Economic Geography Unit 3 প্রাথমিক ক্রিয়াকলাপ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Economic Geography Unit 3 প্রাথমিক ক্রিয়াকলাপ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Economic Geography Unit 3 প্রাথমিক ক্রিয়াকলাপ Question Answer can be of great value to excel in the examination.
Economic Geography Unit 3 প্রাথমিক ক্রিয়াকলাপ
Economic Geography Unit 3 প্রাথমিক ক্রিয়াকলাপ Notes cover all the exercise questions in UGC Syllabus. The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
28. স্থায়ী কৃষি আৰু বাণিজ্যিক কৃষিৰ এটি বিৱৰণ দিয়া। (Give a description of sustainable agriculture and commercial agriculture.)
উত্তৰঃ নদ-নদীৰ দাঁতি কাষৰীয়া অঞ্চলৰ পলসুৱা মাটিত স্থায়ী খেতি কৰা হয়। স্থায়ী খেতিক পোহ-পালনৰ ওপৰত ভিত্তি কৰি দুটা ভাগত ভাগ কৰিব পাৰি। সেই দুটা হ’ল— আত্মনিৰ্ভৰশীল বা পোষণ খেতি আৰু নিৰুদ্যোগ বা স্থানিক কৃষি।
আত্মনিৰ্ভৰশীল বা পোষণ কৃষিঃ যি কৃষিৰ পৰা এটা পৰিয়াল সাধাৰণভাৱে পোহ-পালন আৰু স্থায়ীভাৱে ভৰণ-পোষণৰ বাবেই আৱশ্যকীয় সম্ভাৰখিনি উৎপাদন কৰে তেনে কৃষিক পোষণ বা আত্মনিৰ্ভৰশীল কৃষি বুলি কোৱা হয়। পোষণ কৃষিক আত্মনিৰ্ভৰশীল কৃষি বুলি কোৱা হয় ৷ পোষণ বা আত্মনির্ভশীল খেতিক দুটা ভাগত ভাগ কৰিব পাৰি— স্থানান্তৰী আদিম কৃষি আৰু আদিম স্থায়ী কৃষি।
স্থানান্তৰিত আদিম কৃষিঃ কৃষিৰ স্থান সলনি কৰি আওপুৰণি প্ৰথাৰে কৰা খেতি স্থানান্তৰিক কৃষি বোলে।
আদিম স্থায়ী কৃষিঃ ঘৰৰ নাটনিৰ জোৰা মাৰিবলৈ এডৰা মাটিতে বছৰ বছৰ ধৰি ইটোৰ পিছত সিটোকৈ একেলেঠাৰিকৈ কৰা কৃষি পদ্ধতিকে আদিম স্থায়ী কৃষি বুলি কোৱা হয়।
বাণিজ্যভিত্তিক কৃষিঃ যিবিলাক খেতিৰ দ্বাৰা অর্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ সুবিধা আছে তেনেবিলাক খেতিক বাণিজ্যিক কৃষি বুলি কোৱা হয়। বাণিজ্যিক কৃষিৰ উৎপাদিত সামগ্ৰী বজাৰত বিক্ৰীৰ উদ্দেশ্যে কৰা হয়। চাহ, ৰবৰ, লিচু, কফি, সুমথিৰা, আম, আদি বাণিজ্যিক কৃষিৰ অন্তৰ্ভুক্ত।
29. পার্থক্য লিখাঃ
(ক) গহন কৃষি আৰু বিস্তৃত কৃষি (Intensive agriculture and extensive agriculture.)
উত্তৰঃ গহন কৃষি এনেকুৱা দেশবোৰত কৰা হয় য’ত কৃষি মাটিৰ পৰিমাণ জনসংখ্যাৰ তুলনাত কম। তেনেবোৰ ঠাইত আধুনিক পদ্ধতিৰে উন্নত আৰু অধিক উৎপাদনক্ষম বীজ সাৰৰ প্ৰয়োগ, প্রয়োজন সাপেক্ষে কীট-পতংগ, পোক-পৰুৱা নাশক দ্ৰৱ্যৰ ব্যৱহাৰ কৰি এইবিধ কৃষি কৰা হয়। জাপান, ব্রিটেইন, জার্মানী আদি দেশত গহন প্ৰণালীৰে খেতি কৰা হয়।
যিবোৰ দেশত জনসংখ্যাৰ তুলনাত কৃষিভূমিৰ পৰিমাণ অধিক তেনে দেশত বিস্তৃত কৃষি কৰা দেখা যায়। মাটি চহোৱা, শস্য সিঁচা, সাৰ প্রয়োগ, বন আদি গুচোৱা কাৰ্য, মৰণা মৰা আদি সকলো কাৰ্য যন্ত্ৰৰ দ্বাৰা কৰা হয়। ৰাছিয়া, আমেৰিকা, অষ্ট্ৰেলিয়া আদিত এই খেতি কৰা হয়।
(খ) জলসিঞ্চন কৃষি আৰু আৰ্দ্ৰ কৃষি। (Irrigation agriculture and wet agriculture.)
উত্তৰঃ জলসিঞ্চন আৰু আৰ্দ্ৰ কৃষিৰ মূল পার্থক্য হ’ল আৰ্দ্ৰ কৃষিৰ কাৰণে বৰষুণৰ পানীৰ অভাৱ নহয়, তাত বীজ সিঁচাৰ কাৰণে বতৰৰ অৱস্থা বুজি ল’ব লাগে। কিন্তু জলসিঞ্চন কৃষি হ’ল খেতি পথাৰত কুঁৱা, দমকল, পুখুৰী আদিৰ উপৰিও নদ-নদী বা জান-জুৰিত বান্ধ দি খেতি পথাৰলৈ বিভিন্ন উপায়েৰে পানী দি খেতি কাৰ্য সম্পাদন কৰা হয়।
(গ) মিশ্ৰ কৃষি আৰু ৰোপণ কৃষি। (Mixed agriculture and planting agriculture.)
উত্তৰঃ মিশ্ৰ কৃষি আৰু ৰোপণ কৃষিৰ প্ৰধান পার্থক্য হ’ল ৰোপণ কৃষি বিশেষ ধৰণৰ বাণিজ্যিক খেতি, এই খেতি এবাৰ কৰাৰ পাছত বহু বছৰলৈ উপভোগ কৰি থাকিব পাৰি কিন্তু মিশ্ৰ কৃষি প্ৰধানকৈ জলবায়ুৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰশীল। যি অঞ্চলত বছৰ জুৰি বৃষ্টিপাত আৰু শীতকালত অধিক শীত, তেনে অঞ্চলত মিশ্ৰ কৃষি কৰা দেখা যায়। মিশ্র কৃষিত মিঠা আলু, ঘেঁহু, বালি আদি উৎপাদন হয়। ব্যৱসায়িক ভিত্তিত ফুলৰ খেতি হয়। মীন পালন, হাঁহ-কুকুৰা পালন, গাখীৰ তথা মাংসৰ বাবে গৰু-ম’হ পালন, মাংস, ঊল-ছালৰ কাৰণে ভেড়া ছাগলী পালন কৰা হয়।
(ঘ) আৰ্দ্ৰ কৃষি আৰু শুষ্ক কৃষি। (Wet agriculture and dry agriculture.)
উত্তৰঃ আৰ্দ্ৰ আৰু শুষ্ক কৃষিৰ পাৰ্থক্যবোৰ হ’ল—
(ক) আৰ্দ্ৰ কৃষিত পানীৰ অভাৱ নহয়। কিন্তু শুষ্ক কৃষিত পানীৰ অভাৱ দেখা যায়।
(খ) আৰ্দ্ৰ কৃষিত কম খৰচ হয় কিন্তু শুষ্ক কৃষি ব্যয় বহুল হয়।
(গ) শুষ্ক পদ্ধতিত মাটিৰ খোটালি কৰি পানী নিয়ন্ত্ৰণ কৰা হয়। আৰ্দ্ৰ কৃষিত তাৰ প্ৰয়োজন নহয়।
(ঘ) আর্দ্র কৃষিত বতৰৰ অৱস্থা বুজি বীজ সিঁচা হয় কিন্তু শুষ্ক কৃষিত জীপাল ভূমিৰ বৈশিষ্ট্য অনুসৰি বীজ সিঁচা হয়।
30. চমুটোকা লিখাঃ
(ক) আওপুৰণি স্থায়ী কৃষি। (An ancient sustainable agriculture.)
উত্তৰঃ আওপুৰণি স্থায়ী কৃষিক স্থানান্তৰী আদিম কৃষি বুলি জনা যায়। এই কৃষি পদ্ধতিত কৃষিৰ স্থান সলনি কৰি আওপুৰণি প্ৰথাৰে কৰা হয়। এই কৃষিৰ কাৰণে অৰণ্যৰ বা পৰ্বতীয়া অঞ্চলৰ ঢালত এই খেতি কৰা হয়। এই কৃষিকাৰ্যক ঝুম খেতি বুলিও জনা যায়। এই খেতিৰ বাবে জংগল বা গছ-গছনি কাটি শুকাই লোৱা হয়, তাৰ পাছত জুই লগাই পৰিষ্কাৰ কৰা হয়। তেনেকুৱা ঠাইত বতৰ অনুযায়ী কোৰ, জোং, চিপৰাং আদিৰে মাটি খান্দি বীজ ৰোপণ কৰা হয়। এই খেতিৰ কাৰণে মাটি ডোখৰ এবাৰ খেতি কৰাৰ পিছত ৩-৪ বছৰলৈ পেলাই থোৱা হয়। তেনে খেতিত কোনো সাৰ প্ৰয়োগ কৰা নহয়। ধান, মাকৈ, তিল, আলু, আদা, হালধি, বেঙেনা আদিয়েই প্রধান। এনেবোৰ কৃষি অঞ্চলত ভূমি পট্টনৰ কোনো ব্যৱস্থা নাই।
(খ) উত্তৰ-পশ্চিম ইউৰোপৰ মিশ্ৰ কৃষি। (Mixed agriculture in north-western Europe.)
