Communicative Assamese Unit 1 লিখিত যোগাযোগ

Communicative Assamese Unit 1 লিখিত যোগাযোগ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Communicative Assamese Unit 1 লিখিত যোগাযোগ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Communicative Assamese Unit 1 লিখিত যোগাযোগQuestion Answer can be of great value to excel in the examination.

Communicative Assamese Unit 1 লিখিত যোগাযোগ

Join Telegram channel

Communicative Assamese Unit 1 লিখিত যোগাযোগ Notes cover all the exercise questions in UGC Syllabus. The Communicative Assamese Unit 1 লিখিত যোগাযোগ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

২৭। বাক্য কাক বোলে? বাক্য কেই প্ৰকাৰ আৰু কি কি? 

উত্তৰঃ সম্পূর্ণ অর্থ বুজোৱা অন্বয়যুক্ত পদসমষ্টিক বাক্য বোলে।

হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া ব্যাকৰণত ইয়াৰ সংজ্ঞা এনেদৰে দিয়া হৈছে:

‘দুটা বা ততোধিক পন গোট খাই কোনো এটা কথা বুজালে তাক বাক্য বোলে। বাক্যৰ ব্যুৎপত্তিগত অর্থ হ’ল- কথিত বিষয় । মহাভাষ্যত বাক্যৰ লক্ষণ এনেদৰে প্ৰকাশ কৰিছে- অব্যয়যুক্ত, কাৰকযুক্ত আৰু কাৰক বিশেষণযুক্ত ক্রিয়াই বাক্য। বিশ্বনাথ কবিৰাজৰ মতে, যোগ্যতা, আকাঙ্খা আৰু আসক্তিযুক্ত পদ সমুচ্চয়ে বাক্য।

বাক্যৰ অংশ দুটা — উদ্দেশ্য আৰু বিধেয়।

কৰ্তা আৰু তাৰ সম্প্ৰসাৰকবোৰক উদ্দেশ্য বোলে। যেনে: মহাৰাজ অশোকে প্ৰজাৰ হিতৰ অৰ্থে ভালেমান কাম কৰিছিল। ইয়াত ‘মহাৰাজ অশোকে’ উদ্দেশ্য। ইয়াৰে ‘অশোক’ আৰু ‘মহাৰাজ কৰ্তাৰ সম্প্রসাৰক। উদ্দেশ্য অংশত এটি বিশেষ্য, সর্বনাম বা নামপদ স্থানীয় পদ একোটা থাকিব পাৰে।

কৰ্তাই যাৰ ওপৰত কাৰ্য সম্পাদন কৰে বা যাৰ বিষয়ে কয়, সেয়ে বিষেয়। যেনে: মহাৰাজ অশোকে ‘প্ৰজাৰ হিতৰ অর্থে ‘ভালেমান কাম কৰিছিল’- বাক্যটোত ‘প্ৰজাৰ হিতৰ অর্থে ভালেমান কাম কৰিছিল’— বিধেয়। ইয়াত ‘কৰিছিল’ ক্ৰিয়া আৰু ‘কাম’ কর্ম ‘প্ৰজাৰ হিতৰ অর্থে ভালেমান’ কৰ্মৰ সম্প্ৰসাৰক। বিধেয় অংশত ক্রিয়া থকা প্রয়োজন যদিও কেতিয়াবা কেতিয়াবা সি উহ্যও হৈ থাকে। যেনে: ‘ৰাম ভাল ছাত্র।’ ওপৰৰ বাক্যটোত হয় উহ্য আছে।

গঠন অনুযায়ী বাক্য তিনি প্ৰকাৰৰ — 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

১। সৰল বা সাধাৰণ বাক্য। 

২। জটিল বা মিশ্র বাক্য। আৰু 

৩। যৌগিক বা সংযুক্ত বাক্য।

১। সৰল বাক্য : যি বাক্যত এটা মাথোন কর্তা (উদ্দেশ্য) আৰু এটা মাথোন সমাপিকা ক্রিয়া থাকে (বিধেয়) তাক সৰল বা সাধাৰণ বাক্য কোৱা হয়। যেনে: অৰুণে ভাত খালে, হৰি পঢ়াশালিলৈ গ’ল ইত্যাদি।

২। জটিল বা মিশ্রবাক্য : যি বাক্যত এটা প্রধান বাক্যৰ উপৰি এক বা একাধিক অপ্রধান বা গৌণ বাক্য লগ লাগি থাকে, তাক জটিল বা মিশ্র বাক্য বোলে। যেনে: লেখা পঢ়া কৰে যেয়ে, হাতী ঘোঁৰাত উঠে সেয়ে। এই বাক্যটোত ‘হাতী- ঘোঁৰাত উঠে সেয়ে’ প্রধান বাক্য আৰু ‘লেখা-পঢ়া কৰে যেয়ে’ হ’ল অপ্রধান বাক্য।

৩। যৌগিক বা সংযুক্ত বাক্য : দুই বা ততোধিক সৰল আৰু মিশ্র অথবা মিশ্র বাক্যক সংযোজক নাইবা পৃথকবোধক অব্যয়ৰ সহায়ত যোগ কৰি এটা দীঘলীয়া বাক্য গঠন কৰিলে তাক যৌগিক বা সংযুক্ত বাক্য বোলে। মন কৰিবলগীয়া কথা এই যে যৌগিক বাক্যত থকা বাক্যবোৰৰ পৰস্পৰ সম্বন্ধ নাথাকে। সিহঁত প্রত্যেকে সুকীয়া সুকীয়া বাক্য। যেনে— মই ভাত খাই আছিলোঁ আৰু সি কিতাপ পঢ়ি আছিল। উক্ত বাক্যটোত দুটা সৰল বাক্যক ‘আৰু’ অব্যয় যোগ কৰা বাবে বাক্যটো হ’ল সংযুক্ত বাক্য।

২৮। অর্থ অনুযায়ী বাক্যক কেইটা ভাগত ভাগ কৰিব পাৰি? প্রত্যেকৰে উদাহৰণসহ আলোচনা কৰা?

উত্তৰঃ অৰ্থ অনুযায়ী বাক্যত বাক্যসমূহ ছটা ভাগত ভগাব পাৰি:

(১) নির্দেশক বা নির্দেশসূচক বাক্য। 

(২) প্রশ্নসূচক বা প্রশ্নবাচক বাক্য।

(৩) ইচ্ছাত্মক বাক্য।

(৪) অনুজ্ঞাবোধক বাক্য।

(৫) ভাৱবোধক বাক্য।

(৬) কাৰ্য কাৰণাত্মক বাক্য।

(১) নির্দেশাত্মক বা নির্দেশসূচক বাক্য : সাধাৰণ মনৰ ভাৱ প্ৰকাশ কৰা বাক্যকে নির্দেশাত্মক বা নির্দেশসূচক বাক্য বোলে। নিশ্চয়াত্মক বাক্য দুবিধ— সদর্থক আৰু নঞর্থক। ইয়াক যথাক্রমে অস্ত্যর্থক আৰু নাস্ত্যর্থক বাক্যও বোলা হয়।

উদাহৰণ : সদর্থক : মই ৰামক জানো।

নঞর্থক : মই ৰামক নাজানো।

(২) প্রশ্নবোধক বাক্য : প্রশ্নসোধা বাক্যই প্রশ্নবোধক বাক্য। যেনে : তুমি ৰামক জানা নে? হৰি ঘৰলৈ যাবনে? ইত্যাদি।

(৩) ইচ্ছাত্মক বাক্য : যি বাক্যই আশীর্বাদ দিয়া, মংগল কামনা কৰা প্রভৃতি ইচ্ছা প্রকাশ কৰে, সেই বাক্যক ইচ্ছাত্মক বাক্য বোলে। যেনে : তুমি কৃতকার্য হোৱা ঈশ্বৰে তোমাৰ মংগল কৰক ইত্যাদি।

(৪) অনুজ্ঞাবোধক বাক্য : অনুৰোধ, আজ্ঞা, নিষেধ প্রভৃতি বুজোৱা বাক্য অনুজ্ঞাবোধক বাক্য। যেনে: তুমি এতিয়া নাযাবা, তুমি এতিয়া যোৱা, তালৈ নোযোৱাই ভাল ইত্যাদি।

(৫) ভাববোধক বাক্য : মনৰ হৰ্ষ, বিষাদ, ক্রোধ, ঘৃণা আদি ভাৱ প্রকাশক বাক্যক ভাৱবোধক বাক্য কোৱা হয়। যেনে: বাঃ আমাৰ জয় হ’ল, উঃ এতিয়া নিগমে মৰিলোঁ, ছিঃ ছিঃ চোলাটোত বেয়াকৈ দাগ লাগিল ইত্যাদি।

(৬) কাৰ্যকাৰণাত্মক বাক্য : কাৰ্য আৰু কাৰণৰ সম্পৰ্ক যুক্ত বাক্যই কাৰ্যকাৰণাত্মক বাক্য। যেনে: গৰম লাগিলে বিচনীৰে বিচিবা, জন থাকিলেহে ধন হয় ইত্যাদি।

২৯। উক্তি কাক বোলে? উক্তি কেই প্ৰকাৰৰ? প্রত্যেকৰে উদাহৰণ দি আলোচনা কৰা?

উত্তৰঃ ‘বাক্যত বক্তাই কোৱাৰ ধৰণটোৱেই উক্তি।’ উক্তি দুইপ্ৰকাৰৰ ক. প্রত্যক্ষ উক্তি আৰু খ. পৰোক্ষ উক্তি। 

ক) প্রত্যক্ষ উক্তি : বক্তাই কোৱা কথাখিনি হুবহু পুনৰ প্ৰকাশ কৰিলে তাক প্রত্যক্ষ উক্তি বোলা হয়। প্রত্যক্ষ উক্তি লিখাৰ সময়ত সাধাৰণতে উদ্ধৃতি চিহ্ন “ ” ব্যৱহাৰ কৰা হয়। যেনে :

(১) ৰামে ক’লে — “মই পঢ়াশালিলৈ নাযাওঁ।”

(২) হৰিয়ে ক’লে — “মই যোৰহাটলৈ যাম।”

(৩) শিক্ষকে ছাত্রসকলক ক’লে — “যুৱশক্তি ড্ৰাগচৰপৰা সদায় আঁতৰত থাকিব লাগে।”

(৪) সীতাই গীতাক ক’লে — “আজিৰ দিনত ল’ৰা আৰু ছোৱালী উভয়ৰে অধিকাৰ সমান।”

খ) পৰোক্ষ উক্তি : বক্তাৰ কথাখিনি আনে কোৱাৰ দৰে উক্ত হ’লে অথবা আনে কোৱা কথা নিজৰ ভাষাত লিখিলে তাক পৰোক্ষ উক্তি কোৱা হয়। যেনে :

(১) ৰামে ক’লে যে সি পঢ়াশালিলৈ নাযায় বা ৰামে পঢ়াশালিলৈ নাযাওঁ বুলি ক’লে।

(২) হৰিয়ে ক’লে যে সি বোলে যোৰহাটলৈ যাব। 

প্রত্যক্ষ উক্তিক পৰিৱৰ্তন কৰা ব্যৱস্থাক কোৱা হয় উক্তি পৰিৱৰ্তন। উক্তি পৰিৱৰ্তনৰ ৰীতিটো ইংৰাজী ভাষাৰ প্ৰভাৱত আধুনিক অসমীয়াত সোমাইছে। পুৰণি অসমীয়াৰ প্ৰত্যক্ষ পৰোক্ষ উক্তিৰ প্ৰক্ৰিয়া আধুনিক অসমীয়াৰ দৰে নাছিল। প্রত্যক্ষ উক্তিকেই ‘বুলিবা’ ‘হেন বুলিবা’ আদিৰ যোগেৰে পৰোক্ষ উক্তি বুজোৱা হৈছিল। যেনে: বুলিবা, অভক্তৰো জীৱন সাফল আছে, বুলিবা বৃক্ষৰ নিশ্বাস নাই, হেন বুলিবা তোৰা যজ্ঞাদিত আকুল ইত্যাদি।

প্রত্যক্ষ উক্তিৰ পৰা পৰোক্ষ উক্তিলৈ পৰিৱৰ্তন কৰাৰ কেইটামান নিয়ম হ’ল —

(ক) প্ৰত্যক্ষ উক্তিৰপৰা পৰোক্ষ উক্তিলৈ পৰিবৰ্তন কৰোঁতে সৰ্বনামীয় শব্দৰ কিছু পৰিৱৰ্তন হয়। যেনে :

প্রত্যক্ষপৰোক্ষ
অ’তত’ত
অহাযোৱা
আজিসিদিনা
সি
ইমানসিমান
ইয়াততাত
ইয়াৰতাৰ
এইসেই
এইটোসেইটো
এইফালেসেইফালে
এইদৰেসেইদৰে
এতিয়াতেতিয়া
কাইলৈকাইলৈ
কালিআগদিনাই ইত্যাদি

উদাহৰণ :

প্রত্যক্ষ উক্তি : ৰামে কৈছিল — “মই আজি গুৱাহাটীলৈ যাব নোৱাৰিম। ”

পৰোক্ষ উক্তি : ৰামে কৈছিল যে তেওঁ সিদিনা গুৱাহাটীলৈ যাব নোৱাৰিব।

প্রত্যক্ষ উক্তি : ৰামে কৈছিল— “এই কিতাপখন দিয়া।”

পৰোক্ষ উক্তি : সেই কিতাপখন দিবলৈ ৰামে কৈছিল। 

প্রত্যক্ষ উক্তি : ৰামে কৈছিল— “তুমি এতিয়া যাব নালাগে।” 

পৰোক্ষ উক্তি : ৰামে কৈছিল বোলে তুমি তেতিয়া তালৈ যাব নালাগে।

(খ) প্রত্যক্ষ উক্তিৰ ক্রিয়াপদ অতীত কালৰ হ’লে পৰোক্ষ উক্তিৰ ক্রিয়াপদো অতীত কালৰ হোৱা প্ৰয়োজন। যেনেঃ 

প্রত্যক্ষ উক্তি : তেওঁ মোক সুধিলে— “তুমি কি কৰিবা।” 

পৰোক্ষ উক্তি : তেওঁ মোক ম‍ই কি কৰিম বুলি সুধিছিল।

(গ) চিৰন্তন সত্য হ’লে প্ৰত্যক্ষ উক্তিৰ ক্ৰিয়া অতীত কালৰ হ’লেও পৰোক্ষ উক্তিৰ ক্ৰিয়াৰ কালৰ সলনি নহয়। যেনে : 

প্রত্যক্ষ উক্তি : শিক্ষকে কৈছিল— “পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘুৰে।”

পৰোক্ষ উক্তি : শিক্ষকে কৈছিল যে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে।”

(ঘ) প্রত্যক্ষ উক্তিৰ ক্ৰিয়া বৰ্তমান কালৰ হ’লে পৰোক্ষ উক্তিৰ ক্ৰিয়া যিকোনো কালৰ হ’ব পাৰে।

(ঙ) প্রত্যক্ষ উক্তিৰ আজ্ঞাবাচক, উচ্ছাবাচক, সন্দেহবাচক বা প্রশ্নবোধক কথা পৰোক্ষ উক্তিলৈ পৰিৱৰ্তন কৰোঁতে ভাৱ অনুযায়ী ক্ৰিয়া পৰিৱৰ্তন হয়। যেনে :

আজ্ঞাবাচক বাক্য :

প্রত্যক্ষ উক্তি : শিক্ষকে হৰিক ক’লে — “মন দি পুথি পঢ়িবা।”

পৰোক্ষ উক্তি : শিক্ষকে হৰিক ক’লে যেন সি মন দি পুথি পড়ে।

বা

শিক্ষকে হৰিক মন দি পঢ়িবলৈ আজ্ঞা দিলে।

ইচ্ছাবাচক বাক্য :

প্রত্যক্ষ উক্তি : দেউতাকে হৰিক ক’লে— “ভগৱানে তোমাৰ মংগল কৰক।”

পৰোক্ষ উক্তি : দেউতাকে হৰিৰ মংগলৰ বাবে ভগৱানক প্রার্থনা জনালে।

বা 

ভগৱানে হৰিৰ মংগল কৰক বুলি দেউতাকে প্রার্থনা জনালে। 

প্রত্যক্ষ উক্তি : বিহুৱাই মূৰৰ চুলি চিঙি গালে : “ৰাইজ মোৰ কুশলে থাক।”

পৰোক্ষ উক্তি : বিহুৱাই ৰাইজক কুশলে থাকিবলৈ মূৰৰ চুলি চিঙি আশীর্বাদ জনালে।

প্রশ্নসূচক বাক্য :

প্রত্যক্ষ উক্তি : শিক্ষকে সুধিছিল— “তুমি ঘৰলৈ যাবানে ?”

