Economic Geography Unit 2 কৃষি (ভন যুনেন তত্ত্ব) উদ্যোগ (ৱৱেকৰ তত্ত্ব), College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Economic Geography Unit 2 কৃষি (ভন যুনেন তত্ত্ব) উদ্যোগ (ৱৱেকৰ তত্ত্ব) Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Economic Geography Unit 2 কৃষি (ভন যুনেন তত্ত্ব) উদ্যোগ (ৱৱেকৰ তত্ত্ব) Question Answer can be of great value to excel in the examination.
Economic Geography Unit 2 কৃষি (ভন যুনেন তত্ত্ব) উদ্যোগ (ৱৱেকৰ তত্ত্ব)
Economic Geography Unit 2 কৃষি (ভন যুনেন তত্ত্ব) উদ্যোগ (ৱৱেকৰ তত্ত্ব) Notes cover all the exercise questions in UGC Syllabus. The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
কৃষি (ভন যুনেন তত্ত্ব) উদ্যোগ (ৱৱেকৰ তত্ত্ব)
ECONOMIC GEOGRAPHY
অৰ্থনৈতিক ভূগোল
অতি চমু প্ৰশ্নোতৰ
1. তলৰ কোনবিধ কৃষি এক শস্যৰ নহয়? (What kind of grain is not an agricultural crop?)
(ক) ৰোপণ কৃষি (Planting agriculture)।
(খ) মিশ্র কৃষি (Mixed agriculture)।
(গ) বাণিজ্যিক মাহজাতীয় শস্যৰ খেতি (Commercial Seed Crop Agriculture)।
(ঘ) দুগ্ধ পাম (Milk pump)।
উত্তৰঃ (ঘ) দুগ্ধ পাম।
2. তলৰ কোনটো কৃষি পদ্ধতি উত্তৰ-পূৱ ভাৰতৰ পাৰ্বত্য অঞ্চলত পৰিচালিত হয়? (Which of the following farming methods is practiced in the hilly areas of North East India?)
(ক) ট্রাক ফার্মিং (Truck farming)।
(খ) মিশ্র কৃষি (Mixed agriculture)।
(গ) বাণিজ্যিক মাহজাতীয় শস্যৰ কৃষি (Commercial Seed Crop Agriculture)।
(ঘ) অস্থায়ী কৃষি (Temporary agriculture)।
উত্তৰঃ (ঘ) অস্থায়ী কৃষি।
3. স্থায়ীকৃষি কৰা হয়— (Sustainable agriculture is done—)
(ক) পৰ্বতৰ ঢাল (The slope of the mountain)।
(খ) নদী উপত্যকা (River Valley)।
(গ) মৰুভূমি (The desert)।
(ঘ) শুকান অঞ্চলত কৰা হয় (Arid region)।
উত্তৰঃ (খ) নদী উপত্যকাত কৰা হয়।
4. কিহক স্থিৰ খাদ্যশস্য বোলা হয়? (What is called frozen food grain?)
উত্তৰঃ হেঁক।
5. কোনখন দেশত সৰ্বাধিক ভেড়া উৎপাদন হয়? (Which country produces the most sheep?)
উত্তৰঃ অস্ট্রেলিয়া।
6. পৃথিৱীৰ বৃহৎ তীখা নিৰ্মান কেন্দ্ৰটো ক’ত অৱস্থিত? (Where the world’s largest steel center is located?)
উত্তৰঃ ছিকাগোত।
7. কৃষি কি? (What is agriculture?)
উত্তৰঃ মানুহে মাটিত কৰা সকলো উৎপাদনমুখী কাৰ্যই কৃষি।
8. বেদিকা কৃষি কি? (What is Bedika Agriculture?)
উত্তৰঃ পৰ্বতৰ ঢালত চাপ কাটি কাটি করা কৃষি পদ্ধতিকে বেদিকা কৃষি বোলে।
9. চাহ, কফি, বৰ আদি কোনবিধ শস্যৰ অন্তৰ্গত? (Tea, coffee, rubber, etc. belong to which crop?)
উত্তৰঃ ৰোপণ শস্য।
10. কোন বছৰত ৱেবাৰে উদ্যোগিক অৱস্থান উত্তৰ প্ৰস্তাৱ দিছে? (In which year did Weber propose the position theory of the industry?)
উত্তৰঃ ১৯০৯ চনত।
11. ওৱেবাৰৰ ঔদ্যোগিক অৱস্থান তত্ত্বৰ তিনিটা উপাদান কি কি? (What are the three elements of the position theory of the web industry?)
উত্তৰঃ পৰিবহন ব্যয়, শ্রমিক ব্যয় আৰু একত্রিত অর্থনীতি।
চমু আৰু বচনধর্মী প্রশ্নোত্তৰঃ
1. ভন থুনেনৰ মডেলটো কি? (What is Von Thunen’s model?)
উত্তৰঃ কৃষিভূমিৰ ব্যৱহাৰ আৰু প্ৰয়োগ সম্বন্ধে ঊনবিংশ আৰু বিংশ শতিকাতে যি সমস্ত তত্ত্বসমূহৰ বিশ্লেষণমূলক তথ্যৰ বাবে প্রসিদ্ধ হৈছিল সেইসমূহৰ ভিতৰত পুনৰ মডেলটো অন্যতম।
2. ভন থুনেনৰ মডেলটোৰ উদ্দেশ্য বা গুৰুত্বসমূহ কি কি? (What are the purposes or importance of Von Thunen’s model?)
উত্তৰঃ ভন থুনেনৰ মডেলটোৰ উদ্দেশ্য বা গুৰুত্বসমূহ হ’ল—
(ক) এই তত্ত্বৰ সহায়ত বিভিন্ন কৃষিজাত পণ্যৰ ভৌগোলিক বিতৰণৰ ব্যাখ্যা কৰা হয়।
(খ) এই তত্ত্বটোৱে কিদৰে কৃষিভূমিৰ ব্যৱহাৰিক দিশত প্ৰভাৱিত কৰে তাক বুজাত সহায় কৰে।
(গ) এই তত্ত্বৰ সহায়ত ভূমিৰ খাজনাৰ হাৰ আৰু কৃষিভূমিৰ ব্যৱহাৰৰ মাজৰ সম্পৰ্ক বিশ্লেষণ কৰিব পাৰি।
3. কৃষি কাৰ্যৰ বিতৰণৰ বিন্যাস প্রণালী সম্পর্কে ভন খুনেনৰ দাঙি ধৰা চৰ্তসমূহ কৰা? (Mention the conditions of Von Thunen regarding the format of distribution of agricultural products?)
উত্তৰঃ ভন খুনেনৰ মতে কৃষি কাৰ্যৰ বিতৰণৰ মাজত এটা নিৰ্দিষ্ট বিন্যাস প্রণালী গঢ়ি উঠিবলৈ সাতটা চৰ্ত মানি চলিব লাগে। সেইসমূহ হ’ল—
(ক) ধৰা হ’ল এখন সৰু চহৰ আৰু চহৰখনৰ চাৰিওফালে কৃষি কাৰ্যৰ বাবে উপযুক্ত ভূমি আছে।
(খ) চহৰখনক আগুৰি থকা গ্ৰাম্য কৃষিক্ষেত্ৰৰ উদ্বৃত্ত শস্য কেৱল সেই চহৰখনতেই বিক্ৰী কৰা হয়। অর্থাৎ চহৰখন হ’ল কৃষিজাত পণ্যৰ বজাৰ।
(গ) আৰু সেই চহৰখনলৈ অন্য কোনো ঠাইৰ পৰা খাদ্যশস্য আৰু অন্যান্য কৃষিজাত পণ্যৰ আমদানি নহয়।
(ঘ) চহৰৰ চাৰিওফালৰ প্ৰাকৃতিক পৰিৱেশ সুস্থ বাতাবৰণৰ। ভূ-প্রাকৃতিক দিশৰ পৰা সমতল আৰু ভূমিৰ ভৌতিক আৰু ৰাসায়নিক বৈশিষ্ট্য সকলোতে সমান। এই পৰিৱেশত নাতিশীতোষ্ণ জলবায়ু বিৰাজমান।
(ঙ) চহৰৰ লগত সংলগ্ন গ্রামাঞ্চলত বাস কৰা লোকসকল যথেষ্ট কর্ম উদ্যমী। লোকসকলে তেওঁলোকৰ লাভ বঢ়াবলৈ সদায় সচেষ্ট। কেৱল সেয়ে নহয় চাহিদাৰ তাৰতম্য বা হেৰফেৰ হ’লে সেই ঠাইৰ খেতিয়কসকলে শস্য উৎপাদনৰ ধৰণ বা প্রণালীও সলনি কৰিবলৈও প্ৰস্তুত।
(চ) চহৰ আৰু গ্ৰাম্য অঞ্চলৰ মাজত সংযোগ ৰক্ষাৰ বাবে কেৱল মাত্র পথ পৰিৱহনৰহে ব্যৱস্থা আছে।
(ছ) চহৰত ফচল বিক্ৰী কৰিবলৈ পৰিৱহন খৰচ খেতিয়কে বহন কৰে।
4. ভন থুনেনৰ দ্বাৰা প্ৰস্তাৱিত খাজনা আৰু ভূমিৰ ব্যৱহাৰৰ সম্পৰ্কে লিখা? (Analyes the relation between rent and landuse as proposel by von Thunen?)
