Economic Geography Unit 3 প্রাথমিক ক্রিয়াকলাপ

Economic Geography Unit 3 প্রাথমিক ক্রিয়াকলাপ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Economic Geography Unit 3 প্রাথমিক ক্রিয়াকলাপ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Economic Geography Unit 3 প্রাথমিক ক্রিয়াকলাপ Question Answer can be of great value to excel in the examination.

Economic Geography Unit 3 প্রাথমিক ক্রিয়াকলাপ

Join Telegram channel

Economic Geography Unit 3 প্রাথমিক ক্রিয়াকলাপ Notes cover all the exercise questions in UGC Syllabus. The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

প্রাথমিক ক্রিয়াকলাপ

ECONOMIC GEOGRAPHY

অৰ্থনৈতিক ভূগোল

অতি চমু প্রশ্নোত্তৰঃ

1. তলৰ কোনটো ৰোপণ শস্য নহয়? (Which of the following is not a planted crop?)

(i) ৰবৰ (Rubber)।

(ii) কফি (Coffee)।

(iii) কুঁহিয়াৰ (Sugarcane)।

(iv) ধান (Paddy)।

উত্তৰঃ (iv) ধান।

2. তলৰ কোনখন ৰাষ্ট্ৰই সমবায় পদ্ধতিৰ কৃষি ব্যৱস্থাত আটাইতকৈ বেছি সুফল লাভ কৰিছে? (Which of these states has benefited the most from the cooperative system of agriculture?)

(i) ভাৰত (India)।

(ii) নেডাৰলেণ্ড (Nedarland)।

(iii) ডেনমার্ক (Denmark)।

(iv) ৰাছিয়া (Rasia)।

উত্তৰঃ (iii) ডেনমার্ক।

3. ফুলৰ উৎপাদনক কি কোৱা হয়? (What is called flower production?)

(i) ট্রাক ফার্মিং (Truck farming)। 

(ii) মিশ্র কৃষি (Mixed agriculture)।

(iii) ৰোপণ কৃষি (Planting agriculture)।

(iv) ফ্ল’ৰিকাল্‌চাৰ (Infloriculture)।

উত্তৰঃ (iv) ফ’ৰিকাচাৰ।

4. ইউৰোপীয় ঔপনিবেশিকসকলে তলৰ কোন প্ৰকাৰৰ কৃষিকাৰ্যৰ প্ৰসাৰ ঘটাইছিল? (Which of the following types of agriculture flourished in t European colonies?)

(i) অস্থায়ী কৃষি (Temporary agriculture)।

(ii) মিশ্র কৃষি (Mix agriculture)।

(iii) পিচিকালচাৰ (piciculture agriculture)।

(iv) ৰোপণ কৃষি (Planting agriculture)।

উত্তৰঃ (iv) ৰোপণ কৃষি।

5. তলৰ কোনটো অঞ্চলত বিস্তৃত বাণিজ্যিক কৃষিৰ প্ৰচলন দেখা নাযায়? (Which of the following areas does not have extensive commercial agriculture?)

(i) আমেৰিকাৰ প্ৰেইৰি অঞ্চল (Prairie region of America)।

(ii) আৰ্জেণ্টিনাৰ পাম্পাছ অঞ্চল (Pumpas region of Argentina)।

(iii) ইউৰোপৰ ষ্টেপ্‌চ অঞ্চল (Steps region of Europe)।

(iv) আমাজান অৱবাহিকা (Amazon Basin)। 

উত্তৰঃ (iv) আমাজান অৱবাহিকা।

6. তলৰ কোনবিধ কৃষি অস্থায়ী কৃষিৰ অন্য নাম? (Which of the following is another name for permane temporary agriculture?)

(i) বাণিজ্যিক পশুপালন (Commercial animal husbandry)।

(ii) আত্মনিৰ্ভৰশীল কৃষি (Self-sufficient agriculture)।

(iii) মিশ্র কৃষি (Mixed agriculture)।

(iv) সমবায় কৃষি (Cooperative agriculture)।

উত্তৰঃ (ii) মিশ্র কৃষি।

7. প্লোঙ্কটন কি? (What is Plankton?) 

উত্তৰঃ সাগৰত ভাসমান আনুবীক্ষণিক জীৱসমূহক প্লেঙ্কটন বোলা হয়।

8. বিশ্বৰ বৃহত্তম মগ্নচড়াটোৰ নাম কি? (What is the name of the world’s largest submerged?) 

উত্তৰঃ গ্ৰেণ্ড বেংক।

9. কোন দেশক মচ্ছজীৱী দেশ বোলা হয়? (Which country is called a fishing country?)

উত্তৰঃ নৰৱয়ে।

10. কোন দেশক পৃথিৱীৰ শ্ৰেষ্ঠ ধীবৰৰ দেশ বোলা হয়? (Which country is called the best fisherman’s country in the world?)

উত্তৰঃ আইচলেণ্ড।

11. পিচিকালচাৰ কি? (What is pisculture?) 

উত্তৰঃ মচ্ছ চাষক ইংৰাজীত পিচিকালচাৰ বোলে।

12. সামুদ্রিক মচ্ছ সংগ্ৰহত ভাৰতৰ কোন ৰাজ্য প্ৰথম স্থান অধিকাৰ কৰে? (In which Indian state is the first place in India to collect marine fish?)

উত্তৰঃ গুজৰাট।

13. মচ্ছসংগ্রহ কোন শ্ৰেণীৰ অৰ্থনৈতিক ক্রিয়াকলাপ? (What kind of economic activity is fish collection?)

উত্তৰঃ মাছ সংগ্ৰহ প্ৰাথমিক শ্ৰেণীৰ অৰ্থনৈতিক ক্রিয়াকলাপ।

14. পৃথিৱীৰ মুঠ সংগ্রহিত মচ্ছকিমান শতাংশ সাগৰৰ পৰা আহৰণ কৰা হয়? (What percentage of the world’s total collecting fish is collected from the sea?)

উত্তৰঃ ৭৫ শতাংশ।

15. কোন অঞ্চলত অধিক বাণিজ্যিক মচ্ছ ক্ষেত্র গঢ়ি উঠিছে? (In which region more commercial fisheries have developed)

উত্তৰঃ নাতিশীতোষ্ণ।

16. বিশ্বৰ কোন অঞ্চলত সৰ্বাধিক মচ্ছ সংগ্ৰহ কৰা হয়? (In which region is the largest collection of fish in the world?)

উত্তৰঃ উত্তৰ পশ্চিম প্রশান্ত উপকূলে।

17. কোন মহাসাগৰৰ পৰা পৃথিৱীত সৰ্বাধিক মচ্ছ সংগৃহীত হয়? (From which ocean is most of the world’s fish collected?)

উত্তৰঃ প্ৰশান্ত মহাসাগৰ।

18. ভাৰতৰ গভীৰতম মচ্ছ বন্দৰৰ নাম কি? (What is the name of the deepest fishing port in India?)

উত্তৰঃ পাৰাদ্বীপ। 

19. ভাৰতৰ ৰাষ্ট্ৰীয় আয়ৰ কিমান শতাংশ মাছ চাষৰ পৰা আহে? (What percentage of India’s national income comes from fish farming)

উত্তৰঃ ২৫ শতাংশ।

20. কোন মহাসাগৰক ‘হেৰিংপণ্ড’ বোলা হয়? (Which ocean is called a herring pond?) 

উত্তৰঃ আটলান্টিক।

21. ভাৰতৰ সংলগ্ন কোন সাগৰৰ পৰা সবোতকৈ বেছি সামুদ্রিক মাছ ধৰা হয়? (From which sea in India is more marine fish caught?) 

উত্তৰঃ আৰব সাগৰ।

22. গ্রিক শব্দ প্লেঙ্কটন কথাটোৰ অৰ্থ কি? (What does the Greek word plankton mean?)

উত্তৰঃ ঘুৰি ফুৰা।

23. ভাৰতৰ বৃহত্তম আভ্যন্তৰীণ মচ্ছ ক্ষেত্ৰ কোনটো? (Which is the largest inland fisheries in India?)

উত্তৰঃ চিল্কা হ্রদ। 

24. EEZ ৰ সম্পূৰ্ণ ৰূপ কি? (What is the full form of EEZ?) 

উত্তৰঃ Exclusive Economic Zone.

25. পৃথিৱীৰ বৃহত্তম মচ্ছ বজাৰৰ নাম কি? (What is the name of the largest fish market?)

উত্তৰঃ জাপানৰ সুকিজি।

26. Exclusive Economic Zone ৰ নিজস্ব অর্থনৈতিক অঞ্চল উপকূলৰ পৰা কিমান দূৰ বিস্তৃত? (How far from the coast is its own economic zone in the Exclusive Economic Zone?)

উত্তৰঃ Exclusive Economic Zone নিজস্ব অর্থনৈতিক অঞ্চল উপকূলৰ পৰা ২০০নেটিক্যল মাইল বা ৩০০ কি.মি. লৈকে বিস্তৃত। 

27. খনিজ পদাৰ্থৰ প্ৰকাৰ কেইটা আৰু কি কি? (How many types of minerals and what are they?)

উত্তৰঃ খনিজ পদার্থ দুই প্ৰকাৰৰ– 

(ক) অধাতৱীয়, যেনে— হীৰা, গ্রেফাইট, কোৱাৰ্টজ। 

(খ) ধাতৱীয়, যেনে— বক্সাইট্, লেটেৰাইট আদি।

28. প্রধানত কেইপ্ৰকাৰৰ ঘেঁহু খেতি কৰা হয়? (How many types of wheat are mainly cultivated?)