পৰোক্ষ উক্তি : মই ঘৰলৈ আহিম নে বুলি শিক্ষকে সুধিছিল। 

প্রত্যক্ষ উক্তি : হৰিয়ে যদুক ক’লে— “এই পুতলাটোৰ ওজন কিমান?”

পৰোক্ষ উক্তি : হৰিয়ে যদুক সেই পুতলাটোৰ ওজন কিমান সুধিলে।

৩০। যোগাযোগ কলাত বিৰাম চিহ্নৰ প্ৰয়োগৰ নিয়ম সম্পর্কে উল্লেখ কৰা?

উত্তৰ : অসমীয়া সাহিত্যৰ ওজা হেমচন্দ্ৰ বৰুৱাই ইংৰাজী punctuation শব্দটো বুজাবলৈ ‘কুট’ শব্দটো প্ৰয়োগ কৰিছিল। ইংৰাজী Punctuation শব্দটোৰ মূল গ্ৰীক Punctus. ইয়াৰ অর্থ বিন্দু। আমি কথা কওঁতে শব্দবোৰ একে লেথাৰিয়ে উচ্চাৰণ নকৰোঁ। কেতিয়াবা কথাৰ মাজতে অলপ ৰওঁ, কেতিয়াবা ৰওঁ অলপ বেছি পৰ। কেতিয়াবা আকৌ কথা কওঁতে কণ্ঠত প্রশ্ন, বিস্ময় আদি ভাবৱ ফুটি উঠে। আমি কথা কোৱাৰ এই বিৰাম অথবা কণ্ঠৰ নানা সুৰবোৰ যেতিয়া বিভিন্ন প্রতীকৰ সহায়েৰে প্ৰকাশ কৰোঁ, তেতিয়া সেইবোৰক কোৱা হয় কুট বা ছেদচিহ্ন অথবা বিৰাম চিহ্ন। সংস্কৃতত যতি বা ছেদ আৰু ইংৰাজীৰ punctuation শব্দই ক্ষণ বিৰতিৰ অর্থ সূচায়। প্রাচীন ভাষাবোৰত চিহ্নৰ ব্যৱহাৰ আছিল তেনেই সীমিত। বৈদিক সাহিত্যত প্রচলিত বজ্রাদি চিহ্নৰ ব্যৱহাৰ আজি অচল। সংস্কৃতত প্রচলিত ডাৰি আৰু দুই ডাৰিৰ ব্যৱহাৰ পুৰণি অসমীয়াতো আছিল। কবিতাৰ প্ৰথম চৰণৰ শেষত ডাৰি আৰু দ্বিতীয় চৰণৰ অন্তত দুই ডাৰি দিয়াটো সাধাৰণ নিয়ম। যেনে:

কবি দুর্গাবৰ বিৰচিলা অনুপাম। 

    পৰ্বত গহন নীলগিৰি যাৰ নাম।। (দুর্গাবৰ)

ৰামৰ ঘৰিণী মোক ভজিবাক চাস। 

     মৰিবাক লাগি কালকূট বিষ খাস।। (মাধৱ কন্দলী) 

ৰামসৰস্বতী নাম নৃপতি দিলও।

ভাৰতৰ পদ মোক কৰা বুলিলস্ত।। (বামসৰস্বতী)

ইয়াৰ উপৰি পূৰ্ণছেদৰ প্ৰতীক হিচাবে ০।,   ০।। ০।০, ০।।০,))০ ((প্রভৃতি চিহ্নবোৰৰ প্ৰয়োগ হাতে লিখা পুথিত দেখা যায়। পুৰণি অসমীয়া গদ্যত পাদচ্ছেদৰ চিহ্ন ৰূপে ০ বা দুই বিন্দুৰ প্রয়োগ নথকা নহয়। যেনে:

(ক) ‘আৰু কামৰূপে দেখিলো : এটা চৌৰ ধৰিলে : চোৰা গিৰিহঁত : দুইকো আনিলে ধৰি : ।’ (গুৰুচৰিত কথা)

(খ) ‘বোলে বাপ আমি ৰলোহে : কেৱে নিনিএ : নাঞ ৰাখা : বোলে কৈত তোলে : বোলে চপোৱা :’ (গুৰুচৰিত কথা) 

(গ) ‘দস্যুসৰে ৰাজ্য মাৰিব ০ পাষণ্ডসবে বেদক নিন্দিব ০ ৰাজায়ো প্ৰচাৰ ধনাদি হৰিব ০’ (গীতা কথা ভট্টদেৱ) ইত্যাদি।

ছপাশাল অহাৰ পিছত ইংৰাজীৰ পৰা অসমীয়া ভাষাত বিভিন্ন বিৰাম চিহ্নৰ ব্যৱহাৰ হয়। সেইবোৰ হ’ল 

(১) পূর্ণচ্ছেদ বা ডাৰি। 

(২) পাদচ্ছেদ বা লঘু্যতি। 

(৩) অর্ধচ্ছেদ বা গুৰুযতি। 

(৪) প্রশ্ন চিহ্ন।

(৫) বিস্ময় দ্যোতক চিহ্ন।

(৬) দৃষ্টান্ত চ্ছেদ। 

(৭) ৰেখা বা একদেশ চিহ্ন।

(৮) উদ্ধৃতি চিহ্ন। 

(৯) পদযোজক চিহ্ন। 

(১০) ঊর্ধ্বতি। 

(১১) বন্ধনী ৰেখা। 

(১২) তাৰকা চিহ্ন বা যোগচিহ্ন বা ডবল যোগ চিহ্ন। আৰু 

(১৩) ত্ৰিতাৰকা চিহ্ন।

(১) পূর্ণচ্ছেদ বা ডাৰি (I = Full stop) : য’ত এটা পূর্ণবাক্য বা প্ৰসংগ শেষ হয়, তাতেই পূর্ণচ্ছেদ বা ডাৰিৰ ব্যৱহাৰ হয়। যেনে— 

(ক) প্ৰহ্লাদ চৰিত্ৰ এখনি সৰু বর্ণনাত্মক কাব্য। (সত্যেন্দ্রনাথ শর্মা)। 

(খ) সকলো জন্তুতকৈ মানুহ বিলাকৰ স্বভাৱ বেলেগ। (হেমচন্দ্ৰ বৰুৱা)। 

(গ) ব্যাকৰণ ভাষাৰ বিশ্লেষণ বা ভাঙ্গনি। (সত্যনাথ বৰা)।

(২) পাদচ্ছেদ বা লঘুতি (, = Comma) : ক্ষণ বিৰতিৰ চিহ্নই পাদচ্ছেদ বা লঘু যতি। লঘু যতিয়ে বাক্যৰ বিভিন্ন অংশৰ মাজত সম্পৰ্ক ৰক্ষাত সহায় কৰে। যেনে:

(ক) ঁহেমচন্দ্ৰ বৰুৱাৰ ব্যাকৰণত এই কথা অলপ উনুকিয়াইছে, কিন্তু কালটোৰ কোনো নাম দিয়া নাই, কেৱল বাক্যবিন্যাস প্ৰকৰণত এই ৰূপটো সেই অৰ্থতো ব্যৱহাৰ হয় বুলি লিখা আছে। (বহল ব্যাকৰণ)

(খ) ব্ৰহ্মা কৰতি, গু-কৰতি, পানী কৰতি, ধৰণী মন্ত্ৰ, সৰ্বটাক মন্ত্ৰ, পক্ষীৰাজ মন্ত্ৰ, সুদৰ্শন মন্ত্ৰ, বীৰাজৰা মন্ত্ৰ, আদি বহুতো তন্ত্ৰ-মন্ত্ৰৰ পুথি আমাৰ ভাষাত পোৱা যায়। (সত্যেন্দ্র নাথ শৰ্মা)

মানুহৰ নামৰ উপৰি শেষত বিশ্ববিদ্যালয়ৰ একাধিক ডিগ্রী লিখিব। লাগিলে পাদচ্ছেদৰ ব্যৱহাৰ কৰিব লাগে। যেনে : —

(ক) ড° মহেশ্বৰ নেওগ এম.এ. ডি. ফিল। 

(খ) ড° সূৰ্য্যকুমাৰ ভূঞা এম.এ., বি. এল., পি. এইচ. ডি., ডি. লিট।

(৩) অর্ধচ্ছেদ বা গুৰুযতি (; = semi-colon) : পাদচ্ছেদৰ বিৰতিতকৈ অৰ্ধচ্ছেদ বা গুৰুযতিৰ বিৰতি সামান্য বেছি। বাক্যৰ একে শ্ৰেণীৰ বিভিন্ন অংশক বেলেগ দেখুৱাবলৈকে অর্ধচ্ছেদক ব্যৱহাৰ কৰা হয় যেনে : 

(ক) ঈশ্বৰ সৰ্বশক্তিমান সর্বকর্তা, আৰু সৰ্বজ্ঞ, এতেকে তেওঁত ভক্তি থকা উচিত। (হেমচন্দ্ৰ বৰুৱা)।

(খ) মনসা- পূজা উপলক্ষে গোৱা গীত-পদ প্রধানকৈ দুটা ভাগত ভগাব পাৰি; মনসা বা পদ্মাৰ জন্ম-বৃত্তান্ত আৰু বেউলা আখ্যান। (সত্যেন্দ্রনাথ শর্মা)

(৪) প্রশ্নচিহ্ন (?= note of interrogation) : যিকোনো ধৰণৰ প্ৰশ্ন কৰিলে এই চিহ্ন ব্যৱহাৰ কৰা হয়। যেনে—

(ক) তাক চপাই বুটলি লয় কোনে? (মহেশ্বৰ নেওগ)।

(খ) সাগৰ দেখিছা? দেখা নাই কেতিয়াও, ময়ো দেখা নাই। (দেৱকান্ত বৰুৱা)।

কোনো বক্তব্যৰ বিষয়ে লেখকৰ কোনো প্ৰকাৰ সন্দেহ উপস্থিত হ’লে সন্ধিগ্ধ শব্দৰ আগত অথবা পিছত বন্ধনীৰ ভিতৰত প্ৰশ্নবোধক চিন দিয়াটো নিয়ম। যেনে— 

শুভংকৰ কবি আৰু তাৰ অসমীয়া অনুবাদক (?) সুচান্দ ৰায়

ওজা কিমান দিনৰ লোক, যি অনুমানৰ হে কথা। (মহেশ্বৰ নেওগ)

(৫) বিস্ময় দ্যোতক চিহ্ন (ঙ্গ = Note of exclamation) : বিস্ময়, শোক, আনন্দ প্রভৃতি চিত্তৰ আৱেগ প্ৰকাশৰ ক্ষেত্ৰত বিস্ময়বোধক চিহ্ন ব্যৱহাৰ কৰা হয়। সম্বোধন কৰিব লগা হ’লেও এই চিনৰ ব্যৱহাৰ কৰিব লাগে। যেনে:

(ক) হে মোৰ হৃদয়- চোৰঙ্গ (ৰত্নকান্ত বৰকাকতী)।

(খ) কিবা আৱেগত, শিহৰি উঠিল বিশ্বই বিয়াকুলঙ্গ (গণেশলাল)। 

(গ) উঠাঁহে ফুলৰাঙ্গ উঠাঁহে চেলাঙ্গ উঠাঁ দেৱবালা স্বৰূপ ধৰি (শৈলধৰ ৰাজখোৱা)। 

(৬) দৃষ্টান্ত চিহ্ন (: = Colon) : বিষয়ান্তৰৰ অৱতাৰণাৰ বাবে, পূৰ্ব প্ৰস্তাৱৰ পৰিণতি নাইবা সিবোৰৰ দৃষ্টান্ত প্ৰদৰ্শনৰ বাবে দৃষ্টান্ত চিহ্ন ব্যৱহাৰ কৰা হয়। যেনে :

(ক) আমাৰ উদ্দেশ্য হ’ল : শান্তি আৰু প্ৰগতি।

(খ) স্বৰধ্বনিৰ শ্ৰেণী বিভাজন : মাত্ৰা আৰু গুণ। (ৰমেশ পাঠক)

(৭) ৰেখা বা বাক্য সংগতি চিহ্ন (— = dash) : বক্তব্য বিশদ কৰিবলৈ ব্যাখ্যা কৰিবলৈ অথবা প্ৰসংগৰ প্ৰতিষেধক ৰূপে আন কিছু উল্লেখ কৰিবলৈ এই চিহ্ন ব্যৱহাৰ কৰা চকুত পৰে। যেনে :

(ক) গ্রীক ভাষাক দুটা বহল ভাগত ভগাব পাৰি — পশ্চিম গ্রীক আৰু পূব গ্ৰীক। (ৰমেশ পাঠক)

(খ) বহুতো কবিতা নানা ফালৰ পৰা সাৰ্থক দৃষ্টি হৈ দেখা দিয়ে— ‘অনাহূত’ ‘শেষ অৰ্ঘ্য’, ‘পৰম তৃষ্ণা’, ‘জনমভূমি’, ‘পুতলী’ ইত্যাদি। (নলিনীবালা দেবী)

(৮) উদ্ধৃতি চিহ্ন (” ” = Inverted commas) : ‘এই চিন আপুনি লিখা বাক্যৰ ভিতৰত অন্য মানুহে কোৱা বা লিখা কথা সুমালে সেই কথাৰ আগ-পিছত দিয়া হয়।’ (অসমীয়া ব্যাকৰণ) যেনে : 

(ক) বৰদোৱা চৰিত্ৰত আছে, “কলিয়াবৰৰ পৰা কাজলী মুখলৈকে ভূঞাসকলৰ ৰাজ্য।” (মহেশ্বৰ নেওগ) 

(খ) এই সন্দৰ্ভত ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ এটি উক্তি প্রণিধানযোগ্য : “ধর্মপ্ৰচাৰৰ উদ্দেশ্যে ৰচিত হ’লেও বধকাব্যসমূহ সাহিত্যিক গুণৰাজি বিবর্জিত নহয়।” (নবীনচন্দ্র শর্মা)

কোনো গ্ৰন্থ বা ৰচনাৰ নাম বুজাবলৈকেও উদ্ধৃতি চিহ্ন ব্যৱহাৰ কৰা হয়। যেনে: সেই দুটি কার্য হ’ল— “নামঘোষা” ৰচনা আৰু “ভক্তি ৰত্নাৱলী”ৰ ভাঙনি। (মহেশ্বৰ নেওগ)

(৯) পদ যোজক চিহ্ন (- = hyphen) : শব্দৰ বিভিন্ন অংশ বিশ্লেষণ কৰি দেখুৱাবলৈ অথবা একাধিক পদ মিলি য’ত এটি শব্দ হয় তাত সেই পদৰ সংযোজন দেখুৱাবলৈ পদ যোজক চিহ্ন প্ৰয়োগ কৰা হয়। যেনে: 

(ক) নাৰায়ণদেৱৰ পদ্মা-পুৰাণৰ প্ৰচলন আছে। (সত্যেন্দ্রনাথ শর্মা) 

(খ) দুয়োৰাজ্যৰ মাজত দুই-এবাৰ সংঘৰ্ষ হৈছিল। (সত্যেন্দ্রনাথ শর্মা)

কোনো শব্দ লিখোঁতে সোঁফালে ঠাইৰ অভাৱত আধা অংশ তলত লিখিব লগা হয়। তেনে ক্ষেত্ৰত শব্দটোৰ প্ৰথম আধাৰ পিছত পদযোজক চিন দিব লাগে। যেনে: ‘কিংকর্তব্যবিমূঢ়’ শব্দটো দুটা শাৰীত লিখিব লাগিলে লিখিব লাগিব এনেদৰে : কিংকর্তব্য – বিমূঢ়।

