Communicative Assamese Unit 1 লিখিত যোগাযোগ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Communicative Assamese Unit 1 লিখিত যোগাযোগ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Communicative Assamese Unit 1 লিখিত যোগাযোগ Question Answer can be of great value to excel in the examination.
Communicative Assamese Unit 1 লিখিত যোগাযোগ
Communicative Assamese Unit 1 লিখিত যোগাযোগ Notes cover all the exercise questions in UGC Syllabus. The Communicative Assamese Unit 1 লিখিত যোগাযোগ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
লিখিত যোগাযোগ
ASSAMESE
COMMUNICATIVE ASSAMESE
যোগাযোগমূলক অসমীয়া
অতি চমু প্রশ্নোত্তৰঃ
১। যোগাযোগ’ৰ ইংৰাজী প্রতিশব্দটো কি?
উত্তৰঃ Communication
২। যোগাযোগৰ সৈতে কোন দুটা বিষয় প্ৰধানকৈ জড়িত থাকে?
উত্তৰঃ প্ৰেৰক আৰু গ্ৰাহক।
৩। যোগাযোগ কলা গ্ৰন্থখনৰ লেখক কোন?
উত্তৰঃ ড° নীৰাজনা মহস্ত বেজবৰা।
৪। নীৰাজনা মহন্ত বেজবৰাই যোগাযোগ কলা গ্ৰন্থত শব্দক কি কি ভাগত ভগাইছে?
উত্তৰঃ (ক) সক্রিয়।
(খ) নিষ্ক্রিয়।
২। চমু প্রশ্নোত্তৰঃ
১। ভাববোধক বাক্য বুলিলে কি বুজা? উদাহৰণ দিয়া?
উত্তৰঃ মনৰ হৰ্ষ, বিষাদ, ক্রোধ, ঘৃণা আদি ভাৱ প্ৰকাশক বাক্যক ভাববোধক বাক্য কোৱা হয়। যেনে: বাঃ আমাৰ জয় হ’ল, উঃ, এতিয়া নিগমে মৰিলোঁ, ছিঃ ছিঃ চোলাটোত বেয়াকৈ দাগ লাগিল ইত্যাদি।
২। প্রশ্নবোধক বাক্য বুলিলে কি বুজা? উদাহৰণ দিয়া?
উত্তৰঃ প্ৰশ্নসোধা বাক্যই প্রশ্নবোধক বাক্য। যেনে: তুমি ৰামক জানা নে? হৰি ঘৰলৈ যাবনে? ইত্যাদি।
৩। নির্দেশাত্মক বা নির্দেশসূচক বাক্য কি? উদাহৰণ দিয়া?
উত্তৰঃ সাধাৰণ মনৰ ভাৱ প্ৰকাশ কৰা বাক্যকে নির্দেশাত্মক বা নির্দেশসূচক বাক্য বোলে। নিশ্চয়াত্মক বাক্য দুবিধ — সদর্থক আৰু নঞর্থক। ইয়াক যথাক্রমে অন্ত্যর্থক আৰু নাস্ত্যর্থক বাক্যও বোলা হয়।
উদাহৰণ :- সদর্থক : মই ৰামক জানো।
নঞর্থক : মই ৰামক নাজানো।
৪। গঠন অনুসৰি বাক্যক কেইটা ভাগত ভগাব পাৰি? বুজাই লিখা?
উত্তৰঃ গঠন অনুযায়ী বাক্য তিনি প্ৰকাৰৰ —
১। সৰল বা সাধাৰণ বাক্য।
২। জটিল বা মিশ্র বাক্য। আৰু
৩। যৌগিক বা সংযুক্ত বাক্য।
১। সৰল বাক্য : যি বাক্যত এটা মাথোন কৰ্তা (উদ্দেশ্য) আৰু এটা মাথোন সমাপিকা ক্রিয়া থাকে (বিধেয়) তাক সৰল বা সাধাৰণ বাক্য কোৱা হয়। যেনে : অৰুণে ভাত খালে, হৰি পঢ়াশালিলৈ গ’ল ইত্যাদি।
২। জটিল বা মিশ্রবাক্য : যি বাক্যত এটা প্ৰধান বাক্যৰ উপৰি এক বা একাধিক অপ্রধান বা গৌণ বাক্য লগ লাগি থাকে, তাক জটিল বা মিশ্র বাক্য বোলে। যেনে : লেখা পঢ়া কৰে যেয়ে, হাতী ঘোঁৰাত উঠে সেয়ে। এই বাক্যটোত ‘হাতী ঘোঁৰাত উঠে সেয়ে প্রধান বাক্য আৰু ‘লেখা-পঢ়া কৰে যেয়ে হ’ল অপ্রধান বাক্য।
৩। যৌগিক বা সংযুক্ত বাক্য : দুই বা ততোধিক সৰল আৰু মিশ্ৰ অথবা মিশ্র বাক্যক সংযোজক নাইবা পৃথকবোধক অব্যয়ৰ সহায়ত যোগ কৰি এটা দীঘলীয়া বাক্য গঠন কৰিলে তাক যৌগিক বা সংযুক্ত বাক্য বোলে। মন কৰিবলগীয়া কথা এই যে যৌগিক বাক্যত থকা বাক্যবোৰৰ পৰস্পৰ সম্বন্ধ নাথাকে। সিহঁত প্রত্যেকে সুকীয়া সুকীয়া বাক্য। যেনে— মই ভাত খাই আছিলোঁ আৰু সি কিতাপ পঢ়ি আছিল । উক্ত বাক্যটোত দুটা সৰল বাক্যক ‘আৰু ‘ অব্যয় যোগ কৰা বাবে বাক্যটো হ’ল সংযুক্ত বাক্য।
৫। প্ৰত্যক্ষ আৰু পৰোক্ষ উক্তিৰ উদাহৰণ দিয়া?
উত্তৰঃ প্রত্যক্ষ উক্তি : ৰামে কৈছিল— “মই আজি গুৱাহাটীলৈ যাব নোৱাৰিম।”
পৰোক্ষ উক্তি : ৰামে কৈছিল যে তেওঁ সিদিনা গুৱাহাটীলৈ যাব নোৱাৰিব।
প্রত্যক্ষ উক্তি : ৰামে কৈছিল— “এই কিতাপখন দিয়া।”
পৰোক্ষ উক্তি : সেই কিতাপখন দিবলৈ ৰামে কৈছিল।
প্রত্যক্ষ উক্তি : ৰামে কৈছিল— “তুমি এতিয়া যাব নালাগে।”
পৰোক্ষ উক্তি : ৰামে কৈছিল বোলে তুমি তেতিয়া তালৈ যাব নালাগে।
৬। ভাল লেখনৰ দুটা গুণাৱলী লিখা?
উত্তৰঃ ১। ভাল ৰচনা বা যিকোনো বিষয়ৰ লেখা সকলো শ্ৰেণীৰ পাঠকে সহজে বুজিব পৰা হয়।
২। লেখন শৈলী সহজ, সৰল হোৱা দেখা যায়।
৭। যোগাযোগৰ ক্ষেত্ৰত বাক্য গঠন কৰোঁতে যোগ্যতাই কি ভূমিকা পালন কৰে?
উত্তৰঃ উপযুক্ত অৰ্থ প্ৰকাশ কৰিবলৈ শব্দবোৰৰ যোগ্যতা থাকিব লাগে। কাণেৰে শুনে, চকুৰে দেখে আদি বাক্যবিলাকত ব্যৱহাৰ হোৱা প্ৰত্যেক পদৰে পাৰস্পৰিক অৰ্থ সংগতি ৰক্ষা কৰি উপযুক্ত অর্থ প্ৰকাশ কৰাৰ যোগ্যতা আছে।
৮। যোগাযোগৰ ক্ষেত্ৰত বাক্য এটা গঠনত আকাংক্ষাই কি ভূমিকা পালন কৰে?
উত্তৰঃ এটা অসম্পূর্ণ বাক্য সম্পূৰ্ণ কৰিবলৈ বক্তাৰ মনত আকাংক্ষা জন্মিব লাগিব। ‘মই স্কুলৰ পৰা আহি ফুৰিবলৈ যাম।’ইয়াত ‘মই স্কুলৰ পৰা আহি’ বাক্যটো অসম্পূর্ণ, সম্পূৰ্ণ কৰিবলৈ বক্তাৰ মনত আকাংক্ষা জন্মিলত ফুৰিবলৈ যাম কথাষাৰ লগ লগোৱাত ভাৱ সম্পূৰ্ণ হৈছে। ভাৱ অনুযায়ী বাক্যবিলাকত পদবোৰ এটাৰ পাছত এটাকৈ গাঁথি। যাবলৈ বিভিন্ন পদৰ প্ৰয়োজনীয়তা ইয়াত স্বীকাৰ কৰা হৈছে।
৯। যোগাযোগৰ ক্ষেত্ৰত বাক্য এটাত আসক্তিৰ গুৰুত্ব কত?
উত্তৰঃ বাক্যত ব্যৱহৃত পদবিলাকক মণি গোঁথাৰ দৰে এটাৰ পাছত এটাকৈ গাঁথি যাওঁতে কোনটো পদৰ পিছত কোনটো পদ প্রয়োগ কৰিলে বিৰাম নোলোৱাকৈ উচ্চাৰণ কৰিব পৰা হয় সেই অনুযায়ী শৃংখলাবদ্ধভাৱে আৰু পদবোৰৰ পাৰস্পৰিক সংগতি ৰক্ষা কৰি ওচৰা-ওচৰিকৈ বহুৱালেহে অর্থ প্রকাশ কৰিব পাৰিব। যেনে— ছাত্ৰই মনোযোগেৰে পঢ়িলেহে পৰীক্ষাত ফল দেখুৱাব পাৰে।
১০। যোগাযোগত বন্ধনী ৰেখাৰ প্ৰয়োগ কিদৰে হয়?
উত্তৰঃ বন্ধনী ৰেখা ( ( ), [ ] { } brackets) : বক্তব্যৰ ভিতৰত আন প্ৰসংগৰ কথা উল্লেখ কৰিব লগা হ’লে অথবা বিৰোধী কিংবা বিকল্প কোনো কথা বন্ধনী চিহ্নৰ মাজত লিখি বাক্যৰ মূল প্ৰৱাহৰ পৰা তাক বিচ্ছিন্ন কৰি ৰখাৰ নিয়ম সকলো ভাষাতে পোৱা যায়। যেনে :
(ক) তদ্ধিত প্রত্যয়ৰ নিমিত্তে উপাস্ত [শেষ আখৰৰ আগত থকা ।]
(খ) ধর্মপাল ৰজাৰ স্বৰচিত পুষ্পভদ্রালিপিত (তেওঁৰ দ্বিতীয় লিপি) এটা বৰ সুন্দৰ কথা ওলাইছে।
১০। যোগাযোগত পূর্ণচ্ছেদ বা ডাৰি গুৰুত্ব দেখুওৱা?
উত্তৰঃ পূর্ণচ্ছেদ বা ডাৰি (। = Full stop) : য’ত এটা পূর্ণবাক্য বা প্রসংগ শেষ হয়, তাতেই পূর্ণচ্ছেদ বা ডাৰিৰ ব্যৱহাৰ হয়। যেনে—
(ক) প্ৰহ্লাদ চৰিত্ৰ এখনি সৰু বর্ণনাত্মক কাব্য।
(খ) সকলো জন্তুতকৈ মানুহ বিলাকৰ স্বভাৱ বেলেগ।
(গ) ব্যাকৰণ ভাষাৰ বিশ্লেষণ বা ভাঙ্গনি।
১১। লিখিত যোগাযোগ উদ্ধৃতি চিহ্নৰ প্ৰয়োগ দেখুওৱা?
উত্তৰঃ (” ” = Inverted commas) : ‘এই চিন আপুনি লিখা বাক্যৰ ভিতৰত অন্য মানুহে কোৱা বা লিখা কথা সুমালে সেই কথাৰ আগ-পিছত দিয়া হয়। যেনেঃ
(ক) বৰদোৱা চৰিত্ৰত আছে, “কলিয়াবৰৰ পৰা কাজলী মুখলৈকে ভূঞাসকলৰ ৰাজ্য।”
(খ) এই সন্দৰ্ভত ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ এটি উক্তি প্রণিধানযোগ্য : “ধর্মপ্রচাৰৰ উদ্দেশ্যে ৰচিত হ’লেও বধকাব্যসমূহ সাহিত্যিক গুণৰাজি বিবর্জিত নহয়।”
কোনো গ্ৰন্থ বা ৰচনাৰ নাম বুজাবলৈকেও উদ্ধৃতি চিহ্ন ব্যৱহাৰ কৰা হয়। যেনেঃ সেই দুটি কার্য হ’ল— “নামঘোষা” ৰচনা আৰু “ভক্তি ৰত্নাৱলী”ৰ ভাঙনি।
১২। যোগাযোগ বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্যসমূহ কি কি?