উত্তৰঃ দুই প্ৰকাৰৰ শীতকালিন আৰু বাসস্তকাদিন। 

29. কিহক সোণালী আহঁ বোলা হয়? (What is called golden fiber?)

উত্তৰঃ মৰাপাটক।

30. ভাৰতৰ প্ৰথম কপাহী বয়ন উদ্যোগ ক’ত স্থাপন হৈছিল? (Where was the first cotton weaving industry of India established?)

উত্তৰঃ প্ৰথম কপাহী বয়ন উদ্যোগ ১৮৫৪ চনত বোম্বেত আৰম্ভ হৈছিল।

31. কফিৰ আৱিষ্কাৰ ক’ত হৈছিল? (Where coffee was invented?)

উত্তৰঃ অবেচিনিয়াৰ কাফা প্ৰদেশত (Kafa province)।

32. পনীয়া সোণ বুলি কাক কোৱা হয়? (Who is called liquid gold?)

উত্তৰঃ পেট্ৰলিয়াম।

33. ভাৰতৰ অৰ্থনীতিৰ ভিত্তি কি? (What is the basis of Indian economy?)

উত্তৰঃ কৃষি।

34. পৃথিৱীৰ সৰ্বাধিক ঘেঁহু উৎপাদনকাৰী দেশখন কি? (Which is the largest wheat producing country in the world?)

উত্তৰঃ চীন।

35. কোন গছৰ পৰা ৰবৰ উৎপাদন হয়? (From which tree is rubber produced?) 

উত্তৰঃ হাভেয়া (Havea )।

36. চাহ উৎপাদনত ভাৰতৰ স্থান কি? (What is the place of India in tea production?)

উত্তৰঃ প্ৰথম। 

37. পৃথিৱীৰ কোনখন দেশে সৰ্বাধিক মৰপাট ৰপ্তানি কৰে। (Which country is the largest exporter of jute?)

উত্তৰঃ বাংলাদেশে।

38. ক্ষুদ্র কৃষিৰ আন এটা নাম কি? (What is another name for small scale agriculture?)

উত্তৰঃ গহন কৃষি।

39. যুগ্ম শস্য পদ্ধতি কেনেধৰণৰ? (What kind of joint cropping system?)

উত্তৰঃ কিছুমান দেশত একেডৰা ভূমিত বছৰটোত সমকালীনভাৱে দুবাৰ শস্য সিঁচি চপোৱা হয়। এনে কৃষি পদ্ধতিক যুগ্ম শস্য পদ্ধতি বুলি কোৱা হয়।

40. প্রাথমিক বৃত্তি কাক বোলে লিখা। (Write what is called primary occupation?)

উত্তৰঃ যিবিলাক অর্থনৈতিক কাৰ্য বা বৃত্তি প্ৰকৃতিৰ পৰা পোনে পোনে সম্পদ আহৰণৰ লগত জড়িত সেইবোৰকে প্রাথমিক বৃত্তি বোলে। যেনেঃ কৃষি, মাছ ধৰা আদি।

41. প্রাথমিক বৃত্তি কোনবোৰ? (What are the primary occupation?)

উত্তৰঃ প্ৰাকৃতিক পৰিৱেশত নিহিত সম্ভাৱনাসমূহক আধাৰ ৰূপে। যেনে— চিকাৰ আৰু সংগ্রহ, মৎস্য পালন, বনজ সম্পদ আহৰণ, কৃষিকার্য ইত্যাদি।

42. কোন স্তৰত পশুপালন কৰা হয়? (At which level is animal husbandry done?)।

উত্তৰঃ পৰিৱেশৰ ভাৰসাম্যতাৰ ওপৰত নিৰ্ভৰ কৰি পশুপালন কৰা হয়। যি পৰিৱেশৰ লগত কোনো জন্তু খাপ খাব পাৰে, তেনে পৰিৱেশতে পশুপালন কৰা হয়।

43. পশুপালন কি? (What is animal husbandry?)

উত্তৰঃ খাদ্য, বস্ত্ৰ আদি মানুহৰ প্ৰয়োজনসমূহ পূৰ কৰিবলৈ মানুহে ঘৰতে জীৱজন্তু প্রতিপালন কৰা কাৰ্যকে পশুপালন বোলে।

44. বাণিজ্যিক কৃষি কাক বোলে? বাণিজ্যিক কৃষিৰ কেইবিধমান শস্যৰ নাম লিখা। (What is commercial agriculture? Write the names of some crops of commercial agriculture?)

উত্তৰঃ বাণিজ্যিক উদ্দেশ্যে কৰা বিস্তৃত কৃষিক বাণিজ্যিক বা ব্যৱসায়িক কৃষি বোলা হয়। বাণিজ্যিক কৃষিৰ ভিতৰত ঘেঁহু, বাৰ্লি, মাকৈ আদি প্ৰধান।

45. বাণিজ্যিক কৃষিক প্রচলন হোৱা কেইখনমান দেশৰ নাম উল্লেখ কৰা। (Mention some of the countries where commercial agriculture has been introduced.)

উত্তৰঃ যুক্তৰাষ্ট্ৰৰ প্ৰেইৰি, আৰ্জেন্টিনাৰ পম্পাছ, অষ্ট্ৰেলিয়াৰ ডাইনছ আদি।

46. শুষ্ক কৃষি কাক বোলে? শুষ্ক কৃষিৰ দুবিধ শস্যৰ নাম লিখা। (What is dry agriculture? Write the name of the two types of dry agricultural crops?)

উত্তৰঃ যিবোৰ খেতি কমকৈ বৰষুণ হোৱা ঠাই আৰু শুকান মাটিত হয়, সেইবোৰ কৃষিক শুষ্ক কৃষি বোলা হয়। বজাৰ, মিলেট আদি এনে কৃষিৰ শস্য।

47. আৰ্দ্ৰ কৃষিৰ বিষয়ে চমুকৈ লিখা। (Write briefly about wet agriculture?) 

উত্তৰঃ যিবোৰ কৃষি বৰষুণ বেছিকৈ হোৱা অঞ্চলবোৰত প্ৰকৃতিৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি সম্পাদন কৰা হয়, সেইবোৰ কৃষিক আর্দ্র কৃষি বোলা হয়। এই কৃষি বার্ষিক বৰষুণৰ পৰিমাণ ২০০ চেণ্টিমিটাৰতকৈ বেছি হোৱা অঞ্চলবোৰত হয়। ধান, মৰাপাট, কল আদি এনে অঞ্চলৰ প্রধান কৃষি শস্য। এছিয়া মহাদেশৰ মৌচুমী জলবায়ুৰ অন্তৰ্গত দেশবোৰৰ প্ৰায়বোৰ ঠাইতে আর্দ্র কৃষি দেখা যায়।

48. যৌথ কৃষি বুলিলে কি বুজা? এই কৃষি প্রথমে ক’ত প্ৰবৰ্তন হৈছিল? (What do you mean by collective agriculture? Where was this agriculture first introduced?)

উত্তৰঃ যি কৃষি কাৰ্য মালিক আৰু কৃষকে যৌথভাৱে কৰা হৈছিল কৃষকসকলে শ্রমদানৰ বিনিময়ত নিজৰ প্ৰাপ্য লাভ কৰিছিল, সেইবোৰ কৃষিক যৌথ কৃষি বোলা হয়। এই কৃষিৰ প্ৰৱৰ্তন হৈছিল পূৰ্বৰ ছোভিয়েট ইউনিয়নত।

49. উদ্যান কৃষি কাক বোলে? উদ্যান কৃষিৰ ক্ষেত্ৰত আগবঢ়া কেইখনমান দেশৰ নাম লিখা। (What is horticulture? Write the names of some of the countries that have advanced in the field of horticulture?)

উত্তৰঃ যিবোৰ কৃষি প্ৰধানকৈ ফল-মূল, শাক-পাচলি, ফুল আদি অধিক উৎপাদনক্ষম জাতৰ লগতে আধুনিক যান্ত্রিক পদ্ধতিৰ প্ৰয়োগৰ দ্বাৰা কৰা হয়, সেইবোৰ কৃষিক উদ্যান কৃষি বোলা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্রান্স, ডেনমার্ক আদি দেশ উদ্যান কৃষিৰ ক্ষেত্ৰত আগবঢ়া।

50. ভাৰতৰ কেইখনমান ৰাজ্যৰ নাম উল্লেখ কৰা যিবোৰ উদ্যান কৃষিৰ ক্ষেত্ৰত আগবঢ়া। (Mention some of the states in India which are ahead in horticulture.) 

উত্তৰঃ বিহাৰ, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ আদি উদ্যান কৃষিৰ ক্ষেত্ৰত আগবঢ়া।

51. কুঁহিয়াৰ উৎপাদনৰ ক্ষেত্ৰত শীৰ্ষস্থানত থকা দুখন দেশৰ নাম লিখা। (Write the names of the top two countries in terms of sugarcane production.) 

উত্তৰঃ ভাৰত আৰু ব্ৰাজিল।

52. শস্যাৱৰ্তন কি? (What is a grain container?) 

