুষ্ঠানটোৰ লগত জড়িত হৈ থকা পৰিচালনা সমিতিখন। শিক্ষানুষ্ঠানখন সুচাৰুৰূপে চলি থকাত এই সমিতিখনে সকলো ক্ষেত্ৰতে সহায়-সহযোগ আগবঢ়ায়। পৰিচালনা সমিতিখন এক নিৰ্দিষ্ট সময়ৰ বাবে নিৰ্বাচন কৰা কিছুমান সদস্যক লৈ গঠিত। সাধাৰণতে ইয়াত শিক্ষাৰ লগত জড়িত ব্যক্তিসকলকহে অন্তৰ্ভুক্ত কৰা হয়। কেতিয়াবা সামাজিক বিভিন্ন ক্ষেত্ৰত নেতৃত্ব ল’ব পৰা ব্যক্তিকো ইয়াত অন্তৰ্ভুক্ত কৰা হয়। শিক্ষানুষ্ঠানখনৰ শিক্ষকসকলৰ সমস্যাসমূহ দাঙি ধৰিবৰ বাবে শিক্ষক প্ৰতিনিধি নিৰ্বাচন কৰাৰ ব্যৱস্থাও আছে। পৰিচালনা সমিতিৰ মুৰব্বীজনক সাধাৰণতে সভাপতি (President) বুলি জনা যায়। সভাপতিজনৰ নেতৃত্বত সমিতিখনে বিভিন্ন কাৰ্য সম্পাদন কৰে। তলত পৰিচালনা সমিতিৰ কাৰ্যসমূহ আলোচনা কৰা হ’ল।

(১) নীতি নিৰ্ধাৰণ : শিক্ষানুষ্ঠানখনে মানি চলিব লগা নীতি-নিয়মসমূহ নিৰ্ধাৰণ কৰে চৰকাৰৰ শিক্ষা বিভাগে আৰু সেইবিলাক প্ৰয়োগত সহায় কৰে পৰিচালনা সমিতিয়ে। তাৰ উপৰি বিভিন্ন প্ৰশাসনিক কাম-কাজত প্ৰধান শিক্ষকজনক পৰিচালনা সমিতিয়ে সহায় কৰে।

(২) নিযুক্তি :  নিযুক্তি সম্পৰ্কীয় কাৰ্য হ’ল পৰিচালনা সমিতিখনৰ এটা গুৰুত্বপূৰ্ণ কাৰ্য। পৰিচালনা সমিতিৰ সিদ্ধান্তমৰ্মেই প্ৰধান শিক্ষককে ধৰি আন আন শিক্ষক-কৰ্মচাৰীক নিযুক্তি দিয়া হয়। প্ৰয়োজনসাপেক্ষে কৰ্মচাৰীসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাও পৰিচালনা সমিতিয়ে গ্ৰহণ কৰে।

(৩) বিত্তীয় কাৰ্য : পৰিচালনা সমিতিখন সকলো বিত্তীয় কাম-কাজৰ দায়িত্বত থাকে। শিক্ষাৰ্থীৰ মাচুল, অন্যান্য ক্ষেত্ৰৰ পৰা সংগৃহীত পুঁজি পৰিচালনা সমিতিৰ সভাপতিজনৰ দায়িত্বত থাকে। সেইবিলাক প্ৰধান শিক্ষকজনে বেলেগ শিতানৰ খৰচ কৰিলেও পৰিচালনা সমিতিৰ ওচৰত হিচাপ দাখিল কৰিব লাগে।

(৪) বিভিন্ন জনকল্যাণমূলক কাৰ্য : বিদ্যালয় আৰু সমাজৰ সম্বন্ধ অতি ওচৰ। বিদ্যালয়ৰ বিকাশ সাধনৰ বাবে সমাজৰ প্ৰয়োজন আৰু সমাজখনেও বিদ্যালয়ৰ অবিহনে বিকাশ লাভ কৰিব নোৱাৰে। সেয়েহে সমাজখনৰ বাবে শিক্ষানুষ্ঠানে বিভিন্ন জনকল্যাণমূলক কাৰ্যপন্থা হাতত লোৱা প্ৰয়োজন। এনেবিলাক কাৰ্যৰ দায়িত্বত পৰিচালনা সমিতি থাকে।

(৫) ছাত্ৰ কল্যাণমূলক কাৰ্যাৱলী : ছাত্ৰ-ছাত্ৰীৰ সৰ্বতোমুখী বিকাশ সাধনেই এখন শিক্ষানুষ্ঠান স্থাপনৰ মূল লক্ষ্য। গতিকে শিক্ষানুষ্ঠানত ছাত্ৰ কল্যাণমূলক বিভিন্ন কাৰ্য কৰিব লগা হয়। পৰিচালনা সমিতিখনে বিভিন্ন কল্যাণমূলক কাৰ্যসূচী গ্ৰহণ কৰি শিক্ষাৰ্থীৰ বিকাশৰ বাবে যত্ন কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top