Education In Pre-Independent India Unit 3 ১৮৫৪ চনৰ পৰা ১৯২১ চনলৈ শিক্ষাৰ বিকাশ আৰু বৃদ্ধি

Education In Pre-Independent India Unit 3 ১৮৫৪ চনৰ পৰা ১৯২১ চনলৈ শিক্ষাৰ বিকাশ আৰু বৃদ্ধি

Education In Pre-Independent India Unit 3 ১৮৫৪ চনৰ পৰা ১৯২১ চনলৈ শিক্ষাৰ বিকাশ আৰু বৃদ্ধি Notes cover all the exercise questions in UGC Syllabus. The Education In Pre-Independent India Unit 3 ১৮৫৪ চনৰ পৰা ১৯২১ চনলৈ শিক্ষাৰ বিকাশ আৰু বৃদ্ধি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Join Telegram channel

১৬। হাণ্টাৰ আয়োগৰ পৰামৰ্শৰ মূল্যায়ন কৰা।

(Assessment of the recommendations of Hunter Commission.) 

উত্তৰঃ দেশীয় প্রাথমিক শিক্ষাৰ প্ৰতি প্ৰদৰ্শন কৰা হাণ্টাৰ আয়োগৰ আন্তৰিকতা এইবিধ • শিক্ষা কৰ্তৃপক্ষৰ বাবে এক নৈতিক প্ৰেৰণাস্বৰূপ বুলিব পাৰি। আয়োগে ইয়াৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰাকৈয়ে সংস্কাৰ সাধনৰ পৰামৰ্শ দিয়ে। ইয়াৰ শিক্ষক প্রশিক্ষণ, পাঠ্যক্রম আৰু শিক্ষণ পদ্ধতিৰ সংস্কাৰ সাধনৰ পৰামৰ্শই স্বাভাৱিকতেই ধর্মীয় গোঢ়া মনোভাব গুচাই ধৰ্ম নিৰপেক্ষতাৰ উদাৰ নীতি গ্ৰহণত সহায় কৰিছিল৷

অৱশ্যে এই প্ৰসংগত মন কৰিবলগীয়া যে আর্থিক দিশত দিয়া আয়োগৰ পৰামৰ্শ এইবিধ শিক্ষাৰ বাবে উৎসাহজনক নাছিল। পৰীক্ষাৰ ফলাফলৰ ভিত্তিত চৰকাৰী অনুদান দিয়া নীতি গ্ৰহণৰ বাবে বহুতো নিম্নমানৰ স্কুলৰ অৱস্থা অধিক বেয়ালৈ যায়। সেই হেতুকে ১৯ শতিকাৰ শেষৰ ফালে এইবিধ স্কুলৰ শিক্ষা বিলুপ্তিৰ পথত আগুৱাই যায়। এই শিক্ষাৰ কেতবোৰ স্কুল আধুনিক প্রাথমিক শিক্ষাত চামিল হৈ পৰে আৰু আন কেতবোৰৰ অস্তিত্ব বিপদাপন্ন হৈ পৰে।

মাধ্যমিক শিক্ষাৰ দিশত হান্টাৰ আয়োগৰ পৰামৰ্শাৱলী সংক্ষিপ্ত আছিল যদিও ই নিঃসন্দেহে তাৎপৰ্যপূৰ্ণ। এই পৰ্যায়ৰ শিক্ষাৰ মাধ্যম সম্বন্ধে দিয়া আয়োগৰ পৰামৰ্শাৱলীৰ অসুস্থ প্ৰভাৱ মন কৰিবলগীয়া৷ ইয়াৰ মজলীয়া স্কুল পৰ্যায়ৰ বাবে শিক্ষাৰ মাধ্যম সম্বন্ধে আয়োগে কোনো মত প্ৰকাশ নকৰিলে ৷ আনহাতে হাইস্কুল পৰ্যায়ৰ বাবে ইংৰাজী ভাষা মাধ্যম হোৱাৰ স্পষ্ট পৰামৰ্শ দিয়া হয় ৷ এনে কাৰ্যই মজলীয়া পর্যায়তো ছাত্ৰসকলক ইংৰাজী ভাষা গ্রহণ প্রতিহে পৰোক্ষভাৱে প্ৰৰোচিত কৰা হয়। ফলত ইংৰাজী ভাষাৰ কঠিনতাই বহুতো পিছপৰা শ্ৰেণীলোকৰ ছাত্ৰক এই পৰ্যায়ৰ শিক্ষাৰ পৰা বঞ্চিত কৰে। শিক্ষাৰ মাধ্যম ইংৰাজী ভাষা কৰি তুলি ভাৰতীয় ভাষাসমূহৰ অধ্যয়নো অৱহেলা কৰা হয় ।

শিক্ষাৰ প্ৰশাসনীয় দিশত আয়োগে পৰামৰ্শ দিয়ে যে চৰকাৰে ক্রমাগতভাবে এই পৰ্যায়ৰ শিক্ষাৰ দায়িত্বৰ পৰা অব্যাহতি ল’ব লাগে। অৱশ্যে বাস্তৱ ক্ষেত্ৰত দেখা গ’ল যে চৰকাৰে এই নীতি কাৰ্যকৰী কৰি নুতুলিলে। মাধ্যমিক শিক্ষা বিকাশৰ বাবে চৰকাৰৰ সহায়ক অনুদান দিয়াৰ পৰামৰ্শও উৎসাহজনক আছিল যদিও এনে পৰামৰ্শ কাৰ্যকৰী কৰি তোলা দেখা নগ’ল।

পাঠ্যক্রম সম্বন্ধে দিয়া আয়োগৰ পৰামৰ্শ আছিল অতি সময়োপযোগী। পাঠ্যক্রম শৈক্ষিক আৰু ব্যৱসায়িক স্বৰূপে দুটা ভাগত বিভক্ত কৰি শিক্ষা অৰ্থপূৰ্ণ আৰু উদ্দেশ্যপূৰ্ণ কৰি তুলিবলৈ বিচৰা হৈছিল। কিন্তু দুর্ভাগ্যক্রমে এনে পৰামৰ্শৰ প্ৰতি সৰ্বসাধাৰণ লোকে উৎসাহজনক সঁহাৰি দেখুওৱা দেখা নগ’ল৷ ইয়াৰ ফলত পাঠ্যক্ৰম আগৰ দৰেই তত্ত্বপ্রধান আৰু উদ্দেশ্যবিহীন হৈ থাকিল। সেয়েহে ক’ব পাৰি যে মাধ্যমিক শিক্ষাৰ প্ৰশাসনীয় আৰু পাঠ্যক্ৰমৰ গুণমান বিকাশৰ দিশত দিয়া আয়োগৰ পৰামৰ্শাৱলীৰ পৰিণতি উৎসাহজনক নহয়।

হাণ্টাৰ আয়োগৰ কাৰ্যক্ষেত্ৰৰ সীমাবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি উচ্চ শিক্ষাৰ দিশত দিয়া পৰামৰ্শাৱলী যথেষ্ট নিয়ন্ত্রিত বিধৰ হোৱাটো লক্ষ্য কৰিব পাৰি। উচ্চ শিক্ষাৰ নীতি পদ্ধতিৰ তেনে কোনো গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়া নহ’লেও ইয়াৰ সাধাৰণ পৰামৰ্শসমূহ এই শিক্ষাৰ বৈষয়িক আৰু গুণগত বিকাশৰ দিশত তাৎপৰ্যপূৰ্ণ বুলিব পাৰি। ঘৰ-দুৱাৰ নিৰ্মাণৰ বাবে অৰ্থ-সাহায্য, বিদেশত পঢ়িবৰ বাবে বৃত্তি দান, ছাত্ৰৰ নৈতিক দিশত বিকাশৰ প্ৰচেষ্টা, কলেজীয়া পাঠ্যক্ৰমৰ পৰিসৰ বৃদ্ধি আৰু ঐচ্ছিক নিৰ্বাচনৰ সুবিধা দানৰ পৰামৰ্শ আদিয়ে স্বাভাৱিকতেই আয়োগৰ এই শিক্ষাৰ প্ৰতি দিয়া সূক্ষ্ম দৃষ্টিৰ পৰিচয় দিয়ে।

সহায়ক অনুদান সম্বন্ধে আয়োগৰ মূল উদ্দেশ্য আছিল চৰকাৰে অনুদান প্ৰদানৰ দিশত এক উদাৰ নীতি গ্ৰহণৰ ব্যৱস্থা কৰাটো। সেয়েহে এই সম্বন্ধে দিয়া পৰামৰ্শত এনে নীতি প্রতিফলিত হৈ উঠা আমি দেখিবলৈ পাওঁ। চৰকাৰেও এই পৰামৰ্শসমূহ গ্ৰহণ কৰি উঠে। ইয়াৰ ফলস্বৰূপে স্কুলৰ সংখ্যা আৰু ছাত্ৰৰ সংখ্যা দর্শনীয়ভাবে বৃদ্ধি পাবলৈ ধৰে। অনুদান সম্বন্ধে দিয়া পৰামৰ্শাৱলী শিক্ষাৰ ব্যক্তিগত উদ্যোগীসকলৰ বাবেও বিশেষ উৎসাহজনক আছিল। চৰকাৰে সহায়ক অনুদান দিয়াৰ বেলিকা চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠানৰ মাজত বৈষম্যমূলক নীতি ত্যাগ কৰিবলৈ কোৱা হয়। ইয়াৰ ফলত বিভেদৰ মনোভাব গুচাই শিক্ষাত এক উপযুক্ত পৰিৱেশ গঢ় দি তুলিৱ পৰা হয়। ইয়াৰ উপৰি সৰ্বসাধাৰণ লোকৰ জ্ঞাতাৰ্থে চৰকাৰী অনুদানৰ নীতি-নিয়মবোৰ বাতৰি কাকতত প্ৰকাশ কৰিবলৈ দিয়া পৰামৰ্শ নিঃসন্দেহে সজ উদ্দেশ্য প্রনোদিত। এনেবোৰ পৰামৰ্শই স্বাভাৱিকতে সহায়ক অনুদান ব্যৱস্থাই সৰ্বসাধাৰণ লোকৰ প্রয়োজন পূৰণ কৰি শিক্ষাৰ উপযুক্ত পৰিৱেশ গঢ় দি তুলিব পাৰে।

১৭। ভাৰতীয় শিক্ষাত হাণ্টাৰ আয়োগৰ প্ৰভাৱ সম্বন্ধে আলোচনা কৰা।  

(Discuss the impact of Hunter Commission on Indian Education.)

উত্তৰঃ ভাৰতীয় শিক্ষাৰ প্ৰথম্ আয়োগ হিচাপে ১৮৮২ চনৰ হাণ্টাৰ আয়োগৰ ঐতিহাসিক গুৰুত্ব উপেক্ষণীয় নহয়৷ ইংৰাজ শাসিত ভাৰতত এই আয়োগৰ পৰামৰ্শই শিক্ষাৰ ক্ষেত্ৰত এক নৱজাগৰণ আৰু আধুনিকীকৰণৰ দৃষ্টিদান কৰিবলৈ সক্ষম হয়। ইংৰাজ শাসকসকলক ভাৰতীয় শিক্ষা বিভাগৰ এক কাৰ্যকৰী আঁচনি প্ৰদান কৰি তেওঁলোকৰ মনোভাব আৰু দৃষ্টিভংগী গঠনাত্মক কৰি তোলে৷ পৰবৰ্তী কালছোৱাত শিক্ষা বিকাশ সাধন কৰিবৰ বাবে ই এক নির্দেশনা স্বৰূপ হৈ উঠে। অৱশ্যে বৰ্তমান শিক্ষা সমালোচকসকলৰ দৃষ্টিত আয়োগৰ সকলোবোৰ প্ৰভাৱেই সুস্থ গ্রহণযোগ্য বুলি ক’ব পৰা নাযায়৷ সেয়েহে এই আয়োগৰ দোষগুণসমূহৰ বিচাৰকৰণ আৰু তাৰ এক বস্তুনিষ্ঠ মূল্যায়ন কৰি চোৱাটো আমাৰ প্ৰয়োজন। এই প্ৰসংগত এই দুই দিশৰ প্ৰভাব সম্বন্ধে তলৰ কথাকেইটা আমাৰ বিবেচনাযোগ্য।

হাণ্টাৰ আয়োগৰ সুস্থ প্ৰভাৱসমূহঃ

(ক) হাণ্টাৰ আয়োগৰ পৰামৰ্শাৱলীৰ যোগেদি ভাৰতীয় শিক্ষাত মিছনেৰীসকলৰ ভূমিকা, তেওঁলোকৰ পূৰ্বৰ প্ৰভাৱ আৰু প্ৰভুত্ব আদি হ্ৰাস কৰি তোলা হয়। ইয়াৰ ফলত ভাৰতীয় শিক্ষা আৰু সংস্কৃতিয়ে নিজস্ব ৰূপত আত্ম-প্ৰকাশ আৰু বিকাশ লাভৰ সুবিধা পায়। ইংৰাজৰ শাসক গোষ্ঠী মিছনেৰীসকলৰ সমৰ্থনত আছিল যদিও আয়োগৰ পৰামৰ্শাৱলী তেওঁলোকৰ বাবে এক সাৱধান বাণীস্বৰূপ হৈ উঠে।

(খ) ভাৰতবৰ্ষৰ পুৰণি দেশীয় প্রাথমিক শিক্ষা ব্যৱস্থাৰ প্ৰতি আয়োগ বিশেষ সহানুভূতিশীল হোৱাটো মন কৰিবলগীয়া। এই শিক্ষা আধুনিকীকৰণৰ দিশত আয়োগে কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। ইয়াৰ ফলত এইবিধ শিক্ষাৰ ভৱিষ্যত সম্ভাৱনীয়তা পুনৰবাৰ প্ৰতিপন্ন কৰি তোলা হয় ৷ ভাৰতীয়সকলৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ প্রশস্ত কৰি তোলে।

(গ) ভাৰতবৰ্ষৰ হিন্দু আৰু মুছলমান ধৰ্মৰ লোকসকলৰ গোড়া মনোভাবৰ পৰিপ্ৰেক্ষিতত আয়োগে ভাৰতীয় শিক্ষাত ধৰ্ম-নিৰপেক্ষতাৰ নীতি গ্ৰহণ কৰাটো আৰু ভাৰতীয় সকলকো শিক্ষাৰ দিশত তেনেদৰে ভাবিবলৈ শিকোৱাটো বিশেষ প্রশংসনীয় কথা। ধর্মীয় শিক্ষাদানৰ বিষয় আয়োগে সমৰ্থন কৰিছিল যদিও ধৰ্মৰ নামত সাম্প্রদায়িক মনোভাবৰ শিক্ষা দিয়াত আয়োগে বাধা দান কৰিছিল।

(ঘ) ভাৰতীয় সামাজিক আৰু সাম্প্ৰদায়িক জীৱনৰ গভীৰতালৈ আয়োগে প্ৰৱেশ কৰিছিল আৰু সেই দিশত কেতবোৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিল। ভাৰতৰ স্ত্ৰী শিক্ষা, মুছলমান সম্প্ৰদায়ৰ শিক্ষা, হৰিৰ্জন, আদিবাসী, পিচপৰা শ্ৰেণীৰ আৰু পাহাৰীয়া উপজাতি আদি লোকসকলৰ শিক্ষা অনগ্ৰসৰতা গুচাবৰ বাবে দিয়া আয়োগৰ পৰামৰ্শ বিশেষ উৎসাহজনক।