উত্তৰঃ শস্যাৱর্তন পদ্ধতি হ’ল এটুকুৰা মাটিত এটাৰ পিছত আনটোকৈ বছৰত তিনি বা চাৰিটা খেতি চপোৱা প্ৰথা।

চমু আৰু বচনধৰ্মী প্রশ্নোত্তৰঃ

1. খনিজ পদাৰ্থ আহৰণৰ পদ্ধতি দুটা লিখা। (Write two methods of extracting minerals?) 

উত্তৰঃ খনিজ পদার্থ আহৰণৰ পদ্ধতি দুটা হ’ল–

(ক) মুক্ত খনন।

(খ) ভূগৰ্ভীয় খনন।

2. দুটা প্ৰাথমিক পৰ্যায়ৰ কাম উল্লেখ কৰা। (Mention two primary stages of work.)

উত্তৰঃ প্ৰাথমিক পৰ্যায়ৰ দুটা কাৰ্য হ’ল—

(ক) কৃষিকার্য।

(খ) মৎস্য পালন।

3. অঘৰী পশুপালনৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা। (Mention the characteristics of nomadic animal husbandry.)

উত্তৰঃ অঘৰী পশুপালনৰ বৈশিষ্ট্যসমূহ হ’ল–

(ক) অঘৰী পশুপালনত পশুপালকসকলে পালিত প্রাণীসমূহৰ বাবে ঘাঁহ আৰু পানীৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ প্ৰব্ৰজন কৰে।

(খ) অঘৰী পশুপালকসকলে পৰম্পৰাগতভাৱে একোটা নির্দিষ্ট ভৌগোলিক পৰিসৰৰ ভিতৰত বাসস্থানৰ পৰিৱৰ্তন কৰি থাকে।

(গ) অঘৰী পশুপালন বৃত্তি সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল জীৱিকা।

(ঘ) অঘৰী পশুপালকসকলৰ আৰ্থিক অভাৱ পোহনীয়া পশুৰ দ্বাৰা পূৰণ কৰে।

(ঙ) অঘৰী পশুপালনত মাটিত ঘাঁহৰ খেতি কৰা নহয়।

(চ) অঘৰী পশুপালকসকলে সৰু সৰু গোষ্ঠী নাইবা জনজাতীয় গোটত দলবদ্ধ হৈ থাকে।

4. গ্ৰাম্য অঘৰীবাদ বুলিলে কি বুজা? (What do you mean by rural nomadism?)

উত্তৰঃ পশুপালনক জীৱিকা হিচাপে গ্রহণ বহুসংখ্যক মানুহে লগত তৃণভোজী প্রাণীসমূহ লৈ এঠাইৰ পৰা আন এঠাইলৈ যোৱাকে গ্ৰাম্য অঘৰীবাদ বোলে। এই প্রক্রিয়াত মানুহে তৃণভোজী প্ৰাণীসমূহৰ পৰা গাখীৰ, মাংস, ঊণ, চামৰা, প্রভৃতি দ্ৰৱ্যসমূহ সংগ্ৰহ কৰাৰ লগতে বহু সময়ত এই জন্তুবোৰক পৰিবহণৰ আহিলা হিচাপেও ব্যৱহাৰ কৰে।

5. খনিজ পদাৰ্থৰ আহৰণ আৰু ব্যৱহাৰ সম্পৰ্কে লিখা। (Write about mineral extraction and management.)

উত্তৰঃ খনিজ পদাৰ্থসমূহ আকৰ অৱস্থাত পোৱা যায়। মাটিৰ তলৰ পৰা আকৰসমূহ আহৰণ কৰি বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে পৰিশোধন কৰাৰ পাছত ই ব্যৱহাৰৰ উপযুক্ত হৈ পৰে। খনিজ পদাৰ্থসমূহ বিভিন্ন কাৰণত ব্যৱহাৰ কৰা হয়। যেনে—

(ক) উদ্যোগ প্ৰতিষ্ঠানত আৰু যান্ত্ৰিক ব্যৱস্থাৰ উন্নতি সাধনৰ বাবে।

(খ) কয়লা, লিগনাইট আৰু ইউৰেনিয়াম শক্তি উৎপাদনত ব্যৱহাৰ কৰা হয়। 

(গ) অস্ত্ৰ-শস্ত্ৰ, বাৰুদ আদি প্ৰস্তুত কৰোঁতে।

(ঘ) কেব’ল, টেলিফোনৰ তাঁৰ আদি বার্তাবাহী ব্যৱস্থাৰ সামগ্ৰী নিৰ্মাণ কৰাত।

(ঙ) ঔষধ প্ৰস্তুতকৰণত।

(চ) সোণ, ৰূপ, হীৰা আদি খনিজ পদার্থ অলংকাৰ প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা হয়।

(ছ) ফট’গ্রাফী, ইলেক্ট্রনিক্স আৰু গ্ৰহণা তৈয়াৰ কৰোঁতে ৰূপৰ ব্যৱহাৰ কৰা হয়। 

(জ) সাৰ আৰু ভেঁকুৰনাশক হিচাপে কৃষিক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।

6. খনিজ পদাৰ্থৰ আহৰণৰ কু-প্ৰভাৱ সম্পৰ্কে লিখা। (Write about the bad effects of mineral extraction?) 

উত্তৰঃ খনিজ পদার্থ আহৰণ কৰাৰ সময়ত ইয়াৰে কিছু অংশ বাহিৰতো পৰে। এই পৰি যোৱা অংশৰ পৰাই সেই ঠাইখিনিৰ মাটি, বায়ু আৰু পানী প্ৰদূষিত হয়। খনন কাৰ্যৰ কু-প্ৰভাৱৰ কেইটামান উদাহৰণ তলত উল্লেখ কৰা হ’ল—

(ক) যাদুগুড়া ইউৰেনিয়াম খনন স্থান— ঝাৰখণ্ড আদি অঞ্চলৰ লোকসকল পাৰমাণৱিক বিকিৰণৰ ফলত সৃষ্টি হোৱা বিভিন্ন বেমাৰৰ সন্মুখীন হৈছে।

(খ) খনি গৰ্ভত হোৱা অগ্নিকাণ্ডৰ ফলত ঝাৰখণ্ডৰ জাৰিয়া কয়লাখিনি অঞ্চলৰ পৰা স্থানীয় মানুহ আঁতৰিবলৈ বাধ্য হৈছে।

(গ) কৰ্ণাটকৰ কুদ্ৰেমুখত লোৰ আকৰ খননৰ ফলত নদী প্ৰদূষণ হৈছে। 

(ঘ) অসমৰ কয়লা খনিসমূহত মুক্ত খননৰ ফলত পৰিৱেশ প্ৰদূষিত হৈছে।

(ঙ) ভূগৰ্ভৰ পানীত চালফাৰৰ পৰিমাণ বৃদ্ধি পাইছে। 

7. খনন কাৰ্যৰ ফলত হোৱা পৰিৱেশৰ ক্ষতি কেইটামান উল্লেখ কৰা। (Mention some environmental damage caused by mining?) 

উত্তৰঃ খনন কাৰ্যৰ ফলত হোৱা পৰিৱেশৰ ক্ষতিসমূহ এনেধৰণৰ—

(ক) উদ্ভিদৰ বিনাশ।

(খ) ভূ-আকৃতিৰ পৰিৱৰ্তন।

(গ) ভূমি তললৈ বহি যোৱা।

(ঘ) ভূ-গৰ্ভৰ পানী বিষাক্ত হোৱা।

(ঙ) বায়ু প্ৰদূষণ।

(চ) ) ভূ-পৃষ্ঠীয় পানী প্ৰদূষণ। 

(ছ) খনি কৰ্মীৰ স্বাস্থ্যৰ হানি।

খনন কাৰ্যৰ ফলত পৰিৱেশৰ ওপৰত পৰা কু-প্ৰভাৱসমূহ নিয়ন্ত্ৰণ কৰি পৰিৱেশ সুস্থ ৰাখিব পৰা যায়। খনন কাৰ্য সদায় পৰিৱেশ সাপেক্ষে হ’ব লাগে। নিম্নমানৰ আকৰসমূহৰ পৰা মণিক আহৰণ কৰোঁতে অনুজৈৱিক নিষ্কাশন কৌশল প্রয়োগ কৰিব লাগে। খনন কাৰ্য সম্পাদন কৰা অঞ্চলসমূহত বৃক্ষ ৰোপণ কৰিব লাগে। আকৰসমূহ পৰিশোধন কৰোঁতে নিৰ্গত হোৱা বিষাক্ত পদাৰ্থসমূহ বৈ যোৱাটো ৰোধ কৰিব লাগে।

কৰ্ণাটকৰ কোলাৰত সোণৰ খনি আছে। মানুহৰ ব্যৱহাৰৰ কাৰণে মজুত থকা মণিকৰ হিচাপ সময়ৰ জোখৰেখাৰ অনুপাতে দেখুৱাকে ‘পৃথিৱীৰ মণিকৰ জীৱন ৰেখা কাল’ বোলে।

8. মচ্ছ উৎস সম্পর্কে লিখা। (Write about fish sources?)