উত্তৰঃ (ক) ভূমিৰ ব্যৱহাৰ অনুসৰি খাজনা নিৰ্ধাৰিত হয় বা ভূমিৰ খাজনা অনুসৰি ভূমিৰ ব্যৱহাৰ নিৰ্ধাৰিত হয়।
(খ) চহৰৰ কেন্দ্ৰৰ পৰা দূৰত্ব বাঢ়ি যোৱাৰ লগে লগে খাজনাও ক্রমশঃ কমি গৈ থাকে।
(গ) চহৰৰ কেন্দ্ৰ অঞ্চলত ভূমিৰ খাজনা আৰু চাহিদা অধিক হয়। সেইকাৰণে যিসমূহ অৰ্থনৈতিক কাৰ্যত প্ৰচুৰ পৰিমাণৰ ভূমিৰ আৱশ্যক যেনে— কৃষি, পশুচাৰণ, শিল্পাঞ্চল আৰু শিল্প প্রৱর্তন ইত্যাদি। তেনেকুৱা ধৰণৰ কাৰ্যসমূহ চহৰৰ পৰা দূৰৈত অন্যান্য উপাদান, সুযোগ সুবিধাৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠে।
5. ভন খুনেনৰ ভূমিৰ ব্যৱহাৰিক মডেলৰ পৰিৱৰ্তিত অৱস্থা সম্পর্কে লিখা? (Write about the changed state of the practical model of the land of Von Thunen?)
উত্তৰঃ ভনখুনেন্ এ যি চহৰ বা বজাৰকেন্দ্ৰিক কৃষিভূমি ব্যৱহাৰৰ মডেল অর্থাৎ কৃষি ভূমি ব্যৱহাৰ নিদৰ্শক (Agricultural Landuse Model) প্ৰস্তাৱ কৰিছে, তাৰ আকৃতিগত কিছু পৰিৱৰ্তন হোৱাটো স্বাভাৱিক। চিত্র নং– এ এই পৰিৱৰ্তিত আকৃতি কেনেকুৱা হ’ব পাৰে তাৰ এটা আনুমানিক অৱস্থা তুলি ধৰা হ’ল।
এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে, চহৰৰ লগত সংলগ্ন যদি কোনো নাব্য নদী থাকে, তেনেহ’লে সেই নদীখনৰ সহায়ত খুব সহজেই কম খৰচতে চহৰলৈ দুগ্ধ, শাক-পাচলি, ইন্ধন, খাদ্য শস্য ইত্যাদি ৰপ্তানী কৰা হয়। এই ক্ষেত্ৰত ১ নং, ২ নং,৩ নং ৪ নং বলয়সমূহ বৃত্তাকাৰ নহৈ, নদীৰ সমান্তৰালভাৱে সেই অঞ্চলসমূহ দীঘল আকৃতি ল’ব পাৰে ।
ইয়াৰোপৰি কেন্দ্ৰীয় চহৰখনৰ চাৰিওফালে নানা ধৰণৰ বৃত্তকাৰা বলয় গঢ়ি উঠিব পাৰে বুলি ভনথুনেনে উল্লেখ কৰিছে আৰু তাৰ ওচৰে-পাজৰে কোনো সৰু চহৰ থাকিলে সেই সৰু চহৰখনৰ বাবে এটা বেলেগ ধৰণৰ বাণিজ্য এলেকা বা যোগান ক্ষেত্ৰ (Supply area) গঢ়ি উঠিব। এই নতুন বাণিজ্য এলেকাটোৰ আনুমানিক আকৃতি উপৰোক্ত চিত্ৰত দেখুওৱা হৈছে।
6. কোনবোৰ অঞ্চলত ৰোপণ কৃষি কৰা হয়? (In which areas planting is done?)
উত্তৰঃ ক্রান্তীয় আৰু উপক্রান্তীয় অঞ্চলত। ঘৰুৱা বোৱা-কটা আদিতে প্ৰধানকৈ সীমাবদ্ধ আছিল। এইবোৰক প্ৰাথমিক বৃত্তি বুলি ধৰা হয়। কিন্তু ইংৰাজসকলে নিজৰ বাণিজ্যিক লাভৰ বাবে ৰাজ্যখনত চাহ শিল্প, খনিজ তেল আৰু কয়লা ভিত্তিক শিল্পৰ প্ৰৱৰ্তন কৰে। এইবোৰত থলুৱা আৰু আমদানিকৃত কর্মী নিয়োজিত হয়। এইদৰে ৰাজ্যখনত দ্বিতীয়ক বৃত্তিৰ সূচনা হয় বুলি ক’ব পাৰি ইয়াৰ লগে লগে অফিচ-কাছাৰী, ব্যৱসায়-বাণিজ্য, শিক্ষানুষ্ঠান, চিকিৎসালয়, প্রশাসনিক আৰু পৰিবহণ আদি সেৱাতো যথেষ্ট সংখ্যক লোক নিয়োজিত হয় ৰাজ্যখনত তৃতীয়ক বৃত্তিয়েই প্ৰসাৰ লাভ কৰে। সম্প্ৰতি বেংক, বিত্তীয় প্রতিষ্ঠান, গৱেষণা প্রতিষ্ঠান, যোগাযোগ আৰু প্ৰচাৰ মাধ্যম আদিৰ দ্ৰুত সম্প্ৰসাৰ ঘটাত চতুৰ্থক বৃত্তিতো কৰ্মীৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়িব লাগিছে। এইদৰে বৃত্তিৰ ক্ষেত্ৰত অসমতো যথেষ্ট পৰিৱৰ্তন ঘটিছে।
7. ভন থুনেনৰ তত্ত্বটোত প্ৰস্তাৱিত ভূমিৰ ব্যৱহাৰিক অঞ্চল সমূহৰ বিষয়ে বৰ্ণনা কৰা। (Analyse the land use zones as proposed by Von Thunen.)