উত্তৰঃ অতি প্রাচীন কালৰে পৰা বৰ্তমান সময়লৈকে যোগাযোগ অতি গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰি আহিছে। যোগাযোগ অবিহনে মানৱ সভ্যতাই কেতিয়াও প্রগতি জখলাত আগবাঢ়িব নোৱাৰে। এজন ব্যক্তি বা যিকোনো কাৰ্যৰ সফলতা নিৰ্ভৰ বাবে যোগাযোগৰ ওপৰত। যোগাযোগ কৰিবৰ বাবে কিছুমান সমলৰ আৱশ্যক হৈ পৰে। মানৱ জীৱনৰ প্ৰতিটো দিশতেই যোগাযোগ অতি গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰি আহিছে।
মানুহ হ’ল সমাজপ্রিয় প্রাণী, সমাজক বাদ দি এজন ব্যক্তিয়ে অকলশৰে জীৱন নিৰ্বাহ কৰাটো সম্ভৱ নহয়, সমাজত সুস্থ আৰু শৃংখলাবদ্ধ ভাৱে, জীয়াই থাকিবলৈ হ’লে মানুহে যোগাযোগৰ ব্যৱস্থাৰ সহায় ল’বই লাগিব। সেয়েহে মানুহৰ মাজত মানুহেই যোগাযোগৰ মাধ্যম হিচাপে কর্তব্য সম্পাদন কৰে। সমাজত জীৱ শ্রেষ্ঠ মানৱ হিচাপে মানুহে নিজৰ জ্ঞান, বিচাৰ আৰু বুদ্ধিমতে কাৰ্য সম্পাদন কৰে। মানুহক জীৱশ্ৰেষ্ঠ বুলি এই বাবেই কোৱা হয় যে মানুহে ভাল-বেয়া উচিত, অনুচিত আদি সুক্ষ্মভাৱে বিচাৰ কৰিব পাৰে। এখন সমাজত বাস কৰা প্রত্যেকজন ব্যক্তিয়েই সমাজত প্ৰচলিত নীতি-নিয়ম, আচাৰ-ব্যৱহাৰ মানি চলিবলৈ বাধ্য। আধুনিকতাৰ দোহাই দি কোনেও সামাজিক নীতি- নিয়ম অস্বীকাৰ কৰিব নোৱাৰে, আৰু সামাজিক নীতি-নিয়মসমূহো পৰম্পৰাগত ভাৱে মানি চলা হয়। এই নীতি-নিয়মসমূহো মানি চলোৱাত যোগাযোগেও অতি গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰে। এই প্রসঙ্গ এজন ব্যক্তিৰ মৃত্যুৰ পিছত সম্পাদন কৰিবলগীয়া হোৱা বিভিন্ন নীতি-নিয়মৰ কথা উল্লেখ কৰিব পাৰি। কিয়নো ব্যক্তিজনৰ মৃত্যুৰ পিছত কৰিবলগীয়া সকলো কামেই যোগাযোগৰ ওপৰতেই নিৰ্ভৰশীল।
যোগাযোগৰ বৈশিষ্ট্য :
(ক) সময় পৰিবৰ্তনশীল। এই পৰিৱৰ্তনশীল সময়ৰ লগত সংগতি ৰাখি যোগাযোগ ব্যৱস্থাৰো দ্রুত উন্নতি সাধন হৈছে। যোগাযোগৰ জৰিয়তে এজন ব্যক্তিৰ আৱেগ, অনুভূতি, ভাব চিন্তা, জ্ঞান আৰু বিভিন্ন কৌশল সম্পৰ্কত জানিব পাৰি। যোগাযোগক তথ্য প্ৰেৰণৰ এটা মাধ্যম হিচাপে আখ্যা দিব পাৰি য’ত নেকি তথ্যবোৰ আনৰ লগত ভগাই ল’ব পাৰি।
(খ) যোগাযোগ হ’ল মানুহৰ অন্যতম প্রয়োজনীয় আহিলা, এখন সমাজত মানুহ জীয়াই থাকিবলৈ যেনেদৰে অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ প্রয়োজন ঠিক তেনেদৰে যোগাযোগৰো অৱশ্যে বাৰ্তা আছে। যোগাযোগৰ অবিহনে নিজক ঘূৰাই পোৱা নাযায়। নাইবা নিজৰ স্থিতিও সৰল কৰি ল’ব পৰা নাযায়।
(গ) যোগাযোগ মৌখিক বা লিখিত দুই ধৰণেৰে হ’ব পাৰে। কিন্তু যিধৰণৰেই যোগাযোগ নহওক কিয়, যোগাযোগৰ বাবে কিছুমান চিহ্নৰ আবশ্যক হয়। এই চিহ্নৰ সহায়ত যোগাযোগ কৰিলে প্ৰেৰণ কৰোঁতা আৰু গ্ৰহণ কৰোতা উভয়ে সহজেই বিষয়বস্তুৰ সম্পৰ্কত জ্ঞান আহৰণ কৰিব পাৰে।
(ঘ) সংযোগৰ কোনো শেষ নাই। শিশু এটাই জন্ম হোৱাৰ পৰাই মাকৰ লগত বিভিন্ন ভংগীমাৰে যোগাযোগ অব্যাহত ৰাখে। সেয়েহে যোগাযোগক জীৱনৰ এক নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া হিচাপে আখ্যা দিয়া হয়। জন্ম লাভ কৰাৰ পৰা মৃত্যুৰ সময়লৈকে বিভিন্ন দিশত এজন ব্যক্তিৰ যোগাযোগ অব্যাহত থাকে।
(ঙ) সংযোগ কেতিয়াও একপক্ষীয় নহয়। সংযোগ সফলতা লাভ কৰিবলৈ হ’লে সংযোগকৰ্তাৰ লগত সংযোগকাৰীৰ সহাৰিৰ প্ৰয়োজন হয় উদাহৰণস্বৰূপে এজন ডাকোৱালে এখন চিঠি কোনো এজন ব্যক্তিক দিবলৈ যাওঁতে ব্যক্তিজনে ডাকোৱালজনৰ পৰা চিঠিখন গ্ৰহণ কৰিবই লাগিব। যদিহে ব্যক্তিজনে চিঠিখন গ্ৰহণ নকৰে তেতিয়া সংযোগে সফলতা লাভ কৰিব নোৱাৰে। এই ক্ষেত্ৰত ডাকোৱালজন হ’ল সংযোগকৰ্তা। ঠিক তেনেদৰে এজন শিক্ষকে শ্রেণীত পাঠদান কৰি থাকোঁতে একাণপতীয়াকৈ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকজনৰ বক্তব্য গ্ৰহণ কৰিব লাগিব। যদিহে ছাত্র-ছাত্রীয়ে শিক্ষকজনৰ বক্তব্য গ্ৰহণ নকৰে অন্য মনস্ক হৈ থাকে তেতিয়া সংযোগে সফলতা দাবী কৰিব নোৱাৰে। সাধাৰণতে এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ মুখ চাইয়ে গম পাই, ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকজনৰ বক্তব্য আয়ত্ত কৰিবলৈ সক্ষম হৈছেনে নাই।
(ছ) যোগাযোগ প্ৰক্ৰিয়াত মৌলিক অমৌলিক সংকেতৰ সহায়ত তথ্য অভিজ্ঞতাৰ দ্বাৰা ভাৱ অনুভূতি বিনিময় কৰা হয়।
(জ) যোগাযোগে অর্থনৈতিক বুনিয়াদ সুদৃঢ় কৰি তোলে। যোগাযোগ অর্থনৈতিকভাৱে মানুহক সবল কৰি গঢ়ি তোলে। যত নেকি যোগাযোগ অবিহনে মর্যদাসম্পর্ক জীৱন-যাপন কৰাতোও সম্ভৱ নহয়। উল্লিখিত যোগাযোগৰ বৈশিষ্ট্যসমূহৰ পৰা ক’ব পাৰি যে মানৱ জীৱনত যোগাযোগে সুস্থ আৰু সবলভাৱে অৰিহণা আগবঢ়াই আহিছে। সুস্থ-সবল যোগাযোগ অবিহনে মানুহে সভ্যতাৰ জখলাত আগুৱাই যাব নোৱাৰিলেহেঁতেন। যোগাযোগ ব্যবস্থাৰ দ্রুত উন্নতিৰ ফলত আমাৰ অভিজ্ঞতা আৰু মন মগজুক দ্ৰুতভাৱে আগুৱাই নিছে, সেয়েহে ক’ব পাৰি যে যোগাযোগৰ সহায়ত আমাৰ অভিজ্ঞতা আৰু স্মৃতিবোৰ সাঁচি ৰাখিব পাৰো— যিয়ে আমাৰ ভৱিষ্যত যোগাযোগ ব্যৱস্থাক আৰু অধিক চহকী কৰি তুলিবলৈ সক্ষম হ’ব।
১৩। যোগাযোগ কেইপ্ৰকাৰৰ আৰু কি কি? আলোচনা কৰা?
উত্তৰঃ যোগাযোগক কেইবাটাও ভাগত বিভক্ত কৰা হয়। সেই ভাগসমূহ তলত উল্লেখ কৰা হ’ল—
(ক) মৌখিক যোগাযোগ : মৌখিকভাৱে বিভিন্ন কাৰ্য সম্পাদনৰ বাবে যোগাযোগ কৰা হয়। এই মৌখিক যোগাযোগক তলত দিয়া ধৰণেৰে উল্লেখ কৰিব পাৰি— ভাষা, লিখিত আৰু কথিত শব্দ।
(খ) আংগিক যোগাযোগ : এনেধৰণৰ যোগাযোগত দেহৰ অংগী- ভংগী,পোছাক, নিজস্ব পৰিচিত আচাৰ-ব্যৱহাৰ আদিৰ ওপৰত গুৰুত্ব দিয়া হয়।
ভাষাই মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰাত সহায় কৰে। উদাহৰণস্বৰূপে এজন মানুহে মৌখিকভাৱে এটি বাৰ্তা প্ৰেৰণ কৰিলে সেই বার্তা অন্যজন ব্যক্তিয়ে আয়ত্ত কৰিব পাৰিব লাগিব। ইয়াৰ উপৰিও সংযোগক তলত দিয়া ধৰণেৰে বিভাজন কৰিব পাৰি।
— নিজস্ব সংযোগ
— মুখামুখি সংযোগ
— দলীয় সংযোগ
— গণ সংযোগ
— জনসংযোগ
(গ) অন্তব্যক্তি সংযোগ : এনেধৰণৰ যোগাযোগ ব্যৱস্থাত ব্যক্তিজনে নিজেই নিজৰ ভিতৰতে যোগাযোগ স্থাপন কৰে। উদাহৰণস্বৰূপে আমাৰ পিয়াহ লাগিলে পানী খাওঁ, গৰম উঠিলে গছৰ তলত ঠাণ্ডা ঠাইত জিৰণি লওঁ। এই কাৰ্যবিলাক অন্তব্যক্তিক সংযোগৰ অন্তৰ্ভুক্ত। আমি যেতিয়া মঞ্চত এখন থিয়েটাৰৰ নাটক উপভোগ কৰো তেতিয়া দৃশ্য আৰু শ্ৰব্য দুয়োটা মাধ্যমেই প্রয়োগ কৰোঁ আৰু ইয়াৰ ফলত আমি মানসিক তৃপ্তি লাভ কৰোঁ। যদিহে তৃপ্তি লাভ কৰাত বিফল হয় তথাপিতো আমাৰ যোগাযোগ নিজৰ কার্যকেই সম্পাদন হয়।
(ঘ) পাৰস্পৰিক সংযোগ : দুজন ব্যক্তিৰ মাজত যিধৰণৰ যোগাযোগ বাধিত হয় তাকে পাৰস্পৰিক যোগাযোগ বা মুখামুখি যোগাযোগ বোলে। এজন ব্যক্তিয়ে ৰাতিপুৱা শুই উঠাৰ পৰা গধুলি শোৱালৈকে মুখামুখি সংযোগৰ মাধ্যমেদিয়েই কাৰ্য পৰিচালনা কৰে। মুখামুখি যোগাযোগৰ বিশেষত্ব হ’ল—
— দুয়োজন যোগাযোগ কাৰীৰ মাজত এক মধুৰ সম্পৰ্ক থাকিব।
— দুয়োজন যোগাযোগ কাৰীয়েই বাৰ্তা প্ৰেৰণ আৰু গ্ৰহণ কৰিব।
— দুয়োজন যোগাযোগ কাৰীয়েই প্ৰেৰণ কৰা বাৰ্তাবোৰ মৌখিক আৰু আংগিক হ’ল।
(ঙ) দলীয় সংযোগ : সাধাৰণতে দলগতভাৱে কোনো কাম সম্পাদন কৰিবৰ বাবে যি যোগাযোগ কৰা হয় তাকেই দলীয় যোগাযোগ বোলে। দলীয় যোগাযোগ ব্যৱস্থাত দুই বা তাতোধিক ব্যক্তিৰ মাজত যোগাযোগ কার্য সম্পাদন কৰা হয়। দলীয় যোগাযোগে সফলতা লাভ কৰিবলৈ হ’লে দলৰ সদস্যসকলৰ মাজত এক মধুৰ সম্পৰ্ক স্থাপিত হ’ব লাগিব।
দলগত সংযোগৰ দলীয় ব্যৱস্থাসমূহ হ’ল —
— প্রাথমিক দল : এটা সামাজিক গোট। যেনে- পৰিয়াল
— সামাজিক দল : সমাজৰ প্ৰাপ্তবয়স্কলোক, যিয়ে এখন সমাজ প্রভাৱিত কৰিব পাৰে।
— শৈক্ষিক দল : শৈক্ষিক দলৰ লগত জড়িত ব্যক্তিয়ে এটা নির্দিষ্ট বিষয়ৰ ওপৰত অধ্যয়ন কৰে।
— কর্মী দল : কৰ্মী দলৰ ব্যক্তিসকলে কোনো এটা নিৰ্দিষ্ট প্ৰতিষ্ঠানৰ কৰ্মী হিচাপে, দল আৰু সংগঠনৰ কৰ্মী হিচাপেও কার্য সম্পাদন কৰে।
(চ) ৰাজহুৱা সংযোগ : ৰাজহুৱা সংযোগ ব্যৱস্থাত এজন নির্দিষ্ট ব্যক্তিয়ে কোনো বিষয়ত বক্তব্য প্ৰদান কৰে আৰু দৰ্শক বা শ্রোতাই সেই বক্তব্য গ্ৰহণ কৰে। কোনো ৰাজনৈতিক দলৰ সভা-সমিতি, ৰেলী আদিত বক্তাই প্ৰদান কৰা বক্তব্য ৰাজহুৱা সংযোগৰ অন্যতম উদাহৰণ। ৰাজহুৱা সংযোগ, শ্ৰেণী কোঠা, ৰাজহুৱা ফিল্ড, প্রেক্ষাগৃহ আদিত সম্পাদন কৰা হয়। সংযোগে বিভিন্ন দিশত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে যদিও ইয়াৰ সীমাবদ্ধতা নথকা নহয়। সংযোগৰ সীমাবদ্ধতাসমূহেও সংযোগৰ সফলতাত কিছু বাধাৰ সৃষ্টি কৰিছে। সংযোগৰ সীমাবদ্ধতাসমূহ হ’ল—
— উপযুক্ত পৰিবেশৰ অভাৱ।
— হুলস্থুল বা উশৃংখলতা।
— বাৰ্তা প্ৰেৰক আৰু গ্ৰহণ কৰোতা ভুল বুজাবুজি।
— আগ্রহৰ অভাৱ।
—মাধ্যমৰ বিজুতি, ভুল বার্তা প্ৰেৰণ।
— সময়ৰ সদব্যৱহাৰ ।
— সময় উপযোগী সংযোগহীনতা।
১৪। অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰ বিষয়ে লিখা?