উত্তৰঃ পশ্চিম ইউৰোপৰ দেশবোৰ হ’ল— গ্রেট ব্ৰিটেইন, ফ্রান্স, জার্মানী, ডেনমার্ক, নেদাৰলেণ্ড আদি। এই অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হ’ল গোটেই বছৰ জুৰি বৃষ্টিপাত আৰু শীতকালত অধিক শীত। এই অঞ্চলত প্ৰধানকৈ বীট, মিঠা আলু, ঘেঁহু, বার্লি, মিলেট উৎপাদন কৰা হয়। ব্যৱসায় ভিত্তিত ফুলৰ খেতি কৰা হয়৷ মীন পালন, হাঁহ-কুকুৰা পালন, গাখীৰ আৰু মাংসৰ বাবে গৰু-ম’হৰ পালন, ঊল আৰু ছালৰ বাবে ভেড়া আৰু ছাগলী পালন এই অঞ্চলৰ মিশ্র কৃষিৰ বৈশিষ্ট্য।
(গ) কৃষিক বিভিন্ন শ্রেণীত বিভক্ত কৰা। (Divide agriculture into different categories.)
উত্তৰঃ পৃথিৱীত মানুহে কৰি অহা কৃষিক নানা প্ৰকাৰত বিভক্ত কৰিব পাৰি। কৃষিৰ নানা ধৰণৰ বৈশিষ্ট্য যেনে-স্থায়িত্ব, কৃষি পদ্ধতি, কৃষিৰ উদ্দেশ্য, কৃষিৰ ক্ষেত্ৰৰ আকাৰ, পুঁজিৰ বিনিয়োগ আদিৰ ওপৰত ভিত্তি কৰি কৃষিক বিভিন্ন শ্ৰেণীত বিভক্ত কৰা হৈছে। সেইবোৰ হ’লঃ
(ক) কৃষিক্ষেত্ৰৰ স্থায়িত্বৰ ভিত্তিত কৃষি দুই প্ৰকাৰৰ—
১। স্থায়ী কৃষি।
২। ঠাই সলনি কৃষি বা নাম কৃষি।
(খ) কৃষিক্ষেত্ৰৰ আকাৰৰ ভিত্তিত কৃষিক দুই প্ৰকাৰত বিভক্ত কৰিব পাৰি—
১। বিশাল বা বিস্তৃত কৃষি।
২। ক্ষুদ্র বা গ্রহণ কৃষি।
(গ) আৰ্থিক দিশৰ পৰা কৃষি দুই প্ৰকাৰৰ হ’ব পাৰে—
১ । বাণিজ্যিক কৃষি।
২। আত্মনিৰ্ভৰশীল কৃষি।
(ঘ) মাটিৰ গুণাগুণ, জলবায়ু আৰু কৃষি পদ্ধতি অনুসৰি কৃষি দুই প্ৰকাৰৰ হ’ব পাৰে—
১। শুষ্ক কৃষি।
২। আৰ্দ্ৰ কৃষি।
উপৰোক্ত কৃষিৰ ভাগবোৰৰ উপৰিও আৰু কিছুমান বিশেষ ধৰণৰ কৃষি আছে যিবোৰ পৃথিৱীৰ কোনো কোনো অঞ্চল বা দেশত কৰা হয়। যেনেঃ ৰোপন কৃষি, যৌথ কৃষি, উদ্যান কৃষি বজাৰ কৃষি আদি।
31. ঠাই সলনি কৃষিৰ (ঝুম কৃষি) এটি চমু আভাস দিয়া। এই কৃষিয়ে কেনেকৈ পৰিৱেশৰ ক্ষতি সাধন কৰে বিশ্লেষণ কৰা। (Give a brief overview of zoom farming. Write how this agriculture harms the environment?)
উত্তৰঃ পৃথিৱীৰ ক্ৰান্তীয় অঞ্চলৰ উচ্চভূমিবোৰত (পাহাৰ-পৰ্বত, মালভূমি আদি) প্রাকৃতিক কাৰণতে খেতি স্থায়ীভাৱে কৰাটো টান। এইবোৰ অঞ্চলৰ বাসিন্দাসকলে পাহাৰ-পৰ্বতৰ ঢালত অস্থায়ীভাৱে খেতি কৰে। পাহাৰ-পৰ্বতৰ ঢালত থকা হাবি-বন মুকলি কৰি একেডৰা মাটিত ২-৩ বছৰৰ বাবে অস্থায়ীভাৱে খেতি কৰে। তাৰ পিছত সেই ঠাই এৰি পুনৰ একে পদ্ধতিৰে অন্য ঠাইত খেতি কৰে কাৰণ মাটিৰ উৰ্বৰা শক্তি নোহোৱা হৈ যায়। এনেধৰণে কৰা খেতিক ঠাই সলনি খেতি বা ঝুম খেতি বুলি কোৱা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু অসমৰ পাহাৰীয়া অঞ্চলবোৰত জনজাতীয় লোকসকলে কৰে। উত্তৰ পূৰ্বাঞ্চলত এই খেতিক ঝুম খেতি বোলা হয়। এই খেতি পুৰণিকলীয়া পদ্ধতিৰে কৰা হয়। এই খেতিৰ উৎপাদন অতি কম।
ঝুম খেতিৰ ফলত পৰিৱেশৰ যথেষ্ট ক্ষতিসাধন হয়। ঝুম খেতিৰ ফলত বহুতো বনাঞ্চল ধ্বংস হয়। ঝুম খেতিৰ বাবে হাবি-বন মুকলি কৰা হয় যাৰ ফলত জীৱ-জন্তু, চৰাই-চিৰিকটি সেই ঠাই এৰি দূৰ-দূৰণিলৈ যাব লগা হয়। ফলত পশু-পক্ষীবোৰ বনাঞ্চল পৰা নোহোৱা হৈ যাব ধৰিছে। গছ-গছনি কাটি জুই লগোৱাৰ ফলত বাতাবৰণো দূষিত হৈছে। পাহাৰীয়া অঞ্চলত গছ-গছনি নোহোৱাৰ ফলত বৰষুণৰ মাত্ৰাও কমি গৈছে আৰু বৰষুণৰ দিনত পাহাৰীয়া অঞ্চল ভূমিস্খলন হোৱাৰ ফলত মানুহৰ যথেষ্ট ক্ষতিসাধন হৈছে।
32. বিস্তৃত কৃষি আৰু ক্ষুদ্র কৃষিৰ এটি তুলনাত্মক চিত্ৰ দাঙি ধৰা। (Give a comparative picture of extensive agriculture and micro-agriculture.)
উত্তৰঃ বিস্তৃত কৃষি আৰু ক্ষুদ্ৰ কৃষিৰ পাৰ্থক্য তলত দিয়া হ’ল—
33. নগৰীকৰণ আৰু বজাৰকেন্দ্ৰীক কৃষিৰ সম্বন্ধৰ এটি আভাস দিয়া। (Give a overview about urbanization and market farming.)
উত্তৰঃ কৃষিৰ অৰ্থনৈতিক কাৰকবোৰৰ ভিতৰত বজাৰৰ গুৰুত্ব সর্বাধিক। বর্তমানকালত পৃথিৱীৰ বিভিন্ন দেশৰ মাজত অর্থনৈতিক বিনিয়ম বৃদ্ধি পাই অহাৰ লগে লগে বজাৰৰ ভূমিকা সকলো ক্ষেত্ৰতো বিশেষকৈ নগৰ আৰু ঔদ্যোগিক কেন্দ্ৰবোৰত ক্ৰয় শক্তি বেছিকৈ থকা লোকসকলে বসবাস কৰাৰ বাবে তাত শাক-পাচলি, ফল-মূল আদিৰ চাহিদা অধিক। এই চাহিদা পূৰণৰ বাবে নগৰ আৰু উদ্যোগবোৰে আশে-পাশে বছৰটোৰ সকলো সময়তে শাক-পাচলি আদি উদ্যোগ শস্যৰ খেতি নিবিড়ভাৱে কৰা হয়। নগৰৰ কাষৰীয়া ঠাইবোৰত যাতায়ত পৰিবহণৰ সুবিধা থকাৰ বাবে তাত উৎপাদিত দ্রৱ্যবোৰ সহজে নগৰীয়া বজাৰত যোগান ধৰিব পাৰি। এনে সুবিধা থকাৰ বাবেই ডাঙৰ নগৰবোৰৰ কেওকাষে বজাৰকেন্দ্ৰিক কৃষি গঢ়ি উঠিছে। পৃথিৱীৰ সকলোবোৰ দেশৰ লগতে ভাৰতৰ মহানগৰবোৰত আৰু আনকি গুৱাহাটী মহানগৰৰ আশ-পাশৰ ঠাইবোৰতো বজাৰকেন্দ্ৰিক শাক-পাচলিৰ কৃষিৰ প্ৰতি কৃষক সমাজ আকৰ্ষিত হোৱা দেখা গৈছে।
34. ধান খেতিৰ বাবে কেনে পৰিৱেশৰ প্ৰয়োজন? ইয়াৰ ভৌগোলিক বিতৰণৰ বিষয়ে চমুকৈ লিখা। (What kind of environment is required for paddy cultivation? Write briefly about its geographical distribution.)
উত্তৰঃ ধান এবিধ প্ৰধান শস্য। পৃথিৱীৰ প্রায় আধা মানুহে ইয়াক মূল খাদ্য হিচাপে ব্যবহাৰ কৰে। পৃথিৱীৰ মৌচুমী জলবায়ু অনুভূত হোৱা অঞ্চলবোৰত ধানৰ খেতি কৰা হয়। সাধাৰণতে নৈপৰীয়া সমতল, উপকূল আৰু ব-দ্বীপ অঞ্চল ধান খেতিৰ বাবে উপযোগী। ইয়াৰ বাহিৰে কিছুমান পাহাৰীয়া এলেকাতো ধান খেতি হয়।
ধান খেতিৰ বাবে অধিক উষ্ণতা আৰু বৃষ্টিপাতযুক্ত জলবায়ুৰ প্রয়োজন হয়। ইয়াৰ বাবে উষ্ণতা ২৫° ছেলচিয়াছৰ পৰা ৩৫° ছেলচিয়াছৰ ভিতৰত হ’ব লাগে। বার্ষিক বৃষ্টিপাতৰ পৰিমাণ ১০০-২০০ চেন্টিমিটাৰৰ ভিতৰত হ’লে ভাল হয়।
মৌচুমী জলবায়ুৰ অন্তৰ্গত চীন, ভাৰত, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, ভিয়েটনাম, জাপান আদি প্ৰধান উৎপাদনকাৰী দেশ। আনহাতে, ব্রাজিল, ইজিপ্ত আদি দেশতো কিছু পৰিমাণে ধান খেতি কৰা হয়।
এছিয়া মহাদেশৰ চীন দেশতে সর্বাধিক ধান উৎপাদন হয়। তাৰ পাছতে ধান উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান দ্বিতীয়। ভাৰতৰ গংগা-ব্রহ্মপুত্ৰ উপত্যকা আৰু পূব উপকূল অঞ্চলত ধান খেতি বেছিকৈ হয়।
35. ঘেহুঁৰ খেতিৰ এটি বিৱৰণ দিয়া। (Give a description of wheat cultivation.)