উত্তৰঃ ভন খুনেনে দূৰত্ব আৰু লাভৰ ব্যস্তানুপাতিক (inversely proportional) সম্পর্ক অনুসৰি কৃষিভূমিক চাৰি ধৰণে ব্যৱহাৰৰ কথা কৈছে। যথাক্রমে কেন্দ্ৰ বা চহৰৰ জনবসতিৰ পৰা দূৰত্ব অনুসৰি—
(ক) দুগ্ধ শিল্প (dairy) আৰু শাক-পাচলি কৃষি (খ) কাঠ উৎপাদন (গ) খাদ্য শস্য উৎপাদন আৰু (ঘ) পশুচাৰণ।
অর্থাৎ প্রথম চহৰ। চহৰৰ সংলগ্ন ভূমিত শাক-পাচলিৰ কৃষি। এই বজাৰভিত্তিক কৃষি বলয়ৰ পৰা দূৰৰ পৰিত্যক্ত ভূমিত ইন্ধন উৎপাদন। তাৰ পিছত বহু দূৰৈত খাদ্য শস্য উৎপাদনৰ বাবে কৃষিযোগ্য ভূমি আৰু পশুচাৰণ ভূমি অৱস্থিত।
১ম বলয় (Zone No. 1) : এই বলয়টো চহৰ বা বজাৰৰ আটাইতকৈ ওচৰত অৱস্থিত। ইয়াত প্ৰধানতঃ গাখীৰ আৰু শাক-পাচলি জাতীয় পচনশীল (perishable) সম্পদ উৎপাদন কৰা হয়। সাধাৰণতে ইয়াত গাখীৰ বা শাক-পাচলি সঞ্চয় কৰাৰ ব্যৱস্থা নাথাকে। ফলত চহৰবাসীয়ে কৃষি ক্ষেত্ৰৰ পৰা সতেজ বস্তু লাভ কৰে। এই বলয়টি চহৰৰ পৰা কিমান দূৰ পৰ্যন্ত বিস্তৃত হ’ব, সেইটো নিৰ্ভৰ কৰিব চহৰবাসীয়ে সেই গাখীৰ বা পাচলি জাতীয় শস্যৰ বাবে কিমান দামত ক্ৰয় কৰিব পাৰিব তাৰ ওপৰত। কৃষকে যদি গাখীৰ বা পাচলিজাতীয় শস্যসমূহ ভাল দামত বিক্ৰী কৰিব পাৰে তেনেহ’লে খুব স্বাভাৱিকভাৱেই গাখীৰ বা শাক-পাচলি উৎপাদনৰ বাবে খেতি বেছি কৰিব আৰু চহৰৰ নিকটৱৰ্তী এই প্রথম বলয়টি ব্যাসার্ধ বাঢ়িব। অন্যহাতে, কৃষকে যদি শাক-পাচলিব লগতে গাখীৰৰ বজাৰত ভাল দাম নাপায় তেনেহ’লে এই বলয়টি সংকীৰ্ণ হ’ব।
২য় বলয় (Zone No. 2) : এই বলয়টি দুগ্ধ আৰু শাক-পাচলি উৎপাদন বলয়ৰ ঠিক পিছতেই অৱস্থিত। যিহেতু ভন থুনেনৰ সময়ত ঘৰ গৃহস্থলিৰ কামত কাঠ ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ প্ৰচলন আছিল সেইবাবে সেই সময়ত ইন্ধন হিচাপে ব্যৱহাৰ কৰিবলৈ কাঠৰ যোগানৰ বাবে চহৰৰ কাষৰ কিছু ভূমি ব্যৱহাৰ কৰিছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে, ভনথুনেনে জাৰ্মানীৰ ৰষ্টক (Rostock) চহৰখনক উদাহৰণ হিচাপে লৈ তেওঁৰ এই তত্ত্বটি উল্লেখ কৰিছে আৰু এই ৰষ্টক চহৰৰ বাবে ইন্ধন আমদানি হৈছিল ৰষ্টক চহৰৰ সংলগ্ন অঞ্চল মেকলেন্ বার্গ ইষ্টেট (Mecklen, Burg Estate) ৰ পৰা। ১ম বলয়টিৰ দৰে দ্বিতীয় বলয়টিৰ বিস্তৃতিও নিৰ্ভৰ কৰে চহৰবাসীয়ে কাঠৰ বাবে কিমান ভাল দাম দিবলৈ প্ৰস্তুত তাৰ ওপৰত ৷
৩য় বলয় (Zone No. 3) : ২য় বলয়ৰ পিছতেই এই বলয়টো অৱস্থিত। এই বলয়টো হ’ল খাদ্য শস্যৰ উৎপাদক বলয়। এই বলয়টিক তিনিটা উপ-ভাগত বিভক্ত কৰা হৈছে যদিও ভন থুনেনে এই তিনিওটা বলয়ক স্বতন্ত্র বলয় হিচাপে বিভক্ত কৰাৰ পক্ষপাতী আছিল। চহৰৰ দূৰত্ব অনুসৰি আৰু উৎপাদিত শস্যৰ বিক্ৰী মূল্যৰ ওপৰত ৩ নং বলয়ৰ উপভাগসমূহৰ বিস্তৃতি নিৰ্ভৰ কৰে। ইয়াৰ উপৰিও ৩ নং বলয়ৰ অন্তৰ্ভুক্ত মুঠ ভূমিৰ মাজত কিমান ভূমি পতিত হিচাপে আছে, তাৰ ওপৰত ভিত্তি কৰি আলোচ্য বলয়টোক তিনিটা ভাগত ভাগ কৰা হৈছে। যেনে— ৩ (ক) উপ-বলয়টোত পতিত ভূমি নাই। ৩ (খ) উপ-বলয়টোত পতিত ভূমিৰ গড় পৰিমাণ প্রায় ১৪ শতাংশ আৰু ৩ (গ) উপবলয়টোত পতিত ভূমিৰ আয়তন প্রায় ৩৩ শতাংশ।
৪র্থ বলয় (Zone No. 4) : এই বলয়টো চহৰৰ পৰা আটাইতকৈ দূৰৈত অৱস্থিত। ইয়াত মূলত মাখন (cheeze) অর্থাৎ পনিৰ উৎপাদন কৰা হয়। দুগ্ধজাত এই সামগ্ৰীবিধ সহজে নষ্ট হৈ নাযায় সেয়েহে চহৰৰ পৰা দূৰত্ব বেছি হ’লেও পনিৰ উৎপাদনৰ ক্ষেত্ৰত দূৰত্বৰ কোনো প্ৰভাৱ নাথাকে । ইয়াৰ উপৰিও এই ৪ নং বলয়টোত সাধাৰণতে গৰু, ভেড়া ইত্যাদি প্রাণী পোহ-পালন কৰা হয়। কাৰণ মাংস যোগানৰ বাবে চহৰলৈ এই প্ৰাণীসমূহ ৰপ্তানী কৰিবলৈ কোনো বেলেগ পৰিৱহন খৰচ নাথাকে।
8. ওৱেবাৰৰ শিল্প স্থানিকতাৰ নূন্যতম ব্যয় তত্ত্বটো বিশ্লেষণ কৰা। (Analyses Weber’s least cost theory of Industrial location.)
উত্তৰঃ জার্মান অর্থনীতিবিদ আলফ্রেড ওয়েবাৰে ১৯০৯ চনত “Uber Den Standort Der Industrien” গ্ৰন্থখনত শিল্প স্থানিকতাৰ নূন্যতম ব্যয় তত্ত্বটো প্ৰকাশ কৰিছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে, ১৮৮২ আৰু ১৮৮৫ চনত পূৰ্বৰ অৰ্থনীতিবিদ উইল হেলম লনহাট (Wilhelm Launhardt) শিল্পৰ আদৰ্শ অৱস্থান সম্বন্ধে যি তাত্ত্বিক আলোচনাৰ বীজ ৰোপন কৰিছিল, তাৰ ওপৰত ভিত্তি কৰি ওয়েবাৰে এই তত্ত্বটো আগবঢ়াইছিল।
ধাৰণাসমূহ (Assumptions) :
(ক) য’ত উদ্যোগ গঢ়ি উঠিব সেই সম্ভাব্য অঞ্চলটো সৰ্বাত্মক দিশত একে আৰু অভিন্ন হ’ব লাগিব। ইয়াত ভূ-প্রকৃতিৰ কোনো বৈচিত্র্য নাথাকে (Homogeneous) সম জলবায়ু, তাত বাস কৰা লোকসকল একে সম্প্ৰদায়ৰ (Race) অন্তৰ্গত, তেওঁলোকৰ কাৰিকৰী দক্ষতা সমতুল্য আৰু সকলোৱে একে ৰাজনৈতিক শক্তিৰ বিৰোধীহীন সমর্থন।