(১০) ঊর্ধ্বতি (‘ = apostrophe : upper comma)) : কোনো আখৰ লুকাই থকা বা উহ্য থকা বুজাবলৈ ঊর্ধ্বযতি প্ৰয়োগ কৰা হয়। যেনে : ব’হাগ বিহু, সি ঘৰলৈ গ’ল, বা ‘মাৰলি (ঘুৰা বতাহ) আদি।

(১১) বন্ধনী ৰেখা ((), [ ] { } = brackets) : বক্তব্যৰ ভিতৰত আন প্ৰসংগৰ কথা উল্লেখ কৰিব লগা হ’লে অথবা বিৰোধী, কিংবা বিকল্প কোনো কথা বন্ধনী চিহ্নৰ মাজত লিখি বাক্যৰ মূল প্ৰৱাহৰ পৰা তাক বিচ্ছিন্ন কৰি ৰখাৰ নিয়ম সকলো ভাষাতে পোৱা যায়। যেনে : 

(ক) তদ্ধিত প্রত্যয়ৰ নিমিত্তে উপাত্ত [শেষ আখৰৰ আগত থকা।] 

(খ) ধর্মপাল ৰজাৰ স্বৰচিত পুষ্পভদ্রালিপিত (তেওঁৰ দ্বিতীয় লিপি) এটা বৰ সুন্দৰ কথা ওলাইছে।

(১২) তাৰকা চিহ্ন বা যোগচিহ্ন বা ডবল যোগ চিহ্ন (*, +, ++ = star, cross and double cross sign) : ‘কোনো পদ বা বাক্যৰ টীকা বা ব্যাখ্যা কৰিব লাগিলে’ তাৰকা, যোগ আৰু ডবল যোগ চিহ্ন দিয়া হয়। যেনে :

য ৰ ল ব— এই চাৰিটা আখৰক অন্তঃস্থবৰ্ণ* আৰু শ ষ স হ — এই চাৰিটা আখৰক উষ্মবর্ণ + বোলে। 

* স্পর্শকৰ্ণ আৰু উষ্মবৰ্ণৰ মাজত আছে, সেইবাবে সিহঁতক অন্তঃস্থবর্ণ বোলে।

+ ইহঁতক উচ্চাৰণ কৰোঁতে মুখৰ বতাহ গৰম হৈ ওলায় বাবে। সিহঁতক উষ্মবর্ণ বোলে।

গৱেষণাৰ ক্ষেত্ৰত, আধুনিক কোনো শব্দৰ পূৰ্বৰূপ কোনো পুথিত বিচাৰি নাপালে সেই কল্পিত পূৰ্বৰূপৰ আগত* তাৰকা চিহ্ন দিয়াটো নিয়ম। যেনে:

সংস্কৃত— সতা, প্রাকৃত সচ্চ, অপভ্রংশ*  সঞ্চ, অসমীয়া  সঁচা

(১৩) ত্ৰিতাৰকা বা বৰ্জন চিহ্ন (* mark of ellipsis) : ‘কোনো ঠাইত কোনো বাক্য বা শব্দ এৰিব লগা হ’লে ত্ৰি তাৰকা অথবা তিনি বিন্দু চিহ্ন ব্যৱহাৰ কৰা হয়। যেনে :

(ক) কাৰ পৰশত * মাৰিলি হাঁহি। (ৰঘুনাথ চৌধাৰী)

(খ) এখুজি দুখুজি কৰি * লেখ মাথোঁ নাই। (যতীন্দ্রনাথ দুৱৰা)

৩১। বাক্যতত্ত্ব কাক বোলে? অসমীয়া বাক্যৰ গঠন প্ৰণালী সম্পর্কে বুজাই লিখা।

উত্তৰঃ ইংৰাজী Syntax শব্দটোৰ অসমীয়া প্ৰতিশব্দ হ’ল বাক্য বিন্যাস। Syntax শব্দটো মূলত গ্ৰীক ভাষাৰ শব্দ; যাৰ অৰ্থ হ’ল প্রণালীবদ্ধ গাঁথনি। বাগ্‌ইন্দ্ৰিয়ৰ দ্বাৰা উচ্চাৰিত হোৱা ধ্বনিবিলাকৰ দ্বাৰা শব্দ গঠিত হয় আৰু এই শব্দবিলাকক যথাযথভাৱে ইটোৰ পিছত সিটো লগ লগাই য’ত এটা সম্পূর্ণ চিন্তা বা ভাৱ প্ৰকাশ হয় তাকে বাক্য বোলে। বাক্যৰ ভিতৰত থকা অংশবোৰ অর্থাৎ শব্দ‍ই শব্দই মিলি একোটা খণ্ডবাক্যত পৰিণত হয়। দুটা বা তিনিটা খণ্ডবাক্য মিলি এটা সম্পূৰ্ণ বাক্য গঠন কৰি মানুহে মনৰ ভাৱ প্ৰকাশ কৰে। বাক্যৰ ভিতৰুৱা ব্যাকৰণৰ বিভিন্ন দিশবোৰ যি তত্ত্বৰ সহায়ত চালি জাৰি চোৱা হয় সেই তত্ত্বক বাক্যতত্ত্ব বোলে।

বাক্য এটাৰ শুদ্ধৰূপ পাবলৈ হ’লে শব্দবিলাকক য’তে ত’তে যেনে তেনে লগ লগালে নহয়। বৰঞ্চ অর্থযুক্ত পদ সমষ্টিক সংগতি লগাই যথাযোগ্য স্থানত বহুৱালেহে বাক্য এটা অৰ্থ প্ৰকাশ কৰিব পাৰে। বাক্য এটা শুদ্ধ ৰূপত প্ৰকাশ কৰিবলৈ হ’লে প্ৰথমে দুটা কথালৈ আঙুলিয়াব পাৰি—

(ক) বাক্যত ব্যৱহৃত শব্দৰ ক্ৰম।

(খ) শব্দবোৰৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক।

বাক্যত ব্যৱহৃত পদবোৰৰ পাৰস্পৰিক সংগতি আৰু ক্ৰম ৰক্ষা কৰি নিৰ্দিষ্ট অৰ্থ প্ৰকাশ কৰিবলৈ পদবোৰ বাক্যত ব্যৱহাৰ কৰোঁতে তিনিটা কথালৈ লক্ষ্য কৰিব লাগে। সেই তিনিটা হ’ল—

১. যোগ্যতা।

2. আকাংক্ষা।

৩. আসক্তি।

১. যোগ্যতা : উপযুক্ত অৰ্থ প্ৰকাশ কৰিবলৈ শব্দবোৰৰ যোগ্যতা থাকিব লাগে। কাণেৰে শুনে, চকুৰে দেখে আদি বাক্যবিলাকত ব্যৱহাৰ হোৱা প্ৰত্যেক পদৰে পাৰস্পৰিক অর্থ সংগতি ৰক্ষা কৰি উপযুক্ত অৰ্থ প্ৰকাশ কৰাৰ যোগ্যতা আছে।

2. আকাংক্ষা : এটা অসম্পূর্ণ বাক্য সম্পূৰ্ণ কৰিবলৈ বক্তাৰ মনত আকাংক্ষা জন্মিব লাগিব। ‘মই স্কুলৰ পৰা আহি ফুৰিবলৈ যান।’ ইয়াত ‘মই স্কুলৰ পৰা আহি’ বাক্যটো অসম্পূর্ণ, সম্পূৰ্ণ কৰিবলৈ বক্তাৰ মনত আকাংক্ষা জন্মিলত ফুৰিবলৈ যাম কথাষাৰ লগ লগোৱাত ভাৱ সম্পূৰ্ণ হৈছে। ভাৱ অনুযায়ী বাক্যবিলাকত পদবোৰ এটাৰ পাছত এটাকৈ গাঁথি যাবলৈ বিভিন্ন পদৰ প্ৰয়োজনীয়তা ইয়াত স্বীকাৰ কৰা হৈছে। 

৩. আসক্তি : বাক্যত ব্যৱহৃত পদবিলাকক মণি গোঁথাৰ দৰে এটাৰ পাছত এটাকৈ গাঁথি যাওঁতে কোনটো পদৰ পিছত কোনটো পদ প্রয়োগ কৰিলে বিৰাম নোলোৱাকৈ উচ্চাৰণ কৰিব পৰা হয় সেই অনুযায়ী শৃংখলাবদ্ধভাৱে আৰু পদবোৰৰ পাৰস্পৰিক সংগতি ৰক্ষা কৰি ওচৰা- ওচৰিকৈ বহুৱালেহে অৰ্থ প্ৰকাশ কৰিব পাৰিব। যেনে— ছাত্রই মনোযোগেৰে পঢ়িলেহে পৰীক্ষাত ফল দেখুৱাব পাৰে।

অসমীয়া বাক্যবোৰ গঠন কৰাৰ ক্ষেত্ৰতো উপৰিউক্ত কথাসমূহ লক্ষ্য কৰা হয়। অসমীয়া অসমীয়া ভাষাৰ বাকাত সাধাৰণতে প্রথমে কর্তা, তাৰ পিছত কৰ্ম আৰু শেষত ক্রিয়াপদ বহে। বাক্যৰ একোটা উদ্দেশ্য আৰু বিধেয় থাকে। আনহাতে ক্রিয়াহীন বাক্য, কর্তাহীন বাক্য, প্রশ্নবোধক বাক্য, নঞাৰ্থক বাকৰো ব্যৱহাৰ আছে। কেতিয়াবা এটা শব্দইও এটা বাক্যৰ মৰ্যদা পাব পাৰে। উদাহৰণ স্বৰূপে—

সম্পূর্ণ বাক্য — সি কিতাপ পড়ে।

কর্তাহীন বাক্য — বজাৰলৈ যোৱা।

ক্রিয়াহীন বাক্য — সি ভাল ল’ৰা।

বাক্য বিশ্লেষণ প্রক্রিয়াত ব্যাকৰণগত বিশ্লেষণ অব্যাহত থাকে। যিকোনো ভাষাতে ব্যৱহাৰ হোৱা বাক্যবোৰৰ বিশ্লেষণ খণ্ডিতকৰণ প্ৰক্ৰিয়াৰে দেখুৱাব পাৰি। বাক্য আচলতে ধ্বনি, অক্ষৰ, প্ৰাকৃতি, শব্দ, খণ্ডবাক্য, বাক্যাংশ আদি বিভিন্ন অংগৰ সমষ্টি। বাক্যত ব্যৱহৃত এই অংগবোৰ একাদিক্রমে খণ্ডিতকৰণ কৰি যি বিশ্লেষণ কৰা হয় তাক অনুক্রম বিশ্লেষণ বোলা হয়। উদাহৰণ স্বৰূপে—

মই — উদ্দেশ্য।

কিতাপ — বিশেষ্য। 

খন — নির্দিষ্টতাবাচক প্রত্যয়।

পঢ়িলো — পঢ় (ক্রিয়া) ইয়াত ‘ইলো’ বিভক্তি যোগ হৈ আছে।

কিন্তু সকলোবোৰ বাক্যক এনেদৰে ক্ৰম অনুসৰি কিছুমান বাক্য আছে যিবিলাকত দীর্ঘত্ব, শ্বাসাঘাত, সুৰ আদি ওপৰত নিৰ্ভৰ কৰিয়ে ভাৱ অনুধাৱন কৰিব পাৰি। এনে বৰ্ণনাক উপাহিত্য অনুক্রম বিশ্লেষণ বোলে। উদাহৰণ স্বৰূপে—

১. তুমি ইয়াত কি কৰিছা।

২. তুমি ইয়াত কি কৰিছা।

৩. তুমি ইয়াত কি কৰিছা।

কেতিয়াবা প্রশ্নসোধা ৰীতিৰেও বাক্যগত বৈশিষ্ট্যপূর্ণ যি কোনো

বাক্য অসমীয়া ভাষাত সজাব পাৰি। যেনে—

কোন আহিছে ? — ৰাম।

কি কৰিছে ? — কাম কৰিছে।

কেনে আছা ? — ভাল। 

আকৌ কিছুমান বাক্যত অক্ষৰ পৰিৱৰ্তন, সন্ধি আদিৰ ওপৰত নিৰ্ভৰ কৰিও ভাৱ বা অর্থ বিচৰা হয়। যেনে—

সিপাৰলৈ গ’ল— বাকটোৰ ক্ৰমে—

১. সি পাৰলৈ গ’ল।

২. সিপাৰলৈ গ’ল।

৩. সি পাৰ লৈ গ’ল।

আন কিছুমান বাক্য আছে যিবোৰ দেখাত একে কিন্তু বক্তাই উচ্চাৰণ কৰোঁতে যি শব্দত জোৰ দিয়ে সেই বক্তাই উচ্চাৰণ কৰোঁতে যি শব্দত জোৰ দিয়ে সেই অনুসৰি অৰ্থ প্ৰকাশ কৰে। যেনে— 

অশ্বত্থমা বীৰ দ্রোণাচাৰ্যৰ পুত্ৰ।

অশ্বত্থমা বীৰ দ্রোণাচাৰ্য্যৰ পুত্ৰ।

এই বাক্য দুটাত প্ৰথমটোক বীৰ হিচাপে দ্রোণাচাৰ্য্যক বুজাব আৰু দ্বিতীয়টোত অশ্বত্থমাক বুজাব।

বাক্য গাথনিৰ প্ৰয়োজনত শব্দৰ ৰূপগত দিশৰ পৰিৱৰ্তন সাধন হয়। যেনে— ‘মানুহ’ শব্দৰ লগত

কর্তা কাৰকত — মানুহে।

কৰ্ম কাৰকত — মানুহক।

আকৌ বহুবচন বুজাবলৈ — মানুহবিলাক।

নিৰ্দিষ্টতা বাচক প্রত্যয়ৰ সংযোগত- মানুহজন আদি শব্দ বাক্যৰ প্রয়োজনত সাধিত হয়।

কিছুমান বাক্যত দেখাত শব্দবিলাকৰ প্রয়োগ একে অথচ সিহঁতৰ স্থানক্ৰমৰ পৰিৱৰ্তন হ’লে অৰ্থৰ পৰিৱৰ্তন হয়। যেনে—

১. ৰামে ৰাৱনক মাৰিলে। 

২. ৰাৱণে ৰামক মাৰিলে।

কেতিয়াবা শব্দৰ স্থানক্ৰমৰ পৰিৱৰ্তন হ’লেও অর্থ একে থাকে। উদাহৰণস্বৰূপে— 

মোক তোমাৰ কিতাপখন দিয়া। 

তোমাৰ কিতাপখন মোক দিয়া।

অসমীয়া ভাষাত এনে কিছুমান বাক্য আছে, যিবিলাকক নঞার্থক ৰূপ দুই প্ৰকাৰে কৰিব পাৰি। যেনে—

১. ম‍ই কামটো কৰিব নোৱাৰো। (অপাৰগতা)।

২. ম‍ই কামটো নকৰিবও পাৰো। (ইচ্ছা-অনিচ্ছা)।

অসমীয়া বাক্যত সৰল, জটিল, যৌগিক এনে প্ৰকাৰৰ বাক্য পোৱা যায়।

সৰল বাক্য — ঘৰখনত ভাল শিক্ষা পায়ো তুমি সৎ নহ’লা ।

জটিল বাক্য — ঘৰখনত ভাল শিক্ষা পোৱা সত্ত্বেও তুমি কিন্তু সৎ হ’ব নোৱাৰিলা।

যৌগিক বাক্য — তুমি ঘৰত ভাল শিক্ষাই পাইছিলা কিন্তু সৎ নহ’লা ।

পৃথিৱীত ব্যৱহৃত প্ৰায়বোৰ ভাষা বিশ্লেষণ কৰিলে দেখা যায় যে ভাষাত ব্যৱহৃত এটা বাক্য ৰূপৰ পৰাই বহুতো ৰূপ উলিয়াব পাৰি। এই ৰূপটোকে কার্ণেল বাক্য বোলা হয়। নোয়াম চমস্কি মতে বাক্যৰ গঠন দুই প্ৰকাৰে হয় —