(ঙ) ভাৰতীয়সকলক শিক্ষাত অধিকভাৱে জড়িতকৰণৰ নীতি আয়োগে গ্ৰহণ কৰিছিল। ইয়াৰ বাবে প্ৰাথমিক শিক্ষা স্থানীয় কর্তৃপক্ষৰ হাতত দিছিল, ভাৰতীয় শিক্ষা-উদ্যোগীসকলক শিক্ষা পৰিচালনাৰ দায়িত্ব দিছিল, দেশীয় লোকক শিক্ষা-পৰিদৰ্শক, কলেজ অধ্যাপক আদি নিযুক্তিৰ পৰামৰ্শ দিছিল। সেইবাবে ক’ব পাৰি যে ইংৰাজৰ শিক্ষা ব্যৱস্থাত ভাৰতীয়সকলৰ অধিক সহযোগিতা আয়োগে কামনা কৰিছিল।

হাণ্টাৰ আয়োগৰ অসুস্থ প্রভাবসমূহঃ

(ক) হাণ্টাৰ আয়োগে প্রাথমিক শিক্ষাৰ দায়িত্ব চৰকাৰৰ হাতৰ পৰা স্থানীয় কর্তৃপক্ষৰ হাতত অৰ্পণ কৰে যদিও প্ৰয়োজনীয় আর্থিক সাহায্যৰ পৰামৰ্শ নিদিলে। ফলত চৰকাৰে জনসাধাৰণৰ শিক্ষাৰ এক গুৰু দায়িত্বৰ পৰা গা এৰা দিয়া নীতি গ্ৰহণতহে উৎসাহ যোগোৱা হয়। এনে কাৰণতে শিক্ষাৰ এই পৰ্যায়ত দিয়া পৰামৰ্শসমূহ অৰ্থহীন হৈ পৰে।

(খ) মন কৰিবলগীয়া যে হাণ্টাৰ আয়োগে প্রাথমিক শিক্ষাৰ বিভিন্ন পৰামৰ্শ দিয়ে যদিও এই শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰি তোলাৰ পৰামৰ্শ দিয়াৰ পৰা বিৰত থাকে। এই আয়োগ গঠনৰ ১২ বছৰ পূৰ্বেই ইংলেণ্ডৰ প্ৰাথমিক শিক্ষাত তেনে ব্যৱস্থা কৰি উঠা হৈছিল৷ সেইবাবে প্রাথমিক শিক্ষাৰ দিশত আয়োগৰ পৰামৰ্শাৱলীত সন্দেহৰ অৱকাশ নোহোৱা নহয়।

(গ) মাধ্যমিক শিক্ষাৰ মাধ্যম মাতৃভাষা হোৱাৰ পৰা বঞ্চিত কৰি আয়োগে ইংৰাজী মাধ্যম প্ৰৱৰ্তন কৰে। ইয়াৰ ফলত দেশীয় ভাষাসমূহৰ স্বাভাৱিক বিকাশত এক প্রতিবন্ধকতাৰ সৃষ্টি কৰা হয়। বিদেশী ভাষা মাধ্যম হোৱাৰ ফলত বহুতো পিচপৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মাধ্যমিক শিক্ষা অসাধ্য হৈ উঠে।

(ঘ) সেই সময়ৰ বিশেষ প্রয়োজন হৈ উঠা ইঞ্জিনীয়াৰিং আৰু কাৰিকৰী শিক্ষাৰ বিকাশৰ দিশত আয়োগ সম্পূৰ্ণৰূপে নিমাত হৈ থকাটোও মন কৰিবলগীয়া৷ ইয়াৰ ফলস্বৰূপে আমাৰ দেশত শিল্প-উদ্যোগ, কল-কাৰখানা আৰু অৰ্থনৈতিক উৎপাদনৰ দিশত বিকাশৰ গতি পিচুৱাই ৰখা হয়। মাধ্যমিক শিক্ষাৰ পাঠ্যক্রম ব্যৱহাৰিক কৰি তুলিবৰ বাবে দিয়া আয়োগৰ পৰামৰ্শ এই প্ৰসংগত বিসংগতিপূর্ণ বুলিব পাৰি।

(খ) এই আয়োগে ভাৰতীয় সামাজিক জীৱনত নগৰীয়া আৰু গাঁৱলীয়া জীৱনৰ মাজত ব্যৱধানৰ সৃষ্টি কৰে। শিক্ষিত শ্ৰেণীৰ লোকে চৰকাৰী চাকৰিৰ আশাত নগৰলৈ গতি কৰে আৰু গ্ৰাম্য সংস্কৃতিৰ পৰা বিচ্যুত হৈ পৰে। আনহাতে নিৰক্ষৰ লোকসকল গাঁও অঞ্চলত আৱদ্ধ হৈ ৰয়। ইয়াৰ ফলত গাঁও আৰু নগৰৰ মাজত অধিক ব্যৱধানৰ সৃষ্টি কৰা হয় ৷

১৮। ভাৰতবৰ্ষত মাধ্যমিক শিক্ষা সন্দৰ্ভত লৰ্ড কাৰ্জনৰ শিক্ষানীতিত কি পৰামৰ্শ দিয়া হৈছিল?

(What suggestions were given in Lord Curzon’s educational policy regarding secondary education in India?) 

উত্তৰঃ ১৮৮২ চনৰ পাছৰে পৰা দেশত মাধ্যমিক বিদ্যালয়ৰ সংখ্যা তীব্ৰ গতিত বৃদ্ধি পোৱা বাবে বিদ্যালয়সমূহৰ মানদণ্ড নিচেই নিম্নমান হৈছে। সেয়েহে মাধ্যমিক শিক্ষাৰ গুণগত মানদণ্ডৰ উন্নতিৰ প্ৰতি নজৰ ৰাখি লর্ড কার্জনে পুৰণি ‘লেচেঁ ফেয়াৰ’ (Laissez Faire) বা বাহিৰা হস্তক্ষেপ নিষিদ্ধ নীতিৰ ঠাইত কঠোৰ নিয়ন্ত্ৰণ আৰু উন্নতি সাধনৰ নীতি (Policy of Control and improvement) গ্ৰহণ কৰিছিল। তলত এই দুই নীতিত গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ’ল —

(ক) নিয়ন্ত্ৰণৰ নীতি (Policy of Control): সকলোবোৰ মাধ্যমিক বিদ্যালয় চৰকাৰৰ কঠোৰ নিয়ন্ত্ৰণৰ অধীনলৈ অনাৰ বাবে কাৰ্জনে কেতবোৰ নীতি গ্ৰহণ কৰে। তাৰ ভিতৰত প্রধান নীতি কেইটামান তলত উল্লেখ কৰা হ’ল —

(i) মাধ্যমিক বিদ্যালয়ৰ প্ৰশাসন আৰু পৰিচালনাৰ ব্যৱস্থা উন্নত কৰি তুলিবৰ বাবে বিদ্যালয় পৰিচালনা সমিতিবোৰ উপযুক্তভাৱে সংগঠিত কৰি তুলিব লাগে। 

(ii) বিদ্যালয়ৰ অৰ্থপুঁজি সন্তোষজনক কৰি তুলিব লাগে, যাতে আর্থিক কঠিনতাসমূহ গুচাব পৰা যায়।

(iii) কোনো এক স্থানত মাধ্যমিক স্কুল স্থাপনৰ প্ৰকৃত প্রয়োজন আছে নে নাই তাক স্থিৰ কৰিব লাগে।

(iv) চৰকাৰৰ আৰ্থিক সাহায্য পোৱা বা নোপোৱা সকলোবোৰ ব্যক্তিগত উদ্যোগত পৰিচালিত হোৱা মাধ্যমিক স্কুল শিক্ষাধিকাৰৰ পৰা স্বীকৃতি প্রাপ্ত হ’ব লাগিব। 

(v) চৰকাৰৰ পৰা স্বীকৃতি প্রাপ্ত হোৱাৰ উপৰি তেনে স্কুলে সংশ্লিষ্ট বিশ্ববিদ্যালয়ৰ পৰাও স্বীকৃতি প্রাপ্ত হ’ব লাগিব।

(vi) প্ৰৱেশিকা পৰীক্ষাৰ বাবে স্কুলৰ তেনে স্বীকৃতি পোৱাটো অপৰিহাৰ্য স্বৰূপে বিবেচিত হ’ব লাগে।

(vii) স্বীকৃতি প্রাপ্ত স্কুলবোৰে চৰকাৰৰ অৰ্থ-মঞ্জুৰী লাভ কৰিব লাগে আৰু তাৰ ছাত্ৰসকলে চৰকাৰৰ বৃত্তি পাব লাগে।

(viii) অস্বীকৃতি প্রাপ্ত স্কুলৰ পৰা যাতে স্বীকৃতি প্রাপ্ত স্কুললৈ ছাত্ৰ স্থানান্তৰিত হ’ব নোৱাৰে তাৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

(ix) চৰকাৰৰ স্বীকৃতিপ্রাপ্ত হ’বৰ বাবে স্কুলে কেতবোৰ চৰ্তপূৰণ কৰিব লাগে, যাৰ যোগেদি স্কুলৰ সুস্থ শৈক্ষিক পৰিৱেশ গঢ় দি তুলিব পাৰি।

(x) স্কুলৰ শিক্ষকৰ সংখ্যা যথেষ্ট হ’ব লাগে আৰু তেওঁলোক প্রশিক্ষণ প্রাপ্ত।

(খ) সম্প্ৰসাৰণ নীতি (Policy of Improvement): কেৱল মাত্ৰ চৰকাৰী নিয়ন্ত্রণেই শিক্ষাৰ মান উন্নত কৰি তুলিব নোৱাৰে। সেইবাবে মাধ্যমিক পৰ্যায়ৰ প্ৰতি তেওঁৰ শিক্ষানীতিৰ আন এটা দিশ আছিল স্কুলৰ গুণগত মানদণ্ড উন্নত কৰি তোলাটো। এই দিশতো কার্জনে কেতবোৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছিল। তলত সম্প্ৰসাৰণৰ মুখ্য নীতিসমূহ উল্লেখ কৰা হ’ল—

(i) চৰকাৰী মাধ্যমিক স্কুলবোৰৰ যোগ্যতা বিকাশ কৰি তুলিবৰ বাৱে ৰাজ্যিক চৰকাৰবোৰক অধিক পৰিমাণৰ অৰ্থ-মঞ্জুৰী দিব লাগে।

(ii) চৰকাৰৰ দ্বাৰা পৰিচালিত মাধ্যমিক স্কুলবোৰ ব্যক্তিগত উদ্যোগীসকলে পৰিচালনা কৰা স্কুলৰ বাবে আদৰ্শ স্বৰূপ আৰু অনুকৰণীয় কৰি তুলিব লাগে ৷

(iii) ব্যক্তিগত উদ্যোগত পৰিচালিত স্কুলবোৰ চৰকাৰী স্কুলৰ সম-পৰ্যায়ৰ কৰি তুলিবৰ বাবে অধিক অর্থ-সাহায্য প্রদান কৰিব লাগে।

(iv) অধিক সংখ্যক শিক্ষক প্রশিক্ষণ কেন্দ্ৰ স্থাপন কৰিব লাগে আৰু শিক্ষকসকলক প্ৰশিক্ষণৰ বাবে উৎসাহিত কৰিব লাগে।

(v) মাধ্যমিক স্কুলৰ পাঠ্যক্ৰম অধিক ব্যৱহাৰিক বিধৰ কৰি তুলিব লাগে আৰু প্ৰৱেশিকা পৰীক্ষা অধিক উপযুক্ত কৰি তুলিবৰ বাবে পাঠ্যক্রম সংশোধন কৰিব লাগে। 

(vi) মজলীয়া স্কুলৰ পৰ্যায়লৈকে শিক্ষাৰ মাধ্যম মাতৃভাষা কৰি তুলিব লাগে ৷

(vii) ছাত্ৰসকলে যাতে হাইস্কুলত নিজকে ভালদৰে সমাযোজন কৰি উঠিব পাৰে তাৰ বাবে ইংৰাজী ভাষাৰ অধ্যয়ন অৱহেলা কৰিব নালাগে।

(viii) মাধ্যমিক পৰ্যায়ত ছাত্ৰসকলৰ শৰীৰ চৰ্চা আৰু শাৰীৰিক শিক্ষাৰ ব্যৱস্থা কৰিব লাগে ৷

(ix) শিক্ষাৰ মানদণ্ড উন্নত কৰি তুলিবৰ বাবে ছাত্ৰ আৰু শিক্ষকৰ অনুশাসন ব্যৱস্থা উচ্চ মানৰ কৰি তুলিব লাগে।

(x) স্কুল পৰিদৰ্শকসকলৰ কৰ্মক্ষমতা বৃদ্ধি কৰি তুলিবৰ বাবে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব লাগে ৷

১৯। ভাৰতবৰ্ষত প্ৰাথমিক শিক্ষাৰ বিকাশৰ বাবে লর্ড কার্জনৰ শিক্ষা নীতিত কি পৰামৰ্শ দিছিল?

(What suggestion were given in Lord Curzon’s educational policy regarding the development of primary education in India?) 