উত্তৰঃ মানুহৰ প্ৰধান খাদ্য উৎপাদনৰ মাজত মচ্ছ অন্যতম। মচ্ছৰ প্ৰধান উৎসসমূহ হ’ল নৈ, পুখুৰী, জলাশয় আৰু সমুদ্র। মচ্ছৰ উৎস অনুসাৰে মচ্ছক দুটা শ্ৰেণীত বিভক্ত কৰা যায়–মিঠা পানীৰ উৎস আৰু সামুদ্রিক উৎস। 

পৃথিৱীৰ মুঠ আহৰিত মচ্ছৰ বেছিভাগ সমুদ্ৰৰ পৰা আহে। কিন্তু চীন, ভাৰত, ৰাছিয়া, বাংলাদেশ ইত্যাদি দেশৰ মচ্ছৰ প্ৰধান উৎস হ’ল মিঠাপানী। অন্যান্য দেশত মিঠাপানীৰ মচ্ছ ইমানো সমৃদ্ধ নহয়। কিন্তু সামুদ্রিক মাছ পৰিমাণে বহু বেছি হৈ থাকে বুলি বিশ্ববাণিজ্যৰ ক্ষেত্ৰত সামুদ্রিক মচ্ছই অধিকাংশ স্থান দখল কৰি আছে। গতিকে সামুদ্রিক মচ্ছই বাণিজ্যিক ভিত্তিত চিকাৰ কৰা হৈ থাকে।

9. মচ্ছ ক্ষেত্ৰ গঢ়ি উঠাৰ কাৰণসমূহ উল্লেখ কৰা। (Mention the reasons for the development of fisheries.)

উত্তৰঃ মচ্ছ ক্ষেত্ৰ গঢ়ি উঠাৰ কাৰণসমূহ হ’ল—

(ক) নাতিশীতোষ্ণ জলবায়ু।

(খ) অগভীৰ সমুদ্ৰ আৰু ক্ৰমশ নিম্ন অঞ্চল।

(গ) বিস্তৃত ডাঙৰ স্থল আৰু বিশাল চড়।

(ঘ) অসংখ্য বন্দৰ।

(ঙ) দক্ষিণৰ পৰা আগত উষ্ণ সোঁত আৰু উত্তৰৰ দিশৰ পৰা আগত শীতল স্রোতৰ মিলন হ’ব বুলি অসংখ্য মচ্ছৰ সমাগম হয়। 

(চ) কৃষি আৰু চাষাবাদৰ অভাৱত এই অঞ্চলৰ বহু মানুহ মচ্ছ চিকাৰ কৰি জীৱিকা অৰ্জনত বাধ্য হয়।

(ছ) উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থা।

(জ) মচ্ছ চিকাৰ আধুনিক যন্ত্রপাতি আৰু সাজ-সৰঞ্জামৰ সহজলভ্যতা।

(ঝ) আভ্যন্তৰীণ মচ্ছৰ ব্যাপক চাহিদা।

(ঞ) মূলধনৰ প্ৰাচুৰ্য।

10. ভাৰতবৰ্ষত চিকাৰ কাৰ্য কিয় নিষিদ্ধ কৰা হৈছে? (Why hunting has been banned in India?) 

উত্তৰঃ প্ৰাচীন কালত মানুহৰ আৰ্থিক কাম-কাজ চিকাৰ আৰু সংগ্ৰহ বৃত্তিৰ ভিতৰতে সীমাবদ্ধ আছিল। মাংসৰ উদ্দেশ্যে বন্য প্রাণী ধৰি বধ কৰা কাৰ্য চিকাৰ আৰু আন খাদ্য হিচাপে গ্রহণীয় উদ্ভিদৰ বীজ, ফল প্রভৃতি অৰণ্যৰ পৰা আহৰণ কৰাকে সংগ্রহ বোলে। বর্তমান কালত এই বৃত্তিসমূহ ঘাইকৈ উচ্চ অক্ষাংশৰ তুদ্ৰা জলবায়ু আৰু নিৰক্ষীয় উষ্ণ জলবায়ুৰ অন্তর্গত বৃষ্টি অৰণ্য অঞ্চল দুটাতে পোৱা যায়। ভাৰতবৰ্ষত ঘন বসতিসহ বহুমুখী আর্থিক কাম-কাজৰ ফলত অৰণ্যৰ সংকোচন ঘটাত চিকাৰ বৃত্তি নিচেই সীমিত হৈ আহিছে। তদুপৰি, পশু-পক্ষীৰ সংখ্যাও দ্রুত গতিত হ্ৰাস পাই অহাৰ লগতে বহুতো প্ৰাণীৰ প্ৰজাতিয়েই বিলুপ্ত অথবা বিলুপ্তপ্রায় হৈ পৰিছে। সেয়েহে, ভাৰতবৰ্ষত চিকাৰ কাৰ্য নিষিদ্ধ কৰা হৈছে।

11. ৰোপন কৃষিৰ প্ৰধান বৈশিষ্ট্যবোৰ কি কি? (What are the main features of planting agriculture?) 

উত্তৰঃ বাণিজ্যিক কৃষি পদ্ধতিৰ ভিতৰত ৰোপন কৃষি অন্যতম। বর্ষানুবর্ষী প্ৰজাতিৰ বৃক্ষ অথবা গুল্ম শ্ৰেণীৰ উদ্ভিদৰ ৰোপন তথা প্ৰতিপালনৰ মাধ্যমত সম্পন্ন কৰা বাণিজ্যিক কৃষিকাৰ্যকে ৰোপন কৃষি বোলে। 

ৰোপন কৃষিৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’লঃ

(ক) এই শ্ৰেণীৰ কৃষিত একো একোখন বাগিছা পাতি মাত্ৰ এবিধ শস্যৰ উৎপাদন কৰা হয়।

(খ) ইউৰোপীয় সংস্কৃতিৰ প্ৰভাৱ থকা অঞ্চলবোৰত ৰোপন কৃষি দেখা যায়। ভাৰতবৰ্ষৰ লগতে আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া, আর্জেন্টিনা, দক্ষিণ আফ্রিকা, নিউজিলেণ্ড, ছোভিয়েট ৰাছিয়াত ইউৰোপীয় সংস্কৃতিৰ প্ৰভাৱত এইবিধ কৃষিৰ প্ৰচলন হয়।

(গ) এই কৃষি পদ্ধতিত, ঘাইকৈ আঞ্চলিক পৰ্যায়ৰ প্ৰাকৃতিক পৰিৱেশ আৰু শ্ৰমিকৰ লগত আন্তঃআঞ্চলিক পৰিসৰৰ মূলধন, পৰিচালনা আৰু কৃষি প্ৰযুক্তিৰ সংযোগত উৎপাদিত শস্যসমূহ আন্তঃৰাষ্ট্ৰীয় বজাৰত বেচা-কিনা কৰা হয়।

12. প্রাথমিক বৃত্তি হিচাপে চিকাৰ আৰু সংগ্ৰহ কাৰ্যৰ বিষয়ে বৰ্ণনা কৰা। (Write about hunting and collection activities as a primary occupation?)

উত্তৰঃ চিকাৰ আৰু সংগ্ৰহ কাৰ্য হৈছে মানুহৰ প্ৰাচীনতম জীৱিকা। মাংসৰ উদ্দেশ্যে বন্য প্রাণী ধৰি বধ কৰা কাৰ্যক চিকাৰ আৰু আন খাদ্য হিচাপে গ্ৰহণীয় উদ্ভিদৰ বীজ, ফল-মূল প্রভৃতি অৰণ্যৰ পৰা আহৰণ কৰাকে সংগ্রহ বোলে। পূৰ্বতে, চিকাৰ আৰু সংগ্ৰহ কাৰ্য কেৱল খাদ্যৰ আহৰণৰ বাবে কৰা হৈছিল। কিন্তু, সাম্প্রতিক সময়ত এই কাৰ্যৰ মাধ্যমত আহৰণ কৰা দ্ৰৱ্যসমূহ খাদ্যৰ উপৰিও উদ্যোগৰ কেঁচামাল, বিপণন দ্ৰৱ্য, বস্ত্ৰ আৰু গৃহ নির্মাণ প্রভৃতি বহুমুখী উদ্দেশ্যত ব্যৱহাৰ কৰা হয়। তদুপৰি, আধুনিক মানৱৰ দ্বাৰা পৰিচালিত চিকাৰ আৰু সংগ্ৰহ বৃত্তিত পেশীবলৰ উপৰিও উচ্চ মানৰ অস্ত্ৰ-শস্ত্ৰৰো ব্যাপক প্রয়োগ কৰা হয়। ঘাইকৈ আদিম অৰ্থব্যৱস্থাৰ লগত জড়িত পৃথিৱীৰ বহুতো অঞ্চলৰ লোকেই খাদ্য, বস্ত্ৰ আৰু গৃহ নিৰ্মাণৰ আহিলা অথবা ইন্ধন দ্রৱ্যসমূহ এই পদ্ধতিৰে সংগ্ৰহ কৰে। গছৰ ফলমূল, জীৱজন্তুৰ ছাল, বাঁহ-বেত অথবা খেৰ, লা, ধূনা, তুলা প্রভৃতি বিভিন্ন ধৰণৰ দ্ৰৱ্য পৃথিৱীৰ বহুতো অঞ্চলত প্ৰকৃতিৰ পৰা পোনপটীয়াকৈ সংগ্ৰহ কৰা হয়।

13. স্থানান্তৰিত কৃষি আৰু স্থায়ী কৃষিৰ প্ৰধান বৈশিষ্ট্যসমূহ নিৰ্ণয় কৰা। (Identify the main features of migrated agriculture and sustainable agriculture?) 