(খ) উদ্যোগৰ প্ৰয়োজনীয় প্রকৃতিপ্রদত্ত কেঁচামাল মূলতঃ দুই ধৰণৰ যথাক্রমে (১) সর্ব প্রাপ্তিযোগ্য সামগ্রী যেনে— পানী, বায়ু আৰু (২) ভৌগোলিকভাৱে স্থিৰ আৰু কেন্দ্ৰীভূত সামগ্রী যেনে— কয়লা, আকৰিক, লো ইত্যাদি।
(গ) শ্ৰমিকৰ উৎস, যোগান আৰু মজুৰী নির্দিষ্ট পৰিমাণৰ।
(ঘ) পৰিবহন ব্যয়, ওজন আৰু দূৰত্বৰ ওপৰত নিৰ্ভৰশীল।
(ঙ) বজাৰত উৎপাদিত দ্ৰৱ্যৰ চাহিদা সীমাহীন আৰু বজাৰ পূৰ্ণপ্ৰতিযোগিতামূলক বজাৰৰ অন্তর্গত।
ওৱেবাৰৰ অনুমান অনুসৰি এই বিভেদহীন আদর্শ অঞ্চলত উদ্যোগ গঢ়ি উঠাৰ পক্ষত সকলোত অনুকূল স্থান হ’ল য’ত (ক) পৰিবহন ব্যয় আৰু (খ) শ্ৰমিকৰ মজুৰি নূন্যতম আৰু য’ত অন্যান্য উদ্যোগৰ একত্ৰিত সমাৱেশৰ ফলত উদ্ভৱ হোৱা অর্থনৈতিক সুযোগ-সুবিধা সকলোতৈ বেছি।
ওৱেবাৰৰ মতে উদ্যোগ এটা গঢ়ি উঠিবলৈ উপযুক্ত স্থান হ’ল য’ত পৰিবহন ব্যয় সকলোততৈ কম। এই কম পৰিবহন ব্যয়যুক্ত অঞ্চলটো ক’ত অৱস্থিত, সেইটো জানিবলৈ হ’লে অন্যান বিষয়সমূহ জনা দৰকাৰ, সেইসমূহ হ’ল—
(ক) কি পৰিমাণে আৰু কি ধৰণৰ কেঁচামাল দৰকাৰ।
(খ) সেই কেঁচামাল ক’লৈ পঠোৱা হ’ব।
(গ) কেঁচামালৰ উৎসৰ পৰা-উদ্যোগ অঞ্চলৰ দূৰত্ব কিমান ইত্যাদি।
ওৱেবাৰৰ অনুমান মতে, পৰিবহন ব্যয় দুই ধৰণৰ হ’ব পাৰে– (ক) কেঁচা মালৰ অন্যান্য খৰচ বা সংগ্ৰহ ব্যয় আৰু (খ) উৎপাদিত দ্রৱ্যসমূহ বজাৰত কৰাৰ খৰচ বা সৰবৰাহ ব্যয় অর্থাৎ মুঠ পৰিবহন ব্যয় = কেঁচামালৰ সংগ্ৰহ ব্যয় + উৎপাদিত দ্ৰৱ্যৰ সৰবৰাহ ব্যয়।
এই পৰিপেক্ষিতত উদ্যোগটো যদি কেঁচামালৰ উৎস স্থলত গঢ়ি উঠে, তেনেহ’লে সংগ্রহ ব্যা শূণ্য (Zero) যদি উদ্যোগটো বজাৰত স্থাপিত হয়, সেইক্ষেত্ৰত সৰবৰাহ ব্যয় শূণ্য। আৰু যদি এই দুয়োটা ঠাইৰ মধ্যৱৰ্তী কোনো স্থানত গঢ়ি উঠে, তেনেহ’লে কেঁচামাল আৰু উৎপাদিত দ্ৰৱ্যৰ ওজন আৰু ভৌগোলিক দূৰত্বৰ ওপৰত পৰিবহন ব্যয় নির্ধাৰিত হ’ব। (৪নং উদাহৰণ)।
এইখিনিতে কোৱা দৰকাৰ যে, উদ্যোগটো কেঁচামালৰ উৎসত গঢ়ি উঠিব নে বজাৰত স্থাপিত হ’ব (Market Oriented) ওয়েবাৰৰ মতে সেইটো নিৰ্ভৰ কৰিব ‘পণ্যসূচক’ৰ (Material Index) বা ওপৰত। কোনো কেঁচামালৰ ‘পণ্যসূচক’ নিৰ্ধাৰণ কৰাৰ সূত্ৰটি হ’ল–
যদি কোনো কেঁচামালৰ পণ্যসূচক ১ (এক)তকৈ বেছি হয়, সেই ক্ষেত্ৰত উদ্যোগটোৰ কেঁচামালৰ উৎসৰ ওচৰে-পাজৰে গঢ়ি উঠাৰ সম্ভাৱনা অধিক। আকৌ তাৰ বিপৰীতে, পণ্য-সূচক যদি ১ (এক) ৰ কম হয়, তেনেহ’লে উদ্যোগটো বজাৰ বা বজাৰৰ নিকটৱৰ্তী কোনো ঠাইত গঢ়ি তোলাটো সকলোতকৈ লাভজনক হ’ব, কাৰণ এই ক্ষেত্ৰত উৎপাদিত পণ্যৰ ওজন কেঁচামালৰ ওজনৰ লগত সমান। তলত উল্লেখ কৰা উদাহৰণৰ সহায়ত পণ্যসূচক সম্বন্ধে এটা পৰিষ্কাৰ ধাৰণা কৰিব পাৰি।
উদাহৰণ— ১ঃ কেঁচামালৰ ওচৰত গঢ়ি উঠা উদ্যোগ (পণ্যসূচক বা M1 তকৈ বেছি) ধৰাহ’ল, কোনো এটা উদ্যোগত যিমান কেঁচামাল দৰকাৰ হয় তাৰে মুঠ ওজন ৬.২৫ মেট্রিকটন আৰু উৎপাদিত দ্ৰব্যৰ ১.৪০ মেট্রিকটন। সেই ক্ষেত্ৰত ওৱেবাৰৰ সূত্র মতে—
পণ্যসূচক (M1) = ২.৩ (অর্থাৎ উদ্যোগটো কেঁচামালৰ ওপৰত নিৰ্ভৰ কৰিব)। সেই ক্ষেত্ৰত কেঁচামালৰ উৎসৰ ওপৰত আলোচ্য উদ্যোগটো গঢ়ি তোলাটো যুক্তি-যুক্ততা নাই। অর্থাৎ ইয়াত কেঁচামালৰ সংগ্ৰহ ব্যয় এনেকৈ বাঢ়িব য’ত উদ্যোগটোৰ লোকচান হ’ব। লো-তীখা উদ্যোগ, তাম উদ্যোগ, চেনি শিল্প সেয়েহে কেঁচামালকেন্দ্ৰিক। কাৰণ এই উদ্যোগসমূহৰ কেঁচামালৰ পণ্যসূচক ১ তকৈ বেছি।
উদাহৰণঃ এখন বজাৰ এটা বিশুদ্ধ (Pure) কেন্দ্ৰীভূত চৰিত্ৰৰ কেঁচামাল (পণ্যসূচক = ১) আৰু উৎপাদিত দ্ৰৱ্যৰ পৰিবহন ব্যয় সমান।
ওৱেবাৰে কেঁচামালৰ পৰিবহন ব্যয় আৰু উৎপাদিত দ্ৰৱ্যৰ পৰিবহন ব্যংক পৃথকভাৱে বুজাবলৈ ‘আইছ’টিম’ নামেৰে (Isotim) কাল্পনিক ৰেখাৰ সৃষ্টি কৰে। তেওঁৰ মতে, ‘আইছটিম (Isotim) হ’ল সমপৰিবহন ব্যয় ৰেখা। (Isotims = Lines joining points where a commodities costs the smae)
চিত্ৰঃ ৯ অনুসৰি ‘কম’ কেঁচামালৰ উৎস (০ কি.মি.) ৰ পৰা ১ টন কেঁচামাল ১ কি.মি. দূৰত্বলৈ পঠিওৱাৰ পৰিবহন খৰচ ‘ক১’ অর্থাৎ ক১, ক২, ক৩, ক৪, ক৫, ইত্যাদি দূৰত্ব অনুসৰি কেঁচামালৰ সমপৰিবহন ব্যয় ৰেখা বা কেঁচামালৰ ‘আইছ’টিম’। তেনেদৰে চিত্ৰ ১০ অনুসৰি বজাৰৰ পৰা (০কি.মি) ১ টন উৎপাদিত দ্রৱ্য ১ কি.মি. দূৰত্বলৈ পঠিওৱাৰ পৰিবহন খৰচ উ ১, উ২, উ৩, উ৪, উ৫ ইত্যাদি দূৰত্ব অনুসৰি উৎপাদিত দ্ৰৱ্যৰ সমপৰিবহন ব্যয় ৰেখা বা উৎপাদিত দ্ৰৱ্যৰ ‘আইছ’টিম’।