উত্তৰঃ ১৯ শতিকাৰ শেষৰ পৰা কুৰি শতিকাৰ প্ৰথম কালছোৱাক ভাৰতৰ ৰাজনৈতিক আৰু শিক্ষা ইতিহাসৰ এক গুৰুত্বপূৰ্ণ আৰু ঘটনা বহুল সময় স্বৰূপে অভিহিত কৰিব পাৰি। ৰাজনৈতিক ক্ষেত্ৰত জাতীয়তাবাদৰ প্ৰৱল সোঁত আৰু শিক্ষাৰ ক্ষেত্ৰত নীতি আৰু আদৰ্শৰ কথালৈ বিতৰ্ক আৰু পৰিৱৰ্তনৰ জোৱাৰ উঠিছিল। ঠিক এনে সময়তে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ প্রতিনিধিস্বৰূপে ১৮৯৯ চনৰ ভাৰতীয়সকলৰ প্ৰতি এক অবিশ্বাসৰ মনোভাব লৈ লর্ড কার্জন ভাৰতৰ ভাইছৰয় (Viceroy) ৰূপে আমাৰ দেশলৈ আহে। তেওঁ আছিল এজন দৃঢ়মনা, অসীম কর্মদক্ষতা সম্পন্ন সাহসী প্রশাসক, যি নিজ কৰ্তব্য ভালদৰে বুজি উঠিছিল। তলত কাৰ্জনৰ প্ৰাথমিক শিক্ষানীতি সম্বন্ধে চমুকৈ আলোচনা কৰা হ’ল—

(ক) উদাৰ নীতিৰ অনুদান ব্যৱস্থা (liberal grant system): অৰ্থৰ অভাৱেই আছিল প্রাথমিক শিক্ষা প্ৰসাৰৰ প্ৰধান অন্তৰায়। এই অন্তৰায় গুচাবৰ বাবে লর্ড কার্জনে উদাৰ অৰ্থসাহায্যৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। স্থানীয় শিক্ষা কর্তৃপক্ষ স্বৰূপে থকা মিউনিচিপেলিটি আৰু লোকেল বোর্ডবোৰক তেওঁ পৌনঃপুনিক অর্থ সাহায্য (Recurring grant) দানৰ ব্যৱস্থা কৰিছিল যিয়ে প্রাথমিক স্কুলৰ সংখ্যা আৰু ইয়াৰ ছাত্ৰ সংখ্যা দ্ৰুতভাৱে বৃদ্ধি কৰি তুলিছিল।

(খ) ফলাফলৰ ভিত্তিত অর্থ সাহায্য নীতি পৰিহাৰ (Giving up the system of payment by result): ১৮৮২ চনৰ হাণ্টাৰ আয়োগৰ ফলাফলৰ ভিত্তিত অনুদান নীতিক সমালোচনা কৰি লৰ্ড কার্জনে এক উদাৰ নীতিৰ অৰ্থ-সাহায্য ব্যৱস্থা গঢ়ি দি তোলে।

(গ) শিক্ষক-প্রশিক্ষণ ব্যৱস্থা (Training of teachers): লর্ড কার্জনে প্রাথমিক স্কুল শিক্ষকসকলৰ প্ৰশিক্ষণৰ ওপৰত বিশেষ দৃষ্টি দিছিল আৰু শিক্ষক প্রশিক্ষণ কেন্দ্ৰ স্থাপন কৰি শিক্ষকসকলৰ প্ৰশিক্ষণৰ কাল দুবছৰৰ কম হ’ব নালাগে বুলি নির্দেশ দিছিল। গ্রাম্য অঞ্চলৰ শিক্ষকসকলক কৃষি বিষয়ত প্রশিক্ষণ দিয়াটো তেখেতৰ শিক্ষা নীতিৰ এক উল্লেখযোগ্য বৈশিষ্ট্য বুলি ক’ব পাৰি।

(ঘ) শিক্ষকৰ দৰমহা বৃদ্ধি (Improvement of teacher’s pay):  লর্ড কার্জনে শিক্ষকসকলৰ জীৱনৰ মানদণ্ড উন্নত কৰি তুলিবৰ বাবে পৰীক্ষাৰ ফলাফলৰ ওপৰত নিৰ্ভৰশীল সাহাৰ্য্য প্রদান নীতি আঁতৰাই শিক্ষকসকলৰ বেতনৰ হাৰ বৃদ্ধি কৰাৰ বাবে দৰমহাৰ পুনৰ বিবেচনা কৰিবলৈ বিচাৰিছিল।

(ঙ) পাঠ্যক্ৰমৰ সংস্কাৰ সাধন (Reform in Curriculum): লর্ড কার্জনে প্রাথমিক স্কুলৰ পাঠ্যক্ৰমৰ উন্নতি সাধন কৰিবৰ বাবে ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয় বিষয়সমূহ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিছিল। প্রাথমিক স্কুলৰ পাঠ্যক্ৰম স্থানীয় পৰিবেশৰ লগত খাপ `খোৱালৈ লক্ষ্য ৰাখি নগৰ আৰু গাঁও অঞ্চলৰ ছাত্ৰৰ বাবে পাঠ্যক্ৰম পৃথক হোৱাটো তেওঁ বিচাৰিছিল।

(চ) উন্নত শিক্ষা পদ্ধতিৰ প্ৰয়োগ (Use of improved method of teaching): লর্ড কার্জনে ভাৰতবৰ্ষৰ প্ৰাথমিক স্কুলৰ আওপুৰণি শিক্ষাদান পদ্ধতিৰ পৰিৱৰ্তে ছাত্ৰই নিজ যুক্তি শক্তি আৰু পৰ্যবেক্ষণ ক্ষমতাৰ প্ৰয়োগ কৰাটো বিচাৰিছিল। সেইবাবে কিণ্ডাৰ গাৰ্টেনৰ দৰে উন্নত শিশু শিক্ষাদান পদ্ধতি প্ৰয়োগৰ তেওঁ পৰামৰ্শ দিছিল।

২০। লর্ড কার্জনৰ উচ্চ শিক্ষানীতি আলোচনা কৰা।

(Discuss the Curzon’s policy on higher education.) 

উত্তৰঃ চিমলা শিক্ষা সন্মিলনৰ সিদ্ধান্ত কাৰ্যকৰী কৰি তুলিবৰ বাবে লর্ড কার্জনে প্ৰথমতেই বিশ্ববিদ্যালয়ৰ শিক্ষা-সংস্কাৰত হাত দিয়ে আৰু ১৯০২ চনত সৰ্বপ্ৰথমে বিশ্ববিদ্যালয় আয়োগ গঠন কৰে। এই আয়োগে সেই সময়ৰ ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ অৱস্থা আৰু প্ৰয়োজনীয়তাসমূহৰ অধ্যয়ন, কাৰ্যনিৰ্বাহ বিষয়ৰ উন্নতি, শিক্ষণ কাৰ্যৰ মানদণ্ডৰ উন্নতিকৰণ আৰু অগ্ৰগতি শিক্ষণৰ ব্যৱস্থা আদিৰ বিষয়ে চৰকাৰলৈ পৰামৰ্শ আগবঢ়াইছিল। ১৯০২ চনৰ ভাৰতীয় বিশ্ববিদ্যালয় আয়োগৰ পৰামৰ্শসমূহৰ আধাৰত ব্ৰিটিছ চৰকাৰে আমাৰ দেশত ১৯০৪ চনৰ বিশ্ববিদ্যালয়ৰ আইন তৈয়াৰ কৰে। চিনেট সভাৰ সদস্য সংখ্যা হ্রাস কৰা, শিক্ষণ কাৰ্য চলোৱাৰ কৰ্তৃত্ব প্ৰদান কৰা আৰু কাৰ্যনিৰ্বাহৰ দিশত অধিকতৰ চকু ৰাখিব পৰা আদি এই আইনৰ গুৰুত্বপূৰ্ণ দিশ আছিল। লর্ড কার্জনে সেই সময়ৰ উচ্চ শিক্ষাত নিয়ন্ত্রণ আৰু সংকোচনৰ নীতি গ্ৰহণ কৰিছিল। 

উচ্চ শিক্ষাত দেখা দিয়া সেই সময়ৰ বিশৃংখলতা গুচাবৰ বাবে নিয়ন্ত্ৰণ ক্ষমতা প্ৰদান কৰিছিল। এই আইনখনৰ নিৰ্দেশ কাৰ্যকৰীকৰণে বিশ্ববিদ্যালয় কেইখনৰ প্ৰশাসনিক সংস্কাৰ সাধনৰ দিশত সহায় কৰিছিল। চিনেটৰ সদস্য সংখ্যা হ্ৰাস কৰি তেওঁলোকৰ কাৰ্যকাল পাঁচ বছৰীয়া কৰিছিল। শিক্ষাৰ পশাসনীয় দুৰ্বলতাত ভোগা কলেজবোৰৰ স্বীকৃতি বন্ধ কৰাত তৎকালীনভাৱে কলেজৰ সংখ্যা কমিছিল যদিও শিক্ষাৰ মান উন্নত পৰ্যায়লৈ উঠাটো সম্ভৱ হৈছিল। বিশ্ববিদ্যালয়বোৰ কেৱল পৰীক্ষা লোৱা যন্ত্ৰ নহৈ অধ্যয়ন আৰু শিক্ষাদানৰ কেন্দ্ৰৰূপে গঢ়ি তোলা হৈছিল। বিশ্ববিদ্যালয়বোৰত শ্ৰেণীকক্ষ, পাঠাগাৰ, ছাত্রাবাস আদি গঢ়ি উচ্চ শিক্ষাৰ এক মধুৰ পৰিবেশ সৃষ্টি কৰা হৈছিল।

সেয়েহে ক’ব পাৰি যে লর্ড কার্জনে উচ্চ শিক্ষাত গ্ৰহণ কৰা নিয়ন্ত্ৰণ আৰু সংকোচনৰ নীতিয়ে বাঞ্চিত উদ্দেশ্য সাধন কৰিছিল। তেওঁ অকল প্রাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষাতেই নহয়, শিক্ষামূলক আন আন কাম-কাজতো হাত দিছিল । লৰ্ড কাৰ্জনৰ দিনতে দেশত পুৰাতত্ত্ব বিভাগ (Department of Archaeology) স্থাপন কৰা হৈছিল। ভাৰতীয় স্মৃতিসৌধসমূহৰ উচিত ৰক্ষণাবেক্ষণৰ কাৰণে ১৯০৪ চনত স্মৃতিসৌধ সংৰক্ষণ আইন পাছ কৰা হয় । কোনো কাহানিও চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ নোহোৱা কলা সম্বন্ধীয় বিশ্ববিদ্যালয়সমূহ তেওঁৰ দিনতে সাহায্য লাভ কৰিবলৈ আৰম্ভ কৰে। 

ইয়াৰ বাহিৰেও পুছা নামৰ ঠাইত এখন কৃষি বিশ্ববিদ্যালয় স্থাপন কৰে যাক বৰ্তমানে পুছা কৃষি গৱেষণা আৰু প্ৰশিক্ষণকেন্দ্র (Pusa Institute of Agricultural Research and Training) নামেৰে জনাজাত। চিকিৎসা, বন, কৃষি, ইঞ্জিনিয়াৰ আৰু পশুবিজ্ঞানৰ দৰে বৃত্তিমূলক শিক্ষাৰ সম্প্ৰসাৰণ আৰু উন্নতিৰ তেওঁ গুৰি ধৰিছিল । বৃত্তিমূলক শিক্ষাৰ সাহায্য আৰু কাৰিকৰী বিষয়ৰ শিক্ষাৰ কাৰণে বিশেষ বৃত্তিৰ ব্যৱস্থা তেওঁৰ শিক্ষামূলক কাৰ্যৰ উল্লেখযোগ্য দিশ।

২১। লর্ড কার্জনৰ প্ৰাথমিক শিক্ষানীতিৰ সমীক্ষা দিয়া।

(Give an assessment of Lord Curzon’s policy on Primary Education.) 

উত্তৰঃ  ভাৰতৰ প্ৰাথমিক শিক্ষা আধুনিকীকৰণৰ প্ৰক্ৰিয়া কাৰ্জনেই আৰম্ভ কৰা বুলি ক’ব পাৰি ৷ তেওঁ কেৱল প্ৰশাসক স্বৰূপেই নহয়, এজন প্রকৃত শিক্ষাবিদ স্বৰূপে এই কামত হাত দিছিল। দেশৰ আৰ্থ-সামাজিক বিকাশত প্রাথমিক শিক্ষা গভীৰভাবে জড়িত হৈ থকাৰ কথা তেওঁ অনুভৱ কৰিছিল। এই দিশত কৰা তেওঁৰ সংস্কাৰ সাধনে এই কথা আমাৰ মনত স্পষ্ট কৰি তোলে৷ প্ৰাথমিক শিক্ষাৰ সাংখ্যিক মান আৰু গুণমান তথা সম্প্ৰসাৰণ কৰি তোলাটো আছিল তেওঁৰ এই পৰ্যায়ৰ শিক্ষাৰ নীতি। এই নীতি তেওঁ সফলতাৰে ৰূপায়ণ কৰি তুলিছিল । সম্প্ৰসাৰণৰ দিশত থকা প্রধান প্রতিবন্ধকতাৰ কথা তেওঁ সঠিকভাৱে নিৰীক্ষণ কৰিব পাৰিছিল৷ তেওঁ সেয়েহে মত প্ৰকাশ কৰিছিল যে পূৰ্বৰ চৰকাৰে উচ্চ শিক্ষাৰ বিকাশত অগ্ৰাধিকাৰ দিবলৈ গৈ প্ৰাথমিক শিক্ষা অৱহেলা কৰিছিল। তেওঁ ভালদৰে জানিছিল যে এই পৰ্যায়ৰ শিক্ষাৰ সম্প্ৰসাৰণৰ দিশত অৰ্থৰ অভাৱ হৈছে প্ৰধান অন্তৰায় স্বৰূপ। 

চৰকাৰে স্থানীয় কর্তৃপক্ষক দিয়া এক তৃতীয়াংশ অর্থ সাহায্য আৰু স্কুলবোৰক দিয়া ফলাফলৰ ভিত্তিত অনুদান ব্যৱস্থা আছিল অপর্যাপ্ত আৰু ভ্ৰান্তিমূলক। সেইবাবে এই দুই অনুদান ব্যৱস্থা তুলি দি শিক্ষা সম্প্ৰসাৰণৰ বাবে চৰকাৰী সাহায্য দুভাগৰ এভাগলৈ বৃদ্ধি কৰিছিল আৰু স্কুলবোৰক এককালীন, পৌনঃপুনিক আৰু বিশেষ অৰ্থসাহায্য দিয়াৰ ব্যৱস্থা কৰিছিল। এই প্রাথমিক শিক্ষাৰ সম্প্ৰসাৰণত যাতে অৰ্থ প্ৰতিবন্ধকতা স্বৰূপ হৈ উঠিব নোৱাৰে তাক তেওঁ নিশ্চিত কৰি তুলিছিল। ইয়াৰ পৰিণামো হৈছিল অধিক সন্তোষজনক। পৰিসাংখ্যিকভাবে পোৱা হৈছে যে ১৯০১-০২ চনত দেশৰ স্বীকৃতি প্রাপ্ত প্রাথমিক স্কুলৰ সংখ্যা আছিল ৯৩,৬০৪ খন। দহবছৰৰ ভিতৰত এই সংখ্যা বাঢ়ি গৈ ১৯১১-১২ চনত ১,১৮,২৬২ খন হয়গৈ। প্রাথমিক শিক্ষাৰ গুণমান উন্নত কৰি তোলাৰ দিশত লৰ্ড কাৰ্জনৰ তুলনা নাই। এই শিক্ষা আধুনিকীকৰণৰ দৃষ্টিভংগী তেওঁৰ পৰাই পাব পাৰি।

পাঠ্যক্ৰমৰ গতানুগতিকতা ভংগ কৰি কৃষি-শিক্ষা, শৰীৰ শিক্ষাৰ দৰে উপযোগী বিষয় অন্তৰ্ভুক্ত কৰিছিল। শিক্ষকৰ প্ৰশিক্ষণতো কৃষি বিষয় অন্তর্ভুক্ত কৰিছিল। প্রাথমিক শিক্ষা স্থানীয় পৰিৱেশ সাপেক্ষে গঢ় দি তোলাৰ ব্যৱস্থা কৰিছিল। ছাত্ৰৰ যান্ত্ৰিক স্মৃতি প্ৰয়োগৰ পৰিৱৰ্তে যুক্তি শক্তি, বোধশক্তি আদিৰ বিকাশত জোৰ দিছিল। কিণ্ডাৰ গার্টেনৰ দৰে বিজ্ঞানসন্মত শিশু-শিক্ষা পদ্ধতি প্ৰবৰ্তনৰ পৰামৰ্শ দিছিল। শিক্ষকসকলৰ দৰমহাৰ ক্ষেত্ৰত থকা বৈষম্য গুচোৱাৰ চেষ্টা কৰিছিল। এনেবোৰ সংস্কাৰ সাধনৰ ব্যৱস্থাই লৰ্ড কাৰ্জনক আমাৰ চকুত ৰাজ-প্ৰশাসক স্বৰূপে নহয়, শিক্ষা সংস্কাৰক স্বৰূপেহে ধৰা দিয়ে। এই প্রচেষ্টাসমূহৰ যোগেদি তেওঁ প্ৰাথমিক শিক্ষা জনসাধাৰণমুখী আৰু জন কল্যানমুখী কৰি তুলিবলৈ বিচৰাৰ কথা আমি লক্ষ্য কৰিব পাৰো ৷ ইংৰাজ প্ৰশাসকস্বৰূপে তেওঁ ভাৰতত জন-শিক্ষাৰ নীতি গ্ৰহণ কৰিছিল আৰু তাক কাৰ্যকৰী ৰূপত গঢ় দি তুলিছিল।

২২। লর্ড কার্জনৰ মাধ্যমিক শিক্ষানীতিৰ এটা সমীক্ষা দিয়া।

(Give an assessment of Lord Curzon’s policy on Secondary education.)