উত্তৰঃ পৃথিৱীৰ বেছিভাগ মানুহৰে ঘেঁহু প্ৰধান খাদ্য। ভৌগলিক দিশৰ পৰাও ইয়াৰ খেতি বেছি বিস্তৃত। সমতল অঞ্চলৰ আলতীয়া আৰু বালিতাঁহীয়া মাটিভাগ ঘেঁহু খেতিৰ বাবে বিশেষ উপযোগী। এই খেতিৰ বাবে ৫০-১০০ চেন্টিমিটাৰ পৰিমাণৰ বাৰ্ষিক বৃষ্টিপাতৰ প্রয়োজন। নাতিশীতোষ্ণ অঞ্চল ঘেঁহু খেতিৰ বাবে উপযোগী। শীত প্ৰধান ঠাইবোৰত এই খেতি কৰিবলৈ হ’লে বছৰটোৰ কমেও তিনিমাংকাল ঠাইখন বৰফমুক্ত হ’ব লাগিব। চীন, ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, কানাডা, অষ্ট্ৰেলিয়া, ফ্রান্স, পাকিস্তান আদি দেশত ঘেঁহু খেতি কৰা হয়। ভাৰতৰ গংগা উপত্যকা এই খেতিৰ বাবে প্ৰখ্যাত। পৃথিৱীৰ দেশবোৰৰ ভিতৰত চীন দেশতে সৰ্বাধিক পৰিমাণৰ ঘেঁহু উৎপাদন হয়।
36. কপাহ খেতিৰ গুৰুত্ব আৰু ভৌগোলিক বিতৰণ সম্বন্ধে লিখা। (Write about the importance of cotton cultivation and its geographical distribution.)
উত্তৰঃ কপাহ এবিধ অতি গুৰুত্বপূৰ্ণ আঁহজাতীয় শস্য। ইয়াৰ ব্যৱহাৰ সুদূৰপ্ৰসাৰী পৃথিৱীৰ মানুহৰ মাজত কপাহী কাপোৰৰ চাহিদা আছে। বয়ন শিল্পবোৰ প্ৰধানকৈ কপাহ উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰিয়েই চলে। কপাহ উষ্ণ জলবায়ু আৰু মধ্যমীয়া বৰষুণ হোৱা অঞ্চলৰ শস্য। বৰষুণৰ পৰিমাণ ৬৫-১১৫ চেন্টিমিটাৰৰ ভিতৰত হ’লে ভাল। ইয়াৰ খেতি কৰিবলৈ হ’লে কৃষিক্ষেত্ৰ বছৰটোৰ ১৯০-২১০ দিন বৰফমুক্ত হৈ থাকিব লাগিব। সাধাৰণতে পানী জমা নোহোৱা ওখ বালিঅঁহীয়া মাটি কপাহ খেতিৰ বাবে উপযোগী।
ভৌগোলিক বিতৰণৰ ফালৰ পৰা সাধাৰণতে ৩০° দক্ষিণ আৰু ৪৫° উত্তৰ অক্ষাংশৰ মাজৰ অঞ্চলত কপাহৰ খেতি সীমিত। কপাহী উৎপাদনকাৰী প্ৰধান দেশবোৰ হ’ল– আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, পাকিস্তান, ৰাছিয়া, ইজিপ্ত, ভাৰত আৰু ব্ৰাজিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছিছিপি আৰু টেনিছি নদী উপত্যকাক সামৰি এটা বৃহৎ অঞ্চলত কপাহ খেতি কৰা হয়। সেইদৰে উত্তৰ চীনৰ হোৱাংহো আৰু ইয়াংছি উপত্যকা আৰু ইজিপ্তৰ নীল উপত্যকা কপাহ খেতিৰ বাবে বিখ্যাত। ভাৰতৰ দাক্ষিণাত্য মালভূমিৰ ক’লা লাভা মাটিভাগ কপাহ খেতিৰ বাবে উপযোগী। উত্তৰ-পূৰ্বাঞ্চলৰ মেঘালয় মালভূমিত কিছু পৰিমাণে কপাহ খেতি কৰা হয়৷
37. চাহ খেতিৰ বাবে কেনে ধৰণৰ পৰিৱেশৰ প্ৰয়োজন? এই খেতিৰ ভৌগোলিক বিতৰণৰ এটি আভাস দিয়া। (What kind of environment is required for tea cultivation? Give a overview of geographical distribution of this crop.)
উত্তৰঃ চাহ এবিধ প্ৰধান পানীয় দ্ৰৱ্য। ইয়াক চাহ গছৰ পাতৰ পৰা প্ৰস্তুত কৰা হয়। চাহ গছক উষ্ণ জলবায়ু আৰু বৃষ্টিসিক্ত পৰিৱেশ লাগে। পানী বন্ধ নোহোৱা এঢলীয়া পাহাৰীয়া ৰঙা মাটি চাহ খেতিৰ বাবে বিশেষ উপযোগী। চাহ খেতি এক প্ৰকাৰৰ বৃহৎ মূলধন সাপেক্ষে প্রযুক্তি নিৰ্ভৰ ৰোপণ কৃষি। চাহ কৃষি মূলতঃ বাণিজ্যিক কৃষি।
চাহ এছিয়া মহাদেশৰ মৌচুমী জলবায়ু অঞ্চলৰ এবিধ প্ৰধান ৰোপণ শস্য। চীন, ভাৰত, শ্রীলংকা, ইন্দোনেছিয়া আৰু জাপান হৈছে বিশ্বৰ প্ৰধান চাহ উৎপাদনকাৰী ৰাষ্ট্ৰ। আফ্রিকা মহাদেশৰ কেনিয়া, উগাণ্ডা আৰু মোজাম্বিক দেশতো কিছু পৰিমাণে চাহৰ খেতি কৰা হয়। ভাৰতৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা চাহৰ কাৰণে বিখ্যাত। তদুপৰি পশ্চিমবংগৰ দাৰ্জিলিং আৰু কেৰেলাৰ পাহাৰীয়া অঞ্চলতো চাহৰ খেতি কৰা হয়। চাহ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত প্ৰথম আৰু তাৰ পিছত চীনৰ স্থান।
38. পৃথিৱীৰ সোণৰ বিতৰণ আৰু উৎপাদনৰ বিষয়ে চমুকৈ লিখা। (Write briefly about the distribution and production of gold in the world?)
উত্তৰঃ পৃথিৱীৰ প্ৰায়বোৰ মহাদেশতে কম বেছি পৰিমাণে সোণৰ খনি আছে। এছিয়া মহাদেশৰ ভাৰত, চাইবেৰিয়া, ম্যানমাৰ, ইণ্ডোনেছিয়া, জাপান, মালয়ছিয়া আৰু থাইলেণ্ডত সোণ পোৱা যায়। ভাৰতৰ কৰ্ণাটকৰ কোলাৰ জিলাত প্ৰায় ১৭.৭ মিলিয়ন টন সোণ সংৰক্ষিত হৈ আছে। কৰ্ণাটকৰে ধাৰৱাৰ আৰু ৱাইনাড়, অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ আৰু বিহাৰৰ লোৱাত সোণ আছে। ভাৰতে পৃথিৱীৰ মুঠ সোণ উৎপাদনৰ ০.৫ শতাংশ সোণ উৎপাদন কৰে।
পৃথিৱীৰ অধিকতৰ সোণ উৎপাদন হয় উত্তৰ আমেৰিকাৰ পৰা।
উত্তৰ আমেৰিকাৰ প্ৰধান সোণ উৎপাদনকাৰী অঞ্চলসমূহ হ’ল—
(ক) কানাডাৰ য়ুকুন ৰাজ্যৰ ক্লনডাইক অঞ্চল।
(খ) বৃটিছ কলম্বিয়া।
(গ) কেলিফর্নিয়া।
(ঘ) ৰকি অঞ্চল।
(ঙ) মেক্সিকো, মধ্য আমেৰিকাৰ হণ্ডুৰাজ আৰু নিকাৰশুৱাত।
কানাডাৰ য়ুকুন ৰাজ্যৰ ক্লনডাইক অঞ্চলত ১৮৯৮ চনতে সোণ আৱিস্কাৰ হৈছিল। বৃটিছ কলম্বিয়াৰ ফ্লেজাৰ নদী অৱবাহিকতা ১৮৫৮ চনত সোণৰ আৱিস্কাৰ হৈছিল।
ছোভিয়েট যুক্তৰাষ্ট্ৰৰ লেনা নৈৰ পূব অঞ্চল আৰু আলডান-উৰাল অঞ্চল আৰু কোলিমা অঞ্চলত সোণ পোৱা যায়। অষ্ট্ৰেলিয়াৰ সোণৰ খনিবোৰ পশ্চিম অষ্ট্ৰিলিয়া, কুইনচলেণ্ড আৰু ভিক্টৰিয়াত অৱস্থিত। অষ্ট্ৰেলিয়াই ২০০৬ চনত ২.৫ হাজৰ কিঃগ্ৰাঃ, ঘানাই ২৮১ কিঃগ্ৰাঃ আৰু আমেৰিকাই ২৬১.৫ হাজাৰ কিঃগ্ৰাঃ সোণ উৎপাদন কৰে। ভাৰতে ২০০৬ চনত ১১.৫০ হাজাৰ কিঃগ্ৰাঃ সোণ উৎপাদন কৰে।
পৃথিৱীৰ কেইখনমান আগশাৰীৰ সোণ উৎপাদনকাৰী দেশৰ ২০১২ চনৰ সোণ উৎপাদন তলত দেখুওৱা হ’ল—
39. ভাৰতৰ মেংগানিজ খনিসমূহৰ বিতৰণ সম্পর্কে এটি ভৌগোলিক বিৱৰণ দাঙি ধৰা। (Give a geographical description of the distribution of manganese mines in India.)