উদাহৰণ ৩ঃ এটা সৰ্বত্ৰ লভ্য কেঁচামাল আৰু এখন বজাৰ। কোনো উদ্যোগত যদি এটা কেঁচামালৰ প্রয়োজন হয়, যিটো সকলো ঠাইতে লভ্য হয় যেনে– পানী। আৰু সেই উদ্যোগটোৰ এখনেই বজাৰ থাকে, সেই ক্ষেত্ৰত পৰিবহন ব্যয়ৰ প্ৰভাৱ বিশ্লেষণ কৰিলে দেখা যায় যে, বজাৰৰ ওচৰত উৎপাদিত দ্ৰৱ্যৰ পৰিবহন ব্যয় সকলোতকৈ কম। অর্থাৎ কেঁচামাল যিহেতু সকলোতে পোৱা যায়, সেয়েহে উদ্যোগটো বজাৰৰ ওচৰত স্থাপন কৰিলে পৰিবহন ব্যয়ৰ বাবদ কোনো খৰচ নহয় অৰ্থাৎ বজাৰ হ’ল এই ক্ষেত্ৰত নূন্যতম পৰিবহন ব্যয় কেন্দ্র।
সিদ্ধান্তঃ যি উদ্যোগত ব্যৱহৃত কেঁচামাল সকলোতে পোৱা যায়, সেই উদ্যোগ বজাৰৰ ওচৰত স্থাপিত হ’ব।
উদাহৰণ ৪ঃ এখন বজাৰ, দুবিধ কেঁচামাল। ‘এখন বজাৰ আৰু দুবিধ কেঁচামালৰ উৎস’ এই ধৰণৰ মাজেদি ওৱেবাৰে উদ্যোগ কেন্দ্ৰ গঢ়ি তোলাৰ স্থান নিৰ্বাচনৰ বাবে ভৱিষ্যতে জটিল পৰিস্থিতিৰ অৱতাৰণা কৰিছে। এখন বজাৰ আৰু দুবিধ কেঁচামাল অর্থাৎ এটা উদ্যোগ স্থাপনত তিনিটা বল
(Force) ৰ প্ৰভাৱৰ বিষয়ে ভ্যাৰিগনৰ (Varignon) ৰ দ্বাৰা তৈয়াৰী যন্ত্ৰৰ সহায়ত (Mechanical Model) বা গণিত আৰু পদার্থবিদ্যাত ব্যৱহৃত ‘বল-সামন্তৰিক’তত্ত্ব (Theory) ৰ সহায়ত (Theorem of the parallelogram of forces) আলোচ্য পৰিস্থিতিৰ বিষয়ে ওৱেবাৰে বৰ্ণনা কৰিছে। ধৰা হ’ল, এটা ত্ৰিভূজাকৃতিৰ টেবুলৰ তিনিটা কোণত একে ওজনৰ সামগ্ৰী ওলোমোৱা হৈছে (W1, W2, W3) আৰু টেবুলৰ ওপৰত এই সামগ্ৰী সমূহক তিনিডাল ৰছীৰে মধ্য অংশত (P) ত সংযোগ কৰি এটা গাঁথি দিয়া হৈছে। কাৰণ তিনিওফালৰ ওজন সমান। অর্থাৎ কেতিয়াবা কোনো পৰিস্থিতিত যদি দেখা যায় যে দুবিধ কেঁচামাল আৰু এখন বজাৰৰ মাজত পাৰস্পৰিক পৰিবহন ব্যয় সমান, সেই ক্ষেত্ৰত শিল্পকেন্দ্ৰ (P) সেই ত্ৰিভূজৰ ঠিক মধ্য অংশত স্থাপিত হ’ব।
তাৰ বিপৰীতে টেবুলখনত ওলোমোৱা তিনিটা সামগ্ৰীৰ ওজনৰ মাজত যদি পার্থক্য থাকে তেনেহ’লে ‘P’ কেন্দ্ৰটো যিমান ওজন বেছি সেইফালে টান খাব। চিত্র- ১২ ৰ ১ ৰ পৰা ৩ নং চিত্ৰলৈ মন কৰিলে কেন্দ্ৰৰ তিনিটা অৱস্থান লক্ষ্য কৰিলেই এই বিষয়ে এটা পৰিস্কাৰ ধাৰণা ল’ব পাৰি। অৰ্থাৎ এনে কোনো পৰিস্থিতিত যদি দেখা যায় যে দুবিধ কেঁচামাল আৰু এখন বজাৰৰ যিকোনো এটা ক্ষেত্ৰত পৰিবহন ব্যয় সকলোতকৈ কম, (অর্থাৎ উদাহৰণ হিচাপে ওজন বা আকর্ষণী বল বেছি) সেই ক্ষেত্ৰত উৎপাদন ব্যয় সৰ্বনিম্ন ৰাখিবলৈ শিল্পকেন্দ্র (p) সেই আকৰ্ষণী বলৰ (Force) উৎসৰ ওচৰে-পাজৰে স্থাপন হ’ব।
9. ওৱেবাৰৰ তত্ত্বৰ সমালোচনাসমূহ উল্লেখ কৰা। (Mention the criticisms of Weber’s theory.)
উত্তৰঃ আজিৰ পৰা প্ৰায় ১০০ বছৰৰ আগে আলফ্ৰেড ওৱেবাৰৰ উদ্যোগৰ অৱস্থান সম্পর্কিত তত্ত্বটো প্ৰকাশিত হোৱাৰ পিছত পৃথিৱীৰ বিভিন্ন দেশে, সমাজ বিজ্ঞানৰ বিভিন্ন দিশৰ পৰা তত্ত্বটো গভীৰভাৱে বিশ্লেষণ কৰা হয়। ফলত আলোচ্য তত্ত্বটোৰ কিছু দুৰ্বলতা আৰু কিছু প্রশংসনীয় দিশ দেখা গৈছে। ওৱেবাৰৰ তত্ত্বটোৰ কিছু দুৰ্বলতা আৰু কিছু প্ৰশংসনীয় দিশ দেখা গৈছে। ওৱেবাধৰ তত্ত্বটোৰ কিছু কিছু অংশ হয়টো অস্বচ্ছ বা কিছুমান আর্থসামাজিক উপাদান তেওঁৰ আলোচনাত পোৱা নাই। এইবোৰ দোষ-ত্রুটি থকা স্বত্বেও, ওৱেবাৰৰ নূন্যতম ব্যয়তত্ত্বটো আজিও প্রাসঙ্গিক। কেৱল সেইয়ে নহয়, ওৱেবাৰৰ পৰৱৰ্তী পৰ্যায়ত উদ্যোগৰ অৱস্থান সংক্রান্ত বিমান তত্ত্ব প্ৰকাশিত হৈছে তাৰ পটভূমিও ওৱেবাৰৰ তাত্ত্বিক বিশ্লেষণৰ মাজেদি ৰচিত হৈছিল।
(ক) আলোচ্য তত্ত্বটো কিছুমান প্রাথমিক অভিধাৰণাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে। সেই অভিধাৰণাসমূহ অধিকাংশই বাস্তৱসম্মত নহয়। যেনে– উদ্যোগ সম্ভাৱনাময় অঞ্চলৰ প্ৰাকৃতিক সমতা বা শ্ৰমিকৰ সম কাৰিকৰী দক্ষাত ইত্যাদি ধাৰণাসমূহ কাল্পনিক।
(খ) উক্ত তত্ত্বটোত যিটো পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ কথা কোৱা হৈছে প্ৰকৃতত্ত্বে উদ্যোগসমৃদ্ধ কোনো অঞ্চলতে সময়ৰ লগে লগে পূৰ্ণ প্ৰতিযোগিতা বজাৰৰ ধাৰণাটো সম্পূর্ণ কাল্পনিক।
(গ) বিভিন্ন আর্থ-সামাজিক অৱস্থাৰ মাজেৰে শিল্প-উদ্যোগ এটা গঢ়ি তুলিবলৈ হ’লে কেনেদৰে চৰকাৰী নীতি, অর্থনৈতিক কাৰ্য-কলাপ, সংগঠনৰ দৃষ্টিভঙ্গী ইত্যাদি কাৰকে প্রভাৱিত কৰে সেই সম্বন্ধে ওৱেবাৰে তেওঁৰ তত্ত্বটোত আলোকপাত কৰা নাই।
(ঘ) এই তত্ত্বটোত পৰিবহন ব্যয়ৰ বিভিন্ন দিশ বিশদভাৱে আলোচনা কৰা।
10. কৃষিক প্ৰভাৱিত কৰা কাৰকসমূহ কি কি? কৃষি পদ্ধতিৰ বিভাগবোৰ দেখুৱাই প্ৰত্যেকৰে চমু বিৱৰণ দিয়া। (What are the factors affecting agriculture ? Give a brief de scription of each of the agricultural methods.)