উত্তৰঃ স্থানান্তৰিত কৃষিৰ বৈশিষ্ট্যসমূহঃ

(ক) স্থানান্তৰিত কৃষি প্ৰণালীত পাহাৰৰ কোনো এক অঞ্চলৰ হাবি কাটি জ্বলাই লৈ সেই মাটিত খেতি কৰা হয়। 

(খ) এই কৃষি প্ৰণালীত প্রাচীন সাঁ-সঁজুলিৰ সহায়ত মাটি সামান্য ভাৱে কৰ্ষণ কৰি বীজ সিঁচি শস্যৰ খেতি কৰা হয়। 

(গ) স্থানান্তৰিত কৃষি প্ৰণালী প্ৰধানকৈ জনজাতীয় লোকসকলৰ মাজত প্ৰচলিত।

(ঘ) এই কৃষি পদ্ধতিত নাঙলৰ ব্যৱহাৰ নহয়।

(ঙ) এই কৃষি পদ্ধতিত একাধাৰে দুইৰ পৰা তিনিবাৰ শস্য উৎপাদন কৰাৰ পাছত মাটিৰ উৰ্বৰতা ক্ষিপ্র গতিত কমি যায়। ফলত, কৃষকে কৃষি ক্ষেত্ৰ আন ঠাইলৈ স্থানান্তৰিত কৰিব লগা হয়। অর্থাৎ, একেডৰা মাটিত দুবছৰ বা তিনিবছৰতকৈ অধিক কাল কৃষি কাৰ্য কৰিব নোৱাৰি।

(চ) স্থানান্তৰিত কৃষিত উৰ্বৰতা বাবে কোনো ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নহয়।

স্থায়ী কৃষিৰ বৈশিষ্ট্যসমূহঃ

(ক) স্থায়ী কৃষি পদ্ধতিত নাঙল আৰু জন্তু বল স্থায়ী কৃষিৰ প্ৰধান আহিলা।

(খ) জলসিঞ্চন, উন্নত বীজ আৰু উন্নত প্ৰযুক্তিৰ প্ৰয়োগ এই কৃষি প্ৰণালীত অতি সীমিত।

(গ) এই কৃষি প্ৰণালী পৰিয়াল কেন্দ্ৰীক হোৱা দেখা যায়। অর্থাৎ, নিজ নিজ পৰিয়ালৰ বাবে প্রয়োজনীয় খাদ্য আৰু সামান্য পৰিমাণৰ কেঁচামাল জাতীয় শস্যহে উৎপাদন কৰা হয়।

(ঘ) এই কৃষি পদ্ধতিত শস্য ক্ষেত্ৰত কি কি ধৰণৰ শস্য কিমান সফলতাৰে উৎপাদন কৰিব পৰা যায় সেই দিশটো প্ৰায় এৰাই চলা দেখা যায়। কৃষকসকলে, পূর্বানুক্রমে ব্যৱহাৰ কৰি অহা পদ্ধতিসমূহকে অনুসৰণ কৰে।

(ঙ) এই পদ্ধতিত ব্যৱহাৰ কৰা ভূমিখণ্ডবোৰ আকাৰত নিচেই সৰু।

14. পৃথিৱীৰ চিকাৰ আৰু সংগ্ৰহ বৃত্তিৰ অঞ্চলবোৰৰ বিষয়ে আলোচনা কৰা। (Discuss the world’s hunting and collecting occupation areas.)

উত্তৰঃ চিকাৰ আৰু সংগ্ৰহ কাৰ্য হৈছে মানুহৰ প্ৰাচীনতম জীৱিকা। মাংসৰ উদ্দেশ্যে বন্য প্রাণী বধ কৰা কাৰ্যক চিকাৰ আৰু খাদ্য হিচাপে গ্ৰহণীয় উদ্ভিদৰ বীজ, ফল প্রভৃতি অৰণ্যৰ পৰা আহৰণ কৰাকে সংগ্ৰহ বোলে। প্রাচীন কালত, মানুহৰ আৰ্থিক কাম-কাজ কেৱল চিকাৰ আৰু সংগ্ৰহ বৃত্তিৰ ভিতৰতে সীমাবদ্ধ আছিল। বর্তমান সময়ত এই বৃত্তি ঘাইকৈ উচ্চ অক্ষাংশৰ তুন্দ্ৰা জলবায়ু আৰু নিৰক্ষীয় উষ্ণ জলবায়ুৰ অন্তৰ্গত বৃষ্টি অৰণ্য অঞ্চল দুটাতে অধিক মাত্ৰাত দেখা যায়। মধ্য অক্ষাংশৰ উপকূলীয় অঞ্চলসমূহ আধুনিক সা-সৰঞ্জাম ব্যৱহাৰ কৰি সাগৰৰ মাছ ধৰা বৃত্তিৰো প্ৰসাৰ ঘটা দেখা যায়।

সাধাৰণতে মৰুভূমিকে আদি কৰি চৰম পৰিৱেশৰ অঞ্চলসমূহত পোষক সংগ্ৰহ বৃত্তিৰ প্ৰচলন বর্তমানেও দেখা যায়। ঘাইকৈ আদিম অর্থব্যৱস্থাৰ লগত জড়িত পৃথিৱীৰ বহুতো অঞ্চলৰ লোকেই খাদ্য, বস্ত্ৰ আৰু গৃহ নিৰ্মাণৰ আহিলা অথবা ইন্ধন দ্রৱ্যসমূহ এই পদ্ধতিৰে সংগ্ৰহ কৰে। কানাডা আৰু ইউৰেছিয়াৰ উত্তৰ সীমান্ত অঞ্চল আৰু চিলিৰ দক্ষিণ প্রান্তীয় শীতপ্রধান অঞ্চলসমূহত সংগ্ৰহ বৃত্তিধাৰী লোকৰ সংখ্যা অধিক। সেইদৰে, নিম্ন অক্ষাংশৰ আমাজান অৱবাহিকা, ক্রান্তীয় আফ্রিকা, অষ্ট্ৰেলিয়াৰ উত্তৰাঞ্চল, দক্ষিণ-পূৱ এছিয়াৰ ভিতৰুৱা অঞ্চলসমূহ আৰু ক্ৰান্তীয় উষ্ণ মৰুভূমিৰ ঠায়ে ঠায়ে এনে বৃত্তিৰ প্ৰচলন পোৱা যায়।

15. প্ৰাথমিক আৰু দ্বিতীয়ক খণ্ডৰ বৃত্তিৰ মাজৰ পাৰ্থক্যসমূহ আলোচনা কৰা। (Discuss the differences between primary and secondary occupation.)

উত্তৰঃ প্ৰাথমিক খণ্ডৰ বৃত্তি আৰু দ্বিতীয়ক খণ্ডৰ বৃত্তিৰ মাজৰ পাৰ্থক্যসমূহ হ’লঃ 

(ক) মানুহে যি কাৰ্যৰ দ্বাৰা প্ৰাকৃতিক পৰিৱেশৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে কিবা বস্তু আহৰণ কৰি জীৱিকা অৰ্জন কৰে বা অর্থনৈতিক উন্নয়নৰ বাবে ব্যৱহাৰ কৰে তাকে প্ৰাথমিক বৃত্তি বোলা হয়। আনহাতে, যিবোৰ কাৰ্যৰ দ্বাৰা প্ৰাথমিক অৱস্থাৰ পৰা আহৰণ কৰা দ্ৰৱ্যবোৰক যেনেকৈ থাকে ঠিক তেনেকৈ ব্যৱহাৰ নকৰি মানুহৰ উপভোগৰ বাবে উপযোগী কৰি তুলিবলৈ বিভিন্ন প্ৰকাৰে পৰিৱৰ্তন, পৰিশোধন, পৰিবৰ্ধন, সংযোজন বা সংশোধন কৰা হয়, তাকে দ্বিতীয়ক খণ্ডৰ বৃত্তি বোলা হয়।

(খ) প্রাথমিক খণ্ডৰ বৃত্তি ও দ্রৱ্যৰ কোনো ধৰণৰ পৰিৱৰ্তন ঘটোৱা নহয়। আনহাতে, দ্বিতীয়ক খণ্ডৰ বৃত্তিত দ্ৰৱ্যৰ পৰিৱৰ্তন ঘটোৱা হয়।

(গ) প্রাথমিক খণ্ডৰ বৃত্তিত দ্ৰৱ্যৰ মূল্যমান কম থকাৰ বিপৰীতে দ্বিতীয়ক খণ্ডৰ বৃত্তিত দ্ৰৱ্যৰ ৰূপান্তৰ ঘটোৱাৰ ফলত মূল্যমান বৃদ্ধি পায়। 

(ঘ) প্রাথমিক খণ্ডৰ শ্ৰেণীভুক্ত আর্থিক কাম-কাজসমূহত প্রাকৃতিক পৰিৱেশ আৰু মানুহৰ প্ৰযত্নৰ দুয়োটা দিশ সমানেই জড়িত হৈ থাকে। আনহাতে, দ্বিতীয়ক খণ্ডৰ উদ্যোগত প্ৰাকৃতিক পৰিৱেশতকৈ মানুহৰ প্ৰযত্নৰ দিশটোহে অধিক গুৰুত্বপূৰ্ণ।

16. সমবায় কৃষিৰ প্ৰধান লক্ষণসমূহ বৰ্ণনা কৰা। (Describe the main features of cooperative agriculture.)