উত্তৰঃ অসমীয়া ভাষা শব্দ ভাণ্ডাৰত চহকী। সংস্কৃত ভাষাৰ পৰা পোনপটীয়াভাৱে শব্দ গ্ৰহণৰ উপৰিও শব্দ পৰিবৰ্তনৰ ধাৰাইদি পৰিবৰ্তিত হৈ অহা শব্দৰাজি আৰু বিভিন্ন আৰ্যভিন্ন ভাষাৰ পৰা গ্ৰহণ কৰা শব্দই অসমীয়া শব্দৰ ভঁৰাল চহকী কৰিছে। অসমীয়া ভাষালৈ বিভিন্ন উৎসৰ পৰা অহা শব্দ ভাণ্ডাৰক এনেদৰে ভাগ কৰি দেখুৱাব পাৰি।
১. (ক) তৎসম :
যিবোৰ সংস্কৃত শব্দমূল সংস্কৃত শব্দ ৰূপেই ব্যৱহাৰ হয়, সেইবোৰক তৎসম শব্দ বোলে।
যেনে : চন্দ্র, সূর্য, নদী, কৃষ্টি, লতা, ধন, ফল ইত্যাদি।
(খ) অৰ্দ্ধতৎসম :
যিবোৰ সংস্কৃত শব্দ অসমীয়া ভাষাত উচ্চাৰণৰ বিকৃতি ঘটাৰ ফলত ৰূপান্তৰ হৈছে, তেনে শব্দক অৰ্দ্ধতৎসম শব্দ বোলা হয়। যেনে : ভক্তি-ভকতি, ধৰ্ম্ম— ধৰম, কৰ্ম্ম— কৰম, শ্রী— চিৰি, উৎসৱ— উছৱ, স্বাদ— সোৱাদ, মিত্ৰ— মিতিৰ, মিথ্যা— মিছা, সত্য— সঁচা, স্থিৰ থিৰ, ৰত্ন— ৰতন ইত্যাদি।
২. তদ্ভৱ শব্দ :
মূল আৰ্য ভাষাৰপৰা পালি, প্ৰাকৃতৰ মাজেদি সামান্য গঢ সলাই উদ্ভৱ হোৱা শব্দবিলাকক তদ্ভব শব্দ বোলে। যেনে : হস্ত — হাত, হস্তী — হাতী, কর্ণ — কাণ, অদ্য — আজি, ওষ্ঠ — ওঁঠ, সর্প — সাপ, গৰ্ত্ত — গাঁত ইত্যাদি।
৩. দেশীয় শব্দ :
যিবোৰ শব্দৰ মূল বিচাৰি পোৱা নাযায়, সেইবোৰক দেশীয় শব্দ বোলে। যেনে : জোন, বেলি, জুই, গাড়ী, পেট ইত্যাদি।
৪. বিদেশী আৰু অন্যান্য গোষ্ঠীৰ শব্দ :
ইউৰোপীয় আৰু অন্যান্য ভাৰতীয় ভাষাৰ বহুত শব্দ পোনে পোনে বা সামান্য পৰিবৰ্তন হৈ অসমীয়া ভাষাত সোমাইছে। যেনে :
(ক) ইংৰাজী শব্দ : স্কুল, কলেজ, পেন্সিল, অফিছ, ৰে’ল, পুলিচ, স্কেল ইত্যাদি। সামান্য পৰিবৰ্তন হৈ : গ্লছ— গিলাচ, বক্স – বাকচ, ডক্তৰ— ডাক্তৰ, জাজ — জজ, লর্ড— লাট ইত্যাদি ।
(খ) আৰবী শব্দ : কাগজ, কলম, চিয়াঁহী, দোৱাত, কিতাপ, হাজিৰ, দাখিল, দৌলত, তলব, হুকুম আদি।
(গ) পার্টী শব্দ : হাকিম, পেস্কাৰ, বজাৰ, মচণ্ডল, কিস্তি, আদালত, আন্দাজ, দৰজা, চাবুক, তাবিজ ইত্যাদি।
(ঘ) হিন্দী শব্দ : চকীদাৰ, হাইজা, মহন্তা, খচৰা, নথি, খাতা আদি।
(ঙ) ওলন্দাজ : হর্তন, ইস্কাপন, চিকিতন, ইচস্ক্রপ আদি।
(চ) ফৰাচী শব্দ : চাবোন, কার্তিজ, বুর্জোৱা আদি ।
(ছ) পর্তুগীজ শব্দ : আলপিন, আলমাৰি, আয়া, ইস্তিৰি, ইস্পাত, কিৰিচ, কবি, চাবি, বুটাম, বালটি, বেহেলা, বোমা, বয়স, নীলাম আদি।
(জ) জাপানী শব্দ : চামুৰাই, জুদু ইত্যাদি।
(ঝ) চীনা শব্দ : চেনী, লিচু ইত্যাদি।
(ঞ) আফ্রিকান শব্দ : জেব্রা
(ট) টাই ভাষাৰপৰা অহা শব্দ : বুৰঞ্জী, ৰংঘৰ, কাৰেংঘৰ, নামচাং, নামডাং, নামৰূপ, বান বাটি, বান কাঁহী, পুং, পোখা, মৈদাম, তিপাম, টিয়ক, টিৰাপ আদি।
(ঠ) বড়ো ভাষাৰ শব্দ : ডিব্ৰু, ডিগাৰু, ডিগবৈ দিখৌ, ডিক্রং, দিচাং, ভোগদৈ, মঙলদৈ, হাজো, হাকাম, বিহামপুৰ, দিছপুৰ, মৈৰাং, লাওখোলা, জোং, হোলোঙা ইত্যাদি।
(ড) অষ্ট্রিক গোষ্ঠীৰ শব্দ : কিংখাপ, হং, ডিঙা, জঞ্জাল, জগা, উঁই, চিকৰা, নাঙল, তামোল আদি।
এইদৰে বিভিন্ন ভাষাৰ পৰা শব্দমালাই অসমীয়া ভাষাটো চহকী কৰিছে।
১৫। ণত্ব বিধি বুলিলে কি বুজা? অসমীয়া ভাষাত ণত্ব বিধি কিদৰে প্ৰয়োগ কৰা হয় আলোচনা কৰা?
অথবা
অসমীয়া ভাষাত ণত্ব বিধি প্রয়োগ কৰাৰ নিয়মসমূহৰ বিষয়ে আলোচনা কৰা?
উত্তৰঃ ণত্ব বিধি আৰু ষত্ব বিধি সংস্কৃত ব্যাকৰণৰ অংগ। অসমীয়া ভাষাত প্ৰচুৰ পৰিমাণে তৎসম শব্দ ব্যৱহাৰ হোৱা বাবে সংস্কৃত ণত্ব আৰু ষত্ব বিধিৰ চমু আভাস এটি অসমীয়া ব্যাকৰণতো থকা প্রয়োজন। এই ণত্ব আৰু ষত্ব বিধিৰ প্ৰাচীন পৰিভাষা হ’ল নতি। নতিৰ অৰ্থ হ’ল— ন ণ-ত আৰু স ষ-ত পৰিণত হোৱা। নম্ ধাতুৰ পাৰিভাষিক অর্থ হ’ল— মূর্ধনীভবন। যি নিয়ম অনুযায়ী কিছুমান শব্দৰ দন্ত্য ন মূর্ধন্য ণলৈ পৰিৱৰ্তিত হয়, তাকে ণত্ব বিধি কোৱা হয়। ণত্ব বিধিৰ কেইটামান ঘাই নিয়ম তলত দিয়া হ’ল :
১। ঝ্, ৰ্ আৰু ষ্— এই তিনি বৰ্ণৰ পিছত থকা দন্ত্য ন মূর্ধন্য ণ হয়। যেনে : ঋণ, কর্ণ, কৃষ্ণ, তৃণ, পূৰ্ণ, বর্ণ বিষ্ণু ইত্যাদি।
২। একেটা পদত থকা ঋ, ৰ, ষ আৰু ন ৰ মাজত স্বৰবৰ্ণ, ক বর্গ বা প বৰ্গৰ কোনো বর্ণ বা ষ, ব, হ অথবা অনুস্থাৰৰ ব্যৱধান থাকিলেও দন্ত্য ন মূর্ধন্য ণ হয়। যেনে : অৰ্পণ, অৰুণ, কৃপণ, গ্রহণ, পাষাণ, ৰাৱণ, ৰুক্মিণী ইত্যাদি। অৱশ্যে অইন বৰ্ণৰ ব্যৱধানত ন মূর্ধন্য ণ নহয়। যেনে : অৰ্চনা, অর্জন, কীর্তন, দর্শন, প্রার্থনা, বর্ণনা, মর্দন ইত্যাদি। মনত ৰখা উচিত যে উক্ত নিয়ম দুটা পদৰ ক্ষেত্ৰতহে প্ৰযোজ্য। য’ত দুটা পদ লগ লাগি এটা হয় তাত এই নিময় নাখাটে। যেনে: ত্রিনয়ন, দুর্নাম, বীরাঙ্গনা হৰিনাম ইত্যাদি। ব্যক্তি-বিশেষক বুজোৱা বাবে শূৰ্পণখাৰ ন মূর্ধন্য, নাম বুজালে তাম্ৰণখ কিন্তু তামৰ লেখীয়া নখ যাৰ, তেওঁ হ’ব তাম্ৰনখ। মাহৰ নাম বুজোৱা বাবে অগ্রহায়ণ বা আঘোণৰ ন মূর্ধন্য লিখা হয়।
৩। ট-বর্গৰ কোনো বৰ্ণৰ সৈতে সংযুক্ত হ’লে দন্ত্য ন মূর্ধন্য ণ হয়।
যেনে : অণ্ড, কণ্টক, ঘণ্টা, দণ্ড, পিণ্ড, বিষৰণ, লুণ্ঠন ইত্যাদি। তদুপৰি আন আখৰ মাজত নথকাকৈ ন্ গৰ পিছত থাকিলেও দন্ত্য ন মূর্ধন্য ণ হয়।
যেনে : গণ, গণিত, গুণ ইত্যাদি। অৱশ্যে গান ইয়াৰ ব্যতিক্রম।
৪। প্ৰ, পৰা, পৰি, নিৰ— এই চাৰিটা উপসৰ্গ আৰু অন্তৰ শব্দৰ পিছত থকা অন্, নদ্, নম্, নশ, নহ্, নী, নুদ্ আৰু হন ধাতুৰ ন মূর্ধন্য ণ হয়।
যেনে : প্রণাম, পৰিণতি, পৰিণাম, প্ৰাণ, প্ৰণয়, প্রণৱ, প্রণোদিত, অন্তর্হর্ণন ইত্যাদি। কিন্তু প্ৰ পূৰ্বক নষ্ট শব্দৰ দন্ত্য ন মূর্ধন্য ণ নহয়। যেনে : প্রনষ্ট।
৫। প্ৰ, পূৰ্ব, পৰ আৰু তাপৰ শব্দৰ পিছত থকা অহ্ন শব্দৰ ন ণ হয়।
যেনে : প্রাহ্ন, পূর্বাহ্ন, অপৰাহ্ন ইত্যাদি।
৬। উত্তৰ, চান্দ্ৰ, নাৰ, পৰ, পাৰ আৰু ৰাম শব্দৰ পিছত অয়ন প্রত্যয় থাকিলে তাৰ দন্ত্য ন মূর্ধন্য ণ হয়। যেনেঃ উত্তৰায়ণ, নাৰায়ণ, পৰায়ণ, ৰামায়ণ ইত্যাদি।
৭। অক্ষ শব্দৰ পিছত থকা উহিনী শব্দৰ দন্ত্য ন মূর্ধন্য ণ হয়। যেনে : অক্ষৌহিণী।
৮। ঔষধিবাচক আৰু বৃক্ষবাচক শব্দৰ পিছত থকা বন শব্দৰ ন বিকল্পে ণ হয়।
যেনে : আম্রবণ, আম্রবন, ইক্ষুবণ, ইক্ষুবন, দ্রাক্ষাবণ, দ্রাক্ষাবন ইত্যাদি।
৯। ৰসায়ন শব্দৰ ন মূর্ধন্য নহয়। অসমীয়া স্ত্রীলিঙ্গ বাচক-অনী প্ৰত্যয়াস্ত শব্দবোৰৰ ন সাধাৰণতে দন্ত্য হয়। যেনে : কুমাৰনী, মাষ্টৰণী আদি। কুকুৰনী, হৰিণী আদি শব্দ ইয়াৰ ব্যতিক্রম। বিদেশী শব্দৰ অন্তত থকা ন বোৰ মূৰ্ধন্য ণ নহয়।
যেনে : জার্মান, নর্মান আদি।
১০। কিছুমান শব্দত ন বোৰ স্বভাৱতে ণ হয়।
যেনে : অকণ, আপণ, কণ, কণিকা, কঙ্গণ, কল্যাণ, কোণ, গণ, গুণ, গণনা, গণিত, চাণক্য, তূণ, পণ, পাণি, পুণ্য, বাণিক, বাগ, বাণিজ্য বেণী, বেণু ইত্যাদি।
১৬। শব্দ কাক বোলে? শব্দৰ প্ৰকাৰভেদে দেখুৱাই এটি আলোচনা যুগুত কৰা?