(ক) খণ্ডবাক্য গঠনৰ নিয়ম।

(খ) ৰূপান্তৰ নিয়ম।

কার্ণেল বাক্যবিলাক সাধাৰণতে বিশেষ্য খণ্ডবাক্য আৰু ক্ৰিয়া খণ্ডবাক্য যুক্ত হৈ এটা সম্পূর্ণ বাক্য গঠন কৰা হয়। উদাহৰণস্বৰূপে—

ৰামে কিতাপ পড়ে।

ইয়াত — বিশেষ্য খণ্ডবাক্য — ৰামে।

ক্রিয়া খণ্ডবাক্য — কিতাপ পড়ে।

কর্তৃবাচ্যসূচক কার্ণেল বাক্যৰ পৰাই ৰূপান্তৰ প্ৰক্ৰিয়াৰ সহায়ত নিষেধার্থক, প্রশ্নবোধক, সন্দেহবোধক, কর্মবাচ্যসূচক আদি নানা বাক্য গঠন কৰিব পাৰি। যেনে—

কাৰ্ণেল বাক্য — ৰামে কিতাপ পড়ে।

— ৰামে কিতাপ পঢ়েনে? (প্রশ্নবোধক)।

— ৰামে কিতাপ নপঢ়ে। (নিষেধার্থক)।

— ৰামৰ দ্বাৰা কিতাপ পঢ়া হ’ল। (কর্মবাচ্যসূচক)।

— ৰামে কিতাপ নপঢ়িবও পাৰে। (সন্দেহবোধক)।

একাধিক শব্দৰে গঠিত কোনো এটা বাক্যৰ গঠনগত উপাদান সলনি কৰি বাকী অংশখিনি একেদৰে ৰাখিলেও যদি সি ব্যাকৰণগতভাৱে শুদ্ধ হয়, তেন্তে বাক্যটোৰ উপাদান বিশ্লেষণ সঠিক হৈছে বুলি ক’ব পাৰি। উদাহৰণ স্বৰূপে—

প্রধান শিক্ষকজনে। পঢ়ি ভাল পায়। এই বাক্যটোত দুটা অংগ পোৱা যায়। প্রধান শিক্ষকজনে পঢ়ি ভাল পায়। ইয়াত ‘প্রধান শিক্ষক’ৰ পৰিৱৰ্তে ‘শিক্ষকজনে’ শব্দটো ব্যৱহাৰ কৰিলেও এটা শুদ্ধ বাক্যই পোৱা যাব। আকৌ ‘পঢ়ি ভাল পায়’ সলনি কেৱল ‘ভাল পায়’ ব্যৱহাৰ কৰিলেও বাক্যটো শুদ্ধ হৈয়ে থাকিব। ইয়াৰ পৰা বাক্যত অংগ বিশ্লেষণ পদ্ধতি শুদ্ধ হৈছে বুলিয়ে ক’ব পাৰি।

আকৌ বাক্যৰ অন্তৰংগ আৰু বহিৰংগ গঠনো পোৱা যায়। বহিৰংগ গঠনত বাক্যটোৰ আক্ষৰিক অৰ্থ প্ৰকাশ হয় আৰু অন্তৰংগ গঠনত একেটা বাকাৰে কেইবাটাও ভাব আৰু অৰ্থ হ’ব পাৰে।

উদাহৰণ স্বৰূপ — বুঢ়া মানুহজন মৰিল। এইটো বাক্যৰ বহিৰংগ গঠন। অন্তৰংগ গঠনৰ কেইবাটাও ভাব আৰু অৰ্থ হ’ব পাৰে।

১. মানুহজন মৰিল।

২. মানুহজন বুঢ়া হৈছিল বাবে মৃত্যু হ’ল।

৩. তেওঁ বেমাৰ হৈও মৰিব পাৰে। 

কেতিয়াবা বাক্যৰ বহিৰংগ আৰু অন্তৰংগ গঠনৰ মাজত পাৰ্থক্য দেখুওৱা টান হৈ পৰে। যেনে—

‘ল’ৰাটোৱে খাব পৰা হৈছে’— বাকটোৰ অৰ্থ দুই ধৰণে হ’ব পাৰে—

১. ল’ৰাটো ডাঙৰ হৈ নিজৰ হাতেৰে খাব পৰা হৈছে।

২. ল’ৰাটো উপার্জনক্ষম হৈছে।

পৃথিৱীৰ সকলো বাক্যৰে মূল উপাদান সমূহ প্ৰায় একেই। বাক্য গঠনৰ মাজতহে পার্থক্য দেখা যায়। অসমীয়া বাক্য গঠনৰ ক্ষেত্ৰতো অন্যান্য ভাষাৰ দৰে একেবোৰ দিশৰ ওপৰতে আলোচনা কৰা হয়।

আসন্ন অংগ বিচাৰ পদ্ধতিৰে অসমীয়া বাক্য বিশ্লেষণ কৰিব পাৰি আৰু বাক্যতত্ত্বৰ বিশ্লেষমত বাক্যত সংস্থাপন কৰা আসন্ন অর্থসমূহৰ বিচাৰ কৰি বাক্যৰ প্ৰকৃত অৰ্থ নিৰূপণ কৰা হয়। 

৩২। সংবাদধর্মী লেখা লিখিবৰ বাবে এজন ব্যক্তিৰ কি কি গুণ থকাটো বাঞ্চনীয় আলোচনা কৰা?

উত্তৰঃ ‘সংবাদধর্মী’, অর্থাৎ এই ধৰণৰ ৰচনাত সংবাদৰ গোন্ধ থাকিব লাগিব। সংবাদৰ মৌলিক গুণ, সংবাদত থাকিবলগীয়া গুণ কেইটিৰ কথা সংক্ষেপতে উল্লেখ কৰিব পাৰি। সেই গুণকেইটি হ’ল—

— ঘটনাটো কি? 

— ক’ত ঘটিছে?

— কি ধৰণে ঘটিছে?

— কেতিয়া ঘটিছে?

— কিয় ঘটিল?

—কাৰ দ্বাৰা ঘটিল।

এইকেইটা হ’ল সংবাদৰ গুণ। অকল এইকেইটা গুণে আপোনাৰ লেখা এটাক সংবাদ হিচাপেহে থিয় কৰাব। ৰচনা হ’বলৈ হ’লে সেই লেখাত সংবাদমূল্যৰ লগতে থাকিব লাগিব সাহিত্যৰ ৰস বা সাহিত্যৰ গুণ। সাহিত্যৰ ৰস কি? কি কি গুণ থাকিলে লেখা এটাক সাহিত্য-সৰ সম্বলিত বুলি ক’ব পৰা যাব?

ধৰক, এখন নদীৰ কেমেৰাৰে তোলা ফটো এখন। তাত নদীখনৰ একাংশৰ সঠিক ৰূপ প্ৰকাশ পাইছে। আৰু ধৰক, এজন শিল্পীয়ে সেই নদীখনক সেই একে ঠাইৰ পৰা চাই ছবি এখন আঁকিলে। দুয়োখনৰ মাজত পার্থক্য দেখা নাযাবনে? শিল্পীয়ে অঁকা ছবিখন যদি ফটোখনৰ দৰে হুবহু হয় তেন্তে সেই ছবিখন চাই কি ক’ব বাৰু? ‘ফটোৰ দৰে হৈছে’ – নহয়নে? তেনেদৰে কোৱাটো শিল্পীজনৰ প্ৰশংসা নহয়। শিল্পীজনে তেতিয়াহে প্রশংসা পাব যদিহে সেই ছবিখনত সাধাৰণ মানুহে নদীখনত নেদেখা অথচ দেখাৰ সুযোগ থকা কিবা আবেগ-অনুভূতিৰ প্ৰকাশ ঘটে। শিল্পীজনে ছবিখনত নিজৰ পিনৰ পৰা যিখিনি সংযোগ কৰিব সেইখিনি সেই ঠাইত সম্ভৱ হ’বই লাগিব।

লেখাৰ ক্ষেত্ৰতো সেই একেই কথা। ধৰক, আপুনি নদীৰ ঘাট এটাৰ বিষয়ে সংবাদ এটা ৰচনা কৰিলে- তাত থাকিব ঘাটটোৰ সবিশেষ। কিন্তু আপুনি যদি ঘাটটোৰ বিষয়ে সংবাদধর্মী ৰচনা এখন লিখিব বিচাৰে তেনেহ’লে ঘাটটোৰ তথ্যৰ লগতে থাকিব লাগিব ঘাটটোৰ লগত জড়িত থাকিব পৰা আৱেগিক কাহিনী। এই কাহিনীটো যিমানেই সুন্দৰ হ’ব আপোনাৰ ৰচনাও সিমানেই সুন্দৰ হ’ব। ঘাটটোৰ কথা লিখাৰ সময়ত আপুনি তাৰ লগত যোগ দিব পাৰে ঘাটটোৰে পাৰ হোৱা বিভিন্ন মানুহৰ কাহিনী, যিবোৰে ঘাটটোক পাঠকৰ বাবে জীৱন্ত কৰি তুলিব। 

দ্বিতীয় কথা, – সংবাদ সদায়ে হ’ব লাগে পোনপটীয়া। আৰু সংবাদধর্মী ৰচনা হ’ব লাগে ইংগিতধর্মী, ব্যঞ্জনাপূর্ণ।

এটা সৰু উদাহৰণ দাঙি ধৰা হ’ল—

সন্ধিয়া সাত বজাৰ পাছতে ঘটনাটো ঘটিল – এইটো ঙ’ল সংবাদৰ ভাষাৰ উদাহৰণ। এই বাক্যটোকে সংবাদধৰ্মী ৰচনাত এনেদৰে লিখিব পৰি— সন্ধিয়া সাত বজাৰ ৰে’লখন যোৱাৰ পাছতে ঘটনাটো ঘটিল।

সংবাদধর্মী লেখাত লেখকজনৰ নিজৰ বৈশিষ্ট্য থাকিবই লাগিব।এই বৈশিষ্ট্যই তেওঁক আন লেখকৰ পৰা পৃথক কৰি তোলে। ইয়াৰ যাবে থাকিব লাগিব পর্যবেক্ষণ শক্তি, কল্পনা শক্তি নিৰাশাজনক অৱস্থাক প্রত্যাহ্বান জনাব পৰা সাহস আৰু সমালোচনাৰ দ্বাৰা উন্নতৰ জীৱনৰ পথ দেখুৱাব পৰা সদিচ্ছা। এই গুণবোৰৰ অবিহনে লেখাটোৱে পাঠকৰ মনত ৰোপাত কৰিব নোৱাৰিব। যদি লেখা এটাই পাঠকৰ মনত চাপ বহুৱাব নোৱাৰে তেনেহ’লে সেই লেখাৰ বাবে সময় আৰু শ্রম ব্যয় কৰাৰ প্রয়োজন নাই।

৩৩। ভাল নিবন্ধ লিখাৰ কৌশল সম্পর্কে আলোচনা কৰা?

অথবা

নিবন্ধ ৰচনাৰ বাবে বিষয় কেনেকৈ নিৰ্বাচন কৰিব পাৰি লিখা? 

উত্তৰঃ নিবন্ধক ইংৰাজীত সাধাৰণতে কোৱা হয় ফিচাৰ । নিবন্ধ বা ফিচাৰ হ’ল যিকোনো এটা বিষয়ৰ পৰিচয়মূলক লেখা। এনে লেখাৰ উদ্দেশ্য হ’ল কোনো ঘটনা বা তথ্যৰ প্ৰসংগত নতুন আলোকপাত কৰা। এনে লেখা বাতৰিকাকতৰ বিশেষ পৃষ্ঠা আৰু আলোচনীত প্ৰায়েই প্রকাশ পায়। এই লেখাবোৰ হয় সহজে পাঠকক আকৰ্ষণ কৰিব পৰাবিধৰ বাতৰিকাকতৰ দেওবৰীয়া পৃষ্ঠা এটা চালেই এনে নিবন্ধৰ উদাহৰণ পোৱা যাব। এনে লেখাৰ চাহিদা বেছি আৰু এই চাহিদাই নতুন লেখক এজনক উৎসাহিত কৰাৰ সম্ভাৱনা থাকে। এই চুটি চুটি লেখাবোৰ পঢ়ি যাওঁতে লেখাটো যিমান সহজ হ’ব যেন লাগে আচলতে সিমান সহজ নহয়। 

এনে নিবন্ধ হ’ব লাগে সুখপাঠ্য, চুটি, তথ্যপূৰ্ণ আৰু পঢ়িবলৈ সহজ।

এনে লেখাৰ বাবে চকু, কাণ, তীক্ষ্ণবুদ্ধি, অনুভূতি আৰু আৱেগৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। চকু আৰু কাণেৰে সংগ্ৰহ কৰিব লাগিব প্রয়োজনীয় তথ্য, তীক্ষ্ণবুদ্ধি ব্যৱহাৰ হ’ব সেই তথ্যৰ বিশেষণত, অনুভূতি আৰু আৱেগে সেই লেখাক পাঠকৰ হৃদয়ৰ ওচৰলৈ লৈ যাব। নিবন্ধ হ’ব। লাগিব এনে যিয়ে পাঠকক তথ্যৰ যোগান ধৰে, ভাবিবলৈ বাধ্য কৰে আৰু আৱেগিক কৰি তোলে। এনে লেখাৰ ভাষা হ’ব লাগিব কাব্যময়, যিয়ে পাঠকক সহজে অভিভূত কৰিব পাৰে।

এটা কথা উল্লেখযোগ্য যে যিকোনো পেছাৰ বা যিকোনো শিক্ষাগত যোগ্যতাৰ লেখকেই নানান কিতাপ-পত্ৰ সহযোগত নিজৰ পছন্দৰ বিষয়ৰ সুন্দৰ প্ৰবন্ধ এটি লিখি উলিয়াব পাৰে। কিন্তু ফিচাৰ বা নিবন্ধ এটি লিখাৰ বাবে এই গুণবোৰৰ লগতে লাগিব লেখকৰ সূক্ষ্ম জীৱৱবোধ আৰু জীৱনক ওচৰৰ পৰা উপলব্ধি কৰাৰ ক্ষমতা।

নিবন্ধৰ আৰম্ভণি হ’ব নাটকীয়ভাৱে, যাতে ই পাঠকৰ মনত কৌতুহলৰ সৃষ্টি কৰে। প্ৰতিটো বাক্যই হ’ব লাগিব ইটাৰ দেৱালৰ ইটাবোৰৰ দৰে এটা ইটাই যেনেদৰে আনটো ইটাক ধৰি ৰাখে, – তেনেকুৱা। শেষ হ’ব লাগিব আৰম্ভণিৰ দৰেই নাটকীয়ভাৱে, যাতে পাঠকৰ মনত অনুৰণন ৰৈ যায়। যেন শেষ হৈয়ো শেষ নহ’ল— তেনেকুৱা ।

ফিচাৰৰ প্ৰধান উপকৰণ হৈছে মানুহ আৰু মানুহৰ চৌপাশৰ পৰিৱেশ। ফিচাৰে আমাক অন্য মানুহৰ প্ৰতি আগ্ৰহী কৰি তোলে আৰু মনত পেলাই দিয়ে যে আমি সকলো একেখন সমাজৰে অংশীদাৰ। সংবাদপত্ৰত প্ৰাধান্য লাভ কৰে খবৰে। কিন্তু পাঠকে খবৰৰ লগতে বিচাৰে মানৱীয় আবেদনেৰে ভৰা আৰু কিছু তথ্য, বিচাৰে ব্যঞ্জনাৰে উজ্জ্বল হৈ উঠা তথ্যনিৰ্ভৰ আৰু কিছু কথা। এইখিনি দিব ফিচাৰৰ সাৰ্থকতা।

এনে নিবন্ধৰ বিষয়বস্তু নির্বাচন কৰিব কেনেদৰে ? 