উত্তৰঃ উষ্ণতা, বৃষ্টিপাত, আৰ্দ্ৰতা, মাটিৰ গুণাগুণ আদিৰ বাবে কৃষি উৎপাদনৰ গুণাগুণ আৰু পৰিমাণ ভিন্ন হয়। বৃষ্টিপাত আৰু তাপমান অধিক হোৱা স্থানৰ কৃষি, মৌচুমীৰ অঞ্চলৰ কৃষি বা মৰু অঞ্চলৰ কৃষি বেলেগ বেলেগ। উদ্ভিদক বাচি থাকিবলৈ গড়ে ৬°ছে. তাপমাত্ৰাৰ প্রয়োজন। অন্যথা ইয়াৰ কম হ’লে মৰি যাব।
আকৌ অত্যাধিক উত্তাপো উদ্ভিদৰ বাবে ক্ষতিকাৰক। সেয়ে কৃষিপদ্ধতি নিৰ্ভৰ কৰে জলবায়ুৰ ওপৰত। ইয়াৰোপৰি, মাটিৰ গুণাগুণ, মূলধন, চৰকাৰৰ নীতি, মাটিৰ ব্যৱহাৰৰ পদ্ধতি, যোগাযোগ, জলসিঞ্চন, বজাৰ আদিও বৰ্তমান কৃষিৰ বাবে অপৰিহাৰ্য।
কৃষিৰ শ্ৰেণীবিভাজনঃ কৃষি পদ্ধতিক তলত দিয়া ধৰণে বিভাজন কৰিব পাৰি– মাটিৰ যোগানৰ ওপৰত নিৰ্ভৰ কৰি কৃষিক দুটা ভাগত ভাগ কৰিব পাৰি–
(ক) গহন কৃষি (Intensive agriculture)।
(খ) বিস্তৃত কৃষি (Extensive agriculture)।
(ক) গহন কৃষিঃ যিবোৰ দেশত মাটিৰ অনুপাতে জনসংখ্যা অধিক, তেনেবোৰ দেশত গহন পদ্ধতিত কৃষি কৰা হয়। ব্যক্তি অনুপাতে ভূমি কম হোৱা বাবে কম পৰিমাণৰ কৃষিভূমিত ই অধিক পৰিশ্ৰম, সাৰ প্ৰয়োগ, উন্নত বীজ আৰু জলসিঞ্চন পদ্ধতিৰে অধিক উৎপাদন কৰাই এই কৃষিৰ উদ্দেশ্য। বছৰটোৰ ভিতৰতে কেইবাবিধো শস্যৰ খেতি কৰা হয়। ভাৰত, চীন, জাপান, বৃটেইন, হলেণ্ড, জার্মানী আদি জনবহুল দেশত এনে পদ্ধতিত কৃষিকাৰ্য কৰা হয়।
(খ) বিস্তৃত কৃষিঃ যিবোৰ দেশত জনসংখ্যাৰ অনুপাতে মাটিৰ পৰিমাণ অধিক তেনেবোৰ দেশত বিস্তৃত কৃষি কৰা হয়। ভূমিৰ ওপৰত জনসংখ্যাৰ চাপ যথেষ্ট কম হয়। আমেৰিকা, অষ্ট্ৰেলিয়া, ব্রাজিল আদি দেশত এনে পদ্ধতিত কৃষি কৰা হয়। এই পদ্ধতিত বনুৱাৰ সলনি ট্রেক্টৰ, শস্য চপোৱা যন্ত্র আদি আধুনিক যন্ত্রপাতি ব্যৱহাৰ কৰি বিজ্ঞানসম্মতভাৱে খেতি কৰা হয়। বছৰত এবিধ শস্যৰ খেতি কৰা হয়। এনে পদ্ধতিৰ কৃষিত যথেষ্ট মূলধনৰ প্ৰয়োজন হয়। পানী আৰু আৰ্দ্ৰতাৰ ভিত্তিত কৃষিক তিনিটা ভাগত ভাগ কৰা হয়–
(i) আর্দ্র কৃষি।
(ii) জলসিঞ্চন কৃষি।
(iii) শুষ্ক কৃষি।
(i) আর্দ্র কৃষিঃ নিয়মিতভাৱে প্ৰচুৰ বৰষুণ হোৱা অঞ্চলত এনে কৃষি কৰা হয়। অত্যাধিক বৃষ্টিপাতৰ বাবে মাটি আৰ্দ্ৰ হৈ থাকে। এনে পদ্ধতি কম ব্যয়বহুল। বাংলাদেশ, উত্তৰ-পূৱ ভাৰত, শ্রীলংকা আদিত এনে কৃষি কৰা হয়।
(ii) জলসিঞ্চনঃ অনিয়মিত আৰু কম বৰষুণ হোৱা অঞ্চলত এই পদ্ধতিৰ কৃষি কৰা হয়। এই কৃষি কৰা অঞ্চলসমূহত কৃত্রিম উপায়েৰে খাল-বিল, নদ-নদীৰে পানী পথাৰলৈ যোগান ধৰা হয়। ঋতু অনুসৰি বৰষুণ হোৱা মৌচুমী অঞ্চলবোৰত এনে কৃষি কৰা হয়। বহুতো শুষ্ক অঞ্চলতো এনে পদ্ধতিৰে কৃষি সম্ভৱ হৈছে। এনে কৃষি যথেষ্ট ব্যয়বহুল হোৱা বাবে বজাৰৰ বাবে গোটেই বছৰজুৰি শস্যৰ খেতি কৰা হয়।
(গ) শুষ্ক কৃষিঃ ৫০ছে. মিটাতকৈ কম বৃষ্টিপাত হোৱা অঞ্চলত শুষ্ক কৃষি কৰা হয়। এনে অঞ্চলবোৰত জলসিঞ্চনৰো সুবিধা নাই। কৃষিভূমি যথেষ্ট দকৈ চহাই কিছুমান সৰু সৰু বিভক্ত কৰি লোৱা হয় নতুবা খাপখাপকৈ কাটি কেতবোৰ বেদিকাৰ সৃষ্টি কৰি লোৱা হয়। বাষ্পীভৱন ৰোধ কৰিবৰ বাবে আৱশ্যক অনুসৰি ওপৰত ঢাল দিয়া হয়। এই পদ্ধতিও যথেষ্ট ব্যয়বহুল। কপাহ, ঘেঁহু এনে পদ্ধতিত কৰা হয় ৷
শস্যৰ সংখ্যা অনুসৰি কৃষিক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি–
(ক) এবিধ শস্যৰ খেতি।
(খ) দুবিধ শস্যৰ খেতি।
(গ) বহুবিধ শস্যৰ খেতি।
(ক) এবিধ শস্যৰ খেতিঃ যিবোৰ অঞ্চলত খেতিয়কে বছৰত বিশেষ এবিধ শস্যৰ খেতিহে কৰে তেনে খেতিক এবিধ শস্যৰ খেতি বোলা হয়। এই কৃষিৰ শস্য বজাৰৰ চাহিদাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়। ব্রাজিলৰ কফি খেতি, অসমৰ চাহ, কিউবাৰ কুঁহিয়াৰ খেতি আদি এনে কৃষি পদ্ধতিৰ উদাহৰণ।
(খ) দুবিধ শস্যৰ খেতিঃ একেডোখৰ মাটিত ক্ৰমাগতভাৱে বা সমান্তৰালভাৱে দুবিধ শস্যৰ খেতি কৰা হয়। জাপানৰ দৰে জনবহুল দেশত এনে পদ্ধতিত কৃষি কৰা হয়। দুবিধ শস্য সমান্তৰালকৈ কৰিবৰ বাবে মাটিডৰা পৰ্বত আৰু ভৈয়ামৰ দৰে ওখ-চাপৰ কৰি লোৱা হয়। জাপান, চীন, দক্ষিণ ভাৰত, বাংলাদেশ আদিত এনে পদ্ধতিত কৃষি কৰা হয়।
(গ) বহুবিধ শস্যৰ খেতিঃ বছৰটোত একেডৰা মাটিতে কেবাবিধ শস্যৰ খেতি কৰা হয়। এনে কৃষিৰ বাবে উকৃষ্ট বীজ, মাটিৰ বৈজ্ঞানিক প্ৰতিপালন, জলসিঞ্চন, সাৰৰ প্ৰয়োজন। চীন, জাপান, ভাৰতৰ কেতবোৰ অঞ্চলত এনে পদ্ধতিত কৃষি কৰা হয়।
উদেশ্য অনুসৰি কৃষিকাৰ্যক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি–
(ক) আত্মনিৰ্ভৰশীল কৃষি।
(খ) বাণিজ্যিক কৃষি।
(ক) আত্মনিৰ্ভৰশীল কৃষিঃ যিবোৰ খেতি কেৱল নিজে খাই-বৈ জীয়াই থাকিবলৈ কৰা হয় তাক আত্মনিৰ্ভৰশীল কৃষি বোলে। ইয়াত ৰপ্তানি সম্ভৱ নহয়। যেনে– ঝুম পদ্ধতিৰ কৃষি।
(খ) বাণিজ্যিক কৃষিঃ আধুনিক আৰু উন্নত আহিলা পাতি ব্যৱহাৰ কৰা এনে কৃষি ৰপ্তানিৰ উদ্দেশ্যে বিজ্ঞানসম্মত ভাৱে কৰা হয়।
এইবোৰৰ উপৰিও আৰু কেইবাপ্ৰকাৰৰ কৃষি আছে। যেনেঃ- স্থানান্তৰিত কৃষি, ৰোপণ কৃষি, যোগানীয়া কৃষি আদি।
স্থানান্তৰিত কৃষি বা ঝুমখেতি বা অস্থায়ী খেতি হ’ল স্থান সলনি কৰি কৰি কৰা খেতি। উত্তৰ- পূব ভাৰতত এনে কৃষিক ঝুম বোলে।
ৰোপণ কৃষি এবিধ শস্যৰ দৰে যদিও ইয়াক শিল্পৰ দৰে পৰিচালিত কৰা হয়। এই খেতিও
বৈজ্ঞানিক পদ্ধতিত কৰা হয়।
বৃহৎ বৃহৎ নগৰ-চহৰসমূহৰ ওচৰত খেতিমাটিৰ অভাৱ। নগৰৰ লোকসকলৰ বাবে প্ৰয়োজনীয় শাক-পাচলি কিছু দূৰৈৰ পৰা গাড়ীৰে আনি যোগান ধৰা হয়। এনে কৃষিক যোগনীয়া কৃষি বোলে।
11. প্ৰদান খাদ্যশস্যৰ বিতৰণ আৰু উৎপাদনৰ বিষয়ে লিখা। (Write about the distribution and production of staple food grains.)