উত্তৰঃ লর্ড কার্জনে গ্ৰহণ কৰা মাধ্যমিক শিক্ষাৰ নীতি কৃতকাৰ্য হৈ উঠা বুলি ক’ব পাৰি। তেওঁ গ্ৰহণ কৰা নীতিয়ে ভাল ফল দিব পাৰিছিল। এই পৰ্যায়ৰ স্কুলবোৰ চৰকাৰ আৰু বিশ্ববিদ্যালয়ৰ দ্বৈত স্বীকৃতিপ্রাপ্তকৰণৰ ব্যৱস্থাই অনুশাসনৰ অধীনলৈ আনে। ইয়াৰ ফলত প্ৰশাসনীয় মানদণ্ড উন্নত কৰি তোলা হয়। বেচৰকাৰী প্ৰতিখন অনুষ্ঠানেই এনে দ্বৈত স্বীকৃতি লাভ কৰিবৰ বাবে যত্নপৰ হৈ উঠে। ইয়াৰ বাবে তেওঁলোকে নিজ মানদণ্ড উন্নত কৰি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে। আনহাতে দুৰ্বল অনুষ্ঠানবোৰে স্বীকৃতি পোৱাৰ পৰা বঞ্চিত হৈ আৰু চৰকাৰী অৰ্থ সাহায্য পোৱাত ব্যৰ্থ হৈ অৱশেষত স্কুল বন্ধ, কৰি দিব লগা হয়। অৱশ্যে এনে কার্যত জাতীয়তাবাদী ভাৰতীয়সকলে অসন্তুষ্টি প্রকাশ কৰিছিল। তেওঁলোকে চৰকাৰৰ এনে নিয়ন্ত্ৰণ নীতি দেশৰ জাতীয়তাবাদী মনোভাব দমন কৰিবৰ বাবে লোৱা ব্যৱস্থাহে মাথোন’বুলি-মত প্ৰকাশ কৰিছিল। সি যি কি নহওক, কাৰ্জনে বেচৰকাৰী স্কুলবোৰৰ সম্বন্ধে গ্ৰহণ কৰা এনে কঠোৰ নীতিয়ে এই পৰ্যায়ৰ শিক্ষাৰ প্ৰশাসনীয় মানদণ্ড উন্নত কৰি তোলাত নিশ্চিতভাৱে সহায় কৰিছিল৷

দ্বিতীয়তে, মাধ্যমিক স্কুলবোৰ বিশ্ববিদ্যালয়েও স্বীকৃতি প্রদান কৰিব লগা নীতিয়ে এই পৰ্যায়ৰ শিক্ষাৰ শৈক্ষিক মানদণ্ড উন্নত কৰি তোলে। ইয়াৰ ফলত স্কুলসমূহে পাঠ্যক্ৰমৰ উপযুক্তভাবে প্ৰশিক্ষণ দিয়া আৰু ছাত্ৰসকলক প্ৰৱেশিকা পৰীক্ষালৈ পঠিওৱাৰ বেলিকা অধিক তৎপৰ হৈ উঠা দেখা যায়। নিম্নমানৰ ছাত্ৰসকলে অস্বীকৃতিপ্রাপ্ত স্কুলৰ পৰা স্বীকৃতিপ্রাপ্ত স্কুললৈ স্থানান্তৰিত হোৱাৰ অনুচিত সুবিধা গ্ৰহণ কৰিব নোৱাৰা হ’ল। ছাত্ৰৰ নামভৰ্তিকৰণ ব্যৱস্থা সেয়েহে ইয়াৰ যোগেদি যুক্তিসংগতভাৱে নিয়ন্ত্ৰণ কৰা হৈ উঠে। এনেবোৰ কাৰ্য ব্যৱস্থাই নিকা প্ৰশাসন আৰু স্কুলৰ শৈক্ষিক পৰিৱেশ গঢ় দি তুলিবলৈ সক্ষম হয়।

তৃতীয়তে, এই কথা মন কৰিবলগীয়া যে লর্ড কার্জনেই মাধ্যমিক পর্যায়ত ছাত্ৰই মাতৃভাষা অধ্যয়নৰ অনুমোদন কৰে। মজলীয়া স্কুল পর্যায়লৈকে তেওঁ মাতৃভাষা শিক্ষাৰ মাধ্যম কৰি তোলে। ইয়াৰ ফলত বহুতো দুখীয়া পিচপৰা ছাত্ৰই মাতৃভাষাৰ যোগেদি মাধ্যমিক শিক্ষা পাব পৰা হৈ উঠে। মজলীয়া স্কুলত মাতৃভাষা শিক্ষাৰ মাধ্যম কৰি তোলা ব্যৱস্থাই পৰৱৰ্তী কালত হাইস্কুলতো শিক্ষাৰ মাধ্যম কৰি তোলাটো সম্ভৱ কৰি তোলে।

২৩। ১৯০২ চনৰ ভাৰতীয় বিশ্ববিদ্যালয় আয়োগৰ পৰামৰ্শাৱলী উল্লেখ কৰা। 

(Mention the recommendations of Indian University Commission, 1902.)

উত্তৰ ঋঃ লর্ড কার্জনে ১৯০২ চনৰ ২৭ জানুৱাৰীত চাৰ থমাছ ৰেলিৰ অধ্যক্ষতাত প্ৰথম বিশ্ববিদ্যালয় শিক্ষা আয়োগ গঠন কৰে। এই আয়োগ গঠনৰ প্ৰধান উদ্দেশ্যসমূহ আছিল এনেধৰণৰ—

(ক) ইংৰাজ শাসিত ভাৰতত স্থাপন কৰা বিশ্ববিদ্যালয় কেইখনৰ অৱস্থা আৰু ইয়াৰ ভৱিষ্যত সম্ভাৱনীয়তা সম্বন্ধে অনুসন্ধান কৰা।

(খ) ভাৰতীয় বিশ্ববিদ্যালয় কেইখনৰ সংগঠন আৰু ইয়াৰ কাম-কাজ আদি উন্নত কৰি তোলাৰ উপায় উদ্ভাৱন কৰা।

(গ) উচ্চ শিক্ষাৰ মানদণ্ড উন্নত কৰি তুলিবৰ বাবে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া। 

(ঘ) উচ্চ শিক্ষাৰ অগ্ৰগতি লাভ কৰা। 

১৯০২ চনৰ ভাৰতীয় বিশ্ববিদ্যালয় আয়োগৰ পৰামৰ্শাৱলী নিম্নলিখিত ধৰণৰ— 

(ক) প্রত্যেক বিশ্ববিদ্যালয়ৰ অধিকাৰ ক্ষেত্ৰ (Jurisdiction) নিৰ্ধাৰণ কৰি দিব লাগে আৰু নতুনকৈ কোনো বিশ্ববিদ্যালয় স্থাপন কৰিব নালাগে ৷

(খ) সংবিধান সংশোধন কৰি বিশ্ববিদ্যালয়, কেইখনত শিক্ষাদানৰ সুবিধা প্ৰদান কৰিব লাগে।

(গ) বিশ্ববিদ্যালয়ৰ চিনেট আৰু চিণ্ডিকেট সভা পুনৰ গঠন কৰিব লাগে, ইয়াৰ সদস্য সংখ্যা কমাব লাগে, তেওঁলোকৰ কাৰ্যকাল ৫ বছৰীয়া হ’ব লাগে আৰু প্ৰতি বছৰে ইয়াৰ ৫ ভাগৰ এভাগ সদস্যই পদত্যাগ কৰিব লাগে।

(ঘ) চিনেট সভালৈ সংবদ্ধ কলেজৰ (affiliated college) শিক্ষকসকলক আৰু অন্যান্য উপযুক্ত ব্যক্তিক প্রতিনিধিত্ব দিব লাগে।

(ঙ) বিশ্ববিদ্যালয়ৰ সংবদ্ধ কলেজবোৰত শিক্ষাদানৰ উপযুক্ত ব্যৱস্থা কৰিব লাগে আৰু কলেজৰ স্বীকৃতি দানৰ নীতি-নিয়ম কটকটীয়া কৰিব লাগে।

(চ) সংবদ্ধ কলেজবোৰক বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ভালদৰে পৰিদৰ্শন কৰিব লাগে আৰু এই কলেজবোৰৰ মান যাতে নিম্নগামী হৈ পৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। দ্বিতীয় শ্ৰেণীৰ অৰ্থাৎ নিম্নমানৰ কলেজবোৰক স্বীকৃতি প্রদান কৰিব নালাগে।

(ছ) প্রত্যেক কলেজৰ বাবে একোখন পৰিচালনা সমিতি গঠন কৰিব লাগে।

(জ) এই সমিতিয়ে ছাত্র-ছাত্ৰীৰ আবাস গৃহ স্থাপন আৰু অনুশাসন ব্যৱস্থাৰ প্ৰতি মনোযোগ দিব লাগে।

(ঝ) বিশ্ববিদ্যালয়ে উচ্চ শিক্ষাৰ শিক্ষক নিযুক্তি কৰিব লাগে।

(ঞ) বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম আৰু পৰীক্ষা ব্যৱস্থাৰ আৱশ্যকীয় সংশোধন কৰিব লাগে ৷

(ট) মেট্ৰিক পৰীক্ষাৰ মানদণ্ড উন্নত পৰ্যায়ৰ কৰি তুলিব লাগে আৰু ইণ্টাৰমিডিয়েট পর্যায় তুলি দি ডিগ্রী পর্যায় তিনি বছৰীয়া কৰিব লাগে।

(ঠ) ছাত্ৰৰ যোগ্যতাৰ স্থান অনুসৰি বৃত্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। 

(ড) যিসকল শিক্ষকৰ মাতৃভাষা ইংৰাজী তেওঁলোককহে ইংৰাজী ভাষা পঢ়োৱাৰ বাবে নিযুক্তি দিব লাগে।

(ঢ) বিশ্ববিদ্যালয়বোৰৰ পুথিভঁৰাল আৰু প্ৰয়োগশালা আদি স্থাপন কৰিব লাগে। 

২৪। ১৯০৪ চনৰ বিশ্ববিদ্যালয় আইৰ্নৰ দফাবোৰ কি কি আছিল? 

(What are the provision of University Act of 1904?) 

উত্তৰঃ বিশ্ববিদ্যালয়ৰ প্ৰশাসন চৰকাৰৰ অধীনলৈ নিবৰ বাবে কাৰ্জনে এই আইনখনৰ ব্যৱস্থা কৰিছিল। ১৯০২ চনৰ আয়োগৰ পৰামৰ্শক্রমেই ১৯০৪ চনৰ ১১ মাৰ্চত এই আইনখন প্ৰস্তুত কৰি তোলা হয়। ইয়াত প্ৰচলিত উচ্চ শিক্ষাৰ দোষ-ত্রুটিবোৰ নিম্নলিখিতভাবে দাঙি ধৰা হৈছে —

(ক) উচ্চ শিক্ষাৰ লক্ষ্য কেৱল চাকৰি পোৱাটো হৈ উঠা বাবে ইয়াৰ পৰিসৰ সংকীৰ্ণ হৈ পৰিছে।

(খ) পৰীক্ষাৰ ওপৰত অধিকভাৱে গুৰুত্ব আৰোপ কৰা হৈছে।

(গ) পাঠ্যক্ৰমৰ বিষয় পুথিগত কৰি বৌদ্ধিক দিশৰ বিকাশত অৱহেলা কৰা হৈছে।

(ঘ) ইংৰাজী ভাষাৰ ওপৰত দিয়া গুৰুত্বই ভাৰতীয় ভাষাৰ অধ্যয়নত বাধাৰ সৃষ্টি কৰি তুলিছে।

(ঙ) শিল্প আৰু কাৰিকৰী বিষয়ৰ শিক্ষাত অৱহেলা কৰা হৈছে।

১৯০৪ চনৰ বিশ্ববিদ্যালয় আইনৰ দফাবোৰ হল—

(ক) এই আইনখনে বিশ্ববিদ্যালয়ৰ ক্ৰিয়া পৰিসৰ বৃদ্ধি কৰি তোলে৷ পূৰ্বে অকল পৰীক্ষা লোৱা আৰু ডিগ্ৰী দিয়াৰ পৰিৱৰ্তে ছাত্ৰক শিক্ষা দিয়া, পৰীক্ষা লোৱা, শিক্ষামূলক বৃত্তি দিয়া, শিক্ষক নিযুক্তি দিয়া, গৱেষণাৰ সুবিধা দিয়া আদি দায়িত্ব বিশ্ববিদ্যালয়ক দিয়া হয়।

(খ) চিনেট সভাৰ আকাৰ নিয়ন্ত্ৰণ কৰা হয়। সভাৰ সদস্য সংখ্য ৫০ আৰু ১০০ৰ ভিতৰত ৰখাৰ ব্যৱস্থা কৰা হয় আৰু তেওঁলোকৰ কাৰ্যকাল ৫ বছৰ ধার্য কৰা হয় ৷

(গ) চিনেটৰ সদস্যসকলক সদস্য নিৰ্বাচনৰ ক্ষমতা দিয়া হয়। সেই সময়ৰ ৫ খন বিশ্ববিদ্যালয়ৰ ভিতৰত কলিকতা, বম্বে আৰু মাদ্ৰাজত নিৰ্বাচিত সদস্যৰ সংখ্যা ২০ জন আৰু পঞ্জাৱ তথা এলাহাবাদত ইয়াৰ সংখ্যা ১৫ জন কৰা হয়।

(ঘ) চিণ্ডিকেট সভাবোৰক আইন সংগত বুলি স্বীকৃতি দিয়া হয়। সভাবোৰত বিশ্ববিদ্যালয়ৰ শিক্ষকসকলক উপযুক্ত প্রতিনিধিত্ব দিয়া হয়।

(ঙ) কলেজবোৰক বিশ্ববিদ্যালয়ৰ সংবদ্ধকৰণৰ ক্ষেত্ৰত কঠোৰ নীতি গ্ৰহণ কৰা হয় আৰু পৰিদৰ্শন সাপেক্ষে কাৰ্যকৰী কৰি তোলা হয়।

(চ) কলেজক বিশ্ববিদ্যালয়ৰ সংবদ্ধকৰণ কৰা অথবা সংবদ্ধকৰণ প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ অনুমোদন লোৱাৰ প্ৰয়োজন হয়।

(ছ) চিনেট সভাই প্ৰশাসনীয় নীতি নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰক কিছু ক্ষমতা প্রদান কৰে৷ প্ৰয়োজন অনুসাৰে চৰকাৰে কোনো নীতি-নিয়মৰ ওপৰত বাধা আৰোপ কৰিব পাৰে। 

(জ) চিনেট সভাৰ আইন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কোনো আৱশ্যকীয় সালসলনি কৰিব নোৱাৰিলে অথবা নিৰ্দিষ্ট সময়ৰ ভিতৰত তাক সম্পূৰ্ণ কৰা নহ’লে চৰকাৰে প্ৰয়োজন অনুসৰি আইন প্ৰস্তুত কৰিব পাৰিব।

(ঝ) বিশ্ববিদ্যালয়বোৰৰ অধিকাৰৰ ক্ষেত্ৰ নিৰ্ধাৰণ কৰিবৰ বাবে Viceroyক কর্তৃত্ব দিয়া হয়।

২৫। লর্ড কার্জনৰ উচ্চ শিক্ষা নীতিৰ মূল্যায়ণ কৰা।

(Give an evaluation of Curzon’s Policy on Higher Education.) 