উত্তৰঃ অর্থ যুক্তধ্বনি বা ধ্বনি সমষ্টিক শব্দ কোৱা হয়।
যেনে : ৰ, যা, ঘৰ, জুই, মানুহ ইত্যাদি। আন কথাত, এক অথবা একাধিক ধ্বনিৰ সমন্বয়ত গঠিত অর্থবোধক আৰু উচ্চাৰণযোগ্য এককেই শব্দ। এককবোৰ সদায় স্বতন্ত্রভাবে ব্যবহৃত হয় আৰু সিবোৰে অভিধানত স্থান পায়। শব্দৰ সহায়ত বাক্য গঠিত হয়। পাণিনিয়ে শব্দক প্রাতিপদিক বুলিছে। প্ৰতিপন শব্দৰ এটা অৰ্থ আৰম্ভ। যাৰ পৰা বিভক্তিযুক্ত পদৰ আৰম্ভ বা সূত্ৰপাত হয়, তাকে প্রাতিপদিক বোলে।
শব্দ বা প্রাতিপদিক দুই প্ৰকাৰৰ হ’ব পাৰে— মৌলিক শব্দ আৰু সাধিত শব্দ। যিবোৰ শব্দ ভাঙি বিশ্লেষণ কৰিব নোৱাৰি, সিবোৰক স্বয়ংসিদ্ধ বা মৌলিক শব্দ বোলে। যেনে : কাম, নাক, পানী আছি।
সাধিক শব্দবোৰক দুটা ভাগত ভগাব পাৰি —
১। প্রত্যয়ান্ত শব্দ আৰু
২। সমাসবদ্ধ বা সমস্ত শব্দ।
প্রত্যয়যোগে সাধিত শব্দবোৰক প্রত্যয়ান্ত শব্দ বোলে। ইয়াৰো ভাগ দুটা—
১। কৃদন্ত। আৰু
২। তদ্ধিতান্ত শব্দ।
ধাতুৰ পিছত কৃৎ প্রত্যয় যোগ হৈ হোৱা শব্দই কৃদন্ত শব্দ। অসমীয়া ভাষাত অসমীয়া আৰু সংস্কৃত— এই দুই প্ৰকাৰৰ কৃদন্ত শব্দৰ প্ৰয়োগ আছে। উদাহৰণ :
অসমীয়া প্ৰয়োগ শব্দ: কৰ +অতী = কৰতী, খা + অন = খাৱন, জিৰা + আনি = জিৰণি, ধৰ্ + অন = ধাৰক, লিখ + আৰু = লিখাৰু, সাঁচ + অনীহা = সাঁচতীয়া ইত্যাদি।
সংস্কৃত কৃদন্ত শব্দ : কৃ + তব্য = কর্তব্য, গম্ + অন = গমন, জল-চৰ + টক্ = জলচৰ, পঠ + ঘঞ পাঠ ইত্যাদি।
প্রাতিপদিকৰ পিছত তদ্ধিত প্রত্যয় যোগ হৈ নিষ্পন্ন হোৱা শব্দই তদ্ধিতান্ত শব্দ, ইয়াৰো ভাগ দুটা— অসমীয়া আৰু সংস্কৃত। উদাহৰণ :
অসমীয়া তদ্ধিতান্ত শব্দ : খেতি + অক = খেতিয়ক, তল + অতীয়া = তলতীয়া,
নাম + অতী – নামতী।
বন + অনি = বননি।
পাব + অতীয়া = বা পতীয়া।
বুধি + অক = বুধিয়ক আদি।
সংস্কৃত তদ্ধিতান্ত শব্দঃ ধন +ইন্ = ধনী, পাণ্ডু + ষ্ণ = পাণ্ডৱ, বল + ইষ্ট = বলিষ্ট ইত্যাদি।
যিবোৰ শব্দ বিশ্লেষণ কৰিলে একাধিক মৌলিক অথবা প্রত্যয় নিষ্পন্ন শব্দ পোৱা যায়, সিবোৰক সাধাৰণভাৱে সমাসবদ্ধ বা সমস্ত শব্দ বুলিব পাৰি। যেনে: গছতল, জুইশাল, ডেকাচাং, দেৱদত্ত, পদূলি গুঙা, বনজাত, মনেসজা, ৰাজকৰ, ৰাজপুত্ৰ ইত্যাদি।
অৰ্থৰ ফালৰ পৰা চালে তিনিপ্ৰকাৰৰ শব্দ পোৱা যায় : যৌগিক, যোগৰূঢ় আৰু কঢ় শব্দ।
প্ৰকৃতি আৰু প্ৰত্যয় উভয়ৰে অৰ্থ প্ৰকাশক শব্দই যৌগিক শব্দ। যেনে :
১। কৃদন্ত যৌগিক শব্দ : গম্ + অন = গমন (যোৱাৰ ভাব প্রকাশিত),
২। তদ্ধিতান্ত যৌগিক শব্দ : জোল + ঈয়া = জুলীয়া (জোল সম্বন্ধীয় অর্থ প্রকাশিত), নাও + অৰীয়া = নাৱৰীয়া (নাৱৰ লগত সম্বন্ধ থকা লোক),
৩। সমাসবদ্ধ যৌগিক শব্দ : ৰজাৰ পুত্ৰ- ৰাজপুত্ৰ ইত্যাদি।
যিবোৰ শব্দই প্ৰকৃতি আৰু প্ৰত্যয়ৰ অৰ্থৰ উপৰি আন বিশেষ অৰ্থ বুজায় তাকে যোগৰূঢ় শব্দ বোলে। ৰূঢ় শব্দৰ অৰ্থ হ’ল— প্রসিদ্ধ। উদাহৰণঃ পঙ্ক + জন + ড = পঙ্কজ। অর্থাৎ বোকাত জন্মে যি সি পঙ্কজ। সেইফালৰ পৰা এই শব্দটোৱে বোকাত জন্ম হোৱা পদুম, ভেট, শেলুক আদি সকলোকে বুজাব লাগিছিল যদিও ই মাত্র পদুমকহে বুজায়। সেইবাবে শব্দটো যোগৰূঢ়।
কৰৰহ (নখ), জলধৰ (মেঘ), পীতাম্বৰ (কৃষ্ণ), শিৰোৰহ (চুলি) আদি এই শব্দৰ আন উদাহৰণ।
যিবোৰ শব্দই প্ৰকৃতি আৰু প্ৰত্যয় উভয়ৰে অৰ্থ নুবুজাই আন অৰ্থ বুজায়, সেইবোৰ শব্দক ৰূঢ় বোলে। যেনে: কুশল শব্দৰ ব্যুৎপত্তিগত অর্থ হ’ল— কুশ অনা; কিন্তু প্রচলিত অর্থ— মংগল, প্রবীণ শব্দৰ বুৎপত্তিগত অর্থ— বীণ বজোৱাত পটু; কিন্তু প্রচলিত অর্থ— বয়স্ক, হৰিণ শব্দৰ বুৎপত্তিগত অর্থ হ’ল— যি হৰণ কৰে; কিন্তু প্রচলিত অর্থ— পশু বিশেষ ইত্যাদি।
অন্যান্য শব্দ : অসমীয়া ভাষাত ব্যৱহাৰ হোৱা অন্যান্য শব্দৰ ভিতৰত ধ্বন্যাত্মক-প্রতিধ্বন্যাত্মক শব্দ, প্রতিশব্দ, একার্থক যুৰীয়া শব্দ, সমোচ্চাৰণ শব্দ আদিৰ নামোল্লেখ কৰিব পাৰি।
১৭। আর্য ভিন্ন ভাষাৰ পৰা অসমীয়া ভাষালৈ আগমন ঘটা শব্দাৱলীৰ বিষয়ে লিখা?
উত্তৰঃ অষ্ট্ৰিক : অসমীয়া ভাষাত অষ্ট্ৰিক ভাষা গোষ্ঠীৰ পৰা অহা ভালেখিনি শব্দৰ কথা ড° বাণীকান্ত কাকতিয়ে উল্লেখ কৰিছে। কামাখ্যা, কামৰূপ, হৰুপেশ্বৰ, তেজপুৰ, দৰং প্রভৃতি শব্দ অষ্ট্ৰিক ভাষাৰ ‘কে-ময়দ, কে মুত, কামাই, কামোইদ, কামৰু, হাৰুপ, তিজো, দৰ আদি শব্দৰ বিকশিত সংস্কৃত ৰূপ ৰূপে সাব্যস্ত কৰা হৈছে। কমতা, বকতা, ডিপোটা, চপটগ্রাম, ধৰ্মতুল আদি ঠাই, ডিক্রং, দিহিং, দিখৌ, দিচাং প্রভৃতি নদীৰ নাম অষ্ট্ৰিক ভাষাৰ পৰা অহা বুলি কোৱা হৈছে। কুৰি, গণ্ডা, পোণ প্রভৃতি শব্দবোৰ নিঃসন্দেহে অষ্ট্ৰিক ভাষাৰ।
কোল : মুণ্ডাৰী ভাষাৰ পৰা অহা — আটোম-টোকাৰি, উবুৰিয়া, মাইকী, লাটুম আদি।
খাচী ভাষাৰ পৰা অহা : কাবৌ, কিংখাপ, খং, জহা, জপা, টোকোনা, দোং, শালমন আদি।
চাওতালী ভাষাৰ পৰা অহা : আলাবাদু, গোহাৰি, ঢোপ, ঢুমা, লবেজান ইত্যাদি।
মালয়ৰ পৰা অহা : উহঁ, গাহৰি, জেং, চেলাউৰি, ডিঙি, বগা, বটল ইত্যাদি।
তিব্বত বর্মী ভাষাৰ পৰা অহা শব্দাৱলী :
বড়ো : আগচ, গচক, চেলেক, জোং, ডাউক, হাফলু, হাবাং, হেঙাৰ, হোজা, (ঠাইৰ নাম) দিছপুৰ, বিহানপুৰ, মৈৰা, হাজো, হাকামা (নদীৰ নাম) দিখৌ, দিবং, ডিব্ৰু, ডিগবৈ দিহিং, ভোগদৈ ইত্যাদি।
মিচিং : অগৰং-বগৰং, আলি-আই-লিগাং, আপং, ঐনিতম, কেবাং ডাঁকুৰ, দবুৰ (স্থান নাম) অয়ান, জেলম্ নামচিং, পাছিঘাট, মুৰ্কংচেলেক, ৰুকচিন (নদীৰ নাম) চিচি, চিয়ম, চিয়াং, চিমেন ইত্যাদি।
টাই-আহোম আহোম ভাষাৰ শব্দ : আইচু, আপদেউ, আপাদেউ, কাৰেং, কেৰু, খং, খিলঞ্জীয়া, খোৰোং, চাং, চাংমাই, চাওদাং, চেনাই, চিৰিং, টোম, ডাং, বুৰঞ্জী, পুলিন, পুথাও, বানবাটি, মিট, হিলৈ, হেংডাং (ঠাইৰ নাম) চৰাইদেউ, নামৰূপ, নামতি, পাটকাই, লালুক (নদীৰ নাম) নাম খে, নাম চিক্, নামজিন, নামছাং, নামদাং ইত্যাদি।
১৮। অসমীয়া ভাষাত বিদেশী শব্দৰ এখন তালিকা প্রস্তুত কৰা?