উত্তৰঃ পৃথিৱীৰ কেইবিধমান খাদ্যশস্যৰ বিষয়ে তলত উল্লেখ কৰা হ’ল—
ধানঃ ক্রান্তীয় দেশসমূহৰ লোকসকলৰ প্ৰধান খাদ্যশস্য হ’ল ধান। ঘনবসতিপূর্ণ মৌচুমী দেশসমূহৰ বাবে উল্লেখযোগ্য শস্যবিধ হ’ল ধান। ধানৰ প্ৰধান ভাগ দুটা হ’ল জেপ’নিকা আৰু ইণ্ডিকা। জেপ’নিকা ক্ৰান্তীয় অঞ্চলত আৰু ইণ্ডিকা গ্ৰীষ্ম আৰু ক্ৰান্তীয় অঞ্চলত কৰা হয়।
ধানখেতিৰ বাবে পলসুৱা সমতল ভূমিৰ প্ৰয়োজন। বৃষ্টিপাতৰ পৰিমাণ ১১২ ছে.মি.ৰ পৰা ১৫০ ছে.মি. হোৱা দৰকাৰ। মৌচুমীয় দেশবোৰ ধানখেতিৰ বাবে উপযোগী। ধানখেতিৰ বাবে ২৫°ছে. ৰ পৰা ৩৫ ছে. উত্তাপৰ প্ৰয়োজন। এই খেতি সিঞ্চন আৰু দ্বিৰোপণ দুটা পদ্ধতিৰে কৰা হয়।
বিতৰণঃ ধানখেতি চীন, ভাৰত, জাপান, বাংলাদেশ, থাইলেণ্ড, ভিয়েটনাম, ইণ্ডোনেছিয়া, কানাডা, ম্যানমাৰ আদি দেশত প্ৰচুৰ পৰিমাণে ধানখেতি কৰা হয়। পৃথিৱীৰ মুঠ ধান উৎপাদন ৯১ শতাংশ এছিয়াই অকলে উৎপাদন কৰে। চীন আৰু ভাৰতত মুঠ শস্যভূমিৰ এক তৃতীয়াংশ আৰু এক চতুর্থাংশত ধানখেতি কৰা হয়। ভাৰতবৰ্ষৰ প্ৰধান ধান উৎপাদনকাৰী ৰাজ্যসমূহ হ’ল পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, অসম আদি। পৃথিৱীৰ প্ৰধান ধান উৎপাদনকাৰী অঞ্চলসমূহ তলত দেখুওৱা হ’ল—
উৎপাদনঃ ২০০১-০২ চনত পৃথিৱীৰ মুঠ ধান উৎপাদন আছিল ৩৯৮.৬০ মিলিয়ন মেট্রিক টিন। ২০০৩ – ০৪ চনত মুঠ আছিল ৩৯১.৩০ মিলিয়ন মেট্রিক টন। ২০০১ চনত চীনে ১২৪.৩১ মিলিয়ন মেট্রিক টন ধান উৎপাদন কৰিছিল। ভাৰতে ২০০১ চনত ৯৩.০৮ মিলিয়ন মেট্রিক টন ধান উৎপাদন কৰিছিল। ধান উৎপাদনত চীনদেশে প্রথমস্থান লাভ কৰিছে। ২০০৩ চনত চীনে ১১৮ মিলিয়ন মেট্রিক টন ধান উৎপাদন কৰিছিল। তলত কেইখনমান দেশৰ ধান উৎপাদন দেখুওৱা হ’ল—
ঘেঁহুঃ ঘেঁহু এবিধ প্রধান খাদ্য শস্য। পৃথিৱীৰ বহুলোকৰ প্ৰধান খাদ্যশস্য হ’ল ঘেঁহু। ই প্ৰটিন আৰু কাৰ্বহাইড্ৰেটযুক্ত। পৃথিৱীৰ ৩০° আৰু ৫৫° উত্তৰ অক্ষাংশৰ মাজত উত্তৰ গোলাৰ্ধত ঘেঁহু উৎপাদনকাৰী অঞ্চলসমূহ অৱস্থিত। সেই খেতিৰ বাবে ৫০ ছে.মি. – ১০০ ছে. মি. বৃষ্টিপাত প্রয়োজন। এই খেতিৰ বাবে পানী বন্ধ হৈ নথকা সমতল ভূমি বা এচলীয়া মাটিৰ প্রয়োজন। বীজ সিঁচাৰ সময়ত বতৰ সেমেকা হোৱা উচিত। ঘেঁহু ঘাইকে দুবিধ– শীতকালীন ঘেঁহু আৰু বসন্তকালীন ঘেঁহু।
বিতৰণঃ ঘেঁহু মধ্য অক্ষাংশীয় দেশ, ভূমধ্যসাগৰীয় ভূমি আৰু মৌচুমীয় ভূমিত কৰা হয়। মার্কিন যুক্তৰাষ্ট্ৰ, কানাডা, ইউৰোপ, আৰ্জেন্টিনা, অষ্ট্ৰেলিয়া, উত্তৰ চীন, ভাৰতৰ গংগা- সিন্ধু উপত্যকাত ঘেঁহু খেতি কৰা হয়। আৰ্জেন্টিনাৰ পাম্পাছ অঞ্চলৰ উৰ্বৰ মাটি ঘেঁহু খেতিৰ বাবে উৎকৃষ্ট। ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশ, পঞ্জাৱ, মধ্যপ্রদেশ, মহাৰাষ্ট্ৰ আৰু বিহাৰৰ পলসুৱা মাটিত ঘেঁহ খেতি ভাল হয়। তলত পৃথিৱীৰ প্রধান ঘেঁহু উৎপাদনকাৰী অঞ্চলসমূহ দেখুওৱা হ’ল—
উৎপাদনঃ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ লগে লগে ঘেঁহুৰ উৎপাদনো বাঢ়ি গৈছে। ২০০৩ – ০৪ বৰ্ষত পৃথিৱীৰ মুঠ ঘেঁহু উৎপাদন আছিল ৫৫০.৫১ মিলিয়ন মেট্রিক টন। আমেৰিকাই মুঠ উৎপাদনৰ ২১.১৩ শতাংশ, কানাডাই ৯.৮২ শতাংশ ঘেঁহ বিদেশলৈ ৰপ্তানি কৰিছিল। ঘেঁহু উৎপাদনত শীর্ষস্থান দখল কৰি আছে চীনে। চীনে ২০০৩ বৰ্ষত ৮৬.১০ মিলিয়ন মেট্রিক টন ঘেঁহু উৎপাদন কৰিছিল। ভাৰতে ২০০৩ বৰ্ষত ৬৫.১৩ মিলিয়ন মেট্রিক টন ঘেঁহু উৎপাদন কৰিছিল। তলত কেইখনমান দেশৰ ঘেঁহু উৎপাদন দেখুওৱা হ’ল—
12. উদ্যোগ স্থাপনত প্ৰভাৱ পেলোৱা কাৰকসমূহৰ বিষয়ে লিখা। (Write about the factors that influence the establishment of the industry?)