উত্তৰঃ উচ্চ শিক্ষাৰ ক্ষেত্ৰত লৰ্ড কার্জনে গ্ৰহণ কৰা নীতি হৈছে নিয়ন্ত্ৰণ আৰু সংকোচনৰ নীতি। এই দুয়োটা নীতিয়েই আছিল জাতীয়তাবাদী ভাৰতীয়সকলৰ পৰিপন্থী। কার্জনে বিশ্ববিদ্যালয়ৰ প্ৰশাসনত ভাৰতীয়সকলৰ প্ৰভাৱ হ্ৰাস কৰি ব্যক্তিগত প্ৰচেষ্টাত গঢ়ি উঠা দুৰ্বল কলেজৰ স্বীকৃতি বন্ধ কৰিছিল। তেওঁ নতুনকৈ বিশ্ববিদ্যালয় স্থাপন হ’বলৈ নিদি শিক্ষা সংকোচনৰ নীতি গ্ৰহণ কৰি প্ৰকৃততে দেশৰ জাতীয়তাবাদী আন্দোলন নিৰ্মূল কৰিবলৈহে বিচৰা হৈছে বুলি ভবা হৈছিল। বিশ্ববিদ্যালয়ে নিজস্ব নীতি নিৰ্ধাৰণত পলম কৰিলে চৰকাৰে তাক নিৰ্ধাৰণ কৰাৰ ক্ষমতা লাভ কৰি বিশ্ববিদ্যালয়ৰ স্বায়ত্ত শাসনৰ নীতি উলংঘা কৰা হৈছিল। ক্ষমতাৰ এই কেন্দ্ৰীভূতকৰণ নীতিয়ে ভাৰতীয়সকলক ক্ষুণ্ণ কৰি তুলিছিল। ভাৰতীয়সকলৰ অনুভূতি আৰু অসন্তুষ্টিৰ প্ৰতি দেশৰ মূল প্রশাসকজন আওকণীয়া হৈ থকাটো আছিল দুর্ভাগ্যজনক। উচ্চ শিক্ষাৰ প্ৰতি গ্ৰহণ কৰা এই সংকোচনৰ নীতিৰ ফলত দহ বছৰৰ ভিতৰত কলেজৰ সংখ্যা বাঢ়ি যোৱাৰ পৰিৱৰ্তে ২২ খন কমিহে গৈছিল। 

আমি কাৰ্জনৰ উচ্চ শিক্ষা-নীতি অকল নেতিবাচক মনোভাৱেৰে বিচাৰ কৰাটো সমীচিন নহ’ব। ইয়াৰ ইতিবাচক দিশো আছিল, তাৰ প্ৰতিও দৃষ্টি নিক্ষেপ কৰাটো প্ৰয়োজন হ’ব। প্রথমেই উল্লেখ কৰিব লাগিব যে ভাৰতীয়সকলে সেই সময়ত ভবাৰ দৰে কাৰ্জনৰ শিক্ষানীতি দমনমূলক আৰু ভাৰত বিৰোধী নাছিল। কাৰ্জন আছিল এগৰাকী দৃঢ়মনা আৰু কৰ্তব্যপৰায়ন আৰু প্ৰজাহিতৈষী দক্ষ প্রশাসক। তেওঁৰ শিক্ষামূলক কার্যকলাপে এনেবোৰ গুণ প্রতিপন্ন কৰি তোলে। উচ্চ শিক্ষাত দেখা দিয়া বিশৃংখলতা আঁতৰাবৰ বাবে নিয়ন্ত্ৰণ ক্ষমতাৰ প্ৰয়োজন হৈছিল। ১৯০২ চনৰ শিক্ষা আয়োগ আৰু ১৯০৪ চনৰ বিশ্ববিদ্যালয় আইনে কাৰ্জনক সেই ক্ষমতা প্ৰদান কৰিছিল। আইনৰ নিৰ্দেশ কার্যকৰীকৰণে বিশ্ববিদ্যালয় কেইখনৰ প্ৰশাসনিক সংস্কাৰ সাধনৰ দিশত সফলতা অর্জনত সহায় কৰিছিল। চিনেটৰ সদস্য সংখ্যা হ্ৰাস কৰি আৰু তেওঁলোকৰ কাৰ্যকাল ৫ বছৰীয়া কৰি তুলি সময় সচেতন আৰু কৰ্তব্য সচেতন কৰি তোলা হৈছিল। ভাৰতীয় সদস্য সংখ্যা হ্রাস কৰা হৈছিল যদিও ভাৰতীয়সকলৰ স্বাৰ্থ হানি কৰি তোলা তেনে কোনো কাম কৰা হোৱা নাছিল। 

১৯০৪ চনৰ আইনখনে আধুনিক ভাৰতৰ বিশ্ববিদ্যালয় প্রশাসনৰ আধাৰ গঢ় দি তুলিছিল। শিক্ষাৰ প্ৰশাসনীয় দুৰ্বলতাত ভোগা কলেজবোৰৰ স্বীকৃতি বন্ধ কৰি আৰু পূৰ্বৰ স্বীকৃতি পৰিহাৰ কৰি প্ৰশাসনীয় অনুশাসন দৃঢ়তাৰে পালন কৰা হৈছিল। ইয়াৰ ফলত কলেজৰ সংখ্যা কমি গৈছিল যদিও এই পৰ্যায়ৰ শিক্ষাৰ মানদণ্ড উন্নত স্তৰলৈ উঠাটো সম্ভৱ কৰি তোলা হৈছিল। বিশ্ববিদ্যালয়বোৰ অকল পৰীক্ষা লোৱা যন্ত্ৰ হৈ নাথাকি অধ্যয়ন আৰু শিক্ষাদানৰ কেন্দ্ৰস্বৰূপে গঢ় দি তোলা হৈছিল। বিশ্ববিদ্যালয়বোৰত শ্রেণীকক্ষ, পুথিভঁৰাল, ছাত্রাবাস আদি গঢ়ি উঠাৰ ফলত উচ্চ শিক্ষাৰ পৰিৱেশ সৃষ্টি হৈছিল।

এনেবোৰ কথাৰ বাবে সেয়েহে ক’ব পাৰি মেলৰ্ড কার্জনে উচ্চ শিক্ষা সম্বন্ধে গ্ৰহণ কৰা নিয়ন্ত্ৰণ আৰু সংকোচনৰ নীতিয়ে প্ৰয়োজনীয় উদ্দেশ্য সাধন কৰি তুলিছিল । সংস্কাৰ সাধনৰ দিশত কাৰ্জনৰ সজ উদ্দেশ্য আৰু আন্তরিকতা থকা বাবে আৰু তাক দৃঢ়তাৰে কাৰ্যকৰী কৰি তুলিব পৰা ক্ষমতা থকা বাবেই সি সম্ভৱ হৈ উঠিছিল। এইক্ষেত্ৰত উদ্ভৱ হোৱা প্ৰতিকূল পৰিস্থিতিয়ে কাৰ্জনক হতাশ কৰিব পৰা নাছিল।

২৬। প্রাথমিক শিক্ষা সম্বন্ধে গোখলেৰ বিলৰ বিষয়ে লিখা।

(Write briefly about Gokhale’s Bill on Primary Education.) 

উত্তৰঃ গোপাল কৃষ্ণ গোখলে (G. K. Gokhale) ভাৰতৰ ইমপিৰিয়েল লেজিছলেটিভ কাউন্সিল (Imperial Legislative Council)ৰ এজন সদস্য আছিল। তেওঁ ১৮৭০ চনৰ ইংলেণ্ডৰ শিক্ষা আৰ্হিত ৰতৰ প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰি তুলিবৰ বাবে প্ৰথম প্ৰচেষ্টা স্বৰূপে ১৯১০ চনৰ ১৯ মাৰ্চত ইমপিৰিয়েল লেজিছলেটিভ কাউন্সিলত এটা প্ৰস্তাৱ উত্থাপন কৰে। এই প্ৰস্তাৱৰ মূল উদ্দেশ্য আছিল প্রাথমিক শিক্ষাৰ প্ৰতি চৰকাৰৰ মনোযোগ আকর্ষণ কৰে।

কেন্দ্ৰীয় চৰকাৰে প্ৰাথমিক শিক্ষা বিস্তাৰৰ কাৰণে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত গোখলে এবছৰ পিছত অৰ্থাৎ ১৯১১ চনৰ ১৬ মাৰ্চত ইম্পিৰিয়েল লেজিছলেটিভ কাউন্সিলত দ্বিতীয়বাৰৰ কাৰণে নতুনকৈ এখন বিল উত্থাপন কৰে। তলত বিলখনৰ মূল দিশসমূহ চমুকৈ উল্লেখ কৰা হ’ল—

(ক) এক নির্দিষ্ট সংখ্যক ছাত্র-ছাত্রী স্কুলত উপস্থিত থকা অঞ্চলত প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰি তুলিব লাগে। উপস্থিতিৰ এই নিৰ্দিষ্ট সংখ্যা গৱৰ্ণৰ জেনেৰেলৰ মত সাপেক্ষে শিক্ষা বিভাগে স্থিৰ কৰিব।

(খ) চৰকাৰৰ অনুমোদন লাভ কৰাৰ পিছত স্থানীয় কৰ্তৃপক্ষই নিজ নিজ অঞ্চলত প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰণৰ নীতি বলবৎ কৰিব লাগে ৷

(গ) স্থানীয় কর্তৃপক্ষই তেওঁলোকৰ অধিকাৰত থকা সমগ্ৰ অঞ্চল অথবা কোনো এক বিশেষ অঞ্চলত প্রয়োজনমতে বাধ্যতামূলক কৰণৰ নীতি বলৱৎ কৰাৰ অধিকাৰ থাকিব। 

(ঘ) প্রাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ বাবে হোৱা খৰছ পূৰণ কৰিবলৈ স্থানীয় কর্তৃপক্ষই শিক্ষামূলক কৰ ধাৰ্য কৰিব পাৰিব।

(ঙ) প্রাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ কাৰণে যি খৰছ হ’ব সেই খৰছৰ এক তৃতীয়াংশ স্থানীয় কর্তৃপক্ষই দুই-তৃতীয়াংশ প্রাদেশিক চৰকাৰে বহন কৰিব।

(চ) যি অঞ্চলত প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ নীতি প্ৰৱৰ্তিত হ’ব তাত ছাত্ৰছাত্ৰীক স্কুলত পঠাবলৈ অভিভাৱক সকলক বাধ্য কৰা হ’ব।

(ছ) প্রাথমিক শিক্ষা প্রথমে বাধ্যতামূলক কৰা হ’লেও অবৈতনিক কৰা নহ’ব। কিন্তু অভাৱগ্ৰস্ত অভিভাৱকে (যাৰ মাহিলী আয় দহ টকাৰ কম) যাতে ল’ৰা-ছোৱালীক পঢ়াবৰ বাবে কোনো মাছুল দিবলগীয়া নহয়, সেইটোও বিবেচনা কৰিব লাগিব ৷

(জ) প্রাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ ক্ষেত্ৰত বয়সৰ সীমা ছয় বছৰৰ পৰা ১০ বছৰলৈ কৰা হ’ব।

(ঝ) লোকেল বোৰ্ড আৰু মিউনিচিপেলিটিয়ে নতুন স্কুল পতা, প্রচলিত স্কুলক স্বীকৃতি দান কৰা আদিৰ দায়িত্ব ল’ব।

(ঞ) স্কুলত উপস্থিতি বাধ্যতামূলক হৈছে নে নাই, তাক চাবৰ বাবে এখন স্কুল উপস্থিতি কমিটী গঠন কৰিব লাগিব। কোনো অভিভাৱকে ল’ৰা-ছোৱালীক স্কুললৈ নপঠালে তেওঁলোকেৰ কাৰণে শাক্তিৰ বিধান থাকিব।

ভাৰতৰ প্ৰাথমিক শিক্ষাৰ বিকাশত গোপাল কৃষ্ণ গোখলেৰ প্ৰচেষ্টা সঁচাকৈয়ে অতুলনীয়। যদিও সেই সময়ত গোখলেৰ বিলখন ৩৮ জন সদস্যই বিপক্ষে ভোটদান কৰি অগ্রাহ্য কৰে তথাপি এই বিলখনেই প্রাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰণৰ ধাৰণা আৰু প্রয়োজনীয়তা ভাৰতীয়সকলৰ মনত স্পষ্ট কৰি তোলে। যাৰ ফলত ইংৰাজ শাসকসকলে পৰৱৰ্তী কালত নিজৰ নীতি আৰু দৃষ্টিভংগী সলনি কৰিবলগীয়া হয় ।

২৭। গোখলে বিল অগ্রাহ্য হোৱাৰ কাৰণবোৰ উল্লেখ কৰা।

(Mention the reasons of rejecting the Gokhale’s Bill.) 

উত্তৰঃ গোখলেৰ বিলখন পৰীক্ষা কৰিবৰ বাবে চিলেক্ট কমিটীলৈ (Select Committee) পঠিয়াই দিয়াত সদস্যসকলে দাবী উত্থাপন কৰাত বিলখনৰ ওপৰত ভোটদানৰ ব্যৱস্থা কৰা হ’ল। বিলখনৰ বিপক্ষে ৩৮ জনে আৰু মাত্ৰ ১৩ জনেহে সপক্ষে ভোট প্রদান কৰে, যাৰ ফলত বিলখন অগ্রাহ্য কৰা হয়। বিলখন অগ্রাহ্য হোৱাৰ কাৰণ হিচাপে বিপক্ষ দলত সদস্যসকলে দিয়া যুক্তিসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) প্ৰাথমিক শিক্ষাক বাধ্যতামূলক কৰিবৰ বাবে জনসাধাৰণৰ পৰা কোনো ধৰণৰ দাবী উত্থাপিত হোৱা নাছিল।

(খ) বহু ভাৰতীয় সদস্যই বিলখনৰ বিৰোধিতা কৰিছিল। 

(গ) প্ৰাদেশিক চৰকাৰো ইয়াৰ পক্ষপাতী নাছিল ।

(ঘ) প্ৰাথমিক শিক্ষাক চৰকাৰৰ ফালৰ পৰা বাধ্যতামূলক নকৰি স্বেচ্ছামূলক ভিত্তিত সম্প্ৰসাৰণ কৰিব পৰা যায়।

২৮। প্রাথমিক শিক্ষাত গোখলেৰ বিলৰ প্ৰভাৱ সম্পর্কে আলোচনা কৰা।

(Discuss the impact of Gokhale’s Bill on Primary Education.) 