উত্তৰঃ সমবায় কৃষিৰ প্ৰধান লক্ষণসমূহ হ’লঃ

(ক) সমবায় কৃষিত কেইবাজনো কৃষকৰ ভূমি, শ্রম আৰু মূলধন স্বেচ্ছাই একত্র কৰি অধিক দক্ষতাৰে লাভজনক ভাৱে পৰিচালনা কৰা হয়।

(খ) এই কৃষি ব্যৱস্থাত ব্যক্তিগত কৃষিভূমিৰ খণ্ডসমূহৰ অক্ষুণ্ণতা ৰক্ষা কৰা হয়।

(গ) সমবায় কৃষি ব্যৱস্থাত, এই কাৰ্যৰ অংশীদাৰসকলক লৈ গঠন কৰা সমিতি এখনে সমগ্ৰ কাম-কাজ তদাৰক কৰে। এই সমিতি উৎপাদন ব্যৱস্থাৰ লগত জড়িত সাৰ, পানী, বীজ, যন্ত্রপাতি আদিৰ যোগান ধৰাৰ উপৰিও উৎপাদিত দ্ৰৱ্যৰ উচিত বিপণনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰে।

17. বাণিজ্যিক পশুপালনৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। (Mention the characteristics of commercial animal husbandry.)

উত্তৰঃ বাণিজ্যিক পশুপালনৰ বৈশিষ্ট্যসমূহ হ’ল—

(ক) বাণিজ্যিক পশুপালনত বিস্তীর্ণ অঞ্চলব্যাপী উন্নতমানৰ তৃণভূমি একোখন কেইবাটাও ভাগত বিভক্ত কৰি বেঢ়ি লোৱা হয়। 

(খ) বাণিজ্যিক পশুপালনত বেৰামুক্ত তৃণভূমি খণ্ড একোটাত তাৰ ধাৰণ ক্ষমতা অনুসৰি নির্বাচিত প্ৰজাতিৰ পোহনীয়া পশু মেলি দিয়া হয়।

(গ) ইয়াত শ্ৰমৰ ক্ষেত্ৰত মাত্ৰ এজাতি পোহনীয়া পশু লালন-পালন কৰা হয়।

(ঘ) এই পদ্ধতি লালন-পালন কৰা পশুসমূহৰ স্বাস্থ্য, পুষ্টি আৰু বৃদ্ধিৰ বাবে বিশেষ যতন লোৱাৰ উপৰিও বংশগতিজনিত উৎকৰ্ষ লক্ষ্যৰে বৰ্ণসংকৰ অথবা তদনুৰূপ কাৰ্যসূচী গ্ৰহণ কৰা হয়।

18. বিভিন্ন প্ৰকাৰৰ খনন বৈশিষ্ট্যসমূহ লিখা। (Mention the different types of excavation features.) 

উত্তৰঃ খননসমূহক প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰিব পাৰি। সেয়া হ’ল– মুক্ত খনন আৰু ভূ-গৰ্ভীয় খনন।

মুক্ত খননৰ বৈশিষ্ট্যসমূহ হ’লঃ

(ক) মুক্ত খনন পদ্ধতিত কম খৰচত সহজতে খনিজ দ্রৱ্যসমূহ আহৰণ কৰিব পাৰি।

(খ) এই পদ্ধতি ভূ-পৃষ্ঠৰ অগভীৰ অংশৰ পৰাহে খনিজ সম্পদসমূহ উদঘাটন কৰিব পাৰি।

ভূ-গৰ্ভীয় খননৰ বৈশিষ্ট্যসমূহঃ 

(ক) ভূপৃষ্ঠৰ অতি গভীৰ অংশৰ পৰা এই পদ্ধতিৰে খনিজ সম্পদসমূহ আহৰণ কৰা হয়।

(খ) এই পদ্ধতি অতি ব্যয়বহুল, বিপদ সংকুল আৰু জটিল। 

(গ) এই পদ্ধতিত খননস্থলীত অক্সিজেন, পোহৰ আৰু পৰিবহনৰ কৃত্ৰিম ব্যৱস্থা গ্রহণ কৰিব লগা হয়।

19. বাণিজ্যিক পশুপালনৰ প্ৰকৃতি নিৰ্ণয় কৰা। (Determine the nature of commercial animal husbandry.) 

উত্তৰঃ বাণিজ্যিক পশুপালন কাৰ্যক যথেষ্ট পৰিমাণে সুসংহত আৰু মূলধনকেন্দ্ৰীক জীৱিকাৰূপে চিহ্নিত কৰা হয়। পশুপালনৰ এই পদ্ধতি অনুসৰি বিস্তীর্ণ অঞ্চলব্যাপী উন্নতমানৰ তৃণভূমি একোখন কেইবাটাও ভাগত বিভক্ত কৰি বেৰি লোৱা হয়। এনে বেৰাযুক্ত তৃণভূমি খণ্ড একোটাত ইয়াৰ ধাৰণ ক্ষমতা অনুসৰি নিৰ্বাচিত প্ৰজাতিৰ পোহনীয়া জন্তু মেলি দিয়াৰ পাছত সেই খণ্ডত ঘাঁহৰ পৰিমাণ কমি গ’লে জন্তুবোৰক কাষৰ আন এটা খণ্ডলৈ নিয়া হয়। এনে কৰাৰ ফলত ইতিমধ্যে পশুচাৰণ ঘটা তৃণভূমি খণ্ডটোত নতুন ঘাঁহ গজাৰ সুযোগ ঘটে। বাণিজ্যিক পশুপালন কার্যত এখন ক্ষেত্ৰত মাত্ৰ এজাতি পোহনীয়া জন্তু লালন-পালন কৰা হয়। এনেকৈ লালন-পালন কৰা পশুসমূহৰ স্বাস্থ্য পুষ্টি আৰু বৃদ্ধিৰ বাবে বিভিন্ন যত্ন লোৱাৰ উপৰিও এইবোৰৰ বংশগতিজনিত উৎকৰ্ষৰ লক্ষ্যৰে বৰ্ণ সংকৰ অথবা তদনুৰূপ কাৰ্যসূচী গ্ৰহণ কৰা হয়।

20. অঘৰী পশুপালন আৰু বাণিজ্যিক পশুপালনৰ মাজৰ পাৰ্থক্য নির্ণয় কৰা। (Distinguish between nomadic animal husbandry and commercial animal husbandry.)

উত্তৰঃ অঘৰী পশুপালন আৰু বাণিজ্যিক পশুপালনৰ পাৰ্থক্য–

(ক) অঘৰী পশুপালন ব্যৱস্থাত পশুপালকসকলে পশুসমূহৰ খাদ্যৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ প্ৰব্ৰজন কৰিব লগা হয়। আনহাতে বাণিজ্যিক পশুপালন ব্যৱস্থাত পশুসমূহক একে ডোখৰ ঠাইতে লালন-পালন কৰা হয়।

(খ) অঘৰী পশুপালন ব্যৱস্থাত নির্দিষ্ট এটা অৱস্থানৰ ঘাঁহ বনবোৰ অতি কম দিনৰ ভিতৰতে তৃণভোজী জন্তুৰ বৃহৎ পাল একোটাই খাই শেষ কৰাৰ ফলত সেই ঠাইত জন্তুৰ খাদ্যৰ অভাৱ ঘটে। আনহাতে, বাণিজ্যিক পশুপালন ব্যৱস্থাত বিস্তীর্ণ অঞ্চলব্যাপী উন্নতমানৰ তৃণভূমি একোখন কেইবাটাও ভাগত বিভক্ত কৰি বেৰি লোৱা হয়। এনে বেৰাযুক্ত তৃণভূমি খণ্ড একোটাত ইয়াৰ ধাৰণ ক্ষমতা অনুসৰি নিৰ্বাচিত প্ৰজাতিৰ পোহনীয়া পশু মেলি দিয়াৰ পাছত সেই খণ্ডত ঘাঁহৰ পৰিমাণ কমি গ’লে পশুসমূহক কাষৰ আন এটা খণ্ডলৈ নিয়া হয়। এনে কৰাৰ ফলত পশুচাৰণ ঘটা তৃণভূমি খণ্ডটোত ঘাঁহ গজাৰ সুযোগ ঘটে। ইয়াৰ বাবে পশুসমূহৰ খাদ্যৰ অভাৱ নহয়।

(গ) অঘৰী পশুপালন ব্যৱস্থাত বিভিন্ন ধৰণৰ বৃহৎ সংখ্যক তৃণভোজী প্রাণীক একেলগে পালন কৰা হয়। আনহাতে, বাণিজ্যিক পশুপালন ব্যৱস্থাত বেৰাযুক্ত তৃণভূমি একোটাত ইয়াৰ ধাৰণ ক্ষমতা অনুসৰি নির্বাচিত এটি প্রজাতিৰ প্ৰাণীৰ লালন-পালন কৰা হয়।

(ঘ) অঘৰী পশুপালন ব্যৱস্থাত কেইবাটাও প্ৰজাতিৰ প্ৰাণী পালন কৰা হয়। আনহাতে, বাণিজ্যিক পশুপালনত নিৰ্দিষ্ট এটা প্ৰজাতিৰ প্ৰাণীহে পালন কৰা হয়।

21. মিশ্ৰ কৃষিৰ লক্ষণসমূহ লিখা। (Write the features of mixed agriculture?) 