এনে নিবন্ধক ঘাইকৈ দুটা ভাগত ভগাই ল’ব পাৰিঃ 

এক, বিশেষ বিষয়ৰ নিবন্ধ

দুই. চিনাকি বিষয়ৰ নিবন্ধ 

বিশেষ বিষয়ৰ নিবন্ধ

ধৰক, চিকিৎসা বিষয়ৰ নিবন্ধ। এনে লেখা সকলো আলোচনী বা কাকতেই প্ৰকাশ কৰিবলৈ বিচাৰে। কিন্তু যিকোনো লেখকে লিখিলে কাকতে এনে লেখা প্রকাশ কৰিবনে? নকৰাই স্বাভাৱিক। কাৰণ এনে বিষয়বোৰত লিখিবলৈ সেই বিষয়টোত ভাল জ্ঞান থকা প্রয়োজন চিকিৎসা বিষয়ক লেখা এটি এগৰাকী চিকিৎসকে লিখিলে কাকতৰ সম্পাদকে ছপাবলৈ বিমান ভাল পাব, আন পেছাৰ মানুহ এজনে লিখিলে ছপাবলৈ সিমান ভাল পাবনে? নিশ্চয় নাপায়। কথাটো এগৰাকী পাঠক হিচাপে আপুনিও ভাবি চাওচোন, এগৰাকী চিকিৎসকে লিখা চিকিৎসা বিষয়ক নিবন্ধ এটিক আপুনি গুৰুত্ব দিব নে আন পেছাৰ মানুহে লিখা প্ৰবন্ধ এটিক গুৰুত্ব দিব ? এই কথাটো প্ৰতিজন লেখকৰ এতিটো লেখাৰ ক্ষেত্ৰতে প্রযোজ্য।

যিটো বিষয়ত লিখিবলৈ হ’লে বিশেষ ধৰণৰ জ্ঞানৰ প্ৰয়োজন তেনে বিষয় লিখিবলৈ আৰম্ভ নকৰিব, যদিহে সেইবিধৰ প্রয়োজনীয় জ্ঞান আপোনাৰ নাথাকে। ধৰক, এখন বাংলা অথবা ইংৰাজী আলোচনীত আপুনি স্বাস্থ্য বিষয়ক ভাল প্রবন্ধ এটা পালে আৰু লেখাটো পঢ়ি তাত থকা সকলো কথা বুজিও পালে। সেই সকলো লগ লগাই আপুনি এটা সুখপাঠ্য নিবন্ধ লিখি উলিয়াব পাৰে। ডাকযোগে পঠিয়াই দিলে কোনো সম্পাদকে প্ৰকাশ কৰিবও পাৰে।

প্রশ্ন হ’ল, চিকিৎসা বিজ্ঞানৰ লগত পোনপটীয়া সম্বন্ধ থকা নিবন্ধটো চিকিৎসা বিজ্ঞানৰ লগত সম্পর্ক নথকা এজনে লিখা উচিত হ’বনে? নহয়। প্রশ্ন, কিয় নহয়? যিটো বিষয়ত লিখাৰ বাবে প্ৰণালীবদ্ধ জ্ঞান লাগে সেই জ্ঞান নথকাকৈ লিখাৰ অৰ্থ হ’ল পাঠকক ফাঁকি দিয়া। এনে ফাঁকি দিয়া মানসিকতাৰে দুদিন বাতৰিকাকত-আলোচনীত ছপা আখৰত নিজৰ নামটো চাব পাৰি, কিন্তু দীর্ঘাদনৰ বাবে এই পেছাত থাকিব নোৱাৰি। ফাঁকিৰে কোনো পেছাতেই দীর্ঘদিন থাকিব নোৱাৰি।

সকলো কথাই যে প্রণালীবদ্ধ শিক্ষা লাভৰ পাছতহে লিখিব পৰা যাব তেনে নহয়। বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ ভেটিতো কিছুমান নিবন্ধ লিখিব পৰা যায়। তেনে ধৰণৰ লেখাৰ বাবে প্ৰথমে নিজকে বাৰে বাৰে সুধি ল’ব – সিমানখিনি অভিজ্ঞতা আপোনাৰ আছেনে? আপোনাৰ অভিজ্ঞতা আছে বুলি আনে বিশ্বাস কৰিবনে? তাৰ পাছতহে সেই বিষয়ৰ লেখাৰ বাবে আগবাঢ়িব।

চিনাকি বিষয়ৰ নিবন্ধ

চিনাকি বিষয় এটাক নিজৰ নিবন্ধৰ মাজলৈ অনা কামটো তুলনামূলকভাৱে কিছু সহজ। কিন্তু চিনাকি বিষয় এটাক সকলোৰে মনঃপুত হোৱাকৈ উপস্থাপন কৰাটো টানকাম। শিৰোনামা পঢ়িয়েই পাঠকে কৈ দিব, ‘এই বিষয়টো মই জানোৱেই, নতুনকৈ পঢ়িব লগা তাত কিনো পাম ?” পাঠকে আপোনাৰ লেখাটো পঢ়ি নতুন কিবা যে পাব সেই ধাৰণা আপুনি শিৰোনামাৰ পৰাই দিব পাৰিব লাগিব। 

এনে নিবন্ধ লিখাৰ বাবে আপোনাৰ প্ৰধানকৈ দুটা বস্তুৰ প্ৰয়োজন হ’ব,

এক. চিনাকি বিষয়টোৰ ভাল জ্ঞান

দুই, আপোনাৰ নিজৰ দৃষ্টি

ধৰক, আপুনি আপোনাৰ চহৰৰ পাণ দোকান কেইখনৰ কথা লিখিব। বিচাৰিছে। এই লেখাটো কোনোবাই পঢ়িবনে? আপোনাৰ কি ভাব হয়? এইবাৰ আপুনি নিজকে প্ৰশ্ন কৰক : আপুনি বাৰু এই প্ৰবন্ধটো বাতৰিকাকতৰ দেওবৰীয়া পৃষ্ঠাত পঢ়িবনে? সহজ উত্তৰ : পঢ়িব, যদিহে তাত নতুন কিবা কথা পোৱা যায়।

প্রশ্ন হ’ল, নিবন্ধটো নপঢ়াকৈ কেনেকৈ ক’ব পাৰি যে তাত নতুন কথা কিবা থাকিব পাৰে? সেই বাবেই এনে লেখাৰ বাবে প্রয়োজন হ’ব এটি আকৰ্ষণীয় শিৰোনামাৰ। শিৰোনামটোৱে পাঠকক লেখাটোৰ পিনে টানি নিব লাগিব ।

পাণ-দোকান কেইখন প্ৰতিখন চহৰৰ প্ৰতিজন মানুহে দেখি আছে। তেনেহ’লে তাত পঢ়িবলগীয়া কি আছে? ‘এই পঢ়িবলগীয়া কি আছে’- সেইটো প্ৰমাণ কৰিব পৰাটোৱেই লেখক হিচাপে আপোনাৰ কাম। এয়াই হ’ল চিনাকি বিষয় এটাক নতুন দৃষ্টিৰে চোৱাৰ কথা। এই নতুন দৃষ্টিৰ কথাটো এটা সহজ উদাহৰণেৰে বুজাই দিব পাৰি।

পাণ দোকানখনৰ কথাকে লওঁ। সন্মুখৰ পৰা পাণ দোকানৰ চেহেৰাটো কেনে সকলোৱে দেখিছে, কিন্তু কিমানজনে পাণ দোকান এখনৰ পিছফালটো দেখিছে? কিমানজনে পাণ দোকানৰ ভিতৰৰ পৰা ৰাষ্টাটো দেখিছে? পাণ দোকানৰ ল’ৰাজন – তেওঁ ৰাতি ক’তনো শোৱে ? তেওঁৰ দৈনিক আয় কিমান হয়। তেওঁনো এই গুমটিটো ক’ত পালে? এনেকুৱা অলেখ প্রশ্ন আপোনাৰ মনলৈ আহিব, যিবোৰ প্ৰশ্নৰ উত্তৰ আপুনি নাজানে। এই প্রশ্নবোৰৰ উত্তৰেৰে এটা নিবন্ধ হ’ব নোৱাৰেনে? তেনে নিবন্ধ এটা যদি আপুনি আলোচনীত পঢ়ে, তেনেহ’লে আনেও পঢ়িব নিশ্চয়। সেই বিশ্বাস মনত ৰাখি লিখিবলৈ আৰম্ভ কৰক।

এনেদৰে যেতিয়া আপুনি লেখাৰ কথা ভাবিবলৈ ল’ব তেতিয়া দেখিব অলেখ বিষয়ে আহি আপোনাৰ মনত খুন্দা মাৰিছে। তেনে সময়তে নোট বুক এখনৰ প্ৰয়োজন হয়। মনলৈ অহা প্ৰতিটো ভাবকেই সেই নোট বুকখনত লিখি থওক। এটা পৃষ্ঠাত এটা মূল ভাব লিখিব। কাৰণ পাছত সেই ভাবটোৰ লগত জড়িত বহু কথাই আপোনাৰ মনলৈ আহিব, হয়তো বাতৰিকাকতত সেই বিষয়ৰ কিবা তথ্য পাই যাব, কোনোবা কিতাপৰতো তথ্য পাই যাব পাৰে, কাৰোবাৰ মুখৰ পৰা কিবা শুনিব হয়তো নিজা অভিজ্ঞতাও হ’ব। সেই পৃষ্ঠাতেই কথাবোৰ লিখি যাব। পাছত এই কথাবোৰ বুজি পাব কোনবোৰ কথা প্রয়োজনীয়, কোনবোৰ কথা নিলিখিলেও হ’ব?

৩৪। ভাল লেখা বা ৰচনা লিখাৰ মৌলিক নীতি কি কি?

উত্তৰঃ ভাল ৰচনা এখন কি?

যিখন ৰচনা পঢ়ি ভাল লাগে।

যিখন ৰচনাত থকা তথ্যবোৰ শুদ্ধ।

যিখন ৰচনাই নতুন কথা জনাৰ আগ্ৰহ বৃদ্ধি কৰে।

নহয় জানো ?

পঢ়ি ভাল লগাটোৱেই প্ৰধান আৰু মূল কথা। কেনেদৰে লিখিলে ৰচনাখন পঢ়ি ভাল লাগিব সেই বিষয়ে কোনোবাই আগতে শিকাই দিব পাৰিব নেকি? কোনেও নোৱাৰে। কিন্তু ভাল ৰচনা লিখাৰ কৌশল কেইটিমান শিকাই দিব পাৰে যিবোৰ কৌশলৰ ব্যৱহাৰে ৰচনাখনক ভাল ৰচনাৰ পিনে লৈ যাব পাৰে।

তেনে কৌশল হিচাপে আপুনি এই কথাকেইটা মনত ৰাখিব পাৰে: 

কি কি মূল কথা আপোনাৰ লেখাটোত থাকিব তাৰ এখন তালিকা কৰি লওক। তাৰ পাছত সেই তালিকাখন পৰীক্ষা কৰক। আপুনি যিটো ক্ৰমত মূল বিষয়বোৰ ঠিক কৰিছে সিয়ে আপুনি লিখিব খোজা বিষয়টোক ভালদৰে ফুটাই তুলিব পাৰিবনে ? মূল বিষয়বোৰ উপস্থাপনৰ ক্ৰম সলনি কৰিব লাগিব নেকি ভাবি চাওক। আপুনি ঠিক কৰি লোৱা এই ক্ৰমে পাঠকৰ কৌতূহল শেষলৈকে ধৰি ৰাখিব পাৰিবনে ? প্ৰতিটো মূল ভাবৰ বৈশিষ্ট্যসমূহ ঠিক কৰি লওক। লিখোতে চাব যাতে এই বৈশিষ্ট্যসমূহ সঠিক ৰূপত প্ৰকাশ পায়।

এটা নিবন্ধই কেইটাবাটাও উপ-বিষয় সামৰি ল’ব পাৰে। তেনে ক্ষেত্ৰত চাব প-বিষয়বোৰ উপস্থাপন কৰোঁতে লেখাৰ মূল সুৰটোৰ যাতে ব্যাঘাত নহয় । আৰু এটা মনত ৰাখিবলগীয়া কথা হ’ল, লিখাৰ আগতে সম্পূৰ্ণ পৰিকল্পন। কৰি ল’লেও বাস্তৱ ক্ষেত্ৰত দেখা যায় যে লিখাৰ সময়ত লেখাটি ভবাধৰণে আগ নাবাঢ়ে। ই পথ পৰিৱৰ্তন কৰে। এই পথ পৰিৱৰ্তন স্বাভাৱিক কথা। এই পৰিৱৰ্তনৰ লগে। লগে নিজকে খাপ খুৱাই নিব পাৰিব লাগিব। এবাৰতে নোৱাৰিলে লেখাটো শেষ হোৱাৰ পাছত পুনৰ এবাৰ নতুনকৈ লিখিব লাগিব। কেতিয়াবা এবাৰ নহয় কেইবাবাৰো লিখিব লাগিব পাৰে। লেখা এটা সুন্দৰ কৰি তুলিবলৈ এইখিনি কষ্ট কৰিবই লাগিব। কিছুমান কথা প্রায়েই শুনা যায় যে অমুক বিখ্যাত লেখকে একেবাৰতে সুন্দৰ লেখ। এটা লিখি দিলে, আনকি তেওঁ পাছত সেইটো পঢ়িয়েই নাচালে। এনেকুৱা কথাবোৰ শুনি থৈ দিয়াই ভাল। লিখিবলৈ আৰম্ভ কৰাৰ সময়ত তেনে আদৰ্শৰে উৎসাহিত নোহোৱাই উচিত।।

আপুনি যি কথা ক’ব খুজিছে তাৰ সমৰ্থনত বাস্তৱ জীৱনৰ উদাহৰণ দিব। কাল্পনিক উদাহৰণক বাস্তৱ উদাহৰণ বুলি ব্যৱহাৰ নকৰিব। যদি কাল্পনিক উদাহৰণ দিব লগা হয়, তেনেহ’লে তাক কাল্পনিক বুলিয়ে লিখি দিব। ধৰক, আপুনি বিবাহ বিচ্ছেদ হোৱা মহিলা এগৰাকীৰ সমস্যাৰ কথা লিখিব বিচাৰিছে। উদাহৰণ হিচাপে আপুনি তেনে সমস্যাৰ সন্মুখীন হোৱা মহিলা এগৰাকীৰ কথাকে লিখক। কথাটো যে সত্য তাক প্ৰমাণ কৰিবলৈ মহিলাগৰাকীৰ নাম নিদিলেও হয়। নাম প্রকাশ কৰাৰ আগতে সুধি ল’ব নাম প্ৰকাশ কৰাত তেখেতৰ আপত্তি আছে নেকি? কিন্তু আপুনি বিবাহ বিচ্ছেদ হোৱা মহিলাৰ সমস্যাৰ কথা কাহানিও জনাৰ সুবিধা পোৱা নাই, সেই কথাবোৰ ভাবি ভাবি বাস্তৱ কথাৰ দৰে লিখাৰ চেষ্টা নকৰিব। এই কথাটো বাৰে বাৰে কৈ অহা হৈছে যে কোনো ক্ষেত্ৰতে পাঠকক ঠগোৱাৰ কথা নাভাবিব। যিটো কথা নাজানে তাক নিলিখিব।

আনৰ সন্মান হানি কৰিব পৰা কোনো উদাহৰণ, কাহিনী, ভাষা আপোনাৰ লেখাত সন্নিবিষ্ট নকৰিব।