উত্তৰঃ বিদেশী শব্দ : ভাৰতৰ বাহিৰৰ বিভিন্ন ভাষাৰ পৰা ভালেসংখ্যক শব্দই অসমীয়া ভাষাৰ শব্দ-সম্ভাৰ চহকী কৰাটো মন কৰিবলগীয়া। এনে বিদেশী শব্দৰ ভিতৰত ইংৰাজী, আৰবী, ফাৰ্চী, তুর্কী, জাপানী, চীনা, পর্তুগীজ আদিৰ নামোল্লেখ কৰিব পাৰি। তলত সিবোৰৰ চমু পৰিচয় দিয়া হ’ল :
ইংৰাজী শব্দ : (সাজ-পোছাক বিষয়ক) কোট, গেঞ্জি, চুৱেটৰ, জিকেট, টাই, পেণ্ট, ব্লাউজ আদি (নাম বুজোৱা) কুইন, জন, জুৱেল আদি (চিকিৎসা বিষয়ক) ক’লৈৰা, এইডচ, এক্সৰে, কমপাউণ্ডাৰ, চাৰ্জন, ডাক্তৰ, মেডিচিন ইত্যাদি (শিক্ষা বিষয়ক) কলেজ, মাষ্টৰ, লেকচাৰৰ, লাইব্ৰেৰী, স্কুল আদি (সাহিত্য বিষয়ক) কমেডি, চনেট, ট্রেজেদি, লিৰিক আদি (যান-বাহন সম্বন্ধীয়) অটো, চাইকেল, বাছ, মটৰ, ষ্টেচন, ষ্টেণ্ড আদি (শাসন সম্পৰ্কীয়) অফিচ, কমিচনাৰ, ক’ৰ্ট, গৱৰ্ণমেন্ট, জেইল, জেইলাৰ ইত্যাদি।
ফাৰ্চী শব্দ : (দৈনন্দিন জীৱন সম্পৃক্ত শব্দ) আৱাজ, অৱহাৱা, আচমান, কাৰখানা, খবৰ, খোৰাক, চাকৰ, জানোৱাৰ, জাহাজ, দানা, দোকান, হজম, হুজুগ আদি (আইন-কানুন আৰু শাসন সংক্রান্ত) আইন, আদালত, এজাহাৰ, কানুন, খাজানা, খাৰিজ, গোমস্তা, তালুক, দপ্তৰ পিয়াদা, বাজেয়াপ্ত, বীমা, মোকর্দমা, হাকিম আদি (ধর্ম সংক্রান্ত শব্দ) ইমান, কবৰ, কোৰবাণী, গাজী, দৰবেশ, দীন, দোৱা, নবী, নিকাহ, মহৰম, মোল্লা আদি (প্ৰসাধন সামগ্ৰী, বিলাস আৰু শিল্পসংক্রান্ত) আতৰ, আয়না, গোলাপ, চশমা, পোলাও, মছলা, মিছৰী, ৰেচম, ছেহনাই, হালুৱা আদি (ৰাজ দৰবাৰ আৰু যুদ্ধ সংক্রান্ত) আমীৰ উজীৰ, ওমৰাহ, বাদছাই, বাহাদুৰ, বৰবাৰ, মালিক, হুজুৰ, শিকাৰ আদি ।
ক) আৰবী শব্দ : (ফাৰ্চীৰ যোগেদি) আইন, তাজ্জব, ফচল, হজম, তামাচা, জিলা, জবাব, খাজানা ইত্যাদি।
খ) তুর্কী শব্দ : কোর্মা, খাঁ, খাতুন, গালিচা, চাকু, তুর্ক, কুলী, দাৰোগা, বাবুচী, বাহাদুৰ, বিবি, বেগম ইত্যাদি।
গ) পর্তুগীজ শব্দ : আনাৰস, আলপিন, আলকাতাৰা, আতা, আলমাৰি, বালতি, বোতাম, কামিজ, কেৰাণী, চাবোন, বাৰাণ্ডা, গুদাম, গামলা, ফিতা, নীলা, পাউৰুটি ইত্যাদি।
ঘ) ফৰাচী শব্দ : কার্তুজ, কুপন ইত্যাদি।
ঙ) ওলন্দাজ শব্দ : ইস্তাপন, ৰহিতন, হৰতন ইত্যাদি ।
চ) ইটালীয় শব্দ : কোম্পানী, গেজেট আদি।
ছ) দক্ষিণ আফ্ৰিকাৰ শব্দ : জেব্রা আদি।
জ) দক্ষিণ আমেৰিকাৰ শব্দ : কুইনাইন আদি।
ঝ) জাপানী শব্দ : ৰিকস, হাৰাকিৰি ইত্যাদি।
ঞ) তিব্বতী শব্দ : লামা আদি।
ট) চীনা শব্দ : চাহ, চিনি আদি।
ঠ) বর্মী শব্দ : ঘুগনি, লুঙ্গি ইত্যাদি।
১৯। অসমীয়া সমার্থক শব্দ বা প্রতিশব্দৰ এখন তালিকা প্রস্তুত কৰা?
উত্তৰঃ এটা শব্দ বাক্যত বাৰে বাৰে ব্যৱহাৰ কৰিলে শুনিবলৈ। আমনিদায়ক হয়। এনে আমনি আঁতৰাবলৈ লেখকসকলে একে অর্থ বিশিষ্ট বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰে। এক অৰ্থযুক্ত শব্দবোৰৰ নাম সমার্থক শব্দ বা প্রতিশব্দ। তলত এই জাতীয় কিছু শব্দ দিয়া হ’ল :
অংশু : অস্তচ্ছটা, অস্তৰশ্মি, আভা, আলোকচ্ছটা, কিৰণ, দীপ্তি, দীধিতি, ৰশ্মি ।
অংশুমানঃ অংশুমালী, আদিত্য, অর্ক, অর্যমা, দিবাকৰ, দিনমণি, প্রভাকৰ, ভানু, ভাস্কৰ, মার্তণ্ড, মিহিৰ, মিত্ৰ, সৱিতা, সূর্য।
অগ্নি : অনল, আতশ, কৃশান, জুই, পাবক, বৈশ্বানৰ, বহ্নি, হুতাশন।
অঙ্গনা : কুমাৰী, তৰুণী, নাৰী, বণিতা, ভামিনী, বা মা, মহিলা, মোহিনী, যুৱতী, ৰমণী, ললনা, সুন্দৰী।
অগ্নি : অনল,আতশ,কৃশান,জুই,পাবক, বৈশ্বানৰ, বহ্নি, হুতাশন।
অঙ্গনা : কুমাৰী, তৰুণী, নাৰী, ভণিতা, ভামিনী, বা মা মহিলা, মোহিনী, যুৱতী, ৰমণী, শুনা, সুন্দৰী।
অত্যাচাৰ : অন্যায় ব্যৱহাৰ, উৎপীড়ন, উৎপাত, উপদ্ৰৱ, দৌৰাত্ম্য, নিপীড়ন, নির্যাতন, নিগ্রহ, পীড়ন।
অধর্ম : অনুচিত কাজ, ঈশ্বৰ বিদ্বেষ, ধৰ্মদ্বেষ, ধর্মশূন্যতা, ধর্মহীনতা।
অনিশ : পৱন, বতাহ, বায়ু, মৰুৎ, সমীৰ, সমীৰণ।
অন্ত : অৱশেষ, ইতি, উপসংহাৰ, নাশ, মৃত্যু, ক্ষয়।
অন্তৰীক্ষঃ অম্বৰ, আকাশ, আশমান, গগন, নভঃনভোলোক, নভস্থল, ব্যোম, শূন্য।
অন্ধ : কণা, চকুহীন, জন্মান্ধ, দৃষ্টিহীন।
অভিধানঃ কোশ, কোশ শাস্ত্র, নির্ঘন্টু, শব্দকোষ, শব্দসংগ্রহ শব্দসংকলন।
অৰণ্যঃ অটবী, উপবন, কানন, কান্তাৰ, কুঞ্জ, জঙ্গল, নিকুঞ্জ, বন, বিপিন।
অলংকাৰ : অঙ্গৰাগ, আভৰণ, গহনা, প্রসাধন,
বিভূষণ, শৃংগাৰ।
আনন্দ : আমোদ, আহলাদ, উল্লাস, উৎফুল্লা, তুষ্টি, পুলক, প্রফুল্লতা, প্ৰমোন, স্ফূর্তি।
আডাঃ কান্তি, দীপ্তি, প্রভা, বর্ণ, শোভা।
আমন্ত্রণ : আৱাহন, আহ্বান, অভ্যর্থনা, নিমন্ত্রণ।
আৰম্ভ : অঙ্কুৰ, অঙ্কুৰণ, অভ্যুদয়, ঊষালগ্ন, উৎপত্তি, উন্মেষ, উদয়, উদ্রেক, প্ৰাৰম্ভ, প্ৰস্তাৱনা, সুত্রপাত।
আলোক : অংশু, আভা, আলোকচ্ছটা, ঔজ্জ্বল্য, কৰণ, জ্যোতি, দীপ্তি, দীধিতি ।
ঈশ্বৰঃ অন্তর্যামী, অদৃশ্যপুৰুষ, অনাদি, অনন্তপুৰুষ, আল্লাহ, ঈশ, জগদীশ্বৰ, জগদীশ, পাতা, নিৰঞ্জন, নিৰাকাৰ, পৰমেশ্বৰ, প্ৰভু, পৰমপিতা, বিধাতা, বিভু, ভগৱান।
উন্মোচন : অন্যবৃত্তি, উদ্ঘাটন, উন্মেষ, উন্মীলন, উদ্ভাসন, খোলা, প্ৰকাশ, পৰিস্ফুৰণ।
উপাখ্যান : আখ্যায়িকা, উপকথা আখ্যান, কাহিনী, পুৰাণ, বিৱৰণী, ৰূপকথা।
ঔৎসুক্য : আগ্রহ, উৎকণ্ঠা, উৎসুকতা, উৎকণ্ঠা, অনুসন্ধিৎসা, কৌতূহল, সন্ধান।
কপাল : অদৃশ্য, কিসমৎ, দৈৱ, নিয়তি, ভাগ্য, ভাগ্যচক্র, ললাট।
কৰবীঃ অলকগুচ্ছ, কেশবিন্যাস, খোপা, বেণী।
কলমঃ লেখনী।
কাপোৰ : অম্বৰ, আচ্ছাদন, পৰিচ্ছেদ, পৰিধেয়, বসনবস্ত্র, বেশভূষা, সাজ, সাজ- পোছাক।
কিঙ্কৰ : অনুচৰ, চাকৰ, দাস, পৰিচৰ, পৰিচাৰক, ভৃত্য।
কুটু্ম্ব : আত্মীয়, জ্ঞাতি, সুজন।
কমাৰী : অনূঢ়া কন্যা, কন্যাকা।
গজ : কৰী, দ্বিপ, দ্ধিৰদ, বাৰণ, হস্তী, হাতী।
গণক : কোষ্ঠী বিচাৰক, গণসৎকাৰ, গণনাকাৰী, গ্রহচাৰ্য, দৈবজ্ঞ, ভবিষ্যদবক্তা।
গণিকা : কুলটা, দেৱদাসী, বাৰাঙ্গনা, বাৰনাৰী, বাৰবধূ, বাৰবণিতা, মনোৰঞ্জিকা।
গন্ধ : আঘ্রাণ, ঘ্রাণ, সুবাস।
চন্দ্র : ইন্দ্র, জোন, জোনবাই, নিশাকৰ, নিশানাথ, নিশাপতি, শশধৰ, শশাংক, শশভৃৎ, শশলাঞ্ছন, শীতাংশু, সুধাংশ, হিমাংশু।
তট : উপকূল, কূল, কিনাৰ, তীৰ, ধাৰ, প্ৰান্ত, বেলা।
তড়িৎঃ অশনি, চপলা, চঞ্চলা, চিকুৰ, দামিনী, বিদ্যুৎ, বিজুলী, সৌদামিনী, ক্ষণপ্রভা।
ধ্বজা : কেতন, কেতু, জয়ন্তী, নিশান, পতাকা, লাঞ্ছনা।
নৃপ : নৰপতি, নৰেশ্বৰ, নৰপাল, নৃপতি, ভূপতি, মহীপাল, মহীপতি, ক্ষিতীশ, ক্ষিতিপাল, ক্ষিতিপতি, সম্রাট।
পতি : কর্তা, গিৰিহঁত, ভর্তা, স্বামী।
পত্নী : অর্ধাংগিনী, ভার্যা, সহধর্মিণী, স্ত্রী।
পদুম : অব্জ, অৰবিন্দ, কমল, কমলিনী, নলিনী, পঙ্কজ, পদ্ম, শতদল, শতপত্র, সরসিজ, সৰোজ।
পর্বত : অচল, অগ, অৱনীধৰ, অদ্রি, গিৰি, ধৰণীৰ, ধৰাধৰ, নগ, পাহাৰ, ভূধৰ, মহীধৰ, শৃঙ্গী ।
পানী : অপ, অম্বু, উদক, জল, তোয়, নীৰ, বাৰি, সলিল।
পৃথিৱী : অবনী, ধৰা, ধৰাতল, ধৰণী, ধৰিত্ৰী, বসুধা, বসুমতী, বসুন্ধৰী, মহী, মেদিনী, ৰত্নগর্ভা।
ফকীৰ : তপস্বী, দৰবেশ, বৈৰাগী, সন্ন্যাসী, সাধু, ভিক্ষু।
বাদলঃ ধাৰাসাৰ, বর্ষণ, বর্ষা, বর্ষাকাল, বৃষ্টি, মেঘবৃষ্টি।
বায়ু : অনিল, পৱন, প্রভঞ্জন, বাত, বায়ু, সমীৰ, সমীৰণ, মরুৎ, মাৰুত।
মাছ : মৎস্য, মীন।
মৃত্যু : অন্ত, অবলোক, অৱসান, জীৱন নাশ, জীৱনাবসান, জীৱনান্ত, দেহান্ত, দেহত্যাগ, দেহাৱসান, তিৰোভাব, নিপাত, প্রাণত্যাগ, মৰণ।
সাগৰঃ অম্বুধি, অর্ণৱ, উদধি, জলনিধি, পয়োধি, পাৰাবাৰ, ৰত্নাকৰ, সমুদ্ৰ।
সাপ : অহি, উৰূনম, বিষধৰ, ফণধৰ, ফণাকৰ, ভুজগ, ভুজংগ, ভুজংগম।
২০। অসমীয়া ভাষাৰ শব্দসম্ভাৰত অসম আৰু ওচৰ-পাঁজৰৰ পর্বত-ভৈয়ামত বসবাস কৰা জনজাতীয় ভাষাৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা?