উত্তৰঃ মেংগানিজ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত দ্বিতীয়। প্ৰায় সকলো প্ৰকাৰৰ ভূতাত্বিক সংৰচনাৰ ক্ষেত্ৰত মেংগানিজ পোৱা যায় যদিও ভাৰতৰ ক্ষেত্ৰত ধাৰৱাড় যুগীয় প্রধান গেদীয় শিলাস্তৰত ইয়াক অধিক পৰিমাণে পোৱা যায় ৷ দেশৰ ভিতৰতে উৰিষ্যা প্রদেশত সর্বাধিক মেংগানিজৰ খনি আছে। বনাই, কেন্দুঝাড়, গাংপুৰ, কোবাপুট, সুন্দৰগড়, কলহান্দি আৰু বলংগীড় জিলাৰ বিভিন্ন অৱস্থানত মেংগানিজৰ খনি দেখা যায়। দেশৰ দ্বিতীয় প্রধান মেংগানিজ উৎপাদনকাৰী প্ৰদেশ কৰ্ণাটকৰ ধাৰৱাড়, বেলাড়ী, বেলগাওঁ, উত্তৰ কানাড়া, চিকমাগালুড়, চিমোগা, চিত্রদুর্গ আদি জিলাত মেংগানিজৰ উৎপাদন কেন্দ্ৰীভূত। এইবিধ খনিজ সম্পদৰ তৃতীয় প্ৰধান উৎপাদনকাৰী প্ৰদেশ মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা, ৰত্নগিৰি আৰু নাগপুৰ জিলাৰ নাম বিশেষভাৱে উল্লেখযোগ্য। মধ্যপ্রদেশ, অন্ধ্রপ্রদেশ, ঝাৰখণ্ড আদিতো মেংগানিজৰ উৎপাদন লেখত ল’বলগীয়া।
40. ভাৰতৰ অভ্র খনিসমূহৰ বিতৰণ সম্পর্কে এটি ভৌগোলিক বিৱৰণ যুগুত কৰা। (Prepare a geographical description of the distribution of Avro mines in India.)
উত্তৰঃ বৈদ্যুতিক যন্ত্রপাতি প্ৰস্তুতকৰণত সাৰ্থক বিচ্ছেদক ৰূপে অভ্ৰ ব্যৱহাৰ কৰা হয়। ভাৰতত পৃথিৱীৰ সৰ্বাধিক অভ্র উৎপাদন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় বজাৰত বিশেষ চাহিদা থকা এইবিধ অধাতু খনিজ ভাৰতৰ ঝাৰখণ্ড, অন্ধ্ৰপ্ৰদেশ, ৰাজস্থান, তামিলনাড়ু, পশ্চিমবংগ আৰু মধ্যপ্ৰদেশৰ বিস্তীর্ণ এলেকাত পৰিব্যাপ্ত।
তলত এই প্ৰদেশবোৰৰ যি খণ্ড অঞ্চলত অভ্ৰৰ খনি পোৱা যায় তাৰ নাম উল্লেখ কৰা হ’ল—
(ক) ঝাৰখণ্ডৰ হাজাৰীবাগ মালভূমিত কোৰ্মামো নামৰ ঠাইক কেন্দ্ৰ কৰি গঢ়ি উঠা পৃথিৱীৰ সৰ্ববৃহৎ অভ্ৰস্তৰটো।
(খ) অন্ধ্ৰপ্ৰদেশৰ গোলোড় জিলা।
(গ) ৰাজস্থানৰ জয়পুৰৰ পৰা ভীলৱাড়া হৈ উদয়পুৰ পৰ্যন্ত।
(ঘ) কৰ্ণাটকৰ মহীশূৰ আৰু হাসান জিলা।
(ঙ) মহাৰাষ্ট্ৰ ৰত্নগিৰি।
(চ) পশ্চিমবংগৰ বানকুড়া আৰু পুৰুলিয়া জিলা আদি।
41. ভাৰতৰ লৌহ আকৰ বিতৰণ সম্পৰ্কে ভৌগোলিক বিৱৰণ যুগুত কৰা। (Prepare a geographical description of the distribution of iron ore mines in India.)
উত্তৰঃ ভাৰতৰ বিভিন্ন অৱস্থানত আকৰিক লো, মেংগানিজ, অভ্র, চূণশিল, মাৰ্বল, ড’ল- মাইট, কয়লা, খনিজ তেল আৰু প্ৰাকৃতিক গেছ আদি বিভিন্ন লক্ষণযুক্ত খনিজ সম্পদ বুজন পৰিমাণে পোৱা যায়। লৌহ আকৰৰ গুণাগুণ, ভাণ্ডাৰ আৰু আহৰণ প্ৰক্ৰিয়াৰ তুলনাত ভাৰত পৃথিৱীৰ অন্যতম আগশাৰীৰ দেশ। ভাৰতৰ লৌহ খনিসমূহত জুমেটাইট আৰু মেগনেটাইট শ্ৰেণীৰ আন্তৰ্জাতিক চাহিদাসম্পন্ন দুবিধ লৌহ আকৰ উদ্ঘাটন কৰা হয়। ২০০৪-০৫ বৰ্ষৰ হিচাপ অনুযায়ী সমগ্ৰ দেশত সক্ষিপ্ত সর্বমুঠ ২০০ কোটি টন আকৰিক লোহাৰ ৯৫ শতাংশই উৰিষ্যা, ঝাৰখণ্ড, ছত্তীচগড়, কর্ণাটক, গোৱা, অন্ধ্রপ্রদেশ আৰু তামিলনাড়ু প্রদেশত জমা হৈ আছে। উৰিষ্যাৰ লৌহ আকৰসমূহ সুন্দৰগড়, ময়ূৰভক্ত আৰু কেন্দুঝাড় পার্বত্য ক্ষেত্ৰত কেন্দ্রীভূত অৱস্থাত পোৱা যায়। উৰিষ্যা আৰু ঝাড়খণ্ড কেন্দ্ৰিক অঞ্চলটোৰ কিছু পশ্চিম ছত্তীশগড়ৰ দুৰ্গ আৰু মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলাত প্রখ্যাত অপ্ৰখাৰ কেইবাটাও লৌহ খনি আছে। দান্তেৱাড়ী, বৈলাদিশা, ৰাজনন্দ গাওঁ, নগাওঁ আদি দুৰ্গত জিলাৰ প্ৰধান লৌহ খনন কাৰ্যৰ কেন্দ্র। মহাৰাষ্ট্ৰৰ লৌহ আকৰ আহৰণকাৰী দুখন অন্যতম উল্লেখযোগ্য জিলা হৈছে চন্দ্ৰপুৰ আৰু ৰত্নগিৰি।
42. ভাৰতত আকৰিক লোৰ বিতৰণ সম্পর্কে চমুকৈ লিখা। (Write briefly about the distribution of iron steel in India.)
উত্তৰঃ আকৰিক লোৰ ভাণ্ডাৰ, গুণাগুণ আৰু আহৰণ কাৰ্যৰ লেখেৰে ভাৰতবৰ্ষ পৃথিৱীৰ অন্যতম আগশাৰীৰ দেশ। ভাৰতৰ লৌহ খনিসমূহত হেমেটাইট আৰু মেগনেটাইট শ্ৰেণীৰ আন্তর্জাতিক চাহিদাপূর্ণ দুবিধ লৌহ আকৰ উদ্ঘাটন কৰা হয়। ২০০৪-০৫ বৰ্ষৰ হিচাপ অনুসৰি সমগ্ৰ দেশত সঞ্চিত হৈ থকা সৰ্বমুঠ ২০০ কোটি টন আকৰিক লোৰ ৯৫ শতাংশই উৰিষ্যা, ঝাৰখণ্ড, চত্তিছগড়, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, গোৱা আৰু তামিলনাডুত সঞ্চিত হৈ আছে। উৰিষ্যাৰ লৌহ আকৰসমূহ সুন্দৰগড়, ময়ূৰগঞ্জ আৰু কেন্দুঝাড় পার্বত্য ক্ষেত্ৰত কেন্দ্ৰীভূত অৱস্থাত পোৱা যায়। সুন্দৰগড় জিলাৰ বনাই, কেন্দুঝাড় জিলাৰ কিৰুবুৰু, ময়ুগঞ্জ জিলাৰ বাদাম পাহাৰ, চুলাইপেট আৰু গুৰুমহিষাণী অৱস্থানত আকৰিক লোৰ খনি আছে। ঝাৰখণ্ডৰ লৌহ খনিসমূহত ঊনবিংশ শতিকাতে খনন কাৰ্য আৰম্ভ হৈছিল।
এই ৰাজ্যৰ (পূব আৰু পশ্চিম) সিংভূম জিলা দুখনৰ গুৱা আৰু নোৱামুণ্ডী হৈছে দুটা প্ৰসিদ্ধ লৌহ খনিৰ অৱস্থান। উৰিষ্যা আৰু ঝাৰখণ্ড কেন্দ্ৰীক অঞ্চলটোৰ কিছু পশ্চিমে চত্তিছগড় দুৰ্গ আৰু মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলা দুখনত প্ৰখ্যাত- অপ্ৰখ্যাত কেইবাটাও লৌহ খনি আছে। দান্তেবাড়ী, বৈলাদিশা, দালি-ৰাজহাড়া, ৰাজনন্দ গাওঁ, নগাওঁ প্ৰভৃতি অঞ্চল লৌহ খনন কাৰ্যৰ প্ৰধানকেন্দ্ৰ। কৰ্ণাটকৰ হচপেট, চিকমাগালুড়, চিমোগা, তুমকুড় আৰু চিত্ৰদুৰ্গ প্ৰভৃতি জিলাসমূহত প্ৰচুৰ মাত্ৰাত আকৰিক লো উদ্ঘাটন কৰা হয়। মহাৰাষ্ট্ৰৰ লৌহ আকৰ আহৰণকাৰী আন দুখন উল্লেখযোগ্য জিলা হ’ল— চন্দ্ৰপুৰ আৰু ৰত্নগিৰি। অন্ধ্ৰপ্ৰদেশৰ অন্তৰ্গত কৰিমনগৰ, ওৱাৰংগল, কুৰ্পূল, কুডাপ্পা আৰু অনন্তপুৰ প্রভৃতি জিলাসমূহ লৌহখনিৰ এলেকাৰ ভিতৰত পৰে। তামিলনাডুৰ প্ৰধান লৌহ খনিসমূহ চালেম আৰু নীলগিৰি জিলাত পোৱা যায়। গোৱাত ইমূৰৰ পৰা সিমূৰলৈ সকলো অঞ্চলতে লৌহখনি দেখা যায়।
43. ভাৰতৰ খনিজ সম্ভাৰৰ এটি বিৱৰণ দাঙি ধৰা। (Highlight a description of India’s mineral resources.)