লিংগ নিৰ্ধাৰণ কৰা শব্দবোৰ যিমান পাৰি কমাই ব্যৱহাৰ কৰিব। আপোনাৰ লেখাটো পুৰুষেও পঢ়িব, মহিলাইয়ো পঢ়িব। সেই কথাটো মনত ৰাখিব। আপুনি কি লিংগৰ মানুহ সেই কথাটো পাঠকক বাৰে বাৰে জনাই থকাৰ প্ৰয়োজন নাই। ‘চিনেমানখনত অভিনেতাসকলে ভাল অভিনয় কৰিছে’-এই বাক্যটোত কোনো ভুল নাই। এই বাক্যত অভিনেতা শব্দৰে অভিনেতা-অভিনেত্রী উভয়কে বুজোৱা যেন লাগিছে। যদি সেইটোকে বুজাব বিচাৰিছে তেনেহ’লে ‘অভিনেতা’ শব্দৰ ঠাইত লিখক- অভিনয় শিল্পীসকলে । আৰু যদি অকল অভিনেতাসকলৰ কথাকে বুজাব বিচাৰিছে তেনেহ লৈ একেলগে মহিলা শিল্পীসকলৰ কথাও লিখি দিব যাতে পাঠকে কথাটো বুজি পোৱাত খেলিমেলি নহয়। চিনেমাখনত অভিনেতাসকলে ভাল অভিনয় কৰিছে, কিন্তু অভিনেত্রীসকলে ভাল ‘অভিনয় কৰা নাই’- এইটো হ’ল লিখিবলগীয়া বাক্যটো । এনেদৰে লিখিলে কোনেও অসম্মানবোধ নকৰে। কিন্তু বাক্য হিচাপে এইটো শুৱলা বাক্য হ’লনে? নাই হোৱা। কেনেদৰে লিখিলে কথাটোও সম্পূৰ্ণৰূপে প্ৰকাশ পাব আৰু বাক্যটোও শুৱলা হ’ব সেই কথা। অভ্যাসৰ পাছত আপুনি নিজেই উপলব্ধি কৰিব পাৰিব। 

আপোনাৰ লেখাৰ সুৰটো যাতে মাৰ্জিত হয়।

শিকাৰ প্ৰতি যে আপোনাৰ আগ্রহ আছে, সেই কথা। যাতে লেখাৰ মাজত প্ৰকাশ পায়। যি বিষয়ে নিলিখক কিয় সেই বিষয়টোৰ শেহতীয়। তথ্য যাতে আপোনাৰ লেখাটোত থাকে। অসম্পূৰ্ণ আৰু পুৰণি তথ্যই নিবন্ধ এটাৰ মূল্য বহু কমাই দিয়ে, অকল কমোৱাই নহয় মূল্যহীনো কৰি পেলায়।

ভাল লেখাৰ বাবে তলৰ কিটিপকেইটাও জানি লোৱা দৰকাৰ—

— প্রথমতে নোট বুকখন লওক আৰু তাৰ পৰা তিনিটা বিষয় বাচি উলিয়াওক।

— এতিয়া তাৰ পৰা এটা বিষয় ঠিক কৰক যিটোৰ বিষয়ে লিখি আপুনি আটাইতকৈ ভাল পাব। 

— আপুনি যদি ভাৱে এই বিষয়টো পাঠকে ভাল পাব তেতিয়াহে লিখিবলৈ আগবাড়ক।

— ভাবি লওক, কোনখন আলোচনী বা বাতৰিকাকতৰ বাবে আপুনি লেখাটো পঠিয়ার। সেই আলোচনী বা কাকতখনৰ কেবাটাও সংখ্যা পড়ি নিজে সিদ্ধান্ত লওক, তেনে বিষয়ৰ প্ৰবন্ধ কাকত বা আলোচনীখনে ভাল পাবনে ? এইখিনিতে এটা কথা কৈ থওঁ, যিখন আলোচনী বা কাকত আপুনি নপঢ়ে সেইখনৰ বাবে লেখা নপঠিয়াব। কাৰণ ? এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰো প্ৰয়োজন নাই। আপুনি নিজে ভাবি ল’ব ।

— আপুনি লিখিবলৈ লোৱা নিবন্ধটোত কি কি লিখিব সেই পইণ্টকেইটা কাকত এখনত লিখি উলিয়াওক ।

— মূল বিষয়ৰ লগত সম্পর্ক নথকা পইণ্টকেইটা কাটি পেলাওক। বাকী পইণ্টকেইটা একাদিক্রমে সজাই লওক।

— ভাবি চাওক, কোনটো কোনটো পইণ্টৰ বাবে আপোনাক আৰু তথ্যৰ প্ৰয়োজন। সেই তথ্যবোৰ সংগ্ৰহ কৰি লওক। প্রয়োজন হ’লে কিতাপ পঢ়ক, সেই বিষয়ে জনা মানুহৰ লগত কথা পাতক।

— এতিয়া লিখিবলৈ আৰম্ভ কৰক। চাব যাতে প্ৰথমৰ পৰাই পাঠকে পঢ়িবলৈ ভাল পায়। সেই আগ্রহ শেষলৈকে ধৰি ৰখাৰ চেষ্টা কৰিব। যদি ভাবে যে ক’ৰবাত পাঠকৰ আগ্ৰহ কমি যাব পাৰে, সেইখিনি পুনৰ লিখক।

— লেখাটো শেষ হোৱাৰ পাছত এদিন থৈ দিয়ক আৰু পাছদিনা পঢ়ক। চাওক, পঢ়ি যাওঁতে কৰবাত খোকোজা লাগিছে নেকি? ক’ৰবাত যদি খোকোজা লগা যেন পায় সেইখিনি পুনৰ লিখক।

— লেখাত থকা সকলো তথ্য শুদ্ধ হৈছে নে নাই ভালদৰে পৰীক্ষা কৰক। তথ্যগত ভুলে আপোনাৰ সকলো পৰিশ্ৰম পানীত পেলাব পাৰে। এজন সম্পাদক যেতিয়া নিশ্চিত হ’ব যে আপোনাৰ লেখাত তথ্যগত ভুল একো নাথাকে, সেয়া আপোনাৰ সাফল্যৰ এটা চিন।

— প্রয়োজন হ’লে লেখাটো পুনৰ লিখক। বহুতে কিন্তু এলাহতে লেখা এটা দুবাৰ নিলিখে। সন্দেহ নাই, এই কামটো বিৰক্তিকৰ, কিন্তু লাহে লাহে দেখিব বাৰে বাৰে লিখাৰ প্ৰয়োজন নোহোৱা হৈ আহিছে।

— লেখাটোৰ এটা শিৰোনামা দিয়ক আৰু আপুনি ঠিক কৰি থোৱা আলোচনী বা কাকতখনলৈ পঠিয়াই দিয়ক। পঠিওৱাৰ আগতে আকৌ এবাৰ চাই লওক, আপোনাৰ লেখাটোৰ বাবে সেই কাকত বা আলোচনীখনৰ নিৰ্বাচন সঠিক হৈছে নে নাই।

— আপোনাৰ লেখাটোৰ বাবে কিবা ফটো বা ছবিৰ প্ৰয়োজন হ’ব পাৰে। সেই ফটো বা ছবি আপোনাৰ গত থাকিলে লগতে পঠিয়াই দিয়ক। যদি নাই, তেনেহ’লে সেই প্রয়োজনীয় ফটো বা ছবিৰ বৰ্ণনা এটা লগতে লিখি দিয়ক।

— কোনো কথাকে খহটা ৰূপত নিলিখিব।

— দুটা বিষয়ক একেলগ নকৰিব। ই আপোনাৰ লেখাটো বেয়া কৰিব।

— পাঠকে কি কৰা উচিত বা অনুচিত সেই বিষয়ে পৰামৰ্শ নিদিব।আপোনাৰ মতটোকে কৈ যাওক। পাঠকে কি কৰিব লাগে নিজেই ঠিক কৰি ল’ব।

— অদৰকাৰী কথাৰে লেখাটো দীঘল নকৰিব।

— একেটা কথাকে বাৰে বাৰে নিলিখিব। ই পাঠকক বিৰক্ত কৰে।প্ৰতিটো বাক্যই নতুন বাক্য হ’লেহে পাঠকে পঢ়ি ভাল পাব।’

— আশাবাদী কথাৰে লেখাটো শেষ কৰিব। নিৰাশাজনক কথাই পাঠকক পঢ়াৰ আনন্দৰ পৰা বঞ্চিত কৰে।

— লেখাটো সুন্দৰ কৰাৰ স্বাৰ্থত অপ্রয়োজনীয়ভাৱে ‘ভাষাৰ বাহাদুৰি’ দেখুৱাব নালাগে।

৩৫। সাধাৰণতে উৎকৃষ্ট লেখকৰ গুণ আয়ত্ব কৰিবলৈ এজন লেখকৰ কি গুণ থকাটোৰ দৰকাৰ আছে ব্যাখ্যা কৰা?

উত্তৰঃ লেখক এজন ভাল লেখক হ’বলৈ হ’লে তেওঁৰ বিষয়টো সম্পৰ্কত জ্ঞান থকাটো দৰকাৰ। লেখক এজনে লেখা এটা লিখিবলৈ হ’লে প্ৰথমতে তেওঁ পঢ়িব লাগিব; পর্যাপ্ত পঠনে তেওঁৰ ৰচনাশৈলীৰ পদ্ধতিসমূহ আৰু উৎকৃষ্ট কৰি তুলিব । যেনেদৰে লেখাবোৰ আদৰণীয়, আদশ্ শপ্ৰধান হৈ পৰে তেনেকৈয়ে নিন্দনীয়, বর্জনীয় শৈলীৰ লেখাৰ দ্বাৰা প্ৰভাৱিত হ’লে তাৰতম্য দেখা দিব পাৰে।

লেখাবোৰ সহজ আৰু সৰল হ’লেহে সেই লেখাই সমাদৰ লাভ কৰে। জটিল শব্দ প্রয়োগে, সাধাৰণ পাঠকে বুজি লোৱাত অসুবিধা হ’লে সেই লেখাটোৰ প্ৰতি অনীহা জন্মে। এতেকে ভাল এটা লেখা প্রস্তুত কৰিবলৈ হ’লে অনুশীলন, কঠোৰ শ্ৰম, অসীম ধৈৰ্যৰ খুবে প্রয়োজন। কোনো এটা লেখা কেতিয়াও প্ৰস্তুত হৈ নাথাকে বাবে লেখকগৰাকীয়ে নিজৰ নিপুণ শৈলীৰে প্ৰস্তুত কৰিব লাগে।

ভাল লেখক এজনে প্রয়োজনীয় শব্দসমূহৰ ব্যৱহাৰৰ দ্বাৰা অৰ্থাৎ কম কথাতে বহুখিনি বুজাব পৰাকৈ প্ৰস্তুত কৰিবলৈ যত্ন কৰে। তদুপৰি ডাল লেখক এজনে আন লেখকৰ পৰা কোনোদিন অবিকলভাৱে উঠাই দি যদি সেই লেখকজনৰ কথা উল্লেখ কৰা নহয়; তেতিয়া সেই কার্যক চুৰি বুলিও একপ্ৰকাৰে ক’ব পাৰি। গতিকে আন লেখাৰ পৰা ল’লেও সেই কথাটো উল্লেখ কৰা দৰকাৰ।

লেখক এজনে লেখা কাৰ্য যিটো ভাষাত কৰিব বিচাৰে সেই ভাষাটোৰ ব্যাকৰণগত, উচ্চাৰণগত আদি দিশসমূহৰ প্ৰতি ভালকৈ জ্ঞান থকাটো দৰকাৰ। আনহাতে যদি লেখকজনৰ ভাষাৰ জ্ঞান এটাতকৈ অধিক ভাষাৰো আছে, তেতিয়া তেওঁ মন কৰা দৰকাৰ যে তেওঁ যিটো ভাষাত লেখাটো লিখি আছে; তাত যাতে অপ্রয়োজনীয় আন ভাষাৰ শব্দসমূহ, বিনাকাৰণত নোসোমায়; যাৰ ফলত লেখকজনৰ লেখাটোৰ মান হানি হোৱা দেখা যাব।

লেখক এগৰাকী অভিজ্ঞতা আৰু কল্পনাৰে ভৰি থাকিলেহে সাহিত্যৰ ক্ষেত্ৰত তেওঁৰ লেখাসমূহ উৎকৃষ্ট হ’ব।

এজন ভাল লেখকে নিৰ্ভয়ে তেওঁৰ অভিজ্ঞতালব্ধ কথাসমূহ প্রকাশ কৰিব পৰাটোৱে তেওঁৰ শক্তিশালী দিশ ।

৩৬। এজন লেখকৰ লেখন কৌশল কেনে হোৱা উচিত আলোচনা কৰা?

উত্তৰঃ লেখন হ’ল জটিলতম কৌশল। মানসিক প্ৰক্ৰিয়াৰ সৈতে লেখন কার্য জড়িত। লেখন কলাৰ সৈতে জড়িত ব্যক্তি হৈছে লেখকগৰাকী। লেখকগৰাকীয়ে নিজৰ অভিজ্ঞতা, ধাৰণা, তথা, চিন্তা কল্পনা ইত্যাদি পোনতে জুকিয়াই চোৱা দৰকাৰ। তেওঁ নিজৰ অভিজ্ঞতা, জ্ঞান ইত্যাদিৰ কোনটো লিখাৰ সমলৰূপে গ্ৰহণ কৰা হ’ব সেই সম্পর্কে সিদ্ধান্ত গ্ৰহণ কৰি নির্দিষ্ট ক্ৰমত মনতে বাক্যবোৰ সজাই ল’ব লাগে। উপযুক্ত ভাষাৰ মাধ্যমত প্ৰকাশ কৰা উপযুক্ত শব্দ, বাক্য গাঁথনি, ৰচনা- ৰীতি, ভাষাৰ শুদ্ধতা ইত্যাদিৰ ওপৰত চকু দিব লাগে। তেতিয়াহে লেখাটো সম্পূৰ্ণ হোৱা বুলি ক’ব পাৰি ।

শিক্ষাৰ স্তৰ অনুযায়ী যদি প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে লিখনৰ অর্থ হৈছে পেঞ্চিল, কলম বা অন্য লিখন সঁজুলি হাতৰ আঙুলিৰে ধৰি কাগজ বা অন্য মাধ্যমত ভাষাৰ দৃশ্যমান প্রতীকৰ অংকন কৰা। শিক্ষকে লেখন প্ৰক্ৰিয়াত এই বয়সৰ ছাত্ৰ-ছাত্ৰীৰ হাতৰ আখৰ সুন্দৰ আৰু স্পষ্ট হোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। মাধ্যমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীয়ে স্বাধীনচিতীয়াকৈ লিখিব নোৱাৰে। নতুন নতুন শব্দ আৰু বাক্য গাঁথনি ব্যৱহাৰ কৰি পাঠভিত্তিক লেখাহে লিখে। চিন্তা, কল্পনাশক্তি আৰু সৃজনশীলতাৰ বিকাশ ঘটোৱাৰ চেষ্টা কৰি ভাষাৰ মাধুৰ্য ৰক্ষা কৰি লিখিবলৈ ধৰে। ভাল আখৰেৰে দ্রুতভাৱে লেখাৰ অভ্যাসো মাধ্যমিক স্তৰতে গঢ়ি উঠে।

লেখন প্ৰক্ৰিয়াৰ প্ৰাথমিক স্তৰত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ অৰিহণা অতিকৈ জৰুৰী। শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ হাতত ধৰি বা বিভিন্ন ধৰণৰ ৰেখা, কোণ আদিৰ জৰিয়তে চিনাকি কৰাই সহজ কৰি দিয়াত সুবিধা কৰিব লাগে। এনেদৰে লেখন পদ্ধতিৰ বানান, জটিল বাক্য, বৰ্ণ আদিৰ সৈতে চিনাকি হৈ লিখিব পৰা হয়।

লেখন প্ৰক্ৰিয়াত বিভিন্ন ধৰণৰ বিষয় হ’ব পাৰে। সাহিত্য, সংস্কৃতি আৰু ভাষা বিষয়ক আদিৰে ধৰি বিভিন্ন হ’ব পাৰে। কিছু বিষয় নিজৰ অভিজ্ঞতা, ৰুচি-অভিৰুচিৰ আধাৰত লিখা হ’ব পাৰে। নতুবা গবেষণা, ক্ষেত্ৰভিত্তিত অধ্যয়ন কৰিও লেখা হ’ব পাৰে। তদুপৰি অইন ভাষাৰ পৰা লেখকজনে অনুবাদ কৰিব পাৰে; নতুবা বৈদ্যুতিন মাধ্যম আদি ব্যবহৃত বিষয়সমূহৰ আঁত ধৰি লেখা প্ৰস্তুত কৰিব পাৰে। গোটেইখিনি কথাৰ অর্থে ক’ব লাগিব যে লেখকগৰাকীয়ে শুদ্ধ; স্পষ্ট ৰূপত প্ৰকাশ কৰিব পৰা ক্ষমতা থাকিলেহে ভাল এটা লেখা হ’বগৈ পাৰিব।