উত্তৰঃ অসমীয়া ভাষাৰ ধ্বনিতাত্ত্বিক, ৰূপতাত্ত্বিক দিশৰ গঠনত যেনেদৰে অসমৰ অন্যান্য ভাষবোৰে বৰঙণি যোগাইছে, ঠিক তেনেদৰে নানা ধৰণৰ শব্দৰ যোগান ধৰি অসমীয়া বাষাৰ শব্দৰ ভড়াল টনকিয়াল কৰিছে। বিশেষকৈ অসম আৰু দাঁতিকাষৰীয়া ৰাজ্যৰ বিভিন্ন ঠাইৰ নাম, নদীৰ নাম, উৎসৱ-পৰ্বৰ নাম, বিভিন্ন উপাধি, বিষয়া আদিৰ নাম আৰু দৈনন্দিন জীৱনত ব্যৱহৃত অনেক শব্দ চীন-তিব্বতীয় ভাষা গোষ্ঠীৰ পৰা আহিছে। তদুপৰি অষ্ট্ৰিক আৰু দ্রাবিড় ভাষাৰ পৰাও অসমীয়া ভাষালৈ শব্দ অহাৰ কথা কাকতি, বিৰিঞ্চি কুমাৰ বৰুৱা, কালিৰাম মেধি আদি ভাষাবিদসকলে উনুকিয়াই থৈ গৈছে।
ক) অষ্ট্রিকমূলীয় শব্দ—
অষ্ট্ৰিক মূলৰ পৰা কিছুমান শব্দ অহাৰ সম্ভাৱনা দেখুৱাইছে।
১. খাচীৰ পৰা — কাবৌ, কিংখাপ, খামোচ, থং, কমা, দোন, হেনো, জপা, জঞ্জাল, জহা, মেথোন, এনেই, শালমন, নোদোকা, চোকোৰা আদি শব্দ।
২. কোল মুণ্ডাৰ পৰা — এৰা (হয়), লাটুম, উবুৰিয়া, মুগা।
৩. চাওতালী ভাষাৰ পৰা — ঢোপ, ঢুমা, গোহাৰি, পাহাৰ, গোঙোৰা।
৪. মালয় ভাষাৰ পৰা — বগা, বটল, চেলাউৰি চেঙা, সাঁফৰ, ডিঙি, গাহৰি, হোলোঙা, জেং, মৈদাম, নাহৰফুটুকী, সোলা, উঁহ, সিজু ইত্যাদি।
এইবিলাকৰ উপৰিও বিভিন্ন পণ্ডিতসকলে কুৰি, পোণ, গণ্ডা অষ্ট্ৰিক ভাষাৰ পৰা অহা বুলি দেখুৱাইছে। ঠাইৰ নাম — প্ৰাগজ্যোতিষপুৰ, কামৰূপ, কামাখ্যা, হাৰপেশ্বৰ আদি শব্দও অষ্ট্ৰিক মূলীয় বুলি কোৱা হৈছে। শেষাংশত -ত, -তা, -তু আদি থকা শব্দবোৰ অষ্ট্রিকমূলীয় বুলি অনুমান কৰা হৈছে। যেনে— কমতা, চামতা, ধৰ্মতুল, চাপতগ্রাম আদি।
খ) তিব্বতবর্মীয়মূলীয় শব্দ—
তিব্বতবর্মী ভাষাবোৰৰ পৰা কিছুমান সৰল আৰু মিশ্র ধাতুৰ উপৰিও নানা তৰহৰ শব্দ অসমীয়া ভাষালৈ আহিছে বুলি বিভিন্ন পণ্ডিতসকলে অনুমান কৰিছে।
শব্দৰ আগত ‘দি’ নাইবা শেষত ‘দৈ’ থকা নদীবাচক শব্দবোৰ বড়ো ভাষাৰ পৰা অহা বুলি ভবা হৈছে। যেনে — দিচাং, দিখৌ, দিবং, দিহিং, ভোগদৈ, মঙ্গলদৈ ইত্যাদি।
মিচিং ভাষাৰ কেতবোৰ শব্দৰ আগত অসমীয়া ভাষাৰ শব্দৰ সাদৃশ্য আছে। যেনে — বৰালী (মাছ), বোকা (বোকাদ), উৰুকা, ডাকু, টোকাৰি (তুকাৰি), পেঁপা (পেম্পা), তিয়ঁহ (তিয়ও) ইত্যাদি।
তিব্বতবর্মীয় শাখাৰ ডিমাছা আৰু মেইতেই ভাষাৰ কিছুমান মাছধৰা সঁজুলি বুজোৱা শব্দ, গছ-গছনিৰ নাম আৰু অন্যান্য শব্দৰ লগত অসমীয়া ভাষাৰ সাদৃশ্য পৰিলক্ষিত হয়। যেনে— জাকৈ (জখাই), চেপা (চেফা), প’ল (পল), সিজু (চি-ওজু), ৰবাব (ৰেবা), লফা লাংফাই, জালি (জালাহ), জোং (জোং) ইত্যাদি।
গ) টাইমূলীয়া শব্দ —
অসমত বৰ্তমান বসবাস কৰি থকা টাইমূলীয় ভাষা — আহোম, খামতি, ফাকে, আইতন, টুৰুং, খাময়াং আদি ভাষাসমূহৰ পৰা বহু শব্দ অসমীয়া ভাষাত সোমাই পৰিছে। বিশেষকৈ আহোমসকলে অসমীয়া ভাষাক দৈনন্দিন জীৱনৰ মাত কথা ৰূপে আঁকোৱালি লোৱাৰ বাবে আৰু অসমীয়া ভাষাত বুৰঞ্জী প্ৰণয়ন কৰাৰ ফলস্বৰূপে বহু আহোম ভাষাৰ শব্দ অসমীয়া ভাষাত সোমাই পৰিছে। বিশেষকৈ দৈনন্দিন জীৱনত ব্যৱহাত কিছুমান শব্দৰ উপৰিও ঠাইৰ নাম, নদীৰ নাম, সম্বন্ধবাচক, বিষয়া বা উপাধি বুজোৱা বহু শব্দ অসমীয়া ভাষাত সোমাই পৰিছে। তলত কিছুমান শব্দ উল্লেখ কৰা হ’ল—
টি- বা তি- প্ৰত্যাংশৰে গঠিত হোৱা স্থানবাচক আৰু নদীবাচক শব্দ আহোম ভাষাৰ পৰা অসমীয়ালৈ অহা বুলি অনুমান কৰা হৈছে। যেনে— টিয়ক, টিপাম, টিৰাপ, টিংখাং, টিপ্লিং, টিহু, নামতি আদি। ঠাইৰ নাম, যেনে— নামডাং, চাৰিং, নাজিৰা, চৰাইদেউ, চেপন, টংলা, খোৱাং, পাটকাই, খুমটাই আদি স্থানবাচক শব্দও আহোম ভাষাৰ পৰা অহা বুলি ধৰা হৈছে।
বুৰঞ্জীসমূহৰ জৰিয়তে বহু আহোম ভাষাৰ শব্দ অসমীয়ালৈ আহিছে। যেনে— ফাংফুং, পাঙ, পিং, জান, জিন, বুৰঞ্জী, কাৰেং, ৰংঘৰ, টুপ, লিকচৌ, চকলং, জাপ, চুপ ইত্যাদি।
বর্তমান আহোম সম্প্ৰদায়ৰ মাজত প্ৰচলিত কিছুমান সম্বন্ধবাচক শব্দ আহোম ভাষাৰ পৰা আহিছে। যেনে— ফুকন, চাওদাং, মোহন, বাইলুং, নিচাদেউ, এপাদেউ, পুথাও, আনাও আপুটি ইত্যাদি।
ঘ) দ্রাবিড়মূলীয় শব্দ —
দ্রাবিড় ভাষাৰ পৰা অসমীয়ালৈ যিবোৰ শব্দ আহিছে, সেইবোৰ সংস্কৃত ভাষাৰ মাজেদি অহাতো সম্ভৱ, কাৰণ দ্ৰাবিড ভাষীলোক ভাৰতৰ আদিম অধিবাসী আছিল আৰু দ্রাবিড় ভাষাৰ প্ৰভাৱ ভাৰতীয় আর্যভাষা বিশেষকৈ সংস্কৃত ভাষাত পৰিছিল; যিহেতু মূলত নথকা দন্ত্য আৰু মুধন্য ধ্বনিৰ উচ্চাৰণ দ্রাবিড় ভাষাৰ প্ৰভাৱৰ ফলস্বৰূপে সংস্কৃত ভাষাত সোমাই পৰিছে। দ্রাবিড় গোষ্ঠীৰ লোক পশুপালন, পূজা-পাতল, নগৰ নিৰ্মাণ আদিৰ ক্ষেত্ৰত আগৰণুৱা আছিল।
দ্রাবিড় ভাষাগোষ্ঠীৰ পৰা সংস্কৃত ভাষালৈ বহু শব্দ আহিছে আৰু এই শব্দবোৰৰ কিছুমান উত্তৰাধিকাৰী সূত্ৰে অসমীয়া ভাষাই গ্রহণ কৰিছে। যেনে — অগৰু, আড়ম্বৰ, অলস, উলুখন, কলুষ, কুট, কঠিন, কানন, কুটি(ঘৰ), কুটিল, কু্ণ্ড, কুণ্ডল, কুদ্দাল (কোৰ), কু্ন্তল, কোটোৰা, কোণ, খল (দুষ্ট), চেপেটা, তাল (গছ), তুলা (কপাহ), নীড়, পণ, পণ্ডিত, ময়ুৰ, মল্লিকা, বীজ, মুকুট, বলয়, ৰাত্ৰি হেৰম্ব ইত্যাদি।
২১। অসমীয়া বিপৰীত শব্দৰ এখন তালিকা প্রস্তুত কৰা?
উত্তৰঃ
মূল শব্দ | বিপৰীত শব্দ |
অণু | বিহৎ |
অনুগ্ৰহ | নিগ্ৰহ |
অনুকূল | প্রতিকূল |
অনুৰাগ | বিৰাগ |
আচল | নকল |
আন্ধাৰ | পোহৰ |
আকাশ | পাতাল |
আদান | প্ৰদান |
আৱাহন | বিসর্জন |
আগ | পাছ |
আয় | ব্যয় |
আপন | বিপদ |
আকর্ষণ | বিকর্ষণ |
আনন্দ | নিৰানন্দ |
আৱিৰ্ভাৱ | তিৰোভাৱ |
সুযোগ | দুর্যোগ |
সুলভ | দুর্লভ |
সুবিধা | অসুবিধা |
সুন্দৰ | কুৎসিত |
সুশ্ৰী | কুশ্ৰী |
সংস্কৃতি | দুষ্কৃতি |
সুগন্ধ | দুর্গন্ধ |
স্থিৰ | অস্থিৰ |
সৃষ্টি | প্রলয় |
সোঁ | বাওঁ |
হঁহা | কন্দা |
হর্ষ | বিষাদ |
হিংসা | অহিংসা |
স্থূল | সূক্ষ্ম |
হ্ৰাস | বৃদ্ধি |
হৰণ | পুৰণ |
হৰা | জিকা |
ক্ষমা | প্রতিশোধ |
ক্ষুদ্র | বৃহৎ |
২২। ধন্যাত্মক শব্দ বুলিলে কি বুজা? ধন্যাত্মক শব্দৰ এখন তালিকা দিয়া?
উত্তৰঃ কোনো স্বাভাৱিক ধ্বনিৰ অনুকৰণত সৃষ্টি হোৱা শব্দসমূহক অনুকাৰ শব্দ বোলে। এই অনুকাৰ শব্দবোৰ ধ্বনিসূচক বাবে এইবোৰক ধ্বন্যাত্মক শব্দ বুলিও কোৱা হয়। দ্বিৰুক্ত শব্দসমূহকো ধ্বন্যাত্মক শব্দৰ ভিতৰতে সামৰি লোৱা হয়। এই শব্দবোৰে কেতিয়াবা বিশেষাৰ (যেনে- পিত্পিতনি, মৰমৰণি আদি), কেতিয়াবা বিশেষণৰ (যেনে- কিন্কিনিয়া বৰষুণ, টিকটিকিয়া ৰঙা) আৰু কেতিয়াবা ক্ৰিয়াৰ কাৰ্য (যেনে- পাৰৰ বাঁহত খৰখৰাইছে, সৰহ মানুহ উঠা বাবে গাড়ীখন মেৰমেৰাইছে ইত্যাদি) সম্পাদন কৰে। এই শব্দবোৰ কেইবাপ্রকাৰৰো। তলত প্রতি প্ৰকাৰৰ উদাহৰণ নিয়া হ’ল :
ক) প্ৰথম প্ৰকাৰ : কক্-বক্, গুজ্-গুজ্, চৌ চৌ, ঠুন্-ঠুন্ পিট্ পিট্, লক্, লক্, কল্ কিল্, ঘচ্ ঘচ্, টং টং, ঢিপ্ ঢিপ্, বক্ষ বক্, খচ্ খচ্ ইত্যাদি।
খ) দ্বিতীয় প্ৰকাৰ : অকাই পকাই, ওখাৰা- মোখোৰা, চয়াং-ময়া, ভাত তাত ইত্যাদি।
গ) তৃতীয় প্ৰকাৰ : উখনা-উখনি, চুচুক-চামাক, ধুম-ধাপাল, মিজিং-মাজাং, ঘুনুক-ঘানাক ইত্যাদি।
ঘ) চতুৰ্থ প্ৰকাৰ : খা-খবৰ, জা-জলপান, পা-পইচা, লা-লিগিৰি, চা-চিনাকি ইত্যাদি।
২৩। যত্ন বিধি বুলিলে কি বুজা? অসমীয়া ভাষাত ষত্ব বিধি কিদৰে প্ৰয়োগ কৰিব পাৰি আলোচনা কৰা?
অথবা
যত্ব বিধিৰ নিয়মসমূহৰ বিষয়ে আলোচনা কৰা?