উত্তৰঃ মিশ্ৰ কৃষিৰ লক্ষণসমূহ হ’ল–

(ক) মিশ্র কৃষি ব্যৱস্থাত শস্য ক্ষেত্ৰত একে সময়তে কেইবাবিধো শস্য উৎপাদন কৰা হয়।

(খ) এনে কৃষিৰ গাইগুটীয়া ক্ষেত্ৰ একোখন মজলীয়া আকাৰৰ। 

(গ) মিশ্ৰ কৃষিৰ শস্যক্ষেত্ৰত শস্যৰ আৱৰ্তন ঘটোৱা হয়।

(ঘ) এনে শস্যক্ষেত্ৰত উৎপন্ন হোৱা উপজ সম্ভাৰসমূহৰ ওপৰত নিৰ্ভৰ কৰি শস্য উৎপাদনৰ ঠিক সমান্তৰালভাৱে কিছু সংখ্যক পোহনীয়া জন্তু পালন কৰা হয়।

(ঙ) একাধিক শস্যৰ যতন, শস্য আৱৰ্তন আৰু সমান্তৰাল গতিত পশুপালন কার্যই এনে শস্যক্ষেত্ৰৰ উৰ্বৰতা অক্ষুণ্ণ ৰখাত সহায় কৰে।

(চ) মিশ্র কৃষি প্ৰণালীত মূলধনৰ বিনিয়োগ তথা হেক্টৰে প্ৰতি উৎপাদনৰ নিৰিখ আন যিকোনো কৃষিৰ তুলনাত বেছি।

(ছ) উন্নতমানৰ বীজ, যন্ত্রপাতি, সাৰ আৰু কৌশল প্রয়োগৰ যোগেদি মিশ্ৰ কৃষি ব্যৱস্থা পৰিচালনা কৰা হয়।

22. প্রাথমিক বৃত্তিসমূহৰ বিষয়ে লিখা? (Write about the primary occupation.)

উত্তৰঃ তলত কেইবিধমান প্রাথমিক বৃত্তিৰ বিষয়ে আলোচনা কৰা হ’ল—

(ক) খাদ্যসংগ্রহ, চিকাৰ, মাছধৰাঃ অৰণ্যৰ পৰা খাদ্যসংগ্ৰহ, চিকাৰ আদি মানুহৰ সভ্যতাৰ আদি স্তৰতে আৰম্ভ হোৱা বৃত্তি। অৱশ্যে বর্তমানেও এই জীৱিকাত নিয়োজিত লোক আছে। আদিম লোকসকলে বনৰীয়া জীৱ-জন্তুৰ পৰা ৰক্ষা পাবলৈ চিকাৰৰ জৰিয়তে সিহতৰ মাংস ভক্ষণ কৰিছিল। বৰ্তমানেও চিকাৰ, মাছ মৰা বৃত্তিত নিয়োজিত বিভিন্ন জনজাতীসকলৰ জীৱন ধাৰণ প্ৰণালী অতি সাধাৰণ। তেওঁলোকে প্ৰকৃতিৰ পৰা সহজভাৱে পোৱা এই সম্পদৰাজিৰ ওপৰতেই নিৰ্ভৰশীল। গ্রীনলেণ্ড, আলাস্কা আদি অঞ্চলত বাস কৰা এস্কিম’সকল, লেপ, ইয়াকুড়, চেমোয়েড আদি লোকসকলে চিকাৰ কৰি, মাছ মাৰি জীৱন নিৰ্বাহ কৰে।

আফ্ৰিকাৰ পিগমি, মালয়েছিয়াৰ চেমাং আদিবাসীসকলে হাবিৰ ফল-মূল, গছৰ শিপা আদিম খাদ্যৰূপে গ্ৰহণ কৰে।

(খ) পশুপালনঃ সভ্যতাৰ আৰম্ভণিতে মানুহে বিভিন্ন জন্তুক পোহ দিবলৈ শিকিছিল। তেওঁলোকে গাখীৰৰ উপৰিও মাংস, ছাল আদি নিজৰ প্ৰয়োজনত ব্যৱহাৰ কৰিবলৈ শিকিলে। এই বৃত্তিত নিয়োজিত লোক পৃথিৱীৰ প্ৰায় দেশতে আছে। অৱশ্যে সকলোৰে পশুপালন একে বিধ জন্তুৰ দ্বাৰা নহয়। পশুপালনত ব্যৱহাৰ কৰা প্ৰধান জন্তুবোৰ হ’ল– গৰু, ছাগলী, উট, ভেঁৰা, ম’হ, ঘোঁৰা আদি। মৰুভূমিৰ লোকসকলে উট, ছাভানা তৃনভূমি অঞ্চলৰ লোকসকলে গৰু আৰু ছাগলী। ষ্টেপ অঞ্চলত ভেঁৰা, তিব্বত মালভূমিত য়াক, এণ্ডিচ পর্বতমালাত লাভা আদি জন্তুবোৰ পালন কৰা হয়। জীৱজন্তুবোৰক বিভিন্ন প্রাকৃতিক পৰিৱেশত বিভিন্ন কাম কৰিব দিয়া হয়। যেনে— নোমাল কুকুৰ আৰু বন্ধা হৰিণক শ্লেজ গাড়ী টানিবলৈ, মৰুভূমিত বাহন হিচাপে উটক ব্যৱহাৰ কৰা হয়।

পশুপালনক প্ৰধান বৃত্তিহিচাপে লৈ জীৱন নিৰ্বাহ কৰা কেইটামান আদিবাসী হ’ল— ছাভানা অঞ্চলৰ মছাই, খিৰঘীজ, ৰেড ইণ্ডিয়ান, বেদুইন আদি।

(গ) কাঠকটা বৃত্তিঃ বিভিন্ন কাৰ্যৰ বাবে গছ কটা লোকসকল প্রাথমিক বৃত্তিধাৰী লোক। অৰণ্যৰ পৰা কাঠ-বাঁহ কাটি আনি ঘৰ-দুৱাৰ সজা, ৰন্ধা-বঢ়া কামত কাঠ ব্যৱহাৰ হয়। কাগজ উদ্যেগৰ কেঁচা মালৰ বাবেও গছ কটা হয়। উত্তৰ ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ কিছুমান অঞ্চলৰ লোকৰ প্ৰধান জীৱিকা কাঠ-কটা বৃত্তি। কানাডা, ফিনলেও চুইডেন আদি দেশবোৰ টেগা অৰণ্যৰ অন্তৰ্গত অঞ্চলত অৱস্থিত। এই অৰণ্যৰ সৰলবৰ্গীয় কোমল গছৰ কাঠ কাগজ উদ্যোগৰ বাবে যথেষ্ট উৎকৃষ্ট মানৰ। সেয়ে এই বৃত্তিৰ লোক এই অঞ্চলত অধিক। 

বৃষ্টিযুক্ত, আর্দ্র, জলবায়ুৰ উদ্ভিদ যেনে শাল, চেগুন, বনচোম আদি উদ্ভিদ ঘৰ-দুৱাৰ, দলং, ৰেলৰ চিৰি আদিৰ বাবে দৰকাৰী বাবে ইয়াৰ লোকৰ জীৱিকা কাঠ-কটা।

(ঘ) কৃষিবৃত্তিঃ মানুহে আৱিষ্কাৰ কৰা প্ৰথম প্ৰধান আৰু গুৰুত্বপূৰ্ণ বৃত্তিটো হ’ল কৃষিবৃত্তি। পৃথিৱীৰ অধিকসংখ্যক লোক কৃষিবৃত্তিত জড়িত। আদিম অৱস্থাত কৰা কৃষি পদ্ধতিটো আছিল স্থানান্তৰী বা ঝুম খেতি। এই পদ্ধতিত প্ৰথমে পৰ্বতৰ এঢলীয়া ঠাইবোৰ হাবি-জংঘল চাফা কৰি জুই লগাই দিয়া হয়। জুই জ্বলোৱাৰ পিছত ৰৈ যোৱা ছাইখিনিয়ে খেতিত সাৰৰ কাম কৰে। কিছুদিনৰ পিছত কোৰ, জোং আদি পৰম্পৰাগত সঁজুলিৰে মাটি চহ কৰি তাত বীজ সিঁচা হয়। এনেদৰে একেডোখৰ মাটিতে ১-২ বছৰ খেতি কৰাৰ পিছত অইন এডোখৰ ঠাইলৈ গৈ পুনৰ আগৰদৰে খেতি কৰা হয়। স্থান পৰিৱৰ্তন কৰি কৃষি কৰা বাবে এনে খেতিক স্থানান্তৰিত কৃষি বোলা হয়। ভাৰতৰ উত্তৰ-পূব অঞ্চল, আমাজান অৱবাহিকা, মালয়েছিল ইন্দোনেছিয়া, মধ্য আমেৰিকা আদি অঞ্চলত এনে কৃষিজীৱি লোক আছে।

স্থানভেদে এই কৃষিৰ নাম ভিন্ন হয়। যেনে, ভাৰতত ইয়াক ঝুম, মেক্সিকোত মিলপা, ব্রাজিলত ৰোকা, ভিয়েটনামত ৰেই, ভেনেজুৱেলাত কোণুকা বোলা হয়।

23. ঋতুপ্রবাসী বুলিলে কি বুজা? অঘৰী পশুপালনৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা। (What do you mean by season expatriate? Mention four characteristics of nomadic animal husbandry.)