উত্তৰঃ মহামতি গোখলেৰ প্ৰাথমিক শিক্ষা বাধ্যতামূলক আৰু বিনামূলীয়া কৰাৰ আন্তৰিক প্রচেষ্টা সফল নহ’ল যদিও অতি সোনকালেই কেন্দ্ৰীয় চৰকাৰ, প্ৰাদেশিক চৰকাৰ আৰু দেশবাসীৰ মনোযোগ এই স্তৰৰ শিক্ষাৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গ’ল। ১৯১০ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ আৰু মুছলিম লীগৰ যি দুখন সন্মিলন অনুষ্ঠিত হৈছিল তাত প্রাথমিক শিক্ষাক বাধ্যতামূলক আৰু অবৈতনিক কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ১৯১১ চনৰ পিছত প্ৰাথমিক শিক্ষাৰ সন্দৰ্ভত হোৱা সভা-সমিতি, আলোচনা-বিলোচনা, আইন প্রণয়ন সকলো ক্ষেত্ৰতে প্রাথমিক শিক্ষাক বাধ্যতামূলক আৰু অবৈতনিক কৰাৰ প্ৰয়োজনীয়তাৰ সপক্ষে জনমত গঢ়ি উঠা দেখা গৈছিল। ১৯১৭ চনত বিঠল ভাই পেটেলে বোম্বেৰ প্ৰাদেশিক আইন সভাত সমস্ত বোম্বাই চহৰ বাদ দি বাকী মিউনিছিপাল কর্তৃপক্ষৰ অধীনত থকা অঞ্চলত বাধ্যতামূলক শিক্ষাৰ কাৰণে কৰা বিলখন ১৯১৮ চনত আইনত পৰিণত হৈছিল। পোন প্ৰথমবাৰৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা বাধ্যতামূলক আইন প্ৰৱৰ্তন কৰি প্ৰাথমিক শিক্ষাক স্বীকৃতি দান কৰা হৈছিল। ইও আছিল গোখলেৰ প্ৰচেষ্টাৰ প্ৰভাৱ।

এই সময়তে কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগো পৃথক কৰা হৈছিল আৰু লগে লগে বৃদ্ধি পাইছিল প্রাথমিক শিক্ষাৰ শিতানত নিৰ্ধাৰিত হোৱা চৰকাৰী অনুদানৰ পৰিমাণ। 

১৯২১ চনত প্ৰাথমিক শিক্ষাৰ শিতানত পৌনঃপুনিক অনুদানৰ পৰিমাণ ৫০ লাখ টকা আৰু এককালীন অনুদানৰ পৰিমাণ আছিল ৮৪ লাখ টকা। ১৯১৩ চনত কেন্দ্ৰীয় চৰকাৰে শিক্ষানীতি সম্বন্ধে দিয়া প্ৰস্তাৱত এই কথা ঘোষণা কৰিছিল যে অর্থনৈতিক আৰু ৰাজনৈতিক কাৰণত যদিও চৰকাৰে এতিয়াই প্ৰাথমিক শিক্ষাক বাধ্যতামূলক আৰু অবৈতনিক কৰিব নোৱাৰে তথাপিতো প্ৰাথমিক শিক্ষা সম্প্ৰসাৰণ আৰু দুখীয়া তথা অনুন্নত শ্ৰেণীৰ লোকৰ মাজত বিনামূলীয়া প্ৰাথমিক শিক্ষাদানৰ কাৰণে চৰকাৰে সাহায্য আগবঢ়াব। দুখৰ বিষয়, এই সময়তে প্রথম মহাযুদ্ধ আৰম্ভ হোৱাৰ কাৰণে চৰকাৰে হাতত লোৱা সকলো আঁচনি এনেয়ে পৰি থাকিল৷ ইয়াৰ পিছত ১৯১৯ চনত ভাৰত শাসন আইন পাচ হৈ দেশত দ্বৈত নীতি গৃহীত হ’ল।কিছুমান বিভাগক ‘হস্তান্তৰিত বিভাগ’ কৰা হ’ল। আৰু দ্বিতীয় পৰ্যায়ৰ পৰা শিক্ষা বিভাগৰ ভাৰ নিৰ্বাচিত ভাৰতীয় মন্ত্ৰীৰ হাতত ন্যস্ত কৰা হ’ল। ১৯১৯ চনত ভাৰত আইন পাচ হোৱাৰ লগে লগে প্রত্যেক প্রাদেশিক চৰকাৰে ১৯১৯-১৯৩০ চনৰ ভিতৰত প্ৰাথমিক শিক্ষাক বাধ্যতামূলক আৰু সাৰ্বজনীন কৰিবৰ কাৰণে আইন পাছ কৰিলে। ইয়াৰ লগে লগে বৃদ্ধি পাবলৈ ধৰিলে প্ৰাথমিক স্কুলৰ আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা। মুঠতে গোখলেৰ বিলৰ প্ৰভাৱ পৰৱৰ্তী শিক্ষানীতিৰ ওপৰত সুদূৰপ্ৰসাৰী বিধ আছিল বুলি ক’ব পাৰি৷

২৯। ১৯১৩ চনৰ ভাৰত চৰকাৰৰ শিক্ষা নীতিৰ প্ৰস্তাৱ আৰু প্ৰাথমিক শিক্ষাৰ বিষয়ে চমুকৈ লিখা।

(Write briefly about Government resolution on Educational Policy of India and Primary Education.)

উত্তৰঃ ১৯১৩ চনৰ ভাৰত চৰকাৰৰ শিক্ষা নীতিত প্রাথমিক শিক্ষাসম্বন্ধে গ্ৰহণ কৰা প্ৰস্তাৱসমূহ তলত চমুকৈ উল্লেখ কৰা হ’ল—

(ক) চৰকাৰে প্ৰশাসনিক আৰু অৰ্থনৈতিক অসুবিধাৰ বাবে বৰ্তমান সময়ত প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰিব যদিও নোৱাৰে, তথাপি প্রাথমিক শিক্ষাৰ উন্নয়ন আৰু সম্প্ৰসাৰণৰ বাবে যথাসাধ্য চেষ্টা কৰিব।

(খ) প্ৰাথমিক শিক্ষা সম্প্ৰসাৰণৰ বাবে স্থানীয় কর্তৃপক্ষক চৰকাৰে অধিক মজুৰীৰ ব্যৱস্থা কৰিব।

(গ) নিম্ন প্ৰাথমিক স্কুলত লিখা-পঢ়া, গণিত শিক্ষাৰ বাহিৰেও অংকন, গাঁৱৰ মেপ অধ্যয়ন, প্ৰকৃতি পাঠ, শৰীৰ চৰ্চা আদি অন্তৰ্ভুক্ত কৰিব লাগে।

(ঘ) বেচৰকাৰী স্কুলৰ পৰিৱৰ্তে বোর্ড স্কুল স্থাপন কৰিব লাগে। 

(ঙ) স্কুলত স্বাস্থ্য বিজ্ঞানৰ শিক্ষা দিব লাগে আৰু সময়ে সময়ে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগে।

(চ) দেশীয় প্রাথমিক স্কুলবোৰক উৎসাহিত কৰিব লাগিব।

(ছ) নগৰ আৰু গাঁও অঞ্চলৰ পাঠ্যক্ৰমৰ মাজত পাৰ্থক্য ৰাখিব নালাগে।

(জ) স্থানীয় কর্তৃপক্ষবোৰে তেওঁলোকৰ নিজ নিজ এলেকাত অধিক সংখ্যক স্কুল স্থাপন কৰিব লাগে।

(ঝ) যিবোৰ ঠাইত স্থানীয় কৰ্তৃপক্ষই স্কুল স্থাপন কৰিব নোৱাৰে, তেনে ঠাইত ব্যক্তিগত উদ্যোগীসকলক উৎসাহিত কৰিব লাগে।

(ঞ) প্রাথমিক স্কুলৰ শিক্ষকসকল মজলীয়া পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু এবছৰ প্রশিক্ষণপ্রাপ্ত হ’ব লাগে। স্কুলৰ দীঘলীয়া বন্ধৰ সময়ত প্ৰাথমিক স্কুলৰ শিক্ষকসকলৰ বাবে চমু প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে।

(চ) পিছপৰা আৰু দুখীয়া অঞ্চলৰ ল’ৰা-ছোৱালীৰ বাবে বিনামূলীয়া প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।

(ছ) কম খৰচৰ অথচ অধিক সা-সুবিধা থকা প্রাথমিক স্কুল ঘৰ স্থাপন কৰিব লাগে ৷ 

(জ) প্ৰতিটো শ্ৰেণীৰ বাবেই শিক্ষকক নিযুক্তি দিব লাগে আৰু কোনো কোনো শিক্ষকেই ৫০ জনতকৈ অধিক ছাত্ৰ একোটা শ্ৰেণীত পঢ়াব নালাগে।

(ঝ) প্রশিক্ষণপ্রাপ্ত শিক্ষকসকলৰ দৰমহা মাহিলী ১২ টকাতকৈ কম হ’ব নালাগে। তেওঁলোকক পেঞ্চন আৰু ভৱিষ্য-নিধিৰ সুবিধাও প্ৰদান কৰিব লাগে।

৩০। ১৯১৩ চনৰ ভাৰত চৰকাৰৰ শিক্ষা নীতিৰ প্ৰস্তাৱ আৰু মাধ্যমিক শিক্ষাৰ বিষয়ে চমুকৈ লিখা।

(Write briefly about Educational Policy of Government of India, 1913 and Secondary Education.) 

উত্তৰঃ ১৯১৩ চনৰ ভাৰত চৰকাৰৰ শিক্ষা নীতিত মাধ্যমিক শিক্ষা সন্দৰ্ভত নিম্নোক্ত প্ৰস্তাৱসমূহ গ্ৰহণ কৰিছিল—

(ক) চৰকাৰে মাধ্যমিক শিক্ষাৰ পৰা সম্পূৰ্ণ আঁতৰি আহিব নালাগিব।

(খ) মাধ্যমিক শিক্ষাৰ সম্প্ৰসাৰণৰ দায়িত্ব বেচৰকাৰী অনুষ্ঠানৰ হাতত এৰি দিব লাগিব। বেচৰকাৰী অনুষ্ঠানসমূহক চৰকাৰে উপযুক্ত আর্থিক সাহায্য আগবঢ়াব লাগিব। 

(গ) চৰকাৰে নতুনকৈ কোনো মাধ্যমিক স্কুল স্থাপন নকৰে। আগতে স্থাপন হোৱা চৰকাৰী স্কুলবোৰক বেচৰকাৰী স্কুলৰ আদৰ্শ হিচাপে ৰখা হ’ব।

(ঘ) মাধ্যমিক স্কুলৰ পাঠ্যক্ৰমৰ কিছু সংস্কাৰ সাধন কৰি ইয়াক অধিক বাস্তৱমুখী আৰু  কাৰ্যকৰী কৰি তুলিব লাগিব।

(ঙ)  লৰ্ড কাৰ্জনৰ দিনত মাধ্যমিক স্কুলসমূহে দ্বৈতভাৱে স্বীকৃতি অর্থাৎ (বিশ্ববিদ্যালয় আৰু শিক্ষাবিভাগ) পাব লাগিছিল। ফলত বিশ্ববিদ্যালয় আৰু শিক্ষাবিভাগৰ মাজত কেতিয়াবা মতানৈক্যও হোৱা দেখা গৈছিল। সেয়েহে এই প্ৰস্তাৱত কোৱা হয় যে বিশ্ববিদ্যালয়ে স্বীকৃতি প্ৰদানৰ নীতি তুলি দিব লাগে আৰু এনে স্বীকৃতি প্রদান কেৱল চৰকাৰৰ শিক্ষা বিভাগেহে দিব লাগে।

(চ) মাধ্যমিক স্কুলৰ পৰিদৰ্শনৰ ব্যৱস্থা অধিক শক্তিশালী কৰিব লাগিব।

৩১। ১৯১৩ চনৰ ভাৰত চৰকাৰৰ শিক্ষানীতিৰ প্ৰস্তাৱ আৰু বিশ্ববিদ্যালয় তথা স্ত্ৰী শিক্ষা সম্বন্ধে চমুকৈ লিখা।

(Write briefly about Educational Policy of Government of India 1913 and University and Female Education.)

উত্তৰঃ ১৯১৩ চনৰ ভাৰত চৰকাৰৰ শিক্ষা নীতিৰ প্ৰস্তাৱত বিশ্ববিদ্যালয় শিক্ষা সন্দৰ্ভত সন্নিৱিষ্ট মূল দফাবোৰ তলত উল্লেখ কৰা হ’ল—

(ক) বিশ্ববিদ্যালয় শিক্ষাৰ আৱশ্যকীয় সম্প্ৰসাৰণ ঘটোৱা হ’ব।

(খ) প্রত্যেক প্ৰদেশতে একোখনকৈ বিশ্ববিদ্যালয় স্থাপন কৰিব লাগিব। মফচল ঠাইত থকা কলেজসমূহক লাহে লাহে শিক্ষাদান দিয়া বিশ্ববিদ্যালয়লৈ উন্নীত কৰিব লাগিব। 

(গ) হাইস্কুলক স্বীকৃতি দিয়াৰ দায়িত্ব বিশ্ববিদ্যালয়ৰ হাতৰ পৰা নি প্রাদেশিক চৰকাৰৰ হাৰ্তত ন্যস্ত কৰা হ’ব।

(ঘ) নতুনকৈ স্থাপন কৰা বিশ্ববিদ্যালয়সমূহ আবাসিক হ’ব।

(ঙ) প্রত্যেক বিশ্ববিদ্যালয়তে স্নাতকোত্তৰ পাঠদানৰ ব্যৱস্থা কৰা হ’ব। 

স্ত্রী শিক্ষা সম্বন্ধে সন্নিৱিষ্ট মূল দফাসমূহ তলত উল্লেখ কৰা হ’ল— 

(ক) ছোৱালী স্কুলৰ পাঠ্যক্ৰম ল’ৰাৰ পাঠ্যক্ৰমতকৈ বেলেগ কৰিব লাগিব । 

(খ) ছোৱালী স্কুলত মহিলা শিক্ষয়িত্রী নিযুক্তি দিব লাগিব। শিক্ষয়িত্ৰীৰ সংখ্যা বৃদ্ধি কৰিব লাগিব।

(গ) ছোৱালীৰ ক্ষেত্ৰত পৰীক্ষাক অধিক প্রাধান্য দিয়া নহয়।

(ঘ) প্রশিক্ষণপ্রাপ্ত মহিলা শিক্ষক আৰু পৰিদৰ্শিকাৰ সংখ্যা বৃদ্ধি কৰি তুলিব লাগে। 

৩২। মাধ্যমিক শিক্ষা সন্দৰ্ভত ১৯১৭ চনৰ চেদলাৰ আয়োগৰ পৰামৰ্শসমূহ উল্লেখ

(Mention the recommendations of Sadler Commission 1917 on Secondary Education.)