উত্তৰঃ ভাৰতৰ বিভিন্ন অঞ্চলত আঞ্চৰিক লো, মেংগানিজ, অভ্র, চুণশিল, মার্বল, ডল ‘মাইট, কয়লা, খনিজ তেল, প্রাকৃতিক গেছ প্রভৃতি নানা খনিজ সম্পদ বুজন পৰিমাণে পোৱা যায়।
ভাণ্ডাৰ আৰু অৰ্থনৈতিক দিশৰ পৰা গুৰুত্বপূৰ্ণ কেইবিধমান খনিজ সম্পদৰ বিৱৰণ তলত উল্লেখ কৰা হ’ল—
(ক) আকৰিক লো (Iron Ore): দাক্ষিণাত্য মালভূমিৰ উত্তৰ পূৱ খণ্ডৰ পৰা আৰম্ভ কৰি গোদাবৰী অৱবাহিকা পর্যন্ত বিস্তৃত অঞ্চলটোত আকৰিক লো যথেষ্ট পৰিমাণে পোৱা যায়।
(খ) মেংগানিজ (Manganese): উৰিষ্যা, মহাৰাষ্ট্ৰ, মধ্য প্রদেশ, অন্ধ্ৰপ্রদেশ প্রভৃতি ৰাজ্যসমূহত মেংগানিজ যথেষ্ট পৰিমাণে পোৱা যায়।
(গ) বক্সাইট (Buxite): দেশৰ ভিতৰত উৰিষ্যা ৰাজ্যত সর্বাধিক বক্সাইট উৎপন্ন হয়। ইয়াৰ উপৰিও ঝাৰখণ্ড, গুজৰাট, চত্তীছগড়, মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰ ৰাজ্যতো বক্সাইট পো যায়।
(ঘ) তাম (Copper): ঝাৰখণ্ড, অন্ধ্ৰপ্ৰদেশ, কৰ্নাটক আৰু তামিলনাডু ৰাজ্যত তাম পোৱা যায়।
(ঙ) অভ্ৰ (Mica): ঝাৰখণ্ড, অন্ধ্ৰপ্ৰদেশ, ৰাজস্থান, তামিলনাড়ু, পশ্চিম বংগ আৰু মধ্য প্ৰদেশ ৰাজ্যত অভ্ৰৰ উৎপাদন হয়।
(চ) কয়লা (Coal): পশ্চিমবংগ, ঝাৰখণ্ড, উৰিষ্যা, ছত্তীছগড় আৰু মধ্য প্ৰদেশ ৰাজ্যসমূহত দেশৰ ভিতৰতেই সৰ্বাধিক কয়লা উৎপাদন হয়। ইয়াৰ উপৰিও অসম, মেঘালয়, গোৱা প্রভৃতি ৰাজ্য কিছু পৰিমাণে কয়লা পোৱা যায় ৷
(ছ) খনিজ তেল (Mineral Oil): অসম, গুজৰাট, অন্ধপ্রদেশ, তামিলনাডু ৰাজ্যত খনিজ তেল পোৱা যায়।
(জ) প্রাকৃতিক গেছ (Natural Gas): খনিজ তেল উৎপাদন কাৰী প্ৰায়বোৰ ৰাজ্যই প্রাকৃতিক গেছ উৎপাদন কৰে।
44. ভাৰতবৰ্ষৰ কয়লা খনিসমূহক কিদৰে বিভক্ত কৰা হৈছে? এইবোৰৰ বিতৰণ সম্পর্কে লিখা। (How are the coal mines of India divided? Write about the distribution of these.)
উত্তৰঃ ভূ-তাত্বিক গঠনৰ ভিত্তিত ভাৰতবৰ্ষৰ কয়লা খনিসমূহক প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰা হৈছে– (ক) গাণ্ডোৱানা যুগৰ কয়লা আৰু (খ) টাৰছিয়াৰি যুগৰ কয়লা।
(ক) গাণ্ডোৱানা যুগৰ কয়লাঃ গাণ্ডোৱানা যুগৰ কয়লাসমূহ তুলনামূলকভাৱে অতি প্রাচীন আৰু উৎকৃষ্ট মানৰ। ভাৰতবৰ্ষত সঞ্চিত কয়লাৰ প্ৰায় ৯৬% আৰু উৎপাদিত কয়লাৰ ৯৯% গাণ্ডোৱানা যুগৰ। এই শ্ৰেণীৰ কয়লাৰ খনি পশ্চিমবংগৰ ৰাণীগঞ্জ, বিহাৰৰ ঝেৰিয়া, বোকাৰো, গিৰিধি, কৰণপুৰ, উৰিষ্যাৰ তালচেৰু, মধ্যপ্ৰদেশৰ উমৰীয়া, ক’ৰবা আৰু মোহপানী, মহাৰাষ্ট্ৰৰ বাৰ্ধা আৰু অন্ধ্ৰপ্ৰদেশৰ চিংগৰাণীত পোৱা যায়। দেশৰ উৎপাদিত মুঠ কয়লাৰ ১/৩ ভাগেই এই খনিসমূহৰ পৰা আহে। ইয়াৰে ঝেৰিয়া কয়লা ক্ষেত্ৰই দেশৰ উৎপাদিত মুঠ কয়লাৰ ৫০ শতাংশ যোগান ধৰে। বোকাৰো কয়লা ক্ষেত্ৰৰ বাৰ্ষিক উৎপাদন ১ নিযুত টন আৰু গিৰিধৰ কয়লা অতি উৎকৃষ্ট।
(খ) টাৰছিয়াৰি যুগৰ কয়লাঃ টাৰছিয়াৰি যুগৰ কয়লা সাধাৰণতে ভংগিল পার্বত্য এলেকাত পোৱা যায়। ৰাজস্থান, জম্মু আৰু কাশ্মীৰ, পশ্চিমবংগৰ দার্জিলিং, মেঘালয়ৰ গাৰো, খাছি আৰু ডফলা পাহাৰ, অসমৰ টিকক পাহাৰ, নামচিক, মাকুম আৰু জয়পুৰত এই শ্ৰেণীৰ কয়লা পোৱা যায়। ৰাজস্থান আৰু অসমে দেশত উৎপাদিত মুঠ কয়লা ৩ শতাংশ যোগান ধৰে।
45. ভাৰতবৰ্ষত খনিজ তেলৰ উৎপাদনৰ বিষয়ে লিখা। (Write about the production of mineral oil in India.)
উত্তৰঃ টাৰ্চিয়াৰী যুগৰ গেদীয় শিলাস্তৰত খনিজ তেল পোৱা যায়। ভাৰতৰ ভিতৰত সৰ্বপ্ৰথম ১৮৮৯ চনত বুঢ়ীদিহিং নদীৰ সোঁপাৰে অৱস্থিত ডিগবৈ অঞ্চলত খনিজ তেল উত্তোলন কৰা হৈছিল। ১৯৫৬ চনত তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন হোৱাৰ আগলৈকে উজনি অসমৰ নাহৰকটীয়া, ডিগবৈ, মৰাণ আৰু গ্ৰীজান ভাৰতৰ একমাত্ৰ খনিজ তেলৰ অঞ্চল আছিল। সম্প্ৰতি তেল আৰু প্ৰাকৃতিক গেছ আয়োগ আৰু ভাৰতীয় তেল নিগমৰ তত্ত্বাৱধানত সমগ্ৰ দেশত খনিজ তেলৰ অনুসন্ধান আৰু পৰিক্ৰমা পৰিচালনা কৰা হয়। এই প্রতিষ্ঠান দুটাৰ সাৰ্থক জৰীপ কাৰ্যৰ পৰিণতিস্বৰূপে ১৯৫৬-৮০ চনৰ সময়চোৱাত উজনি অসমত লাকুৱা, ৰুদ্রসাগৰ, গেলেকী আৰু বৰহোলাত কিছুমান নতুন তেলকূপৰ উৎপাদন আৰম্ভ হয়। দেশৰ পশ্চিম সীমাত অৱস্থিত গুজৰাটৰ অংকলেশ্বৰ, কলোল, মহেশানা, নৱগ্রাম, কোশম্বা, লুনেজ আৰু খম্ভাত উপসাগৰৰ আলিয়াবেট দ্বীপ প্রভৃতি ঠাইবোৰত ব্যাপক পৰিমাণৰ তেল উদ্ঘাটন আৰম্ভ হয়।
১৯৭৩ চনত মুম্বাই উপকূলৰ ১৬০ কিল’মিটাৰ পশ্চিমে আৰৱ সাগৰৰ উপতটীয়া অৱস্থানত খনিজ তেলৰ সন্ধান পোৱা যায়। মুম্বাই হাই নামেৰে পৰিচিত এই অৱস্থানত ১৯৭৬ চনৰ পৰা খনিজ তেলৰ উৎপাদন আৰম্ভ হয়। সাম্প্ৰতিক সময়ত এইটো অৱস্থানৰ পৰাই দেশৰ অধিকাংশ খাৰুৱা তেল সংগ্ৰহ কৰা হয়। পূৱ উপকূলীয় ক্ষেত্ৰৰ পূৱ গোদাবৰী, পশ্চিম গোদাবৰী, কৃষ্ণা আৰু অন্ধ্ৰপ্ৰদেশৰ গুন্টুৰ জিলা আৰু তামিলনাডুৰ টাঞ্জোৰ আৰু তিৰুচিৰাপল্লী জিলা দুখনতো তেলৰ সন্ধান পোৱা গৈছে। বৰ্তমান ভাৰতবৰ্ষত উৎপাদিত মুঠ খনিজ তেলৰ প্রায় ৬০% মুম্বাই হাই অঞ্চলত ২৩.৪৭% গুজৰাটত ১৩.৫৮% ব্ৰহ্মপুত্ৰ উপত্যকাত আৰু বাকী অংশ অৰুণাচল প্ৰদেশ, অন্ধ্রপ্রদেশ আৰু তামিলনাডুত উত্তোলন কৰা হয়।
২০০৩-০৪ বিত্তীয় বৰ্ষত ভাৰতত ৩৩.৮৮ নিযুত টন খনিজ তেল উৎপাদন কৰা হয় যদিও সেই বছৰতে ৯৮.৩ নিযুত টন খনিজ তেল আমদানি কৰিছিল। মুঠ সংগ্ৰহণৰ মাজৰ পৰাই ১৪.৬ নিযুত টন পৰিমাণ পেট্ৰ’লজাত সামগ্ৰী ৰপ্তানিও কৰা হয়। অর্থাৎ, দেশৰ মুঠ আভ্যন্তৰীণ চাহিদাৰ মাত্ৰ ২৯ শতাংশহে দেশত উৎপাদন কৰা হৈছিল।
46. ভাৰতবৰ্ষৰ তেল শোধনাগাৰসমূহৰ শোধন ক্ষমতা আৰু অৱস্থান তালিকাৰ সহায়ত প্ৰকাশ কৰা। (Reveal the list of all the refining capacity and location of the oil refineries in India?)