উত্তৰঃ পৃথিৱীৰ সকলোবোৰ ঠাই উদ্যোগিক ক্ষেত্ৰত সমানে আগবঢ়া নহয়। দেশখনৰ ভিতৰতে কোনোবাটো আকৌ পিছপৰা। কিছুমান বিশেষ কাৰকৰ বাবে একো একোটা অঞ্চলত উদ্যোগ গঢ়ি উঠে। অর্থাৎ উদ্যোগ স্থাপনৰ ক্ষেত্ৰত বিভিন্ন কাৰকে প্ৰভাৱ পেলায়। উদ্যোগ স্থাপন হ’বলৈ কিছুমান নিৰ্দিষ্ট কাৰকৰ প্রয়োজন। সেইবোৰ তলত দিয়া ধৰণৰ—
(ক) কেঁচামালঃ কোঁচামাল যিকোনো উদ্যোগ স্থাপনৰ বাবে অতিকৈ প্ৰয়োজনীয়। কাৰণ সকলো শিল্পৰে মূল হ’ল কেঁচামাল। কিছুমান কেঁচামাল প্রকৃত ওজন হেৰুৱাই আৰু কিছুমানে ওজন নেহেৰুৱায়। যিবোৰ কেঁচামালৰ ওজন হ্ৰাস পায় যেনে লো আকৰিক, কুঁহিয়াৰ আদি উদ্যোগবোৰৰ আশে-পাশে উপলব্ধ হোৱা দৰকাৰ। এনেবোৰ গধুৰ কেঁচামালবোৰ উদ্যোগৰ ওচৰতে পোৱা নগ’লে আন ঠাইৰ পৰা কঢ়িয়াব লাগিলে যথেষ্ট পৰিবহন ব্যয়ো বেছি হয়। মৎস্য উদ্যোগ, ফলমূল উদ্যোগ আদি সাধাৰণতে কেঁচামালৰ উদ্যোগ যেনে কপাহ, মৰাপাট আদিৰ কেঁচামালপ্রাপ্ত স্থানৰ পৰা দূৰৈত উদ্যোগ স্থাপন কৰিব পাৰি।
আলফ্ৰেড ওৱেবাৰ (Alfred Weber) ৰ মতে পৰিবহন ব্যয় সর্বনিম্ন স্থানত উদ্যোগ স্থাপন হোৱা প্ৰয়োজনীয়।
শক্তিঃ যিকোনো উদ্যোগৰ বাবে শক্তিৰ প্ৰয়োজন। কেঁচামাল পর্যাপ্ত হ’লেও শক্তিৰ অবিহনে উদ্যোগ স্থাপন হোৱা অসম্ভৱ। উদ্যোগবোৰ চলিবলৈ কয়লা, বোৱতী পানী, পেট্রোলিয়াম, প্ৰাকৃতিক গেছ আদিৰ পৰা শক্তি আহে। ধাতুগত উদ্যোগসমূহৰ বাবে কয়লা হৈছে প্ৰধান শক্তিৰ উৎস। সেইবাবে সেইবোৰ কয়লাক্ষেত্ৰৰ ওচৰত অৱস্থিত। বর্তমান জলবিদ্যুত শক্তি অতি দূৰলৈ পৰিবহন কৰিব পৰা বাবে কিছুমান উদ্যোগৰ ক্ষেত্ৰত শক্তি সম্পৰ্কে স্থান নিৰূপণত কিছু গুৰুত্ব কমাইছে। অৱশ্যে জলবিদ্যুত খণ্ডৰ পৰা উদ্যেগসমূহ ৬০০ কি.মি. ৰ এলেকাৰ ভিতৰতে অৱস্থিত হয়। চুইজাৰলেণ্ডৰ প্ৰায়বোৰ উদ্যোগ জলবিদ্যুতেৰে চলোৱা হয়, কাৰণ ইয়াত কয়লা বা খনিজ তেল পোৱা নাযায়।
শ্রমিকঃ যিকোনো শিল্পতে শ্রমিকৰ প্রয়োজন হয়। পাকৈত শ্রমিকৰ প্ৰাৰ্যুতাই উদ্যোগ স্থাপনত যথেষ্ট প্রভাৱ পেলায়। স্থানীয়ভাৱে উপলব্ধ হোৱা বনুৱাৰ মজুৰী কম হোৱাৰ বিপৰীতে আমদানিকৃত বনুৱাৰ মজুৰী বেছি হয়। বনুৱা প্ৰধান উদ্যোগ যেনে বৈদ্যুতিক সামগ্ৰী তৈয়াৰী উদ্যোগ, বাচন-বৰ্তন তৈয়াৰী উদ্যোগ, কাঁচ উদ্যোগ আদিৰ অৱস্থানত পাকৈত শ্রমিকৰ প্ৰাচুৰ্যতাই যথেষ্ট প্রভাৱ পেলায়। কফি, চাহ, ৰবৰ আদি উদ্যোগত অইন ঠাইৰ পৰা বনুৱা আমদানি কৰিব পাৰি।
মূলধনঃ মূলধন অবিহনে শিল্পদ্যোগ স্থাপন সম্ভৱ নহয়। ঘৰুৱা উদ্যোগৰ পৰা বৃহৎ উদ্যোগলৈ সকলোতে মূলধনৰ প্ৰয়োজন হয়। বর্তমান আধুনিক নির্মাণ শিল্পৰ বাবে যথেষ্ট পৰিমাণৰ মূলধন। উদ্যোগ এটাৰ পৰিবহন, কেঁচামাল, শক্তি, বনুৱা আদি সকলোবোৰ কাৰকৰ বাবে মূলধনৰ প্ৰয়োজন। সেয়ে আন সকলোবোৰ উৎপাদান থকা সত্বেও মূলধনৰ অভাৱত কিছুমান দেশে উদ্যোগিক ক্ষেত্ৰত উন্নতি কৰিব পৰা নাই।
বজাৰঃ উৎপাদিত সামগ্ৰীবোৰ বিক্ৰীৰ বাবে এখন বজাৰৰ যথেষ্ট প্রয়োজন হয়। উৎপাদিত সামগ্ৰীবোৰৰ পৰিবহন ব্যয় তুলনামূলকভাৱে কেঁচামাল পৰিবহন ব্যয়তকৈ অধিক বজাৰৰ নিকটস্থানে উদ্যোগ এটাৰ পৰিবহন ব্যয় যথেষ্ট হ্ৰাস কৰে। আকৌ যিবোৰ বস্তু সোনকালে নষ্ট হয় তেনে সামগ্ৰীৰ বাবে বজাৰখনৰ ওচৰতে উদ্যোগ স্থাপন হোৱা দৰকাৰ। আকৌ বাতৰি কাকতৰ দৰে উদ্যোগবোৰ প্ৰধান বজাৰৰ কাষতে অৱস্থিত। কাৰণ আগৰ দিনৰ বাতৰিকাকতখন কোনেও পঢ়িব নিবিচাৰে।
যাতায়তঃ নতুন উদ্যোগ স্থাপনৰ বাবে অঞ্চলটোলৈ পৰিবহন ব্যৱস্থা সূচল হোৱা দৰকাৰ। কেঁচামাল সংগ্ৰহৰ পৰা উৎপাদিত সামগ্ৰী বজাৰলৈ নিবলৈ পৰিবহন ব্যৱস্থা জৰুৰী। সেয়ে উন্নত আৰু কম ব্যয়বহুল পৰিবহন সুবিধাক উদ্যোগিক স্থান নিৰ্ধাৰণৰ এটা গুৰুত্বপূৰ্ণ কাৰকৰূপে গণ্য কৰা হয়। শিল্পকেন্দ্ৰবোৰৰ মতে দেশৰ স্থলপথ, জলপথ আৰু আকাশীপথ সংযুক্ত হৈ থাকিলে ভাল। আমেৰিকাৰ গ্ৰেটলেক অঞ্চলত বহুতো উদ্যোগ গঢ়ি উঠাৰ এটা প্ৰধান কাৰণ হ’ল সুচল আৰু কম ব্যয়বহুল জলুপিবহন ব্যৱস্থা। তেনেদৰে সুচল আৰু ব্যয়বহুল ৰেল পৰিবহনৰ সুবিধাৰ বাবে ভাৰতৰ পশ্চিম অংশত কপাহী বয়ন উদ্যোগবোৰ গঢ়ি উঠিছে।
চৰকাৰৰ শিল্পনীতিঃ শিল্পোদ্যোগ স্থাপনৰ প্ৰতি চৰকাৰ এখনৰ সহায় আৰু উৎসুকতাৰ যথেষ্ট প্রয়োজন। চৰকাৰৰ অনুকূল শিল্পনীতিসমূহে দেশ এখনক উদ্যোগিক ক্ষেত্ৰত যথেষ্ট আগবঢ়াই নিব পাৰে।
এইবোৰৰ উপৰিও উদ্যোগ স্থাপনত জলবায়ু, চাহিদা, পৰিচালনা, পৰম্পৰা আদি বিভিন্ন কাৰকে প্রভাৱ পেলায়।