কোনো বিষয় বা বিষয়ৰ অন্তৰ্গত অংশৰ প্ৰয়োজনতকৈ অধিক বর্ণনা দিয়াৰ প্ৰয়োজন নাথাকে। কেতিয়াবা প্রয়োজন হ’লে দিব পাৰে।

যিকোনো ভাল লেখাৰ বাবে লেখকজনে প্ৰথমতে লেখাটো লিখি, তাৰ প্ৰয়োজনীয়খিনি ৰাখি বা অলাগতীয়ালখিনি গুচাই, নতুনকৈ সংশোধন কৰিহে প্ৰকাশ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। ।

কেতিয়াবা এগৰাকী লেখকে লেখাসমূহত বিশেষণ, ক্রিয়া বিশেষণৰ প্রয়োগ অত্যধিক হ’লেও আন পাঠকৰ ক্ষেত্ৰত হয়তো বিশ্বাসযোগ্যতা হাস পায়। গতিকে বেছিকৈ ব্যৱহাৰ নকৰি সৰল ৰূপ লিখাৰ বাবে যত্ন কৰিব লাগে। কেতিয়াবা লেখনিসমূহত কিছুমান লেখকৰ সমানেই কিছুমান শব্দ অভ্যাসগতভাৱে ব্যবহাৰ কৰা দেখা যায়। যাৰ ফলত এই লেখনিসমূহ আমনিদায়ক বা বিৰক্তিকাৰক হ’ব পাৰে।

লেখনিসমূহত সংক্ষিপ্তকৰণ শব্দসমূহৰ মাজতো কৰা দেখা যায়। কেতিয়াবা পুনঃ পুনঃ ব্যৱহাৰ কৰিবলৈ হ’লে তেনেকুৱা কৰা দেখা যায়। কিন্তু এনে কৰাৰ ফলত সাধাৰণ পাঠকে বুজি নাপাব পাৰে; যাৰ ফলত আমনিদায়ক হৈ পৰিব পাৰে। গতিকে লেখকজনে এইবোৰ কথাতো গুৰুত্ব দিয়াটো প্রয়োজন।

লেখন কলাৰ ক্ষেত্ৰত বিভিন্ন বিষয় অনুযায়ী ওপৰত গুৰুত্ব দিয়া দৰকাৰ। তলত সেই সম্পর্কে আলোচনা কৰা হ’ল— 

সৃষ্টিশীল লেখা বুলিলে সাধাৰণতে এজন লেখক সৃষ্টিরাজিকে যায়।এই সৃষ্টিৰাজিৰ ভিতৰত কৰিতা, গল, উপন্যাস, নাটক আদি হ’ব পাৰে। সৃষ্টিশীল লেখনিক creative writing বুলি কোৱা হয় ।

সময়ৰ লগে লগে সাহিত্যৰাজিতো পৰিৱৰ্তন দেখা যায়। নতুন নতুন উদ্ভাৱন বিশ্বায়নৰ ফলত নানা দিশৰ উন্মেষ ঘটা দেখা যায়। অতীতৰ ৰচনাৰাজি শ্বেই ‘পীয়েৰ, হেনৰিক ইবচেন আদিৰ নাটকসমূহে অতীতৰ পৰাই এতিয়ালৈ সমাদৰ লাভ কৰি আহিছে যদিও বর্তমান সৃষ্টিশীল লেখকসকলে যুগৰ লগত মিলাই ৰচনা কৰিলেহে সমাদৰ লাভ কৰিব পাৰে। পৌৰাণিক কাহিনী, মহাকাব্য, পুৰাণ আদিৰ পৰা কাহিনী, চৰিত্ৰ নির্বাচন কৰিলেও সেইসমূহ নতুন দৃষ্টিভংগীৰে ৰচনা কৰিলেহে পাঠকসকলে আঁকোৱালি ল’ব লাগে।

সৃষ্টিশীল লেখাৰ ক্ষেত্ৰত প্ৰয়োজনীয় দিশ হৈছে লেখকজনৰ দক্ষতা । কোনো এটা সাধাৰণ ঘটনা সকলোৱে দেখিছে, কিন্তু লেখকে তাৰ সৈতে জড়িত এটা ঘটনাই সুন্দৰকৈ উপস্থাপন কৰি পোহৰলৈ অনাটোৱে তেওঁৰ দক্ষতা।

আধুনিক যুগৰ সৃষ্টিশীল সাহিত্যত লেখকগৰাকী মানুহৰ মনৰ বিভিন্ন জটিল দিশসমূহৰ বিশ্লেষণ কৰা দেখা যায়। মানুহৰ মনত বিভিন্ন সময়ত বিভিন্ন কথাই ক্ৰিয়া কৰি থাকে। গতিকে এইবোৰ উদ্‌ঘাটন কৰি ৰচনা কৰা সাহিত্যৰাজি বৰ্তমান যুগৰ পাঠকে সামৰি লোৱা, দেখা যায় ।

সৃষ্টিশীল লেখনিৰ অন্তৰ্গত বিষয় এটি হৈছে- শিশু সাহিত্য ৰচনা কৰিবলৈ হ’লে শিশুৰ বয়সৰ সীমা বাৰতেৰ বছৰৰ বয়সৰ ল’ৰা- ছোৱালীকে বুজা যাব। শিশুসকলে সদায় গল্প, কাহিনী, সাধুকথা, কবিতা আদি পঢ়োতে যদি লেখাৰ ৰাণী, পৰীৰ দেশৰ সাধু, যাদুৰ কাহিনী আদি ভাল পায়; গতিকে লেখক এগৰাকীয়ে এনেধৰণৰ বিষয়সমূহ লৈহে ৰচনা কৰাৰ দৰকাৰ। প্ৰত্যেক গৰাকী লেখকৰ শিশুসুলভ এটা মন বান্ধি লৈহে ৰচনা কৰা লেখাসমূহে সমাদৰ লাভ কৰে।

শিশুসকলে দীঘলীয়া লেখা ভাল পোৱা দেখা নাযায়। কিন্তু আধুনিক যুগৰ শিশুসকল পাশ্চাত্য সাহিত্যৰাজিৰ ‘হেৰী পটাৰ ছিৰিজ’ আদি ভাল পোৱা দেখা যায়। গতিকে লেখন কলাৰ বৰ্তমান যুগৰ স্থিতি চায়ো এগৰাকী লেখকে লিখিব লাগে।

সৃষ্টিশীল ৰচনাৰ আন এটা ভাগ হৈছে ব্যংগ সাহিত্য। ব্যংগৰ ব্যৱহাৰ কৰি কবিতা, নাটক, উপন্যাস, গল্প আদি- ৰচনা কৰিব পাৰে। ব্যংগ ৰচনাৰাজিৰ দ্বাৰা লেখকসকলে ভিতৰুৱা এটা দিশ দেখাব খোজে। লেখকগৰাকী অভিজ্ঞতালব্ধ আলোচনাৰ জৰিয়তে কোনটো বিষয়ত ক’ব সেই সম্পর্কে আগতীয়াকৈ স্থিৰ কৰি লেখাসমূহ বচনা কৰিব লাগে। সেইদৰে ব্যংগ কবিতাবোৰো অতি সহজ- সৰল ৰূপত অংকন কৰিব লাগে আৰু ছন্দ লগাই লিখিলে হয়তো সেই লেখনিসমূহে বিশেষকৈ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।

ৰেডিঅ’ত পৰিৱেশন কৰিবৰ বাবেও সৃষ্টিশীল সাহিত্য সৃষ্টি হৈছে। গল্প, কবিতা, উপন্যাসো হ’ব পাৰে। গতিকে লেখকে এগৰাকী লেখাখিনিৰ বাক্যবোৰ অযথা দীঘল হ’ব নালাগে। বাক্যবোৰ টান হ’ব নালাগে; যাতে ৰেডিঅ’ত পাঠ কৰোঁতে শ্রোতাই সহজে বুজি পায়। প্রত্যেক বাকাৰে সংগতি থাকিব লাগে।

প্রত্যেকগৰাকী লেখকে নিজৰ সৃষ্টিৰাজি মূলতে ধন অৰ্জনৰ উদ্দেশ্যে ৰচনা কৰিলে সেই কামত হয়তো তেওঁ বিফল হ’ব পাৰে। গতিকে এগৰাকী লেখকে নিজৰ লেখনিসমূহ যুগৰ লগত মিলাই নতুন নতুন বিষয় সন্নিৱিষ্ট কৰিব পাৰিলে সমাদৰ লাভ কৰাৰ লগতে সেই সাহিত্যৰো চাহিদা বাঢ়ি যোৱা দেখা যায়।

৩৭। ভাল লেখনৰ গুণাৱলী কি কি উপযুক্ত দিশসমূহ আঙুলিয়াই দিয়া?

উত্তৰঃ ভাল লেখনৰ গুণাৱলীসমূহ হৈছে—

১। ভাল ৰচনা বা যিকোনো বিষয়ৰ লেখা সকলো শ্ৰেণীৰ পাঠকে সহজে বুজিব পৰা হয়।

২। লেখন শৈলী সহজ, সৰল হোৱা দেখা যায়।

৩। লেখা বিষয়সমূহ পাঠক এজনে সহজে পঢ়িলে বুজি ল’ব পাৰে। 

৪। অমার্জিত, অনশ্নলীল শব্দ আদিৰ পৰা বিৰত থকা, লেখনিৰ কথা ক’ব লাগিব। 

৫। ভাল লেখন শৈলীৰ দ্বাৰা পাঠক এগৰাকীয়ে প্ৰেৰণা লাভ কৰিব পাৰে; হয়তো কিছু লোকৰ জীৱনৰ পথ মুকলি কৰি দিব পাৰে।

৬। যিকোনো এটা ভাষাৰ জ্ঞানলব্ধ ভাৱে বিষয়সমূহ যেতিয়া নিয়াৰিকৈ আলোচনা কৰা হয়; যাতে আন ভাষাৰ প্ৰতি অনাহকত গুৰুত্ব দি লিখা নহয় তাৰ প্ৰতিও চকু ৰাখিব লাগে।

৭। ভাল লেখনিয়ে কেতিয়াবা কোনো এজন ব্যক্তিক উৎসাহ, সাহস দিব পাৰে; যাৰ দ্বাৰা তেওঁৰ কোনো কামৰ প্ৰতিও স্পৃহা জাগিব পাৰে। 

৮। তদুপৰি ভাল লেখন শৈলীৰ প্ৰয়োগ কেনেদৰে কৰা হৈছে, সেই সম্পর্কে ব্যক্তি এজনে পঢ়ি ল’লে নিজেও লেখন কার্যত হাত দিব পাৰে।

৯। ভাল লেখনি বুলি ক’লে গবেষণালব্ধ এটা বিষয়ৰ ক্ষেত্ৰতো হ’ব পাৰে, যদি লিখকগৰাকীয়ে সকলো বিষয় সামৰি লৈ তথ্যৰ কৈ সম্ভেদ দিব পাৰে তেতিয়া উত্তৰোত্তৰ গৱেষকসকলৰ বাবেও সহায়ৰ হাত হয়। 

১০। ভাল লেখনি ব্যৱহৃত শক্তিশালী শব্দ সম্ভাৰৰ প্ৰয়োগ। যাৰ ফলত লেখনিৰ শৈলীয়ে এক সমাদৰ লাভ কৰিবলৈও সক্ষম হয়। 

১১ । নিজে ভাল পোৱা বিষয় এটাৰ বিষয়ে এগৰাকী লেখকে ৰচনা কৰিলে,সেই লেখা উৎকৃষ্ট বুলি ক’ব পাৰি। 

১২। ভাল লেখা এটা হ’বলৈ হ’লে প্ৰথমতে লেখকগৰাকীয়ে বিষয়টো সম্পর্কে পঢ়ি তাৰ পিছত লিখিব লাগে আৰু লিখা হোৱাৰ পিছতো বাৰে বাৰে পঢ়ি চাব লাগে আৰু খোকোজা লগা কথাবোৰ পুনৰাই লিখিব যত্ন কৰিব লাগে।

১৩। ভাল লেখা এটাত আনৰ সন্মান হানি কৰিব পৰা কোনো উদাহৰণ, কাহিনী, ভাষা থকা দেখা নাযায়।

৩৮। ‘ভাল লেখক’ সম্পর্কে এটি টোকা লিখা।

উত্তৰঃ লেখক এজন ভাল লেখক হ’বলৈ হ’লে তেওঁৰ বিষয়টো সম্পৰ্কত জ্ঞান থকাটো দৰকাৰ। লেখক এজনে লেখা এটা লিখিবলৈ হ’লে প্ৰথমতে তেওঁ পঢ়িব লাগিব; পর্যাপ্ত পঠনে তেওঁৰ ৰচনাশৈলীৰ পদ্ধতিসমূহ আৰু উৎকৃষ্ট কৰি তুলিব। যেনৈদৰে লেখাবোৰ আদৰণীয়, আদশপ্ৰধান হৈ পৰে তেনেকৈয়ে নিগদীয়, বজনীয় শৈলীৰ লেখাৰ দ্বাৰা প্রভাৱিত হ’লে তাৰতম্য দেখা দিবি

লেখাবোৰ সহজ আৰু সৰল হ’লেহে সেই লেখাই সমাদৰ লাভ কৰে। জটিতাৰ প্ৰয়োগে, সাধাৰণ পাঠকে বুজি লোৱাত অসুবিধা হ’লে সেই লেখাটোৰ প্ৰতি অনীহা জন্মে। এতেকে ভাল এটা লেখা প্রস্তুত কৰিবলৈ হ’লে অনুশীলন, কঠোৰ শ্ৰম, অসীম ধৈৰ্য্যৰ খুবে প্রয়োজন। কোনো এটা লেখা কেতিয়াও প্ৰস্তুত হৈ নাথাকে বাবে লেখকগৰাকীয়ে নিজৰ নিপুণ শৈলীৰে প্ৰস্তুত কৰিব লাগে।

ভাল লেখক এজনে প্রয়োজনীয় শব্দসমূহৰ ব্যৱহাৰৰ দ্বাৰা অৰ্থাৎ কম কথাতে বহুখিনি বুজাব পৰাকৈ প্ৰস্তুত কৰিবলৈ যত্ন কৰে।

তদুপৰি ভাল লেখক এজনে আন লেখকৰ পৰা কোনোদিন। অবিকলভাৱে উঠাই দি যদি সেই লেখকজনৰ কথা উল্লেখ কৰা নহয়; তেতিয়া সেই কার্যকচুৰি কাৰ্য বুলিও একপ্ৰকাৰে ক’ব পাৰি। গতিকে আন লেখাৰ পৰা ল’লেও সেই কথাটো উল্লেখ কৰা দৰকাৰ।

তদুপৰি লেখক এজনে লেখা কার্য যিটো ভাষাত কৰিব বিচাৰে সেই ভাষাটোৰ ব্যাকৰণগত, উচ্চাৰণগত আদি দিশসমূহৰ প্ৰতি ভালকৈ জ্ঞান থকাটো দৰকাৰ।

আনহাতে যদি লেখকজনৰ ভাষাৰ জ্ঞান এটাতকৈ অধিক ভাষাৰো আছে, তেতিয়া তেওঁ মন কৰাৰ দৰকাৰ যে; তেওঁ যিটো ভাষাত লেখাটো লিখি আছে; তাত যাতে অপ্রয়োজনীয় আন ভাষাৰ শব্দসমূহৰ বিনাকাৰণত নোসোমায়; যাৰ ফলত লেখকজনৰ লেখাটোৰ মান হানি হোৱা দেখা যাব।

লেখক এগৰাকী অভিজ্ঞতা আৰু কল্পনাৰে ভৰি থাকিলেহে সাহিত্যৰ ক্ষেত্ৰত তেওঁৰ লেখাসমূহ উৎকৃষ্ট হ’ব। এজন ভাল লেখকে নির্ভয়ে তেওঁৰ অভিজ্ঞতালন্ধ কথাসমূহ প্ৰকাশ কৰিব পৰাটোৱে তেওঁৰ শক্তিশালী দিশ ।

৩৯। যোগাযোগ বুলিলে কি বুজা? যোগাযোগৰ বৈশিষ্ট্য আৰু প্ৰকাৰসমূহৰ পৰিচয় দিয়া? 