উত্তৰঃ তলত ভাৰতৰ শোধনাগাৰসমূহৰ শোধন ক্ষমতা আৰু অৱস্থান তালিকাৰ সহায়ত দেখুওৱা হ’ল–
47. ধান খেতিৰ বাবে কেনেধৰণৰ ভৌগোলিক অৱস্থাৰ প্ৰয়োজন? ধানখেতিৰ বিতৰণ দেখুওৱা। (What kind of geographical conditions are required for paddy cultivation? Show the distribution of paddy fields.)
উত্তৰঃ ধানখেতিৰ বাবে পলসুৱা সমতল ভূমি, ব-দ্বীপীয় অঞ্চল আৰু উপকূলীয় অঞ্চল উপযোগী। ধানখেতিৰ বাবে ২০⁰ ছে. উত্তাপ প্রয়োজন। বৃষ্টিপাত ১১২ ছে.মি.ৰ পৰা ১৫০ ছে.মি. প্রয়োজনীয়। ধানখেতিৰ বাবে যথেষ্ট পৰিমাণৰ পানীৰ প্ৰয়োজন হয়। অৱশ্যে কিছুমান প্ৰজাতিৰ বাবে কম পৰিমাণৰ পানী হ’লেই হয়। পৃথিৱীৰ মৌচুমী অঞ্চল ধানখেতিৰ বাবে উল্লেখনীয়।
পৃথিৱীৰ প্ৰায় ৯১ শতাংশ ধান উৎপাদন হয় এছিয়া মহদেশত। এছিয়াৰ মৌচুমী অঞ্চল যেনে চীন, ভাৰত, থাইলেণ্ডত প্ৰচুৰ পৰিমাণে ধানখেতি কৰা হয়। চীনে সার্বাধিক ধান উৎপাদন কৰে। ইয়াংছিকিয়াং উপত্যকা, চিকিয়াং উপত্যকা, নদী ব-দ্বীপ আৰু উপত্যকা অঞ্চলত প্ৰচুৰ পৰিমাণে ধানখেতি কৰা হয়। দেশখনৰ হিউমেন জিলাৰ ৩৫ নিযুত হেক্টৰ মাটিত ধানখেতি কৰা হয়।
ধান উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত দ্বিতীয়। ভাৰতৰ ৪১.৯০ নিযুত হেক্টৰ মাটিত ধান উৎপদন কৰা হয়। ভাৰতৰ প্ৰধান ধান উৎপাদন কৰা অঞ্চলসমূহ হ’ল পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, তামিলনাড়ু, উত্তৰ প্ৰদেশৰ পূব অংশ, মধ্যপ্ৰদিশৰ পূব অংশ আৰু অসম। পাহাৰীয়া অঞ্চলত বেদিকা পদ্ধতিত ধানখেতি কৰা হয়।
বাংলাদেশে প্রায় ১১ নিযুত মেট্রিক টন ধান উৎপাদন কৰে। প্ৰায় ২০ নিযুত এবাৰ মাটিত ধানখেতি কৰা হয়।
জাপানৰ ৫৮ শতাংশ কৃষিভূমিত ধানখেতি কৰা হয়। জাপানৰ মধ্য আৰু দক্ষিণ অংশত প্ৰচুৰ পৰিমাণে ধান খেতি কৰা হয়।
একেদৰে ইটালী, আমেৰিকা, ম্যানমাৰ, ইণ্ডোনেচীয়া, থাইলেণ্ড আদি অঞ্চলতো ধানখেতি কৰা হয়।
পৃথিৱীৰ কেইখনমান দেশৰ ধান উৎপাদন কৰা কৃষিভূমিৰ বিৱৰণ দেখুওৱা হ’ল–
48. চাহখেতিৰ বিষয়ে লিখা। চাহখেতিত ভাৰতৰ স্থান কেনে? (Write about tea cultivation. What is the place of India in tea cultivation?)
উত্তৰঃ চাহ এবিধ মৌচুমী অঞ্চলত গুল্মজাতীয় গছৰ পাত। ইয়াৰ ইংৰাজী প্রতিশব্দ ‘tea’ শব্দটো ‘Thea’ শব্দটোৰ পৰা আহিছে। ভাৰত আৰু চীনত ইয়াক এবিধ পন্য হিচাবে জনা যায়। চাহ গছৰ প্ৰধান ভাগ দুটা চীন দেশীয় আৰু অসমীয়া। অসমীয়া চাহগছ প্রথম উত্তৰ-পূব ভাৰতত আৱিষ্কৃতি হয়। চীনীয় (Chinese) চাহগছৰ খেতি চীন আৰু জাপানত কৰা হয়। ৰঙৰ ভিত্তিত চাহক তিনিটা ভাগত বিভক্ত কৰিব পাৰি ক’লা, সেউজীয়া আৰু ইটাৰঙীয়। ক’লাচাহ (Black tea) ভাৰত, পাকিস্তান, আৰু শ্ৰীলংকাৰ উৎপাদন হয়, সেউজীয়া চাহ চীন, জাপান কৰে। ইটাৰঙৰ চাহ কম মানদণ্ডৰ চাহপাতৰ পৰা তৈয়াৰ কৰা হয় ৷
চাহখেতিৰ বাবে পানী জমা হৈ নথকা এঢলীয়া মাটিৰ প্ৰয়োজন। চাহগছৰ বাবে উত্তাপ ২৭° ছেঃ হ’ব লাগে। চাহখেতিৰ বাবে গৰম সেমেকা বায়ুৰ লগতে প্ৰচুৰ বৃষ্টিপাতৰ প্ৰয়োজন হয়। বৃষ্টিপাত হয় ২০০ ছেঃমিঃ হোৱা দৰকাৰ।
চাহ উদ্যোগৰ বাবে যথেষ্ট পৰিমাণৰ বনুৱাৰ প্ৰয়োজন হয়। চাহখেতিত চাহ গছ ৰোৱাৰ পৰা চাহপাত তোলা, কাৰখানাত চাহপাত তৈয়াৰ কৰালৈ যথেষ্ট পৰিমাণৰ বনুৱাৰ দৰকাৰ।
পৃথিৱীৰ প্ৰধান চাহ উৎপাদনকাৰী দেশসমূহ হ’ল ভাৰত, শ্রীলংকা, চীন, জাপান, ইণ্ডোনোছীয়া, পাকিস্তান আৰু টাইৱান।
চাহ উৎপাদনত ভাতৰ স্থানঃ চাহ ভাৰতৰ প্ৰধান অৰ্থশস্য। অসমে ভাৰতৰ মুঠ চাহ উৎপাদনৰ ৫০ শতাংশ চাহ উৎপাদন কৰে। উজনি অসম ডিব্ৰুগড়, লক্ষিমপুৰ আৰু শিৱসাগৰ জিলাত চাহ বাগিছা আছে। তাৰপিছত দৰং আৰু নগাওঁ জিলাৰ স্থান।
দাৰ্জিলিং অঞ্চলৰ চাহপাত সুগন্ধৰ বাবে বিশ্ববিখ্যাত। এই অঞ্চল বাগিছাবোৰ ৩০০০ ফুট পৰা ৪০০০ ফুট উচ্চতাত অৱস্থিত। উত্তৰবংগত ভাৰতৰ ২০ শতাংশ চাহ উৎপাদন ভাৰতৰ ভিতৰত ৰচাহ উৎপাদনত অসমৰ স্থান প্রথম। অসমৰ চাহখেতিয়ে ২.৩১ লাখ হেক্টৰ মাটি আৱৰি আছে। চাহ উৎপদনত পৃথিৱীৰ ভিতৰত স্থান প্রথম।
তলত ভাৰতৰ চাহ উৎপাদনৰ ধাৰা দেখুওৱা হ’ল–
উৎপাদন (নিযুত কি.গ্ৰা) | ১৯৯২-৯৩ | ১৯৯৭-৯৮ | ২০১০-১১ | ২০১২ |
ভাৰত | ৯১৯ | ৯১৯ | ৯৭৮.৯৯ | ৯৮৮.৩২ |
অৱশ্যে ভাৰতীয় চাহে বৰ্তমান নানা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। কিন্তু বৰ্তমানলৈ ভাৰতে চাহ উৎপাদনত আগস্থান দখল কৰি আহিছে।
49. ভাৰতবৰ্ষত চাহ খেতিৰ বাণিজ্যিক গুৰুত্বৰ বিষয়ে লিখা। (Write about the commercial importance of tea cultivation in India.)