উত্তৰঃ মাধ্যমিক শিক্ষা সন্দৰ্ভত ১৯১৭ চনৰ চেদলাৰ অয়োগৰ পৰামৰ্শসমূহ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) ইণ্টাৰমিডিয়েট শ্ৰেণীসমূহক ডিগ্রী কলেজসমূহৰ পৰা পৃথক কৰিব লাগিব। এইসমূহ ইণ্টাৰমিডিয়েট কলেজ হ’ব আৰু বিশ্ববিদ্যালয় তথা মাধ্যমিক স্তৰৰ ব্যৱধান মেট্ৰিকুলেচনৰ পাছত নহৈ ইণ্টাৰমিডিয়েট স্তৰৰ শেষতহে হ’ব।

(খ) এই স্তৰত পাঠ্যক্ৰম বিভাজিত (Diversified) হ’ব। ইণ্টাৰমিডিয়েট স্তৰত কলা, বিজ্ঞান, চিকিৎসা, শিক্ষক- প্রশিক্ষণ, ইঞ্জিনিয়াৰিং, বাণিজ্য আদি শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগিব।

(গ) প্রত্যেক প্রদেশতে উচ্চ মাধ্যমিক আৰু ইণ্টাৰমিডিয়েট শিক্ষাবোর্ড গঠন কৰিব লাগিব। এই বোর্ডে মাধ্যমিক শিক্ষাৰ প্ৰশাসনৰ ভাৰ বিশ্ববিদ্যালয়ৰ পৰা হস্তান্তৰ কৰিব। এই বোর্ডসমূহত উচ্চ মাধ্যমিক বিদ্যালয়, ইণ্টাৰমিডিয়েট কলেজ, বিশ্ববিদ্যালয় আৰু চৰকাৰৰ প্রতিনিধি থাকিব।

(ঘ) অংক আৰু ইংৰাজীৰ বাহিৰে আন বিষয়সমূহৰ শিক্ষাৰ মাধ্যম মাতৃভাষা হ’ব। 

(ঙ) ইণ্টাৰমিডিয়েট কলেজৰ পৰা পাছ কৰা ছাত্ৰইহে বিশ্ববিদ্যালয়ৰ শিক্ষাত ভৰ্তি হ’ব পাৰিব।

মাধ্যমিক আৰু ইণ্টাৰমিডিয়েট বোর্ড গঠন হোৱাৰ পিছত বিশ্ববিদ্যালয়ৰ কামৰ বোজা কমি যাব আৰু তাৰ ফলত বিশ্ববিদ্যালয়সমূহে উচ্চ শিক্ষা আৰু গৱেষণাৰ কামত অধিক মনোযোগ দিব পাৰিব বুলি কলিকতা বিশ্ববিদ্যালয় আয়োগে আশা কৰিছিল।

৩৩৷ বিশ্ববিদ্যালয়ৰ প্ৰতি চেদলাৰ আয়োগৰ পৰামৰ্শ কি কি আছিল? 

(What are the recommendations of Sadler Commission to University?)

উত্তৰঃ ১৯১৭ চনৰ চেদলাৰ আয়োগে বিশ্ববিদ্যালয়ৰ প্ৰতি দিয়া পৰামৰ্শসমূহ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) ঢাকাত এখন শিক্ষামূলক বিশ্ববিদ্যালয় স্থাপন কৰিব লাগে।

(খ) কলিকতা চহৰৰ শিক্ষা সম্পদসমূহ গোটাই শিক্ষাদানৰ বাবে কলিকতাতো এখন বিশ্ববিদ্যালয় স্থাপন কৰিব লাগে।

(গ) মফচল ঠাইত থকা কলেজবোৰৰ উন্নতি সাধনৰ ওপৰত গুৰুত্ব দিব লাগে আৰু এইবোৰত বিশ্ববিদ্যালয়ৰ কেন্দ্ৰ স্থাপন কৰাৰ বাবে চেষ্টা কৰিব লাগে।

(ঘ) বিশ্ববিদ্যালয় পৰিচালনা কৰা নিয়মসমূহ শিথিল হ’ব লাগে।

(ঙ) চোকা বুদ্ধিৰ ল’ৰা-ছোৱালীৰ সুবিধাৰ অৰ্থে সন্মান (Honours) পাঠ্যবিষয় খুলিব লাগে। এই সন্মান পাঠ্যবিষয় সাধাৰণ (Pass) পাঠ্য বিষয়ৰ পৰা পৃথক হ’ব লাগে।

(চ) ইণ্টাৰমিডিয়েট স্তৰৰ পিছত ডিগ্রী পাঠ্যক্ৰম তিনিবছৰীয়া হ’ব লাগিব।

(ছ) বাহিৰৰ বিশেষজ্ঞ আৰু বাছনি কমিটীয়ে ‘প্ৰফেছাৰ’ আৰু ‘ৰিডাৰ’ নিয়োগ কৰিব লাগিব ।

(জ) বিশ্ববিদ্যালয়সমূহত একোখনকৈ শিক্ষা পৰিষদ গঠন হ’ব লাগে। শৈক্ষিক বিষয়সমূহ যেনে— পাঠ্যক্ৰম, পৰীক্ষা, ডিগ্রী প্রদান, গৱেষণাৰ ক্লাম আদিৰ ওপৰত এই পৰিষদে লক্ষ্য ৰাখিব। 

(ঝ) প্রত্যেক বিশ্ববিদ্যালয়ত এজন পূর্ণকালীন উপাচার্য নিয়োগ কৰিব লাগিব। 

(ঞ) মুছলমানসকলৰ অনুন্নত অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ শিক্ষাৰ বাবে সকলো সা-সুবিধা প্ৰদান কৰিব লাগিব।

(ট) ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য আৰু শাৰীৰিক মংগলৰ বাবে মনোযোগ দিবলৈ প্ৰতিখন বিশ্ববিদ্যালয়ত একোজন শাৰীৰিক শিক্ষাৰ সঞ্চালক নিযুক্তি দিব লাগিব।

(ঠ) বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ উন্নতি আৰু সুবিধাৰ বাবে চিনেট আৰু চিণ্ডিকেটৰ ঠাইত প্রতিনিধিত্বমূলক কোর্ট আৰু কাৰ্যকৰী পৰিষদ গঠন কৰিব লাগিব।

(ড) প্রশিক্ষণপ্রাপ্ত শিক্ষকৰ সংখ্যা বঢ়াব লাগিব। তাৰোপৰি কলিকতা আৰু ঢাকা বিশ্ববিদ্যালয়ত ‘শিক্ষা’ বিভাগ খুলি ইণ্টাৰমিডিয়েট, স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীত শিক্ষা বিষয়টো অন্তৰ্ভুক্ত কৰিব লাগিব।

(ঢ) কলিকতা বিশ্ববিদ্যালয়ত স্ত্রী শিক্ষাৰ কাৰণে এখন বিশেষ বোর্ড গঠন কৰিব লাগিব আৰু এই বোর্ডে স্ত্ৰী-শিক্ষাৰ কাৰণে প্ৰয়োজনীয় পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগিব।

(ণ) বিভিন্ন বিশ্ববিদ্যালয়সমূহৰ মাজত সমন্বয় সাধনৰ বাবে এখন আন্তঃবিশ্ববিদ্যালয় বোর্ড গঠন কৰিব লাগে।

(ত) বিশ্ববিদ্যালয়সমূহে কৃষি, আইন, ইঞ্জিনিয়াৰিং, চিকিৎসা, প্রযুক্তিবিজ্ঞান, কাৰিকৰী শিক্ষা, শিল্প-উদ্যোগৰ শিক্ষা আদিৰো ব্যৱস্থা কৰিব পাৰিব।

৩৪। কলিকতা বিশ্ববিদ্যালয়ৰ সম্বন্ধে চেদলাৰ আয়োগৰ পৰামৰ্শসমূহ উল্লেখ কৰা। 

(Mention the recommendations of Sadler Commission on Calcutta University.)

উত্তৰঃ ১৯১৭ চনৰ চেদলাৰ আয়োগ নিযুক্তিৰ এক প্ৰধান কাৰণ আছিল কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় সমস্যা সমাধানৰ পৰামৰ্শ দিয়া। এই বিশ্ববিদ্যালয়ৰ সংবদ্ধ কলেজ আৰু ইয়াৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি হৈ ইয়াৰ প্ৰশাসন আৰু পৰিচালনাৰ দিশত জটিল পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই সমস্যা সমাধানৰ পৰামৰ্শ দিয়াৰ পূৰ্বে আয়োগে বিশ্ববিদ্যালয়খনৰ কেতবোৰ দোষ-ত্রুটিৰ প্ৰতি দৃষ্টি আকর্ষণ কৰে। এইসমূহ আছিল নিম্নলিখিত বিধৰ—

(ক) বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংখ্যা এনেদৰে দ্ৰুতভাৱে বৃদ্ধি হৈছে যে ই নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰিছে।

(খ)সংবদ্ধ কলেজবোৰে দিয়া শিক্ষা হৈছে তত্ত্ব প্রধান। এই শিক্ষাই কেৰাণী, শিক্ষক আৰু অধিবক্তাহে মাথোন গঢ়ি তুলিব পাৰে। 

(গ) এই কলেজবোৰত উপযুক্ত শিক্ষাদানৰ বাবে শিক্ষা সা-সঁজুলি আৰু শিক্ষা সম্বল আদিৰে অভাৱ।

(ঘ) শিক্ষকসকলৰ দৰমহা অতি নিম্নমানৰ আৰু তেওঁলোকৰ নিজ ক্ৰিয়াৰ স্বাধীনতাৰো

(ঙ) যোগ্য ব্যক্তিসকলক শিক্ষাদানৰ বাবে আকৰ্ষণ কৰিব নোৱাৰে।

(চ) শিক্ষাদান পদ্ধতিও মৌখিক আৰু গতানুগতিক বিধৰ

(ছ) বিশ্ববিদ্যালয়খনে প্ৰশাসনীয় ক্ৰিয়াৰ গধুৰ বোজা বহন কৰিব লগা হয়।

(জ) বিশ্ববিদ্যালয়খনৰ প্ৰশাসনৰ ব্যৱস্থাও দোষমুক্ত, ইয়াৰ বাবে ক্ষমতাৰো অভাৱ৷ 

উক্ত দোষসমূহ আঁতৰ কৰিবৰ বাবে চেদলাৰ আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ নিম্নলিখত বিধৰ আছিল—

(ক) ঢাকাত অনতি পলমে এখন একাত্মক আৰু শিক্ষাদানকাৰী (Unitary and Teaching) বিশ্ববিদ্যালয় স্থাপন কৰিব লাগে।

(খ) কলিকতা মহানগৰীত শিক্ষানুষ্ঠানবোৰ এনেদৰে সুসংগঠিত কৰি তুলিব লাগে যাতে এখন শিক্ষাদানকাৰী বিশ্ববিদ্যালয় গঠন কৰি তুলিবগৈ পৰা যায়৷

(গ) কলিকতাৰ আশে-পাশে থকা মফচিল কলেজবোৰ এনেদৰে সুসংগঠিত কৰিব লাগে যাতে ক্ৰমে সেই ঠাইবোৰত পিছলৈ সকলো সা-সুবিধা কেন্দ্ৰীভূত কৰি তুলি এনেদৰে নতুন বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ পৰা যায়৷

(ঘ) ইংলেণ্ডৰ অক্সফোর্ড আৰু কেমব্রিজ বিশ্ববিদ্যালয়ৰ আৰ্হিত কলিকতা বিশ্ববিদ্যালয় পৰিচালিত হ’ব লাগে।

৩৫। ১৯১৭ চনৰ চেঁদলাৰ আয়োগে শিক্ষক প্রশিক্ষণ আৰু স্ত্রী শিক্ষা সম্বন্ধে দিয়া পৰামৰ্শসমূহ উল্লেখ কৰা।

(Mention the recommendations of Sadler Commission, 1917 on Training of Teachers and Female Education.) 

উত্তৰঃ ১৯১৭ চনৰ চেদলৰ আয়োগে শিক্ষক প্রশিক্ষণ সম্বন্ধে আগবঢ়োৱা পৰামৰ্শসমূহ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) আয়োগে অনুভৱ কৰে যে মাধ্যমিক পৰ্যায়ত প্ৰশিক্ষকৰ যথেষ্ট অভাৱ। সেইবাবে চৰকাৰে শিক্ষক প্রশিক্ষণৰ ব্যৱস্থা কৰিব লাগে।

(খ) প্রশিক্ষণ কলেজ অধিক সংখ্যকভাৱে স্থাপন কৰি প্ৰশিক্ষণপ্রাপ্ত শিক্ষকৰ সংখ্যা বৃদ্ধি কৰি তুলিব লাগে।

(গ) ইণ্টাৰমিডিয়েট আৰু স্নাতক পৰ্যায়ত শিক্ষা বিষয়ক অধ্যয়নৰ বিষয় হিচাপে অন্তর্ভুক্ত কৰিব লাগে।

(ঘ) কলিকতা আৰু প্ৰস্তাৱিত ঢাকা বিশ্ববিদ্যালয়ত শিক্ষা বিভাগ স্থাপন কৰিব লাগে ৷ 

স্ত্রী-শিক্ষা সম্বন্ধে (On Female Education): স্ত্রী-শিক্ষা সম্বন্ধে আগবঢ়োৱা পৰামৰ্শবোৰত আয়োগৰ নতুনত্ব আৰু বৈশিষ্ট্য উপলব্ধি কৰিব পৰা যায়। এই সম্বন্ধীয় পৰামৰ্শসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) যিসকল অভিভাৱকে ছোৱালীক ১৫-১৬ বছৰলৈকে শিক্ষা দিবলৈ বিচাৰে তেওঁলোকৰ বাবে চৰকাৰে ‘পৰ্দা স্কুল’ স্থাপন কৰিব লাগে

(খ) কলিকতা বিশ্ববিদ্যালয়ত স্ত্রী শিক্ষাৰ বিশেষ সংস্থা (Special Board of Women’s education) স্থাপন কৰিব লাগে।

(গ) এই সংস্থাই ছোৱালীৰ বাবে বিশেষ পাঠ্যক্ৰম আৰু বিশেষকৈ ছোৱালীৰ চিকিৎসা বিজ্ঞানৰ অধ্যয়নৰ বিশেষ পাঠ্যসূচী প্রস্তুত কৰিব লাগে।

(ঘ) যিবোৰ ঠাইত ছোৱালীৰ বাবে পৃথক শিক্ষানুষ্ঠানৰ অভাৱ তেনে ঠাইত সহ-শিক্ষা উৎসাহিত কৰিব লাগে।

(ঙ) মাধ্যমিক পর্যায়ত প্রশিক্ষণ প্রাপ্ত শিক্ষয়িত্ৰীৰ অভাৱ গুচাবৰ বাবে প্ৰশিক্ষণৰ বিশেষ ব্যৱস্থা কৰিব লাগে।

৩৬। ভাৰতবৰ্ষত উচ্চ শিক্ষা সন্দৰ্ভত ১৯১৭ চনৰ চেদলাৰ আয়োগৰ মূল পৰামৰ্শসমূহ আগবঢ়োৱা। ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ বিকাশত আয়োগৰ পৰামৰ্শসমূহে কিমান দূৰ সহায় কৰিছিল আলোচনা কৰা।

(Give the main recommendations of the Sadler Commission of 1917 regarding Higher Education in India. Discuss in this connection how these recommendations affected the development of Higher Education in India.)