উত্তৰঃ ঋতুভেদে সমভূমি আৰু পাৰ্বত্যভূমিৰ মাজত অঘৰী পশুপালকসকলৰ অভিগামী আৰু প্ৰতিগামী প্ৰব্ৰজনৰ সমাহাৰক ঋতু প্রবাসী (Transhumance) বোলা হয়। অঘৰী পশুপালকসকলে পালিত জীৱজন্তুৰ খাদ্যৰ বাবে ঘাঁহনিৰ সন্ধানত গ্ৰীষ্ম কালত সমভূমিৰ পৰা উচ্চ ভূমিলৈ আৰু শীতকালত পার্বত্য উচ্চ ভূমিৰ পৰা সমভূমিলৈ বাসস্থান সলনি কৰে। উদাহৰণস্বৰূপে, মধ্য এছিয়াৰ ষ্টেপ অঞ্চলত বসবাস কৰা খিৰগিজ্ সম্প্ৰদায়ৰ লোকসকলে শীতকালত ষ্টেপভূমিত পালিত জন্তুবোৰৰ সৈতে বসবাস কৰাৰ পিছত গ্ৰীষ্মৰ আগমণৰ লগে লগে টিয়ানচান পৰ্বতৰ ধালেৰে পালিত জন্তুবোৰৰ সৈতে ঘাঁহনিৰ সন্ধানত অগ্ৰসৰ হয়। গ্রীষ্মৰ অন্তত শীতৰ আগমনৰ লগে লগে খিৰগিজ্সকলে পুনৰ ষ্টেপ অঞ্চললৈ ঘুৰি আহে। সেইদৰে, হিমালয়ৰ নামনিত বাস কৰা গুৰ, বকৰৱাল, গদ্দী আৰু ভূটীয়াসকলে শীতকালত গিৰিপদী তৃণাঞ্চলত আৰু গ্ৰীষ্মকালত হিমালয়ৰ উচ্চ অৱস্থানৰ তৃণভূমিও পশুচাৰণৰ লক্ষ্যৰে প্ৰব্ৰজন কৰে।

অঘৰী পশুপালনৰ চাৰিটা বৈশিষ্ট্য হ’লঃ

(ক) অঘৰী পশুপালনত পশুপালকসকলে পালিত প্রাণীবোৰৰ বাবে ঘাঁহ আৰু পানীৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ প্ৰব্ৰজন কৰে। 

(খ) অঘৰী পশুপালকসকলে একোটা নির্দিষ্ট ভৌগোলিক পৰিসৰৰ মাজত বাসস্থানৰ পৰিৱৰ্তন ঘটাই থাকে।

(গ) অঘৰী পশুপালকসকলে আর্থিক অভাৱ পোহণীয়া জন্তুৰ দ্বাৰা পূৰণ কৰে। 

(ঘ) অঘৰী পশুপালকসকলে সৰু সৰু গোষ্ঠী বা জনজাতীয় গোটত দলৱদ্ধ হৈ থাকে।

24. দ্বিতীয়ক বৃত্তি আৰু প্ৰাথমিক বৃত্তিৰ মাজত থকা পাৰ্থক্যসমূহ উল্লেখ কৰা। (Mention the differences between the secondary occupation and the primary occupation.) 

উত্তৰঃ দ্বিতীয়ক বৃত্তি আৰু প্ৰাথমিক বৃত্তিৰ মাজত থকা পাৰ্থক্যবোৰ তলত উল্লেখ কৰা হ’লঃ

25. প্রাথমিক বৃত্তিত নিয়োজিত ব্যক্তি কিয় দ্বিতীয়ক বৃত্তিত নিয়োজিত হ’বলৈ ইচ্ছা কৰে। (Why does a person engaged in primary occupation flow to be engaged in secondary occupation.)

উত্তৰঃ প্ৰাথমিক বৃত্তিত নিয়োজিত ব্যক্তি দ্বিতীয়ক বৃত্তিত নিয়োজিত হয় কাৰণ–

(ক) কৃষি ক্ষেত্ৰত কৰ্মীৰ সংখ্যা লগাতকৈ বেছি হ’ব পাৰে। 

(খ) দ্বিতীয়ক বৃত্তিত আয় তুলনামূলকভাৱে বেছি হ’ব পাৰে।

26. কৃষিৰ অৰ্থ কি? কৃষিৰ লগত অন্যবিলাক কাৰ্য কি বৰ্ণনা কৰা? (What is agriculture? What are the other functions with agriculture?)

উত্তৰঃ কৃষিৰ অৰ্থ হ’ল শস্য উৎপাদন, মীন পালন, জীৱ-জন্তু পোহ-পালন আদিকে বুজা যায়। অর্থাৎ মাটিত মানুহে কৰা সকলো ধৰণৰ উৎপাদনকাৰী প্ৰচেষ্টাক কৃষি হিচাপে গণ্য কৰিব পাৰি । মাটি চহাই খেতি কৰাৰ বাহিৰেও বহল অৰ্থত মীন পালন, পশুপালন, হাঁহ-কুকুৰা পালন, দুগ্ধ পাম, উদ্যান শস্য, উৎপাদন আদি বিষয়বোৰ কৃষিকাৰ্যৰ অন্তৰ্ভুক্ত কৰা হৈছে। কৃষিৰ পৰাই খাদ্য আহৰণ কৰিবলৈ লোৱাত মানুহৰ সংগ্ৰাহক বৃত্তিৰ গুৰুত্ব লোপ পাই আহিছে আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰতি বিশেষ গুৰুত্ব প্রদান কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ লগে লগে কৃষি কাৰ্যৰ ৰূপ আৰু পদ্ধতিৰ সলনি হৈছে। ফলত, কৃষকে উন্নত বীজ আৰু প্ৰয়োজনীয় সাৰ-পানী, কীটনাশক দ্ৰৱ্য আদি প্ৰয়োগ কৰি অধিক উৎপাদন পাবলৈ সমৰ্থ হৈছে। এনেকৈয়ে কৃষিপ্রধান দেশসমূহ কৃষিজাত সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি শিল্প উদ্যোগ গঢ়ি তুলিছে।

27. বিভিন্ন প্ৰকাৰৰ কৃষি পদ্ধতিৰ নাম লিখি প্ৰত্যেকৰে চমু ব্যাখ্যা কৰা। (Give a brief explanation of each of the different types of farming methods.) 

উত্তৰঃ কৃষি কাৰ্য উৎপাদনৰ পৰিমাণ আৰু বজাৰ চাহিদাৰ ওপৰত ভিত্তি কৰি তিনি প্ৰকাৰৰ কৃষি বিভক্ত কৰিব পাৰি।

স্থায়ী কৃষিঃ নদ-নদীৰ দাঁতি কাষৰীয়া অঞ্চলৰ পলসুৱা সাৰুৱা ভূমিত সাধাৰণতে স্থায়ী খেতি কৰা হয়। ইয়াৰ দ্বাৰা গৃহস্থৰ লগতে স্থায়ী মানুহখিনিৰ আৱশ্যকতা পূৰণ কৰাৰ চেষ্টা কৰে। স্থায়ী কৃষি দুটা ভাগত ভাগ কৰিব পাৰি। যেনে– আত্মনিৰ্ভৰশীল বা পোষণ খেতি আৰু নিৰুদ্যোগ বা স্থানিক কৃষি।

আত্মনিৰ্ভৰশীল বা পোষণ কৃষিঃ যি কৃষিৰ পৰা এটা পৰিয়াল সাধাৰণভাৱে পোহ-পালন আৰু স্থায়ীভাৱে ভৰণ-পোষণৰ বাবেই আৱশ্যকীয় সম্ভাৰখিনি উৎপাদন কৰে তেনে কৃষিক পোষণ বা আত্মনিৰ্ভৰশীল কৃষি বুলি কোৱা হয়। ইয়াক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি— স্থানান্তৰী আদিম কৃষি আৰু আদিম স্থায়ী কৃষি। 

স্থানান্তৰিত আদিম কৃষিঃ কৃষিৰ স্থান সলনি কৰি আওপুৰণি প্ৰথাৰে কৰা খেতিক স্থানান্তৰিত কৃষি বোলে। স্থানান্তৰিত আদিম কৃষি হ’ল আকাল তথা নাটনিৰ জোৰা মৰিবলৈ এডোখৰ মাটিতে ইটোৰ পিছত সিটো লেঠাৰি নিচিগাকৈ কৰা খেতিকে স্থানান্তৰিত আদিম কৃষি বুলি কোৱা হয়।

বাণিজ্যভিত্তিক কৃষিঃ যিবিলাক খেতিৰ দ্বাৰা অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ সুবিধা আছে তেনেবিলাক খেতিক বাণিজ্যিক কৃষি বুলি কোৱা হয়। সকলো ৰোপণ কৃষিয়েই বাণিজ্য কৃষিৰ ভিতৰত পৰে।

ৰোপণ কৃষিঃ ৰোপণ কৃষি হ’ল এবিধ বিশেষ ধৰণৰ খেতি, যাক এবাৰ ৰুলে তাৰ শস্যবোৰ কেবাবছৰো শস্য চপাব পাৰি। তেনে শস্যকে ৰোপণ কৃষি বুলি কোৱা হয়। উদাহৰণস্বৰূপে চাহ, ৰবৰ, কঁপাহ ইত্যাদি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top