উত্তৰঃ চাহ ভাৰতৰ অন্যতম প্ৰধান বাণিজ্যিক শস্য। ভাৰত চাহ উৎপাদনৰ ক্ষেত্ৰত শ্ৰীলংকাৰ পাছতে পৃথিৱীৰ দ্বিতীয় প্রধান দেশ। ১৮৪০ চনত অসমত এই খেতি আৰম্ভ হৈছিল। ই এবিধ ৰোপণ শস্য। ২০০৩-০৪ চনত ভাৰতৰ ৫.২ লাখ হেক্টৰ ভূমিত লালন-পালন কৰা চাহগছসমূহৰ পৰা সৰ্বমুঠ ৮.৬২ লাখ টন চাহপাত উৎপাদন হৈছিল।
উত্তবংগ আৰু অসম ভাৰতৰ চাঁহ উৎপাদনৰ ক্ষেত্ৰত অগ্ৰণী অঞ্চল। দেশৰ আন দুটা চাহ উৎপাদনকাৰী এলেকা হৈছে যথাক্ৰমে উত্তৰ-পশ্চিম ভাৰতৰ হিমালয়ৰ নামনি অঞ্চল আৰু দাক্ষিণাত্যৰ বৃষ্টিবহুল পার্বত্য অঞ্চল। অসম আৰু উত্তৰ বংগৰ ডুৱাৰ্সু অঞ্চলত সৰ্বমুঠ ১১০৫ খন চাহ বাগিছাৰ অন্তৰ্গত ৩.৩৮ লাখ হেক্টৰ মাটিত দেশৰ ৭৬ শতাংশ চাহ উৎপন্ন হয়। ইয়াৰ ভিতৰতো একমাত্ৰ অসমতেই দেশৰ ৫৫ শতাংশ চাহ উৎপন্ন হয়। তামিলনাড়ু, কেৰালা আৰু কর্ণাটক ৰাজ্যত সৰ্বমুঠ ১১,০৩৫ খন চাহ বাগিছা আছে।
বাগিছাৰ মাটিকালি ১ লাখ হেক্টৰতকৈও কম। এইটো অঞ্চলত দেশৰ ১৯ শতাংশ কৃষিভূমিৰ বিপৰীতে ২১ শতাংশ চাহ উৎপাদন হয়। ইয়াৰ উপৰিও উত্তৰাঞ্চল, হিমাচল প্রদেশ, ঝাৰখণ্ড আৰু ত্ৰিপুৰাৰ ঠায়ে ঠায়ে চাহ গছ দেখা যায়। হেক্টৰে প্ৰতি উৎপাদনৰ ক্ষেত্ৰত তামিলনাড়ু ৰাজ্যই ভাৰতবৰ্ষৰ সৰ্বোচ্চ স্থান হ্ৰাস কৰিছে। ইয়াৰ পিছত যথাক্রমে কৰ্ণাটক, অসম, কেৰালা, পশ্চিমবঙ্গ আৰু ত্ৰিপুৰাই স্থান লাভ কৰিছিল। মানদণ্ড অনুসাৰে প্ৰতি কিলোগ্ৰাম চাহৰ বিক্ৰীমূল্য ৪০ টকাৰ পৰা ৮০০ টকা পৰ্যন্ত হ’ব পাৰে। সেয়েহে চাহ খেতিৰ উন্নতি ঘাইকৈ ইয়াৰ গুণগত মানদণ্ডৰ ওপৰতে নিৰ্ভৰশীল হৈ আছে। সুগন্ধৰ কাৰণে দার্জিলিং অঞ্চলৰ চাহ আৰু বৰণৰ কাৰণে উত্তৰ-পশ্চিম অঞ্চলৰ চাহৰ বিক্ৰীমূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত যথেষ্ট বেছি।
পানীয় প্ৰস্তুত কৰাৰ উপৰিও বিভিন্ন ঔষধ আৰু ৰং প্রস্তুত কৰিবলৈকো নানা ধৰণৰ চাহ ব্যৱহাৰ কৰা হয়। ১৯৯৫-৯৬ চনত ভাৰতে ১১৭১ কোটি টকা মূল্যৰ চাহ ঘাইকৈ ব্ৰিটেইন, যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়ালৈ ৰপ্তানি কৰিছিল।
50. ঘেঁহু খেতিৰ বাবে কি কি কাৰকৰ প্ৰয়োজন হয়? ঘেঁহু খেতিৰ বিতৰণ দেখুওৱা। ভাৰতৰ প্ৰধান ঘেঁহু উৎপাদনকাৰী অঞ্চলসমূহৰ বিষয়ে লিখা। (What kind of factor is required for wheat cultivation? Show the distribution of wheat crop. Write about the major wheat producing regions in India.)
উত্তৰঃ ৩০°c আৰু ৫৫°c উত্তৰ অক্ষাংশ আৰু ২০°c আৰু ৪০°c দক্ষিণ অক্ষাংশৰ মাজৰ অঞ্চলসমূহত প্রধানতঃ ঘেঁহু খেতি কৰা হয়। ঘেঁহু খেতিৰ বাবে পানী জমা হৈ নথকা ভূমিৰ
প্রয়োজন। সেয়ে সমতল এঢলীয়া ভূমি ঘেঁহু খেতিৰ বাবে উপযোগী। বীজ সিঁচাৰ সময়ত জলবায়ু শীতল আৰু আৰ্দ্ৰতাযুক্ত হোৱা দৰকাৰ, পিছলৈ কিছু গৰম জলবায়ুৰ প্ৰয়োজন হয়। ঘেঁহু চাপোৱাৰ সময়ত বতৰ শুকান হ’ব লাগে। এই খেতিৰ বাবে বৃষ্টিপাত ৫০ ছে.মি. – ১০০ ছে.মি. হলে ভাল হয়। মূলতঃ দুই প্ৰকাৰৰ ঘেঁহু খেতি কৰা হয়— শীতকালিন (Winter wheat) আৰু বাসন্তকালিন ঘেঁহু (Spring wheat)। শীতকালীন ঘেঁহু ক্রান্তীয় আৰু সমমণ্ডলত কৰাৰ বিপৰীত বাসন্তকালীন ঘেঁহু শততপ্রধান অঞ্চলত কৰা হয় ।
পৃথিৱীৰ প্ৰধান ঘেঁহু উৎপাদনকাৰী অঞ্চলসমূহ হ’ল ৰাছিয়া, আমেকিৰা, চীন, ভাৰত, ফ্রান্স, কানাডা, ইটালি, টুর্কী, পাকিস্তান, আর্জেন্টিনা, অষ্ট্ৰেলিয়া, স্পেইন আদি।
ৰাছিয়াৰ প্ৰধান ঘেঁহু উৎপাদনকাৰী অঞ্চলকেইটা হ’ল–
(ক) ইউক্রেইন আৰু মলডেভিয়ানৰ শীতকালীন ঘেঁহু অঞ্চল।
(খ) উত্তৰ ককেচাছ অঞ্চল।
(গ) ভল্গা আঞ্চল।
(ঘ) পূব অঞ্চল।
আমেৰিকাত প্ৰচুৰ পৰিমাণে ঘেঁহু উৎপাদন হয়। উত্তৰ আমেৰিকাৰ কানাডাৰ এলবাৰ্টা, মিনেচোটা, উত্তৰ ডাকোটা, দক্ষিণ ডাকোটা অঞ্চলত যথেষ্ট পৰিমাণে ঘেঁহু খেতি কৰা হয়। তাৰোপৰি নাব্রাস্কা, কেনবাচ, পূর্ব কলৰেডো, অক্লাহামা, টেস্কাচ, দক্ষিণ ওন্টেৰিঅ’, কলম্বিয়া মালভূমি অঞ্চলত ঘেঁহু খেতি যথেষ্ট উৎপাদন হয়।
চীনৰ হোপে, চনমি, চানুং আৰু হোনান জিলাত ধানখেতি কৰা হয়।
ভাৰতৰ এবিধ প্ৰধান খাদ্যশস্য হ’ল ঘেঁহু। মধ্য ভাৰত, উত্তৰ ভাৰত আৰু উত্তৰ পশ্চিম ভাৰতত প্ৰধানকৈ ঘেঁহ খেতি কৰা হয় যদিও দেশৰ আন আন অংশতো কিছু পৰিমানে ঘেঁহু খেতি কৰা হয়। সিন্ধু-গংগা সমতলৰ পলসুৱা মাটিত আৰু মধ্য ভাৰতৰ ক’লা মাটিত ঘেঁহু খেতি ভাল হয়। ভাৰতৰ প্ৰধান ঘেঁহু উৎপাদনকাৰী ৰাজ্যকেইখন হ’ল উত্তৰ প্ৰদেশ, পঞ্জাৱ, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু বিহাৰ। ভাৰতৰ ২৭.৪ নিযুত হেক্টৰ মাটিত ঘেঁহু খেতি কৰা হয়। ২০০৩-০৪ চনত ভাৰতে প্ৰায় ৭২৭.৪ লাখ টন ঘেঁহু উৎপাদন কৰে। প্ৰতি হেক্টৰ মটিত এই পৰিমাণ ২,৬,৮০ কি.গ্ৰা.।
তলত ভাৰতৰ প্ৰধান ঘেঁহু উৎপাদনকাৰী অঞ্চল দেখুওৱা হ’ল—
51. ভাৰতৰ তিনিবিধ বাণিজ্যিক শস্যৰ নাম লিখা। ইয়াৰ যিকোনো এবিধৰ অৰ্থনৈতিক গুৰুত্বৰ আলোচনা কৰা। (Write the names of three types of commercial crops in India? Discuss the economic significance of any of these.)