উত্তৰঃ ১৯০৪ চনৰ বিশ্ববিদ্যালয় আইনৰ দ্বাৰা ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ পৰিচালনাৰ কিছু-উন্নতি হ’লেও এইবোৰক শিক্ষাধর্মী (Teaching University) বিশ্ববিদ্যালয়ৰূপে গঢ়ি তোলাৰ সাফল্যজনক প্রচেষ্টা তেতিয়াও হোৱা নাছিল। ১৯১৭ চনত মহাযুদ্ধৰ প্ৰকোপ নাইকিয়া হোৱাত শিক্ষাৰ দিশত চৰকাৰে চকু দিবলৈ সুবিধা পায়। সেইবাবে ভাৰত চৰকাৰে ইংলেণ্ডৰ লীডচ বিশ্ববিদ্যালয়ৰ উপাচার্য ড° মাইকেল চেদলাৰক অধ্যক্ষৰূপে লৈ ১৯১৭ চনৰ ১৪ চেপ্টেম্বৰত কলিকতা বিশ্ববিদ্যালয় আয়োগ গঠন কৰে; যাক আয়োগৰ অধ্যক্ষৰ নামেৰে চেদলাৰ আয়োগ বুলি জনা যায়।

তলত ১৯১৭ চনৰ চেদলাৰ আয়োগে উচ্চ শিক্ষাৰ ক্ষেত্ৰত দিয়া পৰামৰ্শসমূহ সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) চৰকাৰে বিশ্ববিদ্যালয়ৰ ওপৰত নিয়ন্ত্ৰণৰ কঠোৰ নীতি পৰিহাৰ কৰি, শিথিলতাৰ নীতি গ্ৰহণ কৰিব লাগে।

(খ) বিশ্ববিদ্যালয়ৰ পৰিচালনাৰ বাবে চেদলাৰ আয়োগে পূৰ্বৰ ‘চিনেট’ (Senate) আৰু ‘চিণ্ডিকেট’ৰ (Syndicate) পৰিৱৰ্তে ক্ৰমে ‘বিশ্ববিদ্যালয় কোর্ট’ আৰু ‘কাৰ্যকৰী পৰিষদ’ (Executive Council) গঠন কৰাৰ পৰামৰ্শ দিয়ে।

(গ) চেদলাৰ আয়োগে বিশ্ববিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ উদ্দেশ্যে এখন বিশিষ্ট নির্বাচন কমিটী গঠনৰ পৰামৰ্শ দিয়ে ।

(ঘ) আয়োগে শৈক্ষিক দিশসমূহৰ কাৰ্য পৰিচালনাৰ বাবে ‘শৈক্ষিক পৰিষদ’ (Academic Council) গঠনৰ পৰামৰ্শ দিয়ে।

(ঙ) এই আয়োগৰ আন এটি উল্লেখযোগ্য পৰামৰ্শ হ’ল স্নাতক পৰ্যায়ৰ শিক্ষা কাল তিনি বছৰীয়া হ’ব লাগে।

(চ) স্নাতক পৰ্যায়ৰ শিক্ষাত ‘অনাৰ্চ’ (Honours) আৰু পাচ (pass) পাঠ্যক্ৰমৰ প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব লাগে৷

(ছ) উচ্চ শিক্ষাত কলা, বিজ্ঞান, অভিযান্ত্রিক, কৃষি, বাণিজ্য, চিকিৎসা, আইন আদি অন্তৰ্ভুক্তি কৰিবলৈ পৰামৰ্শ দিয়ে।

(জ) বিশ্ববিদ্যালয়ৰ সংবদ্ধ কলেজবোৰৰ (Affiliated College) সহযোগিতা অধিক বৃদ্ধি কৰি তুলিব লাগে।

(ঞ) বিশ্ববিদ্যালয়ৰ শিক্ষাৰ মাধ্যম ইংৰাজী ভাষা হ’ব লাগে।

(ট) ছাত্ৰসকলৰ কল্যাণৰ বাবে বিশ্ববিদ্যালয়ে একালৰ ছাত্ৰ-কল্যাণ পৰিষদ (Board of Students Welfare) গঠন কৰিব লাগে আৰু ইয়াত চিকিৎসক সকলকো স্থান দিব লাগে। 

(ঠ) বিভিন্ন বিশ্ববিদ্যালয়বোৰৰ মাজত যোগাযোগ ৰক্ষা কৰিবৰ বাবে আন্তঃবিশ্ববিদ্যালয় সংস্থা (Inter-University Board) গঠন কৰিব লাগে।

(ড) বিশ্ববিদ্যালয়বোৰত প্ৰাচ্যৰ ভাষাসমূহ অধ্যয়নৰ ব্যৱস্থা কৰিব লাগে।

(ঢ) মুছলমান ছাত্ৰসকলৰ অনগ্ৰসৰতা গুচাবৰ বাবে বিশেষ শিক্ষা সুবিধা দানেৰে উৎসাহিত কৰি তুলিব লাগে৷

চেদলাৰ আয়োগৰ পৰামৰ্শাৱলী যথেষ্ট তাৎপর্যপূর্ণ আছিল। আয়োগৰ পৰামৰ্শ মতেই ভাৰতীয় বিশ্ববিদ্যালয়সমূহ উন্নতিৰ পথত আগুৱাহ গৈছিল আৰু দেশৰ শিক্ষা পদ্ধতিৰ ক্ষেত্ৰত এক নতুন জীৱন আনিবলৈ সক্ষম হৈছিল। শিক্ষাৰ এই পৰ্যায়ৰ বিকাশৰ বিভিন্ন দিশ সম্বন্ধে এটি চমু আলোচনা দাঙি ধৰা হ’ল—

(ক) বিশ্ববিদ্যালয়ৰ সংখ্যা বৃদ্ধি (Increase in the number of Universities): লৰ্ড কাৰ্জনৰ নিয়ন্ত্ৰণ আৰু সংকোচন নীতিৰ ফলত ৩০ বছৰত এখনো বিশ্ববিদ্যালয় স্থাপন হোৱা নাছিল। কিন্তু চেদলাৰ আয়োগৰ শিথিলতাৰ নীতিৰ ফলত ১৯৩০ চনৰ ভিতৰত ভাৰতৰ মুঠ বিশ্ববিদ্যালয়ৰ সংখ্যা হয়গৈ ১৭ খন।

(খ) বিশ্ববিদ্যালয়ত শিক্ষাদান কার্য (Teaching work done by the Universities): কেৱল বিশ্ববিদ্যালয়ৰ সংখ্যা বৃদ্ধিয়েই নহয়, বিশ্ববিদ্যালয়বোৰত বিভিন্ন বিষয়ৰ শিক্ষাদান কাৰ্যও কৰিবলৈ লোৱা হয়। চেদলাৰ আয়োগৰ পৰামৰ্শ অনুসৰি স্নাতকোত্তৰ পৰ্যায়ত শিক্ষা দিয়া বিশ্ববিদ্যালয় (Teaching University) আৰু আবাসিক বিশ্ববিদ্যালয়ৰ (Residential University) সংখ্যা বৃদ্ধি হ’বলৈ ধৰে ৷

(গ) শৈক্ষিক মান উন্নতকৰণ (Development of Academic Standard): চেদলাৰ আয়োগৰ পৰামৰ্শই বিশ্ববিদ্যালয়ৰ শৈক্ষিক ক্রিয়াকলাপ অধিক বৃদ্ধি কৰি তোলে। স্নাতক পর্যায়ত বিভিন্ন বিষয়ত অনাৰ্চ পাঠ্যক্রম প্ৰৱৰ্তন কৰা হয়। দেশ আৰু ভাৰতীয় ভাষা সাহিত্যবোৰৰ অধ্যয়নৰ ব্যৱস্থা কৰা হয়। দেশ-বিদেশৰ পণ্ডিতসকলক নিয়ন্ত্ৰণ আৰু তেওঁলোকৰ বিভিন্ন ফেকাল্টি, যেনে— কলা, বিজ্ঞান, অভিযান্ত্রিক, বাণিজ্য আদিৰ শিক্ষাদান কৰি অধ্যয়নৰ পৰিসৰ বৃদ্ধি কৰি তোলা হয়।

(ঘ) আভ্যন্তৰীণ প্রশাসন ব্যৱস্থাৰ উন্নতি সাধন (Development of Internal Administration): চেদলাৰ আয়োগৰ পৰামৰ্শ অনুসৰি পূৰ্বৰ চিনেট সভা আৰু চিণ্ডিকেট সভাৰ সলনি ক’ৰ্ট আৰু একজিকিউটিভ কাউন্সিল স্থাপন কৰি বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ প্ৰশাসন আৰু পৰিচালনা ব্যৱস্থা উন্নত কৰি তোলা হয়।

(ঙ) ছাত্ৰৰ কল্যাণ সাধন ব্যৱস্থা (Making Students Welfare): চেদলাৰ আয়োগৰ পৰামৰ্শামতে প্ৰতিখন বিশ্ববিদ্যালয়ত একোখন ‘ছাত্র কল্যাণ পৰিষদ’ গঠন কৰা হয় আৰু ছাত্ৰসকলৰ বাবে দৈহিক সঞ্চালক আৰু চিকিৎসক নিযুক্তি দিয়া হয়। ইয়াৰ উপৰি আন্তঃকলেজ আৰু আন্তঃ বিশ্ববিদ্যালয় পৰ্যায়ত ছাত্ৰসকলৰ মাজত খেল-ধেমালি আৰু প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। চেদলাৰ আয়োগৰ পৰামৰ্শামতে ভাৰতীয় ভাষাসমূহক স্বীকৃতি দিয়া হয়, গৱেষণা কামকাজকো উৎসাহিত কৰা হয়। বিশ্ববিদ্যালয়সমূহৰ প্ৰশাসন কাৰ্যও উন্নত হ’ল। মফচল অঞ্চলৰ বহু কলেজ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ হ’ল। মহীশূৰ, পাটনা, বেনাৰস, আলিগড়,ঢাকা, লক্ষ্ণৌত আবাসিক বিশ্ববিদ্যালয় স্থাপন কৰা হয়। ইয়াৰ উপৰি অয়োগৰ পৰামৰ্শ মতেই পিছৰ বিশ্ববিদ্যালয়সমূহ স্থাপিত হয়। P. L. Rawat-এ সেয়েহে কৈছে যে ভাৰতৰ শিক্ষাৰ বুৰঞ্জীত এই প্রতিবেদনে সদায় নতুন যুগৰ সূচনা কৰা বুলি নিঃসন্দেহে গ্ৰহণ কৰিব পাৰি।

৩৭। চিল্লা শিক্ষা সন্মিলন সম্বন্ধে চমুকৈ লিখা।

(Write briefly on Shimla Education Conference.)

উত্তৰঃ ভাৰতবৰ্ষত শিক্ষা-সংস্কাৰ সাধনৰ প্ৰথম পদক্ষেপ স্বৰূপে লর্ড কার্জনে ১৯০১ চনৰ চেপ্টেম্বৰ মাহত চিমলাত এখন শিক্ষা সন্মিলন আহ্বান কৰে। ইয়াক গোপন বুলি কোৱা হৈছে এইবাবেই যে ইয়ালৈ সকলোবোৰ ৰাজ্যিক চৰকাৰৰ শিক্ষাধিকাৰ সকলক আনকি খ্ৰীষ্টিয়ান মিছনেৰী সকলোকো আমন্ত্ৰণ কৰা হয়। কিন্তু ভাৰতীয় পক্ষৰ লোকক ৰহস্যজনকভাৱে ইয়াৰ পৰা বিৰত ৰখা হয়। ভাৰতৰ জাতীয়তাবাদী সকলক উৎসাহিত কৰি নুতুলিবৰ বাবেই হয়তো তেনে কৰা হৈছিল। এই সন্মিলন ১৫ দিন ধৰি চলে আৰু লৰ্ড কাৰ্জনে ইয়াৰ অধ্যক্ষতা কৰে। ভাৰতৰ প্ৰাথমিক শিক্ষাৰ পৰা উচ্চ শিক্ষালৈকে সকলো পৰ্যায়ৰ শিক্ষাৰ বিষয়ে তেওঁৰ মনোভাব ব্যক্ত কৰে। সকলো চৰকাৰী বিষয়াৰ লগত আলোচনা কৰি ইয়াৰ প্ৰয়োজনীয় নীতি নিৰ্ধাৰণ কৰা হয়। এই শিক্ষা সন্মিলনত নিৰ্ধাৰণ কৰা শিক্ষাৰ নীতিসমূহ নিম্নলিখিত ধৰণৰ আছিল— 

(ক) চৰকাৰে শিক্ষাৰ সকলো দিশতে নিৰ্দেশনা আৰু নিয়ন্ত্ৰণ কৰা নীতি অব্যাহত ৰাখিব। 

(খ) সৰ্বসাধাৰণ লোকৰ বাবে প্ৰয়োজন মতে শিক্ষানুষ্ঠান স্থাপন কৰি তোলা হ’ব, যি ব্যক্তিগত শিক্ষানুষ্ঠানবোৰৰ বাবে আদর্শ স্বৰূপ হৈ উঠিব পাৰে।

(গ) শিক্ষাৰ বাবে চৰকাৰে অধিক ধন ব্যয় কৰিব।

এই সন্মিলনত বহুতো শিক্ষা বিষয়ৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু ইয়াৰ অধিকাংশই সর্বসন্মত হৈ উঠে। অৱশ্যে এই সভাৰ সকলোবোৰ কাৰ্যসূচী প্রকাশ কৰা নহয় । এই সন্মিলনৰ ক্ৰিয়া কলাপ সেয়েহে ভাৰতীয়সকলৰ শিক্ষাৰ দিশত এক ষড়যন্ত্ৰ স্বৰূপে বিবেচনা কৰা হয়। ইয়াৰ গৃহীত প্ৰস্তাৱসমূহ ৰাজ্য চৰকাৰ আৰু অন্যান্য কর্তৃপক্ষলৈ মতামতৰ বাবে প্ৰেৰণ কৰা হয়। অৱশেষত ইয়াৰ ওপৰত ভিত্তি কৰি লর্ড কার্জনে ১৯০৪ চনৰ ১১ মাৰ্চত চৰকাৰৰ প্ৰস্তাৱ আকাৰে ভাৰতীয় শিক্ষা নীতি ঘোষণা কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top