উত্তৰঃ যি নীতি অনুযায়ী কিছুসংখ্যক শব্দৰ স মূর্ধন্য ষ লৈ পৰিৱৰ্তিত হয়, তাক ষত্ব বিধি কোৱা হয়। ষত্ব বিধিৰ কেতবোৰ নিয়ম হ’ল :
১। ঋকাৰৰ পৰৱৰ্তী স মূর্ধন্য ষ হয়। যেনে : ঋষি, ঋষভ, বৃষ, বৃষ্ণি ইত্যাদি।
২। অ, আ ভিন্ন অইন স্বৰবৰ্ণ, ক অথবা ৰ-ৰ পিছত থকা প্ৰত্যয়ৰ দন্ত্য স সদায় মূর্ধন্য ষ হয়। যেনে : চিকীর্ষা, জিগীষা, মুমূর্ষু, শ্ৰীচৰণেষু ইত্যাদি। পিছে জিজ্ঞাসা, পিপাসা আদি শব্দত স মূৰ্ধন্য ষ নহয়। কাৰণ ই বোৰত স আ- কাৰৰ পিছত আছে।
৩। ট আৰু ঠ-ৰ সৈতে সদায় ষ লগ লাগে।
যেনে : কনিষ্ঠ, কষ্ট, দুষ্ট, বলিষ্ঠ, শিষ্ট, স্পষ্ট ইত্যাদি।
৪। ই-কাৰৰ পিছত থকা সদ্, সিচ্, সিধ্ প্রভৃতি ধাতুৰ স ষ হয়। যেনে : অভিষেক (অডি√সিচ্ + ঘঞ), নিষেধ (নি – √সিধ্ + অল্), প্রতিষেধ (প্রতি – √সিধ্ + অল), বিষান ( বি – √সদ্ + ঘঞ) ইত্যাদি।
৫। সু আৰু বি উপসৰ্গৰ পৰৱৰ্তী সম শব্দৰ স সদায় মূর্ধন্য ষ হয়। যেনে : বিষম, সুষম ইত্যাদি।
৬। সমাস হ’লে পিতৃ আৰু মাতৃ শব্দৰ পৰৱৰ্তী স্বাসৃ শব্দৰ স ষ হয়।
যেনে : পিতৃত্বসা, মাতৃত্বসা ইত্যাদি।
৭। সমাসবন্ধ প্রথম পদৰ শেষত ই, উ, ঋ আৰু ও থাকিলে পৰৱৰ্তী পদৰ দন্ত্য স মূৰ্ধন্য ষ লৈ পৰিৱৰ্তিত হয়। যেনে : যুধিষ্ঠিৰ, অগ্নিষ্টোম, সুষমাগোষ্ট ইত্যাদি।
৮। শাম্ ধাতুজাত শব্দত স ষ হয়। যেনে : শিষ্ট (শাস্+ত)।
৯। নি পূর্বক স্যন্দ ধাতুৰ স বিকল্পে ষ হয়। যেনে : নিস্যন্দ- নিষ্যদ আদি। তদুপৰি কুশল অৰ্থত নি পূর্বক স্না ধাতুৰ স সদায় মূর্ধন্য ষ হয়।
যেনে : নিষ্ণাত (তেওঁ ব্যাকৰণত নিষ্ণাত) কিন্তু নিম্নাত (যি স্নান কৰিছে) আদি।
১০। কৃ ধাতুৰ পিছত থকা আৱিস্, পৰিস্ আৰু বহিস্ শব্দৰ স সদায় মূর্ধন্য ষ হয়।
যেনে : আবিষ্কাৰ, পৰিষ্কাৰ, বহিষ্কাৰ ইত্যাদি।
১১। সাৎ প্রত্যয়ৰ দন্ত্য স মূর্ধন্য ষ নহয়।
যেনে : অগ্নিসাৎ, ধূলিসাৎ, ভূমিসাৎ ইত্যাদি।
১২। উ কাৰান্ত উপসৰ্গৰ পিছত স্থা ধাতুৰ স মূৰ্ধন্য ষ হয়। যেনে : অনুষ্ঠান (অনু + √স্থা + অনট) ইত্যাদি। কিছুমান শব্দত স মূর্ধন্য ষ নহয়।
যেনে : অনুসন্ধান, অনুস্বাৰ, বিস্ময়, বিস্মৰণ ইত্যাদি।
১৩। কিছুমান শব্দত স্বাভাৱিকতে মূর্ধন্য ষ হয়। উদাহৰণ : আষাঢ়, ঈষৎ, ঈর্ষা, উষৰ, উষ্ম, ঔষধ, কর্ষণ, কুষ্মাণ্ড, কোষ, গণ্ডুষ, তুষাৰ, নিঃশেষ, পাষাণ, পুষ্প, পোষণ প্রত্যুষ, প্রদোষ, পৌষ, বিশেষ, বিশেষণ, বিষ, বিষাণ, ভিষজ, ভীষ্ম, মহিষ, মুষিক, ষড়ানন, ষোড়শ ইত্যাদি।
২৪। অসমীয়া ভাষাত চন্দ্ৰ বিন্দুৰ ব্যৱহাৰৰ নিয়মসমূহ লিখা?
উত্তৰঃ চন্দ্ৰ বিন্দুৰ ব্যৱহাৰৰ নিয়ম :
(১) প্ৰথম পুৰুষৰ ক্রিয়াপদৰ ওঁ বিভক্তিত চন্দ্ৰবিন্দু যোগ হয়। যেনে মই কাম কৰোঁ, মই ভাত খাওঁ, আমি গান গাওঁ। একেদৰে ধৰোঁ, বহোঁ, উঠোঁ, পঢ়িছোঁ, মাতিলোঁ ইত্যাদি। ভূত কালৰ কাৰ্যৰো প্ৰথম পুৰুষৰ ক্ৰিয়া পদত চন্দ্ৰবিন্দু লাগে। যেনে-কৰিছিলোঁ, গৈছিলোঁ আদি।
(২) ঙ, ঞ, ণ, ন, ম আদি অনুনাসিক ব্যঞ্জন থাকিলে তাৰ ওপৰত চন্দ্রবিন্দু লিখা নহয়। এনেধৰণৰ ব্যঞ্জন বর্ণসমূহে নিজেই অনুনাসিক উচ্চাৰণ ধৰি ৰাখে। যেনে- মই মনে মনে গুণো, কাণ পাতি শুনো আদি ।
(৩) আহোঁতে, উঠোঁতে, বহোঁতে, খাওঁতে, মাৰোঁতে, সাঁতোৰোঁতে আদিত ‘ওঁতে’প্রত্যয় যোগ হোৱাৰ বাবে চন্দ্ৰবিন্দু ব্যৱহাৰ হয়। “সকলো কালত কোনো এটা ক্ৰিয়া কৰি থাকোঁতেই আন এটা ক্রিয়া হোৱা অর্থ বুজাবলৈ ধাতুৰ পিছত -ওঁতে প্ৰত্যয় হৈ অসমাপিকা ক্রিয়া হয়।” এইবোৰত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰিবলৈ পাহৰিব নালাগে।
(৪) কোনো ক্ৰিয়াৰ কাম কৰোঁতা বুজোৱা ওঁতা (পুংলিঙ্গ বাচক) আৰু অঁতী (স্ত্রীলিঙ্গ বাচক) প্রত্যয়ত চন্দ্ৰবিন্দু লাগে। যেনে কৰোঁতা, কৰঁতী, কওঁতা, কৱঁতী, মৰোঁতা, মৰঁতী আদি ।
(৫) খাওক, যাওক, হওক, লিখক, পঢ়ক আদি অনুজ্ঞাবাচক শব্দৰ ‘ও’ৰ ওপৰত চন্দ্ৰবিন্দু নালাগে।
(৬) সংস্কৃতৰ পৰা ওলোৱা কিছুমান অসমীয়া শব্দৰ মূল শব্দটোত ং, ঙ, ঞ, ণ, ন, ম আদি থাকিলেই অসমীয়া শব্দত চন্দ্ৰবিন্দু ব্যৱহাৰ হয়। যেনে-গ্রাম-গাঁও, কণ্টক-কাঁইট, অঙ্ক-আঁক, সঞ্চ-সাঁচ, ৱংশ-বাঁহ, পঞ্চ -পাঁচ ইত্যাদি।
(৭) কিন্তু কেতিয়াবা মূলৰ ং, ঙ, ঞ, ণ, ন, ম নথকাকৈয়ে অসমীয়া ভাষাত কিছুমান স্বতঃঅনুনাসিক (spontaneous nasalisation) হোৱা দেখা যায়। যেনে- সঁচা,ছাঁ, আঁহত, ঘোঁৰা, ফেঁচা ইত্যাদি। এইবোৰত অনুনাসিকতাই মূল কাৰণ।
(৮) ‘ও’ থাকিলেই সকলোতে চন্দ্রবিন্দু বহুৱাৰ কোনো নিয়ম নাই।
যেনে- নেওগ, নেওতা, যদিও, তুমিও ইত্যাদি।
(৯) বহুবচন বুজোৱা হঁত প্রত্যয়ত সদায় চন্দ্রবিন্দু দিব লাগে। যেনে- সিহঁত, তহঁত, ল’ৰাহঁত, কৰহঁত আদি ।
(১০) ক্রিয়াপদৰ লগত যোগ হোৱা বহুবচন হঁক প্রত্যয়ত চন্দ্রবিন্দু যোগ হয়। যেনে আহহঁক, আহিবাহঁক আদি।
(১১) মন কৰিবলগীয়া কথা যে, অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰে শব্দৰ অৰ্থও পৃথক কৰিব পাৰে। যেনে-কাঁহ (এবিধ ধাতু ), কাহ (ডিঙিৰ খচখচনিত মুখেৰে কৰা শব্দ) কাঁচ (দাপোন), কাচ্ (সাজ পাৰ কৰা); আঁহ (ফল-মূল, গছ আদিৰ ভিতৰত থকা সূতাৰ দৰে সূক্ষ্ম অংশ ), আহ (আমন্ত্ৰণ কৰা); বাঁহ (এবিধ গছ), বাহ (চৰাইৰ ঘৰ); আঁহত (এবিধ গাছ), আহত (আঘাত পোৱা), ভাঁজ (কোণ, পাক), ভাজ (তেলত সিদ্ধ কৰা ); পাঁচ (সংখ্যা), পাচ (পাচত); ধোঁৱা (জুইৰ পৰা উদ্ভৱ হোৱা বাষ্প), ধোৱা (নিকা কৰা )।
২৫। অসমীয়া ভাষা লিখোঁতে বা কওঁতে সততে ভুল হোৱা কেইটামান ব্যৱহাৰিক উদাহৰণসহ আলোচনা কৰা।
উত্তৰঃ অসমীয়া ভাষা কওঁতে বা লিখোতে সততে কৰা কিছুমান ভুলৰ বিষয়ে উদাহৰণসহ ব্যৱহাৰিক আলোচনা তলত আগবঢ়োৱা হ’ল—
১) ‘ৰমেন সপ্তম মান শ্ৰেণীত পড়ে।’- এই বাক্যটোত ‘মান’ আৰু ‘শ্রেণী’ শব্দ দুটা একেলগে ব্যৱহাৰ কৰাটো ভুল। কিয়নো উল্লিখিত দুয়োটা শব্দ সমার্থক। গতিকে হয় ‘ৰমেন সপ্তম শ্রেণীত পঢ়ো’ নহয় ‘ৰমেন সপ্তম মানত পঢ়ে’ লিখিলেহে শুদ্ধ হ’ব। আনহাতে ‘প্ৰায় দহদিনমান ধৰি। কমল স্কুললৈ অহা নাই।’ এনে বাক্যত ‘প্রায়’ আৰু ‘মান’ দুয়োটা শব্দ একেলগে ব্যৱহাৰ কৰা উচিত নহয়। কাৰণ দুয়োটা সমার্থক শব্দ।
কিছুমানে আকৌ ‘শেহান্ত’ (বা ‘শেষান্ত’ ) শব্দটো ব্যৱহাৰ কৰা দেখা যায়। কিন্তু শব্দটোৰ ব্যৱহাৰ সঠিক নহয়। কিয়নো ‘শেষ’ আৰু ‘অন্ত’ দুয়োটা সমার্থক শব্দ।
২) আমাৰ বহুতে ‘তদুপৰি’ বোলা শব্দ এটা সঘনে ব্যৱহাৰ কৰে কিন্তু এই শব্দটোৰ ব্যৱহাৰ শুদ্ধ নহয়। কাৰণ তাৰ উপৰি সন্ধি নহয়। ইয়াৰ পৰিবৰ্তে আমি তদুপৰি বা তাৰ উপৰি লিখিব পাৰোঁ।
৩) ‘সম্প্রতি উগ্ৰপন্থীৰ কাৰ্যকলাপবোৰ বৃদ্ধি পাইছে। “প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ।’…এইধৰণৰ বাক্য বা বাক্যাংশ আমাৰ প্ৰায়ে দৃষ্টিগোচৰ হয়। অলপ মন কৰিলেই এই বাক্যবোৰত থকা ভুলবোৰ চকুত পৰে। ‘কলাপ’ শব্দটো বহুবচন। গতিকে ইয়াৰ পাছত ‘বোৰ’ লিখাৰ কোনো প্রয়োজন নাই। ঠিক একেদৰে ‘ৱলী’ এটা বহুবচন বুজোৱা শব্দ, গতিকে ইয়াৰ পাছত ‘সমূহ’ লিখা নিষ্প্রয়োজন। আকৌ বহুতে সভা-সমিতিত ‘ৰাইজসকল’ বুলি সম্বোধন কৰে। ৰাইজ’ শব্দটোৱে বহুবচন। গতিকে ‘ৰাইজ’ৰ লগত ‘সকল’ বুলি কোৱাৰ কোনো দৰকাৰ নাই। কিছুমানে আকৌ ‘পুনৰ দোহৰা’ বুলি লিখা বা কোৱা দেখা যায়। কিন্তু ই শুদ্ধ নহয়। কাৰণ দোহৰা মানেই হ’ল বাৰে বাৰে কোৱা। গতিকে ‘দোহৰা’ৰ আগত ‘পুনৰ’ শব্দটো নিষ্প্রয়োজন।
৪) ‘কালি’ আৰু ‘কাইলৈ’ এই শব্দ দুটা প্ৰায়েই আমি ব্যৱহাৰ কৰোঁ …..। কিন্তু এয়া শুদ্ধ নহয়। কাৰণ আজিৰ আগৰ দিনটো ‘কালি’ আৰু আজিৰ পাছৰ দিনটো ‘কাইলৈ’ বা ‘কালিলৈ’। গতিকে আজিৰ আগৰ দিনটোক ‘কালি’ বুলি নকৈ ‘কালি’ আৰু আজিৰ পাছৰ দিনটোক “কাইলৈ’ বুলি নকৈ ‘কাইলৈ’বা ‘কালিলৈ’ বুলি কোৱাহে যুগুত।
৫) ‘শ্রেষ্ঠতম’ আৰু ‘কনিষ্ঠতম’ শব্দ দুটাৰ ব্যৱহাৰো সঠিক নহয়। কিয়নো ‘শ্রেষ্ঠ’ বুলি ক’লে সকলোতকৈ ভাল বুজায় আৰু কনিষ্ঠ বুলি ক’লে সকলোতকৈ সৰু বুজায়। সেয়েহে শ্রেষ্ঠ আৰু কনিষ্ঠ শব্দৰ লগত ‘তম’অলংকাৰবিধ পিন্ধোৱাৰ কোনো প্রয়োজন নাই।
৬) ‘ অমুক অসমৰ এজন অন্যতম জনপ্রিয় শিল্পী।’ এইধৰণৰ বাক্য আমি প্ৰায়ে পঢ়িবলৈ পাওঁ। কিন্তু এই বাক্যটোত থকা ভুলটো অলপ মন কৰিলেই ধৰা পৰে। ‘অন্যতম’ শব্দটো একবচনবোধক। গতিকে ইয়াৰ আগত ‘এজন’ বা ‘এগৰাকী’ লিখাৰ কোনো দৰকাৰ নাই।
৭) অনেকেই দুটা শব্দ যোগ কৰিবলৈ অৰ্থাৎ অব্যয় হিচাপে ‘ও ব্যৱহাৰ কৰে। যেনে- ‘সভাপতিৰ বক্তব্য ও মন্তব্য’, ‘সভাপতি বৰণ ও আসন গ্রহণ’ আদি। কিন্তু এয়া শুদ্ধ নহয়। দুটা শব্দ যোগ কৰা বুজাবলৈ অসমীয়া ভাষাত ‘আৰু’ লিখাটোহে যুগুত।
৮) বহুতেই ‘বনা’ ধাতুটোক নিজৰ মর্জিমতে ব্যৱহাৰ কৰা দেখা যায়। যেনে- ভাত বনা, চাহ বনা, ঘৰ বনা, ৰুটি বনা আদি। কিন্তু এইবোৰ শুদ্ধ নহয়। হ’ব লাগে ভাত ৰান্ধা, চাহ কৰা, ঘৰ সজা, ৰুটি সেকা।
৯) ‘ওপৰত’ শব্দটো ব্যৱহাৰত ক্ষেত্ৰতো বিশেষ সতর্ক হোৱা প্রয়োজন। কিয়নো ইয়াৰ ভুল প্রয়োগে কেতিয়াবা অৰ্থৰ খেলিমেলি ঘটাব পাৰে। ইংৰাজী ‘ on’ প্রিপজিচনৰ অসমীয়া প্ৰতিশব্দ হিচাপে ‘ওপৰত ‘ শব্দটো ব্যৱহাৰ কৰাটো ভুল। যেনে- ‘অমলে হাতীৰ ওপৰত এখন ৰচনা লিখিছে।’ ‘মধুৱে চন্দ্ৰৰ ওপৰত গৱেষণা কৰিছে।’ এইক্ষেত্ৰত হ’ব লাগে ‘অমলে হাতীৰ বিষয়ে (বা সম্পৰ্কত) এখন ৰচনা লিখিছে।’ ‘মধুৱে চন্দ্ৰৰ বিষয়ে গৱেষণা কৰিছে।’
২৬। সততে হোৱা ভুল শব্দ প্ৰয়োগৰ উদাহৰণ দাঙি ধৰা?