উত্তৰঃ যোগাযোগ বুলিলে দুটা পক্ষৰ মাজত পাৰস্পৰিক ভাবৰ আদান-প্রদান আৰু তথ্যৰ প্ৰেৰণ ও গ্রহণ কার্যকে বুজা যায়। ‘যোগাযোগ’ৰ ইংৰাজী প্রতিশব্দ ‘Communication’ শব্দটো Latin ভাষাৰ শব্দ ‘Communis’ শব্দৰ পৰা উৎপত্তি হৈছে যাৰ অৰ্থ হ’ল ‘common’। গতিকে ব্যুৎপত্তিগত অর্থৰ দৃষ্টিভংগীৰ ফালৰ পৰা যোগাযোগ বুলিলে আন ব্যক্তিৰ সৈতে উমৈহতীয়া বা সাধাৰণ বুজাবুজি আৰু অভিজ্ঞতাৰ ভাগ বিতৰণ কাৰ্য। যোগাযোগ প্রক্রিয়া হৈছে এক প্ৰকাৰৰ সামাজিক আন্তঃক্রিয়া য’ত দুই বা ততোধিক ব্যক্তিয়ে তেওঁলোকৰ মাজত তথ্য, জ্ঞান, ধাৰণা, অনুভূতিৰ প্ৰেৰণ পাৰস্পৰিকভাৱে সংঘটিত হয়। যোগাযোগৰ ধাৰণা ভালদৰে বুজিবৰ বাবে কেতবোৰ শিক্ষাবিদে আগবঢ়োৱা কিছুমান সংজ্ঞা বিশ্লেষণ কৰাটো। নিতান্তই প্রয়োজন।

যোগাযোগ বা সংযোগ প্রক্ৰিয়াৰ সন্দৰ্ভত বিভিন্ন শিক্ষাবিদে আগবঢ়োৱা সংজ্ঞাবোৰ হ’ল— 

এড্‌গাৰ ডেলৰ মতে, “যোগাযোগ হৈছে পাৰস্পৰিকতাৰ মনোভাবেৰে আনৰ বাব অনুভূতিত অংশগ্ৰহণ কৰা কাৰ্য।”

ডি. বাৰ্লোৰ মতে, “যোগাযোগ হৈছে প্ৰেৰক আৰু গ্ৰাহকৰ মাজত মত বিনিময় কৰাৰ এক প্ৰক্ৰিয়া, যাৰ যোগেদি পাৰস্পৰিক লাভালাভৰ বাবে একে বুজা-পৰাত উপনীত হৈ উঠিব পাৰি।”

যোগাযোগৰ বিভিন্ন সংজ্ঞাবোৰ বিশ্লেষণ কৰিলে তলত দিয়া ধৰণেৰে কেতবোৰ বৈশিষ্ট্য বা প্রকৃতি পৰিলক্ষিত হয়।

১। এটা পক্ষৰ মাজতো যোগাযোগ সম্ভৱ হয় যদিও মূলতঃ ই এক দ্বিপাক্ষিক প্রক্রিয়া। অর্থাৎ দুয়োটা পক্ষৰ মাজত আন্তঃক্রিয়া সংঘটিত হ’লে যোগাযোগ কার্য সম্পূর্ণ হয়। এইক্ষেত্ৰত দুটা পক্ষৰ অৰ্থ দুজন ব্যক্তি হ’ব পাৰে, দুটা দল হ’ব পাৰে, দুখন বহল সমাজ হ’ব পাৰে ইত্যাদি।

২। যোগাযোগ কোনো এক বিশেষ সময়ত সংঘটিত হোৱা এক ঘটনা নহয়। ই বিভিন্ন আত্ম:সম্পর্কযুক্ত, আন্তঃনিৰ্ভৰশীলযুক্ত কাৰ্যাৱলীক সাঙুৰি লয়।

৩। গ্রাহকে (Receiver) বার্তা (Message) গ্রহণ নকৰালৈকে যোগাযোগ অসম্পূর্ণ হয়। অর্থাৎ প্রোকে (Sender) প্ৰেৰণ কৰা বার্তা গ্ৰাহকে গ্ৰহণ কৰিলেহে যোগাযোগ কার্য সম্পূর্ণ হয়। সেয়ে যোগাযোগ দিয়া আৰু লোৱাৰ কাৰ্যৰে সম্পর্কযুক্ত।

৪। যোগাযযোগ এক সার্বজনীন কার্য বা ঘটনা স্বৰূপ কিয়নো সকলো জীৱিত প্রাণীৰেই নিজস্ব মাধ্যমেৰে যোগাযোগ কার্য সম্পন্ন কৰে। 

৫। যোগাযোগ হৈছে এক সামাজিক আৰু গতিশীল প্রক্রিয়া। যোগাযোগ প্রক্রিয়া সামাজিক পৰিৱেশত সংঘটিত হয়। ইয়াৰ জৰিয়তে দুই-ততোধিক ব্যক্তিৰ মাজত ভাব, অনুভূতি, আদৰ্শ আৰু জ্ঞানৰ আদান-প্রদান কার্য সংঘটিত হয়। সমাজ বৰ্তি থকালৈকে যোগাযোগ কার্যও সংঘটিত হৈয়েই থাকিব।

৬। যোগাযোগ হৈছে এক ইন্দ্রিয়গ্রাহ্য শক্তিজনিত প্রক্রিয়া। যোগাযোগ প্ৰক্ৰিয়াত পঞ্চ- ইন্দ্ৰিয়ই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

যোগাযোগৰ প্ৰকাৰ : বিভিন্ন দৃষ্টিকোণৰ পৰা যোগাযোগক কেইবাপ্ৰকাৰেও বিভক্ত কৰিব পাৰি। তলত দিয়া ধৰণেৰে বিভক্ত কৰিব পাৰি—

১। অন্তঃব্যক্তি যোগাযোগ।

২। আন্ত: ব্যক্তি যোগাযোগ।

৩। দলীয় যোগাযোগ।

৪। গণ-সংযোগ।

ঠিক সেইদৰে যোগাযোগ প্রক্রিয়াত ব্যবহৃত মাধ্যম বা কৌশলৰ ওপৰত ভিত্তি কৰি যোগাযোগক তলত দিয়া ধৰণেৰে বিভক্ত কৰিব পাৰি —

(ক) ভাষিক যোগাযোগ।

(খ) লিখিত যোগাযোগ। আৰু

(গ) ভাষাবিহীন যোগাযোগ।

আকৌ সাংগঠনিক দৃষ্টিকোণৰ পৰা যোগাযোগক এনেদৰে ভাগ কৰিছে—

(ক) আনুষ্ঠানিক যোগাযোগ।

(খ) অনানুষ্ঠানিক যোগাযোগ।

তলত এই প্ৰকাৰসমূহৰ বিষয়ে বহলাই আলোচনা দাঙি ধৰা হৈছে—

(ক) অন্তঃব্যক্তি যোগাযোগ : নিজেই নিজৰ ভিতৰতে সংঘটিত হোৱা যোগাযোগকে অন্তঃব্যক্তি যোগাযোগ বোলা হয়। ইয়াত ব্যক্তিসংখ্যা মাত্র এজনেই আৰু সেইজন হৈছে ব্যক্তি নিজেই। সেয়ে এনে যোগাযোগত গ্ৰহণ কৰোঁতাই উৎস বা প্ৰেৰকৰ পৰা শাৰীৰিকভাৱে পৃথক হ’ব লগা নহয়। যেনে— চিন্তা-ভাবনা, লিখা-পঢ়া, দিনলিপি লিখা, নিজেই নিজক বুজনি দিয়া আদি অন্তঃব্যক্তি যোগাযোগ।

(খ) আন্তঃব্যক্তি যোগাযোগ : পাৰস্পৰিক প্ৰয়োজন পূৰণৰ বাবে দুজন ব্যক্তিৰ মাজত মুখামুখিভাৱে সংঘটিত হোৱা যোগাযোগক আন্ত:ব্যক্তি যোগাযোগ বোলা হয়। এনে যোগাযোগত গ্ৰাহক আৰু উৎস বা প্ৰেৰক শাৰীৰিকভাৱে পৃথক হয়। এনে যোগাযোগত প্ৰেৰক আৰু গ্ৰাহকৰ মাজত আন্তঃসম্বন্ধ ঘটা দেখা যায়।

(গ) দলীয় যোগাযোগ : যিকোনো দলৰ ভিতৰত আৰু আনৰ সৈতে এদল ব্যক্তিৰ সংঘটিত হোৱা যোগাযোগক দলীয় যোগাযোগ বোলা হয়। এনে দল সৰু নাইবা ডাঙৰো হ’ব পাৰে। দলীয় যোগাযোগৰ দ্বাৰা একো একোটা দলৰ লোকসকলে সমস্যা সমাধানৰ বাবে একেলগে গোট খাই ভাব অনুভূতিৰ যোগাযোগ স্থাপন কৰে।

(ঘ) গণ সংযোগ বা গণ যোগাযোগ : এক বৃহৎসংখ্যক জনসাদাৰণৰ মাজত সংঘটিত হোৱা যোগাযোগক গণ যোগাযোগ বোলা হয়। যোগাযোগৰ মূল উদ্দেশ্য হৈছে জনমত গঠন কৰা আৰু তাৰ যোগেদি সামাজিক, ৰাজনৈতিক আদি উদ্দেশ্য সাধন কৰা।

(ঙ) ভাষিক যোগাযোগ : ভাষাৰ জৰিয়তে সম্পাদন হোৱা যোগাযোগক ভাষিক যোগাযোগ বোলা হয়। এনে যোগাযোগত এটা স্পষ্ট মৌখিক ভাষা প্রয়োগ কৰি মনৰ ভাব অনুভূতি প্রত্যক্ষভাৱে আনজন লোকলৈ প্ৰেৰণ কৰাৰ হেতুকে এনে যোগাযোগ মৌখিক যোগাযোগ বুলিও অভিহিত কৰা হয়। মৌখিক যোগাযোগত প্ৰেৰকক বক্তা আৰু গ্ৰাহকক শ্রোতা বুলি কোৱা হয়। ইয়াত শ্রোতাই বুজি পোৱা ভাষাৰ যোগেদি বক্তাই বাৰ্তা প্ৰেৰণ কৰে। বক্তাৰ বক্তব্য স্পষ্ট হ’লে আৰু শ্ৰোতাৰ শ্রৱণ শক্তি স্বাভাৱিক হ’লে বক্তা আৰু শ্ৰোতাৰ মাজৰ যোগাযোগ মধুৰ হয়। উদাহৰণস্বৰূপে, টেলিফোনৰ জৰিয়তে এজনে আনজনলৈ কৰা যোগাযোগ, শ্রেণীকক্ষত শিক্ষক-শিক্ষার্থীৰ মাজত ঘটা যোগাযোগ সাধাৰণতে মৌখিক যোগাযোগ হয়।

(চ) লিখিত যোগাযোগ : লিখিত শব্দ, ছপা শব্দৰ সহায়েৰে সম্পাদন হোৱা যোগাযোগক লিখিত যোগাযোগ বোলা হয়। উদাহৰণস্বৰূপে, কিতাপ-পত্ৰ, চিঠি-পত্ৰ, প্ৰচাৰ-পত্র, পুস্তিকা, আলোচনী, বাতৰি কাকত ইত্যাদিৰ জৰিয়তে হোৱা যোগাযোগ লিখিত যোগাযোগ। ভাষা স্থায়ী ৰূপত আৰু তথ্যভিত্তিকভাৱে ভৱিষ্যতৰ বাবে সংগ্ৰহ কৰি ৰাখিবৰ বাবেও এই লিখিত ভাষাৰ প্ৰয়োগ কৰা হয়। অৱশ্যে লিখিব পঢ়িব নজনা লোকৰ বাবে এইবিধ যোগাযোগ ফলপ্রসূ নহয়।

(ছ) ভাষাবিহীন যোগাযোগ : যি যোগাযোগ কোনো ধৰণৰ শব্দ উচ্চাৰণ নকৰাকৈ সংঘটিত হয় তেনে যোগাযোগক ভাষাবিহীন যোগাযোগ বোলা হয়। এনে ধৰণৰ যোগাযোগ সাধাৰণতে দৈহিক অংগীভংগী, সংকেত, চিহ্ন, প্রতীক আদিৰ যোগেদি সম্পাদিত হয়। এনে ধৰণৰ যোগাযোগক আকৌ তিনি প্ৰকাৰে ভগাব পাৰি। যেনে— সাংকেতিক, ৰৈখিক আৰু চিত্ৰীয়।

১। সাংকেতিক যোগাযোগ : যেতিয়া প্ৰেৰকে আকাৰ ইংগিত আৰু অংগীভংগীৰে খবৰ প্ৰেৰণ কৰে আৰু যেতিয়া গ্রাহকেও সেই অংগীভংগীৰ অৰ্থ বুজি পায় গ্ৰহণ কৰে তেনে যোগাযোগক সাংকেতিক

যোগাযোগ বোলা হয়। কলা আৰু বোবা ব্যক্তিৰ লগত হোৱা যোগাযোগ এনেধৰণৰ হয়। মুক-অভিনয়, নির্বাক বোলছবিৰ নৃত্য-নাটিকা আদি সাংকেতিক যোগাযোগৰ ফলপ্ৰসূ ব্যৱস্থা বুলি ক’ব পাৰি।

২। ৰৈখিক যোগাযোগ : ৰেখাচিত্ৰৰ সহায়েৰে প্ৰেৰক আৰু গ্ৰাহকৰ মাজত সংঘটিত হোৱা যোগাযোগেই হৈছে ৰৈখিক যোগাযোগ। উদাহৰণস্বৰূপে বিভিন্ন সাংখিক তথ্য দণ্ডচিত্র, পাইচিত্র, লেখচিত্ৰৰ সহায়েৰে হোৱা যোগাযোগ ৰৈখিক যোগাযোগ।

৩। চিত্রীয় যোগাযোগ : চিত্র সহায়ৰে সম্পাদন হোৱা যোগাযোগ চিত্রীয় যোগাযোগ। উদাহৰণস্বৰূপে চিত্ৰকৰ তথা কলাকাৰ সকলে তেওঁলোকৰ মনৰ অভিব্যক্তি চিত্ৰৰ সহায়ত প্ৰকাশ কৰে।

(জ) আনুষ্ঠানিক যোগাযোগ : কোনো এক নির্দিষ্ট নীতি- নিয়মৰ মাজেৰে ব্যক্তিয়ে আদান-প্ৰদান কৰা আৰু আনুষ্ঠানিক বা নিয়মভিত্তিক যোগাযোগক আনুষ্ঠানিক যোগাযোগ বোলা হয়। উদাহৰণস্বৰূপে, চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ মাজত, বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষক-কৰ্তৃপক্ষৰ মাজত হোৱা যোগাযোগ এনেধৰণৰ আখ্যা দিব পাৰি। এইক্ষেত্ৰত অনুশাসনৰ নিয়ম পালন কৰাটো যোগাযোগৰ নিয়মস্বৰূপে গ্ৰহণ কৰা হয়।

(ঝ) অনানুষ্ঠানিক যোগাযোগ : যোগাযোগ স্থাপনৰ বেলিকা মুক্ততা, স্বতঃস্ফূর্ততা, বাধাহীনতা আৰু নীতি- নিয়মৰ অনুৱৰ্তী নোহোৱাকৈ পৰিচালিত হোৱা যোগাযোগক অনানুষ্ঠানিক যোগাযোগ বুলিব পাৰি। গৃহ পৰিৱেশত পিতৃ-মাতৃ আৰু ভাই-ভনীৰ মাজৰ যোগাযোগ, বন্ধুবৰ্গ বা লগৰীয়াৰ মাজৰ যোগাযোগ হৈছে অনানুষ্ঠানিক যোগাযোগ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top