উত্তৰঃ ভাৰতত উৎপাদিত তিনিবিধ প্রধান বাণিজ্যিক শস্য হৈছে– (ক) কুঁহিয়াৰ, (খ) চাহ আৰু (গ) কফি।
কুঁহিয়াৰ উৎপাদনকাৰী দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান ব্ৰাজিলৰ পিছত। চাহ উৎপাদনৰ ক্ষেত্ৰত ভাৰত শ্ৰীলংকাৰ পাছতে পৃথিৱীৰ দ্বিতীয় প্ৰধান দেশ। আকৌ কফি উৎপাদনত পৃথিৱীত ভাৰতৰ স্থান ষষ্ঠ।
চাহ খেতিৰ অৰ্থনৈতিক গুৰুত্বঃ চাই ভাৰতৰ প্ৰধান বাণিজ্যিক শস্য। এইবিধ ৰোপন শস্য এবাৰ ৰোপণ কৰাৰ পাছত উপযুক্ত যতন পালে প্ৰতিটো বর্ষা ঋতুতে গছ জোপাৰ পৰা পাত চিঙিব পাৰি। এই শস্যৰ উৎপাদনৰ আৰু গুণাগুণ জলবায়ুৰ ওপৰতে প্ৰধানকৈ নিৰ্ভৰশীল। অসমতে দেশৰ ৫৫ শতাংশ চাহ উৎপন্ন হয়। এই শস্যৰ পৰা আদায়যোগ্য মুঠ বিনিময় মূল্যৰ পৰিমাণ আন বহুতো শস্যৰ দৰে কেৱল উৎপাদনৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ নকৰে। মানদণ্ড অনুসৰি প্ৰতি কিলোগ্রাম চাহৰ বিক্ৰী মূল্য ৪০ টকাৰ পৰা ৮০০ টকা পৰ্যন্ত হ’ব পাৰে। সেয়েহে চাহ খেতিৰ উন্নতি ঘাইকৈ ইয়াৰ গুণগত মানদণ্ডৰ ওপৰত নিৰ্ভৰশীল হৈ আছে। সুগন্ধৰ কাৰণে দাৰ্জিলিং অঞ্চলৰ চাহ আৰু বৰণৰ কাৰণে উত্তৰ-পশ্চিম অঞ্চলৰ চাহৰ বিক্ৰীমূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত যথেষ্ট বেছি। পানীয় প্ৰস্তুত কৰাৰ উপৰিও বিভিন্ন ঔষধ আৰু ৰং প্রস্তুত কৰিবলৈকো নানা ধৰণৰ চাহ ব্যৱহাৰ কৰা হয়। ১৯৯৫-৯৬ চনত ভাৰতে ১১৭১ কোটি টকা মূল্যৰ চাহ ঘাইকৈ ব্ৰিটেইন, যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়ালৈ ৰপ্তানি কৰিছিল।
52. দেশৰ সামুদ্রিক মচ্ছ আহৰণৰ এখন তালিকা প্ৰস্তুত কৰা। (Prepare a list of marine fish procurement in the country.)
উত্তৰঃ দেশৰ সামুদ্রিক মচ্ছ আহৰণৰ তালিকা তলত দিয়া হ’ল—
53. নগদী শস্যৰ বিষয়ে লিখা। (Write about cash crops.)
উত্তৰঃ কেইবিধমান নগদী শস্যৰ বিৱৰণ তলত দিয়া হ’ল—
(ক) কপাহঃ শিল্প বিপ্লৱৰ পিছৰপৰা কপাহ খেতি বহলভাৱে প্ৰসাৰিত হয়। কপাহ খেতিৰ বাবে পানী জমা নোহোৱা পলসুৱা কলা মাটি উৎকৃষ্ট। কপাহ খেতিৰ বাবে উত্তাপ ২০°ছে. ৰ পৰা ২৫°ছে. হোৱা দৰকাৰ। পৃথিৱীৰ ৭০ শতাংশ কাপোৰ কপাহৰ আঁহৰ পৰা তৈয়াৰ কৰা হয়। কপাহখেতিৰ বাবে ১৮০ ৰ পৰা ২১০ দিন ফৰকাল বতৰৰ প্ৰয়োজন। কপাহ বৃদ্ধিৰ কালত মধ্যমীয়া বৃষ্টিপাতৰ প্রয়োজন হয়। ৩০° দঃ ৰ পৰা ৪০° উত্তৰ অক্ষাংশৰ ভিতৰৰ অঞ্চলবোৰত কপাহ খেতি কৰা হয়। কপাহখেতি এবিধ ব্যৱসায়িকভিত্তিত কৰা খেতি। কপাহ মূলতঃ তিনিপ্ৰকাৰৰ হয়— চুটি, মধ্যমীয়া আৰু দীঘল। এক ইঞ্চিতকৈ কম দীঘল আঁহযুক্ত কপাহক চুটি কপাহ, ১১/২ ইঞ্চি দীঘল আঁহযুক্ত কপাহক দীঘল কপাহ আৰু ১ ৰ পৰা ১১/২ ইঞ্চিৰ মাজৰ কপাহক মধ্যমীয়া তত্ত্বৰ কপাহ বোলে।
বিতৰণঃ এন্টাৰ্কটিকা বাহিৰে সকলো মহাদেশতে কম বেছি পৰিমাণে কপাহৰ খেতি কৰা হয়। পৃথিৱীৰ প্ৰধান কপাহ উৎপাদনকাৰী দেশসমূহ হ’ল পূৰ্বৰ ৰাছিয়া, ভাৰত, পাকিস্তান, ইজিপ্ত, চীন, আমেৰিকাৰ কপাহ বলয়বোৰ টেনিচি, মিছিছিপি আৰু আৰকানছাছ নদী উপত্যকাবোৰ সামৰি প্ৰায় ৬.৩ নিযুত হেক্টৰ কৃষিভূমি আৱৰি আছে। ৰাছিয়াত প্ৰধানতঃ উজবেকিস্তান, তুর্কমেন আৰু আজাৰবাইজানত কপাহ খেতি কৰা হয়। চীনদেশৰ হোৱাংহো আৰু য়ানটজে উপত্যকাত কপাহ খেতি কৰা হয়। তলত পৃথিৱীৰ প্ৰধান কপাহ বলয়বোৰ দেখুওৱা হৈছে—
উৎপাদনঃ পৃথিৱীৰ মুঠ কপাহ উৎপাদনৰ ১০% দীর্ঘতন্তু কপাহ আৰু ৯০ শতাংশ মধ্য আৰু হ্রম্বতন্তু আঁহযুক্ত কপাহ। ১৯৯০ চনত পৃথিৱীৰ মুঠ কপাহ উৎপাদন আছিল ১৬.৫ মিলিয়ন মেট্রিক টন। ২০০৩ – ০৪ চনত এই পৰিমাণ হয়গৈ ৩৪.৮৪ মিলিয়ন মেট্রিক টন। পৃথিৱীৰ সর্বাধিক কপাহ উৎপাদনকাৰী দেশখন হ’ল চীন। চীনদেশে ২০০৩-০৪ চনত ৮.৬২ মিলিয়ন মেট্রিক টন কপাহ উৎপাদন কৰিছিল। ভাৰতে ১৯৯০ চনত ১.৪ মিলিয়ন মেট্রিক টন কপাহ উৎপাদন কৰাৰ বিপৰীতে ২০০৩ – ০৪ বৰ্ষত ৫.৩৯ মিলিয়ন মেট্রিক টন কপাহ উৎপাদন কৰিছিল। কপাহ উৎপাদনত ভাৰতৰ স্থান আমেৰিকাৰ পিছতে।
চাহঃ ক্ৰান্তীয় আৰু উপক্রান্তীয় দেশসমূহৰ জোপোহা গছৰ সেউজীয়া পাতৰ পৰা চাহ উৎপন্ন হয়। চাহ সাধাৰণতে চিৰ সেউজীয়া প্ৰকৃতিৰ উদ্ভিদ। চাহত কেফিন নামৰ এবিধ ৰাসায়নিক পদার্থ থাকে। ভাৰত আৰু চীনত ইয়াক পানীয় হিচাপে ব্যৱহাৰ হয়। চাহখেতি প্রধানত দুইপ্ৰকাৰৰ— চীনদেশীয় আৰু অসমীয়া। অসমীয়া প্ৰজাতিৰ চাহ প্ৰথমে বৃটিছ সকলে উত্তৰ পূৱ ভাৰতৰ অৰণ্যত আৱিস্কাৰ কৰিছিল। চীনদেশীয় চাহ কেৱল চীন আৰু জাপানতে হয়। চাহখেতিৰ বাবে প্ৰচুৰ পৰিমাণে পানীৰ প্ৰয়োজন হয় যদিও পানীবোৰ জমা হৈ থাকিব নালাগে। খেতিপথাৰবোৰ সেয়ে এঢলীয়া। চাহখেতিৰ বাবে ২৯°ছে. তাপমাত্ৰাৰ প্ৰয়োজন। চাহগছবোৰৰ ছাঁৰ প্ৰয়োজন হোৱা বাবে চাহগছবোৰৰ মাজে মাজে অইন গছ ৰোৱা হয়। এই গছবোৰ পাত সৰি পঁচি মাৰ্চিৰ লগত মিহলি হৈ মাটি সাৰুৱা কৰে। চাহ খেতিৰ বাবে মূলধনৰ প্ৰয়োজনৰ পৰিমাণ অধিক।
বিতৰণঃ ভাৰত, শ্রীলংকা, চীন, জাপান, ইণ্ডোনেছীয়া, টাইৱান আদি পৃথিৱীৰ প্ৰধান চাহ উৎপাদনকাৰী দেশ। মৌচুমীয় এই দেশসমূহৰ উপৰিও কেনিয়া, উগাণ্ডা, টানজেনিয়া আদি দেশতো চাহখেতি কৰা হয়। পৃথিৱীৰ মুঠ চাহ উৎপাদনৰ ৯৫% দক্ষিণ-পূব এছিয়াৰ দেশসমূহত উৎপাদন হয়। ভাৰতে পৃথিৱীৰ বজাৰত প্ৰায় ৩৩.৫ ভাগ চাহৰ যোগান ধৰে। ভাৰতৰ চাহ উৎপাদনকাৰী প্ৰধান ৰাজ্য হ’ল অসম। অসমে দেশৰ মুঠ উৎপাদনৰ ৫০ শতাংশ অকলে উৎপাদন কৰে। ইয়াৰোপৰি দাৰ্জিলিঙত উৎকৃষ্ট মানৰ চাহ উৎপাদন হয়। পশ্চিমঘাট পর্বততো চাহ খেতি ভাল হয়।
উৎপাদনঃ ভাৰতে পৃথিৱীৰ ভিতৰত চাহ উৎপাদনত শীৰ্ষস্থান দখল কৰিছে। ১৯৯৮ চনত ভাৰতে পৃথিৱীৰ মুঠ চাহ উৎপাদনৰ ২৯ শতাংশ উৎপাদন কৰিছিল। ভাৰতে ৫৭২ হাজাৰ টন চাহ উৎপাদন কৰিছিল। ভাৰতৰ কেইখনমান ৰাজ্যৰ চাহৰ উৎপাদন দেখুওৱা হ’ল—
পৃথিৱীৰ কেইখনমান দেশৰ চাহৰ উৎপাদন দেখুওৱা হ’ল—