উত্তৰঃ কিছুমান শব্দ লিখোঁতে -য-কাৰ দিব লগা ঠাইতো -য-কাৰ নিদিয়াকৈ ৰৈ যায়। তেনে কিছুমান শব্দৰ শুদ্ধ আৰু ভুল ৰূপ সন্নিবিষ্ট কৰি তলৰ তালিকাখন তৈয়াৰ কৰা হৈছে।
শুদ্ধ বানান — অশুদ্ধ বানান
(১) ত্যাজ্য — তাজ্য।
(২) দৈর্ঘ্য — দৈর্ঘ্য।
(৩) বৈশিষ্ট্য — বৈশিষ্ট।
(৪) মর্ত্য — মৰ্ত।
(৫) সন্ধ্যা — সন্ধা।
(৬) সাক্ষ্য — সাক্ষ।
(৭) ব্যুৎপত্তি — বুৎপত্তি।
(৮) বৈচিত্র্য — বৈচিত্র্য।
(১) জ্যেষ্ঠ — জেষ্ঠ।
(১০) ন্যায্য — ন্যায্য।
(১১) ব্যাখ্যা — বাখ্যা।
(১২) জ্যোৎস্না — জোৎস্না।
(১৩) সামর্থ্য — সামর্থ।
(১৪) গার্হস্থ্য — গার্হস্থ।
((১৫) বৈদগ্ধ্য — বৈদগ্ধ।
(১৬) অন্ত্যেষ্টিক্রিয়া — অন্তেষ্টিক্রিয়া।
কিছুমান শব্দত হ্রস্ব-উ-কাৰ দিব লগা ঠাইত কেতিয়াবা কেতিয়াবা আমি ভুলতে দীর্ঘ-ঊ-কাৰ দিওঁ। সাধাৰণতে ভুল হোৱা তেনে কেইটামান শব্দ তলত দিয়া হৈছে।
শুদ্ধ বানান – অশুদ্ধ বানান
(১) ভুল — ভূল।
(২) দুর্গা — দূর্গা।
(৩) পুণ্য — পূণ্য।
(৪) অন্তর্ভুক্ত — অন্তর্ভূক্তি।
(৫) গধুৰ — গধূৰ।
(৬) ত্রিভুজ — ত্রিভূজ।
(৭) চতুর্ভুজ — চতুর্ভূজ।
(৮) অধ্যুষিত — অধ্যূষিত।
(৯) ভুৱন — ভূৱন।
(১০) মুখ্য — মূখ্য।
(১১) মুখ্যমন্ত্রী — মূখ্যমন্ত্রী।
(১২) মুৰব্বী — মূৰব্বী।
(১৩) পুৱা — পূৰা।
(১৪) ৰাতিপুৱা — ৰাতিপূৱা।
(১৫) প্রভু — প্রভূ।
‘স’ আৰু ‘ষ’ৰে যুক্ত যুক্তাক্ষৰ লিখোঁতে আমাৰ মাজে-সময়ে ভুল হৈ থাকে। এইবাৰ ‘ষ’-ৰে যুক্ত যুক্তাক্ষাৰ থকা কেইটামান শব্দৰ বানানলৈ এবাৰ মন দিওঁ আহক।
শুদ্ধ বানান — অশুদ্ধ বানান
(১) অনুষ্ঠান — অনুস্থান।
(২) অধিষ্ঠাতা — অধিস্থাতা।
(৩) আয়ুষ্মান — আয়ুষ্মান।
(৪) আৱিষ্কাৰ — আৱিস্কাৰ।
(৫) উষ্ম / উষ্মতা — উম্ম / উস্মতা।
(৬) একনিষ্ঠ — একনিস্থ।
(৭) কনিষ্ঠ — কনিস্থ।
(৮) গ্রীষ্ম — গ্রীষ্ম।
(১) জ্যোতিষ্ক — জ্যোতিস্ক।
(১০) জ্যোতিষ্মান — জ্যোতিস্মান।
(১১) নিষ্কণ্টক — নিষ্কণ্টক।
(১২) নিষ্কলংক — নিস্কলংক।
(১৩) নিষ্কর্মা — নিস্কর্মা।
(১৪) নিষ্পত্তি — নিস্পত্তি।
(১৫) নিষ্পন্ন — নিস্পন্ন।
(১৬) নিষ্পাপ — নিস্পাপ।
(১৭) নিষ্প্রভ — নিস্পভ।
(১৮) নিষ্প্রদীপ — নিষ্প্রদীপ।
(১৯) পৰিষ্কাৰ — পৰিষ্কাৰ।
(২০) পুষ্প — পুস্প।
অসমীয়া ভাষাত আমি লিখোঁতে মাজে-সময়ে কিছুমান শব্দৰ বানানৰ ক্ষেত্ৰত ‘ন’ আৰু ‘ণ’—ৰ খেলিমেলি হয় সাধাৰণতে চকুত পৰা তেনে কেইটামান শব্দ তলত দিলোঁ ।
শুদ্ধ বানান – অশুদ্ধ বানান
(১) অৰিহণা — অৰিহনা।
(২) অর্পণ — অর্পন।
৩) অণিমা — অনিমা।
৪) অকণি — অকনি।
৫) অকর্মণ্য — অকর্মন্য।
৬) অগণন — অগনন।
৭) আৰোহণ — আৰোহন।
৮) কল্যাণ — কল্যান।
১) কৃপণ — কৃপন।
১০) গৰিহণা — গৰিহনা।
(১১) গণ্য-মান্য — গন্য-মান্য।
১২) গণেশ — গনেশ।
১৩) ঘিণ — ঘিন।
(১৪) তামোল-পাণ — তামোল-পান।
১৫) নগণ্য — নগন্য।
১৬) নিপুণ — নিপুন।
১৭) প্রণয় — প্রনয়।
১৮) প্রণাম — প্রনাম।
১৯) প্রণিপাত — প্রনিপাত।
২০) প্রণিধান — প্রনিধান।
২১) প্রণালী — প্রনালী।
২২) বীণাপাণি — বীণাপানি।
২৩) বৰঙনি — বৰঙনি।
২৪) মুদ্রণ — মুদ্রন।
২৫)যন্ত্রণা — যন্ত্ৰনা।
২৬) ৰোপণ — ৰোপণ।
অসমীয়া ভাষাত এনেকুৱা কিছুমান শব্দ আছে যিবোৰ উচ্চাৰণ কৰোঁতে আৰু লিখোঁতে আমাৰ কিছুমানৰ মাজে সময়ে ভুল হৈ থাকে। আজি তেনেকুৱা দহটা শব্দ তলত লিখিবলৈ লৈছোঁ।
শুদ্ধ বানান – অশুদ্ধ বানান
১) কার্যালয় — কার্যলয়।
২) জলাধাৰ — জলধাৰ।
৩) জালিয়াতি — জালিয়তি।
৪) দশাৱতাৰ — দশৱতাৰ।
৫) ন্যায়াধীশ — ন্যায়াধীশ।
৬) ন্যায়াধিকৰণ — ন্যায়ধিকৰণ।
৭) পাৰিশ্ৰমিক — পৰিশ্ৰমিক।
৮) যুগাৱতাৰ — যুগৱতাৰ।
৯) যাতায়াত — যাতায়ত।
১০) সাহিত্যাচার্য — সাহিত্যচার্য।
অসমীয়া ভাষাত আমি লিখোঁতে সাধাৰণতে বর্ণাশুদ্ধি হোৱা শব্দবোৰৰ কেবাখনো তালিকা ইতিমধ্যে প্রকাশ কৰিছোঁ। এইবাৰ তাৰে ভিতৰত বেছিকৈ বৰ্ণাশুদ্ধি হোৱা শব্দবোৰৰ পৰা পঁচিছটা শব্দৰ ‘শুদ্ধ বানান’ আৰু ‘অশুদ্ধ বানান’ ভাগ কৰি লিখিছোঁ।
শুদ্ধ বানান – অশুদ্ধ বানান
১) ভুল — ভূল।
(২) মুহূর্ত — মুহুর্ত।
৩)শ্রদ্ধাঞ্জলি — শ্রদ্ধাঞ্জলি।
8) আয়ও— আয়ত্ব।
৫) উচ্ছৃংখল — উশৃংখল।
৬) ওতপ্রোত — ওতপ্রোত।
(৭) সাহায্য— সাহায্য।
৮) বৈচিত্র্য— বৈচিত্র্য্যতা।
৯) মন্ত্রিত্ব — মন্ত্রীত্ব।
১০) অত্যধিক — অত্যধিক।
১১) ত্রিভুজ — এিভূজ।
১২) গধুৰ — গধূৰ।
১৩) মুখ্য মন্ত্রী — মুখ্যমন্ত্রী।
১৪) ৰাতিপুৱা — ৰাতিপুৱা।
১৫) তামোল-পাণ — তামোল-পান।
১৬) কার্যালয় — কার্যলয়।
১৭) ব্যাখ্যা — বাখ্যা।
১৮) অনুষ্ঠান — অনুষ্ঠান।
১৯) ভাইটি — ভাইটী।
২০)হালধি — হালধী।
২১) নাইকিয়া — নাইকীয়া।
২২) নামকৰণ — নামাকৰণ।
২৩) ধূলিসাৎ— ধূলিস্যাৎ।
২৪) দুর্গা — দুর্গা।
২৫) সাক্ষৰতা — স্বাক্ষৰতা।
অসমীয়া ভাষাত শব্দ লিখোঁতে মাজে-মাজে হ্রস্ব- উ-কাৰ আৰু দীর্ঘ-ঊ-কাৰৰ খেলিমেলি হয়। কেতিয়াবা কেতিয়াবা দীর্ঘ-ঊ-কাৰ দিব লগা কিছুমান শব্দতো আমি ভুল কৰি হ্রস্ব – উ-কাৰ দিওঁ। এনে ধৰণৰ বানান ভুল হৈ থকা শব্দ কিছুমান এইবাৰ লিখিবলৈ লৈছোঁ ।
শুদ্ধ বানান — অশুদ্ধ বানান
(১) মূর্খ — মুর্খ।
২) ভূয়সী — ভুয়সী।
৩) গধূলি — গধুলি।
৪) অনুভূতি — অনুভূতি।
৫) অনুসূচী — অনুসুচী।
৬) অনুসূচিত — অনুসুচিত।
৭) মৰূদ্যান — মৰুদ্যান।
৮) আকূতি — আকুতি।
১) কাকূতি — কাকুতি।
১০) প্ৰদূষণ — প্ৰদুষণ।
১১) দূষিত — দুষিত।
১২) দূৰত্ব — দুৰত্ব।
১৩) দূৰদৰ্শী — দুৰদৰ্শী।
১৪) আহূত — আহুত।
১৫) অনাহূত — অনাহুত।
১৬) ফলপ্রসূ — ফলপ্রসূ ।
১৭) কূটনীতি — কুটনীতি।
১৮) দূবৰি — দূবৰি।
১৯) সূক্ষ্ম — সূক্ষ্ম।
২০) ভূষণ — ভূষণ।
২১) ভূমিকা — ভূমিকা।